অসমীয়া প্ৰগতিশীল সাহিত্যৰ সংকট : এক অনুষ্টুপীয়া আলোচনা ।।ডা: ভগৱান দেৱ মিশ্ৰ
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
সমাজ পৰিবৰ্তনশীল। সমাজেই নহয় বিশ্বপ্ৰকৃতিৰ সকলোবোৰ উপাদানেই পৰিৱৰ্তনশীল বা গতিশীল। সমাজ পৰিৱৰ্তনৰ কেতবোৰ নিৰ্দিষ্ট নিয়ম আছে। সমাজ পৰিৱৰ্তনৰ কিছু কিছু অংশ আপাত দৃষ্টিত স্বত:স্ফূৰ্ত্ত যেন লাগিলেও তাৰো কিছুমান নিৰ্দিষ্ট নিয়ম আছে। এই নিয়মবোৰ সূত্ৰায়িত কৰা আৰু তাৰ প্ৰয়োগৰ মাধ্যমেৰে সমাজ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো ত্বৰাণ্বিত কৰা মাধ্যমবোৰৰ ভিতৰত সাহিত্য এক শক্তিশালী মাধ্যম।
সাহিত্যই বিশ্ব পৰিস্থিতিক অগ্ৰাহ্য নকৰে। বিশ্বৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিৱেশৰ লগত সাহিত্য সাঙোৰ খাই থাকে। অঞ্চলভেদে তাৰ নিজস্ব চৰিত্ৰও থাকে। অসমীয়া সাহিত্যৰো সুকীয়া ইতিহাস আৰু বৈশিষ্ট আছে আৰু তাৰ আধাৰতেই অসমীয়া সাহিত্য আগবাঢ়িব লাগিছিল। কিন্তু বৃটিছৰ ষড়যন্ত্ৰমূলক অসম দখলেই আছিল অসমীয়া সাহিত্যৰ স্বাভাৱিক বিকাশৰ বিচ্যুতিৰ মূল কাৰক। অসমত বৃটিছে আৰম্ভ কৰা তথাকথিত আধুনিক শিক্ষাও ষড়যন্ত্ৰৰ উৰ্দ্ধত নাছিল। বৃটিছক এচাম এনেকুৱা শিক্ষিত মধ্যবিত্তৰ প্ৰয়োজন হৈছিল যি চামৰ অন্ত:স্থলত সামন্তবাদী ধ্যান-ধাৰণা গাঢ় ৰূপত ক্ৰিয়া কৰি থাকে। বৃটিছে নিজৰ ব্যৱসায়ৰ বাবে পুঁজিবাদৰ কিছু বিস্তাৰ কৰিছিল যদিও সামন্তবাদী ব্যৱস্থাটো বৰ্তাই ৰাখিবলৈ বহু ষড়যন্ত্ৰ কৰিছিল। অসম তথা ভাৰতৰ পুঁজিবাদ হ’ল আৰোপিত পুঁজিবাদ।
হলিৰাম ফুকনৰ ভায়েক যজ্ঞৰাম ফুকন আছিল অসমৰ প্ৰথমজন ইংৰাজী জনা লোক। তেখেতে ইংৰাজী সাহিত্য চৰ্চা কৰিলেও, ইংৰাজৰ দৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিলেও নিজৰ শ্ৰেণী চিন্তা পৰিৱৰ্তন কৰিবলৈ অকণো চেষ্টা কৰা নাছিল। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু সেই সময়ৰ কিছু বিদ্বান লোকে অসমীয়া সাহিত্য আৰু জনমানসত বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ প্ৰৱেশ ঘটাবলৈ সচেষ্ট হৈছিল যদিও তেখেতসকলে কিন্তু সামন্তবাদে দিয়া সুবিধা আৰু প্ৰতিস্থা গ্ৰহণ কৰাৰ মানসিকতা বিসৰ্জন দিব পৰা নাছিল। হেমচন্দ্ৰ বৰুৱাই যুক্তিবাদী আন্দোলনৰ যি ধাৰণাটো অসমীয়া সাহিত্য আৰু সমাজ জীৱনত প্ৰতিস্থা কৰিবলৈ যত্নপৰ হৈছিল সেই ধাৰাটো কিন্তু ৰক্ষা কৰিবলৈ সেই সময়ৰ অসমীয়া বিদ্বৎ-সমাজ অপাৰগ হ’ল। আনন্দৰাম বৰুৱাৰ দৰে তীক্ষ্ণধীও সামন্তবাদী ধ্যান-ধাৰণাৰ আক্ৰমণৰ বলি হ’ল। অসমীয়া সাহিত্যত ‘অৰুণোদই’ কাকতখনৰ অনস্বীকাৰ্য ভূমিকা থাকিলেও এই কাকতখনে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়োটা চিন্তাৰে এক মিশ্ৰণহে সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে।
অষ্টাদশ শতিকাৰ শেষৰফালে পশ্চিমীয়া সাহিত্যত উদ্ভৱ হোৱা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগপ্ৰধান ৰমন্যাসবাদ ক্ৰমশঃ পশ্চিমীয়া সাহিত্যত নিশকতীয়া হৈ আহিল যদিও অসমীয়া সাহিত্যত কিন্তু প্ৰতাপী হৈ থাকিল কুৰি শতিকাৰ চল্লিশৰ দশকলৈ। অসমীয়া সাহিত্যৰ ‘জোনাকী যুগ’ ক বহুতেই অসমীয়া সাহিত্যৰ প্ৰথম প্ৰকৃত অংকুৰ বুলি অভিহিত কৰিছে। নিশ্চিতভাৱে জোনাকী যুগটোত সাহিত্যৰ লগত সমাজ সংস্কাৰ আৰু অসমীয়া জাতিৰ আশা-আকাংক্ষা সাঙুৰি লোৱা হৈছিল যদিও ই প্ৰগতিশীল সাহিত্যৰ স্তৰলৈ উন্নীত হৈছিল বুলি মানি ল’বলৈ টান। আৱাহন কাকতখন কলিকতাৰ গণশক্তি প্ৰিন্টাৰ্চত মুদ্ৰিত হ’লেও তাকো প্ৰগতিশীল সাহিত্যৰ স্তৰলৈ উন্নীত হোৱা বুলি ক’ব পৰা নাযায়।
বৃটিছে আধুনিকতাৰ খবৰ অসমলৈ বৈ অহাত অন্তৰায় সৃষ্টি কৰিলে। প্ৰথম বিশ্বযুদ্ধোত্তৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বজুৰি হোৱা প্ৰভাৱ-পৰিস্থিতি, ছোভিয়েট ৰাছিয়াত প্ৰতিস্থিত হোৱা সমাজতন্ত্ৰ, পুঁজিবাদৰ মহাসংকট আদিৰ খবৰ বৃটিছে অসমলৈ অহাত চতুৰালিৰে বাধা দিলে। এফালে অ’ত ত’ত সংগঠিত হোৱা স্বত:স্ফূৰ্ত বিৰাট বিৰাট কৃষক বিদ্ৰোহসমূহক দমন কৰিলে, আনফালে ভূস্বামী সকলক ৰজাঘৰীয়া বিষয়বাব দিলে। সাহিত্যতো ভূস্বামী সকলৰ অনুপ্ৰৱেশ ঘটালে। ভাৰতৰ কমিউনিষ্ট পাৰ্টি গঠন আৰু কমিউনিষ্ট সকলৰ বিৰুদ্ধে ৰচনা কৰা ‘মিৰাট ষড়যন্ত্ৰ’, ‘পেছোৱাৰ ষড়যন্ত্ৰ’ আদিৰ খবৰবোৰ অসমলৈ অহাত অন্তৰায় সৃষ্টি কৰিলে বৃটিছে। সাধাৰণ মানুহৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষা, ক্ষোভ-প্ৰতিবাদক নেওচা দি অসমীয়া মধ্যবিত্ত বিদ্বৎ সমাজখনেও সাহিত্যত নৈ-জান-জুৰি, চৰাই-পাহাৰ আদিৰ সৌন্দৰ্য চৰ্চাতেই লাগি থাকিল। হেজাৰ ষড়যন্ত্ৰ কৰিও বৃটিছে কিন্তু স্বাধীনতা আন্দোলনৰ বাৰ্তা অসমলৈ বিয়পি পৰাত বাধা আৰোপ কৰাত সফল হ’ব নোৱাৰিলে। অসমীয়া প্ৰগতিশীল সাহিত্যৰ উকমুকনি আৰম্ভ হ’ল, বাঁওপন্থী চিন্তা-চৰ্চাইও পোখা মেলিলে। অসমীয়া প্ৰগতিশীল সাহিত্যৰ ধাৰাটো ১৯৩৮ চনত জয়ন্তী যুগত আৰম্ভ হৈছিল। ১৯৪৩ চনত কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ সম্পাদনাত নতুন ৰূপত প্ৰকাশিত ‘জয়ন্তী’য়ে অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোক এক নতুন মাত্ৰা দিলে। জয়ন্তীত প্ৰকাশিত গৱেষণামূলক প্ৰৱন্ধ, কবিতা, গল্প আদিৰ মাজেৰে সংকীৰ্ণ জাতীয়তাবাদৰ বিৰুদ্ধে, হিন্দু মহাসভাৰ সাম্প্ৰদায়িক ধ্যান-ধাৰণাৰ বিৰুদ্ধে আৰু জাতীয়তাবোধ, মানৱতাবোধ, স্বাধীনতাবোধ, প্ৰতিবাদবোধ আদিৰ সপক্ষে এক সাহিত্য আন্দোলন গঢ়ি তুলি মানুহৰ মাজত সমন্বয়ৰ ভেটি এটা গঢ়ি তোলাত অহোপুৰুষাৰ্থ কৰিছিল জয়ন্তীয়ে। ১৯৪৬ চনৰ পিছত সৃষ্টি হোৱা সহিত্যতো বহু বছৰলৈ জয়ন্তীৰ প্ৰভাৱ বিদ্যমান আছিল। জয়ন্তী আলোচনীখনৰ প্ৰকাশ বন্ধ হোৱাটো অসমীয়া প্ৰগতিশীল সাহিত্য আন্দোলনৰ এক সংকট বুলি ধৰি ল’ব পৰা যায়।
১৯৪০ চনৰ পৰা ১৯৭০ চনৰ অসমীয়া সাহিত্যৰ সময়ছোৱাক ‘ৰামধেনু যুগ’ বুলি ক’ব পৰা যায়। ৰামধেনু যুগত অসমীয়া সাহিত্যৰ আটাইকেইটা সোঁতেই এক নতুন চিন্তা-চেতনাৰে প্ৰোজ্বল হৈ উঠে। অসমৰ প্ৰতিস্থিত সাহিত্যিসকলৰ সৰহখিনিয়েই ৰামধেনু যুগৰ সৃষ্টি। দুৰ্বলকৈ হ’লেও অসমীয়া সমালোচনা সাহিত্যৰ আৰম্ভ এই সময়ছোৱাতেই হয়। ১৯৭১ চনৰ পৰা ৰামধেনুৰ প্ৰকাশ অনিয়মীয়া হৈ আহি ১৯৯৬ চনত বন্ধ হৈ যায়। ৰামধেনুৰ এই দুৰ্যোগক অসমীয়া সাহিত্য আন্দোলনৰ এক সংকট বুলি বুলি অভিহিত কৰিব পৰা যায়। স্বাধীনতাক লৈ জনসাধাৰণৰ বহু সপোন আছিল। সেই সপোনবোৰ বাস্তবায়িত হোৱাটো জনসাধাৰণৰ চকুত নপৰিল। স্বৰাজোত্তৰ অসমীয়া সহিত্যত ‘সংশয়বাদ’ (Scepticism)ৰ প্ৰৱেশ ঘটিল। অসমীয়া প্ৰগতিশীল সাহিত্য আন্দোলন বহুধা বিভক্ত হ’ল। জ্যোতিপ্ৰসাদ আগৰৱালাই ক’লে — সাহিত্য Partisan, নিৰপেক্ষ নহয়। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু হেমাংগ বিশ্বাসৰ প্ৰৱেশে অসমৰ প্ৰগতিশীল সাহিত্যত এক নতুন জোৱাৰ আনিলে। পৰৱৰ্তী সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ অংশগ্ৰহণে অসমৰ প্ৰগতিশীল সাহিত্যক জ্যোতিষ্মান কৰি তুলিলে। এই সময় খিনিয়েই অসমীয়া প্ৰগতিশীল সাহিত্যৰ সোণালী সময় বুলি মই অভিহিত কৰিব বিচাৰোঁ। ৰামধেনু যুগৰ সাহিত্যৰ মূল পটভূমি আছিল দ্বিতীয় বিশ্বযুদ্ধ, ভাৰতৰ স্বাধীনতা আন্দোলন, মোহভংগৰ বিষাদ, পায়ো হেৰোৱাৰ যন্ত্ৰণা, অৰ্থনৈতিক সংকটৰ শংকা, এটা নতুন ঐশ্বৰ্যশালী শ্ৰেণীৰ উত্থান, সামাজিক আৰু নৈতিক মূল্যবোধৰ অৱক্ষয়, সাম্প্ৰদায়িক সংঘৰ্ষ। চীনত সমাজতন্ত্ৰৰ উত্থান, বিশ্ব ফেচীবাদৰ পৰাজয় আৰু এটা সমাজতান্ত্ৰিক শিবিৰৰ উত্থানে এক নতুন ধাৰাৰ উন্মেষ ঘটায় অসমীয়া সাহিত্যত। বিশ্ব পুঁজিবাদৰ ভাৰকেন্দ্ৰৰ পৰিবৰ্তনে অসমীয়া সাহিত্যত পুঁজিবাদৰ ন ন তত্ত্ব যেনে অৱস্থিতিবাদ, অভিব্যক্তিবাদ, অতিবাস্তৱবাদ আদিৰো অনুপ্ৰৱেশ ঘটায় অসমীয়া সাহিত্যত। অসমীয়া সাহিত্যৰ সোঁতটো কেবাটাও সুঁতিত বিভক্ত হৈ পৰে। এই সময়ছোৱাত বহু প্ৰতিভাশালী আৰু প্ৰতিস্থিত সাহিত্যিকে তেখেত সকলৰ পূৰ্বৰ অৱস্থান সলনি কৰে। নতুন প্ৰতিভাই সাহিত্যত প্ৰৱেশ কৰে। কাব্য সাহিত্যত হীৰেন ভট্টাচাৰ্য আৰু গল্প সাহিত্যত সৌৰভ কুমাৰ চলিহাৰ প্ৰৱেশে অসমীয়া প্ৰগতিশীল সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰে।
ষাঠিৰ দশকটো অসমীয়া প্ৰগতিশীল সাহিত্যৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। চীন ভাৰতৰ যুদ্ধ, বহুধাবিভক্ত বাঁওপন্থী প্ৰগতিশীলতা, হৃত শক্তি আহৰণ কৰিবলৈ পুঁজিবাদে কৰা নতুন কৌশল, ছোভিয়েট ৰাছিয়াৰ সমাজতন্ত্ৰত সোঁপন্থীসকলৰ নেতৃত্বকাৰী ভূমিকা, সমাজতান্ত্ৰিক শিবিৰৰ মাজত ভুল বুজাবুজি আদিয়ে এফালে যেনেকৈ এক নিৰুৎসাহজনক বিশ্বপৰিস্থিতিৰ সৃষ্টি কৰিছিল, আনফালে কিউবা,লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ দেশবোৰত হোৱা পুঁজিবাদবিৰোধী সংগ্ৰামবোৰে উৎসাহজনক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ভাৰতৰ বাঁওপন্থী আৰু প্ৰগতিশীল শক্তিটোৰ ওপৰত চৰকাৰে দেশদ্ৰোহিতাৰ দোষ জাপি দি অকথ্য অত্যাচাৰ চলাইছিল। সামগ্ৰিকভাৱে এই সময়ছোৱা কিন্তু প্ৰগতিশীল সাহিত্যৰ বাবে আশাব্যঞ্জক সময় নাছিল। এসময়ৰ প্ৰগতিশীল বুলি পৰিচিত কিছু বুদ্ধিজীৱীয়ে এই সময়ছোৱাত সোঁপন্থী প্ৰতিক্ৰিয়াশীল শক্তিৰ পক্ষত অৱস্থান লৈছিল।
সত্তৰৰ দশকটো আছিল বিদ্ৰোহী সাহিত্যৰ দশক, বিপ্লৱী চেতনাৰ দশক। জৰুৰী অৱস্থাত হোৱা স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে সৰ্বভাৰতীয় গণতান্ত্ৰিক আন্দোলনৰ প্ৰভাৱ অসমীয়া সাহিত্যৰ ওপৰতো গভীৰভাৱে পৰে। প্ৰতিবন্ধকতাৰ মাজতো অসমীয়া সাহিত্যৰ কেওটা দিশতেই প্ৰগতিশীলতাৰ বিকাশ আৰম্ভ হয়, বিশেষকৈ কাব্য সাহিত্যত কেবাজনো প্ৰগতিশীল প্ৰতিভাশালী কবিৰ প্ৰৱেশ ঘটে। জ্ঞান পূজাৰী, সনন্ত তাঁতী, মোহন কৃষ্ণ মিশ্ৰ, ৰবীন্দ্ৰ চৰকাৰ, অৱনী চক্ৰৱৰ্তী, পুণ্ডৰীকাক্ষ ভড়ালী আদিৰ কবিতাই এক নতুন ধাৰাৰ সৃষ্টি কৰে। এই সময়ছোৱাতেই নীলমণি ফুকন আৰু হীৰেন ভট্টাচাৰ্যৰ কবিতাত নতুন ধাৰাৰ উত্তৰণ ঘটে আৰু যুৱসমাজৰ মাজত কবিতাৰ এই ধাৰাটো অত্যন্ত জনপ্ৰিয় হৈ পৰে। বিপুল খাটনিয়াৰৰ গল্প আৰু অৰূপা পটংগীয়া কলিতাৰ উপন্যাসে অসমীয়া প্ৰগতিশীল গদ্য সাহিত্যত এটা নতুন ধাৰা সৃষ্টি কৰে।
আশীৰ দশকটো হ’ল প্ৰগতিশীল সাহিত্যৰ বাবে আহুকালৰ দশক। অসম আন্দোলনে অকল সাহিত্যৰেই নহয় মূল্যবোধৰ ৰাজনীতি, সদাচাৰৰ ঐতিহ্য, সামাজিক সহিষ্ণুতা আৰু প্ৰমূল্যবোধ আদিৰ ওপৰত প্ৰচন্দ আক্ৰমণ নমাই আনে। উগ্ৰজাতীয়তাবাদৰ লগত সাম্প্ৰদায়িকতাৰ সংযোজনৰ জৰিয়তে বাঁওপন্থী আদৰ্শবাদৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত তীব্ৰ ঘৃণা বিয়পাই দিয়া হয়। সংবাদ মাধ্যমসমূহক সাহিত্যৰ পৰা বিচ্ছিন্ন কৰি প্ৰগতিশীল সাহিত্যৰ বিৰুদ্ধে শাণিত কৰা হয়। দুই এখন বাতৰি কাকতৰ বাহিৰে আন প্ৰভাৱশালী বাতৰি কাকতসমূহে অসম আন্দোলনৰ মাজত বৈপ্লৱিক চেতনা আৱিস্কাৰ কৰি প্ৰকৃত বিপ্লৱীসকলক দেশদ্ৰোহীৰ শাৰীত থিয় কৰায়। প্ৰগতিশীল সাহিত্যক অস্পৃশ্য সজাই একপক্ষীয়ভাৱে পাশৱিক আৰু অমানৱীয় ভাৱাদৰ্শক অসম আৰু অসমীয়াৰ পৰিত্ৰাণকৰ্তা ৰূপে থিয় কৰোৱা হয়। বহু আন্দোলনৰ সমৰ্থক নিৰীহ অসমীয়া যুৱক নিহত হ’ল, অসম আৰু অসমীয়াৰ প্ৰকৃত বন্ধু বাঁওপন্থী কৰ্মী আৰু নেতাক হত্যা কৰা হ’ল, হেজাৰে হেজাৰে সংখ্যালঘূ লোকক হত্যা কৰা হ’ল। বিদেশী বিতাড়নৰ নামত অসমীয়া বিতাড়ন আৰম্ভ হ’ল। এজনো বিদেশী নথকা খিলঞ্জীয়া অসমীয়া অঞ্চলতো দলং জ্বলোৱা হয়, ঘৰ জ্বলোৱা হয়, বজাৰ-হাট জ্বলোৱা হয়। বাঁওপন্থী আৰু গণতান্ত্ৰিক বুদ্ধিজীৱী সকলৰ ওপৰতো প্ৰচন্দ শাৰীৰিক আৰু মানসিক আক্ৰমণ সংঘটিত হয়। বিদেশী বিতাড়ন আন্দোলনৰ পিঠিত আছিল মাৰ্কিন সাম্ৰাজ্যবাদৰ পাচান, পেটত আছিল সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু ইয়াৰ পৰিণতিতেই হৈছিল ‘আলফা’-ৰ উত্থান। ক্ষমতাৰ লালসাত অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ একাংশই সাধাৰণ অসমীয়া মানুহৰ স্বাভাৱিক ক্ষোভক প্ৰাচ্যবাদ (Orientalism) আৰু উত্তৰ-ঔপনিৱেশবাদ (Post-Coloniaism )ৰ সাঁচত ঢালি চতুৰালিৰে অসমীয়া জাতি গঠনৰ স্বাভাৱিক প্ৰক্ৰিয়াটোক ভুল পথে পৰিচালিত কৰিছিল। তৎকালীন অসমীয়া সাহিত্যত জাতিপ্ৰেমৰ নামত এক অতি সংকীৰ্ণ আৰু ঘৃণাসূচক সাহিত্যৰ জন্ম হৈছিল। অৱশ্যে অসমৰ বাঁও আৰু প্ৰগতিশীল শক্তিটোৱে হাত সাৱটি বহি থকা নাছিল। অঞ্চল বিশেষে প্ৰতিৰোধ আন্দোলনো গঢ়ি উঠিল। প্ৰগতিশীল সাহিত্যইও প্ৰতিৰোধ গঢ়ি তুলিলে। সঁচা কথাবোৰ জনসাধাৰণৰ মাজত দাঙি ধৰাৰ প্ৰচেষ্টা চলিল। অসমীয়া সাহিত্যত প্ৰতিৰোধ আন্দোলনৰ কাণ্ডাৰী হিচাবে থিয় হ’ল ড: হীৰেন গোহাঁই। কেবাখনো বাতৰি কাকত আৰু আলোচনীৰ জন্ম হ’ল। এইক্ষেত্ৰত ‘সাপ্তাহিক জনজীৱন’ আৰু ‘কলাখাৰ’ বিশেষভাৱে উল্লেখযোগ্য। নতুন পৃথিৱী, পদাতিক, সাম্প্ৰতিক সাময়িকী আদি আলোচনীবোৰত অতি উচ্চমানৰ সাহিত্যৰ সৃষ্টি হ’ল। ড: হীৰেন গোহাঁই, উমা শৰ্মা, নিৰুপমা বৰগোহাঞি, অনিল ৰায়চৌধুৰী, সুভাষ সাহা, বিজনলাল চৌধুৰী আদি বুদ্ধিজীৱীৰ নেতৃত্ব আৰু তত্বাৱধানত এচাম প্ৰতিভাশালী যুৱ সাহিত্যিকৰ সৃষ্টি হল।
নব্বৈ দশকৰ পৰা আৰম্ভ হ’ল হ’ল বিশ্বপুঁজিবাদৰ আধিপত্যৰ যুগ, প্ৰগতিশীলতাৰ সমুখত আটাইতকৈ কণ্টকপূৰ্ণ যুগ। সমাজবাদী আদৰ্শক অপ্ৰাসংগিক সজাবলৈ বিশ্ব লগ্নীপুঁজিয়ে সৃষ্টি কৰিলে এক বৰ্ণসংকৰ(Hybrid) দৰ্শন আৰু মেটানেৰেটিভৰ। উত্তৰ-আধুনিকতাবাদ, উত্তৰ-মাৰ্ক্সবাদ, উত্তৰ-সমাজবাদ, অণু সমাজবাদ, প্ৰাচ্যবাদ, উত্তৰ-ঔপনিবেশবাদ আদি সকলোবোৰ সানি-পিটিকি সামাজিক আভিযান্ত্ৰিকতাৰ সহায়ত এক আচহুৱা মিশ্ৰণ তৈয়াৰ কৰা হ’ল। ইয়াৰ প্ৰভাৱ অকল মধ্যবিত্ত শ্ৰণীটোতেই সীমাবদ্ধ নাথাকি গাঁৱে-ভূঞে বিয়পি পৰিল। ধৰ্মান্ধতা আৰু সাম্প্ৰদায়িতাক নতুন সাজ পিন্ধাই জনসাধাৰণৰ মাজত মেলি দিয়া হ’ল। প্ৰলুব্ধবাদে গৰিব মানুহক “ৰাক্ষসে বোলে মই কলপাত কাটোঁ দৰিদ্ৰই বোলে নহয় মই মাটিতেই খাওঁ” ৰ স্তৰলৈ লৈ যোৱাৰ চেষ্টা আৰম্ভ কৰিলে। মানুহৰ অধিকাৰ আৰু জন্মগত সামাজিক চেতনাক ‘দহটা হেৰুৱাই এটা পোৱাৰ’ সন্তুষ্টিৰ মানসিকতালৈ লৈ যোৱাৰ ষড়যন্ত্ৰ আৰম্ভ হ’ল। ইয়াৰ আঁৰত থাকিল কৰ্পোৰেটৰ পৃষ্ঠপোষকতা। সামাজ, ৰাজনীতি, সাহিত্য আদি সকলোতে তোষামোদ আৰু তুষ্টিকৰণে মূখ্য ভূমিকা ল’বলৈ আৰম্ভ কৰিলে। অসমীয়া সাহিত্যত এক বিজতৰীয়া ধাৰাৰ সৃষ্টি হ’ল। এই ধাৰাটোৱে জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ দেখিলে জনসাধাৰণৰ পক্ষত আৰু শাসক শ্ৰেণীৰ আক্ৰমণ তীব্ৰ হ’লে শাসক শ্ৰেণীৰ পক্ষত অৱস্থান ল’বলৈ ল’লে। প্ৰতিষ্ঠিত কিছু সাহিত্যিক আৰু বুদ্ধিজীৱী এই ধাৰাটোৰ নেতৃত্বত থাকিল।
প্ৰগতিশীল সাহিত্য আন্দোলন আজি এক অসংক্ৰান্য (Refractory ) পৰিৱেশৰ মুখামুখি হ’বলগীয়া হৈছে। এয়া এক জটিল কিন্তু অতিক্ৰম্য সংকট। প্ৰতিটো সংকটেই অসমীয়া প্ৰগতিশীল সাহিত্যই অতিক্ৰম কৰি আহিছে। ইতিহাসে এই শিক্ষা প্ৰগতিশীল সাহিত্য আন্দোলনক প্ৰতিটো সংকটৰ সময়তে দি আহিছে। ‘কাইলৈ দিনবোৰ আমাৰ হ’ব’—-ই ইতিহাস নিৰ্দিষ্ট অনিবাৰ্যতা।