আধুনিক চিত্রশিল্পৰ জন্মক্রন্দন আৰু বিৱৰ্তনৰ গতিপথ (১৮৭০-১৯৩০) (ৰক্তিম গোস্বামী)
“The concept of the ‘avant-garde’ drove the history of twentieth-century art and culture.”
শিল্প বুলিলে সংগীত, চিত্র, নাটক, সাহিত্য আদি সকলো সোমাই পৰে। এই শিল্পসমূহৰ ভিতৰত মানৱ-জাতিৰ বিৱৰ্তনৰ ইতিহাস সফলভাৱে সামৰি ৰখাত চিত্রশিল্পই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। সাধাৰণ ভাষাত ‘ছবি’ হৈছে কোনো এক মাধ্যমত ৰঙৰ ব্যৱহাৰ। এই মাধ্যম হ’ব পাৰে কোনো কাঠজাতীয় সামগ্রী, গ্লাচ, কাগজ, কেনভাচ অথবা আন কোনো উপযোগী সামগ্রী। সৰহ সংখ্যক মানুহে উপলব্ধি কৰিব নোৱাৰাকৈয়ে ছবিয়ে আমাৰ প্রত্যেকৰ জীৱনত এক সুন্দৰ ভূমিকা লৈ আহিছে। ছবি অবিহনে পৃথিৱীখন এবাৰ ভাবি চাওঁকচোন? কিমান নিৰস হৈ যাব পৃথিৱীখন ৰং অথবা ছবিৰ অবিহনে। পৃথিৱীখন নালাগে নিজৰ ঘৰখনৰ কথাকে ভাবক। ৰঙবিহীন ঘৰখনৰ কথা ভাবিলেই উদং-উদং লাগে মনটো। নহয়নে? এতিয়া আপুনি এবাৰ ভাবি চাওঁক আপোনাৰ বিচনা-চাদৰত থকা ফুলখিনিৰ কথা, আপোনাৰ চাহৰ কাপত থকা ছবিখনৰ কথা, আপোনাৰ ৱাল বা এলবামত থকা ফট’বোৰৰ কথা অথবা কোনো গীতে আপোনাৰ মনত সৃষ্টি কৰা কাল্পনিক ছবিবোৰৰ কথা। চাক্ষুসভাৱেই হওঁক বা কাল্পনিক ভাবেই হওঁক ছবিয়ে আমাৰ জীৱনটোৰ প্রতিটো মুহূৰ্ত ধুনীয়া আৰু জীৱন্ত কৰি ৰাখে।
আধুনিক চিত্রশিল্প বুলিলে আমি কি বুজোঁ? সহজ ভাষাত আধুনিক সময়ৰ চিত্রশিল্প বুলিব পাৰি যদিও এই আধুনিক সময়ৰ দৈৰ্ঘ্য এটা শতিকাৰো অধিক। বহু বিশেষজ্ঞই ১৮৬০-ৰ পৰা ১৯৭০-ৰ মাজৰ সকলো চিত্রকৰ্মক আৰু প্রচলিত চিত্রশিল্পৰ কৌশলকে আধুনিক চিত্রশিল্পৰ ভিতৰত সাঙুৰিব বিচাৰে। ১৮৬০-ৰ পূৰ্বৰ চিত্রশিল্পসমূহ মূলতঃ পৌৰাণিক চৰিত্র আৰু নিজ চিত্র অংকনতে (Self Portrait) সীমাবদ্ধ আছিল যদিও ঔদ্যোগিক বিপ্লৱে চিত্রশিল্পৰ পৃথিৱীলৈ এক আমূল পৰিৱৰ্তন আনে। ঔদ্যোগিক বিপ্লৱে বিশেষকৈ উত্তৰ আমেৰিকা আৰু ইউৰোপত এক নতুন দিগন্তৰ সূচনা কৰে। ঔদ্যোগিক বিপ্লৱে মানুহবোৰক চহৰমুখী কৰে। লণ্ডন, পেৰিচৰ দৰে চহৰবোৰলৈ কাম বিচাৰি অহা মানুহৰ অভূতপূৰ্ব সোঁত ব’ৱলৈ ধৰে। এই চহৰবোৰত ব্যৱসায়ৰ ব্যাপক প্রসাৰ হয়। ক্রমাৎ বাঢ়ি অহা নতুন নতুন মানুহৰ বাবে গঢ়ি উঠে ৰেষ্ট’ৰা, পাৰ্ক, ব্যৱসায় কেন্দ্রৰ লগতে অন্যান্য অৱসৰ বিনোদনৰ ব্যৱসায়িক স্থল। এইদৰেই মানুহৰ পূৰ্বৰ প্রচলিত মন্থৰ জীৱন শৈলী লাহে লাহে গতিশীল হ’ল। নতুন চহৰীয়া সংস্কৃতিয়ে (Urban Culture) জীৱনকলৈ মানুহৰ যি দৃষ্টিভংগী তাক এক প্রকাৰে সম্পূৰ্ণ সলনি কৰি পেলালে। ঔদ্যোগিক বিপ্লৱে সূচনা কৰা সমাজৰ এই বৃহৎ পৰিৱৰ্তনে মানুহক সকলোবোৰ বিষয় নতুনকৈ চাবলৈ শিকালে আৰু তাৰ প্রভাৱ পোনপটীয়াকৈ চিত্রশিল্পত পৰিল আৰু ইয়াৰ লগে লগে পূৰ্বৰ চিত্রশিল্পৰ যি প্রচলিত শৈলী তাৰ প্রভাৱ আৰু বিস্তাৰ লাহে কমি আহিবলৈ ধৰিলে। নতুন সময়ৰ নতুন চিত্রশিল্পীৰ ছবিত লাহে লাহে সমসাময়িক সমাজখন প্রতিবিম্বিত হ’বলৈ ধৰিলে। চিত্রশিল্পয়ে দৰাচলতে এই সময়চোৱাত এক নতুন আৰু বিশাল পৰিধি লাভ কৰিলে। সময়ে সময়ে পিকাচ’, মাটিছ আদিৰ দৰে বহু চিত্রশিল্পয়ে প্রচলিত চিত্রশিল্পৰ ধাৰাক প্রত্যাহ্বান জনাই সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে ছবিসমূহ অংকণ কৰিবলৈ ধৰিলে।
আধুনিক চিত্রশিল্পৰ আৰম্ভণি ১৯০০ চনত বুলি গণ্য কৰা হয়। সাধাৰণভাবে ক’বলৈ গ’লে আধুনিকতাবাদৰ ভিত্তিত বা আধুনিকতাবাদৰ আদৰ্শৰে অনুপ্রাণিত প্রতিখন চিত্র বা ছবিয়ে ‘আধুনিক চিত্রশিল্প’। আধুনিক চিত্রশিল্পয়ে তেতিয়াৰ প্রচলিত চিত্রশিল্পৰ ধাৰালৈ—যি সাধাৰণতে বাস্তৱ বিষয়বস্তুৰ তৈলচিত্র, ষ্টিল লাইথ, নিউড, লেণ্ডস্কেপ, ধৰ্মীয় বা অন্যান্য বিষয় সামৰি লৈছিল— তালৈ এক পৰিবৰ্তন আনে। আধুনিক চিত্রশিল্পৰ মূল বৈশিষ্ট্য আৰু উত্থানৰ কাৰকসমূহৰ ভিতৰত কেইটামান মূল কাৰক হ’ল—
মধ্যবিত্তৰ সবল আত্মপ্রকাশ: মধ্যবিত্তৰ সবল আত্মপ্রকাশে চিত্রশিল্পক সেই সময়ত প্রৱৰ্তিত ধৰ্মীয় প্রভাৱৰ পৰা মুক্ত কৰে। মধ্যবিত্তৰ উত্থানৰ ফলত এই শ্রেণীৰ মাজত ছবিৰ প্রতি আকৰ্ষণ আৰু ক্রয় কৰাৰ ক্ষমতা আৰু হাৰ দুয়োটা বৃদ্ধি পায়। এই পৰিৱৰ্তনে শিল্পীসকলক উন্মুক্তভাৱে আৰু বাহ্যিক প্রভাৱ অবিহনে নিজৰ সৃষ্টি কৰ্মত স্বাধীনভাৱে মনোনিবেশ কৰিবলৈ সুযোগ দিয়ে। এই পৰিবৰ্তনে চিত্রশিল্পৰ পৃথিৱীলৈ নতুনত্বৰ এক সতেজ জোৱাৰ আনে।
অতীত-স্বাধীন: আধুনিক চিত্রশিল্পৰ এক লক্ষ্যণীয় বৈশিষ্ট্য হৈছে যে ই অতীতৰ প্রভাৱৰ পৰা নিজকে মুক্ত কৰি ৰাখিব বিচাৰে।
আত্ম–সচেতনতা: আধুনিক চিত্রশিল্পৰ আন এক অতি গুৰুত্বপূৰ্ণ চৰিত্র হৈছে আত্মসচেতনতা আৰু আত্মসজাগতা যি চিত্রশিল্পত নতুনত্ব আনে। ‘চিত্রশিল্পী কি’? আৰু ‘ব্যক্তিগত আৰু সামাজিক জীৱনত চিত্রশিল্পৰ গুৰুত্ব কি’? আধুনিক চিত্রশিল্পীসকলৰ চিন্তাত এই দুটি প্রশ্ন অহৰহ থাকে। বিশেষকৈ ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ পিছৰ পৰাই মানুহে প্রচলিত সামাজিক প্রতিষ্ঠান আৰু সামাজিক কৰ্তৃত্বৰ বিষয়টোলৈ প্রশ্ন কৰিবলৈ আৰম্ভ কৰে যিবোৰ এটা সময়ত অকপটে মানি লোৱা হৈছিল। এই পৰিৱৰ্তনকামী প্রশ্নবোৰে সমান্তৰালভাৱ চিত্রশিল্পীসকলৰ চিন্তাতো এক নতুনত্ব আৰু পৰিৱৰ্তনৰ জোঁৱাৰ আনিছিল।
অন্যান্য সাংস্কৃতিক প্রভাৱ: আধুনিক চিত্রশিল্পত এচীয় চিত্রশিল্প, মধ্য-পূৰ্ৱীয় চিত্রশিল্প আৰু জাপানী মুদ্রণশিল্পৰ বিশেষ প্রভাৱ আছে। পশ্চিমীয় চিত্রশিল্পীসকলে অন্যান্য সংস্কৃতি অধ্যয়ণ কৰিছিল আৰু তাৰে বৃহৎ সংখ্যক শিল্পী ধৰ্মীয়, পৌৰাণিক অথবা আধ্যাত্মিক আদৰ্শৰে অনুপ্রাণিত হৈছিল।
নতুন মতবাদৰ সৃষ্টি: যিহেতু আধুনিক চিত্রশিল্প মূলতঃ পৰীক্ষণমূলক আছিল সেয়ে ইয়াৰ পৰিণতিস্বৰূপে আধুনিক চিত্রশিল্পকেন্দ্রিক কেইবাটাও মতবাদৰ সৃষ্টি হৈছিল।
আধুনিক চিত্রশিল্পৰ জন্ম
ইম্প্রচনিজিম (১৮৬০–১৮৯০)
ইম্প্রচনিজিমৰ আৰম্ভণিয়েই আধুনিক চিত্রশিল্পৰ জন্ম বুলি কোৱা হয়। ইম্প্রচনিজিমৰ আৰম্ভণি হৈছিল ফ্রান্সৰ পেৰিছত প্রচলিত ঠেক গণ্ডীৰ চিত্রশৈলীৰ বিৰুদ্ধে এক প্রতিক্রিয়া স্বৰূপে। বিশেষকৈ পেৰিছৰ Academie des Beaux-Arts দৰে চিত্রশিল্পৰ শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধাচাৰণ কৰিছিল ইম্প্রচনিজিমে। Academie des Beaux-Arts-এ প্রত্যাখান কৰা এদল চিত্রশিল্পীয়ে আয়োজন কৰা Edouard Manet’s ৰ বিখ্যাত ছবি Dejeuner sur l’herbe আৰু Salon des Refuses-ৰ ১৮৬৩ চনৰ প্রদৰ্শনীয়েই ইম্প্রচনিজিমৰ জন্ম ক্রন্দন আছিল যদিও ১৮৭৪ চনত প্রদৰ্শিত Claude Monet-ৰ Impression, Sunrise নামৰ ছবিখনতহে এই আন্দোলনে নিজৰ নামটো বিচাৰি পাইছিল। চিত্রসমালোচক Louis Leroy-এ Claude Monet-ৰ এই ছবিখনক এখন সম্পূৰ্ণ চিত্রৰ পৰিৱৰ্তে মূল বিষয়বস্তুৰ এক ‘ইম্প্রেচন’ বুলিহে সমালোচনা কৰিছিল আৰু ইয়াৰ পিছতেই ‘ইম্প্রচনিজিম’ নামটো ক্রমাৎ জনপ্রিয় হৈ পৰিছিল। লাহে সেইসময়ৰ বহু ন ন চিত্র শিল্পীয়ে এই শৈলীটোক আঁকোৱালী লৈ এই ধাৰাক এক সৱল গতি দিয়ে। ফ্রান্সত সেই সময়ত প্রচলিত পাৰম্পৰিক ধাৰা অনুসৰি কোনো ষ্টুডিঅৰ ভিতৰৰ ছবি অঁকাৰ বিপৰীতে ইম্প্রেচনিষ্টসকলে বাহিৰত অথবা মুকলি বাতাবৰণত ছবি অংকণ কৰাটোৰ পক্ষপাতিত্ব কৰিছিল। ইম্প্রেচনিষ্টসকলে সেয়েহে ঘৰৰ বাহিৰত ছবি আঁকিছিল আৰু কোনো বস্তুৰ ওপৰত পোহৰৰ প্রভাৱক সূক্ষ্মভাৱে অধ্যয়ণ কৰিছিল। সাধাৰণতে তেওঁলোকৰ প্রিয় বিষয়বস্তু আছিল প্রাকৃতিক দৃশ্যাৱলী আৰু দৈনন্দিন জীৱনৰ অন্যান্য ছবি। ইম্প্রেচনিষ্টসকলে দিনটোৰ কোনো এক বিশেষ সময়ক অথবা বতৰৰ বিভিন্ন পৰিৱৰ্তনক ছবিৰ মাজেৰে আবদ্ধ কৰিব বিচাৰে। ইম্প্রেচনিষ্ট চিত্রশিল্পীসকলৰ মাজত লেখত ল’বলগীয়া দুজনমান চিত্রশিল্পী হ’ল ফ্রান্সৰ Edouard Manet, Claude Monet, Edgar Degas, Camille Pissarro and Pierre Auguste Renoir আৰু ইংলেণ্ডৰ Alfred Sisley। প্রথমে সমগ্র ইউৰোপ আৰু পিছলৈ আমেৰিকাক প্রভাবাচ্ছন্ন কৰা এই আন্দোলৰ গুৰি ধৰোঁতাসকল সেইসকল চিত্রশিল্পী আছিল যি সেইসময়ত ইউৰোপত চৰকাৰী বা ৰাজতন্ত্রৰ পৃষ্ঠপোষকতাত প্রতিষ্ঠিত, প্রচলিত বা আয়োজিত চিত্রশল্পৰ প্রদৰ্শনী, চেলুন আদিৰ বিৰোধিতা কৰিছিল, যাৰবাবে এই চিত্রশিল্পীসকলক সেইসময়ৰ ইউৰোপৰ প্রতিষ্ঠিত চিত্রশিল্পৰ শৈক্ষিক প্রতিষ্ঠানসমূহে বহিষ্কাৰ কৰিছিল।
প’ষ্ট–ইম্প্রচনিজিম (১৮৮৫–১৯০৫)
পষ্ট-ইম্প্রচনিজিম হৈছে ইম্প্রচনিজিমৰ সীমাবদ্ধতাসমূহকলৈ কৰা প্রতিক্রিয়াৰ পৰিণতি। এই আন্দোলনৰ উৎপত্তি ফ্রান্সত আৰু ই ১৮৮৫ চনৰ পৰা আৰম্ভ হৈ ১৯০৫ চনলৈ বৰ্তি আছিল। বহুতে পষ্ট-ইম্প্রচনিজিমক চিত্রশিল্পৰ এক আন্দোলনৰ বা কোনো এক নিৰ্দিষ্ট চিত্রশৈলীৰ পৰিৱৰ্তে ইয়াক কেইবাজনো চিত্রশিল্পীৰ স্বাধীন কৰ্মৰ সমষ্টিহে মাথো বুলি কয়। প’ষ্ট-ইম্প্রচনিজিম শব্দটো প্রথমবাৰৰ বাবে ১৯০৬ চনত ইংৰাজ চিত্রশিল্পী আৰু সমালোচক Roger Fry-এ ব্যৱহাৰ কৰিছিল। ফৰাছী চিত্রশিল্পী Paul Cézanne-ক পষ্ট-ইম্প্রচনিজিমৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়। ‘ইম্প্রচনিজিম’-ত চহৰীয়া জীৱনৰ গুৰু প্রভাৱৰ পৰিৱৰ্তে পষ্ট-ইম্প্রচনিজিমৰ ছবিসমূহত দৈনন্দিন প্রাকৃতিক ছবিসমূহৰ প্রাধান্য আছিল। ৰং আৰু পোহৰক ইম্প্রচনিষ্টসকলে তেওঁলোকৰ ছবিসমূহত তাৰ প্রাকৃতিক ৰূপতে চিত্রিত কৰাতো প’ষ্ট-ইম্প্রচনিষ্টসকলে সমৰ্থন কৰা নাছিল। প’ষ্ট-ইম্প্রচনিষ্টসকলে তেওঁলোকৰ ছবিত প্রতীকধৰ্মীতাক (Symbolism) বেছি গুৰুত্ব দিছিল আৰু ৰঙৰ ব্যৱহাৰকলৈ ইম্প্রচনিষ্টসকলতকৈ অধিক স্বাধীন আছিল যিহেতু তেওঁলোক দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে ৰং চিত্রিত বিষয়বস্তুৰ লগতে চিত্রশিল্পীজনৰ মনস্তাত্বিক স্থিতিৰো প্রতীক আৰু পৰিচায়ক। প’ষ্ট-ইম্প্রচনিষ্টসকলে প্রায়ে ছবিবোৰৰ পটভূমিক হুবহু চিত্রিত কৰাৰ পৰিৱৰ্তে তাক অমূৰ্ত (Abstract) ৰূপত অংকণ কৰিছিল লগতে বিষয়বস্তুক বিভিন্ন কোণৰ পৰাও অধ্যয়ণ কৰিছিল। এই সময়ছোৱাৰ লেখত ল’বলগীয়া চিত্রশিল্পীসকল হ’ল- Paul Cézanne, Paul Gauguin, Vincent Van Gogh and Georges Seurat। কোৱা বাহুল্য যে কিউবিজিমৰ উদ্ভৱৰ ক্ষেত্রত Picaso আৰু Braque-ৰ ওপৰত Paul Cézanne-ৰ উল্লেখনীয় প্রভাৱ আছিল। আনহাতেদি ফ’বিজিমৰ আৰু এক্সপ্রেচনিজিমৰ ক্ষেত্রত আছিল Vincent Van Gogh-ৰ প্ৰভাৱ।
ফ’বিজিম (১৯০৫–১৯১০)
এক শৈলী হিচাপে ফ’বিজিমৰ আৰম্ভণি হৈছিল ১৯০০ চনত আৰু ১৯১০ চনলৈকে ইয়াৰ প্রভাৱ পৰিলক্ষিত হৈছিল কিন্তু চিত্রশিল্পৰ এক আন্দোলন হিচাপে ফ’বিজিমৰ আয়ুস আছিল মাথো ১৯০৫ চনৰ পৰা ১৯১০ চনলৈকে আৰু এইকালছোৱাত ফ’বিজিমৰ ওপৰত তিনিখন চিত্র প্রদৰ্শনী হৈছিল। এই শৈলীৰ জন্ম হৈছিল বিংশ শতিকাৰ আৰম্ভণিত ফ্রান্সত, Henri Matisse আৰু André Derain-ৰ হাতত। Henri Matisse আৰু André Derain-এ ১৯০৫ চনত অঁকা ছবিসমুহৰ যেতিয়া সেইবছৰেই পেৰিচৰ Salon d’Automne-ত প্রদৰ্শিত হৈছিল তেতিয়া বিখ্যাত চিত্রশিল্পৰ সমালোচক Louis Vauxcelles এই ছবিসমূহৰদ্বাৰা প্রভাবাচ্ছন্ন হৈ Gil Blas নামৰ আলোচনীত তেওঁ এই বিষয়ক এক প্রবন্ধ লিখিছিল আৰু Henri Matisse আৰু André Derain-ক ফবচ (fauves) বুলি উল্লেখ কৰিছিল। এই কথা উল্লেখনীয় যে ফবিজিমৰ পূৰ্বে Matisse-এ Van Gogh, Gauguin, and Cézanne আদি পষ্ট-ইম্প্রচনিজিমৰ চিত্রশিল্পীৰ ছবিৰে যথেষ্ট পৰীক্ষা- নিৰীক্ষা চলাইছিল।
ফ’বিজিমৰ বৈশিষ্ট্য হৈছে ৰঙৰ শক্তিশালী ব্যবহাৰ। এই শৈলীৰ চিত্রশশিল্পীসকলক ‘Les Fauves’ বুলি কোৱা হয় যাৰ অৰ্থ the wild beasts। Les Fauves-ৰ মতে চিত্রল্পীসকলৰ মনৰ অনুভূতিক প্রকাশ কৰিব পৰাকৈ প্রতিটো ৰঙক তাৰ সৰ্বোচ্চ প্রকাশ স্তৰত ব্যবহাৰ কৰিব লাগে। ‘Les Fauves’-সকলে বিষয়য়বস্তু এটাক ছবিৰে হুবহু প্রকাশ কৰাৰ পক্ষপাতি নহয়। ফ’বিজিমৰ মুখ্য বৈশিষ্ট্য হৈছে অতি সৰল চিত্র অংকণ আৰু ৰঙৰ অতি গাঢ় ব্যবহাৰ। এই চিত্রশিল্পীসকলে ৰঙক টিউবৰ পৰা উলিয়াই পোনপটীয়াকৈ ব্যৱহাৰ কৰিছিল আৰু তাত একো সংমিশ্রণ নকৰিছিল। তেওঁলোকৰ মুখ্য প্রিয় ৰং আছিল গাঢ় ৰঙা, কমলা আৰু উজ্বল সেউজীয়া। পেৰিচত হোৱা ফবিজিমৰ প্রথমখন চিত্র প্রদৰ্শনীয়ে পেৰিচৰ কলাজগতখনক জোকাৰি গৈছিল। বহুতে ৰঙৰ এনে ব্যৱহাৰক লৈ নিজৰ অসন্তোষ্টি ব্যক্ত কৰিবলৈ ছবিলৈ ৱাইন নিক্ষেপ কৰিছিল। Marcel Dupree নামৰ এজন চিত্রসমালোচকক ফবিষ্টসকলৰ ছবিয়ে ইমান অপকাৰ কৰিছিল যে তেওঁ উক্ত প্রদৰ্শনী চোৱাৰ পিছত প্রদৰ্শনী স্থলৰ বাহিৰত বমি কৰি পেলাইছিলে আৰু বহু দিনলৈ বিচনা লৈছিল। আধুনিক চিত্রশিল্পৰ জগতলৈ ফবিজিমৰ সবাতোকৈ ডাঙৰ অৰিহণা এয়ে আছিল যে তেওঁলোকে পৰম্পৰাগতভাৱে চলা ৰঙৰ প্রাকৃতিক আৰু নিয়ন্ত্রিত ব্যৱহাৰৰ সলনি ৰঙক এক স্বাধীন উপাদান হিচাপে ব্যৱহাৰ কৰিছিল।
জাৰ্মান এক্সপ্রেচনিজিম (১৯০৫–১৯২৫)
জাৰ্মান এক্সপ্রেচনিষ্টকলে জাৰ্মানীৰ বুৰ্জোৱা শ্রেণীটোৰ বিৰুদ্ধাচাৰণ কৰিছিল। তেওঁলোকক নতুন প্রযুক্তি আৰু দ্রুত নগৰীকৰণ আৰু নগৰীয়া জীৱনশৈলীয়ে প্রভাবাচ্ছন্ন কৰিছিল। জাৰ্মান এক্সপ্রেচনিজিমে পৃথিৱীখনক আৱেগিক আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে চাবলৈ প্রয়াস কৰিছিল। ইম্প্রেছনিজিমৰ লগত কিছু সামঞ্জস্য পৰিলক্ষিত হ’লেও জাৰ্মান এক্সপ্রেচনিষ্টকলৰ ছবিবোৰত চিত্রশিল্পীজনৰ বিষয়বস্তুকেন্দ্রিক আৱেগৰ প্রকাশ বা তেওঁৰ আন্তৰিক অনুভৱৰ প্রভাৱ পৰিছিল। মূলতঃ Vincent Van Gogh আৰু Edvard Munch-ৰ ছবিয়ে জাৰ্মান এক্সপ্রেচনিজিমৰ ওপৰত অনন্য প্রভাৱ পেলায়। জাৰ্মান এক্সপ্রেচনিজিমৰ দুটা ভাগ আছে Der Blaue Reiter (the Blue Rider)-এ বিভিন্ন এক্সপ্রেচনিষ্ট কলাবোৰৰ মাজত এখন উমৈহতীয়া ক্ষেত্র বিচাৰিবলৈ চেষ্টা চলাইছিল আৰু আনহাতে Die Brücke (The Bridge)-এ জাৰ্মানীৰ পৰম্পৰাগত চিত্রশৈলীৰ বিৰুদ্ধাচাৰণ কৰি ইয়াক উৎখাত কৰিব বিচাৰিছিল।
কিউবিজিম (১৯০৭–১৯১৫)
কিউবিজিম হৈছে পাবল’ পিকাচ’য়ে আৰু জৰ্জেচ ব্রেকে জন্ম দিয়া আধুনিক চিত্রশিল্পৰ এক বৈপ্লৱিক ৰূপ। বিংশ শতাব্দীৰ আৰম্ভণিতে আৰম্ভ হোৱা এই কিউবিজিম আধুনিক চিত্রশিল্পৰ প্রথম ‘এবচট্রেক্ট’ ৰূপ। কিউবিষ্টসকলে চিত্রশিল্পক এক নতুন দৃষ্টিৰে তথাকথিত জ্যামিতিক সীমাবদ্ধতাৰ উৰ্দ্ধত চাইছিল আৰু ‘আপেক্ষিকতাক’ চিত্রশিল্পৰ এক নতুন উপাদান ৰূপে ল’বলৈ যথোচিত পৰীক্ষা-নিৰীক্ষা কৰিছিল। সাধাৰণতে কিউবিষ্ট ছবিবোৰৰ মূল বিষয়বস্তু মানুহ, ঠাই বা বস্তু কিন্তু ই কোনো এক স্থিৰ দৃষ্টিকোণৰ পৰা নহয়। আমি এটা বস্তু বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চাব পাৰো। কিউবিষ্টসকল এই প্রতিটো দৃষ্টিকোণৰ প্রতি সচেতন। কিউবিজিমৰ দুটা ভাগ আছে। প্রথটো ভাগ ১৯১২ চনলৈকে সীমাবদ্ধ আৰু ইয়াক ‘এনালাইটিকেল কিউবিজিম’ বা ‘বিশ্লেষণত্মক কিউবিজিম’ বোলা হয়। বিশ্লেষণত্মক কিউবিজিমত দৃষ্টিকোণৰ বিষয়টো গুৰুত্বপূৰ্ণ আৰু চিত্রশিল্পীয়ে বিষয়বস্তুক অন্যান্য দৃষ্টিকোণৰ পৰা পৰ্যবেক্ষণ কৰে আৰু শ্রেষ্ঠ আৰু অৰ্থবহ কোণটো বাচি লয়। ১৯১২ চনৰ পিছৰখিনিক ‘চিনথেটিক কিউবিজিম’ নামেৰে সামৰা হৈছে—যিটো কিউবিজিমৰ দ্বিতীয় পৰ্যায়। ক’লাজ চিত্র চিনথেটিক কিউবিজিমৰে উপহাৰ। অৰ্ফিজিম, ফিউচাৰিজিম, ভৰ্টিচিজিম, চুৰ্প্রিমেটিজিম, কনট্রাকটিভিজিম, এক্সপ্রেচনিজিম আদি আন আন চিত্রশিল্পৰ ধাৰাসমূহত কিউবিজিমৰ প্রভাৱ স্পষ্ট।
ফিউচাৰিজিম (১৯০৯–১৯১৪)
ফিউচাৰিজিম হৈছে ইটালীত পৰম্পাৰগত ইটালীয় চিত্রশৈলীৰ বিৰুদ্ধে গঢ় লৈ উঠা এক আন্দোলন। এই আন্দোলন সমসাময়িকভাৱে গঢ় লৈছিল ৰাচিয়াতো। কবি Filippo Tommas Marinetti-এ ১৯০৯ চনত এই আন্দোলনৰ সূচনা কৰিছিল আৰু চিত্রকলাক এক অতি বহল অৰ্থত সামৰি লৈছিল। ফিউচাৰিজিমক গতি দিওতা অন্যান্য চিত্রশিল্পীসকল হৈছে Umberto Boccioni, Carlo Carrà, Fortunato Depero, Gino Severini, Giacomo Balla আৰু Luigi Russolo। ফিউচাৰিজিমে নগৰীয়া জীৱনৰ বিভিন্ন দিশক বিশেষকৈ নগৰীয়া যাতায়ত, উদ্যোগ, যুৱসমাজ, গতি, হিংসা আদিক চিত্রৰ বিষয়বস্তু হিচাপে বাচি লৈছিল। ফিউচাৰিজিমৰ চিত্রশিল্পীসকলে নিজৰ বিষয়বস্তুৰ চাক্ষুস অভিজ্ঞতাক ভিন্নধৰ্মী ‘এবচট্রেক্ট’ উপাদানৰ ৰূপ দিছিল।
ফিউচাৰিজিমত কিউবিজিমৰ প্রভাৱ সুস্পষ্ট যদিও দুয়ো শৈলীৰ মাজত এক বিশেষ প্রভেদ আছে। য’ত কিউবিষ্ট চিত্রশিল্পী এজনে বিষয়বস্তুৰ চাৰিওফালে ঘূৰি তাৰ পৰা কিছুমান বিশেষ বা নিৰ্দিষ্ট বস্তু বা দৃষ্টিকহে নিজ ছবিত আবদ্ধ কৰে, সেইক্ষেত্রত ফিউচাৰিষ্ট ছবিত ছবিৰ বিষয়বস্তুটোৱেই চিত্রশিল্পীজনৰ চাৰিওফালে ঘূৰা যেন লাগে। Futurism—An Anthology নামৰ গ্রন্থত ফিউচাৰিজিম আন্দোলনৰ প্রভাৱক এইদৰে ব্যাখ্যা কৰা হৈছে:
“From the first Exhibition of Futurist Painting, which opened in Paris on 5 February 1912, to Marinetti’s final appearance in London at the largest music hall in the world, the Coliseum, in June 1914, Futurist activities prompted discussion that extended through every level of metropolitan culture, from elite literary reviews to mass circulation newspapers, in France, England, Germany, and Russia.” (Futurism- An Anthology, Pg 13)।
কবি Vladimir Mayakovsky-ক ৰাচিয়ান ফিউচাৰিজিমৰ সকলোতকৈ উল্লেখযোগ্য ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁৰ লগতে অন্যান্য যিসকল লোকৰ নাম এইক্ষেত্রত উল্লেখ কৰিব পাৰি তেওঁলোক হৈছে ক্রমে Velimir Khlebnikov আৰু Aleksei Kruchyonykh, David Burliuk, Mikhail Larionov, Natalia Goncharova, Lyubov Popova, and Kazimir Malevich। ৰাচিয়ান ফিউচাৰিষ্টসকলৰ চিত্রশিল্পক মূলতঃ কিউব-ফিউচাৰিজিম বুলি কোৱা হৈছিল যিহেতু তেওঁলোকৰ চিত্রত কিউবিজিমৰ প্রভাৱ সুস্পষ্ট আছিল। ৰাচিয়ান ফিউচাৰিজিমৰ বিষয়বস্তুকো নগৰীয়া জীৱনৰ গতিশীলতাই বাৰুকৈ চুই গৈছিল।
চুপাৰমেটিজিম (১৯১৫–২৫)
চুপাৰমেটিজিম চিত্রশৈলীক গঢ় দিয়ে ৰাচিয়াৰ চিত্র শিল্পী Kazimir Malevich-এ ১৯১৫ চনত। এই এবচট্রেক্ট চিত্রশৈলী চৰিত্রত জ্যামিতিক আছিল আৰু ইয়াত কিউবিজিম আৰু ফিউচাৰিজিমৰ প্রভাৱ সুস্পষ্টভাৱে আছিল। Malevich-এ প্রতিনিধিত্বমূলক অবয়ব অংকনৰ বিপৰীতে ‘the supremacy of pure feeling’-ক প্রতিনিধিত্ব কৰিব পৰা এবচট্রেক্ট চিত্র অংকণৰ শৈলীক গঢ় দিছিল। Kazimir Malevich-ৰ নিজৰ ভাষাত, “In the year 1913, trying desperately to free art from the dead weight of the real world, I took refuge in the form of the square”। ১৯১৫ চনত Kazimir Malevich-ৰ লগত চিত্রশিল্পী Kseniya Boguslavskaya, Ivan Klyun, Mikhail Menkov, Ivan Puni আৰু Olga Rozanova-ৰ যোগ হয় আৰু তেওঁলোকে একেলগে চুপাৰমেটিষ্ট গোটৰ গঠন কৰে। ১৯১৫ চনত Malevich-এ ‘From Cubism and Futurism to Suprematism in Art’ নামেৰে চুপাৰমেটিজিমৰ এক মেনিফেষ্ট প্রকাশ কৰে। তাত তেওঁ উল্লেখ কৰে যে, “I have destroyed the ring of the horizon and escaped the circle of objects, the horizon-ring that has imprisoned the artist and the forms of nature”। চুপাৰমেটিষ্টসকলৰ দৃষ্টিত অনুভৱ আৰু আৱেগৰ এক বিশেষ গুৰুত্ব আছিল। তেওঁলোকৰ মতে প্রত্যেক সৃজনিশীল শিল্পৰ নিজস্ব অনুভূতিক উপলব্ধি কৰিবলৈ তেওঁলোক যত্নপৰ হৈছিল। চুপাৰমেটিষ্টসকলৰ মতে আমি চকুৰ আগত দেখা বস্তুনিষ্ঠ জগতৰ ঘটনাবোৰ নিজৰ মাজত অৰ্থহীন যদিহে সেইয়া মানৱীয় অনুভূতিৰে সংলগ্ন নহয়। ১৯১৭ চনত আৰম্ভ হোৱা ৰুচ বিপ্লৱে চিত্রশিল্পৰ প্রতি মানুহৰ দৃষ্টিভংগী সলনি কৰি পেলায়। Malevich-এ নিজেই ১৯১৯ চনৰ পৰা ১৯২৭ চনলৈকে ছবি অঁকা সৰ্ম্পূণৰূপে বন্ধ কৰি দিছিল।
কনট্রাকটিভিজিম (১৯১৩-১৯৩০)
২০শ শতিকাত ৰাচিয়াত গঢ় লোৱা প্রভাৱশালী আৰু চিত্রশিল্পৰ শেষ বিপ্লৱ হৈছে কনট্রাকটিভিজিম। কনট্রাকটিভিজিম শব্দটো প্রথম ব্যৱহাৰ কৰিছিল এই আন্দোলনৰে বাটকটীয়া Naum Gabo আৰু Antoine Pevsene-এ। এই আন্দোলনে গতিশীলতা লাভ কৰিছিল ১৯১৭ চনৰ অক্টোবৰ বিপ্লৱৰ সময়ত যেতিয়া বলচেভিকসকল ক্ষমতালৈ আহিছিল। Aleksandr Rodchenko, László Moholy-Nagy আৰু Vladimir Tatlin আছিল এই চিত্র-আন্দোলনৰ লেখত ল’বলগীয়া আন আন সেনানী। চুপাৰমেটিজিমৰ দৰে কনট্রাকটিভিজিমো জ্যামিতিক। কনট্রাকটিভিজিমে নিজ চিত্রৰ জৰিয়তে নিজ ৰাষ্ট্রৰ সামাজিক আৰু ৰাজনৈতিক আদৰ্শক প্রতিবিম্বিত কৰিছিল। অৱশ্যে কনট্রাকটিভিজিম বা এই চিত্রশৈলী ৰাছিয়াৰ সাধাৰণ জনগণৰ সহজে বোধগম্য হোৱা নাছিল আৰু সেয়েহে ৰাছিয়াৰ সমাজবাদী শাসনতন্ত্রই এই চিত্রশৈলীক পিছলৈ উদগণি দিয়াৰ পৰা বিৰত থাকে আৰু কালক্রমত ইয়াক ম্লান কৰে। কনট্রাকটিভিজিমে ‘Art for Art Sake’-ৰ ধাৰণাক অগ্রাহ্য কৰিছিল আৰু তাৰ পৰিৱৰ্তে চিত্রশিল্পক এক সামাজিক আহিলা হিচাপে ব্যৱহাৰত গুৰুত্ব দিছিল।
আধুনিক চিত্রশিল্পৰ এই আন্দোলনসমূহে চিত্রশিল্পক এখন বিশাল পৰিসৰ দিলে। বিভিন্ন সময়ৰ বিভিন্ন শৈলীৰ এই ছবিবোৰে সফলভাৱে ধৰি ৰাখিলে সেই নিৰ্দিষ্ট সময়বোৰৰ নিৰ্দিষ্ট সামাজিক বাতাবৰণবোৰ আৰু তাৰ ইতিহাসক। সময়ৰ পৰিধি ভাঙি Edvard Munch-ৰ The Scream, Vincent van Gogh-ৰ The Starry Nigtht, Henri Matisse-ৰ Woman with a Hat, Pablo Picasso-ৰ ‘The Old Guitarist’ আদি ছবিয়ে চিত্রশিল্প অনুৰাগীৰ মাজত এক নতুন চেতনাৰ জন্ম দিয়াৰ লগতে নিজৰ কালজয়ী সৃষ্টিৰে এইদৰেই নতুনৰ মাজতো গভীৰ জীৱনবোধৰ বাৰ্তাবাহক কৈ জীয়াই থাকিল।