অধ্যাৰোপ— (ববিতা কলিতা)
আজি কিছুদিনৰ পৰা অশৰীৰী চকু এহালে মোক অহৰহ খেদি ফুৰিছে। গাত লিপিট খাই থকা বগা কামিজটোৰ ওপৰত পিন্ধা জৱাহৰ কোটটোৱেও ৰুধিব পৰা নাই সেই চকুহালৰ প্ৰখৰ দৃষ্টিক।যি দৃষ্টিৰ শাণিত ধাৰে মোৰ সাত তৰপীয়া ছালখন বখলিয়াই নি কোনোবা দূৰণিত নিক্ষেপ কৰিছে আৰু বিচাৰি ফুৰিছে মোৰ ভিতৰৰ মইজনক।
নিৰ্বোধ চকুহালে নাজানে মোৰ বিবেকৰ মৃত্যু হ’বৰ দিনা যে মই নিজকো হেৰুৱাই পেলাইছোঁ!
মোৰ দলৰ নেতা, কৰ্মীসকলক নৈশ বৈঠকত কৈছিলোঁ মই সেই অদ্ভূত চকুহালৰ কথা।একুৰি মানুহৰ দুকুৰি চকুৰ দৃষ্টি মুহূৰ্ততে মোৰ ওপৰত আচাৰ খাই পৰিছিল।দুই একে মৰসাহ কৰি কৈ উঠিছিল,
“চাৰ,আপুনি অলপ জিৰণি লওক।”
জিৰণি?
জিৰণি লৈ কিদৰে পাৰ হ’ব পাৰি নিৰ্বাচনী বৈতৰণী? এয়াতো সাম, দাম, দণ্ড, ভেদৰ নীতিৰে ক্ষমতা কুক্ষিগত কৰাৰ সময়। পুনৰ পাঁচ বছৰলৈ গাদী হস্তগত কৰাৰ সময়।
মোৰ কথা শুনি উন্নাসিক চাৱনিৰে দলৰ কৰ্মীসকলে ইজনে সিজনক চাইছিল। দুই এক জ্যেষ্ঠ নেতাই খঙতে ভোৰভোৰাইছিল, “ভ্ৰমৰ পৃথিৱীত থকা মানুহৰ বাবে ভ্ৰমেই সত্য।”
ভ্ৰম?
অধ্যাৰোপ?
ইলিউশ্যন?
না না।হ’বই নোৱাৰে।আজিও স্পষ্টকৈ মনত আছে মোৰ প্ৰথমতে ক’ত দেখা পাইছিলোঁ মই সেই অদ্ভূত চকুহাল। মোৰ শোৱনিকোঠাৰ সন্মুখৰ অক্ষত দেৱালখনত! টঁ টঁকৈ মোলৈ চাই থকা চকুহালে সিদিনা দেখা পাইছিল নিকা বুলি প্ৰচাৰ কৰা চৰকাৰী চাকৰিকেইটাৰ বাবে কৰা লেনদেনৰ নাটকখন। ফৰলেন নিৰ্মাণৰ নামত ভঙা-পতা কৰা কমিশ্যনৰ অংকবোৰ।
নিজৰ ঘৰৰ দেৱালখনৰ ওপৰত সিদিনাৰ পৰা বিশ্বাস নাইকিয়া হৈছিল। পঞ্চতাৰকাযুক্ত হোটেলৰ বন্ধ কোঠালী একোটাত কৰিবলৈ লৈছিলোঁ সমস্ত গোপনীয় কামবোৰ। কিন্তু নিৰ্লজ্জ চকুহালে হোটেলৰ বেৰখনকো নেৰিলে। বিধানসভাৰ টিকট এটাৰ বাবে যে মহিলা প্ৰাৰ্থীগৰাকীক সেইখন হোটেলৰ বিছনাখনতে জপটিয়াই ধৰিছিলোঁ! বন্ধ কোঠালিৰ অভিসাৰৰ ছবিখনো উদং চকুহালে ঠিকেই দেখা পালে।
ভয়তে ঠাই সলাই সলাই কৰিছিলোঁ মই পত্নী, পুত্ৰ আৰু সম্পৰ্কীয়ৰ নামত কৰি দিয়া সম্পত্তিৰ নথি-পত্ৰৰ কামবোৰ। কিন্তু সকলোতে ৰঙা অঙঠা দুটা হৈ জ্বলি থাকিছিল বেৰৰ চকুদুটা।
সিদিনাটো মোৰ আচৰিত হোৱাৰ পাল আছিল।বিধানসভাৰ অধ্যক্ষ বহা চকীখনৰ পাছফালে লুকাই আছিল দুষ্ট চকুহাল। কথাই কথাই মোক সিহঁতে পেন্দোৱাকৈ চাইছিল। যেন ক্ষুধাতুৰ চকুদুটাই মোক গোটে গোটে গিলি পেলাব! কোনটো কথাত সিহঁতৰ ইমান বিৰাগ?বাক স্বাধীনতা সংকুচিত হৈ অহা বাবে? মূল্যবৃদ্ধিৰ বাবে? জাপে জাপে হিতাধিকাৰী সৃষ্টিৰ বাবে নে নতুনকৈ অনা নাগৰিকত্বৰ বিধেয়কখনৰ বাবে?
নাই। একো প্ৰশ্নৰে উত্তৰ দিয়া নাছিল চকুহালে। কিন্তু সিহঁতে মোক খেদি ফুৰিবলৈ এৰা নাছিল।
লাহে লাহে চকুহাল মোৰ চেতনাৰ অংশ হৈ পৰিছিল। সমাজতো আৰু নিজানতো সিহঁতে নিজৰ অস্তিত্ব জাহিৰ কৰিছিল।
আনকি বিবস্ত্ৰ হৈ স্নানাগাৰত গা ধুই থকা ঐকান্তিক সময়খিনিতো দেৱালত ওলমি থকা চকুহালে মোৰ নগ্ন দেহাটিলৈ চাই বিদ্ৰুপ কৰিছিল,
“নাঙঠ হৈ আহিছিলি হেৰ’, নাঙঠ হৈয়ে যাবি।”
নিজৰ নাঙঠ দেহাটোৰ ওলমি পৰা চৰ্বিবোৰলৈ মোৰ পুতৌ উপজিছিল আৰু অশৰীৰী চকুহাললৈ উপজিছিল অসম্ভৱ মায়া।
লাহে লাহে চকুহালে চাবলৈ বেয়া পোৱা কামবোৰ কৰিবলৈ মই বেয়া পোৱা হৈ আহিলোঁ। মোৰ পদলেহনকাৰীসকলে মোক বেয়া পোৱা হৈ আহিল।
হঠাতে সিদিনা মোৰ শোৱনি কোঠাত চিনাকি কণ্ঠস্বৰ এটি বাজি উঠিছিল। অতীতৰ চন্দুকত জাপ খাই পৰি থকা নীতিশিক্ষাৰ উৱলি যোৱা পৃষ্ঠা এখিলা চকুৰ সন্মুখত উৰি ফুৰিছিল।
“হে শ্ৰমণ, তুমি দেখোন সুদাহাতে আহিলা? কোনেও নেদেখাকৈ তোমাক এমুঠি অন্নহে আনিবলৈ কৈছিলোঁ। তুমি এই সামান্য কাৰ্যটি কিয় সাধিব নোৱাৰিলা? উত্তৰ দিয়া শ্ৰমণ।”
গুৰুৰ প্ৰশ্নৰ উত্তৰত কি ক’লে শিষ্যই?
“কোনেও মোক দেখা নোপোৱা কোনো স্থানেই মই বিচাৰি নাপালোঁ গুৰুজী। মোৰ ভিতৰৰ মইজনে মোক সকলোতে খেদি ফুৰে। মই দেখোন স্বয়ং মোৰ অপকৰ্মৰ সাক্ষী হৈ ৰওঁ।”
পৃষ্ঠাটো থপিয়াই ধৰিবলৈ লওঁতেই দেৱালত ওলমি থকা দেউতাৰ তৈলচিত্ৰখনলৈ চকু গ’ল। দেউতাৰ শান্ত, সৌম্য মুখখনত বিয়পি আছিল এটি সন্তুষ্টিৰ হাঁহি। সৰল, নৈতিক জীৱনে প্ৰসন্ন কৰা এখনি উজ্জ্বল মুখ। যেন তেওঁ ফ্ৰেমত থাকিও মুক্ত হৈ আছিল আৰু মই মুকলিত থাকিও কাৰোবাৰ দৃষ্টিৰ শিকলিৰে বান্ধ খাই আছিলোঁ। সেই শিকলিৰ পৰা মুক্ত হ’বলৈ যিমানেই চেষ্টা কৰিছোঁ, সিমানেই আবদ্ধ হৈ পৰিছোঁ। নিজক আহত কৰিছোঁ।
সৰুতে দেউতাই কৈ শুনোৱা নীতিকথাৰ সেই পাঠটিৰ নাম কি আছিল জানো? তেনে শ শ নীতিকথাৰেই দেখোন ভৰি থাকিছিল মোৰ শৈশৱ-কৈশোৰ। কবিতাৰে বিপ্লৱ অনা সময়তো নীতিবোৰ ঠাইতে আছিল।
“নীতিৰ কথা শুনিলে ৰাজনীতি কৰিব নোৱাৰি” বুলি সকলো উজৰাই দিয়াৰ আগলৈকে সকলো ঠিকেই আছিল। মোৰ বিবেক জীয়াই আছিল। মোৰ ভিতৰৰ মইজন সাৰে আছিল। কথাখিনি শেষ কৰি মই মোৰ সন্মুখত বহি থকা মনৰোগ বিশেষজ্ঞ ডা. সমৰজিত গগৈলৈ চালোঁ। তেওঁ মোৰ কথাখিনিত বৰ আগ্ৰহ দেখুওৱাৰ দৰে কৰি বৰ সহানুভূতিৰে সুধিলে,
“আপুনি এই চেম্বাৰটোৰ দেৱালখনতো চকুদুটা দেখিছেনে?”
মই সচকিত হৈ পৰিলোঁ। ডাক্তৰৰ নিৰ্দেশ মতেই চেম্বাৰটোৰ কেউখন দেৱাললৈ চকু ফুৰাই চালোঁ। আনকি মাৰ্বলৰ মজাইক কৰা মজিয়াখনতো পিতপিতকৈ বিচাৰি চালোঁ। নাই। ক’তো নাই মই দেখি থকা অশৰীৰী চকুহাল। ক’ত হেৰাই থাকিল মোৰ সহচৰ চকুহাল?
ডাক্তৰে মিহিকৈ হাঁহি এটি মাৰি দৰৱৰ পেছক্ৰিপশ্যনখন মোৰ পি এ জনৰ হাতত তুলি দি দুই এটা সৰু-সুৰা দিহা পৰামৰ্শৰে আমাক বিদায় দিলে।
মোৰ শেহতীয়া ৰিপোৰ্টটোৰ কথা পি এ জনে সকলোকে জনাই দিলে। কথাখিনি ক’বৰ পৰত তাৰ মুখমণ্ডলত প্ৰশান্তিৰ হাঁহি এটুকুৰা জিলিকি উঠিল।
“বৰ ভাল লাগিছে ছাৰ। আজিৰ পৰা আপুনি সেই ভ্ৰমৰ পৃথিৱীখনৰ পৰা একেবাৰে মুক্ত।”
পি এৰ কথাখিনিত সামান্য মূৰ দোৱাই তাক উৎসাহিত কৰিলোঁ যদিও সুযোগ পালেই মই ওখ বেৰবোৰত চকুহালৰ সন্ধান কৰিবলৈ ল’লোঁ। মই নুবুজা হৈ আহিছিলোঁ ভ্ৰমৰ পৃথিৱী প্ৰকৃততে কোনখন?ক’ব নোৱাৰাকৈয়ে ধন আৰু ক্ষমতাৰ অন্তহীন আকাংক্ষাৰ পৃথিৱীখন মোৰ ভ্ৰম যেন লাগিবলৈ ধৰিলে।
“হয়তো ভ্ৰমত থকা মানুহৰ বাবে সত্যও ভ্ৰম নতুবা ভ্ৰমেই সত্য।”