ভাৰততীর্থ : সহমত, সহিষ্ণুতা আৰু ধৰ্মনিৰপেক্ষতাৰ এটি ঐতিহাসিক আলোকপাত (তৃতীয় অংশ) ।। মূল : আমিনুল ইছলাম; অনুবাদ : প্রত্যুষ ৰঞ্জন ভাগৱতী
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
(পূৰ্বৰ সংখ্যাৰ বাবে ইয়াত টিপক)
(৭)
সম্রাট জাহাঙ্গীৰ পিতৃৰ সহনশীল পথৰ পৰা আঁতৰি অহা নাছিল। বিদেশী পৰ্যটক টেৰি আৰু ভেলৰ বৰ্ণনাৰ পৰা তাৰ সাক্ষ্য পোৱা যায়। আধুনিক ঐতিহাসিক ড° বেণী প্রসাদেও এই বিষয়ে তেওঁৰ অকুণ্ঠ প্ৰশংসা কৰিছিল। আনকি স্বয়ং আকবৰে জীৱনৰ শেষৰ ফালে যিসমূহ হিন্দু প্ৰথা আৰু উৎসৱৰ পৰা বিৰত আছিল, জাহাঙ্গীৰে তাক পুনৰ আৰম্ভ কৰে। যেনে ধৰা হওক— ৰক্ষাবন্ধন উৎসৱ নতুনকৈ আৰম্ভ কৰিছিল। পেলছাৰ্টৰ বৰ্ণনাৰ পৰা জনা যায় পাঞ্জাৱ আৰু সম্ভৱতঃ গুজৰাটতো তেওঁ গো-হত্যা নিষিদ্ধ কৰে। সপ্তাহৰ বিশেষ কেইটামান দিন বজাৰত মাংস বিক্রীও বন্ধ ৰাখে। আকবৰৰ দৰে তেওঁ সাধু-সন্তৰ সঙ্গ ভাল পাইছিল। জাহাঙ্গিৰৰ ‘যজ্ঞপ’ নামৰ এজন প্রিয় হিন্দু সাধু আছিল। তেওঁ উজ্জয়িনীৰ কাষৰ এটি গুহাত বাস কৰিছিল। আনহাতে — মিঞা শেখ মহম্মদ মিৰ নামৰ এজন দৰৱেশৰ প্ৰতিও জাহাঙ্গীৰ অনুৰক্ত আছিল। তদুপৰি খ্ৰীষ্টধর্মই তেওঁক বৰকৈ আকৃষ্ট কৰিব পৰা নাছিল। কিন্তু ধৰ্মীয় আদেশ পালন কৰা পাদুৰীসকলক খ্ৰীষ্টধর্ম প্ৰচাৰত তেওঁ বাধা দিয়া নাছিল। আনকি তেওঁ তেওঁলোকক আর্থিক সাহায্যও প্রদান কৰিছিল। এটি সূত্ৰৰ পৰা জনা যায় যে জাহাঙ্গীৰে ২৫ ডিচেম্বৰত চাৰ্চলৈও গৈছিল। খ্ৰীষ্টানসকলৰ লগত তেওঁৰ এই ঘনিষ্ঠতাৰ এটি কাৰণ হ’ল— ইউৰোপীয় চিত্ৰকলাৰ প্রতি আগ্রহ। তেওঁলোকৰ পৰা প্ৰায়ে তেওঁ ছবি সংগ্ৰহ কৰিছিল।
জাহাঙ্গীৰে তেওঁৰ আত্মজীৱনীত আকবৰৰ চুলহ-ই-কুল নীতি আৰু সৰ্বধর্ম সমন্বয়ৰ প্ৰতি নিজস্ব দৃষ্টিভংগীৰ কথা উল্লেখ কৰিছিল। কিন্তু ধৰ্ম সম্পৰ্কত আকবৰে যে অনুসন্ধিৎসু মন আৰু ঐকান্তিক আগ্ৰহৰ স্বাক্ষৰ ৰাখি থৈ গৈছিল— জাহাঙ্গীৰৰ মাজত তাৰ অভাৱ আছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ আচৰণৰ মাজত সামঞ্জস্যবোধৰ অভাৱ আৰু পৰস্পৰৰ বৈপৰীত্য লক্ষ্য কৰা যায়। হিন্দু আৰু খ্ৰীষ্টধর্মৰ বহুখিনি তেওঁৰ মনঃপূত নাছিল। হিন্দুধৰ্মৰ অৱতাৰতত্ত্বত তেওঁৰ বিশ্বাস নাছিল। হিন্দুধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল অথবা মন্দিৰ নিৰ্মাণত অৰ্থ-সাহায্য প্রদান কৰিলেও আৰু দৰিদ্ৰসকলৰ মাজত দান-দক্ষিণা দিলেও তেওঁ বহু হিন্দু মন্দিৰ ধ্বংস কৰিছিল।
আনহাতে— ছাহজাহান কিছু দ্বিধাগ্ৰস্ত হোৱাৰ উপৰিও সহনশীলতাৰ পথতেই চলিছিল। তেওঁ ব্যক্তিগতভাৱে হিন্দু-বিদ্বেষী নাছিল। তেওঁ ৰাজদৰবাৰ হিন্দুসকলৰ বাবে উন্মুক্ত আছিল। হিন্দু শিল্পী, সাহিত্যিক আৰু সংগীতশিল্পীক তেওঁ ৰাজদৰবাৰত সমাদৰ কৰে আৰু তেওঁলোকক যথোপযুক্ত সন্মান আৰু মৰ্যাদা প্ৰদান কৰে। চাহজাহানৰ পূৰ্বৱৰ্তী মোগল শাসকসকলে সংস্কৃত আৰু হিন্দী ভাষাৰ পৃষ্ঠপোষকতা কৰিছিল। সংস্কৃত আৰু হিন্দী কবিসকলক অনেক উপঢৌকন দিছিল। তেওঁ হিন্দুৰ আন-বিজ্ঞানমূলক গ্রন্থৰ প্রতি আগ্রহী আছিল, যিসমূহ গ্ৰন্থ তেওঁ ফাৰ্চীলৈ অনুবাদো কৰিছিল।
ছাহজাহানৰ আমোলত কেৱল মুছলমানক উচ্চপদত নিয়োগ কৰা হয়— এই অভিযোগৰ আঁৰত কোনো ঐতিহাসিক তথ্য নাই। কাৰণ, তেওঁৰ সময়ত হিন্দু ৰাজকৰ্মচাৰীৰ সংখ্যা ১৬ শতাংশ আৰু তেওঁৰ পিতৃ জাহাঙ্গীৰৰ সময়ত এই সংখ্যা আছিল ১২ শতাংশ। তদুপৰি আকবৰৰ শাসনকালৰ তুলনাত ছাহজাহানৰ সময়ত হিন্দু ৰাজকৰ্মচাৰীৰ সংখ্যা বেছি আছিল। ৰজা ৰঘুনাথ ছাহজাহানৰ ৰাজকৰ সংগ্ৰহৰ অধ্যক্ষ (খাজাঞ্চি) আছিল। ছাহজাহানে পুত্ৰ ঔৰঙ্গজেৱলৈ লিখিছিল— হিন্দুসকলৰ প্ৰতি বিৰুদ্ধাচাৰণমূলক আচৰণ কৰিব নালাগে ৷ ছাহজাহানে নিজ সাম্ৰাজ্যৰ হিন্দুসকলক প্ৰধানমন্ত্ৰী আৰু উপ-প্রধানমন্ত্রী নিযুক্ত কৰিবলৈ দ্বিধা কৰা নাছিল। তেওঁ যিসকল হিন্দুক বিভিন্ন পদ তথা মনচব প্রদান কৰিছিল, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল— ৰায়ৰায়ান দয়ান্ত ৰায় গুজৰাটী, ৰায়ৰায়ান ৰজা জগন্নাথ দাস, মহাৰজা যশোৱন্ত সিং ৰাঠোৰ, ৰজা জয়সিং, ৰজা জগৎ সিং, ৰজা বিঠলদাস গৌড়, ৰজা ভাঞ্জসিং, বালুজি দক্ষিণী, ৰাও অমৰ সিং, ৰজা ৰামসিং, হামৰান দক্ষিণী, ৰূপ সিং ৰাঠোৰ, ৰজা অমৰসিং ৰাঠোৰ, চত্তৰছাল হাড়া, কামাণ্ডাৰ সিং হাডা, উদাজি ৰাম দক্ষিণী, ৰজা পাহাড় সিং বুন্দিলা, মাধৱসিং হাডা, ৰজা জগৎ সিং, ৰায় কাশীদাস, হৰিসিং ৰাঠোৰ, গোপালসিং গোবর্ধন সিং ৰাঠোৰ প্ৰমুখ। এই ক্ষেত্ৰত মনোহৰ সিংহ ৰাণাৱৎ ৰচিত ছাহজাহানৰ হিন্দু মনচবদাৰ গ্ৰন্থত প্রাপ্ত ৰাজকৰ্মচাৰীসকলৰ সূচী ইতিহাসৰ পাঠকৰ বাবে খুব গুৰুত্বপূৰ্ণ। আব্দুল হামিদ খান লাহৰিৰ পাদছাহনামা, এৱাৰিছৰ পাদছাহনামা আৰু মহম্মদ চালেহ কম্বু ৰচিত আলম-ই-চালেহ প্রভৃত গ্ৰন্থত পোৱা ছাহজাহানৰ অন্তিম বছৰসমূহত অধিস্থিত মনচবদাৰৰ সূচী আৰু এইসমূহ গ্ৰন্থত বর্ণিত নোহোৱা এনে মনচবদাৰৰ বিৱৰণ অন্য সূত্ৰৰ পৰা ইতিহাসৰ শিক্ষাৰ্থীসকলৰ জ্ঞান আহৰণৰ বাবে একত্ৰিত কৰা হৈছে মনোহৰৰ গ্ৰন্থত। বহু জাঠৰ সন্ধান পোৱা গৈছে, যিসকলে ছাহজাহানৰ ৰাজকৰ্মচাৰী হিচাপে নিযুক্ত আছিল। ইয়াৰ বৰ্ণনা আছে হায়দৰাবাদৰ অৰ্জ-ই-চেহৰা, বিকানীৰৰ ফৰমান ও নিছান, শেখ ফৰিদ চক্কৰিৰ জখিৰাৎ-উল-খানিন, কেৱলৰামৰ তাজকিৰাৎ-উল-উমাৰা, আদব-ই-আলমগিৰী আৰু জালাল তাবতাবায়ীৰ বাদছাহনামাত।
ছাহজাহানৰ ধৰ্মনীতি সঠিকভাবে পর্যালোচনা কৰিলে দেখা যায় যে তেওঁৰ শাসনকালত মহান আকবৰৰ পৰধর্মসহিষ্ণু নীতি অক্ষুণ্ণ আছিল। তেওঁ সাধাৰণভাৱে মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু ধৰ্মান্তৰিত কৰাৰো চেষ্টা কৰা নাছিল। তেওঁ চুফীবাদৰ চৰম পৃষ্ঠপোষক আছিল। আকবৰৰ লগত তুলনা কৰিলে ছাহজাহানক কোনো কোনো ক্ষেত্ৰত উচ্চ স্থান দিব লগীয়া হয়; আকৌ ঔৰঙ্গজেৱৰ লগত তুলনা কৰিলে, তেওঁক অধিক ধর্মীয় সহিষ্ণু বুলি অনুমান কৰা যায়। এই সকলো দিশৰ পৰা বিচাৰ কৰি চালে ক’ব পাৰি, ছাহজাহান পৰধৰ্ম বিদ্বেষী নাছিল। দৰবাৰৰ কট্টৰবাদীসকলৰ গোষ্ঠী ৰাজনীতিৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যেৰে ছাহজাহানে মাত্র কূটনীতি গ্রহণ কৰিছিল ।
আমি বিস্মৃত হ’লে নহ’ব যে হিন্দু ৰজাৰ বুকুৰ তেজেৰে ছাহজাহানে সাম্ৰাজ্য ৰক্ষা কৰিব বিচাৰিছিল। তদুপৰি মোগল ৰাজত্বকালত সর্বধর্ম সমন্বয়ৰ বাবে ‘দাবা ছিকো’ ‘দ্বিতীয় আকবৰ’ অভিধাৰে ভূষিত হৈছিল, তাত ছাহজাহানৰ চৰম পৃষ্ঠপোষকতা বা ধৰ্মীয় উদাৰতা নাথাকিলে দাৰা ছিকোৰ বাবে মহান আকবৰৰ ধৰ্মসহিষ্ণু নীতিৰ প্ৰবক্তা হৈ উঠা সম্ভৱ নহ’লহেঁতেন আৰু ছাহজাহানৰ সকলো পুত্ৰতকৈ তেওঁ পিতৃৰ প্ৰিয়পাত্ৰ হৈ উঠিব নোৱাৰিলে হেঁতেন। আনকি ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ কামতো ছাহজাহান পৃষ্ঠপোষকতাৰ অবিহনে দাৰা ছিকো ক্ষমতাশালী হ’ব নোৱাৰিলে হেঁতেন।
দাৰা ছিকোৱে (১৬১৫-১৬৫৯ ) ইছলাম আৰু হিন্দু ধৰ্মৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু সংহতি স্থাপনৰ প্ৰচেষ্টা কৰে। তেওঁ আধ্যাত্মিকতা আৰু হিন্দু-মুছলমান সংস্কৃতিৰ সমন্বয়ৰ প্ৰয়াস কৰি সপ্তদশ শতিকাৰ ভাৰতীয় ৰাষ্ট্ৰচিন্তাক সমৃদ্ধ কৰিছিল। তেওঁ হিন্দু-জৈন-খ্ৰীষ্ট ধৰ্মৰ তুলনামূলক আলোচনাত ব্ৰতী হৈছিল। বিশ্বাস আৰু জীৱনচৰ্যাত তেওঁ এগৰাকী মহান দার্শনিক হৈ উঠিছিল। ৰাজতন্ত্ৰ সম্পৰ্কত তেওঁৰ নিজস্ব দৃষ্টিভংগী আৰু বক্তব্য আছিল। তেওঁৰ দৃষ্টিত ৰজা হ’ল এক ‘মহান ইচ্ছা’ৰ বৈধ উত্তৰাধিকাৰী। কেৱল প্ৰশাসনৰ সৰ্বোচ্চ অধিকাৰিক নহয়, ৰজা এক বৃহত্তৰ ৰাজ্যৰ অধিপতি। শাসনক্ষমতাৰ সৰ্বোচ্চ শৃংগত আৰোহণ কৰা শাসক হিচাপে নহয়, বৰং ‘জনগণৰ বন্ধু’ হিচাপে শাসনক্ষমতা ব্যৱহাৰ কৰিবলৈ বুলি। দাৰা ছিকোৱে তেওঁৰ চিন্তা-ভাবনাত কেৱল এজন ধৰ্মীয় আৰু ৰাজনৈতিক অৰ্থত উদাৰনীতিক মাত্ৰ নাছিল, তেওঁ আচাৰ-ব্যৱহাৰতো আছিল গণতান্ত্রিক মতাদৰ্শৰ অধিকাৰী।
মুক্তচিন্তক দাৰা ছিকোয়ে নিজে আৰবী, ফাৰ্ছী আৰু সংস্কৃত ভাষাত ব্যুৎপত্তি অর্জন কৰিছিল। মুছলমানসকলক হিন্দুধর্ম সম্পৰ্কত গভীৰভাৱে জ্ঞাত কৰিবলৈ তেওঁৰ হিন্দুসকলৰ কেইবাখনো দার্শনিক গ্রন্থ ফাৰ্ছীলৈ অনুবাদ কৰায়। ৫২খন উপনিষদ ফাৰ্ছীলৈ অনুবাদ কৰোৱাটো তেওঁৰ শ্ৰেষ্ঠ কীর্তি। ১৬৫৭ চনত এই অনুবাদ সমাপ্ত হৈছিল। তেওঁৰ এই অনুবাদৰ পৰাই পাশ্চাত্য জগতত উপনিষদৰ প্ৰথম পৰিচয় ঘটে। কাৰণ দাৰাৰ অনুবাদৰ পৰাই উপনিষদসমূহৰ ফাৰ্ছী অনুবাদ প্রকাশ পায়। হিন্দু আৰু মুছলমানৰ অতীন্দ্ৰিয় দৰ্শনৰ তত্ত্বৰে দাৰাৰ অনুপ্ৰেৰণাত মাজমাউল বাহৰাইন বা দুই সমুদ্ৰৰ মিলন অর্থাৎ হিন্দু আৰু মুছলমানৰ মিলন ৰচিত হয়। তদুপৰি দাৰা ছিকোৱে নিজেই ৰচনা কৰে তৰিকত-উল-হকিকত আৰু অনূদিত যোগবাশিষ্ঠ ৰামায়ণৰ ভূমিকা লিখে। প্রথম কিতাপখন মুছলমান মৌলবীবাদীসকলৰ দ্বাৰা দাৰা ছিকোৰ সমালোচনাৰ উত্তৰ, দ্বিতীয়খন আধ্যাত্মিক পথৰ বিভিন্ন স্তৰ সম্পর্কে। দাৰা ছিকোৱে তেওঁৰ ধৰ্মীয় দার্শনিকতাত শেষ পর্যন্ত অদ্বৈত বেদান্তবাদৰ সন্নিকটৱৰ্তী হৈছিল। এই সময়ত দাৰা ছিকোৰ ৰচনাৰ বাবেও অন্যান্য সংস্কৃত গ্ৰন্থৰ স্বচ্ছন্দ অনুবাদ হয়। আব্দুৰ ৰহমান চিস্তিয়ে (১৬১৭-১৬৮৩) তেওঁৰ মিৰাত-উল-হকিকতত ভাগৱত গীতাৰ এক ইছলামিক ব্যাখ্যা উপস্থাপিত কৰে। হিন্দুসকলৰ ললিতকলা, বিজ্ঞান আৰু দৰ্শন বিষয়ত কেইবাখনো মৌলিক গ্রন্থও ৰচিত হয় এই সময়ত ।
সম্রাট ঔৰঙ্গজেৱ ইতিহাসত নানাভাৱে ঘৃণিত আৰু নিন্দিত। এই ক্ষেত্ৰত দেশী-বিদেশী গৱেষকসকলে যিধৰণেৰে উত্তেজনাৰ সৃষ্টি কৰিছিল তাৰ তুলনাত কম আলোচিত হৈছে তেওঁৰ সময়ৰ নানা বৌদ্ধিকচৰ্চা আৰু পৰধৰ্মসহিষ্ণুতাৰ দৰে উজ্জ্বল দিশসমূহ। ঐতিহাসিক যদুনাথ সৰকাৰে ঔৰঙ্গজেৱক লৈ অসামান্য বহু গ্রন্থ লিখিছিল। কিন্তু পৰিতাপৰ বিষয় হ’ল, ঔপনিবেশিক উপ-মহাদেশৰ ইতিহাসত গতানুগতিকভাৱে তেওঁক ঘৃণিত চৰিত্ৰ হিচাপে তুলি ধৰাৰ অন্যতম প্ৰতিভূ হৈ উঠে স্বয়ং যদুনাথ সৰকাৰ। তেওঁ স্বজ্ঞানে বা অজ্ঞানে তথ্যৰ বিকৃত কৰাৰ মাধ্যমেৰে উদ্দেশ্য প্রণোদিতভাৱে ঔৰঙ্গজেৱৰ চৰিত্ৰক হীনভাৱে অংকন কৰিছিল। ব্ৰিটিছ ঐতিহাসিক অড্রে টুস্কে তেওঁৰ ‘ঔৰঙ্গজেৱ: দ্য মেন এণ্ড দ্য মিথ’ গ্ৰন্থত অকপটভাৱে যদুনাথৰ মিথ্যাচাৰিতাৰ যেনেকৈ বিৰোধিতা কৰিছে, তেনেকৈ দীপেশ চক্ৰৱৰ্তীৰ দৰে বিদগ্ধ ঐতিহাসিকে ঔৰঙ্গজেৱ-বিৰোধিতাৰ দৰে অস্বস্তিকৰ প্ৰশ্নটো তেওঁৰ ‘দ্য কলিং অব হিস্ট্রি : ছাৰ যদুনাথ সৰকাৰ এণ্ড হিজ এপ্ৰায়াৰ অব ট্রুথ’ গ্রন্থৰ ৩৫ পৃষ্ঠাত অসামান্য কৌশলেৰে গতানুগতিভাৱে এৰাই গৈছে। অথচ ঔৰঙ্গজেৱৰ সময়তেই সম্রাট আকবৰৰ ‘চুল-ই-কুল’ (হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজত ঐক্য-সম্প্রীতি স্থাপন কৰাৰ মানৱীয় নীতি) নীতিৰ বাস্তৱ প্ৰয়োগৰ প্ৰকৃত উদাহৰণ লক্ষ্য কৰা যায়। তেওঁৰ শাসনকাল যে ধর্মান্ধতাত আচ্ছন্ন আছিল সেয়া নহয়, বৰং বিদ্যাচর্চাত বিপুল উৎসাহ প্ৰদান কৰা কৌতূহলোদ্দীপক নানা উদাহৰণ উন্মোচিত হৈছে চন্দ্ৰভান ব্ৰাহ্মণ বিৰচিত ইতিহাসত। চন্দ্রভান আছিল মোগল দৰবাৰৰ অন্যতম ৰাজকৰ্মচাৰী বা আমোলা। পাঞ্জাবী চন্দ্রভান আকবৰৰ ৰাজত্বৰ শেষ সময়ত, জাহাঙ্গিৰৰ সময়ৰ পৰা ছাহজাহানৰ সময়লৈকে মোগল ৰাজদৰবাৰৰ উচ্চপদত অধিষ্ঠিত আছিল। পিছত ঔৰঙ্গজেৱৰ ৰাজত্বৰো প্ৰথমৰ ফালে কেইবা বছৰো ৰাজকৰ্ম কৰাৰ পিছত তেওঁ অৱসৰ লয়। নবীন সম্রাট ঔৰঙ্গজেৱৰ লগত তেওঁৰ বহুখিনি চিন্তা-ভাবনাৰ আদান-প্রদান হয়। তেওঁ ফাৰ্ছীত লিখিছিল দৰবাৰী স্মৃতিকথা চাহাৰ চমন (চাৰিখন বাগিচা), বিভিন্ন নামত লিখা বহু ব্যক্তিগত চিঠি-পত্ৰ আৰু মুনসাৎ-ই- ব্ৰাহ্মণ। চন্দ্ৰভানৰ উপলব্ধি প্রশাসনিক সাফল্য কেৱল সামৰিক কৰ্তৃত্বৰ ওপৰত নিৰ্ভৰ নকৰে, তাৰ লগত থাকে প্রশাসনিক দক্ষতা, গভীৰ সংবেদনশীলতা আৰু সৰ্বোপৰি নিস্বার্থভাবে জনহিতৈষী কৰ্ম বিষয়ৰ তদাৰকি।
ঔৰঙ্গজেৱৰ সময়ত হিন্দুসকলক ডাঙৰ ডাঙৰ পদমর্যাদা, ভূমি আৰু বৃহৎ পৰিমাণৰ জমিদাৰি দিয়া হয়। গৱৰ্ণৰ আৰু গৱৰ্ণৰ জেনেৰেল পদ পর্যন্ত দিয়া হয়, আনকি মুছলমান প্রদেশ আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতি আছিল এগৰাকী ৰাজপুত। আচলতে ধর্মীয় সহিষ্ণুতাত তেওঁ আনতকৈ কম নাছিল; ব্ৰিটিছ ঐতিহাসিক অড্রে টুস্কে তেওঁৰ পূর্বোক্ত গ্ৰন্থত সুনির্দিষ্টভাৱে প্ৰমাণ কৰিছে। অমুছলমান ৰছিকলাল আছিল সম্ৰাটৰ অতি বিশ্বাসভাজন। আৰু এই কাৰণে ঔৰঙ্গজেৱে তেওঁক ৰাজহ বিভাগৰ সৰ্বোচ্চ পদত অধিষ্ঠিত কৰাইছিল। ৰাজহ বিভাগৰ ঠিকাদাৰৰ (মুন্সী) পদসমূহ হিন্দুসকলৰ একচেটিয়া আছিল বুলিব পাৰি। ইয়াৰ কাৰণ, কৰ আদায়ৰ নামত যাতে হিন্দু সম্প্রদায়ে কোনোধৰণৰ অত্যাচাৰৰ সন্মুখীন নহয়। পুলিচ বিভাগ, গুপ্তচৰ বিভাগকে ধৰি অন্য বিভাগতো হিন্দু কৰ্মচাৰীৰ সংখ্যা বিশেষভাৱে পৰিলক্ষিত। ৰাজকাৰ্যত হিন্দু নিয়োগৰ ক্ষেত্ৰত ঔৰঙ্গজেৱৰ উদাৰতা আছিল লক্ষণীয়। চাকি মহম্মদ মুস্তাইদ খান ৰচিত মাচেৰ-ই-আলমগিৰি গ্ৰন্থত উল্লিখিত সাধাৰণ পদাধিকাৰী আৰু সেনানায়কসকলৰ নামৰ বাদে যিসকল হিন্দুৱে ঔৰঙ্গজেৱৰ সময়ত পদস্থ কর্মচাৰী হিচাপে নিযুক্ত আছিল— তাৰ ভিতৰত উল্লেখযোগ্য হ’ল— ৰজা ভীম সিং (উদয়পুৰৰ মহাৰাণা ৰাজ সিংহৰ পুত্ৰ, পাঁচ হাজাৰ সৈন্যৰ নায়ক), ইন্দ্ৰ সিংহ (মহাৰাণা জয় সিংহৰ ভ্ৰাতৃ, তিনি হাজাৰ সৈন্যৰ নায়ক), বাহাদুৰ সিং (মহাৰাণা জয়সিংহৰ ভ্ৰাতৃ, ডেৰ হাজাৰ সৈন্যৰ নায়ক), ৰজা মান সিং (ফৌজদাৰী), অচলাজি (শিৱাজীৰ জোঁৱাই, তিনি হাজাৰ সৈন্যৰ নায়ক), আজুজি (শিবাজীৰ পুত্ৰ শম্ভুজিৰ আত্মীয় পাঁচ হেজাৰ সৈন্যৰ নায়ক), ৰাও অনুপ সিং (খেলাত), ৰজা অনুপ সিং (দুৰ্গৰক্ষক), ৰজা উদিয়াত সিং (ফৌজদাৰ, আঢ়ৈ হাজাৰ সৈন্যৰ নায়ক), উদয় সিং (চাৰে তিনি হাজাৰ সৈন্যৰ নায়ক), বাসুদেৱ সিং (তিনি হাজাৰ সৈন্যৰ নায়ক), কাথুজি (চাৰি হাজাৰ সৈন্যৰ নায়ক), সৰছাল বুন্দিয়া (দুৰ্গৰক্ষক), বচন সিং (ডেৰ হাজাৰ সৈন্যৰ নায়ক), ৰামচাঁদ (আঢ়ৈ হাজাৰ সৈন্যৰ নায়ক), লোকচাঁদ (খেতাব), ভাণ্ড বানজাৰা (পাঁচ হাজাৰ সৈন্যৰ নায়ক), জাকিয়া (তিনি হাজাৰ সৈন্যৰ নায়ক), ৰূপ সিং (এক হাজাৰ সৈন্যৰ নায়ক), সুভান (পাঁচ হাজাৰ সৈন্যৰ নায়ক, বস্ত্ৰ আৰু বাদ্যযন্ত্ৰৰ বিষয়া), শিৱ সিং (ডেৰ হাজাৰ সৈন্যৰ নায়ক), আন্ধাতা (দুৰ্গৰক্ষক), কিশোৰ দাস (দুৰ্গৰক্ষক), ৰজা কুলিয়ান (এক হাজাৰ সৈন্যৰ নায়ক) প্রমুখ ।
এই তালিকাত আৰু কেইবাটাও বিষয় লক্ষণীয়। সর্বাগে লক্ষ্য কৰাৰ বিষয় এই যে উদয়পুৰৰ মহাৰাণাৰ পুত্ৰ আৰু ভ্ৰাতৃও এই তালিকাত স্থান পাইছে। তাতোকৈ আশ্চর্যৰ বিষয় এয়ে যে মাৰাঠাধিপতি শিৱাজীৰ কেইবাজনো স্নেহভাজন আৰু আত্মীয়-স্বজনৰ নামো তাত পোৱা গৈছে। এইসকল কেৱল নামমাত্র পদধাৰী নাছিল, বৰং তেওঁলোকে ঔৰঙ্গজেৱৰ হৈ মৰণপন যুঁজ কৰিছিল। এওঁলোকৰ ভিতৰত সকলো প্ৰকাৰৰ পদৰ লোকেই আছিল। অৰ্থাৎ সৈন্য বিভাগৰ আছিল, শাসন বিভাগৰ আছিল। চিন্তা কৰি চাওক— সৈন্যদলৰ নেতৃত্ব, দুৰ্গৰক্ষক, জিলাসমূহৰ নাজিমৰ পদ (বিচাৰক) আৰু ফৌজদাৰি ইত্যাদিতকৈ অধিকতৰ দায়িত্বপূর্ণ পদ আৰু কি হ’ব পাৰে? অথচ এই সকলো দায়িত্বশীল পদত হিন্দুসকলেই অধিষ্ঠিত আছিল। ঔৰঙ্গজেৱৰ চৰম সংকীৰ্ণ নীতিৰ সময়তো বুঁদি ইত্যাদি এলাকাৰ ৰাজপুত আৰু অন্যান্য হিন্দুসকলেও ঔৰঙ্গজেৱক সাহায্য প্ৰদান কৰে। তদুপৰি দুৰ্গাদাসে নিজে ঔৰঙ্গজেৱৰ ওচৰ ‘মনচব’ (বিশেষ পদমর্যাদা) গ্ৰহণ কৰে। এইবোৰ ঘটনাৱলি পর্যালোচনা কৰি ঐতিহাসিক লেন পুল (Lanepool) এ কয়, “ৰাজপুত্ৰসকলে আলমগীৰৰ সাহায্যার্থে এটি আঙুলিও প্ৰদৰ্শন কৰিবলৈ ইচ্ছা কৰা নাছিল।”
ঔৰঙ্গজেৱ আৰু দাৰা ছিকোৰ মাজৰ যুদ্ধক এফালে ধৰ্মীয় গোড়ামি আৰু আনফালে উদাৰ আদৰ্শবাদৰ যুঁজ বুলি ধৰিব পৰা নাযায়। দাৰাৰ লগত ভ্রাতৃঘাতী সংগ্রামত হিন্দুসকলে দাৰাৰ ফালে আৰু মুছলমানসকলে ঔৰঙ্গজেৱৰ পক্ষে যুঁজ কৰিছিল বুলি লিখিছিল ঐতিহাসিক যদুনাথ সৰকাৰে। এই বক্তব্য সঠিক নহয়। ১৬৫৮-৫৯ চনৰ উত্তৰাধিকাৰৰ যুদ্ধত (সমুগড়ৰ যুদ্ধ) হিন্দু আৰু মুছলমান অভিজাত উভয়পক্ষই প্রায় সমানভাৱেই আছিল। ৰাজপুত ৰজাসকলৰ ক্ষেত্ৰতো এইটো ঘটে। ছিয়াসকলো সমানেই দুয়োপক্ষত বিভক্ত হৈ গৈছিল। আতাহাৰ আলিয়ে সাম্প্রতিক এক গৱেষণাত প্ৰকাশ কৰিছে যে এই যুদ্ধত ১০০০ জাঠ আৰু তাৰ ওপৰৰ অভিজাতসকলৰ মাজত ২৭জন ইৰাণী (মুছলমান) আছিল ঔৰঙ্গজেৱৰ পক্ষত আৰু ২৩জন ইৰাণী আছিল দাৰাৰ পক্ষত। আনহাতে ২৩জন হিন্দু অভিজাতে ঔৰঙ্গজেৱক সমৰ্থন কৰিছিল, বিপৰীতে ২৪জন হিন্দু অভিজাতে দাৰাৰ পক্ষত অৱস্থান কৰিছিল। এই তথ্যই নিতান্ত ধৰ্মৰ ভিত্তিত অভিজাতসকলৰ কোনো গোট হৈছিল বুলি প্ৰমাণ নকৰে। যিয়ে ঔৰঙ্গজেৱ আৰু দাৰাৰ যুঁজক সাম্প্রদায়িক ৰঙেৰে চিত্ৰিত কৰিব বিচাৰে সেয়েহে উপৰোক্ত তথ্য তেওঁলোকৰ বিৰুদ্ধে যায়।
ঔৰঙ্গজেৱৰ মন্দিৰৰ্নীতিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ বিখ্যাত ইতিহাসবিদ বি এন পাণ্ডেই লিখিছিল— “যেতিয়া মই এলাহাবাদ মিউনিছিপালিটিৰ চেয়াৰমেন (১৯৪৮-৫৩ ) আছিলোঁ, তেতিয়া আমাৰ ওচৰত এটি মোকৰ্দমা দিয়া হয়। যিটো সোমেশ্বৰনাথ মহাদেৱ মন্দিৰৰ ভূমি-বিবাদক কেন্দ্ৰ কৰি। তাৰ মহন্তৰ মৃত্যুৰ পিছতেই সেই ভূমিৰ দুগৰাকী দাবীদাৰ দেখা দিলে। তাৰ মাজৰে এজনে এনে এখন দস্তাবেজ প্রদর্শন কৰিলে যি তেওঁৰ ওচৰত বংশ-পৰম্পৰা সংৰক্ষিত আছিল। সেইখন ঔৰঙ্গজেৱে জাৰি কৰা আদেশনামা আছিল, তাত মন্দিৰৰ বাবে ভূমি আৰু কিছু নগদ অর্থ দিয়া হৈছে বুলি উল্লেখ আছিল। সেইখন দেখি আমি অবাক হৈ গৈছিলোঁ, অনুমান হ’ল এই আদেশনামাখন জাল। কাৰণ ঔৰঙ্গজেৱে সকলো সময়তে মন্দিৰ ধ্বংস কৰিছে; তেওঁ লিখিতভাৱে এই ফৰ্মান কেনেকৈ জাৰি কৰিব পাৰে? সেই ভূমিখণ্ড মন্দিৰত দেৱতাৰ পূজা আৰু ভোগৰ বাবে হ’ব— তেওঁ এই মূর্তিপূজাত নিজকে কেনেকৈ জড়িত কৰিব পাৰে। কিন্তু কোনো শেষ সিদ্ধান্তত উপনীত হোৱাৰ আগতে আমি ছাৰ তেজবাহাদুৰ চৰ ওচৰলৈ গ’লোঁ তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ। তেওঁ আৰবী আৰু ফাৰ্ছী ভালকৈয়ে জানে। আমি সেই ফৰ্মান তেওঁৰ সমুখত প্ৰদৰ্শন কৰিলোঁ, সেইখন পাঠ কৰাৰ পিছত তেওঁ ক’লে যে এইখন আচল ফৰ্মান, কোনো জাল ফৰমান নহয়। তাৰ পিছত তেওঁ নিজ মুন্সী (প্রশাসনিক বিষয়া)ক জঙ্গমবাৰী শিৱমন্দিৰৰ সেই মোকৰ্দমাৰ ফাইল আনিবলৈ ক’লে— যিটো এলাহবাদ হাইক’ৰ্টত বিগত পোন্ধৰ বছৰ ধৰি চলিছিল। জঙ্গমবাৰী শিৱমন্দিৰৰ মহন্তৰ লগতো ঔৰঙ্গজেৱৰ এই ধৰণৰ অনেক ফৰ্মান আছিল, যাৰ পৰা জনা যায় যে এই মন্দিৰৰ বাবে ভূমি প্ৰদান কৰা হৈছিল। সেইসমূহ দেখি ঔৰঙ্গজেৱৰ সম্পৰ্কত এক নতুন ছবি আমাৰ সন্মুখত উদ্ভাসিত হ’ল আৰু আমি একেবাৰে অবাক হৈ পৰিলোঁ। ড° চপুৰ পৰামৰ্শ অনুসৰি আমি ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ মন্দিৰৰ মহন্তসকলৰ নামত চিঠি লিখিলোঁ যে যদি ঔৰঙ্গজেৱে তেওঁলোকৰ মন্দিৰলৈ কোনো ভূমি দান দিছিল, তেতিয়াহ’লে সেই ফমানসমূহৰ ফটোকপি আমাৰ নামত পঠিয়াই দিয়া হওক। আমাৰ আশ্চৰ্যৰ সীমা নাথাকিল— যেতিয়া উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰ, ছড়কুটৰ বালাজি মন্দিৰ, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শত্ৰুঞ্জয়ৰ জৈন মন্দিৰ আৰু একেদৰেই উত্তৰ ভাৰতৰ অন্যান্য মন্দিৰ আৰু গুৰুদ্ধাৰৰ পক্ষৰ পৰা আমি এই ধৰণৰ অনেক ফৰমান পালোঁ— যিসমূহ ১৬৫৯ খ্ৰীষ্টৰ পৰা ১৬৮৫ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত জাৰি কৰা হৈছিল। হিন্দু আৰু হিন্দু মন্দিৰ প্ৰতি ঔৰঙ্গজেৱৰ উদাৰ মনোভাৱৰ এইসমূহ গুটিদিয়েক নমুনা হ’লেও ঐতিহাসিকসকলে তেওঁৰ সম্বন্ধে যি লিখিছিল সেয়া যে পক্ষপাতিত্বমূলক আৰু সম্পূৰ্ণ ছবিৰ মাত্ৰ এটিহে দিশ মাত্র, সেয়া প্ৰদৰ্শন কৰিবলৈ এয়াই যথেষ্ট। ভাৰতবৰ্ষ এক বিশাল দেশ। আৰু সমগ্ৰ দেশজুৰি বিয়পি আছে হাজাৰ হাজাৰ মন্দিৰ। যদি যথাযথ গৱেষণা কৰা হয়, আমি নিশ্চিত যে আৰু অনেক উদাহৰণ পোহৰলৈ আহিব, যিয়ে দেখুৱাব যে অমুছলমান জনগণৰ প্ৰতি ঔৰঙ্গজেৱে কৰা সদাশয় ব্যৱহাৰ।”
কোনো ঐতিহাসিকে প্ৰমাণ কৰিব নোৱাৰিব যে ধৰ্মীয় কাৰণত বা বিদ্বেষবশতঃ ঔরঙ্গজেৱে কোনো মন্দিৰ ভাঙিছিল। তেতিয়া হ’লে যদুনাথ সৰকাৰে বিভিন্ন তথ্যৰ ভিত্তিত মন্দিৰ ধ্বংসৰ কথা কৈছে ঠিকেই, কিন্তু কেতিয়া কোন পৰিপ্ৰেক্ষিতত আৰু কেনেকৈ সেয়া ঔৰঙ্গজেৱে ধ্বংস কৰিছে তাৰ কোনো সন্ধান দিয়া নাই। তদুপৰি প্ৰমাণিত হয় যে তেওঁ মন্দিৰ ধ্বংসৰ কোনো ৰাষ্ট্ৰীয় নীতিৰ অন্তর্ভুক্ত নাছিল— এইসমূহ আছিল নিতান্তই ব্যতিক্রমী ঘটনা। অনেক ঐতিহাসিকে ঔরঙ্গজেৱক হিন্দুবিদ্বেষী হিচাপে চিহ্নিত কৰাৰ সময়ত ‘বেনাৰস ফৰ্মান’ (১৬৫৯ৰ ১০ মার্চ) প্ৰায়ে উল্লেখ কৰে। এই ফমানটি ১৯১১ চনত বঙ্গৰ এছিয়াটিক ছ’চাইটিৰ জার্নালত প্রকাশিত হয়। ফৰমানটি ঔৰঙ্গজেৱে বেনাৰসৰ স্থানীয় মোগলপদস্থ কৰ্মচাৰীসকলৰ উদ্দেশ্যে জাৰি কৰিছিল। বেনাৰস চহৰ আৰু চহৰতলিৰ কিছুমান হিন্দু মানুহৰ ওচৰত হায়বান হৈ মন্দিৰৰ এজন ব্ৰাহ্মণ তদাৰকে অভিযোগ কৰে। তেওঁৰ অভিযোগৰ ভিত্তিতে এই ফমান জাৰি হয় ।
উল্লেখ্য যে সম্রাট আকবৰৰ ৰাজত্বকালত ধৰ্মীয় স্বাধীনতা থকা সত্ত্বেও সম্ভৱতঃ কোনো নতুন মন্দিৰ স্থাপিত নহয়। (শিবলী নোমানী : আওৰঙ্গজেব পাৰ এক নজৰ, বাংলা সংস্কৰণ — আওৰঙ্গজেব : চৰিত্র বিচাৰ, হাসান আলি অনূদিত, বাংলা একাডেমি, ঢাকা, ১৯৮২, পৃ. ৬০)। তদুপৰি বেনাৰসত জাহাঙ্গীৰৰ আমোলত প্রায় ৭৬টি নতুন মন্দিৰ নিৰ্মাণ হৈছিল। প্ৰশাসনিক দুৰ্বলতাৰ সুযোগত কোনো কোনো ঠাইত এসময়ত মছজিদ ভাঙি মন্দিৰো নিৰ্মাণ হৈছিল। মুস্তাখাব-উৎ-তাৰিখ গ্ৰন্থত উল্লেখিত হৈছে যে— “A number of mosques were destroyed by Hindus and temples created in these plae.” সেই গ্ৰন্থত আকৌ কৈছে— “Mosques and prayer rooms were changed into store rooms and into Hindu Guard rooms.” সম্রাট ছাহজাহানৰ আমোলত এই অৱস্থাৰ কিছু পৰিৱৰ্তন হয়। কিন্তু অপকৰ্মৰ সম্পূৰ্ণ নিৰসন হোৱা নাছিল। তৎকালীন পাঞ্জাৱৰ চহৰতলি অঞ্চলৰ চৈয়দসকল আৰু ধৰ্মীয় তাত্ত্বিকসকলৰ এটি দল স্থানীয় হিন্দু দুষ্কৃতিকাৰীসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ ছাহজাহানৰ সাহায্যপ্রার্থী হয়। কিছু কিছু দুৰাচাৰ দস্যু ইমানেই প্রবল হৈ উঠিছিল যে ৭০ গৰাকী মুছলমান নাৰীক অপহৰণ কৰে আৰু মছজিদসমূহ দখল কৰে। এই ক্ষেত্ৰত শ্বেখ মাহমুদক গুজৰাটক মহিলাসকলক উদ্ধাৰৰ বাবে নিয়োগ কৰা হয়। নিৰ্দেশ মতে তেওঁ মুছলমান নাৰীসকলক উদ্ধাৰ কৰিছিল। বাদছাহ ছাহজাহানে এই নাৰীসকলক বিবাহসূত্রে আৱদ্ধ কৰিবৰ বাবে মুছলমানসকলক আহ্বান জনায় আৰু মছজিদ ভাঙি স্থাপিত কৰা মন্দিৰসমূহ ভাঙি পুনৰ মছজিদ নিৰ্মাণ কৰে। ছাহজাহানৰ পাছত দাৰা ছিকোৰ হাতলৈ শাসনভাৰ যোৱাত দুৰ্নীতিমূলক কার্যকলাপ চৰম পৰ্যায় পায়গৈ। এই দুৰ্নীতি ঔৰঙ্গজেৱে কঠোৰ হাতেৰে দমন কৰে। মছজিদ ভাঙি যিসমূহ মন্দিৰ গঢ়ি উঠিছিল তেওঁ কেৱল সেই মন্দিৰসমূহেই ভাঙি পেলায় আৰু পূৰ্বৰদৰে মছজিদসমূহ নিৰ্মাণ কৰে।
উল্লেখ্য যে বিদ্রোহ দমন আৰু মছজিদৰ পুনৰ নিৰ্মাণ আৰু ধৰ্মস্থান শুদ্ধিকৰণৰ উদ্দেশ্যক বাদ দি ঔৰঙ্গজেৱে হিন্দু মন্দিৰ ধ্বংস কৰা নাছিল। বৰং মন্দিৰ নিৰ্মাণৰ বাবে দিছে অসংখ্য ফৰমান, অজস্ৰ সম্পত্তি, গৃহসমূহো উদাৰভাৱে দান কৰে। ঐতিহাসিকসকলে সেইফালে ঘূৰি চোৱা নাছিল। ঔৰঙ্গজেৱে তেওঁৰ ৰাজত্বৰ প্ৰথম ২২ বছৰ কোনো ধৰ্মীয় নীতি গ্রহণ কৰা নাছিল। কিন্তু বিদ্ৰোহীসকলৰ লগত ৰাজপুত্ৰসকলৰ গোপন সহযোগিতাই ঔৰঙ্গজেৱক বিক্ষুব্ধ কৰি তোলে। তেওঁলোকে মোগল সার্বভৌমত্ব শক্তিক চেলেঞ্জ কৰে। এক ফৰমানৰ পৰা জনা যায় যে কিছু কিছু মজদুৰৰ উৎপাতত মুছলমানসকলে আহমেদাবাদৰ জামে মছজিদত নামাজ পঢ়িব পৰা নাছিল। এই সময়ত ৰাজপুত বিদ্ৰোহীয়ে অনেক মছজিদ ধ্বংস কৰে। তদুপৰি গুজৰাটত হিন্দুসকলে মছজিদ নির্মাণত বাধা আৰোপ কৰা পৰিস্থিতি সলনি হয় আৰু তাত মন্দিৰ ভঙা হয়। পৰৱৰ্তী ১০৭৯ হিজৰিত খাণ্ডেলাৰ ৰাজপুত্ৰসকলেও বিদ্ৰোহ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে সৈন্য পঠোৱা হয় আৰু তাৰ মন্দিৰ ভাঙি পেলোৱা হয়। এই বছৰতেই সৰ্বসাধাৰণৰ মাজত বিদ্ৰোহ বিয়পি পৰে আৰু যোধপুৰ আৰু উদয়পুৰ তাৰ কেন্দ্ৰ হিচাপে চিহ্নিত হয়। ঔৰঙ্গজেৱে এই দুই ৰাজ্যৰ বিৰুদ্ধে সৈন্য প্ৰেৰণ কৰে আৰু তাৰ মন্দিৰসমূহ ধ্বংস কৰে। য’ত মন্দিৰ ধ্বংস হৈছিল তাৰ সকলো স্থানতে বিদ্রোহ প্রবল ৰূপত দেখা গৈছিল। অথচ ইউৰোপীয় আৰু ভাৰতীয় কিছু ঐতিহাসিকে কয় যে— ঔৰঙ্গজেৱে মন্দিৰ ধ্বংস কৰিছিল বাবেই বিদ্রোহ সংঘটিত হৈছিল। কিন্তু এই কথাও সত্য যে বিদ্রোহ সংঘটিত হৈছিল বাবেই মন্দিৰ ধ্বংস কৰা হৈছিল। ঔঙ্গজেৱে দিল্লী, আগ্রা, লাহোৰ প্রভৃতি ডাঙৰ চহৰৰ মন্দিৰসমূহ ধ্বংস কৰা নাছিল। তেওঁৰ সময়ত বেনাৰস, থাট্টা, মুলতান, মাৰোৱাৰ, মেবাৰৰ কেইবাটাও মন্দিৰ ভঙা হৈছিল।
ধৰ্মৰ কথা মন-মগজুলৈ ননাকৈ ঔৰঙ্গজেৱে বঙ্গীয় সংস্কৃতিত নানাভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। এক পৰিসংখ্যাৰ পৰা দেখা যায় যে ষোল্ল শতিকাত তাৰিখ সম্বলিত ৭৩টি মছজিদ নিৰ্মাণ হ’লেও সোতৰ শতিকাত (ঔৰঙ্গজেৱৰ শাসনকালত) এই ধৰণৰ নতুন মছজিদৰ সংখ্যা কমি যায়। তেতিয়া নির্মাণ হয় মাত্র ২৪টা মছজিদ। পিছৰ অৰ্ধশতিকাত নিৰ্মাণ হয় আৰু কম, মাত্র ৮টা মছজিদ। আনহাতে— এই সময়ত নতুন ইটাৰ মন্দিৰ নিৰ্মাণ বিপুল পৰিমাণে লক্ষ্য কৰা যায়। আৰ এম ইটনৰ তথ্যৰ পৰা জনা যায় যে ষোল্ল শতিকাৰ তাৰিখ সম্বলিত মাত্ৰ সাতটা মন্দিৰ তৈয়াৰ হ’লেও সোতৰ শতিকাত (১৬০১-১৭০০) নির্মাণ হয় ৭৪টা। (দ্য ৰাইজ অব্ ইছলাম এণ্ড দ্য বেঙ্গল ফ্ৰণ্টিয়াৰ ১২০৪-১৭৬০, ২০০৮, পৃ. ২২৭ ) । ওঠৰ শতিকাত ইংৰাজৰ ৰাজত্ব স্থাপনৰ আগলৈকে, ছয় দশকত (১৭০১-১৯৬০) নিৰ্মাণ হয় আৰু ১৩৮টা। দেখা যায়— ১৫৭০-১৭৬০ পর্যন্ত এই ১৯০ বছৰত মুঠ মন্দিৰ নিৰ্মাণ হৈছে ২১৯টা। এই সকলো মন্দিৰ নিৰ্মাণৰ জিলাসমূহ হ’ল— হুগলি ৪৯, বর্ধমান ৪৩, বাঁকুৰা ৩৫, যশোহৰ ১৮, মেদিনীপুৰ ১৭, বীৰভূম ১২, ২৪ পৰগণা ৮, মুর্ছিদাবাদ ৫, নদিয়া ৬, পাবনা ৪, ৰংপুৰ ৩, খুলনা ৪ দিনজানপুৰ ৪, পুৰুলিয়া ২, কুষ্টিয়া ১, বাখৰগঞ্জ ১, বগুড়া ১ আৰু ঢাকা ১। এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট হৈছে যে বাদছাহ ঔঙ্গজেৱৰ শাসনকালত (১৬৫৮-১৭০৭) কেৱল বঙ্গদেশতেই ইটাৰ মন্দিৰ নিৰ্মিত হৈছিল ৫০টাৰো বেছি। উল্লেখ্য যে বঙ্গদেশত হিন্দু-মুছলমানৰ ক্ৰমৱৰ্ধমান সম্প্ৰীতি আৰু মিলনৰ তথ্য ইয়াত খুব স্পষ্ট। যিহেতু মন্দিৰ নিৰ্মাণত ধাৰাবাহিক সংখ্যাই তাৰে ইঙ্গিত বহন কৰে। আচলতে, যিমানদিন অতিবাহিত কৰিছিল, সিমান দিনেই বঙ্গদেশত হিন্দু-মুছলমানৰ মাজত সমন্বয় আৰু সহাৱস্থানৰ মানসিকতা আৰু বুজাপৰাৰ মানসিকতাও বাঢ়ি উঠিছিল। অর্থাৎ খ্রীষ্টীয় অষ্টাদশ শতিকাৰ মধ্যৱৰ্তী সময়ত বঙ্গদেশত হিন্দু-মুছলমানৰ মাজত সামঞ্জস্যৰ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ আহিছিল।
তপন ৰায়চৌধুৰীয়ে এক সাক্ষাৎকাৰত কোৱা মতে— তাৰকেশ্বৰ মন্দিৰৰ ভূমি স্বয়ং ঔৰঙ্গজেৱে প্ৰদান কৰিছিল। ডাঃ কমল গোখলেৰ গৱেষণাৰ পৰা জানিব পাৰি যে পুনেৰ সমীপত অৱস্থিত চিঁচৱাড়ত ঔৰঙ্গজেৱে গণপতি মন্দিৰৰ বাবে ভূমি প্রদান কৰিছিল। আৰু কেইবাটিও দৃষ্টান্ত দাঙি ধৰিব পাৰি—
(১) গুৰু ৰামদাসক দেৰাদুনৰ গুৰদুৱাৰা নিৰ্মাণৰ বাবে ভূমি দান কৰিছিল ঔৰঙ্গজেৱে।
(২) গুজৰাটত ১৬৭২ চনত জাৰি হোৱা এক নিৰ্দেশ মৰ্মে হিন্দুসকলক নিষ্কৰ ভূমিদান নিষিদ্ধ বুলি ঘোষিত হ’লেও একাধিক স্থানত কিন্তু ভূমিদান কৰাৰ ঘটনা দেখা গৈছিল, যেনে— বৃন্দাবনৰ বৈষ্ণৱ মন্দিৰ, পাঞ্জাৱৰ সৰকাৰ নগৰৰ নাথপন্থী যোগীৰ মন্দিৰ।
(৩) ৰাজস্থানৰ চিত্তৱানা পৰণাৰ পন্থযোগীসকলক ১০০ বিঘা ভূমিদান কৰিছিল ঔৰঙ্গজেৱে।
(৪) বেনাৰসত ঔৰঙ্গজেৱৰ দুটা গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়; তাত তেওঁ ব্ৰাহ্মণসকলক লাখোজ ভূমি দান কৰিবলৈ ৰামসিংহক নিৰ্দেশ দিছিল। এনেদৰে আৰু তথ্য হয়তো লোকচক্ষুৰ অন্তৰালত থাকিব পাৰে। জ্ঞানচন্দ্ৰ ঔৰঙ্গজেৱ এণ্ড দ্য হিন্দু টেম্পলছ আৰু আলমগীচ্ পেট্রনেজ এণ্ড দ্য হিন্দু টেম্পলছ্ ৰচনা দুখনৰ পৰা ঔৰঙ্গজেৱৰ মন্দিৰ নীতিৰ বহু অপ্রকাশিত কাহিনী জনা যায়।
ঔৰঙ্গজেৱৰ সময়ত প্ৰজাই অহেতুক কৰৰ ভৰত জৰ্জৰিত হোৱা নাছিল। ঔৰঙ্গজেৱে নিপীড়নমূলক বহু সংখ্যক কৰ প্ৰত্যাহাৰ কৰিছিল, যিসমূহ সম্রাট আকবৰ, জাহাঙ্গিৰ আৰু ছাহজাহানৰ আমোলত হিন্দু-মুছলমান নিৰ্বিশেষে সকলো নাগৰিককে বাধ্যতামূলকভাৱে প্ৰদান কৰিব লাগিছিল। প্রসঙ্গক্ৰমে কোৱা দৰকাৰ যে জিজিয়া কৰ আৰোপ কৰি ঔৰঙ্গজেৱে ৬৬টি (মতান্তৰত ৮০টি) প্রচলিত উপ-কৰ সাম্ৰাজ্যৰ প্রভূত আর্থিক ক্ষতি হোৱা সত্ত্বেও কেৱল জাতি-ধর্ম নির্বিশেষে জনস্বাৰ্থত প্ৰত্যাহাৰ কৰিছিল, যাৰ বাৰ্ষিক পৰিমাণ আছিল প্রায় পাঁচ কোটি টকা। নিৰ্দিষ্ট আয়ৰ ঊৰ্ধৰ কিছু হিন্দুৱে কেৱল জিজিয়া কৰ প্ৰদান কৰিব, বাকী সকলো অমুছলমানে দিব নালাগে। দিন-মজুৰ আৰু যিসকলৰ সম্পত্তি নাই অথবা বছৰত ৪০ দেহাম (দশ টকা) জমা কৰিব নোৱাৰে সেইসকল দৰিদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু তেওঁলোকে জিজিয়া কৰ দিব নালাগে। ইয়াৰ পৰা স্পষ্টভাৱে প্রতীয়মান হয় যে অমুছলমানসকলৰ মাজৰ কেবল আর্থিক সংগতিসম্পন্ন সকলেই জিজিয়া কৰ দিব লগা হৈছিল। আনহাতে — মুছলমানসকলে বাধ্যতামূলক জাকাত কৰ দিব লগা হৈছিল। ঔৰঙ্গজেৱৰ সময়ত জিজিয়া মাফ হোৱাৰ তথ্যও পোৱা যায়। ১৭০৪ খ্ৰীষ্টাব্দত দুৰ্ভিক্ষ আৰু যুদ্ধজনিত কাৰণত সমগ্ৰ দাক্ষিণাত্যত জিজিয়া কৰ মাফ কৰা হৈছিল। ১৬৮৮-৮৯ চনত হায়দাবাদত হোৱা খৰাঙৰ বাবে এক বছৰৰ জিজিয়া কৰ মাফ কৰা হৈছিল। তদুপৰি সম্রাট আকবৰে সিংহাসনত বহিয়েই জিজিয়া কৰ লোপ কৰা নাছিল— কৰিছিল ২২ বছৰৰ পাছত, ১৫৭৯ খ্ৰীষ্টাব্দত। আকবৰৰ উদাৰনীতিবাদক বিশাল আকাৰত প্ৰদৰ্শন কৰিবলৈ গৈ আবুল ফজলে ইচ্ছাকৃতভাৱে জিজিয়া কৰ ৰদ কৰাৰ সময়কাল পিছুৱাই নি ১৫৬৪ চন বুলি বৰ্ণনা কৰিছিল। যিসকলে আকবৰৰ জিজিয়া প্রত্যাহাৰৰ আঁৰত ‘প্রজাপ্ৰীতিৰ যুক্তি প্রদর্শন কৰে, তেওঁলোকলৈ প্ৰশ্ন— ২২ বছৰৰ পিছত কিয় এই ‘প্রজাপ্ৰীতি’? আৰু এটা কথা ঔৰঙ্গজেৱে সিংহাসনত আৰোহণৰ ২১ বছৰৰ পিছত জিজিয়া চালু (১৬৭৯) কৰিছিল। ধৰ্মান্ধতাবশতঃ তেওঁ এই কাম কৰিলে সিংহাসনত বহিয়েই (১৬৫৮) কৰিব পাৰিলেহেতেন, ২১ বছৰ অপেক্ষা কৰাৰ কোনো দৰকাৰ নাছিল।
ইউৰোপীয় আৰু কিছু দেশীয় ঐতিহাসিকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত উপমহাদেশৰ ঐতিহাসিকসকলে ঔৰঙ্গজেৱৰ চৰিত্ৰৰ ওপৰত কালিমা সানে। যিগৰাকী বাদছাহে আজীৱন মদ স্পৰ্শ কৰা নাছিল, যিগৰাকী বাদছাহে দৰবাৰৰ বিলাসবহুলতা আৰু নানা অপ্রয়োজনীয় উৎসৱ উঠাই দিছিল; যিগৰাকী বাদছাহে হাৰেমৰ গণিকাসকলক মুক্তি দি তেওঁলোকক বিবাহ দি সুপথে চলাৰ নিৰ্দেশ দিছিল, যিগৰাকী বাদছাহে নিজহাতে কোৰআন অনুবাদ কৰি আৰু টুপি চিলাই কৰি তাৰ উপাৰ্জনেৰে নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল— যিগৰাকীয়ে ৰাজকোষৰ সম্পাদক কেতিয়াও নিজৰ বুলি ভবা নাছিল— জনগণৰ সম্পদ বুলি ভাবিছিল, যিজনে ৰাষ্ট্ৰৰ স্বাৰ্থত মছজিদ ভাঙিব পাৰে, যাৰ ৰাজত্বকালত ৰাজহ বিভাগৰ অধিকাংশ কৰ্মচাৰী হিন্দু আছিল, তেওঁ কিদৰে হিন্দুবিদ্বেষী হ’ব পাৰে, সেয়া আমাৰ বোধগম্য নহয়। আমি তেতিয়াহ’লে ঔৰঙ্গজেৱৰ ইতিহাসক হিন্দুসকলৰ বাবে এক ধৰণৰ আৰু মুছলমানৰ বাবে অন্য ধৰণেৰে চাব লাগিব?
কেৱল ধৰ্মীয় স্তৰতেই নহয়, ধৰ্মৰ নামত অসামাজিক ৰীতিৰ বিৰুদ্ধেও মুছলমান সম্রাটসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। আলাউদ্দিন খিলজিয়ে দেশত মদ, আফিং আৰু ভাঙৰ নিছা নিষিদ্ধ কৰিছিল। তেওঁ জুৱা খেলা বন্ধ কৰিছিল আৰু জুৱাৰীসকলক দিল্লীৰ পৰা বিতাড়িত কৰিছিল। স্ত্ৰী-পুৰুষ নিৰ্বিশেষে চৰিত্রহীনতাৰ বাবে তেওঁৰ সময়ত মৃত্যুদণ্ডৰ ব্যৱস্থা আছিল। পূৰ্বতে কোৱা হৈছে যে আকবৰে হিন্দু-মুছলমানসকলৰ মাজত বাল্যবিবাহ নিষিদ্ধ কৰি বিবাহৰ বয়সসীমা পুৰুষৰ ক্ষেত্ৰত ন্যূনতম ১৬ বছৰ আৰু নাৰীৰ ক্ষেত্ৰত ন্যূনতম ১৪ বছৰ নিৰ্ধাৰণ কৰি দিয়ে। এই নিৰ্দেশ কঠোৰভাৱে পালিত হৈছে নে নাই তাক নিৰীক্ষণ কৰাৰ বাবে পৃথককৈ ‘দাৰোগা পদ’ সৃষ্টি কৰিছিল তেওঁ। উলেমাসকলৰ তীব্ৰ বিৰোধিতা সত্ত্বেও নিঃসন্তানক বাদ দি বেলেগৰ বাবে একাধিক বিবাহ নিষিদ্ধ কৰিছিল; সম্পত্তিৰ লোভত বয়স্ক নাৰীক কমবয়সীয়া মুছলমানৰ লগত দিয়া বিবাহৰীতিক আকবৰে ৰদ কৰে।
আকবৰে হিন্দু-মুছলমান সমাজৰ যৌতুকপ্রথা প্রকাশ্যে বিৰোধিতা কৰে। তেওঁ আছিল জুৱা আৰু পতিতাবৃত্তিৰ বিৰোধী। নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে সতীদাহৰ চেষ্টাও তেওঁ বন্ধ কৰে। জাহাঙ্গীৰ আৰু ছাহজাহানৰ সময়ত এই ব্যৱস্থা বাহাল আছিল। ঔৰঙ্গজেৱে ১৬৬৪ চনত ফমান জাৰি কৰি তেওঁৰ ৰাজত্বকালত সতীদাহ সম্পূৰ্ণ নিষিদ্ধ কৰে।” এই ক্ষেত্ৰত কোনো এক অভিযোগত ঔৰঙ্গজেৱে প্রশাসনিক হস্তক্ষেপৰ ঘটনাৰ কথাও জনা যায়। আজিৰ ‘হিন্দু কোড বিল’ৰ অগ্রদূত ‘জাভাবিৎ-ই-আলমগিৰি’ ঔৰঙ্গজেৱৰ আমোলতেই সূত্ৰৱদ্ধ কৰা হয়। তেওঁ সমগ্ৰ দেশৰ পৰা হিন্দু পণ্ডিতসকলক সমৱেত কৰি মনুসংহিতা, অৰ্থশাস্ত্ৰ আৰু অন্যান্য হিন্দুশাস্ত্ৰৰ ভিত্তিত নিপীড়নমূলক ব্যৱস্থাসমূহ অপসাৰণ কৰি হিন্দুসকলৰ প্ৰতি ধৰ্মীয় সামাজিক নিয়ম চালু কৰাৰ উদ্যোগ গ্ৰহণ কৰে। (ক্ৰমশ:)