গল্প-কবিতা

অস্তিত্বৰহিত ।। কিশোৰ শৰ্মা

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

মালা আজি কামলৈ যোৱা নাই। কালিয়ে কামৰ পৰা চুটি লৈছে।তাই মালিকনীৰ অনুমতি লোৱাৰ পৰত মালিকনীয়ে টাবৰ ফুলৰ গুৰিত পানী দি থকাৰ পৰাই  সুধিছিল ‘কিয় নাহা?’ তাই লাহেকৈ কাম এটা আছে বুলি কৈ মালিকনীৰ মুডটোৰ জোখমাখ লোৱাৰ যত্ন কৰিছিল। মালিকনীয়ে ‘তুমি নাহিলে ঝামেলা হৈ যায় নহয়’ বুলি ফুলৰ শুকাই যোৱা ডাল এডাল কেঁচীখনেৰে কাটি দিছিল। মালিকনীৰ ছোৱালী ৰীমাই মিচিক মাচাক হাঁহি আছিল। ৰীমা তাইৰ সমবয়সীয়া৷ বেংকত চাকৰি কৰে৷ মালাৰ মুখৰ হাঁহিটো নোহোৱা সময়তে ৰীমাৰ হাঁহিটো ডাঙৰ হৈছিল। ‘তোৰ আকৌ হাঁহিবলৈ কি হ’ল?’ বুলি তাইক মাকে চকু পকাই ধৰিছিল। ৰীমাই কৈছিল ‘আছে দিয়া, অলপ বিশেষ’ তেতিয়া তাই নেইল পলিচ লগাই আঙুলি ফুৱাই আছিল। মালিকনীয়ে ‘তহঁতৰ বিশেষ তহঁতে বুজিবি’ বুলি কৈছিল কিন্তু মালাক হা- না একো কোৱা নাছিল। মালাৰো আবেলিলৈ উদ্বিগ্নতা বাঢ়ি গৈছিল। মান্তাক তাই খাটাংকৈ ‘হা-না’ একো কোৱা নাই। গধূলি চাহ পানী খোৱাৰ শেষত ৰীমাই তাইক তাইৰ চুৰিদাৰ এজোৰ দি কৈছিল ‘ধৰা, কালি পিন্ধি যাবা।’ ৰীমাই তাইৰ পুৰণি কাপোৰ মালাক মাজে মাজে দি থাকে৷ পুৰণি মানে কি আৰু এদিন বা দুদিন পিন্ধা৷ আগতে ৰীমাৰ লগত বজাৰলৈ গ’লে মালায়ো তাইৰ পৰা নতুন কাপোৰ পাইছিল৷ আজিকালি তেনেদৰে বজাৰলৈ যোৱা নহয়ে৷ অনলাইন অৰ্ডাৰ হয়৷ মালাই পূজা বিহু বুলি কাপোৰ উপহাৰ পায়ে, কাপোৰ কিনা নহলে কাপোৰৰ মূল্যটোৱে দিয়ে৷ মালাই কৈছিল ‘বাইদেৱে একো নকলে দেখো।’ ৰীমাই কৈছিল ‘হব মাক মই কৈছোঁ। মায়ে হব বুলিছে।’ মালাই মিচিকিয়াইছিল। ৰীমাক এবাৰ সাবটি ধৰিব মন গৈছিল তাইৰ। ধৰা নাছিল৷ দিনটো ঘামত ভিজি আছিল তাই৷ গাৰ পৰা ওলোৱা ঘামৰ গোন্ধে তাইকে বিৰক্ত কৰিছিল৷ সমবয়সীয়া হ’লেও মালিকনীৰ ছোৱালী৷ হিচাপটো তাই ৰাখিব খোজে৷ হিচাটটো ৰাখিলে মালিকনীয়ে ভাল পায়।

কাম নাই বুলি তাই অলপ দেৰিকৈ শুৱা পাতি এৰিলে। টিনৰ চালি খনৰ তলত ৰাতিপুৱাই অসহ্য গৰম। তাই ঘামি গৈছে। চাদেক ইলেকট্ৰিচিয়ানে কম দামতে আনি দিয়া চেকেণ্ড হেণ্ড বিজুলী পাঙ্খাখন ঘেৰ ঘেৰ চাউণ্ড কৰি ঘূৰি আছে। গৰমৰ তাৰতম্য অনুসাৰে সেইখনৰ গতি কম-বেছি কৰিব নোৱাৰি৷ নতুন এখন বিজুলী পাঙ্খা কিনিব পাৰি৷ লগোৱাৰ ঠায়েই নাই৷ ঠিয় কৰি ৰখা বিজুলী পাঙ্খা এখন দেউতাকে আনিছিল৷ আনাৰ দুদিন পাছতে ঘৰৰ কোনো নথকাৰ সুযোগত চুৰি হৈ গ’ল৷ তাৰ পাছত আৰু পাঙ্খাত মাথা মাৰি থকা হোৱা নাই৷ ঘৰত দিনৰ দিনটো কোনো নথাকেই৷ ৰাতিহে ঘৰ বুলি পৰিয়ালৰ মানুহকেইজন লগ লাগে৷ আজি মাক-দেউতাক একেলগে ৰাতিপুৱাই ওলাই গৈছে। এইকেইদিন মাক দেউতাকৰ দৌৰা দৌৰিয়ে চলি আছে৷ তেওঁলোকে লঘু আৰু গুৰু আহাৰ বিক্ৰী কৰা দোকানখন পৌৰ নিগম বিভাগে ভাঙি দিছে। ফুটপাথৰ অস্থায়ী দোকান। বহু বছৰ ধৰি দোকানখন চলাই আছিল। অকল মালাৰ দেউতাক-মাকৰ দোকানে নহয়, বহুকেইখন দোকান বিভাগটোৱে ভাঙি দিছে। দোকানৰ সামগ্ৰীবোৰ ট্ৰাকত ভৰাই লৈ গৈছে। সেইলৈ এতিয়া দৌৰা-দৌৰি চলি আছে। বিভাগৰ মানুহ এজনক লগ কৰিবলৈ গৈছে। মানুহজনক ঘৰত লগ কৰিব।

তাই উঠি দেখিলে ঘৰখনত পানী নাই বুলিবই পাৰি। পানী কলত পানী নাই। কেইবাটাও সাং হোৱা তেলৰ টিন, বিভিন্ন কামৰ বাবে ব্যৱহাৰ হোৱাৰ পিচত পানী ভৰাবলৈ ব্যৱহাৰৰ কৰা প্লাষ্টিকৰ বিভিন্ন ৰঙৰ খালী পাত্ৰবোৰ কলটোৰ চাৰিওফালে পৰি আছে। লিকেজৰ পৰা পানী ওলাই থাকিলে খোৱাৰ পানী হৈ যাব। দত্তৰ কুঁৱাত পানী থাকিলে এবাল্টি দুবাল্টি পানী পোৱা যাব। বতৰটো ডাৱৰীয়াহৈ আহিছে। বৰষুণ আহিলেই চিন্তা হয় মানুহবোৰৰ৷ পাহাৰ কাটি উলিওৱা ৰাস্তাবোৰ পিচল হৈ পৰে৷ উঠা নমা কৰা কঠিন হৈ পৰে৷ চেণ্ডেল পিন্ধি উঠা নমা কৰা একেবাৰে অসম্ভৱ৷ ভৰিত ৰঙা আলতীয়া মাটিবোৰ জোতাৰ দৰে লাগি ধৰে৷ ৰ’দ নাই যদিও গৰম কমা নাই। পাৰাৰ পৰা মানুহবোৰ এটা দুটাকৈ ওলাই যাব আৰম্ভ কৰিছে। গধূলি বজাৰ-সমাৰ কৰি মানুহবোৰ উভতিব। পাহাৰৰ ওপৰত থিতাপি লোৱা মানুহ খিনিৰ এইটো প্ৰাত্যহিক দৃশ্য৷ দিন হাজিৰা কৰা, পদপথৰ সৰু সুৰা ব্যৱসায়ী, প্ৰাইভেট কোম্পানীত সৰু-সুৰা চাকৰি, চেলচ বই, ৰিক্সা চালক, গাড়ী চালক, হেণ্ডিমেন আদি মানুহ আৰু তেওঁলোকৰ পৰিয়ালবোৰেৰে ঠাইখিনি ভৰি আছে৷ ভাৰাতীয়া আৰু মাটিৰ গৰাকীৰ ঘৰৰ মানুহ সংখ্যা প্ৰায়ে সমান সমান৷ অংকটো এনেধৰণৰ তিনজনীয়া পৰিয়ালৰ ঘৰত তিনিজন ভাৰাতীয় আছে৷ ইয়াত কেইঘৰৰমান মানুহৰ বাহিৰে মালিক আৰু ভাৰাতীয়াৰ আৰ্থিক অৱস্থা একে৷ কেতিয়াবা কিছুমান ভাৰাতীয়াই মালিকক ঠগি পলাই গৈছে কেতিয়াবা ভৰাতীয়াৰ টকা ধাৰ লৈ মালিকে ঘূৰাই দিব পৰা নাই৷ কেতিয়াবা মালিকে ভাৰাতীয়াৰ পৰা কেতিয়াবা ভাৰাতীয়াই মালিকৰ ঘৰৰ পৰা নিমখ, চেনী, হালধী, দালি চাউল ধাৰ কৰি চলি আছে৷ বছৰেকত এবাৰ সকলোৱে গণেশ চতুৰ্থীত গণেশ পূজা কৰে ৷ পাৰাৰ একমাত্ৰ গণেশ মন্দিৰত সিদিনা পূজা হয়৷ পাহাৰৰ মানুহখিনিয়ে দেহে-কেহে খাটি পূজাভাগ পাৰ কৰাই নিয়ে৷

তাই লিকেজৰ পৰা পানী আনিলে, বেছি পানী পোৱা নাযায়। খুউব বেছি বিশ লিটাৰ। সকলোৱে তাৰ পৰা পানী সংগ্ৰহ কৰে দুই এঘৰক বাদ দি। দত্তৰ কুঁৱাৰ পৰা তিনিঘৰ মান মানুহে পানী তোলে। পাম্প ব্যৱহাৰ কৰি। দত্তক মাহিলী টকা আদায় দিয়ে। কাপোৰ ধুবলৈ মানুহবোৰ পাহাৰৰ দাঁতিৰ নিজৰাটোলৈ যায়। তাই দুপৰীয়াৰ আহাৰৰ বাবে ভাত ৰান্ধিলে। মাক-দেউতাক কেতিয়া আহি পায় ঠিক নাই। আহি ভাতকেইটা পেটত পেলাবলৈ ভাল পাব। দালি আৰু ভাতত আলু দি থলে। বাকী একো শাক-পাচলি নাই। বহুত দাম শাক-পাচলিৰ। ষাঠি আশী চলি আছে কিলোপ্ৰতি। সিহঁতৰ ঘৰত এনেই শাক-পাচলি থাকে। দেউতাকহঁতৰ দোকানৰ বাবে যিহেতু শাক পাচলি লাগেই তাৰ পৰাই ঘৰলৈ জোৰে। দোকানখন ভাঙি দিয়াৰ বাবে মানুহ দুজনৰ এইকেইদিন স্থিৰতা নোহোৱা হৈছে। কেতিয়া ক’লৈ দৌৰিছে ঠিক নাই। খানা-পিনাৰ কোনো হিচাব নাই। তাইৰ ৰান্ধিও ভাত খোৱাৰ মন নগ’ল। ওলাই অহাৰ সময়ত মাকক ফোন এটা কৰিছিল। মাকে ফোন ৰিচিভ নকৰিলে। তাই ঘৰৰ তলাটো মাৰি ওলাই আহিল। সুৰসুৰিয়া ৰাস্তাটোৰে কিছুদূৰ নামি আহি আহি আকৌ উভতিলে৷ বিৰক্তিকৰ৷ মাক দেউতাকে যদি চাবি নিয়া নাই! চাবিপাত নিৰ্দিষ্ট জেগাত থলে।

তাই চোলা এটা কিনিলে। মন্তাক কি দিব, সেইটো তাই ভাবিবই পৰা নাছিল। ৰীমাৰ লগত কথা পাতিছিল। ৰীমাই এটা ৰঙা গোলাপ দিব কৈছিল। উপলব্ধ দোকানখনৰ ঠিকনাটোও দিছিল। তাই ৰীমাৰ আগত ‘হা-না’ একো নকলে যদিও, তাই ভাবিলে গোলাপ ফুলটোৰে কি কৰিব সি। ঘৰৰ তৰ্জাৰ বেৰৰ কামিত খুচি থব পাৰিব। ধূলি মাকতি পৰি এদিন বিবৰ্ণ হ’ব। আৰু এদিন গোলাপটোৰ কি হ’ল কাৰোৱে মনত নাথাকিব। এটা চোলা দিব। ব্যৱহাৰৰ কৰিব সি। কলা ৰঙৰ চাৰ্ট সি পিন্ধে। এদিন ভাল পাই বুলিও কৈছিল সি। লেতৰা হলেও ধৰিব নোৱাৰি কাৰণে ভালপোৱা নেকি বুলি তাই সুধিছিল। আমি বেচি চফাকে থাকিব নোৱাৰো, কামেই তেনেধৰণৰ বুলি সি কথাটো মানি লৈছিল।চোলাটোৰ দৰ দাম চলিছিল। তাই পাঁচ শ টকা দিয়ে। দোকানদাৰক আৰু পঞ্চাশ টকা লাগে। নহলে নিদিয়ে। অন্যদিনৰ কথা হোৱা হ’লে তাই নললে হয়। খাটাং৷ আজি বিশেষ দিন বুলি তাই এৰি নাহিল। চোলাটো ললে। দোকানীক চোলাটো কাগজৰ বাকচত ভালদৰে ভৰাই দিব ক’লে। কলচুম দিদিৰ ঘৰত ফুলি থকা গোলাপ এটাও তাই চিঙি আনিছিল। ৰঙা নহয়, গোলোপীয়াহে। সেইটোও ভিতৰত ভৰাই দিলে। ভৰাই দিওতে সাবধান হ’ল, যাতে চেপা লাগি চোলাটোত একো দাগ নালাগে।

গোটেইখন আন্ধাৰ হৈ আহিল। আবেলিটো ৰাতিৰ লেখিয়া হ’ল। বৰষুণ। হঠাতে৷ কলহৰ কাণে ঢলা বৰষুণ। চোলাটো বুকুত সাবটি দোকান এখনৰ বাৰাণ্ডাতে ঠিয় হ’ল তাই। অলপ আঁতৰৰ বস্তু মনিব নোৱাৰি। তাইৰ আশে পাশে বহুত মানুহ। এচাৰকণিৰে গোটেই গা তিতি গ’ল। ওলাই যোৱাৰ কোনো উপায় নাই। য’তেই ঠাই অকণ ওলাইছে ত’তেই মানুহ। ৰাস্তাৰ দাঁতিত ৰখাই থোৱা দুচকীয়াবোৰ পানীত বুৰ যাব ধৰিছে, সোঁতত দুই এখন গাড়ী ৰাস্তাতে পৰি গৈছে। চাৰিচকীয়া ব্যক্তিগত বাহনবোৰ, সৰু সৰু মালবাহী ভেনবোৰ, যাত্ৰীবাহী অট’ৰিক্সাবোৰ, ৰিক্সাবোৰ, যাত্ৰীবাহী বাছবোৰ, স্কুল বাছবোৰ সকলো ৰৈ গৈছে। জলবন্দী। আহ-যাহ কৰাৰ উপায় নাই। পানী জমি গৈছে ৰাস্তাত। কঁকাললৈ পানী। চাপৰ দোকানবোৰৰ ভিতৰলৈ সোমাই গৈছে পানী। নলাবোৰ ভৰি লেতেৰা আবৰ্জনাবোৰ সুৰুঙাবোৰেৰে ৰাস্তাৰ পানীৰ লগত মিহলি হৈ গৈছে। দুৰ্গন্ধবোৰ বিয়পি পৰিছে৷

বৰষুণ এৰিলেও মানুহবোৰ স্থবিৰ। দুজন এজনেহে সাহস দেখুৱাই পানী ভাঙি আগবাঢ়িছে। অফিচ কাছাৰীৰ পৰা ঘৰলৈ উভতা মানুহবোৰ, স্কুল কলেজৰ পৰা উভতা ছাত্ৰ ছাত্ৰীবোৰ, শিক্ষক শিক্ষয়িত্ৰী বোৰ, দৈনিক হাজিৰা কৰা মানুহবোৰ, ক্ৰেতাবোৰ বিক্ৰেতাবোৰ সকলো ৰৈ আছে। পানী কমিলে ওলাই যাব। মালা কোনোপধ্যেই ওলাই যাব নোৱাৰে। এনে এজাক বৰষুণৰ পিচৰে পৰা তাইৰ ভায়েক নোহোৱা হৈছিল। ভায়েক স্কুললৈ বুলি ওলাই গৈছিল। নুভতিল। বহুতে নলাৰে উটি যোৱা বুলি কয়। লাচটোও নাপালে। অমুকত দেখিছো তমুকত দেখিছো বুলি বাৰ্তা কিছুমান আহি থাকে। বাপেকটোৱে শুনা মাত্ৰকে জেগালৈ দৌৰ মাৰে আৰু নিৰাশাৰে উভতে। বহুদিনলৈ বাট চাই চাই সি আৰু এই পৃথিৱীত নাই বুলিয়ে মানি লৈছে পৰিয়ালটোৱে। তাইৰ ফোনটো বাজে। মান্তাৰ ফোন। সি সোধে তাই ক’ত আছে। তাই তাক জনাই দিয়ে। তাই তাক সোধোতে সি ৰুক্মিণী গাওঁৰ ফালে পানীৰ কাৰণে ফচি থকা বুলি কয়। উপায় যে নাই। পানী কমালৈ বাট চাব কৈ তাই ফোনটো ৰাখে।

তাইৰ চকু সেমেকি আহে। কাইলৈ মান্তা আৰু এই চহৰত নাথাকিব। সি কাম কৰিবলৈ কেৰেলালৈ যাবগৈ। লগৰ লগত যাব। আজি সিহঁতৰ লগ পোৱাৰ কথা আছিল। মান্তাৰ বন্ধু আমিৰৰ ঘৰত সিহঁতে কিছুপৰ বহিব, তাৰ পাছত সিহঁতে চহৰখনত কিছুপৰ ঘূৰা পকা কৰিব। কাইলৈ ৰাতিপুৱা তাৰ ছয় বজাত ট্ৰেইন। আজি লগ নাপালে কাইলৈ আৰু সম্ভৱেই নহব হয়তো।

বৰষুণ এৰাৰ পিচতো বিষম পৰিস্থিতি। ইতিমধ্যে বিজুলী কাটি দিছে। দুই এজনৰ বাহিৰে প্ৰায়বোৰ মানুহেই ওলাই যাব সাহস কৰা নাই। সকলো মানুহ ফুটপাথতে জুম বান্ধিছে। ভোকে পিয়াহে মানুহবোৰ লেবেজান। ইতিমধ্যে সাংবাদিকবোৰ নামি পৰিছে। মানুহবোৰৰ বাইট লৈছে। কোনোবাই চৰকাৰৰ মূৰত দোষ জাপিছে, কোনোবাই নগৰৰ বাসিন্দাবোৰক দোষ দিছে। দুই এটা দৃশ্যই মানুহবোৰক আমোদো দিছে। পানী পাৰ হ’ব খোজোতে নিগনি এটাৰ ভয়ত মহিলা এগৰাকীয়ে চিঞৰি চিঞৰি ফুটপাথত উঠা দৃশ্যটো, ডাষ্টবিন এটা নাওৰ দৰে অঘাইটং কেইটামানে চলাই ফুৰা দৃশ্যটো, ডেকা এজনে মুৰ্খৰ দৰে খুউব স্পীডত পানীত বাইক খন চলাব খুজি উটি যোৱা দৃশ্যটো অকলে মনত পৰিলেও হাঁহিৰ খোৰাক দিব৷ মান্তাৰ পৰা দুবাৰ মান ফোন আহিল মালালৈ। মালাইও কৰিলে দুবাৰমান। দুয়ো অসহায়। পিছৰ ফালে মান্তাৰ ফোন ৰিং নকৰা হ’ল। দুয়োৰে যোগাযোগ বিচ্ছিন্ন হৈ গ’ল। মালাৰ মনলৈ ভায়েকৰ মৃত্যুৰ কথাটো বাৰে বাৰে আহিল৷ ভোকে পিয়াহে তাইৰ অবস্থা কাহিল৷ অকল তাইৰে নহয়, জলবন্দী প্ৰতিজন মানুহৰে অৱস্থা তাইৰ দৰে৷  বিষন্ন আৰু হতাশাৰ সৈতে ৰাতি দোভাগত ঘৰ পালে তাই। মাক দেউতাক তেতিয়াও শুৱা নাছিল৷ বিজুলী নাই৷ মাকৰ মোবাইলটোত চাৰ্জ বেছি সময় নাথাকে৷ বেটাৰীটো বেয়া৷ বেং খোৱা সাপৰ পেটটোৰ দৰে ম’বাইলটো ফুলি গৈছে৷ সেয়ে মাকৰ মোবাইল বন্ধ৷ মমৰ পোহৰত মাকৰ চিন্তাক্লিষ্ট মুখখন দেখি তাইৰ আৰু বেয়া লাগিছিল৷ ৰাতি বিচনাত মাকে তাইক সাবটি ধৰিছিল৷

ৰাতিপুৱা তাই পাঁচ বজাতে ওলাই আহিছিল৷ নাই, মান্তাক লগ পাবলৈ তাই ষ্টেচন গৈ নাপালে৷ কালি ৰাতিৰ বিপৰ্য়ৰ পাছত গাড়ী বিশেষ চলা নাই৷ গাড়ী ৰখি ৰখি তাই ষ্টেচন পাই মানে সাত বাজি গৈছে৷ তাই তাৰ ট্ৰেইনখনৰ নাম নাজানে৷ তাইৰ চেষ্টা কৰাৰ কোনো পথেই নাছিল৷ তাইৰ এবাৰ এনেও লাগিল, সি  কিজানি যোৱাই নাই৷

তাই ৰীমাক গোটেই কাহিনীটো কম বুলি ভাবিছিল৷ কোৱা নহ’ল৷ তাইৰ অফিচলৈ দৌৰা-দৌৰি৷ পিচত শুনিম দেই বুলি ৰীমাই তাইক এবাৰ জোকালে৷ মান্তা ফোনত নাপায় তাই বেছি অস্থিৰ হৈ আছে৷ কিয় ফোন কৰা নাই! দুঃচিন্তাই তাইক গিলিপ মাৰি ধৰিছে৷ তাই কাম কৰি আছে যদিও কামত মন বহাব পাৰা নাই৷ গাখীৰ গৰম হৈ পৰিব ধৰিছিলেই৷ মালিকলৈ তপতোৱা ৰঙা চাহ কাপত তাই চেনী দিব ধৰিছিলেই৷ তাইৰ ফোন ৰিং হোৱাত তাই মান্তা বুলি ভাবিছল৷ নহয়৷ অচিনাকী নম্বৰ৷ তাই প্ৰথমে গুৰুত্ব দিয়া নাছিল৷ শেষত তাই ৰিচিভ কৰিলে৷ ক্ৰেডিট কাৰ্ড লব নেকি বুলি হিন্দী ভাষাৰ এটা ফোন কল৷ কাটি দিলে৷ তাইৰ সেই মুহূৰ্তত চিঞৰি কান্দিবৰ মন গ’ল৷

ডাইনিঙত ৰাতিপুৱাৰ আহাৰ খাই খাই সকলোৱে টিভিত কালিৰ বিপৰ্যয়টো চাই আছিল৷ প্ৰশাসন আৰু বিভাগৰ দায়িত্বহীনতাক মালিকে চোকা সমালোচনা কৰিছিল৷ ৰীমাই মুম্বাইৰ বৰ্ষণমুখৰ আবেলি এটাৰ অভিজ্ঞতা বৰ্ণনা কৰি আছিল৷ মালিকনীৰ মতে মানুহবোৰ সতৰ্ক হোৱা হ’লে এনে বিপৰ্য্যয় নহ’লহেঁতেন৷ মালাই ৰাতিপুৱাৰ আহাৰ যোগান ধৰি থকাৰ পৰা সোধে কেৰেলাটো এনে পানী হয় নে? দ্বিত্বীয় প্ৰশ্নটো তাই কাকো নসুধিলেও মনতে খেলি থাকিল মান্তা পানী হ’লেও ঠিকে ঠাকে থাকিব নে?

হঠাৎ খবৰ আহিল৷ তাই থকা পাহাৰখনৰ মাটি খহি মানুহ মৰিছে৷

পাহাৰখন ভুমিস্খলন প্ৰৱণ এলেকা বুলি ঘোষণা কৰি প্ৰশাসনৰ ফালৰ পৰা মানুহখিনক তাৰ পৰা আঁতৰি যোৱাৰ হুকুম দিয়া হ’ল৷ মানুহখিনি যায় ক’লৈ৷ প্রতিবাদ হ’ল, আন্দোলন আৰম্ভ হ’ল৷ এমুঠিমান মানুহে ন্যায়ৰ হঁকে যুঁজিবলৈ মৰসাহ কৰিছিল এই তথ্য এই চহৰৰ ইতিহাসত থাকক বা নাথাকক, কিন্তু ৰতন নাৰ্জাৰীয়ে পুলিচৰ গুলি বুকু পাতি লৈছিল৷ পোহৰ কলিতাই গাত জুই লগাই পুলিচৰ সন্মুখত প্ৰতিবাদ কৰিছিল৷ আচলাম আলীয়ে কাৰাৰুদ্ধ হৈছিল৷

মালাই মান্তালৈ উপাহাৰ দিবলৈ কিনা চোলাটোৰ কি হ’ল সেই কথা এই ধামখুমীয়াত হেৰাই গ’ল৷ মালা, মান্তা নাৰ্জাৰী, কলিতা, আলী সকলো।

Leave a Reply

Your email address will not be published. Required fields are marked *