গল্প-কবিতা

পাতমুগী ।। প্ৰিয়ম হাজৰিকা

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

পদুমে মাক লীলাৱতীৰ উচুপনি শুনি পঢ়া কোঠালীটোৰ পৰা লৰ মাৰি আহিল। লীলাৱতীয়ে দুখতে আজি ভাতকেইটাও ভালকৈ নাখালে। পদুমে মনতে থিৰাং কৰিলে, সি কিবা এটা ব্যৱস্থা কৰিব। গোটেইখন বিচাৰি চলাথ কৰিব। গৰু পোৱালিহে, কিমান দূৰলৈনো যাব! গোটেই দিনৰ দিনটো লৰা-ধপৰা কৰি কৰি দুয়োকে ভাগৰে জুমুৰি দি ধৰিছিল। মাকক শুবলৈ দিহা কৰি দি ৰত্নকান্ত ছাৰে লিখিবলৈ দিয়া “অসমৰ বানপানী” ৰচনাখন আধালিখাকৈ তাতে এৰি পদুম নিজৰ শোৱাপাটিত দীঘল দি পৰিল। কাইলৈ সি স্কুললৈ নাযায়। পাতমুগীক সি বিচাৰিহে এৰিব। নহ’লে সি লীলাৱতীৰ সেমেকা চকুজুৰি চাই কেনেকৈ দিন নিয়াব। পাতমুগীৰ মাক মানে সিহঁতৰ কাজলী গাইজনী লীলাৱতীৰ দেউতাকে লীলাৱতীৰ বিয়াৰ দিনা পদুমৰ দেউতাকলৈ উপহাৰ স্বৰূপে দিছিল। পদুমৰ দেউতাক ঢুকোৱাৰ পিছত গাইজনীৰ সমস্ত দায়িত্ব লীলাৱতীৰ ওপৰতে পৰিল। মাকৰ ঘৰৰ সঁচ বুলি লীলাৱতীৱে গাইজনীক বৰ আদৰ-সাদৰ কৰিছিল। দলনিৰ পৰা ঘাঁহ কাটি কাটি, কলগছৰ লগত সিজাই দানা বনাই খুৱাইছিল। গৰুৰ আল-পৈচানত লীলাৱতীয়ে কোনো খুঁট ৰখা নাছিল। নকৰিবনো কিয়? ঘৰত জীৱ-জন্তুৰ নামত কেৱল গাইজনীয়ে। বছেৰেকত এটাকৈ পোৱালি দিয়ে। এসেৰ গাখীৰ ওলায়, তাৰে এপোৱা পদুমলৈ ৰাখি বাকীখিনি গাঁৱৰে এঘৰত বিক্ৰী কৰে। ইপিনে মাকৰ ঘৰৰ সঁচ বুলি মোহটোও বেছি। পিছে মাকৰ দুখ এটাই। কাজলী গাইজনীয়ে গাভিনী হোৱাৰেপৰা এবাৰো মাইকী পোৱালি দিয়া নাই। মাকৰ চিন্তা, কিজানি সঁচটো মৰি যায়! গাঁৱৰ মানুহে কোৱামতে কাজলী গাইজনী বোলে লীলাৱতীৰ আজোককাকৰ দিনৰে সঁচ। তাইৰ নিচিনা শান্ত প্ৰকৃতিৰ গৰু ওচৰে-পাজৰে ক’তো নাই! গৰুজনীয়ে বোলে মানুহৰ দুখ-মৰম চব বুজি পায়। ঠাণ্ডা প্ৰকৃতিৰ হোৱা কাৰণেহে আকৌ লীলাৱতীয়ে পোৱালিৰে সৈতে গাই এজনী অকলে চম্ভালিব পাৰিছে। কাজলীয়ে প্ৰতিবছৰে জন্ম দিয়া মতা পোৱালিবোৰ দমৰা বুলি ক’ব পৰা হ’লেই বিক্ৰী কৰি দিয়ে। পোৱালি বিকা টকাৰে যোৱাবাৰ পদুমৰ কাৰণে দেৰাজ থকা পঢ়া টেবুল এখনো কিনি দিলে। পিছে কাজলী বুঢ়ী হৈছে। আৰু কিমান দিন পোৱালি দিব পৰা হৈ থাকিব ক’ব পৰা নাই। মাইকী পোৱালি এজনী হ’লেহে লীলাৱতী নিশ্চিন্ত হ’ব পাৰিব। মাইকী পোৱালিৰ আশাত লীলাৱতীয়ে এইবেলি ৰাসৰ নামঘৰত চাকি এগছিও দিলে। ওচৰৰে কণ কণ ল’ৰা-ছোৱালী কেইটিমানক মাতি পায়স খুৱালে। লীলাৱতীৰ সোণসেৰীয়া সপোনক সাকাৰ কৰি এইবেলি আঘোণৰ দুই তাৰিখে গধূলি কাজলীয়ে মাইকী পোৱালি এজনী জন্ম দিলে। উলাহতে বাউলী হৈ লীলাৱতীয়ে সাউৎ‍কৰে পোৱালিজনীৰ নাম থ’লে “পাতমুগী”। কপালৰ বগা ফোঁটটোৰ সৈতে মুগা ৰঙৰ কণমানি পোৱালিজনী এনে মৰমলগা! চালে চাই থাকিবলৈ মন যায়। হাৰ কঁপোৱা জাৰ নহয় যদিও পথাৰৰপৰা চোঁ-চোঁৱাই অহা চেঁচা বতাহে আমতল গাঁৱত বাৰুকৈয়ে শীত পেলাইছে। পোৱালি জগা মাত্ৰকে লীলাৱতীয়ে জুই একুৰা ধৰি পাতমুগীক অলপ সেক দিলে। জুইৰ উম পাই পাতমুগী অলপতে টনটনীয়া হৈ পৰিল। কাজলীয়েও গা-মূৰ চেলেকী চেলেকী পাতমুগীক নিপোতলজনী কৰি পেলালে। কেকোঁজেকোঁকৈ শোৱাৰ পৰা উঠি পাতমুগী থিয় হ’ল। এদেও দুদেওকৈ দুখোজ মান গৈ তাই আকৌ শুই পৰিল। আকৌ কেকোঁজেকোঁকৈ উঠিল। এইবেলি অকণ অকণ কৈ গৈ একেবাৰে নঙলামুখ পালেগৈ। পদুমে আগভেটি আনিলে বুলিহে।

চকুৰ পলকতে পাতমুগী বৰ এজনী হ’ল। টিকটিককৈ বাৰীৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি দৌৰি তাই অকলে খেলি থাকে। পদুমক দেখিলে তাৰ পিনে চোঁচা মাৰি যায়, কিন্তু আকৌ উভতি লৰ মাৰে। লীলাৱতীয়ে কাজলীক এইবাৰ পথাৰলৈ মেলি দিয়া নাই। কণমানি পাতমুগীক চকুৰ পৰা আঁতৰ কৰিবলৈ মনেই নকৰে লীলাৱতীয়ে। সেইদিনা আকৌ ৰামকাইদেউয়ে আহি লগালে লেঠা। “হেৰৌ পদুমৰ মাক। গৰুজনী ঘৰৰ বাৰীতে এৰাল দি কিমান ৰাখিবি। ধান ধাই অতালে চবেই। গাঁৱৰ গোটেইমখা গৰু এতিয়া পথাৰত।” কথাটো মিছাও নহয় পিছে। অকণমানি বাৰীখনত বেৰা দিওঁতে দিওঁতে লীলাৱতী হাইৰান। ইপিনে গৰু বাৰীত চৰিলে শাক-পাত ৰোৱাৰ কথাও ভাবিব নোৱাৰি। ৰামকাইদেউৰ কথা শুনি লীলাৱতীয়েও পোৱালিৰে সৈতে কাজলীক পথাৰলৈ মেলি দিবলৈ ঠিৰাং কৰিলে। পিছদিনা ৰাতিপুৱাই কাজলীক নঙলাৰ বাহিৰ কৰা হ’ল। অলপ পৰ নঙলা মুখতে ইচাট-বিচাট কৰি লাহে লাহে কাজলীয়ে গৰু বাটটোৰ পিনে খোজ দিলে। পিছে পিছে পাতমুগী দৌৰি দৌৰি গৈ থাকিল। ভোলা, ৰমেন, কাঞ্চনহঁতৰ সম বয়সীয়া পোৱালিকেইটাৰ লগ পাই পাতমুগীয়ে বৰ ৰস পালে। গোটেইকেইটি দৌৰি দৌৰি পথাৰৰ সোঁ-মাজ পালেগৈ। নঙলামুখৰ পৰা আলেখ লেখ চাই থকা লীলাৱতীও সেইখিনিৰ পৰা আঁতৰি বাহি-বন চিকুণাবলৈ ধৰিলে।

ভৰ দুপৰীয়া ভাতকেইটা খাই বাতি-কাঁহী ধুবলৈ বুলি লওঁতেই দেখে কাজলী আৰু পাতমুগী আহি নঙলামুখত হাজিৰ। লীলাৱতীৰ মুখলৈ চাই কাজলীয়ে যেন কিবা ক’বলৈহে লৈছে। লীলাৱতীয়ে বুজি পালে। বাল্টিটোৰে কুঁৱাটোৰ পৰা এক বাল্টি পানী আনি লীলাৱতীয়ে কাজলীৰ সন্মুখত থ’লে। একে শোহাই আধা বাল্টি পানী কোটকোটকৈ গিলি কাজলী পুনৰ পথাৰমুৱা হ’ল। পিছে পিছে পাতমুগী।

সন্ধিয়া ৫ বাজিছে। দুৱাৰ খিৰিকী মাৰি লীলাৱতীয়ে ক’লা ছাইময় ডেগটো জুইত তুলি দিলে। এইখিনি সময়ত পদুমৰ সৈতে তাই এবাতি গৰম ফিকা চাহ খায়, গুড়ৰ সৈতে। পিছে কেনাটো লাগিল তেতিয়া, যেতিয়া লীলাৱতীয়ে পাকঘৰৰ খিৰিকীখনেদি ভোলাক গৰু বান্ধি থকা দেখিলে। ভোলাহঁতৰ গৰু কেতিয়াবাই ঘৰ সোমাল, পিছে কাজলী আৰু পাতমুগীৰ চোন নাম গোন্ধেই নাই! লীলাৱতীয়ে গৰম চাহখিনি এটা কাঁহৰ বাতিৰ পৰা আন এটাত বাকি ঠাণ্ডা কৰি ল’লে। তাৰ পিছত একে শোহাই চাহখিনি গিলি তাই চিধাই গৰু বাটটোৰ পিনে চোঁচা ল’লে। পদুমে গৰম চাহখিনি ফুৱাই ফুৱাই চিঞৰিল, “ঐ মাই। মইও গৈছোঁ ৰ।”

ইপিনে পুহ মাহ। কুঁৱলী মিহলি চেঁচা বতাহ এচাটিয়ে বাৰুকৈয়ে ঠাণ্ডা পেলাইছে। জাঁজী নৈৰ ফালৰ পৰা ক’লা ডাৱৰ এডোখৰো আমতল গাঁৱৰ দিশে আগবাঢ়ি আহিছে। সৰ্বনাশ! কলহৰ কাণে বৰষুণ ঢালিলে কাজলী আৰু পাতমুগীক ইমান ডাঙৰ গাঁওখনত বিচাৰিবলৈ কম দিগদাৰী হ’বনে! নানান চিন্তা মূৰত গুজি পদুম আৰু লীলাৱতী গৈ ককিলা পথাৰৰ মাজভাগত থকা ওখ টিলাটোত উঠিলগৈ। টিলাটোৰপৰা দুয়োয়ে গোটেই পথাৰখনৰ চাৰিওকাষ ভালদৰে লক্ষ্য কৰিলে। নাই কোনো জন প্ৰাণীৰ চিন-চাব নাই। আমতল গাঁৱৰ প্ৰায় সকলোখিনি মানুহে এই ককিলা পথাৰতে খেতি কৰে আৰু এই ককিলা পথাৰৰ সীমাতে আছে চাৰিঙীয়া গাঁৱৰ কেঁচা ঘাই পথটো। ৰাস্তাৰ ইপিনে চাৰিঙীয়া গাঁৱৰ পথাৰখন, নাম চিলা পথাৰ। পিছে কোনো জনমতে লীলাৱতীয়ে আমতল গাঁৱৰ গৰু ককিলা পথাৰ পাৰ হৈ চিলা পথাৰত সোমোৱা দেখা নাই। তথাপি এবাৰ চাই অহাতনো কি আপত্তি! সেই ভাবি দুয়ো চাৰিঙীয়া গাঁৱৰ পিনে খোজ ল’লে। পথাৰৰ মাজভাগ পাই লীলাৱতী পথাৰৰ আলিটোতে বহি পৰিল। ফোঁপনিত তাই কথাই ক’ব পৰা নাই। ইফালে কাণিমুনি বেলিকা চাৰিওকাষ নমনা হৈ আহিছে। পদুমে এইবাৰ লগত অনা টৰ্চটো জ্বলাই ল’লে। পথাৰৰ কিনাৰতে থকা বলীন, বৰষাহঁতৰ ঘৰত সোমাই লীলাৱতীয়ে খবৰটো ল’লে। নাই, সিহঁতে কাজলী গাইৰ সৈতে কপালত ফোঁট থকা পোৱালি দেখাই নাই হেনো সিহঁতৰ গাঁৱত। বলীনৰ ঘৰত থিয়ৈ থিয়ৈ পানী এগিলাচ খাই অলপো পলম নকৰি পদুমৰ পিঠিত হাতখনে খামুচি ধৰি লীলাৱতীয়ে খৰখেদাকৈ নিজৰ গাঁৱলৈ খোজ ল’লে। “অ মাই, আমি ভোলাহঁতৰ বেৰানীটোত চাই আহোঁ ব’ল এবাৰ। ৰমেন, কাঞ্চনহঁতৰ পোৱালিকেইটা প্ৰায়ে তাতে খেলি থকা দেখোঁ। সেইকেইটাৰ লগ পাই পাতমুগীও তালৈকে গ’ল চাগে।” পদুমৰ কথাত লীলাৱতীয়ে হয়ভৰ দিলে। পাঁচ বছৰে চন পৰি থকা পথাৰৰ দাঁতিকাষৰীয়া বেৰানীটো বৰ জয়াল। গৰুজনী তাত থকাৰ সম্ভাৱনা নাই বুলিব নোৱাৰি। বেৰানীটোৰ চুকে কোণে সকলো পিনে চালে। নাই। গৰুৰ কোনো চিন মোকাম নাই তাত। ইফালে মেঘেও গাজি গুমৰি আহিছে। আন্ধাৰত পথাৰৰখন নমনা হৈ আহিছে। পথাৰৰ ইটো পাৰে থকা ভোলা আৰু ৰামকাইদেউহঁতৰ ঘৰৰ পিছপিনৰ কোঠালীকেইটাৰ নিয়ন লাইটৰ হালধীয়া পোহৰকণৰ বাদে গোটেইখন ঘোৰ অন্ধকাৰ। টৰ্চৰ ক্ষীণ পোহৰকণকে সাৰথি কৰি সেমেকা চকুৰে মাক পুতেক দুয়ো ঘৰমুৱা হ’ল।

আৰে, কি আচৰিত! নঙলা মুখতচোন এইয়া কাজলী। আমন-জিমনকৈ ৰৈ আছে। পিছে পাতমুগী ক’ত? নাই, ওচৰে-পাজৰে ক’তো পাতমুগীৰ চিন মোকাম নাই। খঙতে লীলাৱতীয়ে কাজলীক বাঁহৰ এচাৰি এডালেৰে জাৰৌপ জাৰৌপ কোবাবলৈ ধৰিলে। ইতিমধ্যে ভোলা, ৰমেন, ৰামকাইদেউ, পুষ্প নবৌ, ভদ্ৰহঁতেও খবৰটো পালে। গোটেইমখা আহি লীলাৱতীহঁতৰ নঙলামুখত গোট খালে। ভিন্ন জনৰ ভিন্ন মত।

“ইমান চিন্তা কৰিব লগা একো কথা নাই। ঘৰৰ গৰু নিজেই আহি ঘৰ সোমাব। আমাৰো এবাৰ এনেকুৱা হৈছিল।”

“অই ভোলা, তহঁতৰ গৰুৰ নিচিনাকৈ লীলাৰ এমহীয়া পোৱালিজনীয়ে আকৌ বাট চিনি নাপায় নহয়! যিহে দিন কাল, মোৰ কিন্তু মানুহৰ ওপৰতহে সন্দেহ। তাতে কপালৰ ফোঁটটোৰে সৈতে পোৱালিজনীও এনে ‍চকুত লগা।”

“মোৰ কিন্তু এইয়া বাঘৰ কাণ্ড যেনহে লাগিছে। যোৱা সপ্তাহত সন্দিকৈ গাঁৱৰ ভালেমান গৰু-ছাগলী হেৰাইছে। পথাৰৰ মাটিতো হেনো বাঘৰ খোজ। বাঘেই মাৰিছে হ’ব পায়।”

“হ’ব, তঁহতে এতিয়া এই অমংগলীয়া কথাবোৰ কৈ নাথাকিবি, বিপদটো আহিছে যেতিয়া কিবা এটা সমাধান বিচাৰিবই লাগিব। ব’ল আমি চবেই ভাগ ভাগ হৈ গাঁওখনৰ চাৰিওফালে এবাৰ এবাৰ ভালকৈ বিচাৰি চাওঁ। ভোলা, তই মোৰ লগত আহ, আমি গাঁৱৰ ফিচাৰীটোত এবাৰ নামি চাই আহোঁ ভালকৈ। ৰমেন তই কাজলীক এৰালডালৰ সৈতে লৈ অনিলহঁতৰ গলিটোৰ পিনে যা। কিজানি মাকৰ মাত শুনি পোৱালিজনী নিজেই ওলাই আহে!” ৰামকাইৰ কথামতেই কাম। গোটেইকেইটা মানুহ গাঁওখনৰ চাৰিওকাষে সিঁচৰিত হৈ গ’ল। এটোপ দুটোপকৈ বৰষুণ পৰিলেই। ভোলাহঁতে মূৰত জাপি এটা এটা পিন্ধি ল’লে। পদুমে তাৰ ফুটা ওলোৱা ক’লা ছাটিটো মেলি মাকক ছাটিৰ তলত সুমুৱাই ল’লে। আবতৰীয়া চেঁচা বৰষুণজাকে লীলাৱতীক হাড়ে-হিমজুৱে কঁপাই তুলিলে। ইপিনে ভোলা আৰু ৰামদাসে ফিচাৰীৰ চেঁচা পানীত সাঁতুৰি সাঁতুৰি পাতমুগীৰ কণমানি দেহটো পাই নেকি বিচাৰিবলৈ ধৰিলে। ৰমেনে হেম্বেলিয়াই থকা কাজলীক লগত লৈ গোটেইখন বিচাৰি চলাথ কৰিলে। নাই, পাতমুগী ক’তো নাই।

পাতমুগীক বিচাৰি থাকোঁতে থাকোঁতে ৰাতি ৯ বাজিল। বৰষুণত জুৰুলি-জুপুৰি হৈ সকলো ঘৰমুৱা হ’ল। কপালত ফোঁট থকা কণমানি পাতমুগীৰ মৰম লগা ক’লা চকুজুৰি সকলোৰে চকুত ভাঁহি থাকিল।

পিছদিনা পদুম স্কুললৈ নগ’ল। পাতমুগীক ভালকৈ বিচাৰিহে এৰিব। বতৰো মুকলি হ’ল সেইদিনালৈ। পুৱা কাজলীক দানা-পানী খুৱাই লীলাৱতী পাকঘৰত সোমাল। পদুমে মুখ হাত ধুই চাহ টুপি খাই বাৰাণ্ডাত ওলাই আহি দেখে নঙলা মুখত কণমানি মুগা ৰঙৰ গৰু পোৱালি এজনী ইফাল সিফাল কৰি আছে। আপোনা আপুনি পদুমৰ মুখত হাঁহি বিৰিঙি পৰিল। লৰ মাৰি গৈ নঙলাডাল খুলিবলৈ লৈ দেখে পোৱালিজনীৰ কপালত বগা ফোঁট নাই। ৰাস্তাৰ কাষৰ খালটোৰ পৰা বাঁহৰ এচাৰি এডাল বুটলি পদুমে গৰু বাটটোৰ ফালে খোজ ল’লে, মাকক মাত নলগোৱাকৈয়ে। খৰখেদাকৈ সি চিলা পথাৰৰ ফালে গতি কৰিলে। গৰু পোৱালিহে, কিমান দূৰলৈনো যাব!

Leave a Reply

Your email address will not be published. Required fields are marked *