কেন্দ্ৰীয় নিবন্ধনিবন্ধ

অসম সাহিত্য সভা আৰু অসমীয়া ভাষা ।। অলকেশ শইকীয়া

১৯১৭ চনত জন্ম লাভ কৰিছিল অসম সাহিত্য সভাই। শিৱসাগৰত বহা ‘আছাম এছ’চিয়েচন’ৰ ৰভাৰ তলত। পশ্চিমীয়া শিক্ষাৰ আলোকত, ব্ৰিটিছৰ ছত্ৰছায়াত উত্থান হোৱা মধ্যবিত্ত শ্ৰেণীটোৱে সাংস্কৃতিক আন্দোলন এটা গঢ়ি তোলাৰ বাবে যত্নপৰ হৈছিল। ‘চিৰ চেনেহী মোৰ ভাষা জননী’ ধ্বনিৰে অসমৰ পৰিৱেশ মুখৰিত হৈছিল। ব্ৰিটিছ আৰু অসমীয়া উচ্চ মধ্যবিত্তৰ পৃষ্ঠপোষকতাত সাহিত্য সভা বৃহৎ অনুষ্ঠানত পৰিণত হোৱাৰ দিশে আগবাঢ়িল।
সাহিত্য সভা কোনোকালেই অৰাজনৈতিক নাছিল। সাহিত্য সভাৰ ৰাজনীতিৰ চৰিত্ৰ আছিল কিছু পৃথক। ক’ব পাৰি এক ধৰণৰ ভয়ংকৰ ৰাজনীতি। ২০১৭ চনত সাহিত্য সভাই সম্পূৰ্ণ কৰিছিল এশটা বছৰ। এটা অনুষ্ঠানৰ ভাল বেয়াৰ মূল্যায়ন কৰিব পৰাকৈ এশটা বছৰ প্ৰচুৰ সময়।
সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন হৈছিল শিৱসাগৰত। অধিৱেশনখন অনুষ্ঠিত হৈছিল সভাপতিশূন্যভাৱে। বিভিন্ন কেলেংকাৰী, তদানীন্তন প্ৰধান সম্পাদক জনৰ একনায়কত্ববাদ আদিৰ সমাহাৰে অসমৰ মানুহৰ সাহিত্য সভাৰ প্ৰতি থকা অৱশিষ্ট সন্মানকণো ধূলিৰ লগত মিলাই দিছিল। বুৰঞ্জীৰ পাতত দেখা যায় যে সুদীৰ্ঘ সময় শাসন কৰা একোটা ৰাজবংশৰ পতনৰ অন্তৰালত পুঞ্জীভূত কাৰক থাকে। সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ সময়ত অনুষ্ঠানটোত দেখা দিয়া উপসৰ্গসমূহলৈ লক্ষ্য কৰিলে সাহিত্য সভাক ‘সভাভংগ’ বুলি ঘোষণা কৰা উচিত আছিল যেন লাগে। সাহিত্য সভাই সুদীৰ্ঘ এশ ছয়টা বছৰত জাতিটোৰ প্ৰচুৰ ক্ষতি কৰিলে। শতবৰ্ষীয় অধিৱেশনৰ পৰৱৰ্তী সময়ছোৱাত সাহিত্য সভাই দুৰাৰোগ্য ৰোগত ভূগি মৃত্যুৰ সৈতে যুঁজি আছে যেনেই লাগে। যোৱা এশ ছয়বছৰত সাহিত্য সভাই সংঘটিত কৰা ভাষিক দুষ্কাৰ্যাৱলীৰ কেইটামান অধ্যায়ৰ মৰণোত্তৰ পৰীক্ষাৰ চেষ্টা কৰিম।
সভাৰ ভাষিক নীতিৰ স্বৰূপ
ভাষা এটা ৰাজনৈতিক বিষয়। এখন দেশৰ ‘ৰাষ্ট্ৰ ভাষা’, ৰাজ্যভাষা আৰু অন্যান্য ভাষাৰ প্ৰশ্নবোৰ ৰাজনীতিৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত হৈ আছে। একাংশ সাত্বিক, ভাৱবাদী, নিৰপেক্ষ লোকে ভাষা অৰাজনৈতিক বিষয় বুলি ভ্ৰান্ত ধাৰণাত মতলীয়া হৈ থাকে। আনৰ মাজতো তেনে ধাৰণা প্ৰচাৰ কৰিব খোজে। অসমৰ দৰে এখন বহু জনজাতীয় ভাষাৰ অৱস্থিতি থকা ৰাজ্যত ভাষাৰ প্ৰশ্নটো নিঃসন্দেহে অতি তাৎপৰ্যপূৰ্ণ। অসমত ভাষিক বিবাদৰ ইতিহাস আছে। ১৯৬০ চনত অসম সাহিত্য সভাই অসমীয়াক বাধ্যতামূলক ৰাজ্যভাষা কৰিবলৈ আন্দোলনৰ নেতৃত্ব দিছিল। কিন্তু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষাৰ দৰে বিতৰ্কিত বিষয়টোত কোনো স্পষ্ট নীতি নাই। সমান্তৰালভাৱে অসমৰ থলুৱা আৰু জনজাতীয় ভাষাবোৰৰ ক্ষেত্ৰতো অসম সাহিত্য সভাৰ সুস্পষ্ট নীতি নাই। হিন্দী সম্পৰ্কত সভাৰ সভাপতিসকলৰ বক্তব্যও এজনৰ লগত আনজনৰ নিমিলাধৰণৰ। ১৯৫৮ চনৰ সভাপতি পদ্মধৰ চলিহাই হিন্দী জাপি দিয়াৰ বিৰোধিতা কৰিছিল। অতুল চন্দ্ৰ হাজৰিকাই সভাপতিৰ অভিভাষণত উল্লেখ কৰিছিল যে ১৯৫৮ চনৰ তিনিচুকীয়া অধিৱেশনত চাহমজদুৰ সকলৰ বাবে হিন্দী মাধ্যম প্ৰৱৰ্তনৰ বিৰোধিতা কৰি, লগতে কাৰ্বি, ডিমাচা আৰু নাগা অনাতাৰ কাৰ্যসূচীৰ প্ৰৱৰ্তনৰো বিৰোধিতা কৰি এটা প্ৰস্তাৱ লোৱা হৈছিল।(অসম সাহিত্য সভাৰ ভাষণাৱলী, তৃতীয় খণ্ড, পৃষ্ঠা-৩১) লগতে তেওঁ দুখ প্ৰকাশ কৰি কৈছিল যে এটা বিদেশী ভাষা আৰু উত্তৰ ভাৰতীয় হিন্দীয়ে উত্তৰ পূব সীমান্ত অঞ্চলৰ পৰা অসমীয়াক চিৰ নিৰ্বাসন দিলে। অতুল চন্দ্ৰ হাজৰিকাই হিন্দী সাম্ৰাজ্যবাদে অসমক খণ্ড বিখণ্ড কৰাৰো অভিযোগ তুলিছিল। আনহাতে ১৯৬৮ চনৰ সাহিত্য সভাৰ সভাপতি জ্ঞাননাথ বৰাই হিন্দীক ৰাষ্ট্ৰভাষা কৰাৰ বিৰোধিতা কৰিছিল। এইগৰাকী সভাপতিয়ে সংস্কৃতক ৰাষ্ট্ৰভাষা কৰাৰ দৰে অদ্ভুত প্ৰস্তাৱ আগবঢ়াইছিল। তেখেতৰ যুক্তি আছিল মৃতভাষা হিব্ৰু আধুনিক ইজৰাইলৰ ভাষা হ’ব পাৰিলে সংস্কৃত ভাৰতৰ ৰাষ্ট্ৰভাষা হ’ব নোৱাৰিব কিয়। ১৯৬৯ চনৰ সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই কৈছিল, “আমাৰ ৰাষ্ট্ৰতো যদি হিন্দীয়েই উমৈহতীয়া ভাষা হয়, তেন্তে সকলো আঞ্চলিক সাহিত্যৰ লগতে ভাৰতবৰ্ষৰ সংহতি সাধনৰ এটি সোণালী পথ ওলাব। এইবাবে হিন্দী বিৰোধিতা কৰা উচিত নহয়।”(অসম সাহিত্য সভাৰ ভাষণাৱলী, তৃতীয় খণ্ড, পৃষ্ঠাঃ ৪২৯)
সাহিত্য সভাৰ সভাপতিসকলে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতা কৰাত ব্যৰ্থ হৈছিল। বহুভাষাৰ ওপৰত এটা ভাষাৰ আধিপত্যৰ ভয়াবহতা আৰু পৰৱৰ্তী সময়ত উত্তৰ পূব ভাৰতত ইয়াৰ কেনে নেতিবাচক প্ৰভাৱ পৰিব পাৰে এই কথা উপলব্ধি কৰিব পৰা নাছিল। তামিল প্ৰমুখ্যে দক্ষিণ ভাৰতীয়সকলে হিন্দী জাপি দিয়াৰ বিৰোধ কৰিছিল। এই বিতৰ্ক, বিবাদ এতিয়াও শেষ হোৱা নাই। এইক্ষেত্ৰত আজিও সুস্পষ্ট নীতি গ্ৰহণ কৰিব নোৱাৰিলে সাহিত্য সভাই।
দঃ দেৱব্ৰত শৰ্মাই লিখিছে, “ভাষা হৈছে প্ৰধানতঃ ৰাজনৈতিক প্ৰশ্ন। এটা ভাষাই উপভোগ কৰা মৰ্যাদা সংশ্লিষ্ট ভাষাভাষী গোষ্ঠীটোৱে উপভোগ কৰা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ সমানুপাতিক। ভাৰতবৰ্ষত বৰ্তমানে এক পাঁচ তৰপীয়া ভাষিক স্তৰ বিন্যাস বিৰাজ কৰিছে। আমাৰ দৃষ্টিত সেই স্তৰবিন্যাস এনেধৰণৰঃ
ইংৰাজী (অতি বিশেষ ভাষাটো)‌?
হিন্দী (ৰাষ্ট্ৰভাষা)
আধুনিক ভাৰতীয় ভাষাবোৰ (সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত ৰাজ্যিক-আঞ্চলিক চৰকাৰী ভাষা যেনে বাংলা, অসমীয়া, তামিল)
অৰ্ধ স্বীকৃত ভাষাবোৰ
(কংকনী, ডোগ্ৰী, মণিপুৰী, নেপালী ইত্যাদি)
সম্পূৰ্ণৰূপে অৱহেলিত ভাষাবোৰ
(নিম্নবৰ্গৰ মানুহৰ দ্বাৰা কথিত, বহুক্ষেত্ৰত লিপিবিহীন, শিক্ষাৰ মাধ্যমৰূপে অস্বীকৃত, অনাতাৰ, দূৰদৰ্শন বঞ্চিত শতশত ভাষা)

এই স্তৰবিন্যাসত অসমীয়াৰ স্থান তৃতীয় খাপতহে। এই স্তৰ বিন্যাস ৰাজনৈতিক ক্ষমতাৰ গাঁথনিৰ লগতো সামঞ্জস্যপূৰ্ণ কাৰণ ইয়াৰ শীৰ্ষত থকা ইংৰাজী হৈছে আমাৰ ৰাষ্ট্ৰক্ষমতাত ঔপনিৱেশিক প্ৰভাৱৰ প্ৰতীক। আজি ভাৰত যিমানে অৰ্ধ উপনিৱেশৰ পৰা নয়া-উপনিবেশৰ ফাললৈ গতি কৰিছে, ইং-মার্কিন সাম্রাজ্যবাদ আৰু বিদেশী বহুজাতিক কোম্পানি- বিশ্ববেংক-আই এম এফৰ নিয়ন্ত্ৰণলৈ গৈছে, সিমানে ইংৰাজীৰ স্থিতি মজবুত হৈছে। এই বিন্যাসত হিন্দীয়ে উপভোগ কৰা স্থান একেদৰে ভাৰতবৰ্ষৰ ৰাষ্ট্রক্ষমতাত উত্তৰ ভাৰতৰ হিন্দী হিন্দু গোষ্ঠীয়ে উপভোগ কৰা স্থানৰ সমানুপাতিক। অসমীয়া, বাংলাৰ দৰে আঞ্চলিক প্ৰত’বুৰ্জোৱাজিৰ পৃষ্ঠপোষকতাপ্রাপ্ত ভাষাবোৰ এই জখলাৰ ঠিক মাজভাগত অৱস্থিত। সেয়েহে অসমীয়াই দুটা কাম কৰিব পাৰে। হয় ই নিম্নতৰ অৱস্থানত থকা ভাষাবোৰৰ লগলাগি উচ্চতৰ অৱস্থানত থকাবোৰক প্ৰত্যাহ্বান জনাব পাৰে, নহয় সেইবোৰৰ লগত আপোচ কৰি নিম্নতৰবোৰৰ অধিকাৰ হৰণৰ অংশীদাৰ হৈ অবশেষত নিজকো বিপন্ন কৰিব পাৰে।”(অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ, পৃষ্ঠাঃ ২৮০)
সাহিত্য সভাই হিন্দী আৰু ইংৰাজী ভাষাৰ আধিপত্যক প্ৰতিহত কৰাৰ বাবে চেষ্টা কৰাৰ কোনো নজিৰ নাই। অথচ এইটো অত্যন্ত জৰুৰী। এই দুই ভাষাৰ আধিপত্যৰ বাবে অসমীয়া ভাষাকে ধৰি অন্যান্য থলুৱা ভাষা সমূহ ক্ষতিগ্ৰস্ত হৈছে। দক্ষিণ ভাৰতত হিন্দীৰ বিৰুদ্ধে যি প্ৰৱল প্ৰতিৰোধ দেখা যায়, তাৰ তুলনাত উত্তৰ পূব ভাৰতত সেইটো পৰিলক্ষিত নহয়। তদুপৰি হিন্দী ভাষাৰ বজৰুৱা, স্থূলৰুচিৰ চলচিত্ৰ আদিয়ে অসমক গ্ৰাস কৰি পেলাইছে। হিন্দীৰ ভাষিক আৰু সাংস্কৃতিক আগ্ৰাসনৰ বিৰুদ্ধে দশকৰ পিছত দশক ধৰি নিষ্প্ৰভ হৈ ৰৈছে অসম সাহিত্য সভা। অসমত উত্তৰ ভাৰতীয় হিন্দী বলয়ৰ সংস্কৃতিবোৰৰ পয়োভৰ বৃদ্ধি পাইছে। অসমীয়া মধ্যবিত্তই এই সংস্কৃতিৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰিছে। হিন্দী ভাষাৰ প্ৰভাৱ পূৰ্বতকৈ বৃদ্ধিৰো চেষ্টা চলি আছে।
অসমৰ শিক্ষাৰ জগতত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই ইংৰাজী ভাষাই ছানি ধৰিছে। যধে-মধে ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ গঢ়ি উঠিছে। হিন্দী-ইংৰাজী আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ বিপৰীতে এই ক্ষেত্ৰত নীৰৱে আছে অসম সাহিত্য সভা। সাহিত্য সভা সোচ্চাৰ হৈছিল বাংলা ভাষাৰ বিৰুদ্ধে। ভাষিক প্ৰভূত্ব প্ৰতিষ্ঠা কৰিব বিচাৰিছল জনজাতীয় ভাষাৰ ওপৰত। যেন থলত থল ৰজা, হাঁহৰ ওপৰত শিয়াল ৰজা।
ভাষিক উগ্ৰজাতীয়তাবাদৰ ধ্বংসাত্মক পথত
ঔপনিৱেশিক কালত নতুনকৈ উত্থান হোৱা অসমীয়া মধ্যবিত্তই প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি নিৰাপদ স্থানত থকাৰ মাধ্যমৰূপে বাছি লৈছিল ভাষা-সাহিত্য চৰ্চাক। ব্ৰিটিছৰ লগত যিকোনো সংঘাত এৰাই চলিবলৈ যত্নপৰ হৈছিল। এটা কথাত দ্বিমত নাই যে এই শ্ৰেণীটোৱেই আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বুনিয়াদ গঢ়ি তুলিলে। তাৰ বাবে জাতিটো তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ। ব্ৰিটিছে ঔপনিৱেশিক শোষণৰ স্বাৰ্থত অসমত বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল। বাংলা ভাষা জাপি দিয়াৰ অন্যতম কাৰণ আছিল ব্ৰিটিছৰ বিভাজনৰ নীতি। সেই সময়ৰ অসমত ধৰ্মীয় সাম্প্ৰদায়িকতাৰ পৰিৱেশ নাছিল। ব্ৰিটিছে অসমত ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব নোৱাৰি ভাষিক সাম্প্ৰদায়িকতাৰ বীজ ৰূপণ কৰিলে। যাতে ঔপনিৱেশিক শোষণত বাধাৰ সৃষ্টি নহয়।
অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে ইয়াৰ বাবে বাঙালী আমোলা কেৰাণী সকলক শত্ৰু হিচাপে গণ্য কৰিলে। তেওঁলোকৰ ধাৰণা যে অসমত বাংলা ভাষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত যত কূটৰ ঘাই বাঙালী আমোলা আৰু কেৰাণীসকল। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল যে ব্ৰিটিছে এইক্ষেত্ৰত আশংকা হ্ৰাস কৰিলেও বাঙালী আমোলা মহৰীহঁতে অসমীয়াৰ বিৰুদ্ধে কাণত বিহ ঢালিয়ে আছিল। সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ মতে, ”বৃটিছ ৰাজে দয়া কৰি – অসমীয়া সাহিত্য সজীৱ আৰু সতেজ ৰাখিবলৈ যত্নৰ ত্ৰুটী কৰা নাছিল; গবর্ণমেন্টে বিবিধ ব্যৱস্থাৰে সৈতে ইয়াৰ উন্নতি বিধান কৰাৰ উপৰি ইয়াক ৰাজভাষা (court language) কৰি ইয়াৰ শ্ৰীবৃদ্ধিলৈ বাট সুগম কৰি দিলে। কিন্তু এনেতে এদল স্বাৰ্থপৰ অসমপ্রবাসী বঙালীয়ে অসমীয়া ভাষা আৰু সাহিত্যৰ উদগতিৰ আগত ভেটা মাৰি ধৰিলে।”(গোহাঞিবৰুৱা ৰচনাৱলী, পৃষ্ঠা-৮৮৪-৮৮৫)
অসম সাহিত্য সভাৰ নেতৃত্ব ব্ৰিটিছৰ ষড়যন্ত্ৰৰ চিকাৰ হৈছিল। অৱশ্যে সেই সময়ত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ চিন্তা চেতনাত আন দুটা কথাইয়ো ক্ৰিয়া কৰি আছিল। প্ৰথমতে, এই শ্ৰেণীটোৰ অন্তনিৰ্হিত শ্ৰেণীস্বাৰ্থ। এই শ্ৰেণীটো সম্পূৰ্ণৰূপে ব্ৰিটিছৰ ওপৰত নিৰ্ভৰশীল আছিল। দ্বিতীয়তে উদ্যোগী আৰু উচ্চাকাংক্ষী বাঙালী মধ্যশ্ৰেণীটোৱে চাকৰিৰ ক্ষেত্ৰত অসমীয়াক সমস্যাত পেলাইছিল। ব্ৰিটিছে অসম আগমনৰ প্ৰায় এক শতিকা পূৰ্বেই বংগত প্ৰৱেশ কৰিছিল। বাঙালী মধ্যশ্ৰেণীয়ে অসমীয়াতকৈ বহু আগৰ পৰা পশ্চিমীয়া শিক্ষা লাভৰ সুযোগ পাইছিল। যাৰ পৰিপ্ৰেক্ষিতত বাঙালীসকলে চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাইছিল। এইধৰণৰ প্ৰতিযোগিতাইয়ো অসমীয়াৰ মাজত ভাষিক জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল। অসমীয়াভাষী সকল ঐক্যবদ্ধ হোৱাৰ পথ মুকলি হৈছিল। অসমৰ দৰে বহুভাষিক ৰাজ্যত একভাষাৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰিবলৈ গ’লে বহু জটিলতা আহি পৰে। ভাষিক জাতীয়তাবাদে উগ্ৰজাতীয়তাবাদৰ ৰূপ লোৱাৰ সম্ভাৱনা থাকে। অৱশেষত সেইয়াই সত্য প্ৰমাণিত হ’ল।
অসম সাহিত্য সভাই ভাষিক জাতীয়তাবাদৰ পৰিসীমা অতিক্ৰম কৰি উগ্ৰজাতীয়তাবাদী স্থিতি গ্ৰহণ কৰিছিল। ৰচনা কৰিছিল ভাষাৰ নামত এখন ৰক্তাক্ত আত্মক্ষয়ী যুদ্ধৰ পটভূমি। অসমত আৰম্ভ হৈছিল ভাষিক উগ্ৰজাতীয়তাবাদে জাতিটোক ভাঙি ছিন্ন ভিন্ন কৰি পেলোৱাৰ কৰুণ অধ্যায়বোৰ। এই ৰক্তাক্ত আৰু বীভৎস সংগ্ৰামখনেই আছিল ১৯৬০ চনৰ অসম ৰাজ্যভাষা আন্দোলন। ভয়াবহ ধ্বংসলীলা। অসমীয়াই দানৱীয় ৰূপ ধাৰণ কৰি বাঙালী জাতিৰ ওপৰত নৃশংস আক্ৰমণ চলাইছিল। হত্যা কৰিছিল। ফলশ্ৰুতিত বাঙালী জাতিকেই দূৰলৈ ঠেলি পঠিয়াইছিল এনে নহয়‍, বৰঞ্চ এই আন্দোলনে বিভিন্ন উপভাষা থকা জনজাতিবোৰকো অসমীয়া জাতিৰ পৰা শতযোজন দূৰলৈ ঠেলি পঠিয়ালে।
অসম ৰাজ্যভাষা আইন ১৯৬০ গ্ৰহণ কৰাৰ পূৰ্বৰ কেইবাবছৰো ধৰি সাহিত্য সভাৰ অধিৱেশনত উল্লিখিত ধৰণৰ আইন এখনৰ দাবী কৰি প্ৰস্তাৱ লোৱা হৈছিল। ১৯৫০ চনৰ মাৰ্ঘেৰিটা অধিৱেশনত প্ৰস্তাৱ লোৱা হৈছিল। “মাৰ্ঘেৰিটাত বহা অসম সাহিত্য সভাৰ এই ২১ শ অধিৱেশনতেই অসমীয়া ভাষাক অসমৰ ৰাজ্যভাষা বুলি আৰু সম্প্ৰতি (খাছি, লুচাই, মিজো) আৰু গাৰো পাহাৰৰ স্কুলকেইটা বাদ দি অসমৰ সকলো হাইস্কুলতে অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰক আৰু আগতে দিয়া তেনে স্কুল বিলাকৰ পৰা আৰ্থিক সাহাৰ্য আৰু স্বীকৃতি উঠাই ল’ব লাগে।)”(ডক্টৰ বসন্ত কুমাৰ গোস্বামীঃ অসম সাহিত্য সভাৰ ইতিহাস, ১৯১৭-৫০, প্ৰথম খণ্ড, ২০১৮, পৃষ্ঠা-১৯৬) সভাৰ এই দাবী স্মাৰক পত্ৰযোগে ৰাজ্যপালক জনোৱা হৈছিল। অসমীয়া ভাষা জাপি দিবলৈ চলা তৎপৰতাৰ বিৰোধিতা কৰিছিল জনজাতিসকলে। লুচাই, মিজোসকলৰ লগতে খাচী-জযন্তীয়া আৰু গাৰোসকলো অতিষ্ঠ হৈ পৰিছিল। ১৯৫০ চনৰ ১৬ জুলাই দিনটো ৰাজ্যভাষা দিৱস হিচাপে পালন কৰা হৈছিল। সাহিত্য সভাই ১৯৫৫ চনত ১৯৬০ চনক চূড়ান্ত সীমা হিচাপে বান্ধি দি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সাহিত্য সভাৰ এটা দলে ১৯৫৯ চনৰ ৫ মে’, ১৪ মে’ আৰু ৭ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই দাবী পূৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। ১৯৫৯ চনৰ ১২ ছেপ্তেম্বৰৰ দিনটো ‘ভাষা দিৱস’ হিচাপে পালন কৰিছিল। ‘ৰাজ্যিক ভাষা অসমীয়া’ নামে কিতাপ প্ৰকাশ কৰি মন্ত্ৰীসভাৰ সদস্য, অধ্যক্ষ, উপাধ্যক্ষ, বিধায়ক আদিৰ মাজত বিতৰণ কৰিছিল। ‘Assam State Language’ নামৰ এখন কিতাপ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৬০ চনৰ ১১ মাৰ্চত ‘ৰাজ্যভাষাৰ দাবী দিৱস’ পালন কৰিছিল। ১৯৬০ চনৰ ১৯ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নেহৰুক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।
স্বাভাৱিকতেই ইয়াৰ বিৰুদ্ধে জনজাতিসকলৰ প্ৰতিক্ৰিয়াও প্ৰৱল হৈ পৰিছিল। ১৯৬০ চনৰ অসম বিধানসভাৰ বাজেট অধিৱেশনত সৰ্বদলীয় পাৰ্বত্য নেতা সন্মিলন(APHLC)ৰ জনজাতীয় নেতৃত্বই প্ৰস্তাৱিত ৰাজ্যভাষাৰ বিৰোধ কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ভাৰতৰ ঐক্য আৰু নিৰাপত্তাৰ স্বাৰ্থত অসম ৰাজ্যভাষা আইনখন বাতিল কৰিবলৈ দাবী জনাইছিল। অসমীয়া পক্ষৰ স্থিতিৰ বিৰুদ্ধে সেই সময়ৰ জনজাতিসকল বিক্ষুব্ধ আৰু হিংসাত্মক হৈ উঠিছিল বুলি তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গোৱিন্দ বল্লভ পণ্টলৈ লিখা এখন চিঠিৰ পৰা জানিব পাৰি। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত মিজোসকলৰ পৃথকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ১৯৭২ চনত মাধ্যম আন্দোলনৰ বছৰটোত মিজোৰামে পৃথক ৰাজ্য হিচাপে জন্মলাভ কৰিছিল।
১৯৬০ চনৰ ৪ আৰু ৫ অক্টোবৰ তাৰিখে অনুষ্ঠিত সৰ্বদলীয় সন্মিলনত সাহিত্য সভাৰ নেতৃত্বই অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা কৰাৰ দাবী তুলিছিল। উল্লেখযোগ্য যে আন্দোলনৰ পূৰ্বৰ কেইজনমান সভাপতিৰ অভিভাষণত ভাষিক উগ্ৰজাতীয়তাবাদৰ প্ৰকাশ ঘটিছিল। ১৯৫৮ চনৰ সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি পদ্মধৰ চলিহাই চৰ্ত আৰোপ কৰিছিল যে প্ৰকৃত অসমীয়া হ’বলৈ হ’লে অসমীয়া ক’ব লাগিব। আনকি নিজৰ ভাষাৰ বাবে আন্দোলন কৰা টাই, বড়ো আৰু জনজাতীয় ভাষা-ভাষীসকলৰ মাতৃভাষাও অসমীয়াই হ’ব লাগিব বুলি চৰ্ত আৰোপ কৰিছিল। ১৯৫৯ চনৰ অধিৱেশনৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকাৰ বক্তব্য কিছু পৃথক আছিল। তেখেতে কৈছিল, “ডেকা গাভৰুসকলে অন্ততঃ এটা চুবুৰীয়া বা থলুৱা ভাষা শিকিব লাগে। অসমীয়া পণ্ডিতসকলে এইবোৰ আলোচনা গৱেষণা চলাব লাগে। তেতিয়াহ’লে জনজাতিসকল আৰু আমাৰ মাজত পাৰস্পৰিক ভাৱৰ আদানপ্ৰদানৰ মাজেদি বন্ধুত্বৰ ভাৱ সৃষ্টি হ’ব। তেওঁলোকেও অসমীয়া ভাষা শিকিবলৈ আগ্ৰহ কৰিব লাগিব।”(অসম সাহিত্য সভাৰ ভাষণাৱলী, খণ্ড-৩, পৃষ্ঠা-৩৩) ১৯৬০ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীয়ে অসমক বহুভাষী আৰু দ্বিভাষী ৰাজ্য বোলাটো অসংগত বুলি মন্তব্য কৰিছিল। অসমীয়া ৰাজ্যভাষাৰ দাবীটো অসমীয়াসকলৰ নায্য দাবী বুলি বৰ্ণনা কৰিছিল। অসমীয়াৰ প্ৰতি জনজাতিসকলৰ বিৰোধিতাৰ আঁৰত ন্যস্তস্বাৰ্থ জড়িত থকা বুলি গোস্বামীয়ে অভিযোগ তুলিছিল।
১৯৬০ চনৰ ভাষা আন্দোলনে পাহাৰৰ জনজাতিবোৰক দূৰলৈ ঠেলি পঠিওৱা সম্পৰ্কত অসম আন্দোলনৰ সমৰ্থক কনকসেন ডেকাই লিখিছে, “এই প্রসঙ্গতে মুখ্যমন্ত্রী শ্রীপ্রফুল্ল কুমাৰ মহন্তই যোৱা এক মে’ৰ গধুলি কোৱা কথা এষাৰ মনত পৰিছে। তাৰ দুদিন নে এদিন আগতে তেওঁ নতুন দিল্লীৰ পৰা আহোঁতে বিমানত লগ পাইছিল মেঘালয়ৰ মুখ্যমন্ত্রী শ্রী বি. বি. লিংডোক। আবেগ জড়িত কণ্ঠেৰে শ্ৰীমহন্তৰ হাতত ধৰি লিংডোৱে কৈছিল- ‘১৯৬০ ত ৰাজ্যভাষা অসমীয়া নকৰা হ’লে আমি আজি একেখন ৰাজ্যৰে বাসিন্দা হৈ ভাই-ককাইৰ দৰে থাকিব পাৰিলোহেঁতেন। তাৰ আগলৈকে আমি অসমীয়া হিচাপেই চিনাকি দিছিলোঁ।’ শ্রীমহন্তই সেই প্রসঙ্গতেই আৰু কৈছিল যে ভাষাৰ প্রশ্ন লৈয়েই বহুতো নেতৃস্থানীয় বড়ো লোকে সম্প্রতি সুকীয়া ৰাজ্য বিচাৰিছে। ১৯৬০ৰ আগতে পঢ়া-শুনা কৰা শ্ৰী বি.বি. লিংডো, শ্রীপূর্ণ চাংমা, শ্রী পি. কে. থুংগন প্রভৃতিকে ধৰি বৰ্তমানৰ মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলৰ জ্যেষ্ঠ লোকসকলে অসমীয়া ভাষা শুদ্ধকৈ ক’ব পাৰে; কিন্তু সেইবোৰ ৰাজ্যৰ এতিয়াৰ যুৱক- যুৱতীসকলে পৰাপক্ষত অসমীয়া ভাষাৰ নামকেই শুনিব নোখোজে। ১৯৬০ লৈকে অসমীয়া ভাষাই ক্রমান্বয়ে যিদৰে প্ৰসাৰ লাভ কৰিছিল, সেই গতি অব্যাহত থকা হ’লে হয়তো সমগ্র উত্তৰ- পূর্বাঞ্চলৰেই আজি ভাব বিনিময়ৰ মাধ্যম অসমীয়াই হ’লেহেঁতেন আৰু এইদৰে অঞ্চলটো খণ্ড- বিখণ্ড নহ’লহেঁতেন।…”(নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক, পৃষ্ঠা-১০) ভৈয়ামৰ জনজাতি সকলৰ সৈতেও অসমৰ বিভাজনৰ সিংহদুৱাৰ মুকলি কৰাৰ কৃতিত্ব ১৯৬০ চনৰ আন্দোলনৰ নেতৃত্বৰে প্ৰাপ্য। ১৯৫০ চনৰ দুটা প্ৰস্তাৱৰ পৰিণতিতে ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভা গঠন হৈছিল। বড়োসকলে আশংকা কৰিছিল যে অসমীয়া ৰাজ্যভাষা হ’লে বড়োসকলৰ ভাষা সংস্কৃতিৰ বিকাশ বাধাগ্ৰস্ত হ’ব। ১৯৬০ চনৰ আন্দোলনৰ পৰিণতিত তাৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
সেই সময়ৰ মুখ্যমন্ত্ৰী তথা বিচক্ষণ ৰাজনীতিবিদ বিমলাপ্ৰসাদ চলিহাই অসমীয়া ভাষাক একমাত্ৰ ৰাজ্যিক ভাষাৰূপে ঘোষণা কৰাৰ সম্ভাৱ্য ফলশ্ৰুতি সম্পৰ্কে ধাৰণা আছিল। আইনখনৰ ফলত বাঙালীসকলেই নহয়, সকলো জনজাতি ক্ষুণ্ন হোৱাৰ আশংকাই চলিহাৰ মন মগজুত ক্ৰিয়া নকৰাকৈ থকা নাছিল। অৱশেষত অসম সাহিত্য সভাৰ প্ৰবল হেঁচাত অসম ৰাজ্যভাষা আইন প্ৰণয়ন কৰিবলৈ বাধ্য হ’ল। ইয়াৰ ফলত এসময়ৰ বৃহত্তৰ অসমখন ছিন্ন ভিন্ন হোৱাৰ উপক্ৰম হ’ল। অসমখন ছিন্ন ভিন্ন হোৱাৰ অন্তৰালত অন্য বহু কাৰক থাকিলেও ১৯৬০ চনৰ আন্দোলন আৰু ইয়াৰ লগত সম্বন্ধিত কাৰকবোৰক প্ৰধান হিচাপে চিনাক্ত কৰিব পাৰি। বাঙালী বিৰোধিতাই আন্দোলনৰ চালিকাশক্তি হৈ নাথাকিল। তুংগত উঠিল অসমীয়া-জনজাতি সংঘাত। ফলশ্ৰুতিত পৰৱৰ্তীকালৰ অসমৰ উপৰ্যুপৰি বিভাজন অৱধাৰিত হৈ পৰিল। নাগাপাহাৰ জিলাৰ নাগাসকলে অসমৰ পৰা ওলাই গৈ গঠন কৰিলে নাগালেণ্ড। লুচাই পাহাৰ জিলাৰ মিজোসকলে গঠন কৰিলে পৃথক মিজোৰাম। খাচী-জয়ন্তীয়া-গাৰোসকল অসমৰ পৰা ওলাই গৈ গঠন কৰিলে পৃথক মেঘালয়। অসম প্ৰদেশ কংগ্ৰেছৰ অংশীদাৰ গোট মণিপুৰ আৰু ত্ৰিপুৰা তাৰ ভিতৰৰ পৰা চিৰকালৈ ওলাই গ’ল। বড়ো, মিচিং, কাৰ্বি, তিৱা, ৰাভা, দেউৰীকে ধৰি বিভিন্ন জনজাতিৰ (ভাষা) আন্দোলনৰ বাট কাটিলে এই আন্দোলনে। বাঙালী জাতি দূৰৰ কথা, জনজাতিসকলৰ লগত যৌথ জাতি গঠনৰ যিকোনো সম্ভাৱনাক ধূলিস্যাৎ কৰি পেলোৱা হ’ল। ফলত আজি ২০২৩ চনতো অসমীয়া ভাষা আৰু অসমীয়া জাতি বিপন্ন বুলি হা-হুমুনিয়াহ কাঢ়ি থকা হয়। অসমীয়া ভাষা আৰু জাতিৰ পতনৰ সিংহদুৱাৰ মুকলি কৰা অসম সাহিত্য সভাই এই অপৰাধৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিলেনে? ইতিহাসে অসম সাহিত্য সভাক এইবোৰ প্ৰশ্নৰ পৰা কেতিয়াও ৰেহাই নিদিব। জোৰ জুলুম কৰিতো ইতিহাস সলাব নোৱাৰি।
“ৰাজ্যিক ভাষাৰ মৰ্যাদা পাব অসমীয়াই”
ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হ’ল। প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য। সেই সময়তে ৰাজ্যিক কেবিনেটৰ বৈঠকত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২২ ডিচেম্বৰ ২০২২ৰ ‘দৈনিক জনমভূমি’ কাকতৰ মুখ্য বাতৰি আছিল “ৰাজ্যিক ভাষাৰ মৰ্যাদা পাব অসমীয়াই”। বাতৰিটোত লিখা হৈছিল,
”…. কেবিনেটত গ্রহণ কৰা সিদ্ধান্তবোৰ এফালৰ পৰা ঘোষণা কৰি মন্ত্রী শৰ্মাই কয়- ‘এতিয়াৰ পৰা যিকোনো মাধ্যমৰ শিক্ষানুষ্ঠানে ‘অসমীয়া’ বিষয়টো দশম শ্রেণীলৈ বাধ্যতামূলক হিচাপে প্রযোজ্য কৰিব লাগিব। ইংৰাজী, হিন্দী বা বঙালী যি মাধ্যমৰে শিক্ষানুষ্ঠান নহওক কিয় দশম শ্রেণীলৈ অসমীয়া বাধ্যতামূলক হ’ব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহতো অসমীয়া বিষয় দশম শ্রেণীলৈ বাধ্যতামূলক হ’ব। যদি কোনো শিক্ষানুষ্ঠানে অসমীয়া দশম শ্রেণীলৈ বাধ্যতামূলক নকৰে তেন্তে তেনে শিক্ষানুষ্ঠান বন্ধ কৰা হ’ব। অৱশ্যে বি টি এ ডি, পাৰ্বত্য জিলা আৰু বৰাক উপত্যকাত এই নির্দেশ কার্যকৰী নহ’ব। ইয়াৰ বাবেও অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এখন বিধেয়ক অনা হ’ব।’ ইফালে সংবিধানৰ ৩৪৫নং ধাৰা সংশোধন কৰি অসমৰ বাবে ‘অসমীয়া’ক ৰাজ্যিক ভাষা হিচাপে সংবিধান প্রদত্ত অধিকাৰ দিবৰ বাবে আজিৰ কেবিনেট বৈঠকে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি সদৰী কৰে মন্ত্রী হিমন্ত বিশ্ব শর্মাই। অৱশ্যে বৰাক উপত্যকা, বি টি এ ডি আৰু পার্বত্য জিলাত সহযোগী ৰাজ্যিক ভাষা হিচাপে বড়ো, ডিমাচা, কাৰ্বি আৰু বঙালী ভাষাক স্বীকৃতি দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব বুলিও সিদ্ধান্ত গ্রহণ কৰে।”
১৯৬০ চনৰ ৰাজ্যভাষা আন্দোলনৰ প্ৰায় ৬০ বছৰ পিছত অসমীয়া ভাষাক ৰাজ্যিক ভাষা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তেন্তে ৬০ টা বছৰে অসমৰ ৰাজ্যভাষা কি আছিল? ১৯৬০ চনৰ ৰক্তাক্ত ভাতৃঘাতী সংঘৰ্ষৰ পৰিণতিত জাতিটো আৰু ভাষাটোৰ কিমান বিপৰ্যয় হ’ল আমি ইতিমধ্যে দেখুৱাইছো। কিন্তু তাৰ বিনিময়ত আমাৰ লাভ কি হ’ল? ২০১৯ চনৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ১৯৬০ চনৰ ভাষা আন্দোলনৰ বিফলতা আৰু অন্তঃসাৰশূন্যতাৰ প্ৰমাণ।
অসম সাহিত্য সভাৰ বৰ্ণবাদী চৰিত্ৰ
জন্মলগ্নৰে পৰা অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিতসকলকে মুখ্য কৰি সভাৰ উচ্চপদত অধিষ্ঠিত পদাধিকাৰী সকলে জনজাতিবিৰোধী, বৰ্ণবাদী বক্তব্যৰে অসমৰ আকাশ বতাহ প্ৰদূষিত কৰাত বিন্দুমাত্ৰ কৃপণালি কৰা নাই। ফলত চিৰস্থায়ী বিপৰ্যয়ৰ সন্মুখীন হৈছে অসমীয়া ভাষা আৰু অসমীয়া জাতি। সাহিত্য সভাত বৰ্ণবাদৰ তেজ এতিয়াও প্ৰৱাহমান হৈ আছে। যোৱাবছৰ শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত সাহিত্য সভাৰ কার্যনির্বাহক সভাৰ খাদ্য তালিকাত গাহৰি মাংস অন্তৰ্ভূক্ত কৰাৰ কাৰণে এজন বিষয়ববীয়াই কৈছিল যে গাহৰি মাংস ভক্ষণ নকৰাটো তেওঁলোকৰ সংস্কৃতি। তেওঁ আনকি এই প্রসংগত শাস্ত্ৰৰ বাণীও দোহাৰিছিল। অন্ন আৰু যোনী বিচাৰ কৰিবলৈ শাস্ত্ৰই তেওঁলোকক কঠোৰভাৱে পৰামৰ্শ প্রদান কৰি থৈ যোৱাৰ কথা কৈছিল । সেয়ে গাহৰি মাংস অভক্ষ। খাদ্য-অখাদ্য বিচাৰ কৰি বিষাক্ত বচন মাতিবলৈ সাহিত্য সভা ধৰ্মীয় অনুষ্ঠান নহয়। তদুপৰি গাহৰি অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰে পৰম্পৰাগত খাদ্য। এইয়া সভাৰ সভ্যৰ উচ্চাত্মিকাবোধ আৰু বৰ্ণবাদী, বিভাজনকামী চিন্তাৰ নগ্নৰূপ নহয়নে? ১০৬ বছৰীয়া ইতিহাসত সাহিত্য সভাৰ আহোম সম্প্ৰদায়ৰ সভাপতি হৈছে মাত্ৰ তিনিজন। জনজাতিসকলৰ পৰা মাত্ৰ দুজন। সীতানাথ ব্ৰহ্মচৌধুৰী আৰু ৰংবং টেৰাং। অসম সাহিত্য সভাৰ গত নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছিল সাহিত্যিক য়েছে দৰজে ঠংচিয়ে। কিন্তু ঠংচিৰ পদক্ষেপত উচ্চাত্মিকাবোধ আৰু বৰ্ণবাদী চিন্তাত চিৰকাল আক্ৰান্ত সাহিত্য সভাৰ সভা সভ্যসকল ক্ষুণ্ন হ’ল। তেখেতক ‘অসমৰ বাহিৰৰ’ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগিল।
তেখেত সভাপতি নিৰ্বাচিত হ’লে অসম আৰু অৰুণাচল প্ৰদেশৰ বিবাদমান ঘটনাত অসমৰ পক্ষ ল’ব লাগিব বুলি চৰ্ত বান্ধি দিয়া হ’ল। কোনোবাই সংবিধানৰ কথা দোহাৰি ঠংচি অসমৰ বাসিন্দা নহয় বুলি যুক্তি দিলে। অৰ্থাৎ সভ্যসকল সংবিধানৰ প্ৰতি গদ গদ হ’ল। ১৯৩৮-৩৯ চনৰ সাহিত্য সভাক প্ৰধান সম্পাদক ৰামেশ্বৰ বৰুৱাই সাহিত্য সভাৰ বছেৰেকীয়া কাৰ্যবিৱৰণীত লিখা মতে “অভিধান আৰু ব্যাকৰণ সংকলন আৰু প্ৰকাশ” সভাৰ অন্যতম উদ্দেশ্য। দঃ দেৱব্ৰত শৰ্মাই তথ্যসহকাৰে দেখুৱাইছে যে অসম সাহিত্য সভাই নিজে অভিধান কৰা দূৰৰে কথা, আনে যুগুতাই দিয়া এক ডজন অভিধান তেওঁলোকৰ হাতত নিৰুদ্দেশ হৈছে। ১৯৩২ চনত চন্দ্ৰকান্ত অভিধানৰ এটা সংস্কৰণ ওলোৱাৰ পিছত পৰৱৰ্তী সংস্কৰণ প্ৰকাশ কৰিব নোৱাৰিলে। ১৯৮৬ চনৰ সংস্কৰণটোৰ প্ৰকাশক অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়হে। আনহাতে সাহিত্য সভাই অভিধান প্ৰকাশৰ বাবে বি. আৰ. পি. এলৰ পৰা লোৱা পাঁচলাখ টকা ক’ত হৰলুকি হ’ল? এইবোৰ সময়ত সংবিধানলৈ মনত নপৰে? ১৯৬০ চনৰ ভাষা আন্দোলনত অসমীয়া ভাষাৰ কাৰণে মৃত্যুবৰণ কৰা বুলি সততে সূৰ্য বৰা আৰু ৰঞ্জিত বৰপূজাৰীৰ নাম লোৱা হয়। প্ৰকৃততে মৃতকৰ সংখ্যা কমেও ১৭ জন। এই সোতৰজনৰ ভিতৰত কমেও ১১ জন মুছলমান। অসম সাহিত্য সভাৰ ১৯৮৮ চনৰ হাইলাকান্দি অধিৱেশনত এইসকলৰ ছহিদৰ স্মৃতিত হেনো প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু সভাৰ কোনো কাৰ্যবিৱৰণীত এই সম্পৰ্কে এটা শব্দও লিখা নাই। ডঃ বসন্ত কুমাৰ গোস্বামীৰ ‘অসম সাহিত্য সভাৰ ইতিহাস’ নামৰ প্ৰায় ডেৰ হাজাৰ পৃষ্ঠাৰ গ্ৰন্থখনৰ চুক এটাতো অসমীয়া ভাষাৰ হকে মৃত্যুবৰণ কৰা এই মুছলমান মৃতকসকলৰ নাম উল্লেখ কৰা চকুত নপৰে। ইয়াৰ কাৰণটো সাহিত্য সভাইহে জনাব পাৰিব।
অসম সাহিত্য সভাৰ ৰাজহাড়ৰ সমস্যা
১৯৯৩ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত ভূপেন হাজৰিকাই গাইছিল, “কাৰো ভাষা কাৰো মূৰত জাপিব নাপায়, যুগ যুগৰ সমন্বয় তেহে শোভা পায়।” সাহিত্য সভাই ওলোটা কামটোকে কৰি আহিছে। বাঙালী নিধন কৰি বাঙালী জাতিক দূৰলৈ ঠেলিলে। পাহাৰীয়া জনজাতিবোৰক আঁতৰাই পঠিয়ালে। ভৈয়ামৰ জনজাতিবোৰো সাহিত্য সভাৰ কাৰ্যত বিক্ষুব্ধ হ’ল। গঠন কৰিলে পৃথক সাহিত্য সভা। অসমীয়াভাষী মূল সমাজখনত থকা উপভাষিক দ্বন্দ দূৰীকৰণত সভাৰ সদৰ্থক ভূমিকা প্ৰায় শূন্য। উচ্চাত্মিকাবোধৰ শিখৰত থিয় হৈ থাকিল। তাৰ অৰ্থ এইটো নহয় যে সাহিত্য সভাই একো নকৰিলে। সাহিত্য সভাই কোটি টকা খৰচ কৰি অধিৱেশন পাতিছে। মেলা পাতিছে। ৰাজনৈতিক নেতাক নিমন্ত্ৰণ কৰিছে। এইবোৰ দিশত সাহিত্য সভা প্ৰচুৰ সফল।
অসম সাহিত্য সভাৰ ‘অসম’ শব্দটোৱ কাক প্ৰতিনিধিত্ব কৰে সেইটোৱেই ছিৰিয়াছ উদ্বিগ্নতাৰ বিষয়। তেওঁলোকৰ কাৰ্যকলাপেই এই প্ৰশ্ন থিয় কৰাইছে। এটা প্ৰশ্ন মাজে সময়ে উত্থাপন হয় অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতি সকলৰ ল’ৰা-ছোৱালী নাতি পুতিবোৰে অসমীয়া মাধ্যমত পঢ়েনে? সাহিত্য সভাৰ লগত জড়িত মধ্যবিত্তৰ ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়েনে? নিশ্চয় নপঢ়ে। সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ সম্ভাৱনাই প্ৰৱল। আজিৰ তাৰিখত অসমীয়া ভাষা ৰক্ষা কৰি আছে সমাজৰ দুখীয়া, দলিত, নিপীড়িত শ্ৰেণীটোৱে। আদিবাসীসকলে। অভিবাসী মুছলমানসকলে। এটা স্বাভাৱিক প্ৰশ্ন এই শ্ৰেণীসমূহৰ অধিকাৰৰ প্ৰশ্নসমূহত সাহিত্য সভাৰ স্থিতি কি? সাহিত্য সভাই আজি পৰ্যন্ত তেওঁলোকৰ হকে এষাৰ মাত মাতিছেন? তেওঁলোকৰ সমস্যা সমূহ প্ৰতিফলিত কৰি সাহিত্য সৃষ্টি কৰিছেনে? প্ৰকাশ কৰিছেনে? উপযুক্ত সাহিত্য সৃষ্টি কৰি শোষিত শ্ৰেণীক শোষকৰ বিৰুদ্ধে সজাগ কৰি তুলিব পৰা যায়। এই ক্ষেত্ৰত সাহিত্য সভা নিষ্প্ৰভ। সাহিত্য সভাৰ ইতিহাসে কয় যে তেওঁলোক আজন্ম ৰাজভক্ত। শাসকগোষ্ঠীৰ বিশ্বস্ত স্তাৱক।
১৯১৭ চনৰ পৰা ১৯৪৭ চনলৈ সাহিত্য সভাৰ অধিৱেশন হৈছিল বিছখন। সভাক নেতৃত্ব দিছিল ১৯ গৰাকী সভাপতিয়ে। তেখেতসকলৰ গৰিষ্ঠসংখ্যকেই আছিল চৰকাৰী চাকৰিয়াল। কােনোবাৰ ৰায়বাহাদুৰ, ৰায়চাহাব উপাধি আছিল। কোনোবা চাহ খেতিয়ক নতুবা জমিদাৰ। সাহিত্য সভাৰ প্ৰথম কেইবাবছৰৰো অধিৱেশন আছাম এছ’চিয়েচনৰ অধিৱেশনৰ সৈতে একেলগে হৈছিল। আছাম এছ’চিয়েচনৰ শেষৰখন বৈঠক বহিছিল তেজপুৰত। ১৯২০ চনত। বৈঠকত কংগ্ৰেছৰ অসহযোগ প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা হ’ল। আছাম এছ’চিয়েচন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে চামিল হ’ল। ছাত্ৰ-যুৱকৰ অফুৰন্ত উদ্যম আৰু স্বদেশপ্ৰেমে লুইতৰ দুয়োপাৰৰ তন্দ্ৰামগ্ন জনগণৰ টোপনি ভাঙিছিল। অসমৰ ৰাইজ এই আন্দোলনত জঁপিয়াই পৰিল। আন্দোলনৰ পৰা বিচ্ছিন্ন হৈ থাকিল অসম সাহিত্য সভা। অসমৰ ৰাইজৰ নৱজাগ্ৰত চেতনাৰ সন্মুখত ব্ৰিটিছভক্ত সাহিত্য সভা গুৰুত্বহীন হৈ পৰিল। ৰাইজে সাহিত্য সভাৰ নামেই নুশুনা হ’ল। ১৯২১ আৰু ১৯২২ চনত সাহিত্য সভাৰ অধিৱেশনেই পাতিব নোৱাৰিলে। স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ নিৰ্যাতন আৰু শোষণ সম্পৰ্কে সভাৰ কাৰ্যবিৱৰণীত ক’তো উল্লেখ নাই। ব্ৰিটিছৰ অধীনত থাকি অসমৰ কল্যাণ বিচৰা সাহিত্য সভাৰ নেতৃত্বই ঔপনিৱেশিক শক্তিৰ গ্ৰাসৰ পৰা মুক্ত নোহোৱাকৈ ভাষা সাহিত্যৰ বিকাশ ঘটোৱাতো যে এটা অলীক কল্পনা এই কথা উপলব্ধি কৰা নাছিল। ব্ৰিটিছৰ প্ৰত্যাৱৰ্তনৰ পিছত সাহিত্য সভা কংগ্ৰেছৰ শৰণাপন্ন হ’ল। সাহিত্য সভাই ৰাজনৈতিক দল নিৰ্বিশেষে পৃষ্ঠপোষকতা গ্ৰহণ কৰিছিল। সভাৰ এয়া অপৰিৱৰ্তনীয় চৰিত্ৰ।
২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ (কেব)ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ হ’ল । নিষ্ক্ৰিয় হৈ থাকিল অসম সাহিত্য সভা। ইতিহাসৰ অন্য ঘটনাবোৰৰ দৰেই শাসকগোষ্ঠীৰ বিৰুদ্ধে যাবলৈ ইচ্ছা কৰা নাছিল। অথচ ‘কেব’ৰ ভয়াবহতা সম্পৰ্কে দ্বিমতৰ অৱকাশ নাছিল। ‘কেব’ দেশৰ সংবিধানৰ বিৰোধী। ‘কেব’ গৃহীত হ’লে অসমীয়াভাষী সংখ্যালঘু হৈ পৰাৰ ভয়ত সকলোৱে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে। সেই সময়তে অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ‘কেব’ৰ সমৰ্থক বাঙালী নেতাক লৈ সংবাদ মেল পাতিছিল। ১৪ টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ ‘বাঙালী যৌথ সমন্বয় সমিতি’ৰ সভাপতি আছিল সুকুমাৰ বিশ্বাস। সাহিত্য সভাৰ সভাপতি গৰাকীৰ সন্মুখতে সুকুমাৰ বিশ্বাসে সংবাদমেলত ‘কেব’ক সমৰ্থন কৰাৰ কথা সদম্ভে ঘোষণা কৰিছিল। তেখেতৰ সংগঠন পূৰ্বৰ স্থিতিতে বাহাল থকা বুলি ব্যক্ত কৰিছিল। এই সংবাদমেলখন যেন দুটা প্ৰতিক্ৰিয়াশীল শক্তিৰ বিৰল সংযোগ। যাৰ উদ্দেশ্য ৰাইজৰ মাজত ভাষিক উগ্ৰজাতীয়তাবাদৰ বিষবাষ্প বিয়পাই প্ৰকাৰন্তৰে শাসক গোষ্ঠীক সঞ্জীৱনী শক্তি প্ৰদান কৰা। ‘অসমীয়া প্ৰতিদিন’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি, ‘… পূর্বে কেবক সৱলভাবে বিৰোধিতা কৰা সাহিত্য সভাই যেন এতিয়া গ্রহণ কৰিছে কিছু নৰম স্থিতি। বিশেষকৈ যোৱা ২৯ নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেৰে হোৱা আলোচনাৰ অন্তত যেন সুৰ সলনি হৈছে সাহিত্য সভাৰ। যি কথা সেইদিনাই নতুন দিল্লীত প্রতিফলিত হৈছিল। যাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ ক্ষোভৰ বলি হ’বলগীয়া হৈছে অসম সাহিত্য সভা। ৰাজ্যজুৰি জাতীয় অনুষ্ঠানটোৰ প্রতি উদ্রেক হোৱা ক্ষোভৰ মাজতে আজি ৰহস্যজনক পৰিস্থিতিত ‘কেব’ সমর্থনকাৰী বাঙালী নেতা সুকুমাৰ বিশ্বাসক লগত লৈ সংবাদমেল সম্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। গুৱাহাটীৰ সাহিত্য সভাৰ কাৰ্যালয়ত ‘কেব’ৰ সমৰ্থক সুকুমাৰ বিশ্বাসক কাষত বহুৱাই ড° ৰাজবংশীয়ে কয়- “কেব’ক লৈ ৰাজ্যৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন যিদৰে উদ্বিগ্ন, সেইদৰে আমিও চিন্তান্বিত। অসম সাহিত্য সভাই কেবক লৈ পূৰ্বৰ স্থিতিতে বাহাল আছে। কিন্তু বিগত পঞ্চায়ত আৰু লোকসভা নির্বাচনত ‘কেব’ক বিৰোধিতা কৰাৰ পিচত ফলাফল কি হৈছিল সেয়া সকলোৱে জানে। পূৰ্বৰ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ মাজত পার্থক্য আছে।'(‘অসমীয়া প্ৰতিদিন, ৪ ডিচেম্বৰ, ২০১৯’) সাহিত্য সভাৰ সভাপতিজনৰ আপোচৰ সুৰ স্পষ্ট আছিল। প্ৰতিবাদৰ নামত প্ৰতিবাদেৰে ‘কেব’ৰ বিৰোধিতা কৰাতকৈ ভাষা-সংস্কৃতিৰ ৰক্ষাৰ বিষয়টোতহে গুৰুত্ব প্ৰদান কৰে বুলি সভাপতিজনে এটা পুৰণিকলীয়া তত্ত্বকে আওৰাইছিল। ওপৰত উল্লেখ কৰি আহিছো যে সাহিত্য সভাৰ এই ‘অৰাজনৈতিক’ তত্ত্বটোক অসমৰ ৰাইজে অসহযোগ আন্দোলনৰ সময়তে নাকচ কৰিছিল। ডঃ পৰমানন্দ ৰাজবংশীয়ে দৰং জিলাত কেববিৰোধী সমদল এটাক সম্বোধন কৰোঁতে “আমি কেবৰ বিৰোধিতা নকৰোঁ নকৰোঁ নকৰোঁ” বুলি কৈ ৰাইজৰ ৰোষত পৰিছিল। ৰাইজে উভতি ধৰাত “মই মনেৰে কোৱা নাই, মনেৰে কোৱা নাই” বুলি কৈফিয়ৎ দিছিল। এইজন মানুহেই আছিল অসম সাহিত্য সভাৰ সভাপতি। পৰৱৰ্তী সময়ত ‘কেব’ গৃহীত কৰি আইনত পৰিণত কৰা বিজেপি দলত যোগদান কৰিলে। সম্প্ৰতি তেখেত বিজেপি দলৰ বিধায়ক। আজি পুনৰ উত্থাপন হৈছে ‘কা’ৰ প্ৰসংগ। দেশৰ গৃহমন্ত্ৰীয়ে কৈছে ‘কা’ কাৰ্যকৰী হ’বই। কিন্তু নিতাল মাৰি বহি আছে অসম সাহিত্য সভা।
ৰাজ্য চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই বন্ধ কৰি দিছে মাতৃভাষা মাধ্যমৰ হাজাৰ হাজাৰ বিদ্যালয়। কিন্তু অসমীয়া ভাষা জীয়াই থাকিবলৈ ভাষা চৰ্চাকাৰী অনুষ্ঠানবোৰ অৰ্থাৎ মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ ধ্বংস যজ্ঞৰ ৰোধ কৰিব লাগিব। কিন্তু এইবোৰক লৈ সাহিত্য সভা কোনোধৰণে উদ্বিগ্ন হোৱা নাই। শেহতীয়াকৈ অসম চৰকাৰে চৰকাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীত প্ৰৱৰ্তন কৰিবলৈ লোৱাৰ কাৰ্যৰ বিৰুদ্ধে সকলোৱে একমুখে প্ৰতিবাদ কৰিছিল। শিক্ষকসকলেও মুকলিকৈ প্ৰতিবাদ কৰিছিল। সাহিত্য সভা নীৰৱে থাকিল। প্ৰতিবাদ কৰিবইবা কিয়, কাৰণ তেওঁলোকৰ ল’ৰা ছোৱালীবোৰ ইংৰাজী মাধ্যমত পঢ়ে। চৰকাৰৰ অসমীয়া ভাষাবিৰোধী নীতি নিৰ্বিবাদে গ্ৰহণ কৰি আজন্ম ৰাজভক্তি অসম সাহিত্য সভা জীয়াই থকালৈকে কৰি যাব ইয়াত কোনো সন্দেহ নাই।
সময় এতিয়াও শেষ হৈ যোৱা নাই
যোৱা এশ ছয়বছৰত ভাষিক উগ্ৰজাতীয়তাবাদৰ পথেৰে ধ্বংসাত্মক ভূমিকাত অৱতীৰ্ণ হোৱাৰ পিছত সাহিত্য সভাৰ পৰা আমি কিবা আশা কৰিব পাৰোঁনে? সাহিত্য সভাৰ শ্ৰেণী চৰিত্ৰৰ আমূল পৰিৱৰ্তনৰ কোনো আশা অৱশ্যে নাই। জাতিটোৰ বাকী থকাখিনি যদি বচাব লাগে তেন্তে জাতিয়ে উচ্চাত্মিকাবোধ, উগ্ৰজাতীয়তাবাদ সমূলি পৰিহাৰ কৰিব লাগিব। সকলো থলুৱা ভাষাক সমমৰ্যাদা দিব লাগিব। তেওঁলোকৰ ভাষা-সাহিত্যৰ সমবিকাশৰ ব্যৱস্থা কৰিব লাগিব। জাতীয় জীৱনৰ নিৰ্দেশিকা নীতি হ’ব লাগিব গণতন্ত্ৰ। এই ক্ষেত্ৰত প্ৰগতিশীল সাহিত্যিক, শিল্পীসকলে ইতিবাচক ভূমিকা লৈ বিকল্প এটা গঢ়ি তুলিব লাগিব। অন্যথা অসমীয়া জাতিৰ ভাঙোন তীব্ৰতৰ হৈ গৈ থাকিব। ইতিহাসে তেতিয়া কাকো ক্ষমা নকৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *