নাথান ব্ৰাউন আৰু এলাইজা ব্ৰাউন : অসমীয়া ভাষা-সাহিত্যৰ সেৱাত একুৰি বছৰ ।। প্ৰবীণ কুমাৰ নেওগ
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
মিছনেৰীসকলৰ লোমহৰ্ষক অসম অভিযান: ব্ৰহ্মদেশৰ পৰা কলিকতা হৈ শদিয়াত
১৮১৭ চনত মানৰ প্ৰথম আক্ৰমণৰ পৰা ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিলৈকে অসমৰ ইতিহাস আছিল মূলতঃ বৰ্বৰতা আৰু অত্যাচাৰৰ ইতিহাস। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ যোগেদি মানসৈন্যক খেদি পঠিওৱাত অসমৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছিল আৰু বৃটিছ প্ৰশাসনক বাহ-বাহ দিছিল। তিনিটাকৈ মানৰ আক্ৰমণৰ সময়ত অসমৰ জনসংখ্যা এক তৃতীয়াংশ কমি গৈছিল। চল্লিছ হাজাৰৰো অধিক অসমীয়া মানুহৰ মানদেশলৈ প্ৰব্ৰজন ঘটিছিল। কিছুমান গৈছিল মানৰজালৈ চন্দ্ৰকান্ত সিংহই বিয়া দিয়া হেমো আইদেউৰ যৌতুকীয়া হিচাপে, কিছুমান চিংফৌসকলে বন্দী কৰি নি দাস হিচাপে ব্যৱহাৰ কৰিছিল আৰু কিছুসংখ্যকক মান সৈন্যই যুদ্ধবন্দী হিচাপে ধৰি নিছিল। বহুবোৰ অসমীয়া মানুহ কাষৰীয়া অঞ্চললৈ দিহিঙে-দিপাঙে পলাইছিল।
মানৰ আক্ৰমণৰ পাছতে অসমলৈ আহিছিল দ্বিতীয়টো দুৰ্যোগ আৰু সেইটো হ’ল ১৮৩৩ চনত অসমৰ কাৰ্যালয় আৰু বিদ্যালয়ৰ পৰা অসমীয়া ভাষাৰ প্ৰত্যাহাৰ। বৃটিছসকলৰ হাততো গত্যন্তৰ নাছিল, কাম চলাবলৈ তেওঁলোকে বাঙালীভাষী আমোলা-বিষয়া আৰু কৰ্মচাৰী আমদানি কৰিব লগা হৈছিল। দুষ্টচক্ৰই অসমীয়া ভাষা বাঙালী ভাষাৰ এটা উপভাষা বুলি বৃটিছক পতিয়ন নিয়াইছিল আৰু সেয়েহে বিদ্যালয়তো বাঙালী ভাষাৰ প্ৰবৰ্তন কৰিছিল। উপায়ো নাছিল, কিয়নো তেতিয়ালৈকে অসমীয়া ভাষাৰ কোনো ব্যাকৰণ নাছিল আৰু ভাষাটো সম্পৰ্কে যুক্তি সাব্যস্ত কৰিবলৈ আগৰণুৱা হিচাপেও কোনো নাছিল। ভাগ্যক্ৰমে সেই সময়তে অসমলৈ আগমন ঘটিছিল আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ। প্ৰথমখেপতে অসমলৈ অহা নাথান ব্ৰাউন আৰু তেওঁৰ পত্নী এলাইজা ব্ৰাউন আৰু অলিভাৰ কাট্তাৰ আৰু তেওঁৰ পত্নী হেৰিয়েট কাট্তাৰৰ আশাসুধীয়া প্ৰচেষ্টাত অসমীয়া ভাষাটো লাহে লাহে ঠন ধৰি উঠিছিল। এওঁলোকৰ পাছতে অহা মাইলছ ব্ৰনছন আদিয়েও অসমীয়া ভাষা পুনৰুদ্ধাৰত ব্ৰতী হৈ পৰিছিল। মিছনেৰীসকল হৈ উঠিছিল অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা সংগ্ৰামৰ অন্যতম সংগ্ৰামী অংশীদাৰ।
১৮৩৫ চনত ব্ৰহ্মদেশৰ মৌলমেনৰ পৰা মিছনেৰি কৰ্মী নাথান ব্ৰাউন আৰু অলিভাৰ কাট্তাৰৰ দুই পৰিয়াল অসমলৈ যাত্ৰা কৰিছিল। মৌলমেনৰ পৰা কলিকতালৈ জাহাজেৰে আৰু কলিকতাৰ পৰা মাৰ নাৱেৰে শদিয়ালৈ আছিল তেওঁলোকৰ যাত্ৰা। ১৮৩৫ চনৰ ২০ নবেম্বৰত তেওঁলোকে দুটা পৰিয়ালৰ বাবে দুখন আৰু পাকঘৰ আৰু গুদাম ঘৰ হিচাপে এখন সহ মুঠ তিনিখন নাও লৈ কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। এনেকুৱা নাওবোৰ সাধাৰণতে লগত ৬-৮ জন সহায়কাৰী লৈ এজন কেপ্টেইন বা গুৰিয়ালে পৰিচালনা কৰে। সাধাৰণতে এই মানুহকেইজনেই নৈৰ পাৰে পাৰে থকা ৰাষ্টাইদি ৰচি ব্যৱহাৰ কৰি নাওবোৰ টানি গৈ থাকে।
মিছনেৰীসকলৰ, বিশেষকৈ ব্ৰাউন দম্পতীৰ অসম আগমন আৰু তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপ সম্পৰ্কে তেওঁলোকৰ ডায়েৰী, টোকাবহী, বিভিন্নজনৰ চিঠিপত্ৰ, ইষ্ট ইণ্ডিয়াৰ ডাকত অহা চিঠিৰ টোপোলা আৰু ‘বেপ্টিষ্ট মিছনেৰি মেগাজিন’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত বা-বাতৰিৰ আলমত তেওঁলোকৰ তৃতীয় কন্যাসন্তান এলিজাবেথ হুইটনি ব্ৰাউনে এখন কিতাপ প্ৰস্তুত কৰিছিল। The Whole World Kin নামৰ ছশ পৃষ্ঠাৰো অধিক এই বুজন আকাৰৰ কিতাপখন ব্ৰাউন দম্পতীৰ মৃত্যুৰ পাছত, ১৮৯০ চনত ফিলাডেলফিয়াৰ ‘হাব্বাৰ্ড ব্ৰাদাৰ্ছ’ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছিল। কিতাপখনৰ নামটো অৱশ্যে অলপ দীঘল : সম্পূৰ্ণ নামটো হ’ল – “THE WHOLE WORLD KIN:
A PIONEER EXPERIENCE AMONG REMOTE TRIBES, AND OTHER LABORS OF NATHAN BROWN.” দুষ্প্ৰাপ্য এই পুথিখনৰ এটা ফটোকপি কষ্টেৰে সংগ্ৰহ কৰি প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনে ব্ৰাউন দম্পতীৰ আমেৰিকাৰ চাৰ্লমণ্টৰ পৰা ব্ৰহ্মদেশলৈ যাত্ৰাৰ পৰা তেওঁলোকে অসম এৰি যোৱালৈকে থকা বৰ্ণনাৰ অনুবাদ কৰি ‘নাথান ব্ৰাউনৰ অসম অভিযান’ নামেৰে লিখি উলিয়ায় আৰু বনলতা প্ৰকাশনে এইখন প্ৰকাশ কৰিছে। অৱশ্যে ইমৰান হুছেইনে সম্পূৰ্ণ পুথিখন অনুবাদ কৰা নাই, কিতাপখনৰ অসমৰ লগত সম্পৰ্কীয় অংশখিনিহে তেওঁ অনুবাদ কৰিছে। নাথান ব্ৰাউনৰ বা ব্ৰাউন দম্পতীৰ আৰম্ভণি কাল, শিক্ষা জীৱন, ব্ৰহ্মদেশত তেওঁলোকে কৰা কাম-কাজ, অসমৰ পৰা ঘূৰি যোৱাৰ পাছত ব্ৰাউনৰ জাপানলৈ গমন আৰু জাপানত কৰা কাম-কাজ, এলাইজা ব্ৰাউনৰ আগতীয়া মৃত্যু, এলাইজাৰ মৃত্যুৰ পাছত নাথানৰ পুনৰ্বিবাহ, নাথানৰ মৃত্যু আদি বহুবোৰ বৰ্ণনাই মূল কিতাপখনত আছিল যদিও ইচ্ছাকৃতভাৱেই ইমৰান হুছেইনে এইখিনি অসমীয়া অনুবাদত বাদ দিছে।
কিতাপখনত অসম আৰু অসমীয়াত্বৰ হকে ব্ৰাউন দম্পতী আৰু মিছনেৰীসকলে কৰা কামৰ লগতে তেওঁলোকৰ বিভিন্ন যাত্ৰাৰ লোমহৰ্ষক বিৱৰণ সন্নিৱিষ্ট হৈছে। সেই সময়ৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন জীৱ-জন্তুৰ প্ৰাকৃতিক বিচৰণ আদিৰ লগতে ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালকে আদি কৰি অন্যান্য জীৱ-জন্তুৰ অৱস্থিতিৰ বৰ্ণনাও কিতাপখনত উল্লেখ হৈছে।
নাথান ব্ৰাউন আৰু তেওঁৰ পত্নীৰ অসমীয়া সমাজ আৰু ভাষা-সাহিত্যৰ প্ৰতি অৱদান প্ৰাথমিক আৰু অসাধাৰণ বুলি অভিহিত কৰিব পাৰি। অৱশ্যে পোনপটীয়াকৈ তেওঁলোক অসমলৈ অহা নাছিল, আমেৰিকাৰ পৰা মিছনৰ কামতে তেওঁলোক গৈছিল ব্ৰহ্মদেশলৈ; পাছতহে ব্ৰহ্মদেশৰ পৰা তেওঁলোক অসমলৈ আহিছিল।
নাথান ব্ৰাউন আৰু এলাইজা বেলাৰ্ডৰ বিয়া হৈছিল ১৮৩০ চনৰ ৬ মে’ত। ১৮০৭ চনৰ ক্ৰমে জুন আৰু এপ্ৰিলত জন্ম গ্ৰহণ কৰা তেওঁলোকৰ তেতিয়া বয়স হৈছিল মাত্ৰ ২৫ বছৰ। ইতিমধ্যে তেওঁলোকৰ এজনী ছোৱালী সন্তানো জন্ম হৈছিল। এটা বাস্কেটত ডৰথী ছফিয়া নামৰ এই ছমহীয়া কেঁচুৱা কন্যা সন্তানটি সহ ব্ৰাউন দম্পতী ১৮৩২ চনৰ ২২ ডিচেম্বৰৰ দিনা বষ্টনৰ পোতাশ্ৰয়ৰ পৰা ওলাই সুদীৰ্ঘ সময়ৰ মূৰত ১৮৩৩ চনৰ ৪ মে’ত কলিকতা পাইছিল। ব্ৰহ্মদেশলৈ যাত্ৰাৰ আগতে ব্ৰাউন দম্পতিয়ে কেইদিনমান শ্ৰীৰামপুৰৰ মিছনেৰি চৌহদতে কটালে। ৩০ মে’ত তেওঁলোকে ফিনিক্স নামৰ জাহাজখনেৰে ব্ৰহ্মদেশলৈ বুলি ৰাওনা কৰি ১৩ জুনত ব্ৰহ্মদেশৰ মৌলমেনত উপস্থিত হ’ল। মৌলমেনত স্থানীয় ব্ৰহ্মদেশীয় ভাষাৰ তালপাতত লিখা কথাবোৰ অধ্যয়ন কৰি নাথান ব্ৰাউনে দুবছৰৰ ভিতৰতে এই ভাষা আয়ত্ত কৰি বক্তৃতা দিয়া আৰু কিতাপ লিখিব পৰা হৈছিল; কিন্তু, ইতিমধ্যে অসমৰ কমিছনাৰ জেনেৰেল মেজৰ জেনকিনচ্ আৰু উত্তৰ-পূব ভাৰতৰ গভৰ্নৰ জেনেৰেল ডেভিদ স্কটৰ আহ্বান মৰ্মে অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ দায়িত্ব ব্ৰাউন দম্পতিৰ হাতত অৰ্পিত হ’ল আৰু সেয়েহে ১৮৩৫ চনত তেওঁলোকে অসমলৈ বুলি কলিকতালৈ যাত্ৰা আৰম্ভ কৰিলে। অৱশ্যে এই যাত্ৰাৰ পূৰ্বে এক ডাঙৰ অঘটন ঘটিল।
ইতিমধ্যে ব্ৰহ্মদেশতে তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হৈছিল আৰু নাম ৰাখিছিল উইলিয়াম বেলাৰ্ড। ১৮৩৫ ৰ ১০ আগষ্টত জাহাজত উঠিবলৈ সাজু হোৱাৰ আগে আগে ৮ আগষ্টত তেওঁলোকৰ দুমাহ তিনি দিন বয়সৰ পুত্ৰ উইলিয়ামৰ আকস্মিক মৃত্যু ঘটিল। কণমানি পুত্ৰৰ অন্ত্যেষ্টি ক্ৰিয়া সামৰিয়েই তেওঁলোকে কলিকতালৈ বুলি জাহাজত উঠিল। এই যাত্ৰাতে ব্ৰাউনহঁতৰ লগ হ’ল অলিভাৰ কাট্তাৰ আৰু তেওঁৰ পত্নী হেৰিয়েট কাট্তাৰ।
কলিকতাত অৱশ্যে তেওঁলোক কিছুদিন তাৰ মিছনেৰীসকলৰ লগতে থাকিল যিহেতু অসমলৈ আহিবলৈ প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। অসমলৈ আহিবলৈ তেতিয়া মানুহে চলোৱা মাৰ নাৱেই একমাত্ৰ ব্যৱস্থা। কলিকতাৰ পৰা হুগলীয়েদি উজাই সুন্দৰবনৰ মাজেদি গংগাৰ পৰা ব্ৰহ্মপুত্ৰত সোমাই তেৰশ কিলোমিটাৰৰো অধিক নৌপথ অতিক্ৰম কৰি শদিয়া পাবলৈ তেওঁলোকক গোটেই শীতকালটো লাগিল। দুটা মিছনেৰী পৰিয়ালৰ বাবে দুখন নাও আৰু পাকঘৰ আৰু গুদাম ঘৰ হিচাপে ব্যৱহৃত আন এখন নাৱক লৈ তেওঁলোকে ১৮৩৫ চনৰ ২০ নবেম্বৰত যাত্ৰা আৰম্ভ কৰিলে। ১৮৩৬ চনৰ ২২ মাৰ্চত তেওঁলোক আহি শদিয়া পাইছিল। এই যাত্ৰাত তেওঁলোকক সময় লাগিছিল ১২৪ দিন।
মিছনেৰীসকলে কলিকতাৰ পৰা শদিয়ালৈ জলপথেদি অহাৰ ব্যৱস্থা নিজেই কৰিব লগা হৈছিল। এনেকুৱা যাত্ৰাত ব্যৱহাৰ কৰা নাওবিলাকৰ বিষয়ে তেতিয়া ফিলাডেলফিয়াৰ পৰা প্ৰকাশিত ‘দা চানবিম’ নামৰ কাকতত লিখা এটা লেখাত নাথান ব্ৰাউনৰ পত্নী শ্ৰীমতী এলাইজা ব্ৰাউনে লিখিছিল, “কলিকতাৰ বাঙালী সদাগৰসকলে অসমলৈ সামগ্ৰী পঠিয়াই তাৰ বিনিময়ত অসমীয়া আৰু তেওঁলোকৰ দাঁতি কাষৰীয়া জনজাতীয় লোকসকলৰ পৰা সেই দেশত পোৱা হাতী-দাঁত, ম’হৰ শিং আৰু গড়ৰ খড়্গ আনিছিল। নাওবোৰ বৰ সৰু আছিল; মাত্ৰ পাঁচ ফুট বা ছফুট বহল আৰু বিছৰ পৰা ত্ৰিছ ফুট দীঘল। ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাওবোৰৰ ওপৰত আচ্ছাদনৰূপে ফলা বাঁহ আৰু তাল পাতৰ চন্দ্ৰাতপৰ দৰে এখন চালি সাজি লৈছিল। নাৱৰ তলিত বাঁহৰ খহটা ঢাৰি পাৰি দিছিল। কাষৰ আৰু মাজৰ বেৰ, দুৱাৰ, খিৰিকী, খিৰিকীৰ জাপ সকলো বাঁহৰেই আছিল। লগত ৬ ৰ পৰা ৮ জন মানুহ লৈ নাওবোৰ এজন গুৰিয়াল বা কেপ্টেইনে পৰিচালনা কৰে। এই মানুহকেইজনেই নৈৰ পাৰে পাৰে থকা ৰাষ্টাইদি ৰচি লগাই খোজকাঢ়ি নাওবোৰ টানি গৈ থাকে। এনেদৰে নাও চলোৱা পদ্ধতিটোক স্থানীয়ভাৱে গুনিং (Gooning) বুলি কোৱা হয়। (মাজুলীৰ ফালে এই পদ্ধতিটোকে গুণ টনা বুলিও নাৱৰীয়াসকলে কৈছিল)। বাটত কোনো হোটেল বা বজাৰ আদি পোৱা নাযায় বাবে দীঘলীয়া ভ্ৰমণত ওলোৱাসকলে কলিকতাতে অন্ততঃ চাৰি মাহৰ বাবে প্ৰয়োজনীয় সকলো বস্তু, খাদ্য আদিৰে সুসজ্জিত হৈ ল’ব লাগে।”(নাথান ব্ৰাউনৰ অসম অভিযান – ইমৰান হুছেইন, পৃ- ৪৬)।
এনেকুৱা তিনিখন নাৱেৰেই তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল। কেতিয়াবা তীব্ৰ সোঁতত নাৱৰ দিক হেৰাইছিল, কেতিয়াবা শুকান বালিচটত নাও লাগি ধৰিছিল, কেতিয়াবা আকৌ তীব্ৰ ধুমুহা বৰষুণে পাইছিল। ১৮৩৫ চনৰ ৭ ডিচেম্বৰৰ টোকাবহীত শ্ৰীমতী ব্ৰাউনে লিখা মতে তেওঁলোকৰ যাত্ৰাপথৰ বেছিখিনিতে নদীৰ পাৰবোৰ দহ বাৰ ফুট ওখ ইকৰা কঁহুৱাৰ দৰে জংঘলে আগুৰি আছিল। কাষৰীয়া হাবিবোৰত বনৰীয়া হাতী, ম’হ, হৰিণ, বাঘ, নাহৰফুটুকী, শিয়াল ঘূৰি ফুৰাৰ লগতে চৰবোৰত অজগৰ, ঘৰিয়ালো ৰ’দ লৈ পৰি থাকিছিল। ৰাতিৰ সময়ত তেওঁলোকে নাৱৰীয়াখিনিসহ চৰ বিলাকত জিৰণি লৈছিল। ১৮৩৬ চনৰ ১২ মাৰ্চৰ এটা টোকাত শ্ৰীমতী ব্ৰাউনে লিখিছিল যে ৰাতিৰ সময়ত বনৰীয়া হাতী আৰু ম’হৰ জাকবোৰ তেওঁলোকৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল, অৱশ্যে সিঁহতে তেওঁলোকৰ একো ক্ষতি কৰা নাছিল। যোৰহাট পোৱাৰ সময়ত তেওঁলোকৰ খাদ্য সম্ভাৰ, বিশেষকৈ মূল খাদ্য কুকুৰাৰ ভাণ্ডাৰ শেষ হৈ পৰাত স্থলপথেৰে আঠ মাইল যোৰহাটলৈ গৈ খাদ্য সংগ্ৰহ কৰিছিল। শ্ৰীমতী ব্ৰাউনে লিখিছে, “যোৰহাট নামৰ গাঁওখনৰ ৰজাৰ ওচৰলৈ মানুহ পঠাবলৈ বাধ্য হৈছিলো। এই দেশৰ হাবিবোৰত প্ৰচুৰ পৰিমাণে বনৰীয়া কুকুৰা, হাঁহ আৰু ৰাজহাঁহ পোৱা যায় যিবোৰ অতি সহজে ঘৰচীয়া কৰিব পাৰি।” সেই সময়ত যোৰহাটত পুৰন্দৰ সিংহ বৃটিছৰ কৰতলীয়া ৰজা আছিল।
এনে এক পৰিবেশৰ মাজেৰে পাঁচ বছৰীয়া ডৰথী ছফিয়া নামৰ ছোৱালীজনীসহ ব্ৰাউন দম্পতী আৰু কাট্তাৰ দম্পতী ১৮৩৬ চনৰ ২২ মাৰ্চত আহি শদিয়া পাইছিল, অৰ্থাৎ এই যাত্ৰাত কলিকতাৰ পৰা শদিয়ালৈ তেওঁলোকক সময় লাগিছিল ১২৪ দিন।
ব্ৰাউন দম্পতীৰ অভিজ্ঞতা: ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল
সাধাৰণভাৱে গৃহীত কথাটো হ’ল যে বৰ্তমান সময়ত অসমত ঘঁৰিয়াল নাই, কিন্তু ২০২২ চনত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ব্ৰহ্মপুত্ৰৰ বুকুত ঘঁৰিয়াল দেখিবলৈ পোৱা বুলি দাবী কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখা পোৱা এই ঘঁৰিয়ালৰ ছবি বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীৱ শৰ্মাৰ কেমেৰাত বন্দি হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি এলেকাত চলাই থকা জৰীপৰ সময়তে এই ঘঁৰিয়ালৰ অস্তিত্বৰ সম্ভেদ পোৱা বুলিও কোৱা হৈছে। ইয়াৰ আগতে ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘঁৰিয়াল দেখাৰ এক খবৰ প্ৰকাশ পাইছিল যদিও তাৰ কোনো ফটোগ্ৰাফ আদি নাছিল; কিন্তু এইবাৰ ঘঁৰিয়ালে চাপৰিত জিৰণি লৈ থকা অৱস্থাৰ ফটোও বিভিন্ন মাধ্যমৰ যোগে প্ৰচাৰিত হৈছিল।
কিন্তু, এটা সময়ত ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই আছিল বুলিও জনা যায়। উনবিংশ শতিকাৰ আগভাগত যেতিয়া ব্ৰহ্মপুত্ৰত ভাপ জাহাজ বা ইঞ্জিনচালিত ষ্টিমাৰবোৰ চলা নাছিল, তেতিয়াও অসমৰ সৈতে পশ্চিমবঙ্গ, ঢাকা আদিৰ বাণিজ্যিক যোগাযোগ আছিল। এনে ধৰণৰ বাণিজ্যিক কামৰ কাৰণে যিবোৰ নাও ব্যৱহাৰ কৰা হৈছিল সেইবোৰ আছিল মাৰ নাও। বৃটিছ অফিচাৰসকলেও অলপ উন্নত ধৰণৰ মাৰ নাৱেই ব্যৱহাৰ কৰিছিল, যিবোৰক খেল নাও বা বজ্বেৰ’ বুলি কোৱা হৈছিল। কলিকতাৰ বাঙালী সদাগৰসকলে অসমলৈ সামগ্ৰী পঠিয়াই তাৰ বিনিময়ত অসমীয়া তথা ইয়াৰ জনজাতীয় লোকসকলৰ পৰা ইয়াত পোৱা ম’হৰ শিং, হাতীৰ দাঁত, গড়ৰ খড়্গ আদি বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি নিছিল। তেওঁলোকে ব্যৱহাৰ কৰা নাওবোৰ ৫-৬ ফুটমান বহল আৰু বিছৰ পৰা ত্ৰিছ ফুট দীঘল আকাৰৰ আছিল। ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ নাওবোৰৰ ওপৰত আচ্ছাদনৰূপে ফলা বাঁহ আৰু তাল পাতৰ অথবা টকৌ পাতৰ একোখন চালি সাজি লৈছিল। নাৱৰ তলিতো বাঁহৰ খহটা ঢাৰি পাৰি দিয়া হৈছিল। নাৱতেই বনোৱা ঘৰৰ দুৱাৰ, খিৰিকী, খিৰিকীৰ জাপ আদিও বাঁহেৰেই বনোৱা হৈছিল।
The Whole World Kin কিতাপখনতে সন্নিৱিষ্ট, ১৮৩৫ চনৰ ৭ ডিচেম্বৰত শ্ৰীমতী ব্ৰাউনে নাৱেৰে ভ্ৰমণ কালত লিখা এটা টোকাত কৈছে, “আমাৰ নৌযাত্ৰীসকলৰ যাত্ৰা পথৰ বেছিখিনিতে নদীৰ পাৰবোৰ দহৰ পৰা বাৰ ফুট ওখ ইকৰা-কঁহুৱাৰ দৰে ঘাঁহনিৰে ভৰা জংগলে আগুৰি আছিল। এই জংগলবোৰ বনৰীয়া হাতী, ম’হ আৰু হৰিণৰ লগতে বাঘ, নাহৰফুটুকী বাঘ, বন গাহৰি আৰু শিয়ালেৰে ভৰি আছিল। … এই হাবিবোৰত বিষাক্ত সাপবোৰে নিৰ্বিঘ্নে চিকাৰ কৰি ফুৰে। … চৰবোৰত অজগৰ জাতীয় বৃহৎ সাপবোৰ ভূৰিভোজনৰ পাছত দীঘলীয়া নিদ্ৰাত পৰি থাকে। এই ঠাইবোৰত ঘঁৰিয়ালো ৰ’দ লৈ পৰি থাকে আৰু নিশা পানীলৈ সোমাই যায়।”(নাথান ব্ৰাউনৰ অসম অভিযান, পৃ- ৫২)।
১৮৪০ চনত ব্ৰাউন দম্পতী আছিল জয়পুৰত। তেওঁলোকৰ তৃতীয়টো সন্তান নাথান বেলাৰ্ডৰ পেৰালাইচিছ জাতীয় অসুখে দেখা দিয়াত সন্তানটোক চিকিৎসা কৰাবলৈ শ্ৰীমতী ব্ৰাউন অকলেই কলিকতালৈ যাবলৈ সাজু হ’ল। কিছুদিনৰ আগৰ পৰা, শদিয়াত থকাৰ পৰাই বেলাৰ্ডৰ অসুখ হৈ আছিল। সি ভালকৈ খোজ কাঢ়িব নোৱাৰিছিল আৰু শব্দবোৰো ভালকৈ ফুটাব নোৱাৰিছিল। এদিন পুৱা খোৱাৰ মেজত নাথান ব্ৰাউনে দেখিলে যে বেলাৰ্ডৰ এটা চকু বহুত ভিতৰলৈ সোমাই গৈছে। নাথান চিন্তিত হৈ পৰিল।অসমত তেতিয়া চিকিৎসাৰ ব্যৱস্থা নথকা বাবে সন্তানটোক কলিকতালৈকে লৈ যোৱাৰ কথা ভবা হ’ল। কামত ব্যস্ত বাবে নাথান ৰৈ গ’ল আৰু শ্ৰীমতী ব্ৰাউন এগৰাকী আয়া সহ অকলেই যাবলৈ সাজু হ’ল।
সেই বছৰৰে ১০ ফেব্ৰুৱাৰীত দুখন ছৈ দিয়া নাৱেৰে চাৰি বছৰীয়া অসুখীয়া বেলাৰ্ড আৰু ডেৰ বছৰীয়া ছোৱালী হুইটনিক লৈ (ব্ৰহ্মদেশৰ পৰা তেওঁলোকৰ লগত অহা ডৰথী ছফিয়া নামৰ ছোৱালীজনী শদিয়াত থাকোঁতেই মৃত্যু হৈছিল) এগৰাকী আয়া সহ শ্ৰীমতী ব্ৰাউনে জয়পুৰৰ পৰা যাত্ৰা কৰিলে। এই যাত্ৰাত দেখা কিছু দৃশ্য শ্ৰীমতী ব্ৰাউনৰ ভাষাত আৰু ইমৰান হুছেইনৰ অনুবাদত এনেদৰে বৰ্ণিত হৈছে, “প্ৰায় প্ৰত্যেক দিনাই আমি নিশাটো কটাবলৈ ৰোৱা ঠাইত হাতী আৰু বনৰীয়া ম’হ অহা-যোৱা কৰা ভালেমান বাট দেখিছিলোঁ। আমি গৈ থাকোঁতে প্ৰায়ে এনে বৃহৎ জন্তুবোৰ নৈলৈ পানী খাবলৈ অহাও দেখিছিলোঁ, কিন্তু সিহঁতৰ কোনেও আমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল। মোৰ ঘঁৰিয়ালবোৰলৈহে বেছি ভয় লাগিছিল। কোনো কোনো ঠাইত নদীখন বনৰীয়া জন্তুতকৈ ঘঁৰিয়ালেৰেহে ভৰি থাকে। আমি ঠায়ে ঠায়ে শ শ ঘঁৰিয়াল নদীৰ বালিত ভালেমান এলেকাজুৰি বিস্তৃত হৈ ৰ’দ লৈ পৰি থকা দেখিছিলোঁ।”(নাথান ব্ৰাউনৰ অসম অভিযান, পৃ- ১২৫)।
এদিন শ্ৰীমতী ব্ৰাউনৰ নাওখন ৰাতি জিৰণি ল’বলৈ বুলি এটা সুঁতিৰ মুখত ৰখোৱা হ’ল। শ্ৰীমতী ব্ৰাউনে আয়াগৰাকী আৰু ল’ৰা-ছোৱালী দুটিক লৈ নৈৰ পাৰত ফুৰিবলৈ গ’ল। ইমৰান হুছেইনৰ অনুবাদত বৰ্ণিত হৈছে, “তেনেতে পানীৰ ফালৰ পৰা এটা তীব্ৰ হিচ-হিচনিৰ শব্দ শুনা গ’ল। সন্ধিয়াৰ চকামকা পোহৰত তেওঁলোকে সুঁতিটোৰ আন্ধাৰৰ মাজৰ পৰা এটা ঘঁৰিয়ালৰ মূৰ প্ৰকট হোৱা দেখা পালে। তাৰ পাছত আৰু এটা, তাৰ পাছত আৰু এটা, – এনেদৰে কেইবাটাও ঘঁৰিয়ালে দেখা দিলে”(পৃষ্ঠা -১২৬)। নৈৰ সিটো পাৰত ডাঙৰ ডাঙৰকৈ কোনো লোকে জুই জ্বলাই আছিল আৰু সম্ভৱ সেই কাৰণেই ঘঁৰিয়ালবোৰ তেওঁলোকৰ নাওখনৰ ফালে গুছি আহিছিল। এইটোও ভবা হৈছিল যে এই সুঁতিটো ঘঁৰিয়ালবোৰৰ পৰম্পৰাগত মাছ চিকাৰ কৰা এলেকা আৰু সেয়েহে গধূলি সময়ত সিহঁত তাত গোট খাইছিল। নাৱৰ গুৰিয়ালজনে শ্ৰীমতী ব্ৰাউনক আশ্বাস দিছিল যে ঘঁৰিয়ালবোৰে মানুহক আক্ৰমণ কৰাৰ কথা কেতিয়াও তেওঁলোকে শুনা নাই। ব্ৰাউনক আশ্বস্ত কৰিবলৈ নাৱৰীয়াকেইজনো নাওখনতে শুব বুলিও ক’লে। আগেয়ে সচৰাচৰ তেওঁলোক নৈৰ পাৰতহে শোৱে। ৰাতি নাৱত শুই থকা সময়ৰ এক ছবি ইমৰান হুছেইনৰ অনুবাদত আছে, “পানী পখালি থকা ঘঁৰিয়াল এটাৰ নেজডালে বহুসময় ধৰি বাৰে বাৰে নাওখনত কোব মাৰি থকাত নাওখন কঁপি উঠিছিল। … শ্ৰীমতী ব্ৰাউনে নাওখনৰ তলফালে আৰু কাষৰ ফালে এই ভয়ানক, পিছল দেহৰ কিম্ভূতকিমাকাৰ জন্তুবিধৰ অহা-যোৱাৰ শব্দ শুনি আছিল। এনে এটা সৰীসৃপে তাৰ শক্তিশালী নাকটোৰে নাওখনৰ দূৰ্বল তলিখন ফুটাই পেলোৱাটো অসম্ভৱ নাছিল” (পৃষ্ঠা-১২৬)। নাৱৰীয়াকেইজনেও যথেষ্ট ভয় খাইছিল। পাছত শ্ৰীমতী ব্ৰাউনৰ উদ্যোগত নাৱৰীয়াকেইজনৰ সৈতে নাৱৰ ছৈটো খুলি আনি পাৰৰ বালিত শোৱাৰ ব্যৱস্থা কৰা হ’ল। নৈৰ পাৰতো ঘঁৰিয়ালৰ চিঞৰ আৰু বনৰীয়া জন্তুৰ ভয়ত ব্ৰাউনহঁতৰ সেই ৰাতি টোপনি নাহিল। ব্ৰাউনে লিখিছে যে পাৰলৈ অহাৰ ফলত তেওঁলোকৰ অৱস্থা একো উন্নত নহ’ল, কাৰণ ৰাতিপুৱা তেওঁলোকে দেখিলে যে নৈৰ সিটো পাৰত থকা নাও বন্ধা অৰ্ধবৃত্তাকাৰ ঠাইবোৰ ওখ কিছুমান খুটিৰে বেৰি থোৱা আছিল। ইয়াৰ পৰা বুজা গৈছিল যে ঘঁৰিয়ালবোৰ অকল পানীৰ মাজতে আৱদ্ধ হৈ নাথাকে, সিহঁত পাৰলৈও উঠি আহে। নাৱৰীয়াহঁতে জ্বলোৱা জুইকুৰা গোটেই ৰাতি জ্বলি আছিল আৰু সম্ভৱ সেইকাৰণেই এই জন্তুবোৰ তেওঁলোকৰ কাষ চাপিব পৰা নাছিল।
ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালৰ এনে সজীৱ কাহিনী উল্লেখ থকা কিতাপ অসমীয়া ভাষাত এতিয়ালৈকে তেনেকৈ দৃষ্টিগোচৰ হোৱা নাই। মহেশ্বৰ নেওগে তেওঁৰ আত্মজীৱনী “জীৱনৰ দীঘ আৰু বাণি”ত তেওঁলোকে শৈশৱত দিখৌ নৈত গা ধুই থাকোঁতে ঘঁৰিয়াল দেখাৰ কথা উল্লেখ কৰিছে। তেখেতে লৰালি কালত সমনীয়াৰ সৈতে ওপজা গাঁও কমাৰফদীয়াৰ কাষেৰে বৈ যোৱা দিখৌ নদীত সাঁতুৰিছিল। বাৰিষাৰ এদিন তেনেদৰে দিখৌৰ ভৰা পানীত সাঁতুৰি থাকোঁতে হঠাৎ এজন সমনীয়াই ধেমালিতে ঘঁৰিয়াল বুলি কোৱাত ভয়ত আটাইকেইজনে খৰধৰকৈ পাৰলৈ উঠিল আৰু পানীলৈ চাই দেখিবলৈ পাইছিল যে তেওঁলোকে সাঁতোৰা ঠাইতে সঁচাকৈ এটা ঘঁৰিয়ালে ভুমুকি মাৰিলে। মহেশ্বৰ নেওগৰ জন্ম হৈছিল ১৯১৫ চনত। সেই মতে তেওঁলোকে নদীত গা ধোৱাৰ কথা হিচাপ কৰিলে বিংশ শতিকাৰ প্ৰথম ভাগলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ বিলাকত ঘঁৰিয়ালৰ উপস্থিতিৰ উমান পাব পাৰি। কলঙতো এবাৰ এটা মৃত ঘঁৰিয়াল ওলোৱাৰ কথা পুৰণি ৰচনাত পঢ়িছিলোঁ যিটো সংৰক্ষণৰ বাবে মিউজিয়ামত ৰখাৰ ব্যৱস্থা কৰিছিল। অৱশ্যে আমি সৰুতে, আমাৰ ককা আইতাহঁতৰ বয়সৰ বৃদ্ধসকলৰ মুখত ঘঁৰিয়ালৰ সৈতে ভেটাভেটি হোৱাৰ কাহিনী শুনিছিলোঁ; সেইবোৰৰ কিমানখিনি সঁচা আছিল সেয়াহে ঠাৱৰ কৰিব নোৱৰা বিষয়।
ব্ৰহ্মপুত্ৰত ঘঁৰিয়ালে গিজগিজাই থকাৰ এনে ছবি আন কোনো অসমীয়া বা ইংৰাজী কিতাপ বা বিবৰণত এতিয়ালৈকে পোৱা নাছিলোঁ অথবা প্ৰত্যক্ষভাৱে ক’তো শুনাও নাছিলোঁ। ইমৰান হুছেইনৰ অনুদিত কিতাপখনে এলিজাবেথ হুইটনি ব্রাউনৰ মূল The Whole World Kin কিতাপখন লুটিয়াই চাবলৈ আমাক প্ৰভাৱিত কৰিলে আৰু ইয়াৰ যোগেদি অসমৰ এসময়ৰ পৰিবেশৰ এক সম্যক চিত্ৰ লাভ কৰিবলৈ সক্ষম হ’লোঁ।
নাথান ব্ৰাউন: শিক্ষক, কাকতৰ সম্পাদকৰ পৰা ধৰ্মীয় কৰ্মীলৈ
হোমেন বৰগোহাঞিয়ে তেওঁৰ ‘বাতৰি কাকতত অসমীয়া ভাষাৰ দূৰ্গতি’ শীৰ্ষক ৰচনাখনত কৈছে, “কেনেকুৱা ঐতিহাসিক পৰিস্থিতিত শিৱসাগৰ অঞ্চলৰ কথ্য ভাষাক মান্য অসমীয়া ভাষা বুলি গ্ৰহণ কৰিবলগীয়া হৈছিল সেই কথা সকলোৱে জানে। নামনি অসমৰ কোনো কোনো বিশিষ্ট পণ্ডিতে মৌখিক আলোচনাত এনে কথা প্ৰকাশ কৰাও শুনা যায় যে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে যদি শিৱসাগৰৰ পৰিবৰ্তে নামনি অসমৰ টিহু, বৰপেটা বা নলবাৰীক তেওঁলোকৰ কৰ্মক্ষেত্ৰ হিচাপে বাচি ল’বলৈ বাধ্য হ’লহেতেন, তেন্তে উজনি অসমৰ পৰিবৰ্তে নামনি অসমৰ ভাষাইহে হয়তো মান্য অসমীয়া ভাষাৰ স্বীকৃতি পালেহেতেন। তেনে স্বীকৃতি পাবলৈ নামনি অসমৰ তথা কামৰূপী উপভাষাৰ যোগ্যতাও আছিল।”(গ্ৰন্থ: চিন্তাৰ খোৰাক, পৃষ্ঠা – ৯১)। হয়, সেই কথা অস্বীকাৰ কৰি লাভ নাই যে অসমীয়া জাতি আৰু ভাষাৰ এক গভীৰ সন্ধিক্ষণ আৰু দূৰ্যোগৰ সময়তে অসমৰ আকাশত ভোটা তৰাৰ দৰে উদিত হৈছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল। মিছনেৰীসকলে পোনে পোনে উজনি অসমত স্থিতি লৈ অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনত বন্তিগছি জ্বলোৱা বাবেই উজনি অসমৰ ভাষা হৈ পৰিল মূলতঃ মান্য অসমীয়া ভাষা আৰু এই ভাষা-সাহিত্যকেন্দ্ৰিক চৰ্চাৰ যোগেদিয়েই গঢ় লৈ উঠিল অসমীয়া জাতীয় সত্বা আৰু আধুনিক সাহিত্য। ব্ৰাউন দম্পতিৰ অসম আগমন নিতান্তই লোমহৰ্ষক আৰু চিত্তাকৰ্ষক; কেনে ধৰণৰ ইচ্ছাশক্তি, মানসিক তাগিদা আৰু লক্ষ্যৰ প্ৰতি দুৰ্বাৰ হাবিয়াস থাকিলে এনে ধৰণৰ অভিযানত আগবাঢ়িব পাৰি সেয়া স্বাভাৱিকতেই আশ্চৰ্যজনক। অৱশ্যে ব্ৰাউন দম্পতীয়েই কেৱল নহয়, আমেৰিকান মিছনেৰী বোৰ্ডৰ আহ্বান মৰ্মে সেই সময়ত বিভিন্ন দেশত ধৰ্ম প্ৰচাৰৰ বাবে যোৱা সকলো মিছনেৰী কৰ্মীয়েই বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। তথাপি অসমলৈ প্ৰথম আগমন আৰু অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাৰ ৰণত অক্লান্ত সৈনিক হিচাপে ব্ৰাউন দম্পতীয়ে অনুসন্ধিৎসু অসমীয়াসকলৰ হৃদয় আৰু মগজু আচ্ছাদিত কৰি ৰাখিছে। অত্যন্ত অধ্যয়নশীল নাথান ব্ৰাউনে কলেজীয়া শিক্ষা শেষ কৰি বেনিংটনত জেমছ বেলাৰ্ড নামৰ তেওঁৰ এজন বন্ধুৰ সৈতে এখন বিদ্যালয় আৰম্ভ কৰিছিল। জেমছৰ ভনীয়েক মিচ এলাইজা বেলাৰ্ডো সেই বিদ্যালয়ৰে শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হৈছিল যাৰ লগত পাছত নাথান ব্ৰাউন বিবাহ পাশত আবদ্ধ হৈছিল। বিয়াৰ পাছতে অৱশ্যে নাথান ব্ৰাউনে ব্ৰেণ্ডনৰ ‘দ্যা ভাৰমাউণ্ট টেলিগ্ৰাফ’ নামৰ ধৰ্মীয় সাপ্তাহিক কাকতখনৰ সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰিব লগা হ’ল আৰু তেতিয়াই ব্ৰহ্মদেশৰ মিছনক নতুন মানুহৰ প্ৰয়োজন হোৱা গোহাৰিটো আমেৰিকা পালেহি। এই আহ্বান মৰ্মেই ব্ৰাউন দম্পতী অৰ্থাৎ নাথান ব্ৰাউন আৰু এলাইজা ব্ৰাউনে ১৮৩১ চনৰ আগষ্ট মাহত মিছনেৰিৰ কামত ব্ৰহ্মদেশলৈ (বৰ্তমান ম্যানমাৰ) যাবলৈ সংকল্প গ্ৰহণ কৰিলে আৰু সেই মৰ্মে ১৮৩২ চনৰ নৱেম্বৰ মাহতে পত্নী এলাইজা সহ আমেৰিকাৰ গৃহভূমি চাৰ্লমণ্টৰ পৰা খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে ব্ৰহ্মদেশৰ মৌলমেনলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। অৱশ্যে তেওঁলোকৰ যাত্ৰাৰ বাবে ঠিক কৰা কৰ্ভ (Corve) নামৰ জাহাজখন ২১ ডিচেম্বৰতহে বষ্টন বন্দৰ এৰিছিল। তাৰ আগতে ১৮৩২ চনৰ জানুৱাৰী মাহত নাথানে টেলিগ্ৰাফৰ পদটো ত্যাগ কৰি নিউটন থিয়লজিকেল চেমিনাৰীত কেইবামাহো ধৰি গভীৰ অধ্যয়নত মগ্ন হ’ল যি অধ্যয়নে সমগ্ৰ জীৱনজুৰি ব্ৰাউন দম্পতিক ইচ্ছাশক্তি প্ৰদান কৰি থাকিল। ব্ৰাউনহঁতৰ পাছে পাছে মাইলছ ব্ৰনছন আৰু দূৰ্ভগীয়া থমাছ ইতিমধ্যে ১৮৩৭ ৰ ২৬ এপ্ৰিলত ব্ৰাদাৰ থমাছ আৰু মাইলচ ব্ৰনছনে ব্ৰাউন দম্পতীৰ দৰেই মাৰনাৱেৰে কলিকতাৰ পৰা শদিয়ালৈ যাত্ৰা কৰিছিল; কিন্তু বাৰিষাৰ আৰম্ভণীৰ সময়ত তীব্ৰ সোঁত, বতাহ-ধুমুহা, বৰষুণে তেওঁলোকক জুৰুলা কৰাৰ লগতে তেজপুৰ পাওঁতেই ব্ৰনছনৰ তীব্ৰ মেলেৰিয়াত স্বাস্থ্যৰ অৱনতি ঘটাত ব্ৰনছনক তেজপুৰতে নৈৰ চাপৰিত এৰি ব্ৰাদাৰ জেকব থমাছে কেইজনমান নাৱৰীয়াৰ সৈতে ঔষধৰ বাবে আগতীয়াকৈ শদিয়ালৈ যাত্ৰা কৰিছিল। তেওঁলোকে তিনিখন সৰু নাও লৈ যাত্ৰা কৰিছিল। মাজৰ নাওখনত আছিল ব্ৰাদাৰ থমাছ। তেওঁলোক ছৈখোৱাৰ কাষ পাইছিল, শদিয়ালৈ আৰু এঘণ্টাৰ বাট আছিল। তেনেতে বাঢ়নি পানীৰ সোঁতে দুজোপা গছৰ গুৰি খহাই নিয়াত দুয়োজোপা গছ থমাছৰ নাওখনৰ ওপৰতে পৰিল। নাওখন নিমিষতে বুৰ গ’ল আৰু ডাঙৰ গছজোপা থমাছৰ ওপৰতে পৰি তেওঁক মৃত্যু মুখলৈ ঠেলি দিলে। নাৱৰীয়াকেইজনে জপিয়াই প্ৰাণ ৰক্ষা কৰিলে। গছজোপাই হেঁচা মাৰি ধৰি থকা থমাছৰ মৃতদেহটো গছ আৰু নাওখনতে লাগি ধৰি কেইবাদিনলৈও পানী-খেলি আছিল। পাছত ব্ৰাউনহঁতে শদিয়ালৈ আনি থমাছক কবৰ দিলে। পাছত কাট্তাৰ আৰু ব্ৰাউনে শদিয়াৰ পৰা ভটিয়াই নাও আৰু ঔষধ লৈ গৈ তেজপুৰৰ পৰা ব্ৰনছন দম্পতীক শদিয়ালৈ আনিলে। ১৮৩৬ চনৰ ২৩ মাৰ্চত প্ৰথম বাৰৰ বাবে ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ কাট্তাৰ নাৱেৰে আহি অসমৰ শদিয়া পাইছিল আৰু তাৰ ঠিক ডেৰবছৰৰ পাছতে ১৮৩৭ চনৰ ১৭ জুলাইত মাইলছ ব্ৰনছন শদিয়াত উপস্থিত হৈছিল। এই ব্ৰনছনেই শদিয়ালৈ কঢ়িয়াই আনিছিল কাগজৰ বান্দিল সহ এটা নতুন ছপাশাল আৰু এইটোৱেই আছিল অসমৰ প্ৰথম ছপাশাল। ব্ৰনছনে তাতেই চিংফৌ, খামতি, অসমীয়া ভাষা শিকিবলৈ লৈ অসমীয়াতে প্ৰাৰ্থনা আৰু ব্যাখ্যা দিয়ে। য়ং নামৰ এজন খামতি ল’ৰাক সীহত ছবি কাটি উলিয়াবলৈ শিকাই ছপাশালত ব্যৱহাৰ কৰিছিল। ইতিমধ্যে শ্ৰীমতী কাট্তাৰৰ অসুখৰ চিকিৎসা কৰিবলৈ কাট্তাৰ দম্পতি কলিকতালৈ ৰাওনা হোৱা বাবে তেওঁলোকে স্থাপন কৰা বিদ্যালয়কেইখনৰ সকলো কাম ব্ৰাউন দম্পতীয়ে নিজেই কৰিব লগা হ’ল। ব্ৰনছন দম্পতিও ইতিমধ্যে জয়পুৰলৈ গ’ল। মাইলচ ব্ৰনছনৰ নামচাং ভ্ৰমণ তেওঁৰ বিৱৰণৰ পৰা জনা যায় যে ব্ৰনছনে ১৮৩৯ চনৰ ৭ জানুৱাৰীত নামচাঙলৈ প্ৰথম যাত্ৰা কৰিছিল। ৰবৰৰ তম্বু আৰু এজন দোভাষী লৈ তেওঁ ঘন অৰণ্য, নদীৰ সোঁত আৰু পৰ্বত পাৰ হৈ নামচাং ওলাইছিল গৈ। তেওঁৱেই অঞ্চলটো ভ্ৰমণ কৰা প্ৰথম ককেচিয়ান আছিল। প্ৰথমে, গাওঁবাসীয়ে তেওঁক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গুপ্তচৰ বুলি ভাবি লৈছিল আৰু গাঁৱত সোমাবলৈ দিয়া নাছিল। গাওঁখনৰ কাষত দুদিন অপেক্ষা কৰাৰ পিছত, গাঁও-প্ৰধান বা খোনবাওৱে তেওঁক মাতি পঠালে। ব্ৰনছনে গাওঁবাসীক কৈছিল যে তেওঁ তেওঁলোকৰ ভাষা শিকিবলৈ আৰু তেওঁলোকৰ মাজত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আহিছে। সৌহাৰ্দ্যপূৰ্ণ, কোমল শব্দ আৰু উপযোগী ব্যৱহাৰৰ দ্বাৰা তেওঁ খোনবাওৰ সদিচ্ছা লাভ কৰিবলৈ সক্ষম হৈছিল। অতি সোনকালেই, মানুহে তেওঁক গাওঁখনত গ্ৰহণ কৰে আৰু খোনবাওৱে তেওঁৰ দুজন পুত্ৰক নক্টে ভাষা শিকাবলৈ অনুমতি দিয়ে। ১৮৩৯ চনৰ ২৯ জানুৱাৰীলৈকে ব্ৰনছন নামচাঙত আছিল আৰু নক্টে ভাষাত এখন কেটেকিজমৰ কিতাপ প্ৰস্তুত কৰিছিল। ব্ৰনছনে অসমীয়া, খামতি আৰু চিংফৌ ভাষা শিকিছিল আৰু সেই ভাষাবোৰত কিতাপ লিখিবলৈ প্ৰস্তুত হৈছিল। কেটেকিজমৰ কিতাপখন ১৮৩৯ চনত প্ৰকাশ হৈছিল আৰু ব্ৰনছনে ইয়াত ইংৰাজী, অসমীয়া, চিংফৌ আৰু নাগাভাষাত লিখা “A Spelling Book and Vocabulary, Written in English, Assamese, Singpho and Naga” কিতাপখন অনুসৰণ কৰিছিল। নামচাঙলৈ তেওঁৰ দ্বিতীয় ভ্ৰমণৰ সময়ত, তেওঁ দুয়োখন কিতাপ খামতিসকলৰ বৰ-খোনবাও (কাৰ্যকৰী প্ৰধান)ক অৰ্পণ কৰিছিল। বৰ-খোনবাওৱে তেওঁলোকৰ ভাষাত দুখন কিতাপ মুদ্ৰণ কৰাত সুখী হৈছিল বুলি ব্ৰনছনে উল্লেখ কৰিছে। তেতিয়ালৈকে তেওঁলোকৰ কোনো কিতাপ নাছিল। ব্ৰনছনে নক্টেসকলৰ বাবে “Phases in English and Naga (1840)” নামৰ আন এখন কিতাপো লিখিছিল। মাইলছ ব্ৰনছনৰ পৰিবাৰ ৰুথ ব্ৰনছনে ১৮৪০ চনত Worcester’s Primer খন নক্টেলৈ অনুবাদ কৰে। ব্ৰনছনে ১৮৩৯ চনৰ ২০ ডিচেম্বৰত তেওঁৰ দ্বিতীয়বাৰ নামচাং অভিযান কৰে। এই ভ্ৰমণকালত তেওঁ গাওঁবাসীৰ সহায়ত এখন বিদ্যালয় স্থাপন কৰে। ১৮৪০ চনৰ ১৩ মাৰ্চ তাৰিখে তেওঁ তেওঁৰ পত্নী আৰু জীয়েক মেৰীক জয়পুৰৰ পৰা আনিছিল। প্ৰথমতে, বিদ্যালয়খন চলোৱাটো কঠিন আছিল। কেৱল গাঁও-প্ৰধানজনৰ পৰিয়ালৰ অতি কম বয়সীয়া আৰু আত্মীয়সকলেহে বিদ্যালয়ত পঢ়িবলৈ আগ্ৰহী আছিল; সাধাৰণ লোকসকলৰ পঢ়িবলৈ আৰু লিখিবলৈ, শিকিবলৈ কোনো আগ্ৰহ নাছিল, কিয়নো নিমখ নিৰ্মাণ আৰু অন্যান্য ঘৰুৱা কামত অত্যন্ত ব্যস্ত হোৱা বাবে তেওঁলোকৰ পৰ্যাপ্ত সময় নাছিল। যিসকলে কাম কৰিছিল আৰু দিনৰ ভাগত বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিছিল তেওঁলোকৰ বাবে সন্ধিয়াৰ বিদ্যালয় স্থাপন আৰু পাঠদান অনুষ্ঠিত হৈছিল। খামতিসকলৰ বহুতে তেওঁলোকৰ দাও (তৰোৱাল) আৰু বৰ্শা লৈ বিদ্যালয়লৈ আহিছিল! ব্ৰনছনে লিখিছিল, “মুৰব্বীসকলৰ সকলো পুত্ৰ বিদ্যালয়লৈ আহিছিল আৰু তেওঁলোকৰ বাবে প্ৰস্তুত কৰা কিতাপবোৰ পঢ়িবলৈ সক্ষম হৈছিল। কেইবাজনো ল’ৰাই নিজৰ ভাষাত পঢ়িব পাৰিছিল আৰু ৰোমান আৰু অসমীয়া লিপি ব্যবহাৰ কৰিছিল। বহুতৰে অসমীয়া শিকাৰ ইচ্ছা আছিল।” এবাৰ, ব্ৰনছনে তেওঁলোকৰ স্থানীয় শিক্ষক বলিৰামক জয়পুৰৰ পৰা নামচাঙলৈ পঠিয়াইছিল যাতে তেওঁলোকে দৈনিক পঢ়ি আছে নে, তেওঁলোকে কি শিকিছে, পাহৰি গৈছে নেকি আদি জানিবৰ বাবে। উভতি অহাৰ পিছত, স্থানীয় শিক্ষকজনে তেওঁলোকৰ পঢ়াৰ এক অতি যোগাত্মক বিৱৰণ প্ৰকাশ কৰিছিল। তেওঁৰ পত্নী আৰু স্বৰ্গীয় ভগ্নী ৰোডাৰ উপৰিও ব্ৰনচনক বলিৰাম আৰু ভোগচন্দ্ৰই শিক্ষাদানত সহায় কৰিছিল। পাছৰ জন অৰ্থাৎ ভোগচন্দ্ৰ আচলতে এজন দোভাষী আছিল। পাছলৈ ব্ৰনছনে জয়পুৰত থিতাপি লৈ নক্টে আদি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰাখিছিল যদিও বিভিন্ন অসুখ-বিসুখ আৰু কলেৰা, মেলেৰিয়া, ক’লাজ্বৰৰ দৰে মহামাৰীৰ কোবত থাকিব নোৱাৰি শিৱসাগৰ হৈ নগাঁৱত থিতাপি ল’লেগৈ। ব্ৰনছন নগাসকলৰ লগতো জড়িত হৈ বিদ্যালয় আদি প্ৰতিষ্ঠা কৰিছিল। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ মহাসংগ্ৰামী ব্ৰনছনৰ বিষয়ে দীঘলীয়াকৈ আলোচনাৰ সুযোগ আৰু প্ৰয়োজন আছে।