৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

আদিবাসি চাহ জনগোষ্ঠী সমাজৰ কৰম পৰৱৰ বিধি-বিধান (নেগাচাৰ) আৰু ঝুমুইৰ নাচ গানৰ বিভিন্ন ভংগীমা-(ভদ্ৰ ৰাজৱাৰ)

‘কৰম পূজা’ চাহ জনগোষ্ঠী সমাজৰ জাতীয় উৎসৱ। জনবিশ্বাস মতে কৰম পূজাৰ দ্বাৰা পথাৰৰ শস্যক্ষেত্ৰ শ্ৰীবৃদ্ধি আৰু মানৱ জীৱনৰ মঙ্গল হয়। ভাদ মাহৰ শুক্লা একাদশী ‘ৰজহ কৰম’ সৰ্বজন বিদিত আৰু কৰম ডালৰ গছ কৰম দেৱতাৰ প্রতীক হিচাবে বিশেষ স্থান পাই আহিছে। কৰম পূজাত তিনি, পাঁচ নাইবা সাত দিনৰ আগতে পৰম্পৰাগত নীতি অনুযায়ী তিনি, পাঁচ, সাত বা ন জনী কৰমতীয়ে (কৰম দেৱতাৰ নামত ব্ৰতধাৰী পাটগাভৰু ছোৱালী) জাৱা উঠাই, এটা টুকুৰী আৰু দুটা টুপাত কিছু নৈবদ্য জাৱাত সিঁচিবৰ কাৰণে ধান, মাহ, বুট, মগু, যৱধান, গোমধান, তিল, ঘেঁছ আদিৰ লগতে কেইখিলামান জিকাপাত, কেইডালমান দাঁতোন, গুড়ি হালধি অলপ, মিঠাতেল, চাকী, ধূপ-ধূনা আদি লৈ আটাইকেইগৰাকী কৰমতীয়ে উপবাসে থাকি কোনো নদী বা ডাঙৰ পুখুৰীৰ পাৰলৈ গৈ স্নান আদি কৰি পাৰতে ঠাই এডোখৰ পৰিষ্কাৰ কৰি লৈ তেওঁলোকে জল দেৱতাক স্মৰণ কৰি কৰম দেৱতাৰ উদ্দেশ্যে টুকুৰী আৰু টুপা দুটা স্থাপন কৰে। ঠাই বিশেষে তিনিটা টুপাও ব্যৱহাৰ কৰা দেখা যায়। প্রতিগৰাকী কৰমতীয়ে বিশেষ নিয়মেৰে একাজলিকৈ বালি তুলি টুকুৰী আৰু টুপাত পূৰ্ণ কৰে। তাৰ পাছত কৰমতীসকলে নিজ-নিজ অংশত মাহ জাতীয় শস্যবিলাক সিঁচি দিয়ে। নিজৰ অংশত চিন ৰাখিবলৈ একোটাকৈ বাঁহৰ সৰু কাঠি বা কঁহুৱা ফুলৰ ঠাৰি পুতি থয়। ধূপ-দ্বীপ আদিৰে যাৱতীয় নীতি-নিয়ম কৰাৰ পাছত কৰমতীসকলে জাৱা টুকুৰীক কেন্দ্ৰ কৰি শাৰী পাতি বৃত্ত আকাৰে ঘুৰি ঘুৰি জাৱা ধৰা বা বাৰী উঠোৱা গীত গায় এনেদৰে-
“ছটে মটে হামদেৰ টলা
মাঝে কৰম আখড়া
তাহি তৰে ধৰতী মাগ
খেলে জুৱা চাইৰ।
চনে কৰি ডালাৱা মে
“ৰূপে কৰি মূংগীয়া গ
ভাদৰ চান্দে গ আয়
জাৱা উঠাই!” (অসম্পূৰ্ণ)
এনেদৰে দুই এটা গীত কৰমতীসকলে পৰিবেশন কৰি নচাৰ অন্তত জাৱা ধৰা কাজ সম্পূৰ্ণ হয় আৰু জাৱাধৰা টুপা এখন নৈ ঘাটত এটা আছুতীয়া নিৰাপদ স্থানত থৈ আৰু এটা টুপা গাঁৱৰ গ্রাম পূজাৰ স্থানত ৰাখি জাৱা ধৰা টুকুৰীটো সকলো কৰমতীয়ে আলফুলকৈ উঠাই লগতএঘটি পানী লৈ ঘৰলৈ আহে। ইয়াক বাৰি অনা বোলে। সেইমতে ব্ৰত ধৰা তিথি অনুসৰি প্রতিদিন সন্ধিয়াকৰমতীসকলে গৃহস্থৰ চোতালত জাৱা টুকুৰী পৰম্পৰা বিধি মতে উলিয়াই আনি হাত চাপৰি বজাই সেৱা জনাই জাৱা গীত গাই গাই নৃত্য কৰে। জাৱা টুকুৰী উলিয়াই আনোতে কৰমতীসকলে পৰিবেশন কৰা গীত ঠাই ভেদে গীতৰ ৰূপ বেলেগ হ’লেও সুৰ একে৷ যেনে –
“আৱা চিনি জাৱা চিনি দেউৰা ৰে
দেউৰা ওপৰে চাপা মালীনি ৰে।
ৰংগিনী ৰংগিনী ৰূপ ৰংগিনী
ডালা ভৰি ফুল ফুটে চুপ ৰংগিনী।”
জাৱা জাগৰণি অনুষ্ঠানত প্ৰতিটো সন্ধিয়া নিয়ম অনুসৰি বেলেগ বেলেগ গীত পৰিবেশন কৰে। প্ৰথম দিনা পৰিবেশন কৰা গীত দ্বিতীয় দিনা নাগায়। ঠিক তৃতীয় দিনা জাৱা শস্যৰ অংকুৰ বিলাক সুস্থ-সবল হ’বৰ বাবে গোবৰ পানী, চতুৰ্থ বা পঞ্চম দিনা হালধী পানী দিয়ে। জাৱা ধৰা অনুষ্ঠানত কোনোবা কৰমতী উপস্থিত থাকিব নোৱাৰিলে তৃতীয় দিনা জাৱা টুকুৰীত নিজৰ নামত খুটি পুতি কৰম ব্ৰত ধৰি কৰমতী হ’ব পাৰে। জাৱা জাগৰণী অনুষ্ঠানত পৰিবেশন কৰা জাৱা গীত জাৱা খেমটা বা ৰংগীত কৰমতীসকলে গৃহস্থ ঘৰৰ চোতালৰ মধ্যম স্থানত পূব দিশত জাৱা টুকুৰী স্থাপন কৰি টুকুৰীক কেন্দ্ৰ কৰি বৃত্তকাৰে ঘূৰি ঘূৰি জাৱা জাগৰণী গীত গায়। জাৱা খেমটা বা ৰংগীত পৰিবেশন কৰোতে হাত চাপৰি বজাই গীত আৰু নৃত্যৰ তাল ৰাখে। জাৱা জাগৰণী গীত নৃত্যত সাধাৰণতে ঢোল, মাদল আদি বজোৱা দেখা নাযায়।
জাৱা গীত —
“জাৱা মাই জাৱা
কিয়া কিয়া জাৱা
জাৱা মাই জাগল
এক পাতা দুই পাতা শইৰে।
জাৱা মাই জাৱা, কিয়া কিয়া জাৱা
জাৱা মাই জাগল বুট সৰিচ ৰে।” (অসম্পূৰ্ণ)
জাৱা ৰংগীত —
“শাশুকে বাৰীমে ধপা ধপা পাও ল
শাশু বাটে দুটি দুটি ভাত,
একা মনা কৰে শাশু বিছি বিছি খাব ল
একা মনা কৰে নৈহৰা চলি যাব।
বণাহিনা গেলে শাশু বাঘেনা খাল গ
বাঘে খালে হওয় আৱাদান।”
এনেদৰে কৰমতীসকলে নানা সামাজিক কল্প কথাৰ গীত দাদা বা ভাইসকলক পূজাৰ সামগ্ৰী, গাৰ আভৰণ আ-অলংকাৰ আদি বিচাৰি, ভগবান শিৱৰ, শ্ৰীকৃষ্ণৰ, নন্দ যশোদৰ, প্ৰকৃতিৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, যেনে চুগা মইনা, চান্দ-সুৰুজ, দেৱৰ-ননদ আদিক লৈ ৰচিত নানা ৰকমৰ পৰম্পৰাগতভাৱে মুখে মুখে প্রচলিত হৈ অহা জাৱা আৰু ৰংগীত পৰিবেশন কৰি জাৱা জাগৰণী অনুষ্ঠান কৰে। নিৰ্দিষ্ট জাগৰণী পৰ্ব শেষ হোৱাৰ পাছত জাৱা টুকুৰীক সেৱা জনায় ঘৰৰ ভিতৰত থয়। সেই সময়ত অংকুৰিত জাৱাসমূহক নিগনিয়ে যাতে নষ্ট নকৰে তাৰ বাবে নিগনিক সতৰ্ক কৰি গীত গায়। যেনে –
“জাৱা না’কুটবে মুচা জাৱা ন’কুটবে
কচু পাতে চেকব মুচা
লুৱাঠি আগে বালব।
জাৱা নাকুটবে মুচা জাৱা নাকুটবে
গণেশ বাবাক সেৱা মুচা
ইন্দ্ৰ ৰাজাক দোৱা ৷”
এনেদৰে জাৱা জাগৰণী পৰ্ব শেষ হোৱাৰ পাছত কৰমতীসকলে চোতালত সমবেত আইমাই, ঢলীয়া মান্দৰীয়া আৰু ৰচিকাসকলে মিলি বু্মইৰ নাচ-গানৰ আখড়া বান্ধে। এইদৰে প্রতিটো সন্ধিয়া জাৱা জাগৰণৰ পিছত নিশাৰ প্রথম প্ৰহৰলৈকে বু্মইৰ নাচ-গান কৰে।
কৰম ডাল অনা পৰ্ব:  
কৰম পূজাৰ নিৰ্দিষ্ট একাদশী বা পূৰ্ণিমাৰ আগদিনা মানে দশমী বা চতুৰ্দশী দিনা কৰমতীসকলে মানি লোৱা কৰম ভায়ে হাবি জঙ্ঘলত গৈ পূজাৰ বাবে ডাল নিৰ্বাচন কৰি সেই সন্ধিয়া ডালৰ তলত নিৰ্দিষ্ট নীতি বিধি মতে বন্তি এগছি প্ৰজ্বলন কৰি পূজাৰ বাবে আমন্ত্ৰণ জনাই আহে৷ পূজাৰ দিনা কৰম ভায়ে কৰমতীসকলৰ দৰে উপবাসে থাকি নির্দিষ্ট সময়ত থালিত পূজাৰ সামগ্ৰী ধূপ-দীপ, সেন্দুৰ, কাজল, মাহ-প্রসাদ, ৰুটি পিঠা, এঁৱা সুতা লৈ কৰমতীসকলৰ লগতে কৰমপ্ৰেমী ৰাইজক লগত লৈ কৰম ডাল আনিবলৈ যায়। কৰম গছৰ তলত নীতি বিধি অনুসৰী পূজা-অৰ্চনা কৰি ডাল ৰূপী কৰম দেৱতাক ধোৱাই পখলাই ওঁৱা সুতাৰে ব্ৰত ধৰা দিন অনুপাত তিনি, পাঁচ বা সাত পাক বান্ধি সেন্দুৰ কাজলৰ ফুট দি আঢ়ৈ চাউল, দুবৰী বন, গুৰি আৰু গোবৰ লাডু আদিৰে চুপাই আলিঙন কৰে। একেদৰে সকলো কৰমতী আৰু উপস্থিত আই মাই, ৰসিকা ঢুলীয়া সকলোৱে কৰে। পূজা-অৰ্চনাৰ শেষত কৰম ভায়ে দা-কটাৰীয়ে একে চেৱত ডাল কাটে আৰু লগে লগে কৰমতীসকলে ডাল মাটিত পৰিবলৈ নিদিয়াকে ওপৰতে ধৰি নৃত্য-গীত আৰম্ভ কৰে। ডাল আদৰি আনিবলৈ যোৱা সময়ত গোৱা গীত –
১)
“দে দাদা দে দাদা,
ডাইৰ কাইট দে
দে ভজি দে ভজি ,
ৰটি ছাইক দে।
দে ভজি দে ভজি
শাৰী পিন্ধাই দে ,
দে ভজি দে ভজি
ডাইৰ ঝইক দে।”
২)
“দিব দিব কৰম ৰাজা
আইনা কাজল ৰে,
আৰ দিব কৰম ৰাজা
টিকলী সিন্দুৰ ।”
৩)
“আগে ছিল কৰম ৰাজা
অযোধ্যা নগৰে ৰে
আইজ ৰে কৰম ৰাজা
মাই বাপেৰ ঘৰে।
হিল হিল কৰম ৰাজা
মাইবাপেৰ ঘৰে ৰে
কাইল ৰে কৰম ৰাজা
কাশ নদীৰ পাৰে।
কিয়া কিয়া লিয়ে কৰম
হাচল আই ৰে হাচল আই”
এই অনুষ্ঠানত নৃত্য-গীতসমূহক দহৰ শৃংগাৰী ঝুমইৰ গীত বোলে। ঢোল মাদলৰ তাল ৮ আৰু ৪ মাত্ৰাৰ বজায়। নৃত্য শিল্পীসকলে সৰ্বশৰীৰ সঞ্চালন কৰি দুই দেউ তিনি দেউ কৰি উল্লাসিত খোজেৰে সম্মুখফালে নৃত্য কৰি ৰৈ ৰৈ আগবাঢ়ি যায়। নৃত্য সময়ত শিল্পীসকলে কৰম ডাল হাতত লৈ নিজক কেন্দ্ৰ কৰি মাজে মাজে এপাক ঘূৰে। কৰমডাল লৈ গৃহস্থৰ চোতাল পোৱাৰ পিছত গৃহস্থই ডালৰূপী কৰম গোসাঁইক নীতি বিধি অনুসৰি নোৱাই ধুৱাই আঢ়ৈ চাউল, দুবৰী বনৰে চোমান কৰি কৰমডালক গাত খান্দি ডাল গড়ে (ৰোপণ কৰে) কৰমতীসকলে লগে লগে নিজৰ নিজৰ ঘৰলৈ গৈ পূজা সামগ্ৰী, ফুল প্রসাদ, চাকি-বাতি, নতুন ডালি বা চুপত বাঁহৰ তৈয়াৰী মুখ খোলা টুকৰী) যতনাই, ন-সাজ আৰু পৰম্পৰাগত প্ৰচলিত আ-অলংকাৰ পৰিধান কৰি নিজৰ নিজৰ অভিভাৱকৰ লগত পূজাস্থলীত উপস্থিত হয়। সকলো কৰমতী উপস্থিত হোৱাৰ পিছত নিৰ্দিষ্ট নিয়মেৰে পুনৰ জাৱা গীত পৰিবেশন কৰি জাৱা পাচিসমূহ বাহিৰলৈ আনি কৰম ডালৰ তলত থৈ পূজাৰ পুৰোহিত কহনী বুঢ়া বা নেয়া বাবাৰ নিৰ্দেশত অনুসৰী এগচি বন্তি প্ৰজ্বলন কৰি ধূপ-ধূনা দি পবিত্ৰ অন্তৰেৰে মনৰ আশা পূৰ্ণ কৰাৰ কামনাৰে পূজাত মনোযোগ দিয়ে আৰু কহনী বুঢ়াই কৰম পূজাৰ আখ্যান কহনী ক’বলৈ আৰম্ভ কৰে। কৰম কহনী আৰু পূজাৰ কাজ সমাপন হোৱাৰ লগে লগে আৰতী গায় এনেদৰে –
“তেলি ঘৰেক তেলা
ধবি ঘৰেক বাতি
না জৰ দিয়াৰা
না জৰ বাতি
জৰে লাগল দিয়াৰ
জৰ জৰ দিয়াৰা
ছয় পহৰ ৰাতি
একাদশী তিথি কৰমকে ৰাতি
জৰ জৰ দিয়াৰ
ছয় পহৰ ৰাতি ।”
আৰতী গীত পৰিবেশনৰ অন্তত কৰমতীসকলে কৰম পূজা কৰাৰ উদ্দেশ্যে আৰু ফলাফল লাভ কৰাৰ সন্দৰ্ভত পৰস্পৰে পৰস্পৰৰ মাজত প্রশ্ন কৰি উত্তৰ বিচাৰে। যেনে –
প্ৰশ্ন: কেকৰ কৰম, কেকৰ ধৰম?
উত্তৰ: হামৰ কৰম, ভইয়াকে ধৰম।
প্ৰশ্ন: কৰম কইৰ কে কি পালে?
উত্তৰ: কহঁৰা এচন বেটা পালি, হা মনে খজা ফল।
কৃষ্ণ এচন পুৰুষ ইত্যাদি…।
প্ৰশ্ন-উত্তৰ হোৱাৰ পিছত পূজা সামৰণি হয় আৰু কৰমতীসকলে কহনী বুঢ়াৰ লগতে সমবেত ৰাইজক প্ৰসাদ বিতৰণ কৰি এক নিশা ঘোৰা ঝুমুইৰ নাচ-গানৰ সু-আৰম্ভণি কৰে। কৰম পূজাক কেন্দ্ৰ কৰি সেই নিশা পৰিবেশন কৰা ঝুমুইৰ নাচ-গান ঢোল-মাদলৰ চেও আৰু নাচসমূহক নিশাৰ পহৰ ভেদে সাত-আঠটা ভাগত ভাগ কৰি পৰিবেশন কৰা দেখা যায়। সেইমতে নিশাৰ প্রথম পহৰত কহনী পৰিবেশন কৰি সমবেত ৰাইজৰ বাবে আখড়া মুকলি কৰে। গীত ফাঁকি যেনে-
“নাৱা ভালি নাৱা চুপ
নাৱা ৰে কৰমতী, ৷
বাইৰ দিয়া হৌ লাল ৰেচমেক বাতি
আইজ ৰে কৰমাখেল ৰাতি।।
ভাদকে একাদশী/পূৰ্ণিমা তিথি
কৰমা গাড়াইল ৰাতি
ডাইৰ ধৰে বৰ মাগে
যতৰে উপাচি
আইজৰে কৰমাকেৰ ৰাতি।” (১০ মাত্ৰা)
গীত ফাকি পৰিবেশন কৰোতে ৰচিকাৰ সুৰ সঞ্চালন কৰা মাত্ৰাৰ ওপৰত ভিত্তি কৰি ঢোল, মাদলৰ চেও বা তাল বজোৱা হয়। ইয়াত যদি ঢুলীয়াসকলে ঢোলৰ ঘাট বা খদ গীত পৰিবেশনৰ আগে আঠ বা দহ মাত্ৰাত বান্ধে তেন্তে ৰইসকা (গায়কে) ঢোলৰ মাত্ৰা অনুকৰণ কৰি সুৰ সঞ্চালন কৰিব লাগে। বহু সময়ত তেনে নকৰাত গীত আৰু ঢোলৰ মাত্ৰাৰ বিসংগতি দেখা যায়। যাৰ ফলত পেলনীসকলৰ নাচত প্রভাৱ পৰে। ডাড়শালীয়া নাচত পেলনীসকলে পৰস্পৰে পৰস্পৰ পিঠিৰ ফালে হাতে হাত৷ ধৰি শিকলিৰ দৰে বান্ধ খাই অলগদাৰি (দলৰ প্রথম গৰাকী নাচনী) নিজৰ সোঁ ফালে ঢোলৰ চেওক অনুকৰণ কৰি অংগ সঞ্চালন কৰে আৰু
ঢোল, মাদলৰ তালৰ ছন্দৰে ৰইসকাই গাই থকা বুমইব গীতৰ দ্বিতীয় শাৰী সমস্বৰে পৰিবেশন কৰি এখোজ এখোজকৈ আগবাঢ়ি যায়। পেলনীসকলে গীত ঝংকাৰ (গোৱাৰ) পিছত ৰইসকাই পুনৰ গীত গোৱাৰ লগে লগে ঢুলীয়াই বাজি থকা ঢোলৰ মাত্ৰা সমাপন কৰি খদ বা চেও ভাঙি গীতৰ সুৰ অনুসৰি আঠ মাত্ৰা বা দহ মাত্ৰাত বজাব আৰু নাচনীসকলে সেই মতে নাচ নাচে। কহনী বুঢ়া আৰু কৰমতীসকলে নাচ-গান কৰাৰ অন্তত সমবেত ৰাইজে আখড়াত প্রবেশ কৰি ৰইসকাসকলে ঝুমুইৰ বন্দনা গীত পৰিবেশন কৰাৰ লগতে গোটেই নিশাৰ প্ৰহৰ ভেদে বিভিন্ন ঠাটৰ ঝুমুইৰ নাচ-গান পৰিবেশন কৰি ৰাতি পুৱায়। কৰম আখড়াত নিশাৰ প্রহৰ ভেদে ৰইসকা আৰু পেলনীসকলে পৰিবেশন কৰা ঝুমুইৰ নাচ-গানৰ তাল-মান আৰু নৃত্য ভঙিমা-
নিশাৰ প্রথম প্ৰহৰ –
ডাড়শালীয়া ঝুমুইৰ গীত ঠাট্ ডাড়শালীয়া ঢোল, মাদলৰ তালৰ মাত্ৰা ৰইসকা সকলৰ
সুৰ সঞ্চালনৰ ওপৰত ভিত্তি কৰি আঠ মাত্ৰা বা দহ মাত্ৰাত বজাব আৰু সেইমতে পেলনীসকলে ডাড়া ধৰাধৰিকৈ (কঁকালত) ধৰি প্রথমতে বাওঁভৰি আগবঢ়াই সোঁফালে এদেউ দুদেউকৈ আগবাঢ়ি অংগ সঞ্চালন কৰি নৃত্য কৰিব। ঢোল, মাদল, তালৰ ছন্দ ৰাখি পেলনীসকলে নাচৰ ৰূপ সলনি কৰি অধিক আনন্দ লাভৰ চেষ্টা কৰে আৰু পৰ্বায়ক্ৰমে ধিমা লয়ৰ পৰা দ্ৰুত লয়লৈ নাচ-গান আগবাঢ়ি সামৰণি পৰে। আঠ মাত্ৰা আৰু দহ মাত্ৰাৰ সুৰ সঞ্চালন কৰা দুটা ঝুমুইৰ গীত উল্লেখ কৰা হ’ল _
“আখড়া বন্দনা কৰি
সৰস্বতী মাগ বলি
তবেৰে বন্দনা ব্ৰত নাৰী
মদনে ঝুমুইৰ লাগল ভাৰি।” (আঠ মাত্ৰা)
“কেকৰ আঙামে হৌ
লা’গল ঝুমুইৰী
সখী নাচতয় ৰে
ৰুণু ঝুণু বাজয় ঘুংঘুৰ৷” (দহ মাত্ৰা)
ঝিঙাফুলীয়া ঝুমুইৰ:
ডাড়শালীয়া পাছতে ঝিঙাফুলীয়া ঝুমুইৰ পৰিবেশন কৰে। ৰইসকাৰ গীত গোৱা শৈলীৰ ওপৰত নিৰ্ভৰ কৰি ঢুলীয়াই ঢোলৰ মাত্ৰা বান্ধে৷ এই ঝুমুইৰ আঠ, দহ আৰু বাৰ মাত্ৰা পৰ্যন্ত নাচ কৰিব পাৰে। ঢোলৰ মাত্ৰাক কেন্দ্ৰ কৰি পেলনীয়ে ভৰি সঞ্চালন কৰে। অৱশ্যে আঠ মাত্ৰা আৰু দহ মাত্ৰাত গীত-নৃত্যসমূহ পৰিবেশন হ’লে অধিক ৰসাল আৰু পৰিপূৰ্ণ হয়। পেলনীসকলে ডাড়শালীয়া নাচতকৈ এই নাচ দ্ৰুত লয়ত নাচি ভাল পায়। আঠ মাত্ৰা আৰু দহ মাত্ৰাৰ ঝিঙাফুলীয়া গীত তলত উল্লেখ হ’ল৷
(ক)
“ঠুঠি পাগড়ীয়া
অগ লচকলয় ডাঁড়িয়া
(তহি তৰে ছেলা বান্ধয় পাগড়ীয়া তহি তৰে)”
(আঠ মাত্ৰ)
( খ)
“আজকে ৰাতিয়া
স্বপনকে বাতিয়া
মনে পৰে
মৰ পহিলা পিৰীতিয়া
মনে পৰে।” (দেহ মাত্রা)
খেমটা আৰু ৰং:
মূল ঝুমুইৰ গীত পৰিবেশনৰ পাছত আখড়াত খেমটা গীত-নৃত্য কৰে। খেমটা নাচ পেলনীসকলে পৰিবেশন কৰাৰ সময়ত সাধাৰণতে আগফালে হাউলি ভৰি সঞ্চালন কৰাৰ লগতে অংগসঞ্চালন কৰে। খেমটা গীতত ঢোল-মাদলৰ তাল ষোল্ল (১৬), বাৰ (১২)ৰ পৰা ছয় (৬) মাত্ৰা বজায়। ইয়াৰে ছয় (৬) মাত্ৰাত নৃত্য চলি থকাৰ মাজতে ৰইসকাৰ গীতৰ সুৰ সঞ্চালন কৰাৰ ওপৰত ভিত্তি কৰি ঢুলীয়াসকলে ষোল্ল বা বাৰ মাত্ৰাৰ ৰগৰ তুলি পেলনীসকলক বিভিন্ন ভঙ্গিমা যেনে বহি, অৰ্ধচন্দ্ৰ আকৃতি ঘূৰি, আগলৈ-পাছলৈ নিজা কেন্দ্ৰস্থলীতে এপাক ঘূৰি নাচিবলৈ সুযোগ ঘটায়। খেমটা ঝুমুইৰ গীত নিশাৰ প্রহৰ ভেদে পৰিবেশন কৰা দেখা যায়। মূল খেমটা গীতৰ সুৰৰ লগত সাদৃশ্য ৰাখি কিছুমান গীতৰ লয় পৰিবেশন কৰে। যেনে – ত্ৰানা না নাইৰে, নাইৰে, বা লে মালা লে মালা লে আদি। খেমটা গীতত পৰিবেশন কৰা এই সাদৃশ্যমূলক স্বৰ বা লয়সমূহ ঝুমুইৰৰ আন গীতসমূহত পৰিবেশন কৰা দেখা নাযায়। খেমটা গীতৰ পাছত ৰং গোৱা হয় ৰং গীতসমূহ খেমটা নাচতকৈ কিছু দ্ৰুত ভাবে নাচে ঢোলৰ তাল মান একে থাকে কেৱল খেমটা গীতৰ দৰে ৰং গীতসমূহ বিশেষ তত্বগধুৰ নহয়। সৰু সৰু বিষয়ক লৈ ৰং গীতসমূহ ৰচিত। যাক আখড়াত সুৰ আৰোপ কৰি পৰিবেশন কৰিলে হাঁহিৰ খোৰাক যোগায়। তলত এফাঁকী খেমটা আৰু ৰং গীত উল্লেখ কৰা হ’ল।
খেমটা গীত-
“পান দিলি চুপাৰী দিলি
চুন টা দিলি নাই
হাই হাই চূণটা দিলি নাই
ঘৰকে ঘৰ কাৰ্ণা দিলি গ
তৰা অন্ত দিলি নাই।”
ৰংগীত-
“বেঙ কাটিছে পান চুপাৰী
বগে ধৰে ছাতা
হাই হাই বগে ধৰে ছাতা
দেখন মিতা
মিনিদেৰ টেড়া কাটা সিতা।”
খেমটা বা ৰং গীতসমূহ ছুটি আৰু বাংলা সুৰীয়া। ইয়াক সাদৃশ্য শব্দৰ সুৰ আৰোপ কৰি দীঘল কৰা হয়।
গলবাৰী ঝুমুইৰ: কৰম আখড়া মধ্যৰাতি পৰিবেশন কৰা নৃত্য গীত। ঠাই ভেদে ইয়াক আধৰাতিয়া ঝুমুইৰ বুলিও কয়। এই নৃত্য-গীত অসমৰ বিশেষকৈ শিৱসাগৰ (অবিভক্ত)জিলাৰ নাজিৰা অঞ্চলৰ আখড়াসমূহত পৰিবেশন কৰা দেখা যায়। ইয়াৰ তাল দুই প্রকাৰৰ – আঠ আৰু দহ মাত্ৰাৰ এইনৃত্য-গীত মধ্যম ৰাতি একেবাৰে মধ্যমীয়া গতিত পৰিবেশন কৰে। ৰইসকাৰ সুৰৰ প্রতি লক্ষ্য ৰাখি ঢুলীয়াই তাল বান্ধে সেইমতে পেলনীসকলে নৃত্য কৰে। এই নৃত্যত পেলনীয়ে শৰীৰৰ প্রত্যেকটো অংগ সঞ্চালন কৰিব লাগে। তেহে নৃত্য-গীত অধিক ৰসাল হয়। গলবাৰী ঝুমুইৰ গীত-
“একা পালংকা মে
শুৱলিহৌ দুয় জনে হায়ৰে
কতিখনে পিয়া ছড়ি গেলয়
সাজনাগৰী
নিন্দিয়া ভেলয় হামাৰ বৈৰী
এহ পাৰে গংগা ৷
অহ পাৰে যমুনা হাইৰে
বিচে ফুটলয় ফুলৱাৰী
সাজনা গৰী
কৈছে দীল ৰাখব ধৰি।”
ভিনশৰীয়া ঝুমুইৰ: পুৱতি নিশা অৰ্থাৎ নিশাৰ তৃতীয় ও চতুৰ্থ প্ৰহৰত এই নাচ-গান আখড়াত পৰিবেশন কৰে। ভিনশৰীয়া বুমইৰৰ ঢোল-মাদলৰ তাল আঠ মাত্ৰা৷ ইয়াৰ গীতসমূহ দীৰ্ঘ লয়ত গোৱা হয়। ঢোলৰ তালৰ মাত্ৰা খৰ হ’লে খৰকে আৰু মধ্যমীয়া হ’লে আস্তেকে নাচিব লাগে। এই নাচত পেলনীসকলে সাধাৰণতে গা পোনাই নাচে। নাচত কঁকাল আৰু বুকু সঞ্চালন কৰি সোঁ ফালে ঢোলৰ খদ আৰু মাত্ৰা কেন্দ্ৰ কৰি তিনি খোজ আগবাঢ়ি আৰু এখোজ পিছলৈ ঠেলা মাৰি নচা দেখা যায়। ভিনশৰীয়া নৃত্য-গীত দ্ৰুত লয়ত পৰিবেশন কৰিলে অধিক ৰসাল হয় আৰু পেলনীসকলে আউলী-বাউলী হৈ নাচিব পাৰে।
ভিনশৰীয়া গীত-
(১)
“গগণে উঠিল বেলা
কত না কৰিব খেলা ৰে
খেলিতে খেলিতে ছৈলা মাপাচুৰাই
ছৈলা হাইৰে হাই”
(২)
মুৰুগাযে হাঁক দেল
ভেলয় ভিনশৰীয়া হৌ
উঠ হৌ উঠ দেউৰা|
উঠ দেউৰা খলহ মেলান
ৰে বিহনা ভেলয়।”
ভিনশৰীয়া ৰং: সাধাৰণতে ৰঙৰ অৰ্থই হ’ল অধিক ফুৰ্তি বা অধিক আনন্দ৷ ভিনশৰীয়া ৰং নৃত্য গীতব ঢোলৰ তাল চাৰি মাত্ৰাত বাজে। এই নৃত্য ইমান দ্ৰুত লয়ত পৰিবেশন কৰা হয় যে ডেকা-গাভৰুসকলৰ বাহিৰে বুঢ়া-বুঢ়ীসকলে দৰ্শক হোৱাৰ বাহিৰে আন উপায় নাথাকে। এই নাচ-গান ৰাতিপুৱাৰ সময়ত কৰম ডাল বিসৰ্জন কৰাৰ আগমুহূৰ্তত পৰিবেশন কৰে। নৃত্য-গীতত পেলনীসকলে শৰীৰৰ প্ৰতিটো অংগ সঞ্চালন কৰি ভৰিৰ আগত ভৰ দি দেহা উজাৰি নাচে ৷ গীতৰ পৰিবেশনত সুৰৰ কৌশল কথা বা অৰ্থ ভেদে ঢোলৰ চাপৰ পৰিবৰ্তন কৰি ঢোল পৰিবেশন কৰে।
ভিনশৰীয়া ৰং গীত —
“ৰিমি ঝিমি ৰিমি ঝিমি
পানী বৰষি গেলর় না
ছাতা ধৰ ৰে দেউৰা
এচন সুন্দৰ খপা হামৰ
ভিঞ্জ যাতয় না।
গাছা মাঝেদেখলী
পিপৰ গাছা না
হে ৰাম বিনা বাতাচে
পিপৰ পাত দলে না।
ঘড়া মাবে৷ দেখলি
টাঙিন ঘড়া না
হে ৰাম বিনা চাবুকে
ঘড়া দৌড় মাৰে না৷”
ডহৰ শৃংগাৰী ঝুমুইৰ: কমৰ ডাল বিসৰ্জন পৰ্বৰ নাচ-গানসমূহ চাৰি আৰু আঠ মাত্ৰাত বজোৱা হয়। গীতসমূহ কৰমা দেৱতাক আশীৰ্বাদ বিচাৰি আৰু পূজাত হোৱা ভুল ক্ৰটীসমুহৰ ক্ষমা বিচাৰি লগতে অগন্তুক বছৰত পুনৰ ঘূৰাই অনাৰ প্রতিশ্ৰুতিৰে গীত গোৱা হয়। ইয়াৰ মাজতে নৈৰ ঘাটলৈ ষাওঁতে আলি বাটে বাটে ৰইসকা পেলনী (ডেকা- গাভৰুসকলে (ঠেলা নাম বা জোৰা নাম) গাই নৃত্য কৰি যায়। গীতসমূহ স্থলিতে ৰচনা কৰি পৰিবেশন কৰে। ঢোলৰ তাল মানক কেন্দ্ৰ কৰি পেলনী ৰইসকাসকলে চন্দ ৰাখি কৰম ডাল হাতত লৈ ঘূৰি ঘূৰি নৃত্য কৰি আগবাঢ়ি যায়। ইয়াত পৰিবেশিত গীতসমূহ ডেকাই গাভৰুক আৰু গাভৰুসকলে ডেকাসকলক জোকাই ঠাট্টামূলক গীত গায়। সেইমতে গীত ষোগে পৰস্পৰে পৰস্পৰক জবাব দিয়ে। এই গীত মাতৰ যোগেদি ডেকা-গাভৰু সকলে কাৰোবাৰ প্রতি প্ৰেম ভালপোৱাৰ ভাৱ প্রকাশ ও নিৱেদন কৰিবলৈ শেষ সুযোগ লাভ কৰে৷ ইয়াত ডেকা-গাভৰুসকলে দেহা উজাৰি অংশগ্ৰহণ কৰে। কৰম ডাল বিসৰ্জন পৰ্বত সাধাৰণতে পৰিবেশন কৰা গীত –
(ক)
“কিয়া কিয়া লিয়ে কৰম
হাচল যায় ৰে, হাচল যায়
বাচি কুচী লিয়ে কৰম
হাচল ষায়।”
(খ)
“যাহু যাহু কৰম ৰাজা
এহি ছয় মাচ ৰে
এহি ছয় মাচ
আবত ভাদৰ মাচ আনব ঘূৰাই।”
ডেকা-গাভৰুসকলৰ গীত –
“আম বাজাৰু কি ভাই শ্যাম বাজাৰু
ভাল ভাল ছড়া গিলাক বায়ে বাজাৰু।
আম বাজাৰু কি ভাই জাম বাজাৰু
ভাল ভালছড়ীগিলাক বাযে বাজাৰু৷”
এনেদৰে গীত-মাত কৰি আনন্দ ফুৰ্তিৰ মাজত নৈ ঘাটত নিৰ্দিষ্ট নীতি নিয়মৰ মাজত কৰম পূজাত ব্যৱহাৰিত সকলো সামগ্ৰী যেনে- জাৱা, টুকুৰী, পূজাত উচৰ্গিত সামগ্ৰীসমূহৰ লগতে কৰম ডালক পানীত বিসৰ্জন কৰি কৰম পূজাৰ সামৰণি মাৰে। দ্বিতীয় নিশা পুনৰ গাড়া ভাতা অনুষ্ঠান কৰে। অসমৰ এই বৃহৎ চাহ জনগোষ্ঠী সমাজখন বিভিন্ন জাতি গোষ্ঠী একলগ হৈ গঠিত হোৱা স্রমাজ। জাতি গোষ্ঠী আৰু ঠাই ভেদে কৰম পূজাৰ নাচ-গানৰ সুৰ ঢোল মাদলৰ তাল মান কিছু উনৈশ বিশ হোৱাটো স্বাভাৱিক ষদিও পূজাৰ অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য একে৷ উল্লেখিত লেখাত জীতিয়া ঝুমুইৰ, বৈঠাখানী ঝুমুইৰ আৰু নাগপুৰীয়া ঝুমুইৰ নাচ গান আৰু তাল মানৰ বিষয়ে আলোচনা কৰা নহ’ল। উল্লেখিত ঝুমুইৰ নাচ-গানসমূহ চাহ জনগোষ্ঠী সমাজৰ জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠান আৰু স্বয়ং সম্পূৰ্ণ৷
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *