বিবিধ চিন্তা

মণিপুৰ‌‌ৰ‌ মহিলা-(ৰূপম দাস)

ৰং বিৰঙৰ কাপোৰৰ এখন বজাৰ। হৰিণী চকুৰ ছোৱালী, তিৰোতাৰ দোকান।

মই বজাৰৰ মাজলৈ সোমাই গ’লোঁ। মোৰ এনে লাগিল মই যেন এখন ৰাভা গাঁৱত আছোঁ। এয়া মোৰ সন্মুখত মূৰ নত কৰিবলৈ নিশিকা এজাক স্বাভিমানী মহিলা।
মই ক’ৰবাত পাইছিলোঁ এইখন বজাৰত হেনো পাঁচ হাজাৰৰো অধিক মহিলাই ব্যৱসায় কৰে। নিজে দোকান দিয়ে। এয়াই পৰম্পৰা। এয়াই মণিপুৰী মহিলা।
হয়, মই মোৰ মণিপুৰৰ বন্ধু এজনৰ ঘৰতো দেখিছোঁ মাক-ভনীয়েকৰ জীৱন যাপন‌ আৰু আচাৰ-আচৰণ।
মণিপুৰত বেছিভাগ মহিলাই চাকৰি কৰে নে? কিমানে কৰে? কেনেকৈ ঘৰ চম্ভালে? প্ৰশ্ন জাগে।
উত্তৰবোৰ বিচাৰি মোৰ হৃদয়ত মণিপুৰে উখল-মাখল কৰে।

পোন্ধৰ শতিকা। মণিপুৰৰ চাৰিসীমাত আহোম, মোগল, বাৰ্মিজ আদি। ৰজাৰ ৰাজত্ব হেৰোৱাৰ ভয়। পৰিত্ৰাণ পাবলৈ নিয়ম কৰা হ’ল ৰাজ্যৰ সকলো ১৭-৬০ বছৰৰ পুৰুষে সেনাত ভৰ্তি হ’ব লাগে। সীমান্তলৈ যাব লাগে।
সন্তান আৰু পত্নী পৰি ৰয় ঘৰত। খাবলৈ নাই। ৰজায়ো নপঠায় সময়মতে খাদ্য। কি কৰিব? ওলাই আহে পত্নী উপাৰ্জনৰ পথ বিচাৰি। কাম কৰে। ঘৰত উৎপাদিত শস্য বিক্ৰী কৰে। দোকান দিয়ে।

১৯৩৩। ব্ৰিটিছে মাৰোৱাৰীৰ লগত মিলি চাউলৰ নিৰ্বিচাৰ ৰপ্তানি কৰাত লাগিল। মণিপুৰত চাউলৰ অভাৱ হ’ল। হাহাকাৰ। দুৰ্ভিক্ষ।
মণিপুৰী মহিলাসকল ৰাজপথলৈ ওলাই আহিল। ব্ৰিটিছ আধিকাৰিক ঘেৰাও কৰিলে। ব্ৰিটিছে সামৰিক বাহিনীৰ হতুৱাই মহিলাসকলক দমন কৰিবলৈ চেষ্টা চলালে। কেবাজনীৰো প্ৰাণহানি হ’ল। কিন্তু মহিলাসকলে হাৰ নামানিলে। এটা সময়ত ব্ৰিটিছসকল পিছ হুহুকিবলৈ বাধ্য হ’ল।

২০০২ চনত বাছৰ বাবে অপেক্ষাকৃত দহজন যাত্ৰীক অসম ৰাইফলচৰ সেনাই গুলি কৰি হত্যা কৰে। নিহত দহজনৰ ভিতৰত আছিল ইৰম শৰ্মিলাৰ ভাতৃও। দুখ আৰু খঙত ইৰম শৰ্মিলাই AFSPA প্ৰত্যাহাৰৰ উদ্দেশ্যে আমৰণ অনশন আৰম্ভ কৰে। ১৬ বছৰ অনশন কৰি হৈ পৰে লৌহ মানবী। ৰাষ্ট্ৰই তেওঁৰ কথা নুশুনে। তেওঁ ৰাজনীতিলৈ মন মেলে। নিৰ্বাচনত ভাগ লয়। পায় মাথোঁ ৯০ টা ভোট। অথচ মণিপুৰৰ বাবেই ত্যাগ কৰিলে তেওঁ আধা জীৱন।

২০০৪ চনত মনোৰমা দেৱীক ধৰ্ষণ কৰিলে ভাৰতীয় সেনাই। ধৰ্ষণ কৰি গুলিৰে থকা-সৰকা কৰা হ’ল তেওঁৰ যৌনাংগ।
এজাক মহিলা ওলাই আহিল। নাঙঠ হৈ প্ৰতিবাদ কৰিলে— Indian Army Rape Us.

মেইতেই ছোৱালীসকলে তেওঁলোকৰ অভিভাৱকৰ সন্মতি অবিহনে প্ৰয়োজনতো বাহিৰলৈ যাবলৈ আৰু যুৱকসকলক লগ কৰিবলৈ অনুমতি পোৱা নাছিল। থাবল চোংগবায়ে ছোৱালীসকলক ল’ৰাৰ সৈতে লগ পাবলৈ আৰু কথা পাতিবলৈ একমাত্ৰ সুযোগ প্ৰদান কৰে। লোকগীতৰ সৈতে জোনৰ পোহৰত হাতে হাত ধৰি নৃত্য প্ৰদৰ্শনৰ এক পৰম্পৰা তেওঁ আৰম্ভ কৰে। আজি থাবল চোংগবা মণিপুৰৰ এক পাৰস্পৰিক অন্যতম নৃত্য।

মেট্ৰিক পৰীক্ষাত মণিপুৰৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰা বিনালক্ষ্মী নেপ্ৰামক সম্প্ৰতি “উত্তৰ-পূবৰ প্ৰতিনিধি” (“The Face & Voice of North East”) বুলিও আখ্যা দিয়া হয়। ফৰ্বছ আলোচনীয়ে তেওঁক “২০১৫ চনৰ মন কৰিবলগীয়া ২৪ গৰাকী যুবপ্ৰজন্ম”ৰ (24 Young Minds to Watch out for in 2015) এগৰাকী বুলি অভিহিত কৰিছিল৷ তাৰোপৰি লণ্ডনৰ Action on Armed Violence নামৰ সংগঠনটোৱে তেওঁক “হিংসাত্মক কাৰ্য্যৰ বিৰুদ্ধে যুঁজি অহা এশ গৰাকী প্ৰভাৱশালী ব্যক্তি” (Top 100 influential people in the world actively pursuing a reduction in armed violence) বুলি আখ্যা দিছে৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷

অলিম্পিক বিজয়ী মেৰী কম, মীৰাবাই চানুক সকলোৱে জানে। মণিপুৰৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈ প্ৰায় ৫০ গৰাকী ওলাইছে। উল্লেখযোগ্য যে পোখৰাম্বাম সুশীলা চানু ভাৰতৰ মহিলা হকী দলৰ অধিনায়িকা আছিল।

এক বিৰল নাট্য ব্যক্তিত্ব। তেওঁৰ অভিনয়ৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে মনোৰমা দেৱীৰ ধৰ্ষণৰ প্ৰতিবাদ কৰিবলৈ অসম ৰাইফলচৰ কাৰ্যালয়ৰ সন্মুখত কেবাগৰাকীও মহিলাই উলংগ হৈছিল বুলি জনা যায়।

সামৰণিঃ মহিলা সবলীকৰণ ঘৰত, বজাৰত, খেলত, চাকৰিত, পঢ়া-শুনাত থাকিলেও মণিপুৰৰ ৰাজনীতিত মহিলাৰ সংখ্যা একেবাৰে নগণ্য।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *