আধুনিক বিজ্ঞান আৰু মাৰ্ক্সবাদৰ প্ৰাসংগিকতা : এটি প্রাৰম্ভিক টোকা (ডা: ভগৱান দেৱ মিশ্ৰ)
১৮২৭ চনত ৰবাৰ্ট ব্ৰাউনে পৰমাণুৰ এবিধ বিশেষ ধৰ্ম আৱিষ্কাৰ কৰাৰ সময়ত বিজ্ঞান-জগতত এক আলোড়নৰ সৃষ্টি হৈছিল। পৰমাণুৰ অস্তিত্বৰ ধাৰণা খৃ:পূ: ৪৫০-ৰ বিজ্ঞানী ডেমক্রেটাছৰ পৰাই আৰম্ভ হৈছিল যদিও প্ৰায় ডেৰ হেজাৰ বছৰ পিছতহে পৰমাণুৰ প্ৰকৃত ৰূপ এটাৰ প্ৰতিষ্ঠা হৈছিল। সৰহসংখ্যক বিজ্ঞানীৰে ধাৰণা আছিল যে পদাৰ্থৰ শেষ অস্তিত্ব হ’ল পৰমাণু আৰু ই অবিভাজ্য। স্থাণুধৰ্মী বিখ্যাত বিখ্যাত দাৰ্শনিকসকলে পৰমাণুৰ অবিভাজ্যতাৰ ধাৰণাটোক ঈশ্বৰৰ অস্তিত্বৰ সৈতে সাঙুৰিবলৈ নানা তত্ত্বৰ অৱতাৰণা কৰিছিল। পুঁজিবাদৰ সমৰ্থক বুদ্ধিজীৱীসকলে ইয়াৰ সমৰ্থনত নানা যুক্তি দৰ্শাই প্ৰমাণ কৰিবলৈ বিচাৰিছিল যে পৰমাণু যেনেকৈ পদাৰ্থৰ শেষ অস্তিত্ব, পুঁজিবাদো সমাজ-ব্যৱস্থাৰ শেষ স্তৰ—তাৰ আৰু কোনো বিকল্প থাকিব নোৱাৰে। কাৰ্ল মাৰ্ক্সে যুক্তি সহকাৰে এই তত্ত্ব নাকচ কৰিলে। মাৰ্ক্সে ক’লে যে পৰমাণু অবিভাজ্য হ’বই নোৱাৰে। বিশ্বব্ৰহ্মাণ্ড অসীম। ইয়াৰ যেনেকৈ Galactic, Suprgalactic অস্তিত্ব আছে, Subatomic অস্তিত্বও থাকিব। তাৰ পিছৰ দশককেইটাত বিজ্ঞানে প্ৰমাণ কৰিলে যে পৰমাণু অবিভাজ্য নহয়। ইলেকট্ৰন, প্ৰট’ন, নিউট্ৰ’ন আৱিষ্কাৰ হ’ল, কোৱাৰ্ক, গ্লুঅ’ন, মেছ’ন, মিউঅ’ন, ব’ছ’ন আদি আৱিষ্কাৰ হ’ল আৰু আজিও নতুন নতুন কণাৰ আৱিষ্কাৰ হৈয়েই আছে। পুঁজিবাদী ব্যৱস্থাই শেষ সমাজ-ব্যৱস্থা নহয়, ন ন সমাজ-ব্যৱস্থাৰ সৃষ্টি হ’ব—ই বৈজ্ঞানিকভাৱে নিৰ্দিষ্ট আৰু অনিবাৰ্য। কাৰ্ল মাৰ্ক্সক বিজ্ঞানী বুলি স্বীকৃতি নিদিয়া সকলোৱে স্বীকাৰ কৰিব যে মাৰ্ক্স বিজ্ঞানৰ এজন তীক্ষ্ণ শিক্ষক।
মাৰ্ক্সীয় দৰ্শনে মত পোষণ কৰে যে সকলো বস্তুৰে এটা প্ৰতিৰূপ থাকে। দুটা প্ৰতিধৰ্মী অস্তিত্ব একলগ হৈ থাকে (Unity of opposites)। মাৰ্ক্সৰ শ্ৰেণীসংগ্ৰাম আৰু শ্ৰেণীদৰ্শনৰ ধাৰণা এই তত্বৰ আধাৰতে প্ৰতিষ্ঠিত। সেই সময়ৰ বহু দাৰ্শনিকে এই তত্ত্বৰ বিৰোধী আছিল। তেখেতসকলৰ মতে এনেকুৱা হ’লে বস্তু ক্ৰিয়াশূন্য হ’ব। বিজ্ঞানে সদায় মাৰ্ক্সবাদক আগুৱাই নিছে, মূল কথাখিনি একেই ৰাখি কিছু পুৰণি ধাৰণাত নতুনত্ব সানিছে, পৰিৱৰ্তিত পৰিস্থিতিত ন ন সংযোজনাৰে তাক সমৃদ্ধ কৰিছে। Unity and struggle of opposites ধাৰণাৰ পৰাই আহিছিল প্ৰতিপদাৰ্থ (Antimatter), প্ৰতিকণিকা (Anti-Particle) আদিৰ অস্তিত্বৰ সম্ভাৱনাৰ ধাৰণা। ১৯৩২ চনত কাৰ্ল এণ্ডাৰচনে ইলেক্ট্ৰনৰ প্ৰতিকণা প’জিট্ৰন আৱিষ্কাৰ কৰিলে। ১৯৫৫ চনত এণ্টিপ্ৰ’ট’ন, এণ্টিনিউট্ৰনৰ আৱিষ্কাৰ হ’ল। বিজ্ঞানৰ দ্ৰুত অগ্ৰগতি হৈছে, শাসক শ্ৰেণীৰ ইচ্ছাৰ সপক্ষতো হৈছে, ইচ্ছাৰ বিৰুদ্ধেও হৈছে। Multiverse আৰু Antiverse-ৰ ধাৰণাও আহিছে, মধ্যাকৰ্ষণ আৰু মহাকাৰ্ষণৰো প্ৰতিধাৰণা আহিছে। একবিংশ শতিকাৰ বিজ্ঞানেও মাৰ্ক্সবাদৰ পদাৰ্থ আৰু গতিৰ ধাৰণাক নাকচ কৰা নাই, বৰঞ্চ তাক সমৃদ্ধ কৰিছে, প্ৰতিষ্ঠা কৰিছে।
সকলো বস্তৱেই গতিশীল। কুৰি শতিকাৰ আগভাগলৈ বহু বিজ্ঞানীয়ে পৃথিৱীৰ গতি, সৌৰজগতৰ গতি আদিৰ জটিল বিষয়বোৰৰ ব্যাখ্যা বৈজ্ঞানিকভাৱে আগবঢ়োৱাত সফল হৈছে। বহু বৈজ্ঞানিকে এই গতিৰ বাখ্যা সৌৰজগততে সীমাবদ্ধ ৰাখিছিল। লাহে লাহে প্ৰমাণ হ’ল যে গোটেই বিশ্বব্ৰহ্মাণ্ডখনেই গতিশীল, আমি বাস কৰা ব্ৰহ্মাণ্ডখনো আৰু আমাৰ বাহিৰত থকা কৌটি কৌটি ব্ৰহ্মাণ্ডবোৰো। এট’মিক, চাবএট’মিক বা চুপাৰ চাবএট’মিক পৰ্যায়তো প্ৰত্যেকটো বস্তুৱেই গতিশীল। Niels Bohr, Max Planck-ৰ উদ্যোগত কোৱণ্টাম ফিজিক্স আহিল, কোৱাণ্টাম মেকানিক্চ আহিল। আমাৰ দেহ, আমাৰ মস্তিষ্কৰ প্ৰতিটো অংশই গতিশীল। আধুনিক বিজ্ঞানে আমাৰ মস্তিষ্কৰ গঠন আৰু তাৰ বিভিন্ন জটিল ক্ৰিয়া প্ৰণালী অধ্যয়ন কৰি মস্তিষ্কক এক ব্ৰহ্মাণ্ড বুলি অভিহিত কৰিছে। আধুনিক মনোবিজ্ঞানে আমাৰ চিন্তা-চেতনাক কোৱাণ্টাম ধাৰণাৰে ব্যাখ্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমাৰ সমাজখন লক্ষ লক্ষ, কৌটি কৌটি মস্তিষ্কৰ শ্ৰম আৰু উৎপাদিকা শক্তিৰ সৃষ্টি। গতিকে সাধাৰণভাৱে ক’বলৈ গ’লে আমাৰ সমাজখন Multi-Verse, ই গতিশীল অৰ্থাৎ পৰিবৰ্তনশীল। ইয়াতেই নিহিত হৈ আছে সমাজ পৰিৱৰ্তনৰ অনিবাৰ্যতাৰ তত্ত্ব।
মাৰ্ক্সবাদে পদাৰ্থ আৰু গতিৰ লগত স্থান আৰু কালৰ সম্পৰ্ক বৈজ্ঞানিকভাৱে বাখ্যা কৰিছে। মাৰ্ক্স-এংগেলচৰ সময়ত বিজ্ঞানৰ বিকাশে দ্ৰুতি লাভ কৰা নাছিল। গতিকে স্থান আৰু সময়ক এটা এককত চিন্তা কৰা হোৱা নাছিল আৰু Space-time ধাৰণাটো নাছিল। আইনষ্টাইনেহে Space-time-ৰ ধাৰণাৰ জন্ম দিছিল। স্থানৰ ধাৰণা ত্ৰিমাত্ৰিক আছিল। সময় যে স্থানৰ এটা মাত্ৰা হ’ব পাৰে এই ধাৰণাটো নাছিল। আজিৰ বিজ্ঞানে স্থানৰ ব্যাখ্যা চাৰিমাত্ৰিক ধাৰণাৰে কৰে। অতি সম্প্ৰতি স্থানৰ বহুমাত্ৰিক ধাৰণাও চৰ্চিত হৈ আছে। স্থানৰ বহুমাত্ৰিক প্ৰাকল্পিক ধাৰণাৰ আধাৰত মানুহে অতীতলৈ ঘূৰি যাব পৰাৰো আশা ৰচনা কৰিছে। মাৰ্ক্সবাদে সময়ক অনাদি-অনন্ত বুলি কৈছে। আধুনিক বিজ্ঞানে সময়ৰ আদি আৰু অন্ত ব্যাখ্যা কৰিছে। ইয়াতেই উৎসাহিত হৈ বহুতেই মাৰ্ক্সবাদী দৰ্শনক অপ্ৰসাংগিক বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিছে। মাৰ্ক্সবাদে সময়ৰ তিনিটা ৰূপৰ কথা কৈছে—ব্যক্তিগত সময়, বিশেষ সময় আৰু সাৰ্বজনীন সময় (Indivisualiy, Particularity and Universality of time)। Big Bang-ত সময়ৰ আৰম্ভণি আৰু Black Hole-ত সময়ৰ অন্ত। এইটো হ’ল সময়ৰ Particularity। মই মাতৃগৰ্ভত স্থিতি লোৱাৰ লগে লগে মোৰ সময় আৰম্ভ আৰু মোৰ মৃত্যুৰ লগে লগে মোৰ সময় অন্ত। এইটো মোৰ Individual সময়। গোটেই বিশ্বব্ৰহ্মাণ্ডকেই যদি আমি সামগ্ৰিকতাৰে লওঁ, তেনেহ’লে দেখিম যে প্ৰতিনিয়ত অলেখ Big Bang আৰু Black Hole সৃষ্টি হৈ আছে। গতিকে সামগ্ৰিকভাৱে সময় অনাদি-অনন্ত। স্থান যদি অনাদি-অনন্ত, সময়ো অনাদি-অনন্ত। এটা নিৰ্দিষ্ট স্থানত সময়ৰ আদি-অন্ত থাকিব; কিন্তু মহাবিশ্বত সময়ৰ আদিও নাই, অন্তও নাই।
মাৰ্ক্সীয় দৰ্শনত সম্ভাৱনা আৰু বাস্তৱতাৰ (Possibility and Reality) কথা আলোচনা কৰা হৈছে। আজিৰ সম্ভাৱনাবোৰৰ কিছুমান কাইলৈ বাস্তৱ হ’ব। মাৰ্ক্স-এংগেলছৰ সময়ৰ সমাজবাদৰ সম্ভাৱনা লেনিনৰ সময়ত বাস্তৱ হৈছিল। গেলিলিওৰ সময়ৰ সম্ভাৱনাবোৰ নিউটনৰ সময়ত বাস্তৱ হৈছিল, নিউটনৰ সময়ৰ সম্ভাৱনাবোৰ আইনষ্টাইনৰ সময়ত বাস্তৱ হৈছিল, আইনষ্টাইনৰ সময়ৰ সম্ভাৱনাবোৰ Niels Bohr, Max Planck-ৰ সময়ত বাস্তৱ হৈছে, Peter Higgs-ৰ সময়ত বাস্তৱ হৈছে। এনেকৈয়ে বিজ্ঞান আৰু সভ্যতাৰ জয়ৰ ধাৰা নিৰন্তৰ চলি আছে। মাৰ্ক্সবাদৰ এই দৰ্শন আধুনিক বিজ্ঞানে বিশেষকৈ কোৱাণ্টাম ফিজিক্সে বাৰে বাৰে প্ৰতিপন্ন কৰিছে। ঠিক তেনেদৰে কাৰণ আৰু ফলাফল (Cause and Effect), আৱশ্যকতা আৰু অঘটন (Necessity and Accident), ঠাঁচ আৰু বিষয়বস্তু (Form and Content), সাৰবস্তু আৰু ৰূপ (Essence and Appearance) আদিৰো বিশদ বাখ্যা আধুনিক বিজ্ঞানে কৰিছে। সকলো ব্যাখ্যাই মাৰ্ক্সবাদৰ মূল বিষয়বস্তুক সমৰ্থন কৰিছে।
“The Universe is created from nothing”—এই ধাৰণা মানি ল’বলৈ টান। বহু বিজ্ঞানীয়ে এই ধাৰণাৰ বিৰোধিতা কৰিছে। সেয়েহে White Hole, Wormhole-ৰ ধাৰণাৰো জন্ম হৈছে। শূন্যৰ পৰা একোৰে সৃষ্টি হ’ব নোৱাৰে। পদাৰ্থৰ পৰা যেনেকৈ শক্তিৰ সৃষ্টি হয়, শক্তিৰ পৰাও পদাৰ্থৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়া বিশ্বপ্ৰকৃতিত প্ৰতিনিয়ত চলি আছে। Black Hole-তো এই প্ৰক্ৰিয়া চলি থকাৰ সপক্ষে বহু বিজ্ঞানীয়ে মত পোষণ কৰিছে। বিজ্ঞানে এদিন এই ৰহস্যবোৰ ভেদ কৰিব আৰু নতুন নতুন সম্ভাৱনাৰ খবৰ পাব। সেই সম্ভাৱনাবোৰৰ বাস্তৱ ৰূপ দিবলৈ বিজ্ঞান আৰু এঢাপ আগুৱাই যাব। অনুসন্ধিৎসা নিছিগা ধাৰে বৈ থাকিব। মাৰ্ক্সীয় দৰ্শনে কৈছে যে জ্ঞান অসীম আৰু অসীমতা সসীমতাৰ সমষ্টি (Knowledge is infinity, but infinity is the summation of some finites); আধুনিক বিজ্ঞানেও তাকেই কৈছে। আধুনিক বিজ্ঞানৰ প্ৰতিটো অগ্ৰগতিতে মাৰ্ক্সবাদৰ প্ৰাসংগিকতা প্ৰতিপন্ন হৈছে। মাৰ্ক্সবাদ বিজ্ঞান, আপ্তবাক্য নহয়। তাত নতুন নতুন অধ্যয়ন আৰু পৰীক্ষণ লাগিব। আধুনিক বিজ্ঞানৰ লগত মাৰ্ক্সবাদৰ সংগতি ৰক্ষা আৰু সম্প্ৰসাৰণৰ দায়িত্ব কিন্তু নতুন প্ৰজন্মৰ।
(ডা: ভগৱান দেৱ মিশ্ৰৰ প্রবন্ধটোৱে আগ্রহী পাঠকৰ মনত পক্ষে-বিপক্ষে নিশ্চয় বহুতো প্রশ্নৰ জন্ম দিব। তেনে প্রশ্ন আৰু মতামত ইচ্ছুকসকলে অধিক আলোচনাৰ বাবে “মুক্ত চিন্তা”-লৈ প্রেৰণ কৰিব পাৰে।~মুখ্য সম্পাদক)