ভাৰততীর্থ : সহমত, সহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষতাৰ এটি ঐতিহাসিক আলোকপাত (দ্বিতীয় অংশ) ।। মূল : আমিনুল ইছলাম; অনুবাদ : প্রত্যুষ ৰঞ্জন ভাগৱতী
(৬)
দিল্লীৰ চুলতানসকলৰ ধৰ্মীয় উদাৰতাৰ ওচৰা-ওচৰিকৈ লক্ষণীয় তেওঁলোকৰ হিন্দু মন্দিৰ কলুষিত বা ধ্বংসৰ কার্যকলাপ। হিন্দু মন্দিৰ ধ্বংস কৰাৰ উদ্দেশ্য যিয়েই নহওক কিয়, হিন্দুসকলক ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা নিশ্চয় নহয়। আমি যি ধৰণেই নাভাবোঁ কিয়, আমাৰ ভাৰতত সম্ভৱ নেকি, কোনো সম্প্ৰদায়ৰ হৃদয় জয় কৰাৰ অৰ্থে তেওঁলোকৰ মন্দিৰ ধ্বংস কৰা? এই ধ্বংস ক্রিয়াত ইছলামৰ সম্বন্ধে প্ৰেম নহয়, বৰং ঘৃণাৰহে জন্ম হ’ব। তেনেহ’লে এই ধৰণৰ কাৰ্যকলাপৰ উদ্দেশ্য হিন্দুসকলক ধৰ্মান্তৰিত কৰা নহয়, অন্য কোনো অভিপ্রায় আছিল। লক্ষণীয় যে সাধাৰণতে কেৱল শত্রুপক্ষৰ এলেকাত মন্দিৰসমূহ ধ্বংস কৰা হৈছিল। মন্দিৰসমূহ ষড়যন্ত্র বা বিদ্ৰোহৰ কেন্দ্ৰ হৈ নুঠিলে চুলতানে নিজৰ এলেকাৰ মাজত কেতিয়াও তাক ধ্বংস নকৰে। শত্ৰুৰ এলেকাত মন্দিৰ ধ্বংস কৰা যেন জয়ৰ প্ৰতীক হিচাপে পৰিলক্ষিত হৈছিল। এতেকে যদি কোৱা হয় যে মুছলমান তুর্কিসকলে তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল বিনা বিচাৰেৰে জীৱন, সম্পত্তি আৰু ধৰ্ম ধ্বংস কৰি— তেতিয়াহ’লে ইতিহাসক ভুলকৈ অধ্যয়ন কৰাৰ বিশাল দৃষ্টান্ত হৈ ৰ’ব। মন্দিৰ ধ্বংস কৰাৰ যিসমূহ দৃষ্টান্ত সমকালীন বর্ণনাত পোৱা যায়— সেইসমূহ কেৱল যুদ্ধকালীন কার্য-কলাপৰ ভিত্তিতেই পৰীক্ষা কৰা উচিত নহয়, সমকালীন ঐতিহাসিকসকলে অতিৰঞ্জিত কৰাৰ অভ্যাসৰ পৰিপ্ৰেক্ষিততো দেখা উচিত। হাছান নিজামিয়ে যেনেকৈ কালিঞ্জৰৰ সকলো মন্দিৰ ধ্বংসৰ কথা যথার্থ তৃপ্তিৰে সৈতে কৈছে, বাস্তৱতে অধিকাংশ প্রাক্-মুছলমান সময়ৰ মন্দিৰসমূহ তাত, অন্ততঃ মহোবা আৰু খাজুৰাহোত এতিয়াও অক্ষত আছে। সেই একে ধৰণেৰে অতিশয়োক্তি কেনাস, কালপী, দিল্লী আৰু আজমীৰ বিজয়ৰ বৰ্ণনাতো পোৱা যায়। ইয়াত অৱশ্যে কোনো সন্দেহ নাই যে ভালেমান মন্দিৰ ক্ষতিগ্ৰস্ত হৈছিল, আনকি ইচ্ছাকৃতভাৱে ধ্বংসও কৰা হৈছিল। ইলত্যুৎমিছে (১২১১-১২৩৬) উজ্জয়িনীৰ মহাকাল মন্দিৰ ধ্বংস আৰু আজমীৰৰ বিগ্ৰহ পালৰ বিদ্যালয়ক মছজিদলৈ ৰূপান্তৰিত কৰিছিল বুলি মিনহাজউদ্দিনে উল্লেখ কৰিছে। পিছে এই সময়ত প্ৰচুৰ মন্দিৰ তৈয়াৰো হৈছে, বহুক্ষেত্ৰত চৰকাৰী আনুকূল্যতে। দিল্লীৰ কাওৱাতুল মছজিদ অৱশ্যে হিন্দু মন্দিৰৰ মাল-মছলা দিয়েই নিৰ্মিত। বাদাউনৰ ইলত্যুৎমিছৰ মছজিদো একেদৰে নিৰ্মাণ হৈছে। এনে বহু উদাহৰণ ইতিহাসৰ পাতত বিয়পি আছে। এই বিষয়ত সঠিক সিদ্ধান্ত লোৱাটো বোধকৰোঁ যুক্তিযুক্ত নহয়। কাৰণ মঠ-মন্দিৰ প্ৰকৃতিৰ স্বাভাবিক নিয়মতে ক্ষয়প্রাপ্ত হয় আৰু প্ৰতিদ্বন্দ্বী হিন্দু সম্প্ৰদায়ৰ অসহিষ্ণুতাও অনেক ক্ষেত্ৰত এনে ধৰণৰ ক্ষয়- ক্ষতিৰ বাবে দায়ী।
প্রসঙ্গক্ৰমে মীৰজুমলা শাসিত কোচবিহাৰৰ ৰাজমন্দিৰ ধ্বংসৰ কথা উল্লেখ কৰিব পৰা যায়। ঐতিহাসিক আৰ এম ইটনে তেওঁৰ এছেজ অন ইছলাম এণ্ড ইণ্ডিয়ান হিষ্ট্রি গ্রন্থত (নতুন দিল্লী, ২০০২) বিস্তাৰিত আৰু প্রামাণ্য তথ্য সহকাৰে দেখুৱাইছে যে এই সকলো মন্দিৰ ধ্বংস বা অপৱিত্ৰ কৰাৰ আঁৰত আছে বিজয়ী ৰজাৰ দ্বাৰা পৰাজিত ৰজাৰ কুলদেৱতাৰ মন্দিৰ ধ্বংস কৰাৰ প্ৰেৰণা। যাৰ ফলত পৰাজিত ৰজা যে কেৱল তেওঁৰ জাগতিক ক্ষেত্ৰৰ পৰা উৎখাত হ’ল এনে নহয়, তেওঁ তাৰ পাৰলৌকিক ক্ষেত্ৰৰ পৰাও উৎখাত হ’ল। ইয়াৰ দ্বাৰা আৰু প্ৰমাণিত হ’ল যে যি ৰজাই তেওঁৰ কুলদেৱতাক ৰক্ষা কৰিবলৈ অসমৰ্থ তেওঁৰ ৰাজত্ব কৰাৰ কোনো নৈতিক অধিকাৰ নাই। আৰু এই ৰাষ্ট্ৰনৈতিক প্ৰথা শাসকৰ আৱিষ্কাৰ বা আমদানি কৰা নহয়। প্রাক্-ইছলাম যুগত সমগ্ৰ ভাৰততেই তাক অনুসৰণ কৰা হয়।
অন্যহাতে মন্দিৰ ধ্বংসৰ কাৰণসমূহ আছিল লুণ্ঠনৰ উদেশ্যপ্ৰণোদিত আৰু বহু সময়ত ‘সার্বভৌমত্বৰ প্ৰতীক’ হিচাপে মন্দিৰ ধ্বংস হৈছে। হিন্দু সাধু-সন্তসকলৰ প্ৰতি চুলতানসকল যে শ্রদ্ধাশীল আছিল, তাৰো প্ৰমাণ পোৱা যায়। ঐতিহাসিক নৰেন্দ্ৰনাথ ভট্টাচাৰ্যই প্রশ্ন উত্থাপন কৰিছে— এয়া আমাৰ বাবে দুর্বোধ্য, চুলতান মামুদৰ সোমনাথ লুণ্ঠনৰ পাছত পুনৰ কিয় তাত ধনৰত্ন মজুত ৰখা হৈছিল? যাৰ বাবে গুজৰাটৰ মুজাফৰ শ্বাহে দ্বিতীয়বাৰ সোমনাথৰ মন্দিৰ লুণ্ঠনৰ সুযোগ লাভ কৰিছিল। তেতিয়াৰ প্ৰায় মন্দিৰৰ পুৰোহিতশ্রেণীৰ প্ৰতি সাধাৰণ মানুহৰ মনোভাব যে ভাল নাছিল, সেয়া বাংলা ভাষাত লিখা ৰামাই পণ্ডিত ৰচিত শূন্যপুৰাণৰ পৰা জনা যায়। জাজপুৰ চহৰত মুছলমানৰ দ্বাৰা মন্দিৰ ধ্বংস হ’লেও তাত নিম্নশ্রেণীৰ লোক দুখিত হোৱাৰ বিপৰীতে আনন্দিত হৈছিল।” (৩৭) আকৌ এই গ্ৰন্থত ব্ৰাহ্মণসকলৰ দ্বাৰা বৌদ্ধ আৰু নিম্নশ্রেণীৰ লোকৰ ওপৰত চৰম অত্যাচাৰৰ কথা বর্ণিত আছে। এই তথ্যৰ পৰা আৰু এক বিষয় স্পষ্ট হয় যে চুলতানী ৰাষ্ট্ৰক যিসকলে আধুনিক ঐতিহাসিক ‘ধর্মাশ্রয়ী ৰাষ্ট্ৰ’ বুলি চিহ্নিত কৰিবলৈ গৈ বলপূর্বক ধৰ্মান্তৰিত কৰাৰ তত্ত্ব উল্লেখ কৰিছে— সেই যুক্তিৰ মান্যতা নাই। ইয়াৰ কাৰণেই ঐতিহাসিক সতীশচন্দ্ৰই কৈছে চুলতানী যুগত তৰোৱালৰ সহায়ত ভয়-ভীতি দেখুৱাই কাকো ইছলামলৈ ধৰ্মান্তৰিত কৰা হোৱা নাছিল। সেয়া হোৱা হেতেন দিল্লী অঞ্চলৰ হিন্দুসকলক সৰ্বপ্ৰথমেই ধৰ্মান্তৰিত কৰিলেহেঁতেন। দিল্লীত আজি এজনো হিন্দু নাথাকিল হেতেন। বাৰণিয়েও হিন্দুসকলৰ ওপৰত বল প্রয়োগ কৰাৰ কথা উল্লেখ কৰা নাছিল। বল প্রয়োগৰ বিপৰীতে ৰাজনৈতিক আৰু অৰ্থনৈতিক সুযোগ-সুবিধা আৰু ব্ৰাহ্মণ্যবাদৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তথা পৰিত্ৰাণ পাবলৈ সমাজৰ নিম্নবৰ্গৰ মানুহে ইছলামৰ কাষত আত্মসমৰ্পণ কৰে।(৩৮)
অধিকাংশ মুছলমান ৰাষ্ট্ৰৰ কৰ্ণধাৰসকলে ধৰ্মৰ ক্ষেত্ৰত উদাৰনৈতিক ধাৰণাৰ পোষণ কৰে আৰু তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। গজনিৰ চুলতান মামুদে (৯৯৭-১০৩০ ) সোমনাথ মন্দিৰ লুণ্ঠন কৰিলেও পাৰস্যৰ নৱজাগৰণৰ অন্যতম প্ৰতিনিধিৰ মর্যাদাতেই তেওঁ হিন্দু পণ্ডিতসকলক বসবাসৰ বাবে এক আবাসকেন্দ্র প্রতিষ্ঠা কৰিছিল। মামুদে পঞ্জাবক আফগান সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল। কিন্তু তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল অফুৰন্ত সম্পদৰ অধিকাৰী হোৱা। এই সম্পদ ব্যৱহৃত হয় তেওঁৰ যুদ্ধ অভিযান সংগঠিত কৰিবলৈ আৰু শিল্প-সাহিত্য-বিজ্ঞানৰ পৃষ্ঠপোষকতাৰ বাবে। গজনিত তেওঁৰ দৰবাৰত যিসকল বিদ্বান ব্যক্তিয়ে স্থান পাইছিল, তাৰ মাজত অন্যতম আছিল গণিতজ্ঞ-দার্শনিক তথা সংস্কৃত পণ্ডিত আলবেৰুণি, যিয়ে ভাৰতলৈ আহি ইয়াৰ জ্ঞান-বিজ্ঞানৰ নানা শাখাত শিক্ষা গ্ৰহণ কৰিছিল। এই শিক্ষা গ্ৰহণৰ বাবেই পূর্বে তেওঁ সস্কৃত ভাষাতো যথেষ্ট পাণ্ডিত্য অর্জন কৰিছিল। এইফালৰ পৰা বিচাৰ কৰিলে ক’ব পাৰি যে আলবেৰুণি আছিল ভাৰতবৰ্ষৰ গজনিৰ সাংস্কৃতিক দূত। অনুমান কৰিব পাৰি যে আলবেৰুণিৰ যোগেদি ভাৰতবৰ্ষৰ লগত গজনিৰ সাংস্কৃতিক ভাবৰ আদান-প্ৰদানৰ পথ উন্মুক্ত হৈছিল। মামুদৰ দৰবাৰত আলবেৰুণিৰ উপৰিও আছিল উভবি আৰু বায়হাকিৰৰ দৰে ঐতিহাসিক, ফাৰবিৰ দৰে দাৰ্শনিক আৰু ছাহনামা ৰচয়িতা বিখ্যাত কবি ফিৰদৌচি। মামুদ যে বিদ্যোৎসাহী ব্যক্তি আছিল, তাৰ প্ৰমাণ হ’ল যে তেওঁ গজনিত এখন বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল। তদুপৰি যুদ্ধ বিজয়ত লুণ্ঠিত সম্পদসমূহৰ মাজৰ অনেক স্মৃতিচিহ্ন তেওঁ এক মিউজিয়ামত সুৰক্ষিত ৰাখিছিল। যুক্তিসংগতভাবে অনুমান কৰিব পাৰি যে গজনিৰ মিউজিয়ামত সংগৃহীত স্মৃতিচিহ্নসমূহৰ মাজত ভাৰতৰো অনেক নিদর্শন আছিল আৰু তাৰ জৰিয়তে ভাৰতৰ সংস্কৃতি গজনিলৈ সম্প্ৰসাৰিত হৈছিল। মজুমদাৰ, ৰায়চৌধুৰী আৰু দত্তৰ এন এডভান্সড্ হিস্ট্রি অব ইণ্ডিয়া গ্ৰন্থত মামুদ প্রসঙ্গত কৈছে— “তেওঁৰ প্ৰশান্ত সাহসিকতা, বিজ্ঞতা, উদ্ভাৱনীশক্তি আৰু অন্যান্য গুণাৱলীয়ে তেওঁক এছিয়াৰ ইতিহাসত অন্যতম প্রধান বৈচিত্র্যময় ব্যক্তিত্বৰ মৰ্যাদা দিছে… শ্ৰেষ্ঠ সমৰনায়ক চুলতান, শিল্পৰ বোদ্ধা আৰু পৃষ্ঠপোষক তথা বিদ্যোৎসাহী আছিল….. ধৰ্ম প্ৰচাৰ বা ৰাজ্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে তেওঁ এই দেশলৈ অহা নাছিল।”(৩৯) ঐতিহাসিক ঈশ্বৰীপ্ৰসাদে কৈছে— “নিৰপেক্ষ ঐতিহাসিকসকলৰ চকুত মামুদ এজন শ্রেষ্ঠ জননেতা … তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰজাসকলৰ লগত একেলগে বহাৰ সমকক্ষ।(৪০)
মামুদৰ আছিল বিশাল হিন্দুবাহিনী — যাৰ জৰিয়তে এছিয়াত তেওঁ যুঁজ কৰিছিল। কেৱল সেয়াই নহয়, মামুদে হিন্দু সেনাপতি তিলকৰ দ্বাৰাই দমন কৰিছিল তেওঁৰেই মুছলমান সেনাপতি নিয়ালতিগিনৰ বিদ্ৰোহ। (৪১) তাৰ লগতে মামুদৰ ১২জন সেনাধ্যক্ষ আছিল হিন্দু আৰু তাৰ মাজৰে দুগৰাকী আছিল ব্ৰাহ্মণ। সর্বোপৰি তেওঁৰ সেনাবাহিনীৰ ৫০ শতাংশ আছিল হিন্দু। কেৱল সেনাবিভাগতেই নহয়, ব্রাহ্মণ হিন্দুসকলক তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰিছিল। তেওঁ হিন্দুসকলৰ বিচাৰ হিন্দু আইনমতেই কৰাৰ ব্যৱস্থা মানি চলিছিল। (৪২) মামুদৰ এই বিশাল হিন্দু বাহিনীয়ে মধ্য-এছিয়াৰ অন্যান্য বহু যুদ্ধক্ষেত্ৰত যুঁজ কৰিছিল। ১০০৩ চনত আফগানিস্তানৰ চিস্তানত এক বিদ্ৰোহৰ সৃষ্টি হৈছিল, মামুদে তাৰ মুছলমান আৰু খ্ৰীষ্টানসকলক নিৰ্বিচাৰ হত্যাৰ বাবে ‘পৌত্তলিক ভাৰতীয় বাহিনী’ ব্যৱহাৰ কৰিছিল। ঐতিহাসিক এছ এ এ ৰিজভিউৱে লিখিছিল— “তেওঁৰ (মামুদ) বহুজাতিক সেনাবাহিনীত হিন্দুসকলক গ্ৰহণ কৰিবলৈ কোনো দ্বিধা নকৰিছিল মামুদে। এইসকল হিন্দু সৈন্য তেওঁলোকৰ সেনাপতিৰ অধীনত থাকিছিল। এনে সেনাপতিসকলক ‘ছালাৰ-ই-হিন্দুৱা বুলি কোৱা হয়। অজ্ঞাত লেখকৰ দ্বাৰা ৰচিত চিস্তানৰ ইতিহাসত এনে অভিযোগ দেখা যায় যে মুছলমান আৰু খ্ৰীষ্টানক নৃশংসভাৱে দলে দলে হত্যা কৰিছে মামুদৰ বিধৰ্মী আৰু পৌত্তলিক সৈন্যদলে।”
দিল্লীৰ চুলতানি সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কুতুবউদ্দিন আইবাকে (১২০৬-১২১০) ১২০৬ চনত সিদ্ধান্ত গ্রহণ কৰে যে তেওঁ ভাৰতত স্থায়ীভাৱে বসবাস কৰিব। গঢ়ি উঠিল দিল্লীকেন্দ্ৰিক প্ৰথম ভাৰতৰাষ্ট্ৰ। ধৰ্মীয় নীতিৰ ক্ষেত্ৰত এই ৰাষ্ট্ৰৰ দুটি মুখ্য উপাদান লক্ষ্য কৰা যায়—
(১) ভাৰতত প্ৰচলিত চুফী মতবাদৰ ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতা, বিশেষকৈ চিত্তি সম্প্ৰদায়ৰ।
(২) বাচি বাচি বিশেষ কিছু মন্দিৰ কলুষিত কৰাৰ নীতি; যাৰ উদ্দেশ্য আছিল পৰাজিত হিন্দু ৰজাৰ শাসনৰ বৈধতা নষ্ট কৰি তেওঁলোকক সম্পূর্ণ বিনাশ কৰা ।
চুফী সাধকসকল ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত অত্যন্ত উদাৰপন্থী আছিল। কোনো ধৰণৰ ধৰ্মীয় ৰক্ষণশীলতাই তেওঁলোকক স্পৰ্শ কৰিব পৰা নাছিল। তেওঁলোকে চুলতানী আমোলত (১২০৬-১৫২৬) সহানুভূতিশীল আৰু গভীৰ মানৱপ্ৰেমৰ পথেৰে ভাৰতীয়সকলক ইছলাম ধৰ্মলৈ আকৃষ্ট কৰিব পাৰিছিল। বল প্রয়োগৰ দ্বাৰা ধৰ্মান্তৰিতকৰণৰ প্ৰয়োজন হোৱা নাছিল। দিল্লীৰ কোনো চুলতানে জোৰ-জুলুম অথবা অত্যাচাৰ কৰি হিন্দুসকলৰ ওপৰত ইছলাম জাপি দিয়া নাছিল। উদাৰপন্থী চুফী সাধকসকলে পৃষ্ঠপোষকতা কৰিছিল যদিও তেওঁলোকে কট্টৰ ইছলামিক শাসন প্ৰতিষ্ঠাৰ বিৰোধিতা কৰিছিল। সমসাময়িক মুছলমান ঐতিহাসিকসকলৰ বিৱৰণত তাৰ সাক্ষ্য পোৱা যায়।
হিন্দুসকলৰ ওপৰত ইছলাম জাপি দিয়াৰ বাবে উলেমাসকলে দিয়া পৰামৰ্শ চুলতান ইলতুৎমিছে (১২১১-১২৩৫) গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ সময়ৰ পৰা আৰম্ভ কৰি বলবন (১২৬৬-১২৮৬), আলাউদ্দিন খিলজি (১২৯৬-১৩১৬), মহম্মদ বিন তোঘলক (১৩২৫-১৩৫১) আৰু ছেৰ শ্বাহ (১৫৪০-১৫৪৫) পর্যন্ত এই অভিমত পোষণ কৰে যে ধৰ্মপ্ৰচাৰক আৰু শাসক— এই দুই ভূমিকাৰ একত্ৰীকৰণ অসম্ভৱ। কাশ্মীৰ, বাংলা আৰু দাক্ষিণাত্যৰ প্ৰাদেশিক চুলতানসকলৰ মাজতো অনুৰূপ অভিমত প্ৰচলিত আছিল। (৪৩) মোগল সম্রাট বাবৰে (১৫২৬-১৫৩০) পুত্র হুমায়ুন (১৫৩০-৪০ আৰু ১৫৪৫-১৫৫৬)ৰ উদ্দেশ্যে থৈ যোৱা ‘শেষ ইচ্ছাপত্ৰত তেনে শিক্ষাৰ কথা লিখি গৈছে। তাৰ গুৰুত্ব অপৰিসীম। তেওঁ অমুছলমানসকলৰ প্ৰতি যে কিমান সহনশীল মনোভাব পোষণ কৰিছিল তাৰ উৎকৃষ্ট প্রমাণ পোৱা যায় তেওঁৰ ৰচিত এই ‘শেষ ইচ্ছাপত্র’ বা ‘অচিয়তনামা’ত। পুত্র হুমায়ুনৰ প্ৰতি বাবৰৰ উপদেশ ‘শেষ ইচ্চাপত্র’ সংক্রান্ত দলিলখন ভূপালৰ ৰাজ্যিক গ্ৰন্থাগাৰত সংৰক্ষিত আছে। দ্য ইণ্ডিয়ান ৰিভিউত দলিলখনৰ ইংৰাজী অনুবাদ প্রকাশিত হয়, অনুবাদক চৈয়দ মামুদ। তাৰ অনুবাদ এনেধৰণৰ — “হে মোৰ পুত্ৰ, বিভিন্ন ধৰ্মাৱলম্বী মানুহ ভাৰতবৰ্ষত বাস কৰে; ৰজাৰ ৰজা ঈশ্বৰক ধন্যবাদ যে এই দেশৰ শাসনভাৰ তোমাৰ হাতত ন্যস্ত কৰা হৈছে। এতেকে তোমাৰ কৰ্তব্য হ’ল—
(১) তোমাৰ মনক ধৰ্মীয় সংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ নিদিবা আৰু সকলো শ্ৰেণীৰ মানুহৰ ধৰ্মীয় অনুভূতি আৰু ধৰ্মীয় আচাৰাদিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে প্ৰতি নিৰপেক্ষ দৃষ্টিভংগী লৈ বিচাৰ কৰিবা ।
(২) বিশেষকৈ গো-হত্যাৰ পৰা বিৰত থাকিবা, ইয়াৰ ফলত ভাৰতীয় জনগণৰ হৃদয়ত তুমি স্থান দখল কৰিব পাৰিবা৷ ইয়াৰ দ্বাৰা তোমাৰ লগত এই দেশৰ মানুহ কৃতজ্ঞতাৰ এনাজৰিত আৱদ্ধ থাকিব ।
(৩) তুমি কেতিয়াও কোনো সম্প্ৰদায়ৰ উপাসনালয় ধ্বংস নকৰিবা আৰু সকলো সময়তে ন্যায়বিচাৰৰ প্ৰতি অনুৰক্ত থাকিবা, যাতে ৰজাৰ লগত প্ৰজাৰ সুসম্পর্ক অব্যাহত থাকে আৰু এই ভূখণ্ডত শান্তি আৰু সন্তুষ্টি বিৰাজ কৰে।
(৪) অত্যাচাৰৰ তৰোৱালতকৈ ভালপোৱা আৰু কৰ্তব্যপৰায়ণতাৰ ঢাল-তৰোৱালেৰে ইছলাম প্ৰচাৰত অধিক সাফল্য অর্জন কৰিব পাৰি।
(৫) ছিয়া আৰু চুন্নিসকলৰ পৰস্পৰৰ মাজত বাদ-বিসংবাদ সকলো সময়তে উপেক্ষা কৰি চলিবা, সেয়া নকৰিলে এই সমূহে ইছলামক দুৰ্বল কৰি পেলাব ।
৬) তোমাৰ প্ৰজাৰ জাতিগত বৈশিষ্ট্যক বছৰৰ বিভিন্ন ঋতুৰ বৈচিত্ৰ্যৰ লগত তুলনা কৰিবা, তেতিয়াহে ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যাধিৰ পৰা মুক্ত থাকিব। (88)
বাবৰৰ এই উপদেশ বা ‘শেষ ইচ্ছাপত্ৰত আমি এজন ধৰ্মনিৰপেক্ষ আৰু দূৰদৃষ্টিসম্পন্ন প্রশাসকক দেখা পাওঁ। সাম্প্রতিককালত ভাৰতৰ অযোধ্যাত ৰাম জন্মভূমি-বাবৰি মছজিদক লৈ যি বিতৰ্কৰ লহৰে সমগ্ৰ ভাৰতৰ ৰাজনীতিত অশুভ প্রভাৱ বিস্তাৰ কৰিছে আৰু তাৰ ফলত ভাৰতৰ বিভিন্ন স্থানত ব্যাপক হিংসাত্মক সাম্প্রদায়িক ঘটনা সংঘটিত হৈছে, তাৰ পৰিপ্ৰেক্ষিতত সম্রাট বাৰৰৰ এই নিৰ্দেশনামা অত্যন্ত গুৰুত্ব সহকাৰে বিচাৰ কৰা প্রয়োজন। তেওঁ সকলো ধৰ্মৰ প্ৰতি সহনশীল মনোভাৱ পোষণ কৰাৰ পক্ষপাতী আছিল। প্রকৃতপক্ষে ইতিহাসে সাক্ষ্য প্ৰদান কৰে যে আনুমানিক চৈধ্য শতিকাৰ পৰা এই উপমহাদেশৰ ধৰ্ম আৰু সমাজচিন্তাৰ ক্ষেত্ৰত বিদ্যমান ৰক্ষণশীলতাৰ কাষত এক আধ্যাত্মিক মানৱতাবাদী আৰু সমন্বয়ধৰ্মী তথা পৰধৰ্মসহিষ্ণুতাৰ ধাৰাৰ উন্মেষ ঘটিছিল। সেয়া ওঠৰ শতিকাৰ শেষ আৰু ঊনৈশ শতিকাৰ প্ৰথম পৰ্যন্ত এই মহাদেশৰ সাধাৰণ মানুহৰ জীৱন যাত্ৰাত প্রতিফলিত হয়।
শাসকসকল কেনে হোৱা উচিত, এই বিষয়তো বাবৰৰ এটি স্বচ্ছ দৃষ্টিভংগী আছিল। তেওঁ ‘ভাল’ আৰু ‘ন্যায়পৰায়ণ’ শাসকসকলক প্ৰশংসা কৰিছিল আৰু ‘অত্যাচাৰী’ শাসকসকলক অপছন্দ কৰিছিল। এই কাৰণে তেওঁ কেইবাগৰাকী মুছলমান শাসকৰ নিষ্ঠুৰতা আৰু অপশাসনক তীব্ৰ ভাষাত নিন্দা কৰিছিল। কিন্তু বাবৰ নিজেও সমালোচনাৰ ঊৰ্ধত নাছিল। পিছে শাসক হিচাপে তেওঁৰ ‘বৰ্বৰ’ আচৰণৰ দৃষ্টান্ত অকল বিৰলেই নাছিল— তাৰ প্ৰকাশ সীমাৱদ্ধ ক্ষেত্ৰতেই ঘটিছে। প্রতিপক্ষই যাতে বাবৰৰ কোনো ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকৰ মানসত বাবৰে বাবৰ-ভীতি সঞ্চাৰ কৰিছিল। কিন্তু যিয়ে বাবৰৰ বিৰোধিতা নকৰাকৈ আত্মসমর্পণ কৰিছিল তেওঁৰ লগত বাবৰে সহৃদয় আচৰণ কৰিছিল। আনকি পৰাজিত আফগানসকলৰ প্ৰতিও তেওঁ দয়া প্ৰদৰ্শন কৰিছিল। নীতিগতভাৱে বাবৰে নিৰ্বিচাৰে হত্যা আৰু সম্পত্তি ধ্বংসৰ বিৰোধী আছিল। নিৰীহ মানুহৰ সম্পত্তি নষ্ট কৰাৰ বাবে বাবৰে সৈনিকসকলক শাস্তিও বিহিছিল। সেই কাৰণে কিছু কিছু ক্ষেত্ৰত তেওঁৰ অত্যাচাৰৰ দৃষ্টান্তৰ পৰা চৰিত্ৰৰ বিচাৰ কৰিলে ভুল হ’ব।
শাসনব্যৱস্থাৰ যুগোপযোগী সংস্কাৰৰ ক্ষেত্ৰত শ্বেৰছাহৰ কৃতিত্ব চিৰ অম্লান। শ্বেৰছাহৰ শাসনব্যৱস্থা সম্পৰ্কত বিস্তাৰিত বর্ণনা আছে আব্বাছ ছেৰওৱানিৰ তাৰিখ-ই-শ্বেৰছাহীত। পিতৃভূমিত তেওঁ কেনেকৈ শান্তি-শৃংখলা স্থাপন কৰিছিল ফৰিদ খান হিচাপে তাৰ বিশদ বিৱৰণ আছে এই গ্ৰন্থত। অনুমান কৰা যায় বহু ঠাইত শ্বেৰছাহ মোগল শাসকসকলৰ অগ্রগণ্য আছিল। মোগল শাসনব্যৱস্থাৰ ধাৰাবাহিক ইতিহাসৰ (তুহুফাৎ-ই-আকবৰছাহী) প্ৰথমাংশই হৈছে শ্বেৰছাহৰ জীৱনী। বাদছাহ আকবৰৰ নিৰ্দেশতে ছেৰৱানিয়ে মোগল দৰবাৰৰ অনুকূল হোৱাকৈ তাত শ্বেৰছাহৰ বিষয়ে উল্লেখ কৰে। এই অংশত পরগণা স্তৰত শাসন আৰু শোষণৰ আদৰ্শ স্পষ্টভাৱে উল্লেখিত হৈছে। কিছু অংশৰ উল্লেখ কৰা হ’ল— “মই (ফবিদ খান) চেষ্টা কৰিম কৃষিৰ উন্নতি কৰিবলৈ আৰু পৰগণাক জনবহুল কৰি তুলিবলৈ। মাটি জোখ-মাখৰ সময়ত কৃষকৰ প্ৰতি নৰম ব্যৱহাৰ কৰা উচিত আৰু তাৰ প্ৰকৃত উৎপাদনৰ প্ৰতি খিয়াল ৰখা উচিত। কিন্তু কৰ সংগ্ৰহৰ সময়ত কৃষকৰ প্ৰতি কোনো দয়া দেখুওৱা উচিত নহয়, বৰং নগদ বা সামগ্ৰীৰ কৰ কঠোৰভাৱে সংগ্ৰহ কৰা উচিত। যদি কৃষকে কৰ দিবলৈ দ্বিধা কৰে তেতিয়াহ’লে তেওঁক এনে শাস্তি দিয়া উচিত যে আনে তাৰ পৰা শিক্ষা লয় আৰু এনে কাম আগলৈ পুনৰ কৰিব নোৱাৰে। …কৃষকসকলৰ উদ্দেশ্যি তেওঁ ক’লে— তোমালোকৰ কিবা ক’বলগীয়া থাকিলে ব্যক্তিগতভাৱে মোৰ ওচৰত আবেদন জনাবা। তোমালোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কাকো সুবিধা নিদিও।” এইদৰে কৈ তেওঁলোকক বিদায় দিলে— কৃষিৰ কাম কৰা, ৰাজহ বৃদ্ধিৰ বাবে পৰিশ্ৰম কৰা। (৪৪ ক)
শ্বেৰছাহ ভাৰতত ‘ধৰ্মনিৰপেক্ষ’ প্ৰশাসনৰ প্ৰকৃত প্রতিষ্ঠাতা। ভাৰতত ঊনবিংশ শতিকা পর্যন্ত যি ৰাজহ ব্যৱস্থা আৰু মুদ্ৰা ব্যৱস্থা প্রচলিত আছিল— সেয়া শ্বেৰছাহৰ কীৰ্তি। উদাৰতা আৰু সহিষ্ণুতা আছিল তেওঁৰ ধৰ্মনীতিৰ মূল ভিত্তি আৰু ধৰ্মীয় নিৰপেক্ষতাৰ ফলত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি আৰু ঐক্য গঢ়ি উঠিছিল। তেওঁ হিন্দুৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান পালনত পূর্ণ স্বাধীনতা প্রদান কৰে। তেওঁ হিন্দুৰ শিক্ষা পদ্ধতিত হস্তক্ষেপ কৰা নাছিল। সংস্কৃত ভাষাৰ সনাতনী পদ্ধতিত তেওঁলোকৰ সম্প্ৰদায়ৰ শিশুৱেও শিক্ষা অৰ্জন কৰিব পাৰিছিল। শ্বেছাহৰ শাসন ব্যৱস্থাত বহু হিন্দু উচ্চ ৰাজকৰ্মচাৰী ৰূপে নিযুক্ত আছিল। ব্ৰহ্মজিৎ গৌড় আছিল তেওঁৰ অন্যতম প্রধান সেনাপতি। হিন্দু আৰু মুছলমান প্ৰজাৰ মাজত কোনো ধৰণৰ বৈষম্যমূলক ব্যৱহাৰ তেওঁৰ আমোলত নাছিল। শ্বেৰছাহৰ সময়ত হিন্দুধর্মই যথাযথ স্বীকৃতি লাভ কৰিছিল।
শ্বেৰছাহে ব্যক্তিগত ধৰ্মক কেতিয়াও ৰাষ্ট্ৰীয় বিষয়ত প্ৰয়োগ কৰাৰ চেষ্টা কৰা নাছিল। দূৰদৰ্শী ৰাজনীতিকৰ দৰে সমগ্ৰ প্ৰজাক তেওঁ সমান দৃষ্টিৰে চাইছিল। ৰাষ্ট্ৰীয় কাৰ্যত হিন্দু আৰু মুছলমানক কেতিয়াও তেওঁ ধৰ্মৰ ভিত্তিত ভাগ কৰা নাছিল। প্ৰজাক ভাগ কৰিছিল যোগত্যা আৰু অযোগ্যতাৰ ভিত্তিত। তেওঁৰ ৰাষ্ট্ৰত নিয়োগৰ ক্ষেত্ৰত ধৰ্ম কেতিয়াও বাধাৰ প্ৰাচীৰ হোৱা নাছিল। মধ্যযুগৰ ৰাজনৈতিক আৰু ধৰ্মীয় গোড়ামিৰ পৰা মুক্ত হৈ বৰং প্রজাকল্যাণৰ দৰে আধুনিক আদৰ্শত উদ্বুদ্ধ হৈ শ্বেৰছাহে ৰাষ্ট্ৰ শাসনৰ ভিত্তি নিৰ্মাণ কৰে। তেওঁৰ প্রজাহিতৈষী ৰাজতন্ত্ৰই পৰৱৰ্তীকালত প্রশংসা অর্জন কৰিছিল। শ্বেৰছাহে তেওঁৰ কম দিনৰ শাসনকালত সাহিত্য-সংস্কৃতিৰ শ্ৰেষ্ঠ নিদৰ্শন ৰাখি গৈছে। হিন্দু কবি জায়ছিৰ পদ্মাৱত কাব্য ৰচনা আৰু বৈষ্ণৱ ধৰ্মৰ নৱজাগৰণ তেওঁৰ সময়তেই হয়। মথুৰা এই সময়ত বৈষ্ণৱ ধৰ্মৰ এক শ্রেষ্ঠ সাংস্কৃতিক পীঠস্থানলৈ পৰিণত হৈছিল। তেওঁৰ স্থাপত্য-ৰীতি হিন্দু-মুছলমান-আফগান আৰু পাৰসিক স্থাপত্যশিল্পৰ চৰম নিদর্শন। দিল্লীত নিৰ্মিত পুৰাণাকিল্লা ভাৰতবৰ্ষৰ হিন্দু-মুছলমান সংস্কৃতি সমন্বয়ৰ এক শ্রেষ্ঠ শিল্প-নিদর্শন। শ্বেৰছাহৰ স্থাপত্যশিল্পৰ শ্ৰেষ্ঠ নিদর্শন চাছাৰামত তেওঁৰ নিজৰ তৈয়াৰী সমাধি ভবনটি, যি তেওঁৰ নিজ চৰিত্ৰৰ প্রতীক। এই সমাধি ভৱনটিয়ে শিল্প-সুষমাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। বিভিন্ন ধাৰাৰ মিলনেই তেওঁৰ শিল্প-সুষমাৰ প্রধান বৈশিষ্ট্য।
প্ৰজাৰ প্ৰতি দয়া, কৃষকৰ প্ৰতি যত্ন, উদাৰ দৃষ্টিভংগী, ন্যায়-বিচাৰ, কঠোৰ পৰিশ্ৰম, নিজৰ সুখ আৰু বিশ্রাম বিসর্জন দি কর্তব্যপৰায়ণতা আৰু সকলোৰে ওপৰত ৰাজনৈতিক সংগঠকৰ প্ৰতিভা প্রভৃতি গুণাৱলীৰ বাবে মধ্যযুগৰ ভাৰতৰ ইতিহাসত শ্বেৰছাহে গৌৰৱময় আসন অধিকাৰ কৰি আছে। শ্বেৰছাহ আছিল প্ৰথম সম্রাট যিজনে বিশ্বাস কৰিছিল যে জনসাধাৰণৰ ইচ্ছা আৰু সমর্থনৰ ওপৰতেই তেওঁৰ সাম্রাজ্য নিৰ্ভৰশীল।
এই বিষয়ত সম্রাট আকবৰৰ (১৫৫৬-১৬০৫) সাহসী প্রয়াস সর্বজনবিদিত। মধ্যযুগত আকবৰৰ ধৰ্মীয় সহিষ্ণুতা আজি ৰূপকথাৰ দৰে প্ৰবাদত পৰিণত হৈছে। আকবৰে ভাৰতবৰ্ষৰ ঐতিহ্য অনুযায়ী সংস্কৃতিৰ সমন্বয়ত এক অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। ঐতিহাসিক হেভেলে আকবৰক ভাৰতীয়সকলৰ ভিতৰত ভাৰতীয় বুলি অভিহিত কৰিছে। আকবৰ নিজে ভাৰতীয় পিতৃ- মাতৃৰ সন্তান নহৈও ভাৰতীয় শিল্প, স্থাপত্য, সংগীত, শিক্ষা, সংস্কৃতি আৰু সাহিত্যৰ পৃষ্ঠপোষকতা কৰি বিশেষ দুই সম্প্রদায়, হিন্দু আৰু মুছলমানৰ সংস্কৃতিৰ সমন্বয়ত অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। তেওঁ ফাৰ্ছী ভাষাক ৰাষ্ট্রভাষা হিচাপে স্বীকৃতি প্রদান কৰি ভাৰতীয় ঐক্যবোধ প্ৰসাৰৰ চেষ্টা কৰে।
আনহাতে— আকবৰে সংস্কৃত গ্ৰন্থ ফাৰ্ছীলৈ অনুবাদ আৰু আৰবী, তুর্কি আৰু গ্ৰীক ভাষাৰ গ্ৰন্থ ফাৰ্ছী ভাষালৈ অনুবাদৰ মাজেদি হিন্দু-মুছলমান সংস্কৃতিৰ সমন্বয়ৰ চেষ্টা কৰে। মুছলমানসকলৰ শিক্ষাৰ বাবে যেনেকৈ মাদ্ৰাছা স্থাপন কৰিছিল, তেনেকৈ হিন্দুৰ বাবেও বহু পাঠশালা নির্মাণ কৰে। হিন্দী আৰু সংস্কৃত ভাষাক যথেষ্ট উৎসাহ দিয়া হয়। তুলসীদাস, সুৰদাস আৰু বীৰবল আকবৰৰ সময়ৰ বিশিষ্ট প্রতিভা। আকবৰৰ বিশাল হৃদয়, পৰধর্মসহিষ্ণুতা, প্রজাহিতৈষণা, অসাধাৰণ মানসিক উৎকৰ্ষ আৰু তেওঁৰ ভাৰত সাম্ৰাজ্যৰ গৌৰৱ আৰু সম্পদৰ লগত তুলনা কৰিলে সমসাময়িক শাসক ইংলেণ্ডৰ ৰাণী এলিজাবেথ, ফ্ৰান্সৰ চতুৰ্থ হেনৰি আৰু পাৰস্যৰ ছাহ আব্বাছৰ কৃতিত্ব ম্লান পৰি যায়। আকবৰৰ ৰাজদৰবাৰতেই প্রথম জাতীয়তাৰ ভিত্তিত ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ শ্ৰেষ্ঠ প্ৰতিভাৰ সমন্বয় গঢ়ি উঠিছিল। একেলগে তেওঁৰ ৰাজদৰবাৰত একে সময়তে উপস্থিত আছিল আব্দুল লটিফ, মোবাৰাক, আবুল ফজল, ফৈজি, আব্দুল কাদিৰ বদায়ুনি, নিজামুদ্দিন, তানসেন, বীৰবল, মহেশ দাস, বিচিত্র, মানসিংহ, ভগৱান দাস, টোডৰমল প্রভৃতি বিভিন্ন বিষয়ৰ প্ৰতিভাধৰ ব্যক্তি। আকবৰেই মধ্যযুগৰ স্বৈৰতান্ত্ৰিক ৰাজতন্ত্ৰক উদাৰনৈতিক ধৰ্মনিৰপেক্ষ জাতীয় ৰাজতন্ত্ৰত পৰিণত কৰে।
১৫৬২ চনত আকবৰে হিন্দু যুদ্ধবন্দীসকলক ক্রীতদাসত পৰিণত কৰাৰ আইন ৰদ কৰে। ১৫৬৩ চনত হিন্দুৰ ওপৰত তীৰ্থ কৰ তুলি দি তেওঁলোকৰ মন্দিৰ নিৰ্মাণ আৰু তীর্থযাত্ৰীৰ বাধা নিষেধ দূৰ কৰে। ১৫৬৪ চনত হিন্দুৰ ওপৰত থকা জিজিয়া কৰ উঠাই দি আকবৰে হিন্দু-মুছলমানৰ সম-নাগৰিক অধিকাৰ নিশ্চিত কৰে। ৰাজ্যৰ উচ্চপদসমূহ হিন্দুৰ বাবে উন্মুক্ত কৰে; হিন্দু সমাজত প্রচলিত অমানবিক কুপ্রথা দূৰ কৰাৰ চেষ্টা কৰিছিল। তেওঁ ‘মহজৰ’ আৰু চুল-ই-কুল’ চালু কৰিছিল। সর্বশেষত ১৫৮১ খ্রীষ্টাব্দত ভাৰতৰ ৰাষ্ট্ৰীয় ঐক্য সাধনৰ লক্ষ্যৰে সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি ‘দীন-ইলাহী” নামৰ এক নতুন ধর্মমত প্ৰৱৰ্তন কৰে। সেই ধর্মমতত বিশেষ কোনো ধৰ্মৰ প্ৰাধান্য বা ধৰ্মীয় সংকীর্ণতাই স্থান পোৱা নাছিল। আকবৰ ধৰ্মপ্ৰচাৰক নাছিল আৰু তেওঁ সেই ধৰ্মীয় মত কাকো গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা নাছিল। তেওঁৰ মূল উদ্দেশ্য আছিল বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত ঐক্যৰ বাণী প্ৰচাৰ আৰু সাম্ৰাজ্যৰ আভ্যন্তৰত শান্তি-শৃংখলা নিশ্চিত কৰা। ভক্তি-আন্দোলনৰ ফলত হিন্দু ধৰ্মৰ পুনৰ্জাগৰণৰ সংকটৰ লগত মোকাবিলা কৰাই আছিল আকবৰৰ ‘দীন-ইলাহী’ প্ৰচাৰৰ উদ্দেশ্য। ধৰ্মৰ আলমত সেয়া আছিল এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদক্ষেপ।
আকবৰে লক্ষ্য কৰিছিল— প্ৰতিটো ধৰ্মত এনে লোকৰ অভাৱ নাই যিসকলে নিজকে নির্ভেজাল বুলিয়ে ধৰ্মৰ ভুল ব্যাখ্যা দিয়ে আৰু ধৰ্মৰ প্রামাণ্য ৰচনা সাধাৰণ মানুহৰ চকুৰ আগলৈ নানে। মানুহ যাতে ধৰ্মৰ এই ৰক্ষকৰ দূৰভিসন্ধিমূলক পৰিকল্পনাৰ বলি নহয়, সেয়া মন কৰা জৰুৰী বুলি তেওঁ অনুভৱ কৰে। আৰু তেওঁ সিদ্ধান্ত লয় — যদি বিভিন্ন ধৰ্মৰ আদৰ্শ ৰচনাৱলীক সৰল ভাষাত অনুবাদ কৰা হয় তেতিয়া হ’লে তেওঁলোকে নিজেই সত্য উপলব্ধি কৰিব পাৰিব। যিসকলে অনুগামীসকলৰ ওচৰত ধৰ্মৰ প্ৰকৃত মর্ম তুলি ধৰিব নিবিচাৰে সেইসকলৰ একাধিপত্য অনুবাদ কৰ্মই অৱসান ঘটাব।
আকবৰে ফাৰ্ছী ভাষালৈ মহাভাৰত, ৰামায়ণ আৰু অৰ্থৱৰ্বেদ আৰু সাহিত্যৰ ভিতৰত বাণৰ কাদম্বৰী, নল-দময়ন্তী, ৰাজতৰঙ্গিণী, লীলাৱতী, পঞ্চতন্ত্র প্রভৃতি অনুবাদ কৰি ইছলামিক জগতত হিন্দুধৰ্মক পৰিচয় কৰাই দিয়ে। তদুপৰি তেওঁ ফাৰ্ছী- সংস্কৃত অভিধান ৰচনা কৰে। আকবৰৰ ৰাজত্বকালত হিন্দুৰ দীপাৱলি আৰু দছেৰা উৎসৱ ৰাষ্ট্ৰীয় উৎসৱত পৰিণত হয়। মুছলমানৰ মাজত উচ্চশিক্ষাৰ কেন্দ্ৰ মাদ্ৰাছাসমূহ সাধাৰণতে গোড়াপন্থীসকলৰ নিয়ন্ত্ৰণত। চিকন্দ্ৰৰ লোদীৰ সময়ৰ পৰা হিন্দু ছাত্ৰক তাত প্ৰথম প্ৰৱেশাধিকাৰ দিয়া আৰম্ভ হয়। কিন্তু আকবৰে শিক্ষাৰ ক্ষেত্ৰত আমূল, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ সংস্কাৰ কৰে। তেওঁ মোক্তাব আৰু মাদ্ৰাছা শিক্ষাত ব্যাকৰণ, ন্যায়, বেদান্ত আৰু পতঞ্জলিৰ টীকা-পাঠক বাধ্যতামূলকভাৱে প্ৰচলন কৰে। এই ব্যৱস্থাৰ দ্বাৰা মুছলমান আৰু হিন্দু ছাত্ৰই পাৰস্পৰিক ঐতিহ্য আৰু ধৰ্ম সম্পর্কে জ্ঞান লাভ কৰে। আচলতে আকবৰে এক বলিষ্ঠ নীতি ৰূপায়ণৰ সূত্ৰপাত ঘটাইছিল যাৰ ফলত তেওঁৰ যুগত “অন্ধ অনুসৰণৰ স্তম্ভ ভাঙি পৰে আৰু ধৰ্মৰ বিষয়ত গৱেষণা আৰু জিজ্ঞাসাৰ নৱ অধ্যায় সূচিত হয় (৪৬)। আকবৰৰ সময়ত অনূদিত সংস্কৃত গ্রন্থসমূহ তেওঁৰ দৰবাৰৰ শিল্পীয়ে চিত্রায়িত কৰে। দৰবাৰৰ পাঠাগাৰৰ বাবে ৰচিত মহাভাৰতৰ এটি কপি জয়পুৰৰ মহাৰাজে হস্তগত কৰে। (৪৭)
আকবৰৰ লক্ষ্য আছিল ভিন ভিন ধৰ্ম আৰু জাতিগোষ্ঠীৰ অভিজাতসকলৰ মাজৰ পৰা বিজ্ঞানমনস্ক তথা মুক্তচিন্তাৰ এটি শ্ৰেণীৰ উদ্ভৱ হওক। আকবৰৰ ধৰ্মনীতিৰ পিছত এই ৰাজনৈতিক উদ্দেশ্য কিমান কাৰ্যকৰী আছিল তাক লৈ অৱশ্যে প্রশ্ন উঠিব পাৰে। ১৫৯৫ চনত সম্ৰাটৰ পুত্ৰ আৰু তেওঁলোকৰ সতি-সন্ততিৰ উপৰি অন্যান্য ৰাজকৰ্মচাৰী ২৮০জন, যাৰ মাজত হিন্দুৰ সংখ্যা আছিল মাত্র ৪৬জন। আচলতে আকবৰৰ ধৰ্মনীতিৰ পৃষ্ঠভূমিত ৰাজনৈতিক উদ্দেশ্যতকৈয়ো তেওঁ নিজা ধর্মচিন্তা অধিক সক্রিয় আছিল বুলি অনুমান কৰিব পাৰি। আতাহাৰ আলিয়ে তেওঁক ধৰ্মনিৰপেক্ষতাৰ অগ্ৰদূত হিচাপে স্বীকৃতি দিবলৈ অনিচ্ছুক। তেওঁ লিখিছে— “মোগল সাম্ৰাজ্যৰ বাবে আকবৰে এক ধৰ্মীয় নীতি নির্ধাৰণ কৰিছিল, তাৰ বাবে আধুনিক ভাৰতীয় সমাজৰ ধৰ্মনিৰপেক্ষতাৰ দিশৰ পৰা কিছু অৰ্থত তেওঁক অগ্ৰদূত হিচাপে দাবী কৰা হয়— এই ধাৰণা প্রায় এক ঐতিহাসিক গতানুগতিকতা। বিদ্যালয়ৰ পাঠ্যপুথিৰ এই আপ্তবাক্য হ’ল— তেওঁ এটি নতুন ধৰ্মৰ প্রৱর্তক। ঐতিহাসিক পণ্ডিতসকলে এই ভাবনাৰ মূল উচ্ছেদৰ চেষ্টা কৰিছে, কিন্তু খুব বেছি সফল হ’ব পৰা নাই।” (ক্ৰমশ:)
(পূৰ্বৱৰ্তী সংখ্যাটো পঢ়িবলৈ ইয়াত টিপক)
(টোকা: তথ্য-সূত্ৰসমূহ ধাৰাবাহিক প্ৰবন্ধটোৰ অন্তিম অংশত সন্নিবিষ্ট কৰা হ’ব- মুখ্য সম্পাদক)