সম্পাদকৰ টোকা :: ভাল-বেয়া-পক্ষ-বিপক্ষ : কিছু বিক্ষিপ্ত চিন্তা ।। কৌশিক দাস
১.
মানুহৰ চিন্তা-সাগৰক শুভংকৰ তৰংগেৰে উদ্বেলিত কৰা তিনিগৰাকী গুণনিধি মানুহৰ কথাৰে এই চমু টোকাটি আৰম্ভ কৰিছোঁ। আলোচনাৰ শেষলৈ প্রসংগক্রমে আহিব, মানুহৰ ইতিহাস কাললৈ কলুষিত কৰি থৈ যোৱা দুটা জঘন্য নৰাধমৰ নাম। আৰম্ভণিৰ কথাখিনি উত্থাপন কৰি পোনে পোনে আমি মূল আলোচনালৈ সোমাই যাম।
প্রথমে তিনিগৰাকী যশোধৰ কীৰ্তিমানৰ নাম তেখেতসকলৰ জীৱনৰ কালানুক্রম অনুসৰি সজাই লৈছোঁ—বাৰ্ট্ৰাণ্ড ৰাছেল (১৮৭২-১৯৭০), ন’ম চমস্কি (১৯২৮-) আৰু পাৰভেজ হুডভয় (১৯৫০-)। এই কেইগৰাকী মানুহৰ কীৰ্তি-কাহিনীৰ কথা থুলমুলকৈ হ’লেও প্রায় সকলোৱে জানেই; আৰু, তেনে কীৰ্তি-কৰ্ম-অৱদানৰ পৰিধি অতিশয় বিস্তীৰ্ণ, সাংঘাতিকধৰণে বহুধাবিভক্ত। এই দুটা কাৰণে আমাৰ চমু নিবন্ধত তেখেতসকলৰ পৰিচয় দিয়াটো নিস্প্রয়োজন আৰু অসম্ভৱ। গতিকে, তেনে প্রচেষ্টা মুলতুবি ৰাখি ২০০১ চনৰ মজাৰ অথচ চিত্তাকৰ্ষক ঘটনা এটালৈ গৈছোঁ।
চনটো পুনৰ কৈছোঁ—২০০১, এমেৰিকাৰ ৱৰ্ল্ড ট্রেড চেণ্টাৰৰ গগণচুম্বী আট্টালিকাত লাডেনবাহিনীয়ে মৰা উৰাজাহাজী খুন্দা দুটাই তেতিয়া সমগ্র পৃথিৱীখনকেই কঁপাই আছে—এমেৰিকাৰ সিংহভাগ সৰ্বসাধাৰণ মানুহ ডুব গৈছে “স্বদেশপ্রেমত”, ইফালে ঐশ্লামিক দেশবোৰৰ বহুততেই তীব্র এমেৰিকাবিৰোধী ধৰ্মীয় আৱেগৰ ঢৌৰ হেন্দোলনি। ন’ম চমস্কিয়ে তেতিয়া কি কৈছিল? এমেৰিকান সাম্রাজ্যবাদ, উদ্দেশ্য-প্রণোদিত “দেশপ্রেম”, ৰাজনৈতিক সুবিধাবাদ ইত্যাদিক স্বভাৱজাত স্পষ্টতাৰে তেখেতে কৰা বিৰোধৰ প্রসংগ এই আলোচনাত অপ্রাসংগিক; গতিকে, তেনে দিশ আমি অগ্রাহ্য কৰি উনুকিয়াইছোঁ যে চমস্কিয়ে অতি চোকাকৈ সমালোচনা কৰিছিল এমেৰিকাৰ সংবাদ-মাধ্যমকো। তেনে এটা পটভূমিত—২০০১ চনৰ নভেম্বৰ মাহত, ৱৰ্ল্ড ট্রেড চেণ্টাৰ মাটিত বাগৰি পৰাৰ এমাহ পাছত— পাকিস্তানৰ টেলিভিশ্যনত চমস্কিৰ এটা সাক্ষাৎকাৰ ৰেকৰ্ড কৰা হৈছিল।
সাক্ষাৎকাৰটো লৈছিল নিউক্লিয়াৰ পদাৰ্থ-বিজ্ঞানী, চিন্তাবিদ, মননশীল মেধাজীৱী পাৰভেজ হুডভয়ে!
কথাটো শুনিয়েই অনুমান কৰিব পাৰি—যিহেতু দুগৰাকী অভিনিৱিষ্ট বিদ্বানৰ কথোপকথন সেয়া—কিমান যে মূল্যবান আৰু আকৰ্ষণীয় হ’ব সাক্ষাৎকাৰটো! আকৌ সিফালৰ পৰা চালে, ষ্টুডিঅ’ত সাম্রাজ্যবাদী এমেৰিকাৰ, এমেৰিকান সংবাদ-মাধ্যমৰ নিৰ্মম সমালোচক এগৰাকী—হিচাপমতে ধৰ্মীয় কূপমণ্ডুক পাকিস্তানী টি.ভি.-ৰ হৰ্তাকৰ্তাসকল উৎফুল্লিত হ’ব লাগে। অন্যান্য প্রসংগৰ লগতে সংবাদ-মাধ্যমৰ ভূমিকাৰ কথাও বহলাই ওলাইছিল সাক্ষাৎকাৰটোত। মজাৰ কথা, সাম্প্রতিক বিশ্বৰ দুগৰাকী চিন্তানায়কৰ ইমান মূল্যৱান সেই সাক্ষাৎকাৰটো—কোনো কাৰণ উল্লেখ নকৰাকৈ—দবাই দিয়া হ’ল, সেইটোৰ সম্প্রচাৰ কৰা নহ’ল পাকিস্তানৰ টি.ভি-ত! সঁচাই বৰ মজাৰ এই সংবাদ-মাধ্যমৰ ভূমিকা!
সি যিয়েই নহওক, সম্প্রচাৰিত নহ’লেও ৰেকৰ্ড কৰা ভিডিঅ’-টোৰ পৰা গদ্যপাঠ হিচাপে সাক্ষাৎকাৰটো পাছত উদ্ধাৰ কৰা হ’ল (দ্রষ্টব্য : Noam Chomsky Interviewed by Pervez Hoodbhoy, 2001, p. 1-10)। দেখা গ’ল, সাক্ষাৎকাৰটোৰ প্রথম ফালেই চমস্কিয়ে উল্লেখ কৰিছে যুগন্ধৰ মহাপ্রতিভা বাৰ্ট্ৰাণ্ড ৰাছেলৰ নাম। সেইটো প্রসংগৰ আঁত ধৰি আমি এই আলোচনাৰ মূল স্তৰলৈ লাহে লাহে সোমাই যাম।
পাৰভেজ হুডভয়ে উল্লেখ কৰিছিল যে সংবাদ-মাধ্যমক অতি কঠোৰ আৰু চোকা সমালেচনা কৰাৰ পাছতো নিউৱৰ্ক টাইমছ চমস্কিৰ প্রশংসাত পঞ্চমুখ ; এই কথাটোৰ ব্যাখ্যা কি হ’ব? ই সংবাদপত্রৰ বস্তুনিষ্ঠতা আৰু নিৰপেক্ষতাৰ উদাহৰণ বুলি ক’ব পাৰিনে বাৰু? চমস্কিয়ে উত্তৰত প্রথমতে ক’লে যে য’তে-ত’তে, বহুতে দিয়া উদ্ধৃতিটো (…most articulate and the most important intellectual alive today) বোধহয় নিউৱৰ্ক টাইমছত সঁচাই আছে, কিন্তু তাৰ লগে লগে যে আছে এনেকুৱা কথা—এমেৰিকা আৰু এমেৰিকাৰ পৰৰাষ্ট্রনীতিৰ বিষয়ে ইমান গছত গৰু উঠা কথা চমস্কি বোলাটোৱে কয় কেনেকৈ! চমস্কিৰ শ্লেষ—, এইবোৰৰ কথাৰ উদ্ধৃতিতো মানুহে নিদিয়ে! হুডভয়ে পুনৰ সংবাদপত্রৰ বস্তুনিষ্ঠতা আৰু নিৰপেক্ষতাৰ প্রসংগটো উলিয়ালত চমস্কিয়ে ক’লে বৰ গাজত-লগা কথা এটা। তাৰবাবে তেখেতে আলোচনালৈ আনিলে বাৰ্ট্রাণ্ড ৰাছেলৰ প্রসংগ। কথাটো আমি ভালদৰে বিবেচনা কৰি চোৱা দৰকাৰ।
চমস্কিয়ে উনুকিয়াই দিলে যে বাৰ্ট্রাণ্ড ৰাছেলক এমেৰিকান সংবাদ-মাধ্যমে—নিউৱৰ্ক টাইমছো আছে তাৰ ভিতৰত—মহান দাৰ্শনিক, তীক্ষ্ণধী গণিতজ্ঞ ইত্যাদি আখ্যা দিছিল। চমস্কিয়ে কৈছে, হয়, সেইবোৰ অভিধা সত্য, কাৰণ ৰাছেল সঁচাই তেনেই আছিল। কিন্তু চমস্কিয়ে লগতে উল্লেখ কৰিলে যে এটম বোমাৰ বিৰুদ্ধে, ভিয়েটনামত এমেৰিকান সাম্রাজ্যবাদৰ বিৰুদ্ধে যেতিয়াই ৰাছেল জংগীভাৱে সৰৱ-সোচ্ছাৰ হৈ উঠিছিল, তেতিয়াই সংবাদ-মাধ্যমে—নিউৱৰ্ক টাইমছকে আদি কৰি—ৰাছেলক অতি কটু ভাষাৰে আক্রমণ কৰিছিল।
সেইটো বাৰু ইছ্যুভিত্তিক সমৰ্থন-সমালোচনাৰ কথা আছিলনে? ৰাছেল বৰ ডাঙৰ দাৰ্শনিক-পণ্ডিত-গণিতজ্ঞ—ঠিকেই আছে; কিন্তু লগতে যে যুদ্ধ-বোমা এইবোৰ কথা কৈছে, সেইবোৰ ভুল, গতিকে সমালোচনা হ’বই, হোৱাটো স্বাভাৱিক। মানে, সংবাদ-মাধ্যমসমূহ ভালত ভাল, বেয়াত বেয়া—এইধৰণৰ কথা এইটো? আপাতদৃষ্টিত কথাটো তেনেকুৱা যেন লাগিবও পাৰে কাৰোবাৰ, যেন ই এটা সংবাদ-মাধ্যমৰ নিৰপেক্ষতাৰ কথা। পিছে, এইটো হৈছে যৌক্তিক বিভ্রান্তিৰ ফলত উদ্ভূত এটা সৰ্বনাশী ধাৰণা। চমস্কিয়ে যদিও পোনে পোনে Logical fallacy বুলি উল্লেখ কৰা নাই, তথাপি উপৰিউক্ত অৱস্থানটোক (ভালত প্রশংসা, বেয়াত সমালোচনা) নিৰপেক্ষ স্থিতি বুলি নিৰ্দ্বিধাই, প্রশ্নাতীতভাৱে কৰা ধাৰণাটো যে যুক্তিবুদ্ধিৰ ঘাটিৰ বাবে হৈছে—তেনে চিন্তা যে এটা যৌক্তিক বিভ্রান্তিৰ পৰিণতি—সেইটো চমস্কিয়ে উনুকিয়াই দিয়া কথাখিনিৰ পৰা অতি পৰিষ্কাৰকৈ ওলাই পৰে। চমস্কিয়ে কৈছে যে সংবাদ-মাধ্যমসমূহে ৰাছেলৰ যুক্তিৰ বিৰুদ্ধে কোনো বিৰুদ্ধ যুক্তি প্রদান কৰা নাই, মাত্র ৰাছেলক নিন্দাহে কৰিছে—they didn’t deal with his arguments, that was simply denunciation and condemnation and slander. That’s not providing information (পূৰ্বোক্ত সূত্র)। গতিকে উপৰি উক্ত অৱস্থানটো যে এটা যৌক্তিক বিভ্রান্তি, এটা অযুক্তিবাদী তাৰ্কিক অৱস্থানৰ পৰিণতি, সেইটো পৰিষ্কাৰকৈ ওলাই পৰিছে। এইটো যে মাত্র “ভালক ভাল, বেয়াক বেয়া”—এইধৰণৰ কথা নহয়, সেইটো এই আলোচনাৰ পিছৰ দফাত অধিক স্পষ্ট হ’ব। চমস্কি আৰু হুডভয়ক আলোচনাৰ এইখিনিতে এৰি আমি পোন-পটি এটিৰে তালৈকে আগ বাঢ়ি গৈ থাকোঁ। অৱশ্যে, আলোচনাৰ বাটত অলপ দূৰলৈ ৰাছেল আমাৰ লগতে থাকিব।
২.
ভালত ভাল, বেয়াত বেয়া—এই কথাটো আমি আকৌ এবাৰ চাই লওঁ অধিক কাষৰ পৰা, কিছু নিকটভাৱে। তাৰবাবে খুব সহজ উদাহৰণ কেইটিমানে আমাক সহায় কৰিব। কোনো এটা ঘটনাক বা কথাক আমি যে ভাল বুলি আখ্যা দিওঁ, কোনো এটাক আকৌ বেয়া বুলি কওঁ—তেতিয়া আমাৰ লগত কোন কোন থাকে বাৰু? পৃথিৱীৰ সকলো মানুহ? মানুহৰ ৰোগ-ব্যাধি-দুখ-কষ্ট-অকাল মৃত্যু—এইবোৰ বেয়া। এনেবোৰ কথাত সকলো একমত। সুখ-সুস্বাস্থ্য ভাল, তাতো সকলো একমত। বেমাৰ হ’লে ভাল পোৱা, সুখ পালে দুখ লগা মানুহ ব্যক্তিগতভাৱে আমি এতিয়ালৈ লগ পোৱা নাই। তেনেবোৰ কথাত ভাল-বেয়াক লৈ তেনে কোনো তীব্র বিৰোধ-দ্বন্দ্ব-সংঘাত হোৱা দেখা নাযায়। কিয়নো সেইসমূহ, মানুহৰ কিছুমান সাৰ্বজনীন জৈৱ-মনস্তাত্ত্বিক দিশৰ সৈতে সম্পৰ্কিত, পৃথিৱীত মানুহৰ অস্তিত্বৰ প্রশ্নটোৰ সৈতে অংগাংগীভাৱে সংলগ্ন। তেনেবোৰ দিশনো কিয় সাৰ্বজনীনভাৱে ভাল-বেয়া বুলি প্রতিষ্ঠিত হ’ল? কথাবোৰ ওলোটাকৈ কিয় কোনেও নকয়? কোনোবাই জানোঁ ক’ব, ৰোগ-ব্যাধি-দুখ-কষ্ট-মৃত্যু বৰ ভাল, আৰু সুখ-সুস্বাস্থ্য এইবোৰ ভয়ংকৰ অপকাৰী বুলি! কিয় বাৰু তেনে হ’ল? এইবোৰ আমাৰ বাবে ইমান সাধাৰণ কথা হৈ পৰিছে যে সাধাৰণ বুদ্ধিৰে (common sense) চালে প্রশ্নটোৱেই অবান্তৰ যেন ধাৰণা হ’ব। কিন্তু প্রশ্নটোক অবান্তৰ বুলি কৰা ধাৰণাই আমাক কোনো উত্তৰ দিব নোৱাৰে। উপৰি উক্ত দিশবোৰৰ কোনোবাটো কিয় ভাল, কোনোবাটো কিয় বেয়া—তাকো সাৰ্বজনীনভাৱে—তাৰ আঁৰৰ কথা সাধাৰণ বুদ্ধিৰে ব্যাখ্যা কৰিব নোৱাৰি। তেনেসমূহ শুভ বা অশুভ বুলি পৰিগণিত হোৱাৰ আঁৰৰ নিৰ্ণায়ক কাৰক যে অতি জটিল জিনীয় আৰু বিৱৰ্তনীয় ঘটনা কিছুমান—সেই কথাটো আণৱিক জিনবিদ্যা আৰু বিৱৰ্তনীয় মনোবিজ্ঞানৰ সাম্প্রতিক অগ্রগতিয়ে দিনে দিনে অতি দ্রুতভাৱে স্পষ্ট কৰিবলৈ আৰম্ভ কৰিছে, ব্যাখ্যাসমূহে লাভ কৰিছে প্রমাণ-পৰীক্ষালব্ধ বৈজ্ঞানিক ভিত্তি।
এইবাৰ আমি অন্য কিছুমান বিষয় আলোচনালৈ টানি আনোঁ, চাওঁ কি হয়! “মোৰ এই দেশখন সকলোতকৈ ভাল”, “সিহঁতৰ সেইখন শত্ৰু-দেশ, অতি বেয়া”, “মোৰ এই ধৰ্মটো সকলোতকৈ ভাল”, “সিহঁতৰ সেই ধৰ্মটো অতি নিকৃষ্ট”—এইবাৰ, এইবোৰ ভাল-বেয়া কওঁতে, কওঁতাৰ লগত কোন কোন থাকিব? এইবোৰত সহমত পোষণ কৰোঁতে, বা দ্বিমত প্রকাশ কৰোঁতে, এইবাৰ মানুহবোৰ কটকটীয়াকৈ গোষ্ঠীবদ্ধ হৈ পৰিব অৱধাৰিতভাৱে, কিয়নো এইবাৰৰ উত্তৰসমূহ কোনোপধ্যেই সাৰ্বজনীন নহয়গৈ। “মোৰ এই ধৰ্মটো সকলোতকৈ ভাল”—এই কথাটোত অন্য এটা ধৰ্মৰ মানুহে কিয় বাৰু সহমত দেখুৱাব? সহমততো বাদেই, মগজ হয়তো উতলি যাব—ধৰ্মীয় বিৰোধ-বিদ্বেষৰ অন্তহীন পাকচক্রত সোমাই পৰিব দুয়োটা পক্ষ।
“পক্ষ” শব্দটো আমি সচেতনভাৱে ব্যৱহাৰ কৰিছোঁ কথাটো পৰিষ্কাৰ কৰিবলৈ। মন কৰিলেই এইটো কথা জলজল-পটপটকৈ ওলাই পৰিব যে কোনো এটা পক্ষৰ ভিতৰত থাকি নিৰপেক্ষ অৱস্থান লোৱাটো সম্ভৱ নহয়। কোনো এটা ফুটবল দলৰ হৈ খেল-পথাৰত নামি খেলুৱৈ এজন ৰেফাৰী কেনেকৈ হ’ব—খেলুৱৈয়ে গোল দিব লাগিব, গোল বচাব লাগিব; ফুটবলাৰ এজনে ফুটবল খেলি থাকোতে ৰেফাৰী হোৱা অসম্ভৱ। লৰালৰিকৈ কৈ থোৱা ভাল, “ফুটবল খেলুৱৈ” “আমাৰ ধৰ্ম, সিহঁতৰ ধৰ্ম” “আমাৰ দেশ, শত্রুৰ দেশ” আদি উদাহৰণ আমি ব্যৱহাৰ কৰিছোঁ মাত্র বিৰোধমুখৰ পৰিস্থিতিৰ কথাটো স্পষ্ট কৰিবলৈহে—পক্ষবদ্ধ হোৱাটো বা পক্ষপাতিত্ব কৰাটো ভাল নে বেয়া, তেনে কাৰ্য ন্যায্য নে অন্যায্য—সেইটোৰ প্রসংগ বেলেগ। আমাৰ ওপৰৰ উদাহৰণকেইটা আছিল তেনেই চিধা, সহজ-সৰল। আমাৰ সমাজখনত তেনেধৰণৰ অজস্র “পক্ষ” আছে, সেই “পক্ষবিলাকৰ” মাজত আছে বহুধৰণৰ জটিল আন্তঃসম্পৰ্ক। জংগম সামাজিক কৰ্ম-কাণ্ডবোৰ মাত্র দুটা দলৰ মাজৰ ফুটবল খেল নহয়; বিস্তীৰ্ণ সামাজিক পথাৰখনো ইয়াত সমতল নহয়, সি তেনেই আওগৰীয়া—তাত থাকে অজস্র খেলুৱৈ, অজস্র দল, অজস্র গোল-প’ষ্ট, আনকি অসংখ্য বল! কেতিয়াবা তেনে আন্তঃসম্পৰ্ক নিমাখিত, নিষ্ক্রিয়, অবৈৰীমূলক—কোনো প্রকট দ্বন্দ্ব নাই দুই পক্ষৰ মাজত। কেতিয়াবা তেনে সম্পৰ্ক সহযোগিতামূলক—ইটো পক্ষ সিটো পক্ষৰ সমৰ্থক, বন্ধু—যদিও দুটা ভিন্ন গোষ্ঠীৰ, ভিন্ন পৰিচয়ৰ। কেতিয়াবা আকৌ হয় কি, এটা পক্ষৰ সৈতে আনটো পক্ষৰ থাকে প্রচণ্ড বিৰোধ, সংঘাত, দ্বন্দ্ব। তেতিয়াতো আৰু পক্ষ দুটাৰ মাজত কেনেকৈ সমন্ধটো নিষ্ক্রিয়-নিমাখিত হৈ থাকিব—সম্পৰ্কটো অনিবাৰ্যভাৱে হৈ পৰে বৈৰীমূলক, দ্বন্দ্বমুখৰ। কথাটো সিমানেই নহয়, সময়-পৰিস্থিতি-পটভূমি-প্রেক্ষাপট সলনি হৈ গৈ থকাৰ লগে লগে, তেনে আন্তঃসম্পৰ্কবোৰৰ ৰেহৰূপো সলনি হৈ পৰে। অৰ্থাৎ, তেনে বিভিন্ন পক্ষৰ মাজত থকা আন্তঃসম্পৰ্কৰ জটিল জালিকাখনিৰ অবয়বটো নিশ্চল নহয়।
ৰাছেলৰ প্রসংগটোলৈ উভতি যাওঁ—এইবাৰ আৰু কোনো অস্পষ্টতা নোহোৱাকৈ কথাটো দেখদেখকৈ ওলাই পৰিব। ৰাছেল এগৰাকী বৰ চোকা বুদ্ধিৰ পণ্ডিত আছিল—সেই কথাটো বিভিন্ন পক্ষই মানি লোৱাত কোনো বাধা তেনেকৈ নাই। কিন্তু কথা হ’ল, এনে এটা পক্ষ ওলাল—সাম্ৰাজ্যবাদীৰ পক্ষ—যি ভিয়েটনামৰ আবাল-বৃদ্ধ-বনিতাৰ ওপৰত নিৰ্বিচাৰে বোমা পেলাবলৈ সাংঘাতিক তৎপৰতা দেখুৱাবলৈ আৰম্ভ কৰি দিলে! ইফালে, ভিয়েটনামীসকলে নিজৰ দেশত, নিজৰ গাঁও-নগৰত, নিজৰ ঘৰত, নিজৰ গাত বোমা পৰিলে, জুই লাগিলে জানোঁ ভাল পাব? গতিকে এনেবোৰ ঘটনাত বোমাৰ পক্ষ আৰু বোমা-বিৰোধীৰ পক্ষ—এইধৰণে ইতিহাসৰ প্রাংগনত দুটা পক্ষ বৈৰীমূলক সম্পৰ্কেৰে অৱতীৰ্ণ হ’ল। ৰাছেলে বুলিলে যে বোমাবাজী কৰি যুদ্ধবাজ হোৱাটো বেয়া। এই ৰাছেলক সাম্রাজ্যবাদীৰ সহচৰ সংবাদ-মাধ্যমেনো কিয় আক্রমণ নকৰিব! তেনে আক্রমণ মতাদৰ্শগত দ্বন্দ্বৰেই অৱধাৰিত পৰিণতি। আমাৰ ইয়াত ৰাছেলৰ কথা উদাহৰণ হিচাপেহে আহিছে—পক্ষ-বিপক্ষেৰে ভৰা সমাজত দ্বন্দ্ব-সংঘাত অনিবাৰ্য, তাৰ পৰা হাত সৰাৰ, বা ওলাই অহাৰ কোনো উপায় নাই—, সেইটোহে মূল প্ৰতিপাদ্য কথা।
৩.
(ক)
উপৰি উক্ত দফাটোৰ শেষত আমি পাই আহিলোঁ যে পক্ষ-বিপক্ষেৰে ভৰা সমাজত দ্বন্দ্ব-সংঘাত অৱধাৰিত? কিন্তু কিয়? এই প্রশ্নটো ইয়াত সিমান প্রাসংগিক নহয়, তথাপি উল্লেখ কৰিছোঁ যে এই সম্পৰ্কে আমি আগতে কিছু কথা আলোচনা কৰাৰ প্রয়াস কৰিছিলোঁ (শ্রেণীদ্বন্দ্বৰ অবিনশ্বৰতা, মুক্ত চিন্তা, নৱম বছৰ, পঞ্চম সংখ্যা। লিখাটো পঢ়িবলৈ ইয়াতে টিপক)। সেই প্রসংগ ইয়াতে এৰি আমি অন্য দুটিমান দিশত চমু আৰু বিক্ষিপ্তভাৱে দুটিমান কথা উনুকিয়াই আলোচনাটি শেষ কৰিম।
আলোচনাৰ আগৰ দফাত যে পক্ষ-বিপক্ষ আদিৰ কথা কৈছিলোঁ, সমাজতাত্বিক বিচাৰ-বিশ্লেষণত সেইবোৰক মোটামোটিভাৱে “শ্রেণী” বোলা হয়, বিৰুদ্ধ শ্রেণীৰ মাজৰ শ্ৰেণীগত কাজিয়া-খৰিয়ালক কোৱা হয় শ্রেণীদ্বন্দ্ব, শ্রেণী-সংঘাত। শ্রেণীসমূহৰ থাকে নিজ নিজ শ্রেণী-স্বাৰ্থ। সেইবাবেই সমাজত যেতিয়ালৈকে বিৰুদ্ধ-শ্রেণী থাকিব, তেতিয়ালৈকে থাকিব শ্রেণীসমূহৰ মাজত কাজিয়া-খৰিয়াল-দ্বন্দ্ব-সংঘাত। ডাঙৰ কথাটো হৈছে শ্রেণীবিভক্ত সমাজত কোনো মানুহ বা কোনো গোষ্ঠী শ্রেণীহীন হৈ থাকিব নোৱাৰে, থকাটো অসম্ভৱ। সেইবাবেই দ্বন্দ্ব-সংঘাতেৰে ভৰা সমাজত কোনো মানুহ নিৰপেক্ষ নহয়, হোৱাটো অসম্ভৱ।
লৰালৰিকৈ এইখিনিতে কথা এটা উনুকিয়াই থোৱাটো ভাল হ’ব। এইমাত্র আমি যি অনিৰপেক্ষতাৰ কথা, বা পক্ষপাতী চৰিত্রৰ কথা উল্লেখ কৰিছোঁ, তাক এচামে বুজি নাপাই ডাঙৰ উজুটি কিছুমান মাজে মাজে খাই থাকে। সহজ উদাহৰণ এটা লোৱা যাওঁক। ধৰক, ঐতিহাসিক বিচাৰ-বিশ্লেষণৰ বাবে আমাৰ হাতত বহুতো তথ্য জমা হ’ল। উজুটি খোৱা পক্ষৰ মানুহে কয়, নিৰপেক্ষ হৈ তেনে তথ্য-ভাণ্ডাৰৰ পৰা দৰকাৰী তথ্য নিৰ্বাচন-বৰ্জন কৰাটো সম্ভৱ—গতিকে নিৰপেক্ষহীনতাৰ কথাটো এটা বিভ্রমহে মাত্র। বিজ্ঞানমনস্ক-যুক্তিবাদী পদ্ধতিৰ প্রতি অনীহা আৰু অমনোযোগেই হৈছে তেনে বিভ্রান্তিৰ অন্যতম উৎস। বিজ্ঞানমনস্ক-যুক্তিবাদী পদ্ধতিৰে আগবঢ়া লোকে প্রাথমিক পৰ্যায়তেই প্রসংগ-সংগতিৰ দিশটোত সচেতন হৈ থাকে। ওপৰত যি পক্ষপাতিত্বৰ কথা কোৱা হৈছে সি হৈছে শ্রেণীসম্ভূত পক্ষপাতিত্ব। তথ্য নিৰ্বাচনৰ নিৰপেক্ষতাৰ সৈতে সি সংগতিহীন।
সি বাৰু যিয়েই নহওক, সমাজত কিন্তু এডাল স্কেলত থকাৰ দৰে—এটি পোন-পটীত—সমাজৰ দ্বন্দ্ববোৰে অৱস্থান কৰি নাথাকে। কিন্তু দ্বন্দ্ববোৰক তেনেই সহজ তেল-পানীৰ সম্পৰ্ক বুলি ভাবি ল’লে সি হয়গৈ যান্ত্রিকতা মাত্র। তেনে যান্ত্রিকতাই মাজে মাজে বিপ্লৱৰ প্রচণ্ড ধ্বনিৰ সৃষ্টি কৰি কৰ্ণ-পটহ বিদীৰ্ণ কৰিলেও বিপ্লৱ অহাতো বাদেই, বিপ্লৱীও কাণ বচাবলৈ পলায়ন কৰিবলগীয়া হয়। পুনৰ বাৰ্ট্রাণ্ড ৰাছেলকেই আনিছোঁ ইয়ালৈ। সকলোৱে জানে, ৰাছেল আছিল ব্যক্তিস্বতন্ত্রতাৰ উৎসাহী প্রবক্তা, কমিউনিজমৰ বিৰোধী। আৰু বহুতো দিশ আছে, সেইসমূহ ইয়াত অনুল্লিখিত হৈ থাকিলেও চলি যাব। স্বাভাৱিকতেই কমিউনিষ্টসকলে সেইবোৰ কাৰণতেই ৰাছেলৰ কিছুমান মত আৰু দৃষ্টিকোণৰ সমালোচনা কৰিছে, কৰিছে প্রচণ্ড বিৰোধিতা, ৰাছেলৰ সেইসমূহ কথা পৰিত্যাজ্য বুলিও কৈছে। আমাৰ ধাৰণা, তেনে যৌক্তিক আৰু মতাদৰ্শভিত্তিক যৌক্তিক সমালোচনা প্রয়োজনীয়; তীক্ষ্মধী দাৰ্শনিকগৰাকীক কৰা তেনে সমালোচনা অকণো অসংগত নহয়। লগতে আমি মনত ৰাখিবও লাগিব, ৰাছেলৰ দৰে তীক্ষ্ম মেধাৰ মানুহে কৰা কমিউনিজমৰ বিৰোধিতা তেনেই উপৰুৱা নাছিল—তাৰ মাজত কিবা সাৰমৰ্ম আছে নেকি, সেই দিশটোৰো বিচাৰ-বিশ্লেষণ হোৱা উচিত—কমিউনিজমৰ স্বাৰ্থতেই।
কিন্তু ৰাছেলৰ পৰিচয় মাত্র কমিউনিষ্টবিৰোধী বুলি ভাবিলে সি হ’বগৈ মহামূঢ়তাৰ পৰিচায়ক। যোৱা শতিকাৰ শেষভাগত আমি এটা নিবন্ধত যুক্তিবাদ-বিজ্ঞানমনস্কতা-নিৰীশ্বৰবাদৰ প্রসংগত ৰাছেলৰ শানিত যুক্তিৰ কথা আলোচনা কৰিছিলোঁ। এগৰাকী বাঁওপন্থী বুলি পৰিচিত অধ্যাপকে বেঁকা হাঁহি মাৰি চিধাকৈ কৈছিল—কিহে! ৰাছেলক আপুনি মহান বনাই দিলে! অন্য এগৰাকী প্রচণ্ড বিপ্লৱীয়ে আকৌ মিঠা হাঁহিৰে বেঁকাকৈ কৈছিল, ৰাছেল ৰাছেল বুলি কৈ কিছুমানৰ মূৰটো গ’ল! কথাবোৰ ব্যক্তিগতভাৱে যে বেচ মজাৰ আৰু উপভোগ্য তাত সন্দেহ নাই। কিন্তু সামাজিক প্রেক্ষাপটত মাৰ্ক্সবাদৰ নামত তেনে মূঢ় অন্ধতা সঁচাই বৰ হতাশাজনক। অৱশ্যে সকলো মাৰ্ক্সবাদী বিদ্বান তেনে নহয়। এই ক্ষেত্রত আমি শিৱনাথ বৰ্মনৰ বহুতো লিখালৈ আঙুলিয়াব পাৰোঁ (উদাহৰণ ; বাৰ্ট্রাণ্ড ৰাছেল : শ্রদ্ধাঞ্জলি; ৰাছেল আৰু ৰহস্যবাদ, শিৱনাথ বৰ্মন ৰচনাৱলী, খণ্ড ২,)। এইসমূহ ৰচনাত ৰাছেলৰ দৰ্শনৰ, ৰাছেলৰ অৱদানৰ বহুতো ইতিবাচক দিশত সুন্দৰকৈ আলোকপাত কৰা হৈছে। ৰাছেলৰ অন্যতম পৰিচয় হৈছে এগৰাকী নিৰ্ভীক নিৰীশ্বৰবাদী বুলি। ৰাছেলৰ যুক্তিৰ যথোচিত ব্যৱহাৰ কৰিও, নিৰীশ্বৰবাদৰ ক্ষেত্রত ৰাছেলৰ সীমাবদ্ধতাৰ কথা স্পষ্টকৈ দেখুৱাই দিছিল প্রসেনজিৎ চৌধুৰীয়ে (দ্রষ্টব্য : ভগৱানৰ ভূত ভৱিষ্যৎ ইত্যাদি, নিষিদ্ধ প্রসংগ গ্রন্থত)। বিচাৰ-বিশ্লেষণত তেনে সন্তুলনহে নতুন ধ্যান-ধাৰণাৰ সংশ্লেষণৰ বাট মোকলাব—নাম শুনিলেই মূৰ ঘূৰাই দিয়াটো বিজ্ঞানমনস্কতাৰ পৰিচায়ক নহয়।
(খ)
আমি প্রথমতেই কৈছিলোঁ যে দুটা নৰাধমৰ নামো আলোচনালৈ আহিব। আলোচনাৰ এইটো শেষ দফা; গতিকে ইয়াতেই নাম দুটি আহিব। তাৰ আগতে সেই যে পক্ষ বা শ্রেণীৰ কথা—তালৈ উভতিছোঁ ক্ষন্তেক সময়ৰ বাবে। উদাহৰণ ল’লে কথা সহজ হ’ব।
যুদ্ধৰ কথাকেই উদাহৰণ হিচাপে লোৱা যাওক। সাধাৰণ অৱস্থাত, শুভবুদ্ধিসম্পন্ন সৰহভাগ মানুহেই ক’ব যে যুদ্ধ মানৱতাৰ বিৰোধী, যুদ্ধ বেয়া বস্তু। তথপিও—নানান আৰ্থ-সামাজিক কাৰণৰ বাবে—যুদ্ধ লাগি যায়। যুদ্ধত অৱতীৰ্ণ হোৱা পক্ষসমূহে নিজ নিজ পক্ষৰ সমৰ্থনত পইণ্ট কিছুমান দিয়ে ইয়াত “পইণ্ট” শব্দটো ইচ্ছা কৰিয়েই লিখিছোঁ, পইণ্টৰ ঠাইত “যুক্তি” বুলি দিলে যে ভাল হ’লহেতেন, সেইটো জানো। কিন্তু কোনোবাই যদি প্ৰসংগ-সংগতি পৰিহৰি সেই “যুক্তি”-ক যুক্তিবাদ বুলি ভাবে, তেনেহ’লেতো আধ্যাই পৰিব! সি বাৰু যিয়েই নহওক, তেনে পইণ্টবোৰৰ মাজেৰে, যুদ্ধক ন্যায্যতা প্রদান কৰিবলৈ যুদ্ধবাজবিলাকে প্রয়াস কৰে। কিন্তু মনত ৰাখিব লাগে, সেইবোৰ পইণ্ট যৌক্তিক ভিত্তিৰ ওপৰত প্রতিষ্ঠিত নহ’বও পাৰে। এইখিনিতে আহে নৰাধম দুটাৰ নাম— আডল্ফ হিটলাৰ আৰু জোচেফ গোৱেবেলছ। যুদ্ধৰ সমৰ্থনত হিটলাৰে যিবোৰ পইণ্ট দিছিল, সেইবোৰৰ অবিৰত প্রচাৰ চলাইছিল গোৱেবেলছে। কিন্তু সেই পইণ্টবোৰ জানোঁ যৌক্তিক আৰু মানুহৰ বাবে শুভংকৰ আছিল? নিশ্চয় নাছিল। কিন্তু ডাঙৰ কথাটো হ’ল, প্রচাৰৰ জোৰত অগণন মানুহৰ মনত সেই পইণ্টবোৰ অবিসম্বাদী সত্য বুলি পৰিগণিত হৈছিল। সেইবোৰ যে ভ্রান্ত, নিৰ্ভেজাল মিথ্যাচাৰ—তাক বহুতে তেতিয়া ধৰিবই নোৱাৰিলে। সামান্য যুক্তিবুদ্ধিৰে চালেই হয়তো সেইসমূহৰ ধাপ্পাবাজী মানুহে ধৰিব পাৰিলেহেতেন। কিন্তু তেনে নহ’ল, কাৰণ যুক্তিবিধ্বংসী আৱেগৰ ভয়ংকৰ ঢৌত জাৰ্মান জনগণ উটি গৈছিল—সমগ্র পৃথিৱীৰ শ্বাসৰুদ্ধ হোৱাৰ উপক্রম হৈছিল। ইমানখিনি আলোচনা কৰাৰ পাছত বোধহয় কোৱাটো নিষ্প্রয়োজন যে নিজৰ চৌকাশে যেতিয়া সমজাতীয় পৰিৱেশ-পৰিস্থিতিয়ে গা কৰি উঠে—তেতিয়া যুক্তিবুদ্ধিক সাৰথি নকৰিলে বিপদৰ আগমন দ্রুততৰ হৈ পৰিব। প্রতিপক্ষৰ বিৰাট প্রচাৰ-ব্যৱস্থাই যেতিয়া গোৱেবেলছিয় ৰূপ ধাৰণ কৰে, তেতিয়া তেনে যুক্তিবুদ্ধি, যুক্তি-আশ্রয়ী চিন্তা, বিজ্ঞানমনস্কতাক সংগঠিত ৰূপ প্রদান কৰাত সকলো সচেষ্ট হোৱা জৰুৰী।