অগ্ৰগামিনী আডা লাভলেইচ-(পূৰৱী দেৱী)
“We may say that the Analytical Engine weaves algebraical pattern just as the Jacquard-Loom weaves flowers and leaves”
আমাৰ মাতৃ, কমলা দেৱী আছিল নিপুন শিপিনী। তেখেতৰ কাষতে বহি শৈশৱ কালত আমিও তাঁত ব’বলৈ শিকা মনত আছে। ফুলৰ চানেকি তুলিবলৈ তেখেতে সদায় ব-চুঙাত ব তুলি লৈছিল। এবাৰ ব তুলি লোৱাৰ পিছত একেটা ফুলৰ চানেকি মাথো গৰকা মাৰি শালত বাৰে বাৰে তুলিব পাৰি। এই ব তুলি লোৱা পদ্ধতিৰ লগত আমি বৰ্তমান ব্যৱহাৰ কৰা কম্পিউটাৰৰ কাৰ্য পদ্ধতিৰ এক প্ৰকাৰৰ সাদৃশ্য আছে। সেই সময়ত এই সাদৃশ্যৰ ধাৰণা কৰা আমাৰ দৰে ক্ষুদ্ৰ মগজুৰ পক্ষে আছিল অসম্ভৱ। কিন্তু ঊনৈশ শতিকাৰ এগৰাকী অসাধাৰণ সৃজনীশীল প্ৰতিভাৰ অধিকাৰী নাৰীয়ে এই সাদৃশ্য মাথো লক্ষ্য কৰায়েই নহয়, ইয়াৰ ভিত্তিতে কম্পিউটাৰ প্ৰগ্ৰেম কৰিব পৰা যাব বুলি অনুভৱ কৰি লিখিছিল পৃথিৱীৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেম। তেখেতৰ নাম আডা লাভলেইচ।
আডাৰ কামৰ গুৰুত্ব উপলব্ধি কৰিবলৈ প্ৰথমে কম্পিউটাৰ সম্বন্ধে অলপ আলোচনা কৰা প্ৰয়োজন। প্ৰকৃততে কম্পিউটাৰ অংক-শাস্ত্ৰমূলক লজিকৰ ভিত্তিত নিৰ্মাণ কৰা এক জটিল বিদ্যুৎবৰ্তনী। সকলো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এটা শ্ৰেণীবদ্ধ বিদ্যুৎবৰ্তনী (Series Circuit) বা সমান্তৰাল বিদ্যুৎ বৰ্তনী (Parallel Circuit) সাজিব জানে। কম্পিউটাৰত এনে ধৰণৰ বৰ্তনীকে সজা হয়, অৱশ্যে বৰ্তনীবোৰ হয় অধিক জটিল আৰু সজা হয় অংক-শাস্ত্ৰমূলক লজিকৰ ভিত্তিত। সাধাৰণতে এনে বৰ্তনীক বোলা হয়— Gate, যেনে OR Gate, AND Gate, NOR Gate, NAND Gate, XOR Gate ইত্যাদি। ঊনৈশ শতিকাৰ অংক শাস্ত্ৰবিদ জৰ্জ বুলে প্ৰথমে প্ৰবৰ্তন কৰা বুলিয়ান লজিক নামে জনাজাত লজিক কম্পিউটাৰৰ গেট সাজিবলৈ প্ৰথমে ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে বৰ্তমান ব্যৱহাৰ কৰা লজিক বহুগুণে জটিল। আমাৰ দহটা আঙুলি বাবে দশমিক সংখ্যা পদ্ধতি অনুসৰি অংক কৰিবলৈ সহজ। আমাৰ সংখ্যা পদ্ধতিত ব্যৱহাৰ কৰা হয় দহটা অংক ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, আৰু ৯। জৰ্জ বুলে অংক কৰিবলৈ ব্যৱহাৰ কৰিছিল দ্বিঅংগী পদ্ধতি (Binary System), যি পদ্ধতিত মাথো দুটা অংক ০ আৰু ১ ৰ হে প্ৰয়োজন [পাদটীকা-১]। দেখাত জটিল যেন মনে ধৰিলেও প্ৰকৃততে এই পদ্ধতিত অংক কৰিবলৈ সহজ। তদুপৰি কম্পিউটাৰে মাথোঁ কৰে যোগ অংক। এনেকি বিয়োগ অংকও নকৰে [পাদটীকা-২]। অথচ কম্পিউটাৰৰ সহায়ত কৰিব পাৰি বেংকৰ কোটি কোটি টকাৰ লেন-দেন, খেলিব পাৰি দবা, ৰচিব পাৰি গানৰ সুৰ। আজি প্ৰায় ডেৰশ বছৰৰ আগতে এনে এটা যন্ত্ৰ সাজিব পৰা যাব বুলি কল্পনা কৰিছিল বিখ্যাত কবি বাইৰণৰ একমাত্ৰ বৈধ দুহিতা আডা বাইৰণে।
আডাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা প্ৰথম গৰাকী নাৰী আছিল মাতৃ আনাবেলা বাইৰণ। এন ব্ৰনটে লিখিত “The Tenant Of Wildfell Hall” ঊনৈশ শতিকাৰ এখন বিখ্যাত উপন্যাস। কিতাপখনত নাৰীবাদৰ আভাষ স্পষ্ট। উপন্যাসৰ নায়িকা হেলেনৰ লগত আনাবেলাৰ চৰিত্ৰ আৰু জীৱন কাহিনীৰ সাদৃশ্য লক্ষণীয়।
১৭৯২ চনত চিহেম নামৰ এখন সৰু চহৰত এন ইচাবেলা (চমু নাম আনাবেলা) মিলবেংকে এক আঢ্যৱন্ত পৰিয়ালত জন্ম গ্ৰহণ কৰে। হুইগ পাৰ্টিৰ সদস্য আৰু সংসদৰ সভ্য পিতৃ চাৰ ৰালফে একমাত্ৰ দুহিতাৰ শিক্ষাৰ কোনো ত্ৰুটি কৰা নাছিল। অতি কম সংখ্যক নাৰীয়ে শিক্ষাৰ সুযোগ পোৱাৰ যুগত আনাবেলায়ে অংক শাস্ত্ৰ, দৰ্শন, সাহিত্য আদিৰ শিক্ষা লাভ কৰে। লণ্ডনৰ বহু গুণী জ্ঞানী লোকৰ বক্তৃতা শুনাৰ সুযোগ লাভ কৰা আনাবেলায়ে দেশ-বিদেশত বিকাশ হোৱা বিজ্ঞান, দৰ্শন, সাহিত্য, ধৰ্ম, কলা, শিল্প, আদি সকলো বিষয়ৰে কিতাপ-পত্ৰ পঢ়ি এক বুদ্ধিমতী নাৰী ৰূপে নিজ সমাজত পৰিচিত হৈ পৰাৰ বাবেই তেখেতৰ আছিল গভীৰ আত্মবিশ্বাস। এনেকি তেখেতে সন্মোহন, ভূবিজ্ঞান, মগজুৰ গঠন সম্বন্ধীয় বিজ্ঞান আদিও চৰ্চা কৰিছিল বুলি পঢ়িবলৈ পোৱা যায়। তদুপৰি “Unitarian” (এখেত সকলে ভগৱান বিশ্বাস কৰে কিন্তু যীশুখ্ৰীষ্টক ভগৱানৰ পুত্ৰ বুলি বিশ্বাস নকৰে) ধৰ্ম বিশ্বাসী আনাবেলাৰ আছিল আত্ম নিয়ন্ত্ৰণ ক্ষমতা।
এনে এগৰাকী নাৰী প্ৰেমত পৰে অসাধাৰণ সৃজনীশীল প্ৰতিভাৰ অধিকাৰী ঊনৈশ শতিকাৰ বিখ্যাত কবি জৰ্জ বাইৰণৰ। সেই যুগত বাইৰণৰ খ্যাতি ৰৈ বৈ গৈছিল (বৰ্তমান ভাষাত “celebrity”)। “The Corsair”, প্ৰকাশৰ পিচতেই দহ হেজাৰ কপি বিক্ৰী হয়। “Childe Harold’s Pilgrimage” নামৰ কাব্যই ইংলেণ্ডত খলক তোলে। শিক্ষিত সমাজত কিতাপখন নপঢ়া মানুহৰ সংখ্যা আছিল অতি কম। সহজেই মানুহক আকৰ্ষণ কৰিব পৰা ক্ষমতাৰ অধিকাৰী অভিজাত লৰ্ড বাইৰণে আনাবেলাক আকৰ্ষণ কৰা একো আচৰিত নহয়, বাইৰণৰ কুখ্যাতিৰ সম্পূৰ্ণ জ্ঞান থকা আনাবেলা বাইৰণৰ প্ৰেমত পৰাহে আচৰিত। বাইৰণ আছিল স্বাৰ্থপৰ, মদপী, ধাৰত পোত খাই থকা ধোঁৱা-খুলীয়া আৰু ব্যভিচাৰী। এনেকি নিজ সঁতীয়া ভনীয়েকৰ লগত তেখেতৰ অবৈধ সম্পৰ্ক আছিল। তথাপিও বহু গুণা-গঠা কৰি লাহে-ধীৰে আগবাঢ়ি আনাবেলা বাইৰণৰ লগত বিবাহ পাশত আৱদ্ধ হয়। গভীৰ আত্মবিশ্বাস, শিক্ষা-দীক্ষা, ধনী পিতৃৰ একমাত্ৰ দুহিতা আৰু সন্তানহীন খুড়াকৰ বিশাল সম্পত্তিৰ ভৱিষ্য অধিকাৰীয়ে বিশ্বাস কৰিছিল যে তেখেতৰ ব্যক্তিত্ব আৰু ধৰ্ম বিশ্বাসে কল্পনাপ্ৰবণ বাইৰণক কুসংগৰ পৰা আঁতৰাই শুদ্ধ পথলৈ আনিব পাৰিব। ১৮১৫ চনত তেওঁলোকৰ বিয়া হয় আৰু বিয়াৰ কিছু দিনৰ পিচতেই বাইৰণৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ পাবলৈ ধৰে। ধৰুৱা বাইৰণে আনাবেলাৰ কন্যা ধন ততালিকে হাতত পৰাৰ সপোন দেখিছিল। কিন্তু সেই আশা পূৰণ নহ’ল। লৰ্ড ৱেন্টৱৰ্থে সা-সম্পত্তি এৰি থৈ গ’ল আনাবেলাৰ মাতৃৰ নামত। ইয়াৰ পিচত আনাবেলাৰ ওপৰত বাইৰণৰ অত্যাচাৰ দিনে দিনে বাঢ়িবলৈ ধৰে। ১৮১৫ চনৰ ডিচেম্বৰ মাহত অ’গাষ্টা আডা বাইৰণৰ জন্ম হয়। নতুন কেঁচুৱা দেখাৰ লগে লগে বাইৰণৰ প্ৰথম মন্তব্য আছিল– “Oh! What an instrument of torture I have acquired in you!”
অত্যাচাৰৰ পৰা হাত সাৰিবলৈ এমহীয়া কেঁচুৱা বুকুত বান্ধি আনাবেলা পিতৃ গৃহলৈ ঘূৰি আহে। আহিবৰ আগদিনা বাইৰণে সুধিছিল – “আমি কেতিয়া আকৌ ক’ত লগ পাম?” উত্তৰ আছিল – “স্বৰ্গত”। সেই ফাঁকি বাক্যই সঁচা হ’ল। বাইৰণে আডাৰ মুখ কোনোদিনে নেদেখিলে। ঘৰ, মাটি-বাৰী, সম্পত্তি বিক্ৰী কৰি বাইৰণ যাত্ৰা কৰিলে ইউৰোপলৈ। অৱশ্যে বাইৰণ আডাৰ প্ৰতি উদাসীন নাছিল। পৰোক্ষভাৱে তেখেতে আডাৰ খা-খবৰ ৰাখিছিল। ১৮২৪ চনত তেখেতৰ মৃত্যু হয়। তেখেতৰ কৰ্মচাৰীৰ মতে মৃত্যুৰ আগতে বাইৰণে কয়– “Oh! My poor dear child! My dear Ada! My God, could I have seen her! Give my blessing …..”
ইতিমধ্যে আনাবেলায়ে বিবাহ-বিচ্ছেদৰ বাবে গোচৰ তৰি সফল হয়। সেই যুগত ই আছিল এক দুঃসাহসিক পদক্ষেপ। অভিজাত মহলৰ চ’ৰা ঘৰত আনাবেলাৰ কু-কীৰ্ত্তি আছিল এক মুখৰোচক পৰচৰ্চা। ককা-দেউতাকৰ ঘৰত প্ৰথমতে আডা ডাঙৰ-দীঘল হয়। ভগ্ন স্বাস্থ্যৰ অজুহাত লৈ আনাবেলা প্ৰায়ে স্বাস্থ্যকৰ স্থানলৈ ভ্ৰমণ কৰিবলৈ গৈছিল। আইতাকৰ মৰমৰ মাজত আডা ডাঙৰ হৈছিল অকলশৰে।
বাইৰণৰ দুহিতা ৰূপে আডা আছিল বিখ্যাত। আডাৰ আচাৰ-ব্যৱহাৰ, শিক্ষা-দীক্ষাৰ সমালোচনা অভিজাত সমাজে কৰিব বুলি জানিয়েই আডাৰ সুশিক্ষাৰ প্ৰতি আনাবেলাৰ আছিল অপৰিসীম চেষ্টা। কেইবা গৰাকী গৃহ শিক্ষয়িত্ৰীক বৰখাস্ত কৰাৰ পিচত আডাৰ শিক্ষাৰ ভাৰ বহন কৰে মাকে নিজেই। যিহেতুকে আনাবেলায়ে ইতিহাস, কাব্য, সাহিত্য, সংগীত, ফৰাচী, গ্ৰীক, ইটালিয়ান, দৰ্শন, বিজ্ঞানৰ আৰু চিত্ৰাংকনৰ শিক্ষা লাভ কৰিছিল, সেই হেতুকে আডাক শিক্ষা দিবলৈ তেখেতে সংকোচ কৰা নাছিল। মাকৰ কঠোৰ শাসন আৰু নিয়মানুৱৰ্তিতাৰ বলি হয় আডা। অৱশ্যে সেই যুগৰ সকলো মাতৃৰ দৰে আনাবেলাৰ উদ্দেশ্য আছিল আডাক সম্ভ্ৰান্ত উপাধিধাৰী পুৰুষৰ উপযুক্ত পত্নীৰূপে গঢ়ি তোলা। তদুপৰি কল্পনাপ্ৰবণ মনেই বাইৰণৰ প্ৰধান শত্ৰু বুলি বিবেচনা কৰা মাকে আডাক কাব্য-সাহিত্য পঢ়িবলৈ উৎসাহিত কৰাৰ বাদে উৎসাহিত কৰিছিল অংক আৰু বিজ্ঞান অধ্যয়ন কৰিবলৈ। মাকে আডাক কোনোদিনে বাইৰণৰ বিষয়ে জানিবলৈ দিয়া নাছিল। এনেকি বাইৰণৰ এখনো ছবি আডায়ে দেখা নাছিল। কিন্তু আডাৰ আছিল প্ৰচণ্ড কল্পনা শক্তি। ডাঙৰ হৈ অহাৰ লগে লগে আডাৰ মন উৰা মাৰে আকাশলৈ। উৰা মাৰিব পৰা এটা যন্ত্ৰ সাজিবলৈ কল্পনা কৰি আডায়ে মাকলৈ লিখিছিল যে প্ৰকৃততে নানা সমস্যা সমাধান কৰিব লাগিব যদিও এই যন্ত্ৰ সাজিব পৰা যাব। অৱশ্যে মাতৃয়ে উৎসাহ দিয়াৰ পৰিবৰ্তে এনে অদ্ভুত কল্পনাৰ পৰা বিৰত থাকিবলৈ আডাক আদেশ দিয়ে।
এই দৰে কঠোৰ শাসনৰ মাজত আডাৰ শৈশৱ পাৰ হয়। ১৮২৯ চনত কিশোৰী আডা নৰিয়া পাটীত পৰে। প্ৰায় ১৮৩২ চন পৰ্যন্ত আডা বিভিন্ন ধৰণৰ ৰোগৰ বলি হয়। কিন্তু আডাৰ অধ্যয়ন থমকি নৰয়। এই সময়তে আডায়ে জাৰ্মান ভাষা আয়ত্ব কৰে আৰু অলপ সুস্থ হৈ পৰাৰ পিচতেই পিয়নো বজাবলৈ শিকে। তদুপৰি আডাই সাহিত্যৰ সোৱাদ ল’বলৈ ধৰে। আডাৰ ওপৰত দৃষ্টি ৰাখিবলৈ আনাবেলায়ে তিনিগৰাকী বান্ধৱীৰ ওপৰত ভাৰ দিছিল, আডাৰ ভাষাত তিনি কোপানল। প্ৰায় ষোল্ল বছৰ বয়সত এজন গৃহ শিক্ষকৰ প্ৰেমত পৰি আডায়ে পলায়নৰ যো-জা কৰে যদিও আনাবেলায়ে তিনি কোপানলৰ সহায়ত এই যাত্ৰাৰ পৰা আডাক উদ্ধাৰ কৰে।
আডাৰ যুগ মাথো শিল্প বিপ্লৱ নহয়, চিন্তা বিপ্লৱৰ যুগ। এই যুগ টেলিগ্ৰাফ, ৰেলপথ, বাষ্প চালিত যাত্ৰীবাহী জাহাজৰ যুগ। এই যুগত প্ৰকাশ হয় দুখন প্ৰসিদ্ধ গ্ৰন্থ, চাৰ্লচ ডাৰউইনৰ “The Origin of Species” আৰু চাৰ্লচ লায়েলৰ “Principles of Geology”। এই দুয়োখন কিতাপে বাইবেলৰ সৃষ্টি তত্ত্বৰ ওপৰত কুঠাৰঘাত পেলাই সমাজত আলোড়ন তোলে। যুগৰ বতাহে আডাক মাথোঁ স্পৰ্শ কৰা নাছিল, উৰুৱাই নিছিল। গভীৰ মনোযোগেৰে আডায়ে অধ্যয়ন কৰে বিজ্ঞান আৰু অংক শাস্ত্ৰ।
ষোল্ল বছৰীয়া আডাক আনাবেলায়ে সেই যুগৰ প্ৰচলিত প্ৰথা অনুযায়ী পাত্ৰ সন্ধানৰ উদ্দেশ্যে অভিজাত সমাজৰ মাজত পৰিচিত কৰাবলৈ লৈ আনে লণ্ডনলৈ। এই মহানগৰত বিজ্ঞানৰ অভূতপূৰ্ব বিকাশৰ সোৱাদ আডায়ে লাভ কৰে লণ্ডনৰ “Adelaide Gallery” (National Gallery of Practical Science”) ত। বহু যন্ত্ৰপাতিয়ে আডাক আকৰ্ষণ কৰিছিল যদিও আডাক মুগ্ধ কৰে “Jacquard Loom” নামৰ সেই যুগৰ এখন প্ৰসিদ্ধ তাঁতশালে। প্ৰকৃতাৰ্থত ই আছিল এক অভিনৱ আৱিষ্কাৰ। ফ্ৰান্সৰ Joseph-Marie Jacquard নামৰ তাঁতীয়ে সজা শালখনে পাট সূতাৰ ওপৰত মানুহৰ মুখৰ ছবি, প্ৰাকৃতিক দৃশ্যপট আদিৰ সুন্দৰ নক্সা তুলিব পাৰে। আমি শালত ব তুলি লোৱাৰ দৰে তাঁতীজনে ফুটা কৰি লোৱা কাৰ্ডৰ এডাল শিকলিত সূতাবোৰ মেৰিয়াই লৈছিল। কিন্তু কাৰ্ডৰ সংখ্যা আছিল হাজাৰ-হাজাৰ। অৱশ্যে এবাৰ ফুটা কৰি লোৱাৰ পিচত স্বয়ংক্ৰিয়ভাবে একেটা ছবিকে বাৰে বাৰে তুলিব পাৰি। শালখনৰ অভিনৱ যান্ত্ৰিক কৌশল বুজিবলৈ চেষ্টা কৰি আডা সম্ভৱত সফল হয়।
আডাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা দ্বিতীয়গৰাকী মহিলাৰ নাম মেৰী চ’মাৰভিল। ১৭৮০ চনত স্কটলেণ্ডত জন্ম গ্ৰহণ কৰা মেৰী আছিল সেই যুগৰ বিখ্যাত মহিলা অংকশাস্ত্ৰবিদ। মেৰীৰ পিতৃ-মাতৃয়ে তেওঁক শিক্ষা দিয়াৰ পৰিবৰ্তে পঢ়া-শুনাত অত্যন্ত ৰাপ থকা মেৰীক পুৰুষসুলভ চৰিত্ৰৰ পৰা ৰক্ষা কৰিবলৈ এনে এখন স্কুললৈ পঠিয়াই দিছিল যিখনত মাথোঁ গৃহিণী হ’বলৈ নাৰীক শিক্ষা দিয়া হৈছিল। একমাত্ৰ খুড়াকে মেৰীৰ মেধা শক্তি আৰু সৃজনীশীল প্ৰতিভাৰ গম ধৰিব পাৰি তেওঁক লেটিন শিকাবলৈ ধৰে। ইয়াৰ সুযোগ পুৰা মাত্ৰা গ্ৰহণ কৰি মেৰীয়ে ককায়েকৰ কিতাপ পঢ়িবলৈ ধৰি নিজ চেষ্টাৰ বলত শিক্ষিত হয় আৰু অংক শাস্ত্ৰত পাৰ্গত হয়। ১৮০৪ চনত চামুৱেল গ্ৰেইগৰ লগত বিবাহৰ পিচত মেৰী দুটা সন্তানৰ মাতৃ হয়। ইয়াৰ কিছু দিনৰ পিচতেই তেওঁ বৈধব্য গ্ৰহণ কৰিব লগাত পৰে। মেৰীয়ে পুনৰ পঢ়া-শুনাত মনোযোগ দিয়াত এডিনবাৰা বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক দৰ্শনৰ প্ৰফেচাৰ জ’ন প্লেফেয়াৰে তেখেতক অংক শাস্ত্ৰৰ ওপৰত প্ৰৱন্ধ-পাতি লিখি প্ৰকাশ কৰিবলৈ উৎসাহ দিয়াত সেই যুগৰ বিখ্যাত “Mathematical Repository” নামৰ আলোচনীত অংকৰ কিছুমান সমস্যা সমাধান কৰি মেৰীয়ে ৰূপৰ পদক লাভ কৰে। ১৮১২ চনত মেৰীয়ে বিজ্ঞানত অত্যন্ত ৰাপ থকা উইলিয়াম চ’মাৰভিলক বিয়া কৰাই নিউটনৰ “Principia”কে আদি কৰি বহু কিতাপ-পত্ৰ পঢ়ি “Connections of the Physical Sciences” নামৰ সেই যুগৰ এখন বিখ্যাত পুথি লিখে। তদুপৰি তেখেতে অংক শাস্ত্ৰৰ ওপৰত কৰা কামৰ বাবেই বিশিষ্ট অংক শাস্ত্ৰবিদ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হয়।
এই গৰাকী মহিলাৰ লগত আনাবেলাৰ পৰিচয় আছিল আৰু সেয়েহে মেৰীয়ে আডাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছিল। আডাৰ বিজ্ঞান আৰু অংকৰ ওপৰত ধাউতি দেখি মেৰীয়ে যিমান পাৰে সিমান কিতাপ-পত্ৰ পঢ়িবলৈ দি আডাক সহায় কৰে।
১৮৩৩ চনত লণ্ডনত আডাৰ লগত চাৰ্লচ বেবেজৰ পৰিচয় ঘটে। আডাৰ জীৱনত বেবেজৰ প্ৰভাৱ অপৰিসীম। ১৭৯১ এক ধনী বেংকাৰৰ সন্তান বেবেজে অৰ্থ উপাৰ্জনৰ চিন্তা কেতিয়াও কৰিব লগাত পৰা নাছিল। তেখেতে সকলো সময় আৰু অৰ্থ বিজ্ঞান সাধনাত ব্যয় কৰে বুলিব পাৰি। তেখেতে নিজ ঘৰতে এক কৰ্মশালা পাতি বিদ্যুতৰ ওপৰত গৱেষণা কৰি প্ৰৱন্ধ প্ৰকাশ কৰিছিল। কলন গণিতত লাইবনিৎজৰ সংকেত (notation) গ্ৰহণযোগ্য কৰাবলৈ তেওঁ Lacroix নামৰ অংকশাস্ত্ৰবিদৰ কিতাপখন অনুবাদ কৰিবলৈ লৈ আধৰুৱা কৈ এৰি থৈছিল যদিও হাৰশ্যেল আৰু পিক’কে সম্পূৰ্ণ কৰাৰ পিচত কিতাপখন বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি হৈ পৰে। তেখেত আছিল “Fellow of Royal Society” আৰু “Astronomical Society” ৰ প্ৰতিস্থাপক।
সেই সময়ত ইংলেণ্ডৰ বেংকত জমা হৈছিল অভূতপূৰ্ব অৰ্থ। গণনা খৰতকীয়া কৰাৰ প্ৰয়োজনৰ খাতিৰতে বহু গণিতজ্ঞই এই সম্বন্ধে চিন্তা কৰিছিল। বেবেজ ব্যতিক্ৰম নাছিল। তদুপৰি জ্যোতিবিজ্ঞানৰ গণনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ হেতুকে গণনাৰ তালিকা প্ৰস্তুত কৰা হয়। তেনে এখন তালিকাত বহু ভুল ধৰা পেলাই তেওঁ হাৰশ্যেলক কয় – “হায় ভগৱান ! এনে সাধাৰণ গণনা কৰিবলৈ যদি বাষ্প চালিত যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন !” হাৰশ্যেলে উত্তৰ দিয়ে – “ই সম্ভৱপৰ”। এই কথাশাৰীৰ ওপৰতেই তেখেতে এনে এটা যন্ত্ৰ সজাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অংক শাস্ত্ৰৰ “Method of Difference” [পাদ টীকা ৩] নামৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি সজা হেতুকেই তেখেতে মেচিনৰ নাম দিয়ে “Difference Engine”। নিজ কৰ্মশালাতে কাম আৰম্ভ কৰি তেখেত বহু দূৰ পৰ্যন্ত সফল হয়। কিন্তু দশমিক পদ্ধতিত গণনা কৰিবলৈ সজা মেচিনটো অত্যন্ত জটিল হৈ পৰে। কাৰণ যন্ত্ৰটোত আছিল কিছুমান দাঁত যুক্ত চকা। প্ৰতিটো চকায়ে স্থান অনুসাৰে একোটা অংক প্ৰতিনিধিত্ব কৰিছিল। চকাবোৰ একো একোডাল দণ্ডৰ ওপৰত সজ্জিত কৰা হৈছিল। দণ্ডবোৰ যথাস্থানত বহুৱাই এটা সংখ্যা পাব পাৰি। মাথোঁ পূৰ্ণ ধনাত্মক সংখ্যা মেচিনে ঠাৱৰ কৰিছিল যদিও পূৰ্ণ সংখ্যাৰ পৰিপূৰকে (Arithmetic Complement) ঋণাত্মক সংখ্যা প্ৰতিনিধিত্ব কৰিব পাৰিছিল। মেচিনৰ ওপৰত আছিল এডাল হাতল। হাতল ঘুৰোৱাৰ লগে লগে আগতেই ঠিক কৰি থোৱা স্থান অনুসৰি চকাবোৰ বিভিন্ন স্থানৰ ওপৰত ঘুৰিবলৈ ধৰে। গতিকে এবাৰ ব্যৱস্থা কৰি থোৱা ধৰণ অনুসৰি হাতল ঘুৰালে যোগ-বিয়োগকে আৰম্ভ কৰি মেচিনটোৱে বিভিন্ন অংক কৰিব পাৰে। মেচিন সজাৰ সমস্যা আছিল বহুত। চকাবোৰ সাজিবলৈকে বহু সময় আৰু অৰ্থ ব্যয় কৰিব লগা হয়। নিজে বহন কৰা খৰচৰ বাদেও মেচিনৰ গুৰুত্ব উপলব্ধি কৰি চৰকাৰে অৰ্থ সাহাৰ্য দিয়ে। কিন্তু সি যথেষ্ট নহয়। তথাপি মেচিনৰ এটা আৰ্হি সাজি তেখেতে নিজ চৰাঘৰত প্ৰদৰ্শন কৰিছিল।
সেই যুগত অভিজাত সম্প্ৰদায়ৰ ঘৰত প্ৰায়ে নৈশ ভোজনৰ আয়োজন কৰা হৈছিল। হাজাৰ মম বাতি জ্বলাই পতা ভোজলৈ সমাজৰ গণ্য-মান্য ব্যক্তিক নিমন্ত্ৰণ কৰি বেবেজে অতিথিৰ আগত তেওঁৰ মেচিন প্ৰদৰ্শন কৰি আমোদ দিছিল। সচাঁকৈয়ে ই আছিল এক ভৌতিক কাণ্ড। হাতল ঘুৰোৱাৰ লগে লগে মেচিনে ২, ৪, ৬, ৮……. এনেদৰে গণনা কৰিবলৈ ধৰে। অতিথিয়ে আমনি পোৱা যেন অনুভৱ কৰিলে অলপ থমকি ৰৈ হাতল ঘুৰালে মেচিনে পুনৰ স্বয়ংক্ৰিয়ভাবে গণনা কৰে ১১৯, ১২১, ১২৩, ১২৫…….।
সমাজত পৰিচিত হোৱাৰ পিচত এনে এখন ভোজ মেলত অংশ গ্ৰহণ কৰি আডা বেবেজৰ লগত পৰিচিত হয়। ইয়াৰ কিছুদিনৰ পিচতে (১৮৩৩ চন) বেবেজৰ ভোজ মেললৈ আনাবেলা আৰু আডা নিমন্ত্ৰিত হয়। প্ৰথম বাৰৰ বাবে “Diffference Machine” ৰ লগত আডাৰ পৰিচয় ঘটে। মেচিনৰ গুৰুত্ব আডায়ে ততালিকে ধৰিব পাৰি ইয়াৰ কাৰ্য-প্ৰণালী বুজিবলৈ চেষ্টা কৰি খুব সম্ভৱত সফল হৈছিল। বেবেজৰ লগত আডাৰ প্ৰথম কথোপকথনৰ বিষয়ে বৰ বিশেষ জানিব পৰা নাযায়। কিন্তু লাহে-ধীৰে আডা আৰু বেবেজৰ মাজত চিৰকলীয়া বন্ধুত্ব স্থাপন হয়। বিজ্ঞানৰ ইতিহাসত এই বন্ধুত্বৰ গুৰুত্ব অসীম।
ইতিমধ্যে আডাক নৈতিক শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি আনাবেলায়ে ডঃ উইলিয়াম কিং নামৰ এজন শিক্ষক নিয়োগ কৰে। কিং আছিল একাধাৰে চিকিৎসক, মানসিক ৰোগীৰ চিকিৎসালয় এখনৰ মেনেজাৰ, দানশীল, সমবায় সমিতিৰ সমৰ্থক আৰু যীশুৰ বাণী প্ৰচাৰ কৰোতা ধাৰ্মিক লোক। আডায়ে তেওঁ পৰা কিমান দূৰ পৰ্যন্ত নীতি-শিক্ষা গ্ৰহণ কৰে কোৱা টান, কিন্তু পূৰ্ণ মাত্ৰাই যে অংক শিকে ইয়াত সন্দেহ নাই। কাৰণ বেবেজক দেখা কৰাৰ পিচত আডায়ে অনুভৱ কৰে যে অংকৰ জ্ঞান তেওঁৰ অতি সামান্য আৰু যিমান সোনকালে পাৰি এই জ্ঞান আয়ত্ত কৰা উচিত।
১৮৩৪ চনত আডায়ে ঊনৈশ বছৰত ভৰি দিয়ে। ১৮৩৪ চনৰ ডিচেম্বৰ মাহৰ ঊনৈশ তাৰিখ আডাৰ এক স্মৰণীয় দিন। সেই দিনাখন বেবেজে আনাবেলা, আডা আৰু মেৰী চ’মাৰভিলৰ আগত আন এটা মেচিন সজাৰ পৰিকল্পনা আলোচনা কৰে। এই মেচিনৰ নাম তেওঁ দিয়ে “Analytical Engine”। বেবেজৰ প্ৰথম মেচিন কোনোদিনে সম্পূৰ্ণ নহ’ল। তথাপি তেখেতৰ মতে দ্বিতীয় মেচিন সাজিবলৈ বহু বেচি সময় আৰু অৰ্থ ব্যয় কৰিব লাগিব যদিও “Jacquard loom” দৰে ফুটা কৰা কাৰ্ডৰ কাৰ্য-প্ৰণালীৰ ভিত্তিত সজা মেচিনটো হ’ব অধিক উৎকৃষ্ট। এই তাঁত-শালখন আডায়ে আগতে দেখা হেতুকে বেবেজৰ ধাৰণা তেওঁ ততালিকে গম ধৰিব পাৰে।
আনহাতে ঊনৈশ বছৰীয়া বিবাহ যোগ্য আডাৰ পাত্ৰ সন্ধানত আনাবেলা উঠি-পৰি লাগে আৰু মনঃপূত পাত্ৰৰ সন্ধান পায় লৰ্ড উইলিয়াম কিংৰ মাজত। অভিজাত, বিশাল সম্পত্তিৰ অধিকাৰী, সুন্দৰ, সুঠাম কিংৰ লগত আডা বিবাহ পাশত আৱদ্ধ হয়। কৈ থোৱা উচিত যে আডাক সু-মাতৃ, সু-গৃহিণী বা সু-পত্নী, ইয়াৰ এটাৰ শাৰীতো পেলাব নোৱাৰি। বিবাহৰ পিচত Ashley Combe নামৰ স্থানত থকা স্বামী গৃহলৈ আডা যাত্ৰা কৰে। বিশাল ঘৰত থকা বিশাল পুথিভঁৰালত প্ৰথমবাৰৰ বাবে বাইৰণৰ কবিতাৰ যোগে আডাৰ লগত পিতৃ পৰিচয় ঘটে। আডায়ে পঢ়িবলৈ ধৰে–
“Is thy face like thy mother’s my fair child!
Ada! Sole daughter of my house and heart?
When last I saw thy young blue eyes they smiled,
And then we parted,-not as now we part,
But with a hope –
Awaking with a start, ….”
মাতৃৰ মুখত আডায়ে বাইৰণৰ কবিতাৰ বিষয়ে একো নুশুনাৰ হেতুকে পিতৃৰ প্ৰতিভাৰ উমান আডায়ে পোৱা নাছিল। আডা মুগ্ধ হয়। তেওঁ নিজে একো মন্তব্য দি থৈ যোৱা নাই যদিও সম্ভৱতঃ প্ৰথমবাৰৰ বাবে আডায়ে বাইৰণৰ সকলো দোষ-গুণ পাহৰি পিতৃ হিচাপে বাইৰণক ভাল পাবলৈ ধৰিছিল।
ইতিমধ্যে তিনিটা সন্তানৰ জননী হৈ আডায়ে পত্নী আৰু মাতৃৰ দায়িত্ব পালন কৰে। আডাৰ জীৱনী পঢ়িলে আডা এই সময়ত হতাশজনিত ৰোগত ভুগিছিল যেন মনে ধৰে। কাৰণ বেবেজলৈ লিখা এখন চিঠিত তেওঁ লিখে যে পুনৰ জ্ঞান-বিজ্ঞানৰ জগতত তেওঁ আনন্দ উপভোগ কৰিব খোজে। জ্ঞান চৰ্চা কৰি জীৱন কটাব পাৰিলেই জীৱনক সাৰ্থক আৰু সুখী কৰিব পাৰি। পুনৰ অংক শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি বেবেজৰ কাষ চপাত বেবেজে Augustus-De-Morgan নামৰ অংক শাস্ত্ৰবিদ এজনৰ ওচৰ চাপিবলৈ উপদেশ দিয়াত আডা কাষ চাপি সফল হয়। অত্যন্ত আগ্ৰহেৰে অধ্যয়ন কৰি আডা বহুদূৰ আগবাঢ়ি যায়। আডায়ে কৰা প্ৰশ্নসমূহ সাধাৰণ ছাত্ৰই কৰা প্ৰশ্ন নাছিল। মৰ্গানে আনাবেলাক কয় যে মেৰী চ’মাৰভিলেও এনে প্ৰশ্ন কৰা নাছিল আৰু আডা প্ৰকৃততে ট্ৰিনিটি কলেজৰ ছাত্ৰৰ শাৰীত হে পৰিব। আডা এনে অধ্যয়নৰ পৰা বিৰত থকায়েই মংগল, কাৰণ নাৰীৰ কোমল দেহ আৰু মগজুৰ হকে এনে কঠোৰ মানসিক পৰিশ্ৰম অত্যন্ত ক্ষতিকাৰক। সৌভাগ্যবশতঃ আনাবেলায়ে উপদেশ উপেক্ষা কৰাত আডাৰ অধ্যয়ন অব্যাহত থাকে। অৱশ্যে ইতিমধ্যে আডা বহু ধৰণৰ ৰোগত ভুগিছিল আৰু আডাৰ শৰীৰ ভাগি পৰিছিল।
আনহাতে প্ৰথম মেচিনৰ কথা সম্পূৰ্ণ পাহৰি “Analytical Engine” সজাৰ পৰিকল্পনাত বেবেজ উঠি-পৰি লাগে। জেকাৰ্ডৰ তাঁতশালৰ আৰ্হিত সাজিবলৈ পৰিকল্পনা কৰা মেচিনটোৰ লগত আজিৰ যুগৰ কম্পিউটাৰৰ সাদৃশ্য লক্ষ্যণীয়।
সূতা কটা মিলৰ আৰ্হিত মেচিনটোক বেবেজে দুটা ভাগত ভাগ কৰে। কপাহৰ মিলত এটা ভাগত কপাহ জমা কৰা হয় আৰু আনটো ভাগত সূতা কটা হয়। বেবেজে এটা ভাগক বুলিছিল “Store” (আজিৰ কম্পিউটাৰৰ ভাষাত “Memory”) আৰু আনটো ভাগক “Mill” (আজিৰ কম্পিউটাৰৰ ভাষাত “Processor”)। মিলত অসংখ্য দাঁত যুক্ত চকা আছিল। কিন্তু এইবাৰ বেবেজে চকাসমূহ জেকাৰ্ডৰ শালৰ আৰ্হিত নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰে। অৰ্থাৎ এবাৰ ঠিক কৰি থোৱাৰ পিচত মেচিনে একেটা কাম বাৰে বাৰে কৰিব পাৰিব। তেখেতৰ মেচিনে আজিৰ কম্পিউটাৰৰ দৰে “If”……”Then”…… “Loop” ৰ “Command” দিব পাৰিব।
কিন্তু বেবেজৰ দ্বিতীয় মেচিনৰ প্ৰতি ইংলেণ্ডত কোনো লোকেই কাণ দিয়া নাছিল। চৰকাৰৰ কথা ক’বই নালাগে। বহু অৰ্থ ব্যয় কৰি প্ৰথম মেচিন বেবেজে সাজি উলিয়াব নোৱাৰিলে। তদুপৰি অগ্ৰগামী এই ব্যক্তি জনৰ ধাৰণা হৃদয়ংগম কৰাৰ সাধ্য কাৰোৰে নাছিল।
বেবেজৰ চিন্তাৰ প্ৰতি আকৰ্ষিত হয় তেখেতৰ ইটালীবাসী বন্ধু Giovanni Plana. মেচিনৰ গুৰুত্ব অনুভৱ কৰি প্লানায়েটুৰিণৰ এখন সভাত ভাষণ দিবলৈ বেবেজক আমন্ত্ৰণ কৰে। এই সভাত সেই যুগৰ বহু বিশিষ্ট অংক শাস্ত্ৰবিদ, বৈজ্ঞানিক আৰু অভিযন্তা উপস্থিত আছিল। ইয়াৰ মাজত আছিল ইটালীৰ ভৱিষ্যতৰ প্ৰধান-মন্ত্ৰী Captain Luigi Menabrea. মেনাব্ৰিয়ায়ে ততালিকে উপলব্ধি কৰিব পাৰে যে বহু সমীকৰণ ততালিকে সমাধান কৰিব পৰা এই মেচিন এক অভিনৱ সৃষ্টি হ’ব পাৰে। তেখেতে ফৰাচী ভাষাত মেচিনটোৰ ওপৰত এখন গৱেষণা-পত্ৰ লিখি ১৮৪২ চনত “Biblio theque Universelle de Geneve” নামৰ পত্ৰিকাত প্ৰকাশ কৰে।
পত্ৰখন আডায়ে অনুবাদ নকৰাহেঁতেন সম্ভৱতঃ ইংৰাজী সমাজে পঢ়িবলৈ সুবিধা নাপালেহেঁতেন। সৌভাগ্যবশতঃ হুইটষ্টোনে আডাক পত্ৰখন অনুবাদ কৰিবলৈ আডাক অনুৰোধ কৰাত বেবেজ আৰু আডা সন্মত হয়। বেবেজৰ এক স্বাৰ্থ আছিল। তেখেতে জানিছিল যে মেচিন সাজিবলৈ প্ৰয়োজন হোৱা অৰ্থ তেওঁ কেতিয়াও যোগাৰ কৰিব নোৱাৰে। তেখেতে লিখা পত্ৰ পঢ়া মানুহৰ সংখ্যা ইংলেণ্ডত হ’ব অতি কম। কিন্তু অভিজাত সমাজত বিখ্যাত আডায়ে লিখা পত্ৰই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিব। অৱশেষত অৰ্থ সাহাৰ্য পোৱাৰ সম্ভৱনা আছে।
মেচিনে কৰিব পৰা কামৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰা আডাই ততালিকে এই কাম কৰিবলৈ সন্মত হয়। সেই যুগত এনে কাম কৰাটো এগৰাকী নাৰীৰ বাবে আছিল এক দুঃসাহস। দুঃসাহসী এই কামৰ মাজতে, হতাশাত ভাঙি পৰা আডায়ে বিচাৰি পালে জীৱনৰ অৰ্থ আৰু উদ্দেশ্য। মাথোঁ অনুবাদ কৰি ক্ষান্ত নাথাকি পাদটীকা সহ পুংখানুপুংখ বিবৰণ দিয়াত পত্ৰখনৰ মূল্য বহুগুণে বৃদ্ধি হয়।
আডায়ে A ৰ পৰা G লৈকে লিখা সাতটা টীকা তেওঁৰ বোধ আৰু কল্পনা শক্তিৰ পৰিচায়ক। প্ৰথমটো টোকা পঢ়াৰ পিচত বেবেজে কয় যে ইয়াৰ সাল-সলনিৰ কোনো প্ৰয়োজন নাই। প্ৰথমটো টোকাত তেওঁ লিখে – “Machine is capable of executing not merely arithmetical calculations, but even all those of analysis”. “Analysis” বুলি প্ৰকৃততে তেওঁলোকে বুজাইছিল কলন গণিত।
অত্যন্ত অলংকাৰ পূৰ্ণ ভাষাৰে লিখা মেচিনৰ যান্ত্ৰিক কৌশল সম্বন্ধীয় টোকা অতি জটিল। আমাৰ চমু পৰিসৰত ইয়াৰ সবিশেষ বিবৰণ দিয়া আমাৰ সম্ভৱ নহয়। প্ৰথমতে ক’ব পাৰি যে তেওঁ স্পষ্টকৈ কয় যে মেচিনে তথ্য (আজিৰ কম্পিউটাৰৰ ভাষাত “Data”) সংগ্ৰহ কৰিব আৰু ইয়াৰ ওপৰত ক্ৰিয়া (আজিৰ ভাষাত “Process”) কৰিব। তদুপৰি এই তথ্য মাথোঁ গণনা কৰিব পৰা সংখ্যা হোৱাৰ কোনো প্ৰয়োজন নাই। ই যি কোনো তথ্য হ’ব পাৰে। আমি মাথোঁ কেই শাৰীমান বাক্যৰ উদ্ধৃতি দিছোঁ–
“It may be desirable to explain, that by the word operation, we mean any process which alters the mutual relation of two or more things, be this relation of what kind it may”.
বেবেজে মাথোঁ গণনা আৰু সমীকৰণ সমাধান কৰিবলৈকে মেচিন সাজিছিল আৰু মেচিনে তাকেই কৰিব বুলি ভাবিছিল। আডায়ে মেচিনৰ কাৰ্য-ক্ষমতাৰ সম্পূৰ্ণ গুৰুত্ব উপলব্ধি কৰি আমাৰ যুগৰ কম্পিউটাৰৰ দৰে মেচিনে কাম কৰিব বুলি কল্পনা কৰিবলৈ সমৰ্থ হয়। আডাৰ কৃতিত্ব এইখিনিতেই।
আডায়ে “Jacquard Loom” আৰু “Analytical Engine” ৰ মাজৰ সাদৃশ্য উদঙাই দি ব্যক্ত কৰে যে এবাৰ এটা কাম শিকোৱাৰ পিচত (আজিৰ ভাষাত প্ৰগ্ৰেম কৰাৰ পিচত) মেচিনে তাঁত শালখনৰ দৰে একেটা কামকে বাৰে বাৰে কৰিব পাৰিব। ইয়াৰ এক উদাহৰণ দাঙি ধৰে সাত নম্বৰ টোকাত। “Bernoulli numbers” নামৰ ৰাশি এটা ঠাৱৰ কৰা সমীকৰণটো [পাদ টীকা-৪] কেইবাটাও ভাগত ভাগ কৰি কেনেকৈ ৰাশিটো উলিয়াব পৰা যাব তেওঁ সুন্দৰকৈ ফঁহিয়াই দিছে। আজিৰ অংক শাস্ত্ৰবিদে এইটো প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেম বুলি কয়।
অৱশ্যে আমি উনুকিয়াই থোৱা উচিত হ’ব যে বহুলোকে আডাক প্ৰথম প্ৰগ্ৰেম লিখোতা ৰূপে স্বীকৃতি দিব নোখোজে। সম্ভৱত ইয়াৰ কাৰণ দুটা। বেবেজে লিখি থৈ গৈছে যে সাত নম্বৰৰ জটিল টোকাটোত তেখেতে সম্পূৰ্ণ হাত ফুৰাব লগাত পৰিছিল। অৰ্থাৎ প্ৰথমতে লিখা প্ৰগ্ৰেমত বেবেজৰ বৰঙণি অধিক।
দ্বিতীয়তে আডায়ে কৰা অনুবাদত এক ডাঙৰ ভুল ৰৈ গৈছে। ফৰাচী ভাষাত লিখা প্ৰৱন্ধটো আডায়ে এই দৰে পঢ়ি অনুবাদ কৰে– “Cependant, lorsque le cos de …”, কিন্তু পঢ়িব লাগিছিল–– “Cependant, lorsque le cas de….”। Cas শব্দৰ স্থানত Cos শব্দ (যি শব্দ ত্ৰিকোণমিতিত ব্যৱহাৰ কৰা হয়) লিখা হেতুকে বাক্যৰ অৰ্থ তেনেই সলনি হৈ পৰে। কিন্তু এই ভুল বেবেজৰ চকুটো পৰা নাছিল। প্ৰাপ্য স্বীকৃতি বেবেজে আডাক দি থৈ গৈছে। ফাৰাডেলৈ লিখা এখন চিঠিত তেওঁ লিখিছে– “[T]hat Enchantress who has thrown her magical spell around the most abstract of Sciences and has grasped it with a force which few masculine intellects (in our country at least) could have exerted over it”.
আডাৰ অনুবাদ Taylor’s Scientific Memoirs ত প্ৰকাশ হয়। বন্ধু-বান্ধৱে আডাক অভিনন্দন জ্ঞাপন কৰে, মৰগানে কৰে উচ্চমুখে প্ৰশংসা। আডা সুখী হয়, স্বামী উইলিয়াম হয় গৰ্বিত।
এই কামৰ পিচত আডায়ে অধ্যয়ন কৰিছিল পৰীক্ষামূলক বিজ্ঞান। কিছু দিনৰ পিচত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মাথো সাতত্ৰিছ বছৰ বয়সত আডায়ে মৃত্যুবৰণ কৰে। মৃত্যুৰ আগতে বাইৰণৰ সমাধি স্থানৰ কাষত সমাধিস্থ হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ হেতুকে আডাক Hucknall Church ত সমাধিস্থ কৰা হয়। বাইৰণে সমাধি স্থানলৈ কৰা অন্তিম যাত্ৰাত হাজাৰ লোকে যোগ দি শোক প্ৰকাশ কৰিছিল। সেই যাত্ৰাত আনাবেলা উপস্থিত নাছিল। আডাৰ অন্তিম যাত্ৰাত যোগ দান দিয়া বহু লোকৰ মাজত আনাবেলা আছিল অনুপস্থিত।
বেবেজ বা আডা কম্পিউটাৰৰ আৱিষ্কাৰক নহয়। অগ্ৰগামী এই দুজন লোকৰ সপোন দিঠকত পৰিণত হ’বলৈ এশ বছৰৰ অধিক সময়ৰ প্ৰয়োজন হয়। প্ৰকৃত স্বীকৃতি পাবলৈ আডাৰ ততোধিক সময় অপেক্ষা কৰিব লগাত পৰে। ২০০৭ চনত লণ্ডনৰ চাউথবেংকত “Ada Loveless Day” পালন কৰা হয়।
আমাৰ লিখনিত আমি আডাক স্বীকৃতি দিব খোজো বিজ্ঞানৰ এক সাধিকা ৰূপে। আডাৰ এশাৰী বাক্যৰ মাজত প্ৰকাশ হৈছে তেওঁৰ বৈজ্ঞানিক মানসিকতা–
“I am more than ever now the bride of science”.
সহায় লোৱা হৈছে:
১) Benjamin Woolley, “Ada Lovelace, Bride of Science”
২) James Essinger, “ A Female Genius”
৩) John North (Edited by), “Mid-Nineteenth Century Scientists”
৪) Simon Singh, “The Code Book”
৫) Charles Petzold, “code”
৬) Sally Gregory Kohlstedt, “History of Women in the Sciences”
৭) Anne Bronte, “The Tenant of Wildfell Hall”
৮) এই প্ৰৱন্ধ যুগুতাবলৈ উইলিয়াম কৌশিক বৌলটনৰ পৰা বিশেষ সহায় লোৱা হৈছে
পাদ টীকা:
১) দ্বিচৰ পদ্ধতি– আমি অংক কৰিবলৈ দশমিক পদ্ধতি ব্যৱহাৰ কৰোঁ। ০, ১, ২ ,৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯, এই দহটা অংক আমি ব্যৱহাৰ কৰোঁ। ১০ সংখ্যাৰ বিশেষ প্ৰতীক নথকাৰ হেতুকে আমি লিখোঁ ১০।
দ্বিচৰ পদ্ধতিত মাথোঁ দুটা অংক ব্যৱহাৰ কৰা হয়। ০ আৰু ১। ২ বুজাবলৈ একো প্ৰতীক নথকাৰ হেতুকে লিখা হয় ১০। গতিকে ২ = ১০। ৩ = ১১, ৪ = ১০০।
আমি যদি দ্বিচৰ পদ্ধতিত দশমিক পদ্ধতিৰ ১ + ১ = ২, এই অংকটো কৰিব খোজোঁ তেন্তে এনেদৰে কৰিব লাগিব:
০১ + ০১ = ১০।
দেখাত আচহুৱা যেন লাগিলেও এবাৰ শিকাৰ পিচত এই পদ্ধতিত অংক কৰিবলৈ মুঠেই টান নহয়।
২) ধাৰ নকৰাকৈ বিয়োগ অংক কেনেকৈ কৰিব পাৰি?
ধৰক, আমি এই অংকটো কৰিব খুজিছোঁ: ২৫৩ – ১৭৬ = ৭৭।
ধাৰ নকৰাকৈ অংকটো কৰাৰ এক সহজ উপায় আছে,
প্ৰথমতে ৯৯৯ – ১৭৬ = ৮২৩,
দ্বিতীয়তে ২৫৩ + ৮২৩ = ১০৭৬,
তৃতীয়তে ১০৭৬ + ১ = ১০৭৭,
শেষ ঢাপ ১০৭৭ – ১০০০ = ৭৭।
কম্পিউটাৰত ধাৰ কৰা সমস্যা সমাধান কৰিবলৈ এনে বেঁকা পথ গ্ৰহণ কৰা হয়।
৩) ব্যৱধান পদ্ধতি (Method of finite difference):
বেবেজে প্ৰথম মেচিনত ব্যৱহাৰ কৰা পদ্ধতিৰ এক সৰু উদাহৰণ দাঙি ধৰা হ’ল:
মাথোঁ যোগ কৰি সংখ্যাৰ বৰ্গ কেনেকৈ নিৰ্ণয় কৰিব পাৰি?
বৰ্গ নিৰ্ণয় কৰিবলগীয়া সংখ্যা | বৰ্গ | প্ৰথম ব্যৱধান | দ্বিতীয় ব্যৱধান |
১ | ১ | ||
২ | ৪ | ৩ | |
৩ | ৯ | ৫ | ২ |
৪ | ১৬ | ৭ | ২ |
৫ | ২৫ | ৯ | ২ |
৬ | ৩৬ | ১১ | ২ |
৭ | ৪৯ | ১৩ | ২ |
৮ | ৬৪ | ১৫ | ২ |
৯ | ৮১ | ১৭ | ২ |
মন কৰক: দ্বিতীয় ব্যৱধান প্ৰতি ক্ষেত্ৰতে ২। দুইৰ লগত এক যোগ কৰিলে পোৱা যায় ৩। ইয়াৰ পিচত প্ৰতিটো সংখ্যাত ক্ৰমান্বয়ে ২ যোগ কৰিলেই প্ৰথম ব্যৱধান পোৱা যায়। এতিয়া ৩ ৰ লগত ১ যোগ কৰি ২ ৰ বৰ্গ ৪ পোৱা যায়। সেইদৰে ৪ + ৫ = ৯ = ৩ ৰ বৰ্গ।
মন কৰক: বৰ্গ নিৰ্ণয় কৰিবলৈ পূৰণ কৰাৰ প্ৰয়োজন নাই।
বেবেজে মেচিন সাজিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিছিল।
৪) আদাৰ সাত নম্বৰ টীকাৰ বিষয়ে মন কৰক: