উইংছ অব্ ফিজিক্স ।। ভাৰ্গৱ বৰঠাকুৰ
প্রাচীনকালৰে পৰা মানুহে আকাশত উৰাৰ কথা চিন্তা কৰিছিল। ভিন্ন দেশৰ ভিন্ন পৌৰাণিক আখ্যানবোৰতো মানুহে আকাশত উৰিবলৈ কৰা আকাংক্ষাৰ কথা জনা যায়। গতিকে এনেবোৰ কথা কাল্পনিক কাহিনী বা আখ্যান হ’লেও সেইবোৰে যে মানুহক আকাশত উৰিবলৈ অনুপ্রাণিত কৰিছিল অথবা মানুহৰ আকাশত উৰাৰ যি বাসনা, ই যে বহু পুৰণি তাৰ সাক্ষ্যবহন কৰে। অৱশ্যে আমাৰ দেশত এতিয়া ‘পুষ্পক ৰথ’ৰ দৰে এনেবোৰ কাল্পনিক কাহিনী বা আখ্যানবোৰকে ছদ্মবিজ্ঞানৰ এপ্ৰ’ন পিন্ধোৱাই ‘হিন্দু জাতীয়তাবাদৰ’ যি প্ৰৱণতা সৃষ্টি কৰা হৈছে ই অতি দুৰ্ভাগ্যজনক। য’ত বিজ্ঞানৰ সাৰ্বজনীন চৰ্তসমূহো প্ৰযোজ্য নহয়। বিজ্ঞানৰ লক্ষ্যই হ’ল অন্বেষণ। এই লক্ষ্যটো কাৰ্যত পৰিণত হয় এচাম অনুসন্ধিৎসু মানুহৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু বিভিন্ন পৰীক্ষাৰ যোগেদি। বিজ্ঞানৰ অলেখ চমৎকাৰী অৱদানসমূহৰ মাজত উৰাজাহাজো অন্যতম! আধুনিক বিজ্ঞানত উৰাজাহাজৰ উদ্ভাৱনৰ কাহিনীয়েই হয়তো আটাইতকৈ বিস্ময়কৰ আৰু ৰোমাঞ্চকৰ। বায়ুতকৈ গধুৰ ইমান বিশাল যন্ত্ৰটো আকাশত উৰে কেনেকৈ! উৰাজাহাজত যেতিয়াই উঠো বিজ্ঞানৰ যুগান্তকাৰী উদ্ভাৱনে সদায়ে আমাক বিস্মৃত কৰি তোলে!
উৰাজাহাজ এখন উৰিবলৈ বিশেষ চাৰিটা বলৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ প্ৰয়োজন। সেই চাৰিটা বল হৈছে অতিক্ষেপ (Thurst ), উত্তোলন বল( Lift force), কৰ্ষণ বল(Drag force) আৰু পৃথিৱীৰ মধ্যাকৰ্ষণৰ বল বা উৰাজাহাজখনৰ ওজন। বায়ুমণ্ডলৰ দ্বাৰা সৃষ্ট ঘৰ্ষণে কৰ্ষণ বলৰ উৎপন্ন কৰে। উৰাজাহাজৰ ইঞ্জিন কেইটাই অতিক্ষেপ বলৰ উৎপন্ন কৰে। উত্তোলন বল হৈছে ওজন বা পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বিপৰীত বল। গতিকে উৰাজাহাজ এখনৰ নিজৰ ওজনতকৈ অধিক উত্তোলন বল উৎপন্ন কৰিব পাৰিলেহে ই আকাশত উৰি থাকিব পাৰিব। ঠিক সেইদৰে উৰাজাহাজ এখন আকাশত উৰি থাকিবলৈ ইঞ্জিনসৃষ্ট অতিক্ষেপ বল ইয়াৰ কৰ্ষণ বলতকৈ অধিক হোৱা দৰকাৰ। এই চাৰিওটা বলক কিদৰে সঠিক ৰূপত সন্তুলন কৰি ইমান বিশাল ওজনৰ উৰাজাহাজ এখন আকাশত কেনেদৰে উৰিব পাৰে জানো আহক।
উৰাজাহাজ এখন কেনেকৈ উৰে তাৰ আঁৰৰ বিজ্ঞান জনাৰ আগতে উৰাজাহাজৰ মূল অংশ কেইটাৰ নাম জানি লওঁচোন আহক। এই নামকেইটা পাছলৈও সঘনে উল্লেখ কৰা হ’ব। উৰাজাহাজৰ আগৰ অংশক নাক(Nose) বোলা হয় (চিত্ৰ-১ চাওক)। ঠিক মাজৰ অংশত দুখন পাখি(Wings) থাকে, সেই পাখিৰ তলতেই উৰাজাহাজৰ ইঞ্জিন দুটা( কিছুমানত চাৰিটা ইঞ্জিন) লগোৱা হয়। পাখি দুখনৰ পাছফালে ফ্লেপ (Flap) আৰু আগৰফালে শ্লেট (Slat) নামেৰে লৰচৰ কৰিব পৰা কিছু যান্ত্ৰিক অংশ থাকে। উৰাজাহাজৰ শেষৰ অংশক টেইল (Tail) বোলা হয়। ‘টেইল’ত ঠিয়কৈ থকা অংশটোক ৰ’ডাৰ (Rudder) বুলি কোৱা হয়। ৰ’ডাৰৰ সহায়ত উৰাজাহাজখনে সোঁফালে বা বাওঁফালে দিশ সলনি কৰিব পাৰে। আৰু ৰ’ডাৰৰ তলতে দুয়োফালে ৰ’ডাৰৰ লগত প্ৰায় নব্বৈ ডিগ্ৰী কোণ কৰি থকা পাখিৰ নিচিনা দুখন হৈছে এলিভেটৰ (Elevator)। ইয়াক পাইলটে প্ৰয়োজন অনুসৰি প্ৰায় ১৮০ ডিগ্ৰীকৈ তল-ওপৰ কৰিব পাৰে। এই বিশেষ যন্ত্ৰবোৰৰ বিশেষ কিছুমান কাম আছে। লাহে লাহে আমি এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম।
চিত্ৰ:১
আপোনালোকে হয়তো মন কৰিছে চলন্ত গাড়ীৰ বাহিৰলৈ অলপ বেঁকাকৈ(চিত্ৰ-২ চাওক )হাত এখন উলিয়াই দিলে কিদৰে হাতখন অলপ ওপৰলৈ উঠিবলৈ চেষ্টা কৰে। গাড়ীখনৰ বেগ বঢ়াই যদি হাতখন আৰু অলপ কোণীয়াকৈ বেঁকা কৰি দিয়া হয়, মন কৰিব হাতখন আৰু অলপ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব। যিহেতু গাড়ীখন এটা বেগত গৈ আছে, গতিকে বায়ুমণ্ডলৰ কণিকাবোৰেও বাহিৰলৈ কোণীয়াকৈ ওলিয়াই থোৱা হাতখনত খুব বেগত খুন্দিয়াই তললৈ হেঁচা দিব আৰু ঠিক একেদৰে বায়ুমণ্ডলৰ কণিকাবোৰও হাতখনক সিমান জোৰেৰে ওপৰলৈ ঠেলিবলৈ চেষ্টা কৰিব। গাড়ীখনৰ গতি যিমান বেছি হ’ব সিমান বেগেৰে বায়ু কণিকাই হাতখনত খুন্দিয়াই তললৈ যাব আৰু নিউটনৰ তৃতীয় গতিসূত্ৰ অনুসৰি সেই একেই বলেৰে হাতখনৰ ওপৰতো ওপৰমোৱা বলৰ প্ৰয়োগ কৰিব। যাৰ ফলত হাতখনো আপোনাআপুনি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব।
চিত্ৰ:২
উৰাজাহাজৰ ইঞ্জিনটো মূলতঃ উচ্চ ক্ষমতাসম্পন্ন কম্প্ৰেছৰ আৰু টাৰবাইনৰ সংমিশ্ৰণ। নিউটনৰ তৃতীয় গতি সূত্ৰৰ নিয়ম অনুসৰি উচ্চঘনত্বযুক্ত বায়ুৰ সৈতে জ্বলনশীল ইন্ধনৰ অন্তদহন ঘটোৱোৰ ফলত উৎপন্ন হোৱা গেছে বায়ুমণ্ডলৰ ওপৰত যি হেঁচা প্ৰয়োগ কৰে তাৰ প্ৰতিক্ৰিয়াতেই ই উৰাজাহাজখনকো সন্মূখলৈ ঠেলি(অতিক্ষেপ বল)দিয়ে। উৰাজাহাজৰ ইঞ্জিন কেইটাই কেৱল আগলৈহে ঠেলিব পাৰে, কিন্তু মাটিৰ পৰা ওপৰলৈ উঠাবলৈ উত্তোলন বল উৎপন্ন কৰিব নোৱাৰে। এই উত্তোলন বলৰ বাবে প্ৰয়োজন হয় উৰাজাহাজৰ পাখি দুখন। উৰাজাহাজৰ পাখি দুখনেই আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। বায়ুগতি বিজ্ঞানৰ (Aerodynamics) পদ্ধতিৰে ডিজাইন কৰা পাখিবোৰক এৰ’ফইল (aerofoil) বোলা হয়( চিত্ৰ-৪,৫ চাওক)। এখন বিশাল উৰাজাহাজ ভূপৃষ্ঠৰ পৰা ওপৰলৈ উঠিবলৈ বহু শক্তিৰ প্ৰয়োজন হয়। অৰ্থাৎ বহু পৰিমাণৰ উত্তোলন বলৰ প্ৰয়োজন হয়। এই জটিল পদাৰ্থবিজ্ঞানৰ কথাবোৰ কোনো গাণিতিক সূত্ৰৰ প্ৰয়োগ নকৰাকৈ আমি সাধাৰণভাৱেই বুজিবলৈ চেষ্টা কৰিম। উৰাজাহাজ এখন উৰি থাকিবলৈ বিজ্ঞানৰ মূলতঃ দুটা সিদ্ধান্তই কাম কৰে। প্ৰথমটো নিউটনৰ তৃতীয় গতিসূত্ৰ আৰু আনটো বাৰ্ণলীৰ সিদ্ধান্ত। উৰাজাহাজ এখনে উত্তোলন বলনো কেনেকৈ উৎপন্ন কৰে তাৰ আঁৰৰ বিজ্ঞানক আমি দুইধৰণে বুজিবলৈ চেষ্টা কৰিম।
উৰাজাহাজত ভ্ৰমণ কৰাসকলে নিশ্চয় মন কৰিছে চাগৈ টেক-অফ্ (Takeoff)-ৰ সময়ত পাইলটে উৰাজাহাজৰ পাখি দুখনৰ ঠিক পাছফালে থকা কিছু অংশ পিছলৈ বেঁকাকৈ মেলি দিয়ে আৰু আগফালে থকা কিছু অংশ আগলৈ বেঁকাকৈ বঢ়াই দিয়ে। পাছলৈ মেলি দিয়া অংশক ‘ফ্লেপ’ বোলা হয় আৰু আগলৈ বঢ়াই দিয়া অংশক ‘শ্লেট’ বোলা হয়। এইদৰে পাখি দুখন ধেনুভিৰিয়াকৈ মেলি দিলে পাইলটৰ বাবে দুটা সুবিধা হয়- পাখি দুখনৰ কালি(Surface area) আৰু স্পৰ্শ কোণ (Angle of Contact) বাঢ়ি যায়(চিত্ৰ-৩ চাওক)। সঠিকভাৱে উত্তোলন বল উৎপন্ন কৰিবৰ বাবেই ইয়াক এনেদৰে মেলি দিয়া হয়। কেৱল পাখি দুখন এনেদৰে মেলি দিলেই তৎক্ষণাৎ এই বলৰ উৎপন্ন নহয়। ইয়াৰ লগতে লাগিব সঠিক গতিবেগ। যাৰ বাবে উৰাজাহাজ এখন ৰানৱেত বহুদূৰ এক নিৰ্দিষ্ট বেগেৰ যাবলগীয়া হয়। ওপৰত গাড়ীখনৰ বাহিৰলৈ হাত উলিয়াবলৈ দিয়া উদাহৰণটোৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে। কথাটো এনেধৰণৰ উৰাজাহাজখন ৰানৱেত যিমান জোৰেৰে বেগাই যাব বায়ুমণ্ডলৰ কণিকায়ো কোণীয়াকৈ(বেঁকাকৈ)থকা পাখিৰ তলৰ অংশত খুন্দিয়াই তললৈ গতি কৰিব আৰু তাৰ প্ৰতিক্ৰিয়াৰূপে সমান পৰিমাণৰ উত্তোলন বলৰ উৎপন্ন কৰাব। অৰ্থাৎ যিমান জোৰেৰে উৰাজাহাজৰ পাখি দুখনে বায়ুমণ্ডলৰ কণিকাবোৰক তললৈ হেঁচিব ইয়ো সিমান জোৰেৰে ওপৰলৈ উত্তোলন বল প্ৰয়োগ কৰিব। কাৰণ নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি আমি জানো যে দুটা বস্তুৰ মাজৰ বলৰ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়াৰ পাৰস্পৰিক মান সমান, সমৰৈখিক আৰু বিপৰীতমুখী। সেয়েহে উৰাজাহাজৰ বেগ আৰু পাখিবোৰৰ স্পৰ্শ কোণৰ মান যিমান বাঢ়িব উত্তোলন বলৰ পৰিমাণো সিমান বৃদ্ধি হ’ব। সেইবাবেই টেক-অফৰ সময়ত উৰাজাহাজ এখন অধিক বেগেৰে ৰানৱেত বেগাই যাবলগীয়া হয় যাতে পৰ্য্যাপ্ত উত্তোলন বলৰ উৎপন্ন কৰি ওপৰলৈ উঠিব পাৰে। অৱশ্যে ৰানৱেৰ দৈৰ্ঘ্য অনুসৰি পাইলটে উৰাজাহাজৰ বেগ আৰু স্পৰ্শ কোণৰ মান সালসলনি কৰিব পাৰে।
চিত্ৰ:৩
ওপৰত উল্লেখিত উত্তোলন বল উৎপন্নৰ পৰিঘটনাটো বাৰ্ণলীৰ সিদ্ধান্তৰ পৰাও বুজিব পাৰি। ডেনিয়েল বাৰ্ণলী এজন চুইজাৰলেণ্ডৰ গণিতজ্ঞ তথা পদাৰ্থবিদ। বাৰ্ণলীৰ সিদ্ধান্ত অনুসৰি তৰলৰ বেগ বাঢ়ি গ’লে চাপ কমি যায় আৰু তৰলৰ বেগ কমি গ’লে চাপ কমি যায়। আমি ইতিমধ্যে কৈ আহিছোঁ যে উৰাজাহাজৰ পাখিবোৰ বিশেষধৰণে ডিজাইন কৰা হয়। যাক এৰ’ফইল (aerofoil) বোলা হয়(চিত্ৰ-৪,৫ চাওক)। এৰ’ফইলবোৰ এনেদৰে সজা হয় যাতে ওপৰৰ পৃষ্ঠতকৈ তলৰ অংশ সামান্য বেঁকা কৰি ৰখা হয়। যাতে এৰ’ফইলৰ তলৰ পৃষ্ঠতকৈ ওপৰৰ পৃষ্ঠয়েদি বায়ুৰ গতিবেগ বৃদ্ধি পায়।
চিত্ৰ:৪
চিত্ৰ-৫
গতিকে টেক-অফৰ সময়ত উৰাজাহাজখন ৰানৱেত বেগাই যাওঁতে বেঁকাকৈ পাছলৈ মেলি দিয়া পাখিৰ ওপৰেদি তলৰ অংশতকৈ অধিক বেগেৰে বায়ু বাগৰি যাব আৰু সমান্তৰালকৈ তাৰ চাৰিওকাষৰ চাপ কমি যাব। কিন্তু তলৰ পৃষ্ঠত কথাটো ওলোটা হ’ব। কাৰণ তলৰ অংশ সামান্য বেঁকা হোৱা বাবে ওপৰতকৈ তুলনামূলকভাৱে বায়ুৰ বেগ কমি যাব আৰু চাৰিওকাষৰ চাপ বাঢ়ি যাব। পাখিৰ ওপৰৰ ফালে চাপ কম আৰু তলৰফালে চাপ বেছি হোৱা মানে উৰিবৰ বাবে প্ৰয়োজনীয় লিফ্ট বা উত্তোলন বলৰ উৎপন্ন কৰিব। উৰাজাহাজখন ৰানৱেত যিমান জোৰেৰে দৌৰিব পাখিৰ ওপৰ আৰু তলৰ অংশত সিমানেই চাপৰ তাৰতম্য ঘটিব আৰু মাটিৰ পৰা ওপৰলৈ উঠিবলৈ প্ৰয়োজনীয় উত্তোলন বলৰ উৎপন্ন হ’ব। সমান্তৰালকৈ পাইলটে এইখিনিতে এটা অভিনৱ কৌশল অৱলম্বন কৰে। ওপৰত উল্লেখ কৰাৰ দৰে ইয়াত উৰাজাহাজৰ ‘টেইল’ অংশত থকা ‘এলিভেট’ৰ নামৰ যান্ত্ৰিক সজুঁলিবিধৰ গুৰুত্বপূৰ্ণ ভূমিকা আহি পৰে। বিভিন্ন চিনেমা বা কাৰ্টুনত দেখুওৱা আপোনালোকে হয়তো মন কৰিছে, টেক-অফৰ সময়ত পাইলটে ষ্টেৰিঙৰ দৰে লিভাৰ এডাল পাছলৈ জোৰে টানি নি থাকে। ইয়াৰ উদ্দেশ্য ‘এলিভেট’ৰ অংশক ওপৰলৈ নব্বৈ ডিগ্ৰী কৰি উঠাই দিয়া। যাতে বিপৰীত দিশৰ পৰা অহা বতাহে এই উলম্ব অংশত খুন্দিয়াই নিম্নমুখী বল(downward)প্ৰয়োগ কৰি উৰাজাহাজখনৰ নাকটো (Nose) ওপৰমোৱা কৰি উৰাজাহাজখনক হেলনীয়া কৰি তোলে। উৰাজাহাজখন হেলনীয়া হৈ যোৱা মানে স্পৰ্শ কোণৰ মান অধিক বৃদ্ধি পোৱা। অৰ্থাৎ টেক-অফৰ বাবে পৰ্যাপ্ত উত্তোলন বলৰ উৎপন্ন কৰা। পাইলট এজনে এই যান্ত্ৰিক সজুঁলিবোৰৰ সহায়ত উৰাজাহাজৰ গতিবেগ, স্পৰ্শ কোণৰ সঠিক অৱস্থান গণনা কৰিহে টেক-অফৰ বাবে সাজু হয়। ইয়াৰ এটাৰ অৱস্থানো যদি সঠিক ৰূপত, সঠিক সময়ত গণনা নহয় দুৰ্ঘটনা হোৱাৰ আশংকা থাকে।
ধৰা হ’ল এতিয়া উৰাজাহাজখনে সঠিকভাৱে টেক-অফ কৰি আকাশমাৰ্গত এক নিৰ্দিষ্ট উচ্চতাত উৰিবলৈ আৰম্ভ কৰিলে। যাক এভিয়েচনৰ ভাষাত ‘লেভেল ফ্লাইট’ বোলা হয়। লেভেল ফ্লাইটৰ অৱস্থান পোৱাৰ লগে লগে সাধাৰণতে ‘চিট বেল্ট’ৰ চিহ্ন নাইকিয়া হোৱা দেখা যায়। ইয়াত ফ্লেপ আৰু শ্লেটবোৰৰ বিশেষ প্ৰয়োজন নাই। এই স্থান পোৱাৰ পাছতো কিন্তু উৰাজাহাজখনৰ ওপৰত অহৰহ বায়ুমণ্ডলীয় ঘৰ্ষণ, ইঞ্জিনসৃষ্ট বল, মধ্যাকৰ্ষণ বল আৰু উত্তোলন বলৰ ‘টাগ অফ ৱাৰ’ এখন চলি থাকিব। এই চাৰিওটা বলৰ সন্তুলন বজাই ৰাখিবলৈ উৰাজাহাজ এখনে এটা নন্যূতম বেগত উৰিবলগীয়া হয়। উৰাজাহাজখনৰ নিজৰ ওজন, যাত্ৰীবোৰৰ ওজন, বয়-বস্তুৰ ওজন এই সকলোবোৰক পৃথিৱীৰ মধ্যাকৰ্ষণ বলে অহৰহ তললৈ টানি আছে। সেয়েহে উৰাজাহাজখনো এক নিৰ্দিষ্ট বেগত যাবলৈ বাধ্য, যাতে বায়ুমণ্ডলৰ কণিকাবোৰেও সেই বেগৰে পাখি দুখনৰ তলত খুন্দিয়াই (বা হেঁচা খাই) তললৈ গতি কৰিব পাৰে আৰু উৰাজাহাজখনৰ ওপৰত অহৰহ উত্তোলন বল প্ৰয়োগ কৰি নিৰ্দিষ্ট উচ্চতাত বৰ্তাই ৰাখিব পাৰে। অৰ্থাৎ বায়ুমণ্ডলৰ কণিকাবোৰক ই ইমান জোৰেৰে তললৈ ঠেলিব লাগিব যাতে ইয়াৰ পৰা উৎপন্ন হোৱা লিফ্টে উৰাজাহাজখনৰ মুঠ ওজনক সন্তুলন কৰি ৰাখিব(চিত্ৰ-৬ চাওক) লাগিব। যাতে উৰাজাহাজখন আকাশত বেছি ওপৰলৈও নাযায় বা বেছি তললৈও নাযায়। সেয়েহে হেলিকপ্টাৰৰ দৰে উৰাজাহাজ এখন আকাশত একে ঠাইতে ৰৈ থাকিব নোৱাৰে। হেলিকপ্টাৰৰ বিশেষ আকৃতিৰ গতিশীল পাংখা কেইখনেই ইয়াৰ চাৰিওকাষৰ বায়ুক অহৰহ হেঁচি থাকি প্ৰয়োজনীয় লিফ্টৰ উৎপন্ন কৰে যাতে ই একে ঠাইতে ৰৈ থাকিব পাৰে।
চিত্ৰ:৬
আকাশৰ পৰা আমি এতিয়া তললৈ যাবলৈ সাজু হৈছোঁ। চিট-বেল্টৰ নিৰ্দেশনা আকৌ দিয়া হ’ল। এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰৰ নিৰ্দেশ মতে উৰাজাহাজবোৰে নিদিষ্ট উচ্চতাৰ পৰা লাহে লাহে তললৈ নামি আহে। লেণ্ডিঙৰ সময়ত ইঞ্জিনৰ শক্তি লাহে লাহে কমাই দিয়া হয় আৰু ফ্লেপবোৰ আকৌ মেলি দিয়া হয় যাতে গতিবেগ কম হ’লেও স্পৰ্শ কোণৰ মান বঢ়াই প্ৰয়োজনীয় উত্তোলন বলৰ যোগান ধৰিব পৰা হয়। চৰাইবোৰ ওপৰৰ পৰা তললৈ অহা সময়ত দেখিছেনে( কেতিয়াবা তলত চিকাৰ বিচৰা সময়তো)? পাখিবোৰ নোকোবোৱাকৈ কিদৰে ওপৰৰ পৰা চুঁচৰি পৰাদি মাটিত পৰে। ঠিক সেইদৰে লেণ্ডিঙৰ সময়ত উৰাজাহাজ এখনেও ইঞ্জিনৰ শক্তি কমাই আনি এনেধৰণৰ এক পদ্ধতি অৱলম্বন কৰি ৩০-৪০ হাজাৰ ফুট উচ্চতাৰ পৰা তললৈ লাহে লাহে নামি আহে। পাইলটে ৰানৱেৰ দূৰত্বৰ লগত বিসৰ্পিল অনুপাতৰ (Gliding Ratio) মান গণনা কৰি উৰাজাহাজ এখনক তললৈ নমাই আনে। বৰ্তমান প্ৰতিখন এয়াৰপ’ৰ্টতে ILS (instrument landing system) -ৰ দৰে উন্নত ব্যৱস্থা থাকে, যাৰ দ্বাৰা পাইলটে ৰাতি বা বেয়া বতৰতো অনায়াসে লেণ্ডিঙ কৰাব পাৰে। মাটিত নমাৰ লগে লগেই বিশাল ওজনৰ উৰাজাহাজ এখনক ঘপকৈ ৰখাই দিয়াটো অসম্ভৱ। সেয়েহে বেগ কমাবলৈ ব্ৰেকৰ প্ৰয়োগ কৰাৰ লগতে পাখিত থকা Spoiler-বোৰক সক্ৰিয় কৰা হয় যি কৰ্ষণ বলৰ দ্বাৰা উৰাজাহাজখনৰ বেগ কম কৰি নিয়ন্ত্ৰণত অনাত সহায় কৰে। উৰাজাহাজৰ টেক-অফ্ আৰু লেণ্ডিঙ যেনেকৈ পাইলটৰ বাবে সদায় প্ৰত্যাহ্বানমূলক ঠিক সেইদৰে কৌতূহলীসকলৰ বাবে ই সদায় ৰোমাঞ্চকৰ।।