চিনেমাশিল্প-কলা-সংস্কৃতি

জাগো হুৱা সবেৰা ।। কিশোৰ শৰ্মা

(১)

‘জাগো হুৱা সবেৰা’ তেতিয়াৰ পূব পাকিস্তানত নিৰ্মাণ কৰা এখন অনবদ্য চলচ্চিত্ৰ। ইয়াৰ ইংৰাজী নাম ‘The Day Shall Dawn’। এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল ১৯৫৯ চনত। চলচ্চিত্ৰখনৰ চিত্ৰ গ্ৰহণ মেঘনা নদীৰ পাৰত কৰা হৈছিল। (“Filmed on location at Saitnol, on the bank of the river Meghna-30 miles south, as the crow flies, from Dacca, in East Pakistan.”) এই চলচ্চিত্ৰখন নৈপৰীয়া এখন সমাজৰ প্ৰতিচ্ছবি। কাহিনীটোত মাণিক বন্দ্যোপাধ্যায়ৰ ‘পদ্মানদীৰ মাঝি’ৰ প্ৰভাৱ লক্ষ্য কৰিলেও চলচ্চিত্ৰখনৰ কাহিনীটো সুকীয়া।

চলচ্চিত্ৰখনৰ পৰিচালক (Director) হ’ এ. জে. কাৰ্ডাৰ (Akhtar J. Kardar)৷ ১৯২৬ চনৰ ২৫ নবেম্বৰত লাহোৰ (পাকিস্তান)ত জন্ম গ্ৰহণ কৰা এ. জে. কাৰদাৰে London School of Arts & Goldsmiths College- ত ‘Art and Cinematography’ৰ শিক্ষাগ্ৰহণ কৰিছিল। এ. জে. কাৰ্ডাৰে ফেয়েজ আহমেদ ফেয়েজৰ সৈতে কেইবাখনো তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। এই চলচ্চিত্ৰখনৰো কাহিনী, গীতৰ কথা আৰু সংলাপ ফেয়েজ আহমেদ ফেয়েজৰৰ। সংগীত পৰিচালনা কৰিছে তিমিৰ বাৰণে।

চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে জাৰ্মানীত জন্মগ্ৰহণ কৰা ব্ৰিটিছ চিনেমাট’গ্ৰাফাৰ ‘ৱালটাৰ লাছালি’’ (Walter Lassally) যিয়ে ১৯৬৫ চনতে ‘অকাডেমী এৱাৰ্ড’ লাভ কৰিছিল।

তৃপ্তি মিত্ৰ (বাওঁফালে) আৰু চামচুন নেহাৰ

চলচ্চিত্ৰখনত মালাৰ চিৰত্ৰত অভিনয় কৰিছে তৃপ্তি মিত্ৰই, কাছেমৰ অভিনয় কৰিছে খান আটাউৰ ৰহমানে, লাল মিঞাৰ অভিনয় কৰিছে কাজি খালিকে, গঞ্জুৰ চৰিত্ৰটোত অভিনয় কৰিছে মাইনা লতিফে আৰু জুৰাইন ৰক্ষীয়ে অভিনয় কৰিছে মিঞাৰ চৰিত্ৰত। চৰিত্ৰসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত যি গ্ৰহণযোগ্যতা লাগে সেয়া কুশলী সকলে আদায় কৰিছে। ক’তো অতিৰঞ্জন নহোৱাকৈয়ে অভিনেতাসকলে পৰিস্থিতিসমূহক অধিক বাস্তবায়িত কৰিছে।

(২)

চিনেমাখনৰ প্ৰদৰ্শন

১৯৫৯ চনতে নিৰ্মাণ হোৱা চলচ্চিত্ৰ খনৰ কথা সাম্প্ৰতিক সময়ত এই কাৰণে অৱতাৰণা কৰা হৈছে যে ইয়াৰ প্ৰাসংগিকতা আজিও শেষ হোৱা নাই। এই প্ৰসংগত ড০ হীৰেন গোহাঁইৰ এটা লিখাৰ কিয়দংশ উনুকিয়াব পাৰি, ‘‘ সাম্প্ৰতিক বিশ্বৰ পুঁজিবাদী ধ্যান-ধাৰণা তথা চেতনা চলচ্চিত্ৰৰ দ্বাৰা জনগণৰ ওচৰ চাপি আহে। অ‘ত-ত’ত ক’ৰবাত সেই বিশ্বৰ চাল-চলন আৰু চৰিত্ৰও চলচ্চিত্ৰৰ দ্বাৰা পৰীক্ষিত আৰু সমালোচিত হয়। কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে চলচ্চিত্ৰই সাম্প্ৰতিক অন্যায় আৰু বৈষম্যৰ ওপৰত প্ৰতিষ্ঠিত বিশ্বক জনগণৰ বাবে বোধগম্য আৰু গ্ৰহণীয় কৰি ৰাখিছে। লাখ লাখ কোটি টকা বিনিয়োগ হোৱা এই উদ্যোগত সেইটো হোৱাই স্বাভাৱিক। নিঃসন্দেহে এই ব্যৱসায়িক পটভূমিৰপৰা আঁতৰত কিছুমান তথ্যচিত্ৰ আৰু কাহিনী চিত্ৰ নিৰ্মিত হয়, যিবিলাকে প্ৰচলিত ধ্যান-ধাৰণাবোৰক কম-বেছি পৰিমাণে জোকাৰ খুৱাব পাৰে। কিন্তু এই উদ্যোগৰ পৰিৱেশন পদ্ধতিয়ে সেই ধৰণৰ চলচ্চিত্ৰ এলাগী কৰি ৰাখে বা অতি কমসংখ্যক দৰ্শকৰ আগত মেলি ধৰে। ফলত চিনেমাৰ বাস্তৱতা আৰু অপৰীক্ষিত বাস্তৱবোধৰ মাজত সংঘাত খুব কমেই হয়। চিনেমা এবিধ বিনোদন সামগ্ৰী হিচাপেহে আমাৰ পৰিচিত। কিন্তু সি আমাক আমাৰ অন্যায়পীড়িত জগতখনৰ অন্তৰংগ কৰে৷’’ এই চলচ্চিত্ৰখনৰ মূলসুঁতিৰ চলচ্চিত্ৰবোৰৰ লগত বিষয়গত পাৰ্থক্য আছে। এ. জে. কাৰ্ডাৰৰ পুত্ৰ এড্ৰিয়েন কাৰ্ডাৰে কৈছিল, “Our father was an idealist, in that the cinema he wanted to make had to serve a social purpose, or purport an important social or political message.”৷ চলচ্চিত্ৰখনে যি সামাজিক বা ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিছে তাক ইয়াত সম্যক বিচাৰ কৰাৰ চেষ্টা চলোৱা হ’ব।

এই ছবিখন ১৯৫৯ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানত প্ৰদৰ্শন কৰা হৈছিল। কিন্তু দৰ্শকে ভালদৰে গ্ৰহণ নকৰিলে। ইয়াৰ কাৰণ নাওমান তাছিৰৰ পুত্ৰ অঞ্জুম তাছিৰে এনেদৰে কৈছিল, ‘‘The film was shown in February 1959, but the reception was poor. Firstly, people were not ready for neo-realism, and also, I believe the distributors were pressured to cut short the viewings.”

আয়ুব খান চৰকাৰে পাছত ইয়াৰ প্ৰদৰ্শনী বন্ধ কৰি দিছিল। ইয়াৰ কাৰণ এয়ে যে ইয়াত বাওপন্থী ভাবধাৰৰ মানুহ জড়িত হৈ আছে। পিছলৈ ইয়াৰ ‘প্ৰিণ্ট’বোৰ হেৰাই গৈছিল। অঞ্জুম তাছীৰে লণ্ডন, পেৰিছ আৰু ফ্ৰাঞ্চত বিক্ষিপ্ত হৈ থকা ৰীলবোৰ লগ লগাই ছবিখন সঠিকভাৱে পুনৰদ্ধাৰ কৰিছিল। এই ক্ষেত্ৰত তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে, “Certainly, society has become more intolerant and saner and liberal voices are being drowned, but hope must never die.”

চৰকাৰী পক্ষৰ ষড়়ন্ত্ৰৰ বলি নহোৱাহেঁতন পাকিস্তানত নব্য বাস্তৱবাদী ধাৰা আৰু আধিক শক্তিশালী হোৱাৰ সুযোগ থাকিলহেঁতন।

এই চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ লগতে অসংখ্য বঁটা লাভ কৰিছিল। ‘বিদেশী চলচ্চিত্ৰ শিতান’ত অস্কাৰৰ বাবে দাখিল কৰা এইখনেই আছিল প্ৰথমখন পাকিস্তানী চলচ্চিত্ৰ।

(৩)

চলচ্চিত্ৰখনৰ কাহিনীটো এনেধৰণৰ-

‘মিঞা’ আৰু ‘কাছেম’ দুই ভাই-ককাই। ‘মিঞা’ বিবাহিত আৰু ‘কাছেম’ অবিবাহিত। তেওঁলোকৰ নিজৰ নাও নাই কাৰণে আনৰ নাও ভাড়াত লৈ মেঘনাত মাছ ধৰে। বিক্ৰী কৰি পোৱা টকাৰে টনাটনিকৈ সংসাৰ চলে। এদিন, ৰাতি কষ্টৰে ‘মেঘনা’ত ধৰা মাছ দিনত বিক্ৰী কৰি উভতি আহি গম পায় যে ‘মিঞা’ই পুনৰ এটা ল’ৰা সন্তানৰ বাপেক হৈছে। ইতিমধ্যে ‘মিঞা’ৰ তিনিটা সন্তান আছেই। এজনী ছোৱালী, দুটা ল’ৰা। অপুষ্টিত ভুগা ‘মিঞা’ৰ অৰ্ধাংগিনী ‘মিনা’ই সহায় কৰাৰ বাবে নিজৰ ভনীয়েক ‘মালা’ক অনাৰ বাবে প্ৰস্তাৱ দিয়ে। ‘মিঞা’ই তৎক্ষণাত এই প্ৰস্তাৱ মানি লয়। ককায়েক ‘মিঞা’ই এই দায়িত্ব দিয়ে কাছেমক। ‘কাছেম’এ সেই দায়িত্ব পালন কৰি মালাক দেৱেগঞ্জৰ পৰা ঘৰলৈ লৈ আহে। ইয়াতে ‘কাছেম’ আৰু ‘মালা’ৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

মিনা
মিঞা
মালা

‘লাল মিঞা’ হ’ল সেই অঞ্চলৰ ধনাঢ্য ব্যক্তি, চলন্ত বেঙ্ক৷ তেওঁ ষাইটনল মৌজাৰ মেঘনা নদীত মাছ মৰাৰ অধিকাৰ সেই বছৰৰ বাবে নিলামত লৈছে। সেই ‘লাল মিঞা’ই ‘মালা’ৰ প্ৰতি আসক্তি অনুভৱ কৰে। সেই সূত্ৰে ‘কাছেম’ৰ লগত সংঘাত হয়। ‘কাছেম’ স্বাধীনচিতীয়া। ‘লাল মিঞা’ৰ তলত বা বহতীয়া হৈ কাম কৰাত আগ্ৰহী নহয়। গাঁৱৰ মেলা এখনৰ সুযোগ লৈ ‘লাল মিঞা’ই মালাৰ কাষ চাপে। দুয়ো কথা পাতি থাকোঁতে ‘কাছেম’ উপস্থিত হয়। ‘কাছেম’-এ পুনৰ ‘লাল মিঞা’ক উপেক্ষা কৰি ‘মালা’ক আঁতৰাই আনে। ‘মালা’ই ‘লাল মিঞা’ৰ লগত কথা পতাৰ কাৰণে ‘কাছেম’ৰ অভিমান হয়। এই অভিমান ভাঙি ‘মালা’ ‘কাছেম’ৰ আৰু ওচৰ চাপে। মেলাত ফটকাৰ আৱাজত ভীত হৈ দৌৰ মৰা গৰুৰ গছকত ‘মিঞা’ৰ ছোৱালী ‘মেইনা’ৰ ভৰি এখনৰ হাড় ভাঙে। ইয়াৰ সুযোগলৈ ‘লাল মিঞা’ই এজন বৈদ্য লৈ ‘মিঞা’ৰ ঘৰলৈ যায়। এই অঘটন ‘কাছেম আৰু ‘মালা’ৰ প্ৰেমজনিত অমনোযোগিতাৰ কাৰণে হোৱা বুলি ‘মিঞা’ৰ অৰ্ধাংগিনী মিনাক কৈ আহে আৰু বৈদ্যই ‘মেইনা’ৰ ভৰিৰ বিষ ভুত প্ৰেতৰ কাৰণে হোৱা বুলি বিধান দি আহে। ‘কাছেম’এ কিন্তু ‘মেইনা’ৰ ভৰিৰ হাড় ভঙাৰ কাৰণে এনে হৈছে বুলি নিশ্চিতহৈ ‘মেইনা’ক চহৰৰ চিকিৎসালয়লৈ লৈ যায়। ঘটনাচক্ৰত ‘মালা’ও লগত যাবলৈ বাধ্য হয়। এই যাত্ৰাত ‘মালা’ আৰু ‘কাছেম’ৰ প্ৰেম আৰু গাঢ় হয়।

মালা আৰু কাচেম
লাল মিঞা

‘লাল মিঞা’ই ‘কাছেম’ আৰু ‘মালা’ৰ সম্পৰ্কটোক লজ্জাজনক আৰু অবৈধ শাৰীৰিক সম্পৰ্কৰ ৰূপ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। এই চেষ্টাত তেওঁ সফল হয়। সৰল ‘মিঞা’ই ‘মালা’ আৰু ‘কাছেম’ৰ সম্পৰ্কটোৰ কাৰণে অৰ্ধাংগিনীৰ লগত কাজিয়া কৰে।

গঞ্জুৰ মাক
মাছমৰীয়াসকল

সমান্তৰাল ভাবে চলি থাকে আন এটা কাহিনী৷ সেই কাহিনীটো ’গঞ্জু’ৰ। ‘গঞ্জু’ৱে অধিক পৰিশ্ৰম কৰি নাও কিনিবলৈ সক্ষম হয়। কিন্তু নাও নদীত চলোৱাৰ আগতে গঞ্জুৰ মৃত্যু হয়। ‘লাল মিঞা’ই ‘গঞ্জু’ৰ নাওখন বিক্ৰী কৰিবলৈ উভতাই নিবলৈ সাজু হয়। ‘মিঞা’ই নিজৰ পৰিয়ালৰ সঞ্চিত সমস্ত ধনৰে নাওখন কিনিবলৈ হাবিয়াস কৰে। কিন্তু বিফল হয়। এই বিফলতাৰ পিছত কাহিনীটোৱে অন্য মোৰ লয়। ‘মিঞা’ই ‘কাছেম’ আৰু ‘মালা’ৰ প্ৰেমক স্বীকাৰ কৰি লয় আৰু সমান উচ্ছাহেৰ পুনৰ নিজৰ জীৱন সংগ্ৰামত ব্ৰতী হয়৷

(৪)

এই সৰল কাহিনীটোৰ ভাজে ভাজে সোমাই আছে সামন্তীয় শোষণৰ বিভিন্ন উপাদান। এই শোষণৰ হাতে হাত ধৰি হাড়ে-হিমজুৱে শিপাই থকা পুৰুষতান্ত্ৰিক আচাৰ-বিচাৰ সমূহে কেনেদৰে এখন শ্ৰমজীৱী সমাজক নিয়ন্ত্ৰণ কৰি থাকে সেয়াই এই কাহিনীৰ মূল উপজীব্য।

ষাইটনল মৌজাৰ অন্তৰ্গত মেঘনাত ‘মাছ ধৰাৰ অধিকাৰ’ৰ নিলাম হয়। অৰ্থাৎ তাৰ পৰা কৰ সংগ্ৰহ কৰে চৰকাৰে। নিলামত সেই অধিকাৰ কোনো এজন মানুহৰ হাতলৈ যায়, যাৰ হাতত টকাৰ অভাৱ নাই তেওঁ পাই সেই অধিকাৰ। মেঘনাৰ মৎস্যজীৱীৰ পৰা সেই টকা তেওঁ আদায় কৰি লয়। ‘লাল মিঞা’ তেনে এক ধনাঢ্য ব্যক্তি। চৰকাৰী দৰ আছিল ১৫শ টকা। আন দুজন ধনাঢ্যৰ লগত সন্মান আৰু আধিপত্যৰ যুঁজ চলাই ‘লাল মিঞা’ই ২ হাজাৰ টকাত ঘাটটো নিজৰ হাতত ৰাখে। তেওঁ লগাতকৈ বেছি দামত নিলামত ঘাটটো লৈছে। কিন্তু তাৰ দ্বাৰা ৰাইজৰ লাভ নহয়। কাৰণ তেওঁ ৰাইজৰ পৰা বেছি টকা আদায় কৰিব যিহেতু চৰা দামত ঘাট নিলামত লৈছে। সেয়াই হ’ল। তেওঁ ৰাইজক এই কথা পতিয়ন নিয়ালে যে তেওঁ ৰাইজৰ হকেহে এই কাম কৰিলে। নহলে ৰাইজৰ দিগদাৰ আছিল।

এই ‘লাল মিঞা’ সেই অঞ্চলৰ চলন্ত বেঙ্ক। সকলোৱে সাঁচতীয়া ধন তেওঁৰ ওচৰত জমা ৰাখে। ধনাঢ্য সকলৰ মাজৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা তেওঁ দুখীয়া মানুহখিনিৰ মাজত সোমাই দিবলৈ চেষ্টা কৰে। সেই কাৰণে অধিক টকা জমা কৰিবলৈ সক্ষম হোৱা গঞ্জুৰ উদাহৰণ দি ‘মিঞা’ক অঘোষিত এই টকা জমা কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাবলৈ যত্ন কৰিছে। এই যুঁজত লিপ্তহৈ যিমানেই সহযোগিতাৰ পৰা মানুহে দূৰত্বত অৱস্থান গ্ৰহণ কৰে সিমানেই শাসকসকলৰ লাভ।

অকল অৰ্থনৈতিক নহয় ‘‘লাল মিঞা’হঁতে নিজৰ আধিপত্যৰ বাবে বিভিন্ন কৌশল ৰচনা কৰে। ‘কাছেম’ক তেওঁ এই কাৰণে বেয়া পাই যে ‘কাছেমে’ তেওঁৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে। তেওঁৰ ওচৰত আন মানুহৰ দৰে টকা জমা নাৰাখে। ‘লাল মিঞা’ই সঠিক হিচাপ কৰিব নজনা মানুহবোৰে তেজক পানী কৰি উপাৰ্জন কৰা কৰি জমা ৰখা টকাৰ পৰা চান কাঢ়ে। সেইটো বন্ধ হোৱা মানে তেওঁৰ অসৎ উপাৰ্জন বন্ধ হোৱাৰ লগতে তেওঁৰ মাতব্বৰি বন্ধ হোৱা। তেওঁৰ মাতব্বৰি বাহাল ৰখাৰ স্বাৰ্থত তেওঁ অবৈজ্ঞানিক ধ্যান ধাৰণা সমূহ সমাজত বৰ্তাই ৰখাটো তেওঁৰ বাবে অত্যন্ত দৰকাৰী কাম। মেইনাৰ ভৰি ভাঙোতে সেয়ে তেওঁ বৈদ্যৰ দ্বাৰা চিকিৎসা কৰাব লৈছে। অথচ তেওঁক সেই দায়িত্ব কোনোৱে দিয়া নাই। ‘কাছেম’-এ কিন্তু  তাইক চহৰৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ গৈছে । এইটো মানি ল’ব নোৱাৰি যে চহৰৰ চিকিৎসালয়ত এই ধৰণ চিকিৎসা যে হয় সেই কথা ‘লাল মিঞা’ই নাজানে৷ ‘কাছেমে’ যেতিয়া ‘মেইনা’ক চহৰৰ চিকিৎসালয়লৈ লৈ যাবলৈ নদীৰ ঘাটলৈ গৈ আছে, অঞ্চলটোৰ কেইবাজনো মানুহ পাছে পাছে গৈছে। এই নতুন ‘ধাৰণা’ৰ প্ৰতি মানুহবোৰ যেন কৌতূহলী হৈ উঠিছে। এইটো ‘লাল মিঞা’হঁতৰ দৰে মাতব্বৰ সকলৰ বাবে শুভ লক্ষণ নহয়। সেয়ে সেই ঘটনাটোক অন্য ৰূপ দিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ‘মেইনা’ই নেৰা-নেপেৰাকৈ লাগি ধৰা বাবে ‘কাছেম’ৰ লগত ‘মালা’ও চহৰৰ চিকিৎসালয়লৈ যাবলৈ বাধ্য হৈছে। ‘লাল মিঞা’ই ‘মালা’ আৰু ‘কাছেম’-এ চিকিৎসা কৰোৱাৰ গইনা লৈ দৈহিক ক্ষুধা চৰিতাৰ্থ কৰাৰ কাৰণে চহৰলৈ যাব ওলাইছে বুলি ৰাইজক আভুৱা-ভাঁৰিছে। ইয়াৰ লগে লগে ‘লাল মিঞা’ৰ ‘মালা’ক পোৱাৰ আশা নিৰ্বাপিত হৈছে৷ ব্যক্তিগত স্বাৰ্থত আঘাত হোৱাৰ বাবে তেওঁৰ খং দুগুণ চৰিছে৷ ।

ইমানেই নহয় ‘মিঞা’ই ‘লাল মিঞা’ৰ ওচৰত থোৱা টকাৰ পৰিমাণ আছিল ৬৭৪। কিন্তু ‘লাল মিঞা’ৰ হিচাপত সেয়া হ’ল ৬২০। ‘মিঞা’ই ‘লাল মিঞা’ৰ পৰা টকা চুৰি কৰিবলৈ ওলাই শেষ পৰ্যন্ত তেওঁ চুৰি নকৰি যি সততাৰ পৰিচয় দিছিল, সেই সততা ‘লাল মিঞা’ৰ নাই। চুৰি কৰাৰ পৰত ‘মিঞা’ৰ যি দ্বন্দ্ব সৃষ্টি হৈছিল সেয়াও ‘লাল মিঞা’ৰ নাই। শোষকৰ চৰিত্ৰৰ এইটোৱে নমুনা। ‘মিঞা’হঁতৰ ওপৰত আখেজ পূৰ্ণ কৰাৰ সুযোগ তেওঁ এৰি দিয়া নাই।

সামন্তবাদী আৰ ব্ৰাহ্মণ্যবাদৰ বিভিন্ন উপাদানৰ প্ৰসংগ চলচ্চিত্ৰখনত বিচাৰ কৰি চাবলগীয়া। কব নোৱাৰাকৈয়ে সেই উপাদান সমূহে স্বয়ংক্ৰিয় ভাৱে কাম কৰি থাকে। ইয়াৰ কু-ফল নিম্নবৰ্গৰ সমাজখনে ভোগ কৰে। তাতোধিক ভোগ কৰে সেই সমাজৰ নাৰীয়ে। পুৰুষতান্ত্ৰিক উপাদান সমূহ এই চলচ্চিত্ৰখনত বিচাৰ্যৰ বিষয়।

‘মিঞা’ৰ সদ্যজাত সন্তানৰ খবৰ প্ৰতিৱেশী এজনে দিয়াৰ লগে লগে ‘মিঞা’ৰ লগতে থকা ভায়েক ‘কাছেম’ৰ তৎক্ষণাৎ সোধা প্ৰশ্নটো হ’ল ‘ল’ৰা নে ছোৱালী?’ এইটো তেওঁৰ প্ৰথম প্ৰয়োজনীয় কথা কিয় হ’ল! হয়তো তেওঁৰ ভিতৰত এইটো customize কৰাই আছে যে ছোৱালী হ’লেই জঞ্জাল, বিয়াৰ নামত বিভিন্ন খৰচ, ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত সংশয় ইত্যাদি, ল’ৰা হ’লে এইবোৰ সমস্যা নাই তদুপৰি ল’ৰা ডাঙৰ হ’লে পৰিয়ালৰ আয়ৰ উৎস হ’বলৈ সক্ষম।

‘কাছেম’ৰ ‘মালা’ৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে। ‘মালা’ই ‘লাল মিঞা’ৰ লগত মেলাত হাঁহি হাঁহি কথা পাতি থকা দেখি ‘কাছেম’ৰ খং উঠিছে। এয়া প্ৰেমজনিত ঈৰ্ষাৰ বৰ্হিপ্ৰকাশ নে প্ৰেমাস্পদক নিজৰ সম্পত্তিৰ দৰে ভবাৰ পৰম্পৰাগত চিন্তাৰ বুৰবুৰণি। ইয়াত ‘মালা’ৰ ইচ্ছা অনিচ্ছাৰ কথাটো বিবেচনা কৰা হোৱা নাই। তাৰ পৰৱৰ্তী দৃশ্যত এইটো প্ৰতিপন্ন হৈছে যে ‘মালা’ই ‘কাছেম’ক ভাল পায়। কিন্তু ‘কাছেম’ক ভালপোৱাৰ অৰ্থ এনে হ’ব পাৰে নেকি যে তাই আন কাৰো সৈতে কথা পাতিব নোৱাৰিব। আনে ফুচুলাই লৈ যাব এনে বিচাৰ সুস্থ হ’ব পাৰেনে। অৱশ্যে এনে এখন প্ৰান্তীয় সমাজত এনে বৈপ্লৱিক চিন্তাৰ উন্মেষ কেনেদৰে আহিব এই প্ৰশ্নটো নিশ্চয় আহিব পাৰে। কিন্তু এই মনুবাদী চিন্তাৰ বিকাশ এনে সমাজত কেনেদৰে হৈছে সেই প্ৰশ্নটো সমান্তৰালভাৱে আহিব লাগে।

চলচ্চিত্ৰখনত ‘কাছেম’এ একমাত্ৰ চৰিত্ৰ যিয়ে প্ৰভাৱশালী ‘লাল মিঞা’ৰ বিৰুদ্ধে ঠিয় হোৱাৰ সাহস দেখুৱাইছে। বেমাৰত আধুনিক চিকিৎসাৰ সহায় লোৱাৰ কথা ভাবিব পাৰিছে। কিন্তু তেওঁ ইমানৰ পাছতো কাকো প্ৰভাৱিত কৰিব পৰা নাই। কাৰণ তেওঁৰ চিন্তা ব্যক্তি পৰ্যায়তে ৰৈ গৈছে। ‘মেইনা’ৰ চিকিৎসাৰ ক্ষেত্ৰত আগভাগ লোৱা ‘কাছেম’ কিন্তু গঞ্জুৰ বেমাৰৰ প্ৰতি উদাসীন।

‘মিঞা’ সৰল। প্ৰভাৱশালী ‘লাল মিঞা’ৰ অনুগামী। অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা ক্ষমতা তেওঁৰ নাই। ‘লাল মিঞা’ৰ ওচৰত জমা ৰখা টকাৰ হিচাপত ‘লাল মিঞা’ই হেৰ-ফেৰ কৰাৰ পাছতো মুখ খুলি প্ৰতিবাদ কৰা নাই। ভবিষ্যতে এখন নাও কিনিব এই চিন্তাটোৱে তেওঁৰ চলন্ত শক্তি। সেই কাৰণে টকা জমা কৰাটোৱেই তেওঁৰ নিচা। আনকি তেওঁৰ পুত্ৰ সন্তান জন্ম হোৱা কথাটো শুনি ঘৰ পোৱাৰ প্ৰথমে পাছত প্ৰথমে সন্তানৰ ওচৰলৈ যোৱা নাই। প্ৰথমে টকাৰ হিচাপ কৰিছে, তাৰ পাছতহে সন্তানৰ ওচৰলৈ গৈছে। তাৰমানে এনেও নহয় যে মিঞা দয়া মৰমহীন অৰ্থলোভী লোক। দৰিদ্ৰতাৰ পৰা সকাহ বিচাৰি থকাৰ চিন্তা আৰু পৰিয়ালৰ দায়িত্বৰ ভৰত মানুহজন কোঙাহৈ পৰিছে। ইয়াৰ পিচতো মানুহজন কিন্তু পুৰুষতান্ত্ৰিক ধ্যান ধাৰণাৰে পুষ্ট। ‘লাল মিঞা’ৰ প্ৰৰোচনাত তেওঁ ঘৰলৈ আহি হোকা টানিছে আৰু ‘গঞ্জু’ৰ নাওখন ক্ৰয় কৰাৰ সময়তো অৰ্ধাংগিনী ‘মিনা’ৰ লগত আলোচনা কৰাৰ কথা বাদেই তেওঁৰ সাঁচতীয়া ধনখিনি লৈ গৈছে অনুমতি নোলোৱাকৈয়ে। কিন্তু পুতেক বা ভায়েকৰ ধানখিনিৰ ক্ষেত্ৰত তেনে কৰা হোৱা নাই। তেওঁলোকে স্বইচ্ছাই নিদিয়ালৈকে ‘মিঞা’ই এবাৰো কোৱা নাই। অথচ ভায়েকৰ হাতত সাঁচতীয়া ধন থকা কথাটো তেওঁ জানে। অৰ্ধাংগিনী ‘মিনা’ অপুষ্টিত ভুগি দুৰ্বলহৈ থকা সত্ত্বেও সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া ‘মিঞা’ৰ বন্ধ হোৱা নাই। ‘মিনা’ক সহায় কৰিবলৈ ভনীয়েক ‘মালা’ক অনাৰ ক্ষেত্ৰত আগভাগ লৈছে সেইটো আকৌ ‘মিনা’ৰ অনুৰোধ মৰ্মেহে হৈছে। এইবোৰ দায়িত্বহীনৰ, পুৰুষতান্ত্ৰিকতাৰ নিদৰ্শন।

‘মিঞা’ও ‘গঞ্জু’ৰ বেমাৰৰ প্ৰতি উদাসীন।

‘গঞ্জু’ৰ এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম। নাও এখন ক্ৰয় কৰাৰ বাবে অমানুষিক শ্ৰম কৰিছে যদিও তেওঁ প্ৰতিৱেশীৰ প্ৰতি উদাসীন নহয়। সেই কাৰণে তেওঁ চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়ত বাটতে ‘কাছেম’ক লগ পাই ‘মেইনা’ ভালে ভালে আছেনে সুধিছে। তেওঁৰ মাক অথৰ্ব হোৱা সত্ত্বেও তেওঁ নাও তৈয়াৰ হোৱাৰ বতৰা, নিজৰ নাও লৈ নদীত মাছ মাৰিবলৈ যোৱাৰ বতৰা মাকক দি আছে।

‘মিঞা’ৰ অৰ্ধাংগিনী ‘মিনা’ পুৰুষতন্ত্ৰৰ স্বীকাৰ হৈছে। কিন্তু তেওঁ নিজেও পুৰুষতন্ত্ৰৰ উপাদান কঢ়িয়াই আছে। সেই কাৰণে তেওঁৰ সাঁচতীয়া ধন ‘মিঞা’ই নাও ক্ৰয়ৰ বাবে লৈ যোৱাৰ পৰত তেওঁ নিনিবলৈ অনুৰোধ কৰিছে কাৰণ সেই টকা ‘মেইনা’ৰ বিয়াৰ বাবে সাঁচিছে। ছোৱালীৰ বিয়া মানে খৰচ আছে। ছোৱালী মানেই যেন এক অযথা চিন্তা।

এইবোৰ কিন্তু চলচ্চিত্ৰখনৰ ত্ৰুটি নহয়। এয়া সমাজ বাস্তৱতা। এই সমাজ বাস্তৱতাৰে এয়া কলাত্মক প্ৰকাশ।

কেৱল শোষণৰ স্বৰূপ উদঙাই চলচ্চিত্ৰখন সামৰি থোৱা নাই। অন্য কিছুমান অনুভৱ (message)ৰ লগতো দৰ্শকক জড়িত কৰিব বিচৰা হৈছে। গঞ্জুৱে নাও কিনাৰ পাছতো সেইখনত উঠি মাছ মাৰিবলৈ যোৱা নহ’ল, তেওঁৰ ঐকান্তিক শ্ৰমে তেওঁক শেষ পৰ্য্যায়ৰ সফলতাত উপনীত নকৰালে। অত্যধিক শ্ৰম আৰু নিজৰ শৰীৰৰ প্ৰতি অমনোযোগিতা ইয়াৰ কাৰণ বুলি বিবেচিত হয়। লাল মিঞাৰ দৰে শোষক সকলে এইটো প্ৰচাৰ কৰি থাকিব বিচাৰে যে ‘কষ্ট কৰা, ৰত্ন পাবা’। শ্ৰমৰ নিচাই কেতিয়াও লক্ষ্যত উপনীত কৰাব নোৱাৰে। কিন্তু সামূহিক শ্ৰম হোৱা হ’লে ইয়াৰ ইয়াৰ ফলশ্ৰুতি বেলগ হোৱাৰ সুযোগ আছিল। মূলসুঁতিৰ বহু চলচ্চিত্ৰত একক প্ৰচেষ্টাত আকাশলংঘী সফলতাৰ ছবি সঘনাই প্ৰচাৰ কৰি থকা হয়৷

জীৱন সংগ্ৰামৰ প্ৰতি ইতিবাচক মনোভাৱে চলচ্চিত্ৰখন জীৱন্ত কৰি তুলিছে। চলচ্চিত্ৰখনৰ সামৰণিৰ কেইটামান দৃশ্যই সেই কথা প্ৰতিপন্ন কৰিছে। গঞ্জুৰ নাওখন ‘মিঞা’ৰ কিনা নহ’ল। তেওঁৰ পৰিয়ালে পৃথকে পৃথকে সাঁচি ৰখা ধন লগ লগাইও নাওৰ মূল্য চুবলৈ সক্ষম নহ’ল। লাহে লাহে নাওখন দূৰণিলৈ গৈ আছে। সাঁচতীয়া ধনখিনি বুকুত বান্ধি এখন ভঙা সাঁকোত উঠি সেই দৃশ্য ‘মিঞা’ই চাই আছে। কাষত পুতেক। উভতি আহি সাঁচতীয়া ধনবোৰ ‘মিঞা’ই ওভতাই দিছে আৰু পুনৰ ‘কাছেম’ৰ লগত ৰাতি নদীত মাছ মাৰিবলৈ গৈছে। ‘মিঞা’ বিফল হৈছে, কিন্তু ৰুদ্ধ হোৱা নাই। তেওঁ যেন বুজি উঠিছে যে এই সংগ্ৰামৰ অবিহনে তেওঁৰ বিকল্প পথ নাই। এই সংগ্ৰামে তেওঁৰ গতি। ‘নাও ক্ৰয় কৰা’ৰ যাত্ৰাটো এই জীৱন সংগ্ৰামৰ এটা সৰু অংশ। এই নাও ক্ৰয় কৰাৰ যাত্ৰাত তেওঁ বুজি উঠিছে তেওঁৰ শত্ৰু কোন মিত্ৰ কোন। সেয়েহে ‘কাছেম’ৰ মালাক বিয়া কৰোৱাৰ ইচ্ছাত তেওঁ সন্মতি প্ৰদান কৰিছে।

(৫)

আৰম্ভণীৰ দৃশ্য

“Cinematographic language’ is first of all the literalness of a plot…” Christian Metz

কেমেৰাৰ শিল্প

চলচ্চিত্ৰখনত কেমেৰাৰ কাম উচ্চ পৰ্যায়ৰ। বিশেষকৈ মেঘনা নদীখন আৰু তাৰ পাৰৰ সমাজখনৰ সূক্ষ্ম পৰ্যবেক্ষণ চলচ্চিত্ৰখনৰ বলিষ্ঠ দিশ। কাহিনীটো বাস্তৱ ৰূপ দিবলৈ কেমেৰাৰ সহযোগী ভূমিকা উল্লেখযোগ্য দিশ। মিউজিকৰ দৰে কেমেৰাইও ইয়াত কথকৰ ভূমিকা পালন কৰিছে। কেমেৰাই কেতিয়াবা ইংগিতৰে, কেতিয়াবা মুকলিকৈ দৰ্শকক কাহিনী বৰ্ণনা কৰি আছে। চৰিত্ৰসমূহৰ মনৰ বিভিন্ন অৱস্থাৰ ইংগিত কেমেৰাই দৰ্শকৰ আগত তুলি ধৰিছে।

‘মিঞা’, ‘কাছেম’ আৰু ‘গঞ্জু’হঁতে ৰাতি নদীত নাও লৈ মাছ ধৰিছে। এটা শ্বটত, নাৱত জালেৰে ধৰি থোৱা মাছ এটাই মুখ মেলি উশাহ লৈ আছে, আনটো শ্বটত সংস্থাপন কৰা হৈছে ঘন ঘন উশাহ লৈ থকা ‘মিঞা’ক। ইয়াত এটা উশাহত জীয়াই থকা মাছটোৰ লগত অতি কষ্টত জীৱন নিৰ্বাহ কৰা ‘মিঞা’হঁতৰ যন্ত্ৰণা সমপৰ্যায়ৰ বুলি দেখুৱাবলৈ এই মন্তাজ সৃষ্টি কৰা হৈছে।

মাছ বিক্ৰী কৰি ৰাতিপুৱা ‘কাছেম’ আৰু ‘মিঞা’ নাও লৈ যেতিয়া ঘৰলৈ উভতিছে। কেমেৰাই ধৰি ৰাখিছে নৈপৰীয়া সমাজখনৰ খণ্ডচিত্ৰ। প্ৰায় তিনি মিনিট দৈৰ্ঘ্যত সজোৱা শ্বটকেইটা নৈপৰীয়া সমাজখনৰ জীৱন গাথা – কণ কণ ল’ৰা-ছোৱালী দুটা বালিত সৰু সৰু মাছবোৰ বুটলিছে। মহিলা দুগৰাকীয়ে নদীখনৰ পৰা কলহৰে পানী নি আছে। সৰু সৰু ল’ৰা ছোৱালীয়ে নদীৰ পাৰত খেলিছে। কেইজনমান মানুহে জালৰ বাবে সূতাত কলা ৰং সানিছে। এজন বয়সিয়াল মানুহে জাল গাঁথি আছে সৰু ল’ৰা ছোৱালী দুটাই চাই আছে।

ষাইটনল মৌজাৰ অন্তৰ্গত মেঘনাত ‘মাছ ধৰাৰ অধিকাৰ’ৰ নিলামৰ দিনা ‘লাল মিঞা’ই মুষলধাৰ বৰষুণৰ বাবে ‘মিঞা’হঁতৰ ঘৰত আশ্ৰয় ল’বলৈ বাধ্য হয়। ‘মিঞা’ৰ অৰ্ধাংগিনী ‘মিনা’ই জীয়ৰী ‘মেইনা’ক জিৰণি ল’বৰ কাৰণে ভালদৰে চাফা কৰি ‘চাটাই’ (mat) পাৰি দিব কৈছে, তাৰ আগতে বহিবৰ কাৰণে তুল এখন দিছেনে তাৰো বিচাৰ কৰিছে। এইযে ‘লাল মিঞা’ক ঘৰত বহিবৰ দিয়াৰ প্ৰসংগটো আহিছে এইটো ৰূপকলৈ গতি কৰিছে যেতিয়া কাহিনীৰ অগ্ৰগতিত দেখিছো যে ‘লাল মিঞা’ই ‘মিঞা’ৰ ঘৰুৱা সিদ্ধান্ত কিছুমানৰ ভিতৰত প্ৰৱেশ কৰিছে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। নিৰ্জু ‘মিঞা’ই ‘লাল মিঞা’ৰ মিছা কথা কিছুমানৰ ভিত্তিতে অৰ্ধাংগিনী ‘মিনা’ৰ ওপৰত খড়্গহস্ত হৈ পৰিছে।

আকাশত বিজুলী মাৰিছে, পৰবৰ্তী শ্বটোত ‘মিঞা’ৰ উৰুখা ঘৰটোৰে পানী পৰিছে, পানী পৰি থকা ঠাইত এটা পাত্ৰ থৈ দিয়া হৈছে, তাৰ পিছৰ শ্বটটোত দেখা গৈছে ‘লাল মিঞা’ টোপনি গৈছে আৰু ‘মিঞা’ ওচৰতে বহি আছে। তাৰ পাছত আকৌ পাত্ৰটোত টোপ টোপকৈ পানী পৰাৰ শ্বটটো। এই শ্বটবোৰৰ মাজেৰে আমি এনে এটা অৰ্থৰ সন্ধান কৰিব পাৰোঁ যে এই প্ৰাকৃতিক দুৰ্যোগটো যি ধৰণে ‘মিঞা’ৰ মূৰৰ ওপৰৰ চালিখনে প্ৰতিৰোধ কৰিব পৰা নাই যদিও এটা সৰু পাত্ৰৰ দ্বাৰা সাময়িক সকাহ পাবলৈ সক্ষম হৈছে, সেই দৰে ‘লাল মিঞা’ৰ দৰে এই শোষণকাৰীৰ যি শোষণ আৰু আধিপত্য তাক ‘মিঞা’ দৰে সৰু আৰু সৰল মানুহৰ পক্ষে প্ৰতিৰোধ কৰা অসম্ভৱ নহলেও একেবাৰে সহজ নহয়। আৰু এই শোষণ আৰু আধিপত্য সি প্ৰাকৃতিক দুৰ্যোগতকৈ কোনো গুণে কম দুৰ্যোগ নহয়।

তাৰ পৰবৰ্তী শ্বটটোত ‘মিঞা’ৰ পুতেকে টোপনিতে পইচা পইচা বুলি বকি আছে। ‘মিঞা’ই টোপনি গৈ থকা ‘লাল মিঞা’ৰ বাকচৰ পৰা পইচা চুৰি কৰিব লৈছে। কিন্তু শেষ পৰ্যন্ত্য তেওঁ নৈতিকতা ৰক্ষা কৰি পইচা চুৰ কৰাৰ পৰা নিজকে বাৰণ কৰিছে। পুতেকে ‘দুটো পইচা’, ‘দুটো পইচা’ বুলি টোপনিতে বকি আছে লগত লৈ আছে সাঁচতীয়া ধন ৰখা তাৰ চুঙাটো। পৰ্দাখন আন্ধাৰ হৈ পুতেক অদৃশ্য হৈছে৷ তাৰ পৰৱৰ্তী শ্বটো ৰাতিপুৱাৰ, মেঘবোৰ আঁতৰি যাৱ ধৰিছে, আকাশৰ সৈতে নদীখন আৰু কিছু কৰ্মব্যস্ত নাৱৰীয়া। বেকগ্ৰাউণ্ড মিউজিকো (Background Music) উদ্বেগ হ্ৰাস কৰিব ধৰণৰ এটা লোকবাদ্যৰ সুৰ। নদীখনৰ সৈতে এই শ্বটটোৱে ‘মিঞা’ৰ সাময়িক নৈতিক স্খলনৰ বিপৰীতে তেওঁৰ বিজয় (লাহে লাহে মেঘবোৰ আঁতৰি গৈছে) আৰু নদীখনৰ যে শ্ৰমৰ বিনিময়ত অৱস্থাৰ পৰিৱৰ্তনৰ কৰিব পৰা শক্তি আছে সেই অৰ্থকে বহন কৰিছে। মন কৰিবলগীয় যে তাৰ পিছৰ শ্বটটোত গঞ্জুক দেখা গৈছে যি অধিক পৰিশ্ৰমৰ বাবে নাৱৰ মালিক হ’ব গৈ আছে। অৱশ্যে অমানুষিক শ্ৰমৰ দ্বাৰা আৰ্থিক পৰিৱৰ্তনৰ বিষয়টো অন্য এটা আলোচনাৰ বিষয়।

মেলাত ‘মালা’ই ‘লাল মিঞা’ৰ লগত কথা পাতি থকা দেখি ‘কাছেম’ৰ খং উঠিছে। উছাট মাৰি গুচি অহাৰ পাছত মালাই কাছেমক অনুসৰণ কৰিছ। ‘কাছেম’ৰ খঙৰ বৰ্হিপ্ৰকাশ ঘটাৰ পাছত ‘মালা’ই ‘কাছেমৰ’ অবিন্যস্ত চুলিখিনি হাতেৰে ঠিক কৰি দিছে। ক্ল’জআপ শ্বটৰ ‘মালা’ আৰু ‘কাছেম’ৰ মুখৰ ফ্ৰেমটো ধূসৰ (Blur) কৰি তাত এটা উত্তাল চঞ্চল নদীৰ শ্বট গাঁঠি দিয়া হৈছে। উত্তাল নদীৰ এই শ্বটটো মালা আৰু কাছেমৰ প্ৰেমজনিত উদ্বেগ, উত্তেজনা আৰু চঞ্চলতাৰ মন্তাজ। ইয়াৰ পিছৰ শ্বটটোত আকৌ লাহে লাহে বৈ থকা সুঁতি এটাৰ পাৰত ‘মালা’ আৰু ‘কাছেম’ বহি থকা দেখা গৈছে। অলপ আগৰ প্ৰেমজনিত উদ্বেগ নোহোৱা হৈ তেওঁলোক এটা পৰিণতিৰ ফালে গতি কৰিছে।

‘মিঞা’ সমন্বিতে গাঁওবাসীৰ আগত ‘লাল মিঞা’ই যেতিয়া ‘কাছেম’ আৰু ‘মালা’ৰ সম্পৰ্কটোৰ বিষয়ে অবাইচ কথা কৈছে তেতিয়া ‘মিঞা’ৰ মুখৰ অভিব্যক্তিৰ সমান্তৰালকৈ তৰংগিত নদীখনৰ এটা শ্বট গাঁঠি দিয়া হৈছে। এইবাৰ এই তৰংগিত নদীৰ মন্তাজটোৱে ‘মিঞা’ৰ মানসিক যন্ত্ৰণা আৰু ক্ষোভক প্ৰতিনিধিত্ব কৰিছে। তাক সবল ভাবে প্ৰতিপন্ন কৰিবলৈ তাৰ লগত লাগি থকা শ্বটটোত ‘মিঞা’ৰ পুতেকে পইচা খুজি পিছে পিছে আহিছে আৰু ‘মিঞা’ই ‘দূৰ হাত’ বুলি গোঁগোঁ কৰি বাট বুলিছে।

গঞ্জুৰ জীৱনৰ হৰ্ষ-বিষাদবোৰ অথৰ্ৱ মাকৰ মুখৰ অভিব্যক্তিৰ দ্বাৰা প্ৰকাশ কৰিছে আনকি গঞ্জুৰ মৃত্যুৰ যন্ত্ৰণাদায়ক মুহূৰ্তবোৰ মাকৰ মুখৰ অভিব্যিক্তৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। ইয়াৰ অন্তৰ্নিহিত কাৰণ বিচাৰ কৰিলে পাম যে গঞ্জুৰ বেমাৰৰ প্ৰতি চৌপাশৰ মানুহবোৰৰ উদাসীনতা, যিয়ে তেওঁৰ বাবে কিবা এটা কৰাৰ সুযোগ আছিল, ইয়াৰ বিপৰীতে তেওঁৰ প্ৰতি চিন্তিত একমাত্ৰ তেওঁৰ মাক যি অথৰ্ৱ, গঞ্জুক কৰি দিবলৈ তেওঁৰ একো উপায় নাই। এই উদাসীনতাক আঘাত কৰাৰ বাবে এনে এটা কাহিনীৰ সৃষ্টি কৰিছে। এই ধাৰণাটোক অধিক গাঢ় কৰিবলৈ গঞ্জুৰ মৃত্যুৰ লগে লগে আৰম্ভ হোৱা ‘চ্যাম ধলি’ গানটো বেকগ্ৰাউণ্ড বাজি থকাৰ সময়তে গাঁওখনৰ দৈনন্দিন স্বাভাৱিক জীৱনৰ বিভিন্ন দৃশ্য ধাৰাবাহিক ভাবে চিত্ৰায়িত কৰিছে। গীত, দৃশ্য সমূহতে ক্ষান্ত নাথাকি এইবাৰ ‘লাল মিঞা’ৰ মুখত দিয়া এটা সংলাপেৰেও এই উদাসীনতাক আঘাত হানিছে। ‘লাল মিঞা’ই কৈছে ‘‘বিচাৰা গঞ্জুকেলিয়ে বহত আফচোচ হ্যায়, পৰ কিয়্যা কিয়া যায়, নাওটো বেচনাহি হ্যায়।’’

(৬)

Undoubtedly, music plays a decisive role in the art of cinema. It gives life to the story. It is an integral part of cinematic narration. (Giota Eftaxia, Musician and Ethnomusicologist (NKUA) in Athens – Greece)

বেকগ্ৰাউণ্ড মিউজিক (Background Music) ৰ সফল প্ৰয়োগ ইয়াৰ উল্লেখযোগ্য দিশ। ইয়াত বেকগ্ৰাউণ্ড মিউজিক (Background Music) যেন বৰ্ণনাকাৰী। চলচ্চিত্ৰখনক বেকগ্ৰাউণ্ড মিউজিকে (Background Music) অন্যধৰণৰ টেম্প’ আনি দিছে। বিশেষকৈ ‘ভোৰ হুই ঘৰ আও মাঝি’ গীতটোক লেইটমিটফ (Leitmotif) হিচাপে ব্যৱহাৰ কৰি চলচ্চিত্ৰখনৰ সংলাপ, কল্পমূৰ্তি সমূহে দিব নোৱাৰা ধাৰণা (Idea)ক প্ৰাঞ্জল কৰি তুলিছে। ৰাতিপুৱাৰ বেলিকা পালতৰা নাৱৰ সৈতে মেঘনা নদীৰ মনোমোহা দৃশ্যৰ লং শ্বট এটাৰে চলচ্চিত্ৰখন আৰম্ভ হৈছে। লাহে লাহে কেমেৰা নাওবোৰৰ ফালে আগবাঢ়িছে। বেকগ্ৰাউণ্ড মিউজিক (Background Music) ত এটা বাঁহীৰ সুৰ আৰু অদৃশ্য কণ্ঠত ‘ভোৰ হুই ঘৰ আও মাঝি’ গীতটো। গীতটোৰ কথাংশই ‘মাঝি’ৰ দুখ দুৰ্দশাৰ কাহিনী কৈ আছে। ইয়াতে ইমেজ আৰু সংগীতৰ বৈপৰীত্যই আন এটা ধাৰণাক মূৰ্ত কৰি তুলিছে। এফালে নদীৰ মনোমোহা ৰূপ আৰু গতিশীলতা আনফালে নৈপৰীয়া সমাজৰ বিমূৰ্ত শোষণ আৰু সেই শোষণে কোঙা কৰা দৰিদ্ৰ মানুহৰ স্থবিৰতা। গীতটো দ্বিতীয় দৃশ্যটোত বাজি আছে য’ত ‘মিঞা’ আৰু ‘গঞ্জু’হঁতে ৰাতি নদীত মাছ ধৰি আছে। বাঁহীৰ এই সুৰটো চলচ্চিত্ৰখনৰ বিভিন্ন ঘটনাক্ৰমত বাজি উঠে আৰু এক কৰুণ পৰিৱেশ ৰচনা কৰি সেই ভাব দৰ্শকলৈ সঞ্চাৰিত কৰে।

‘গঞ্জু’ৱে অতি কষ্টৰে এখন নাও কিনে, নাওখন ওচৰত পোৱাৰ পাছত তেওঁৰ চকুত ভাহি আহে মেঘনা নদী আৰু নদীত চলন্ত নাওবোৰ। এনেতে বেকগ্ৰাউণ্ড মিউজিক (Background Music) ত পুনৰ বাঁহীৰ সুৰ আৰু অদৃশ্য কণ্ঠত ‘ভোৰ হুই ঘৰ আও মাঝি’ গীতটো। ‘গঞ্জু’ৰ সেই আশা আৰু পূৰ্ণ নহ’ল। স্বপ্নৰ নাওখনৰ লগত মেঘনাত মাছ মৰাৰ আগতে গঞ্জুৰ মৃত্যু হ’ল।

‘কাছেম’এ ‘মালা’ক দেৱেগঞ্জৰ পৰা আনিবলৈ নাৱেৰে গৈ থাকোঁতে ‘অব ক্যা দেখে ৰাহ তোহমাৰি’ গীতটোৰ প্ৰয়োগ অনবদ্য। গানটোৱে আশাবাদ কঢ়িয়াই আনিছে। নাৱেৰে দীঘলীয়া যাত্ৰা কৰি ‘মালা’ক আনিব গৈ থাকোঁতে ‘কাছেম’ মনৰ ভিতৰত চলি থাকিব পৰা ঘটনাক যেন গানটোৱে প্ৰতিনিধিত্ব কৰিছে। একঘেয়ামী আমনি দায়ক চলফুৰণৰ পৰা বেলেগ এটা কাৰ্য্যত নিয়োজিত কৰাৰ পৰত মনৰ ভিতৰত ভাল লগা গীতৰ গুণগুণি উঠাৰ দৰে ‘কাছেম’ৰ মনতো যেন এটা গানৰ লহৰ উঠিছে। তাৰ মনৰ ভিতৰত যেন আশা জীপাল হৈছে। গীতৰ কথাংশই সেই কথাকে কৈ আছে।

চলচ্চিত্ৰখন আৰম্ভ হৈছিল ৰাতিপুৱাৰ সময়েৰে, আৰু শেষ হৈছে ৰাতি হবলৈ ধৰা সময়েৰে। দৈনন্দিন জীৱন সংগ্ৰামত দুগুন উৎসাহেৰে পুনৰ নামি পৰিছে ‘মিঞা’ আৰু ‘কাছেম’হঁত। বেকগ্ৰাউণ্ড মিউজিক (Background Music) অদৃশ্য কণ্ঠত ‘ভোৰ হুই ঘৰ আও মাঝি’ গীতটোৱে। এইবাৰ এই গীতটোৱে জীৱন সংগ্ৰামৰ প্ৰতি শ্ৰদ্ধা আদায় কৰি দৰ্শকক জীৱন সংগ্ৰামৰ লগত আবেগিক সম্পৰ্ক স্থাপন কৰিছে আৰু বাৰে বাৰে এই সংগ্ৰাম যে কঠিন তাক সোঁৱৰাই দিছে।

বিভিন্ন সময়ত চলচ্চিত্ৰখনত বেকগ্ৰাউণ্ড মিউজিকে চৰিত্ৰ সমূহৰ মনৰ ভিতৰৰ আবেগ অনুভূতি সমূহৰ লগত দৰ্শকক গভীৰ ভাবে যোগাযোগ কৰাইছে বা পৰিৱেশৰটো উপলব্ধি কৰাৰ ক্ষেত্ৰত অন্য ভূমিকা পালন কৰিছে। বিশেষকৈ চেতাৰ আৰু বাঁহীয়ে বিভিন্ন পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা পালন কৰিছে।

সেয়ে হয়তো মাৰ্টিন স্কোৰ্চেজে কৈছিল, “সংগীত আৰু চলচ্চিত্ৰ অবিচ্ছেদ্য। সেয়া সদায় আছিল আৰু সদায় থাকিব’(”Music and film are inseparable. They always have been and always will be”.-Martin Scorsese).

(৭)

ইয়াত শোষণৰ ৰেহ-ৰূপ দেখিলোঁ। কিন্তু এই ব্যৱস্থাগত শোষণৰ সমাধানৰ ইংগিত এই চলচ্চিত্ৰখনত স্পষ্ট ৰূপত নাই। বৰং এই জীৱন সংগ্ৰামৰ প্ৰতিহে আছে এক গভীৰ আশাবাদ। এই জীৱন সংগ্ৰামে তেওঁলোকৰ বিদ্যালয়। এই বিদ্যালয়ত তেওঁলোকে শিকিব শোষকৰ স্বৰূপ। সেই স্বৰূপ অনুসৰি তেওঁলোকে প্ৰতিৰোধ গঢ়ি তুলিব। হয়তো ‘জাগো হুৱা সবেৰা’ (The Day Shall Dawn) নামকৰণ কৰাৰ বিশেষত্ব সেয়াই। সেয়ে চলচ্চিত্ৰখন আৰম্ভ হৈছে খলিল জীব্ৰানৰ এটা উক্তিৰে “This is the path of the spirit paved with thorns and stones. This is man’s shadow. This is night. But morning will come…’’ হয়তো নৱ্য বাস্তৱবাদী ধাৰাৰ অন্যতম পৰিচালক ভিট্টোৰিয়া ডি চিকাৰ দৃষ্টিভংগীকে ইয়াত অনুসৰণ কৰা হৈছে। ভিট্টোৰিয়া ডি চিকাই কৈছিল “My filims are a struggle against the absence of human solidarity, against the indifference of society towards suffering. They are a word in favour of the poor and unhappy.

(চিনেমাখন তলৰ লিংকত চাব পাৰিব)

তথ্যসূত্ৰঃ

১. https://en.wikipedia.org/wiki/A._J._Kardar#Biography

২. https://scroll.in/reel/817995/made-in-pakistan-with-some-help-from-india-lost-and-found-again-the-story-of-jago-hua-savera

৩. https://americankahani.com/perspectives/jago-hua-savera-a-classic-pakistani-film-based-on-an-indian-novel-set-in-east-bengal/

৪্ https://www.radioart.com/blog/the-powerful-role-of-music-in-cinema

৫. https://en.m.wikipedia.org/wiki/The_Day_Shall_Dawn

৬. https://youtu.be/T3qhNt_5764?si=iQm9yBHIk5DD0BKT

৭. https://youtu.be/D_c2oS1R074?si=QIa4SXonQb_resXx

৮. চলিচ্চত্ৰ আৰু বাস্তৱতা- ড০ হীৰেন গোহাঁই

৯. চলচ্চিত্ৰ তৰংগ- পাৰ্থিজৎ বৰুৱা

One thought on “জাগো হুৱা সবেৰা ।। কিশোৰ শৰ্মা

  • Shivajit Dutta

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *