অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ‌।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ

মুক্ত চিনতা, ১০ম বৰ্ষ, ৫ম সংখ্যা

(পূৰ্বৰ সংখ্যাটিৰ বাবে ইয়াত টিপক)

কাম দেশৰ আহ্বান

ঝাঁচী

ভাৰতবৰ্ষত, প্ৰধানকৈ উত্তৰ ভাৰতত, যিকোনো এটা ৰে’লৱে ষ্টেচনৰ পৰা বাহিৰ ওলায়েই আপুনি নিজকে দুটা বস্তুৰ কাৰণে সাজু ৰাখিব লাগিব। এক, অট’ৰিক্সা চালক আৰু ৰিক্সাঅলাকেইটাৰ জুমুৰি, যিকেইটাই আপোনাক বাহুত গবা মাৰি ধৰি লক্ষ্য স্থানত থৈ আহিবলৈ উৎসুকতাৰে ৰৈ থাকিব। আনটো হ’ল, ষ্টেচনটোক আগুৰি বিশৃংখলভাৱে থকা সস্তীয়া হোটেল, খাদ্য বিপনী, পাণ দোকান, টেলিফোন বুথ আৰু জৰাজীৰ্ণ ঘৰবোৰ, যি ষ্টেচনটোত প্ৰথম ৰে’লখন চলা দিনৰে পৰা থিয় দি আছে ।

ঝাঁচী আহি পোৱাৰ পাছত, মোগলছৰাইৰ বিপৰীত, এইখন ঠাইত বহুত চিন্তাৰ পৰা মই মুক্ত যেন অনুভৱ কৰিলোঁ কাৰণ মোৰ পক্ষত সূৰ্য্য দেৱতা আছিল। তেতিয়া সন্ধিয়া পাঁচ বাজিছিল আৰু কেইমিনিটমানৰ আগতে ষ্টেচনত নামি অট’ৰিক্সাৱালা আৰু ৰিক্সাৱালাৰ ভিৰৰ মাজেৰে আত্মবিশ্বাসেৰে আহি মই ষ্টেচনৰ ওচৰত থকা এখন হোটেলত এটা কোঠা ল’বলৈ সক্ষম হৈছিলোঁ।

অৰ্থাৎ মই আটাইতকৈ ভীতিগ্ৰস্ত হোৱা, “চাহাব, আপুনি ক’ত যাব?” এই প্ৰশ্নটো সোধা মানুহটোক উপেক্ষা কৰিলোঁ। মানুহটো এজন টেম্প’ চালক আছিল- তিনিটা চকা থকা গাড়ী টেম্প’, যিখনে দহজনলৈকে যাত্ৰী কঢ়িয়াব পাৰে। কিন্তু ঝান্সী ষ্টেচনটো, ক’লৈ যাব মই নজনা তিনিটা ডাঙৰ ডাঙৰ ৰাস্তাই কটাকটি কৰা ঠাইতে এটা দ্বীপৰ দৰে থিয় দি আছে।

মই দেখিলোঁ যে টেম্প’ চালকজন আকৌ মোৰ ফালে আহিছে। সি ইচ্ছা কৰি এনেকুৱাকৈ খোজ কাঢ়িছে যেন তাৰ পিছফালে এখন চুৰী লুকুৱাই আনিছে। তাৰ চকু দুটাই স্পষ্টকৈ কৈছে, “মই অতি সহজে কৈ দিব পাৰোঁ যে এইখন চহৰত তোমাৰ কোনো চিনাকি নাই। এতিয়া তুমি মোৰ দয়াত চলিব লাগিব।” কিন্তু তাৰ ওঁঠ যুৰিত আকৌ একেটা প্ৰশ্নৰে পুনৰাবৃত্তি ঘটিল, “চাহাব, ক’ত যাব?”

মই তাক ক’লৈকো নাযাওঁ বুলি কৈ, ষ্টেচনৰ পৰা পোনে পোনে যোৱা ৰাস্তাটোৰে যাবলৈ ধৰিলোঁ। ৰাস্তাটো ক’ৰবালৈতো গৈছে! চহৰখনক হাতৰ পিঠিখনৰ দৰে তন্ন তন্নকৈ চিনি পোৱা মানুহৰ দৰে অভিনয় কৰি মই তাৰ ওচৰত আত্মসমৰ্পণ কৰিলে, নিজকে মূৰ্খ যেন লাগিব। মই খোজ কাঢ়ি গৈ থাকিলোঁ। যদি মই জানিলোহেঁতেন যে মই ক’লৈ গৈ আছোঁ তেন্তে এই খোজ কাঢ়ি থকা সময়কণ মোৰ জীৱনৰ সুন্দৰতম সময়বোৰৰ অন্যতম হ’লহেতেন। বহল ৰাস্তাটোৰ পাৰত গছ-গছনি আছে আৰু মৃদু বতাহ বলি আছে। ৰাস্তাটোৰে পাৰ হৈ যোৱা যানবাহনৰ হুলস্থূলতকৈ চৰাই-চিৰিকটিৰ মাতবোৰ স্পষ্টকৈ শুনিছিলোঁ। এজন মুছাফিৰক ইয়াতকৈ বেছি আৰু কি লাগে?

এইটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা যেনেই লাগিছে কাৰণ খোজ কাঢ়ি গৈ থাকোঁতে ফুটবল খেলপথাৰ এখনৰ দৰে ডাঙৰ চোতাল থকা চৰকাৰী বাংলো এটাৰ পাছত এটা পাৰ হৈ গ’লোঁ। তাৰপাছত এখন খেলপখাৰ পালোঁ য’ত ফুটবল খেল চলি আছিল। খেলখন আন দৰ্শকৰ পৰা অনতিদূৰত বেলেগ এটা শাৰীত বহি কিছু বিশিষ্ট লোকে চাই থকা দেখি মই নিশ্চিত হ’লোঁ যে খেলখনৰ বিষয়ে কালি ৰাতিপুৱাৰ বাতৰি কাকতত খবৰ ওলাব।

খুব সম্ভৱ, সেই বিশিষ্ট লোকসকল গধূলিৰ সাধাৰণ সাজ-পোছাকত সেনাবাহিনীৰ উৰ্ধতম বিষয়া হ’ব পাৰে, নতুবা ৰে’লৱেৰ স্থানীয় কোনো বিষয়া হয়। ঝাঁচী, মাৰাঠা যোদ্ধা লক্ষ্মীবাইৰ সমাৰ্থক, ইয়াত এটা বৃহৎ সেনাচাউনী আৰু ৰে’লৱেৰ এটা বিভাগো আছে।

বাদামৱালা এটাই তাৰ ঠেলাখন ফুটপাথতে ৰখাই খেল চাই আছিল। মই তাৰ পৰা দুটকাৰ বাদাম কিনিলোঁ আৰু থাকিবলৈ ওচৰতে হোটেল পাম নেকি সুধিলোঁ।

“ইয়াৰ পৰা পোনে পোনে গ’লেই থাকিবলৈ ঢেৰ হোটেল পাব।”
“কিমান দূৰত?” মই সুধিলোঁ।
“এক কিলোমিটাৰ যাবই নালাগে।” সি উত্তৰ দিলে আৰু পুনৰ খেলত মনোনিৱেশ কৰিলে। তাৰ ফুটবল খেলখন চোৱাৰ প্ৰতি বেছি আগ্ৰহ আছিল, হয়তো খেলখন অন্তিম মুহুৰ্তত উপনীত হৈছিল কাৰণ বেলি লহিয়াবলৈ ধৰিছে।

মই কেইবাটাও বাংলো পাৰ হৈ গ’লোঁ। ত্ৰিশ বৰ্ষীয়মানৰ পেন্ট পৰিহিতা এগৰাকী মহিলা, যিগৰাকীৰ কঁকালৰ তলছোৱা বেছি প্ৰশস্ত দেখাইছিল, চোতালত চাইকেল চলাই থকা তাইৰ ল’ৰাটোক ঘৰলৈ মানে বাংলো এটাৰ ভিতৰলৈ লৈ গৈছে। মই মনতে তাইৰ ওচৰলৈ গৈ নিজৰ চিনাকিটো ইংৰাজী ভাষাতে দিয়া কল্পনা কৰিলোঁ। সলসলীয়াকৈ ইংৰাজী ক’ব পৰাটোৱে উত্তৰ ভাৰতৰ চহৰবোৰত সাংঘাতিক কাম কৰে। ই কৌশলৰ চূড়ান্ত মাপকাঠী, যুক্তিটো এইটো যে যদি আপুনি সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে তেন্তে আপুনি নিশ্চয় ‘কনভেন্ট’ স্কুলত পঢ়িছিল আৰু যদি আপুনি ‘কনভেন্ট’ স্কুলত পঢ়িছিল, আপুনি নিশ্চয় এটা মান্য শিক্ষা লাভ কৰিছিল।

এই যুক্তিটো, একেবাৰে অযুক্তিকৰো নহয় আৰু ইমানেই গভীৰভাৱে শিপাই আছে যে যদি আপুনি শুদ্ধ হিন্দীত কাৰোবাৰ লগত  কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছে, কিন্তু যদি কেনেবাকৈ জানে যে আপুনি ইংৰাজী কোৱা লোকসকলৰ অন্তৰ্গত, তেওঁলোকে তেওঁলোকৰ জ্ঞানকোষৰ সকলো ইংৰাজী বাক্যাংশৰে আপোনাক উত্তৰ দিয়াৰ প্ৰৱণতা এটা থাকেই। লক্ষ্য এইটোৱেই যে তেওঁ ইংৰাজী জানে বুলি আপোনাক বুজাব বিচাৰে। কিন্তু এই মহিলাগৰাকীক দেখাত এনেকুৱা লাগিছে তেওঁ মাত্ৰ ইংৰাজী ভালকৈ কোৱাই নহয়, তাৰোপৰি এইটোও সুনিশ্চিত কৰিছে যে তেওঁৰ ঘৰত সন্তানৰ খাতিৰত কেৱল এই ভাষাতেই কথা-বতৰা পতা হওক ।

“অনুগ্ৰহ কৰি শুনকচোন, মহাশয়া, আপোনাৰ জ্ঞাতাৰ্থে ওচৰে-পাজৰে মই কোনো হোটেল পাম নেকি?”
“অ’ হয়, এই ৰাস্তাটোৰে অলপ আগলৈ গ’লেই পাব। গৈ থাকক।”
“ধন্যবাদ ।”
“এক মিনিট, ৰ’ব। আপুনি ষ্টেচনৰ পৰা খোজ কাঢ়ি আহি আছে নেকি?”
“হয়, ঠিকেই কৈছে।”
“তেন্তে, আমাৰ ঘৰলৈ আহি কফি একাপ খাব নোৱাৰিব নে? এজন সাংবাদিকক লগ পালে মোৰ গিৰিহঁতেও বৰ ভাল পাব। তেওঁ কিছু সময়ৰ পাছতে আহি পাবহি।”
“নিশ্চয়।”

তেওঁ বাংলোটোৰ গেটখনৰ সিপাৰে অদৃশ্য হোৱাৰ লগে লগে এই কাল্পনিক বাৰ্তালাপ শেষ হ’ল। মই খোজকাঢ়ি গৈ থাকিলোঁ। কিছুদূৰ যোৱাৰ পাছত, ৰাস্তাটো এটা ট্ৰেফিক পইন্টত শেষ হ’ল আৰু মই নিজকে ব্যস্ত চহৰ এখনৰ বিশৃংখলতাৰ মাজত আৱিস্কাৰ কৰি বৰ সকাহ পালোঁ। মই আচলতে এনে এটা হুলস্থূলীয়া পৰিৱেশ ঠিক ষ্টেচনৰ পৰা ওলায়েই আশা কৰিছিলোঁ। কিন্তু কোনো কথা নাই, মোৰ খোজকঢ়াটো সাৰ্থক হ’ল।

মই আকৌ বাদামৱালা এজনৰ ওচৰলৈ গ’লোঁ। উত্তৰ ভাৰতত ঠাণ্ডা দিনকেইটা বাদাম খোৱাৰ দিন। ভজা বাদাম খাই থাকি সময় কটাব পাৰি ঠিক চিনেমা চাই থাকোঁতে পপকৰ্ণ খাই থকাৰ দৰে। কিন্তু বাদাম আৰু পপকৰ্ণৰ মাজত পাৰ্থক্য আছে। আপুনি পপকৰ্ণ কেৱল তেতিয়াহে খায় যেতিয়া চিনেমা চাবলৈ যায়। য’ত নেকি, যেতিয়া আপুনি বাদাম খাবলৈ আৰম্ভ কৰে জীৱনটোৱেই এখন চিনেমাৰ দৰে হৈ পৰে আৰু আপুনি ক’ব নোৱাৰাকৈ এটাৰ পাছত এটাকৈ খোলা ভাঙি বাদামবোৰ মুখত ভৰাই সেই সময়ছোৱাৰ বাবে এজন নিষ্ক্ৰিয় দৰ্শক হৈ পৰে।

বাদামৱালাজনক মই ক’ত আছোঁ সুধিলোঁ।
“এইটো এলিট চাৰিআলি।” সি উত্তৰ দিলে।
ওচৰতে থকা চিনেমা হলটোৰ নামেৰে চাৰিআলিটো জনা যায় বুলি মই পাছত জানিব পাৰিলোঁ।

এই চাৰিআলিটো ঝান্সীৰ কেন্দ্ৰস্থল স্বৰূপ আৰু এইটো ট্ৰেফিক পইন্টৰ পৰা সমগ্ৰ চহৰখনৰ যান-বাহনৰ গতিবিধি নিয়ন্ত্ৰিত হয়। আচলতে ৰাস্তাৰ মানচিত্ৰত এই ট্ৰেফিক দ্বীপটো ভাৰতৰে কেন্দ্ৰবিন্দু। ভাৰতৰ এটা কোণৰ পৰা আন এটা কোণলৈ যোৱা বাহনবোৰ, আহমেদাবাদৰ পৰা আচনচোললৈ যোৱা অথবা কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যোৱা বাহনেই হওক, সকলোবোৰ এলিট চাৰিআলি হৈ যাব লাগিব, য’ত এইসময়ত, নতুনকৈ গ্ৰেজুৱেট হোৱা এজনৰ দৰে মই নিজৰ জীৱনৰ চাৰিআলিটোত থিয় দি আছোঁ, দিশহাৰাৰ দৰে কোনটো ৰাস্তা বাছি ল’ম এতিয়াও থিৰাং কৰিব পৰা নাই। মোৰ ভাগ্য ভাল যে এতিয়াও বেলি ডুব যোৱা নাই।

“ইয়াত কিবা হোটেল-টোটেল পাম নে?” মই বাদামঅলাটোক সুধিলোঁ।
সি হোটেলৰ নামবোৰ এফালৰপৰা কৈ যাবলৈ আৰম্ভ কৰোঁতেই, মোক আচৰিত কৰি পিছফালৰ পৰা কেনোবাই মোৰ নামটো মতা শুনিলোঁ- স্পষ্ট আৰু ডাঙৰকৈ। মই ঘূৰি চালোঁ আৰু বিশ বছৰৰ আগতে লগ পোৱা সেইজনক চিনি পাবলৈ মোৰ দুই ছেকেণ্ডৰো দৰকাৰ নহ’ল। মোৰ ভাগ্য ভাল ।

বিকাশ চাক্সেনা, কানপুৰত স্কুলত মোতকৈ তলৰ শ্ৰেণীত পঢ়িছিল। স্কুলত পঢ়ি থকা সময়ত আমাৰ দুটাৰ মাজত কথা-বতৰা পতা মোৰ একেবাৰে মনত নপৰে। আমাৰ পৰস্পৰৰ উপস্থিতিক আমি এটা মিচিকীয়া হাঁহিৰে বা অভিবাদনেৰে সঁহাৰি জনাইছিলোঁ। সেই চিনাকিয়েই আজি দুই দশকৰ পাছত বিকাশ আৰু মোক দীৰ্ঘদিনীয়া বন্ধুৰ দৰে মুখামুখিকৈ থিয় কৰাই যেন ঋণহে পৰিশোধ কৰিছে। এতিয়া মই তাৰ স্কুটাৰৰ পিছত বহি, তাৰ মত অনুসৰি ঝাঁচীৰ আটাইতকৈ ভাল হোটেল খনৰ ফালে গৈ আছোঁ। কিছু মুহূৰ্তৰ আগলৈকে মই এলিট চাৰিআলিৰ হুলস্থূলৰ মাজত কিংকৰ্তব্যবিমূঢ় হৈ থিয় দি আছিলোঁ আৰু এতিয়া আনন্দ মনেৰে তাৰেই এটা অংশ হৈ পৰিলোঁ।

হোটেলখন সঁচাকৈয়ে ধুনীয়া। ইয়াত বহল এখন বৈঠকখানা আছে আৰু শিষ্টাচাৰপূৰ্ণ কৰ্মচাৰীৰদ্বাৰা পৰিবেষ্টিত কম্পিউটাৰযুক্ত ৰিচেপচন টেবুল আছে। ৰিচেপচনত থকা ল’ৰাটোৱে মই নিজৰমতে পছন্দ কৰিব পৰাকৈ কেইবাটাও কোঠা দেখুৱালে। ইয়াতকৈ বেছি আৰু মোক কি লাগে ।

অলপ পাছতে, বিকাশ আৰু মই মোৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি ল’লোঁ আৰু ইমান বছৰৰ মূৰত আমি জীৱনৰ ক’ৰ পৰা গৈ ক’ত উপনীত হ’লোঁগৈ তাৰ কাহিনী বিনিময় কৰিলোঁ। যদিও স্কুলত আমি ইজনে সিজনক ভালদৰে নাজানিছিলোঁ, আমাৰ পৰস্পৰৰ বহুতো বন্ধু-বান্ধৱীয়ে আমাক জানিছিল। তেওঁলোকৰ লগত মোৰ যোগাযোগ নাইকীয়া হ’লেও প্ৰায়ে মোৰ মনত পৰে- এতিয়া সিঁহত ক’ত আছে বাৰু? বিকাশৰ ওচৰত যি যি তথ্য আছিল, তাৰে ভিত্তিত সি মোক ইজন-সিজন বন্ধুৰ বিষয়ে খবৰ দি থাকিল। তাৰে কিছুমানে খুব ভাল কাম কৰি আছে, আন কিছুমানে তাতকৈ ভাল কাম কৰি আছে – এজন নাছাত আছে, এজন আই এ এছ হ’ল, আৰু কেইজনমানে আই আই টিৰ পৰা আই আই এমৰ ৰাস্তা ল’লে। কিন্তু বেছিভাগেই বেংক বা বীমা কোম্পানিত বা দৰবৰ কোম্পানিত চেলছ্মেন হিচাপে কাম কৰি নীৰস আৰু বৈচিত্ৰহীন মধ্যবিত্তীয় জীৱন যাপন কৰিছে। যি কেইজন সেনাবাহিনীত ভৰ্তি হৈছিল, তেওঁলোক এতিয়া কৰ্ণেল হ’লগৈ।

কিছু বছৰৰ আগলৈকে বিকাশেও খুব ভাল কাম কৰিছিল, কানপুৰৰ ষ্টক এক্সচেঞ্জত ভাল উপাৰ্জন হৈছিল, প্ৰায় সত্তৰ লাখ টকা। কিন্তু কিবা ভুলৰ ফলত সি আটাইবোৰ টকা হেৰুৱালে। তাৰপাছত ঝাঁচীত থকা শহুৰেকৰ ঘৰৰ মানুহে আগ্ৰহ কৰাত সি ঝাঁচীলৈ গুচি আহিল। সি কি ধৰণৰ ভুল হৈছিল বুজাইছিল, কিন্তু ষ্টক মাৰ্কেটৰ কাৰিকৰী দিশৰ বিষয়ে নজনাৰ বাবে মই ঘটনাটোৰ সূক্ষ্ম কথাবোৰ বুজি নাপালোঁ। ঝাঁচীতো তাৰ কাম-কাজ বেয়া নাছিল। ইয়াত সি ৰে’লৱেৰ চিকিৎসালয়কে ধৰি আন স্থানীয় চিকিৎসালয়বোৰত অস্ত্ৰোপচাৰৰ বাবে দৰকাৰী সঁজুলিৰ যোগান ধৰে।

“মই সম্পূৰ্ণ নতুনকৈ আৰম্ভ কৰিব লগা হ’ল। কেইবছৰমানৰ ভিতৰতে মই বিশ্বাসযোগ্যতা আহৰণ কৰিবলৈ সক্ষম হ’লোঁ আৰু ব্যৱসায় কৰিবলৈ ধৰিলোঁ।” বিকাশে ক’লে। তাৰ কথা শুনি থাকোঁতে মই মনেই কৰা নাছিলোঁ কথা পাতি থকাৰ মাজতে সি কেতিয়া উঠি গৈ টিভিটো অন কৰি এনডিটিভিৰ প্ৰফিট চেনেল চাই আছে। সেই দিনকেইটাত চেনচেক্স সঘনাই উঠা নমা কৰি লাখ লাখ মানুহৰ গধূলিৰ পৰিৱেশটো সলনি কৰি পেলাইছে আৰু বিকাশৰ বাবে মোৰ আৰু উত্তেজিত বাতৰি পৰিৱেশকৰ কথাত সমানে মনোযোগ দিয়াটো কিমান কঠিন হৈ পৰিছে চাগে!

মই ঝাঁচীখনৰ বিষয়ে তাক সুধিলোঁ।
“এখন সৰু চহৰ। একো নাই ইয়াত” সি প্ৰশ্নটো এৰাই গ’ল। তাৰ মনোযোগ টিভিত। চেনচেক্সৰ উঠা-নমাৰ খবৰটো সি এজন অৱসৰ লোৱা ক্ৰিকেট খেলুৱৈয়ে এদিনীয়া ক্ৰিকেট খেল এখন চাই থকাৰ দৰে চাই আছে। খেলিবলৈ এৰি দিয়াৰ পাছতো, এতিয়াও খবৰ ৰাখিব বিচাৰে কি চলি আছে।

মোৰ মনত ঝাঁচীখনৰ কথাই সোমাই আছে। চহৰখনত চাবলগীয়া কি আছে, তাৰ বিষয়ে একো নজনাকৈয়ে মই দুদিনৰ কাৰণে ভ্ৰমণসূচী মনতে ঠিক কৰি ল’লোঁ। কিন্তু মোৰ বিশ্বাস আছে যে কিবা এটা বিচাৰি উলিয়াম। অন্য নহ’লেও ঝাঁচীৰ ৰাণী লক্ষ্মীবায়ে তোলনীয়া পুতেক দামোদৰক পিঠিত বান্ধি ঘোঁৰাৰ পিঠিত উঠি যিটো দূৰ্গৰ পৰা জঁপিয়াই দিছিল, সেইটো দেখিবলৈ পাম। পৰাক্ৰমী মহিলা যোদ্ধা লক্ষ্মীবায়ে ইংৰাজৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰি দেশভক্তিৰ প্ৰমাণ দি থৈ গৈছে। কেইদশকমানৰ আগলৈকে, স্কুলীয়া ছাত্ৰীবোৰে ঝাঁচীৰ ৰাণীৰ দৰে সাহসী হৈ উঠাৰ মনোকামনা পুহি ৰাখিছিল।

মোৰ গধূলিৰ কাৰ্যসূচীৰ বিষয়ে বিকাশে সুধিলে। এতিয়ালৈকে একো ভবা নাই বুলি মই ক’লোঁ। “তেন্তে” সি ক’লে, “মই অলপ সময়ৰ পাছতে আকৌ আহিম। এটাকৈ ড্ৰিংক ল’বলৈ আমি ওলাই যাম। তাৰপৰা ৰাতিৰ ভাতসাঁজ খাবলৈ আমাৰ ঘৰলৈ যাম।”

তাত চাবলগীয়া ঠাইৰ বিষয়ে মই তাক সুধিলোঁ। মই ভবাৰ দৰেই দূৰ্গটোৰ বাহিৰে ঝাঁচীত চাবলগীয়া বিশেষ একো নাই বুলি সি মোক ক’লে। কিন্তু ১৯ কিলোমিটাৰ আঁতৰতে উৰ্ছা নামৰ ঠাইখন আছে আৰু ১৭৬ কিলোমিটাৰ আঁতৰত খাজুৰাহূ ঠাইখন আছে। মোৰ কাৰ্যসূচীৰ ভিতৰত এই ঠাই কেইখনলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্তটো অন্তৰ্ভুক্ত কৰি ল’লোঁ। ঝাঁচীলৈ অহাৰ পাছত খাজুৰাহূ নোযোৱাৰ কথা থাকিবই নোৱাৰে। তাতে মই আৱিষ্কাৰ কৰিলো, খাজুৰাহূ যাবৰ বাবে ঝাঁচী হৈছে তাৰ নিকটতম ৰে’লৱে ষ্টেচন।

মোৰ আঠ বছৰ বয়সত ১৯৭৮ চনত মই খাজুৰাহূলৈ গৈছিলোঁ। সেইজনে তেতিয়া ইয়াৰ মন্দিৰসমূহে উদযাপন কৰা অনুভূতিবোৰ আৱিষ্কাৰ কৰিবলৈ কেইবাবছৰো বাকী আছিল। সেইদিনা খাজুৰাহূৰ যাত্ৰাটো এটা বনভোজৰ দৰে আছিল। দেওবাৰ এটাত ৰাতিপুৱা চাৰি বজাতে প্ৰতিৱেশীসহ প্ৰায় দুই ডজন সদস্যৰ দুটা বেংগলী পৰিয়াল বাছত উঠি কামসূত্ৰৰ পৃথিৱীলৈ ৰাওনা হৈছিল। এই যাত্ৰাটোৰ বিষয়ে মোৰ বিশেষ একো মনত নাই, মাথো ডাঙৰ সেউজীয়া বননি এখনৰ মাজত ওখ ওখ মন্দিৰবোৰ থিয় হৈ আছিল আৰু মোৰ মা-দেউতাই এযোৰা ভাস্কৰ্য্য কিনিছিল (পৰিয়ালৰ কোনোবা বন্ধুৰ বাবে), যাক মই দেখাৰ পৰা বঞ্চিত কৰা হৈছিল। কিন্তু সেই যাত্ৰাটোত আগ্ ফা কেমেৰাৰে তোলা বহুতো ক’লা-বগা ছবি, যিবোৰ মোৰ অৱচেতন মনটোক দীক্ষিত কৰাৰ সাক্ষ্য হিচাপে আছে, যিখন পৃথিৱীৰ সন্মানীয় নাগৰিক মই বহু বছৰৰ পিছত হ’বলগীয়া হৈছিল। মই ঠিক বুজি নাপাওঁ, তেনেকুৱা ঠাইলৈ ফুৰিবলৈ গ’লে পৰিয়ালবোৰে নিজৰ কৈশোৰপ্ৰাপ্ত সন্তানৰ লগত কেনেদৰে মোকামিলা কৰে, হয়তো সিহঁতৰ লগত নাযায়েই নেকি। সেই যাত্ৰাটোৰ অন্যতম এটা স্মৃতি মোৰ লগত এতিয়াও আছে- ক’লা ৰঙৰ এটা শিৱ মূৰ্তি যিটো মই মোৰ মা-দেউতাক তেওঁলোকে কিনা ভাস্কৰ্য্যবোৰ চাবলৈ নিদিয়াৰ ক্ষতিপূৰণ হিচাপে কিনিবলৈ বাধ্য কৰাইছিলোঁ।

মই বিকাশক হোটেলৰ বাহিৰলৈকে আগবঢ়াই দিবলৈ ওলাই আহিলোঁ। আমাৰ লগে লগে বিভিন্ন আকৃতি-প্ৰকৃতিৰ কিন্তু সমভাৱে চৰ্বীযুক্ত আৰু সাজি-কাচি থকা এটি মহিলাৰ দল ওলাই আহিল। এইমাত্ৰ এটা কিটি পাৰ্টি শেষ হৈছে চাগে। তেওঁলোকৰ প্ৰায় প্ৰত্যেক গৰাকীৰ বাবে একোখনকৈ গাড়ী ৰৈ আছে আৰু যিসকলৰ নাই তেওঁলোকে কাৰোবাৰ লগত গাড়ীত উঠি গৈছে। চেন্নাইত সাত বছৰৰো অধিক দিন থকাৰ ফলত তেওঁলোকে চুলিত খৰিকাজাঁই ফুল নলগোৱাৰ বাবে মই আচৰিত হ’লোঁ, কিন্তু সোনকালেই মই নিজকে বুজালোঁ যে এই সময়ত মই বিন্ধ্যাঞ্চলৰ বিপৰীত ফালে আছোঁ।

বিকাশে নিজৰ স্কুটাৰত উঠি, এঘন্টাৰ পিছত অহাৰ প্ৰতিশ্ৰুতি দি গ’লগৈ। মই খোজকাঢ়ি গৈ এলিট চাৰিআলিৰ ওচৰ পালোঁগৈ। ইয়াত বিশেষ এটা অভিজাত শ্ৰেণীৰ লগত খাপ খোৱা হুলস্থূলৰ ছবি এখন যেন উপস্থাপন কৰা হৈছে। সকলোবোৰ দোকানে সন্ধিয়াটো সজাই তোলাৰ প্ৰস্তুতি চলাইছে। ধাবাবোৰত ৰান্ধনিবোৰে দক্ষ হাতেৰে সৰু সৰু আটাৰ লাড়ুবোৰ বহলকৈ বেলি ৰুটি বনোৱাত লাগিছে। মিঠাইৰ দোকানত হালোৱাইজনে – যিজন মিঠাই তথা মুখৰোচক খাদ্য বনোৱাত পাকৈত, গৰম তেলত চিঙৰা ভাজিছে। ৰৈ থকা গ্ৰাহকে চিঙৰা ভজা চাই আছে আৰু লগতে তেওঁলোকৰ মনটো ভাল লাগি আছে কাৰণ একেবাৰে গৰম গৰম চিঙৰা খাব অথবা ঘৰলৈ লৈ যাব পাৰিব। চিঙৰা ভাজি থকা দৃশ্যটোৱে আপোনাক ভাবি থকা সংখ্যাটোতকৈ বেছি পৰিমাণে চিঙৰা কিনিবলৈ উৎসাহ যোগাব। আপুনি ঘৰৰ পৰা যদি ছটা চিঙৰা আনিম বুলি প্ৰস্তুত হৈ গৈছিল কিন্তু যেতিয়া দেখিব যে গৰম চিঙৰা ভাজি আছে, আপুনি দহটা লৈ ঘৰলৈ ঘূৰি আহিব ।

মিঠাই দোকানত চিঙৰা কিনিবলৈ গোট খোৱা মানুহখিনিৰ বাবে সন্ধিয়াটো মাত্ৰ আৰম্ভ হৈছে। তেওঁলোক ঘৰলৈ যাব, চাহৰ লগত চিঙৰাৰ আনন্দ ল’ব আৰু তাৰপাছত ৰাতিৰ আহাৰৰ যোগাৰ চলিব। মহিলাসকলে ৰান্ধিব আৰু পুৰুষসকলে খাবলৈ ৰৈ থাকিব আৰু যিসকলে ধাবাত ৰুটি খাই ল’লে, তেওঁলোকৰ কাৰণে দিনটোৱে বিদায় মাগিলে।

এইটো সময়ত এলিট চাৰিআলিটো খোৱা বস্তুৰ গোন্ধ আৰু ডিজেলৰ গোন্ধেৰে ভৰি পৰিছে। কিন্তু মোক চাটৱালাৰ ঠেলাৰ পৰা অহা টেঙা গোন্ধে লোভ লগালে। চাটৱালাজন বুঢ়া মানুহ। ৰাস্তাৰ কাষত গছৰ ছাঁত ৰৈ থকা দেখাৰে পৰা তেওঁ অকণমান সময়ো আজৰি পোৱা নাই। মই ৰৈ থকা ঠাইতে ভাবিবলৈ ধৰিলোঁ যে মই তেওঁৰ ওচৰলৈ গৈ মুখখন তৃপ্ত কৰোঁ নে ড্ৰিংক কৰাৰ ইচ্ছাটোক জাগ্ৰত কৰি ৰাখোঁ। মই তেওঁৰ ওচৰত ইজনৰ পাছত সিজন মানুহ ৰৈ পেৰাফিন লেম্পৰ পাতল পোহৰত পানীপুৰি খাই থকা দেখি নিজকে সম্বৰণ কৰিব নোৱাৰিলোঁ।

মই ঠিক সময়তে সিদ্ধান্তটো ল’লোঁ। চাটৱালাজনৰ ওচৰত এই সময়ত চাগে কথমপি ছটা মান মছমছীয়া গোলাকাৰ পুৰি বাকী ৰৈছে। এতিয়া ৭.৩০ বাজিছে আৰু বোধহয় তেওঁ শেষৰ গ্ৰাহকজনক সেৱা আগবঢ়াইছে। তেওঁতকৈ ব্যস্ত চাটৱালা আৰু নাই চাগে। মই তেওঁৰ লগত তেওঁৰ ব্যৱসায়ৰ সফলতাৰ ৰহস্যৰ বিষয়ে, ন’হলে বা ঝাঁচীৰ বিষয়ে কথা পাতিব খুজিলোঁ। কিন্তু বুঢ়াজনে বহুত বেছি সংকোচ কৰিলে। তেওঁৰ চকুকেইটাই মোক স্পষ্টকৈ জনাই দিলে, “ঝাঁচীৰ বিষয়ে ক’ব পৰা মানুহ আৰু বহুতো আছে। আপোনাক পানীপুৰি খুওৱাটোৱে মোৰ কাম আৰু মই দেখিছোঁ যে আপুনি এতিয়া যিটো খালে, খাই ভাল পালে। সেইকাৰণে পইচা দিয়ক আৰু যাওঁক।” মই তেওঁক তিনি টকা দিলোঁ আৰু হোটেললৈ ঘূৰিলোঁ কাৰণ বিকাশ যিকোনো সময়ত তালৈ আহিব পাৰে।

ৰাস্তাটো পাৰ হৈ হোটেল যাবলৈ ৰৈ থাকোঁতে, পানীপুৰিৰ ইতিহাসটোৰ বিষয়ে ভাবিবলৈ ধৰিলোঁ, যিটোক গোল গপ্পা, বাটাছা, ফুচকা ইত্যাদি বিভিন্ন নামেৰে জনা যায়। ৰাণী লক্ষ্মীবাইৰ দিনৰে পৰা পানীপুৰি পোৱা যায় নেকি? যদি প্ৰশ্নটোৰ উত্তৰ ‘হয়’ তেন্তে এই বৃদ্ধ চাটৱালাজনৰ দেউতাকৰ আজোককাক ৰাজমহললৈ মতাই নিছিল, য’ত মছমছীয়া গোল গোল পুৰিটো আঙুলিৰে ভাঙি তাত টেঙা পানী ভৰাই ঝাঁচীৰ ৰাণী আৰু সখীয়েক কেইজনীক চাগে খাবলৈ দিছিল। এনেবোৰ কথা জনাৰ কোনো উপায় নাই। ৰাস্তাৰ দাঁতিত ৰৈ চাট-পকৰী বিক্রী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰাত ইমানেই ব্যস্ত থাকে যে সিহঁতৰ নিজৰ ইতিহাস লিখাৰ সময়েই নাথাকে।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *