গল্প-কবিতা

আই মোক জগাবি ।। অৰ্ণৱ জ্যোতি আৰ্য্য

মুক্ত চিন্তা, ১০ বৰ্ষ, ৫ম সংখ্যা

জানানে, এই বিশ চন বুলি ক’লেইচোন মোৰ মনটো জিকাৰ খাই উঠে। মই সুধিলোঁ— কেলেই? মানুহজনে মোৰ ফালে এনেকৈ চালে যেন মোৰ প্ৰশ্নটো লৈ তেওঁ প্ৰস্তুত নহয়— উত্তৰ দিবলৈও তেওঁ সেয়ে আগ্ৰহ দেখুওৱা নাই ।

অৱশ্যে মই জানো— পৃথিৱীৰ সমস্ত দুখ আঁকোৱালি ল’ব পৰা বয়স হোৱাহেঁতেন আমাৰ আঢ়ৈমহীয়া ভতিজীজনীয়েও বুজি পালেহেঁতেন— কিয় বিশ চন বুলি শুনিলেই একবিংশ শতিকাৰ দ্বিতীয় দশক জিকাৰ খাই উঠিব লগাত পৰিছে। তেন্তে মোৰ মনটো কিয়নো প্ৰশ্নকৰ্তাৰ পৰা পৃথক হ’ল — এইবুলি  প্ৰশ্নৰ সন্মুখীন হোৱাৰ পূৰ্বেই মই ক’লোঁ — “কেলেই নুঠিবনো?” জিকাৰ খাই লোম শিয়ৰি উঠিছেনে চাই হাতখন মোহাৰি পুনৰ ক’লোঁ — “এই বছৰটোক লৈ কত লিখকে কিমান কি লিখিব, চিত্ৰকৰে কেনভাচত ৰং বিলাব, ডাইৰেক্টৰে চিনেমা বনাব।

আৰু তুমি? মই? তুমি কিবা কৰিলেও মই ভাই একো কৰিব নোৱাৰোঁ । দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ থাকিব। বাদ দিয়া সেই চিন্তা।” প্ৰশ্নকর্তাই বিপৰীত ব্যক্তিৰ মুখ খোল খালে আনটো প্ৰশ্ন কৰিবই । কৰিলেই — “যদি এইহেন দিন পাৰ হৈ নাযায়, গ’লেও উভতি আহে, তেতিয়া?”

এইবাৰ মোৰ মনটো জিকাৰ খাই উঠিল । উঠিবই । স্বাভাৱিক । কাৰণ লাহে-ধীৰে ফাদিল হ’ব।

বহুক্ষেত্ৰতে অলাগতিয়াল যেন কথাবোৰ আওকাণ কৰি, অথবা সুৰুঙা উলিয়াই মই ওলাই আহিব পাৰোঁ। নিজক ব্যস্ত কৰি ৰাখিব পৰাটোৱেই জীৱনৰ সুছন্দ বুলি এটা মিছা (যদিও সম্পূৰ্ণ মিছাও নহয়) কথাৰে নিজক ফুচুলাই ৰাখিবলৈ মোৰ নিজৰ হাততেই অনেক কৌশল ৰাখিছোঁ। কিন্তু অসুবিধাটো তাতেই। নিজক ফাঁকি দিব পাৰি — কিন্তু হঠাৎ এনেহেন প্ৰশ্নকৰ্তাৰ সন্মুখীন হ’লেই সমস্ত ফাঁকিয়ে দৰ্জাৰ ফাঁকত চেপা খাই বিকৎ চিঞৰ একোটা মাৰে। সেই চিঞৰ আকৌ আনে নুশুনে। সেইটো ভাল কথা। তথাপিও দুখ পোৱাটো স্বাভাৱিক। আৰু যদি দুখ পাই দুখ লুকুৱাওঁতে অকণমানো ভুল হয় – তেন্তে মানুহৰ চকুত ধৰা পৰাটোও স্বাভাৱিক। তেনে এক স্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱাহেঁতেন মই হয়তো অস্বাভাৱিক ৰূপেৰে মানুহজনৰ সৈতে কথা-বাৰ্তা হ’লোঁ হয়। পিছে নাই – মোৰ কথাবোৰ আওকাণ কৰাৰ ওপৰত মহাৰথ। সেয়ে জিকাৰ খাই উঠিও মই ক’ব লাগিলোঁ — “তেনে নহয়।  পাৰ হৈ যোৱা দিনবোৰ উভতি নাহে। আহিলেও আগৰ দৰেকৈ নাহে, আহিব নোৱাৰে।” সূত্ৰ মতে, এতিয়া আন এটা প্ৰশ্ন অহাৰহে কথা। ভাবি থাকোঁতেই — “তেন্তে কি চিনাকী হোৱাৰ পিছত শত্ৰুও পৰম মিত্ৰ হৈ পৰে” শীৰ্ষক প্ৰশ্নৰ সন্মুখীন হ’লোঁ — “ওহোঁ, সময় সলনি হ’লেও চৰিত্ৰবোৰ নিজ নিজ চাৰিত্ৰিক বৈশিষ্ট্যৰে মহীয়ান। বাকী সকলো জিজ্ঞাসা সময়ে শুনাব” — বুলি কৈ প্ৰশ্নৰ মোখনি মাৰিবলৈ সক্ষম হ’লোঁ। বিদায় সম্ভাষণ জনাই এই মানুহজন আঁতৰিল। লাহে লাহে এন্ধাৰ নামিল আৰু সজল চকুহাল মুদি মই চেঁচা বতাহজাকক আঁকোৱালি ল’লোঁ।

ৰ’দ দি দি বৰষুণ আহিলে গৰমৰ দিনটো যেন ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে – তেনেকৈ, হাজাৰ দুখৰ মাজত হাঁহিৰ জুনুকা বাজি উঠিলেই মন পাতলে — হাজাৰ বাট খোজকাঢ়ি গৈ থাকোঁতে আপোন চহৰখনৰ নামফলক দেখিলেই খোজৰ গতি বাঢ়ে (যদিও আপোন চহৰখন শ-শ কিলোমিটাৰ দুৰতহে আছে বুলি একেখন নামফলকে দেখুৱাই দিয়ে।) কথাবোৰ ভাবি ভাবি এনে লাগিল দুখৰ দিনবোৰ ঘড়ীৰ কাঁটাৰ দৰেহে। এই বিভীষিকাবোৰ ঘূৰ্ণিয়মান — শেষ নহয়। কথাবোৰ ভাবি থাকোঁতে বৰষুণ নামিল। মনত খলকনি লগোৱা শব্দবোৰে বতাহৰ সৈতে গুমগুমাই অভাৱনীয় পৰিবেশ এটাৰ সৃষ্টি কৰিলে বাবে ভিতৰ সোমালোঁ।

যিটো কোঠাত আহি সোমালোঁ তাত আমি তিনিজন আবাসী। এয়া দুহেজাৰ বিছ চনৰ কথা। সকলোফালে আন্ধাৰ বিৰাজমান। তেনে আন্ধাৰতে ডুব গৈ থকা মানুহকেইজনক কানিমুনি পোহৰেৰে উদ্ধাৰ কৰোঁ নিজ নিজ কোঠাত শুই থকা পৰিৱেশত। মানে, বতাহ-বৰষুণে বিদ্যুৎ কৰ্তন কৰালে। এৰা সমস্যাৰ অভাৱ আমাৰ মাজত কোনো এটা বিভাগেই হ’ব নিদিয়ে। সেইয়া বিদ্যুৎ হওঁক বা অন্য কিবা। টেবুলখনৰ কাষতেই বেটেৰী লাইট এটা থাকেই। তাকে জ্বলাই ল’লোঁ। ভালেমান সময় তেনেদৰে বহি থকাৰ পাছত এসময়ত কাৰেণ্ট আহিল। নিজ নিজ কোঠাৰ পৰা ল’ৰাহঁত বাহিৰ ওলাল। খোৱা-বোৱাৰ যো-জা কৰা হ’ল। কম সময়ৰ ভিতৰত পাল মাৰি পৰীক্ষা হ’লত বহী জমা দি ওলাই অহা ল’ৰাজনৰ দৰে সিহঁতে ক’লে — ৰুটী বনাই হ’ল, কাৰেণ্ট থাকোঁতেই খাই লোৱা যাওঁক।

খোৱা-লোৱা হ’ল। আলোচনাক্ৰমে গম পোৱা গ’ল – এই মাহৰ টকা উলিয়াব লাগিব। খুচুৰা পইচাৰে দহ-বিশৰ লেচেৰা, কুণ্ডুলি কিনি থকাত অসুবিধা নাই – কিন্তু চাউল – ডালি – তেল – এইসব এসাঁজৰ বাবেহে উপলব্ধ হৈ পৰি আছে। হওক তেওঁ, এতিয়ালৈ টকা-পইচাৰ অভাৱ সোমোৱা নাই কোঠাত। নহ’লে ঘৰৰ পৰা শ শ মাইল আঁতৰত থাকি আমি তিনিওজনে কম যন্ত্ৰণা ভূগিলোঁ হয়নে !

ৰাতি গভীৰ হোৱাৰ পিছতো টোপনি অগভীৰ হৈ থকাৰ যি লক্ষণ – এয়া ভাল লক্ষণ নহয় বুলি কোনোবাই মোক বহুদিন আগতেই কৈছিল। ময়ো এইষাৰ কথা বহুতক বহুবাৰ আত্মজ্ঞানপ্ৰকাশী ভঙ্গীৰে শুনাইছোঁ। অথচ যোৱা কিছুদিনৰ পৰা মোৰেই তেনেকুৱা হোৱা হেতুকে আনৰ আগত মনৰ কথা ব্যক্ত কৰি মই নিজৰ হেৰুৱা জ্ঞান নিজেই ওভটাই পালোঁ। ইয়াৰ কোনো প্ৰতিকাৰ নাই বুলি মোক কোনেও কোৱা নাই, তথাপি প্ৰতিকাৰ হিচাপে মই এনে এটি পন্থা ল’লোঁ যাক ল’বলৈ গৈ বহুতে জীৱনৰ এক বিশেষ সময়ত – “কবি , সাহিত্যিক হ’ব ওলাইছে” নামৰ ৰূপকৰ মুকুট পিন্ধি লয়।

পৃথিৱীৰ সমস্ত শোক জানিবলৈ আমি জানো কিতাপ পঢ়োঁ, গান শুনো, কবিতা লিখোঁ ? অথচ শোকৰ বন্যা বোৱাই যোৱা প্ৰতিটো অনাহুত সময় একো একোখন কিতাপ, একো একোটা গান, একোখন কথাছবিৰ দৰে আমাৰ মাজলৈ আহে।

এনেদৰে দিন বাগৰিছে।

এৰাতি গাই, এৰাতি শুই, এৰাতি খাই চলি থকা এই জীৱনটো স্বাভাৱিক নহয় — হ’ব নোৱাৰে বুলি আকৌ যুক্তি দৰ্শোৱা মানুহজনক মই একো প্ৰত্যুত্তৰ নিদিওঁ। তেওঁ কয় – ” নহয়, এয়া মোৰ প্ৰশ্ন নহয় – মোৰ প্ৰশ্ন বেলেগ –  যদি এয়াই স্বাভাৱিক, তেন্তে আগৰখিনি কি আছিল” – “আগৰখিনি জীৱন আছিল” – “তেন্তে এতিয়া কি আমি মৃত?” – “একপ্ৰকাৰ; হয়” – এইবুলি মই পুনৰ মানুহজনৰ প্ৰশ্নক মোৰ কথাৰ ঢালেৰে বগৰাই দিলোঁ।

মানুহজন গুছি যোৱাৰ পিছত পুনৰ কোঠালৈ সোমালোঁ। কোঠাত মানুহ আমি তিনিজন। আজিও বতৰ বেয়া – সেয়ে আজিও কাৰেণ্ট নাই – বাকী দুজন আজিও নিজ কোঠাত – গতানুগতিক জীৱন – শুইছে – উঠিছে – খাইছে – আলোচনাত বহি কৈছে – টকা প্ৰায় শেষেই, উলিয়াব লাগিব – আচহুৱা বেমাৰটোৰ ৰোগীৰ সংখ্যা লাখলৈ বাঢ়িছে। হয় – বাঢ়ি আছে – আনজনে মাত লগালে। হা-হুমুনিয়াহ লৈ সময় শুই পৰে। মই জাগি থাকোঁ। বহু ৰাতিলৈ। কেতিয়াবা ৰাতিও পুৱায়।

ৰাতি পুৱাবলৈ কিমান বাকী বুলি মানুহজনে প্ৰশ্ন কৰে। মই কওঁ – এই ৰাতি নুপুৱাই। তেওঁ কিয় বুলি সোধে। মই বহুত সময় একো নামাতো। তাৰ পাছত লাহেকৈ কওঁ – আগামী পুৱা নতুনকৈ জিলিকিব লাগিলে এই ৰাতিৰ মৃত্যু হ’ব লাগিব। যেতিয়ালৈ নতুন পুৱা অসম্ভৱ, তেতিয়ালৈ ৰাতি শেষ হোৱাৰ প্রশ্নও নিৰৰ্থক। মানুহজনে ক’লে – তেন্তে আমি এতিয়া কি কৰিম, কেনেকৈ এই ৰাতিক খেদি পঠিয়াম? মই ক’লোঁ – খেদিব নালাগে। আমি ৰাতিৰ সৈতে সহবাস কৰিম। শুনিম – চিনিম – বুজিম। মানুহজন আশ্বস্ত নহ’ল। মোক ক’লে –  তুমিয়ে কিবা এটা কৰা। মই এৰিলোঁ।

মই জানো – মোৰ হাতত একো নাই। এটা অচিনা বেমাৰে গ্ৰাস কৰা দিন একোটাত কোনোমতে উশাহ লৈ আছোঁ। ওচৰ-চুবুৰীয়াৰ লগত সম্পৰ্ক নাই। বহুদিনৰ আগতে আহত হোৱা প্ৰেমত মলম লগাব নজনাকৈ থাকি যেনেকৈ প্ৰেমিকাক হেৰুৱাইছিলোঁ, তেনেকুৱাকৈয়ে ওচৰ-চুবুৰীয়াৰ পৰা দৃষ্টি হেৰুৱাইছোঁ। দিনে ৰাতিয়ে খুলি থোৱা খিৰিকিখনো বন্ধ কৰি দিয়া হৈছে। মাজে মাজে চৰকাৰী গাড়ী চলে। খিৰিকিৰ পৰ্দা আঁতৰাই চাওঁ কি হৈছে। এদিন দেখিলোঁ চুবুৰীৰ আটাইতকৈ শান্ত শিশু গৰাকীক নীলা-ৰঙা পোহৰৰ  গাড়ীখনত উঠাই লৈ গৈছে। অলপ আঁতৰৰ পৰা ভাহিছে কাৰোবাৰ কান্দোন।  দৃশ্যটো আওকান কৰিলোঁ। দৃশ্য বা কথা আওকান কৰিবলৈ মোৰ হাতত অলেখ সুৰুঙা থাকে। কেতিয়াবা মন গ’লেও মই সেই সুৰুঙা উলিয়াই নলওঁ। প্ৰচণ্ড ধুমুহাৰ মাজত নিজক থিয় কৰাই ৰাখিবলৈ মোৰ হাতত কোনো বিশেষ অস্ত্ৰ নাই। তথাপি মই থিয় দি থাকিব খোজোঁ – সেয়ে হয়তো থিয় দি থাকোঁও। মানুহজনে মোক গোটেই ৰাতিটোৰ কাৰ্যভাৰ দি মোক এৰি যাব কেনেকৈ পাৰে বুলি মই নিজক প্ৰশ্ন নকৰিলোঁ। বিপদ বাৰণ কৰিবলৈ মানুহ নিজেই ওলাই আহিব লাগিব। আপোনাৰ বিপদ জগতৰ বিপদ নহ’বও পাৰে। আপোনাৰ টোপনি হৰিল মানে আনক জগোৱা কথাটো ভাল কথা নহয়।

***

“ছবি এখনে মোক আমনি কৰিছে” – মানুহজনক ক’লোঁ। “কোনখন” বুলি মানুহজনে সুধিলে। কোনখন বুলিনো কওঁ। মানুহজনে বুজি পাবনে?

***

এই যে, ৰাতি ৰাতি টোপনি নোহোৱাকৈ মানুহ এজাক খোজকাঢ়ি ফুৰিছে, অলিয়ে-গলিয়েদি ওলাই দীঘলীয়া ৰে’ললাইন এটাত উঠিছে – উঠি উকি এটা মাৰিছে – তাক কিৰিলি নাম দিব পাৰি। তেওঁলোকে কৈছে – এইবাটেৰে পূৱে মোৰ গাঁও। সেইবাটেৰে পশ্চিমে সিহঁতৰখন। আমি এদিন এই ষ্টেছনত নামিছিলোঁ – কামৰ বাবে। ৰাতিপুৱাৰ বেলিটো ঠিক এই গছডালৰ কাষেৰেই ওলাইছিল। কোলাত চকু মেলি থকা ল’ৰাটোৰ নাকটো মচি মহিলাজনীয়ে কৈছে – তহঁতে নাই দেখা সেই দিনবোৰ। নাই দেখা। এৰা, সিহঁতে এই দিনো দেখা নাছিল কাহানিও। হেজাৰ-বিজাৰ মানুহে ষ্টেচনত আহি ৰৈছেহি – অথচ তেওঁলোকে জানে এই ষ্টেচনত ৰে’ল নাহে – নৰয় – কাকো  লৈ নাযায়গৈ। কিছুসময় এনেদৰে হুমুনিয়াহ লৈ মানুহবোৰে যাত্ৰাৰম্ভ কৰিব ধৰে।

ছবিখন চাই উঠি মই তেতিয়া চকু দুটা জপাব চেষ্টা কৰিছোঁ। কোঠাত আমি তিনিজন নহয়নে! বাকী দুজন চাগৈ’ শুইছে। মই দেখিছোঁ – মানুহখিনিয়ে খোজ লৈছে। ৰাতি ভালেখিনি হৈছে। খোজবোৰ লাহে লাহে ভাগৰিছে। ডাঙৰখিনিয়ে যদিও পাৰিছে – সৰুখিনিৰ অৱস্থা তথৈবচ। খুব কাতৰ অনুৰোধ কৰাৰ দৰে দুই এজনে কৈছে – অকণ শুই লওঁ নেকি? কথা শুনি মই সিকাটি হ’লোঁ।

এইফালে দুটা দশক আগৰ ছবি। নে, তাতোকৈ দুবছৰ আগৰ কথা। বহুদূৰ বাট খোজকাঢ়ি বহু ৰাতিকৈ গাঁৱলৈ সোমাই আহিছে ল’ৰাহঁত। মাকৰ মুখখন চাই যাওঁ বুলি হ’বলা। ৰাতি ভয়ে ভয়ে দৰ্জাখন খুলি দি নিজৰ পুতেকক দেখি মাকজনীয়ে হয়তো সুধিছে – “কিবা খাই আহিছনে?” একো উত্তৰ নিদি নিজৰ বিচনাখনত শুই পৰে ল’ৰাজন।

মোৰ টোপনি নাই অহা তেতিয়াও। এইবাৰ ওপৰমুৱা হৈ শুব লওঁ। চকুদুটাই আন্ধাৰ বুটলি থাকিল। সেই আন্ধাৰৰ মাজতে দেখিলোঁ সৰুকৈ ল’ৰা এটাই নিৰ্জন বাট এটাত অকলে খোজ দিছে। ডিঙিত এখন গামোচা। ঘামত তিতি যোৱা শৰীৰটো মচিছে সেই গামোচাখনেৰে। বহু দূৰ খোজ কাঢ়িছে হ’বলা। গাড়ী-মটৰ নাই। নাই মানুহৰ সাৰ-সুৰ। গ’লিটোৰে সোমাই অলপ দূৰ গ’লেই হয়তো ল’ৰাজনে নিজ ঘৰ গৈ পাব। তাৰ ভাগৰুৱা খোজত তেনে উত্তেজনা স্পষ্ট। কিন্তু হঠাৎ গুলিৰ শব্দ হয় – গামোচাখন চিটিকি পৰে । মই একেজাপে বিচনাৰ পৰা উঠি বহোঁ। মই শুব পৰা নাই। ৰাতি পুৱাব কেতিয়া — জুইকুৰা নুমাব কেতিয়া — ধৰণৰ গান শুনি শুনি মই পাৰ কৰি আছো সময়। ৰাতি নুপুৱাইহে নুপুৱাই।

***

বহু ভাবি-চিন্তি একো পাৰাপাৰ নোপোৱা মানুহ এজন সদায় মোৰ ওচৰলৈ আহে। অহাৰ নিৰ্দিষ্ট সময়-পাতি নাই। ভালেমান প্ৰশ্ন কৰে। প্ৰতিউত্তৰ দি দি মানুহজনক মই ওভতাই পঠিয়াও। মানুহজনে এক বিশেষ চনৰ কথাৰে মোৰ সৈতে কথোপকথন আৰম্ভ কৰে। তাৰ পিছত মোক মোৰ পৰা বিচলিত কৰিবলৈ অহৰহ চেষ্টা চলায়। ময়ো জানি বুজি বিচলিত নহওঁগৈ। কিন্তু, কিছুদিনৰ পৰা মানুহজন মোৰ ওচৰলৈ অহা নাই। অথচ মই তেওঁ উল্লেখ কৰা চনটোৰ পৰা কেবাদশক পিছুৱাই গৈও তেওঁৰ জিকাৰ খাই যোৱা কথা কিছুমান পাগুলিব লৈছোঁ। লাহে লাহে যেতিয়া মই মানুহজনক বিচাৰি ওলালোঁ, গম পালোঁ – মানুহজন ময়েই। ময়েই সেইজন যিয়ে প্ৰতিনিয়ত নিজক নিজৰ খু-দুৱনিৰ পৰা পৃথকে ৰখাৰ জোৰদাৰ প্ৰচেষ্টাত ব্ৰতী হৈ থাকিলোঁ। আৰু অৱশেষত … (কিবা এটা কৰি পেলালোঁ)।

…. আমাৰ কোঠাত মানুহ তিনিজন। তিনিজনৰ পৰা দুজন হ’বলৈ কি গাণিতিক সূত্ৰ ব্যৱহাৰ কৰিব লাগে সেইয়া মই জানো। তেনেদৰে সেই নিশা ময়ো ওলালোঁ – আপোন ঘৰলৈ বুলি। শুকান নদীখনৰ সিপাৰেই ৰে’লআলি। পূবে নে পশ্চিমে যাম ধৰিব নোৱাৰি ভাগৰুৱা বাটৰুৱা এজনক সুধিলোঁ – কোনপিনে মোৰ বাট? সৌপিনে বুলি দেখুৱাই মানুহজন আঙুলিৰে নিৰ্দেশ দিয়া ফালেই ঢলি পৰিল। তেওঁক উঠাই দিবলৈ সাহস মোৰ নহ’ল। “কিয় নহ’ল” -বুলি নোসোধাকৈ থাকিল মোৰ অন্তৰৰ মানুহজন। মই বাট পোনালোঁ। বহু দূৰ যোৱাৰ পিছত মোৰো ভৰি দুখন টানিব ধৰিলে। সেই শিশুহালৰ দৰে। মোৰো ভাগৰ লাগিল, সেই গাঁৱলৈ মাজৰাতি উভতি অহা ল’ৰাজনৰ দৰে। শোৱাৰ আগত ঘৰৰ ল’ৰাই আয়েকক কয় : আই মই শোও – ট্ৰেইন আহিলে মোক জগাবি – আৰ্মীয়ে বিচাৰি আহিলে প্ৰথমে মোক জগাবি। কিমান যে বিশ্বাস সেই কথাত – আই মোক জগাবি !

গৈ থকা বাটত মোৰ আশে পাশে কোনো নাই। হঠাৎ মোৰ টোপনি আহিল। জানো কিয় ! চাগে ভাগৰ। ভাগৰত ঢলি পৰাৰ পিছত মই একো কথাই মনলৈ আনিব সময় নাপালোঁ। অতৰ্কিতে গুলিৰ শব্দত ল’ৰাটোৰ ডিঙিৰ পৰা গামোচাখন চিটিকি পৰাৰ দৰে মোৰ হাতৰ পৰা দুখন শুকান ৰুটী ৰে’লআলিৰ এমূৰে উফৰি পৰিল। চেতনা যেতিয়া আহিল, দেখিলোঁ – মোৰ মনৰ মানুহজনে সামাজিক দূৰত্ব বৰ্তাই শুধ কাপোৰেৰে থৰ হৈ বহি থকা মানুহ এজনীক চাই আছে। কৈছে — তোলৈ মনত পৰাত তিনিজনীয়া কোঠাটো এৰি গুছি আহিছিলোঁ। বাটত মোৰ বৰ ভাগৰ লাগিছিল। ট্ৰেইন আহিলে মোক জগাই দিবি বুলি ক’বলৈ তইনো ক’ত কাষত আছিলি? এতিয়া মোক জগাই দে আই। ক আই, মোক কি নজগাবি? মৰি যাব দিবি?

মই মোৰ মনৰ মানুহজনক ওচৰলৈ মাতি আনি বাঘঢকা এটা দি ক’লোঁ — অঁকৰা, মোক জগাই হ’ব কি? জগাব লাগে মন-মৰ্জিত নিয়মৰ বেহা, নিয়মেৰে বেহা কৰাবোৰক, সিহঁতবোৰহে শুই আছে কেবাদশক ধৰি।

উত্তৰ কি আহিব? জানো ! ◆

   

Leave a Reply

Your email address will not be published. Required fields are marked *