সম্পাদকৰ টোকা :: বান্দৰৰ বিচাৰৰ এশ বছৰ : আটলাণ্টিকৰ সিটো পাৰৰ বিক্ষিপ্ত কথাৰে ।। কৌশিক দাস
আলোচনাৰ দুৱাৰ-ডলিতেই সভয়ে কৈ থওঁ, আলোচ্য প্রসংগটোৰ পৰিসৰ অতি বহল—এটা বৈশ্বিক পটভূমিতহে তাৰ সামগ্ৰিক তাৎপৰ্য বিচাৰ কৰা যুগুত, ইফালে আমাৰ তেনে বিদ্যাবুদ্ধি নায়েই। হ’লেও, আটলাণ্টিকৰ সিটো পাৰৰ এখন দেশৰ—এমেৰিকা যুক্তৰাষ্ট্ৰৰ—দুটিমান কথাৰে এই চমু টোকাটো আৰম্ভ কৰিবলৈ আগ বাঢ়িছোঁ। তাৰে কেইটিমান বহু পুৰণি কথা—প্ৰায় আঢ়ৈশ বছৰ আগৰ, দুটিমান তাৰ পৰৱৰ্তী শতিকাৰ। দুটা ঘটনা এই শাৰীকেইটা টাইপ কৰি থকাৰ মাথোঁ কেইদিনমান আগতে ঘটিছে, এটা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত, ইটো এই বছৰৰ মে’ দিৱসৰ দিনা—, সেই দুটা আলোচনাৰ একেবাৰে শেষৰ দফাত উল্লেখ কৰিম। প্রাচীন আৰু আৰ্বাচীন ঘটনাসমূহৰ উল্লেখে বহল পৰিসৰৰ আলোচনাটোৰ ভিতৰলৈ আগ বঢ়াত লেখক আৰু পাঠক, উভয়কেই সহায় কৰিব।
প্ৰথমতে পুৰণি কথাবোৰলৈকে চোৱা যাওক। অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত (১৭৬৫–১৭৮৩) সংঘটিত হোৱা এমেৰিকাৰ স্বাধীনতা সংগ্ৰাম আৰু তাৰ সফলতা আছিল বিশ্বইতিহাসৰ ক্রান্তিকাৰী ঘটনা। স্বাধীনতাৰ যুদ্ধত এমেৰিকানসকলৰ নিৰ্ণায়ক বিজয়ৰ পৰিণতি মাত্ৰ এখন নতুন ৰাষ্ট্ৰই পৃথিৱীৰ মানচিত্ৰত ভুমুকি মৰাতেই সীমাবদ্ধ হৈ থকা নাছিল; সি সমগ্ৰ পৃথিৱীৰেই ৰাজনীতি-অৰ্থনীতিৰ পুৰণি সমীকৰণত পট-পৰিৱৰ্তনৰ সূচনা কৰিছিল। লগতে, ঘটনাটোৱে মানুহৰ মনন আৰু প্ৰমূল্যগত দিশতো গুণগত ৰূপান্তৰ সাধিবলৈ আৰম্ভ কৰিছিল। উদাহৰণ স্বৰূপে, কড়িসৰ্বস্ব বেপাৰ-বাণিজ্যৰ নিৰংকুশ বিস্তাৰে আৰ্থ-সামাজিক দিশটোলৈ কঢ়িয়াই আনিছিল অভূতপূৰ্ব পৰিৱৰ্তন, আৰু তাৰ সমান্তৰালভাৱে ব্যক্তি-স্বতন্ত্ৰতা, চিন্তাৰ উন্মুক্ততা, প্রথা-পৰম্পৰা আদিৰ প্ৰসংগত নতুন নতুন ধ্যান-ধাৰণা উদীয়মান শ্ৰেণীটোৰ ভাবাদৰ্শগত অবয়বৰ অংগীভূত হৈ পৰিবলৈ আৰম্ভ কৰিছিল। তেনে চিন্তা-তৰংগই সমাজৰ অন্য শ্রেণীৰ মানুহৰো মন-মনন উদ্বেলিত কৰি তুলিছিল। অৱশ্যে, আটলাণ্টিকৰ এইটো পাৰৰ ইউৰোপৰ পৰিস্থিতি সেই সময়চোৱাৰ আগে-পিছে আছিল এমেৰিকাতকৈও চমকপ্রদ আৰু ঘটনাবহুল। উদীয়মান বণিক শ্রেণীৰ অন্যতম প্রগতিশীল ভাবাদৰ্শ হিচাপে উদ্ভুত বুৰ্জোৱা যুক্তিবাদে সেই সময়ৰ ইউৰোপৰ—বিশেষকৈ ফ্রান্সৰ—প্রথাগত বিশ্বাস-পৰম্পৰাৰ স্থবিৰ জগতখনত তোলপাৰ লগাইছিল। এমেৰিকাতো পুঁজি আৰু বাণিজ্যিক বিকাশৰ বিপুল স্ফুৰণৰ জাগতিক পটভূমিৰ সৈতে তেনে মতাদৰ্শগত অৱস্থান আছিল অতিকৈ সংগতিপূৰ্ণ। তেনেবোৰ তাৎপৰ্যপূৰ্ণ সামাজিক আৰু মননগত পৰিৱৰ্তন কঢ়িয়াই অনাৰ বাবেই হয়তো এমেৰিকাৰ স্বাধীনতা সংগ্ৰামক বহুতেই “বিপ্লৱ” বুলি আখ্যা দিয়ে।
এমেৰিকাৰ সেই ঘটনাঘন, গতিশীল আৰু উত্তাল সময়ৰ এগৰাকী যুগন্ধৰ চিন্তানায়ক, নতুন ৰাষ্ট্রখনৰ অন্যতম বৌদ্ধিক ৰূপকাৰ আছিল টমাছ পেইন (১৭৩৭–১৮০৯)। সেই তেতিয়াই তেওঁ প্ৰচলিত-প্ৰথাগত খ্ৰীষ্টান ধৰ্মমতৰ নানান অযৌক্তিকতা উন্মোচন কৰি দেখুৱাইছিল, উত্থাপন কৰিছিল গীৰ্জাৰ নেতিবাচক ভূমিকাৰ সন্দৰ্ভত বহুতো ক্ষুৰধাৰ প্ৰশ্ন আৰু বৈপ্লৱিক মত। ঈশ্বৰৰ অস্তিত্ব আৰু ভূমিকাৰ প্ৰশ্নত ডিইষ্ট চিন্তামাৰ্গৰ (Deism) প্ৰবক্তা পেইনে খ্ৰীষ্টান পুৰোহিততন্ত্ৰৰ কূটকৌশল আৰু শঠতাৰ মুখা নিৰ্মমভাৱে খুলি দিয়াৰ লগতে বিভিন্ন ধৰ্মমতৰ মাজত বিদ্যমান হৈ থকা স্ববিৰোধিতাৰে পৰিপূৰ্ণ বিসংগতিসমূহকো অতি একাচেকাকৈ উন্মোচন কৰি দেখুৱাই দিছিল (পেইনৰ ধৰ্মচিন্তাৰ একাধিক দিশৰ বিস্তাৰিত আৰু বিশ্লেষণাত্মক আলোচনাৰ বাবে দ্রষ্টব্য : Ryan Patrick Hoselton, Thomas Paine and Democratic Religion in America, Acta Universitatis Carolinae Studia Territorialia, 2015, pp. 11-26; সামান্য কিছু উল্লেখৰ বাবে দ্রষ্টব্য : কৌশিক দাস, যুক্তিবাদ আৰু এজন পগলা ট্রাক-ড্রাইভাৰ, ২০১৭, পৃ. ২০-২১)। পেইনৰ এখন অতি বিখ্যাত গ্রন্থ হৈছে The Age of Reason। নক’লেও হ’ব, Reason-ক গুৰুত্ব দিয়া তেনে মাৰ্গৰ চিন্তা সমাজত হঠাতে আৱিৰ্ভাৱ হোৱা কোনো ব্যক্তিবিশেষৰ মগজুৰ একক কিম্বা আকস্মিক আৱিষ্কাৰ নাছিল। ধনতন্ত্রৰ উত্থান আছিল তেনে ভাবাদৰ্শৰ বস্তুগত ভিত্তি। সমাজ-বাস্তৱতাৰ তেনে ঐতিহাসিক ঘটনাৱলীয়ে পুৰণি বিশ্বাস-প্রথাৰ বিৰুদ্ধাচাৰণ কৰি, যুক্তিৰ গুণগানেৰে উদীয়মান শ্রেণীটোৰ প্রমূল্যগত দিশটোক পৰিপুষ্ট কৰিছিল। কথাটো স্পষ্ট হ’ব অন্য দুটিমান উদাহৰণৰ সহায়েৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কৃতি ছাত্র জন এডামছ (১৭৩৫-১৮২৬) আছিল স্বাধীন এমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয়গৰাকী ৰাষ্ট্রপতি। তেওঁৰ দেউতাকে বিচাৰিছিল, ল’ৰাই সেই কালৰ সন্মানীয় যাজকৰ বৃত্তি গ্রহণ কৰক; কিন্তু এডামছ সোমালগৈ আইনৰ শ্রেণীকোঠাত। চিঠিৰে তেওঁ পিতৃক জনাইছিল এটা চমকপ্রদ কথা—আইনজ্ঞসকলৰ মাজত বহুতো মহৎ আৰু বীৰ মানুহ দেখিবলৈ পোৱা যায়, কিন্তু ভণ্ড যাজকসকলৰ মাজত তেনে কোনো লোক নাই (দ্রষ্টব্য : আশীষ লাহিড়ী, আমোৰিকা যুক্তৰাষ্ট্রে বিজ্ঞান…না-বিজ্ঞান ১৭০০-২০০০, ২০২৪, পৃ.১৪)! জন এডামছৰ পিছত, এমেৰিকাৰ তৃতীয়গৰাকী ৰাষ্ট্রপতি হৈছিল টমাছ জেফাৰছন (১৭৪৩-১৮২৬)। তেওঁৰ এখন গ্রন্থৰ নাম The Life and Morals of Jesus of Nazareth। ‘জেফাৰছনৰ বাইবেল’ বুলি খ্যাত এই পুথিখনত জেফাৰছনে নিউ টেষ্টামেণ্টৰ নানান অলৌকিক কল্পকথাক, যেনে কুমাৰীয়ে সম্তান জন্ম দিয়া কাহিনী আদিক পোনে-পোনে বাদ দিয়ে (দ্রষ্টব্য : কৌশিক দাস, পূৰ্বোক্ত গ্রন্থ, পৃ. ২০)। সেই সময়ৰ বিখ্যাত চিন্তানায়ক আৰু বিজ্ঞানী বেঞ্জামিন ফ্রাংকলিনৰ (১৭০৬-১৭৯০) কথা উলিয়ালে বাহুল্যহে হ’বগৈ।

এমেৰিকাত পুঁজিবাদৰ সবল উত্থানৰ লগে লগে তিৰবিৰাই উঠা তদানীন্তন যুক্তিবাদৰ সঞ্জীৱিত বিকাশ এটা নিৰ্বিৰোধ মতাদৰ্শ আছিল—আপাতদৃষ্টিত কথাটো তেনেকুৱা যেন লাগিবও পাৰে। কিন্তু তেনে হোৱাটো যে সম্ভৱ নহয়—সমাজখনত অহৰহ চলি থকা দ্বন্দ্ব-সংঘাতৰ দিশটো স্মৰণ কৰিলেই কথাটো ধৰিব পাৰি। এই প্রসংগত বিখ্যাত ঘটনা এটাৰ কথা আমি ইয়াতেই সুঁৱৰি ল’ব পাৰোঁ। এমেৰিকা যুক্তৰাষ্ট্রৰ ষষ্ঠগৰাকী ৰাষ্ট্রপতি আছিল জন কুইন্সি এডামছ (১৭৬৭-১৮৪৮); তেওঁ আছিল দ্বিতীয়গৰাকী ৰাষ্ট্রপতি একাচেকা জন এডামছৰ পুত্র। কুইন্সি এডামছ আছিল বিজ্ঞানৰ প্রতি, বিশেষকৈ জ্যোতিৰ্বিদ্যাৰ প্রতি অতি আগ্রহী। তেখেতে প্রস্তাৱ দিছিল—এটা ডাঙৰ আৰু আধুনিক চৰকাৰী মানমন্দিৰ (Observatory) নিৰ্মাণ কৰিব লাগে। এমেৰিকাৰ কংগ্রেছে কিন্তু তাৰবাবে চৰকাৰী ধন ব্যয় কৰিবলৈ অনুমতি নিদিলে; নাকচ হ’ল খোদ ৰাষ্ট্রপতিগৰাকীৰ জ্ঞানাৰ্জনৰ বিজ্ঞান-প্রস্তাৱ! অদমনীয় মানুহজনে বহু বছৰ পিছত—১৮৪৬ চনত—এগৰাকী বৃটিছ বিজ্ঞানীয়ে দিয়া শকত ধনৰ সহায়ত এটা বিখ্যাত বিজ্ঞান-প্রতিষ্ঠান (The Smithsonian Institution) গঢ়ি তুলিছিল। কোৱা হয় যে যদি কুইন্সি এডামছৰ হাতত একচ্ছত্রী “সম্রাটৰ ক্ষমতা” থাকিলেহেতেন, তেনেহ’লে কোন-কাহানিবাই মানমন্দিৰটোৰ নিৰ্মাণ হ’লহেতেন (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য:, Steven J. Dick, John Quincy Adams, the Smithsonian Bequest and the Founding of the U.S. Naval Observatory, Journal for the History of Astronomy, 22: 1, 1991, p. 31-44 ; আৰু, আশীষ লাহিড়ী, পূৰ্বোক্ত গ্রন্থ, পৃ. ১৪)।

দেখা যায় যে স্বাধীনতাৰ পৰৱৰ্তী কালত অৰ্থনৈতিক দিশত তৰ্কাতীত উলম্ফন পৰিলক্ষিত হ’লেও, বিজ্ঞানবীক্ষা আৰু মননগত উৎকৰ্ষৰ ক্ষেত্রত প্রচুৰ অসাম্য, বিৰোধ আৰু অসন্তুলন এমেৰিকাৰ সমাজখনৰ মজ্জাগত হৈ পৰিছিল। বিজ্ঞান-চৰ্চাৰ প্রসাৰ আৰু ব্যাপ্তি দেশখনত যে অভূতপূৰ্ব আছিল, তাত কোনো সন্দেহ নাই। কিন্তু প্রশ্ন উঠিব, তেনে বিজ্ঞান-চৰ্চাৰ উদ্দেশ্যৰ ৰেহৰূপ ঘাইকৈ কেনেকুৱা আছিল—মানুহৰ সাৰ্বিক কল্যাণৰ সৈতে সি সম্পৰ্কিত হৈ আছিল নে? আদিতে সমাজত উদ্দীপনাৰ জন্ম দিয়া বুৰ্জোৱা যুক্তিবাদৰ স্রোতৰ তীব্রতা একেই আছিল, নে সি এৰাসুঁতি হৈ ক্রমাৎ হেৰাই যোৱাৰ উপক্রম হৈছিল? সেই কালৰ কথা বাদেই, সাম্প্রতিক সময়ৰো এমেৰিকাৰ সমাজ-বাস্তৱতাই কয় যে প্রশ্নসমূহৰ উত্তৰ দুখ লগাকৈ নেতিবাচক। বিজ্ঞানৰ বিকাশ এতিয়াও তাত প্রচণ্ড, কিন্তু তাৰ লগে লগে বিজ্ঞান-বিৰোধিতা আৰু বিজ্ঞানবোধৰহিত জীৱনবীক্ষা এমেৰিকাৰ সমাজখনত সুস্পষ্ট। আজি আমি জানোঁ যে সমাজৰ অৰ্থনৈতিক ভিত্তিটোক কেন্দ্র কৰি জন্মহোৱা বহুমাত্রিক দ্বন্দ্ব-বিৰোধৰ পৰা নিলগাই সামাজিক ঘটনা-পৰিঘটনাসমূহৰ পূৰ্ণাংগ বিচাৰ কৰিব নোৱাৰি। বিজ্ঞানৰ প্রাচুৰ্যৰ মাজত থাকিও এমেৰিকাৰ বহুতৰে বিজ্ঞানবিৰোধিতাৰ আঁৰত কেনেকুৱাধৰণৰ অৰ্থনৈতিক কথা-বতৰা বাৰু সোমাই আছে?
এমেৰিকাৰ সমাজখনৰ বিজ্ঞান-চৰ্চা আৰু বিজ্ঞানবীক্ষাৰ প্রসংগত সামাজিক শক্তিসমূহৰ মাজৰ দ্বন্দ্বৰ কথাটো বৰ চিত্তাকৰ্ষক, কিয়নো এই ক্ষেত্রত প্রাতিষ্ঠানিক ধৰ্ম আৰু এমেৰিকানসকলৰ ধৰ্মবিশ্বাসে শক্তিশালীয়েই নহয়, এটা নিৰ্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে প্রথমৰে পৰাই। বিভিন্ন বিদ্বানৰ আলোচনা-বিলোচনাৰ পৰা ইউৰোপৰ পটভূমিতকৈ এমেৰিকাৰ ঘটনাৱলীৰ চৰিত্র বহু ক্ষেত্রত পৃথক যেন ধাৰণা হয়। ইউৰোপত ধৰ্মসংস্কাৰ আন্দোলন আৰু পুঁজিবাদৰ প্রাৰম্ভিক বিকাশৰ উক্মুকনি প্রায় অগা-পিছাকৈ সংঘটিত হৈছিল। তদানীন্তন যুক্তিবাদৰ বিকাশ, আধুনিক বিজ্ঞানৰ অংকুৰোদ্গম আৰু পুঁজিবাদৰ প্রাৰম্ভিক জয়যাত্রা প্রায় সমাৰোপিত হৈ পৰিছিল তেতিয়াৰ ইউৰোপত। ইউৰোপৰ প্রাণচঞ্চল বৈজ্ঞানিক কৰ্মকাণ্ড, ধৰ্মৰ পশ্চাৎসৰণ আৰু যুক্তিবাদৰ বলিষ্ঠ আত্মপ্রকাশ কোনো বিচ্ছিন্ন ঘটনা নাছিল। ইয়াত ইউৰোপৰ প্রসংগত বিস্তাৰিত আলোচনা সংগত নহ’ব। চমুকৈ ক’ব পাৰি, নৱোত্থিত পুঁজিবাদ তেতিয়াৰ ইউৰোপত আছিল অতিশয় প্রাণপ্রাচুৰ্যেৰে বলীয়ান, সেই সময়ত সমাজৰ অৰ্থনৈতিক ভিত্তিটোত আমূল পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছিল, সামন্তপ্রথাই গণি আছিল ইতিহাসৰ পৰা বিদায়ৰ ক্ষণ। ক্রমবৰ্ধমান পুঁজিবাদী অৰ্থনীতিয়ে অধিক লাভৰ বাবে দাবী কৰিছিল নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰ-উদ্ভাৱনৰ। ইফালে, যিবোৰ সামন্তীয় মূল্যবোধ পুঁজিবাদী বিকাশৰ বাবে পৰিপন্থী কিম্বা অলাগতীয়াল বুলি পৰিগণিত হৈছিল, সেইবোৰ বুৰ্জোৱা শ্রেণীটোৱে নিৰ্মমভাৱে দলিয়াই পেলাবলৈ কুণ্ঠাবোধ কৰা নাছিল। অৰ্থাৎ, সামগ্রিকভাৱে উক্ত সময়ত সংঘটিত হোৱা বিজ্ঞানৰ উলম্ফিত বিকাশ, ধৰ্মৰ অপসৃয়মাণ গুৰুত্ব আৰু যুক্তিবাদৰ বলিষ্ঠ আত্মপ্রকাশ আদিৰ দৰে ক্রান্তিকাৰী ঘটনাৰ আঁৰত আছিল অৰ্থনৈতিক ভিত্তিটোৰ ৰূপান্তৰৰ বাস্তৱতা (এই সম্পৰ্কে সামান্য আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, বিজ্ঞান আৰু মানৱীয় মূল্যবোধ : কিছু বিক্ষিপ্ত চিন্তা, বিজ্ঞান প্রযুক্তি আৰু সমাজ গ্রন্থত, ১৯৯৮, পৃ. ১০৩-১২২; অথবা, কৌশিক দাস, ধৰ্ম বিজ্ঞান যুক্তিবাদ, ২০০৮, পৃ. ৭০-৮৭)।
বিজ্ঞান, যুক্তিবাদ আদিৰ প্রসংগত এমেৰিকাতো অৰ্থনৈতিক ভিত্তিটোৱে ডাঙৰ ভূমিকা যে লৈছিল, সেইটো কোৱা বাহুল্য হ’ব। কিন্তু ঐতিহাসিক ঘটনাক্রমলৈ লক্ষ্য কৰিলে আৰু এটা কথা চকুত পৰে। এমেৰিকাত উপৰিউক্ত দিশবোৰত প্রাতিষ্ঠানিক ধৰ্ম আৰু ধৰ্মবিশ্বাসেও এটা নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিছিল। এই কথাটো অনুধাবন কৰাটো বৰ জৰুৰী। প্রকৃততে, আমাৰ পৰিচিত এতিয়াৰ এমেৰিকাৰ সমাজখনৰ গঠন-প্রক্রিয়াটোৱেই আছিল অতি আচহুৱা। কলম্বাছৰ সফল অভিযানৰ পৰৱৰ্তী কালত ইউৰোপৰ পৰা মানুহৰ অন্তহীন প্রব্রজন আৰম্ভ হৈছিল “নতুন মহাদেশ”-খনলৈ। বহুতো বিদ্বানে খাৰাংখাছকৈ এমেৰিকাখনক “প্রব্রজনকাৰীৰ দেশ” বুলিহে আখ্যা দিয়ে (দ্রষ্টব্য : Li Guanghua, The Influence of Puritanism on the Shaping of Traditional American Values, International Journal of English Literature and Social Sciences, 6 : 4, 2021)। উপনিৱেশ বা কলনি গঢ়িবলৈ ইউৰোপৰ নানান দেশৰ মানুহ তাত সোমাই ধৰধৰ-মাৰমাৰ লগাইছিল, খিলঞ্জীয়াসকলক হয় নিশ্চিহ্ন কৰিছিল, নহয় ক’ৰবালৈ খেদি পঠিয়াইছিল। তাৰ লগতে আফ্রিকাৰ পৰা বহুতকে অনা হৈছিল দাস হিচাপে। ইউৰোপৰ পৰা অহা মানুহখিনিৰ মাজতো কোনো সমসত্ত্ব চৰিত্র নাছিল—তেওঁলোকো আছিল হৰেক ৰকমৰ লোক, তেওঁলোকেও নিজৰ মাজত কাজিয়া-খৰিয়ালত লিপ্ত হৈছিল। তাৰে মাজতে আকৌ চলি আছিল আত্মীকৰণ আৰু সমন্বয়ৰ প্রক্রিয়াও। তাতোতকৈও ডাঙৰ কথা, “নতুন মহাদেশ”-খনত পূৰ্বৰ কোনো প্রথাগত সামন্ততন্ত্র নাছিল বাবে তাত বংশগৌৰৱৰ গুৰুত্বও নাছিল। বংশগৌৰৱৰ সলনি তাত সামাজিক মৰ্যাদাৰ মূল হৈ পৰিছিল ধন-ঐশ্বৰ্য। এগৰাকী বিদ্বান বিশ্লেষকে এই প্রসংগত চিধাচিধিকৈ লেখিছে এইদৰে—”….আৰু একো নহয়, মাত্র ধনী হোৱাটোৱেই মাৰ্কিন সমাজত মৰ্যাদাৰ একমাত্র মানদণ্ড, এই কথাটো মাৰ্কিন মূল্যবোধৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়” (সুৰজিৎ দাসগুপ্ত, মৌলবাদ এক নতুন সংজ্ঞা, ১৯৯৫, পৃ. ১০)। প্রশ্নটো হ’ল, তেনে মূল্যবোধৰ সৈতে ধৰ্মৰ সম্পৰ্ক কি? এই প্রসংগত জাৰ্মান সমাজতাত্ত্বিক মেক্স ওৱেবাৰ (Max Weber, 1864-1920) আদিৰ মতামত প্রণিধানযোগ্য। কথাটো আলোচনাৰ এই অংশত চমুকৈ বৰ্ণনা কৰিব লাগিব।
ষষ্ঠদশ আৰু সপ্তদশ শতিকাত ইংলেণ্ডৰ এচাম শিক্ষিত প্রটেষ্টাণ্ট লোকে ধৰ্মৰ আৱৰ্তত থাকিয়েই প্রচলিত খ্রীষ্টধৰ্মৰ সংস্কাৰ সাধন কৰিবলৈ প্রয়াস কৰিছিল। ধৰ্মযাজকসকলে প্রৱৰ্তন কৰা ধৰাবন্ধা নীতি-নিয়ম, আচাৰ-অনুষ্ঠান আদিক বাদ দি তেওঁলোকে “চাৰ্চ অৱ ইংলেণ্ড”-ৰ অধিক সংস্কাৰ হোৱাটো বিচাৰিছিল। পিউৰিটান বুলি আখ্যা দিয়া এইসকলৰ সৈতে গীৰ্জা আৰু ৰজাৰ সংঘাত চলি আছিল অবধাৰিতভাৱে। তাৰে মাজতে কেইগৰাকীমান অতি প্রভাৱশালী পিউৰিটানে “নতুন মহাদেশ”-ত কলনি পাতিবলৈ ৰজাৰ অনুমতি বিচাৰিলে। ৰজাই সুবিধা পাই, তেওঁলোকক দেশৰ পৰা আঁতৰ কৰিবলৈ তেনে অনুমতি প্রদান কৰিলে। ১৬৩০ চনৰ পৰা ক্রমাৎ বুজন সংখ্যক পিউৰিটানে “নতুন মহাদেশ”-ৰ বহুতো ঠাই দখল কৰি শাসন কৰিবলৈ আৰম্ভ কৰিলে। প্রসংগত উল্লেখ কৰিব পাৰি, এই সন্দৰ্ভত অসমীয়া ভাষাৰ লেখকে সহজ-সৰলকৈ বিস্তাৰিত বৰ্ণনা-বিশ্লেষণ আগ বঢ়োৱা তেনেকৈ চকুত নপৰে। তাৰে মাজত ব্যতিক্রম সুলেখক নিৰঞ্জন বৰদলৈ; তেখেতে বিষয়টো বৰ মনোগ্রাহীকৈ আলোচনা কৰিছে (নিৰঞ্জন বৰদলৈ, স্বাধীনতা সংগ্রাম দেশে-বিদেশে : আমেৰিকা, ২০২২)। সি যিয়েই নহওক, এটি সৰু তথ্যই “বৃহৎ পিউৰিটান প্রব্রজন”-ৰ (The Puritan Great Migration) কথাটো স্পষ্ট কৰিব। ১৬৩০ চনৰ পৰা ১৬৪০ চনলৈ—মাত্র এই দহ বছৰত—মাচাছুচেট্ছত তেনে প্রব্রজনৰ বাবে পিউৰিটানসকলৰ সংখ্যা প্রায় ৫ গুণ বাঢ়ি গৈছিল, যিটো আছিল অভাবনীয় (দ্রষ্টব্য : Bolitho, R, The New England Puritans: History, Social Order, and Gender, Perspectives on Culture, 3: 34, pp. 59–71)। স্বাভাবিকতেই মনলৈ আহিব এইটো প্রশ্ন—পিউৰিটান ধৰ্মাৱলম্বীসকলৰ তেনে প্রব্রজনৰ তাৎপৰ্য কি, বৰ্তমানৰ আলোচনাৰ সৈতে সি কিমানেই বা প্রাসংগিক?

পিউৰিটানসকলৰ তেনে প্রব্রজন আৰু “নতুন মহাদেশ”-ত কলনি স্থাপন—সেইটো আছিল পৰৱৰ্তী সময়ৰ এমেৰিকাৰ সমাজ-সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতিৰ ৰেহৰূপ নিৰ্মাণৰ ক্ষেত্রত এটা নিৰ্ণায়ক ঘটনা। মেক্স ওৱেবাৰৰ দৰে পণ্ডিত সমাজতাত্ত্বিকে এই ঘটনাটোক এমেৰিকাৰ সমাজ-সংস্কৃতি-অৰ্থনীতিৰ বিশ্লেষণত কেন্দ্রীয় স্থানলৈ প্রক্ষেপ কৰিছে। পিউৰিটানসকল আছিল কৰ্মযোগী—“পিউৰিটান কৰ্মচেতনা” (Puritan work ethic) এটি বহুল প্রচলিত জনপ্রিয় উক্তি। ঐকান্তিক পৰিশ্ৰম, কঠোৰ শৃংখলা আৰু মিতব্যয়িতা (diligence, discipline and frugality) আছিল তেনে কৰ্মচেতনাৰ মৰ্মবস্তু। এইবোৰ মাত্র কোনো জনগোষ্ঠী বা ব্যক্তিৰ চাৰিত্রিক বৈশিষ্ট্যৰ কথা নাছিল—সেইসমূহৰ উদ্গাতা আছিল পিউৰিটানসকলৰ ধৰ্মীয় ভাবাদৰ্শ। ওৱেবাৰৰ মতে পিউৰিটান মতাদৰ্শই মূলধন আৰু শ্রমৰ সুশৃংখলিত বিন্যাসৰ প্রমূল্যবোধ কঢ়িয়াই আনিছিল [মূল বাক্যটো হৈছে Puritanism carried the ethos of the rational organization of capital and labour (Max Weber, The Protestant Ethic and the Spirit of Capitalism, Routledge, 1992, p. 111)]। আমি সতৰ্ক হৈ মনকৰিবলগীয়া কথা, ওৱেবাৰৰ বিশ্লেষণত ধৰ্মৰ কোনো উপৰুৱা প্রভাৱৰ কথা নাছিল—পিউৰিটানসকলৰ ধৰ্মীয় প্রমূল্যক তেওঁ চিহ্নিত কৰিছে মূলধন আৰু শ্রমৰ বিন্যাসৰ মূল নিৰ্ণায়ক কাৰক বুলি। তাৰ পৰিণতি বাৰু কি আছিল? ওৱেবাৰৰ মতে, পিউৰিটান প্রমূল্যবোধৰ প্রসাৰৰ ফলত পুঁজি সঞ্চিত হোৱাতকৈও ডাঙৰ ঘটনা ঘটিছিল; পিউৰিটানী ধৰ্মীয় প্রমূল্যবোধে এটা যুক্তিসঞ্জাত বুৰ্জোৱা অৰ্থনৈতিক জীৱনধাৰাৰ সূচনা কৰিছিল। ওৱেবাৰৰ মতে এই কথাটোৰ গুৰুত্ব অপৰিসীম—ই “আধুনিক অৰ্থনৈতিক মানৱ”-ৰ জন্ম দিছিল [As far as the influence of the Puritan outlook extended, under all circumstances—and this is, of course, much more important than the mere encouragement of capital accumulation—it favoured the development of a rational bourgeois economic life; it was the most important, and above all the only consistent influence in the development of that life. It stood at the cradle of the modern economic man (পূৰ্বোক্ত গ্রন্থ, P. 117)]।
পিউৰিটানসকলৰ ধৰ্মীয় প্রমূল্যই যে এমেৰিকাৰ সমাজত এক চালিকাশক্তি হিচাপে কাম কৰিছিল, তাত কোনো সন্দেহ নাই। এমেৰিকালৈ যে বিভিন্নধৰণৰ মানুহৰ প্রব্রজন ঘটিছিল, সেইটো বাতৰি আমি পাই আহিছিলোঁ। স্বাভাবিকতেই মিশ্রিত জনতাৰ মাজত প্রমূল্যবোধ আৰু জীৱনধাৰা একমাত্রিক নাছিল। কিন্তু এমেৰিকান সমাজখনত ক্রমাৎ মজ্জাগত হৈ পৰা বহুতো প্রমূল্যবোধ আৰু চাৰিত্রিক বৈশিষ্ট্য—যেনে ব্যক্তিগত সম্পদৰ প্রতি দুৰ্নিবাৰ আকাংক্ষা, ব্যক্তিস্বাধীনতাৰ প্রসংগত তীব্র সচেতনতা, স্বনিৰ্ভৰশীল হোৱাৰ অদম্য প্রয়াস, কঠোৰ আৰু ঐকান্তিক পৰিশ্রম, আগ বাঢ়ি যোৱাৰ উদ্দীপনাময় স্পৃহা আদি “নতুন মহাদেশ”-ৰ আৰম্ভণিৰ সময়ৰ পিউৰিটান ধৰ্মীয় নৈতিকতাৰ পৰা উদ্ভুত বুলি বহুতো গৱেষকে মত দিয়ে (দ্রষ্টব্য : Li Guanghua, পূৰ্বোক্ত সূত্র)।
ওৱেবাৰৰ মতামতসমূহ যে অবিসম্বাদী নহয়, এইখিনিতে সেইটোও উল্লেখ কৰি থোৱা উচিত হ’ব। ওৱেবাৰৰ তেনে মত মাত্র বিৰোধেৰেই সন্মুখীন হোৱা নাই, সেইসমূহে তীব্র বৌদ্ধিক বিতৰ্কৰো জন্ম দিছে (উদাহৰণ, Remo Erdosain, Weber’s Protestant Ethic: a Marxist Critique, 2017)। আনহে নালাগে, স্বয়ং ওৱেবাৰৰ উক্ত গ্রন্থখনৰ ইংৰাজী অনুবাদৰ পাতনিতেই বিখ্যাত সমাজতাত্ত্বিক এন্থনি গিডেন্সে (Anthony Giddens) তেনে বিতৰ্কৰ কথা বহলাই আলোচনা কৰিছে। বিতৰ্কটোৰ এটা দিশ ভিত্তি আৰু উপৰিসৌধৰ মাৰ্ক্সীয় প্রমেয়ৰ সৈতে সম্পৰ্কিত। লগতে আপত্তি উঠিছিল, ওৱেবাৰে মানুহৰ ভাবজগতক বস্তুজগততকৈ আগ স্থান দি ভাববাদৰ কবলত পৰিছে। এই দিশটোৰ কথা মনত ৰাখিও আমি ক’ব পাৰোঁ যে ওৱেবাৰৰ সকলো মতামত টিলিকতে উৰুৱাই দিব পৰাকৈ পাতল নহয়। মাৰ্ক্সবাদী চিন্তাবিদ আৰু মননশীল লেখক আশীষ লাহিড়ীয়ে পূৰ্ব-উল্লিখিত গ্রন্থখনত (যুক্তৰাষ্ট্রে বিজ্ঞান…না-বিজ্ঞান ১৭০০-২০০০) কেইটিমান গুৰুতৰ প্রশ্নৰ উত্তৰৰ সন্ধান কৰিছে। এমেৰিকা যুক্তৰাষ্ট্রত বিজ্ঞানৰ অতুলনীয় অগ্রগতিৰ পিছতো দেশখনৰ জনচেতনাত বিজ্ঞানবোধ ইমান নিস্তেজ কিয়? কিয় ডাৰউইনৰ বিৰোধিতা তাত ইমান তীব্র? মুনাফা লাভৰ স্বাৰ্থ দেশখনত ইমান নগ্ন কিয়? বিদ্বানগৰাকীয়ে মত দিছে যে এইসমূহৰ মূল এমেৰিকাৰ ইতিহাসৰ ঘটনাক্রমৰ পৰা অকণো বিচ্ছিন্ন নহয়—বৰঞ্চ ওৱেবাৰ কথিত পিউৰিটান প্রমূল্যবোধৰ সৈতে সি ঐতিহাসিকভাৱে সম্পৰ্কিত। বিষয়টো স্পষ্ট কৰিবলৈ এটি কুখ্যাত ঘটনাৰ কথা প্রতিনিধিত্বমূলক উদাহৰণ হিচাপে এইখিনিতে উল্লেখ কৰিব পাৰি। ১৬৯২-৯৩ চনত মাচাছুচেট্ছত ২০০-গৰাকী নাৰীক “ডাইনী” বুলি বন্দী কৰি ৰখা হৈছিল। অভিযোগবোৰ আছিল আচৰিত—নাৰীসকলে হেনো পানীৰ ওপৰেৰে খোজ কাঢ়িছিল, ঘৰত এন্দুৰ আৰু বাদুলি পুহিছিল ইত্যাদি। বিচাৰকসকল আছিল উচ্চশিক্ষিত, অথচ তেওঁলোকৰ বিচাৰৰ ৰায়ে ১৯-গৰাকী নাৰীক ফাঁচীত ওলোমাই দিছিল (দ্রষ্টব্য : নিৰঞ্জন বৰদলৈ, পূৰ্বোক্ত গ্রন্থ, পৃ. ৮১)। কথাটোৱে আমাক এতিয়া আচৰিত আৰু বেদনাহত কৰি পেলালেও, পিউৰিটানী প্রমূল্যৰ দিশটো বিবেচনালৈ আনিলে ঘটনাটোৰ যুক্তিগ্রাহ্য ব্যাখ্যাৰ সন্ধান পোৱা যায়। এই দিশটোলৈ দুটিমান তথ্য সহায়েৰে লক্ষ্য কৰিব পাৰি।
এমেৰিকাত আধুনিক বিজ্ঞানচৰ্চাৰ অংকুৰোদ্গম ঘটিছিল হাৰ্ভাৰ্ড মহাবিদ্যালয়ত (পিছলৈ বিশ্ববিদ্যালয়)। মজাৰ কথা, প্রথমতে ক্রমাগতভাৱে সংখ্যাত বাঢ়ি অহা পিউৰিটানসকলৰ বাবে উপযুক্ত সংখ্যাত যাজকৰ যোগান দিবলৈ বুলিহে খোলা হৈছিল তেতিয়াৰ ধৰ্মীয় মহাবিদ্যালয়খন। কলেজখনৰ সভাপতিগৰাকী স্বাভাবিকতেই হৈছিল কোনো পিউৰিটান ব্যক্তি। এবাৰ এজন সভাপতিয়ে ব্যাপ্তিষ্ট মতাদৰ্শ গ্রহণ কৰাত পিউৰিটানসকলৰ প্রতিবাদত পৰিস্থিতি ভয়াবহ হৈ পৰিছিল, পদত্যাগ কৰিবলগীয়া হৈছিল সভাপতিগৰাকীয়ে। পিউৰিটান কটন মেথাৰ (Cotton Mather, ১৬৬৩-১৭২৮) আছিল এগৰাকী বিখ্যাত সভাপতি। তেওঁ আছিল মাচাছুচেট্ছ বে’ কলনিৰ এগৰাকী প্রভাৱশালী ব্যক্তি। তেওঁ পৰীক্ষামূলক বিজ্ঞানৰ প্রতি আগ্রহী আছিল, সাধাৰণ মানুহৰ মাজত বিজ্ঞানৰ কথা সহজভাৱে প্রচাৰ কৰাত আগ ভাগ লৈছিল, কোপাৰ্নিকাছৰ সূৰ্যকেন্দ্রী সৌৰজগতৰ মডেলটোৰ বিষয়ে বক্তৃতা প্রদান কৰি ফুৰিছিল। কিন্তু আচৰিতধৰণে অন্য দিশ কিছুমানত কটন মেথাৰ আছিল সাংঘাতিক ৰক্ষণশীল। তেওঁ ডাইনী সঁচাই আছে বুলি বিশ্বাস কৰিছিল, মাত্র সিমানেই নহয়, ডাইনীৰ “প্রমাণ”-ত গ্রন্থও প্রণয়ন কৰিছিল। আশীষ লাহিড়ীয়ে দেখুৱাইছে যে মাচাছুচেট্ছৰ সেই কলংকিত “ডাইনী-বিচাৰ”-ৰ ৰায়ত প্রতিধ্বনিত হৈছিল কটন মেথাৰ গ্রন্থৰ মতামত (আশীষ লাহিড়ী, পূৰ্বোক্ত গ্রন্থ, পৃ. ৬-৮)। কথাটো তাতেই শেষ হোৱা নাই, আশীষ লাহিড়ীয়ে তাৰ পিছতেই প্রদান কৰিছে এটি তাৎপৰ্যপূৰ্ণ মত। তেখেতৰ বিবেচনাত ঘটনাটো কোনো ব্যক্তিগত কুসংস্কাৰৰ নিদৰ্শন নাছিল—তাৰ মূলত আছিল পিউৰিটানী ধৰ্মীয় মতাদৰ্শহে (পূৰ্বোক্ত গ্রন্থ, পৃ. ৮)। এই প্রতিনিধিত্বমূলক উদাহৰণটিয়ে নিশ্চয় পিউৰীটানী মতাদৰ্শৰ নিৰংকুশ প্রভাৱৰ কথাটো স্পষ্ট কৰিছে।
গতিকে কোনো দ্বিধা নোহোৱাকৈ ক’ব পৰা যায় যে এমেৰিকাৰ তৰাণ্বিত বিজ্ঞান-চৰ্চাৰ লেখচিত্রডাল বিজ্ঞানমনস্ক জীৱনবীক্ষাৰ সৈতে সমাৰোপিত হোৱা নাছিল। এইক্ষেত্রত আৰু এটি দিশ আছে, যিটো অধিক গুৰুতৰ আৰু চিত্তাকৰ্ষক। এমেৰিকাৰ বিজ্ঞানৰ চৰ্চাই সকলোকে চমকাই তুলিছিল সঁচা, কিন্তু তেনে চৰ্চাৰ উদ্দেশ্যৰ ৰেহৰূপ আছিল কেনেকুৱা? প্রশ্নটো এই আলোচনাৰ এঠাইত আমি আগতেও পাই আহিছিলোঁ। আশীষ লাহিড়ীৰ মত এই ক্ষেত্রত অতিকৈ প্রাসংগিক। তেখেতে দেখুৱাইছে যে কটন মেথাৰ দৰে ধৰ্মান্ধ বহুতো ব্যক্তি আছিল এমেৰিকাৰ বিজ্ঞান-চৰ্চাৰ পথিকৃত। বিজ্ঞান বুলিলে তেওঁলোকে বিজ্ঞানৰ বৈষয়িক উপযোগিতাক বুজিছিল, কিন্তু মননগত ক্ষেত্রত বিজ্ঞানৰ বিপুল তাৎপৰ্যৰ দিশটোত তেওঁলোকৰ কোনো আগ্রহ নাছিল। বৈজ্ঞানিক পৰিভাষাৰে কেনেকৈ নিজৰ ধৰ্মীয় মতাদৰ্শক “প্রমাণ” কৰা যায়—তাতহে তেওঁলোকৰ আগ্রহ আছিল অধিক (পূৰ্বোক্ত গ্রন্থ, পৃ. ৮)। বিজ্ঞান তেওঁলোকৰ বাবে আছিল মুনাফা অৰ্জনৰ হাথিয়াৰ; জনকল্যাণৰ কথা বাদেই, মননগত উৎকৰ্ষৰ সৈতেও তাৰ সম্পৰ্ক নাছিল।
গতিকে এমেৰিকাৰ ৰাষ্ট্রগঠনৰ আদি কালত মননগত উৎকৰ্ষৰ বাবে বিজ্ঞান আৰু যুক্তিবুদ্ধিৰ চৰ্চাত টমাছ পেইন, বেঞ্জামিন ফ্রাংকলিন, জন এডামছ, টমাছ জেফাৰছন, জন কুইন্সি এডামছ আদিৰ যিমানেই আন্তৰিক সদ্দিচ্ছা নাথাকক, ধৰ্মীয় প্রমূল্য আৰু পুঁজিতন্ত্রৰ সনা-পোটকাত ফেনেকি উঠা এমেৰিকাৰ বাস্তৱতাত সি মুঠেও ফলপ্রসূ নহ’ল। সেইটো কেৰোণ যে প্রথমৰ পৰাই লাগিবলৈ আৰম্ভ কৰিছিল, সেইটো আমি পাই আহিছিলোঁ। তাৰ লগে লগে কিন্তু আৰু এটা ঘটনা অনিবাৰ্য আৰু নিৰন্তৰভাৱে সংঘটিত হৈ আছিল। সেইটো হ’ল সুস্থ প্রমূল্যৰ ক্ষেত্রত পুঁজিতন্ত্রৰ ক্রমাগত অৱক্ষয় আৰু অধঃপতন। এই কথাটো ইউৰোপ অথবা বিশ্বৰ অন্য পুঁজিতান্ত্রিক দেশতকৈ পৃথক নাছিল। ফৰাচী বিপ্লৱৰ নিনাদিত বাণী “সাম্য, মৈত্রী, স্বাধীনতা” কেনেকৈ মূৰ্ত হৈছিলগৈ বাণিজ্যিক প্রতিযোগিতাৰ প্ৰৱঞ্চনাত, ব্যৱসায়ৰ নগ্ন স্বাৰ্থৰ কাজিয়া আৰু শঠতাত, সেইটো সৰ্বজনবিদিত। তেনে এটা অৱক্ষয়িত সমাজব্যৱস্থাত ইউৰোপত বিজ্ঞানচৰ্চাৰ গতি-প্রকৃতি কেনেকৈ পুঁজিতন্ত্রই নিজৰ স্বাৰ্থত পৰিচালিত কৰিছিল, কেনেকৈ পুঁজিবাদীৰ মুনাফা অৰ্জনত বিজ্ঞানক ব্যৱহাৰ কৰা হৈছিল, আমি তাৰ সামান্য আলোচনা অন্যত্র কৰিবলৈ প্রয়াস কৰিছিলোঁ (দ্রষ্টব্য : কৌশিক দাস, বিজ্ঞান আৰু মানৱীয় মূল্যবোধ : কিছু বিক্ষিপ্ত চিন্তা, বিজ্ঞান প্রযুক্তি আৰু সমাজ গ্রন্থত, ১৯৯৮, পৃ. ১০৩-১২২)। একেই ঘটনা অবধাৰিতভাৱে ঘটিছিল এমেৰিকাতো। সমগ্র বিশ্বতেই বিজ্ঞানক আজি পুঁজিতন্ত্রই মুনাফা অৰ্জনৰ স্বাৰ্থত বিশ্বস্ত সহযোগীলৈ পৰ্যৱসিত কৰি পেলাইছে। এইটো প্রসংগৰ পুনৰাবৃত্তি ইয়াত পৰিহাৰ কৰিছোঁ।
সাম্প্রতিক সময়ৰ এমেৰিকাত এটা নিৰ্দ্দিষ্ট গোষ্ঠী হিচাপে পিউৰিটানসকলৰ কোনো সবল অস্তিত্ব নাই। কিন্তু তেওঁলোকৰ সেই মূল্যবোধ আজিও পৰিৱৰ্তিত ৰূপত এমেৰিকানসকলৰ মনৰ গভীৰলৈ শিপাই আছে। ধৰ্মসঞ্জাত মূল্যবোধ এতিয়াও দেশখনৰ সিংহভাগ মানুহৰ ভাবাদৰ্শৰ মৰ্মবস্তু; ৰাষ্ট্রখনৰ ডলাৰত আজিও মুদ্রিত হৈ আছে In God We Trust! কথাটো কোনো ব্যক্তিগত বিশ্বাসৰ প্রসংগ নহয়, তাৰ ৰাষ্ট্রব্যৱস্থাটো যে ধৰ্মীয় বিশ্বাসৰ সৈতে অভিন্ন হৈ আছে তাৰ তৰ্কাতীত প্রমাণহে এইটো (আনুষংগিক বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, ধৰ্মমুক্ততাৰ পথ আৰু পাথেয়, মুক্ত চিন্তা, ষষ্ঠ বছৰ তৃতীয় সংখ্যা, ২০২০)। ধৰ্মক প্রাতিষ্ঠানিকভাৱে পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্ৰত এমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান অতি জংগী। অৱশ্যে, দেশখনত ধৰ্ম আৰু ৰাষ্ট্ৰক পৃথক কৰিবলৈ প্ৰয়াস কৰা প্ৰগতিশীল, বিজ্ঞানমনস্ক-যুক্তিবাদী আৰু নাস্তিক কিছু লোকো সক্ৰিয় হৈ আছে (এই সন্দৰ্ভত অধিক তথ্য আৰু আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, ঈশ্বৰৰ ভৱিষ্যৎ, প্রাসংগিক প্রসংগ গ্রন্থত, ২০২২, পৃ. ৩১৫-৩৩১)। চিত্তাকৰ্ষক কথা—ব্যক্তিগত যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰি লেখিছোঁ—একাংশ লোকৰ তেনে সক্রিয়তাৰ আঁৰতো মূলতঃ আছে ব্যক্তিস্বাধীনতাৰ সেই এমেৰিকান মূল্যবোধ! ওৱেবাৰ কথিত প্রমূল্যবোধৰ কথাটো যে তেনেই উপৰুৱা নহয়, সেইটো ইয়াৰ পৰা বুজিব পাৰি।
এনে এক পটভূমিত এমেৰিকাত বিজ্ঞানৰ বৈষয়িক অৱদানৰ বিপুল সমাহাৰ ঘটিছে সঁচা; লগতে এইটোও তৰ্কাতীত সত্য যে দেশখনৰ বেছিভাগ আগশাৰীৰ বিজ্ঞানী ব্যক্তিগতভাৱে ধৰ্মহীন আৰু নাস্তিক। কিন্তু মননগত দিশত, বিজ্ঞানবীক্ষাৰে এমেৰিকাৰ জনজীৱন আলোকিত হৈ উঠাৰ কোনো উমঘামেই নাই। বৰঞ্চ সেইটো দিশত প্রাতিষ্ঠানিকভাৱে বাধা প্রাদান কৰাৰ ঘটনাহে সৰহ। উদাহৰণ এটালৈ চোৱা যাওক। ডাৰউইনৰ তত্ত্বই যে মানৱ-জাতিৰ সমুখত অভূতপূৰ্বভাৱে নতুন দিগন্তৰ উন্মোচন কৰিছিল, জীৱবিদ্যাৰ ক্ষেত্রতেই মাথো নহয়—মননগত সকলো দিশতেই সেই আৱিষ্কাৰে যে এক সৰ্বাত্মক আৰু যুগান্তকাৰী পেৰাডাইম চিফ্টৰ উদ্গাতা আছিল, সেইটো যুক্তিবুদ্ধিত চলা সকলো মানুহেই জানে। লগতে এইটো কথাও সৰ্বজনবিদিত যে পুৰণি ধ্যান-ধাৰণাক মাধমাৰ সোধোৱা তত্ত্বটোৱে পদে পদে বিৰোধৰ সমুখীন হৈছিল ইউৰোপত। দিন যোৱাৰ লগে লগে তেনে বিৰোধ ইউৰোপত ক্রমাৎ নিস্তেজ হৈ পৰিছিল।
কিন্তু এমেৰিকাৰ কথা সুকীয়া! বিংশ শতিকাৰ প্রথমৰে পৰা এমেৰিকাত ডাৰউইনৰ তত্ত্বটোৱে প্রচণ্ড বিৰোধৰ মুখামুখি হৈছিল। সেই সময়ত টেনেচিত বাইবেলৰ ধৰ্মীয় সৃষ্টিতত্ত্বৰ সপক্ষে আৰু ডাৰউইনৰ বৈজ্ঞানিক সত্যৰ বিপক্ষে এটা জোৰদাৰ আন্দোলনেই আৰম্ভ হ’ল। এশ বছৰ আগৰ কথা; ১৯২৫ চনত টেনেচিৰ বিদ্যালয়ত ডাৰউইনৰ তত্ত্বৰ পাঠদান কৰা বেআইনী—এই বুলি আইন এখনো প্রণয়ন কৰা হ’ল। কথাটো কিমান গুৰুতৰ, সেইটো অলপ গমি চালেই বুজিব পাৰি। অনগ্রসৰ দেশৰ কথা হোৱাহেতেন তাক সামন্তীয় অৰ্থনৈতিক ভিত্তিৰ স্বাভাবিক উপৰিসৌধৰ পৰিঘটনা বুলি আখ্যায়িত কৰা গ’লহেতেন কিজানি। কিন্তু তদানীন্তন এমেৰিকাৰ অৰ্থনৈতিক বুনিয়াদৰ বাস্তৱতাই তেনে বিচাৰ-বিশ্লেষণক প্রমাদযুক্ত বুলিহে প্রতীয়মান কৰাৰ সম্ভাৱনাহে অধিক। লক্ষ্যনীয় কথা, টেনেচিৰ বিলখনৰ সপক্ষে বিধানসভাত পৰিছিল ৭১-টা ভোট, বিপক্ষে (অৰ্থাৎ, বিজ্ঞানৰ সপক্ষে) ভোটৰ সংখ্যা আছিল মাত্র ৫-টা (সূত্রৰ বাবে ইয়াতে টিপক)! ঘটনাটোৰ তাতেই শেষ নহ’ল, সেই বছৰতেই এমেৰিকাৰ ১৫-খন প্রদেশত ডাৰউইনৰ তত্ত্ব নিষিদ্ধ কৰাৰ বিল উত্থাপন কৰা হ’ল।

নাই, কাহিনীটো তেতিয়াও শেষ নহ’ল। জন স্কোপছ (John Thomas Scopes, ১৯০০-১৯৭০) নামৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ এগৰাকী জীৱবিদ্যাৰ ডেকা শিক্ষকে সেইটো বছৰতেই—১৯২৫ চনত—শ্রেণীত ডাৰউইনৰ তত্ত্বৰ বা-বাতৰি ছাত্র-ছাত্রীসকলক দিবলৈ আৰম্ভ কৰিছিল। বিদ্যালয়ৰ কৰ্তৃপক্ষই ভাবুকি দিলে—স্কোপছে তুৰন্তে “বেআইনী” কামৰ পৰা বিৰত থাকিব লাগে। কথাটো গৈ আদালতৰ মজিয়া পালেগৈ। সাধাৰণ মানুহৰ মুখত এই মোকৰ্দমাটোৰ কথা “বান্দৰৰ বিচাৰ” (Monkey Trial) বুলি আলোচিত হ’বলৈ ধৰিলে। বিভিন্ন মাধ্যমত ঘটনাটোৱে বিশ্বব্যাপি বহুল প্রচাৰ লাভ কৰে। মোকৰ্দমাৰ কাহিনীটো বৰ মজাৰ যদিও সেইবোৰৰ বৰ্ণনা ইয়াত প্রাসংগিক নহ’ব। মাত্র দৰকাৰী দুটা কথা উল্লেখ কৰিব পাৰি। প্রথম কথাটো হ’ল, আদালতে স্কোপছক দোষী সাব্যস্ত কৰে আৰু ১০০ ডলাৰ জৰিমনা বিহে! দ্বিতীয় কথাটো হৈছে, স্কোপছে ৰায়টোৰ বিৰুদ্ধে আপীল কৰাত ছুপ্রীম কোৰ্টে নিম্ন আদালতৰ ৰায়টো বাতিল কৰি দিয়ে। প্রথম কথাটোৰ তাৎপৰ্যৰ ব্যাখ্যা নিষ্প্রয়োজন। দ্বিতীয়টোৰ ক্ষেত্রত কিন্তু লক্ষ্যনীয় দিশ এটা আছে। ছুপ্রীম কোৰ্টৰ ৰায়টো মানুহৰ বিজ্ঞান-শিক্ষাৰ অধিকাৰ, মুক্তচিন্তা, বিজ্ঞানবোধ আদিৰ সপক্ষে আছিল বুলি ভাবিলে ডাঙৰ ভুল হ’ব, কিয়নো ছুপ্রীম কোৰ্টে মোকৰ্দমাটো খাৰিজ কৰি দিছিল কাৰিকৰী কাৰণতহে (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য : আশীষ লাহিড়ী, ভদ্রলোকি যুক্তিবাদেৰ দক্ষিণাবৰ্ত, ২০২২, পৃ. ১৬১-১৬৪)। কাৰিকৰী কাৰণটোও আছিল বৰ মজাৰ—, ছুপ্রীম কোৰ্টে ক’লে, নিম্ন আদালতৰ ৰায়টো সাংবিধানিক আছিল যদিও, তাত জুৰীয়েহে জৰিমনাৰ সিদ্ধান্তটো জনাব লাগিছিল, কিন্তু সেইটো জনাইছিল জাজ্গৰাকীয়েহে—এইটো এটা কাৰিকৰী ভুল, কিয়নো জাজে ৫০ ডলাৰতকৈ বেছি জৰিমনা বিহিব নোৱাৰে (তথ্য-সূত্রৰ বাবে ইয়াতে টিপক)!
“বান্দৰৰ বিচাৰ” হৈছে এশ বছৰ আগৰ কথা। এই এশ বছৰে দেশখলৈ বহুতো পৰিৱৰ্তন আহিল—এমেৰিকা বহুতো দিশত এক নম্বৰ বিশ্বশক্তি হিচাপে প্রতিষ্ঠিত হ’ল। হয়, দেশখন হৈ পৰিছে বহুতো যুক্তিবাদী-বিজ্ঞানমনস্ক পণ্ডিতৰ জন্ম আৰু কৰ্মস্থল। নম চমস্কিৰ দৰে বিশ্ববিশ্রুত মেধাজীৱীৰ কৰ্মস্থল হৈছে এমেৰিকা। পিট্ ছিগাৰ, জন বায়াজ, বব্ ডিলান, আদিৰ দৰে দেশখনৰ বহুতো অক্লাম্ত আৰু প্রতিবাদী-প্রগতিশীল সাংস্কৃতিক ধ্বজাধাৰীয়ে বিশ্বৰ অগণন মুক্তিকামী জনগণক উদ্দীপিত কৰি আহিছে—সেইটোও সত্য। মেডেলিন অ’হেয়াৰ, ফ্রেংক জিণ্ডলাৰ আদিৰ দৰে ব্যক্তিৰ কৰ্ম আৰু চিন্তাই নাস্তিক্য-দৰ্শনক সমৃদ্ধ আৰু সজীৱ কৰি তুলিছে। এমেৰিকাই জন্ম দিছে আইজাক এছিম’ভ, কাৰ্ল ছেগান, মেথ্যু এল্পাৰ, ভিক্টৰ ষ্টিঞ্জাৰ আদিৰ দৰে তীক্ষ্নধী বিজ্ঞানমনস্ক লেখকৰ। অসংখ্য এমেৰিকান বিজ্ঞানী, আৱিষ্কাৰক-উদ্ভাৱকৰ কথা উল্লেখ কৰাটো বাহুল্যহে হ’বগৈ। প্রশ্নটো সেইটো দিশত নাই, প্রসংগটো সামগ্রিক প্রেক্ষাপটৰ সৈতেহে সম্পৰ্কিত। চকুত চাট মৰা অন্তহীন বৈষয়িক বৈভৱ, বৈজ্ঞানিক আৱিষ্কাৰ-উদ্ভাৱনৰ বিপুল সমাহাৰ আদিৰ মাজতো কিন্তু দেশখনৰ অগণন মানুহৰ মন বিজ্ঞানবীক্ষাৰে উদ্বেলিত নহ’ল। নম চমস্কিৰ পৰাই চমৎকাৰ উদাহৰণ এটি দিব পাৰি। ১৯৯৪ চনৰ এটা সাক্ষাৎকাৰত তেখেতে চিধাকৈ কৈছিল—এমেৰিকাৰ সমাজখন এখন সাংঘাতিক মৌলবাদী সমাজ, ধৰ্মীয় উন্মাদনাৰ ক্ষেত্রত ই ইৰানৰ দৰেই— It’s a very fundamentalist society. It’s like Iran in the degree of fanatic religious commitment। তেখেতে লগতে জনাইছে এইখিনি কথা, যিখিনি আমাৰ আলোচনাৰ বাবে অতি প্রাসংগিক—“প্রায় ৭৫ শতাংশ এমেৰিকানে আক্ষৰিক অৰ্থত চয়তান আছে বুলি বিশ্বাস কৰে। কেইবছৰমান আগতে বিৱৰ্তনৰ তত্ত্বৰ বিষয়ে এটি সমীক্ষা চলোৱা হৈছিল। দহ শতাংশতকৈও কম মানুহেহে ডাৰউইনৰ তত্ত্বটোক সঁচা বুলি কৈছিল, ৫০% মানুহে কৈছিল যে সেইবোৰ বাইবেলে কোৱাৰ দৰেই ঐশ্বৰিক মহিমাৰ ফল, বেছিভাগেই বিশ্বাস কৰিছিল যে পৃথিৱীখনক মাত্র কেইহাজাৰমান বছৰৰ আগতে সৃষ্টি কৰা হৈছিল” (তথ্য-সূত্রৰ বাবে ইয়াতে টিপক)। চমস্কিৰ দৰে মানুহ এজনে এইদৰে কোৱাৰ পৰা বিষয়টো যে কিমান উদ্বেগজনক, সেইটোৰ উমান সহজেই পাব পাৰি। বিজ্ঞান-প্রযুক্তিৰ অপ্রতিৰোধ্য অগ্রগতিৰ সৈতে ফেৰ মাৰি দেশখনত অযুক্তিয়েই মাত্র নহয়, বিজ্ঞান-বিৰোধিতাও মোট সলাই সলাই কিলবিলাই আছে। উদাহৰণ স্বৰূপে ইণ্টেলিজেণ্ট ডিজাইনৰ তত্ত্ব হৈছে তেনে বিজ্ঞানবিৰোধী কুপ্রচেষ্টাৰ সূক্ষ্ম, সুচতুৰ আৰু পৰিশ্রুত ৰূপ (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, বুদ্ধিদীপ্ত নিৰ্মাণ : বিজ্ঞান নে অবিজ্ঞান, যুক্তিবাদ আৰু এজন পগলা ট্রাক-ড্রাইভাৰ গ্রন্থত, ২০১৭, পৃ. ১৬৩-১৮৬)। বিজ্ঞানৰ জয়ধ্বনিৰ উচ্চ নিনাদৰ মাজতো এনে এক পৰিস্থিতি সঁচাই আশ্চৰ্যকৰ আৰু কৌতূহলোদ্দীপক। এই চিত্তাকৰ্ষক পৰিঘটনাটোৰ কাৰণানুসন্ধান কৰাটো এটা জৰুৰী আৰু জটিল বিষয়। আমাৰ অতি সীমিত বিচাৰবুদ্ধিৰে উপৰিউক্ত আলোচনাত তাৰ মাত্র দুটিমান ইংগিত দিয়াৰ চেষ্টাহে কৰিছোঁ।

সেইবোৰ সুদূৰ আটলাণ্টিকৰ সিটো পাৰৰহে ঘটনা—তেনে এটা মনোভাবেৰে বিষয়টোক এৰাই চলিলে ভুল হ’ব। ভুল হ’ব ঘাইকৈ দুটা কাৰণে। প্রথম, এমেৰিকা যুক্তৰাষ্ট্র হৈছে সাম্প্রতিক বিশ্বৰ অমিত শক্তিশালী, আধিপত্যবাদী ৰাষ্ট্র; দেশখনৰ সামৰিক-ৰাজনৈতিক-অৰ্থনৈতিক সাম্রাজ্যবাদৰ অনিবাৰ্য সহচৰ হৈছে সৰ্বগ্রাসী সাংস্কৃতিক সাম্রাজ্যবাদ। সেইবাবেই দেশখনত সংঘটিত হোৱা বিভিন্ন ঘটনা-পৰিঘটনাসমূহে তৎমুহূৰ্তে গোলকীয় ৰূপ ধাৰণ কৰে, দেশে দেশে সেইবোৰ বিস্তাৰিত হৈ পৰে। দ্বিতীয়তে, আজি সমগ্র বিশ্বতেই ঘটিছে সোঁপন্থাৰ অতি দ্রুত উত্থান। তাৰ সৈতে সংগতি ৰাখি উদ্বেগজনকভাৱে বিভিন্ন দেশত বিজ্ঞানবিৰোধী কৰ্মকাণ্ডৰো প্রসাৰ ঘটিছে, সেইসমূহে শক্তিশালী প্রাতিষ্ঠানিক ৰূপ পৰিগ্রহ কৰিছে। আমাৰ দেশো তাৰ ব্যতিক্রম নহয়। এটা ভয়ানক ভৱিষ্যতৰ পৰা পৰিত্রাণৰ বাবেই তেনে ঘটনাসমূহৰ কাৰণৰ সন্ধান কৰাটো দৰকাৰী।
এতিয়া আহোঁ আলোচনাৰ শেষ আৰু চমু দফাটিলৈ। যোৱা ফেব্রুৱাৰী মাহৰ ৭ তাৰিখে প্রেচিডেণ্ট ডোনাল্ড ট্রাম্পে এখন নিৰ্দেশনাৰ জৰিয়তে স্থাপন কৰে এটা ধৰ্মবিশ্বাসৰ বিভাগ— The White House Faith Office (দ্রষ্টব্য : Presidential Actions, Establishment of The White House Faith Office, The White House, February 7, 2025)। প্রকৃততে তেনে এটা বিভাগ আৰম্ভ কৰিছিল যুদ্ধবাজ জৰ্জ বুশ্বে ২০০১ চনত; তেতিয়া বিভাগটোৰ নাম অলপ বেলেগ আছিল; উদ্দেশ্য আছিল বিভাগটোৰ জৰিয়তে চৰকাৰী অনুদান ধৰ্মীয় আৰু অৰ্ধ-ধৰ্মীয় সংস্থা কিছুমানলৈ প্ৰেৰণ কৰা। বাৰাক ওবামাৰ দিনত ধৰ্মনিৰপেক্ষ সংস্থাসমূহকো বিভাগটোৰ বিবেচনালৈ অনা হৈছিল। দ্বিতীয়বাৰ ট্রাম্পে ৰাষ্ট্রপতিৰ চকীত বহিয়েই বিভাগটো উঠাই দিয়ে আৰু তাৰ ঠাইত ফেব্রুৱাৰী মাহত স্থাপন কৰে The White House Faith Office—যিটোৰ অন্যতম মুখ্য কাম হ’ব ধৰ্মভিত্তিক সংস্থালৈ চৰকাৰী অনুদান আগ বঢ়োৱা, আৰু লগতে “…….defending religious liberty; combatting anti-Semitic, anti-Christian, and additional forms of anti-religious bias…..”! এইখিনিৰ ব্যাখ্যাৰ জানো কিবা প্রয়োজন আছে? তাতোতকৈও চমকপ্রদ বাতৰি আহিল ১ মে’ তাৰিখে, ট্রাম্পৰ অন্য এখন নিৰ্দেশনাৰ মাজেৰে—“ধৰ্মীয় স্বাধীনতা আয়োগ” প্ৰতিষ্ঠা কৰা হ’ল হোৱাইট হাউটত। এই নিৰ্দেশনাৰ কেইটিমান বাক্য পঢ়াৰ পিছত উচাপ খাই উঠিব লাগে—“প্রকৃততে ধৰ্মীয় স্বাধীনতাৰ শিপা ইউৰোপৰ পৰা ধৰ্মীয় উৎপীড়নৰ ফলত তাৰপৰা পলাই অহা আমাৰ আদি বসতিস্থাপনকাৰীসকলৰ মাজলৈকে বিস্তৃত হৈ আছে, যিসকলে এনে এখন নতুন পৃথিৱী বিচাৰিছিল য’ত চৰকাৰৰ হস্তক্ষেপ নোহোৱাকৈ তেওঁলোকে নিজৰ ইচ্ছামতে ধৰ্মাচৰণ কৰিব পাৰিব….” (Indeed, the roots of religious liberty stretch back to the early settlers who fled religious persecution in Europe, seeking a new world where they could choose, follow, and practice their faith without interference from the Government (দ্রষ্টব্য : Presidential Actions, Establishment of the Religious Liberty Commission, May 1, 2025)। আলোচনাৰ প্রথমতেই পাই অহা সেই প্রব্রজনকাৰী পিউৰিটানসকললৈ মনত পৰিছিনে বাৰু? এফালে খুলি লৈছে এটা Faith Office, আৰু ইফালে কৈছে ধৰ্মৰ ক্ষেত্রত চৰকাৰৰ হস্তক্ষেপ বেয়া! কথাটো কিমান যে সুচতুৰভাৱে উত্থাপন কৰা হৈছে, সেইটো সঁচাই তবধ মানিবলগীয়া কথা। ক’লৈ গ’ল বাৰু প্রাতিষ্ঠানিক ধৰ্ম আৰু ৰাষ্ট্রৰ পৃথকীকৰণৰ আধুনিক ধাৰণা! বান্দৰৰ বিচাৰৰ এশ বছৰ পিছতো দেখোন কথা-বতৰাবোৰৰ বিশেষ সলনি নহ’ল। বৈশ্বিক পৰিস্থিতিৰ বাস্তৱতাই সকীয়াই দিব যে খুব সোনকালে এইটো ধাৰাৰ সলনি নহয়। সেইবুলি প্রগতিশীল, যুক্তিবাদী-বিজ্ঞানমনস্ক লোকসকলে হাত সাৱতি বহি থাকিলে জানোঁ হ’ব? বৰঞ্চ অধিক সক্রিয়তাৰে, পূ্ৰ্বধাৰণা পৰিত্যাগ কৰি, মুক্তচিন্তা আৰু যুক্তিক সাৰথি কৰি নেতিবাচক শক্তিবোৰৰ সবল স্থিতিৰ উৎস-কাৰণৰ সন্দৰ্ভত বিচাৰ-বিশ্লেষণ চলাই যাব লাগিব। নহ’লে এই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা পৰিত্রাণৰ কথা বাদেই—পৰিত্রাণৰ পথৰ সন্ধানতেই বিভ্রান্তিত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব।
আঁতিগুৰি মাৰি লিখা আলোচনাটোৰ পৰা উপকৃত হ’লোঁ ৷ ময়ো ভাবি আচৰিত হওঁ যেতিয়া ইউৰোপ আৰু আমেৰিকাৰ দৰে উন্নত দেশৰ লোকে চয়তান বা ভূতক বিশ্বাস কৰে । সেইবোৰ বৰ্তমানে দেশত মধ্য যুগৰ দৰে ধৰ্মীয় উন্মাদনা নাই যদিও, আপুনি লিখামতে চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত Faith Office জাতীয় কামকাজবোৰে তেনে বীজৰ পুনৰ অংকুৰণ ঘটাই সাৰপানী দি ডাঙৰ দীঘল কৰিবলৈ লোৱা কাৰ্য অতিকে উদ্বেগজনক ।