অনুবাদপ্ৰবন্ধ

এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা)

(Mark Eisner-ৰ Neduda : The Biography of a Poet গ্ৰন্থখনৰ অনুবাদ)

প্ৰথম অধ্যায়

টেমুকোলৈ

হাজাৰজনে ওপজাৰ দৰে
উপজিছিল এজন মানুহ।
হাজাৰজনৰ দৰে
বাস কৰিছিল তেওঁ,
আৰু বসুধাৰ দৰেই যে সেই
ইতিহাস এনে নহয়:
চিলিৰ মধ্যমণি,
আঙুৰ লতাই য’ত
মেলি ধৰে চুলি,
পোহৰে জিলিকায় আঙুৰ,
মানুহৰ খোজত খদমদমাই
খোজেপ্ৰতি ওপজে সুৰা।

জন্ম

উনৈশ শতিকাৰ শেষৰ ফালে— ১৮৭২ চনত—পেৰেল চহৰৰ দাঁতিৰ ফাৰ্ম এখনত পাবলো নেৰুদাৰ দেউতাক, জোচ দেল কাৰমেন ৰিয়েজ মোৰেলচৰ জন্ম হৈছিল৷ পানীকেঁচুৱা অৱস্থাতে মাক ঢুকুৱাত গাঁৱৰে জোচ এঞ্জেল ৰেইজ হেৰমোচিলা নামৰ এজন ব্যক্তিয়ে তেওঁক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল। চিলিৰ দক্ষিণ প্ৰান্তত অৱস্থিত এই ঠাইখনৰ দূৰত্ব ৰাজধানী ছাণ্টিয়াগোৰ পৰা আছিল দুশ মাইল৷ চালে চকুৰোৱা আছিল ইয়াৰ অপৰূপ প্ৰাকৃতিক দৃশ্য। এণ্ডিজ পৰ্বতমালাৰ নামনিলৈ বিস্তৃত পথাৰ ভৰি ফল-ফুলৰ বাগান আৰু আঙুৰখেতি৷ দীঘলে পুতলে পাতলকৈ এই চিলি দেশখন বহলে কোনোপধ্যে এশ দহ মাইলৰো অধিক নহয়৷ প্ৰশান্ত মহাসাগৰৰ পৰা পূৱলৈ পেৰেলৰ দূৰত্ব মাত্ৰ ষাঠি মাইল৷ সাৰুৱা মধ্য চিলিৰ বিপৰীতে এই অঞ্চলটোৰ বাতাবৰণ বৰ উষ্ণ, ঊষৰ ৰ’দে পোৰে৷ বৰষুণ বৰ কম। এনে পটভূমিত মাউৰা জোচ কাৰমেনৰ পোহ-পালৰ দায়িত্ব মূৰ পাতি লোৱা জোচ এঞ্জেলছ ৰেইজ হেৰমোচিলাৰ পক্ষে সংসাৰৰ ৰাহি-যোৰা মৰাটো বৰ কষ্টকৰ হৈছিল, কাৰণ তেওঁৰ নিজৰেই আছিল চৈধ্যটা ল’ৰাছোৱালী৷ সি যি কি নহওঁক,  অশেষ দুখ-কষ্ট মূৰ পাতি লৈ হেৰমোচিলাৰ ৰঙাচকুৰ মুখত জোচ দেল কাৰমেনে ডাঙৰ-দীঘল হ’বলগীয়া  হৈছিল। এনেকৈয়ে অতিক্ৰান্ত হৈছিল দিনৰ পাছত দিন। অৱশেষত, ১৮৯১ চনত, কুৰি বছৰ বয়সত, পাবলোৰ দেউতাক জোচ দেল কাৰমেনে নিজৰ ভৰিত নিজে থিয় হোৱাৰ মানসেৰে ঘৰৰ বাজ হৈছিল৷ তেওঁ ৰেলগাড়ীত (তেতিয়া আছিল ভাপ ইঞ্জিন) উঠি এশ পঞ্চাছ মাইল দক্ষিণ পশ্চিমৰ বন্দৰ নগৰী টেলকাহুনোত উপস্থিত হৈ তাত ডকৰ কামত যোগ দি বন্দৰৰ ওচৰতে থাকিব লৈছিল। ইতিমধ্যে, ১৮৯৩ চনত পেৰেলৰ পৰা দুশ মাইল দক্ষিণে অৱস্থিত টেমুকো ৰেল লাইনেৰে সংযুক্ত হ’ব ধৰাত ই ক্ৰমান্বয়ে এখন চহৰত পৰিণত হ’ব ধৰিছিল। এনে অৱস্থাত জোচ দেল কাৰমেনে ৰেলৰ কাম বিচাৰি টেলকাহুনোৰ পৰা টেমুকোলৈ তাত-বাতি কৰি থাকিল আৰু অ’ত এদিন ত’ত এদিন কাম কৰি মাজেসময়ে পেৰেলতো ভুমুকি মাৰিছিল, কিজানিবা ক’ৰবাত ভাল কাম পায়েই৷

এনেদৰে অহা যোৱা কৰি থাকোঁতে দহ বছৰ আগতে এৰি অহা বেলিন নামৰ সৰু চহৰখনত তেওঁ লগ পাইছিল তেওঁৰ জীৱন সংগিনীক। তেওঁৰ নাম আছিল ৰোজা নেফটালি বেচল্টো ওপাজো৷ পেছাত তেওঁ আছিল স্কুল শিক্ষয়িত্ৰী। তেওঁ কবিতাও লিখিছিল। ডাক্তৰৰ পৰামৰ্শ পেৰেলত সহজলভ্য হোৱা বাবে ১৮৯৯ চনৰ পৰা তেওঁ এই পেৰেলতে থাকিব লৈছিল, যিহেতু তেওঁ আছিল যক্ষ্মা ৰোগাক্ৰান্ত। দেখাত সিমান ধুনীয়া নহলেও তেওঁৰ চকুৱে মুখে বিৰাজ কৰা সুমিষ্ট কমনীয়তা আৰু ভাবগম্ভীৰতাই জোচ কাৰমেনক মুগ্ধ কৰিছিল। অৱলীলাক্ৰমে দুয়ো দুয়োৰে প্ৰেমত পৰিছিল আৰু জোচ কাৰমেনে যেতিয়াই পেৰেললৈ আহিছিল ৰোজাক লগ ধৰিছিল৷ অৱশেষত ১৯০৩ চনত তেওঁলোক বিৱাহপাশত আৱদ্ধ হৈছিল৷ দৰা-কইনা উভয়ৰে বয়স আছিল তেতিয়া যথাক্ৰমে বত্ৰিশ আৰু ত্ৰিশ আৰু উভয়ে পেৰেলতে থাকিবলৈ লৈছিল। বিয়াৰ ন মাহ পাছত ১৯০৪ চনৰ ১২ জুলাই তাৰিখে ৰোজাই এটি ল’ৰাসন্তানৰ জন্ম দিছিল, যিজনে এদিনাখন পৃথিৱীজুৰি পাবলো নেৰুদা বুলি জনাজাত হৈছিল।

কেঁচুৱাটো জন্ম দিয়াৰ এমাহ দুদিন পাছত ৰোজা যক্ষ্মা ৰোগত ঢুকাইছিল৷ শোকে-দুখে জৰ্জৰিত হৈছিল জোচ কাৰমেন। তেওঁৰ নিজৰ বেলিকাও জন্মৰ পাছতে মাকক হেৰুৱাইছিল। সেই একে ঘটনা পুত্ৰৰ বেলিকাও ঘটাত তেওঁ চৰম হতাশাত ভুগিছিল৷ তেওঁ পেৰেলৰ ওচৰৰ বেলিনলৈ উভতি গৈ তেওঁৰ মাহীমাকৰ আশ্ৰয়ত কেঁচুৱাটো ৰখাৰ ব্যৱস্থা কৰিছিল। এইখিনিতে জোচৰ জীৱনত তেওঁৰ বিয়াৰ আগে-পিছে ঘটা দুটা অবৈধ সম্পৰ্কৰ কথা উল্লেখ নকৰিলে পাবলোৰ জীৱনীয়েই অসম্পূৰ্ণ হৈ ৰ’ব৷ আগতে উনুকিয়াই থোৱামতে জোচ দেল কাৰমেনে কাম বিচাৰি অ’ত ত’ত ঘূৰি ফুৰোতে টেমুকোত ১৮৯৫ চনত চাব্বিছ বছৰীয়া ট্ৰিনিদাদ নামৰ ছোৱালী এজনীৰ স’তে সম্পৰ্ক গঢ়িছিল যাৰ পৰিণতিত এটি পুত্ৰসন্তানৰ জন্ম হৈছিল। সেই পুত্ৰসন্তানৰ নাম ট্ৰিনিদাদে দিছিল ৰোদোলফো৷ আনহাতে, টেলকাহুনোত থকা অৱস্থাত অৰেলিয়াৰ স’তে হোৱা মধুৰ সম্পৰ্কৰ পৰিণতিত জন্ম হৈছিল এজনী কন্যাসন্তানৰ, ১৯০৬ চনত। লোক নিন্দাৰ ভয়ত অৰেলিয়াই এই কন্যাসন্তানটিক জন্ম দিবৰ বাবে গৈছিল চেন ৰোচেন্দোলৈ আৰু তাতে জীয়েক লোৰাক তুলিতালি ডাঙৰ-দীঘল কৰিছিল, কিন্তু জোচ দেল কাৰমেনৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ অন্ত পৰা নাছিল। সেয়ে তেওঁ দুবছৰ পাছত কাৰমেনক অনুৰোধ কৰিছিল, হয় কাৰমেনে অৰেলিয়াৰ স’তে চেন ৰচেন্দোত থাকক, নহয়তো লোৰাক লৈ যাওক। ইতিমধ্যে পুতেক পাবলোক লগত লৈ ট্ৰিনিদাদৰ স’তে টেমুকোত নিগাজীকৈ থাকিব লৈছিল জোচ কাৰমেনে। তেওঁ খবৰটো পাই পাবলোক লৈ ৰেলেৰে গৈ ওলাইছিলগৈ অৰেলিয়াৰ ঘৰ। সিদিনা আছিল ধাৰাসাৰ বৰষুণ৷ পাবলো তিতিবুৰি জুৰুলিজুপুৰি৷ এয়াই প্রথমবাৰৰ বাবে অৰেলিয়াই দেখিলে সাত কি আঠ বছৰীয়া পাবলোক৷ তেওঁ ততালিকে পাবলোৰ কাপোৰকানি সলাই দিছিল আৰু ভাগৰিজুগৰি অহা পাবলোক শুৱাই থৈছিল লোৰাৰ স’তে একেখন বিছনাতে৷ “কিয়ইবা মই ইয়াত, আৰু মোৰ কাষত হাড়ে-চালে লগা এই ছোৱালীজনীয়েবা কোন”। এনেবোৰ প্ৰশ্নই মনত জুমুৰি দি থকাৰ মাজতে পাবলো গভীৰ টোপনিত লালকাল দিছিল। পাছদিনাখন পাবলোই বিছনাৰ পৰা উঠি দেখিছিল লোৰাৰ টালিটোপোলা বন্ধা আৰু মাক অৰেলিয়া কান্দিকাতি অস্থিৰ। হতভম্ব লোৰা৷ এইদৰে জো্‌চ কাৰমেনে জীয়েক লোৰাক লৈ আনিছিল অৰেলিয়াৰ পৰা আৰু তিনিওজনে ৰেলত উঠি পুনৰ টেমুকো পাইছিলগৈ৷ অৰেলিয়াৰ স’তে জোচৰ এয়াই আছিল শেষ দেখা৷

টেমুকোৰ ঘৰত উপস্থিত হৈ জোচে ত্ৰিনিদাদক সকলো বিবৰি কৈছিল ৷

ত্ৰিনিদাদৰ যেন এই সকলো কথা আগৰ পৰাই জনা আছিল এনে ভাব দেখুৱাই সকলোবোৰ মানি লৈ মাতৃস্নেহেৰে লোৰাক আঁকোৱালি লৈছিল। তেতিয়াৰ পৰা টেমুকোৰ ঘৰত ত্ৰিনিদাদে দায়িত্ব লৈছিল তিনি সন্তানৰ : নিজৰ ফালৰ ৰোদোলফো, ৰোজাৰ পিনৰ নেফটালি (পাবলো) আৰু অৰেলিয়াৰ পুত্ৰী লোৰা। এইদৰে পৰিয়ালটোৱে এক জটিল আৰম্ভণি আৰু অনন্য পট পৰিবৰ্তনৰ মাজেৰে গৈ এক সুস্থিৰ অৱস্থাত উপনীত হৈছিল, যিবোৰে নেটফালিৰ জীৱনৰ আৰম্ভণিৰ কালচোৱাত বিশেষ প্ৰভাৱ পেলাইছিল আৰু ভৱিষ্যতৰ কবিজনাৰ গতি নিৰ্ণয়ত নিৰ্ধাৰক ভূমিকা পালন কৰিছিল । (ক্রমশঃ)

Leave a Reply

Your email address will not be published. Required fields are marked *