কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বন্দ্ব: সহায়ক নে ক্ষতিকাৰক?- (অৰ্ণৱ বৰ্মন)
স্নাতকোত্তৰৰ শেষৰ ছেমিষ্টাৰত জলবায়ু নৈতিকতা আৰু বহনক্ষম উন্নয়নৰ ওপৰত প্ৰজেক্ট এটা লিখিবলৈ ধৰোঁতে হঠাৎ মূৰটোৱে দেৱালত খুন্দা মাৰা যেন অনুভৱ হ’ল। মোৰ মনটো এটা ফ্ৰিজ হৈ যোৱা গুগল ক্ৰোমৰ ব্ৰাউজাৰ টেবৰ দৰে লাগিল—একোৱেই ক্লিক কৰা নাছিল। ভাবিবলৈ নিজৰ মগজুটোত অলপ জোৰ দিয়াৰ পৰিৱৰ্তে বা বহীত আইডিয়াবোৰ লিখি উলিওৱাৰ পৰিৱৰ্তে মই খুলি ল’লোঁ chatgpt আৰু টাইপ কৰিলোঁ “write an assignment on climate ethics and sustainable development”
কেইছেকেণ্ডমানৰ ভিতৰতে ই সুন্দৰকৈ বুলেট পইন্ট সহিতে মোৰ প্ৰজেক্টটো তৈয়াৰ কৰি উলিয়ালে। সম্পূৰ্ণ প্ৰজেক্টটো এনেদৰে লিখি উলিয়াই মোৰ অপৰাধবোধৰ যন্ত্ৰণা এটা অনুভৱ হ’ল। পিছত যেতিয়া মোৰ অধ্যাপকে মোৰ ‘মূল চিন্তাধাৰা’ক প্ৰশংসা কৰিলে, তেতিয়া মই কেনে বিড়ম্বনা অনুভৱ কৰিছিলোঁ সঠিককৈ বুজাবলৈ টান।
এইটোৱেই মোৰ প্ৰজন্মৰ অধিকসংখ্যকৰ অৱস্থা। আমি ইতিহাসৰ আটাইতকৈ প্ৰযুক্তিগতভাৱে শক্তিশালী গোট, তথাপিও আমি আমাক মানুহ হিচাপে সংজ্ঞায়িত কৰা দক্ষতাবোৰেই লাহে লাহে হেৰুৱাবলৈ ধৰিছোঁ— কৌতুহল, সমালোচনাত্মক চিন্তাধাৰা আৰু আমাৰ সৃষ্টিশীলতা। শৈশৱকাল এনালগ আৰু কৈশোৰৰ পৰা ডিজিটেল জগতখনৰ মাজত সোমাই ডাঙৰ হৈছোঁ। ১৩ বছৰ বয়সত বন্ধু-বান্ধৱীৰ ফোন নম্বৰ, জন্ম তাৰিখ মুখস্থ কৰি ৰাখিছিলোঁ; ২০ বছৰ বয়সলৈকে ফেচবুক অবিহনে বন্ধু-বৰ্গৰ জন্মদিনবোৰ মনত পেলাব নোৱাৰা হ’লোঁ। এতিয়া ২৬ বছৰ বয়সত মোক অক্সফৰ্ডৰ ২০২৪ চনৰ ‘word of the year’ টোৱে খেদি ফুৰিছে: Brain rot। যাৰ অৰ্থ হৈছে ডিজিটেল প্ৰযুক্তি, ছ’চিয়েল মিডিয়া আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যধিক ব্যৱহাৰৰ ফলত আমাৰ জ্ঞান ক্ষমতা, সমালোচনাত্মক চিন্তাধাৰা আৰু সৃষ্টিশীলতাৰ ক্ৰমাৎ হ্ৰাস পোৱা। কৃত্ৰিম বুদ্ধিমত্তাৰ যাদুক অস্বীকাৰ কৰিব নোৱাৰি। ই আপোনাক বহুত কামত সহায় কৰিব পাৰে। ই এটা জিনিয়াছ পাৰ্টনাৰ। বিজ্ঞানীসকলক দশক দশক ধৰি স্তম্ভিত কৰি ৰখা বিভিন্ন প্ৰশ্ন অথবা প্ৰগ্ৰামিং আদি কৃত্ৰিম বুদ্ধিমত্তাই সমাধা কৰিছে। ভাৰতৰ বিভিন্ন দূৰৱৰ্তী অঞ্চলত থকা লোকে ইংৰাজী শিকিবলৈ Duolingo’s algorithm ব্যৱহাৰ কৰে, বিভিন্ন কথা জানিবলৈ বা শিকিবলৈ chatgpt অথবা meta AI ক শিক্ষকৰ দৰে ব্যৱহাৰ কৰে, কম্পিউটাৰ প্ৰ’গ্ৰামাৰে ক’ড লিখিবলৈ ব্যৱহাৰ কৰে, গৱেষকে গৱেষণা পত্ৰ তৈয়াৰ কৰি উলিয়াবলৈ ব্যৱহাৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলে Grammarlyৰ দ্বাৰা বাক্যৰণ শুদ্ধ কৰে, Quillbotৰ জৰিয়তে প্লেগিয়াৰিজম এৰাই চলে, আৰু ChatGPTৰ সহায়ত ৰাতি ৰাতি প্ৰজেক্ট সম্পূৰ্ণ কৰে। এইবোৰ কেৱল বিনামূলীয়া সুবিধাই নহয়; ই বহুত সময়ো ৰাহি কৰিব পাৰে। ক’বলৈ গ’লে ই শিক্ষাৰ গণতান্ত্ৰিকৰণতো অৰিহনা যোগাইছে। আজিকালি ছাত্ৰ-ছাত্ৰীসকলৰ AI toolsৰ ওপৰত নিৰ্ভৰশীলতা ইমানেই বাঢ়িছে যে পৰীক্ষাৰ প্ৰশ্নোত্তৰৰ পৰা গৱেষণা পত্ৰলৈকে সকলোতে তেওঁলোকে ChatGPT, Gemini, বা Jasper-ৰ সহায় লয়। তেওঁলোকে ইয়াক সৃষ্টিশীল কামৰ সলনি ‘গতি আৰু সুবিধা’ৰ বাবেহে ব্যৱহাৰ কৰে। কিন্তু এই সুবিধাবোৰ দেখাত বিনামূলীয়া হ’লেও ইয়াৰ অন্তৰ্নিহিত খৰচো আছে যিবোৰ আমি নভবাকৈ পৰিশোধ কৰি আছোঁ। উদাহৰণ স্বৰূপে – স্মৃতিশক্তি। কলম্বিয়াৰ এদল গৱেষকে ২০১১ চনত “গুগল ইফেক্ট” আৱিষ্কাৰ কৰিছিল— অৰ্থাৎ আমি যদি কিবা তথ্য গুগলত সন্ধানযোগ্য বুলি ভাবোঁ তেনেহলে সেই তথ্য আমি পাহৰি যাওঁ। তদুপৰি শেহতীয়া কিছু অধ্যয়নত দেখা গৈছে যে অভ্যাসগতভাবে এলগৰিদম (Instagram reels, you tube shorts etc) ব্যৱহাৰকাৰীসকলৰ মগজুৰ স্মৃতিশক্তিৰ হ্ৰাস পাইছে। যিটো অনুভৱ মোৰ নিজৰেই হৈছে। আগতে মনত ৰখা বহু তথ্য মই ক্ৰমাৎ পাহৰিবলৈ লৈছোঁ। মোৰ মগজুৱে তথ্য সংৰক্ষণ কৰা নাই; ই যেন cloud storage লৈ outsourcing কৰিছে ।
স্মৃতিশক্তিৰ লগতে আমাৰ মনোযোগো হ্ৰাস হৈ আহিছে। ইনষ্টাগ্ৰামৰ এলগৰিদমে আমাক অন্তহীন “মাইক্ৰ’-ভিডিঅ’” দেখুৱাই থাকে —শিশুই খেলি থকাৰ পৰা কোনোবাই নাচি থকালৈ, যুদ্ধৰ ফুটেজৰ পৰা উদ্বেগজনক বিভিন্ন ভিডিঅ’ তথা বিজ্ঞাপনলৈ। এইধৰণৰ অতি কম সময়ৰ ভিতৰতে ভিন্নধৰ্মী বিষয়ৰ তথ্য ভোগ কৰাৰ ফলত আমাৰ মনোযোগৰ শক্তি ক্ষয় হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে ভালদৰে মনোযোগ দিবলগীয়া কামৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হয়। এনেদৰে আমাৰ মগজুবোৰক হেক কৰা হৈছে।
মগজুৰ এই হেকিং কিন্তু আকস্মিক নহয় – ইয়াৰ আঁৰত লাভৰ অংক জড়িত হৈ আছে। ছ’চিয়েল মিডিয়া আৰু টেকন’লজিৰ ডাঙৰ ডাঙৰ সংস্থাসমূহে এটা সহজ সমীকৰণৰ ওপৰত কাম কৰে: মনোযোগ = ৰাজহ। অৰ্থাৎ মানুহে যিমান বেছি সময় স্ক্ৰীন চাই অতিবাহিত কৰিব সিমান বেছি সেই বিলিয়ন ডলাৰ কম্পেনিসমূহৰ ৰাজহ আহৰণ হ’ব। যিমানেই বেছি সময় স্ক্ৰ’ল কৰিব, সিমানেই বেছি বিজ্ঞাপন দেখিব আৰু মানুহক আকৰ্ষিত কৰি ৰখা এলগৰিদমবোৰ তৈয়াৰ কৰিবলৈ সিমানেই বেছি গ্ৰাহকৰ পৰা ডাটা সংগ্ৰহ কৰা হ’ব। এলগৰিদমসমূহ মানুহৰ আৱেগৰ ওপৰত প্ৰতিষ্ঠিত। সাধাৰণতে দেখা যায় ছ’চিয়েল মিডিয়া এলগৰিদমে সহানুভূতিৰ সলনি ক্ষোভক অগ্ৰাধিকাৰ দিয়ে, ধনাত্মকৰ বিপৰীতে ঋণাত্মকক অগ্ৰাধিকাৰ দিয়ে। এলগৰিদমসমূহে জানি-বুজি আমাক ক্ষোভ, ভয়, ঈৰ্ষা, বা উত্তেজনাকাৰী বিষয়বস্তু দেখুৱায়, কিয়নো এইবোৰে আমাক স্ক্ৰলিং কৰি ৰখাৰ সম্ভাৱনা অধিক। এইদৰে আমাক কেৱল সেইবোৰ বিষয়েই দেখুওৱা হয় যিবোৰ আমাৰ পূৰ্বৰ আচৰণৰ ওপৰত ভিত্তি কৰি আমি চাবলৈ ইচ্ছুক বুলি এলগৰিদমে গণনা কৰিছে। আমি যিধৰণৰ কন্টেন্ট দুই-তিনিবাৰ লাইক কৰোঁ অথবা skip নকৰাকৈ সম্পূৰ্ণকৈ চাও সেইধৰণৰ ভিডিঅ’ আৰু প’ষ্টসমূহ আমাৰ স্ক্ৰীণত সঘনাই উপলব্ধ হয়। আমাৰ ভাল লগা, বেয়া লগা সকলো ডাটা সংগ্ৰহ কৰা হৈ থাকে আৰু এই ডাটাৰ ওপৰত ভিত্তি কৰিয়েই এলগৰিদমে আমি কোন সময়ত কি ধৰণৰ ভিডিঅ’ চাব বিচাৰিম সেই পৰ্যন্ত ভৱিষ্যদ্বাণী কৰিব পাৰে। আমি ডিজিটেল জীৱনশৈলীৰ সৈতে এনেদৰে আবদ্ধ হৈ পৰিছোঁ যে আমি বৰ্তমান এলগৰিদমৰ দ্বাৰা নিয়ন্ত্ৰিত। সামাজিক মাধ্যমৰ এলগৰিদমে কেৱল আমাৰ ডাটা চুৰ নকৰে, ই আমাৰ মানসিক স্বাস্থ্যকো আক্ৰমণ কৰে। ইনষ্টাগ্ৰামৰ “পাৰফেক্ট” জীৱনৰ ছবি আৰু টিকটকৰ বিৰতিহীন ভিডিঅ’ই তৰুণ প্রজন্মৰ মাজত অস্থিৰতা, হীনমান্যতা আৰু নিদ্ৰাহীনতা বৃদ্ধি কৰিছে। WHOৰ এক অধ্যয়ন অনুসৰি, ১৮-২৫ বছৰ বয়সৰ ভাৰতীয় যুৱক-যুৱতীৰ অৰ্ধসংখ্যকেই সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰৰ ফলত উদ্বেগৰ সন্মুখীন হৈছে।
আমি ডিজিটেল জীৱনশৈলীৰ সৈতে এনেদৰে আবদ্ধ হৈ পৰিছোঁ যে আমি বৰ্তমান এলগৰিদমৰ দ্বাৰা নিয়ন্ত্ৰিত। আমাৰ প্ৰজন্মটোৱেই ইটোৱে সিটোৰ লগত আটাইতকৈ সংযুক্ত বিভিন্ন টেকন’লজিৰ মাধ্যমেৰে – তথাপিও আমাৰ প্ৰজন্মটোৱেই টেকন’লজিৰ অত্যাধিক ব্যৱহাৰৰ ফলত আটাইতকৈ অকলশৰীয়া অনুভৱ কৰে৷ হতাশা আৰু ক্লান্তিৰ মিশ্ৰণেৰে মোৰ ফোনটোলৈ চাই থাকোঁতে কেতিয়াবা সকলোবোৰ এৰি এটা নিৰ্জন ঠাইলৈ পলাই যাবলৈ ইচ্ছা যাগে। নতুন তথ্যৰ অহৰহ প্ৰবাহ, অন্তহীন স্ক্ৰলিং, আৰু এলগৰিদমৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ অনুভৱে আমাক ড’পামাইন দিব পাৰে। কিন্তু এই অভ্যাস দীৰ্ঘম্যাদী হ’লে ই ক্ষতিকাৰক। ইয়াৰ উপৰিও, AIৰ ব্যৱহাৰে পৰিৱেশৰো ক্ষতি কৰে। OpenAIৰ এক প্ৰতিবেদন অনুসৰি, GPT-4ৰ দৰে মডেল এটা প্ৰশিক্ষণ দিয়াত প্ৰায় ২০ মেগাৱাট-ঘণ্টা শক্তি খৰচ হয়, যিটো এজন আমেৰিকান নাগৰিকৰ ২০ বছৰৰ শক্তি ব্যৱহাৰৰ সমান। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ AIক ব্যৱহাৰ কৰা হৈছে, কিন্তু ইয়াৰ নিজৰ কাৰ্বন ফুটপ্ৰিণ্টেই এক নতুন সংকটৰ সৃষ্টি কৰিছে। AIয়ে পৰিৱেশ ৰক্ষাত সহায় কৰিব পাৰে, কিন্তু সেই সহায়ৰ বাবে আমি প্ৰথমে ইয়াৰ পৰিৱেশীয় ক্ষতি স্বীকাৰ কৰিবলগীয়া হয়। তথাপি মই ভাৱোঁ যে প্ৰযুক্তি শত্ৰু নহয়। ই এটা সঁজুলি, আৰু যিকোনো সঁজুলিৰ দৰেই ইয়াকো ভাল বা বেয়া কামত ব্যৱহাৰ কৰিব পাৰি। মোৰ প্ৰজন্মৰ কাম প্ৰযুক্তি প্ৰত্যাখ্যান কৰা নহয়, বৰঞ্চ ইয়াক আয়ত্ত কৰা – এলগৰিদমৰ দ্বাৰা নিয়ন্ত্ৰিত নোহোৱাকৈ ইয়াক ব্যৱহাৰ কৰা। মই জানো মোৰ মগজু সলনি হৈছে, প্ৰযুক্তিৰ অহৰহ সংস্পৰ্শই মোৰ চিন্তাধাৰা, মোৰ মনোযোগৰ ক্ষমতা আৰু মোৰ সম্পৰ্কক নতুন ৰূপ দিছে। কিন্তু ধনাত্মক কথাটো হ’ল: নিউৰ’প্লাষ্টিচিটিৰ মতে মগজুটো আকৌ সলনি হ’ব পাৰে। আমাৰ মগজুক নিয়ন্ত্ৰণ কৰাৰ সময় ইতিমধ্যে আহি পৰিছে। প্ৰতিবাৰেই যেতিয়া মই মোৰ ফোনটো থৈ কিতাপ এখন তুলি ল’বলৈ বাছি লওঁ, তেতিয়াই মই জ্ঞানমূলক পেশী পুনৰ গঢ় দিওঁ আৰু এলগৰিদমে সৃষ্টি কৰা স্নায়ু পথ দুৰ্বল কৰি তুলোঁ। অনলাইনৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে বন্ধু-বান্ধৱীৰ সৈতে বিতৰ্ক কৰি কটোৱা প্ৰতিটো ঘণ্টাই মই সমালোচনাত্মক আৰু সহানুভূতিশীলভাৱে চিন্তা কৰাৰ ক্ষমতাক শক্তিশালী কৰি আছোঁ। সেয়েহে আমি AI ৰ সচেতন ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব। ব্যক্তিগত পর্যায়ত আমি মাজে সময়ে “ডিজিটেল ডিটক্স”ৰো সহায় ল’ব পাৰোঁ—যেনে সপ্তাহত এদিন ফোনৰ পৰা আঁতৰি থাকি প্রকৃতিৰ সৈতে সময় কটোৱা। ৰাষ্ট্ৰীয় স্তৰত, ভাৰত চৰকাৰে AI নীতিসমূহক শক্তিশালী কৰিব লাগে, বিশেষকৈ ডাটা সুৰক্ষাৰ ক্ষেত্ৰত। শিক্ষানুষ্ঠানসমূহেও AIৰ সৈতে সমালোচনাত্মক চিন্তাৰ সমতা ৰক্ষা কৰিবলৈ “AI literacy” শিক্ষা অন্তৰ্ভুক্ত কৰিব পাৰে।
এলগৰিদমবোৰৰ বিৱৰ্তন কেতিয়াও বন্ধ নহ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমাৰ প্ৰজন্ম এটা যুগসন্ধিৰ সন্মুখীন হৈছে। ই আমাক অলস কৰিব পাৰে নাইবা আমাৰ অগ্রগতিৰ সঁজুলি হ’ব পাৰে—সেইটো নিৰ্ণয় কৰিব আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিম তাৰ ওপৰত। কিন্তু আমিও যুঁজ দি যাম প্ৰযুক্তিৰ লগত আমাৰ মগজুক বহনক্ষমভাৱে খাপ খুৱাবলৈ আৰু এলগৰিদমৰ কবলৰ পৰা নিজক পুনৰ উদ্ধাৰ কৰিবলৈ। আমি কিদৰে আমাৰ মানৱতাক ত্যাগ নকৰাকৈ এই প্ৰযুক্তিক ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ভৰশীল। আমাৰ চিন্তা, সংবেদনশীলতা, আৰু সহানুভূতিয়ে হ’ব আমাৰ প্ৰযুক্তিৰ লগত সহাৱস্থান কৰা জীৱনৰ ক্ষেত্ৰত মানৱতাৰ চিনস্বৰূপ।