অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰ (প্ৰথম সংখ্যা)

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলন: এটি আলোচনা (ৰুবী বৰা বৰদলৈ)

(প্রবন্ধটো ‘যুক্তি দিৱস’ উপলক্ষে “মুক্ত চিন্তা”-ই আয়োজন কৰা ৰচনা প্রতিযোগিতাত চতুৰ্থ পুৰস্কাৰ প্রাপ্ত)

আৰম্ভণি

আমাৰ চাৰিওফালে অবিৰতভাৱে অলেখ কাৰ্য সংঘটিত হৈ থাকে। তাৰে কিছুমান মানুহক কেন্দ্ৰ কৰি আৰু আন কিছুমান প্ৰকৃতি আৰু বিশ্ব-ব্ৰহ্মাণ্ডক কেন্দ্ৰ কৰি। কাৰ্যসমুহ য’তেই যেনেকৈয়ে সংঘটিত নহওক কিয়, প্ৰতিটো কাৰ্যৰ এক নিৰ্দিষ্ট কাৰণ থাকে। এক কথাত, কাৰণ অবিহনে কোনো কাৰ্য সংঘটিত হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, গছৰ পাত এখিলাও যদি লৰে, তাৰ কাৰণটো হ’ল বায়ুৰ চলাচল। সচেতন লোকে প্ৰতিটো কাৰ্যৰ লগত নিহিত হৈ থকা কাৰণটো জানিব বিচাৰে, জানিব বিচাৰিব লাগে। তাৰ ফলত কাৰ্য আৰু কাৰণৰ সংযুক্তি ঘটে। এই সংযুক্তিৰ প্ৰতিফলনেই হ’ল যুক্তি। বাস্তৱ জগতত সংঘটিত কাৰ্য সমুহৰ লগত কাৰণৰ সংগতি বিচাৰ কৰা কাৰ্যই হ’ল সাধাৰণ অৰ্থত যুক্তিবাদ। যুক্তিবাদত বিশ্বাস ৰাখি, এই বিশ্বাসক মানি চলা লোকসকলেই হ‌‌‍’ল যুক্তিবাদী লোক।

প্ৰাচীন কালৰে পৰাই মানৱ ইতিহাসত সাধাৰণতে দুই ধৰণৰ ব্যক্তি দেখা পাওঁ। এচামে যিকোনো ঘটনা-পৰিঘটনাৰ আঁৰৰ কাৰণটো বিচাৰ কৰিবলৈ যত্ন কৰে আৰু আন এচামে যেনেকৈ দেখিছে, সংঘটন সমুহক বুজি পাওক বা নাপাওক, তেনেকৈয়ে মানি লয়। ইয়াৰে প্ৰথম চামক কোৱা হয় যুক্তিবাদী। যুক্তিবাদী সকলে যেতিয়া সৰ্ব-সাধাৰণৰ মাজত প্ৰচলিত পূৰ্বাপৰ ধাৰণা সমুহক যুক্তিৰে চালি-জাৰি চোৱা আৰম্ভ কৰে, ইয়ে কেতিয়াবা সমাজত এক আন্দোলনৰ ৰূপ লয়। এয়াই যুক্তিবাদী আন্দোলন। এনে আন্দোলনে প্ৰকৃতি আৰু সমাজৰ সংঘটন সমুহৰ প্ৰতি সামাজিক লোকৰ ধাৰণালব্ধ মনোভাৱক পৰিচ্ছিন্ন কৰি তোলে।

প্ৰাসংগিকতা

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসঙ্গিকতা আছে। আমাৰ সমাজ বিভিন্ন বাদ-মতবাদ, ধাৰণা-বিশ্বাস সম্বলিত লোকেৰে গঠিত। তদুপৰি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ শিক্ষা-সংস্কাৰ, মনোভাৱ, পৰম্পৰাগত আৰু সামাজিক আচাৰ-ব্যৱহাৰ, ধৰ্মীয় বিশ্বাস, জীৱন ধাৰণৰ পদ্ধতি আদি বেলেগ বেলেগ। আমাৰ সমাজত ঐশ্বৰিক বিশ্বাস, জন্ম-জন্মান্তৰ, পায়-নাপায়, উচ্চ-নীচ আদি অনেক ধাৰণাই মানুহৰ মনত শিপাই আছে। এনে পৰিৱেশত মানুহৰ মন বহুধা বিভক্ত হোৱাটো তেনেই স্বাভাৱিক। অসংখ্য ধাৰণাৰ মাজত দিক-বিদিক হেৰুওৱা মানুহক কেৱল যুক্তিবাদেহে শুদ্ধ পথ দেখুৱাব পাৰে। উদাহৰণ স্বৰূপে, আমি যদি সমাজত মানুহৰ মাজত প্ৰচলিত উচ্চ-নীচৰ ধাৰণাৰ কথা আলোচনা কৰোঁ, আমি দেখা পাওঁ যে, পূৰ্বতে কৰ্মৰ ভিত্তিত বিভাজন কৰা মানৱ গোটসমূহ কালক্ৰমত একো-একোটা আৱদ্ধ জাতিত পৰিণত হ’ল। এজন চাফাই-কৰ্মীৰ সন্তান যদি পৰৱৰ্তী সময়ত প্ৰশাসনিক বিষয়াও হয়, তেওঁৰ প্ৰথম পৰিচয় হয় চাফাই-কৰ্মী সম্প্ৰদায়; যি সম্প্ৰদায় দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত নীচ জাতি ৰূপে পৰিচিত। আমি যদি যুক্তিৰে বিচাৰ কৰিবলৈ যাওঁ, তেওঁলোকৰ চাফাই-কৰ্ম প্ৰকৃততে সমাজৰ বাবে অপৰিহাৰ্য আৰু অৱশ্য-কৰণীয় কৰ্ম। সেইফালৰ পৰা চাফাই-কৰ্ম সমাজৰ বাবে উচ্চ মৰ্যাদাসম্পন্ন কৰ্ম আৰু এনে কৰ্মী সমাজৰ উচ্চ স্থানৰ লোক হোৱা উচিত।

সমাজৰ উপৰিও প্ৰাকৃতিক পৰিঘটনাসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে। আমাৰ সমাজত এতিয়াও বতাহ-বৰষুণ, বান-খহনীয়া, ভূঁইকঁপ, গ্ৰহণ, বেমাৰ-আজাৰ আদিত এচামে দেৱতা বা অপদেৱতাৰ প্ৰভাৱ আৰোপ কৰে। আটাইতকৈ বেছি প্ৰহেলিকাময় ধাৰণাসমূহ প্ৰচলিত হৈ আছে ধৰ্মীয় আৰু ঐশ্বৰিক বিশ্বাসৰ ক্ষেত্ৰখনত। ইয়াত প্ৰহেলিকাময় ধাৰণাসমূহে অন্ধবিশ্বাসৰ ৰূপ লয়গৈ। ইয়াতে ডাইনী আদিৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহো জড়িত হৈ আছে। সমাজৰ এই ক্ষেত্ৰসমূহতে প্ৰকৃততে যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা সৰ্বাধিক।

সমাজৰ আনুষ্ঠানিক শিক্ষাৰে উচ্চশিক্ষিত লোকসকলৰ মাজতো অন্ধবিশ্বাস আৰু কুসংস্কাৰে শিপাই থকা দেখা যায়। বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি চিকিৎসক, অভিযন্তা, বিজ্ঞানী, অধ্যাপক, প্ৰশাসনিক বিষয়া আদি হোৱা লোকৰ মাজতো অসংখ্য অযুক্তিবাদী চিন্তাধাৰাৰ প্ৰাদুৰ্ভাব থকা দেখা যায়। এনে লোকেও ঐশ্বৰিক বিশ্বাসৰ উপৰিও বিভিন্ন পূজা-পাতল, মংগল-অমংগল, তাবিজ-মাদলী, নিৰ্জীৱ পাথৰ আদিৰ মহিমাৰ ওপৰত বিশ্বাস কৰে। তদুপৰি সাধাৰণভাৱে শিক্ষিত বা অশিক্ষিত লোক সকলৰ মাজত বিভিন্ন প্ৰাকৃতিক পৰিঘটনাসমূহক লৈয়ো অনেক বিশ্বাস আৰু অন্ধবিশ্বাস আদি গঢ় লৈ উঠে।

উপৰ্যুক্ত সকলোখিনি বিষয়ৰ লগতে যুক্তিবাদৰ প্ৰসংগ আহি পৰে। যুক্তিবাদ যদি সমাজৰ সৰ্বস্তৰতে আন্দোলনৰ ৰূপত সম্প্ৰসাৰিত হয়, তেনেহ’লে মানুহৰ অন্তৰত প্ৰোথিত হোৱা আকাৰগত সত্যতাসমূহে সামাজিক বিভেদ আৰু মানুহৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰিব আৰু বস্তুগত বিশ্বাসসমূহ পৰিচ্ছন্ন ৰূপত মানুহৰ মাজত সম্প্ৰসাৰিত হোৱাৰ পথ মুকলি হ’ব। এয়া সম্ভৱ হ’ব কেৱল যুক্তিৰে প্ৰতিষ্ঠিত সত্যৰ প্ৰচলন আৰু সম্প্ৰসাৰণৰ যোগেদিহে। বৰ্তমান ই এক আন্দোলনৰ ৰূপ লোৱাটো জৰুৰী হৈ পৰিছে। বিজ্ঞান-প্ৰযুক্তিয়ে উন্নতিৰ উচ্চ শিখৰ স্পৰ্শ কৰাৰ সময়ত আমাৰ সমাজ এলান্ধুকলীয়া শিক্ষা, বিশ্বাস, সংস্কাৰ কিছুমান লৈ আধুনিক সমাজত খাপ খাব নোৱাৰিব নিশ্চয়। গতিকে, অসংখ্য বিসংগতিপূৰ্ণ বিচাৰধাৰাৰে আক্ৰান্ত আমাৰ সমাজৰ সৰ্বস্তৰতে সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ উচ্চ প্ৰাসংগিকতা থকা দেখা যায়।

সমস্যা

যুক্তিবাদী আন্দোলনৰ লগত বিভিন্ন সমস্যাৰ অঙ্গাঙ্গী সম্পৰ্ক থকাটো লক্ষ্য কৰা যায়। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে সমাজত অলেখ শৈক্ষিক সামাজিক আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি হৈছে। বহুতো পুৰণি ধাৰণাৰ আমূল পৰিৱৰ্তন হৈছে; কিন্তু মানুহৰ মাজত যি দৰে বিজ্ঞানমনস্কতাৰ বিকাশ হ’ব লাগিছিল, সেইদৰে হোৱা নাই। আধুনিক যুগৰ সকলো সম্ভাৰেৰে মানুহ আজি উন্নতিৰ শিখৰত আৰোহণ কৰিছে যদিও যুক্তিবাদী মন এটা সৰ্বত্ৰ সমানে গঢ় লৈ উঠা নাই। ইয়াৰ অসংখ্য কাৰণ আছে। প্ৰথম কাৰণ হ’ল, কৌটি কালৰ পৰা মানুহৰ মন প্ৰজন্মৰ পিছত প্ৰজন্ম কিছুমান অযুক্তিবাদী চিন্তাধাৰাই এনেদৰে আচ্ছন্ন কৰি ৰাখিছে যে, সেই ধাৰণাসমুহ মজ্জাগত হৈ পৰিছে। এনেদৰে গভীৰলৈ শিপোৱা ধাৰণাসমুহৰ পৰা মুক্তি পোৱা বৰ সহজ নহয়। দ্বিতীয়তে, মানুহে সহজে নিজা নীতি-নিয়ম, বিশ্বাস-সংস্কাৰ আদি এৰিব নোখোজে; কাৰণ এনে বিশ্বাস-সংস্কাৰ কিছুমানৰ লগত মানুহৰ সামূহিক স্থিতিৰ পৰিচয় জড়িত হৈ থাকে, সেয়া লাগিলে অযুক্তিকৰেই নহওক কিয়! তৃতীয়তে, সমাজৰ সকলো স্তৰতে বিভিন্ন কাৰণত আধুনিক শিক্ষা আৰু বৈজ্ঞানিক ধাৰণাসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ সমানে হোৱা নাই। চতুৰ্থতে, সামাজিক লোকে সহজে, ভুল হ’লেও, প্ৰচলিত ধাৰণা এটা সমূলি বিসৰ্জন দি, নতুন ধাৰণাক সহজে আঁকোৱালি ল’ব নোখোজে। নতুন ধাৰণাসমুহে সমাজত খোপনি পুতিবলৈ যথেষ্ট সময় লয়। পঞ্চমতে, সমাজৰে এচামে আন এচামৰ মাজত শুদ্ধ ধাৰণাৰ প্ৰচলন হোৱাটোত বাধা দিয়ে নিজ উদ্দেশ্য সিদ্ধিৰ বাবে। কাৰণ অপ্ৰিয় হ’লেও সত্য যে, সৰ্বসাধাৰণৰ ভুল আৰু অযুক্তিকৰ ধাৰণা কিছুমানক লৈ এচাম ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় চলাই থাকে। তাৰ উদাহৰণ হ’ল, মন্দিৰৰ চান্দাৰ পৰা বাস্তুশাস্ত্ৰলৈকে; পাথৰৰ পৰা জীৱ-জন্তুৰ হাড়-ছাল, নখ-দাঁতলৈকে মহত্ত্ব আৰোপ কৰি এচামে এতিয়াও বিভিন্ন ব্যৱসায় চলাই থকা দেখা যায়। ষষ্ঠতে, আজিৰ বিভিন্ন সামাজিক সংযোগ মাধ্যম তথা সংবাদ মাধ্যমসমূহে যিদৰে এইক্ষেত্ৰত উদ্যোগ লৈ সমাজত যুক্তিবাদী আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিছিল, তেনে ভূমিকা লোৱাত ব্যৰ্থ হৈছে। অৱশ্যে ব্যতিক্ৰম সকলোতে থাকে। এই ক্ষেত্ৰতো ব্যতিক্ৰম নিশ্চয় আছে।

সম্ভাৱনা

সকলো এন্ধাৰৰ শেষত এছাটি পোহৰ নিশ্চিতভাৱে থাকে। ঠিক সেইদৰে, সকলো নিৰাশাৰ শেষতো আশাৰ কিৰণ উজ্জ্বলি উঠে। সমাজত যুক্তিবাদী আন্দোলনৰ ক্ষেত্ৰতো উজ্জ্ৱল ভৱিষ্যতৰ সম্ভাৱনা আছে; সামাজিক লোকৰ স্থিতি সদায় একে হৈ নাথাকে। সত্যতা সমূহ মন্থৰ গতিৰে হ’লেও মানুহৰ মানসিকতাত প্ৰোথিত হ’বলৈ ধৰে আৰু ইয়ে লাহে লাহে অযুক্তিকৰ চিন্তা বা ধাৰণাসমূহক মনৰ পৰা আঁতৰ কৰে।

লাহে লাহে হ’লেও আমাৰ শৈক্ষিক-সামাজিক পৰিৱেশ আধুনিক শিক্ষা-সংস্কাৰেৰে বহুখিনি পোহৰ হৈ পৰিছে। নতুন প্ৰজন্মই এইসমূহ দ্ৰুত গতিৰে আঁকোৱালি লোৱা দেখা গৈছে। এওঁলোকৰ মনো বহু পৰিমাণে অযুক্তিকৰ চিন্তাধাৰাৰ পৰা মুক্ত।

যুক্তিবাদী আন্দোলনৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰধানকৈ দুটা দিশ চকুত পৰে। প্ৰথমটো হ’ল, এই আন্দোলনে সমাজৰ এলান্ধুকলীয়া কুসংস্কাৰ, ভুলধাৰণাসমূহ দূৰ কৰি যুক্তিবাদ প্ৰতিষ্ঠা কৰিব পাৰিব। দ্বিতীয়তে, এই আন্দোলনৰ প্ৰসাৰে আধুনিক শিক্ষাৰে শিক্ষিত নতুন প্ৰজন্মটোক যুক্তিবাদী কৰি গঢ়ি তুলিব পাৰিব।

যদি এয়ে হয়, তেনেহ’লে সমাজ আৰু মানুহৰ মানসিকতাৰ পৰা অযুক্তিকৰ চিন্তা-ভাবনাবোৰ দূৰ হৈ এখন প্ৰকৃত আধুনিক আৰু বিজ্ঞানমনস্ক সমাজ প্ৰতিষ্ঠা হ’ব। যুক্তিবাদী আন্দোলনৰ প্ৰসাৰে সমাজৰ পৰা জাতি-ভেদ, উচ্চ-নীচ, ডাইনী-অপদেৱতা আদিৰ ধাৰণাসমূহ নিৰ্মূল কৰিব পাৰিব। তদুপৰি যি সমুহ প্ৰাকৃতিক পৰিঘটনাৰ ৰহস্য মানুহে এতিয়াও ভালদৰে বুজি পোৱা নাই, সেইসমূহ ভাবি-চিন্তি চাবলৈ সুযোগ প্ৰদান কৰিব। ভিত্তিহীন আকাৰগত চিন্তাধাৰাক প্ৰতিহত কৰিব পাৰিব। মানুহৰ মন সুশিক্ষাৰ পোহৰত বৰ্তমান লাহে লাহে উজ্জ্বল হৈ আহিছে। গতিকে যুক্তিবাদী আন্দোলনৰ সম্ভাৱনাও বাঢ়ি আহিছে। এবাৰ যি ব্যক্তি বা সমাজে যুক্তিবাদক সাৰথি কৰিছে, সেই সমাজ বা ব্যক্তি যুক্তিৰ পথৰ পৰা আঁতৰি যাব নোৱাৰাৰ সম্ভাৱনাই অধিক।

সামৰণি

আধুনিক সময় আৰু সমাজত যুক্তিবাদী আন্দোলন হ’ল মানুহৰ মুক্তচিন্তাৰ ধাৰক আৰু বাহক। আমাৰ মনত দুবিধা সৃষ্টি কৰা ধাৰণাসমূহক যুক্তিৰ পোহৰত চাবলৈ যত্ন কৰিলে আমাৰ মনৰ আকাশ পোহৰ হ’ব। সেই পোহৰত মহাবিশ্ব, প্ৰকৃতি আৰু মানুহৰ দ্বাৰা সংঘটিত কাৰ্যসমূহৰ প্ৰকৃত কাৰণ উন্মোচিত হ’ব আৰু মানুহৰ মনৰ পৰা সকলো ধৰণৰ অন্ধবিশ্বাস দূৰ হ’ব। সমাজত সমতা স্থাপন হ’ব। প্ৰকৃতিৰ ৰহস্যসমূহৰ প্ৰকৃত ছবি মানুহৰ মনত উন্মোচিত হ’ব। তাকে কৰিবলৈ যাওঁতে সমাজৰ সচেতন লোকৰ মাজত যুক্তিবাদে আন্দোলনৰ ৰূপ লৈ আগবাঢ়িব লাগিব। এই আন্দোলনত সৰ্বস্তৰৰ লোক সমানে জড়িত হ’ব লাগিব। নজনাক, নুবুজাক জনাই, বুজাই আগবাঢ়িব লাগিব। তেতিয়াহে যুক্তিবাদী আন্দোলনৰ সমস্যাসমূহ দূৰ হৈ সমাজত ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পাব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *