এটা ৰঙা বেলি (দীপু গগৈ)
জাৰৰ দিনত
জাৰৰ শাসন
উমহীন ৰাতি ক্ষীণকায় দেহত
হাড়লৈকে বিদ্ৰোহ
শীতৰ অবিৰাম শোষণৰ
বুকুৰ জুইৰ প্ৰচণ্ড উত্তাপ
বিশাল বিষ্ফোৰণ
লেলিহান শব্দৰ
শুষ্ক দেহত কৰ্কশ আলিংগন
হাড়ে-ছালে লগা দেহৰ
কামনাৰ আদিম বসন ফালি
জাৰৰ দিনত
ওলাই আহে এটা ৰঙা বেলি৷