বিজ্ঞান-প্ৰযুক্তি

অদৃশ্যমান পোহৰৰ কথা (ডাঃ প্ৰিতম কুমাৰ বৰঠাকুৰ)

আমাৰ শৰীৰৰ হাড়বোৰৰ স্বাস্থ্যৰ বাবে ভিটামিন ডি অতিকে প্ৰয়োজন। এই ভিটামিনৰ নিষ্ক্ৰিয় ৰূপ এটাহে আমাৰ ছালত থাকে (Cholecalciferol) । ছালত সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি পৰিলেহে এই নিষ্ক্ৰিয় ভিটামিন সক্ৰিয় হৈ উঠে। অৰ্থাৎ কেঞ্চাৰৰ কাৰক, কেটেৰেক্টৰ কাৰক বা sunburn কৰোঁতা বুলি অতি বেঙুনীয়া ৰশ্মিৰ বদনাম থাকিলেও আমাৰ শৰীৰত এই অতি বেঙুনীয়া বা ultraviolet পোহৰৰ প্ৰয়োজনো আছে।

১০ নেন’মিটাৰৰ পৰা ৪০০ নেন’মিটাৰ তৰংগ দৈৰ্ঘ্যৰ পোহৰেই অতি বেঙুনীয়া ৰশ্মি। এই তৰংগ দৈৰ্ঘ্য দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম, সেয়েহে আমি এই ৰশ্মিক দেখা নাপাওঁ—যিদৰে আমি ইনফ্ৰা ৰেড ৰশ্মিকো দেখা নাপাওঁ। আমি দেখা নাপালেও ৩০০-ৰ পৰা ৪০০ নেন’মিটাৰ তৰংগ দৈৰ্ঘ্যৰ অতি বেঙুনীয়া কিছুমান চৰাই চিৰিকতি, কীট-পতংগ আৰু কিছুমান মাছে দেখা পায়। আমি অতি বেঙুনীয়া ৰশ্মি দেখা পোৱা হ’লে এই জগতখনকো বেলেগ ৰূপত দেখা পালোঁহেতেন।

আমাৰ বায়ুমণ্ডলৰ উপৰিভাগলৈ আহি পোৱা সূৰ্যৰ ৰশ্মিত ৫০% ইনফ্ৰাৰেড, ১০% অতি বেঙুনীয়া আৰু ৪০% দৃশ্যমান পোহৰ ৰশ্মি থাকে। কিন্তু ইমানখিনি অতি বেঙুনীয়া ৰশ্মি আহি পৃথিৱীপৃষ্ঠ পোৱা হ’লে আমি জীয়াই থাকিবই নোৱাৰিলোঁহেতেন। আমাৰ বায়ুমণ্ডলে সূৰ্যৰ পোহৰত থকা প্ৰায় ৭৭% অতি বেঙুনীয়া ৰশ্মি শুহি লয় আৰু আমাৰ শৰীৰক ক্ষতি কৰাত বাধা দিয়ে। এইটোও এটা কাৰণ, যাৰ বাবে সৌৰজগতৰ আন গ্ৰহ য’ত বায়ুমণ্ডল নাই (বা আছে যদিও তেনেই পাতল), তাত আমি গৈ ক’ল’নি পাতি বাস কৰা কথাটো ইমান সহজ নহয়। সূৰ্যটো একেবাৰে মূৰৰ ওপৰত থকা অৱস্থাত পৃথিৱীপৃষ্ঠলৈ আহি পোৱা পোহৰত ৪৪% দৃশ্যমান ৰশ্মি, ৩% অতি বেঙুনীয়া আৰু ৫৩% ইনফ্ৰাৰেড ৰশ্মি থাকে।

অতি বেঙুনীয়া ৰশ্মিৰ অৱস্থিতি প্ৰথম ধৰা পেলাইছিল উইলহেম ৰিটলাৰ নামৰ জাৰ্মানীৰ এজন পদাৰ্থবিদে। তেওঁ লক্ষ্য কৰিছিল যে বেঙুনীয়াৰ সিপাৰে থকা কোনো অদৃশ্যমান ৰশ্মিয়ে চিলভাৰ ক্ল’ৰাইডত ডুবুৱা কাগজক বেঙুনীয়াতকৈও সোনকালে ক’লা কৰি পেলাইছিল। তেওঁ ইয়াক ডি-অক্সিডাইজিং ৰশ্মি নাম দিছিল। ১৯ শতিকাত এই ৰশ্মিক ৰাসায়নিক ৰশ্মি নামে জনা গৈছিল। পাছলৈ ইয়াক অতি বেঙুনীয়া বা ultraviolet ৰশ্মি নাম দিয়া হয়। যিমানে অতি বেঙুনীয়া ৰশ্মি কম তৰংগ দৈৰ্ঘ্যৰ হয়, সিমানেই এই ৰশ্মিত আইনাইজিং ৰেডিয়েচনৰ গুণ থাকে, আৰু সিমানেই আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হয়। অৱশ্যে, এইধৰণৰ অতি বেঙুনীয়া ৰশ্মিক আমাৰ বায়ুমণ্ডলে ধৰি ৰাখে। এনে চুটি তৰংগ দৈৰ্ঘ্যৰ অতি বেঙুনীয়া ৰশ্মি বীজাণু মাৰিবলৈ বা surface sanitiser হিচাপে বা চিকিৎসা সামগ্ৰী sanitise কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অলপ দীঘল তৰংগ দৈৰ্ঘ্যৰ অতি বেঙুনীয়া ৰশ্মিক কোমল (soft UV) অতি বেঙুনীয়া বোলা হয় আৰু ই আমাৰ বাবে বিশেষ হানিকাৰক নহয়।

ইনফ্ৰাৰেড নামৰ অন্য এবিধ “অদৃশ্য” ৰশ্মিও আৱিষ্কাৰ কৰিছিল এজন জাৰ্মান বিজ্ঞানীয়েই। তেওঁৰ নাম আছিল উইলিয়াম হাৰ্চেল। তেওঁ এটুকুৰা প্ৰিজমৰ মাজেৰে সূৰ্যৰ পোহৰ পঠিয়াই সাতোটি ৰঙ বিচ্ছুৰিত কৰি প্ৰতিটো পোহৰ ৰশ্মিৰ উষ্ণতা জুখিছিল। VIBGYOR-ৰ আটাইকেইটা ৰঙৰ ভিতৰত ৰঙা ৰঙৰ উষ্ণতা সকলোতকৈ বেছি পাইছিল হাৰ্চেলে। তেতিয়াই ঘটিছিল ঘটনা এটা। ৰঙা পোহৰ ৰশ্মিৰ বাহিৰ ফালে আন এটা থাৰ্মমিটাৰ এনেই পৰি আছিল। হঠাৎ হাৰ্চেলে মন কৰিলে যে সেইটো থাৰ্মমিটাৰে ৰঙা পোহৰৰ ৰশ্মিতকৈয়ো বেছি উষ্ণতা দেখুৱাইছে। তেওঁ নিশ্চিত হ’ল সেই ঠাইৰ মাজেৰেও নিশ্চয় কোনো অদৃশ্য পোহৰ ৰশ্মি পাৰ হৈ গৈছে। হাৰ্চেলে ইয়াক calorific ray নাম দিলে। পাছলৈ ইয়াক ইনফ্ৰাৰেড ৰশ্মি নাম দিয়া হয়। আমাৰ দৈনন্দিন জীৱনত ইনফ্ৰাৰেডৰ ব্যৱহাৰ হৈ থাকে। উদাহৰণ স্বৰূপে টি.ভি, এ.চি আদিৰ ৰিম’ট, ইনফ্ৰাৰেড থাৰ্মমিটাৰ, ইনফ্ৰাৰেড সেক লোৱা যন্ত্ৰ আদিলৈ আঙুলিয়াব পাৰি। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাই ইনফ্ৰাৰেডৰ সহায়েৰে ৰাতি শত্ৰুৰ অৱস্থান নিৰূপণ কৰিছিল। আনহাতে Spitzer space telescope-ত ইনফ্ৰাৰেড প্ৰযুক্তিৰ সহায়েৰে দূৰ দূৰণিৰ নক্ষত্ৰ, নক্ষত্ৰপুঞ্জ, নেবুলা আদিৰ নিত্য-নতুন তথ্য বিজ্ঞানীসকলে লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৪০ আলোকবৰ্ষ দূৰৰ এখন সৌৰজগতৰ সাতোটা পৃথিৱীসদৃশ তৰাৰ আৱিষ্কাৰ, শনি গ্ৰহৰ বৃহৎ  ৰিঙ আৱিষ্কাৰ, সদ্যোজাত তৰাৰ আৱিষ্কাৰ, একাধিক বৃহৎ কৃষ্ণগহ্বৰৰ আৱিষ্কাৰ আদি হ’ল স্পিটজাৰ দূৰবীক্ষণ যন্ত্ৰৰ কিছুমান উল্লেখযোগ্য সফলতা। বৰ্তমান বিজ্ঞান-বিশ্বত খলকনি তোলা জেমচ ৱেব স্পেচ টেলিস্ক’পতো এই ইনফ্ৰৰেড প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। অতীতলৈ চাবলৈ কিয় ইনফ্ৰাৰেড প্ৰযুক্তিৰ প্ৰয়োজন সেইটো আন এটা আলোচনাৰ বিষয় হ’ব। বিজ্ঞানী উইলিয়াম হাৰ্চেলৰ এক আকস্মিক আৱিষ্কাৰে বিজ্ঞানক এক অনন্য মাত্ৰা দি গল আৰু বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰখনক বুজি পোৱাত সহায় কৰি বহুতো প্ৰয়োগিক দিশত উন্নতি সাধি গ’ল।

One thought on “অদৃশ্যমান পোহৰৰ কথা (ডাঃ প্ৰিতম কুমাৰ বৰঠাকুৰ)

  • পবন কুমাৰ চহৰীয়া

    অতি সুন্দৰ প্ৰৱন্ধ। ভিটামিন D ৰ নিষ্ক্ৰিয় ৰূপৰ কথা গম পোৱা নাছিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *