বিৰল বিশ্ব সংগীত প্ৰতিভা জাকিৰ হুছেইন ।। নৱজ্যোতি বৰগোহাঁই
প্ৰস্তাৱনা
একৈশ শতিকাৰ আধুনিক বিজ্ঞানৰ যুগত উচ্চ মধ্যবিত্তৰ গড় আয়ুস সাধাৰণতে ৮৫ বছৰৰ ওপৰত। সেই হিচাবত অতি কৰুণভাৱে বিশ্বৰ সংগীত সভাৰ অন্যতম শিল্পী তবলা বাদক জাকিৰ হুছেইনে যোৱা ১৫ ডিচেম্বৰ, ২০২৪ তাৰিখে মাত্ৰ ৭৩ বছৰ বয়সতে আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। হঠাৎ যেন তবলা যুৰিৰ ছন্দ স্তব্ধ হৈ পৰিল! এক অসাধাৰণ শিল্পী সত্তা চিৰনিদ্ৰাত ঢলি পৰিল! ই বিশ্বৰ সংগীত জগতৰ এক অপূৰণীয় ক্ষতি।
এই বিৰল সাংগীতিক প্ৰতিভাৰ সৃষ্টিকৰ্মৰ সম্পৰ্কত ব্যক্তিগত অনুভৱ আৰু উপলব্ধি অতি চমুকৈ পাঠকৰ সৈতে বিনিময় কৰিব খুজিছোঁ। যদিও এনে নমস্য শিল্পীৰ সৃষ্টিচক্ৰৰ প্ৰতি আমাৰ দৰে এজন সাধাৰণ শ্ৰোতাৰ শ্ৰদ্ধা নিবেদনৰ ই এক কঠিন প্ৰয়াস, ই হ’ব সেই মহৎ শিল্পীৰ প্ৰতি যথাৰ্থতে এক শ্ৰদ্ধাঞ্জলি।
বিশ্ব সংগীত সভাৰ অনন্য তবলাবাদক জাকিৰ হুছেইন ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটি ধ্ৰুৱতৰা। সাধাৰণভাৱে বহুতে ভবাৰ দৰে তেওঁ কেৱল তবলাবাদক নাছিল, তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ উপৰিও আন্তৰ্জাতিক সংগীতৰ জগতখনত এক এৰাব নোৱাৰা সঙ্গীতজ্ঞ তথা আধুনিক সমাজ জীৱনত এক বিৰল আন্তৰ্জাতিক ব্যক্তিত্ব হিচাবে নিজৰ চিনাকি দিছিল। কমিউনিষ্ট ধ্যান ধাৰণাত যি আন্তৰ্জাতিকতাৰ কথা কোৱা হয়, জাকিৰ হুছেইনৰ দৰে শিল্পীয়ে নিজৰ বিষয়ৰ সাধনাৰ যোগেদি আংশিকৰূপত হ’লেও যেন তেনে কাম এক নিজস্ব ধৰণে কৰি দেখুৱাইছিল। দেশীয় সংগীতক আন্তৰ্জাতিক সংগীতলৈ ৰূপান্তৰ কৰি সাংস্কৃতিক সহযোগিতাৰ বিৰল নিদৰ্শন দাঙি ধৰিছিল।
একেধাৰে এজন সংগীতশিল্পী আৰু এজন সংগীতসাধক হোৱাৰ বাবে যি যোগ্যতাৰ দৰকাৰ তেওঁ পৰিপূৰ্ণ ৰূপত আহৰণ কৰিছিল।
সৎ আৰু দক্ষ তথা নিজৰ বিষয়ৰ প্ৰতি উৎসৰ্গিত এজন বিজ্ঞানীৰ দৰে তেওঁ নিজৰ কৰ্মক্ষেত্ৰত দায়িত্ব পালন কৰি গৈছিল। ৪০০ বছৰ পুৰণি তবলা নামৰ সংগত কৰা বাদ্য যন্ত্ৰটোক বিশ্বৰ সংগীত সভাত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিছিল। বিখ্যাত নিউয়ৰ্ক টাইমছ কাকতে হুছেইনৰ তবলা বাদনৰ সম্পৰ্কত লিখিছিল এনেদৰে -“blur of his fingers rivals the beat of a hummingbird’s wings.”
ভাষাৰ সকলো বাধা অতিক্ৰম কৰি তবলাৰ এক নিজস্ব সাৰ্বজনীন ভাষা প্ৰতিষ্ঠা কৰাত জাকিৰ হুছেইনৰ অৱদান অতুলনীয়। বিশ্বৰ বহু প্ৰান্তত বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত তেওঁ তবলাৰ ছন্দ (Rhythm)ৰ মাধ্যমেৰে অবাধে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। বহুধাবিভক্ত এক জটিল জনজীৱনত শাস্ত্ৰীয় সংগীতৰ যি শক্তিশালী ভূমিকা সেইটো সম্পাদন কৰাৰ বাবে তেওঁ যেন অতি সূক্ষ্ম বিচাৰবোধেৰে অথচ সজাগ সচেতনৰূপত প্ৰয়াস কৰি গ’ল। জাকিৰ হুছেইনৰ সংগীত তথা তেওঁৰ ব্যক্তিত্ব যেন এটা আনটোৰ পৰিপূৰক আছিল। তেওঁৰ সান্নিধ্য লাভ কৰা সংস্কৃতিবান ব্যক্তি মাত্রেই তেওঁৰ সুশীল মহৎ ব্যক্তিত্বক স্বীকাৰ কৰিব।
বিচিত্ৰ লোকসংগীতৰ ঐতিহ্যৰে ঐশ্বৰ্যশালী জ্যোতি-বিষ্ণুৰ অসম মুলুকত আজি সংগীতৰ ক্ষেত্ৰতখনৰ যি দেউলীয়া অৱস্থা চলি আছে, তেনে পৰিৱেশত জাকিৰ হুছেইনৰ দৰে শিল্পীৰ মৃত্যুত এটি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ কৰ্মৰাজিৰ সম্পৰ্কত বস্তুনিষ্ঠ আলোচনা হোৱাটো খুবেই দৰকাৰী কাম আছিল। এনে আলোচনাই সুস্থ সৃষ্টিশীল প্ৰক্ৰিয়া এটা আগবাঢ়ি যোৱাত সহায়ক হোৱাৰ লগতে অসুস্থ সাংস্কৃতিক বাতাবৰণ এটাৰ গতি মন্থৰ কৰাত কিছু হ’লেও অৰিহণা যোগায়।
অন্যথা এই পৰিৱেশে এসময়ত আমাৰ জনজীৱন দুৰ্বিষহ কৰি তুলিব। সেই পৰিপ্ৰেক্ষিততে আমাৰ সমাজজীৱনত যথা সম্ভৱ বিভিন্ন বিধৰ সাংস্কৃতিক প্ৰতিৰোধ কাৰ্য জৰুৰী হৈ পৰিছে। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই এই লেখা আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আশাকৰোঁ সংবেদনশীল তথা দায়িত্বশীল পাঠকে লেখাটো পঢ়ি তেওঁলোকৰ বহুমূলীয়া মতামত আগবঢ়াব।
ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু জাকিৰ হুছেইন: এটি পৰিচয়মূলক টোকা
“Every time you step out on to the stage, you learn something which helps you grow and be a better communicator. It’s not like you’re the master. You’re always a student”. -Zakir Hussain
বিশ্বৰ আটাইতকৈ আগশাৰীৰ অন্যতম দক্ষ আৰু বিজ্ঞ তবলা বাদক, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সাধক, একে সময়তে বিশ্ব সংগীত(world music)ৰ এজন প্ৰতিষ্ঠাপক পৰ্য্যায়ৰ সংগীত শিল্পীৰ অতি স্পষ্ট বক্তব্য- “মই ওস্তাদ নহয়, এজন ভাল তবলা বাদক, আজীৱন সংগীতৰ ছাত্ৰ” নিজৰ বিষয়টো আজীৱন শিকাৰ যোগেদি নিতে নতুন সৃষ্টিৰ বাট মুকলি কৰাৰ যি আজীৱন সাধনা তাৰ বাবেই সঙ্গীতজ্ঞ শিল্পী জাকিৰ হুছেইন হৈ উঠিছিল বিশ্বৰ সংগীত সভাৰ এক উজ্বল নক্ষত্ৰ। শাস্ত্ৰীয় সংগীত আৰু সংগীতৰ সাধনা সঙ্গীতজ্ঞ জাকিৰ হুছেইনৰ বাবে এটা আনটোৰ পৰিপূৰক।
তলৰ ভিডিঅ’ত বিশ্ববিখ্যাত Berklee College of Music সন্মানীয় ডক্টৰেট লবলৈ যাওঁতে জাকিৰ হুছেইনে দিয়া বক্তৃতাত উত্থাপিত কৰা গুৰুত্বপূৰ্ণ কথাখিনি শুনকচোন।
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/Zakir-Hussain-2.jpeg?resize=300%2C169&ssl=1)
“জাকিৰ হুছেইন, এ লাইফ ইন মিউজিক” গ্ৰন্থৰ, এক বিশেষ সাক্ষাৎকাৰত হুছেইনৰ সংগীত সাধনাত Perfection বিষয়ক এটা প্ৰশ্ন আছিল এনেধৰণৰ- But I am sure you still strive for perfection.
তেওঁৰ সংগীতৰ সাধনাত এই perfection বিষয়ক প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ এনেদৰে কৈছিল – “I do. It motivates me to get up every day, it gets me on to the stage again and again- because if you’re not looking for something, what’s there in life? It’s part of the creative process. I always say music dies each night and is reborn the next day. ‘Ek shamma jali, parwana uda, taiyyar hui.’ taiyyar hua.’ The parwana [moth]
will burn, and yet it will be drawn to the flame again the next day.
Perfection is something you’ll never attain. But it doesn’t matter if I don’t attain it, at least, I would have tried.”
তবলা বিট চাইঞ্চ আৰু জাকিৰ হুছেইন
জাকিৰ হুছেইনৰ বাবে সংগীত হৈছে অবিৰত শিক্ষণ আৰু আত্ম-আৱিষ্কাৰৰ এক অন্তহীন যাত্ৰা। তেওঁৰ মতে প্ৰতিটো সংগীত পৰিৱেশন (performance), প্ৰতিটো ভিন্ন সংস্কৃতিৰ লগত সহযোগিতা (collaboration)ৰ অনুষ্ঠান আৰু এনে প্ৰতিটো অনুশীলন (practice) এখন সমাজৰ সুস্থ সাংস্কৃতিক বিকাশৰ অন্যতম চৰ্ত। সেয়েহে এজন সজাগ সংগীতশিল্পী হিচাবে এনে কৰ্মত নিষ্ঠাৰে অংশগ্ৰহণ কৰি কিছু অৱদান দি যোৱাটো তেওঁৰ নৈতিক দায়িত্ব হিচাবে পালন কৰিছিল। জাকিৰ হুছেইনৰ সংগীত সাধনাৰ এই মৌলিক দৃষ্টিভংগী আৰু নিজৰ বিষয়টোৰ প্ৰতি সচেতন নম্ৰ কৌতুহলে তেওঁৰ সংগীতক সদায় সতেজ আৰু প্ৰাসংগিক কৰি ৰাখিছিল। একে সময়তে সমসাময়িক নৱপ্ৰজন্ম আৰু সতীৰ্থ শিল্পীক অনুপ্ৰাণিত কৰিছিল। সেইবাবেই বিশ্ব সংগীতৰ ইতিহাসত এক অমলিন চিন ৰাখি যোৱা অসাধাৰণ প্ৰতিভাধৰ তবলাবাদক জাকিৰ হুছেইনৰ কায়িক অনুপস্থিতিয়ে জনমানসত তেওঁৰ শিল্পী সত্তাৰ উজ্জ্বলতা কেতিয়াও হ্ৰাস কৰিব নোৱাৰে।
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/Zakir-Hussain-3.jpeg?resize=300%2C195&ssl=1)
পঞ্জাৱ ঘৰানাৰ কিংবদন্তি তবলাবাদক উস্তাদ আল্লা ৰাখাৰ পুত্ৰ জাকিৰ হুছেইনৰ জন্ম হয় ১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইত। শৈশৱৰ পৰাই দৈনন্দিন বেছিভাগ সময়েই সংগীত আৰু সঙ্গীতজ্ঞৰ সান্নিধ্য লাভ কৰা জাকিৰ হুছেইন এসময়ত হৈ উঠিছিল ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্বব্যাপী দৰ্শক-শ্ৰোতাৰ মাজলৈ লৈ যোৱা এজন কিংবদন্তি তবলাৰ ওজা। হুছেইনে সাত বছৰ বয়সৰ পৰাই সংগীত যাত্ৰা আৰম্ভ কৰিছিল আৰু বাৰ বছৰ বয়সত প্ৰথম কনচাৰ্ট পৰিৱেশন কৰিছিল।
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/Zakir-Hussain-4.jpeg?resize=300%2C168&ssl=1)
জাকিৰ হুছেইন আছিল অসাধাৰণ প্ৰতিভাশালী সংগীত শিল্পী। জীৱনৰ আৰম্ভণি পৰ্য্যায়তে তেওঁ পণ্ডিত ৰবি শংকৰ, উস্তাদ আলী আকবৰ খা, পণ্ডিত শিৱকুমাৰ শৰ্মা, পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ দৰে সংগীতজ্ঞৰ সৈতে তবলা বজাই অভিলেখ সৃষ্টি কৰিছিল। একান্তই নিজস্ব শৈলীৰে সংগীত সাধনা কৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এই স্বনামধন্য শিল্পীসকল সংগীতৰ বিভিন্ন ঘড়ানাৰ পৰা আহিছিল। এই ভিন্ন শৈলীৰ শিল্পীসকলৰ লগত হুছেইনে তেওঁলোকৰ সংগী বাদ্যযন্ত্ৰবাদকৰ অভিজ্ঞতাৰে কৈশোৰতেই তেওঁৰ তবলাবাদন শৈলীত বহুমাত্ৰিক উপাদান সংযোজন কৰিবলৈ সক্ষম হৈছিল। এই দক্ষতাৰেই তেওঁ পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন সংগীত শিল্পীৰ লগত তবলাৰ বুদ্ধিদীপ্ত ছন্দৰে ভাব বিনিময় কৰিবলৈ সক্ষম হৈ উঠিছিল।
(ওস্তাদ জাকিৰ হুছেইনৰ কলিকতাৰ লাইভ পৰিৱেশন চাবলৈ ইয়াত টিপক)
হুছেইনৰ সাংগীতিক কৌশল, সৃষ্টিশীলতা আৰু গভীৰ সাংস্কৃতিক বুজাবুজিৰ অনন্য মিশ্ৰণে শিল্পৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল, যাৰ ফলত তেওঁ বিশ্বজুৰি কেৱল প্ৰশংসা লাভ কৰাই নহয় জনমানসত এক স্থায়ী আসন দখল কৰিবলৈ সক্ষম হৈছিল।
তেওঁ পৰম্পৰাগতভাৱে শিকি অহা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কথাবোৰক দৃঢ়তাৰে মূল ভিত্তি হিচাবে লৈ বিশ্ব সংগীতৰ বিশাল ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। তেওঁ আছিল এনে এজন সংগীতজ্ঞ যিয়ে অতি স্পষ্টতা আৰু সততাৰে দায়িত্বসহ নিজৰ বিষয়টোৰ সম্পৰ্কত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰিছিল। এজন ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতজ্ঞ হিচাবে তেওঁ প্ৰায়ে কৈছিল যে বৰ্ণিল কনচাৰ্টে বিশাল দৰ্শকক আকৰ্ষণ কৰে যদিও ভাল সংগীতৰ বাবে সেইবোৰ কোনো পৰিমাপ নহয়। ইয়াৰ বিপৰীতে “হিন্দুস্তানী শাস্ত্ৰীয় সংগীতে মোৰ ওপৰত যি প্ৰভাৱ পেলাইছে, মই বজোৱা আন কোনো ৰূপে লাভ কৰিব নোৱাৰে,” (“The impact Hindustani classical music has on me cannot be achieved by any of the other forms that I play,”)
জাকিৰ হুচেইনে সংগীত সাধনাৰ প্ৰশ্নত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ঘৰানা সংস্কৃতিক বিশেষ প্ৰাধান্য দিয়া নাছিল। তেওঁ ঘৰানা ক লঘূ কৰি হিন্দী ডৰানা অৰ্থাৎ কাৰোবাক ভয় খুৱাব বিচৰা বুলি কৈছিল। তেওঁ ২০১৬ চনৰ মুম্বাইৰ নেশ্যনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছত অনুষ্ঠিত হোৱা “Sitar Gharanas of India” আলোচনা চক্ৰত ঘৰানাৰ বিষয়টোত অতি স্পষ্টকৈ কৈছিল এনেদৰে -“If someone asks me what my gharana is, I am not sure if I have an answer,” তেওঁ এই কথাটো বাখ্যা কৰি আৰু কৈছিল এনেদৰে – “I listen to recordings of my father Ustad Alla Rakha and his guru, and I find there are no similarities between them and me. I learnt from them, listened to them, practised under them and have absorbed, followed, emulated, and incorporated it into my music. Yet, when I play it bears no resemblance to what I learnt.
শিল্পীৰ সৃষ্টশীলতাৰ বাবে ঘৰানা মূল কথা নহয়, একনিষ্ঠ সাধনাইহে এজন শিল্পীৰ নতুন সৃষ্টি সম্ভৱ কৰি তুলিব পাৰে।
সামন্তীয় সংস্কৃতিৰ প্ৰভাৱ বিৰাজ কৰি থকা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ তালিম লোৱাৰ পাছতো সংগীতৰ প্ৰতি জাকিৰৰ অভিনৱ দৃষ্টিভংগীৰ পৰাই জাকিৰ হুছেইন বিশ্ব সংগীতৰ দুৱাৰ মুকলি কৰা সংগীত শিল্পীসকলৰ মাজৰ অন্যতম এজন হ’ব পৰিছিল। এই দৃষ্টিভংগী গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব তেওঁৰ পিতৃ উস্তাদ আল্লা ৰাখাৰ। তাৰ পাছৰ পৰ্য্যায়ত জাকিৰ হুছেইনে ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্ব মঞ্চত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত, চেতাৰবাদক ৰবি শংকৰ, সৰোদবাদক আলী আকবৰ খাৰ দৰে তাৰকা শিল্পীৰ সৈতে কম বয়সৰ পৰাই তেওঁ তবলা সংগত কৰি কৰা সংগীত পৰিৱেশনে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত ভাৰতীয় ৰাগ আৰু ছন্দৰ (Rhythm) সমৃদ্ধিত বিশেষ অৱদান দিব পাৰিছিল।
তেওঁৰ কাৰিকৰী মেধা, ছন্দময় নিখুঁততা, আৰু সংগীতৰ উন্নীতকৰণ (Improvisation)ৰ দক্ষতাই তবলাক শিল্পকলাৰ বাবে এক মাপকাঠী হিচাবে স্থাপন কৰিছে। বিশ্বজুৰি তেওঁ এই বাদ্যযন্ত্ৰৰ মৰ্যাদা বিশেষভাৱে উন্নীত কৰিছে।
ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এই অন্যতম শ্ৰেষ্ঠ শিল্পীজনে বিশ্বৰ সংগীত সভাত ‘তবলা’ নামৰ এই সামান্য বাদ্যযন্ত্ৰটোক সাৰ্বজনীন শান্তি আৰু ভাতৃত্ববোধৰ বাবে এক শক্তিশালী কণ্ঠলৈ ৰূপান্তৰিত কৰিছিল। ভাৰতীয় সংগীত ব্যৱস্থাপনাৰ সংগত বাদ্যযন্ত্ৰ তবলাৰ উত্তৰণ ঘটাই হুছেইনে স্বতন্ত্ৰ বাদন (solo) বাদ্যযন্ত্ৰ হিচাবে প্ৰতিষ্ঠা কৰি গ’ল। বিশ্ববিখ্যাত সংবাদ মধ্যমবোৰে তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তবলাবাদক তথা তবলাৰ বিশ্বকোষ হিচাবে স্বীকৃতি দিছে।
Teacher Zakir
তবলাৰ শিক্ষকৰ ৰূপত জাকিৰ হুছেইন
বহুমুখী প্ৰতিভাৰ জাকিৰ হুছেইনে সংগীতৰ শিক্ষক হিচাবেও বিশ্বৰ অগণন যুৱ সংগীতজ্ঞক অনুপ্ৰাণিত কৰিছে। তেওঁ এজন দক্ষ শিল্পীৰ লগেলগে এজন অতি দক্ষ শিক্ষকো আছিল। নিজৰ বিষয়তো অতি মনোগ্ৰাহীকৈ ছাত্ৰক উপস্থাপন কৰিব পাৰিছিল। নিজৰ বিষয়টোৰ ওপৰত জ্ঞানৰ গভীৰতা আৰু দক্ষতাৰ লগতে আত্মিক সম্পৰ্ক নাথাকিলে এজন সফল শিক্ষক হোৱাৰ সম্ভাৱনা কম। তেওঁ সংগীতৰ সৃষ্টিশীল মনোৰঞ্জক হোৱাৰ উপৰিও যে বিষয়টোৰ এজন সাধক আছিল এইটো তাৰ এক উৎকৃষ্ট প্ৰমাণ। সেই দক্ষতাৰেই তেওঁ বিশ্ববিখ্যাত প্ৰিন্সটন আৰু ষ্টেণ্ডফৰ্দ বিশ্ববিদ্যলয়ৰ সংগীতৰ অধ্যাপনাও কৰিছিল।
জাকিৰ হুছেইনৰ সংগীত কেৱল কাৰিকৰী উৎকৰ্ষতাৰ বাবেই নহয়, বৈচিত্ৰ্যময় সংস্কৃতি আৰু দৰ্শক শ্ৰোতাক একত্ৰিত কৰাৰ ক্ষমতাৰ বাবেও উল্লেখযোগ্য। পৰম্পৰাক উদ্ভাৱনৰ সৈতে একত্ৰিত কৰাৰ ক্ষমতাই তেওঁক সংগীতৰ জগতখনৰ এক বিশেষ ব্যক্তিত্ব কৰি তুলিছে। তেওঁ যেন সংগীতৰ ছন্দক জীৱনৰ ছন্দৰ লগত সফল সংযোগ সম্ভৱ কৰি তুলিছিল। তেওঁ এই দক্ষতাৰে শিল্পী আৰু শ্ৰোতা উভয়কে তেওঁৰ সৃষ্টিৰ ছন্দ আৰু সুৰৰ সাৰ্বজনীন ভাষাৰ শলাগ ল’বলৈ অনুপ্ৰাণিত কৰিছে আন ভাষাত ক’বলৈ গ’লে সমাজৰ বিশেষ সাংস্কৃতিক নেতৃত্বৰ দিশতো তেওঁৰ অৱদান তাৎপৰ্যপূৰ্ণ।
বিভিন্ন সংগীতৰ সংযোজনৰ পৰীক্ষা-নিৰীক্ষাৰ পিছতো জাকিৰ হুছেইন হিন্দুস্তানী সংগীতৰ শাস্ত্ৰীয় পৰম্পৰাৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ হৈ আছিল। সংগীত শিক্ষাৰ মূল শিপাডাল তেওঁ কেতিয়াও পাহৰি যোৱা নাছিল। তেওঁক বিশ্বৰ দৰবাৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাষ্ট্ৰদূত বুলি সহজেই চিহ্নিত কৰিব পাৰি।
ছন্দ (Rhythm) আৰু জাকিৰ হছেইন
সন্তানৰ কাণত তবলাৰ ছন্দৰ ধ্বনিৰে আল্লা ৰাখাই পুত্ৰ জাকিৰ হুছেইনক পৃথিৱীলৈ আদৰি আনিছিল। মুছলিমৰ ঘৰত জন্ম লোৱা জাকিৰৰ বাবে, জীৱনৰ প্ৰথমতো দিনৰ পৰাই ধৰ্মীয় আয়াতৰ সলনি Rhythm হৈ পৰিছিল জীৱনৰ মন্ত্ৰ। সেই মন্ত্ৰৰ শক্তিৰেই জাকিৰ হুছেইনে এদিন বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল।
জাকিৰ হুছেইনৰ ছন্দ (Rhythm)ৰ সৈতে সম্পৰ্ক অতি গভীৰ। তেওঁৰ বাবে ছন্দ কেৱল কাৰিকৰী বা সংগীতৰ উপাদান নহয় বৰঞ্চ জীৱনৰ এক মৌলিক নীতি। ছন্দৰ প্ৰতি তেওঁৰ এই দৃষ্টিভংগীয়ে পৰম্পৰাগত সীমা অতিক্ৰম কৰি কলাত্মক, আধ্যাত্মিক আৰু সাৰ্বজনীন মাত্ৰাসমূহ সামৰি লৈছে।
Rhythm বিষয়ক আলোচনা চক্ৰত জাকিৰ হুছেইন আৰু মিকি হাৰ্ট
শব্দ যদি জাকিৰ হুছেইনৰ শিল্পৰ কেঁচা মাল তেন্তে ছন্দ হৈছে শিল্প সৃষ্টিৰ আঁৰৰ শক্তি।
তবলা বজাই ছন্দৰ ভাষাৰে কেনেকৈ গল্প কোৱা হয় সেই কথা ক’বলৈ গৈ জাকিৰ হুছেইনে কৈছে – “To me, rhythm also tells a story, and so when I’m with the rhythm, I’m constantly thinking about how its gonna go, and I am a character, I’m making a journey. I’m making a journey with my friend the tabla. I don’t consider it to be some stranger. I consider it to be almost a twin.”
এনেকৈয়ে জাকিৰ হুছেইনে তবলাৰ ছন্দৰে গল্প কয়।
জাকিৰ হুছেইনে প্ৰায়ে কৈছিল-ছন্দ সকলো জীৱৰ জন্মগত। হৃদয়ৰ স্পন্দনৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ চক্ৰীয় আৰ্হিলৈকে ছন্দই জীৱ জগতৰ অস্তিত্বক নিয়ন্ত্ৰণ কৰে। তেওঁৰ বাবে তবলা বজোৱাৰ অৰ্থ হৈছে এই স্বাভাৱিক ছন্দবোৰৰ সম্প্ৰসাৰণ, যাৰ ফলত তেওঁৰ শিল্পকৰ্ম হৈ উঠে জীৱনৰ প্ৰতিফলন স্বৰূপ। তেওঁ কৈছিল, “Rhythm is everywhere—it’s in the way we walk, the way we talk, in the seasons, and the heartbeat of the universe.”
ভাৰতীয় শাস্ত্ৰীয় সংগীত সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ চিৰন্তন চক্ৰৰ প্ৰতীক তাল (ছন্দময় চক্ৰ)-ৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। এই চক্ৰসমূহৰ ওপৰত জাকিৰৰ জ্ঞানৰ দখল ইমান ওপৰ পৰ্য্যায়ৰ আছিল যে তেওঁৰ সংগীত সৃষ্টি প্ৰক্ৰিয়া আৰু দাৰ্শনিক বুজাবুজি অনবৰত আন্তঃসংযোগ অৱস্থাত থাকিছিল। সংগীতৰ চেতনা আৰু সৃষ্টি অতি উচ্চ মানৰ নহ’লে এইটো সম্ভৱ নহয়।
হুছেইনে ছন্দক এক ঐক্যবদ্ধ শক্তি হিচাপে লয়, যিয়ে বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰ মাজেৰে মানুহক সংযোগ কৰে। ছন্দৰ সাৰ্বজনীন ভাষাই তেওঁক বিভিন্ন সংগীত পটভূমিৰ শিল্পীৰ সৈতে সহযোগিতা (collaboration) কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত ভাগ-বতৰা আৰু সহযোগিতাৰ সংস্কৃতি গঢ়ি উঠে।
জাকিৰ হুছেইনৰ সংগীতৰ নেপথ্যৰ বিজ্ঞান
তবলা বজোৱাটো জাকিৰ হুছেইনৰ বাবে এক প্ৰকাৰৰ ধ্যান লব্ধ অভিজ্ঞতা। ছন্দময় আৰ্হিৰ পুনৰাবৃত্তিয়ে (Rhythmic patterns) মন্ত্ৰ জপৰ অভিজ্ঞতা আনি দিয়ে। এই সম্পৰ্কত তেওঁ কৈছিল “ছন্দ হৈছে প্ৰাৰ্থনাৰ এটা প্ৰকাৰ, শব্দৰ জৰিয়তে ঐশ্বৰিক সংযোগত উপনীত হোৱাৰ এক উপায়। ” (“Rhythm is a form of prayer, a way to reach a divine connection through sound.”)
জাকিৰ হুছেইনে তবলাৰ ছন্দক নিজৰ ভাষা বুলি গণ্য কৰে। তেওঁৰ তবলা পৰিৱেশন কেৱল কাৰিকৰী দক্ষতাৰ প্ৰদৰ্শন নহয় বৰঞ্চ তেওঁৰ সতীৰ্থ সংগীতজ্ঞ, দৰ্শক, আনকি তেওঁৰ নিজৰ সৈতেও সংলাপ।
বিভিন্ন সংগীত শিল্পী (যেনে জাজ, পশ্চিমীয়া শাস্ত্ৰীয়, আৰু বিশ্ব সংগীত)-ৰ সৈতে জাকিৰ হুছেইনৰ অবাধ collaborationএ প্ৰমাণ কৰে যে ছন্দৰ এক সাৰ্বজনীন ভাষাৰে তেওঁ সাংস্কৃতিক বিভাজনৰ সেতুবন্ধনৰ লগতে ভাৰতীয় তালসমূহক বিশ্ব সংগীতৰ ছন্দ নিৰ্মাণত নিৰৱচ্ছিন্নভাৱে অৰিহণা যোগাইছিল।
অহৰহ সংগীতৰ উন্নীতকৰণ (Improvisation) হৈছে জাকিৰ হুছেইনৰ সংগীতৰ মূল বৈশিষ্ট্য। এই উন্নীতকৰণ (Improvisation)ৰ গুৰি শিপাডাল হৈছে ছন্দ। তেওঁৰ বাবে ছন্দ হৈছে সৃষ্টিৰ মুহূৰ্তবোৰত বিকশিত হোৱা এক গতিশীল শক্তি। ই জীৱনকো প্ৰতিফলিত কৰে। জীৱনৰ লগত এই সম্পৰ্কটোৰ কথা ক’বলৈ গৈ তেওঁ কৈছে – “When you improvise, you’re living fully in the now. Rhythm teaches you how to adapt and respond to life’s changes.”
জাকিৰ হুছেইনৰ বাবে ছন্দ (rhythm) সংগীতৰ ধাৰণাতকৈ বহু বেছি— ই তেওঁৰ এক জীৱনশৈলী, আধ্যাত্মিক অনুশীলন, এক সাৰ্বজনীন ভাষা, সংযোগ আৰু সৃষ্টিশীলতাৰ আহিলা। তেওঁৰ দৰ্শনে ছন্দক এক মৌলিক শক্তি হিচাপে বিবেচনা কৰে, যি প্ৰাকৃতি আৰু মানৱ অভিজ্ঞতা দুয়োটাকে নিয়ন্ত্ৰণ কৰে। তবলা বজোৱাৰ জৰিয়তে তেওঁ এই ধাৰণাটোক মূৰ্ত কৰি তুলিছে যে ছন্দ হৈছে পৰম্পৰা আৰু উদ্ভাৱন, ব্যক্তিসত্তা আৰু সাৰ্বজনীনতা আৰু পাৰ্থিৱ আৰু ঐশ্বৰিকতাৰ মাজৰ এখন সেতু।
জাকিৰ হুছেইনৰ সংগীত সত্তা মূলতঃ ছন্দ (Rhythm)ৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল, তেওঁ ছন্দ (Rhythm)ৰ নিয়ন্ত্ৰণৰ ওপৰত অভিনৱ দক্ষতা আহৰণ কৰিছিল, এই নিয়ন্ত্ৰণৰ মাজেৰেই তেওঁৰ সৃষ্টি সম্ভৱ হৈ উঠিছিল। জাকিৰ হুছেইনে ছন্দৰ অনুভৱ, উপলব্ধি, কল্পনা, নিয়ন্ত্ৰণ, প্ৰয়োগ সকলো দিশতে অসাধাৰণ ব্যুৎপত্তি আহৰণ কৰিছিল। এই সকলো সম্ভৱ কৰি তোলাৰ মাজেৰে তেওঁ ছন্দ আৰু জীৱনৰ সম্পৰ্ক বুজি উঠিছিল। নিজৰ সৃষ্টিৰ মাজেৰে জীৱনক প্ৰতিফলিত কৰিব পাৰিছিল। এইদৰেই তেওঁ এজন মহৎ শিল্পীৰ চুড়ান্ত শিখৰত উপনীত হৈছিল।
বিশ্ব সংগীত আৰু জাকিৰ হুছেইন : এটি চমু আলোচনা
“The mindset as I was growing up tuned itself to the idea that music is music, it’s not Indian music or that music, so when I actually started working with musicians who were non-Indian it seemed like a natural handshake,” -Zakir Hussain (PTI, Goa)
জাকিৰ হুছেইনৰ ওপৰোউক্ত উক্তিটোৱে সংগীত সম্পৰ্কত তেওঁৰ বিশ্ব দৃষ্টিভংগী অতি সুন্দৰ ৰূপত তুলি ধৰিছে। এনে মতাদৰ্শৰ ভিত্তিতেই জাকিৰ হুছেইনে কেৱল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মাজতে আবদ্ধ নাথাকি বিশ্বৰ বিভিন্ন সংগীতৰ ধাৰাসমূহৰ মাজত তবলাৰ ছন্দৰে ঢৌ খেলিছিল। ভৌগলিক সীমা অতিক্ৰম কৰা সংগীত শিল্পৰ এই যাত্ৰাত তেওঁ এক নতুন সতেজ আধুনিক সাংগীতিক দৃষ্টিভংগীৰে সমাজৰ বহুধা বিভক্ত সাংস্কৃতিক পৰম্পৰাসমূহৰ মাজৰ পাৰস্পৰিক-সাংস্কৃতিক (cross-cultural)সহযোগিতাক অতি দায়িত্ব সহকাৰে লালন-পালন কৰিছিল। আনহাতে অহৰহ সংগীতৰ উদ্ভাৱনী মনোভাৱ লৈ ফুৰা বাবে নতুন নতুন সৃষ্টিৰ বাট মুকলি হৈছিল।
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/zakir-hussain-5.jpeg?resize=300%2C227&ssl=1)
১৯৭০ চনৰ পৰাই জাকিৰ হুছেইনে আমেৰিকাত নিগাজীকৈ থাকিবলৈ লয়। ইয়াৰ ফলতো তেওঁ বিশ্বৰ অন্যান্য সংগীতৰ সৈতে পৰীক্ষা-নিৰীক্ষা, সহযোগিতা(Collaboration) কৰাৰ বহু স্বাধীনতা লাভ কৰে। জাকিৰ হুছেইনৰ সংগীত যাত্ৰা কেৱল তবলা আয়ত্ত কৰাই নহয়, বিশ্বৰ বিভিন্ন সংস্কৃতিৰ মাজত সেতুবন্ধন আৰু ছন্দৰ সাৰ্বজনীন ভাষা চাৰিওফালে বিয়পাই দিয়াই আছিল তেওঁৰ অন্যতম লক্ষ্য। এই যাত্ৰাৰ কোনো যতি নপৰাকৈ তেওঁ ১৯৭০ চনত বিশ্ব সংগীতৰ ক্ষেত্ৰখনত অতি সফল ৰূপত প্ৰবেশ কৰে। ব্ৰিটিছ গীটাৰ বাদক জন মেকলাফলিন, বিখ্যাত বিটলছ্ গ্ৰুপৰ জৰ্জ হেৰিছন, বিশ্বৰ খ্যাতনামা পৰ্কেচনিষ্ট মিকি হাৰ্টৰ (দ্য গ্ৰেটফুল ডেড) দৰে আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সৈতে সহযোগিতাৰে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু জাজ, ৰক তথা বিশ্ব সংগীত(world music)ৰ বিচিত্ৰ ক্ষেত্ৰখনত তেওঁ অজস্ৰ মৌলিক অৱদান যোগাবলৈ সক্ষম হয়। মিকি হাৰ্টৰ দৰে সৃজনীশীল শিল্পীৰ লগত প্লেনেট ড্ৰাম এনচেম্বলৰ দৰে প্ৰকল্পৰ সৈতে জাকিৰ হুছেইন জড়িত হৈ বিশ্বজুৰি তাল সংগীত পৰম্পৰাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক উজ্জ্বল কৰি তুলিছিল।
তবলাৰ বিশ্বায়ন আৰু জাকিৰ হুছেইন
জাকিৰ হুছেইনক সমসাময়িক বিশ্ব সংগীত (world music) আন্দোলনৰ মুখ্য স্থপতি (architect) সকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। বিশ্ব সংগীত (world music)ৰ ক্ষেত্ৰখনত ব্ৰিটিছ গীটাৰ বাদক জন মেকলাফলিন, বিশ্বখ্যাত ভাইলিন বাদক এল শংকৰ আৰু দক্ষিণ ভাৰতীয় বাদ্য ঘটম বাদক টি এইচ বিনায়ক্ৰম আৰু মৃদংগ বাদক আৰ ৰাঘবনৰ সৈতে ১৯৭৩ চনতেই প্ৰতিষ্ঠা কৰা শক্তি (Shakti)নামৰ ইণ্ডো-জেজ ফিউচন বেণ্ডটো বিশ্বৰ ফিউচন সংগীতৰ বাটকটীয়া বুলিব পাৰি। সেইদৰে ডিগা ৰিদম বেণ্ড(Diga Rhythm Band), মেকিং মিউজিক (Making Music), মিকি হাৰ্টৰ দ্য গ্ৰেটফুল ডেড বেণ্ড, প্লেনেট ড্ৰাম ইত্যাদি এইক্ষেত্ৰত বিশেষ উল্লেখযোগ্য। জোছুয়া ৰেডমেন, ১৯৭৩ চনত জৰ্জ হেৰিছনৰ Living in the Material World, জন হেণ্ডিৰ Hard Work, ১৯৭৯ চনত ভ্যান মৰিছনৰ Into the Music, Earth, Wind & Fire, 1983 এলবাম Powerlight ইত্যাদি বিশেষভাৱে উল্লেখযোগ্য। জো হেণ্ডাৰছন, জেক ব্ৰুচ, টিটোৰ দৰে বৈচিত্ৰ্যময় শিল্পীৰ সৈতে সংগীতৰ ৰেকৰ্ডিং, ইয়াৰ উপৰিও হংকং চিম্ফনী (Hong Kong Symphony)আৰু নিউ অৰলিন্স চিম্ফনী(New Orleans Symphony) সৈতে সংগীতৰ অসাধাৰণ পৰিৱেশন আদি কৰ্মকাণ্ডই জাকিৰ হুছেইনক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনৰ পৰা উত্তৰণ ঘটাই আন্তৰ্জাতিক শিল্পী হিচাবে প্ৰতিষ্ঠা কৰিলে।
বিশ্ব সংগীতৰ মঞ্চত দেভ হলেণ্ডৰ লগত জাকিৰ হুছেইন
এজন তাবলা বাদক হিচাবেই নহয় সুৰকাৰ হিচাপেও তেওঁ দেশৰ সীমা অতিক্ৰম কৰা শিল্পীৰ এক উজ্জ্বল উদাহৰণ। বিদেশী চলচিত্ৰৰ সংগীত নিৰ্দেশক হিচাবে পৰিচিত জাকিৰ হুছেইন এজন মেধাৱী সুৰকাৰ। তেওঁ হিট এণ্ড ডাষ্ট (Heat and Dust )আৰু ইন.কাষ্টডিৰ(In Custody) দৰে ছবিৰ বাবে নেপথ্যৰ সংগীত স্ক’ৰ সম্পাদন কৰিছে। নৃত্য আৰু বিভিন্ন থিয়েটাৰ প্ৰডাকচনত বিস্তৰ অৰিহণা যোগাইছে, এইবোৰ সংগীত কৰ্মই তেওঁৰ বহুমুখী সৃষ্টিশীলতাৰ উদাহৰণ দাঙি ধৰে।
তবলাৰ ছন্দোময় শব্দৰ যোগেদি গল্প খোদিত কৰাৰ ক্ষমতাৰে জাকিৰ হুছেইনৰ কথোপকথন সংগীতে স্বতঃস্ফূৰ্ততাৰ স্ফুলিংগৰে বিশ্ব গুঞ্জৰিত হৈছিল আৰু সংগীতৰ স্বাভাৱিক গতিয়ে তেওঁৰ ব্যক্তিত্ব আৰু সংগীতৰ স্বৰূপ সংজ্ঞাবদ্ধ কৰিছিল। এই ছন্দৰ গতি বিশ্বৰ দশোদিশে বিয়পি পৰিছিল। সেই সৃষ্টিশীল প্ৰতিভাৰ শিখৰত উপনীত হৈ তেওঁ আন্তৰ্জাতিক সঙ্গীত মঞ্চৰ পৰা সাত বাৰ গ্ৰেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰি মুঠতে চাৰিটা গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
সংগীত, দৰ্শন, জৈৱিক সম্পৰ্ক বিষয়ক এটা সাক্ষাৎকাৰত জাকিৰ হছেইন
২০২৪ বৰ্ষত, ৬৬ তম বাৰ্ষিক গ্ৰেমী বঁটাত শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম, শ্ৰেষ্ঠ গ্ল’বেল মিউজিক পাৰফৰ্মেন্স আৰু শ্ৰেষ্ঠ সমসাময়িক বাদ্যযন্ত্ৰৰ এলবামৰ বাবে তেওঁ একেলগে তিনিটা গ্ৰেমী বঁটা আজুৰি আনিছিল আৰু একে বছৰতে তিনিটা গ্ৰেমী বঁটা লাভ কৰা ভাৰতৰ প্ৰথমজন সংগীতজ্ঞ হিচাপে পৰিগণিত হৈছিল। হুছেইনে বহু দেশী-বিদেশী বঁটা, সন্মানৰ উপৰিও এই স্বীকৃতি এইবাবেই উল্লেখযোগ্য যে বিশ্বৰ সংগীত সভাত বিশ্ব সংগীত (world music) ক প্ৰতিনিধিত্ব কৰি সংগীত সৃষ্টিৰ লগতে জটিল বহুসংস্কৃতিক সংগীত পৰিৱেশনৰ যোগেদি এই স্বীকৃতি আদায়েৰে এক অসাধাৰণ প্ৰতিভাৰ তথা বিশ্ব সংগীত (world music)ৰ ক্ষেত্ৰখনত তেওঁ এক বিস্ময়কৰ শিল্পীৰ স্বাক্ষৰ থৈ গৈছে।
ফিউচন সংগীত,জাকিৰ হুছেইন আৰু Shakti বেণ্ড : এটি সংক্ষিপ্ত আলোচনা
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/zakir-hussain-6.jpeg?resize=300%2C196&ssl=1)
১৯৭৩ চনত অৰ্থাৎ জাকিৰ হুছেইনৰ প্ৰায় ২১ বছৰ মান বয়সতেই আন্তৰ্জাতিক খ্যাতি লাভ কৰা Shakti বেণ্ডৰ যোগেদি জাকিৰ হুছেইনে দেশী-বিদেশী শিল্পীৰ লগহৈ এক নতুন সংগীতৰ জন্ম দিছিল। আজিৰ যুগত যি সংগীতক ফিউচন সংগীতেৰে নামাকৰণ কৰা হৈছে। বিংশ শতিকাতে জন্ম হোৱা এই অভিনৱ সংগীতৰ সম্পৰ্কে জাকিৰে কৈছে এনেদৰে –
“When Pandit Ravi Shankar and Yehudi Menuhin created music together it was called music, when Shakti came into existence it was called music… This category called fusion was a much later creation by music companies, because they needed categories to sell. And once the category was created there was a demand to produce more. That is when the organic need to have a conversation between two systems of music was lost. Fusion became confusion once it went on this road.”
১৯৭২-৭৩ চনত ফিউচন সংগীতৰ বাটকটীয়া shakti বেণ্ডটোৰ জন্মৰ প্ৰথম অৱস্থাত শিল্পী কেইজনৰ পৰিকল্পনাজনিত আলোচনা
Shakti বেণ্ডৰ সংগীত পৰিৱেশন
ইষ্ট-ৱেষ্ট সংগীতৰ মহামিলনৰ ফলত ৰবি শংকৰ আৰু ইহুদী মেনুহিনে চেতাৰ আৰু ভাইলিনৰ সংযোগত নতুন সংগীতৰ জন্ম দিছিল। ঠিক সেইদৰে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু জাজ সংগীতৰ মহামিলনত জাকিৰ হুছেইনহঁতে বিখ্যাত ব্ৰিটিছ জাজ গীটাৰ বাদক জন মেকলাফলিনৰ লগত Shakti বেণ্ডৰ যোগেদি ইণ্ডো-জাজ সংগীত সৃষ্টি কৰিছিল। এইদৰেই বিশ্ব সংগীতৰ এটা নতুন ধাৰাৰ জন্ম হৈছিল। Shakti বেণ্ডক বিশ্ব সংগীত (world music)ৰ ধাৰাটোৰ সফল সংযোজন আৰু বাটকটীয়া বুলি গণ্য কৰা হয়।
জাকিৰ হুছেইনে কৈছে আচলতে বজাৰে নিজৰ প্ৰয়োজনত ফিউচন সংগীতৰ নামাকৰণ কৰি আজি জনমানসত বিভ্ৰান্তিৰ জন্ম দিছে। জৈৱিক প্ৰয়োজনতেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতৰ মিলনত নতুন সংগীতৰ সৃষ্টি হ’ব পাৰে।
Shakti বেণ্ডৰ, Shakti নামটোৰ অৰ্থ আছিল creative intelligence, beauty & power। এই বেণ্ডটোৰ জন্ম হৈছিল কেইজনমান অসাধাৰণ সংগীত শিল্পীৰ সহযোগত। এই শিল্পী সকলৰ মিলনো এক সৃষ্টিশীল ঘটনা বুলিয়েই ক’ব পাৰি। সুদূৰ ইংলেণ্ডৰ খ্যাতিমান জেজ গীটাৰ বাদক জন মেকলাউফলিনে এদিন হঠাৎ দক্ষিণ ভাৰতীয় মন্দিৰত বজোৱা বাদ্যযন্ত্ৰ ঘটম আৱিষ্কাৰ কৰি ইমানেই আল্পুত হ’ল যে, পৰৱৰ্তী সময়ত তেওঁ দীৰ্ঘদিন ধৰি ভাৰতীয় শাস্ত্ৰীয় সংগীত অধ্যয়নত মনোনিৱেশ কৰিলে। ভাৰতীয় সংগীত অধ্যয়নৰ এই যাত্ৰাতেই তেওঁ লগ পালে জাকিৰ হুছেইনক, বিখ্যাত ঘটম বাদক টি এইচ বিনায়ক্ৰম -যি পৰবৰ্তী সময়ত ভিক্কু নামেৰে পৰিচিত আৰু বিশ্ব বিখ্যাত ভায়লিন বাদক লক্ষ্মীনাৰায়ণ শংকৰ, চমুকৈ এল শংকৰক। প্ৰতেকেজনেই নিজৰ সংগীতৰ ক্ষেত্ৰখনৰ বিকাশৰ স্বাৰ্থত নতুনৰ সন্ধানত ওলাই আহি পৰস্পৰে পৰস্পৰক আৱিষ্কাৰ কৰিছিল। সংগীতৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে Shakti বেণ্ডৰ প্ৰতিটো compositionৰ জন্ম হৈছিল। compositionবোৰৰ জন্মৰ আঁৰত মূলতঃ আছিল জন মেকলাফলিন, এল শংকৰ আৰু জাকিৰ হুছেইন। Shakti বেণ্ডটোৰ প্ৰত্যেকজন শিল্পীয়েই নিজৰ বাদ্যযন্ত্ৰত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল।
Shakti ৰ নতুনকৈ গঠিত বেণ্ড Remember Shakti ৰ এটা লাইভ অনুষ্ঠান
Shaktiৰ সংগীত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু জাজ সংগীতৰ এক উজ্জ্বল সংমিশ্ৰণ। জটিল সৃষ্টিশীল ছন্দ, অতি বুদ্ধিদীপ্ত অনুশীলনৰ মাজেৰে দুই ধাৰাৰ সংগীতৰ জটিল উন্নীতকৰণ (Improvisation)আৰু আৱেগিক গভীৰতাৰ দ্বাৰা Shaktiৰ compositionবোৰৰ জন্ম হৈছিল।
Shakti ৰ উল্লেখযোগ্য দুটামান সংগীত ৰচনা হৈছে – “Bridge of Sighs”, “The Daffodil and the Eagle”,”Mind Ecology”,”Joy”,”Lotus Feet”,”A Handful of Beauty”,”India” ইত্যাদি। এই প্ৰতিটো composition মোৰ উপলব্ধিত সদায় নতুন। এই compositionবোৰৰ মেলডি আৰু ছন্দৰ অসাধাৰণ বিচিত্ৰ অনুভৱ আৰু উপলব্ধিৰ গতিশীল উত্তাপে শ্ৰোতাক সাংগীতৰ মাধ্যমত এখন জটিল অথচ সুন্দৰ বাস্তৱ জীৱনৰ ছবি দাঙি ধৰে। প্ৰতিটো compositionত শিল্পীসকলৰ সৃষ্টিশীল অংশগ্ৰহণ অভাৱনীয়।
“জাকিৰ হুছেইন, এ লাইফ ইন মিউজিক” গ্ৰন্থৰ, সাক্ষাৎকাৰত হুছেইনে Shakti ৰ সংগীত সম্পৰ্কত কৈছে –
“Shakti is unique and unparalleled in the universe of music and it was probably the first group of its kind to have explored, without limit, the one salient feature that is common in Indian music and jazz-and that is improvisation.”
জাকিৰ হুছেইনে ওপৰৰ বক্তব্যত কোৱা -এই যে সীমাহীন সংগীতৰ উন্নীতকৰণ- improvisation, আৰু তাৰ লগেলগে থাকে স্বাতঃস্ফুৰ্ত (spontaneous) উন্নীতকৰণ, Shaktiৰ সংগীতৰ অন্যতম মৌলিক বৈশিষ্ট্য।
এই সংগীত সম্ভৱ কৰি তুলিছে জাজ সংগীতৰ লগতে ভাৰতীয় সংগীতৰ ওপৰতো দক্ষতা থকা বহু মাত্ৰিক গীটাৰ বাদক জন মেকলাউফলিন আৰু কৰ্ণাটকি সংগীতৰ লগতে জাজ হাৰমনিৰ ওপৰতো দক্ষ ভাইলিন বাদক এল শংকৰৰ সংগীতৰ জটিল অথচ সৃষ্টিশীল শ্ৰুতিমধুৰ সংগীত নিৰ্দেশনা তথা পৰিৱেশনাই। আনহাতে Shaktiৰ সংগীতৰ তাল (Rhythm)ৰ ক্ষেত্ৰত ভিক্কুৰ দক্ষিণ ভাৰতীয় আৰু হুছেইনৰ উত্তৰ ভাৰতীয় বৈশিষ্ট্যৰ সংমিশ্ৰণে ভাৰতীয় সামন্তীয় সংস্কৃতিৰ সীমা চেৰাই বিশ্ব সংগীতৰ ছন্দ নিৰ্মাণত বিশেষ অৰিহণা যোগাইছে।
“Shakti” ৰ সংগীত শৈলী আৰু ৰচনা (Composition)বোৰৰ মূল উপাদান হৈছে জটিল ছন্দ, নিৰৱচ্ছিন্নভাবে সংগীত উন্নীতকৰণ (Improvisation), সুৰীয়া অন্বেষণ, পাৰ্কাচনৰ উদ্ভাৱনি আৰু গতিশীল ৰচনা (dynamic composition)। এই উপাদান সমূহে Shaktiৰ সংগীতক অনন্য সুন্দৰ কৰি তুলিছে। Shaktiৰ প্ৰতিটো ৰচনাতে বুদ্ধিদীপ্ত সৃষ্টিৰ উমান পোৱা যায়। ইয়াৰ প্ৰতিটো compositionএ সুন্দৰ সাংগীতিক শক্তিৰ অনুভৱৰ লগতে এক গতিশীল ছন্দই শ্ৰোতাক যেন প্ৰতি নিয়ত নতুনৰ সন্ধান দিয়ে।
প্ৰথমৰ Shakti বেণ্ডৰ এলবাম কেইটা আছিল –
১. Shakti with John McLaughlin (1976)
২. A Handful of Beauty (1977)
৩. Natural Elements (1977)
১৯৯৭ চনত জন মেকলফলিন আৰু জাকিৰ হুছেইনে Shakti বেণ্ডটো Remember Shakti নামেৰে পুনৰ সজালে। এই নতুন সন্মিলনত তিনিজন নতুন ভাৰতীয় সংগীত শিল্পীৰ আগমন ঘটিল। তেওঁলোক হৈছে মেণ্ডলিন বাদক শ্ৰীনিবাস (Srinivas), ভিক্কুৰ পুত্ৰ, ঘটম বাদক ভি চিলভাগণেশ (V. Selvaganesh) আৰু কণ্ঠ শিল্পী শংকৰ মহাদেৱন (Shankar Mahadevan)।
জাকিৰ হুছেইনে Shaktiৰ সংগীতক প্ৰেমৰ সাধনা (labor of love) আৰু সংগীতৰ সাৰ্বজনীন ভাষাৰ প্ৰমাণ বুলি অভিহিত কৰিছে। সংগীতৰ এই compositionবোৰ শুনিলে এই ধাৰণাই উপলব্ধ হয়। হুছেইনৰ বাবে Shakti নামৰ শিল্পীৰ এই গোটটো কেৱল এটা বেণ্ড নহয়, বৰঞ্চ বিভিন্ন সংস্কৃতিয়ে কেনেকৈ সহাৱস্থান কৰি অসাধাৰণ কিবা এটা সৃষ্টি কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ। Shaktiত তেওঁৰ ভূমিকাই সংগীতক এক ঐক্যবদ্ধ শক্তি হিচাবে তেওঁৰ বিশ্বাসক প্ৰতিষ্ঠা কৰে, যিয়ে বিভিন্ন সাংস্কৃতিক বাধাসমূহ ভাঙি বুজাবুজিৰ পোষকতা কৰিবলৈ সক্ষম।
জাকিৰ হুছেইন আৰু Planet Drum :এটি টোকা
![](https://i0.wp.com/muktosinta.org/wp-content/uploads/2025/02/Zakir-9.jpeg?resize=300%2C200&ssl=1)
Planet Drumৰ হৈছে বিশ্ববিখ্যাত পাৰ্কাচনিষ্ট আৰু মিউজিকলজিষ্ট, বিখ্যাত ৰক বেণ্ড Grateful Deadৰ ড্ৰাম বাদক মিকি হাৰ্টৰ বিশ্ব সংগীতৰ এটা এলবাম। এই সংগীত এলবামটো নিৰ্মাণ কৰা হৈছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পাৰ্কাচনিষ্টৰ ড্ৰাম সংগীতেৰে। তেওঁলোকৰ বিভিন্ন সংগীত শৈলী আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে এক নতুন বিশ্ব সংগীতৰ জন্ম দিয়াই আছিল ইয়াৰ উদ্দেশ্য। ১৯৭৪-৭৫ বৰ্ষত মিকি হাৰ্টৰ এই সংগীত প্ৰকল্পত জাকিৰ হুছেইনৰ বিশেষ অৱদান আছিল। জাকিৰ হুছেইনে প্ৰথমে মিকি হাৰ্টৰ লগত Diga Rhythm নামেৰে এটা বেণ্ড গঠন কৰি Diga নামৰ এটা এলবাম উলিয়াইছিল। এই এলবামটো বিশ্বৰ বহু দেশৰ ড্ৰামাৰ লগ হৈ নিৰ্মাণ কৰা ড্ৰাম সংগীতৰ প্ৰথম সৃষ্টি। ইয়াত অংশ গ্ৰহণ কৰিছিল ইণ্ডিয়া, USA, মধ্যপ্ৰাচ্য, লেটিন আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ কিছু অংশ শিল্পী। ইয়াৰ আগতে এনে চিন্তা বিশ্বৰ ক’তো হোৱা নাছিল। মিকি হাৰ্ট আৰু জাকিৰ হুছেইনৰ এই সম্পৰ্কৰ মাজেৰেই কিছুদিনৰ পাছৰ বিশ্বৰ বহু পাৰ্কাচনিষ্ট লগ হৈ বিখ্যাত Planet Drum প্ৰকল্পৰ সূচনা হয়।
মিকি হাৰ্টৰ সংগীত প্ৰকল্পৰ ধাৰণা দিছে জাকিৰ হুছেইনে
মিকি হাৰ্ট আৰু জাকিৰ হুছেইনৰ Planet Drum প্ৰকল্পৰ নেপথ্যৰ মূল ধাৰণাটোৰ সম্পৰ্কত জাকিৰ হুছেইনে “জাকিৰ হুছেইন, এ লাইফ ইন মিউজিক” গ্ৰন্থৰ, এক বিশেষ সাক্ষাৎকাৰত কৈছে এনেদৰে –
“We all believed that this planet is a rhythm planet. So, the idea was to show that rhythm is in everything, and even the earth revolves around its axis at a particular rhythm; the solar system works in rhythm-the whole idea was rhythm.”
মিকি হাৰ্ট আৰু জাকিৰ হুছেইনৰ Planet Drum প্ৰকল্পৰ বিষয়ে
Planet Drum ৰ লাইভ অনুষ্ঠানত মিকি হাৰ্ট আৰু জাকিৰ হুছেইন
এই মূল নীতিৰ উপৰত ভিত্তি কৰি মিকি হাৰ্ট আৰু জাকিৰ হুছেইনৰ যুটীয়া প্ৰযোজনা আৰু নিৰ্দেশনাত প্ৰথমটো এলবাম ১৯৯২ চনত মুক্তি লাভ কৰে। এই এলবামটোৱে প্ৰথমবাৰৰ বাবে ঘোষণা কৰা বিশ্ব সংগীতৰ কেটেগৰিত গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। বিশ্ব সংগীতৰ ক্ষেত্ৰখনত Planet Drum ৰ সংগীতে কম সময়ৰ ভিতৰতে মিলিয়ন সংখ্যক ৰেকৰ্ড বিক্ৰীৰে অভিলেখ সৃষ্টি কৰে। Planet Drum ৰ সংগীত বিশ্বৰ প্ৰথম বিশুদ্ধ Rhythm নিৰ্ভৰ সংগীত হিচাবে প্ৰতিষ্ঠা হল আৰু সংগীতৰ এক নতুন ধাৰণাৰ জন্ম দিলে। পৰবৰ্তী সময়ত Planet Drum প্ৰকল্পৰ অনুকৰণত The Global Drum project আৰম্ভ হয়।এজন পাৰ্কাচনিষ্ট হিচাবে বিশ্বৰ সংগীত সভাত জাকিৰ হুছেইনৰ এই অবদান সদায় স্মৰণীয় হৈ ৰব।
ৰাজনৈতিক দৃষ্টিকোণ আৰু জাকিৰ হুছেইনৰ সংগীত:
শৈশৱৰ পৰা দৈনন্দিন কৰ্মসূচি হিচাপে কাহিলি পুৱাতে, হিন্দু ধৰ্মৰ শিক্ষাৰ আৰাধ্য দেৱী সৰস্বতী বন্দনাৰ যোগেদি ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ তালিম, সংগীতৰ পাঠ শেষ কৰি মজজিদত পবিত্ৰ কোৰানৰ আয়াত, তাৰ ঠিক পাছতে কেথলিক স্কুলত বাইবেলৰ গীত গাই স্কুলৰ পাঠ আৰম্ভ। প্ৰতিদিন এই কাৰ্যক্ৰমনিকাৰ ছন্দৰ মাজেৰে শিক্ষা জীৱনৰ প্ৰতিটো দিন পাৰ কৰি ডাঙৰ হোৱা জাকিৰ হুছেইনৰ সংগীত সত্তাই যেন, অনক্যৰ মাজত গঢ় লৈ উঠা ভাৰতীয় সাংস্কৃতিক ঐক্যৰ ছন্দময় শিল্পক (rhythmic art) গভীৰ ৰূপত ধাৰণ কৰিছিল।পৰবৰ্তী সময়ত তেওঁৰ সংগীতৰ প্ৰতিটো সৃষ্টিত মাজত তাৰেই ছন্দ (rhythm) প্ৰতিধ্বনিত হৈছিল। সেই ছন্দৰ বিস্তাৰিত ৰূপে বিশ্ব সংগীতৰ (World music) জগতখন সমৃদ্ধ কৰিছিল।
জাকিৰ হুছেইনৰ সংগীত চৰ্চাৰ লগত জড়িত ৰাজনৈতিক দিশ বিচাৰ কৰিবলৈ যোৱাটো বহুতৰ বাবে হাস্যকৰ হব পাৰে। কাৰণ তেওঁ প্ৰত্যক্ষভাৱে কোনো ৰাজনৈতিক দৰ্শনৰ পোষকতা কৰা নাছিল। অথবা সংগীতক পোনপটীয়াকৈ ৰাজনৈতিক কৰ্মকাণ্ডৰ হাঠিয়াৰ হিচাবে ব্যবহাৰ কৰা নাছিল।
কিন্তু জাকিৰ হুছেইনৰ দৰে এজন সৎ উৎসৰ্গিত সাংস্কৃতিক কৰ্মীৰ ক্ষেত্ৰত অধাৰিতভাবে, প্ৰকাশ্য ৰাজনৈতিক কাৰ্যতকৈ তেওঁৰ কৰ্মকাণ্ডৰ বহল দাৰ্শনিক দৃষ্টিভংগী আৰু মূল্যবোধৰ দ্বাৰা সাংস্কৃতিক বিনিময়, ব্যক্তিগত স্বাধীনতা আৰু সামাজিক অন্তৰ্ভুক্তিৰ বাবে তেওঁৰ পোষকতাৰ লগতে সংগীতৰ সাৰ্বজনীনতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই তেওঁক সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন প্ৰগতিশীল ব্যক্তি হিচাপে স্থান দিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতৰ মাজত সংযোগ তথা সমন্বয় সাধনৰ যোগেদি তেওঁ সংগীত শিল্পৰ মাধ্যমত বিশ্ব ভাতৃত্ব গঢ় দিয়াত বিশেষ ভূমিকা পালন কৰিছে। জাজ সংগীত, মধ্য প্ৰাচ্যৰ লোকসঙ্গীত, ফিউচন সংগীত, চিম্ফণী সংগীত, নৃত্য সংগীত, দেশী-বিদেশী চলচিত্ৰ সংগীত, আদি বিভিন্ন বিধৰ সংগীতৰ মাজত ভাৰতীয় সংগীতৰ সৈতে সেতু নিৰ্মাণ কৰাৰ লগতে সাংস্কৃতিক বিনিময় আৰু সংশ্লেষণৰ মাজেৰে নতুন সংগীত সৃষ্টিৰ বাট মুকলি কৰিছিল। ইয়াৰ উপৰিও সংগীত বিষয়ৰ অধ্যাপনা, কৰ্মশালা, বিভিন্ন অনুষ্ঠানত সংগীত বিষয়ক বক্তৃতা আদিৰে তেওঁ সংগীত বিষয়টোক নতুন মাত্ৰা প্ৰদান কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সামন্তীয় ঘাড়ানা সংস্কৃতিক তেওঁ সহজে গ্ৰহণ কৰা নাছিল।
প্ৰকাশ্যে বা প্ৰত্যক্ষভাবে ৰাজনৈতিক নহ’লেও তেওঁৰ কামে জাতীয়তাবাদ, সমাজৰ বিভাজন আৰু সংস্কৃতিৰ প্ৰান্তীয়কৰণৰ প্ৰতি সূক্ষ্ম প্ৰতিৰোধ প্ৰতিফলিত কৰে। যাৰ ফলত তেওঁ এনে এজন প্ৰভাৱশালী ব্যক্তি হৈ পৰিছে যি নিজৰ মঞ্চ ব্যৱহাৰ কৰি বিশ্বজনীন সমন্বয়, আৰু মানৱ সংযোগক প্ৰসাৰিত কৰাৰ লগতে মানৱতাৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা পালন কৰিছিল।
সামৰণি:
এবাৰ কোনো এটা সাক্ষাৎকাৰ প্ৰসংগত বিশ্বৰ বহু প্ৰান্তত সংগীত পৰিবেশন কৰি ঘূৰিফুৰা জাকিৰ হুছেইনৰ আটাইতকৈ স্মৰণীয় ভ্ৰমণৰ কথা সোধোতে তেওঁ উত্তৰত কৈছিল গ্ৰীণ ৰুমৰ পৰা ষ্টেজলৈ অহা পথ চোৱাই মোৰ আটাইতকৈ ভাল লগা ভ্ৰমণ। নিজৰ শিল্পৰ প্ৰতি দায়িত্ব আৰু কৰ্ম নিষ্ঠাৰ প্ৰতীক স্বৰূপ জাকিৰ হুছেইনৰ দৰে শিল্পীয়েহে এনে উত্তৰ দিব পাৰে! ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাষ্ট্ৰদূত; বিশ্বৰ সংগীত সভাত অসামান্য সাংগীতিক প্ৰতিভাৰ চানেকি দাঙি ধৰা এই শিল্পী জাকিৰ হুছেইন ভাৰতৰ গৰ্ব। নিজৰ বিষয়ৰ চৰ্চাক জীৱনৰ লগত পৰিপূৰক ভাবে সংযুক্ত কৰি অৰ্থ দান কৰাৰ লগতে বহুজনৰ মন জয় কৰি বিশ্বৰ সংগীত জগতলৈ অবিস্মৰণীয় অবদান দি যোৱা বিশ্ব সংগীত শিল্পী জাকিৰ হুছেইন সদায় আমাৰ স্মৰণীয় হৈ থাকিব।
এই মহৎ শিল্পী সত্তালৈ মুক্ত চিন্তাৰ মঞ্চৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।
তথ্য সূত্ৰ :
১. Zakir Hussain Interview: The Instrument Is Alive। Interviewer: Michael Robinson 1 March 1999 at Midnight
২. The 96-Hour Jam: Zakir Hussain on His Adventures with Planet Drum, Shakti and Jerry Garcia. by Dean Budnick on September 9, 2022
৩. ZAKIR HUSSAIN, A Life in Music In Conversation with Nasreen Munni Kabir
৪. Zakir Hussain (1951-2024): Recollections of the tabla maestro—musical and personal. By. Deepa Ganesh
৫. Ustad Zakir Hussain: The Timeless Rhythm of a Maestro. By SANJAY PANDITA
৬. যে সাধকের আঙুলের স্পর্শ সৃষ্টি করত তবলার মহাকাল – রঞ্জন বন্দ্যোপাধ্যায়
৭. শুধু শিল্পী নন, অসাধারণ মানুষ, যাঁর সান্নিধ্যে আমার জীবন ধন্য। – তেজেন্দ্রনারায়ণ মজুমদার
৮. গ্রিনরুম থেকে স্টেজ, এই যৎসামান্য পথটুকুই উস্তাদ জাকির হুসেনের জীবনের সুন্দরতম সফর- শ্রীজাত
৯. Zakir Hussain, who beat a syncretic rhythm, no more. By ANUJ KUMAR.
১০.A tribute to Zakir Hussain: The hands that played our hearts. By Bijayani Mishra.
১১. A Rhythmic Journey: The Life And Legacy Of Zakir Hussain, Edited by:Amit Chaturvedi, NDTV,Dec 20, 2024 .
১২. Zakir Hussain (1951-2024): Tabla maestro who believed in universality of music and humanity. By Suhrid Sankar Chattopadhyay.
১৩. Zakir Hussain, cultural icon and tabla maestro, leaves behind six decades of boundary-breaking music. From Frontline News Desk
১৪. Master of rhythm by PARTHA CHATTERJEE
১৫. Ustad Zakir Hussain: The rhythm of a lifetime silenced, but his legacy beats on. By Paramita Ghosh
১৬. Wikipedia
১৭. YouTube video
১৮. https://zakirhussain.com/
১৯. Tabla Beat Science
২০. Zakir Hussain on Embodying Your Music. By Bryan Parys
২১. Zakir Hussain – A Tribute by Jerry Leake .
২২. The heart beat of music: Exploring the importance of Rhythm. By Mdlbeast
২৩. How rhythm shapes our lives by Nina Kraus ,27 May 2023 , BBC
২৪. Structure and Interpretation of Rhythm in Music. by Henkjan Honing, University of Amsterdam.
২৫. Rhythm and Raga, Learn the basics of Indian music. https://www.kennedy-center.org/
২৬. The Extraordinary Ways Rhythm Shapes Our Lives by Nina Kraus.