ডায়েবেটিছ ৰোগীৰ খাদ্য ।। ডা: কুঞ্জন শইকীয়া
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
খাদ্য, ব্যায়াম আৰু ঔষধ এই তিনিটাই হ’ল ডায়েবেটিছ ৰোগীৰ চিকিৎসাৰ ভেটি। নিয়মিত আৰু উপযুক্ত ঔষধৰ ব্যৱহাৰৰ লগতে যদি খাদ্য নিয়ন্ত্রণ আৰু ব্যায়ামক সমানে গুৰুত্ব দিয়া নহয় তেতিয়া এই ৰোগৰ চিকিৎসা সফল নহয়। সকলো ৰোগীৰে কোনে কোনবিধ খাদ্য কিমান পৰিমাণৰ খাব লাগিব, কি কি খাদ্য একেবাৰে কমাই খাব লাগিব বা ডায়েবেটিছৰ বাবে উপকাৰী খাদ্য কি এই বিষয়ে অলপ অচৰপ জ্ঞান থাকিব লাগিব। ডায়েবেটিছ ৰোগ ধৰা পৰিলে বুলিলেই যে জীৱনৰ পৰা খোৱাৰ আনন্দ একেবাৰে নোহোৱা হৈ যাব সেই কথা সত্য নহয়। খাদ্যসামগ্ৰীৰ কেলৰি আৰু Glycaemic Indexৰ বিষয়ে অলপ জ্ঞান আৰু বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে ধাৰণা থাকিলে শৰ্কৰাৰ নিয়ন্ত্ৰণৰ লগতে খোৱাৰ আনন্দও সুন্দৰকৈ উপভোগ কৰিব পাৰি।
সকলো খাদ্যই মূলতঃ তিনিটা উপাদানৰ দ্বাৰা গঠিত যাক ইংৰাজীত Macronutrients বুলি কোৱা হয়। এয়া হ’ল কাৰ্বহাইড্রেট, ফেট বা চর্বী আৰু প্ৰটিন। আমি দৈনন্দিন জীৱনত খোৱা খাদ্যসমূহৰ সৰহভাগেই কাৰ্বহাইড্রেট যুক্ত খাদ্য যেনে- ভাত, ৰুটি, ব্রেড, বিস্কুট, অ’টছ, বাৰ্লি বিভিন্ন ধৰণৰ নুড’লছ আদি। আনহাতে মাখন, ঘিউ, ক্রীম, চীজ আদিৰ উপাদান হ’ল চৰ্বী। মাছ-মাংস, কণী হ’ল প্ৰটিনযুক্ত খাদ্য। শৰীৰৰ ভিতৰৰ পাচনক্রিয়াৰ দ্বাৰা এই তিনিবিধ উপাদান ৰূপান্তৰিত হয়— কাৰ্বহাইড্ৰেটৰ পৰা তৈয়াৰ হয় গ্লুক’জ, চৰ্বিৰ পৰা ফেটি এচিড আৰু প্ৰটিনৰ পৰা এমাইন এচিড। গ্লুক’জ আৰু ফেটি এচিডৰ ব্যৱহাৰ হয় শৰীৰৰ শক্তি যোগান ধৰাত আৰু এমাইন এচিডৰ ভূমিকা থাকে শৰীৰৰ বিভিন্ন কোষৰ গঠন কৰাত।
শৰীৰৰ তেজত থকা গ্লুক’জৰ নিৰ্দ্ধাৰক আৰু মুখ্য উৎস হ’ল কাবহাইড্রেটযুক্ত খাদ্য গতিকে ৰোগীসকলে নিজৰ আহাৰৰ কাৰ্বহাইড্রেট অংশৰ ওপৰত চকু ৰাখি খোৱাৰ আঁচনি কৰিব লাগিব। বহুলভাৱে কার্বহাইড্রেটক দুভাগত ভগাব পাৰি- Simple Carbohydrate আৰু Complex Carbohydrate Simple Carbohydrate বুলি কোৱা হয় তাত গ্লুক’জৰ এটা বা দুটা ইউনিট সহজে ভাঙিব পৰা অৱস্থাত থাকে আৰু এনে খাদ্য খোৱাৰ পাছত ততালিকে ই গ্লুক’জলৈ ৰূপান্তৰিত হৈ পৰে। উদাহৰণ স্বৰূপে জাম, জেলী, চেনী, গুৰ, মিঠাই আদি এনে খাদ্য যি অতি সহজে আৰু কম সময়তে গ্লুক’জৰ মাত্ৰা তেজত বঢ়াব পাৰে। ভাত, ৰুটি, অটছ আদি হ’ল Complex Carbohydrate। ইয়াত গ্লুক’জৰ ইউনিটসমূহ কেইবাটাও গোটত বান্ধ খাই থাকে আৰু সেয়ে এনে খাদ্য ধীৰে ধীৰে হজম হৈ গ্লুক’জৰ পৰিমাণ তেজত লাহে লাহে বৃদ্ধি পায়।
কোনবিধ খাদ্যই শৰীৰত গ্লুক’জৰ মাত্ৰা কিমান বঢ়াব পাৰে তাৰ এটা সূচাংক আছে। ইয়াক খাদ্যৰ Glycemic index বুলি কোৱা হয়৷ সহজভাৱে কবলৈ গ’লে খাদ্য এবিধ খোৱাৰ পাছত কিমান ততালিকে তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি হয় তাৰ হিচাপ হ’ল Glycemic index। গ্লুক’জৰ Glycemic index চমুকৈ GI. হ’ল ১০০ অর্থাৎ ১০০ শতাংশ গ্লুক’জ ততালিকে বৃদ্ধি পায় এই গ্লুক’জ পাউডাৰ গ্ৰহণ কৰিলে। খাদ্যৰ GI. যিমান বেছি হয় সিমান সোনকালে সেই খাদ্যৰ শৰীৰত গ্লুক’জৰ পৰিমাণ বঢ়োৱাৰ ক্ষমতা বেছি হয়। তলৰ তালিকাত কেইবিধমান সাধৰণতে ব্যৱহাৰ হোৱা খাদ্যৰ GI. দিয়া হৈছে।
বগা ভাত : ৭৩ ± ৪
ব্ৰাউন ৰাইচ : ৬৮ ± ৪
ৰুটি : ৫২ ± ৪
বার্লি : ২৮ ± ২
যি খাদ্যৰ GI. কম সেই খাদ্য সেইবাবে খোৱাৰ বাবে নিৰ্বাচন কৰা উচিত। ৫৫ তকৈ কম INDEX থকা খাদ্যসমূহ হ’ল এই ভাগত পৰা গ্লুক’জৰ মাত্ৰা কমকৈ বঢ়োৱা খাদ্য যেনে : উখোৱা চাউল, বার্লি, দাইল, বুট-মণ্ড, ৰাজমাহ, শাক-পাচলি, কম মিঠা থকা ফল যেনে আপেল, মধুৰী, কমলা আদি। ৫৫-৬৯ ৰ GI. হ’ল মধ্যমীয়া শ্ৰেণীৰ। এই খাদ্যসমূহে গ্লুক’জৰ মাত্ৰা অলপ বেছিকৈ বঢ়াব কম GI. থকা খাদ্যৰ তুলনাত। উদাহৰণ- ৰুটি, বাচমতি চাউল, ব্ৰাউন ৰাইচ আৰু অ’টছ আদি। ৭০ ত বেছি GI. ৰ খাদ্যই আকৌ সবাতোকৈ বেছি গ্লুক’জৰ মাত্ৰা বঢ়োৱাৰ ক্ষমতাৰ বাবে মনকৰিবলগীয়া। উদাহৰণ হ’ল – ভাত, আলু, কর্ণফ্লেকছ, চেনি, বগা পাউৰুটি, চাউলৰ পৰা তৈয়াৰী সকলো খাদ্য যেনে চিৰা, সান্দহগুৰি, পিঠা-পনা আদি।
G.I.ৰ এই ধাৰণাৰ লগত G.L. ৰ Glycemic Loadৰ বিষয়েও অলপ কোৱাটো প্ৰয়োজনীয় হ’ব। খাদ্যৰ GI. নিৰ্দ্ধাৰিত হয় নিৰ্দিষ্ট পৰিমাণৰ বা জোখৰ খাদ্যক কেন্দ্ৰ কৰি, কিন্তু G.L. এ আমাক খাদ্যৰ আচল পৰিমাণৰ গ্লুক’জৰ মাত্ৰা বঢ়োৱাৰ ক্ষমতাৰ বিষয়ে কয়। খাদ্যৰ G.L. এটা সমীকৰণৰ পৰা নিৰ্দ্ধাৰিত কৰা হয়, G.L. = GI x খাদ্যৰ কাৰ্বহাইড্ৰেটৰ পৰিমাণ। উদাহৰণ স্বৰূপে এটা আপেলৰ (মজলীয়া ১০০ গ্রাম জোখৰ) GI হ’ল ৪০ আৰু ইয়াত ১৫ গ্রাম কার্বহাইড্রেট থাকে। ইয়াৰ GL হ’ব-
৪০ x ১৫ = ৬
————
১০০
১০ তকৈ কম থাকিলে কম GL, ১১-১৯ হ’ল মধ্যমীয়া G.Lআৰু ২০ তকৈ বেছি হলে উচ্চ GL সম্পন্ন খাদ্য। G.L. ৰ নিৰ্দ্ধাৰণে খাদ্যৰ নিৰ্বাচনত সহায় কৰে GI. ৰ লগত সংগতি ৰাখি। সহজভাৱে কবলৈ গ’লে ই খাদ্যৰ পৰিমাণ আৰু গ্লুক’জৰ মাজত তাৰ প্রভাৱৰ বিষয়ে জ্ঞান দিয়ে। তৰমুজৰ GI. বেছি (৭৩) কিন্ত G.L. কম। গতিকে অত্যাধিক বা বেছিকৈ তৰমুজ খালে গ্লুক’জ বাঢ়িব। এটুকুৰা সৰু টুকুৰাত নেবাঢ়ে। ৰঙালাওৰ ক্ষেত্ৰতো একে কথা। ৰঙালাওৰ GI বেছি হ’লেও কম পৰিমাণে খালে বেছি অপকাৰ নকৰে কাৰণ ইয়াৰ GL কম।
বর্তমান স্মার্টফোনৰ যোগত ইণ্টাৰনেট সহজলভ্য। যিকোনো খাদ্যৰ বিষয়ে Google ত G.L আৰু G.I ৰ মাত্ৰা ততালিকে চাই লব পাৰি। এনে কৰিলে ৰোগীসকলে তেওঁলোকৰ সন্মুখত থকা প্লেটৰ খাদ্যৰ গুণাগুণৰ বিষয়ে তৎক্ষণাত অৱগত হ’ব পাৰে আৰু নিজৰ খাদ্যৰ পৰিমাণ আৰু নিৰ্বাচনৰ ক্ষেত্ৰত সিদ্ধান্ত লব পাৰে। (আগলৈ)