প’লিন কেইল (Pauline Kael) : শেষ সাক্ষাৎকাৰ ।। অনুবাদ : সুজাতা হাতীবৰুৱা
(আমেৰিকাৰ প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক প’লিন কেইলৰ ২০০১ চনত মৃত্যু হয়। তেখেতৰ মৃত্যুৰ আগে আগে ফ্রান্সিস ডেৱিচে লোৱা তেখেতৰ শেষ সাংক্ষাকাৰটো প্ৰকাশ পাইছিল ২০০২ চনত “দ্য গার্ডিয়েন” কাকতত)
প্র: মই ধৰি লৈছোঁ যে আপুনি দ্য নিউয়র্কাৰ (The New Yorker)-ৰ পৰা অৱসৰ লোৱাৰ কাৰণ আছিল আপোনাৰ পাৰ্কিনছন ৰোগ?
উ: সেইটোও, লগতে এইটোৰ বাবেও যে মই হঠাতে কিছুমান চলচ্চিত্ৰৰ বিষয়ে একো ক’ব নোৱাৰা হৈ পৰিছিলোঁ। সেইবোৰ ইমান ভয়ানক আছিল, আৰু মই ইতিমধ্যেই বহুকেইখন ভয়ানক চলচ্চিত্ৰৰ বিষয়ে লিখি পেলাইছিলোঁ। মই চিনেমাৰ বিষয়ে লিখি ভালপাওঁ যেতিয়া মই সেই চিনেমাবোৰত কিবা এটা আৱিষ্কাৰ কৰোঁ যেতিয়া মই মানুহৰ লগত ভগাই ল’বলৈ সেইবোৰৰ পৰা কিবা এটা পাওঁ। যিটো সপ্তাহত মই কাম এৰিলোঁ, মোৰ কোনো আগতীয়া পৰিকল্পনা নাছিল। কিন্তু মই কেইখনমান চিনেমাৰ ওপৰত লিখিছিলোঁ, আৰু মই কি লিখিছিলোঁ সেইবোৰ পঢ়িছিলোঁ, আৰু অবিশ্বাস্যভাৱে হতাশাজনক আছিল। মই ভাবিছিলোঁ, ইয়াৰ পৰা আনক কিবা ভগাই ল’বলৈ মোৰ একো নাই। ইয়াৰে এখন আছিল উডি এলেন (Woody Allen) আৰু বেটে মিডলাৰ (Bette Midler)ৰ সৈতে, সেইখন আছিল, ছিনছ ফ্রম এ মল ( Scenes From a Mall)। মই বেটে মিডলাৰৰ আৰু এটা বেয়া ৰিভিউ লিখিব নোৱাৰিলোঁ। মই ভাবিছিলোঁ, তেওঁৰ অভিনয় অসাধাৰণ আছিল, আৰু যেতিয়া মই তেওঁক টেলিভিছনত জিপছি (Gypsy)ৰ সেই ভয়ংকৰ প্ৰডাকচনত দেখিলোঁ, মোৰ হৃদয় ভাগি গ’ল। আগতেই মই বিচেছ (Beaches)ত তেওঁৰ অভিনয়ৰ সমালোচনা কৰি থৈছিলোঁ। আপুনি কেনেকৈ এগৰাকী অভিনয় শিল্পীক ইখনৰ পাছত সিখন চিনেমাত সমালোচনা কৰি থাকিব পাৰে, যেতিয়া আপুনি জানে যে তেওঁলোকৰ অভিনয় মাত্ৰ কেইবছৰমান আগতেও অনবদ্য আছিল? কাৰোবাক প্ৰশংসা কৰাত আপোনাৰ ইমানেই আৱেগিক বিনিয়োগ থাকে যে যেতিয়া কেইবছৰমানৰ পিছত একেখিনি মানুহকে সমালোচনা কৰিবলগীয়া হয়, তেতিয়া ই আপোনাৰ আত্মাক ফালি চিৰাচিৰ কৰি পেলায়।
প্র: আপুনি কেতিয়াবা আলফ্রেড হিচকক (Alfred Hitchcock)ক লগ পাইছিলনে?
উ: হয়, মই এটা ৰেডিঅ’ অনুষ্ঠানৰ বাবে কাম কৰি আছিলোঁ যিটো কেতিয়াও সমাপ্ত নহ’ল, আৰু মই তেওঁক লোৱা আৰু আনসকলৰ সাক্ষাৎকাৰবোৰ ৰেকৰ্ড কৰিছিলোঁ। মোৰ তেওঁৰ সৈতে খুব ভাল অভিজ্ঞতা নাছিল, কিয়নো তেওঁ চিনেমাৰ বিষয়ে কথা পাতিব বিচাৰিছিল কিন্তু নোৱাৰিলে, কিয়নো তেওঁ সঁচাকৈয়ে একো চিনেমা চাবলৈ যোৱা নাছিল। তেওঁৰ পত্নীয়ে চাইছিল, আৰু তেওঁ অতি জ্ঞানী আৰু অতি মধুৰ আছিল। মই তেওঁক বহুত ভাল পাইছিলোঁ, কিন্তু হিচককে নিজৰ ৱাইন আৰু চেম্পেইনৰ সংগ্ৰহৰ বিষয়ে কথা পাতিবলৈ আমাৰ কথাৰ মাজত ব্যাঘ্যাত জন্মাই থাকিল। মই তেওঁক যথেষ্ট ভাল পাইছিলোঁ, কিন্তু চিনেমাৰ বিষয়ে কথা পতাতকৈ তেওঁৰ বাবে এইবোৰ বিষয়হে বেছি গুৰুত্বপূৰ্ণ যেন লাগিছিল। মই বৰ হতাশ হৈ পৰিছিলোঁ যেতিয়া আমি অভিনয় শিল্পীসকলৰ কথা পাতিছিলোঁ, কাৰণ তেওঁ প্ৰায়ে এনে মানুহক অভিনয়ৰ বাবে বাচি লৈছিল যাক ছবিত দেখি নহয়, বৰঞ্চ তেওঁলোকৰ এজেণ্টে আনি দিয়া ফিল্মৰ এটা ৰীলত দেখাৰ পাছতহে, যাতে তেওঁ কেৱল তেওঁলোকৰ কিছুমান ভূমিকাৰ কণমান বিশেষ বিশেষ মুহূৰ্তহে দেখা পায়। তেওঁ কিছু অভিনয় শিল্পীৰ সম্ভাৱনীয়তা সম্পৰ্কে নাজানিছিল, আৰু এইটো তেওঁৰ অনুভৱ আছিল যে তেওঁ অভিনয় শিল্পীসকলৰ অভিনয় উন্নত কৰা উচিত নহয়। পৰিচালকসকলক অভিনয় উন্নত কৰিবলৈ অনুমতি দিয়া উচিত নহয়, তেওঁ কৈছিল, আনকি যদিও তেওঁ তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত এই ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰিছিল, আৰু এইটো তেওঁৰ শ্ৰেষ্ঠ কামবোৰৰ ভিতৰত এটা আছিল। মই ভাবোঁ, তেওঁৰ শেষৰ চিনেমাবোৰৰ অনমনীয়তাৰ এক কাৰণ তেওঁৰ এইটো অনুভৱ আছিল যে সকলোবোৰ আগতেই সাজু কৰি থোৱা উচিত, যিটোৱে অভিনয় শিল্পীসকলক কোনো সৃষ্টিশীলভাৱে অভিনয়ত অংশ ল’বলৈ অনুমতি নিদিয়ে। টপাজ (Topaz) আৰু মাৰ্নি (Marnie)ৰ দৰে চিনেমাত তুমি তেনেকুৱা অংশগ্ৰহণৰ অনুপস্থিতি অনুভৱ কৰা, আৰু অহ, মই কওঁ, এইটো তেওঁৰ শেষৰ সকলোবোৰ চিনেমাতে দেখা যায়। তেওঁ যথেষ্ট অনমনীয় আছিল, প্রায় এজন ধৰ্মীয় অন্ধবিশ্বাসীৰ দৰে |
প্র: আপুনি ভাবে নেকি যে ইয়াৰ ফলত কেতিয়াবা অভিনয় জঠৰ হৈ পৰে, যেনে মানি (Marnie)ত শ্বন কনেৰী (Sean Connery)ৰ দৰে?
উ: শ্বন কনেৰীৰ বিষয়ে মই বিশেষকৈ সুধিছিলোঁ, কাৰণ মই বিমোৰত পৰিছিলোঁ এইটো ভাবি যে কিয় তেওঁ মানিত ইমান জথৰ আছিল। হিচককে কৈছিল: “আচলতে, সেই মানুহজনে কেতিয়াও অভিনয় কৰিব নোৱাৰিছিল, তুমি জানা, তেওঁ কেৱল 007 (জেমচ বণ্ড)ৰ ভূমিকাতহে অভিনয় কৰিব পাৰিছিল।” আৰু মই আচৰিত হৈছিলোঁ, কাৰণ কনেৰীয়ে তেওঁৰ কেইটামান শ্ৰেষ্ঠ অভিনয় কৰি থৈছিল- অহ, মই তেওঁৰ শ্ৰেষ্ঠ অভিনয় বুলি কোৱা উচিত নহয়, কাৰণ মই ভাবোঁ তেওঁৰ অভিনয় পিছত আনকি তাতোকৈয়ো ভাল হৈছিল, যেতিয়া তেওঁ দ্য মেন হু উড বি কিং (The Man Who Would Be King)-ত অভিনয় কৰিছিল, আৰু তেওঁৰ পিছৰ কেইখনমান চিনেমাত। কিন্তু তেওঁ সেইসময়ত ইতিমধ্যেই বঢ়িয়া কাম কৰি আছিল, আৰু হিচককক সেইবোৰত একেবাৰেই আগ্রহী যেন দেখা নগৈছিল- তেওঁক অভিনয়শিল্পীসকলৰ প্ৰতি আগ্ৰহী যেন লগা নাছিল।
প্র: ৱাৰেন বিট্টী (Warren Beatty)ৰ অনুৰোধত যেতিয়া আপুনি ১৯৭৯ চনত পেৰামাউণ্ট (Paramount )লৈ কাম কৰিবলৈ গৈছিল, আপুনি কিছুমান চিনেমা প্রযোজনাত সহায় কৰিছিল, নহয় নে?
উ: হয়, কিন্তু মই সেই বিষয়ে কথা নকওঁ, কিয়নো কিছুমান ক্ষেত্ৰত পৰিচালকসকলে নাজানিছিল যে তেওঁলোকৰ চিনেমা প্রযোজনা কৰাত মোৰ হাত আছে।
প্র: আমি আগতে জাঁ লুক গাঁদা (Jean-Luc Godard)-ৰ বিষয়ে কথা পাতিছিলোঁ, যাৰ আৰম্ভণিৰ ছবিসমূহৰ ওপৰত আপুনি যথেষ্ট লেখা-মেলা কৰিছিল।
উ: মই তেওঁৰ শেহতীয়া চিনেমাবোৰ বেছি চোৱা নাই, কাৰণ যোৱা এটা দশকজুৰি মই নিউয়র্কত নাই। মই তেওঁ এতিয়া কি কৰি আছে সেই বিষয়ে বৰ জ্ঞাত নহয়। মই তাৰ প্ৰতি একেবাৰে আকৰ্ষণ অনুভৱ নকৰোঁ। মই ভাবোঁ যে অলপ সময়ৰ বাবে তেওঁ আছিল ৰেণোৱা (Jean Renoir)ৰ পাছতে সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ ফৰাচী পৰিচালক। তেওঁ সম্পূর্ণ চমৎকাৰী নতুন কাম কৰিছিল তেওঁ সেয়া কৰিছিল যি অল্টমেনে (Altman) ইয়াত কৰিছিল- সেইবোৰ চিন্তাৰ ফালৰপৰা সমান্তৰাল আছিল, সংবাদধৰ্মী ৰূপ ব্যৱহাৰত আৰু ৰচনাৰ দৰে চিনেমা বনোৱাত। তেওঁ এজন চমৎকাৰী পৰিচালক আছিল, আৰু সম্ভৱতঃ তেওঁ এতিয়া কৰি থকা কামবোৰো চমৎকাৰী, কিন্তু মই সেইবোৰ চিনেমা চোৱা নাই। মই কেইখনমান চালোঁ, আৰু সিমান উত্তেজনা অনুভৱ নকৰিলোঁ যিমান মই বেণ্ড অৱ আউটচাইদাৰছ (Band of Outsiders ) বা লা চিনই (La Chinoise) বা তেওঁৰ আগৰ যিকোনো এখন চিনেমা চাই অনুভৱ কৰিছিলোঁ তেওঁৰ লে কাৰাবিনিয়েৰ (Les Carabiniers)ত কিছুমান চিকুৱেন্স আছিল। এইখন বৰ এক আকর্ষণীয় চিনেমা নাছিল, কিন্তু কেতিয়াবা আমি এটা অপূর্ব দৃশ্য, চিকুৱেন্স, বা অভিনয়ৰ বাবে সন্তুষ্ট হৈ পৰোঁ। বহুত ডব্লিউ চি ফিল্ডচ (WC Fields)ৰ কমেডি মই কেৱল এটা বিশেষ চিকুৱেন্সৰ বাবে ভাল পাওঁ; বাকী অংশবোৰ মোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয়।
প্র: আপুনি প্ৰায়ে সাক্ষাৎকাৰ লওঁতাসকলক এইটো কৈ আচৰিত কৰিছিল যে চলচ্চিত্ৰৰ বাবে আপোনাৰ প্ৰিয় দশকটো ১৯৭০ ৰ দশক আছিল। তেওঁলোকে আশা কৰে যে আপুনি ১৯৩০ বা ১৯৪০-ৰ দশক বুলি ক’ব, যিটো বহু আগৰ সময় যাতে ক্লাছিক যেন লাগে।
উ: মই এই কথাটো ভাবি ভাল পাওঁ যে মই ১৯৭০ চনত চিনেমাৰ বিষয়ে লিখিছিলোঁ, যেতিয়া এনেকুৱা পৰিচালক ওলাই আহিছিল যিয়ে সঁচাকৈয়ে মাধ্যমটোলৈ নতুন কিবা এটা আনিছিল। ভাবি চাওকচোন, মই গডার্ড (Godard) আৰু টুফ’ (Truffaut)ৰ বিষয়ে লিখিবলৈ পাইছিলোঁ, আৰু অল্টমেন (Altman) আৰু কপ’লা (Coppola)ৰ বিষয়ে, আৰু মানুহে বেছি চৰ্চা নকৰা কিছুমান চিনেমাৰ বিষয়ে লিখিবলৈ পাইছিলোঁ, যেনে হাল এছবি (Hal Ashby)ৰ দ্য লেণ্ডলর্ড (The Landlord), যিখন আছিল ১৯৭০ চনৰ এখন আচৰিত চিনেমা।
প্র: তথাপিও যেতিয়া আপুনি হলিউডত বিটি (Beatty)ৰ বাবে কিছুদিন কাম কৰাৰ পিছত, ১৯৮০ চনত দ্য নিউ য়ৰ্কাৰ (The New Yorker) লৈ উভতি আহিছিল, আপোনাৰ প্ৰথম লেখাটো আছিল হোৱাই আৰ মোভিজ চ’ বেড? অৰ দি নাম্বাৰছ (Why Are Movies So Bad? Or, The Numbers) শীৰ্ষক এখন ৰচনা। আগৰ দৰে পৰীক্ষা-নিৰীক্ষা সম্ভৱ নোহোৱাৰ কাৰণ কি পৰিস্থিতি অত্যধিক শংকাকুল হৈ পৰিছিল নেকি?
উ: ঠিক সেইটোৱেই ঘটিছিল। কেইখনমান চিনেমাই অপৰিমিত ধন উপাৰ্জন কৰিলে, আৰু চিনেমাৰ পৰা আমি আশা কৰা সকলোখিনি ধ্বংস হৈ গ’ল। এখন ভাল চিনেমাই ভয়ংকৰ পৰিণতি আনিলে। জছ (Jaws) সঁচাকৈয়ে এখন উৎকৃষ্ট চিনেমা। মই গোটেই চিনেমাখন চাই থাকোঁতে হাঁহিছিলোঁ। তথাপিও ই এটা বিশেষ পৰিৱৰ্তনৰ সূচনা কৰিলে। তাৰ পিছতে ষ্টাৰ ৱাৰ্ছ (Star Wars) আহিল, সেই ভয়ংকৰ ষ্টাৰ ৱাৰ্ছ (Star Wars) আৰু তাৰ পৰৱৰ্তী ছবিসমূহৰ পিছৰ পৰাই চিনেমা কেতিয়াও আৰু আগৰ দৰে হৈ নাথাকিল। মানুহে কম বাজেটৰ চিনেমা চাবলৈ প্ৰায় নাযায়েই, আৰু কিছুমান বহুত আকর্ষণীয় চিনেমা চাবলৈ নাযায়। মই থ্রী কিংছ (Three Kings) ভাল পাইছিলোঁ, যিখন চিনেমা মই ভাবিছিলোঁ যে যোৱা বছৰ মই দেখা আটাইতকৈ ভাল আমেৰিকান চিনেমা। আনকি জর্জ ক্লুনী (George Clooney) মুখ্য চৰিত্ৰত থকাৰ পিছতো, আৰু তেওঁৰ অভিনয় অত্যন্ত ভাল হোৱাৰ পাছতো কিন্তু এইখনৰ বেছি দর্শক নাছিল। প্রেছে নাকচ কৰা লেৰী কাছডান (Larry Kasdan)ৰ মামফৰ্ড (Mumford) আছিল এখন মনোমোহা চিনেমা। কিন্তু কিবা অদ্ভুত কাৰণত আমি আৰু মনোমোহা, লঘু চিনেমা চাবলৈ নাযাওঁ। মানুহে এখন চিনেমা আমেৰিকান বিউটি (American Beauty)ৰ দৰে গধুৰ আৰু জটিল হোৱাটো আশা কৰে।
প্র: এতিয়া চিনেমাৰ বিষয়ে লিখিব নোৱাৰাটো নিশ্চয় হতাশাজনক; বহুত ক্ষতি হৈছে যিবোৰ নোহোৱা কৰা দৰকাৰ।
উ: মই কোনেও প্রশংসা নকৰা কিন্তু মোৰ ভাল লগা চিনেমাবোৰ চাই থাকোঁ। থ্রী কিংছে (Three Kings) বিশেষভাৱে, অলপ ভাল ৰিভিউ পাইছিল, কিন্তু ই যিমান পোৱা উচিত আছিল সিমান নাপালে। মই ভাবিছিলোঁ মিছন টু মার্চ (Mission to March)-ত কিছুমান অসাধাৰণ চিকুৱেঞ্চ আছিল। ব্রায়ান ডে’ পালমা (Brian De Palma)ক ইমান বেছি ভাল পোৱা কাৰণে সদায়েই মোক আক্ৰমণ কৰা হয়, আৰু এইখন খুব অসমান, অনিয়মিত চিনেমা। কিন্তু ইয়াৰ প্ৰায় আধাখিনি চমৎকাৰ, আৰু মই বুজি নাপাওঁ, কিয় আৰু বেছি মানুহে তাৰ স্বীকৃতি নিদিলে। চোৱা যাওক, আৰু কি আছে? অ’ মই ফ্লাটিং উইথ ডিজাষ্টাৰ (Flirting with Disaster)খন ভাল পাইছিলোঁ, যিখন চিনেমা ডেডিড অ ৰাছেলে (David O Russel) থ্রী কিংছ (Three Kings)ৰ আগত বনাইছিল। মই ভাবোঁ এইখন এই দেশৰ যোৱা কেইবছৰমানত মই চোৱা আটাইতকৈ ভাল সৰল হাস্যৰসধর্মী চিনেমা। লিলি টমলিন ( Lily Tomlin), এলান আল্ডা (Alan Alda), মেৰী টাইলৰ মূৰে (Mary Tyler Moore), আৰু ইয়াৰ আন অভিনেতাসকলসকল সঁচাকৈয়ে অতি ধেমেলীয়া। তেনেধৰণৰ শেহতীয়া সৰল কমেডী চিনেমা বেছি নাই; হয়তো আমাৰ তেওঁলোকক প্ৰশংসা কৰাৰ অভ্যাস নোহোৱা হৈ আহিছে। মই সেইবোৰ চিনেমা ভালপাওঁ যিবোৰ অধিক অন্বেষণমূলক। মই কেইবছৰমান আগৰ এখন ফৰাচী চিনেমা ভাল পাইছিলোঁ যিখন খুব কম মানুহে চাইছিল, মাই মেন (My Man) নামৰ বাৰ্ট্ৰেণ্ড ক্লিয়াৰ (Bertrand Blier)ৰ চলচ্চিত্ৰ, যিখনে প্রায় কোনো প্ৰচাৰ নাপালে, কিন্তু যিখনৰ লাষ্ট টেংগো (Last Tango)ৰ দৰে কিবা এটা গুণ আছিল। এনেকুৱা বেছি চিনেমা নাই যিয়ে নতুন কিহবাত উপনীত হয়। দ্য কনফমিষ্ট (The Conformist)-ত এনে কিছুমান দৃশ্য আছিল চলচ্চিত্ৰই যিবোৰৰ আগতে কাষ চপা নাছিল, আৰু বাৰ্টোলুচি (Bertolucci)য়ে কেইবছৰমান আগতে বেচিজড (Besieged) নামৰ আন এখন ভাল চিনেমা নিৰ্মাণ কৰিছিল, যিখন থাণ্ডি নিউটন (Thandie Newton) অভিনীত আছিল, যি মিছন ইম্পছিবল (Mission Impossible)তো আছে। তেওঁ অসাধাৰণভাৱে সংবেদনশীল আৰু আকর্ষণীয়, কিন্তু চিনেমাখনে কেতিয়াও দৰ্শকৰ সঁহাৰি নাপালে আৰু প্ৰেছে ইয়াৰ বিষয়ে বৰ বেছি প্ৰচাৰ নকৰিলে। মানুহক দ্য পাৰফেক্ট ষ্ট’ৰ্ম (The Perfect Storm) বা দ্য পেট্রিয়ট (The Patriot )ৰ সমান ভাল প্ৰচাৰ নোপোৱা চিনেমা চাবলৈ যোৱা দেখিবলৈ পোৱাটো বহুত কঠিন। মই বিশ্বাস কৰিব নোৱাৰোঁ মই চিনি পোৱা মানুহে সেইবোৰ চিনেমা চাবলৈ যায়। তেওঁলোকে সেইবোৰৰ পৰা কি পায়?
(গার্ডিয়ান নিউজ এণ্ড মিডিয়া লিমিটেডৰ সৌজন্যত)
***
উৎস: https://www.theguardian.com/film / 2002 /nov/01/artsfeatures