সামন্তবাদী শোষণে কোঙা কৰা সমাজত অংকুৰিত আশাবাদ আৰু পৰিৱৰ্তনৰ প্ৰতিফলক শ্যাম বেনেগালৰ ‘অংকুৰ’, ‘নিশান্ত’ আৰু ‘মন্থন’ ।। তৰালী শৰ্মা
ভাৰতীয় সমান্তৰাল চিনেমাৰ এক নতুন ধাৰাৰ আৰম্ভণি কৰা বিখ্যাত চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্য লিখক শ্যাম বেনেগাল এক অতি বিৰল ব্যক্তিত্ব। তেখেত ১৯৭০ দশকৰ পিছৰ সময়চোৱাৰ এজন শ্ৰেষ্ঠ পৰিচালক হিচাপে পৰিগণিত। তেওঁ ওঠৰটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটাকে ধৰি বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনত তেওঁক ভাৰতৰ চিনেমা ক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। ১৯৭৬ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে তেওঁক সন্মানিত কৰে আৰু ১৯৯১ চনত তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰে। ২০২৪ চনৰ ২৩ ডিচেম্বৰত ৯০ বছৰ বয়সত তেওঁ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থাকি অৱশেষত মুম্বাইৰ ৱকহাৰ্ড হাস্পতালত মৃত্যুবৰণ কৰে।
চমু জীৱনপঞ্জী :
১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদত শ্যাম বেনেগালৰ জন্ম হয়। তেওঁৰ ফটোগ্ৰাফাৰ পিতৃ শ্ৰীধৰ বি বেনেগালে তেওঁক দিয়া কেমেৰাৰ সহায়ত বাৰ বছৰ বয়সতেই তেওঁ প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল। তেওঁ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। চিনেমাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ হায়দৰাবাদ ফিল্ম ছ’চাইটি প্ৰতিষ্ঠা কৰে। শ্যাম বেনেগালে নীৰা বেনেগালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী কন্যা পিয়া বেনেগাল। মাতৃ-কন্যা দুয়োগৰাকীয়েই কষ্টিউম ডিজাইনাৰ হিচাপে কৰ্মৰত আছিল। নীৰা বেনেগালে শ্যাম বেনেগালৰ চিনেমাতো কষ্টিউম ডিজাইনাৰ হিচাপে কাম কৰিছিল।
১৯৫৯ চনৰ পৰা তেওঁ মুম্বাইত থাকিবলৈ লয় আৰু সেই সময়চোৱাত তেওঁ বিভিন্ন এড্ভাৰ্টাইজিং কোম্পানীৰ লগত জড়িত হৈ আছিল আৰু তেওঁ ৯০০ তকৈও অধিক এড্ ফিল্ম আৰু বহু কেইখন চুটি ছবি নিৰ্মাণ কৰাৰ লগতে বহুকেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল। ১৯৮০-৮৩, ১৯৮৯-৯২ তেওঁ দুবাৰকৈ ভাৰতীয় ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠান, পুনেৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰথম অৱস্থাত তেওঁ কেবাটাও এডভাৰ্টাইজিং কোম্পানীৰ লগত জড়িত হৈ আছিল আৰু বহুতো এড ফিল্ম সেই সময়চোৱাত নিৰ্মাণ কৰিছিল। তেওঁৰ বলিউডৰ প্ৰচলিত ধাৰাক অনুসৰণ নকৰি এক নিজস্ব ধাৰাৰ জন্ম দিয়াৰ চেষ্টা কৰিছিল। ইয়াৰ ফলশ্ৰুতিতেই নিৰ্মাণ হৈছিল ‘অংকুৰ’, ‘নিশান্ত’, ‘ভূমিকা’, ‘মন্থন’, ‘জুনুন’, ‘মণ্ডী’, ‘কলিয়ুগ’, ‘আৰোহণ’, ‘মাম্মো’, ‘ত্ৰিকাল’, ‘হাৰি-ভাৰী’, ‘যুবেইদা’, আদিৰ দৰে চিনেমা।
শ্যাম বেনেগালৰ কেইখনমান চিনেমাৰ চমু আলোচনা:
Shyam Benegal: Film-maker of the Real India শীৰ্ষক কিতাপখনৰ লিখক অৰ্জুন সেনগুপ্তাই শ্যাম বেনেগালৰ চিনেমা সম্পৰ্কত এনেদৰে মন্তব্য আগবঢ়াইছে –”স্বাধীনতাৰ পৰৱৰ্তী সময়চোৱাত ভাৰতবৰ্ষই এখন সাৰ্বভৌম গণতান্ত্ৰিক দেশ হিচাপে কেনেদৰে আগবাঢ়িব বিচাৰিছিল, নিজৰ পৰিচয়ৰ সন্ধান কৰিছিল আৰু এই নৱজাত দেশখনে কেনেকৈ আধুনিকতাক আকোৱালি লৈ আগবঢ়াৰ চেষ্টা কৰিছিল তাৰ চিত্ৰায়ন কৰা এজন সাংবাদিকৰ ভূমিকা লৈ তেওঁ চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰি উলিয়াইছিল।”
স্বৰাজোত্তৰ কালতো ভাৰতত পুঁজিবাদী ব্যৱস্থাৰ বিকাশ হোৱা নাছিল। সামন্তীয় ব্যৱস্থাটোৱেই প্ৰভাৱ বিস্তাৰ কৰি আছিল। কেৱল সামন্তীয় প্ৰভূসকলৰ শোষণেই যে নিম্ন বৰ্গৰ মানুহবোৰক পীড়িত কৰিছিল তেনে নহয়, সমাজৰ বিভিন্ন স্তৰত এই লোকসকল শোষিত হৈছিল- অৰ্থনৈতিকভাৱে, বৰ্ণ বৈষম্যৰ দ্বাৰা। গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হোৱাৰ পিছতো এই দেশত ‘জোৰ যাৰ মুলুক তাৰ’ ধৰণৰ ৰাজনীতিয়েই চলি আছিল আৰু বৰ্তমানো প্ৰচলিত। এই ব্যৱস্থাত আটাইতকৈ বেছি শোষিত হয় মহিলাসকল। শ্যাম বেনেগালৰ চিনেমাবোৰত সামন্তীয় ব্যৱস্থাটোৱে কিদৰে মানুহৰ জীৱন জীয়াই থকাটো দুৰ্বিসহ কৰি তুলিছিল আৰু কেনেদৰে জনসাধাৰণে এই ব্যৱস্থাৰ পৰা মুক্ত হ’বলৈ তাৰ বিকল্প পথৰ সন্ধান কৰিছিল তাৰ এক সুন্দৰ চিত্ৰায়ন দেখিবলৈ পোৱা যায়।
তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ চিনেমাবোৰ বাণিজ্যিকভাৱে সফল নহ’লেও তেওঁ এনেধৰণৰ চিনেমা ইখনৰ পাছত সিখনকৈ নিৰ্মাণ কৰি যাবলৈ আগ্ৰহী আছিল। কিয়নো, কেৱলমাত্ৰ বাণিজ্যিক সাফল্যই পৰিচালক বা চলচ্চিত্ৰ নিৰ্মাতা এজনক সুখ দিব নোৱাৰে, ইয়াৰ অন্তৰালত নিহিত হৈ থাকে তেওঁৰ সামাজিক দায়িত্ববোধ, তেওঁৰ আদৰ্শ আদি। গতিকে তেওঁৰ চিনেমাবোৰত সমাজ বাস্তৱটো অতি সূক্ষ্মভাৱে প্ৰতিফলিত হয়।
ভাৰতীয় চিনেমাত নাৰী চৰিত্ৰৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ এনেদৰে কৈছিল যে বলিউডৰ চিনেমা সমূহত নাৰীক কাৰোবাৰ মা, কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী হিচাপেই দেখুওৱা হয় আৰু যদি তেওঁ যদি কোনো বিৰোধ নকৰাকৈ মাতৃৰ, পত্নীৰ, ভগ্নীৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছে তেন্তে তেওঁক দেৱী তুল্য জ্ঞান কৰা হয়। তাৰ পৰিৱৰ্তে বেনেগালে সমতাৰ কথা কৈছিল। কিন্তু সেই সমতাই মহিলা এগৰাকীক এটা উচ্চ স্থানত ৰখা বা সমাজৰ নাৰীৰ প্ৰতি যি আচৰণ তাৰ বিপৰীতে এটা বিপৰীত ছবি দাঙি ধৰাটো নহয়। চিনেমাত নাৰী-পুৰুষৰ সমতা স্থাপন কৰিবলৈ হ’লে দুয়োটাৰে প্ৰকৃত ছবিখন দাঙি ধৰিব লাগিব। সামন্তীয় ব্যৱস্থাত পুৰুষ নাৰী উভয়েই শোষিত কিন্তু নাৰীৰ শোষণ যে বিভিন্ন তৰপত হৈ আহিছে সেয়া চিত্ৰায়ন কৰাটোহে গুৰুত্বপূৰ্ণ। শ্যাম বেনেগালৰ প্ৰায়বোৰ চিনেমা যেনে, ‘নিশান্ত’, ‘অংকুৰ’, ‘মন্থন’, ‘ভূমিকা’, ‘যুবেইদা’ আদিৰ নাৰী চৰিত্ৰবোৰে এক বিশেষ তাৎপৰ্য বহন কৰিছে।
এয়া পৰিতাপৰ বিষয় যে তেওঁৰ মৃত্যুৰ পিছতো ভাৰতবৰ্ষৰ বহুতো লোকৰ বাবে তেওঁ এজন অচিনাকী ব্যক্তি। ভাৰতীয় সমান্তৰাল চিনেমাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা বেনেগালৰ চিনেমাবোৰ এতিয়াও প্ৰাসংগিক। অতি সৰলভাৱেই তেওঁ চিনেমাবোৰত সমাজ বাস্তৱৰূপটোক দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। স্বাধীনোত্তৰ ভাৰতৰ সমাজ বাস্তৱৰ দলিল শ্যাম বেনেগালৰ এই চিনেমাবোৰ। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধাজ্ঞলিসূচকভাৱে তেখেতৰ কেইখনমান চিনেমাক আপোনালোকৰ দৃষ্টিগোচৰ হে কৰাব বিচাৰিছোঁ।
১.অংকুৰ (ANKUR )
‘অংকুৰ’ হৈছে শ্যাম বেনেগালৰ দ্বাৰা পৰিচালিত প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ চিনেমা আৰু এই চিনেমাখনৰ জৰিয়তেই বেনেগালে পৰিচয় কৰাই দিছিল দুজন অতি দক্ষ্য অভিনেতা অনন্ত নাগ আৰু শ্বাবানা আজমীক। বেনেগালৰ আন বহুতো ছবিৰ দৰে অংকুৰো আৰ্ট ফিল্ম বা অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে ভাৰতীয় সমান্তৰাল চিনেমাৰ অন্তৰ্গত।
চিনেমাখনৰ চিত্ৰনাট্য লিখিছে শ্যাম বেনেগালে, সংলাপ সত্যদেৱ ডুবেৰ। সূৰ্যৰ চৰিত্ৰত অভিনয় কৰিছে অনন্ত নাগে, লক্ষ্মীৰ চৰিত্ৰত শ্বাবানা আজমী, কিষ্টয়াৰ চৰিত্ৰত সাধু মেহেৰ, সূৰ্যৰ দেউতাকৰ চৰিত্ৰত মিৰ্জা কাদিৰ আলি বেইগ, সূৰ্যৰ মাকৰ চৰিত্ৰত প্ৰফুল্ল নাটু, ছৰুৰ চৰিত্ৰত প্ৰিয়া তেণ্ডুলকাৰে। প্ৰত্যেকজন অভিনেতাৰ বাস্তৱধৰ্মী অভিনয়ে কাহিনীটোক আৰু অধিক জীৱন্ত কৰি তুলিছে, দৰ্শকক সেই সময়লৈ লৈ যাবলৈ সক্ষম হৈছে।
‘অংকুৰ’ চিনেমাখনে ভাৰত আৰু বিদেশত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আন ৪৩টা পুৰস্কাৰ লাভ কৰিছিল। ২৪ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইয়াক Golden Bear ৰ বাবে মনোনীত কৰা হৈছিল।
১৯৫০ চন মানত হায়দৰাবাদত সংঘটিত এটা সত্য কাহিনীৰ ওপৰত ইয়াৰ কাহিনীভাগ আধাৰিত। ‘অংকুৰ’ এখন জটিল ছবি যিয়ে মানুহৰ আচৰণ বিশ্লেষণ কৰি চৰিত্ৰায়নত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। চিনেমা এখন যিমানেই আঞ্চলিক হয় তাৰ প্ৰভাৱ সিমানেই বিশ্বজনীন হয়। এই চিনেমাখনত পৰিচালকে সম্পূৰ্ণৰূপে হিন্দী ভাষাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত এটা কঠিত ভাষা ‘দখনি’ (Dakhani) ব্যৱহাৰ কৰিছে। যাৰ বাবে সেই দলিত সমাজখনৰ মৰ্মগাঁথা উপলব্ধি কৰিব পৰাটো সহজ হৈছে। দৰ্শকে লক্ষ্মীৰ, কিষ্টয়াৰ জগতখনত ভুমুকি মাৰি কথাবোৰ বিবেচনা কৰাৰ সুবিধা পাইছে।
ইয়াৰ মুখ্য চৰিত্ৰ লক্ষ্মী আৰু সূৰ্যক কেন্দ্ৰ কৰিয়েই এই চিনেমাখনৰ কাহিনীভাগ আগবাঢ়িছে। সূৰ্য, সামন্তীয় ব্যৱস্থাৰ বাহক আৰু লক্ষ্মী এই সামন্তবাদে, বৰ্ণবাদে, অৰ্থনৈতিক দুৰৱস্থাই জীৱন দুৰ্বিহঃ কৰি তোলা সমাজৰ সেই শ্ৰেণীটোৰ এজন। লক্ষ্মীয়ে তাইৰ গিৰিয়েক কিষ্টয়াৰ সৈতে এখন গাঁৱত বাস কৰে। কিষ্টয়া এজন বধিৰ-বোবা কুমাৰ কিন্তু মদত আসক্ত হৈ সি কাম-কাজ এৰি য’ত-ত’ত পৰি থাকে ফলত লক্ষ্মীয়ে জমিদাৰৰ পামঘৰটোৰ চোৱা-চিতা কৰি লগতে তাৰ পৰা ইপদ-সিপদ বস্তু সৰকাই তাইৰ পেটৰ ভাত মুঠি মোকোলায়। দৰিদ্ৰ এই দম্পতী নীচ দলিত জাতিৰ। কাহিনীটোৰ আৰম্ভণি হৈছে লক্ষ্মীয়ে গাঁৱৰ উৎসৱত অংশগ্ৰহণ কৰি দেৱীৰ ওচৰত নিষ্ঠাৰে জীৱনৰ একমাত্ৰ ইচ্ছা এটি সন্তান লাভৰ বাবে প্ৰাৰ্থনা জনাইছে। গাঁৱৰ জমিদাৰৰ পুত্ৰ সূৰ্যই ওচৰৰ হায়দৰাবাদ চহৰত পঢ়া-শুনা শেষ কৰি ঘৰলৈ উভতি আহে। সূৰ্যৰ পিতৃৰ কৌশল্যা নামৰ এগৰাকী ৰক্ষিতা আছে যাৰ লগত তেওঁৰ প্ৰতাপ নামৰ এজন অবৈধ পুত্ৰ আছে। সূৰ্যৰ পিতৃয়ে কৌশল্যাক গাঁৱৰ আটাইতকৈ ভাল মাটিখিনি দিয়া বুলি দাবী কৰে, যিটো উপহাৰ তেওঁৰ মৰমৰ চিন আৰু লগতে কৌশল্যাক নিমাত আৰু সন্তুষ্ট কৰি ৰাখিব পৰাকৈও যথেষ্ট। সূৰ্যক দেউতাকে জোৰকৈ নাবালক ‘ছৰু’ৰ লগত বিয়া পতাই দিয়ে। এই ফালে জমিদাৰৰ পুতেক সূৰ্যই উচ্চ শিক্ষা লাভৰ ইচ্ছা কৰিছিল যদিও তাক পঢ়া-শুনা কৰি সময় অপচয় কৰাতকৈ খেতি-বাতিৰ তদাৰক কৰিবলৈ সিহঁতৰ কৃষি পামলৈ পঠিয়াই দিয়ে। যৌবন প্ৰাপ্তি নোহোৱালৈ ‘ছৰু’ মাকৰ ঘৰতেই থাকিব লগীয়া হয়। এই কাহিনীটোৱে এটা নতুন মোৰ লয় তেতিয়া যেতিয়া সূৰ্যই লক্ষ্মীক লগ পায়। নীচ জাতিৰ হোৱাৰ পিছতো সূৰ্যই তাই ৰন্ধা খাই, তাইৰ প্ৰতি তাৰ এক আকৰ্ষণ দেখি লক্ষ্মীৰো তাৰ প্ৰতি আকৰ্ষণ বাঢ়ে। লক্ষ্মীৰ অনুৰোধত সূৰ্যই কিষ্টয়াক নিজৰ ম’হৰ গাড়ীখন ভাড়াত দিয়ে। পিছদিনা কিষ্টয়াই ঘৰৰ মালিকৰ ঘৰৰ পৰা সাৰ সংগ্ৰহ কৰিবলৈ কৰিবলৈ যাওঁতে সূৰ্যই কিষ্টয়াৰ অনুপস্থিতিৰ সুযোগ লৈ লক্ষ্মীৰ ওচৰ চাপিবলৈ চেষ্টা কৰে, কিন্তু তাইৰ ফালৰ পৰা কোনো সঁহাৰি নাপায়। ইয়াৰ মাজতে গাঁৱৰ মানুহে গুজৱ কৰিবলৈ আৰম্ভ কৰে আৰু বহুতে বিশ্বাস কৰে যে সূৰ্যই ইতিমধ্যে লক্ষ্মীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে, আৰু দেউতাকে কৰা ধৰণে তাইকো মাটিৰ বিশাল অংশ এটা উপহাৰ দি এই কেলেংকাৰীটো লুকুৱাবলৈ চেষ্টা কৰিব। বহু বাৰ বাৰণ কৰাৰ পিছতো কিষ্টয়াই তাড়ি ভৰ্তি টেকেলি এটা চুৰ কৰি ৰসখিনি খাই আহি থাকোঁতেই ধৰা পৰে আৰু তাৰ চুলি খুৰাই গোটেই গাঁৱতে ঘূৰায়। এই কথাত অপমানিত হৈ সি ঘৰ এৰি গুচি যায়। তাৰ অনুপস্থিতিত সূৰ্য আৰু লক্ষ্মীৰ মাজত একাত্মতা বাঢ়ে ফলত সিহঁতৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হয় আৰু তাই অন্ত:সত্বা হয়। কিন্তু এই সময়ছোৱাতেই তাৰ অৰ্ধাংগিনী তাৰ লগত থাকিবলৈ লয়। লক্ষ্মী দলিত সম্প্ৰদায়ৰ হোৱা বাবে আৰু ছেগা-ছেৰেকাকৈ ছৰুৱে গাঁৱৰ মানুহৰ পৰা সূৰ্য আৰু লক্ষ্মী সম্পৰ্কে শুনিছে বাবে তাই লক্ষ্মীক পছন্দ নকৰে। পিছদিনা ৰাতিপুৱা লক্ষ্মীৰ গা অসুখ হয়, আৰু ছৰুৱে এই সুযোগতেই তাই কাম কৰিব নোৱাৰে বুলি দাবী কৰি তাইক কামৰ পৰা বৰ্খাস্ত কৰে। লক্ষ্মীৰ অন্ত:সত্বা হোৱাৰ খবৰ শুনি সূৰ্যই তাইক যিকোনো প্ৰকাৰেই সন্তানটোক হত্যা কৰিবলৈ অনুৰোধ কৰে। কিন্তু লক্ষ্মীয়ে পোনচাতেই এই প্ৰস্তাৱ নাকচ কৰে। তাই কয় যে সেইটো তাইৰ সন্তান আৰু তাই যিকোনো পৰিস্থিতিতেই সেই সন্তানটোক জন্ম দিব। এনে সময়তে এদিন হঠাৎ কিষ্টয়া উভতি আহে আৰু তাই মাক হ’বলৈ ওলোৱা খবৰটো পাই আনন্দত আত্মহাৰা হয়। কিন্তু সূৰ্যৰ মনত এই কথাটোক লৈ এটা ভয়, শংকাই বাহ লৈছিল। গতিকে এদিন সি এজন সৰু ল’ৰাৰ সৈতে চিলা উৰুৱাই থাকোঁতেই দুৰৰ পৰাই দেখে যে কিষ্টয়াই হাতত এডাল এছাৰি লৈ পথাৰৰ মাজেৰে তাৰ ফালে আহি আছে। সি ভাবি লয় যে লক্ষ্মীৰ লগত থকা তাৰ সম্পৰ্কৰ কথা গম পাই হয়তো খঙতে তাক আক্ৰমণ কৰিবলৈ আহি আছে। কিন্তু প্ৰকৃততে সি কাম বিচাৰি হে তাৰ ওচৰলৈ আহিছিল। কিষ্টয়াই কিবা বুজোৱাৰ আগতেই সূৰ্যই চাবুকেৰে তাক গুৰুলা-গুৰুলকৈ পিটে। লক্ষ্মীয়ে দৌৰি আহি তাক সাবটি ধৰি সূৰ্যক চিঞৰি চিঞৰি কয় যে তাৰ মনত খোট থকা বাবে হে সি এজন কলা-বোবা মানুহ যিয়ে কাম বিচাৰি তাৰ ওচৰলৈ আহিছিল, তাক তেনেকৈ কোবাব পাৰিছে। তাত থিয় হৈ এই দৃশ্য চাই থকা কোনেও মূৰ তুলি তাৰ প্ৰতিবাদ কৰিব নোৱাৰিলে। কিন্তু একেবাৰে শেষৰ দৃশ্যটোত তাৰ লগত কিছু সময় আগলৈ চিলা উৰুৱাই থকা দলিত সম্প্ৰদায়ৰ সৰু ল’ৰাজনে এটা শিল গুটি মাৰি তাৰ ঘৰৰ খিৰিকীৰ আইনাখন ভাঙি থৈ যায়। কাহিনীটোৰ ইমানতেই অন্ত পৰে।
চিনেমাখনৰ নামটোৰ জৰিয়তে চিনেমাখনৰ ভিতৰলৈ সোমাব পৰা যায। ‘অংকুৰ’ অৰ্থাৎ গজালি বা পোখা। গজালিটোৰ ছবিখনত বিভিন্ন ধৰণে আবিৰ্ভাৱ ঘটিছে- কায়িক ভাৱে আৰু ৰূপক হিচাপে আৰু ইয়াক ইয়াত ‘মটিফ’ (motif) হিচাপে ব্যৱহাৰ কৰা হৈছে যিয়ে চিনেমাখনৰ মূল বিষয়বস্তু সম্পৰ্কে আমাক উনুকিয়াই আছে। চিনেমাখনৰ প্ৰথমাংশতেই লক্ষ্মীয়ে মন্দিৰত এটা সন্তান বিচাৰি প্ৰাৰ্থনা কৰা দেখা গৈছে। তাইৰ ভিতৰত অংকুৰিত হ’ব লগা সেই শিশুটোৱে সিহঁতৰ জীৱনলৈ পৰিৱৰ্তন আনিব হয়তো এই আশাৰেই এনে অৰ্থনৈতিক দুৰবস্থাৰ পিছতো তাই আৰু তাইৰ গিৰিয়েকে এটা সন্তান বিচাৰিছে। যিদৰে চিনেমাখনৰ একেবাৰে শেষৰ দৃশ্যটোত এজন সৰু ল’ৰাই সূৰ্যৰ ঘৰত শিল দলিওৱা পৰিলক্ষিত হৈছিল, এইটোৱে নুবুজাই যে তাৰ ভিতৰত বিপ্লৱৰ অগনি জ্বলি উঠিছে, এয়া কেৱল এই বৰ্ণ বৈষম্য, সামন্তীয় ব্যৱস্থাই কৰা শোষণৰ বাবে তাৰ মনত গজালি মেলা বিপ্লৱৰ এটা অংকুৰ। এই অংকুৰটোৰ পৰাই এক পূৰ্ণাংগ বৃক্ষ হ’ব। ইয়াত এই সৰু ল’ৰাজন পৰিবৰ্তনৰ আশাৰ বাহক। সূৰ্যই সন্তানটোক মাৰি পেলাবলৈ কোৱাৰ পিছতো কিন্তু তাই সন্তানটোক জন্ম দিব বুলিয়েই ঠিৰাং কৰিছিল। কিয়নো সেয়া এটা অংকুৰ যিয়ে বৰ্ণ বৈষম্যৰ এই ভেদ ভাঙি এক নতুন দিগন্তৰ সপোন দেখাব।
শ্যাম বেনেগালৰ চিনেমাত নাৰী চৰিত্ৰই এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াতো লক্ষ্মী চৰিত্ৰটোৰ বিশেষ ভূমিকা আছে। কিয়নো চিনেমাখনৰ শেষাংশত দেখা গৈছে সূৰ্যই কিষ্টয়াই তাক আক্ৰমণ কৰিবলৈ যোৱা বুলি ভুল কৰি পেলাইছে। অৰ্থাৎ লক্ষ্মীৰ ক্ষেত্ৰত সি কৰা যি অন্যায় তাৰ বাবে যদিও তাই তাৰ প্ৰতিবাদ স্বৰূপে তাৰ লগত একো কৰিব পৰা নাই কিন্তু তাৰ মন-মগজু তাই অধিকাৰ কৰি ল’ব পাৰিছে। সামন্তীয় প্ৰভূসকলে নিম্ন বৰ্গৰ লোকসকলৰ হাড়ে-হিমজুৱে শিপাই সিহঁতৰ জীৱন নিৰ্বাহ কৰাটো অসম্ভব কৰি তোলে কিন্তু ইয়াত লক্ষ্মীৰ অৱস্থানে এজন সামন্তীয় প্ৰভূৰ জীৱনত জোকাৰণি তুলিছে। এয়া আশাব্যঞ্জক।
আন এটা দৃশ্যত দেখা গৈছে যে চৰাই এটাৰ মাত শুনি সূৰ্যই লক্ষ্মীক সেইটো কি চৰাই বুলি প্ৰশ্ন কৰিছে। তেতিয়া তাই কয় যে ইয়াত এইটোক ‘ৱাডলাপিটা’ অৰ্থাৎ বাঢ়ৈটোকা বুলি কয়। একেই প্ৰশ্নকেই সূৰ্যৰ অৰ্ধাংগিনী ছৰুৱে সূৰ্যক কৰোঁতে সি লক্ষ্মীয়ে তাক কোৱাৰ ধৰণেই উত্তৰ দিয়ে। ইয়াত বাঢ়ৈটোকা চৰাইটোক হে কিয় ব্যৱহাৰ কৰা হ’ল এই কথাটোৰ অন্তৰালটো চিত্ৰনাট্য লিখোঁতাৰ বিশেষ উদ্দেশ্য নিহিত হৈ আছে বুলি অনুমান কৰিব পাৰি। আমি ইয়াক দুই ধৰণেৰে বিশ্লেষণ কৰিব পাৰোঁ। বাঢ়ৈটোকা চৰাইয়ে যিদৰে গছ এডালত খুটি খুটি ভিতৰত থকা পোক-পতংগবোৰ খাই গছডাল ফোঁপোলা কৰি দিয়ে ফলত হয় গছডাল লাহে লাহে মৰিবলৈ লয় নহ’লে সেই অংশত অন্য চৰাই-চিৰিকটিয়ে বাহ লয়। কিন্তু বাঢ়ৈটোকাটোক এটা ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। সামন্তীয় ব্যৱস্থাইও নিম্ন বৰ্গৰ লোকসকলৰ জীৱনত আধিপত্য বিস্তাৰ কৰি তেওঁলোকক সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকাটোও কঠিন কৰি তোলে। আন এটা দৃষ্টিকোণেৰে যদি চাওঁ দেখা যায় যে লক্ষ্মীৰ উপস্থিতিয়ে সূৰ্যৰ জীৱনত প্ৰভাব বিস্তাৰ কৰিছে। হয়তো বাঢ়ৈটোকাটোৰ দৰেই লক্ষ্মীৰ অৱস্থিতিয়ে সূৰ্যৰ সামন্তবাদী অহংকাৰত আঘাত কৰিছে। ইয়াৰ পৰাই ক্ৰমশ: এই আভিজাত্যত ভাঙোণ হ’ব।
সমাজত আটাইতকৈ বেছিকৈ শোষিত হয় নাৰী, তাতোকৈ বেছি নিম্ন বৰ্গৰ নাৰীবোৰ। এইটো দেখি-শুনি আহিছোঁ যে উচ্চ বৰ্ণৰ পুৰুষে দলিত সম্প্ৰদায়ৰ মহিলাসকলক সম্ভোগৰ বাবে ব্যৱহাৰ কৰে। কাৰণ এইসকল লোক সকলো ফালৰ পৰাই শোষিত। চিনেমাখনত দলিত সম্প্ৰদায়ৰ কিষ্টয়াক কলা-বোবা হিচাপে ব্যৱহাৰ কৰিছে। এই চৰিত্ৰটোৱে দলিত সম্প্ৰদায়ৰ লোকসকলক প্ৰতিনিধিত্ব কৰিছে। কিয়নো এইসকল লোক জাতিগতভাৱে, অৰ্থনৈতিক ভাৱে, আইনৰ দ্বাৰা বিভিন্ন ধৰণে শোষিত হৈ থকা বাবে সিহঁতে অন্যায়ৰ বিৰুদ্ধে সংঘবদ্ধ হৈ মাত মাতিব পৰা এটা স্থিতিত নাথাকে ফলত অন্যায়- অবিচাৰ দেখিও তাক সহ্য কৰি যায় নহ’লে সকলোবোৰে লগ হৈ ইহঁতৰ জীৱন আৰু কষ্টকৰ কৰি তোলে। চিনেমাখনত দেখা গৈছে যে লক্ষ্মীয়ে বাস কৰা জুপুৰিটোৰ দৰ্জা নাই আৰু অনুমতি অবিহনেই সূৰ্যই তাৰ জুপুৰিটোত সোমাই গৈছে ঠিক যেনেদৰে সি নিজৰ শৰীৰৰ ভোক নিবাৰণ কৰিবলৈ তাইৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। আন এটা দৃশ্যত দেখা গৈছে উচ্চ বৰ্ণৰ এজন লোকে জুৱাত নিজৰ অৰ্ধাংগিনীৰ বাজি লগাই হাৰিছে। পিছদিনা ৰাতিপুৱাই তাৰ বন্ধু জুৱাত লাভ কৰা বন্ধু পত্নীক আনিবলৈ হাজিৰ। কিন্তু তিৰোতাজনীয়ে অতি স্পষ্টভাবে উত্তৰ দিয়ে যে তাই তাৰ লগত কেতিয়াও নাযায় আৰু গিৰিয়েকক ভিতৰলৈ টানি লৈ গৈ বন্ধুজনৰ মুখতেই দৰ্জাখন বন্ধ কৰি দিছে। ইয়াত দৰ্জাখন এটা ৰূপক হিচাপে ব্যৱহৃত হৈছে এইটো উপস্থাপন কৰিবলৈ যে নাৰীয়েই সমাজত আটাইতকৈ বেছি শোষিত কিন্তু তাৰ পিছতো শ্ৰেণীগত অৱস্থানে এই শোষণৰ ক্ষেত্ৰতো পাৰ্থক্য আনি দিয়ে। তিৰোতা জনীয়ে দৰ্জাখন জপাই দিয়াটোৱেই এইটো ইংগিত কৰে যে উচ্চ বৰ্ণৰ হোৱা বাবেই তাইৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে কিন্তু লক্ষ্মীৰ জুপুৰীটোৰ দৰ্জা নোহোৱাটোৱেই ইংগিত কৰে যে দলিত মহিলাসকল উচ্চ বৰ্ণৰ পুৰুষৰ ভোগৰ বাবে সহজলভ্য। ইয়াৰ বিপৰীতে কিষ্টয়াই কিন্তু প্ৰগতিশীলতাৰ পৰিচয় দিছে যেতিয়া সি উভতি আহি গম পায় যে লক্ষ্মী অন্তসত্বা আৰু সেই সন্তানৰ পিতৃ সি নহয়, সি তথাপিও আনন্দত আত্মহাৰা হৈছে, মন্দিৰত ভগৱানৰ ওচৰত মূৰ দোৱাইছে, আহিবলগীয়া শিশুটোৰ বাবে সি মাতাল হৈ নাথাকি কাম কৰিবলৈ আগবাঢ়িছে। গতিকে তাৰ বাবে এইটো কাৰ সন্তান সেই কথাটোৱে গুৰুত্ব নাপাই, কিন্তু এইটো লক্ষ্মীৰ সন্তান সেয়াহে তাৰ বাবে প্ৰয়োজনীয় কথা। কিন্তু সূৰ্যই তাইক স্বীকৃতি দিব নোৱাৰিলে কাৰণ এই উচ্চ বৰ্ণৰ লোকসকলে সকলোৰে অজ্ঞাতে নিম্ন বৰ্গৰ মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিলেও সামাজিক ভাৱে তাক স্বীকৃতি দিয়াৰ সাহস কৰিব নোৱাৰে। কাৰণ এই সামন্তবাদ, বৰ্ণ বাদ, পুৰুষ তান্ত্ৰিকতাক এটা প্ৰজন্মৰ পৰা আনটোলৈ কঢ়িয়াই নিয়াৰ বাহক সূৰ্যৰ দৰে এইসকল লোক। গতিকে শিক্ষিত হৈও বা শাৰীৰিক কোনো অক্ষমতা নথকাৰ পাছতো কিন্তু সি চিন্তাৰ ফালৰ পৰা পংগু আৰু কিষ্টয়া শাৰীৰিক অক্ষমতা স্বত্তেও তাক এজন প্ৰগতিশীল চিন্তাৰ সঁচা অৰ্থত সুস্থ ব্যক্তি হিচাপে পৰিচিতি দিছে।
গাঁৱৰ মুৰব্বীক সমাজৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে চিত্ৰিত কৰা হৈছে। নপুংসক স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰা ৰাজাম্মাক তেওঁ নিজৰ ওচৰলৈ উভতি যাবলৈ বাধ্য কৰে। তদুপৰি আন এখন গাঁৱৰ অন্য জাতিৰ মানুহ এজনৰ লগত সম্পৰ্ক থকাৰ বাবে তাইক সামূহিক ভাবে তিৰস্কাৰ কৰে। কেৱল সেয়াই নহয়, তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে এগৰাকী নাৰী কেৱল স্বামীৰেই নহয়, সমগ্ৰ ঘৰখন, জাতি আৰু সমাজৰ। গতিকে স্বামীয়ে তাইক সন্তুষ্ট কৰিব নোৱাৰিলেও এগৰাকী মহিলাই নিজে যৌন সংগী বাছনি কৰিব নোৱাৰে। যিকোনো যৌন সম্পৰ্কত তাই নিষ্ক্ৰিয় ভাৱে সকলো সহ্য কৰি যাব লাগিব, তাইৰ আৱেগিক সন্তুষ্টি বা দৈহিক সন্তুষ্টিৰ প্ৰশ্ন ইয়াত আহিব নোৱাৰে। গতিকে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ স্থান কেনেকুৱা এই চিনেমাখনত তাৰ এক সুন্দৰ চিত্ৰায়ন কৰা হৈছে।
২. নিশান্ত (Nishant)
১৯৭৫ চনত নিৰ্মিত এই ছবিখনত স্মিতা পাটিল আৰু নাছিৰুদ্দিন শ্বাহৰ সৈতে গিৰীশ কৰ্ণাদ, অমৃশ পুৰী, শ্বাবানা আজমী, মোহন আগশ্বে, অনন্ত নাগ আৰু সাধু মেহেৰকে ধৰি সমান্তৰাল চিনেমাৰ অভিনেতাৰ এটা দলে ইয়াত অভিনয় কৰিছে। চিনেমাখন পৰিচালনা কৰিছে শ্যাম বেনেগালে, কাহিনী বিজয় তেণ্ডুলকাৰৰ আৰু সংলাপ সত্যদেৱ ডুবেৰ। সামন্তবাদৰ সময়ত গ্ৰাম্য অভিজাত শ্ৰেণীৰ শক্তি আৰু নাৰীৰ ওপৰত অভিজাত শ্ৰেণীৰ পুৰুষৰ দ্বাৰা হোৱা যৌন শোষণ, আৰু এই শোষণৰ পৰা মুক্তিৰ পথৰ সন্ধান দেখা যায়।
কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰমজীৱি মানুহখিনিৰ অৱস্থা আৰু নিজকে এইসকল লোকৰ ত্ৰাণকৰ্তা বুলি প্ৰতিষ্ঠা কৰিব বিচৰা জমিদাৰৰ অৰ্থনৈতিক অৱস্থাৰ তফাৎ সুস্পষ্টভাৱে পৰিলক্ষিত হৈছে। জমিদাৰ অতি শক্তিশালী আৰু প্ৰভাৱশালী। তেওঁৰ কনিষ্ঠ ভাতৃ বিশ্বম। লাজুক আৰু নীৰ্জু স্বভাৱৰ বিশ্বমৰ ৰুক্মিণীৰ লগত বিয়া হৈছে। তেওঁৰ আন দুজন ভাতৃ অঞ্জয় আৰু প্ৰসাদ, সিহঁতৰ ঘৈণীয়েণীক দুজনীৰ এজনী ঢুকাইছে আৰু আনজনীয়ে ঘৰ এৰি গুচি গৈছে কিয়নো অঞ্জয় আৰু প্ৰসাদে নিজৰ ইচ্ছামতে গাঁৱৰ যিকোনো মহিলাকেই দাবী কৰি সিহঁতৰ ওপৰত যৌন নিৰ্যাতন কৰাটো অভ্যাস কৰি তোলে। জমীদাৰে নিজৰ পৰিয়ালৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, আইনকো নিজৰ সুবিধাৰ বাবে ইফাল সিফাল কৰাটো সাধাৰণ কথা। গাঁৱলৈ নতুন স্কুল মাষ্টৰ এজন আহে, পত্নী সুশিলা আৰু পুত্ৰক লৈ গাঁৱত উপস্থিত হয়। প্ৰথমবাৰৰ বাবে সুশিলাক দেখা পোৱাৰ পিছত বিশ্বমে সুশীলাৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰে। দুই ভাতৃৰ প্ৰৰোচনাত বিশ্বমৰো কিছু মূহুৰ্তৰ বাবে মন সলনি হয় আৰু সম্ভোগৰ বাবে সুশীলাক বিচাৰে। এদিন ৰাতি স্কুলৰ মাষ্টৰে পৰিয়ালৰ সৈতে নিশাৰ আহাৰ কৰি থাকোঁতে কোনোবাই দুৱাৰত টোকৰ মাৰে আৰু সুশীলাই দুৱাৰ খুলিবলৈ যাওঁতে বিশ্বমৰ ডাঙৰ ভাই দুজনে তাইক ধৰি জোৰকৈ লৈ যায়। কেইবাজনো গাওঁবাসী সেই ঘটনাবোৰৰ প্ৰত্যক্ষদৰ্শী আছিল যদিও কোনেও জমীদাৰৰ পৰিয়ালৰ এই অন্যায় অবিচাৰৰ বিপক্ষে মাত মাতিবলৈ বা এইবোৰত বাধা দিবলৈ সাহস নকৰে। জমিদাৰৰ ঘৰত সুশীলা নিয়মিত আৰু বাৰে বাৰে জমিদাৰ আৰু ভায়েকহঁতৰ কামনাৰ বলি হ’ব লগীয়া হয়। নিজৰ সহধৰ্মিনীক এই জমিদাৰ পৰিয়ালৰ পৰা মুক্ত কৰাৰ বাবে মাষ্টৰে কৰিব পৰা সকলোখিনি চেষ্টা কৰে। স্থানীয় আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তলৈকে সকলোৰে দ্বাৰস্থ হয় যদিও সকলোৱেই তেওঁক ন্যায়ৰ পৰা বঞ্চিত কৰে এইবাবেই কিয়নো জমিদাৰ এজন প্ৰভাৱশালী লোক আৰু তেওঁৰ বিপক্ষে মাত মতা মানেই বিপদ চপাই লোৱা। বিচলিত বিদ্যালয়ৰ শিক্ষকজনক সহায় কৰে উপায়হীন হৈ মাষ্টৰে গাঁৱৰ প্ৰাচীন মন্দিৰটোৰ পূজাৰীৰ সহায় বিচাৰে। পূজাৰীৰ সহায়ত গাঁওবাসীক এই কথাটো বুজোৱা হয় যে আনক শোষণ কৰাটো যেনেদৰে অপৰাধ সহ্য কৰি থকাটোও সমানেই দোষণীয়। এনেদৰেই মাষ্টাৰে গাঁওবাসীক সংগঠিত কৰাত সফল হয়। শেষত উন্মাদ গাঁওবাসীয়ে নিৰীহ ৰুক্মিণীৰ লগতে বিশ্বমে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সুশীলাকো হত্যা কৰে।
কাহিনীটোত গতিশীলতা আছে আৰু বাস্তৱক চিত্ৰায়িত কৰা বাবে ই বেছি মনোগ্ৰাহী হৈছে। লগতে বাস্তৱধৰ্মী অভিনয়ে কাহিনীটোক অধিক জীৱন্ত কৰি তুলিছে। চিনেমাখন নামটোৰ জৰিয়তে আমি চিনেমাখনে আচলতে কি ক’বলৈ চেষ্টা কৰিছে সেইটো উপলব্ধি কৰিব পাৰিম। ‘নিশান্ত’ মানে হৈছে ৰাতিৰ শেষ অৰ্থাৎ দোকমোকালি। ইয়াতো কাহিনীটোৰ শেষৰ ফালে দেখা গৈছে যে এই সামন্তীয় ব্যৱস্থাটোৱে পীড়িত কৰা লোকসকল লাগিছে, আৰু সামন্তীয় প্ৰভূসকলৰ বিপক্ষে সংগ্ৰাম গঢ়ি তুলিছিল আৰু সেই গাঁওত দুখীয়া কৃষকৰ জীৱন দুৰ্বিসহ কৰি তোলা জমিদাৰ পৰিয়ালক এফালৰ পৰা নিঃশেষ কৰি যায়। এয়া যেন সামন্তীয় ব্যৱস্থাটোৰ অন্তিম পৰ্যায় আৰু ইয়াত যেন ন-প্ৰভাত হ’ব নতুন ধৰণে। Murzban Jal -এ তেওঁৰ The Legacy of Karl Marx কিতাপখনত এশাৰী কথা উল্লেখ কৰিছে – “Revolution with a revolution.” অৰ্থাৎ কেৱল মানুহক সংগঠিত কৰি বিপ্লৱৰ সূচনা কৰিলেই যথেষ্ট নহয়, ইয়াৰ ইয়াৰ পৰৱৰ্তী সময়চোৱাৰ পৰিস্থিতি কেনে হ’ব বা তাক কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগিব সেয়াও এই বিপ্লৱৰেই অংশ। কিন্তু এই চিনেমাখনত দেখা গ’ল যে মাষ্টৰে গাঁৱৰ পূজাৰীৰ সহায়ত গাঁওবাসীক জমিদাৰৰ শোষণৰ বিৰুদ্ধে সংঘবদ্ধ কৰালে ঠিকেই কিন্তু সেই বিপ্লৱ কি ধৰণৰ হোৱা উচিত আছিল, বা হত্যা হিংসাৰ পথ নলৈ অইন কিবা বিকল্প পথৰ সন্ধান কৰিব পাৰিলেহেঁতেন নে নাই এই কথাবোৰক প্ৰণালীবদ্ধ বিশ্লেষণৰ বাট নাথাকিল। গাঁৱৰ ৰাইজে এফালৰ পৰা জমিদাৰৰ পৰিয়ালৰ সকলোকে হত্যা কৰি গ’ল এইটো বিচাৰ নকৰিলে যে সকলোবোৰ সমানেই জগৰীয়া হয়নে নহয়, তেওঁলোকে আনকি মাষ্টাৰৰ সহধৰ্মিনী সুশীলাকো হত্যা কৰে যি নিজেই শোষিত। তেওঁলোকে বিচাৰ কৰিব নোৱাৰিলে যে তেওঁলোকৰ এই সংগ্ৰাম কেইজনমান মুষ্টিমেয় মানুহৰ বিপক্ষে নে এটা ব্যৱস্থাৰ বিৰুদ্ধে।
সেয়া সামন্তীয় ব্যৱস্থায়েই হওঁক বা পুঁজিবাদী ব্যৱস্থাই হওঁক সকলোতে নাৰীক পণ্য হিচাপে পৰিগণিত কৰা হয়। সামন্তীয় ব্যৱস্থাত সম্ভ্ৰান্ত ঘৰৰ পুৰুষে নিজৰ শৰীৰৰ ভোক নিবাৰণ কৰিবলৈ দৰিদ্ৰ পৰিয়ালবোৰৰ মহিলাবোৰক এক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল আৰু তাৰ বিপক্ষে কোনেও মাত মাতিবলৈ সাহস কৰা নাছিল। সুশীলা বা তেনে বহুতো নাৰী এনে জমিদাৰী প্ৰভুৰ দ্বাৰা ধৰ্ষিতা হৈছিল। আৰু দুখৰ বিষয় এইটো যে এনে এটা মানসিক আৰু শাৰীৰিক কষ্টৰ মাজেৰে পাৰ হোৱাৰ পিছতো সেই মহিলাগৰাকীৰ ওচৰত কোনেও থিয় হ’বলৈ সাহস নকৰে বৰং তেওঁকেই চৰিত্ৰহীন আখ্যা দিয়ে। সুশীলাও জমিদাৰৰ ভায়েকহঁতৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ পিছত যেতিয়া নিজৰ ল’ৰাটো আৰু গিৰিয়েকৰ কথা সেই গাঁৱৰেই আন এগৰাকী জমিদাৰৰ ঘৰত কাম কৰা তিৰোতাক সুধিছিল তেতিয়া তাই মিছাকৈয়ে উত্তৰ দিছিল যে তাইৰ গিৰিয়েকে তাইৰ মুখো চাব নিবিচাৰে। তাইক আৰু কোনো কাৰণতেই তেওঁ আকোঁৱালি নলয় লাগিলে অইন মহিলাক বিয়া পাতিব। কিন্তু তাইৰ লগত হোৱা অন্যায়ৰ বাবে নাৰী হৈও কাম কৰা তিৰোতাজনী সহানুভূতিশীল নাছিল কাৰণ তাইও সেই একেই সময় পাৰ কৰি আহিছে আৰু ধৰি লৈছে যে এয়া স্বাভাৱিক কথা।
৩.মন্থন ( MANTHAN)
১৯৭৬ চনত শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত আন এখন হিন্দী ভাষাৰ ছবি ‘মন্থন’, যিখন ভাৰ্গেজ কুৰিয়েনৰ দুগ্ধ সমবায় আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত। ইয়াৰ কাহিনী শ্যাম বেনেগাল আৰু বিজয় তেণ্ডুলকাৰে যৌথভাৱে লিখা। ভাৰতৰ শ্বেত বিপ্লৱৰ পটভূমিত ইয়াৰ পৰিৱেশ ৰচনা কৰা হৈছে। মন্থন হৈছে প্ৰথমখন ক্ৰাউডফাণ্ড দ্বাৰা নিৰ্মিত ভাৰতীয় ছবি। ৫ লাখ কৃষকে ২ টকাকৈ অৰিহণা আগবঢ়াই চিনেমা নিৰ্মাণৰ অংশীদাৰ হৈছে। এয়া এক বিৰল কথা যে কাৰিকৰীভাৱে এই চিনেমাখনৰ ৫ লাখ প্ৰযোজক।
যুৱ পশু চিকিৎসক ডাঃ মনোহৰ ৰাও, যিয়ে দেশমুখ, চন্দ্ৰৱৰ্কাৰ আদি দলটোৰে সৈতে গুজৰাটৰ খেদা জিলাৰ এখন গাঁৱলৈ আহে। গাঁওখনৰ সৰহভাগ লোকেই দৰিদ্ৰ, তেওঁলোকৰ মুখ্য বৃত্তি গৰু-ম’হ পালন আৰু গাখীৰ উৎপাদন, তেওঁলোকে স্থানীয় দুগ্ধপামৰ মালিক মিশ্ৰাক বিক্ৰী কৰে। মিশ্ৰাই তেওঁলোকৰ গাখীৰৰ অতি কম মূল্য দিয়ে। ড০ ৰাও আৰু তেওঁৰ দলটোৱে সমবায় আৰ্হিত দুগ্ধ প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্যেৰে গাঁওখনলৈ আহিছে যিটো সামূহিকভাৱে মালিকানাধীন হ’ব আৰু গাঁওবাসীয়ে নিজেই পৰিচালনা কৰিব। কিন্তু এই সমবায়ৰ সদস্যভুক্তি কৰিবলৈ গাঁওবাসীক পতিয়ন নিয়াতো ইমান সহজ নাছিল। বৰ্ণ বৈষম্যৰ বাবে গাঁওখনৰ মানুহবোৰৰ মাজত ঈৰ্ষা, দ্বেষ, আদিবোৰেহে প্ৰাধান্য পাইছিল। ড° ৰাও আৰু তেওঁৰ দলটোৱে গাঁৱৰ ৰাজনীতি, বৰ্ণবাদ, আৰু গাঁৱৰ মানুহৰ তেওঁলোকৰ ওপৰত থকা অনাস্থা এইবোৰৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে তেওঁলোকে উচ্চ বৰ্ণৰ , নিম্ন বৰ্গৰ উভয়ৰে কিছু লোকৰ শত্ৰুতাৰ মুখামুখি হ’বলগীয়া হয়। বিশেষকৈ হৰিজন নেতা ভোলাৰ দ্বাৰা। কিয়নো সি ভাবে যে যেনেকৈ উচ্চ বৰ্ণৰ লোকসকলে সিহঁতৰ ইমান দিনে শোষণ কৰি আহিছে ঠিক তেনেদৰেই এই চহৰীয়া বাবুসকলেও সিহঁতক ব্যৱহাৰ কৰি মুনাফা লভিবলৈ আহিছে। কিন্তু ‘গংগাৰাম ডেইৰী’ ত গাখীৰৰ মূল্য দিনে দিনে কমাই যোৱাত অতিষ্ঠ হৈ সমবায়ত গাখীৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। এই ক্ষেত্ৰত স্থানীয় গাঁৱৰ মহিলাসকলক নেতৃত্ব দিয়ে এগৰাকী যুৱতী, বিন্দুৱে, যি এটা শিশুৰ মাতৃ আৰু যাৰ স্বামীয়ে তাইক এৰি থৈ গৈছে।
ডাঃ ৰাৱে গাখীৰ বিক্ৰী কৰিবলৈ অহা লোকসকলৰ গাখীৰ পৰীক্ষা কৰি আৰু তেওঁলোকৰ উচ্চ চৰ্বিযুক্ত গাখীৰৰ বাবে উচিত মূল্য দি বিন্দু আৰু অন্যান্য গাঁৱৰ মানুহৰ আস্থা লাভ কৰে আৰু ইয়াৰ ফলত মানুহবোৰে ভাবিবলৈ লয় যে মিশ্ৰাই তেওঁলোকক কেনেদৰে ঠগাই আছিল। উৎপাদক হৈছে সেই খেতিয়কবোৰ কিন্তু মুনাফা লভিছে গংগাৰাম ডেইৰীৰ স্বত্বাধিকাৰী মিশ্ৰাই। গাঁৱত বৰ্ণ বৈষম্যৰ বাবে দুয়ো ফৈদৰ মাজত অৰিয়া-অৰিৰ সৃষ্টি হয়। কিন্তু এইবোৰত ডাঃ ৰাও জড়িত হৈ পৰা দেখি দেশমুখে জাতিগত ৰাজনীতি আৰু গাঁৱৰ উচ্চ জাতি আৰু হৰিজনৰ মাজত বিভাজনৰ বাবে চিন্তিত হৈ ৰাওক ইয়াৰ লগত জড়িত নহ’বলৈ বাৰে বাৰে সকীয়াই দিয়ে। চন্দ্ৰৱৰ্কাৰে স্থানীয় হৰিজন ছোৱালী এজনীৰ প্ৰতি আকৰ্ষিত হয় আৰু তাইৰ লগত গোপনে সাক্ষাৎ কৰে। উচ্চবৰ্ণৰ পঞ্চায়তৰ মুখিয়াল আৰু তেওঁৰ সহযোগীসকলে সমবায়টোও দখল কৰিব বুলি অনুভৱ কৰি হৰিজনসকলে সমবায়ত যোগদান কৰিব নিবিচাৰে। ৰাও আৰু তেওঁৰ সহযোগীসকলে তেওঁলোকৰ মাজত আলোচনা কৰি সমবায়ৰ মুৰব্বী পদৰ বাবে নিৰ্বাচনৰ আয়োজন কৰে। ভোলাই ৰাওৰ আদৰ্শক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যেতিয়া ৰাৱে বিয়াৰ অজুহাতত হৰিজন ছোৱালীজনীক প্ৰতাৰণা কৰাৰ বাবে চন্দ্ৰৱৰ্কাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু পঞ্চায়তৰ মুখিয়ালে হুলস্থুলীয়া আচৰণ কৰাৰ বাবে ভোলাক গ্ৰেপ্তাৰ কৰোৱাত তাক জেইলৰ পৰা জামিনত উলিয়াই আনে।
ইফালে ৰাও আৰু বিন্দুৰ মাজতো এক ধৰণৰ পাৰস্পৰিক বুজাবুজিৰ আৰু ভালপোৱা গঢ় লৈ উঠে, কিন্তু বিন্দুৰ স্বামী হঠাতে ঘৰলৈ উভতি অহাৰ লগে লগে সি বিন্দুক ৰাওক লগ কৰাত বাধা দিয়ে আৰু ৰাওৰ পত্নীয়েও গাঁৱলৈ তেওঁক লগ কৰিবলৈ আহে। নিৰ্বাচনত হৰিজন প্ৰতিনিধি মতি (ভোলাৰ মনোনীত) টাইব্ৰেকাৰত পঞ্চায়তৰ মুখিয়ালক পৰাস্ত কৰে আৰু হৰিজন সকল আনন্দত আত্মহাৰা হয়। কিন্তু পঞ্চায়তৰ মুখিয়ালে এই পৰাজয়ক সহজ ভাৱে ল’ব নোৱাৰি মিশ্ৰৰ লগত যোগ দিয়ে, লগতে বিন্দুৰ নিৰক্ষৰতাৰ সুযোগ লৈ মহ কিনিবৰ বাবে চুক্তিবদ্ধ হোৱা বুলি তাইৰ গিৰিয়েকৰ সহায়তো ডাঃ ৰাওক তাইৰ ধৰ্ষণ কৰা বুলি দাবী কৰা আইনী কাগজত বুঢ়া আঙুলিৰ ছাপ লগাই দিয়ে। এই মিছা অভিযোগ শুনি ডাঃ ৰাও অত্যন্ত ক্ৰোধান্বিত হোৱাৰ লগতে হতাশ হয় কিয়নো তেওঁ বিন্দুৰ পৰা তেনে কাম আশা কৰা নাছিল। কিন্তু বিন্দু এই কথাবোৰ সম্পৰ্কে একেবাৰেই অৱগত নাছিল। ৰাওৰ পত্নীও টাইফয়েড ৰোগত আক্ৰান্ত হৈ আছিল। আৰু সেই সময়তেই তেওঁলৈ বদলিৰ খবৰ আহে, তেওঁ পত্নীৰ সৈতে গুচি যোৱাৰ সিদ্ধান্ত লয়, ভোলাই তেওঁৰ এই সিদ্ধান্তত বৰ হতাশ হয় কিন্তু ডাঃ ৰাওক সি ৰখাব নোৱাৰে। ভোলাই ট্ৰেইনৰ পিছে পিছে দৌৰি অৱশেষত ৰৈ যায় আৰু ট্ৰেইন গুচি যায়। কিন্তু কাহিনীৰ ইমানতে শেষ নহয়। ইয়াৰ পৰা আৰম্ভ হয় এক নতুন অধ্যায়ৰ। ভোলাই দুই-এজন গাঁওবাসীৰ সহযোগত আৰু বিশেষকৈ বিন্দুৰ সহযোগত সমবায়ৰ কাম অব্যাহত ৰাখে আৰু এই যাত্ৰাই অৱশেষত গঠন কৰে পৃথিৱীৰ একমাত্ৰ কোপাৰেটিভ ডেইৰী ‘আমূল’। দুজনেই ড° ৰাওৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ নতুন সাহস, ন উদ্যমেৰে আগবাঢ়ি আহিছে সমাজৰ পৰা বৰ্ণ বৈষম্যৰ অন্ত পেলাবৰ বাবে, দৰিদ্ৰ কৃষকবোৰক অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ। চিনেমাখনৰ নাম ‘মন্থন’ শব্দটোৰ তাৎপৰ্য এইখিনিতেই। ডাঃ ৰাওৰ আদৰ্শ আৰু কৰ্মৰ মন্থনৰ জৰিয়তে সিহঁত এতিয়া একোজন পৰিৱৰ্তিত ব্যক্তি।
চিনেমাখনৰ ডাঃ ৰাওৰ চৰিত্ৰত অভিনয় কৰা গিৰীশ কাৰ্ণাড, বিন্দুৰ চৰিত্ৰত স্মিতা পাতিল, মিশ্ৰাৰ চৰিত্ৰত অমৃশ পুৰী, ভোলাৰ চৰিত্ৰত নাছিৰুদ্দিন শ্বাহৰ অভিনয় অতি সূক্ষ্ম আৰু প্ৰভাৱশালী। কোনো এটি মূহুৰ্ততেই এই সকল অভিনেতাই গাঁৱলীয়া মানুহৰ দুৰ্যোগপূৰ্ণ জীৱনটোক চিত্ৰায়িত কৰাত ব্যৰ্থ হোৱা নাই। এজন চহৰীয়া সকলো সা-সুবিধাৰে পুষ্ট ডাক্তৰে যি ধৰণে গাঁওবাসীৰ লগত বিভিন্ন ধৰণে একাত্ম হোৱাৰ চেষ্টা কৰিছে আৰু গাঁওবাসীৰ তেওঁৰ প্ৰতি থকা সন্দেহ ভাবে কাহিনীটোক অধিক জীৱন্ত কৰি তুলিছে। একেদৰেই ডাঃ ৰাওৰ ভোলা সম্পৰ্কে থকা মত পিছলৈ সলনি হৈছে কিয়নো তেওঁ উপলব্ধি কৰিছে যে আচলতে ভোলাৰ তেনে আচৰণৰ মূলতেই আছে প্ৰতি দিনে তেওঁলোকৰ ওপৰত হোৱা শোষণ। দৰিদ্ৰতাই জুৰুলা কৰা এইসকল লোকৰ জীৱনবোৰক মিশ্ৰাৰ দৰে ব্যক্তিবোৰে অধিক জটিল কৰি তোলে।
মন্থনৰ কাহিনীটোৱে মালিকানা ব্যৱস্থাৰ বিপৰীতে সমবায় ভিত্তিত সংগঠিত হোৱাত উৎসাহ যোগাইছে। কিয়নো মালিকানা ব্যৱস্থাত উৎপাদনৰ লগত জড়িত কৰ্মচাৰী বা শ্ৰমিক সকলে কেতিয়াও লাভৰ অংশ নাপায়, লাভৰ অংশ জমা হয়গৈ স্বত্বাধিকাৰীৰ হাতত। কিন্তু সমবায় ভিত্তিত কৰা কামত প্ৰতিজন উৎপাদন কাৰ্য্যৰ লগত জড়িত ব্যক্তিয়েই তাৰ সদস্য আৰু লাভৰ অংশ সকলোৰে ভাগত বিভক্ত হয়। ইয়াত জাতি, বৰ্ণৰ ভিত্তিত সদস্য অন্তৰ্ভুক্তি নহয়। গতিকে এই ব্যৱস্থাই সমাজে সদায় শোষণ কৰি অহা নিম্ন বৰ্গৰ লোককো সাহস আৰু উদ্দীপনা যোগাই নিজৰ অৱস্থাৰ উত্তৰণ ঘটাবলৈ।
এই চিনেমাখনে এফালে যেনেকৈ এক উদ্দীপনাৰ জন্ম দিছে আনফালে আকৌ জন্ম দিয়ে অসন্তোষ, উদ্বিগ্নতাৰ। অতি সৰলভাৱেই এই ধৰণৰ বিষয় বস্তুক দৰ্শকৰ আগত উপস্থাপন কৰিব পৰাটোতেই বেনেগালৰ সফলতা।
সামৰণি:
সমাজ বাস্তৱতাক সূক্ষ্মভাৱে তুলি ধৰাত আৰু তাক প্ৰত্যাহ্বান জনোৱাত চিনেমাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। পৰিচালকসকল তথা চিত্ৰ নাট্য লিখক সকলে সমাজৰ ব্যধি সমূহৰ প্ৰতি সচেতন হ’লে আৰু সচেতন ভাৱে ইয়াৰ বিশ্লেষণ কৰিলে সমাজৰ সঁচা ছবিখন দাঙি ধৰিব পৰা চলচ্চিত্ৰ নিৰ্মাণ হ’ব। ‘অংকুৰ’ ৰ দৰে চিনেমাৰ প্ৰয়োজন এতিয়াও আছে আৰু সদায় থাকিব। কাৰণ সমান্তৰাল চিনেমাতকৈও এইধৰণৰ চিনেমাই দৰ্শকৰ ওপৰত সহজেই প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই চিনেমাবোৰে কেৱল সমস্যাটো আঙুলিয়াই নিদিয়ে বৰং ই এক পৰিবৰ্তনৰ আশাৰ সঞ্চাৰ কৰে।
আপোনালোকৰ সুবিধাৰ্থে শ্যাম বেনেগালৰ আৰু কেইখনমান চিনেমাৰ লিংক ইয়াত সংযোগ কৰিলোঁ। সকলোৱে এই লিংকত গৈ চিনেমাবোৰ চাব পাৰিব।
১. Bhumika (https://youtu.be/iVBEv0TTmXI?si=QOtCN85cudyw7EJH)
২. Hari Bhari (https://youtu.be/yAkrCUvMcjs?si=xuLv_OG03XwMV0rk)
৩. Mandi (https://youtu.be/SQd3ER81mnU?si=UYMAAns1kZ-6WS-M)
৪. Mammo (https://youtu.be/YNXtjNbSslE?si=81pBMftCBlebHMKg)
৫. Zubeidaa ( https://youtu.be/_0DDxM1UPi0 )
তথ্য সূত্ৰ:
১. YouTube
২. Wikipedia
৩.https://youtu.be/TUt2AYXfIOA?si=eDrf6fzF07J-7JBu
৪.https://youtu.be/-6_t9bFJk9g?si=Hc0Tg5TuAUyUXHxR
৫.https://youtu.be/ASNoAeJKFx8?si=vom7-fnMiYZOXQ69
৬.https://youtu.be/g9PrpPXk2e8?si=hyTifh74GzaLsHMW
৭.https://robbar.in/daily-update/an-article-about-manthan-by-shyam-benegal/?utm_source=izooto&utm_medium=push_notifications&utm_campaign=Robbar
১১.https://youtu.be/20CJcXSFYzY?si=ihtThPHojy4t1mc8
১২.https://youtu.be/FNM2KG8zyuI?si=wp1zhTPyo50DjBA1