এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা)
(Mark Eisner-ৰ Neduda : The Biography of a Poet গ্ৰন্থখনৰ অনুবাদ)
দ্বিতীয় অধ্যায় (ক)
য’ত উপজিছিল বৰষুণ
প্ৰথমবাৰৰ বাবে মই দেখিছিলোঁ
গছ গছনি আৰু গিৰিখাত,
ফুল আৰু বনৰীয়া সৌন্দৰ্য্যই সজাই থোৱা, সেমেকা প্ৰান্তৰ, উচ্ছলিত হাবি,
শীত আৰু শোকেদুখে জৰ্জৰিত বসুধা।
ঘন জংঘলত পেলাই দিয়া ভিজা জোতা
আৰু ভঙা চন্দুকৰ দৰে মোৰ ল’ৰালি
যাক গিলি থয় গোবৰুৱা পোক আৰু
আঙুৰলতাই,
গমৰ গুৰিয়ে যিবোৰ দিন কৰে সুমধুৰ,
আৰু সোণালী এমোকোৰা দাড়িৰে
দেউতাই কৰিছিল প্ৰস্থান ৰেলৰ গৰিমাৰে।
সীমান্ত (১৯০৪) [The Frontier (1904)]
ত্ৰিনিদাদ আৰু সতীয়া পুতেক নেফটালিৰ মাজত গঢ়ি উঠা ওচৰ সম্পৰ্কই এক বিশ্বাসী বাতাৱৰণৰ মাজেৰে গতি কৰিছিল। ত্রিনিদাদে নেফটালিক চেনেহেৰে বুৰাই ৰাখিছিল আৰু তাক সততে বাপেকৰ হঠাতে উঠা বেয়া খংটোৰ পৰা বচাই ৰাখিছিল৷ তেওঁৰ নিজে লিখা স্মৃতিকথাত (Memoirs) নেৰুদাই ত্ৰিনিদাদক “ৰক্ষাকৰ্ত্ৰী পৰী” বুলি অভিহিত কৰিছিল আৰু ল’ৰালি কালত ত্রিনিদাদে যে ছাঁৰ দৰে লাগি থাকি তেওঁক আপ্ডাল্ কৰিছিল তাক অতি বিনয়েৰে উল্লেখ কৰিছিল। নেটফালি সৰুৰে পৰাই মনমৰা স্বভাৱৰ আছিল। তাতে আছিল অতি ক্ষীণ।
নেফটালিৰ দেউতাক বদমেজাজী আৰু অস্থিৰ স্বভাৱৰ হোৱা হেতুকে কোনো কামকে স্থিৰচিত্তে কৰিব পৰা নাছিল, আজি অ’ত কালি ত’ত কাম কৰি ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰিছিল। সি যি কি নহওঁক ত্রিনিদাদে সংসাৰখনৰ গতি লগোৱাত আৰু তেওঁ ৰেলৰ কামত যোগ দি পাৰদৰ্শীতা দেখুওৱাত অতি সোনকালে কণ্ডাক্টৰ পদলৈ প্ৰমোচন পাইছিল৷ ৰেলৰ কাম মানে ৰেল লাইন পতা কাম। বেলেস্ত ট্ৰেইনেৰে ভঙা শিল, বালি কঢিয়াই আনি সেইবোৰ ৰেলআলিত পাৰি দি ৰেললাইন তৈয়াৰ কৰা কাম।
চাওঁতে চাওঁতে নেফটালি পাঁচ বছৰত ভৰি দিছিল, আৰু মাজে সময়ে কামলৈ বুলি ওলোৱা দেউতাকৰ লগ লৈছিল। যেতিয়া তেওঁলোকে এণ্ডিজ পৰ্বতৰ পৰা বৈ অহা পান্নাৰঙী নদীবোৰ পাৰ হৈ কুমাৰী আদিম অৰণ্য ভেদি ৰেলেৰে সীমান্তৰ জৰাজীৰ্ণ মাপুচো আদিবাসীৰে ভৰা গাঁওবোৰ, ঘাঁহনিবোৰ আৰু আগ্নেয়গিৰিবোৰ অতিক্ৰম কৰিছিল, নেফটালিৰ চকু প্ৰাকৃতিক দৃশ্যৰাজীৰ অপৰূপ শোভাই চমকিত কৰিছিল।
পাছৰ কালত, নেৰুদাই “স্মৃতিকথাত” তেওঁৰ কবি জীৱনত এইবোৰৰ প্ৰভাৱ সম্পৰ্কে ক’বলৈ গৈ কৈছিল, “ৰাশি ৰাশি আগ্নেয়গিৰি, বৰফে আৱৰা পৰ্বতমালা, প্ৰকাণ্ড হ্ৰদবোৰ, সুৱাসেৰে ভৰা জোঁত পকোৱা নীৰৱ জংঘলবোৰ—মই তেনে এখন পৃথিৱীৰ পৰাই আহিছোঁ, সেই বোকা, সেই নৈঃশব্দ—ইয়াৰ মাজে মাজে ভ্ৰমি, গান গাই গাই উতলা মন লৈ মই যেন সমগ্ৰ বিশ্ব ঘূৰিছোঁ”। তেওঁ জীৱনত লাভ কৰা এই প্ৰাৰম্ভিক কৌতুহলী চিত্ৰ-বিচিত্ৰ অনুপম অভিজ্ঞতাবোৰে তেওঁক পাছৰ কালত কবিতাক সমৃদ্ধ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল। “অপৰিহাৰ্য নেৰুদা আছিল এজন প্ৰকৃত মানুহ”, তেওঁৰ গ্ৰন্থসমূহৰ অনুবাদক এলস্তেয়াৰ ৰিডে কৈছিল,“তেওঁ কোনোকালে পাহৰা নাছিল যে তেওঁ আহিছে নাঙঠ হৈ, এখন বুজি নোপোৱা, চমকপ্ৰদ পৃথিৱীলৈ”।
বনুৱাসহ দেউতাকৰ সৈতে ধাৱমান হোৱা ৰেলেখনে তেওঁক মুগ্ধ কৰিছিল। বনুৱাসকলে সাধাৰণতে ৰেলৰ কোম্পানীয়ে যোগান ধৰা ডাঠ ৰেইনকোট পিন্ধিছিল। তেওঁলোকৰ দাগী ৰ’দে ফটা মুখবোৰ আৰু চলন-ফুৰণ আন আন মানুহতকৈ সম্পূৰ্ণ পৃথক আছিল। কেতিয়াবা সাত আঠ দিনলৈকে জোচ ডেল কাৰমেনে ভঙা শিল বালি সংগ্ৰহৰ বাবে গৈ বাহিৰত বনুৱাসকলৰ সৈতে লংগৰখানাত থাকিবলগীয়া হৈছিল আৰু কাম শেষ হোৱাৰ পাছত টুকুৰাটুকুৰ কৰা শিলবোৰ গোটাই মেলি সা-সৰঞ্জামসমূহ ৰেলত ভৰাই উভতি আহিছিল। যেতিয়া শিলবোৰ ৰেল আলিত বনুৱাবোৰে বেলচাৰে নমাইছিল আৰু ৰেলআলিত পাৰি দিছিল, নেফটালিয়ে সতৃষ্ণনয়নে তাক অৱলোকন কৰিছিল। এইদৰে কাম শেষ হোৱাৰ পাছত, তেওঁলোকে পুনৰ সীমান্তৰ বৰোৱালৈ গৈ প্ৰকাণ্ড শিলবোৰ ভাঙি লৈ আনিছিল ৰেলআলিত পাৰি দিবলৈ। এই কাম চলিছিল দিনৰ পাছত দিন, যেন অন্তহীন।
অদ্ভূত নহলেও এই কামবোৰ আছিল চমৎকাৰ। তেওঁ আচৰিত হৈ বনুৱাসকলক নিৰীক্ষণ কৰিছিল। তেওঁৰ মানত এইসকল আছিল পেশীবহুল দৈত্যৰ দৰে আৰু এওঁলোকক অনা হৈছিল ছাণ্টিয়াগোৰ জৰাজীৰ্ণ জুপুৰীৰ পৰা, খেতি মাটিৰ পৰা উচন্ হোৱা মধ্য উপত্যকাৰ পৰা, বাচি বাচি জেলখানাৰ দাগী কয়েদীৰ পৰা আৰু কিছুমান আছিল যুদ্ধক্ষেত্ৰৰ পৰা ওভতা সৈনিক৷ খোৱা টেবিলত তেওঁলোকে পতা কথাবোৰে নেফটালিক বৰকৈ ৰোমাঞ্চিত কৰিছিল। কাৰণ, এনে কথাবোৰ তেওঁ আগতে কেতিয়াও শুনা নাছিল। কষ্টকৰ অতীত পাৰ কৰি অহা এই বনুৱাবোৰে তেনেই নামমাত্ৰ মজুৰিহে পাইছিল। নেফটালিৰ দেউতাক এই মজুৰসকলৰেই চৰ্দাৰ আছিল আৰু এওঁলোকৰ প্ৰচণ্ড শক্তিৰ বিপৰীতে এই সৰু ক্ষীণ-মিন ল’ৰাজনৰ তফাৎ আছিল চকুত পৰা। এই বিষয়টোৱে তেওঁৰ সংবেদশীল শিশু মনক বাৰুকৈয়ে দোলা দি গৈছিল আৰু ইয়ে তেওঁৰ ভৱিষ্যত জীৱনত সামাজিক-ৰাজনৈতিক বিষয়ত সঠিক শ্ৰেণীঅৱস্থান গ্ৰহণ কৰাৰ বাট প্ৰশস্ত কৰি তুলিছিল। কি ৰাজনীতি কি কবিতাত সেয়েহে শ্ৰমিক শ্ৰেণীৰ প্ৰতি পদে পদে তেওঁৰ সহমৰ্মিতা স্পষ্ট ৰূপত প্ৰতিভাত হৈছিল।
মোৰ দেউতাই আন্ধাৰী পুৱাতে
কি যেন এক হেৰোৱা দ্বীপপুঞ্জলৈ
দীঘলকৈ উকিওৱা ৰেলেৰে হৰ্হৰ্কৈ
গৈছিল?
গুৰুগম্ভীৰ ৰেলখনে পলুৰ দৰে
পাৰ হৈছিল বিস্তাৰিত শীত।
হঠাৎ, দুৱাৰবোৰ ঠক্ঠক্কৈ কঁপিছিল৷
এয়াই মোৰ দেউতা।
ৰাস্তাৰ অধিনায়কসকলে তেওঁক
আগুৰি ধৰিছিল:
ভিজা কম্বলে মেৰিয়াই ধৰিছিল
বনুৱাসকলক।
ভাপ আৰু বৰষুণে ঘৰবোৰ ঢাকি ধৰিছিল,
ভোজনকক্ষবোৰ দুখৰ কাহিনীৰে
ভৰপূৰ হৈছিল
গিলাচবোৰে ঢলাবকা কৰিছিল,
আৰু মই দুখ-যাতনা আৰু ৰুষ্ট দাগৰ
পৰা আঁতৰি এখন দণ্ডায়মান প্ৰাচীৰৰ
দৰে থিয় দি আছিলোঁ,
দৰিদ্ৰতাৰ খনিজ চেপেনাত
কপৰ্দক শূন্য মানুহবোৰে
আহি উপস্থিত হৈছিল….
লা কাচা (La Casa)
নেফটালিৰ তেতিয়া দহ বছৰ।
কুমাৰী অৰণ্যৰ বুকুত ৰেলখন ৰোৱা মাত্ৰেই তেওঁ নামি গৈছিল বৈচিত্ৰময় প্ৰকৃতিক উদ্ঘাটন কৰাৰ বাবে। চৰাই-চিৰিকটি আৰু গুবৰুৱা পোকবোৰে তেওঁক মুগ্ধ কৰিছিল। কইৰা চৰাইৰ কণীবোৰে তেওঁক সন্দিগ্ধ কৰিছিল; পাছত তেওঁ এই বিষয়ে এইদৰে লিখিছিল, “পিছল, চকচকীয়া আৰু গাঢ় পিতল বৰণীয়া এই কণীবোৰ হাবিৰ চুক আৰু শিলৰ সৰু ফাটত বিচাৰি উলিওৱাৰ মজাই বেলেগ। এই কণীবোৰৰ নিখুঁত চৰিত্ৰইও তেওঁক অভিভূত কৰিছিল৷ নেফটালিয়ে তেওঁৰ ল’ৰালি কালৰ বহুতো সময় টেমুকোৰ ওচৰে পাজৰে বিৰাজ কৰা অৰণ্যৰ “উলম্ব জগতখন”-ৰ “বিভিন্ন জাতৰ চৰাই আৰু নানা তৰহৰ ৰঙবিৰঙী চিত্ৰবিচিত্ৰ পাতৰ” মাজত কটাইছিল৷ ভেঁকুৰ, পোক-পতংগ আৰু ৰঙা পৰজীৱী উদ্ভিদৰ দৰে ৰত্নেৰে পৰিপূৰ্ণ আছিল হাবিৰ মাজত পৰি থকা গছৰ টুকুৰাবোৰ। প্ৰাকৃতিক জগতখনত বুৰ যোৱা নেৰুডাই সেয়েহে পৰৱৰ্তী কালত ৰচনা কৰা এটি কবিতাত লিখিছিল :
মই বাস কৰিছিলোঁ মকৰাৰ স’তে,
ভিজিছিলোঁ হাবিৰ জেকা পৰশত,
গুবৰুৱা পোক আৰু ত্ৰিৰঙী
মৌ-মাখিবোৰে মোৰ লগত
কথা পাতিছিল,
পদিনাৰ গোন্ধত বুৰ গৈ মই
শুইছিলোঁ কইলা চৰাইৰ স’তে ৷
“গুইলেৰমিনা ক’ত বাৰু”?
প্ৰকৃতিৰ বুকুত নেফটালিয়ে কৰা অভিযানবোৰে বনুৱাসকলৰ মনত অনুসন্ধিৎসুতা জাগ্ৰত কৰিছিল। কিছুমানে এনে আৱিষ্কাৰৰ প্ৰতি আগ্ৰহী হৈ তেওঁক সহায় কৰাৰ বাবে আগুৱাই আহিছিল। খীণ-মিন এই ল’ৰাজনৰ প্ৰতি প্ৰকাণ্ড অবয়ৱৰ বনুৱাবোৰৰ কিবা এক অদ্ভূত মায়া জাগিছিল। কিন্তু নেফটালিৰ দেউতাক জোচ দেল কাৰমেনে মংগে নামৰ বনুৱাজনৰ ক্ষেত্ৰত সাবধানবাণী শুনাই কৈছিল,“তেওঁ এজন চুৰী ঘূৰোৱাত পাকৈত ভয়ানক যোদ্ধা”। মংগেৰ গালত তেতিয়াও চুৰীৰ কটা দাগ আছিল৷ এটি শুভ্ৰ হাঁহিয়ে সততে তেওঁৰ ক’লা দাগটো ঢাকিব খুজিছিল। তেওঁৰ দুষ্টালিৰে ভৰা মুখমণ্ডল কিন্তু আকৰ্ষণীয় আৰু আনন্দদায়ক আছিল, যিয়ে তেওঁৰ দৃঢ়তাক উজ্বল কৰি তুলিছিল৷ এই মংগেই আন সকলোতকৈ আগতে গৈ হাবিৰ মাজত সোমাই নেফটালিক ঢুকি নোপোৱা অগম্য ঠাইবোৰলৈ লৈ গৈছিল আৰু সেই ঠাইবোৰৰ পৰা সুন্দৰ সুন্দৰ কাঠফুলা, ৰূপালী ৰঙৰ গুবৰুৱা পোক, জল্মলীয়া ফুল, সেউজীয়া শামুক, ঠেক মুখৰ গাঁতত থকা ভিন ভিন চৰাইৰ কণী—এই সকলোবোৰ তেওঁ তেওঁৰ প্ৰকাণ্ড আৰু অৱসন্ন হাত দুখনেৰে আনি ল’ৰাজনৰ মিহি হাতৰ তলুৱাত মৰমেৰে তুলি দিছিল৷ চমক লগোৱা অপূৰ্ব এই বস্তুবোৰে তেওঁৰ প্ৰাথমিক জীৱনতে সাৰ পানী দি সৃজনশীলতাক পুষ্টি যোগাইছিল। বহু পাছত, নেৰুডাই লিখিছিল—“সীমাহীন উপকূল আৰু জাৰণিৰে ভৰা পৰ্বতে-কন্দৰে ঘূৰোঁতে ঘূৰোঁতে, মোৰ আত্মাৰ স’তে প্ৰকৃতিৰ যোগাযোগ গঢ়ি উঠিছিল—আৰু সেয়াই আছিল, মোৰ কবিতা—জগতৰ এক নিৰ্জন প্ৰান্তৰৰ। এই যে প্ৰকৃতিৰ পৰা বুটলিছিলোঁ মূল্যবান সম্পদবোৰ, সেয়া যদিও আছিল বহু দিন আগৰ কথা, কিন্তু সেই যে যোগাযোগ, সেই যে প্ৰকাশ, আৰু সেই যে নৈশব্দেৰে ভৰা নিৰ্জনতা, ওৰেটো জীৱন মোৰ মাজত থাকি গৈছিল”।
নেফটালিয়ে পোৱা এই সম্পদবোৰ, অকল যে মংগেই আনি দিছিল সেয়া নহয়, প্ৰকৃততে সেয়া আছিল বনুৱাসকলৰ অৱদান। বনুৱাসকলে তেওঁলোকৰ গৰাকীৰ পুতেক হোৱা বাবেই নেফটালিক এনে সহায় কৰিছিল, সেয়া নহয়, কাৰণ জোচ দেল কাৰমেনে কোনো বনুৱাকে কাম ক্ষতি কৰি পুতেকৰ কল্পনাক জীপাল কৰাৰ দায়িত্ব যে দিব, সেয়া আছিল কল্পনাৰো অগোচৰ৷ পাছত, মংগে মৰাৰ খবৰে তেওঁক মৰ্মাহত কৰিছিল। এই দুঃসহ খবৰটো তেওঁ শুনিছিল দেউতাকৰ মুখৰ পৰা। পাহাৰীয়া থিয় গৰাৰ মাজেদি যোৱা ৰেলখনৰ পৰা তেওঁক পৰি মৰা নেফটালিয়ে দেখা নাছিল যদিও, দেউতাকে কৈছিল যে, ৰেলৰ পৰা নামি তেওঁ মাথোঁ অৱশিষ্ট হিচাবে তাৰ “এবস্তা হাড়হে” দেখিছিল৷ এইদৰে জগতত পদে পদে বিৰাজ কৰা বিপদশংকুলতাই নেফাটালিৰ পৰিচিত এজন থুলন্তৰ মানুহৰ কৰুণ পৰিসমাপ্তি ঘটাইছিল।
নেফটালিয়ে দেউতাক আৰু বনুৱাসকলৰ মাজত বিৰাজ কৰা শ্ৰেণীগত ব্যৱধানক সুন্দৰকৈ অনুধাৱন কৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে, বৰ্তমান তেওঁলোকৰ পৰিয়ালটো বনুৱাসকলৰ তুলনাত চকুত লগাকৈ স্বচ্ছল যদিও, এসময়ত তেওঁৰ দেউতাকে সুদূৰ এণ্ডিজৰ পৰা সাগৰৰ পাৰৰ ডকলৈকে কাম বিচাৰি অনাইবনাই ঘূৰিফুৰিবলগীয়া হৈছিল। কিন্তু সেই দেউতাকে পাঁচজনীয়া পৰিয়ালটোৰ কামৰ ভাৰ পাতলাবলৈ তেওঁৰ আয়েৰে ৰন্ধাবঢ়াৰ বাবে স্থানীয় ৰান্ধনী এজনীও ৰাখিব পৰা হৈছিল। অকল সেয়াই নহয়, তেওঁ তেওঁৰ পুতেকহঁতে যাতে পঢ়াশুনা কৰি ভবিষ্যতে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে সদাসচেষ্ট আছিল। সেই সময়ত সৰহ সংখ্যক ল’ৰা-ছোৱালীয়ে প্ৰাথমিক শিক্ষা লভি বাৰ বছৰ বয়সতে শিক্ষা জীৱনৰ অন্ত পেলাইছিল। বাকীসকলে মাধ্যমিক স্কুলত যোৱাতকৈ কোনো বৃত্তিমুখী স্কুললৈ যোৱাটোহে পছন্দ কৰিছিল। ইয়াৰে কিছুমানে আকৌ আধবাটতে পঢ়া সাং কৰি কাম বিচাৰি ওলাই গৈছিল।
যি দেউতাকে কামৰ বাবে দিনৰ পাছত দিন ঘৰৰ বাহিৰত থাকিব লগা হৈছিল, সেই দেউতাকে এদিন ঘৰলৈ বেহেলা এখন কিনি অনা দেখি বৰ আচৰিত হৈছিল। অথচ, তেওঁ, তেওঁৰ পুতেক ৰোদোলফোক সংগীতবিদ্যা শিকিম বুলি মন মেলাত তিৰস্কৃত কৰিছিল। আন একো নহলেওঁ, বেহেলাখনে ঘৰখনৰ সৌন্দৰ্য্য আগতকৈ বঢ়াই তুলিছিল। ই মৰ্য্যাদাৰ প্ৰতীকস্বৰূপ হৈ পৰিছিল।
পেৰেলত থকা মেচন পৰিয়াল আৰু নেফটালিৰ খুড়াকহঁত মাজে সময়ে ইয়ালৈ আহিলে বিৰাট বিৰাট পাৰ্টি আৰু ভোজনৰ আয়োজন চলিছিল। তেতিয়া এমাৰচন যেন লগা ৰূপালী চুলি আৰু নীলা চকুৰ মেচন ডাঙৰীয়াই পৰিয়ালৰ আন আন সদস্যসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ খাদ্যসম্ভাৰপূৰ্ণ ভোজন-টেবিলৰ এমূৰে বহি লৈছিল। তেওঁৰ পাছফালে ৰখা হৈছিল ৰঙা আৰু বগা ৰঙৰ পটি থকা এখন প্ৰকাণ্ড চিলিৰ পতাকা, যাৰ মাজত শোভা কৰিছিল নীলা বৰণৰ এটি তৰাই। মন কৰিবলগীয়া যে, উক্ত পতাকাখনৰ তলৰ এটি কোণত পিনেৰে লগোৱা আছিল তেওঁৰ পূৰ্বৰ দেশ এমেৰিকাৰ এখন ক্ষুদ্ৰ পতাকা।
এদিনাখন গধূলি, ঘৰৰ বাহিৰত, বাৰাণ্ডাৰ কাষত থকা গছ এজোপাৰ তলত, আলহী-অতিথিসহ নেফটালিৰ পৰিয়ালবৰ্গই গোট খাইছিল। তেওঁলোকৰ কেইজনমানে গীটাৰত হাত বুলাই সংগীতৰ ৰাগীত মতলীয়া হৈছিল আৰু আন কেইজনমানে হাতত চুৰী লৈ ভেৰা এটিক বধ কৰি নৈশভোজনৰ ব্যবস্থা কৰাৰ আয়োজন কৰিছিল। খুড়াকহঁতে মাতাত হাড়েছালে লগা নেফটালিয়ে এযোৰ ক’লা পোছাকৰ ওপৰত “কবিৰ টাই” এডাল লগাই তাত উপস্থিত হৈছিল। তেওঁ পাছত স্মৃতিচাৰণ কৰি কৈছিল, “সিদিনা তেওঁ শোকাকুল এজনৰ দৰে থিয় দিছিল সকলোৰে মাজত, অৱশ্যেই সেই শোক নিৰ্দিষ্ট কাৰো প্ৰতি নাছিল, সেই শোক আছিল, বৰষুণৰ বাবে, বিশ্বজনীনতাৰ বাবে”।
তেওঁৰ খুড়াকহঁতে ভয়ত কঁপি থকা ভেৰাটোক, গলত ৰেপি ৰেপি কাটিছিল। গামলাত সানি থোৱা মচলাৰ ওপৰত তেজবোৰ নিগৰিব দিছিল। তেওঁলোকে আকাৰে ইংগিতে নেফটালিক মাতি নি নলী থকা সৰু পাত্ৰ এটিৰে ভেৰাৰ তপত তেজ, টোপধ্বনি আৰু সংগীতময় পৰিৱেশৰ মাজতে তেওঁৰ ওঁঠৰ ফাকেৰে ঢালি দিছিল। নেৰুডাই পৰৱৰ্তী সময়ত কৈছিল যে তেওঁ সিদিনা ভেৰাটোৰ দৰেই অশেষ যন্ত্ৰণা পাইছিল, কিন্তু গ্ৰীক উপাখ্যানৰ অশ্বনৰ হোৱাত বাহিৰে তেওঁৰ আন উপায় নাছিল আৰু অন্যান্যসকলৰ দৰে সেই মুহূৰ্তত তেওঁকো বৰ্বৰ যেন লাগিছিল। শেষত নিৰ্ণায়ক একো সিদ্ধান্ত লব নোৱাৰি, ভয়ত বিবৰ্ণ হৈ তেওঁ, ঘৰ-ঘৰুৱাৰে সৈতে সেই তেজ পান কৰিছিল আৰু সেই তেজ পান কৰাৰ মাজেৰেই তেওঁ সাবালকত্বৰ পথত ভৰি দিছিল।
অৱলীলাক্ৰমে কবিতাৰ প্ৰথম স্তৱকৰ পৰাই তেজ হৈ পৰিছিল তেওঁৰ কবিতাৰ প্ৰতীক। এণ্ডিজ পৰ্বতৰ অন্যতম এটি উচ্চ শিখৰত লিখা “মাচ্ছু পিচ্ছুৰ শিখৰ” নামৰ কবিতাত তেওঁ ইনকাৰ দাসসকলক কাবৌ কৰিছিল বিদ্ৰোহত অৱতীৰ্ণ হ’বলৈ। একে লেথাৰীয়ে লিখা ইয়াৰেই দ্বাদশ সৰ্গটো কবি নেৰুডাই সামৰিছিল এনেদৰে—
মোৰ সিৰা-উপসিৰাৰ মাজেৰে মোৰ মুখলৈ আহা।
কথা কোৱা মোৰ কবিতাৰে, মোৰ তেজেৰে।