কেন্দ্ৰীয় নিবন্ধ

আধুনিক অসমীয়া চিন্তালৈ জনজাতীয় নেতৃত্বৰ অৱদান-(টুনুজ্যোতি গগৈ)

অসমত আধুনিক চিন্তাৰ উন্মেষ ঊনবিংশ শতিকাত ঘটিছিল। এই শতিকাৰ আৰম্ভণিতে অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছে বিভিন্ন অন্তৰ্কলহ, মায়ামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত ক্ৰমশঃ দুৰ্বল হৈ অহা আহোম ৰাজবংশৰপৰা ক্ষমতা কাঢ়ি লৈ অসম অধিকাৰ কৰিছিল। ব্ৰিটিছ শাসন ব্যৱস্থাই আহোম যুগৰ সামন্তীয় শাসন ব্যৱস্থা আৰু কেতবোৰ আওপুৰণি ধ্যান-ধাৰণাৰ ব্যাপক পৰিৱৰ্তন ঘটাই ৰাজ্যখনৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে নতুনত্বৰ সূচনা কৰিলে৷ ব্ৰিটিছে প্ৰৱৰ্তন কৰা আইন-আদালত, ভূমি-নীতি, মুদ্ৰা-অৰ্থনীতি, পৰিবহণ ব্যৱস্থা, আধুনিক শিক্ষা ব্যৱস্থা আদিয়ে ঊনবিংশ শতিকাৰ অসমৰ মানুহক আধুনিকতাৰ সম্ভেদ দিলে।

ঊনবিংশ শতিকাত অসমৰ প্ৰশাসনিক আৰু অৰ্থনৈতিক ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন হোৱাৰ লগে লগে ৰাজ্যখনত কেৰাণী, মহৰী, পেছকাৰ, দাৰোগা, হাকিম আদি বৃত্তিজীৱী আৰু উদ্যোগীৰ এক নতুন স্তৰ গঢ় লৈ উঠিছিল। দ দেৱব্ৰত শৰ্মাৰ মতে – ‘এই স্তৰটো ঘাইকৈ ব্ৰাহ্মণ, কায়স্থ আৰু কলিতা সম্প্ৰদায়ৰ মাজৰপৰা ওলাইছিল। এইসকলৰ ভিতৰত ব্ৰাহ্মণ-কায়স্থ আদি আছিল নিজে খেতি নকৰা, ভূ-স্বামীধৰণৰ শ্ৰেণী, যাৰ আছিল সাংঘাতিক সামাজিক প্ৰভাৱ। অৰ্থনৈতিক আৰু বৌদ্ধিকভাৱে এইবোৰ জাতি-বৰ্ণ আন সকলতকৈ বহু আগবঢ়া আছিল। তেওঁলোক আছিল ব্ৰাহ্মণ্যবাদী-সামন্তবাদৰ তাত্ত্বিকো। বৃতিচে তেওঁলোকৰ মাটি কেতিয়াও কাঢ়ি নিয়া নাছিল। তেওঁলোকৰ মাথোঁ ৰাজনৈতিক ক্ষমতাহে নাছিল। আহোম ডা-ডাঙৰীয়াসকলক একাষৰীয়া কৰি বৃতিচে আহোম ৰাষ্ট্ৰৰ সেৱা কৰা বৰ্ণহিন্দুসকলক কিন্তু পুনৰ্বাসন কৰিলে। কাৰণ এই স্তৰ বা শ্ৰেণীটো আছিল বৃতিচৰ বৰ পছন্দৰ স্থানীয় শ্ৰেণী, যাক ই নিশ্চিন্তে পৃষ্ঠপোষকতা কৰিব পাৰিছিল। ব্ৰাহ্মণ্যবাদী সামন্তবাদৰ তাত্বিকসকল এইবাৰ পৰিণত হ’ল বিদেশী সাম্ৰাজ্যবাদৰ বিশ্বস্ত স্তাৱকত। এই নতুন স্তৰটোত ঔপনিৱেশিক আধুনিকতাক শীঘ্ৰে আয়ত্ত আৰু আত্মসাৎ কৰিলে আৰু নিজকে এটা শ্ৰেণীলৈ উন্নীত কৰিলে। সিয়েই অসমীয়া মধ্যবিত্ত শ্ৰেণী।’

শৰ্মাৰ ভাষাত সুৰ মিলাই ক’বলৈ গ’লে, ব্ৰিটিছ শাসকপক্ষই অসমত প্ৰশাসনিক কাম-কাজ চলাবৰ বাবে বংগদেশৰপৰা আধুনিক শিক্ষাৰে শিক্ষিত বঙালী আমোলাসকলক অনাৰ লগে লগে ‘আহোম ৰাষ্ট্ৰৰ সেৱা কৰা বৰ্ণহিন্দুসকল’ৰ গুৰুত্ব প্ৰায় নোহোৱা হৈ পৰিছিল। তেওঁলোকে পূৰ্বৰ সা-সুবিধা আৰু মান-মৰ্যাদা হেৰুৱাই গভীৰভাৱে অসন্তুষ্ট হৈ তাৰ প্ৰতিকাৰৰ বাবে লাহে-লাহে ব্ৰিটিছৰ একান্ত অনুগত হ’বলৈ চেষ্টা কৰিলে আৰু ব্ৰিটিছেও তেওঁলোকক বিভিন্ন বিষয় বাব দি নিয়োজিত কৰিলে। ব্ৰিটিছ প্ৰশাসনৰ বাবে তেওঁলোকৰ আৰু জনসাধাৰণৰ মাজত মধ্যস্থতাকাৰী ভূমিকা ল’ব পৰা এক অনুগত আৰু স্তাৱক শ্ৰেণী সৃষ্টি কৰাটো প্ৰয়োজনো হৈ পৰিছিল। ব্ৰিটিছসকলে ভাবিছিল যে জনসাধাৰণৰ মাজত পূৰ্বৰেপৰা প্ৰভাৱ বিস্তাৰ কৰি থকা সম্ভ্ৰান্ত শ্ৰেণীৰ সতি-সন্তানক আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি প্ৰশাসনৰ সহযোগী হিচাবে ল’ব পাৰিলে জনসাধাৰণৰ অনুগত্য আদায় কৰাটো সহজ হৈ পৰিব। উল্লেখ্য যে ব্ৰিটিছসকল অহাৰ সময়ত অসমৰ আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠান হিচাবে সংস্কৃত টোলসমূহহে আছিল আৰু সত্ৰসমূহত ধৰ্মগ্ৰন্থৰ চৰ্চাৰ উপৰি নৃত্য-গীত, অভিনয়ৰ শিক্ষা আদি প্ৰচলন হৈছিল। সংস্কৃত টোলসমূহৰ দুৱাৰ মূলতঃ ব্ৰাহ্মণ আৰু উচ্চ কুলৰ ছাত্ৰৰ বাবেহে মুকলি আছিল।

সি যি নহওক, ব্ৰিটিছৰ একান্ত অনুগত হৈ পৰা উচ্চকুলীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, ৰাম দত্ত বৰুৱা, মণিৰাম দেৱান, দীননাথ বেজবৰুৱা আদিয়েই প্ৰধান আছিল। পূৰ্বৰ আহোম ডা-ডাঙৰীয়াসকলে হৃত স্বাধীনতা ফিৰাই বিচাৰি বিদ্ৰোহ ঘোষণা কৰিব পাৰে বুলি আশংকা কৰিয়েই ব্ৰিটিছে তেওঁলোকক নতুন প্ৰশাসনীয় ব্যৱস্থাৰপৰা একাষৰীয়া কৰি ৰাখিছিল। ব্ৰিটিছৰ আশংকা অমূলক নাছিল। ১৮২৮ চনত গোমধৰ কোঁৱৰ, ১৮৩০ চনত ধনঞ্জয় বৰগোঁহাই আদিয়ে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ কৰিছিল আৰু প্ৰতিটো বিদ্ৰোহেই ব্ৰিটিছৰ কোম্পানী চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। উল্লেখ্য যে সেই বিদ্ৰোহবোৰ দমন কৰাৰ ক্ষেত্ৰত সম্ভ্ৰান্ত শ্ৰেণীৰ মণিৰাম দেৱানৰ দৰে একাংশ লোকে ব্ৰিটিছক সহায় কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱানে চাহ বাগিচা খুলি ব্ৰিটিছ শক্তিৰ প্ৰতিদ্বন্দ্বী হৈ পৰাৰ লগতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ পৰ্যন্ত ঘোষণা কৰিছিল। কিন্তু, আনন্দৰাম ঢেকিয়াল ফুকন, হৰকান্ত বৰুৱা সদৰামিন আদি ব্ৰিটিছৰ বিশ্বস্ত অসমীয়া বিষয়াসকলে মণিৰামৰ বিদ্ৰোহক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধিতাহে কৰিছিল।

ব্ৰিটিছসকলে অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ শিক্ষানুষ্ঠান, প্ৰশাসনিক কাৰ্যালয় আদিত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। তৎকালীন অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীৰ ভিতৰত অন্যতম যাদুৰাম ডেকাবৰুৱা (১৮০১-৬৭), দীননাথ বেজবৰুৱা (১৮১৩-৯৫), কাশীনাথ তামুলী ফুকন (১৮০১-১৮৮০) আদিয়ে বাংলা ভাষা প্ৰচলনৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰা নাছিল। বৰং তেওঁলোকৰ মাজত বঙলা প্ৰীতিয়ে দকৈ শিপাইছিল আৰু বাংলা ভাষাত কথোপকথন কৰাটো আভিজাত্যৰ লক্ষণ বুলি ভাবিছিল। উল্লেখ্য যে হলিৰাম ঢেকিয়াল ফুকনে ‘আসাম বুৰঞ্জি’ (১৮২৯) বাংলা ভাষাত ৰচনা কৰাৰ লগতে¸ যাদুৰাম ডেকা বৰুৱাই ‘অসমীয়া-বাংলা অভিধান’ (১৮৩৯) প্ৰণয়ন কৰিছিল। তেওঁলোকে অসমীয়া ভাষাত আধুনিক চিন্তা-চৰ্চা, নতুন সাহিত্য সৃষ্টি আদি সম্ভৱ নহ’ব বুলিয়েই ভাবিছিল।

অসমত আনুষ্ঠানিকভাৱে বাংলা ভাষা প্ৰচলন হোৱাৰ লগে লগে অসমীয়া ভাষা-সাহিত্য অস্তিত্বৰ সংকটত পৰিছিল। তেনে সময়তে বেপ্টিছ মিছেনৰীসকল অসমত প্ৰৱেশ কৰিেল আৰু ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে অসমীয়া ভাষাটো শিকি-বুজি লৈ অসমীয়া ভাষাত ব্যাকৰণ, অভিধান আদি প্ৰণয়নৰ বাবে উদ্যোগ ল’লে। মিছনেৰীসকলে ১৮৪৬ চনৰ জানুৱাৰী মাহৰপৰা ধৰ্ম, বিজ্ঞান, দৰ্শন, সাধাৰণ জ্ঞানৰ উপৰি দেশ-বিদেশৰ বিভিন্ন খবৰ লৈ ‘অৰুণোদই’ কাকতখন প্ৰকাশ কৰিছিল। কাকতখনে অসমত সাংবাদিকতাৰ পাতনি মেলাৰ লগতে মধ্যযুগৰ বুৰঞ্জীৰ গদ্য তথা¸ শিৱসাগৰৰ কথিত গদ্যৰ সমাহাৰেৰে আৰু ইংৰাজী বাক্য বিন্যাসৰ প্ৰভাৱেৰে আধুনিক অসমীয়া ভাষাৰ বৰভেটি বান্ধিলে। ক’বলৈ গ’লে, ‘অৰুে¸ণাদই’ কাকতৰ জৰিয়তে অসমৰ সমাজ-জীৱনত আধুনিকতাৰ বীজ ৰোপণ হ’ল আৰু ঊনবিংশ শতিকাতে বিভিন্ন পৰিবৰ্তনৰ মাজেদি আধুনিকতাই বিকাশ লাভ কৰিলে।

মিছনেৰীসকলে আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়ালেও হলিৰাম, যাদুৰাম, দীননাথ আদিৰ পৰৱৰ্তী প্ৰজন্মটোৰ প্ৰতিনিধি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা তৎকালীন অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী স্বৰূপ আছিল। এই তিনিগৰাকী ইংৰাজী শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাৰ হকে মাত মাতিছিল। বাংলা ভাষা-সাহিত্যৰ অনুৰাগী আৰু ব্ৰিটিছৰ অনুগত হোৱাৰ পাছতো তেওঁলোকে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ‘A Few remarks on the Assamese Language and on Vernacular Education in Assam’ শীৰ্ষক এখন পুস্তিকা প্ৰকাশেৰে অসমীয়া ভাষাৰ স্বকীয়তা আৰু ন্যায্য প্ৰাপ্য অধিকাৰ সম্পৰ্কে জনাই ব্ৰিটিছ বিষয়াৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। ‘হেমকোষ’ অভিধান প্ৰণয়নেৰে ‘অসমীয়া ভাষাৰ দৌল বন্ধা’ হেমচন্দ্ৰ বৰুৱাই ‘আসাম নিউজ’ কাকত সম্পাদনা কৰিও অসমীয়া ভাষাৰ মান্যীকৰণ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। সেইদৰে, ‘অৰুণোদই’ৰ পাতত ছদ্মনামত এলানি চিঠি লিখা গুণাভিৰাম বৰুৱাই শিক্ষাৰ মাধ্যম হিচাবে বাংলা ভাষাৰ বিৰোধিতা কৰিছিল আৰু জ্ঞান-বিজ্ঞানৰ সকলো দিশ প্ৰকাশ কৰিব পৰাকৈ এলানি অসমীয়া গ্ৰন্থ প্ৰকাশৰ পোষকতা কৰিছিল।

‘অৰুণোদই’ কাকতৰ আৰ্হি গ্ৰহণ কৰিয়েই অসমীয়া ভাষাত ‘আসাম বিলাসিনী’ (১৮৭১), ‘আসাম নিউজ’ (১৮৮২), ‘আসামবন্ধু’ (১৮৮৫), ‘মৌ’ (১৮৮৬), ‘জোনাকী’ (১৮৮৯) আদি কাকত-আলোচনী প্ৰকাশিত হৈছিল। এই কাকত-আলোচনীবোৰৰ পৃষ্ঠপোষকতাত ঊনবিংশ শতিকাৰ শেষৰ পিনে অসমীয়াসকলৰ মাজত ভাষিক চেতনা গঢ় লৈ উঠিল আৰু আধুনিক সাহিত্য চৰ্চাই এক নতুন মাত্ৰা লাভ কৰিল। উল্লেখ্য যে কলকাতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে গঠন কৰা অ.ভা.উ.সা. সভা আৰু এই সভাৰ মুখপত্ৰ ‘জোনাকী’ কাকতে অসমত ভাষিক-সাংস্কৃতিক চেতনা সৃষ্টিৰ লগতে আধুনিক তথা ৰোমাণ্টিক সাহিত্য বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিলে।

ঊনবিংশ শতিকাৰপৰাই নব্য উত্থিত মধ্যবিত্ত শ্ৰেণীটোৱে অসমত আধুনিক আৰ্হিত ‘আসাম এছোচিয়েচন’ (১৮৬৭), যোৰহাট সাৰ্বজনিক সভা (১৮৮৬), আহোম সভা (১৮৯৩) আদি বিভিন্ন সামাজিক-ৰাজনৈতিক সংস্থা আৰু সংগঠন গঢ়ি তুলিছিল। ‘আসাম এছোচিয়েচন’-এ ব্ৰিটিছৰ অনুগত অনুষ্ঠান ৰূপে ৰাজ্যখনত আধুনিক শিক্ষানুষ্ঠান স্থাপন, অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন আদি দিশসমূহত গুৰুত্ব দিছিল। উল্লেখ্য যে বেপ্টিষ্ট মিছনেৰীসকলেও অসমত কেইবাখনো স্কুল প্ৰতিষ্ঠা কৰিছিল। ৰাজ্যখনত আধুনিক শিক্ষাৰ প্ৰতিষ্ঠান গঢ় লৈ উঠাত অসমীয়া মানুহৰ মানসিক দিগন্তৰ পৰিসৰ পূৰ্বতকৈ বিশাল হৈ পৰিল আৰু সমাজ জীৱনলৈ এক নতুন বৌদ্ধিক সজীৱতা আহিল।

এতিয়া প্ৰশ্ন হ’ল, আধুনিক অসমীয়া চিন্তালৈ জনজাতীয় নেতৃত্বৰ অৱদান কেনেকুৱা আছিল·

এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব আন এটা প্ৰশ্নৰে– ঊনবিংশ শতিকাত অসমীয়া চিন্তালৈ নৱ জাগৰণ অহাৰ সময়ত জনজাতীয়সকলৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থান কেনেকুৱা আছিল·

নক’লেও হয় যে ঊনবিংশ শতিকাত ঔপনিৱেশিক শাসন প্ৰক্ৰিয়াৰ নানা শোষণ-লুণ্ঠন-উৎপীড়নৰ কেকোঁৰা চেপাত মুদ্ৰা অৰ্থনীতিত অনভ্যস্ত অসমৰ সাধাৰণ মানুহসকলৰ দৰে জনজাতীয় লোকসকলো অসহায়-অতিষ্ঠ হৈ পৰিছিল। আহোম ৰাজত্বৰ সময়ত জনজাতিসকলৰ বেছি ভাগেই একোটা বিস্তীৰ্ণ অঞ্চলত নিজস্ব জীৱন-যাত্ৰা, ধৰ্ম-ভাষা-সংস্কৃতি লৈ আছুতীয়াকৈ বসবাস কৰি আছিল। কিন্তু, ঔপনিৱেশিক প্ৰশাসন, অৰ্থনীতি আৰুযোগাযোগ ব্যৱস্থাই তেওঁলোকৰ পূৰ্বৰ সেই বিচ্ছিন্ন আৰু নিৰুদ্বেগ জীৱন প্ৰৱাহত ব্যাঘাত জন্মালে। ঔপনিৱেশিক প্ৰক্ৰিয়াৰ তিনি তৰপীয়া শোষণ-লুণ্ঠনত তেওঁলোকৰ জীৱন যাত্ৰা দুৰ্বিসহ হৈ পৰিছিল – ইয়াৰে প্ৰথম তৰপত শোষণ কৰিছিল ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিয়ে, দ্বিতীয় তৰপত শোষণ কৰিছিল দেশীয় পুঁজিপতি, জমিদাৰ, ব্যৱসায়ী আদিয়ে আৰু তৃতীয় তৰপত শোষণ কৰিছিল গাঁৱে-ভূঁয়ে সিঁচৰতি হৈ থকা সুদখোৰ মহাজন, ক্ষুদ্ৰ ব্যৱসায়ী, মণ্ডল, তহ¿6লদাৰ, গাঁওবুঢ়া আদিয়ে। লক্ষণীয় যে আহোম, কোচ আদি জনগোষ্ঠীৰ দৰে জনজাতীয় লোকসকলেও শোষণ-লুণ্ঠন প্ৰক্ৰিয়াৰ সহযোগী বৰ্ণহিন্দু অসমীয়া, বঙালী, মাৰোৱাৰী আদি সম্প্ৰদায়ক শত্ৰু বা অনাত্মীয়ৰূপে চিহ্নিত কৰিলে।

ব্ৰিটিছ প্ৰশাসনে বিভিন্ন উপায়েৰে ৰাজহ সংগ্ৰহত তৎপৰতা দেখুৱালেও কৃষিৰ আন্তঃগাঁথনি উন্নয়নত অলপো গুৰুত্ব দিয়া নাছিল। ফলত কৃষিৰ উৎপাদন বতৰৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু প্ৰতিকূল বতৰৰ বাবে কৃষিজীৱী জনজাতীয়সকল প্ৰায়েই দুৰ্ভিক্ষৰ কবলত পৰিছিল। ইপিনে, অসমীয়া সম্ভ্ৰান্ত শ্ৰেণীয়ে ইংৰাজী শিক্ষা গ্ৰহণেৰে চাকৰি-বাকৰি আদায় কৰি ল’লেও অসমৰ সাধাৰণ শ্ৰেণীৰ লগতে ভৈয়ামৰ জনজাতীয়সকলৰ মাজত ইংৰাজী শিক্ষাৰ প্ৰতি বিশেষ আগ্ৰহ পৰিলক্ষিত নহৈছিল। আচলতে প্ৰশাসনে ভৈয়ামৰ জনজাতীয়সকলৰ মাজত ইংৰাজী ভাষা প্ৰচাৰ-প্ৰসাৰৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। কেতবোৰ ঐতিহাসিক কাৰণত ভৈয়ামৰ জনজাতিসকল খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত নোহোৱাৰ বাবেই সম্ভৱতঃ মিছনেৰীসকলেও তেওঁলোকৰ মাজত ইংৰাজী শিক্ষা প্ৰচাৰৰ উদ্যোগ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’বলৈ আৰম্ভ কৰা পাহাৰীয়া জনজাতিসকলে মিছনাৰীসকলৰ জৰিয়তে ইংৰাজী শিক্ষা লাভৰ সুযোগ বহু আগতেই পাইছিল। বিংশ শতিকাৰ প্ৰথমছোৱাতে অবিভক্ত অসমৰ ৰাজধানী শ্বিলং চহৰত এন্থনী কলেজ, এডমাণ্ডছ কলেজ আদিৰ দৰে উচ্চ শিক্ষানুষ্ঠান স্থাপন হোৱাৰ ফলত মিজো, নগা, খাচি, গাৰো আদি পাহাৰীয়া জনজাতি যুৱকসকল আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত হৈছিল আৰু স্বাধীনতাৰ পূৰ্বেই তেওঁলোকে স্বকীয় জাত্তিসত্তাক উপলব্ধি কৰিছিল।

অসমৰ ভৈয়ামৰ জনজাতিসকল শৈক্ষিক দিশত ইমানেই পিছপৰি আছিল যে ১৯৪৭ চনত ট্ৰাইবেল লীগে দাখিল কৰা এখন স্মাৰকপত্ৰত জনজাতিসকলৰ সাক্ষৰতা পাঁচ শতাংশৰ বেছি নহয় বুলি কোৱা হৈছিল। ১৯৩১ চনতো পাঁচ বছৰৰ ওপৰৰ ল’ৰাৰ সাক্ষৰতাৰ হাৰ আছিল ৩.১ শতাংশ আৰু ছোৱালীৰ ০.৪ শতাংশ। ১৯২১ চনত সেই পৰিসংখ্যা আছিল ১.৯ শতাংশ আৰু ০.২ শতাংশ। অথচ, সেই সময়ছোৱাত ব্ৰাহ্মণ পুৰুষ আৰু নাৰীৰ সাক্ষৰতাৰ হাৰ আছিল ক্ৰমে ৭২.১ শতাংশ আৰু ১৯.৪ শতাংশ। ১৯৪৭ চনলৈকে মাত্ৰ তিনিজন জনজাতি ছাত্ৰইহে চিকিৎসা বিজ্ঞান পঢ়িবৰ বাবে বৃত্তি লাভ কৰিছিল।

বুজিবলৈ অসুবিধা নহয় যে ঊনবিংশ শতিকাত এক স্থবিৰ আৰু বন্ধ্যাময় পৰিৱেশত জীৱন নিৰ্বাহ কৰা জনজাতীয়সকলৰ মাজৰপৰা আধুনিক অসমীয়া চিন্তালৈ অৱদান আগবঢ়াব পৰাকৈ কোনো ব্যক্তি ওলাই আহিব নোৱৰাটো বা সেই সময়ত জনজাতীয়সকলকঅধুনিক চিন্তাৰ ঢৌৱে স্পৰ্শ নকৰাটো স্বাভাৱিক কথাই আছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, নৱ্য উত্থিত মধ্যবিত্ত শ্ৰেণীটোৰ বহুতে তেওঁলোকক ‘অসমীয়া’ বুলিয়েই ভবা নাছিল।

‘মৌ’ আলোচনীখনে অসমীয়া উচ্চবৰ্ণ তথা উচ্চ মধ্যবিত্ত শ্ৰেণীৰ সপক্ষে আৰু তথাকথিত নিম্নবৰ্ণৰ জাতি-জনগোষ্ঠীবোৰৰ বিপক্ষে দেখদেখকৈ অৱস্থান গ্ৰহণ কৰিছিল– ‘আজিকালি অসমীয়া মানুহৰ ভিতৰতে পৰস্পৰ ইমান হিংসা, ইমান পৰশ্ৰীকাতৰতা যে এইদৰে আৰু পঞ্চাচ বছৰ চলিব লাগিলে অসমীয়া মানুহ পৃথিৱীত সঁচাসঁচিকৈ লোপ হ’ব। আসাম কচাৰি, মিকিৰ, হোজাই আৰু বঙালি কুলিৰ বসতি হ’ব।’ (উচ্চশিক্ষা, মৌ, ১১৪) এই প্ৰতিক্ৰিয়াশীল বিবৃতিটোৰ পৰা স্পষ্ট হয় যে ‘মৌ’ৱে অৰ্থাৎ একাংশ উচ্চ মধ্যবিত্ত অসমীয়াই ‘কছাৰী’ (বড়ো), ‘মিকিৰ’ (কাৰ্বি), ‘হোজাই’ (বৰ্তমান লুপ্ত) আৰু ‘বঙালী কুলি’ (ঝাৰখণ্ডী আদিবাসী)সকলক ‘অসমীয়া’ সংজ্ঞাৰ ভিতৰত ধৰা নাছিল আৰু তেওঁলোকক শত্ৰু বুলি ভাবিছিল। উল্লেখ্য যে আলোচনীখনৰ সম্পাদক নামত হৰনাৰায়ণ বৰা হ’লেও প্ৰকৃত সম্পাদক আছিল তেওঁৰ ভ্ৰাতৃ বলিনাৰায়ণ বৰাহে।

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰো অনাৰ্য বা জনজাতীয় ঘৃণা-বিদ্বেষ অলপো কম নাছিল। তেওঁৰ অভিধান ‘হেমকোষ’ৰ পাতে পাতে জাতি-বৰ্ণীয় আৰু শ্ৰেণীগত বিদ্বেষ-ঘৃণা ফুটি উঠিছিল। উদাহৰণস্বৰূপে, তেওঁ ‘কিৰাত’ শব্দৰ অৰ্থ ‘পৰ্বতীয়া বা হাবিয়াল অসভ্য জাতিৰ মানুহ, নগা-ডফলা-মিৰি আদি’ বুলি উল্লেখ কৰিছিল। সেইদৰে, গুণাভিৰাম বৰুৱায়ো ‘আসাম বুৰঞ্জী’ত মিকিৰ (কাৰ্বি)সকলক বান্দৰৰ বংশধৰ বুলি আখ্যা দিয়াৰ লগতে¸ কাৰ্বি শব্দৰ সংস্কৃত ব্যাখ্যা দি তাৰ অৰ্থ কেঁচা মাংস খাদক বুলি কৈছিল। ‘আসাম বন্ধু’ কাকতখনো সম্পাদনা কৰা বৰুৱাই কাকতখনত ‘পৰ্বতীয়া লোক মাত্ৰেই অসভ্য আৰু মহালোভী অথচ অহংকাৰী’ বুলি লিখাৰ উপৰি খামতি, চিংফৌ, নাগা, গাৰো, আবৰ আদি পাৰ্বত্য জনজাতিসকলক ‘বিদেশী, অসভ্য, অশুচি’ বুলি ‘অগ্ৰহণীয়, অবাঞ্চনীয় আৰু অপৰাধমূলক’ মন্তব্য কৰিছিল।

বৰ্ণ হিন্দু প্ৰধান নতুন মধ্যবিত্ত শ্ৰেণীটোৱে অসমৰ জনজাতিসকলক ‘অসমীয়া’ বুলি নাভাবিলেও বা তেওঁলোকে বিভিন্ন ঘৃণা আৰু অৱজ্ঞাসূচক মন্তব্যৰে জনজাতিসকলক হেয় প্ৰতিপন্ন কৰিলেও প্ৰকৃত সত্যটো হ’ল যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক জনজাতিসকলৰ উদাৰ অংশগ্ৰহণেহে সবল আৰু সমৃদ্ধ কৰি তুলিছিল। আচলতে ‘জনজাতীয় ভাষা-সংস্কৃতি’ৰ উপাদানবোৰ বাদ দিলে অসমীয়া ভাষা-সংস্কৃতি বুলি ক’বলৈ একোৱেই নাথাকে। জনজাতিসকলৰ নিজা ভাষা বা দোৱান থকাৰ পাছতো তেওঁলোকে ঐতিহাসিকভাৱেই অসমীয়া ভাষাক সংযোগী ভাষা হিচাবে ব্যৱহাৰ কৰিছিল আৰু বিভিন্ন শব্দৰ বৰঙণিৰে ভাষাটোক সমৃদ্ধ কৰি তুলিছিল। উল্লেখ্য যে আহোম ৰাজতন্ত্ৰই অসমীয়া ভাষাক জাতীয় ভাষা হিচাবে বিকাশৰ ৰাজনৈতিক পৰিৱেশ ৰচনা কৰাৰ দৰে শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ময়ো সাংস্কৃতিকভাৱে অসমীয়া ভাষাক সকলো জনজাতি-জনগোষ্ঠীৰ উমৈহতীয়া ভাষা হিচাবে বিকাশ আৰু বিস্তাৰত সহায় কৰিছিল। এই প্ৰসংগতে কছাৰী ৰজা মহামাণিক্যই মাধৱ কন্দলিক ‘ৰামায়ণ’ ৰচনাৰ বাবে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ কথাও মনত পেলাব পাৰি।

কোৱা বাহুল্য যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল কেন্দ্ৰস্বৰূপ সত্ৰসমূহৰ শৰণ ব্যৱস্থাৰ জৰিয়তে জনজাতিসকলৰ সংস্কৃতায়ন প্ৰক্ৰিয়াটোৱে এক নতুন গতি লাভ কৰিছিল। শৰণীয়া জনজাতীয়ৰপৰা সৰু কোচ, সৰু কোচৰপৰা বৰকোচ, বৰকোচৰপৰা কেওট-কলিতাৰ শাৰীলৈকে উধাই যোৱাৰ বিধান থকাৰ ফলত জনজাতীয় সমাজখনত সামাজিক স্তৰ বিভাজনৰ সৃষ্টি নোহোৱাও নহয়। সেইদৰে, হিন্দু সমাজৰ খাপে খাপে বিন্যস্ত আন্তঃগাঁথনিত সংস্কৃতায়ন প্ৰক্ৰিয়াৰে হিন্দু ধৰ্মীয় আচাৰ-নীতি আদৰি লোৱা ভৈয়ামৰ জনজাতিসকলৰ স্থান হ’ল জন্মানুসৰি স্থিৰকৃত সামাজিক জখলাৰ একেবাৰে তলৰ খাপত। ‘প্ৰথমাৱস্থাত এই নিম্ন স্থান নিৰ্বিবাদে মানি ল’লেও আধুনিক শিক্ষাৰে এচাম যুৱক-যুৱতী শিক্ষিত হৈ উঠাৰ পাছত তেওঁলোকৰ বোধোদয় ঘটিল আৰু ধৰ্ম নিয়ন্ত্ৰিত সামাজিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে ঘুনুক-ঘানাককৈ মাত দিবলৈ ধৰিলে।’

সি যি হওক, নৱবৈষ্ণৱ ধৰ্মৰ সংস্কৃতায়ন প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ জনজাতিসমূহে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈ অসমীয়া ভাষা-সংস্কৃতিক সমৃদ্ধ কৰাটো মধ্যযুগৰ অসমত নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ ঘটনা ৰূপেই চিহ্নিত হৈছে। সেইদৰে, ভক্তিধৰ্মৰ আন্দোলনটোৰ আটাইকেইটা ধাৰাই জনজাতীয় সমাজ গাঁথনি আৰু সাংস্কৃতিক জীৱনধাৰাত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। জনজাতিসকল ভাষিকভাৱে দ্বি-ভাষিক হ’বলৈও বাধ্য হৈছিল। ‘আধুনিক ধ্যান-ধাৰণা আৰু পৰিৱৰ্তনৰ চেতনাও তেওঁলোকে অসমীয়া ভাষাৰ মাধ্যমেৰেহে লাভ কৰিব পাৰিছিল। এনে ক্ষেত্ৰত অসমীয়া-ভাষী সমাজখনৰ ধৰ্ম, কলা-সংস্কৃতি তথা জীৱন-পদ্ধতি জনজাতীয় সমাজখনে অনুসৰণ কৰিবলৈ লৈছিল। ফলত, ভক্তিধৰ্মৰ আধ্যাত্মিক চিন্তা-চেতনা, আচাৰ-ৰীতি, কলা-শিল্প পৰম্পৰা, খাদ্যাভ্যাস, মাত-কথা আদিও জনজাতীয় জীৱন প্ৰৱাহত সোমাই পৰিল। এনেদৰেই মহাপুৰুষীয়া ভক্তিধৰ্ম গ্ৰহণ নকৰা লোকসকলৰ মাজতো ভক্তিধৰ্মৰ প্ৰভাৱ বিয়পি পৰিছিল।’

এনেধৰণৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটতে বিংশ শতিকাৰ আগছোৱাত অৱনত-অৱহেলিত জনজাতিসকলৰ মাজৰপৰা এচাম আধুনিক শিক্ষাৰে শিক্ষিত যুৱক ওলাই আহিছিল। সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা, ভীমবৰ দেউৰী, কালিচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে মিৰি, ধীৰসিং দেউৰী, খৰছিং টেৰাং, ডম্বৰুধৰ শইকীয়া, হেৰম্বনাথ বড়া, যাদৱচন্দ্ৰ খাখলাৰী, ধৰণীধৰ বসুমতাৰী, গম্ভীৰ চন্দ্ৰ বৰদলৈ, সীতানাথ ব্ৰহ্মচৌধুৰী আদি অন্যতম আছিল। সেই শিক্ষিত, আত্ম পৰিচয় সন্ধানী আৰু ৰাজনৈতিকভাৱে সচেতন যুৱক চামৰ কোনোৱে কেৱল নিজৰ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে, কোনোৱে নিজৰ জনগোষ্ঠীটোৰ লগতে সমগ্ৰ জনজাতীয় ৰাইজৰ উত্তৰণৰ বাবে আৰু কোনোৱে নিজৰ জনগোষ্ঠীটোৰ উপৰি জনজাতীয় ৰাইজ তথা সমগ্ৰ অসমীয়া জাতিৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। লক্ষণীয় যে বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) আৰু ভীমবৰ দেউৰী(১৯০৩-১৯৪৭)য়ে অসমৰ জনজাতিসমূহৰ সমান্তৰালভাৱে অসমীয়া জাতিৰ সৰ্বাংগীন উত্তৰণৰ বাবে নিজৰ জীৱন-যৌৱন উচৰ্গা কৰাই নহয়; অসমীয়া ‘আধুনিক’ চিন্তালৈও বিৰল অৱদান আগবঢ়াই থৈ গৈছে।

একেধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, মুক্তি যুঁজাৰু, ৰাজনীতিক আদি বিভিন্ন পৰিচয়েৰে পৰিচিত বিষ্ণুপ্ৰসাদ ৰাভাক বিংশ শতিকাৰ অসমৰ অন্যতম উল্লেখযোগ্য ব্যক্তি বুলি অভিহিত কৰিব পাৰি। অসমৰ সমাজ জীৱনত অদ্যপি গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা ৰাভাই আধুনিক অসমীয়া চিন্তালৈ কেনেধৰণৰ অৱদান আগবঢ়াইছিল, এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে এয়া জ্ঞাত হৈ ল’ব লাগিব যে তেৱোঁ অসমৰ জাতীয়তাবাদী নৱজাগৰণৰ এজন হোতা আছিল। সেই নৱজাগৰণৰ অন্যতম কাৰ্যসূচী আছিল জাতীয় গৌৰৱৰ অতীত সমলসমূহৰ পুনৰুদ্ধাৰৰ মাজেৰে জাতীয় চেতনা শক্তিশালী কৰি তোলা আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সৈতে যুঁজ দি হৃত স্বাধীনতা আহৰণ কৰা।

জীৱনৰ আগছোৱাত ৰাভাই জাতীয়তাবাদী চেতনাৰে উজ্জীৱিত হৈ বৃহত্তৰ অসম বা বৰ অসমৰ চিন্তা কৰিছিল। তেওঁ শংকৰী দৰ্শন আৰু শংকৰী সংস্কৃতিৰ পুনৰুজ্জীৱনৰ জৰিয়তে অসমৰ সমূহ জনগোষ্ঠীৰ লগতে নগা, খাচি, মণিপুৰী আদি উত্তৰ-পূবৰ জাতিবোৰক সামৰি লৈ এখন বৰ অসম গঢ়াৰ কথা ভাবিছিল। অৱশ্যে, তেওঁ বৰ্ণহিন্দু অসমীয়াৰ ভাষা-সংস্কৃতিক জোৰ-জুলুমকৈ অনাৰ্য জনগোষ্ঠীসমূহৰ ওপৰত জাপি দি ঐক্য-সমন্বয় গঢ়াৰ কথা ভবা নাছিল। তেওঁ সকলো জাতি-জনজাতিৰ মাজত ভাষা-সংস্কৃতিৰ আদান-প্ৰদান হ’লেহে আৰু সকলোৱে সম বিকাশৰ সুবিধা লাভ কৰিলেহে বৃহত্তৰ অসমীয়া জাতি বাচিব বুলি উপলব্ধি কৰিছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯২৮ চনত চাইমন কমিচন অসমলৈ আহোঁতে কমিচনৰ ওচৰত অসমৰ জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ তৰফৰপৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। স্মাৰকপত্ৰত জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ লোকসকল শৈক্ষিক, আৰ্থিক আদি সকলো দিশতে কেনেদৰে অৱহেলিত আৰু বঞ্চিত হৈ আছে, সেয়া তুলি ধৰা হৈছিল। চাইমন কমিচনত সাক্ষ্য দান কৰা অগ্ৰণী জনজাতীয় নেতা মহীচন্দ্ৰ মিৰিয়ে সাক্ষ্য দিয়াৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ৰ পাতত এখন চিঠি লিখিছিল। মিৰিয়ে চিঠিত উল্লেখ কৰিছিল যে অসমৰ দাঁতি কাষৰীয়া অঞ্চলত অনেক জাতি আছে আৰু এই জাতিসমূহৰ বেলেগ বেলেগ ভাষাও আছে। ভাষাসমূহ এতিয়াও দোৱান হিচাবেই আছে। এই অঞ্চলসমূহৰ পৰা যিবোৰ ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ আহিছে, তেওঁলোকে নিজৰ দেৱান এৰি আনৰ লগত মিহলি হ’ব নোখোজে।

তৎকালীন শিক্ষিত জনজাতীয়সকলৰ আত্মপৰিচয়ৰ হাবিয়াস মিৰিৰ চিঠিখনত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল–‘আমি ভাবিছো, দুখীয়া হক, নিচলা হক, আমি নিজৰ আইক্হহে “আই” বুলিম আৰু সেৱা কৰিম। অইন এজনী তিৰোতা চহকী হ’ল বুলি তেওঁক আমি আই বুলিবলৈ নাযাওঁ আৰু বুলিলেও আমাক সকলোৱে বাতুল বুলিহে ক’ব আৰু যা বুলি ভেকাহিহে মাৰিব।

আমাৰ হিতৈষী পুৰুষসকলে কয়–“নহয় তেওঁলোকৰ আই তোমালোকৰহে, কিন্তু আমাৰ আই তোমালোকৰো। তোমালোকৰ স্বাৰ্থ আমাৰ স্বাৰ্থতকৈ নিঃকিন। সেইকাৰণে আমাৰ আইকহে তোমালোকেও আই বুলিব লাগে।” আমি কওঁ– “সেইফালে যাবলৈ আমাৰ বাট নাইকিয়াৰ নিচিনাই। এতিয়া সুবিচাৰক আৰু বিজ্ঞলোকে নিঃস্বাৰ্থভাৱে কওকচোন, এই তিনি আলিৰ মূৰত থাকি আমি কোনটো বাট লওঁ?”

এই ঘটনাৰ দুবছৰৰ পাছত অৰ্থাৎ ১৯৩০ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ‘আৱাহন’ৰ পাতত ‘বৃহত্তৰ অসমৰ কল্পনা’ নামৰ এখন ৰচনা লেখি বৰ্ণহিন্দু নেতাসকলক সকীয়াই দিছিল যে অসমৰ অৱনত-অত্যাচাৰিত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ যদি অসমৰ ৰাজনীতিক আৰু সমাজনীতিকসকলে চেষ্টা নকৰে, তেন্তে ভৱিষ্যতে অসমৰ অৱনত-অত্যাচাৰিত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই দিয়া হ’ব আৰু গৃহ কন্দলৰ বাহ সাজি দিয়া হ’ব।

মহীচন্দ্ৰ মিৰি বা বিষ্ণুপ্ৰসাদ ৰাভাই তেনে উপলব্ধি প্ৰকাশ কৰাৰ মূল কাৰণ হ’ল, সেই সময়ত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ কেইবাজনো উল্লেখযোগ্য প্ৰতিনিধিয়ে অসমৰ জনজাতিসকলক তেওঁলোকৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি সম্পূৰ্ণৰূপে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলৈ আহবান জনাইছিল। তেওঁলোকে এনে এক ধাৰণা দিবলৈ বিচাৰিছিল যে জনজাতিসকলে স্বকীয় বৈশিষ্ট্য জীয়াই ৰখাটো অসমীয়া জাতিৰ পক্ষে মংগলজনক নহ’ব। চাইমন কমিচন অহাৰ তিনিবছৰ পূৰ্বে অৰ্থাৎ ১৯২৫ চনত কমলাকান্ত ভট্টাচাৰ্য আৰু মহাদেৱ শৰ্মা সম্পাদিত পষেকীয়া আলোচনী ‘আসাম হিতৈষী’ত প্ৰকাশ পোৱা এটি সম্পাদকীয়ত কোৱা হৈছিল– ‘আসামৰ ফালৰ সৰহভাগ কছাৰীয়ে কেতিয়াবাই দোৱান পাহৰিলে, অসমীয়া ভাষাইহে তেখেতসকলৰ ভাষা, এনেস্থলত গোৱালপাৰাৰ বৰো দোৱান তেখেতসকলৰ মাতৃভাষা নহয় হেতুকে জাতীয় ভাষা হ’ব নোৱাৰে। আগেয়ে বৰো দোৱানক ভাষা কৰা কোনো কথাই নাছিল, সৰল চিত্তৰ কছাৰীসকলক খ্ৰীষ্টান কৰিবৰ অভিপ্ৰায়ে পাদুৰী চাহাবসকলে, গাৰো, খাছীয়া দোৱানক ৰোমান আখৰেৰে বেলেগ ভাষা কৰি পেলোৱাৰ দৰে কছাৰী দোৱানকো ভাষা কৰা দ্বাৰাই অসমীয়া জাতিৰ জাতীয়তা পতা সম্পৰ্কে কি যে অনিষ্ট সাধন কৰিছে ভাবিলেই দুখ লাগে। বৰ্তমান শিক্ষিত কছাৰী যুৱকসকলে যেন কথাটি ভাবি চায়।’

সি যি নহওক, জীৱনৰ আগ বয়সত বিষ্ণুপ্ৰসাদ ৰাভাই ‘পৰ জনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা’ জাতীয ৰোমান্টিক বা ভাৱবাদী গীত গালেও জীৱনৰ অলেখ সংঘাত আৰু মাৰ্ক্সবাদ-লেনিনবাদৰ অধ্যয়নে পৈণত বয়সত তেওঁক ক্ৰমশঃ বাস্তৱবাদী কৰি তুলিছিল। হেমাংগ বিশ্বাসৰ ভাষাত ক’বলৈ হ’লে, ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়াৰ পাছৰপৰা ‘তেওঁৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ’ আহিছিল ‘সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা।’ মাৰ্ক্সবাদৰ পোহৰত তেওঁ জাতীয়-জনজাতীয় সমস্যাবোৰ নতুনকৈ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে বৰ অসম নিৰ্মাণৰ প্ৰক্ৰিয়া মাৰ্ক্সকথিত শ্ৰেণীসংগ্ৰামৰ পথৰেহে সম্ভৱ; বিশুদ্ধ জাতীয়তাবাদী পথেৰে নহয়।

বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ জনজাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত দুটা দিশত অধিক গুৰুত্ব দিছিল – তাৰে এটা সাংস্কৃতিক আৰু আনটো অৰ্থনৈতিক। ড পৰমানন্দ মজুমদাৰৰ মতে, ‘জনজাতীয়সকলৰ হেৰাই যাব ধৰা সাংস্কৃতিক ঐতিহ্যক তুলি ধৰাৰ ৰাভা পক্ষপাতি আছিল। তাক সংৰক্ষণ কৰাৰো তেওঁ পোষকতা কৰিছিল। তেওঁ দেখিছিল যে ক্ৰমাৎ বাঢ়ি অহা আৰ্যপ্ৰীতিয়ে আমাৰ জাতিটোৰ গৌৰৱপূৰ্ণ অতীত মষিমূৰ কৰিব আৰু সাংস্কৃতিকভাৱে অসমত ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি কৰিব। এনে ক্ষেত্ৰত মাটিৰ কৃষ্টিক উজলাই ৰাখিবলৈ আমি সকলোৱে সচেষ্ট হ’ব লাগিব। তেওঁৰ মত আছিল— অসমীয়া সমাজক একগোট কৰি গোটাব পাৰিলেহে আমাৰ আৰ্থিক, ভাষা আৰু সংস্কৃতিৰ উন্নতি হ’ব আৰু আমি জীয়াই থাকিব পাৰিম। জাতি-জনজাতিৰ ভিতৰত থানবান হ’লে প্ৰত্যেক জনগোষ্ঠী মৰিব। মূলতঃ এনে দৃষ্টিভংগী আগত ৰাখিয়েই সাম্যবাদী ৰাভাই জনজাতিসকলৰ অতীত ইতিহাসৰ প্ৰতি বস্তুনিষ্ঠ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়াস কৰিছিল।’ ১০

অসমৰ জাতীয় আৰু জনগোষ্ঠীয় বা জনজাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাভাই আগবঢ়াই থৈ যোৱা সমাধান সূত্ৰৰ গ্ৰহণযোগ্যতা আজিও হেৰাই যোৱা নাই। তৎকালীন প্ৰেক্ষাপটত তেওঁৰ জাতি-জনজাতি সম্পৰ্কীয় চিন্তা-চেতনাক যেনেকৈ ‘আধুনিক’ বুলি ক’ব পাৰি, তেনেকৈ আজিৰ প্ৰেক্ষাপটতো ‘প্ৰাসংগিক’ বুলি অভিহিত কৰিব পাৰি। সেইদৰে, ৰাভাই নিজৰ ৰাজনৈতিক দৰ্শনক জনসাধাৰণৰ মাজত প্ৰসাৰ কৰিবৰ বাবে সাংস্কৃতিক মাধ্যমক চয়ন কৰাটোও তেওঁৰ আধুনিক চিন্তা-চৰ্চাৰে ফচল আছিল। ‘সৰ্বভাৰতীয় স্তৰত যিদৰে প্ৰেমচান্দে প্ৰগতিশীল সাহিত্যিক মঞ্চ গঠন কৰি সাহিত্যক সামাজিক সংশোধনৰ আহিলাৰূপে প্ৰদৰ্শন কৰিছিল, অসমতো বা হয়তো সমগ্ৰ ভাৰততেই ৰাভাই সাংস্কৃতিক উপাদানক বিপ্লৱৰ আহিলা হিচাবে প্ৰতিষ্ঠিত কৰিছিল। ১৯৩০ চনৰ পৰা ১৯৪৫ চনলৈ এই সময়ছোৱাত তেওঁ স্বকীয়ভাৱে এই কামটো কৰি গৈছিল। ভাৰতীয় গণ নাট্য মঞ্চ ১৯৪৩ চনতহে জন্ম হৈছিল, কিন্তু তাৰ অনেক আগৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে ৰাভাই গণসংস্কৃতিৰ চৰ্চা কৰিছিল। তাৰে স্বীকৃতি দি ৰাইজে আজি বিষ্ণু প্ৰসাদ ৰাভাক সৈনিক শিল্পী বুলি চিহ্নিত কৰিছে।’ ১১

অসমত বস্তুনিষ্ঠ ইতিহাস চৰ্চাই আনুষ্ঠানিক ৰূপ পোৱাৰ পূৰ্বেই বিষ্ণু প্ৰসাদ ৰাভাই বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ বাট কাটিছিল। তেওঁ প্ৰণালীবদ্ধভাৱে ইতিহাস চৰ্চা কৰাৰ সময় আৰু সুযোগ নাপালেও অসমৰ ইতিহাসক প্ৰচলিত সাম্ৰাজ্যবাদী-ঔপনিৱেশিক আৰু ভাৰতীয় বৈদিক জাতীয়তাবাদী দৃষ্টিভংগীৰ পৰা মুক্ত কৰিব খুজিছিল। ১২ নিঃসন্দেহে অসমীয়া আধুনিক চিন্তালৈ ৰাভাৰ এয়া এক বিৰল অৱদান অছিল। তেওঁ ‘জনজাতীয় সংস্কৃতিত শিৱ’ নামৰ ৰচনাখনত কৈছিল যে বহু পণ্ডিতে জনজাতিসকলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে মূলতঃ বেদ, বেদান্ত, উপনিষদ, পুৰাণাদিক সাৰথি কৰি গৱেষণাত মনোনিৱেশ কৰাৰ ফলত অনেক কেৰোণে ঠাই লৈছে। তেওঁৰ মতে, জনজাতিৰ ধৰ্ম, ভাষা, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান আৰু অধ্যয়ন নাথাকিলে জনজাতিৰ বিষয়ে লিখা ৰচনা শুদ্ধ আৰু সঠিক হ’ব নোৱাৰে। অনুসন্ধিৎসুসকল ‘জনজাতিৰ হিয়াৰ আমঠু, কলিজাৰ এডুখৰি আৰু বুকুৰ এফাল’ হ’বলৈ শিকিব লাগিব।

ৰাভাই অসমৰ সাংস্কৃতিক আৰু নৃতাত্ত্বিক গৱেষণাৰ ক্ষেত্ৰখনতো এক নতুন বাট কাটিবলৈ সক্ষম হৈছিল। তেওঁ অসমীয়া সমাজ-সংস্কৃতিত জনজাতীয় উপাদানৰ সন্ধানেৰে প্ৰমাণ কৰি দেখুৱাইছিল যে জনজাতিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। তেওঁ অসমীয়া ভাষাৰ বহু শব্দত বড়ো উপাদান আৱিষ্কাৰ কৰাৰ লগতে সংস্কৃত মূলৰ পৰা অহা বুলি প্ৰচলিত বহু অসমীয়া শব্দও জনজাতীয়মূলীয় বুলি দেখুৱাইছিল। এচাম বৰ্ণহিন্দু পণ্ডিত-গৱেষকে ‘বিহু’ শব্দটি সংস্কৃত ‘বিষুব’ শব্দৰ পৰা অহা বুলি চালে-বেৰে কোবাই ক’ব বিচাৰিলেও ৰাভাই ‘কৈ থাকো মানে ওৰকে নপৰে’ শীৰ্ষক ৰচনা এখনত ‘বিহু’, ‘ব’হাগ’ আদি শব্দ বড়ো মূলৰ পৰা অহা বুলি দেখুৱাইছিল। তেওঁৰ মতে, বড়োসকলৰ ‘বি’ মানে মগা, ‘হু’ মানে দিয়া। গুৰুজনাক ভকতি মাগিলে তেওঁ আশীষ দিয়ে। মাক-দেউতাকক শ্ৰদ্ধা যাচিলে তেওঁলোকে ল’ৰা-ছোৱালীক চেনেহ দিয়ে। তেওঁ ‘ব’হাগ’ শব্দ ‘বৈছাগা’ৰ (বৈছা-বছৰ, গা-জনম) পৰা অহা বুলি মন্তব্য কৰিছিল। তেওঁৰ মতে, ‘বৰদৈচিলা’ বড়োসকলৰ এগৰাকী গোঁসানী। ‘বাৰ’ মানে বতাহ বা ধুমুহা, ‘দৈ’ মানে পানী বা বৰষুণ, ‘চিখলা’ মানে গাভৰু বা গোঁসানী। ‘বাৰদৈচিখলা’ মানে ধুমুহা বৰষুণৰ গোঁসানী।

ৰাভাই অসমৰ নৃত্য আৰু সংগীত জগতক এক নতুন মাত্ৰা দিছিল। তেওঁ অসমীয়া নৃত্য আৰু নাটকৰ আদিমাতৃস্বৰূপ ‘ওজাপালি’ক নতুন মৰ্যাদাৰে পুনঃ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগ-ভাগ লৈছিল। বিংশ শতিকাৰ প্ৰাৰম্ভলৈকে অসমৰ শিক্ষিত সমাজৰ বাবে অপাংক্তেয় হৈ থকা ‘ওজাপালি’ নাচ তেওঁ বৰপেটাত দৰ্শন কৰি আকৃষ্ট হৈছিল আৰু ‘ওজাপাল’ৰ অন্তৰ্নিহিত সম্ভাৱনা উপলব্ধি কৰি ইয়াৰ প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈছিল। সেই সময়ছোৱাত অসমীয়া ধ্ৰুপদী নৃত্যৰ ধাৰাও বিভিন্ন সত্ৰৰ ভকতসকলৰ মাজতেই আবদ্ধ হৈ আছিল। ধ্ৰুপদী নৃত্যৰ প্ৰচাৰৰ বাবে আৰু মেঞ্চাপযোগী কৰি তোলাৰ বাবে যিসকল তৰুণ অসমীয়াই অহোপুৰুষাৰ্থ কৰিছিল, সেইসকলৰ ভিতৰত ৰাভা আছিল অন্যতম। তেওঁলোকে প্ৰতিষ্ঠা কৰা ‘কামৰূপী নৃত্যসংঘ’ই প্ৰথমবাৰৰ বাবে পূব আৰু উত্তৰ ভাৰতৰ সহস্ৰ দৰ্শকৰ সন্মুখত সত্ৰীয়া নাচ দেখুৱাই অসমৰ প্ৰাচীন নৃত্য সম্পদৰ বিষয়ে জনসমাজত দাঙি ধৰিছিল। ৰাভাৰ ‘শিৱ তাণ্ডৱ’ নৃত্যই দৰ্শকসকলক বিশেষভাৱে আকৰ্ষিত কৰিছিল।

ৰাভাই কলকাতাৰ চেনোলা কোম্পানী আৰু পাছত এইছ. এম. ভিৰ প্ৰযোজনাত বহু অসমীয়া গীত গ্ৰামোফোন ৰেকৰ্ডৰ মাধ্যমেৰে সমগ্ৰ অসমতে প্ৰচলন কৰাৰ ক্ষেত্ৰত সাহায্য কৰিছিল। সেই সময়ত অসমত গণপ্ৰচাৰৰ একমাত্ৰ মাধ্যম গ্ৰামোফোন ৰেকৰ্ডই আছিল। তেওঁ জ্যোতিপ্ৰসাদৰ লগ লাগি ‘শোণিত কুঁৱৰী’ আৰু বেজবৰুৱাৰ ‘জয়মতী’ নাট দুখন ৰেকৰ্ড কৰিছিল। তেওঁ নিজৰ পৰিচালনাত চেনোলা কোম্পানীৰ পৰাই ‘বেউলা’, ‘বিহুৱতী’, ‘ৰতনী’, ‘শংকৰদেউ’, ‘মাধৱদেউ’ প্ৰভৃতি স্বৰচিত পাঁচখন নাটক আৰু পাছত এইছ. এম. ভি-ৰপৰা ‘বৰদৈচিলা’ ৰেকৰ্ড কৰোৱায়।

হেমাংগ বিশ্বাসৰ মতে, নটসূৰ্য ফণী শৰ্মা আৰু বিষ্ণু ৰাভাৰ আজীৱন বন্ধুত্ব আৰু কৰ্ম সাধনাই অসমৰ মঞ্চ তথা চলচ্চিত্ৰ জগতত এক অবিনশ্বৰ অধ্যায় প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমৰ আধুনিক নাট্য আন্দোলনৰ মধ্যস্থলী তেজপুৰৰ বাণ ষ্টেজত ৰাভাই ‘কাৰাগাৰ’, ‘নাদিৰ চাহ’ প্ৰভৃতি পৌৰাণিক আৰু ঐতিহাসিক নাটকৰ নায়কৰ ভূমিকাত সাৰ্থক অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত আধুনিক নাট্যশৈলীৰ সামাজিক নাটকতো তেওঁ সমানে দক্ষতা প্ৰদৰ্শন কৰিছিল। ৰাভাই ১৯৩১-৩২ চনতেই কলকাতাত Agro Picture Corporation নামৰ প্ৰতিষ্ঠান এটা খুলি চলচ্চিত্ৰ নিৰ্মাণৰ বাবে বহুদূৰ আগবাঢ়িছিল। কিন্তু অৰ্থৰ অভাৱত সেই প্ৰচেষ্টা এৰিব লগা হ’ল। ইয়াৰ পাছত অসমৰ অন্যতম শ্ৰেষ্ঠ ছবি ‘চিৰাজ’ৰ পৰিচালক ফণী শৰ্মাৰ সহযোগী হৈছিল। তেওঁ দুখনমান অসমীয়া চলচ্চিত্ৰত কৰা অভিনয় দুৰ্দান্ত আছিল।১৩

সি যি হওক, বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে জননেতা ভীমবৰ দেউৰীয়েও অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা পদে পদে উপেক্ষা-বঞ্চনাৰ বলি হোৱাৰ পাছতো এক বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ সপোন দেখিছিল আৰু চমু জীৱন কালতে অধুনিক অসমীয়া চিন্তালৈ কেতবোৰ বিৰল অৱদান আগবঢ়াইছিল।

১৯২৫ চনত শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ দৰে এক অনগ্ৰসৰ অঞ্চলৰপৰা পাঁচটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ অহা দেউৰীয়ে প্ৰত্যক্ষ কৰিছিল যে কলেজখনত বৰ্ণহিন্দু ছাত্ৰসকলে জনজাতি ছাত্ৰসকলক – লাগিলে কোনো ছাত্ৰ শংকৰী ধৰ্ম পালন কৰা পৰিয়ালৰ পৰাই আহক– অস্পৃশ্য জ্ঞান কৰে। অথচ, দেউৰীৰ পিতৃ গদাৰামে শংকৰী ধৰ্মত দীক্ষা লোৱাৰ বাবেই পৰম্পৰাগত ৰীতি-নীতিত অভ্যস্ত পৈত্ৰিক গাঁওখনত মনেৰে মিলা মানুহ বে¿6 লগ পোৱা না¿6ল। অৰ্থাৎ নিজ সমাজৰ অধিকাংশ লোকৰ লগত পিতৃৰ মানসিক বিচ্ছেদ ঘটিছিল। কলেজৰ বৰ্ণহিন্দু ছাত্ৰসকলৰ জাতিদম্ভী আচৰণে দেউৰীক স্বাভাৱিকতে মনোকষ্ট দিছিল।

ভীমবৰ দেউৰীয়ে নিশ্চয় উপলব্ধি কৰিছিল যে শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমত মধ্যযুগতে বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ চলালেও বৰ্ণবাদৰ কেতবোৰ অমানুষিক প্ৰথা পুলিয়ে-পোখাই উভালি পেলাব পৰা নাছিল; সেই ক্ষয়ংকৰ প্ৰথাসমূহৰ অৱশেষ অসমৰ সমাজ জীৱনত ৰৈ যোৱাৰ পৰিণতিতে কটন কলেজৰ দৰে এক আধুনিক তথা উচ্চ শিক্ষানুষ্ঠানতো জাত-পাতৰ বিচাৰ পৰিলক্ষিত হৈছিল। তেওঁ ৰবিচন্দ্ৰ কছাৰী, ধীৰ সিং দেউৰী আদি ছাত্ৰ-বন্ধুসকলৰ লগত অনগ্ৰসৰ জনজাতিবোৰৰ বিষয়ে প্ৰায়ে আলোচনা কৰিছিল আৰু তেওঁলোকে কলেজৰ জনজাতি ছাত্ৰসকলক প্ৰথম মেছৰ পৰিৱৰ্তে দ্বিতীয় মেছতহে খোৱা-মেলা কৰিবলৈ দিয়া বৈষম্যমূলক ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। নক’লেও হয়, বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰি দেউৰীয়ে ‘আধুনিক’ শিক্ষানুষ্ঠানসমূহৰ পৰা জাত-পাতৰ বিচাৰ দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। তৎকালীন সামাজিক প্ৰেক্ষাপটত দেউৰীৰ তেনে ভূমিকাক আধুনিক আৰু প্ৰগতিশীল বুলিয়েই ক’ব লাগিব।

ভীমবৰ দেউৰীয়ে উপলব্ধি কৰিছিল যে দেউৰী, মিচিং, বড়ো, তিৱা, ৰাভা, সোণোৱাল কছাৰী, মৰাণ, মটক আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হ’লেহে সকলোৰে উন্নতি সম্ভৱপৰ হ’ব। ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁৱৰ ৰহাত অসমৰ ভৈয়ামৰ জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্বমূলক অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই অধিৱেশন স্থলীতে Assam Backward Plains Tribal Leauge (পাছলৈ Tribal Leauge হিচাপে খ্যাত) গঠিত হৈছিল। লীগৰ সভাপতিৰ পদত অধিষ্ঠিত হয় চাইমন কমিচনত কছাৰীসকলৰ হৈ সাক্ষ্য দান কৰা প্ৰতিনিধি যাদৱ চন্দ্ৰ খাখ্লাৰি আৰু সম্পাদক পদত অধিষ্ঠিত হয় ভীমবৰ দেউৰী। উল্লেখ্য যে ‘ট্ৰাইবেল লীগ’ৰ স্থায়িত্ব আৰু কাৰ্যকাৰিতাৰ সৰ্ন্দভত বৰ্ণহিন্দুসকলেই নহয়, অগ্ৰণী জনজাতীয় ব্যক্তিসকলেই ঘোৰ সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু, দেউৰীৰ দৰে নেতাৰ প্ৰচেষ্টাত ই অচিৰেই সফল, গতিশীল আৰু কাৰ্যকৰী অনুষ্ঠানত পৰিণত হৈছিল।

লক্ষণীয় যে ভৈয়ামৰ জনজাতিসকলৰ ভিতৰত ‘পোন-প্ৰথমে বড়োসকলৰ মাজত স্বাধিকাৰ আন্দোলনে গা কৰি উঠিছিল। ১৮৬০ চনত জন্মগ্ৰহণ কৰা বড়ো আন্দোলনৰ বাটকটীয়া কালিচৰণ ব্ৰহ্মই ১৯০৬ চন মানৰপৰা বড়োসকলৰ মাজত পৰ্যায়ক্ৰমে আত্মসংশোধন, শিক্ষা আৰু ন্যায্যপ্ৰাপ্তিৰ সংগ্ৰামখনক গঢ়ি তুলিছিল। কালিচৰণ ব্ৰহ্মই বড়ো তথা কছাৰীসকলৰ স্বাধিকাৰৰ বাবে যি সংগ্ৰামৰ আৰম্ভ কৰিছিল, সেই সংগ্ৰামে অন্যান্য জনজাতীয় জনগোষ্ঠীৰ মাজত সংগ্ৰামী চেতনা জাগ্ৰত কৰি তুলিছিল। এই চেতনাৰ স্ফূৰণ ঘটি পাছলৈ জনজাতিসকলৰ এচাম শিক্ষিত ব্যক্তিৰ নেতৃত্বত ১৯৩৩ চনত জনজাতিসকলৰ প্ৰথমটো উমৈহতীয়া সংগঠন ট্ৰাইবেল লীগৰ জন্ম হৈছিল।’১৪

ভীমবৰ দেউৰীয়ে যথাৰ্থ ভাবেই উপলব্ধি কৰিছিল যে সংৰক্ষণৰ সংঘবদ্ধ আন্দোলনৰ জৰিয়তেহে জনজাতিসকলে ঔপনিৱেশিক প্ৰশাসনৰপৰা চাকৰি-বাকৰিৰ ক্ষেত্ৰত কিছু সা-সুবিধা অৰ্জন কৰিব পাৰিব। সেয়ে ট্ৰাইবেল লীগে ৰাজনৈতিক ক্ষমতাৰ অংশ অধিকাৰ কৰিবলৈ সচেষ্ট হৈছিল। বিধানসভা, লোকেল বোৰ্ড আদিত আসন সংৰক্ষণ কৰাটো লীগৰ প্ৰধান লক্ষ্য হৈ পৰিলে। এই ক্ষেত্ৰত দেউৰীৰ বিচক্ষণতা আৰু দূৰদৰ্শিতা পৰিলক্ষিত হৈছিল। দেউৰীয়ে বৰ্ণহিন্দুৰ আক্ৰমণ আৰু গৰিহণাকো আওকাণ কৰি 6াদুল্লাৰ মন্ত্ৰীসভাত জনজাতিসকলৰ বাবে আসন সংৰক্ষণ কৰাইলে। অৱশ্যে, ছাদুল্লাৰ লগত থাকিলে অসম পূৰ্ব পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত বুলি অনুভৱ কৰি তেওঁ থলুৱা জনগোষ্ঠীসকলৰ স্বাৰ্থতে কংগ্ৰেছত যোগদান কৰিছিল।

দেউৰীয়ে অসমৰ অৱনত-অৱহেলিত জনজাতীয়সকলৰ আত্মসবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপে কেৱল জনজাতীয়সকলৰ আত্মপৰিচয়কে জিলিকাই তোলা নাছিল, অসমীয়া জাতিৰ মেৰুদণ্ডও শক্তিশালী কৰি তুলিছিল। অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ সুপ্ত চেতনাক জাগ্ৰত কৰিবলৈ তেওঁ বিভিন্ন সভা-সমিতি আয়োজন কৰিলেও সেই সভা-সমিতিসমূহত কেতিয়াও কোৱা নাছিল যে অসমীয়া জাতিৰ আন অংগবোৰতকৈ তেওঁলোক পৃথক। ১৯৩৮ চনত কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিৱেশনত তেওঁ স্পষ্টকৈ কৈছিল–‘আমি আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নালাগে যে আমি অসমীয়া জাতিৰ এটা অংগ। অসমীয়া জাতৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য। আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা।’ ১৫

ভীমবৰ দেউৰীয়ে জনজাতিসকলৰ আৰ্থ-সামাজিক, মনস্তাত্ত্বিক, ৰাজনৈতিক আদি বিভিন্ন দিশেই আন্তৰিকতাৰে তুলি ধৰিবলৈ প্ৰয়াস কৰিছিল। জনজাতীয় সমাজত শিক্ষাৰ বিস্তাৰ, জনজাতীয়সকলৰ বাবে চাকৰি সংৰক্ষণ, মাদক দ্ৰব্য নিবাৰণ আদিৰ জৰিয়তে তেওঁ জনজাতীয়সকলক সবল কৰিবলৈ অগ্ৰসৰ হৈছিল বাবে তেওঁৰ চিন্তা-চেতনাত এক সমাজ-সংস্কাৰকৰ ভূমিকা পৰিলক্ষিত হৈছিল। সেই সময়ত বিভিন্ন জনজাতিৰ মাজত আন্তঃবিবাহ হোৱা নাছিল যদিও তেওঁ বড়ো সম্প্ৰদায়ৰ ছোৱালী (ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলা দেৱীক) বিবাহ কৰিছিল। সকলো জনজাতিৰ মাজত একতা আৰু নিবিড় সম্বন্ধ গঢ়াৰ এয়া যেন আছিল এক বাস্তৱিক আৰু ফলপ্ৰসূ পদক্ষেপ।

দেউৰীয়ে কৃষিজীৱী জনজাতীয়সকলৰ উন্নতিৰ ক্ষেত্ৰত অহৰহ ধ্যান দিছিল। উপান্ত খেতিয়কৰ ভূমি সমস্যাক তেওঁ গুৰুত্ব সহকাৰে লৈছিল আৰু কেৱল কৃষিৰ উন্নতিৰ জৰিয়তে কৃষকৰ উন্নতি অসম্ভৱ বুলি ভাবি জনজাতিসকলক অন্যান্য বৃত্তি গ্ৰহণৰ বাবেও অনুপ্ৰাণিত কৰিছিল। অন্যান্য বৃত্তি গ্ৰহণৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁ জনজাতিসকলৰ মাজত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ওপৰত গুৰুত্ব দিলে। তেওঁ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্তিৰ বাবে প্ৰাথমিক শিক্ষা অপৰিহাৰ্য বুলি বিশ্বাস কৰিলে।

জনজাতিসকলৰ উত্তৰণৰ ক্ষেত্ৰত মাদক দ্ৰব্য সেৱন অন্যতম হেঙাৰ বুলি উপলব্ধি কৰি তেওঁ মাদক দ্ৰব্য নিবাৰণৰ বাবেও অহোপুৰুষাৰ্থ কৰিছিল। ত্ৰিশৰ দশকত জনজাতিসকলৰে এখন সভাত তেওঁ মদৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে মুকলিকৈ কৈছিল। এনে দৃষ্টিভংগীৰে ১৯৪১ চনত ‘সদৌ অসম মটক সন্মিলন’ৰ এখন অধিৱেশনত ভাগ লৈ দেউৰীয়ে কৈছিল যে অনগ্ৰসৰ জাতি-জনজাতিৰ লোকসকলে চাফ-চিকুণ থাকিবলৈ শিকিব লাগিব। গাঁৱত আলি-পদূলি আদি উন্নত আৰু ভাল পানী খোৱাৰ ব্যৱস্থা কৰিব লাগিব। গাঁবৰ মানুহবিলাকে মিছা কুসংস্কাৰ আঁতৰাব লাগিব। কানি নিৰ্মূলকৰণৰ অৰ্থে আন্দোলনত অৱতীৰ্ণ হ’ব লাগিব।

সেই অধিৱেশনতে তেওঁ ক্ষোভেৰে কৈছিল– ‘প্ৰকৃতিৰ ৰম্যভূমি আৰু সোণৰূপৰ আকৰেৰে ভৰা এই নিৰুপমা আসাম মাতৃৰ বুকুত থাকিও আমি অসমীয়া দুখীয়া, জুৰুলা আৰু আনৰ মুখলৈ চোৱা।’ তেওঁ কৈছিল, অসমীয়া অৰ্থ উপাৰ্জনৰ পথবিলাক নিজৰ হাতত নাই। গতিকে তাক অসমীয়াই নিজৰ হাতলৈ আনিব লাগিব। কিন্তু, তাকে কৰিবলৈ যাওঁতে এক অসাম্প্ৰদায়িক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ তেওঁ আহবান জনাই কৈছিল–‘হিন্দু-মুছলমান-খ্ৰীষ্টায়ান আদি ভেদভাব থাকিব নালাগিব।’ তেওঁ এই সন্দেহো কৰিছিল যে আন প্ৰদেশীয় আৰু ভাৰতীয় বাণিজ্য গোষ্ঠীয়ে অসমৰ বাণিজ্য হস্তগত কৰি ৰাখিবলৈ হিন্দু-মুছলমান আদি ভেদভাবৰ সৃষ্টি কৰিব পাৰে।

পৰমানন্দ মজুমদাৰৰ ভাষাৰে ক’বলৈ গ’লে–‘ত্ৰিশ-চল্লিছৰ দশকৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক পটভূমিত তেওঁৰ ভূমিকাৰ ঐতিহাসিকতা অস্বীকাৰ কৰাৰ ক্ষমতা আজি আৰু আমাৰ নাই। যিসকলে তেওঁৰ দৃষ্টিভংগীক সাম্প্ৰদায়িক আখ্যা দিব বিচাৰিছিল, সেইসকলৰ দৃষ্টিভংগী যে অসাম্প্ৰদায়িক নাছিল, তাক ইতিহাসেই প্ৰমাণ কৰিলে। যিসকলে তেওঁক কেৱল ট্ৰাইবেল নেতাহে বুলি ইতিহাসত অভিহিত কৰিব বিচাৰিছে, তেওঁলোকৰ দৃষ্টিভংগীও যে অপ্ৰাসংগিক নহয় সেইকথাও ভীমবৰৰ দৃষ্টিভংগীয়ে প্ৰতিপন্ন কৰিলে। জাতিগত প্ৰশ্নত ভীমবৰৰ দৃষ্টিকোণ শ্ৰেণীগত নাছিল, সেয়াও নহয়; কৃষকসকলৰ সৰ্বাংগীণ মংগল অবিহনে অসমীয়া জাতিৰ উন্নতি সম্ভৱ বুলি তেওঁ ভাবিব পৰা নাছিল। তেওঁৰ চিন্তাৰাশিত মাৰ্ক্সীয় চিন্তাৰো স্পৰ্শ পৰিছিল বুলি আমাৰ ধাৰণা হয়। তেওঁৰ পুত্ৰই আমাক জনোৱা মতে, তেওঁ মাৰ্ক্সীয় গ্ৰন্থাৱলী কিছু অধ্যয়ন কৰিছিল। এনে দৃষ্টিভংগীৰ পোহৰতে হয়তো জাতিগত নিপীড়নৰ প্ৰশ্নটোৰ সমাধান তেওঁ বিচাৰিছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ কূটকৌশল আৰু শাসন-শোষণৰ স্বৰূপ তেওঁ ভালদৰেই উপলব্ধি কৰিছিল। তেওঁলোকৰ নীতিৰ বাবেই যে বৰ্ণহিন্দু আৰু জনজাতিসকলৰ মাজৰ ব্যৱধান দ্ৰুত হৈছিল তাক তেওঁ ছাত্ৰকালতে হৃদয়ংগম কৰিছিল।’১৬

সামৰণিত ক’ব পাৰি যে বৰ্তমান সময়ছোৱাত বৈদিক ধৰ্ম-সংস্কৃতিয়ে প্ৰায়বোৰ জনজাতি-জনগোষ্ঠীৰ আত্মপৰিচয়ক গ্ৰাস কৰাৰ উপক্ৰম হৈছে, সমগ্ৰ অসমেই সমস্যাৰ বা-মাৰলীত দিকহাৰা হৈ পৰিছে আৰু অনিশ্চিত ভৱিষ্যতৰ পথেৰে আগুৱাইছে। এই সময়ত বৰ্ণ বিদ্বেষৰ বহু হলাহল পান কৰিও নীলকণ্ঠ অসমীয়া হৈ থকা বিষ্ণু প্ৰসাদ ৰাভা বা ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্মৰাজিত ভূমুকি মাৰিলে তেওঁলোকৰ মৌলিক তথা সুদূৰপ্ৰসাৰী চিন্তাৰ বহু দিশ উজ্জ্বল হৈ আমাৰ চকুত ধৰা দিয়ে। তেওঁলোকে দেখুৱাই থৈ যোৱা পথেৰে আগবাঢ়িলেহে অসমীয়া জাতি আৰু অসমৰ অনাগত ভৱিষ্যত সুস্থিৰ আৰু নিৰাপদ হোৱাৰ সম্ভাৱনা আছে।

তথ্যসূত্ৰ :

১. শৰ্মা, দ দেৱব্ৰত, অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পঞ্চম প্ৰকাশ, ২০১৩ চন, পৃঃ ২৪

২. শৰ্মা, দ দেৱব্ৰত : পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃঃ ৩৯৭

৩. শৰ্মা, দ দেৱব্ৰত : পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃঃ ১৪১

৪. শৰ্মা, দ দেৱব্ৰত : পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃঃ ১৩৪-১৩৫

৫. শৰ্মা, দ দেৱব্ৰত : আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম, পূৰ্বায়ণ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৮ চন, পৃঃ ৬৫

৬. নেওগ, ড মিলন : অসমীয়া জাতিসত্তা নিৰ্মাণত ভক্তিধৰ্মৰ ছাঁ, নামঘৰ, (ডিমৌ কেন্দ্ৰীয় নামঘৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ), ২০১৩ চন, পৃঃ ৩৬

৭. মহন্ত, ড প্ৰফুল্ল : অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্, ভৱানী সংস্কৰণ, ২০১০ চন, পৃঃ ৪৩৬

৮. দেউৰী, ইন্দিবৰ : বিষ্ণু ৰাভা আৰু জনজাতীয় উত্থান, বিষ্ণু প্ৰসাদ ৰাভা ঃ চিন্তা আৰু চেতনা (সম্পা. ড ৰজনীকান্ত দাস আদি), শুৱালকুছি নাট্যমঞ্চ, ২০০৯ চন, পৃঃ ১১

৯.-১০. পৰমানন্দ, ড মজুমদাৰ : অসমৰ জনজাতি সমস্যা : ৰাভাৰ দৃষ্টিভংগী; বৌদ্ধিক বিচাৰ ; প্ৰথম বছৰ, নৱম সংখ্যা; জুন, ২০১৮চন, পৃঃ ২৩, ২৭-২৮।

১১. বৰকাকতী, ড সঞ্জীৱ কুমাৰ : বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তাধাৰা, পূৰ্ব উল্লিখিত আলোচনী, পৃঃ ৩২

১২. গগৈ, টুনুজ্যোতি : বস্তুনিষ্ঠ ইতিহাস চৰ্চা : এক অৱলোকন, চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়, জে এছ পাব্লিকেশ্বনছ্, দ্বিতীয় প্ৰকাশ, ২০১৯ চন, পৃঃ ২২

১৩. বিশ্বাস, হেমাংগ : অসমৰ শিল্পী সৈনিক বিষ্ণু প্ৰসাদ ৰাভা, বৌদ্ধিক বিচাৰ, প্ৰথম বছৰ, নৱম সংখ্যা, জুন, ২০১৮ চন, পৃঃ ৭

১৪. মেচ, জিন্তু : ক্ষুদ্ৰ জাতিসত্ত্বাৰ অস্তিত্বৰ সংকট আৰু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, পৃথিৱী প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৭ চন, পৃঃ ৯২

১৫. গোহাঁই, ড হীৰেন : অসমৰ জনগোষ্ঠীগত আন্দোলন : পটভূমিত আলোকপাত; http://bouddhikbichar.com!veembar-deori-aru-axomar-jonagusthigot-andulon)

১৬. পৰমানন্দ, ড০ মজুমদাৰ ঃ ভীমবৰ দেউৰী আৰু অসমৰ জাতি সমস্যাত এভুমুকি,বৌদ্ধিক বিচাৰ, প্ৰথম বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ, ২০১৭ চন, পৃঃ ৩০

সমল গ্ৰন্থ :

১. দাস, যোগেশ (সম্পাঃ)  বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (১ম আৰু ২য় খণ্ড), ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ, দ্বিতীয় মুদ্ৰণ, ২০০৮ চন।

২. দেৱ গোস্বামী, ৰঞ্জিৎ কুমাৰ : প্ৰবন্ধ (১৯৭৩-২০১৫), লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৫ চন।

৩. নেওগ, ড০ মহেশ্বৰ : অসমীয়া সাহিত্যৰ ৰূপৰেখা; চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, চতুৰ্দশ তাঙৰণ, ২০১৫ চন।

৪. বৰা, দেবেন্দ্ৰনাথ : বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা; এছ. এইছ. শৈক্ষিক ন্যাস, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০০৯ চন।

৫. মহন্ত, ড০ প্ৰফুল্ল : অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্, ভৱানী সংস্কৰণ, ২০১০ চন।

৬. শৰ্মা, দ দেৱব্ৰত, অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পঞ্চম প্ৰকাশ, ২০১৩ চন।

৭. হুছেইন, ইছমাইল : বিষ্ণুৰাভাৰ জীৱন আৰু দৰ্শন; জ্যোতি প্ৰকাশন, গুৱাহাটী; ২০০৮ চন।

সমল আলোচনী :

১. ‘বৌদ্ধিক বিচাৰ’ৰ ‘ভীমবৰ দেউৰী বিশেষ সংখ্যা’; প্ৰথম বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ, ২০১৭ আৰু ‘বিষ্ণুপ্ৰসাদ ৰাভা বিশেষ সংখ্যা’; প্ৰথম বছৰ, নৱম সংখ্যা, জুন, ২০১৮ (সম্পা. টুনুজ্যোতি গগৈ)।

(ৰচনা কাল : ২০১৯)

Leave a Reply

Your email address will not be published. Required fields are marked *