আড্ডা, কফি হাউচ আৰু এটি বিজ্ঞাপন -(প্ৰসেনজিৎ চৌধুৰী)
কলিকতাত থকা অসমীয়া ছাতৰ সকলৰ “টি পাৰ্টি” (অর্থাৎ চাহ খোৱা মেল) নামেৰে এখন সন্মিলনী আছিল। এই সন্মিলনী প্রতি শনিবাৰে গধূলি অসমীয়া ডেকাসকলৰ কোনো এটি বহাত বহি সেইসকলৰ মাজত পৰস্পৰ সম্ভাৱ-প্ৰীতি আদি উৎপন্ন কৰাৰ প্ৰধান উপায় সাধিছিল। আৰু সেই সুযোগতে তাত দেশহিতকৰ ভাল ভাল বিষয়বিলাকৰ অলপ অলপ আলচ হৈছিল। সেই আলচৰ ফলস্বৰূপে এই “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম। পৃথিৱীৰ ইতিহাসলৈ চকু দিলে দেখিবলৈ পোৱা যায় যে এই জগতত যতবিলাক ডাঙৰ ডাঙৰ কাৰ্য্যৰ অনুষ্ঠান হৈছে প্ৰায় সকলোবোৰৰ উৎপত্তিৰ সূত্ৰপাত এনে সৰু কাৰ্য্য বা ক্ষুদ্ৰ ঘটনাৰ পৰা হৈছে। বিলাতী পণ্ডিত জনছন এডিছনৰ “কফি হাউছ” ইউৰোপ, এছিয়া আৰু আমেৰিকা জুৰি পৰা বহুত ডাঙৰ ডাঙৰ কথাৰ ওপজা ঠাই। (লক্ষ্মীনাথ বেজবৰুৱা, পৃঃ ৭৭-৭৮)
পত্ৰালোচনাৰ দুৱাৰমুখতেই দীঘল উদ্ধৃতি দেখি তুমি নিশ্চয় অলপ অসন্তুষ্ট হৈছা, হয়তো তোমাৰ ধেনুভিৰীয়া দুই ভ্ৰূৰ মাজত দেখা দিছে বিৰক্তিব্যঞ্জক কেইডালমান ৰেখা। পিছে কিঞ্চিৎ ধৈৰ্য্য ধৰি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মচৰিত্ৰৰ পৰা আমি বুটলি অনা বাক্যকেইটা পঢ়িলে তুমি টং কৰিব পাৰিবা যে উদ্ধৃতিটোৰ প্ৰাসংগিক গুৰুত্ব আছে : চাহৰ পিয়লাত শোহা মাৰি বিবিধ বিষয় সম্পর্কে আলচ কৰাৰ অভ্যাস প্রবাসী অসমীয়া ছাত্ৰৰ মাজত উনৈশ শতিকাৰ শেষ আদতেই আৰম্ভ হৈছিল। এইসকল চাত্ৰৰ লক্ষ্মীনাথকথিত ‘টি পাৰ্টি’ৰ কথা উল্লেখ কৰি এগৰাকী সমাজবিজ্ঞানীয়ে এই সিদ্ধান্তলৈ আহিছে যে সেই কালছোৱাত কলিকতাত চাহ পানৰ অভ্যাস আছিল ব্যাপক। (Jayeeta Sharma, P.162) সিদ্ধান্তটো সঠিক যেন নালাগে। আমাৰ এই সংশয়মূলক মন্তব্য যে একেবাৰে ভিত্তিহীন নহয় তাৰ আভাস তুমি পাবা তথ্যজ্ঞ লেখক অতুল সুৰৰ লেখাত। সুৰৰ মতে হোটেলত বহি চাহৰ কাপত শোহা মাৰি আড্ডা মৰাৰ অভ্যাসটো বাঙালীয়ে আয়ত্ত কৰে কুৰি শতিকাৰ ত্ৰিশৰ / চল্লিশৰ দশকত। অতুল সুৰৰ পুথিখনত তুমি এটা আমোদজনক তথ্য পাবা : ‘ইণ্ডিয়ান টি চেচ কমিটি’ (Indian Tea Cess Committee)-এ চাহৰ প্ৰতি নগৰবাসীক আগ্রহী কৰি তুলিবলৈ কলিকতাৰ অলিয়ে গলিয়ে মানুহক বিনামূলীয়াকৈ চাহ খুৱাইছিল। (মাৰ্কেটিঙৰ এনে ‘মহানুভৱ’ কৌশলৰ কবলৰ পৰা আজিও জানো আমি পৰিত্ৰাণ পাইছোঁ?) অতুল সুৰে উল্লেখ কৰা চাহ ব্যৱসায়ীৰ সেই অভিনৱ অভিযানৰ ফলত কলিকতাৰ দুই এঠাইত চাহৰ দোকানৰ আৱিৰ্ভাৱ ঘটিল। (অতুল সুৰ, পৃঃ ৯৬-৯৭) এইবোৰ দোকানতেই নিশ্চয় চাহ কেন্দ্ৰিক আধুনিক আড্ডাৰ সূচনা : “Tea drinking and the Calcutta adda centres were certainly synonymous’ (K. Sikund, P. 228) কলিকতীয়া আড্ডাৰ এই বহুচৰ্চিত ঐতিহ্যত কফিৰ আগমন ঘটে পৰৱৰ্তী কালত।
লক্ষ্মীনাথকথিত ‘টি পাৰ্টিত পুনৰ ভুমুকি মৰা যাওক। লক্ষ্মীনাথৰ বৃত্তান্তৰ পৰা সংগতভাৱেই অনুমান কৰিব পাৰি যে কলিকতাৰ অসমীয়া ছাত্ৰৰ বহাত কেৱল ‘দেশহিতক’ বিষয়ৰেই চৰ্চা হোৱা নাছিল, পৰস্পৰৰ মাজত ভাব, মতামত, অভিজ্ঞতা আদিৰ আদান-প্রদানো তাত নিশ্চয় হৈছিল। কোনোবাই ক’ব পাৰে, সঠিক অৰ্থত ই আড্ডা নাছিল। পিছে এই কথাত কোনো সন্দেহ নাই যে কলিকতীয়া ‘টি পার্টি’ক আড্ডাৰ উপাদানে সজীৱ কৰি তুলিছিল। কলিকতাৰ আচহুৱা-অচিনাকি বাৰে-মিহলি বাতাৱৰণত সেই চাহ মেলে নিশ্চয় প্রবাসী ছাত্ৰসকলৰ বিচ্ছিন্নতাবোধ নিৰসন কৰাত বৰঙণি যোগাইছিল। তাত অনুভূত আত্মীয়তাৰ উষ্ণ নিৰাপত্তাই তেওঁলোকক সকাহ দিছিল। এই ধৰণৰ মনস্তাত্ত্বিক লাভ বিচ্ছিন্নতা-পীড়িত আধুনিক মানুহৰ আড্ডাৰ এক লেখত ল’ব লগীয়া লক্ষণ। এইখিনিতে তোমাক কৈ থোৱা উচিত হ’ব যে কেৱল হোটেল আৰু ছাত্ৰৰ আৱাসৰ পৰিসৰতেই আড্ডা সীমিত নাথাকে। প্রাক-দূৰদৰ্শন কালত তোমালোকৰ বিনন্দীয়া বৈঠকখানাতেই দেখোন তোমাৰ দেউতাহঁতৰ আড্ডা বহিছিল। সেইবোৰ ঘৰুৱা আড্ডাই সকলো বিষয় সাঙুৰি লৈছিল – গৌণ কথাৰ পৰা গুৰু-গম্ভীৰ প্ৰসংগ। এনে আলাপৰ অলপ বেলেগ ধৰণৰ সংস্কৰণ এটাৰ উল্লেখ তুমি পাবা বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনীত। তেওঁ লিখিছে পূর্ণানন্দ বৰুৱাৰ বঙলাত ‘বহুত ভদ্র মানুহে’ বিবিধ ‘জ্ঞানগর্ভ’ কথা আলোচনা কৰিছিল। (বেণুধৰ ৰাজখোৱা, পৃ. ৬৮) কোৱা বাহুল্য, ই আছিল উচ্চ মাৰ্গীয় ঘৰুৱা আড্ডা। অৱশ্যে সকলো ধৰণৰ আড্ডাক বেণুধৰে আদৰণি জনোৱা নাই। খেদ আৰু ক্ষোভ ব্যক্ত কৰি তেওঁ লিখিছে: ‘আমি আজিকালি ক্লাব কৰিলে তাচ, পাশা, চিনেমাৰ কথা, পৰনিন্দাৰ কথাতে নিমগ্ন থাকোঁ। আধুনিক সভ্যতা উর্দ্ধগামী নে অধোগামী?’ (পৃ.৬৮) ক্ষেত্র বিশেষে এই তিৰস্কাৰ হয়তো যুক্তিসন্মত। কিন্তু আড্ডাৰ পৰা বোলছবিক বহিষ্কাৰ কৰি তুমি জানো বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিব পাৰিবা? বেণুধৰৰ বিচাৰত আড্ডাৰ অধোগতি আধুনিকতাৰ সংক্ৰমণৰ অপপৰিণাম।
লক্ষ্মীনাথ উল্লেখিত ‘টি পাৰ্টি’ৰ আঁৰত পশ্চিমীয়া প্ৰেৰণা আৰু কলিকতীয়া কৃষ্টিৰ প্ৰভাৱ থকা বুলি তুমি অনায়াসে অনুমান কৰিব পাৰা। বাঙালীৰ সমাজ-জীৱনৰ বৃত্তান্তত চকু ফুৰালে তুমি দেখিবা যে কলিকতীয়া কৃষ্টিৰ এক অচ্ছেদ্য অংগ হ’ল আড্ডা। এগৰাকী বাঙালী মনোবিদে তেওঁৰ আত্মজৈৱনিক ৰচনাত আড্ডাক সংজ্ঞায়িত কৰিছে এইদৰে – a group that come together to talk about anything on earth, from the sublimely erudite to lowly gossip.’ (Ajit Chakraborty, P.8) ক্লাবৰ সৈতে আড্ডাৰ পাৰ্থক্য নিৰূপণ কৰি তেওঁ কৈছে যে ক্লাবত সচিব আৰু সভাপতি থাকে, থাকে মাহেকীয়া বৰঙণি। অনানুষ্ঠানিক আড্ডাৰ ক্ষেত্ৰত এইবোৰৰ প্ৰশ্নই নুঠে। (অৱশ্যে ক্লাবত গোট খোৱা মানুহে আড্ডা নামাৰে বুলি তুমি ক’ব নোৱাৰা।) বিদগ্ধ লেখক গোপাল হালদাৰৰ ‘আড্ডা’ নামৰ পুথিখনত তুমি এই সন্দৰ্ভত কিছু সাৰগৰ্ভ মন্তব্য পঢ়িবলৈ পাবা। হালদাৰে পুথিখনৰ বিভিন্ন ঠাইত উল্লেখ কৰা আড্ডাৰ কতিপয় বৈশিষ্ট্য হ’ল – (ক) ‘আড্ডায় কথাৰ সীমা থাকে না, কিন্তু আড্ডায় মানুষেৰ সংখ্যাৰ সীমা থাকে।’ (গোপাল হালদাৰ, পৃ.৯) মানুহৰ সংখ্যা বেছি হ’লে আড্ডা নজমে। আকৌ মতামত আৰু ব্যক্তিত্বৰ সামঞ্জস্য নাথাকিলেও আড্ডা বৰবাদ হয়। (পৃ. ৯- ১০) (খ) আড্ডালৈ সেই সকল মানুহ আহে যি সকল ‘আপনা থেকে পৰস্পৰেৰ নিকট এসে পড়েছেন’। (পৃ. ৮) অর্থাৎ, ই স্বতঃস্ফূৰ্ত। (গ) আড্ডা নিয়মতান্ত্ৰিকতাৰ নিৰ্যাতনৰ পৰা মুক্ত। (পৃ.২২)আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, আড্ডা একেৰঙী নহয়, ইয়াৰ কোনো এজেণ্ডা নাথাকে। যি কোনো বিষয় কথোপকথনৰ সূচনা বিন্দু হ’ব পাৰে, আকৌ বিষয়ান্তৰলৈ যোৱাৰো অবাধ স্বাধীনতা থাকে। আড্ডাৰ উপকৰণৰ প্ৰসংগত হালদাৰে কৈছে – ‘সাধাৰণ বাঙালীৰ আড্ডাৰ প্ৰতীক হচ্ছে চায়েৰ পেয়ালা।’ (পৃ:১১) সম্প্ৰতি অৱশ্যে – সাংস্কৃতিক বিশ্বায়নৰ পাৰ্শ্ব পৰিণতি ৰূপে – চাহৰ সমান্তৰালভাৱে কফিৰো ব্যাপক প্রচলন দেখা গৈছে। এই পৰিৱৰ্তনৰ প্ৰমাণ তোমাৰ কথা বতৰাৰ পৰাই দিব পাৰোঁ। ‘কাফে’ত বহি আজি আড্ডা দিয়া নহ’ল’ – এই আক্ষেপোক্তি তোমাৰ মুখত কেইবাদিনো শুনিছোঁ। আমাৰ দিনত পিছে চাহৰ কাপ আগত লৈ চলিছিল অনৱচ্ছিন্ন আড্ডা।
গোপাল হালদাৰে লিখিছে : ‘আড্ডাৰ মতো শব্দ কেৱল বাঙালীদেৰ অভিধানেই পাওয়া যায়। কাৰণ, আড্ডাই বাঙালীৰ বৈশিষ্ট্য।’ (পৃ.৬) উক্তিটোত থকা অতিৰঞ্জনৰ উপাদান নিশ্চয় তোমাৰ চকুত পৰিছে। কাৰণ সকলো ধৰণৰ জাতীয়তাবাদী উচ্ছ্বাস উচ্চমন্যতাৰ ৰঙচঙীয়া পোছাক খুলি পেলাবলৈ তুমি অকনো ভয় বা সংকোচ নকৰা বুলি ভালদৰেই জানো। খুব সম্ভৱ তোমাৰ চকুত পৰা অতিৰঞ্জনৰ গুৰিত আছে বংগীয় সংস্কৃতিৰ ব্যতিক্ৰমাত্মক বৈশিষ্ট্যক সগর্বে দাঙি ধৰাৰ অত্যুৎসাহী আগ্রহ। পিছে কলিকতাত পঢ়া-শুনা কৰা দেউতাৰাৰ লগত এই বিষয়ে কথা পাতিলে গম পাবা যে হালদাৰৰ দ্বিতীয় বাক্যটো অতিৰঞ্জনৰ সংক্ৰমণৰ পৰা মুক্ত। বাঙালীৰ এই বৈশিষ্ট্যৰ কাৰণে তেওঁলোকৰ ঔপনিবেশিক পৰ্বৰ সামাজিক ইতিহাসত প্রায়ে আড্ডাৰ উল্লেখ পোৱা যায়। কলিকতাৰ আঢ্যৱন্ত মানুহৰ বৈঠকখানাৰ বিৱৰ্তন বিষয়ক এটা তথ্যপূর্ণ প্ৰবন্ধত কোৱা হৈছে যে আধুনিক ড্রইংৰূমৰ, যাক প্ৰবন্ধকাৰে ‘bourgeois drawing room’ বুলিছে — তাৰ আৰু আড্ডাৰ উদ্ভৱ একে সময়তে হৈছে। (Rosinka Chaudhuri, P. 121) নিবন্ধটোত এই সমন্ধে বহলাই একো লিখা হোৱা নাই, যদিও আড্ডা সম্পর্কে সমাজ-বিজ্ঞানী দীপেশ চক্ৰৱৰ্তীয়ে লিখা এটা আলোচনাত বৈঠকখানাৰ আড্ডাই প্রাপ্য গুৰুত্ব নোপোৱা হেতুকে গৱেষিকা গৰাকীৰ মনত আক্ষেপ থকা যেন লাগে। অন্য এখন সামাজিক ইতিহাসৰ কথা তোমাক কওঁ— য’ত তুমি আড্ডাৰ ভিন্নধর্মী ছবি এখন পাবা। এইখন গ্ৰন্থত গৱেষিকা গৰাকীয়ে ঔপনিবেশিক প্রশাসনিক ব্যৱস্থাৰ কৰ্ম-বন্দী কেৰানীকুলৰ জীৱন-শৈলীৰ আভাস দি কৈছে যে তেওঁলোকে বহির্জাত সংস্কৃতিৰ সংস্পৰ্শলৈ আহি সেই নতুন অভিজ্ঞতা আৰু তাৰ তাৎপৰ্য্য সম্পর্কে আলাপ-আলোচনা কৰাৰ প্ৰয়োজন অনুভৱ কৰিব ধৰিলে। ইয়াৰ বাবে দৰকাৰ উপযুক্ত স্থান আৰু বাতাবৰণ। ‘The social venue was adda, free face – to face, noisy, uninhibited conversation without a predetermined agenda and with much emotion and excitement. The venue would be either a local restaurant or a park.’ তোমাৰ নিশ্চয় মনত আছে, আচহুৱা নতুন অভিজ্ঞতাৰ ফলত যে আড্ডাৰ অংকুৰণ ঘটিব পাৰে তাৰ ইংগিত তোমাক দিছোঁ অসমীয়া ছাত্ৰৰ কলিকতীয়া ‘টি পার্টি’ৰ প্ৰসংগত।
কলিকতাৰ আড্ডাৰ আখ্যান পঢ়ি তোমাৰ মনলৈ এনে ধাৰণা আহিব পাৰে যে আড্ডা আচলতে আধুনিক যুগৰ বৈশিষ্ট। যদি তেনে ধাৰণা মনলৈ আহিছে তেন্তে তুৰন্তে তাক ত্যাগ কৰা। প্রাক্ আধুনিক যুগতো মানুহে আড্ডা দিছিল। তোমাক দৃষ্টান্ত এটা দিওঁ বুলি ভাবোতেই হাতৰ ওচৰতে বীণা বৰুৱা ‘জীৱনৰ বাটত’ নামৰ বিখ্যাত উপন্যাসখন পালোঁ। তাত গাঁৱৰ একমাত্ৰ গেলামালৰ দোকানখনৰ বিৱৰণত এই বাক্যটো পাওঁ : ‘আজিও দোকানৰ চোতালত পাতি থোৱা বাঁহৰ চচলিৰ চাংখনত বহি গাঁৱৰ মানুহে পুৱা গধূলি ধঁপাত আৰু ভাঙৰ চিলিমত ছাট মাৰেহি।’ (বীণা বৰুৱা, পৃ. ১২) কল্পনাক কিঞ্চিৎ প্রশ্রয় দিলে তুমি দেখিবা যে দোকানৰ সন্মুখৰ চাঙত বহি গাঁৱৰ মানুহে কেৱল ধঁপাত আৰু ভাঙৰ সোৱাদেই লোৱা নাই, তেওঁলোকে প্রাত্যহিক জীৱনৰ দৰকাৰী-অদৰকাৰী নানা কথাও পাতিছে, হয়তো পৰমাৰ্থ পিপাসী মনেও মাজে-মধ্যে ভুমুকি মাৰিছে। ‘জীৱনৰ বাটত’ৰ কাহিনীৰ কাল কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধত হ’লেও গাঁৱৰ দোকানৰ সন্মুখত বাঁহৰ চাঙত বহি গাঁৱলীয়া মানুহে মৰা এই আড্ডা এশ শতাংশই প্রাক-আধুনিক। পিছে তুমি ভালদৰে গমি চালে দেখিবা যে আধুনিক যুগৰ নগৰীয়া আড্ডাৰ কেতবোৰ সুকীয়া লক্ষণ আছে। এইবোৰ আড্ডাত তৰ্ক বিতর্ক চলে, সমাজৰ সমাচাৰ তথা ৰাজনীতিয়ে প্ৰায়ে প্রাধান্য পায়, সাহিত্য-সংস্কৃতিৰ পৰ্য্যালোচনাত আড্ডা দিওঁতাসকলে উচাহেৰে ভাগ লয় — আনকি সৃজনমূলক চিন্তাৰ / কৰ্মৰ উদ্গমো হয় কোনো কোনো আড্ডাত। (অৱশ্যে পৰনিন্দা আৰু পৰশ্ৰীকাতৰতাৰ স্থূল প্রকাশে কেতিয়াবা ইয়াৰ সৌষ্ঠৱ নষ্ট নকৰা নহয়।)
আধুনিক আড্ডাৰ যি আদৰ আকৰ্ষণ তাৰ আঁৰত নাগৰিক জীৱনৰ অস্বস্তিকৰ বিচ্ছিন্নতাবোধৰ কিছু বৰঙণি আছে। আড্ডাই নগৰীয়া মানুহৰ একাকীত্বৰ যাতনা কমাই, আমোদ আৰু আত্মীয়তাৰ উপকৰণেৰে একোখন সজীৱ মৰূদ্যান নিৰ্মাণৰ সুযোগ দিয়ে। (তোমাক জনাই থোৱা সমীচীন হ’ব যে ‘জীৱন বাটত’ত গেলামালৰ দোকানৰ সন্মুখৰ চাঙত বহি থকা মানুহকেইজন কিন্তু একাকীত্ব-পীড়িত নহয়।) বিচ্ছিন্নতা-মোচনৰ উপৰি আড্ডাৰ আকৰ্ষণৰ নেপথ্যত অন্য কেতবোৰ কাৰণো থাকে, কিয়নো ‘adda is a break form everyday familial and workplace monotony.'(Bhaswati Bhattacharya, P.373) অর্থাৎ, এটা অৰ্থত তুমি আড্ডাক আধুনিক জীৱনৰ গতানুগতিকতাৰ পৰা পলায়নৰ সমাজ-অনুমোদিত পথ বুলি অভিহিত কৰিব পাৰা। পিছে ইয়াতেই পত্ৰালোচনাৰ প্ৰথম খণ্ডটো সামৰিলে আড্ডাৰ ছবিখন অসম্পূর্ণ থাকি যাব। কিয়নো, আৱেগ, ভাব, অভিৰুচি, মতবাদ আদিৰ আদান- প্ৰদানৰ কাৰণে আড্ডাৰ দৰে বন্ধনহীন বন্ধুত্বপূৰ্ণ বাতাৱৰন পোৱাটো টান। আনহাতে এচাম সৃষ্টিশীল ব্যক্তিত্বই আড্ডাৰ পৰা পুষ্টি আহৰণ কৰি নিজকে সমৃদ্ধ কৰে। এই ইতিবাচক দিশবোৰৰ কাৰণেও সমাজ জীৱনত আড্ডা আদৰণীয়।
কফিৰ কাহিনী
বিদেশৰ পৰা অহা কিমান বস্তু যে আমাৰ খাদ্য সংস্কৃতিত জীণ গ’ল / গৈছে তাৰ লেখ-জোখ নাই। তোমাৰ আলু আসক্তিৰ কথা ভালদৰে জানো। পিছে আলুৰ অতীত আখ্যান পঢ়িলে তুমি দেখিবা যে তোমাৰ এই প্রিয় পাচলি বিধ জন্মসূত্রে বিদেশী। আজিৰ দিনত হাস্যকৰ যেন লাগিলেও তোমাক এটা তথ্য জনাই থওঁ : বিদেশী কাৰণেই সম্ভৱতঃ বৃটিছৰ বোকোচাত উঠি ভাৰতলৈ অহা আলুৰ ওপৰত তাহানি বংগৰ এচাম গোড়া ব্ৰাহ্মণে নিষেধাজ্ঞা জাৰি কৰিছিল। (L.S.S. O’Malley, P. 119 ) আলু এতিয়া আমাৰ দেশীয় খাদ্য সংস্কৃতিৰ অপৰিহাৰ্য্য অংগ। আনকি ব্ৰাহ্মণক প্ৰদান কৰা সিধাতো আলুৰ উপস্থিতি দেখা যায়। একেদৰে চাহ আৰু কফিও আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। অথচ এই দুবিধ পানীয়ৰ লগত আমাৰ পৰিচয় বৰ বেছি দিনৰ কথা নহয় ।
কফিৰ জন্মেতিহাস বেছ চিত্তাকর্ষক। ইয়াৰ উদ্ভৱভূমি ইথিওপিয়া। কিম্বদন্তি অনুযায়ী খালিদ নামৰ এজন ছাগলী ৰখীয়া কফিৰ আৱিষ্কাৰক। তেঁৱেই প্ৰথমে লক্ষ্য কৰিলে যে কফি গছৰ গুটি খোৱাৰ পিছত ছাগলীবোৰ প্ৰাণচঞ্চল হৈ পৰিছিল। ‘From Ethiopia, the drink [ Coffee ] spread to Egypt and Yemen, but it was in Arabia that coffee beans were first roasted and brewed as is done today. (Jim Al-Khali, P. 227) ইচলামীয় জগতৰ পৰা ভেনিচ হৈ কফি ইটালীলৈ যায় আৰু তাৰ পিচত দ্রুতগতিৰে ইউৰোপত বিয়পি পৰে। ওঠৰ শতিকাৰ আগভাগত ইংলেণ্ডত কফি জনপ্রিয় পানীয় ৰূপে পৰিগণিত হয়। (pp. 227-28) অৱশ্যে ইউৰোপত কফিৰ প্ৰসাৰৰ বাট নির্বিঘ্ন-নিষ্কণ্টক নাছিল। ‘Muslim drink’ বুলি আখ্যাত কফিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ইউৰোপত। উইকিপেডিয়াৰ পৰা উদ্ধাৰ কৰা কেতবোৰ কৌতূহলোদ্দীপক তথ্য এইখিনিতে তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। (লিংকৰ চমু তালিকা পত্ৰালোচনাৰ শেষত দিছোঁ।) তোমাক জনাব বিচৰা প্ৰথম তথ্যটো জড়িত ধৰ্মাচৰণৰ লগত। প্ৰাৰ্থনাৰ সময়ত য়েমেনৰ চুফী মঠবোৰত একাগ্ৰতা বঢ়াবলৈ কফি পানৰ ব্যৱস্থা কৰা হৈছিল। পিছে আমোদজনক কথা হ’ল, ‘Muslim drink’ বুলি ইউৰোপত অভিহিত হ’লেও কফিৰ প্ৰচলনে অনেক ক্ষেত্ৰত ইচলামী কৰ্তৃপক্ষৰ ইতিবাচক সঁহাৰিৰ পৰা বঞ্চিত হৈছিল। এটা দৃষ্টান্ত দিওঁ – যিটোৰ পৰা তুমি উমান পাবা কেনেকৈ মানুহৰ খাদ্যাভ্যাস/পানাভ্যাসৰ ওপৰত ধৰ্মীয় কৰ্তৃত্বই কঠোৰ নিয়ন্ত্ৰণ কায়েম কৰিব বিচাৰে। উত্তেজক পানীয় বুলি অভিহিত কৰি ১৫১১ চনত মক্কাৰ ধৰ্মান্ধ ইমামসকলে কফিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে এই নিষেধাজ্ঞা নিগাজি নহ’ল। কাইৰোতো কফিৰ ব্যৱহাৰ নিষিদ্ধ ঘোষিত হৈছিল । তাত কফি হাউছ আৰু গুদামবোৰত লুট-পাত চলিছিল। কফিৰ জন্মস্থান ইথিওপিয়াত Orthodox Churchএ কফিৰ ব্যৱহাৰ বাৰণ কৰিছিল। কফিৰ কাহিনী সম্বলিত বুৰঞ্জীৰ বুকুত তুমি এই ধৰণৰ আৰু তথ্য নিশ্চয় পাবা।
ভাৰতত কফিৰ আগমনৰ ইতিবৃত্ত চাহতকৈ কিছু পুৰণি। ইউৰোপিয়ানসকল ভাৰতলৈ অহাৰ আগতেই আৰবসকলে ইয়াত কফিৰ প্ৰচলন আৰম্ভ কৰে : ‘The Arabs introduced it long before the arrival of the Europeans.” (K.T., Achaya, P. 118) প্রচলিত কাহিনী অনুযায়ী ১৭২০ চনত বাবা বুদান নামৰ কৰ্ণাটকৰ এগৰাকী ইচলামধৰ্মী ধৰ্মপ্ৰাণ লোকে মক্কাৰ পৰা উভতি আহোঁতে লগত কফি গছৰ গুটি লৈ আহিছিল আৰু সেই গুটিৰ পৰাই ৰোপন আৰম্ভ হয়। (P.118 – 19) তোমাৰ অৱগতিৰ বাবে এইখিনিতে উনুকিয়াই থোৱা অপ্রাসংগিক নহ’ব যে এগৰাকী গৱেষিকাই প্রসংগক্রমে এটা পাদটীকাত থোৰতে এইবুলি লিখিছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমনৰ আগতে ভাৰতত কফি প্ৰচলনৰ কোনো ৰেফাৰেন্স তেওঁ এতিয়ালৈকে পোৱা নাই। (Bhaswati Bhattacharya, P. 50) বৰ্তমান পৰিচ্ছেদৰ আৰম্ভণিতে যিখন পুথিৰ পৰা বাক্য এটা উদ্ধৃত কৰিছোঁ তাত কিন্তু দুটামান ৰেফাৰেন্স আছে। (P.118) সি যি কি নহওক, এই ধৰণৰ বিদ্যায়তনিক সমস্যা লৈ তোমাৰ আমাৰ দৰে মূঢ়মতিয়ে মূৰ ঘমোৱাৰ দৰকাৰ নাই।
এটা কথা অৱশ্যে তুমি নিঃসংশয়ে ক’ব পাৰা : কলিকতাত কফিৰ আগমনৰ আদ্য আধ্যায়ৰ লগত ইউৰোপিয়ানসকলৰ জীৱনশৈলী যুক্ত হৈ আছে। কলিকতাৰ অতি পুৰণি হোটেল এখনৰ নাম ‘Hotel London’ বোধহয় ওঠৰ শতিকাৰ শেষ পাদত এইখন হোটেল আৰম্ভ হয়। জনা যায়, ‘Hotel London’ত এজন মানুহৰ আহাৰৰ বাবদ এটা সোণৰ মোহৰ দিব লাগিছিল। এই নামী-দামী হোটেলখনত একাপ কফিৰ মূল্য আছিল এক টকা। (দুর্গাপদ চট্টোপাধ্যায়, পৃ. ১০৩) তুমি নিশ্চয় অনুমান কৰিব পাৰিছা যে এই ধৰণৰ হোটেলত আমাৰ দৰে ‘কালা আদমী’ৰ প্ৰৱেশাধিকাৰ নাছিল। তাৰমানে, প্ৰথম অৱস্থাত কফি শ্বেতাংগসকলৰৰ মাজতেই সীমিত আছিল। পিছতহে ই লাহে লাহে ভাৰতীয় সমাজৰ একাংশৰ মাজত জনপ্রিয়তা লাভ কৰে। আৰু সম্প্ৰতি ডেটিঙৰ পৰা দাৰ্শনিক চেটিং, সকলোতে কফি অপৰিহাৰ্য্য।
কফিৰ আলোচনা প্ৰসংগত কফি হাউছৰ কথা আহি পৰাটো স্বাভাৱিক। তুমি হয়তো ভাবিছা, কফি হাউছ আধুনিক সভ্যতাৰ দ্যোতক, তাৰ সৈতে কফিৰ বিকাশ-বুৰঞ্জীৰ মধ্যযুগীয় আদ্য পৰ্বৰ কি সম্পৰ্ক থাকিব পাৰে? পিছে উইকিপেডিয়াৰ কৃপাত জানিব পাৰিছোঁ যে ‘ইচলামীয় পৃথিৱীত’ — যেনে মক্কাত — আৰম্ভণিৰে পৰা কফি হাউছৰ অস্তিত্ব আছিল। বিবিধ সমাচাৰ আৰু ৰাজনীতিৰ চৰ্চাৰ স্থল আছিল এইবোৰ। মক্কাৰ ইমামসকল কফি হাউচৰ প্ৰতি ইমানেই বীতৰাগ তথা বিতুষ্ট আছিল যে তেওঁলোকে ১৫১২ চনত কফি হাউছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে। কিন্তু, তুমিতো ভালকৈ জানা, কফিকামীক নিৰস্ত কৰাটো জানো সম্ভৱ? ধৰ্মগুৰুসকলৰ অনুশাসন কেইবছৰমানহে বৰ্তি থাকিল। তোমাক বোধহয় সোঁৱৰাই দিয়াৰ সকাম নাই যে ইংলেণ্ড, ফ্রান্স আদি দেশৰ কফি হাউছবোৰ আছিল মেধাজীৱীসকলৰ চিন্তা-চৰ্চাৰ প্রবুদ্ধ প্রাণকেন্দ্র। বিসম্বাদ-বিদ্ৰোহক ভয় কৰা শাসক শ্ৰেণীৰ বিচাৰত এইবিধ কফি হাউছ আছিল এক ধৰণৰ অশনি সংকেত : “It was coffee, or rather its most active ingredient caffeine that stimulated the intellectual discourse during the Age of Enlightenment causing fear among the authorities that coffee houses were potential hotbeds for political agitation.” (Bhaswati Bhattachary, P. 2) কফি হাউছৰ বৌদ্ধিক বৰঙণিৰ বিষয়ে কলিকতাত পঢ়ি থকা অসমৰ এচাম তৰুণো যে অৱগত আছিল তাৰ সাক্ষ্য তুমি পাবা আমাৰ পত্ৰালোচনাৰ আদ্য উদ্ধৃতিটোতেই, — য’ত লক্ষ্মীনাথ বেজবৰুৱাই জনছন এডিছনৰ কফি হাউছৰ কথা উল্লেখ কৰিছে সশ্ৰদ্ধ উচাহেৰে।
পত্ৰালোচনাৰ দৈৰ্ঘ্য বিৰক্তিকৰ হৈ পৰাৰ আগতে ইউৰোপৰ পৰা জাঁপ মাৰি জনমভূমিলৈ অহাটোৱেই বুদ্ধিমানৰ কাম হ’ব। ভাৰতত কফি হাউছৰ আকৰ্ষণ আৰু অৱদানৰ প্ৰসংগত সচৰাচৰ কলিকতাৰ কফি হাউচৰ কথা কোৱা হয়। দেউতাৰাক কলিকতীয়া ছাত্ৰ-জীৱনৰ কথা সুধিবাচোন, তেওঁ প্রথমেই কফি হাউছৰ প্ৰশস্তি গাব আৰু তাৰ পিছত অলপ বেসুৰাভাৱে সেই বিখ্যাত গানটো গুনগুনাব : ‘কফি হাউসেৰ সেই আড্ডাটা আজ আৰ নেই, আজ আৰ নেই…..।’ ভাৰতৰ একাধিক ঠাইত কফি হাউছ আছে, কিন্তু কলিকতাৰখনৰ কথাই সুকীয়া। ইয়াৰ আড্ডাৰ বিতোপন বৈচিত্র্যৰ কিছু আভাস তুমি মান্না দেৰ মর্মস্পর্শী গীতটোত পাবা। কলিকতীয়া কফি হাউছৰ আড্ডাৰ বিষয় আছিল বাৰেবৰণীয়া। উত্তপ্ত ৰাজনৈতিক আলোচনাৰ পৰা পশ্চিমীয়া চিত্ৰশিল্পৰ ৰসাস্বাদনলৈকে সকলো সন্দৰ্ভ সাঙুৰি লৈছিল এই আড্ডাবোৰে। মানবেন্দ্রনাথ ৰায়ৰ দৰে ৰেডিকেল ৰাজনৈতিক চিন্তকো কেতিয়াবা এনে আড্ডাত উপস্থিত আছিল। (তপন ৰায়চৌধুৰী,পৃ.১১৫-১৬) সত্যজিৎ ৰায়ে কফিৰ সোৱাদ উপভোগ কৰি আড্ডাত অংশ লোৱাৰ তথ্যও তেওঁৰ জীৱনীত পোৱা যায়। ( A Robinson, P.53) অমর্ত্য সেনে কফি হাউছৰ আড্ডাৰ বিষয়ে তেওঁৰ সুখপাঠ্য আত্মচৰিতত লিখিছে : ‘It was an amazing place for adda as well as for serious learning’. (A. Sen. P. 199 ) এই উক্তিৰ পৰা তুমি এটা সিদ্ধান্তলৈ আহিব পাৰাঃ আড্ডাৰ আনন্দৰ লগতে জ্ঞানৰ অন্বেষণো আড্ডাবোৰৰ বৈশিষ্ট। আনন্দ বজাৰ পত্ৰিকা (১৮/৮/২০১৯)ত ছপা হোৱা এটা বাংলা সাক্ষাৎকাৰত অমর্ত্য সেনে এই সন্দৰ্ভত অলপ বহলাই কৈছে। এই কথাখিনি তোমাৰ জ্ঞাতাৰ্থে উদ্ধৃত কৰিয়েই আমি কফি হাউছৰ পৰা বাহিৰলৈ ওলাই আহি পত্ৰালোচনাৰ তৃতীয় খণ্ডৰ বাট চ’ৰাত উপস্থিত হ’ম। সাক্ষাৎকাৰটোত অনুকৰণীয় বিনয়ব্যঞ্জক ভংগীৰে সেনে কৈছে : ‘কফি হাউস ছিল এক চমৎকাৰ জায়গা। সেখানে আড্ডা মাৰাৰ আনন্দ পাওয়া থেকে শুৰু কৰে গুৰুগম্ভীৰ বিষয়ে আলোচনাৰ মধ্যে দিয়ে নানা জিনিস শিখতে পাৰাৰ সুযোগটা সত্যিই একটা খুব বড় ব্যাপাৰ ছিল। আমাৰ মনে আছে, ৰাজনীতি নিয়ে যে সব হাজাৰ ৰকমেৰ তৰ্ক হত, তাৰ কিছু কিছু আমাদেৰ বক্তব্যেৰ যুক্তি সৰবৰাহ কৰত।এই আড্ডাগুলো থেকে আমি যে কি পৰিমাণ উপকৃত হয়েছি তা বোঝানো সহজ নয়।’ তোমালোকৰ কাফেকেন্দ্ৰিক দেওবৰীয়া আড্ডাক কোনো গহীন প্ৰকৃতিৰ লোকে গৰিহণা দিলে তুমি অর্মত্য সেনক ঢাল হিচাপে ব্যৱহাৰ কৰিব পাৰা!
বিজ্ঞাপনৰ বার্তা
সাম্প্ৰতিক কালৰ বিশ্বায়িত দুনিয়াত বিনোদনেই একাংশ মানুহৰ জীৱনৰ পৰম লক্ষ্য, চৰম সিদ্ধি। বজাৰ অৰ্থনীতিয়ে বিজ্ঞাপনৰ চতুৰ চকমকীয়া প্ৰচাৰেৰে এই আত্মব্যস্ত জীৱন দৰ্শনক অহৰ্নিশে সাৰ-পানী যোগাইছে। এনে নব্য ভোগবাদৰ কবলত পৰা মানুহে জীৱন উদ্যাপনহে কৰে, যাপন নকৰে। (এই জাতীয় মন্তব্য তোমাৰ প্ৰিয় চিন্তক হীৰেন গোহাঁইৰ সাক্ষাৎকাৰ এটাত সম্ভৱতঃ পঢ়িছিলোঁ। তথ্যসূত্ৰ দিব নোৱাৰিলোঁ । দুঃখিত।) তোমাক বোধহয় নকলেও হ’ব যে মনোৰঞ্জনসৰ্ব্বস্ব জীৱন-দৰ্শনে যি মানসিক দশাৰ জন্ম দিয়ে তাৰ এটা বৈশিষ্ট্য হ’ল — তৃপ্তিৰ পিছে পিছে আহে অতৃপ্তি, এটা স্মার্ট ফোন হস্তগত কৰাৰ পিছত অধিক স্মার্ট হ’বলৈ মনোবাঞ্ছনা জাগে, আৰু নামী-দামী মনোৰম ম’বাইলৰ ওপৰত চকু পৰে। মনোবাঞ্ছাৰ অবাধ বর্ধন যে একধৰণৰ অত্যাধুনিক মনোবিকাৰ সেই কথা এচাম মানুহে বিশেষকৈ তোমালোকৰ প্ৰজন্মৰ বহুতেই লক্ষ্যই নকৰে। (এই বজাৰকেন্দ্ৰিক মনোবিকাৰৰ অংকুৰণত বিজ্ঞাপনৰ বৰঙণি বুজন পৰিমানৰ। লক্ষ্য কৰিলে দেখিবা যে মুনাফাকামী মনোৰঞ্জন উদ্যোগ (entertainment industry)ৰ পাৰ্শ্ব-পৰিণতি হিচাপে সৃষ্টি হৈছে ‘commercially packaged youth culture’ (B. R. Mani, P.147) বহুল বিজ্ঞাপিত এই যুৱ সংস্কৃতিৰ ৰেহৰূপ চকুত পৰা বিধৰ। ই নতুনত্বৰ দ্যোতক, ইয়াৰ বাণী দুর্মদ, ভংগী সততে দ্রোহাত্মক। পিছে এই সকলোবোৰ একধৰণৰ বাধ্যতা (Conformity)-ৰ সীমাৰ ভিতৰত থাকে আৰু ইয়াৰ অভিব্যক্তি ব্যক্তিৰ অভিজ্ঞতা আৰু আকাংক্ষাতেই আবদ্ধ। (P.148) সেইবাবে ব্যয়বহুল জীর্ণ জিনচ্ পিন্ধি প্রতিনিতে ভার্চুৱেল ভুবনত বিচৰণ কৰা তোমাৰ বন্ধু হৰিহৰে হনুমান চালিচা পাঠ কৰি সাংস্কৃতিক হৃতোদ্ধাৰৰ চেষ্টাত ব্রতী হয় নিঃসংকোচে! বিজ্ঞেয় বিষয় হ’ল, বজাৰৰ অৰ্থনীতিৰ বিচাৰত যুৱ প্ৰজন্ম কেৱল উপভোক্তাহে। যুৱ সমাজৰ অন্য দিশবোৰক — যেনে ৰাজনীতিক , ই সাধাৰণতে উপেক্ষা কৰে। (P.K. Nayar, P. 133 ) কেতিয়াবা ৰাজনীতিৰ কথা আহিলেও সি উদ্ভট বা বিকৃত ৰূপত আত্মপ্রকাশ কৰে। কথাটো কিমান সঁচা তাৰ প্ৰমাণ তুমি পাবা পত্ৰালোচনাৰ বৰ্তমান খণ্ডত উদ্ধৃত কফি-কেন্দ্রিক আড্ডাৰ বিজ্ঞাপনটোত।
জন্মসূত্ৰে কফি-আসক্তিৰ লগত ঔপনিৱেশিক আধুনিকতা সম্পর্কিত। এই সম্পৰ্কৰ বাবেই কফিপায়ীৰ সংখ্যা বৃদ্ধি নগৰীয়া মধ্যশ্ৰেণীৰ মাজত বেছি। লাভ লোকচানৰ কথা চিন্তা কৰিয়ে কফি উদ্যোগে উক্ত সামাজিক শ্ৰেণীটোক লক্ষ্য হিচাপে বাছি লৈছিল। কফি চর্চ্চাকাৰীৰ পৰা জনা যায় যে এই উদ্যোগে কফিক প্রক্ষেপ কৰিছিল নগৰীয়া সমাজ জীৱনৰ সাংস্কৃতিক বৈশিষ্ট্য ৰূপে- “the [coffee] industry projected coffee as a beverage for sociability at urban public places, a fixation that has continued into the age of globalized coffee culture in India.” (Bhaswati Bhattacharya, P. 143) শেষৰ বাক্যাংশ আমাৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো যিটো বিজ্ঞাপনৰ কথা তোমাক জনাব বিচাৰিছোঁ তাত তুমি সাম্প্ৰতিক ভাৰতৰ ‘Coffee Culture’ -ৰ ছবি এখন দেখা পাবা। বিজ্ঞাপনটোৰ আৰম্ভণিতেই Cafe Coffee Day -ত কফি পান কৰি নিৰ্বিকাৰ চিত্তে আড্ডা মৰাৰ আহ্বান শুনা যায় এজন প্রাণোচ্ছল যুৱকৰ মুখত। তুমি নিশ্চয় ভাবিছা, এইটো এটা অতি সাধাৰণ বিজ্ঞাপন, ইয়াত বিশেষভাৱে উল্লেখনীয় কিবা আছে জানো? যুৱকজনৰ আহ্বানৰ প্ৰচ্ছন্ন ৰাজনৈতিক মৰ্ম অনুধাৱন কৰিলে তুমি বিজ্ঞাপনটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিবা। উন্মুক্ত-উল্লসিত আমন্ত্ৰণৰ অন্তৰালত সমালোচনাৰ সুৰ সুস্পষ্ট : ‘I don’t see any point in protesting and taking out morchas about everything….what does it do, just create traffic jams. Stand up for this, Stand up for that! Just sit down…. talk yaar’ (A. Chakraborty, P. 47) ইয়াত কফি-কেন্দ্ৰিক আড্ডা প্রতিবাদী আন্দোলনৰ বিকল্প হিচাপে উপস্থাপিত। Cafe Coffee Day -ৰ পানীয়ৰ বাণিজ্যিক প্ৰচাৰতেই বিজ্ঞাপনটো ক্ষান্ত থকা নাই, ই ৰাজনৈতিক ভাষ্যও দিছে, — আবুৰ-আড়ষ্টতা নোহোৱাকৈ। যিগৰাকী লেখকৰ পৰা বিজ্ঞাপনটো সংগ্ৰহ কৰিছোঁ তেওঁৰ সাৰুৱা মন্তব্য প্রনিধানযোগ্য : সকলো ধৰণৰ প্ৰতিৰোধধৰ্মী সমূহীয়া আন্দোলনক বিজ্ঞাপনটোৱে বদনামসিদ্ধ কৰাৰ উপৰি ‘[it] also valorises a particular kind of hedonistic consumerist subjectivity’ (P.47) দকৈ গমি চালে তুমি অনুভৱ কৰিবা যে আলোচ্য বিজ্ঞাপনটোত যি ৰাজনৈতিক স্থিতি বিম্বিত সি আচলতে ভাৰতৰ নতুন মধ্যশ্ৰেণীৰ ৰাজনৈতিক আদর্শ-আকাংক্ষাকেই বহুলাংশে প্রতিনিধিত্ব কৰিছে। এই শ্ৰেণীটোৰ ৰাজনীতিৰ লগত দৰিদ্ৰ-দুৰ্গত জনসাধাৰণৰ দাবী আৰু আন্দোলনৰ সংযোগ নাই। (Leela Fernandes, P. 182, 203 ) এওঁলোকৰ আলচ-আড্ডা তুমি জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি সমর্থনত — আনকি নিষ্ক্রিয় সহানুভূতিও— জানো আশা কৰিব পাৰা ? বহুবিজ্ঞাপিত ভোগবাদী জীৱন-দৰ্শনত আশীৰ্ষ নিমজ্জিত এই চাম মানুহৰ মন-মেজাজক সচৰাচৰ আচ্ছন্ন কৰি ৰাখে বিজ্ঞাপনৰ এটা বহুশ্রুত বক্তব্যই — ইয়ে দিল মাংগে ম’ৰ।
গ্রন্থপঞ্জী :
- লক্ষ্মীনাথ বেজবৰুৱা, মোৰ জীৱন- সোঁৱৰণ, গুৱাহাটী, ১৯৭২
- বেণুধৰ ৰাজখোৱা, মোৰ জীৱন-দাপোন, গুৱাহাটী, ১৯৬৯
- বীণা বৰুৱা, জীৱনৰ বাটত, গুৱাহাটী, ২০২০
- গোপাল হালদাৰ, আড্ডা, কলকাতা, ২০০৫
- অতুল সুৰ, ৩০০ বছৰেৰ কলকাতা : পটভূমি ও ইতিকথা, কলকাতা, ১৯৯০ দুর্গাপ্রসাদ চট্টোপাধ্যায়, কলকাতায় প্রথম, কলকাতা, ১৯৮৬
- তপন ৰায়চৌধুৰী, বাঙালনামা, কলকাতা, ২০১৯
- Bhaswati Bhattacharya, Much Ado Over Coffee: Indian Coffee House –Then and now, New Delhi, 2017
- Chakraborty, Popular Culture, Hyderabad,2019
- K.T. Achaya, The Story of Our Food, Hyderabad,2000
- Jayeeta Sharma, Empire’s Garden: Assam and the Making of India, Ranikhet, 2012
- L.S.S. O’Malley, Indian Caste Customs, Calcutta, 1976
- Ajita Chakraborty, My Life as a Psychiatrist: Memoirs and Essays, Kolkata,2010
- A.Sen, Home in the World: A Memoir, UK, 2021
- Robinson, Satyajit Ray: The Inner Eye, London, 2021
- Leela Fernandes, India’s New Middle Class: Democratic Politics in an Era of Economic Reform, New Delhi, 2007
- P.K. Nayar, An Introduction to Cultural Studies, New Delhi, 2011
- B.R. Mani, Knowledge and Power: A Discourse for Transformation, New Delhi, 2014
- Jim Al-Khalili, The House of Wisdom: How Arabic Science Saved Ancient Knowledge and Gave us the Renaissance, New York, 2011
- Dalia Chakraborti, Colonial Clerks: A Social History of Deprivation and Domination, Kolkata,2005
- Rosinka Choudhuri, Freedom and Beef Steaks: Colonial Calcutta Culture, New Delhi, 2012
- Sikund, ‘Food Culture in Calcutta’ in Geeti Sen ed. The Calcutta Psyche, New Delhi, 1990-91
- https://en.m.wikipedia.org/wiki/History of Coffee accessed on 19/10/22
- https://en.m.wikipedia. org/wiki/coffehouse#/ -text// in%20the%2017 the%20:—:/=/9/ century%26%20coffee, later%2in%201640%2c%20in%20Venice accessed on C/0/ 19/10/22
“আড্ডা, কফি হাউচ আৰু এটি বিজ্ঞাপন” লেখাটো পঢ়ি আড্ডা সম্পৰ্কত বহুদিনৰ পৰা ভাৱি থকা কিছু কথাত মনৰ খোৰাক পালোঁ। তাৰবাবে প্ৰথমেই প্ৰসেনজিৎ চৌধুৰী ছাৰলৈ আন্তৰিক ধন্যবাদ জনালো। ছাৰৰ এনে লেখাবোৰ মোৰ বাবে সদায় নতুন চিন্তাৰ ধাৰক বাহক হোৱাৰ উপৰিও নতুন চিন্তা পদ্ধতিৰ সমল হৈ আহিছে।
এই লেখাটোত ‘ আড্ডা ‘, চাহপানী, কফি আৰু বিশ্বায়নৰ মাজৰ সম্পৰ্ক বিষয়টো অত্যন্ত মনোগ্ৰাহী হৈ উঠিছে।এই ‘ আড্ডা ‘ জনিত আলোচনা বিলাকত কোনো ধৰাবন্ধা নিয়ম, বাধ্যবাধকতা নাথাকে অথচ স্বত:ফূৰ্তভাৱে আড্ডাৰ বিষয়বিলাক উপস্থাপিত হয় আৰু আলোচিত হয়।একধৰণৰ স্বপ্ৰনোদিত সহযোগধৰ্মী সৃষ্টিশীল বাতাবৰণত নতুন চিন্তাৰ জন্ম হয়। স্বাভাৱিক দায়িত্ববোধৰ পৰা অহা বিষয়ৰ আলোচনা আৰু তাৰপৰা উৎভুত পাৰস্পৰিক আনন্দ আৰু মনোৰঞ্জনৰ মাজত আড্ডাবোৰ নতুন সৃষ্টিৰ কৰ্মথলী হিচাবে চিহ্নিত হয়। কলিকতাৰ সেই বিখ্যাত ‘ কফি হাউচ ” তেনে এক আড্ডাৰ থলী আছিল।
চাহপানী, কফি যেন এই আড্ডাবোৰৰ অন্যতম অনুঘটক। সময় বাগৰাৰ লগেলগে ইয়াৰ লগত ভোগসৰ্বচ্চ বিশ্বায়নী অৰ্থনীতিৰ সম্পৰ্ক …. ইয়াৰ মাজেদি নতুন মধ্যশ্ৰেণীৰ ৰাজনৈতিক আদর্শ-আকাংক্ষাৰ সুন্দৰ প্ৰতিচ্ছবি….
কথাবোৰ সঁচাই চিত্তাকৰ্ষক।