আৱাহন যুগৰ অসমীয়া সাহিত্যত নাৰী-মুক্তিৰ প্ৰসংগ আৰু দেশপ্রাণ লক্ষ্মীধৰ শৰ্মা ।। ড০ ভক্ত প্রসাদ গৌতম
বিংশ শতিকাৰ দ্বিতীয় দশকৰ মধ্যাহ্নৰ পৰা চতুর্থ দশকৰ আৰম্ভণিৰ তিনিটা বছৰলৈকে বিশাল পাণ্ডিত্য, উপস্থিত বুদ্ধি আৰু বাকপটুতাৰে অসমৰ সমাজ-জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি যোৱা লক্ষ্মীধৰ শৰ্মাই তেখেতৰ জীৱন কালত অসমীয়া সমাজত নাৰীক কোন স্থানত ৰখা হৈছিল তাক ল’ৰালি কালৰ পৰাই দেখি আহিছিল। সেই সময়ত নাৰীয়ে ঘৰৰ ভিতৰতে সাংসাৰিক কামকাজ, সন্তান লালন-পালন আদিতেই ব্যস্ত হৈ বাহিৰৰ জগতৰ লগত সম্পর্কহীন হৈ পৰিছিল। নাৰীক এই স্থানতে আবদ্ধ কৰি ৰখাটোৱে মানৱ-জাতিৰ অপকাৰ হৈছে বুলি তেখেতৰ দৃঢ় বিশ্বাস হৈছিল। তেখেতে কৈছিল, “সংস্কাৰ, সভ্যতা আদি কাৰণেই নাৰীৰ স্থান আজি সমাজত এনেকৈ নিৰূপিত হৈছে। কিন্তু প্রকৃত সভ্যতাৰ তৰপৰ পৰা চাবলৈ গ’লে স্বীকাৰ কৰিব লাগিব যে নাৰীক যি স্থান দিয়া উচিত তাক আমি কোনো কালেও দি অহা নাই, আৰু এই কাৰণেই আমাৰ সমাজৰ আৰু ৰাষ্ট্ৰীয় অধ:পতন হৈছে”। নাৰী-পুৰুষৰ সম অধিকাৰ সম বিকাশ অবিহনে সমাজ-বিকাশৰ গতিও স্থবিৰ হৈ পৰিব। তেখেতে কৈছিল যদি সমাজৰ এক অংশক একেবাৰে জড় পদাৰ্থৰ শাৰীত থোৱা হয়, তেন্তে সেই সমাজে কেতিয়াও উন্নতি কৰিব নোৱাৰে। সমাজৰ বিশেষ আৱশ্যকীয় অংশ পুৰুষ নহয় স্ত্রীহে, কাৰণ সমাজৰ ভৱিষ্যত বংশধৰসকলৰ জন্ম আৰু চৰিত্ৰ শিক্ষা তেওঁলোকেই দিয়ে। এনে অৱস্থাত তিৰোতাক দাস-দাসীৰ শাৰীত ৰাখিলে সমাজৰ অৱস্থা ক্রমে শোচনীয় হোৱা স্বাভাৱিক”। তেখেতে জীৱন কালতে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত নাৰী মুক্তি আন্দোলনৰ অভিজ্ঞতাৰে অসমীয়া নাৰীৰ জীৱনতো প্রচলিত ব্যৱস্থাৰ বিৰুদ্ধে সংঘবদ্ধ নাৰী জাগৰণৰ আহবান জনাবলৈ কুণ্ঠাবোধ কৰা নাছিল। “অসমীয়া নাৰী সম্পর্কে আষাৰ দিয়েক” নামৰ প্ৰবন্ধত (অসম্পূর্ণ) তেওঁ মুকলিকৈ লিখিছে, “আজি জগৎব্যাপী নাৰী সমাজৰ মাজত যি চাঞ্চল্য দেখা গৈছে তাৰ মূলত এটি গভীৰ সত্য নিহিত আছে। আজিলৈকে পৃথিৱীত মানুহেই নিজৰ সুখ সুবিধা অনুযায়ী সকলো কাম কৰি আহিছে, নাৰী জাতিৰ মতামত কিম্বা সুখ সুবিধাৰ কথা মানুহে ভবা নাই বা ভাবিবৰ আৱশ্যকবোধো কৰা নাই।…..আজি হঠাৎ নাৰী জাতিৰ এই নতুন আবিৰ্ভাৱ কার্যক্ষেত্ৰত দেখি সমস্ত পৃথিৱীৰ মানুহেই আতঙ্কিত হৈ উঠিছে অঘটন ঘটিব, সমাজৰ শৃংখলা ভাঙিব, এনেবোৰ কথা কৈ নাৰীৰ এই নতুন উদ্যমৰ ধ্বংস সাধন কৰিবলৈ প্ৰস্তুত হৈছে। সংসাৰ আৰু স্বাৰ্থ দুয়োটা গোটখাই নাৰী জাতিৰ আগত এটি অভেদ্য দুৰ্গৰূপে থিয় দিছে। কিন্তু দুর্গ যিমানেই দুর্ভেদ্য হওক সত্যৰ বলত সি লাহে লাহে ধূলিৰ লগত মিহলি হোৱা স্বাভাৱিক”।
উক্ত প্রবন্ধতে তেখেতে আক্ষেপ কৰি কৈছে, “পুৰুষে নাৰীৰ স্থান স্থিৰ কৰিবলৈ যোৱাত এটি পৰ্দাৰ ভাব আছে। ইয়াৰ দ্বাৰা এইহে প্ৰমাণিত হয় যে তিৰোতাৰ নিজৰ বিষয়ে ভাবিবৰ ক্ষমতা বা অধিকাৰ নাই। দুখৰ বিষয় এই যে ইয়াৰ বিৰুদ্ধে হ’লেও, এই শ্রদ্ধাযুক্ত কাম আমি হাতত ল’বলৈ বাধ্য হৈছোঁ”।
বিধবা বিবাহৰ প্ৰচলন আৰু বাল্য বিবাহৰ বিৰুদ্ধে লক্ষ্মীধৰ শৰ্মাই বলিষ্ঠ পদক্ষেপ লৈছিল। তেখেতে সূক্ষ্মভাৱে লক্ষ্য কৰি কৈছিল, “অর্থহীন বৈধব্যৰ পীড়নত সমাজ কেনেকৈ ক্ৰমে তল গৈছে তাক অনেকে বুজিছে যদিও এই ব্যৱস্থাৰ অৱসানৰ বাবে তেওঁলোক ভয়ে ভয়ে আগবাঢ়িব লগা হৈছে”। তেখেতে লিখিছে, “সকলো আলোচনা, সকলো ভাব প্রকাশ সাধাৰণতঃ এনে প্রাণহীনভাৱে কৰা হয় যে তাক দেখিলে মনত বিশেষ আশাৰ সঞ্চাৰ নহয়। তথাপি মৃতপ্ৰায় এটা জাতিৰ মাজত ভাবৰ জাগৰণ প্ৰথা বোধকৰোঁ এয়েই”। শাস্ত্ৰৰ দোহাই দি সমাজ ব্যৱস্থাৰ ৰূপান্তৰ বিৰোধী এচাম গোড়া ৰক্ষণশীল ব্যক্তিৰ বাধাৰ প্ৰাচীৰ ভেদি এনে ব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰা সহজ কাম নাছিল। লক্ষ্মীধৰ শৰ্মাই বলিষ্ঠ লিখনিৰে এনে ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল এইদৰে—“এই আন্দোলনৰ বিপক্ষেও এটা দলে মূৰ দাঙি উঠিছে, তেওঁলোকৰ একমাত্ৰ যুক্তি ধৰ্ম্ম আৰু শাস্ত্ৰ। সমাজ পদার্থটি তেওঁলোকৰ মানত এটি জীৱন্ত পদাৰ্থ নহয়। ই প্রাণহীন, অর্থহীন, ভাৰহীন এটি মত ই মনু বা পৰাশৰৰ ইঙ্গিতত হাত তুলিব, ভৰিতুলি নাচিব। ইয়াৰ ভাব, ভাষা সকলো শাস্ত্ৰ। মনুৱে দুহেজাৰ বছৰৰ আগতে কি কৈ গৈছে তাক ভালকৈ উপলব্ধি নকৰিলে তেওঁলোকে একো মত দিব নোৱাৰে। অৱশ্য তেওঁলোকে পাহৰে যে মনুৰ দিনৰ সমাজ, ধৰ্ম্ম, ৰাজনীতি আজি নাই, মনুৰ দিনৰ সামাজিক প্রশ্ন আজিৰ নহয়, মনুৰ দিনৰ চিন্তাৰ সোঁত শুকাই গৈ আজি অন্য ফালে, অন্যভাবে, অন্য আলোকত মানৱ জীৱনৰ নৱ ধাৰা হৈ গৈছে। কিন্তু তথাপি মনুকে আকোঁৱালি ধৰি থাকিব লাগিব। নহ’লে সমাজ তললৈ তপত বালিত ডুবি একেবাৰে তলি পাবগৈ”। এই অদৃষ্ট শাস্ত্রপীড়াগ্রস্ত মহাপুৰুষসকলেই মানৱ-মনৰ স্বাধীন চিন্তাৰ আৰু পাণ্ডিত্যৰ অপমান কৰিছে বুলি তেখেতে মত প্ৰকাশ কৰিছে। বিধৱা বিবাহৰ দ্বাৰা হিন্দু ধৰ্ম নষ্ট হ’ব বোলা উক্তিৰ প্ৰতিবাদ কৰি হিন্দু ধৰ্মৰ কোন অংশটি বিধৱা বিবাহৰ পৰা নষ্ট হ’ব তাক তেওঁলোকে বুজাই দিবলৈ আহ্বান জনাইছে। সেই সময়ত বিধৱা বিবাহৰতো কথাই নাহে বৰঞ্চ বিধৱাক আজন্ম ব্ৰহ্মচাৰিনী কৰি ৰাখি তিৰোতাৰ ওপৰতে হিন্দুধৰ্ম্মৰ ভাৰখন দি আমাৰ হিন্দু পুৰুষসকলে নিজৰ কৰ্তব্য হ’ল বুলি ভাবে বুলি “অসমীয়া নাৰী সম্বন্ধে আষাৰ দিয়েক” প্ৰবন্ধৰ যোগেদি মুকলি বিৰোধ কৰিছে। উক্ত প্ৰবন্ধটোত তেখেতে পুৰুষৰ এনে ব্যভিচাৰ উদঙাই দিছে এনেদৰে “মুনিহৰ ব্ৰহ্মচাৰ্যৰ আৱশ্যক নাই, আছে দুৰ্বলা তিৰোতাৰ। কি অপূৰ্ব বিচাৰ। তাৰ ভাবি আমাৰ দেশৰ তিৰোতাৰ ব্ৰহ্মচাৰ্যটি এনে এটি কিম্ভুত কিমাকাৰ পদাৰ্থ যে আমি নিজে অন্ধ কাৰণে হে তাক বিশেষ নাজানোঁ। কোন দিনা কি খাব পায়, কি কাপোৰ পিন্ধিব পায় ইত্যাদি কেইটামান কথাৰ সমষ্টিকেই আমাৰ বিধৱাৰ ব্ৰহ্মচাৰ্যৰ মূল্য, ব্ৰহ্মচাৰ্যৰ প্ৰকৃত কি আৰু তাক জীৱনত কেনেকৈ প্ৰতিপালিত কৰিব লাগে সেই বিষয়ে কাৰো উমঘামেই নাই”। হৰনাৰায়ন বৰা সম্পাদিত ১৮৮৬ চনত মাত্ৰ চাৰিটা সংখ্যা প্ৰকাশ পোৱা “মৌ” আলোচনীয়ে যি সময়ত “চৰমতম নাৰী অধিকাৰ বিৰোধিতাৰ পৰিচয় দি সঁকীয়াই দিছিল যে নাৰীয়ে পণ্ডিত হোৱাৰ সপোন দেখিলে বা পশ্চিমীয়া শিক্ষা লভিলে তাৰ পৰিনাম মানৰ আক্ৰমণতকৈও ভয়াবহ হ’ব।……আৰু নিম্নতৰ শ্ৰেণী জাতি বৰ্ণ তথা নাৰীক পদদলিত কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত কৰিছিল” (দ. দেৱব্ৰত শৰ্মা, পৃ ১৪৪), তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান লৈ লক্ষ্মীধৰ শৰ্মাই অসমীয়া নাৰী-পুৰুষৰ সম অধিকাৰ অবিহনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াই অসম্পূৰ্ণ হ’ব বুলি দৃঢ় মত পোষণ কৰিছিল।
লক্ষ্মীধৰে নাৰী আৰু পুৰুষৰ স্বতন্তৰীয়া সত্তাৰ বিৰুদ্ধে মত পোষণ কৰি কৈছিল দুয়ো দুয়োৰে পৰিপূৰক” যদিও “আমাৰ সমাজত তিৰোতাৰ স্থান ক’ত তাক নিৰ্ণয় কৰা সঁচাকৈয়ে টান। মুনিহ-তিৰোতাৰ মাজত মানসিক দৃষ্টিৰ এনে এটা প্রভেদ আছে যে তাক মানি নল’লে সি সমাজক বিশৃঙ্খল কৰি তোলে। অথচ ইয়াক নামানিবলৈ মুনিহ-তিৰোতা দুয়ো যুগৰ পিছত যুগ চেষ্টা কৰি আহিছে। মুনিহ তিৰোতাৰ সত্য সম্বন্ধৰ বিষয়েও সেই একেই কথাকেই খাটে। কত শতাব্দী ধৰি এই সম্বন্ধটোকে এটা নিশ্চয়তাৰ ভেটিত ব্যৱহাৰৰ চেষ্টা কৰা হৈছে, কিন্তু সি অনিশ্চিত হৈয়ে আছে”। প্রকৃততে ক’বলৈ গ’লে সেই সময়ৰ সমাজ ব্যৱস্থাত “কিছুমান অর্থহীন, সাৰহীন কথাই আমাক এনেকৈ সাৱটি ধৰি আছে যে, সিহঁতৰ হাতসাৰি স্বাধীন চিন্তাৰ কাষলৈকে যাব নোৱাৰি। এই নীতি নিয়মবিলাকৰ আচল উদ্দেশ্য কি কোনেও তাৰ আলোচনা নকৰে। যি জাতিৰ মানসিক অৱস্থা এনে শোচনীয় তাৰ উন্নতি কত”? মানৱ-সমাজৰ সমানে এফাল নাৰী জাতিৰ মংগল-অমংগলৰ প্ৰতি এনে আচৰণত সমাজ-জীৱন এদিন পংগু হৈ পৰিব বুলি “নির্মলা” নাটকত দ্বিধাহীনভাৱে লিখিছে, “যি সমাজে তিৰোতা জাতিক ঘৰচীয়া পশু শ্ৰেণীলৈ টানি আনি নিজেই পংগু হৈ পৰিছে, সেই সমাজৰ ভৱিষ্যত ঘোৰ অন্ধকাৰ”।