বিবিধ চিন্তা

মধ্যবিত্ত ৰাইটাৰৰ সুবিধাবাদ আৰু ৰোমাণ্টিকতাৰ উদাৰনৈতিক দৰ্শন ।।প্ৰাগজ্যোতি গগৈ

সাম্প্ৰতিক অসমীয়া সাহিত্যিকৰ দুই প্ৰধান বৈশিষ্ট হৈছে মধ্যবিত্তীয় এলিটিজিম আৰু এলিটিজিম হৈ ৰোমাণ্টিচিজিম। সাম্প্ৰতিক শব্দটো আচলতে এইক্ষেত্ৰত যথাযথ নহয়। বৰ্তমান প্ৰেক্ষাপটত লেখকৰ মাজত এই বৈশিষ্ট্যৰ চাহিদা বৃদ্ধিৰ বাবেই শব্দটোৰ প্ৰাসংগিকতা আহিল। চিকুৱেন্সটো আচলতে এনেকুৱাহে- Individualism-Elitism-Romanticism. ব্যক্তিস্বতন্ত্ৰতাক কেন্দ্ৰ কৰি ব্যক্তিসত্ত্বাৰ বিকাশ আৰু লেখক হিচাপে চেফ জ’নত চেপাৰেট হৈ আত্মকেন্দ্ৰিক অৱস্থানৰপৰা সমাজ পৰ্যবেক্ষণৰ যি দস্তুৰ, তাৰেপৰাই এলিটিজিমৰ পোখা মেলে। ইয়াত লেখক হিচাপে ব্যক্তি স্বাধীনতাৰ বিষয়ে যি ধাৰণাৰ জন্ম হয় সি মধ্যবিত্তীয় দৰ্শনপুষ্ট কিম্বা এলিট ঘৰাণাৰ বস্তু। সেই এলিট অৱস্থানৰপৰা ব্যক্তি, সমাজ তথা ৰাজনীতি সম্পৰ্কে লেখকৰ ধাৰণাৰ নিৰ্মাণ হয়। মধ্যবিত্তীয় আৱেষ্টনীৰপৰা ব্যক্তিসত্বাৰ পোষকতা কৰা আত্মকেন্দ্ৰিক লেখকে যেতিয়া সেই আৱেষ্টনীত থাকিয়েই ব্যক্তিসত্বাৰ ক্ষুদ্ৰ পৰিসৰৰ বাজলৈ ভুমুকিয়াই সমাজ, ৰাজনীতিৰ চোক ল’ব খোজে, তেতিয়াই লেখকৰ চিন্তাত কিম্বা লেখাত ৰোমাণ্টিকতা ফুটি উঠে। এলিট অৱস্থানৰপৰাও ৰোমাণ্টিকতাৰ সলনি সমাজ বাস্তৱিকতা অৱশ্যেই ফুটি উঠিব পাৰে কিন্তু তাৰবাবে প্ৰয়োজন ব্যক্তিকেন্দ্ৰিকতাৰ ক্ষুদ্ৰ মধ্যবিত্তীয় পৰিসৰৰ পৰা বাজলৈ ওলাই বৃহত্তৰ সামাজিক মঞ্চখনত খোজ পেলোৱাৰ। কিন্তু তাতো এক কেৰোণ আছে, এই বৃহত্তৰ সামাজিক মঞ্চত পদাৰ্পণৰ হেতু প্ৰাথমিকতে মধ্যবিত্তীয় দৰ্শন ত্যাগ কৰা প্ৰয়োজন অন্যথা উদাৰনৈতিক দৰ্শনৰ মেৰপেচত সি ফোপোলা হ’বলৈ বাধ্য। কাজেই মধ্যবিত্তৰ ই দস্তুৰেই যে আত্মকেন্দ্ৰিক হৈ নিজা জগতত ব্যস্ত থাকি ব্যক্তিসত্বাবাদৰ জয়গান গোৱা। লেখক হিচাপে যি সামাজিক মূলধন আহৰণ কৰে সিয়েই একেহাতে এই এলিট বেহু ফালি বাজলৈ ওলোৱাত বাধা, কিজানিবা থকাকণো হেৰায়। টিপিকেল মধ্যবিত্ত লেখকৰ আন এক মহান বৈশিষ্ট্য হ’ল প্ৰতিষ্ঠা লাভৰ বৰমোহ। কেনেবাকৈ প্ৰতিষ্ঠা লাভৰ পিছত আসন হেৰুওৱাৰ ভয়ত ত্ৰস্ত মধ্যবিত্তই নিজা জনাৰ(Genre) ফালি ওলাই অহাৰ কচৰৎ নকৰে। তেনেদৰেই এক এলিট জনাৰৰ তৈয়াৰ হয়। সেই জনাৰ সুবিধাবাদৰ। সকলোফালে তাল মিলাই চলাৰ দস্তুৰ এটাৰ ই আৰম্ভণি। এই সুবিধাবাদৰ কেটেগৰী বিভিন্ন ধৰণৰ হ’ব পাৰে। শাসকীয় পক্ষৰে মিলিত হৈও কোনোৱে লিখক হোৱাৰ অভীপ্সা পূৰণ কৰিব পাৰে বা একেজনেই ভৱিষ্যতে শাসকীয় ৰাজনৈতিক আদৰ্শ বিয়পোৱাৰ ক্ষেত্ৰতো কলম ব্যৱহাৰ কৰিব পাৰে। সেইফালে ভৱিষ্যতে বঁ‌টা-বাহনৰো পথ সুলভ। চিধাকৈ নহ’লেও তেৰাকৈও কোনোৱে শাসকীয় পক্ষক তেল মালিচ কৰিবলৈ সেই মতাদৰ্শ, এজেণ্ডা বিয়পোৱাৰ মহান কাৰ্যত অৱতীৰ্ণ হ’বই পাৰে। ইয়াত বঁ‌টা-বাহন নহ’লেও অন্তত প্ৰাপ্ত আসন সংৰক্ষণ কিম্বা তাৰ মজবুতকৰণৰ স্বাৰ্থ থাকিব। মুঠৰ ওপৰত লাভ; লোকচান কেতিয়াও নহয়। একেই কেটেগৰীৰ মাজত দুইফালে তাল মিলোৱা লোকো থাকিবই পাৰে। বৰ্তমান এই কেটেগৰীৰ চাহিদা বেছি। আজিৰ দিনত ৰাষ্ট্ৰৰ বিৰোধীতা যিদৰে এক সাহসী কাৰ্য একেহাতে সি গ্লেমাৰাছ কাৰবাৰো। এইখিনিতে পাৱাৰ, পজিচন, কেপিটেলৰ প্ৰসংগটি প্ৰণিধানযোগ্য। তাৰ লগতেই ৰাষ্ট্ৰবিৰোধীতাৰ পৰ্যায় কেনে বা সি কোন পন্থাৰে ধাৱমান হৈ কি উদ্দেশ্যক সাৰোগত কৰি কেনেদৰে আগবাঢ়িব আৰু কিমানলৈ বৰ্তি থাকিব, এইবোৰ বিবেচনাৰ আওতাত আহিব। বৰ্তমান সময়ত শাসকৰ বিৰোধীতাটো ট্ৰেণ্ডিঙৰ শীৰ্ষত, গতিকে ট্ৰেণ্ডিং বৰ্তাই ৰাখিবলৈকো, নিজা মাৰ্কেট ভেল্যু বৰ্তাই ৰাখিবলৈকো কোনো লেখকে এই কাম কৰিবই পাৰে। সাধাৰণ দৃষ্টিত এইক্ষেত্ৰত লেখকৰ উদ্দেশ্যক বুজিবলৈ আমি ধাৰাবাহিকতা আৰু বিৰোধীতাৰ পৰ্যায় কিম্বা তাৰ চোক লক্ষ্য ৰাখিব পাৰোঁ। কিন্তু ইয়াতো সমস্যা। কোনোৱে ধাৰাবাহিকভাৱে চৰকাৰ, ৰাষ্ট্ৰৰ বিৰোধীতা কৰিও একেহাতে সুবিধাবাদী অৱস্থানত ৰৈ লেখক হিচাপে চৰকাৰী সুবিধা লৈ মাজে মাজে চৰকাৰৰো প্ৰশংসা কৰি যাব পাৰে। তেনেস্থলত অৱশ্যেই লেখকৰ দুমুখীয়া স্থিতিলৈ লক্ষ্য ৰাখি পূৰ্বৰ চৰকাৰবিৰোধী স্থিতিক আমি পাব্লিচিটী ষ্টাণ্ট বুলিবলৈ বাধ্য। দুই-একৰ ক্ষেত্ৰত এনেকুৱা হয়গৈ যে মধ্যবিত্তৰ স্বভাৱজাত এলিট দস্তুৰ এৰাব নোৱাৰি শ্ৰেণী প্ৰসংগক ধিয়াই সমাজ-ৰাজনীতি সম্পৰ্কে একোটা পাক্কা মতাদৰ্শ তৈয়াৰ কৰিব নোৱাৰি দোমোজাত পৰে আৰু মানৱতাবাদৰ ভোৰতাল কোবাই শ্ৰেণী সমন্বয়ৰ জয়গান গোৱাত ব্ৰতী হয়। এইসকল ঠিক দয়াবাদী, ক্ষমাশীল পন্থা যি দয়া-কৰুণাৰ বাণীৰে শ্ৰেণী বিভাজনৰ ইতি পেলাব খোজে। না ভুল, দয়া-কৰুণাৰ বাণীৰে মধ্যবিত্তৰ মধ্যস্থতাকাৰী ভূমিকা পালনেৰে শাসক-শোষকৰ, ধনী-দুখীয়াৰ শ্ৰেণী বিভাজনক যুগলৈ বৰ্তাই ৰাখিব খোজে আৰু শাসকৰ শোষণৰ বিৰুদ্ধে শোষিতৰ সংগ্ৰামৰ যৌক্তিকতাক ধূলিস্যাৎ কৰিব খোজে। কিছুৰ ক্ষেত্ৰত এনেকুৱাও হয় যে টিপিকেল মধ্যবিত্তীয় দৰ্শনৰে পুষ্ট হোৱা হেতুকে মধ্যবিত্তীয় অৱশিষ্ট জালকণ ৰৈ যায় কিন্তু একেহাতে কাৰ্যত সততাও থাকে। এইক্ষেত্ৰত ৰাজনৈতিক বোধৰ প্ৰাসংগিকতা আহি পৰে। এইসকলৰ ক্ষেত্ৰত কোন সঁ‌চা, কোন ভুৱা তাক নিৰ্ধাৰণ কৰাটো কিছু জটিল হৈ পৰে অথবা তাৰবাবে প্ৰয়োজন কেতবোৰ সূক্ষ্ম পৰ্যবেক্ষণৰ।

লেখকৰ এই মধ্যবিত্তীয় ৰোমাণ্টিচিজিমে কেৰেলুৱাৰ দৰে ধীৰে ধীৰে সাহিত্যক চপাই কোচাই আনি এক জনাৰত সীমাৱদ্ধ কৰি ৰাখিছে। সেই জনাৰ মধ্যবিত্তৰ দুখ বিলাসৰ জনাৰ। কপাহ কোমল ৰোমাণ্টিকতাৰ জনাৰ(Genre)। ৰোমাণ্টিচিজিমৰ ভাসমান সাগৰত চিন্তাৰ নৌকা বিলাসেৰে লেখকে এক মধ্যবিত্তীয় এটিটিউড সহিতে আগবাঢ়ে। লেখক হোৱাৰ তাড়নাৰ সিপাৰে বৌদ্ধিকতাৰ মূলধন সাপেক্ষে যি এক সামাজিক চেতনা কিম্বা দায়িত্ববোধৰ জন্ম হোৱা উচিত, তাৰ সঁ‌চ-গন্ধ সঁ‌চৰাচৰ নাথাকে। তাতকৈ বৰঞ্চ প্ৰতিষ্ঠা লাভৰ তাড়নাহে অধিকতৰ। সাম্প্ৰতিক সময়ত অসমীয়া কবিতাৰ বজাৰখন লক্ষ্য কৰিলে প্ৰতিষ্ঠা লাভৰ তাড়না, কবিৰ সামাজিক দায়ৱদ্ধতা তথা মধ্যবিত্তীয় ৰোমাণ্টিক কিম্বা কপাহ কোমল দৰ্শনৰ কিছু উম ঘাম আমি পাব পাৰোঁ। এই কাৰবাৰটি ফটফটীয়াকৈ পৰিস্ফূট হয় এক উদাহৰণেৰে। গুৱাহাটী গ্ৰন্থমেলাত প্ৰতিবাৰেই সিংহভাগ কবিতাৰ কিতাপেই ছপা হৈ ওলায়। কবিতাক লৈ আমাৰ সমস্যা নাই। সমস্যা কবিক লৈহে। কবি হোৱাৰ কচৰতত মত্ত ভালেসংখ্যকৰে পৰম আৰু চৰম লক্ষ্য জীৱনত কবিৰূপে প্ৰতিষ্ঠা হোৱাটোৱেই। সেইফালেও ভাল। ভাল কবি হ’লেও সি ভাল। কিন্তু ঠিক সেয়াও নহয়। নোহোৱাটোতো আপত্তিৰ থল নাই, কিন্তু যি কনফিডেন্সত একাজলি ভাল কবিতা লেখি চাৰি কাজলিমান স্থূল তথা সমস্যাজনক কবিতা ছপাৰ কাৰখানাত তুলি দি কিতাপৰ উৎপাদন কৰে, ভালে-বেয়াই মিলি তাৰে দুই-চাৰিখন হয় এভাৰেজ আৰু ততোধিক হয়গৈ বিল’ এভাৰেজ। সেয়াও বাৰু ঠিকেই, কবিতা লিখি আছে যেতিয়া এদিন পকা কবি হ’ব। কিন্তু কবিতা লিখাটোৱেই বা তাতেই মজি থকাটোৱেই আজিৰ দিনত কাম নে? ভালেকেইজন কবিৰ সতে দুই চাৰি কথা পাতি, তেওঁ‌লোকৰ এটিটিউড বুজি-বাজি আমাৰ ধাৰণা হয় যে তেওঁ‌লোকে কেৱল তাকেই কাম বুলি ভাবে। এইসকলেৰে কেতিয়াবা কাচিৎ বাৰ্তালাপ হ’বলগীয়া হোৱাটোও পাহৰিব নোৱাৰা বিৰল মূহুৰ্ত। পৃথিৱীখনযে আজিও ইমান ধুনীয়া(ৰোমাণ্টিক চশমাৰ মাজেৰে) সেয়া কেৱল কোনো কবিৰে বাৰ্তালাপ হ’লেহে আমি অনুধাৱন কৰিব পাৰোঁ। নহ’লে সিকথা পাহৰণিতে যায়। বাৰু সি থাকক। এই কবিসকলৰ কণ্টেণ্ট যদি লক্ষ্য কৰা যায় তেন্তে দেখা যায় যে তাৰ সিংহভাগতেই প্ৰেম, বিৰহ বা কেতিয়াবা ষ্টাণ্ট হিচাপে যৌনতাৰেই মাথো পয়োভৰ। প্ৰেমৰ নামত বিৰহবুলীয়া ৰোমাণ্টিকতা হ’ল ফাৰ্ষ্টক্লাছ ট্ৰেজেদী। ঠিকেই আছে, প্ৰেমেই কণ্টেণ্ট হওক, কিন্তু সেই প্ৰেমৰ প্ৰকাশৰো বিশেষ নতুনত্ব নাই বা নান্দনিকতাৰ ফালৰপৰাও সি মোটামুটি এভাৰেজ বা তাতকৈও বেছি বিল’ এভাৰেজ। যদি কোনো উচ্চপৰ্যায়ৰ নান্দনিকতাৰ সৃষ্টি হোৱা নাই তেন্তে তোমাৰ প্ৰেমৰ কথা শুনি আমি কি কৰিম? কিয় শুনিম? আজিৰ দিনত প্ৰেম-বিৰহৰ ব্যক্তিগত গাথাবোৰ পঢ়ি-শুনি আমাৰ লাভ কি হ’ব? তাতকৈ বেছি সাম্প্ৰতিক ৰাজনৈতিক বুজাত সেই কবিতাই কি কাম দিব? কিছুৱে কিতাপ ছপোৱাৰ বেলিকা চাহিদা বুজি দুই-চাৰিটা ৰাজনৈতিক কবিতাৰ অন্তৰ্ভূক্ত কৰে। বহুতৰে ক্ষেত্ৰত এই ৰাজনৈতিক কণ্টেণ্ট এক টোপৰ দৰে, যাৰ উদ্দেশ্য বাণিজ্যিক লাভালাভ। এনেবোৰতো মূল শাহটো কিন্তু প্ৰেম বা প্ৰেমক সামৰি ব্যক্তিগত স্তৰৰ দুখবোধৰ হামৰাওহে মুখ্য। ৰাজনীতি তাত কিতাপ বিক্ৰীৰ কৌশলহে। এইসকলক যদি সোধা যায় জগতৰ আটাইতকৈ গভীৰ দুখ কি?  সংখ্যাগৰিষ্ঠৰে উত্তৰ হ’ব প্ৰেমকেন্দ্ৰিক বিৰহ, যি সচৰাচৰ মধ্যবিত্তীয় বৈশিষ্ট্য। ভাব হয়, কিছুৱে ভাব প্ৰকাশৰ ক্ষেত্ৰত কবিতাক বাচি লোৱাৰ উদ্দেশ্যটোও কিজানি প্ৰেম আৰু তাক কেন্দ্ৰ কৰি বিৰহ ফলাৰ কাৰবাৰটোতহে নিহিত হৈ আছে। এইখিনিতে আন এক গভীৰ কাৰণো আমাৰ দৃষ্টিগোচৰ হয়। সকলো প্ৰজাতিৰ ৰোমাণ্টিছিজিম ফালিবলৈ কবিতাতকৈ উৎকৃষ্ট মিডিয়াম নাই। তাৰোপৰি কবিতাত ৰাজনৈতিক অৱস্থান, আইডিঅ’ল’জী প্ৰকাশ নকৰাকৈ বাগি দি থকাত সুবিধা। গতিকে পোনপটীয়াকৈ ৰাজনীতি আলচ নকৰাকৈ আলেঙে আলেঙে প্ৰেম বন্দনাৰে জীৱন কালাতিপাত কৰিবলৈ কবিতা এওঁ‌লোকৰ বাবে হ’ব পাৰে ৰোমাণ্টিক ভাব প্ৰকাশৰ উৎকৃষ্ট মিডিয়াম। সেয়ে কবিৰ সংখ্যা সৰহ আৰু গ্ৰন্থমেলাত ভূমিষ্ঠ হোৱা কবিতাৰ কিতাপৰ সংখ্যাও সৰহ। এইসকলৰ মাজৰ বয়ষ্কজনে প্ৰেমক অলপ এৰাই চলি আন আন দিশবোৰত এক্সপেৰিমেণ্ট চলাব খোজেঁ‌। পোনপটীয়াকৈ ৰাজনীতিলৈ নগৈ জীৱন-প্ৰেম-মৃত্যু অথবা ইবোৰক কেন্দ্ৰ কৰি অলপ ফিল’চ’ফিকেল এক্সপেৰিমেণ্ট চলাব পাৰে য’ত কেতিয়াবা কণ্টেণ্টৰ দাবীত চিঙা-ভঙা ৰূপত ৰাজনীতিৰ পদাৰ্পণ ঘটিব পাৰে। কিন্তু সেয়াও মধ্যবিত্তীয় দৰ্শনৰ আওতাৰে পৰিমাৰ্জিত ৰূপত উপস্থাপন কৰা হয়। মুঠৰ ওপৰত কবিতা গঢ়াৰ প্ৰেকটিছহে অথবা কবি হৈ থকাৰ কচৰতহে মুখ্য, দায়ৱদ্ধতাক সাঙুৰি ৰাজনীতি আলোচনাৰ হেঁ‌পাহ সি নহয়। নিতৌ ন ন কায়দাৰে কবিতা গঢ়াৰ প্ৰেকটিছ চলে। কেতিয়াবা নতুনৰ কবিতাক কেন্দ্ৰ কৰি মাষ্টৰী আচৰণ কিম্বা ভেঙুচালিও চলে কবিতা হয়-নহয়ৰ হুলস্থূলবোৰৰ মাজেদি। ভেঙুচালিৰ মাজেৰে নিজা কবিতাৰ উদাহৰণেৰে কোনোৱে দেখুৱাইও দিয়ে কবিতা এনেকৈ তেনেকৈ হোৱা উচিত। ফেচবুকত সিবোৰৰেই মাথো চৰ্চা। মুঠৰ ওপৰত কবিতাক কেন্দ্ৰকৰি কবিৰ ভূ-মণ্ডল ঘূৰে। কিছুৰ হাব-ভাব এই যে কবিতা লিখিলে মহান স্ৰষ্টা হৈ পৰে। কোনোৰ এটিটিউড এইধৰণৰো যে তই কি বুজিবি কবিতা। এইসকল কি ৰকমৰ দুনীয়াৰ বাসিন্দা সেয়া আমাৰ বোধগম্যৰ বাহিৰত। কবিতাই লিখিলা যেনিবা, কি হ’ল? ভাল কবিয়েই হ’লা যেনিবা, তাতেইবা কি হ’ল? যদি সেই কবিতাই সমাজ-ৰাজনীতিৰ কথা নকয়, যদি সাম্প্ৰতিক ৰাজনীতিৰ একো কথাই সি নকয় তেন্তে তোমাৰ কবিতা আমি কিয় পঢ়িম। আমি ভাবোঁ সাম্প্ৰতিক কবিসকলে এই প্ৰশ্নক সন্মুখত ৰাখি কবিতা লিখিলে বেছি ভাল হয় যে কবিৰ কবিতা ৰাইজে কিয় পঢ়িব লাগে? কবিৰ হাতত দস্তুৰমত ইয়াৰ উত্তৰ থকা উচিত।

দ্বিতীয়তে আহিল ফিকচনধৰ্মী সাহিত্যৰ লেখকসকল। আমাৰ অসমৰ তথাকথিত মধ্যবিত্ত লেখকসকলৰ এক সহজাত বৈশিষ্ট হ’ল – লেখাৰ মাজেৰে নিজক মৰেলিটীৰ সৰ্বোচ্চ শিখৰত প্ৰতিষ্ঠা কৰা। নিজৰ ব্যক্তিগতই হওক বা আন কাৰোবাৰ ব্যক্তিগতই হওক বা সমাজ-ৰাজনীতি লেটিয়াই যি বিষয়েই নহওক লাগে অসমীয়া তথাকথিত লেখকসকলে সদায়েই এক আদৰ্শ ব্যক্তিত্বৰ ৰোল মডেল হিচাপে নিজক প্ৰতিষ্ঠা কৰাত কোনোদিনেই কৃপণালি কৰা নাই। গল্প, উপন্যাসত লেখকে নিজকে সৰ্বোৎকৃষ্ট, সৰ্বশ্ৰেষ্ঠ বুলি পঢ়ুৱৈক পতিয়ন নিয়ায়। এওঁ‌লোক কোনো অনৈতিক কামত লিপ্ত নহয়, বিবাহিত লেখকে সচৰাচৰ পৰপুৰুষ-পৰনাৰী গমন নকৰে, আনকি মদো নাখায়। সদায় সত্যপথত ৰয় আৰু কাৰো বেয়া কামনা নকৰে। শেষৰ দুটা বাৰু লিখি দিয়াত ঠিকেই কিন্তু ব্যক্তিগত তথা সামাজিক জীৱনত এইসকলৰ কিমানে তাক অনুকৰণ কৰে সিহে বিচাৰ্যৰ বিষয়। যদি ফ’ল’ নকৰে তেন্তে এনে আদৰ্শ কেৰেক্টাৰ প্ৰতিষ্ঠাৰ মহান কচৰত কিয়। এয়া আচলতে অসমীয়া তথাকথিত সাহিত্যিকৰ এক বৈশিষ্ট্য। ভাববাদী দৰ্শনত বিশ্বাসী ৰাইটাৰে নিজা নিকা ভাবমূৰ্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এই ভেকোভাওনা ৰচে। ই কোনো ৰোমাণ্টিছিজিম অথবা ফেণ্টাচী ধৰণৰ কাৰবাৰ নহয় বৰঞ্চ ষোল্ল অনাই ধাপ্পাবাজী অথবা ফেইক আইডেনটিটী। এই ফেইক আইডেনটিটী প্ৰতিষ্ঠাৰ অপাৰ মোহ মধ্যবিত্তৰ হাড়ে-হিমজুৱে বিৰাজমান। ই মধ্যবিত্তৰ  উত্তম বৈশিষ্ট্য। একাংশৰ বাবে লেখক হোৱাৰ ইও এক ফায়দা- কলমেৰে আনৰ অস্ত্ৰোপ্ৰচাৰ কৰি নিজক সৰ্বোৎকৃষ্ট ৰূপত তুলি ধৰা। অস্ত্ৰোপ্ৰচাৰ নিশ্চয়কৈ হ’বই কিন্তু ব্যক্তিগত তথা ক্ষুদ্ৰ স্বাৰ্থৰ তাগিদাত নহয়, সমাজ-ৰাজনৈতিক প্ৰয়োজনতহে। ভাল পঢ়ুৱৈয়ে ইয়াৰ মাজেৰে অৱশ্যেই ব্যক্তিগত বা ক্ষুদ্ৰ আৰু বৃহৎ কিম্বা ৰাজনৈতিক স্বাৰ্থ বাচি উলিয়াব। লেখকে ডৰাই ডৰাই লিখা আত্মপ্ৰশংসাৰ মিহি ফুলজাৰিও ঠিকেই বাচি উলিয়াব।

অসমীয়া ফিকচন পঢ়াৰ আন এক উচ্চখাপৰ মহান বিৰক্তি হ’ল ইয়াৰে কেতবোৰত মধ্যবিত্তৰ জীৱন-সংঘাতক কেন্দ্ৰ কৰি আত্মজ সংগ্ৰাম, সুখ-দুখৰ বিশ্বদৰ্শন ঘটে। এইক্ষেত্ৰত কোনো চাবঅল্টাৰ্ন, আদিবাসী, দলিত, প্ৰান্তীয়, সংখ্যালঘু, ইত্যাদিৰপৰা প্ৰটাগনিষ্ট নাহে। উপৰোক্ত কেটেগৰীসমূহ এইবাবেই তালিকাত আহিল যে উক্ত জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত Multi layered শোষণৰ সাম্ভাব্য অৱকাশ থাকেই আৰু তেওঁ‌লোকৰ আত্মপ্ৰতিষ্ঠাক কেন্দ্ৰ কৰি ব্যক্তিগত সংগ্ৰামখনো কেৱল ব্যক্তিগত নহৈ ৰাজনীতি জড়িত হৈ থকাৰ সম্ভাৱনা প্ৰবল। থাকিবই পাৰে। কিন্তু মূলসূতিৰ মধ্যবিত্তৰ আত্মজ সংগ্ৰাম? কি লাভ হ’ব পঢ়ি? জীৱনত খোৱা-বোৱা, অৰ্থনৈতিক অৱস্থাক কেন্দ্ৰ কৰি দৈনন্দিন প্ৰতিযোগিতাৰ যুঁ‌জত অৱতীৰ্ণ হৈ তাতেই মানৱ জীৱনৰ পৰম উদ্দেশ্য সন্নিহিত হৈ থকা বুলি জ্ঞান কৰা মধ্যবিত্ত ৰাইটাৰৰ লেখাই দিব কি? অতি দৰিদ্ৰ কোনোৱে নিজা প্ৰচেষ্টাৰ বলত উচ্চ পৰ্যায়ৰ এক চাকৰি পালে। দস্তুৰমত ভাল খবৰ। নিশ্চিতভাৱে সি Inspiration হ’ব পাৰে। কিন্তু তাক আলচিবলৈ যাওঁতে দৰিদ্ৰতাৰে জড়িত চচিঅ’-পলিটিকেল দিশক অৱজ্ঞা কৰি, শ্ৰেণী প্ৰসংগক আওকাণ কৰি, চৰকাৰৰ প্ৰসংগবোৰলৈ নগৈ প্ৰতিষ্ঠা লাভৰ অৰ্থে কেৱল ব্যক্তিগত প্ৰচেষ্টা, সাধনাৰ বিকল্প নাই বুলি প্ৰতিষ্ঠাৰ মহান মধ্যবিত্তীয় কচৰতবোৰে কিহলৈ ইংগিত দিয়ে? এইবোৰ পঢ়ি লাভ কিবা হয়-নহয় নাজানো কিন্তু সমস্যা হোৱাৰ সম্ভাৱনা থাকেই। লগতে ডিপ্ৰেছন বঢ়াৰো আশংকাক নুই কৰিব নোৱাৰি। দৰিদ্ৰতা আটাইতকৈ ভয়ংকৰ সমস্যা। কিন্তু মধ্যবিত্ত ৰাইটাৰৰ এই পৰ্যায়ৰ দৰিদ্ৰতাৰ দিনো অহা নাই যাক পঢ়ি আমাৰ হুৰাহুৰে চকুলো ওলায়। আত্মজ সংগ্ৰামত ব্যস্ত থাকি, চূড়ান্ত পজিটিভ ভাইবেৰে মাজে মাজে উদাৰতাবাদী মানৱ প্ৰেমৰ মহান বাণী লৈ শ্ৰেণী সমন্বয়ৰ গানেৰে জগত পোহৰাব খোজা এইসমূহ মধ্যবিত্ত ৰাইটাৰে লেখাৰ মাজত ৰাজনীতি ঘোদালিবলৈ গ’লেই জোলোঙাৰ মেকুৰী বাজলৈ ওলায়। নোমটেঙৰ ৰাইটাৰে অৱশ্যেই এই দিশটোক বৰ্জন কৰিয়েই চলে। কাচিৎ কিছুৰ ক্ষেত্ৰতহে সি ফাদিল হয়। সেয়াও দুটা কাৰণত হ’ব পাৰে- প্ৰতিষ্ঠা লাভৰ পিছত গঢ়ি উঠা ফেনবেছে দিয়া কনফিডেন্স আৰু মধ্যবিত্ত কেটেগৰীসূত্ৰে সুবিধাবাদী পজিচনৰ নিজা গোপন ৰাজনৈতিক আদৰ্শ বিয়পোৱাৰ মহান কচৰৎ।

তথাকথিত মধ্যবিত্ত ৰাইটাৰৰ লেখনিৰ আন এক মহান দুৰ্বলতা হ’ল এওঁ‌লোকৰ লেখাত প্ৰগতিশীল কণ্টেণ্টৰ সচৰাচৰ অভাৱ। পুৰুষতান্ত্ৰিকতা, মিচ’জিনিষ্ট ইত্যাদি উপাদানসমূহে এওঁ‌লোকৰ কবিতাত আহি এতিয়াও ওমলে। মধ্যবিত্তীয় ৰক্ষণশীল নীতিবাগীশ পৰম্পৰাৰ জাল বোধহয় লেখক হিচাপে বৌদ্ধিক কেটেগৰীত অন্তৰ্ভূক্তিৰ পাছতো নাখাটে। কিছুৱে বৰঞ্চ লেখক হোৱাৰ সুবাদত লেখাৰ জৰিয়তে উক্ত প্ৰগতিবিৰোধী, সমস্যাজনক উপাদানবোৰ বিলাইহে দিয়ে, যিবোৰে উত্তৰ প্ৰজন্মৰ একাংশৰ চিন্তাতো বিষবাস্প ছটিয়াবলৈ ধৰে। তেনেস্থলত লেখক হিচাপে বৌদ্ধিক কেটেগৰীত সন্নিবিষ্ট হৈও লেখকজন হৈ উঠে তথাকথিত ৰক্ষণশীল মধ্যবিত্তৰ প্ৰতিনিধিহে। এতিয়া এনে সাহিত্যিকে সমাজৰ কি উপকাৰ সাধিব? এনে সাহিত্যই যুগৰ কি উৎকৃষ্ট সাধন কৰিব। সাহিত্যিকৰ এইক্ষেত্ৰত দায়িত্ব কি হোৱা উচিত? লেখাৰ উদ্দেশ্য কি? বৌদ্ধিক কেটেগৰীৰ প্ৰতিনিধি হিচাপে সমাজলৈ থকা দায়িত্ববোধৰ দায়ত তেওঁ‌ কলম ধৰিছে নে লেখক হোৱাৰ অদম্য বাসনাৰ ফলত, একান্তই নিজা স্বাৰ্থৰ খাতিৰতহে কলম তুলি লৈছে? ইয়াৰ উত্তৰ লেখকৰ হাতত থকা উচিত। প্ৰতিজন লেখকে নিজক সোধা উচিত। আৰু এক দিশ এইখিনিতে সংযোজিত হ’বই পাৰে- লেখক হোৱাৰ দূৰন্ত স্পৃহাৰ লগতেই তথাকথিত মধ্যবিত্তৰ ৰক্ষণশীল আদৰ্শক প্ৰতিষ্ঠাৰ অংগীকাৰ। কিছুৰ লেখাত ৰক্ষণশীল তথা এণ্টি লিবাৰেল উপাদানসমূহ যি পাইকাৰী মাত্ৰাত পোৱা যায় তেনেক্ষেত্ৰত এই প্ৰশ্নৰ অৱতাৰণা নিশ্চয়কৈ ঘটিবই পাৰে। মধ্যবিত্ত ৰাইটাৰৰ আন এক বৈশিষ্ট্য হ’ল আকাশলংঘী ৰোমাণ্টিকতা। নব্য উদাৰতাবাদী বজাৰখনে এই ৰোমাণ্টিকতাক shape দিয়ে। মূল শাহটো মধ্যবিত্তীয় দৰ্শন। যাৰ ফাউণ্ডেছনটোৱেই হ’ল উদাৰতাবাদ। এই উদাৰতাবাদে শ্ৰেণী বিভাজনৰ সুত্ৰে অহা সৰ্বসাধাৰণৰ শ্ৰেণী চেতনা আৰু বিৰোধ হিচাপে থকা শ্ৰেণী সংগ্ৰামৰ ন্যায্যতাক উদাৰতাবাদী শ্ৰেণী সমন্বয়ৰ চেঙাতেল মাৰি শুকুৱাই দিয়ে। মধ্যবিত্তৰ এই মধ্যস্থতাকাৰী ভূমিকা নিঃসন্দেহে সুবিধাবাদৰেই নামান্তৰ। মধ্যবিত্তৰ শ্ৰেণী সমন্বয়ৰ যি মানৱতাবাদী দৰ্শন সেয়া শাসকৰ বিৰুদ্ধে যাব নোখোজা আৰু স্থিতাৱস্থাক বাহাল ৰাখিব খোজাৰ অশুভ পৰম্পৰাসূত্ৰে আহে। নিজা স্বাৰ্থত আঘাত নলগালৈ মধ্যবিত্তৰ এই খুটিৰ লৰচৰ নহয়। সামাজিক ক্ষেত্ৰত যিদৰে মধ্যবিত্তই উচ্চবৰ্ণৰ এজেণ্টৰ দৰে কাম কৰে একেদৰে ৰাজনৈতিক ক্ষেত্ৰত মধ্যবিত্ত হয়গৈ শাসকীয় দলৰ এজেণ্টৰ দৰে।

মধ্যবিত্ত ৰাইটাৰৰ ৰোমাণ্টিকতাৰ এক বৈশিষ্ট্য হ’ল অতীত বিলাস। এই অতীত বিলাসী কাৰবাৰত কেন্দ্ৰবিন্দু হ’ল ৰাইটাৰ নিজেই। নিজক কেন্দ্ৰ কৰিয়েই লেখাৰ জীৱন চক্ৰ ঘূৰে উধৰপৰা মূধলৈ। ইয়াত মধ্যবিত্তৰ পূৰ্বোল্লোখিত বৈশিষ্ট্য- নিজক সৰ্বোৎকৃষ্ট হিচাপে প্ৰতিষ্ঠাৰ কচৰতো থাকে। কাৰবাৰটো বুজিবলৈ এনেয়ে এক উদাহৰণ লোৱা যাওঁ‌ক- আগৰ দিনবোৰ ভাল আছিল। পৃথিৱীখন সলনি হৈ গৈছে, মইহে (ৰাইটাৰ) সলনি হ’ব পৰা নাই। এই সলনি হ’ব নোৱাৰাটো ৰাইটাৰৰ uniqueness. ঠিক যেনিবা এক ষ্টাণ্টসুলভ কাৰবাৰ। ইয়াৰ মানেতো এয়াই যে পৃথিৱীৰ জটিলতা আৰু কুটিলতাই মোক(ৰাইটাৰক) চুব পৰা নাই। মই সৰল, নিস্পাপ হৈ থাকিলোঁ বা আগৰ যি মই সৰল মনৰ আছিলোঁ সেই মই ময়েই হৈ থাকিলো। বাকীবোৰ সলনি হৈছে মই নোৱাৰিলো। এই বাকীবোৰ সলনি হোৱাৰ অৰ্থ ইয়েই যে গোটেই পৃথিৱী এতিয়া জটিল আৰু কুটিলতাৰে ভৰা। নিস্পাপ হৈ থাকি গ’লোঁ কেৱল মই। ৱান এণ্ড অনলি পিছ। আত্মবন্দনাৰ ই এক অভূতপূৰ্ব নিদৰ্শন। পিছে এইখিনিতে এটা কথা, কিছু লেখকে সলনি হ’ব নোৱাৰিলোঁ বোলা শাৰীটো হা-হুমুনিয়াহেৰে ভৰাই এনে বেথা লগাকৈ লিখিব যে পাঠকৰ এনেহে লাগিব যেন সলনি হ’ব নোৱাৰি লেখকে অনুশোচনা কিম্বা আত্মগ্লানিতহে ভূগিছে। কিন্তু সেয়া ঘূণাক্ষৰেও নহয় বৰঞ্চ আচল কথা এয়াহে যে সেই হা-হুমুনিয়াহেৰে ভৰা এচেঞ্চটো আচলতে সহানুভূতি আহৰণৰহে কৌশল। যাৰ উদ্দেশ্য এটাই- সলনি হ’ব নোৱাৰা নিস্পাপ, সৰল মনটি আৰু সাধুতাৰ বিজ্ঞাপন দিয়া। মধ্যবিত্তীয় ভাৱবাদী দৰ্শনৰ এইবোৰ প্ৰধান দুৰ্বলতা। কিবা কাৰণত কিবা প্ৰয়োজনত সিবোৰৰ আৱিৰ্ভাৱ ঘটিব পাৰে, সেইবুলি হোৱাই নোহোৱাই বাৰে বাৰে অৱতাৰণা ঘটাই লেখকে অতীতবিলাসৰ মাজেৰে আত্মপ্ৰশংসাৰে মধ্যবিত্তীয় ৰোমাণ্টিক দৰ্শনৰ দুৰ্বলতাকহে উদঙায়। এইধৰণৰ লেখাত কোনো বিশেষ ৰাজনৈতিক উপাদানো নাথাকে। কেনেবাকৈ থাকিলেও সি মূখ্য বিষয় নহয়। মূলত ই আত্মকথাৰে আত্মপ্ৰশংসাৰ কাৰবাৰহে। এইখিনিতে প্ৰশ্নটো আহে এইবুলি যে এনেহেন গুৰুতৰ ৰাজনৈতিক অচলাৱস্থাৰ দিনত এইধৰণৰ লেখাই আমাক দিব কি? তাৰোপৰি লেখকে এইধৰণৰ লেখাত নিজকে ব্যস্ত কৰোৱাৰ কাৰণ কি? কাৰণ এয়াই যে ৰাজনীতিৰ প্ৰসংগ তেওঁ‌ আলচিব খোজা নাই। সেয়ে ইচ্ছাকৃতভাৱেই তাক এৰাই চলিছে। যদি সেয়াই হয় তেন্তে পুনৰায় প্ৰশ্নও উঠিব কিয় বুলি আৰু সেই ‘কিয়’ৰ উত্তৰটো এয়াই যে লেখক মধ্যবিত্ত যি Middle class syndrome ত বাৰুকৈয়ে আক্ৰান্ত। ইয়াৰ পাছত আৰু লেখকৰ ৰাজনৈতিক স্থিতি, মতাদৰ্শ কি বুলি সোধাৰ কোনো প্ৰয়োজন নাথাকে। এইযে সলনি হ’ব নোখোজা অতীতবিলাসী দৰ্শন, সি টিপিকেল মধ্যবিত্তৰ আন এক গুৰু বৈশিষ্ট্য প্ৰচলিত চিষ্টেম, প্ৰথাৰ সলনি নিবিচৰাৰে প্ৰতিফলন। এতিয়া ইয়াক যদি আমি সমাজ-ৰাজনীতিৰ বৃহত্তৰ মঞ্চলৈ পোনাই ধৰোঁ তেন্তে ই আটাইতকৈ ডাঙৰ সমস্যা য’ত সলনি নিবিচৰাৰ অন্তত মধ্যবিত্তৰ স্বাৰ্থ লুকাই থাকে। এই স্বাৰ্থ নিজা প্ৰিভিলেজ হেৰুৱাৰ স্বাৰ্থ। পৰিৱৰ্তনৰ বিৰোধী আৰু স্থিতাৱস্থাৰ সমৰ্থনকাৰী মধ্যবিত্তৰ সমাজ-ৰাজনীতি সম্পৰ্কীয় চিন্তা চৰ্চা নিজা স্বাৰ্থক কেন্দ্ৰ কৰিহে আগুৱায়। দুখীয়া কোনোৰ প্ৰতি হঠাতে জাগি উঠা আতৌ পিতৌকৈ সমমৰ্মিতাৰ পাব্লিচিটী ষ্টাণ্টৰ ক্ষেত্ৰত উদাৰ মানৱতাবাদী দৃষ্টিকোণে ধৰা দিয়ে। সেই উদাৰ দৃষ্টিকোণৰপৰা কোনো দুখীয়া হোৱাৰ ক্ষেত্ৰত জড়িত ৰাজনৈতিক কথাবোৰ, শ্ৰেণীৰ প্ৰসংগবোৰ তেওঁ‌লোকৰ লেখাত নাহে বৰঞ্চ উদাৰ মানৱতাবাদী দৃষ্টিকোণেৰে মোহাৰি মানুহ মানুহ বুলি মানৱতাবাদৰ জয়গান গোৱাতহে সিদ্ধহস্ত।

সমাজ জীৱনত মধ্যবিত্তৰ ভূমিকা অপৰিসীম। শিক্ষিত আৰু বৌদ্ধিকভাৱে আগবঢ়া হিচাপে এই শ্ৰেণীটোৰ থাকে গুৰুত্বপূৰ্ণ সামাজিক দায়ৱদ্ধতা। বৌদ্ধিকতাৰ ধৰণী হিচাপে মধ্যবিত্তয়েই সমাজক আগুৱাই নিব লাগিব। মধ্যবিত্তক উদ্দেশ্যি আমাৰ সমালোচনা মধ্যবিত্ত প্ৰজাতিক লৈ নহয়, মধ্যবিত্তীয় মেণ্টেলিটীৰ প্ৰতিহে। এই মধ্যবিত্তীয় মেণ্টেলিটী হ’ল স্থিতাৱস্থাৰ বাহক, পৰম্পৰাবাদী, ৰাজনীতিত শাসক-শোষকৰ মধ্যস্থতাকাৰী, সামাজিক জীৱনত ধৰ্মীয়-সামাজিক ৰীতি-নীতিৰে প্ৰচলিত সমাজ ব্যৱস্থাক বাহাল ৰখাৰ স্বাৰ্থত সামাজিক অনুশাসনেৰে লেকাম লগাই যি সামাজিক নৈতিকতাৰ পাঠ পঢ়ায়। এই মধ্যবিত্তীয় মেণ্টেলিটীক আমি Middle Class Syndrome হিচাপে নামাংকৃত কৰিব খুজিছোঁ। সম্প্ৰতি আমাৰ একাংশ লেখক Middle Class Syndrome ত গুৰুতৰভাৱে আক্ৰান্ত, যাৰ প্ৰভাৱ তেওঁ‌লোকৰ লেখাত পুৰামাত্ৰাই বিদ্যমান। এইসকলে বেমাৰটিৰপৰা পৰিত্ৰাণৰ উপায় চিন্তক, উপায় দস্তুৰমত আছে কিন্তু লেখকে যদি তাৰপৰা ওলাবই নোখোজে তেন্তে লেখকৰপৰা পৰিত্ৰাণ পাবলৈ আমাৰ হাতত উপায় কি? বোধহয় এটাই- এনেজাতীয় সাহিত্য বৰ্জন কৰা। কিন্তু যি সমাজ জীৱনত উধৰপৰা মূধলৈ শিপাই পৰিছে তাক কোনো ব্যক্তিগত বৰ্জনে ৰোধিব নোৱাৰে। তেন্তে এইক্ষেত্ৰত আমাৰ উপায় কি?

Leave a Reply

Your email address will not be published. Required fields are marked *