বব ডিলানৰ এটি গীত :“Blowin’ in the Wind” ।। নৱজ্যোতি বৰগোহাঁই
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

বব ডিলান, সম্পূৰ্ণ নাম ৰবাৰ্ট অ্যালেন জিমাৰমেন (২৪ মে, ১৯৪১), আমেৰিকাৰ এজন কিংবদন্তি সংগীত শিল্পী, গীতিকাৰ আৰু কবি, যাক বিংশ শতিকাৰ বিশ্বৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়। ১৯৬০ৰ দশকৰ গ্রীনউইচ ভিলেজৰ লোকসংগীতৰ দৃশ্যপটৰ উত্থানৰ পৰা তেওঁৰ সংগীত জীৱন আৰম্ভ হয়, য’ত তেওঁৰ “Blowin’ in the Wind” আৰু “The Times They Are A-Changin’’ৰ দৰে গীতে ৬০ৰ দশকৰ নাগৰিক অধিকাৰ আৰু যুদ্ধবিৰোধী আন্দোলনৰ সংগীত (Anthem) হৈ পৰে। ডিলানৰ গীতৰ কাব্যিক গভীৰতা, সামাজিক মন্তব্য, প্ৰতিবাদী চৰিত্ৰ আৰু সংগীতৰ বিভিন্ন ধাৰা—লোকগীত, ৰক, ব্লুজ, গস্পেল —আদিৰ সংমিশ্ৰণে তেওঁক এক অনন্য শিল্পী হিচাবে গঢ়ি তুলিছে, আৰু তেওঁ বহু গীতৰ বাবে একোটা “প্ৰজন্মৰ কণ্ঠ” (“Voice of a Generation”) হৈ উঠিছে।
আমি এই জীৱন্ত কিংবদন্তি শিল্পী গৰাকীৰ এটি কালজয়ী গীত “Blowin’ in the Wind”ৰ বিষয়ে এটি চমু আলোচনা আগবঢ়াব খুজিছোঁ।


গীতটোৰ কথা
“Blowin’ In The Wind” (Bob Dylan 1962)
How many roads must a man walk down
Before you call him a man?
How many seas must a white dove sail
Before she sleeps in the sand?
Yes, and how many times must the cannonballs fly
Before they’re forever banned?
The answer, my friend, is blowin’ in the wind
The answer is blowin’ in the wind
Yes, and how many years must a mountain exist
Before it is washed to the sea?
Yes, and how many years can some people exist
Before they’re allowed to be free?
Yes, and how many times can a man turn his head
And pretend that he just doesn’t see?
The answer, my friend, is blowin’ in the wind
The answer is blowin’ in the wind
Yes, and how many times must a man look up
Before he can see the sky?
Yes, and how many ears must one man have
Before he can hear people cry?
Yes, and how many deaths will it take ’til he knows
That too many people have died?
The answer, my friend, is blowin’ in the wind
The answer is blowin’ in the wind
“Blowin’ In The Wind” গীতটো বব ডিলানৰ এক পৰিচয়। মই নিজেও বব ডিলানক চিনি পাইছিলো এই গীতটোৰ যোগেদি। তেওঁ ৰচনা কৰা প্ৰতিটো গীতেই তাৎপৰ্যপূৰ্ণ, কিন্তু বাকী সকলো গীত বাদ দিও কেৱল এই গীতটোৰ বাবেই ডিলান সদায় বিশ্বৰ সচেতন তথা সাধাৰণ সংগীত প্ৰেমীৰ মাজত জিলিকি থাকিব। সৰল বাক্য বিন্যাস, সহজ সুৰ ,একে সময়তে গভীৰ সামাজিক-ৰাজনৈতিক-দাৰ্শনিক তাৎপৰ্যই গীতটিক যুগজয়ী কৰি তুলিছে। গীতটো সকলোৱে সহজে গাব পাৰে, বুজিব পাৰে, আৰু গীতটোৱে কম সময়তে শ্ৰোতাক এক সাৰ্বজনীন আবেদনৰ মাজেৰে গভীৰ উপলব্ধিৰ স্তৰলৈ লৈ যাব পাৰে।এই উপলব্ধি ইমান মৌলিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত যে ইয়াক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে। এই গীতটোৰ আধাৰত বিভিন্ন ভাষাত বহু নতুন গীতৰ জন্ম হৈছে, গোটেই বিশ্বতে বহু ভাষালৈ গীতটো অনুদিত হৈছে। বহু কেইটা ভাৰতীয় ভাষালৈও এই গীতটো ভাষান্তৰ হৈছে। বহু শিল্পীয়ে কভাৰ কৰিছে ।
বিশ্বৰ প্ৰতিবাদী সংগীতৰ তালিকাত গীতটো একেবাৰে আগশাৰীত স্থান লাভ কৰিছে।
গীতটোৰ ঐতিহাসিক পটভূমি :
১৯৬২ চনৰ জুন মাহত “Blowin’ In The Wind” গীতটো ‘ছিং আউট!’ নামৰ আলোচনীখনত প্ৰথম প্ৰকাশ পাইছিল। গীতটোৰ লগত ডিলানে লিখিছিল এনেদৰে –
“There ain’t too much I can say about this song except that the answer is blowing in the wind. It ain’t in no book or movie or TV show or discussion group. Man, it’s in the wind – and it’s blowing in the wind. Too many of these hip people are telling me where the answer is but oh I won’t believe that. I still say it’s in the wind and just like a restless piece of paper it’s got to come down some … But the only trouble is that no one picks up the answer when it comes down so not too many people get to see and know … and then it flies away. I still say that some of the biggest criminals are those that turn their heads away when they see wrong and know it’s wrong. I’m only 21 years old and I know that there’s been too many wars … You people over 21, you’re older and smarter..”
আমেৰিকাৰ ইতিহাসৰ এক অশান্ত সময়ত এই গীতটোৰ জন্ম হৈছিল। এফালে দেশখনৰ ভিতৰত নাগৰিক অধিকাৰ আন্দোলন আৰু আনফালে বহি:দেশ ভিয়েটনামত সাম্ৰাজ্যবাদী আমেৰিকান চৰকাৰৰ দ্বাৰা ভয়ংকৰ হত্যা যজ্ঞ! যুদ্ধ আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি হোৱা বিদ্ৰোহৰ এক পৰিৱেশত আমেৰিকাৰ চাৰিওফালে আকাশে বতাহে জনগণৰ প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল।
এই সময়তেই অৰ্থাৎ ৬০ৰ দশকটোৰ আৰম্ভণিতে বিশেষকৈ নিউয়ৰ্কৰ গ্ৰীনউইচ ভিলেজ (Greenwich Village)ত লোকসংগীতৰ পুনৰুজ্জীৱনো (revival) ঘটিছিল। পিট ছিগাৰ, জোন বেইজৰ দৰে বহু লোকশিল্পীয়ে ৰাজনৈতিক মতানৈক্যৰ কণ্ঠস্বৰ হিচাবে সংগীতৰ ব্যৱহাৰ কৰিছিল। সেই সূত্ৰেই আমেৰিকান লোকসংগীত সেই সময়ত সাংস্কৃতিক প্ৰতিৰোধৰ এক বিশেষ উপাদান হৈ উঠিছিল। উডি গাথ্ৰিৰ দ্বাৰা প্ৰভাৱিত ডিলানেও লোক ধাৰাটোৰ সৰলতা আৰু গীতিময় শক্তি ব্যৱহাৰ কৰি যুদ্ধ, স্বাধীনতা আৰু সমতাৰ বিষয়ে দাৰ্শনিক আৰু নৈতিক প্ৰশ্ন উত্থাপন কৰিছিল।
১৯৬২ চনৰ এনে এক ঐতিহাসিক ক্ষণতেই এই গীতটোৰ জন্ম হৈছিল। গীতটো অবশ্যে পৰিপূৰ্ণ ৰূপত শ্ৰোতাৰ মাজলৈ আহিছিল ১৯৬৩ চনত ডিলানৰ দ্বিতীয় এলবাম “The Freewheelin” Bob Dylan যোগেদি। গীতটোত শান্তি, স্বাধীনতা আৰু সমতাৰ বিষয়ে ইয়াৰ সহজ অথচ গভীৰ প্ৰশ্নবোৰে তীব্ৰ ৰাজনৈতিক উত্তাল সময়ত সাধাৰণ সংগ্ৰামী জনগণৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছিল। বৰ্বৰ নৃশংস ভিয়েটনাম যুদ্ধৰ বিৰুদ্ধে যুদ্ধ বিৰোধী আৱেগ, বৰ্ণ বৈষম্যৰ ৰাজনীতিৰ পৰা জন্ম হোৱা বৰ্ণ পৃথকীকৰণ, ভোটাৰ দমন, আৰু ব্যৱস্থাগত বৰ্ণবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এই গীতটো এক মন্ত্ৰত পৰিণত হৈছিল।
গীতটোৰ “How many roads must a man walk down before you call him a man?”,
How many times must the cannonballs fly before they’re forever banned?”
(জীৱনৰ কিমান বাট বুলিলে এজন মানুহক মানুহ বুলি কোৱা হব ?
চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ আগতে কামানৰ গুলীবোৰ কিমানবাৰ উৰিব লাগিব ?)
ইত্যাদি লাইনবোৰ সাধাৰণ সংগ্ৰামী শ্ৰোতাৰ মাজত সেই সময়ত অতি প্ৰভাৱশালী হৈ উঠিছিল। পিট ছিগাৰ, জন বেইজৰ দৰে প্ৰতিবাদী শিল্পীসকলে সংগীতক সংগ্ৰামৰ আহিলাৰ ৰূপত ব্যৱহাৰ কৰিবলৈ গৈ “Blowin’ in the Wind” গীতটো সমাজৰ অন্যায়ৰ বিৰুদ্ধে কাব্যিক অথচ প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ ভাষ্য হিচাবে নাগৰিক অধিকাৰৰ সমাৱেশ, যুদ্ধ বিৰোধী বিক্ষোভ বিলাকত পৰিৱেশন কৰিছিল, যিয়ে ইতিহাসৰ অন্যতম চিনাকি আৰু শক্তিশালী তথা সফল ৰূপৰ প্ৰতিবাদী গীত হিচাপে ইয়াৰ স্থান দৃঢ় কৰি তুলিছিল।
এনেকৈয়ে মূলতঃ ষাঠিৰ দশকৰ সামাজিক ন্যায়ৰ দাবীত এই গীতটো সংগ্ৰামৰ হাতিয়াৰ সদৃশ গীতত পৰিণত হয়। পাছৰ প্ৰজন্মৰ বাবেও ”Blowin’ in the Wind” বিশ্বৰ বিভিন্ন স্থানৰ প্ৰতিবাদী সংগ্ৰামৰ এক সাংস্কৃতিক প্ৰতিৰোধৰ অস্ত্ৰ হৈ উঠিছিল।
পৰৱৰ্তী সময়ত ডিলানে নিজেই “প্ৰতিবাদী গায়ক” বুলি লেবেল লগোৱাৰ বাবে দ্বিধাবোধ কৰিছিল যদিও “Blowin’ in the Wind” তেওঁৰ যুগৰ নৈতিক আৰু ৰাজনৈতিক প্ৰশ্নৰ কালজয়ী প্ৰতিফলন হৈ ৰৈ গৈছে।
গীতটোৰ সাংগীতিক তাৎপৰ্য :
“Blowin’ in the Wind” সৰল, সহজ সুৰেৰে সজা অথচ গভীৰ আবেদনপুষ্ট এটি গীত। আমাৰ শ্ৰেণী বিভক্ত সমাজ জীৱনত শ্ৰোতাক জোঁকাৰি যোৱা এক সাৰ্বজনীন প্ৰশ্ন কঢ়িয়াই লৈ গীতটোৱে চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ তুলিছে-
জীৱনৰ কিমান দূৰ বাট বুলিলে এজন মানুহক মানুহ বুলি কোৱা হ’ব ?
“’n’ how many years can some people exist/ Before they’re allowed to be free?”
(ভাৱাৰ্থ : মুক্তিৰ আগতে, কিমান বছৰ ধৰি মানুহৰ অস্তিত্ব স্বীকাৰ কৰা হব ?)
“Blowin’ in the Wind” গীতটো যিকোনো শ্ৰোতাৰ বাবে সহজে অনুৰণন (reverberation) হয়, কাৰণ ই অতি সৰল ৰূপত কিছুমান মৌলিক সত্য শ্ৰোতাৰ আগত তুলি ধৰে। যাৰ ফলত বিভিন্ন বয়স আৰু পটভূমিত শ্ৰোতাই তেওঁলোকে উপযুক্ত বুলি ভবা যিকোনো ধৰণে গীতৰ কথা বুজিব পাৰে।
সমাজ জীৱনৰ জটিল সময়ত প্ৰতিৰোধ আৰু অনুসন্ধানৰ এটি কালজয়ী গীত হিচাবে গীতটোৱে ব্যক্তিগত আৰু ৰাজনৈতিক ক্ষেত্ৰৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলায় আৰু লগতে নিজৰ অতি মানৱীয় উদ্বেগক আপাত দৃষ্টিত সহজ লোকসুৰৰ পৃষ্ঠৰ তলত সযতনে লুকুৱাই ৰাখে। ফলত গীতটো অতি সহজ যেন লাগে অথচ ই শ্ৰোতাৰ মনৰ গভীৰত সহজেই প্ৰৱেশ কৰি প্ৰভাৱিত কৰে।
সমগ্ৰ গীতটো গঠিত হৈছে ধাৰাবাহিকভাৱে অলংকাৰিক কিছুমান প্ৰশ্নৰে। মানৱতাৰ সন্মুখত প্ৰত্যেকটো প্ৰশ্নই আনটোতকৈ অধিক চোকা, বিন্ধি যোৱা আৰু হৃদয়বিদাৰক, যিয়ে প্ৰত্যাহ্বানমূলক বিষয় উত্থাপন কৰে যাৰ কোনো স্পষ্ট উত্তৰ থকা যেন নালাগে। উত্তৰৰ স্থানত গীতটোত বাজি উঠে
The answer, my friend, is blowin’ in the wind
The answer is blowin’ in the wind
এই দুটি শাৰীয়ে গীতটোত অতি সফলতাৰে চিত্ৰিত কৰিছে কিছুমান সত্য যিবোৰ আমাৰ চৌপাশে বতাহত উৰি ফুৰিছে অথচ যেন আমি দেখা নাই! পদত্যাগ, প্ৰত্যাহাৰ আৰু উদাসীনতাৰ কি তীব্ৰ চিত্ৰণ!
গীতটোত বতাহ হৈছে এক চিত্ৰকল্প যি সকলো সময়তে আমাৰ মাজত থাকে আৰু মানুহৰ ইচ্ছা বা হস্তক্ষেপ অবিহনে মুক্তভাৱে ই বৈ যোৱা এক সহজলভ্য আৰু অদৃশ্য বস্তু। বতাহ প্ৰকৃতিৰ এক নিৰন্তৰ আৰু চিৰপ্ৰবাহিত শক্তি। এনেকৈয়ে এই প্ৰশ্নবোৰৰ উত্তৰবোৰো যেন এক মৌলিক শক্তিৰ ৰূপত আমাৰ চৌপাশে উৰি ফুৰিছে ! ডিলানে হয়তো ইংগিত দিছে যে স্বাধীনতা, ন্যায় শান্তি আদি সমস্যাবোৰ সমাধানৰ একধৰণৰ মৌলিক উত্তৰ আছে। কিন্তু মানুহৰ অজ্ঞানতা বা নিষ্ক্ৰিয়তাৰ বাবে এই উত্তৰবোৰ মানুহৰ বুজাবুজি আৰু নিয়ন্ত্ৰণৰ পৰিসৰৰ বাহিৰত।
“Blowin’ in the Wind” গীতটোৱে ভৌগোলিক সীমা অতিক্ৰম কৰি নৈতিক উদাসীনতাৰ বিৰুদ্ধেই হওক, যুদ্ধৰ বিৰুদ্ধেই হওক, বা বৰ্ণবাদী অন্যায়ৰ বিৰুদ্ধে হওক, প্ৰতিটো প্ৰজন্মৰ সংগ্ৰামৰ বাবে এটা একক (unique) গীত হৈ উঠে। গীতটোৰ সহজ সুৰ আৰু পুনৰাবৃত্তিমূলক ছন্দই ইয়াক লোক বেলাড সুলভ, শীতল নম্ৰ ভাব প্ৰদান কৰে আৰু ইয়াৰ চিন্তা-উদ্দীপক গীতৰ কথাই নিশ্চিত কৰে যে সংগীত বন্ধ হোৱাৰ বহুদিনৰ পিছতো শ্ৰোতাসকলে ইয়াৰ বিষয়ে চিন্তা কৰি থাকিব। পাহৰণিত গৰ্ভত ই সহজে বিলীন হ’ব নোৱাৰে।
গীতটোৰ ৰাজনৈতিক তাৎপৰ্য :
বব ডিলানৰ “Blowin’ in the Wind” বিংশ শতিকাৰ অন্যতম প্ৰভাৱশালী প্ৰতিবাদী গীত বুলি একেষাৰে কব পাৰি। গীতটোৰ কাব্যিক সৰলতা আৰু সহজ শৈলীও গীতটোৰ কথাবোৰৰ লগতে গভীৰভাৱে ৰাজনৈতিক। গীতটো সহজ সৰল ৰূপত তুলি ধৰাৰ নেপথ্যই যি ৰাজনৈতিক কাৰ্য কাৰণ বহন কৰিছে সিও শিল্পীৰ ৰাজনৈতিক সচেতনতা আৰু অনন্য বুদ্ধিমত্তাৰ পৰিচায়ক। গীতটোৱে সেই সময়ৰ যুদ্ধ, স্বাধীনতা, বৰ্ণবাদ আৰু সামাজিক ন্যায়ৰ বিষয়ত শক্তিশালী প্ৰশ্ন উত্থাপন কৰিছে। আন ভাষাত ক’বলৈ গলে বব ডিলানৰ “Blowin’ in the Wind” গীতটোৱে ধৰি ৰখা ৬০ৰ দশকৰ আৰম্ভণিৰ ছবিখনে সেই সময়ৰ আমেৰিকাৰ সমাজ জীৱনৰ নৈতিক আৰু ৰাজনৈতিক অনিশ্চয়তাক স্পষ্ট ৰূপত তুলি ধৰিছে। গীতটোৰ কাব্যিক অস্পষ্টতাৰ জৰিয়তে ই কৰ্তৃত্ব, বৈষম্য আৰু হিংসাক লৈ উত্থাপন কৰা প্ৰশ্নবোৰ অত্যন্ত সংহত কিছুমান মৌলিক প্ৰশ্ন।
তেনে এটা প্ৰশ্ন – “How many roads must a man walk down / Before you call him a man?”
(ভাৱাৰ্থ “এজন মানুহে জীৱনৰ কিমান বাট বুলিলে তেওঁক মানুহ বুলি স্বীকৃতি দিয়া হব ?”)
এইটোৱেই সম্ভৱত গীতটোত ৰাজনৈতিকভাৱে আটাইতকৈ সংবেদনশীল প্ৰশ্ন। এই শাৰীটোৱে ৬০ৰ দশকত আমেৰিকান ৰাষ্ট্ৰই কৃষ্ণাংগ আফ্ৰিকান আমেৰিকানসকলৰ সম্পূৰ্ণ মানৱীয় মৰ্যাদা অস্বীকাৰ কৰা বিষয়টোক লৈ প্ৰশ্ন তুলিছে। কৃষ্ণাংগ আমেৰিকানসকলে দীৰ্ঘদিন নিজৰ মূল্য প্ৰমাণ কৰি অহাৰ পাছতো আৰু কিমান মূল্য দিয়াৰ অন্তত তেওঁলোকৰ অধিকাৰক স্বীকৃতি দিয়া হ’ব। গীতটোত জাতিগত স্পষ্টতা নাৰাখি সাৰ্বজনীন ৰূপ দিয়া হৈছে।
আজিৰ সময়তো সেই একেই প্ৰশ্ন – পেলেষ্টাইনত আৰু কিমান নৰহত্যা হলে আমি এই মানৱতাৰ বধ্যভূমিক স্বীকাৰ কৰি ল’ম? আৰু কিমান অন্যায় অবিচাৰ হোৱাৰ পাছত আমি সমাজ সলনি কৰাৰ কথা ভাবিম ? আৰু কিমান বৈষম্যৰ পাছত সাম্যৰ সন্ধান কৰিম?
“Blowin’ in the Wind”– এ কোনো সুনিৰ্দিষ্ট উত্তৰ নিদিয়ে; বৰঞ্চ এই অলংকাৰিক প্ৰশ্নবোৰৰ যোগেদি চাৰিও দিশে চলি থকা অন্যায়, হিংসা, হত্যা, আৰু উদাসীনতাৰ বিষয়সমূহ শ্ৰোতাৰ আগত উজ্জ্বল ৰূপত জিলিকাই তোলে।
সেইদৰে যুদ্ধৰ অৰ্থহীনতা আৰু সমাজৰ সত্য আৰু এই ব্যৱস্থাটোত ন্যায়ৰ অস্বীকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে –
“How many times must the cannonballs fly / Before they’re forever banned?”
(ভাৱাৰ্থ: “চিৰদিনৰ বাবে কামানবোৰ নিষিদ্ধ হোৱাৰ আগতে, কামানৰ গুলীবোৰ কিমানবাৰ উৰিব লাগিব?)
ইয়াত “কামানৰ গুলী”ৰ উপমাটো কেৱল পৰম্পৰাগত যুদ্ধৰ প্ৰতীক নহয়, ৬০ৰ দশকৰ শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ বৈদেশিক নীতিৰ ভিত্তিত সাম্ৰাজ্যবাদী আধিপত্য বিস্তাৰ কৰা বহল সামৰিক মানসিকতাৰ প্ৰতীক।
যুদ্ধ কেতিয়া বিলুপ্ত কৰা হ’ব বুলি সুধি ডিলানে সেই সময়ত বিশেষকৈ আমেৰিকান যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা শান্তিবাদী আৰু যুদ্ধবিৰোধী আৱেগক প্ৰতিনিধিত্ব কৰিছে। এইদৰেই পিছলৈ যেতিয়া ভিয়েটনাম যুদ্ধ তুংগত উঠিছে এই গীতটো ভিয়েটনাম যুদ্ধ বিৰোধী আন্দোলনৰ প্ৰতিবাদী অস্ত্ৰ হৈ পৰিছে।
এনেদৰেই এই গীতটোৱে এটা প্ৰজন্মৰ বিবেকক কণ্ঠস্বৰ প্ৰদান কৰিছে। গোটেই গীতটোত ডিলানে স্পষ্ট ৰূপত অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰত সকলৰ মানৱতা প্ৰতিষ্ঠাৰ ব্যৰ্থতাক সজোৰে তুলি ধৰিছে। গীতটোত প্ৰশ্ন তুলিছে,-
“How many times can a man turn his head / Pretending he just doesn’t see?”
(ভাৱাৰ্থ :কেৱল দেখা নোপোৱাৰ ভাও ধৰি মানুহে কিমানবাৰ মূৰ ঘূৰাব পাৰে?)
এই শাৰীটোৱে চাৰিওফালৰ দুখ-কষ্ট আৰু অত্যাচাৰক ইচ্ছাকৃতভাৱে অৱজ্ঞা কৰা সুবিধাভূগিক তীব্ৰ গৰিহণা দিছে। কেৱল ৰাজনৈতিক নেতাক উদ্দেশ্য কৰি নহয়, ইয়াত অন্যায়ক স্বীকাৰ বা প্ৰতিহত কৰাত ব্যৰ্থ হোৱা সাধাৰণ সুবিধাভূগি মানুহকো উদ্দেশ্য কোৱা হৈছে।
গীতটোত অস্পষ্ট ৰূপত প্ৰশ্নৰ উত্তৰ হিচাবে বাৰে বাৰে কৈছে –
“The answer, my friend, is blowin’ in the wind”
The answer is blowin’ in the wind “
( ভাৱার্থ : “উত্তৰটো বন্ধু, বতাহত ভাঁহি আছে “।উত্তৰসমূহ বতাহে কঢ়িয়াই ফুৰিছে…)
গীতটোত কোৱা হৈছে সমাধানবোৰ বতাহত ভাঁহি আছে। এই নৈতিক আৰু ৰাজনৈতিক প্ৰশ্নসমূহৰ সমাধান ইতিমধ্যে স্পষ্ট হৈ পৰিছে, তথাপিও সেইবোৰক আওকাণ কৰা বা উলাই কৰা হয়। কাৰণ হয়তো -ইয়াৰ দ্বাৰা অসুবিধাজনক বা যথাৰ্থ অৱস্থাৰ প্ৰতি কিবা ভাবুকি কঢ়িয়াই অনা হৈছে।
গীতটোৰ কাব্যিক সৌন্দৰ্যৰ লগতে ৰাজনৈতিক ভাবে অতি প্ৰভাৱশালী হোৱাৰ এটা অন্যতম কাৰণ হৈছে গীতটোৰ মুকলি পৰিসমাপ্তি। সেইদৰে ডিলানে গীতটোত প্ৰত্যক্ষ কোনো উত্তৰ নিদিয়ে বা প্ৰচাৰ নকৰে ,বৰঞ্চ তেওঁ এনে নৈতিক প্ৰশ্ন উত্থাপন কৰে যিয়ে শ্ৰোতাক চিন্তা কৰিবলৈ বাধ্য কৰে।
এই সাৰ্বজনীনতাই “Blowin’ in the Wind” ক কেৱল আমেৰিকাতে নহয়, সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাজনৈতিক আন্দোলনক প্ৰভাৱিত কৰিছে। ঔপনিৱেশিক বিৰোধী প্ৰতিবাদৰ পৰা আৰম্ভ কৰি ইউৰোপ আৰু এছিয়াৰ শান্তি আন্দোলনলৈকে গীতটোৰ অবাধ বিচৰণ।
গীতটোৱে সময়ক অতিক্ৰম কৰি ন্যায় আৰু শান্তিৰ বাবে সাৰ্বজনীন সংগ্ৰামৰ বক্তব্য বহন কৰাৰ মাজত নিহিত হৈ আছে ইয়াৰ কালজয়ী ক্ষমতা।
সামৰণি :
‘Blowin’ in the Wind’ কেৱল প্ৰতিবাদী গীত নহয় বৰঞ্চ মানৱতা বিৰোধী দুৰ্দশাৰ বাস্তৱ প্ৰতিফলন। গীতটোৱে আমাক আজিৰ সমাজত বিৰাজমান ঘটনা প্ৰবাহৰ প্ৰাসংগিক উদ্বেগ জগাই তুলি অন্যায় ব্যৱস্থা বজাই ৰখা বা ভাঙি পেলোৱাৰ ক্ষেত্ৰত আমাৰ ভূমিকা সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰে।ডিলানৰ সৃষ্টিৰ নিপুণতা এইখনিতেই যে তেওঁ গোটেই পৰিঘটনাটোক নিজৰ শিল্পকৰ্মৰ যোগেদি গভীৰ মানৱীয় কৰি তোলাৰ লগতে কাৰ্য্য সম্পাদনৰ বাবেও আহ্বান জনাইছে আৰু মানৱীয় ব্যৰ্থতাক স্বীকাৰ কৰিছে।
তথ্য সূত্ৰ :
- Bob Dylan in America, by Sean Wilentz.
- Bob Dylan Performing Artist, 1960 – 1973 , The Early Years. By Paul Williams.
- Chronicles Volume I, Bob Dylan ..Memoirs of Bob Dylan
- Bob Dylan: The Stories Behind Every song.
- Music, A very short introduction by Nicholas Cook
- Wikipedia
- ইউটিউব
- ‘Blowin’ in the Wind’. By John.J.Tierney Jr., June 30 , 2022.
- The Spirit of Bob Dylan is ‘Blowin’ in the Wind’ by Rossitsa Mina Petrova, feb. 25 ,2025.
- ‘Blowin’ In The Wind’ Still Asks The Hard Questions. By Brian Naylor. October 21
- How Bob Dylan’s ‘Blowin’ in the Wind’ Blew Up the New York Folk Scene. By David Browne.