ঔৰেংজেৱ আৰু ৰাজনীতি ।। ৰূপক বৰুৱা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
ঔৰেংজেৱক লৈ এতিয়াও ৰাজনীতি চলি আছে। তেওঁক ইতিহাসৰ বুকুৰ পৰা, তেওঁৰ সেই সাধাৰণ কবৰটোৰ পৰা টানি অনা হৈছে। ইয়াৰ কাৰণ হ’ল-ঔৰেংজেৱ মোগল শাসকৰ সকলৰ ভিতৰত আটাইতকৈ বিতৰ্কিত চৰিত্ৰ। নিষ্ঠুৰ, ধৰ্মান্ধ আৰু হিন্দু বিৰোধী বুলিয়েই তেওঁ পৰিচিত। ঐতিহাসিক তথ্যৰ বিশ্লেষণৰ অবিহনে এই কথাবোৰৰ ঐতিহাসিক গুৰুত্ব যিকোনো মুখবাগৰা কথা-বতৰাতকৈ বেচি নহয়।
পিতৃ শ্বাহজাহানক বন্দী কৰি, নিজ ভাতৃসকলৰ লগত যুদ্ধত লিপ্ত হৈ সিংহাসন দখলৰ যি ঘটনা প্ৰবাহ তাৰ ভিত্তিতেই ঔৰেংজেৱক ক্ষমতালোভী, নিষ্ঠুৰ বুলি ভবা হয়। সিংহাসনৰ বাবে এই কাজিয়া, নিষ্ঠুৰতা মোগল শ্বাহজাদাসকলৰ মাজত স্বাভাৱিক বুলি ক’ব লাগিব। সিংহাসন দখলৰ এই কাৰ্য ‘ইয়া তাকত ইয়া তাবুত’-বুলি অভিহিত হৈ আহিছে। শ্বাহজাহানে তেখেতৰ দুগৰাকী ভাতৃ খছৰু আৰু শ্বাহৰিয়াৰক হত্যা কৰিছিল। তাৰবাদেও তেওঁ দুগৰাকী ভাতৃপুত্ৰক আৰু খুড়াকৰ পুত্ৰক নিষ্টকণ্টক হ’বলৈ হত্যা কৰিছিল। ঔৰেংজেৱৰ ককাক জাহাংগীৰে তেওঁৰ এগৰাকী ভায়েক ডেনিয়েলক হত্যা কৰিছিল। আনকি ঔৰেংজেৱৰ লগত তেওঁৰ নিজ পুত্ৰ দ্বিতীয় আকবৰৰ সিংহাসনক লৈ কন্দল লাগিছিল আৰু দুয়োৰে মাজত যুদ্ধ পৰ্য্যন্ত হৈছিল। এই ৰক্তাক্ত পৰিয়ালকেন্দ্ৰিক বিবাদ মোগলক বাদ দি আন ৰাজপৰিয়ালৰবোৰতো হৈছিল। ৰাজপুতসকলৰ মাজতো এনে বহু বিবাদৰ কাহিনী আছে।
অতি প্ৰাচীন কালতো ৰাজপৰিয়ালবোৰত সিংহাসনক লৈ, ক্ষমতাকলৈ ৰক্তাক্ত বিবাদ হৈছিল। কোশলৰাজ প্ৰসেনজিৎ যিজন বুদ্ধদেবৰ বন্ধু আছিল, নিজ পুত্ৰ বিডুড়ভৰদ্বাৰা প্ৰতাৰিত হৈছিল। মগধৰ হষাঙ্ক বংশৰ প্ৰতিষ্ঠাতা বিম্বিসাৰক নিজ পুত্ৰ আজাতশত্ৰুৱে হত্যা কৰিছিল। আকৌ আজাতশত্ৰুক হত্যা কৰিছিল নিজ পুত্ৰ উদয়ভদ্ৰই। আকৌ উদয়ভদ্ৰ নিহত হৈছিল নিজ পুত্ৰ অনুৰুদ্ধকৰদ্বাৰা। অনুৰুদ্ধক নিহত হৈছিল তেওঁৰ পুত্ৰ মুণ্ডৰ দ্বাৰা। মুণ্ড নিহত হৈছিল তেওঁৰ পুত্ৰ নাগদাসকাৰদ্বাৰা (উৎস:লোকায়ত দৰ্শন, দেৱী প্ৰসাদ চট্টোপাধ্যায়)। মৌৰ্য বংশৰ অশোকেও তেওঁৰ এশ ভ্ৰাতৃক হত্যা কৰি ৰাজপাট দখলৰ কৰিছিল। আচলতে এইয়া ৰাষ্ট্ৰ ক্ষমতা হস্তগত কৰা খেলখনৰ সাধাৰণ বৈশিষ্ট্য। কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’ত ইয়াক স্বাভাৱিক বুলিয়েই কৈছে। ইতিহাসবিদ কোশাম্বীয়ে কৈছে: ‘Such tension between king and heir-appaent is taken absolutely for granted by the Arthasastra. The king is there advised how to keep a close watch upon the prince, while Arthasastra advises a prince how to trick his suspicious father.’
ঔৰেংজেৱৰ সময়তো মোগল ৰাজপৰিয়ালত এইয়া স্বাভাৱিক আছিল। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰ বিৰোধী কথাবোৰত ঔৰেংজেৱ অতি নিষ্ঠুৰ হৈ পৰিছিল। মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে থিয় দিয়া যিকোনো শক্তিক কঠোৰ ভাবে দমন কৰিছিল। তাৰে এটা উদাহৰণ হ’ল মাৰাঠা বীৰ শিৱাজীৰ পুত্ৰ শম্ভাজীক কৰা নিষ্ঠুৰ ব্যৱহাৰ। মোগল সেনাই শম্ভাজী আৰু তেখেতৰ ব্ৰাহ্মণ পৰামৰ্শদাতা কবি কলছক বন্দী কৰি গাধৰ টুপী পিন্ধাই উটত উঠাই ৰাজসভালৈ লৈ হৈছিল। অতি নিষ্ঠুৰভাবে শম্ভাজীৰ চকুত নখ ভৰাই উভাৰি পেলোৱা হৈছিল। তেওঁলোকক শিৰচ্ছেদ কৰি দেহটো কুকুৰক খাবলৈ দিছিল। কটা মূৰটো বল্লমৰ ওপৰত লগাই গোটেই দাক্ষিণাত্য ঘুৰোৱা হৈছিল। শিখ ধৰ্ম গুৰু টেগ বাহাদুৰক হত্যা কৰাটো ঔৰেংজেৱৰৰ এটা ডাঙৰ কলংক হিচাপে বিবেচিত হৈ আহিছে। তেওঁকো মোগল সাম্ৰাজ্যৰ প্ৰতি ভাবুকি হিচাপে বিবেচনা কৰা হৈছিল।এইবোৰ নিষ্ঠুৰ কাৰ্য্যৰ দ্বাৰা বুজাই দিয়া হৈছিল মোগল সাম্ৰাজ্যলৈ ভাবুকি সৃষ্টি কৰিলে তাৰ ফল কি হ’ব পাৰে। এইয়া সাধাৰণ দৃষ্টিত অতি নিষ্ঠুৰ। কিন্তু বৰ্তমানতো, আধুনিক, সু-সভ্য বুলি ভবা যুগতো দেশে দেশে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ নামত ঘটি থকা ঘটনাবোৰ কম নিষ্ঠুৰ নহয়। আনকি বহুতে সন্দেহত, বিনা-দোষতে ভোগ কৰিব লগা হয় অমানুষিক অত্যাচাৰ।
ঔৰেংজেৱ নিজ ধৰ্মৰ প্ৰতি অতি নিষ্ঠাৱান আছিল। কোৰাণ আৰু হাদিছ তেওঁৰ কণ্ঠস্থ আছিল। ধৰ্মীয় নিষেধৰ কাৰণে সুৰা বা আন নিচাজাতীয় বস্তু হাতেৰে চোৱা নাছিল। ৰাজকোষৰ ধন তেওঁ জীৱন-ধাৰণৰ কাৰণে ব্যৱহাৰ কৰা নাছিল। টুপী চিলাই, বজাৰত বিক্ৰী কৰি যি ধন পাইছিল সেয়াহে জীৱন -নিৰ্বাহৰ বাবে ব্যয় কৰিছিল। এই ধৰ্মৰ প্ৰতি অতি মাত্ৰা নিষ্ঠাই সংগীত, চিত্ৰশিল্পীকে আদি কৰি বিভিন্ন ক্ষেত্ৰত স্থবিৰতা আনিছিল। কিন্তু তেওঁক হিন্দু বিৰোধী বুলি ভবাটো কিমান সঁচা? হিন্দু মন্দিৰ ধ্বংস কৰা কাৰণে তেওঁক হিন্দু বিৰোধী বুলিয়েই ভবা হয়। কিন্তু হিন্দু মন্দিৰ ধ্বংস কৰাটোত ৰাজনৈতিক কাৰণহে জড়িত হৈ আছে। আনকি বহু হিন্দু ৰজাই মন্দিৰ ধ্বংস কৰাৰ উদাহৰণ আছে। আনকি তেওঁ বহুকেইটা হিন্দু মন্দিৰ পুণৰ নিৰ্মানো কৰাইছে। ১৬৬৯ চনত ঔৰংগজেৱে কাশ্মীৰ বিশ্বনাথ মন্দিৰ ধ্বংস কৰে। সেই সময়ত কাশীৰ বিশ্বনাথ মন্দিৰক লৈ বেনাৰসৰ জমিদাৰ সকলৰ মাজত কাজিয়া হয় আৰু তেওঁলোকৰ মাজৰ বহুতো শিৱাজীৰ সমৰ্থক আছিল। মথুৰাৰ কেশৱ দেৱ মন্দিৰো ধ্বংস কৰা হৈছিল ৰাজনৈতিক কাৰণত। ১৬৬৬চনৰ শিৱাজীৰ পলায়ন কাণ্ডত মথুৰাৰ ব্ৰাহ্মণ সকলে সহায় কৰিছিল। মথুৰাৰ এই মন্দিৰৰ পৃষ্ঠপোষক আছিল দাৰা শুকো যিটো কথা হয়তো ঔৰেংজেৱৰ সহ্য হোৱা নাছিল। ঔৰেংজেৱৰ দক্ষিণ ভাৰতৰ কোনো মন্দিৰ ধ্বংস কৰা নাছিল। ঔৰেংজেৱে তেওঁৰ ৰাজত্বৰ নৱম বছৰত অসমৰ গুৱাহাটীত অৱস্থিত উমানন্দ মন্দিৰৰ কৰ্মকৰ্তালৈ ফৰমান পঠিয়াই তেওঁ লোকক ভুমি দান কৰে। ১৬৮০চনত বেনাৰসৰ গংগা পাৰত বাস কৰা হিন্দু সন্যাসী ভগৱান্ত গোঁসাইক যাতে কোনো অপমান কৰা নহয় তাৰ আদেশ দিয়ে আৰু বেনাৰস ঘাটিৰ ওচৰৰ ৰাম জীৱন গোসাঁইক কিছু ভূমি দান কৰে। ১৬৯১ চনৰ চিত্ৰকুটৰ বালাজী মন্দিৰৰ সহায়ৰ বাবে মহান্ত বালক দাস নিৰ্বাণীক আঠখন গাঁও দান কৰে। এনে অনেক উদাহৰণ আছে। তাৰোপৰি তেওঁ যদি হিন্দু বিৰোধী আছিল তেন্তে তেওঁৰ মোগল আমোলা তন্ত্ৰত বুজন সংখ্যক হিন্দু লোকক কিয় নিয়োগ কৰিছিল? তেওঁৰ এজন প্ৰিয় সেনাপতি জয় সিংহ হিন্দুৱেই আছিল। আনকি আকবৰৰ দিনতকৈ ঔৰংজেৱৰ দিনত মোগল আমোলাতন্ত্ৰত হিন্দুৰ সংখ্যা বেছি হে আছিল। বহু মাৰাঠা লোকে তেওঁৰ আমোলা তন্ত্ৰত অংশগ্ৰহন কৰিছিল। এনেবোৰ কাৰণতে একেষাৰতে তেওঁক হিন্দু বিৰোধী বুলি কৈ দিব নোৱাৰি।