অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা

নৱম অধ্যায়

কানি আৰু বিবাহ

মই মোৰ পুৰণি বন্ধু আৰু প্ৰেমিকাসকলৰ সপোনকে শুনোঁ,
যি সপোনৰ বুকুৰ ধপধপনিয়ে মোক
জাগ্ৰত কৰে:
সিহঁতৰ দলিচা পাৰি থোৱা মজিয়াত
মই খোজ কাঢ়োঁ নীৰৱে-নিৰলে,
সিহঁতৰ আফিঙৰ দৰে পোহৰক মই
প্ৰলাপ বকি বকি কামোৰোঁ।
—নিশাচৰী চয়ন—

বিশাল শ্ৰীলংকা দ্বীপপুঞ্জৰ পশ্চিম প্ৰান্তত অৱস্থিত কলম্বোত উপস্থিত হৈ নেৰুডাই নগৰীৰ উপকণ্ঠৰ সমীপবৰ্তী সাগৰতীৰৰ বঙলা ঘৰ এটিত থাকিবলৈ লৈছিল। সংগী বুলিবলৈ তেওঁৰ আছিল এটি কুকুৰ, কিৰিয়া নামৰ এটি কেৰ্কেটুৱা; আৰু আছিল ৰত্নাই নামেৰে বন কৰা এজন ল’ৰা। সেই সময়ত, কোনোবাই নেৰুডাৰ এখন ফটো তুলিছিল, যিখনত তেওঁক ক’লা পেণ্ট আৰু গেঞ্জী পৰিহিত গহীন-গম্ভীৰ লেংলেঙীয়া চেহেৰাৰে হাত দুখন বুকুত বান্ধি এডাল তাল গছৰ গাত আঁউজি থকা দেখা গৈছিল। ছাত্ৰাৱস্থাৰ সেই হাড়েছালে লগা চেহেৰাটো নাছিল যদিও, এনে লাগিছিল যেন পেণ্টত মাৰা ক’লা বেল্টডালে বিদ্ৰোহ কৰি তেওঁৰ ওখকৈ খীণ-মীন কায়াটোক দুভাগ কৰি মাজভাগত ওলমি আছিল; শৰীৰটোৰ অনুপাতে চকুত পৰাকৈ দীঘলীয়া ভৰি দুখনৰ ওপৰত থিয় দি থকা তেওঁৰ মুখমণ্ডলত পৰিপক্কতাৰ কিছু আভাস পৰিস্ফুট হোৱা দেখা গৈছিল। ফটো তোলাৰ সময়ত তেওঁক দক্ষিণ আৰব সাগৰৰ পিনে মুখ কৰি চিন্তাক্লিষ্টচিত্তে চাই থকা দেখা গৈছিল, যেনিবা তাত থিয় হৈ থাকিবলৈ তেওঁৰ তিলমানো ইচ্ছা নাছিল। ৰত্নাইয়ে নিজৰ আঁঠুটো হাত দুখনেৰে সাবটি ধৰি বুকুলৈকে টানি আনি বালিৰ ওপৰত নিশ্চিন্তমনে বহি আছিল। তাৰ গাত আছিল এযোৰ শুকুলা সাজ।

সৰু পুৰণি বঙলা ঘৰটো কলম্বোৰ নগৰীৰ হৈহাল্লাই ঢুকি নোপোৱা দূৰত্বত আছিল। নেৰুডাই হেক্টৰ ইয়ান্দিলৈ লিখিছিল, “মই ইয়াত থকা ৱেলেৱাত্তা নামৰ ঠাইখন, মহাসাগৰক বেৰি ধৰা ৰাশি ৰাশি তাল গছ, পানী আৰু পত্ৰগুচ্ছৰে পৰিপূৰ্ণ। খঙাল মহাসাগৰখনে অকলশৰীয়া মোক দ্ৰুততাৰে খেদি আহি ঘেৰি ধৰে…… ইয়ান্দি, আৰুনো কি ক’ম তোমাক, মোৰ দৰে হতভাগা আৰু কোনো নাই এই পৃথিৱীত।’’

নতুন ঠাইত তেওঁ প্ৰথম প্ৰথম ৰেংগুনতকৈ সামান্য তফাৎ অনুভৱ কৰিছিল ঠিকেই, কিন্তু তেওঁ লিখামতে, “প্ৰতি ৰাতি এপিনে ডিনাৰ জেকেট পৰিহিত ইংৰাজ ভদ্ৰলোকসকল আৰু আনপিনে অলেখ ধৰ্মকৰ্মৰ পয়োভৰেৰে হিন্দুসকলৰ (আচলতে, যাৰ বেছিসংখ্যকেই বুদ্ধধৰ্মী) চালচলনৰ মাজত একেবাৰে অকলশৰীয়া মোৰ জীৱন, নিসংগতাই যাৰ একমাত্ৰ সংগী।’’

নেৰুডাৰ এনে মনোভাৱৰ প্ৰসংগত, স্বাভাৱিকতে প্ৰশ্ন জাগে, কিয়ইবা তেওঁ নিজকে সততে আনৰ পৰা প্ৰতি মুহূৰ্তে নিলগাই ৰাখিছিল। ব্ৰহ্মদেশত থকাকালত কিম্বা এতিয়াৰ নতুন দায়িত্বত থাকি তেওঁ লিখা বিভিন্ন চিঠিপত্ৰবোৰে এইটোকে উন্মোচন কৰে যে, তেওঁ বৃটিছসকলক যিদৰে ঘৃণাৰ চকুৰে চাইছিল, ঠিক সেইদৰে স্থানীয় লোকসকলকো প্ৰভুত্বশীল আৰু কৰ্তৃত্বব্যঞ্জক মনোভাৱেৰে নিৰীক্ষণ কৰিছিল, আৰু সেয়াই তেওঁৰ চৰম একাকিত্বৰ কাৰণ আছিল নেকি?

তেওঁ লিখিছিল, “হে মোৰ মৰমী আই, যদি তুমি মোৰ কলম্বোৰ ঘৰৰ কাষেৰে গ’লাহেঁতেন, দেখিলাহেঁতেন কিদৰে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে তিক্তবিৰক্ত হৈ মোৰ বন কৰা ল’ৰাটোক চিগাৰেট, কাগজ, নেমুৰ চৰবত, আৰু পেণ্ট, শ্বাৰ্ট, আদিৰ দৰে দৰকাৰী সামগ্ৰীবোৰ বিচাৰি পেঘেনিয়াই চিঞৰি চিঞৰি মাতি থাকোঁ।’’

পিছে ইমান তিক্তবিৰক্ত হোৱাৰ পাছতো, তেওঁ কিন্তু ইয়াত নিগাজীকৈ বসবাস কৰা ইউৰোপীয় বংশোদ্ভৱ লোকসকলৰ পৰা নিজকে আঁতৰাই ৰখা নাছিল। তেওঁ লিখিছিল, “কলম্বোৰ উপকণ্ঠৰ দৰে মই ক’তো ইমান আনন্দমনে, ইমান প্ৰচুৰ পৰিমাণে কিতাপ পঢ়িব পৰা নাছিলোঁ,’’ এই কিতাপ পঢ়াৰ স্মৃতিকে সুঁৱৰি পৰবৰ্তী সময়ত নেৰুডাই ১৯৬৮ চনত ইছলা নেগ্ৰাৰ আৰামদায়ক ঘৰৰ পৰা এখন আলোচনীলৈ পঠোৱা এটি প্ৰবন্ধত লিখিছিল, “কলম্বো চহৰৰ বাহিৰত লায়োনেল ৱেণ্ডট্ নামেৰে মোৰ এজন পিয়ানোবাদক বন্ধু আছিল…..মোক কিতাপৰ প্ৰচণ্ড অনুৰাগী বুলি জানি তেওঁ মোক অবিৰতভাৱে ইংৰাজী কিতাপ যোগান ধৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই মৰ্মে তেওঁ প্ৰতি শনিবাৰে, এজন চাইকেল আৰোহীৰ হতুৱাই আলুৰ বস্তাত ভৰাই, মোৰ ৱেলেৱাত্তাৰ বঙলাঘৰলৈ, এবস্তাকৈ কিতাপ যোগান ধৰিছিল।’’

নেৰুডাৰ ভাষাত, “এনে আলুৰ বস্তাই মোক টি এছ ইলিয়টৰ শেহতীয়া কবিতাবোৰ পঢ়াৰ সুযোগ দিছিল। এই আলুৰ বস্তাৰ সুবাদতেই মই পঢ়িব পাৰিছিলোঁ হেমিংৱেৰ সদ্যপ্ৰকাশিত ‘বিদায় যুদ্ধ বিদায়’ নামৰ কিতাপখন; পঢ়িব পাৰিছিলোঁ যৌনসম্পৰ্কৰ ওপৰত উদ্ঘাটিত নতুন তথ্যসম্বলিত দুখন যুগজয়ী উপন্যাস: সেইদৰে এনে আলুৰ বস্তাৰ যহতে মই পঢ়াৰ সুযোগ পাইছিলোঁ, ডি এইচ লৰেঞ্চৰ ‘লেডি ছেটেৰলিৰ প্ৰেমিক’ আৰু অলদচ্ হাক্সলীৰ উদ্ভাৱনী ৰচনা ‘আলোচনা প্ৰতিআলোচনা’খন।’’

তেওঁ এইবোৰৰ উপৰিও ৱেণ্ডটে পঠিওৱা ৰেম্বো, কেৱেৰো, প্ৰুষ্ট আদিৰ দৰে স্বনামধন্য লেখকসকলৰ ধ্ৰুপদী সাহিত্যসমূহ পুনৰাই খৰচি মাৰি পঢ়িব পাৰিছিল।

উল্লেখিত পিয়ানোবাদক বন্ধুজনৰ উপৰিও নেৰুডাই আগতকৈও বেছিকৈ ইউৰোপিয়ানসকলৰ স’তে সামাজিক সম্পৰ্ক গঢ়ি তুলিবলৈ গৈ ৱেণ্ডটৰ ল’ৰালি কালৰ বন্ধু জৰ্জ কেইটৰ সৈতে সময় অতিবাহিত কৰিবলৈ লৈছিল। এই তিনিওজনৰ বয়সৰ ব্যৱধান আছিল তিনি কি চাৰি বছৰৰ। ৱেণ্ডট আৰু কেইটৰ জন্ম শ্ৰীলংকাত হৈছিল যদিও, ইউৰোপীয় আৰু এছীয় তেজৰ সংমিশ্ৰণেৰে ওপজা দুয়োজনেই বৰ্ণসংকৰ। ব্ৰিটিছ স্কুলৰ শিক্ষাৰে শিক্ষিত উভয়েই আছিল উপনিৱেশবাদী অভিজাত ঘৰৰ লোক আৰু তেনে এখন সমাজতে লালিত পালিত হ’লেও তেওঁলোক আছিল অগতানুগতিক চৰিত্ৰৰ। ৱেণ্ডট পিয়ানোবাদক আৰু কলা সাহিত্যৰ পৃষ্ঠপোষক হোৱাৰ উপৰিও তেওঁ আছিল এজন প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ।

ব্ৰিটিছ বংশোদ্ভুত হৈয়ো কেইটে বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল আৰু চিত্ৰকৰ হিচাপে ইউৰোপৰ আধুনিক ধাৰাৰ সৈতে দক্ষিণ এছিয়াৰ ঐতিহ্যপূৰ্ণ শিল্পকলাৰ সংমিশ্ৰণেৰে এক নতুন শৈলীৰ উন্মেষ ঘটাই পৃথিৱীব্যাপী সুনাম আৰ্জিবলৈ সক্ষম হৈছিল। ১৯৩০ চনত শ্ৰীলংকাত অনুষ্ঠিত চিত্ৰপ্ৰদৰ্শনী সম্পৰ্কে, (যিখনৰ কেইট আছিল অংশীদাৰ) ‘টাইমছ অফ শ্ৰীলংকাত’ নেৰুডাই কেইটৰ বিষয়ে লিখা পৰ্যালোচনাটো আছিল এনে ধৰণৰ: “মোৰ ধাৰণাত কেইট হ’ল, মহান চিত্ৰকৰৰ গুণৰাজিৰে বিভূষিত এটি জীৱন্ত নিউক্লিয়াচ….আচৰিত ধৰণৰ গাম্ভীৰ্যৰে ভৰপূৰ তেওঁৰ চিত্ৰবোৰে চিত্ৰ অনুৰাগীক এক মননশীল অনুভূতিৰ দ্যোতনাৰে চমকাই তোলে।’’

এইদৰে সমভাৱাপন্ন বুদ্ধিজীৱী আৰু কলাবিশাৰদসকলৰ সান্নিধ্য লভিলেও, বাসগৃহলৈ উভতিলেই তেওঁক মানসিক বিকাৰগ্ৰস্ততাই জুমুৰি দি ধৰিছিল। নেৰুডাই তেওঁৰ প্ৰিয় ভিনো টিন্তো আৰু হুইস্কী পান কৰিছিল যদিও তেওঁ কেতিয়াও অত্যধিক সুৰাপায়ী নাছিল। তাকো তেওঁ তেতিয়াহে পান কৰিছিল, যেতিয়া তেওঁৰ লেখামেলাত মন নবহিছিল আৰু ইয়ান্দিলৈকো লিখাৰ প্ৰয়োজন বোধ কৰা নাছিল। এবাৰ অধৈৰ্য্য হৈ তেওঁ ইয়ান্দিলৈ লিখিছিল: “মই অকলশৰীয়া, প্ৰত্যেক দহ মিনিটৰ মূৰে মূৰে মোৰ লগুৱা ৰত্নাইয়ে আহি মোৰ গিলাচটো পূৰ কৰি দিয়ে।’’ এনেদৰে ৰত্নাইৰ দৰে এজন মানুহ অনৱৰত লাগি থকা স্বত্তেও তেওঁক নিসংগতাই হেঁচা মাৰি ধৰিছিল। “মই উদ্বিগ্নতাত ভুগোঁ, পদে পদে অস্থিৰ, মুমূৰ্ষু আৰু নিৰ্বাসিত অনুভৱ কৰোঁ।’’ সংগ দিবলৈ তেওঁ ইয়ান্দিক অতি শীঘ্ৰে কলম্বোলৈ আহিবলৈ কাকূতিমিনতি কৰিছিল। কিন্তু সেয়া সম্ভৱ নহয় জানি, তেওঁ আকৌ মানসিক পীড়াৰে পীড়িত হৈ চিৰাচৰিতভাৱে স্বনিৰ্বাসনত সোমাই পৰিছিল।

তেওঁ ইয়ান্দিক সবিনয়ে অনুৰোধ কৰি লিখিছিল, “তোমাৰ নিশ্চয় যোছ কোনৰাদ্ছৰ উপন্যাসৰ কাহিনীবোৰ মনত আছে, য’ত আচৰিত ধৰণে প্ৰত্যাৱৰ্তনৰ কোনো ব্যৱস্থা নৰখাকৈ প্ৰাণীবোৰক দেশান্তৰিত অথবা নিৰ্বাসিত কৰা হৈছিল। মাজেসময়ে মোৰো তেনেকুৱাই লাগে।’’ পাছত এদিন তেওঁ লিখিছিল: “দুদিন আগতে সুৰাসাৰত সম্পূৰ্ণৰূপে ভিজা এই চিঠিখন মই মলঙি যোৱাৰ পৰা উদ্ধাৰ কৰিছোঁ।’’

তেওঁ চিলিলৈ উভতি অহাৰ সুযোগ পাইছিল যদিও, তেওঁ নিজৰ অৱস্থাৰ কোনো পৰিবৰ্তন নঘটাই, আত্মগ্লানিতে নিমজ্জিত হৈ থাকিল।

*

এনে অৱস্থাৰ মাজতো নেৰুডাই এলবেৰ্টিনা, লোৰা, আনকি সম্ভৱতঃ টেৰিজালৈকো অবিৰাম প্ৰেমপত্ৰ লিখি আছিল। লোৰাই কোনো সঁহাৰি দিয়া নাছিল, কাৰণ, নেৰুডাৰ পৰা বহুপ্ৰত্যাশিত চিঠিবোৰ নোপোৱা বাবে তেওঁৰ প্ৰতি লোৰাৰ মোহভংগ ঘটিছিল। পিছে লোৰাৰ মাকে যে মাজবাটতে চিঠিবোৰ গায়েব কৰিছিল লোৰাই সেয়া জনা নাছিল। পাছত, নেৰুডাই চিলিৰ ডাকসেৱাত কৰ্মৰত, তেওঁৰ বন্ধু হোমেৰো আৰ্চিৰ জৰিয়তে সেইবোৰ পঠিয়াবলৈ লৈছিল যদিও, লোৰাৰ গভীৰ প্ৰেমত নিমজ্জিত হোমেৰোৱে নেৰুডাৰ প্ৰেমপত্ৰবোৰ লোৰাক নিদিয়াকৈ নিজে ৰাখি থৈছিল।

যিয়েই নহওক, অৱশেষত সকলো উৎকণ্ঠাৰ ওৰ পেলাই, এলবেৰ্টিনাৰ পৰা বহু অপেক্ষিত চিঠিখন আহি তেওঁৰ হাতত পৰিছিল। জানিব পাৰিছিল, এলবেৰ্টিনাই ব্ৰুছেলছলৈ অহাৰ পথত পেৰিছত উপস্থিত হোৱাৰ কথা। ফৰাচী ভাষাত ছাত্ৰছাত্ৰীক শিকোৱাৰ বিদ্যা আয়ত্ত কৰাৰ বাবে তেওঁ ফেল’শ্বিপত তালৈ আহিবলগীয়া হৈছিল। কবিয়ে খবৰটো পঢ়িয়েই, অতি উত্ৰাৱল হৈ তাইক ততাতৈয়াকৈ চিঠি লিখি জনাইছিল: “তোমাৰ এই আগমনে আমাক একেলগ হোৱাৰ অন্তিম সুযোগ আনি দিছে। একাকিত্বই মোক বৰ জুৰুলা কৰিছে, আৰু যদি তুমি নাহা, মই কাৰোবাৰ স’তে বিয়াত বহিবলৈ বাধ্য হ’ম।’’ এইদৰে লিখাৰ উপৰিও তেওঁ সেই চিঠিত ফ্ৰাঞ্চৰ পৰা কলম্বো অভিমুখী জাহাজৰ সবিশেষ তথ্য দাঙি ধৰিছিল, যাতে কলম্বোলৈ তাই সুকলমে আহিব পাৰে। তেওঁ আৰু লিখিছিল, “প্ৰতি দিনে, পলে পলে, প্ৰতি ঘণ্টাই ঘণ্টাই, মই নিজকে প্ৰশ্ন কৰোঁ: মোৰ মৰমীজনী আহিবনে, সঁচাই আহিবনে?’’

আৰু সঁচাকৈয়ে, সন্দিহান হৈ থকা তেওঁৰ আশাত চেঁচাপানী ঢালি তাই কেতিয়াও নাহিল। নেৰুডাৰ উক্ত চিঠিখন শিক্ষানুষ্ঠানখনৰ সঞ্চালকৰ হাতত পৰাত, কৰ্তৃপক্ষই এলবেৰ্টিনাক জবাবদিহি কৰি জানিব বিচাৰিছিল যে তাইৰ যেতিয়া প্ৰশিক্ষণৰ সময়, তেনে স্থলত তাইলৈ শ্ৰীলংকালৈ যোৱাৰ প্ৰস্তাৱ অহাৰ মানেইবা কি? এলবেৰ্টিনাই ইয়াৰ সদুত্তৰ নিদিয়াত সঞ্চালকে তাইৰ ফেল’শ্বিপ বাতিল কৰিছিল। বাধ্য হৈ এলবেৰ্টিনাই ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। কেবাবছৰ পাছত, এই বিষয়টো পৰিষ্কাৰকৈ দাঙি ধৰি তাই কৈছিল, “জনা উচিত যে, পঞ্চাছ বছৰতকৈও আগৰ, সুদূৰ অতীতৰ সেই দিনবোৰ আজিৰ দৰে খোলামেলা নাছিল। মই মোৰ বিশ্ববিদ্যালয়লৈ উভতি আহিবলগীয়া হৈছিল আৰু ইয়াৰ বাহিৰেও মোৰ মা-দেউতা আছিল অতিশয় কঢ়া—পাবলোক ভাল পাইছিলোঁ হয়, কিন্তু মা-দেউতাৰ অমতত তেওঁৰ ওচৰলৈ যাবলৈ মোৰ সাহসে কুলোৱা নাছিল।’’

১৯৩০ চনৰ ২৭ ফেব্ৰুৱাৰীত নেৰুডাই হেক্টৰ ইয়ান্দিলৈ লিখা চিঠিখন এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ:

“এজনী ছোৱালী, যিজনীক মই হিয়া উজাৰি ভাল পাইছিলোঁ, (যিজনীক কেন্দ্ৰ কৰিয়েই মই মোৰ কুৰিটা প্ৰেমৰ কবিতাৰ অধিকাংশই ৰচিছিলোঁ), সেইজনীয়েই তিনিমাহ আগতে মোলৈ লিখিছিল, আৰু সেইমৰ্মে মই তাইলৈ বাট চাইছিলোঁ, আমি বিয়া পতাৰ কথাও ভাবিছিলোঁ, আৰু মই অতীৱ হেঁপাহেৰে নধপধপকৈ মোৰ ডাকবঙলাটো সজাইপৰাই ঠিকঠাক কৰিছিলোঁ, পাকঘৰটোও শুৱনি কৰিছিলোঁ। কিন্তু তাই নাহিল, তাইৰ হয়তো যুক্তি আছিল নহাৰ, পিছে, এই যে নাহিল, তাৰ পাছত এসপ্তাহ ধৰি মই জ্বৰত ভুগিছিলোঁ, মই মুখলৈ খুদকণ এটিও নিব পৰা নাছিলোঁ, মোক যেন ভিতৰি ভিতৰি কিহবাই খুলি খুলি খাইছিল, বুজাব নোৱাৰা এক ভয়ানক যন্ত্ৰণাই মোক দগ্ধ কৰিছিল……’’।

‘মৰতৰ আবাস’ৰ প্ৰথম পোন্ধৰটা কবিতাৰ প্ৰায় সাতটা কবিতাই এলবেৰ্টিনা অথবা লোৰা অৰি অথবা দুয়োকো উদ্দেশ্য কৰি লিখা। এলবেৰ্টিনাই ভূতুনীৰ ৰূপত আবিৰ্ভূত হৈছিল, “চমক খুওৱা বিবৰ্ণ ছাত্ৰী এজনী তাই।’’ যোৱা বছৰ ঢৌৰ বুকুত তাই জনম লভিছিল, “কিন্তু সেয়াতো আচল তাই নহয়,’’ সেইজনী তাই প্ৰকৃততে “ভূতুনীহে।’’ কুৰিটা প্ৰেমৰ কবিতাত পৰোক্ষভাৱে উল্লেখিত আন্ধাৰে যেন এতিয়া সৰ্বনাশী ৰূপ ধৰি ‘মৰতৰ আবাস’ৰ কবিতাবোৰত ভৰ দিছে। কবিতাৰ বৰ্ণনাকাৰীয়ে বৰ্তমানৰ বুকুত তিষ্ঠিব নোৱাৰি অতীজৰ বুকুত এঠা লগা দি লাগিব খুজিছে, অথচ সেই অতীজোচোন অনুশোচনা আৰু আতংকেৰে ভৰা। তাকেই যেন তেওঁ “শীতকালৰ প্ৰেমগাথা’’ নামৰ কবিতাটোত মূৰ্ত কৰিছে:

গভীৰ সাগৰৰ তলিত,
ৰাতিৰ দীঘলীয়া তালিকাত,
তোমাৰ নীৰৱ নিৰুত্তৰ নামটো ঘোঁৰাৰ দৰে চেঁকুৰে।
থিতাপি দিয়া মোক তোমাৰ পিঠিত,
অ’ মোক আশ্ৰয় দিয়া,
নিমিষতে আহি মোক দেখা দিয়া
তোমাৰেই আইনাত,
তোমাৰ পাছফালে আন্ধাৰত পোখা মেলা নিৰ্জন, নিশাচৰী এডোখৰ আইনাত,
হে, উচ্ছলিত মিঠা পোহৰে
চমকোৱা ফুল,
মই কোৱা মাত্ৰেই লৈ আনা
তোমাৰ চুমা ভৰা মুখখন,
বিচ্ছেদক আঘাত কৰি
লৈ আনা সেই দৃঢ়পণা মনোৰম মুখখন।

তাইলৈ লিখা অভিযোগ সমৃদ্ধ চিঠিবোৰৰ প্রতিধ্বনিৰে নেৰুডাই আবেগ ঢালি কবিতা অলংকৃত কৰিছিল এইদৰে “হে হিয়াহীনা প্ৰিয়া’’, “অত্যাচাৰী এলবেৰ্টিনা’’ ইত্যাদি। এইদৰে দেখা যায় যে, তেওঁ তেওঁৰ জীৱনত উদ্ভৱ হোৱা মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ছোৱালীবোৰকেই দোষাৰোপ কৰিছিল, অথচ অক্ষম তেওঁ একোকে কৰিব পৰা নাছিল।

ইতিমধ্যে, তেওঁ যৌনতাৰ ক্ষেত্ৰত, উৎসাহজনকভাৱে আগ্ৰাসী ৰূপ ধাৰণ কৰিছিল, ক’বলৈ গ’লে তেওঁ নিজকে চিকাৰীত পৰিণত কৰিছিল—যোছি ব্লিছৰ বেলিকা গ্ৰহণ কৰা তেওঁৰ ভূমিকাই তাকেই প্ৰতিপন্ন কৰে। ‘স্মৃতিকথা’ত তেওঁ লিখাৰ দৰে, “কলম্বোৰ নানাৰঙী বান্ধৱীবোৰ মোৰ কোঠাৰ খাটিয়াখনলৈ আহিবলৈ লৈছিল আৰু উভতিবৰ পৰত মঙহৰ তাৎক্ষণিক পৰিতুষ্টিৰ বাহিৰে সিহঁতৰ বিষয়ে বিবৰি লিখিব পৰাকৈ মোৰ নিমিত্তে একোকে এৰি থৈ যোৱা নাছিল। ইপিনে সেই ক্ৰান্তীয় উপকূলৰ নিৰ্জনতাত মোৰ শৰীৰটো অগ্নিকুণ্ডত জ্বলা দি জ্বলিছিল। আহিছিল বান্ধৱী পেটছি, আহিছিল তাই, মোৰেনা আৰু সোনালী চুলিৰ মুচাছাৰ স’তে বান্ধৱীসকলক লৈ, আহিছিল সেইদৰে, বুওৰ, ইংৰাজ আৰু দ্ৰাবিৰীয় তেজৰ সংমিশ্ৰণৰ ছোৱালীবোৰ আৰু দৈহিক আনন্দৰ বাহিৰে একোকে নিবিচৰা সিহঁতে হাঁহি হাঁহি মোক বিছনালৈ টানি নিছিল।’’

ইয়াতেই শ্ৰীলংকাত, নেৰুডাই অপৰূপা তামিল তিৰোতা এজনীক দেখিছিল। পেৰিয়া কুলৰ “অস্পৃশ্য’’ জাতিৰ তাই, ঘৰে ঘৰে পাইখানা ভৰ্তি টিনৰ পাত্ৰবোৰ পৰিষ্কাৰ কৰা কামত নিয়োজিত আছিল। নেৰুডাই লিখামতে, *“তাই গহীন খোজেৰে কোনোফালে মূৰ নুঘূৰোৱাকৈ, আনকি তাইৰ পাছ লোৱা মোৰ উপস্থিতিকো আওকাণ কৰি পাইখানাৰ বীভৎস লেতেৰা টিনৰ পাত্ৰটো মূৰত তুলি লৈ সাউৎ কৰে দেৱীৰ খোজেৰে অন্তৰ্ধান হৈছিল।’’ “তাই বৰ মৰম লগাকৈ আকৰ্ষণীয় আছিল’’…. তেওঁৰ ভাষাত, ……এনে নিঃকিন কাম কৰা স্বত্তেও, তেওঁৰ বাবে তাই মানৱী নাছিল। “তাই আছিল অগতানুগতিক ‘অইন কিবা এটা’’: “জঙ্ঘলৰ লাজুক জন্তুৰ দৰে, তাই আছিল ভিন্ন এক জগতৰ বাসিন্দা’’ তাইৰ পিন্ধনত আছিল আটাইতকৈ সস্তীয়া এখন শাৰী, যিখন ৰঙচুৱাকৈ সোনালী বৰণৰ, তাইৰ উন্মুক্ত সৰুগাঁঠিত আছিল দুপাত মোটা খাৰু; তাইৰ নাকৰ দুয়োফালে বিন্দুৰ দৰে জিলিকি আছিল দুটি নাকফুলি। তেওঁ তাইক মাতিছিল, “কিন্তু তাই সঁহাৰি দিয়া নাছিল।’’

নেৰুডাই কোনোপধ্যে তাইক মনৰ পৰা আঁতৰাব পৰা নাছিল, সেয়েহে, “এদিনাখন ৰাতিপুৱা, লাজমান সকলো কাতি কৰি থৈ, মই তাইৰ হাতৰ মণিবন্ধত টানকৈ ধৰি, তাইৰ পিনে চকু পোন্দাই চাইছিলোঁ। তাইৰ ভাষা নজনা বাবে মই ভাৱ বিনিময় কৰিব পৰা নাছিলোঁ। বাধ্য হৈ আহিবলগীয়া হোৱাত, তাই বিনা বাক্যব্যয়ে, মোৰ পাছে পাছে আহিছিল আৰু মোৰ বিছনাত নিজকে উদং কৰি দিছিল। খামুচীয়া কঁকাল, ভৰা নিতম্ব আৰু পীনোন্নত বক্ষেৰে তাইক দক্ষিণ ভাৰতৰ মন্দিৰৰ হাজাৰ বছৰ পুৰণি ভাস্কৰ্যৰ দৰে লাগিছিল। সেয়া আছিল এটি মূৰ্তিৰ স’তে এজন মানুহৰ সংসৰ্গ। নিৰূপায় তাই সম্ভোগৰ সমগ্ৰ কালছোৱাত চকু দুটি বহলকৈ মেলি ৰাখিছিল। মোক ঘৃণা কৰাৰ অধিকাৰ অৱশ্যেই তাইৰ আছিল। পিছে, এনে কাৰ্যৰ মই পুনৰাবৃত্তি কৰা নাছিলোঁ।’’

তেওঁৰেই হওঁক বা আন কাৰোবাৰ লিখনিতে হওঁক, ইয়াৰ পাছত নেৰুডাই এনে ধৰণৰ অভব্য আচৰণ কৰা বুলি কোনো তথ্য পোৱা নাযায়। কিন্তু শক্তি আৰু বিশেষাধিকাৰৰ গইনা লৈ তেওঁ যি দুষ্কাৰ্য কৰিছিল, তাৰ বাবে তেওঁক নিচেই সামান্য পৰিমাণেহে লজ্জিত হোৱা দেখা গৈছিল। ধৰ্ষণৰ সময়ত, তেওঁ তাইক মানৱীৰূপে নহয়, এটুকুৰা শিলাখণ্ড হিচাপে অনুভৱ কৰিছিল। ইয়াৰ পাছতে তেওঁ তাইক “দক্ষিণ ভাৰতৰ হাজাৰ বছৰ প্ৰাচীন অনুপম ভাস্কৰ্যৰ সৈতে তুলনা কৰি দেৱীৰ মাহাত্ম্য আৰোপ কৰিছিল।’’ সম্ভৱতঃ তেওঁ ধাৰণা কৰিছিল যে, এনে ধৰণে তাইক ভূয়সী প্ৰশংসা কৰি, তেওঁ নিজকে কিছু পৰিমাণে হ’লেও দোষমুক্ত কৰিব পাৰিব।

পিছে, সেই সময়ত নেৰুডাই মাৰ্ক্সীয় সংজ্ঞা অনুসৰি শ্ৰেণীচেতনাৰ ধাৰণা আয়ত্ব কৰিলেও, সেই সূত্ৰক তেওঁ প্ৰথাগতভাৱে প্ৰচলিত বৰ্ণবাদী চিন্তা, লিংগবৈষম্য, আৰু উচ্চনীচৰ ভেদাভেদৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নাছিল, অথচ এইবোৰৰ গভীৰতে লুকাই আছিল হিংসা আৰু বলাৎকাৰৰ দৰে কাৰ্যৰ উঁহ।

আনহাতে, “ব্ৰহ্মদেশীয় নাহৰফুটুকী বাঘিনী’’ যোছি ব্লিছৰ বেলিকা লভা অভিজ্ঞতাৰ ক্ষেত্ৰত তেওঁ একেটা অধ্যায়তে দাঙি ধৰা ঘটনাৰ বৃত্তান্তৰ সৈতে থকা ব্যাখ্যাৰ বিসংগতি তাৎপৰ্যপূৰ্ণ। তেওঁৰ মানত ছোৱালীজনী ছোৱালী নহয়, তাই আনুগত্যৰ প্রৰূপহে আৰু সাংস্কৃতিক দিশত তলখাপৰ হোৱা বাবে, তাইক যেন সহজে দমন কৰাৰ অধিকাৰ তেওঁৰ আছে।

ইয়াতেই হওঁক বা এছিয়াত থকা সমগ্ৰ কালছোৱাতেই হওঁক, মানৱীয়তাৰ বেলিকা নেৰুডাৰ আচৰণ আছিল সাম্ৰাজ্যবাদী ধাৰণাপুষ্ট। ক’বলৈ গ’লে তেনে ধাৰণা ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সাম্ৰাজ্যবাদে সততে প্ৰক্ষেপ কৰা দেখা যায় আৰু ইয়াৰ বিৰুদ্ধে নেৰুডাক এছিয়াত থকা সময়তে হওক বা স্মৃতিকথা লিখি থকা সময়তে হওক তৰ্জন গৰ্জন কৰা দেখা যায়। অধিকাৰৰ স্বজ্ঞা আৰু প্ৰকৃতিগত শ্ৰেষ্ঠতাৰ বলতেই ধৰ্ষণক মান্যতা দিব বিচৰা তেওঁৰ ধাৰণাৰ সৈতে সাম্ৰাজ্যবাদী ধাৰণাৰ মিল দেখা যায়, কাৰণ, তেনে ধৰণে সাম্ৰাজ্যবাদেও দুৰ্বল জাতিস্বত্তাক সবল জাতিয়ে দমন কৰাৰ পক্ষে যুক্তি দৰ্শায় ৷ অত্যধিক আত্মকেন্দ্ৰিকতা আৰু আত্মম্ভৰিতাৰ বাবে তেওঁ তেওঁৰ  এনে ভ্ৰান্তি  অৱলোকন কৰিব পৰা নাছিল ৷

সেই একেই আত্মমগ্নতাৰ বহিৰ্প্রকাশ তেওঁ তেওঁৰ পাইখানা চাফা কৰিবলৈ অহা তিৰোতাজনীৰ ক্ষেত্ৰতো ঘটোৱা দেখা গ’ল। তেওঁৰ যৌন বাসনাৰ বলি হোৱা পাইখানা চাফা কৰা সমাহিত দেৱীগৰাকীৰ জৰিয়তে তেওঁ যেন নিজৰ ত্যাগ কৰা মলকো দেৱত্ব প্ৰদান কৰিছে।  যৌন বাসনা চৰিতাৰ্থ কৰিবলৈ বাধ্য কৰোৱা দেৱীগৰাকীক সৌজন্যতাৰ খাতিৰত প্ৰতিদান হিচাপে যৎসামান্য পৰিমাণে হ’লেও তেওঁ একোৱে নাযাচিলে, যেন তাই তেওঁৰ অনুগ্ৰহ লভিবৰ জোখাৰে এজনী গণিকাতকৈও তুচ্ছ ৷ এই বিষয়ে শ্লোভেনিয়াৰ দাৰ্শনিক শ্লাভক জিজেজে দাঙি ধৰা  মতামত অতি গুৰুত্বপূৰ্ণ : “তাইৰ সৈতে এহাতে  নিন্দণীয় কাৰ্য কৰি, আৰু আনহাতে  অপৰূপা তাইক উদাসী  দিব্য গুণেৰে বিভূষিত কৰিবলৈ গৈ তেওঁ তাইক তেওঁৰ বিষ্ঠাৰ সমপৰ্যায়ৰ কৰি তুলিছিল।’’ গতিকে এই কথাটো আমি ব্যাপক অনুসন্ধানৰ  বিষয় হিচাপে লোৱা দৰকাৰ।

তাতে এইটোও ভাবিবলগীয়া যে, নেৰুডাই এই কাহিনীটো ১৯৬০ চনত বিশ্ববাসীক সদৰী কৰাৰ বাবে সচেতন বা অচেতনভাৱেই হওঁক, কিয়ইবা প্ৰয়োজনীয়তা বোধ কৰা নাছিল। নতুবা তামিল তিৰোতাজনীক ধৰ্ষণ কৰা সময়ত পোষণ কৰা তেওঁৰ সেই শ্ৰেষ্ঠত্ব বা আধিপত্যবাদী মনোভাৱক তেওঁ কি তেতিয়াও  পৰিহাৰ কৰিব পৰা নাছিল? আনকি তেওঁক জীৱনৰ পাছৰ পৰ্যায়তো উক্ত গৰ্হিত কাৰ্যক অমানৱীয় বুলি স্বীকাৰ কৰা দেখা নগৈছিল। সঁচাসচিকৈ অনুতপ্ত হোৱাতো দূৰৈৰ কথা, আনকি এনে আচৰণৰ বাবে তেওঁক জবাবদিহি হোৱাও দেখা নগ’ল৷ আৰু কেতিয়াবা এচিকুট অনুশোচনা প্ৰকাশ কৰা দেখা গৈছিল যদিও, সেয়া যেন আছিল নিতান্তই উপৰুৱা।

*

ছিংগাপুৰলৈ সম্ভাৱ্য বদলিৰ কথা ঘুনুকঘানাককৈ কৰ্ণগোচৰ হৈ থকাৰ সময়তে নেৰুডাই উত্তেজিত হৈ “যাদুকৰী মলয় দ্বীপপঞ্জ আৰু তাৰ সুন্দৰী ছোৱালী আৰু মনোৰম আচাৰ-বিচাৰবোৰৰ’’ বিষয়ে বিবৰি ইয়ান্দিলৈ এইদৰে লিখিছিল, “মই ছিংগাপুৰ আৰু বালীলৈ ইতিমধ্যে দুবাৰ গৈ আহিছোঁ আৰু তাত হোঁপা-হোঁপে কানি সেৱন কৰিছোঁ। মই যে সেয়া ভাল পাইছিলোঁ, সেই সম্পৰ্কে নিশ্চিত নহ’লেও, সেয়া আছিল কিবা অদ্ভুত ধৰণৰ মজা।’’

তেওঁ এই কানিৰূপী বৰবিহটো শ্ৰীলংকাত উৎসাহপূৰ্বক সেৱন কৰিছিল। পিছে, ইয়াৰ বিপৰীতে তেওঁ তেওঁৰ স্মৃতিকথাত কানিৰ ওপৰত হোৱা অভিজ্ঞতাক অপ্ৰীতিকৰ আখ্যা দিয়া দেখা গৈছিল। হয়তো তেওঁ সেয়া, পাছৰ জীৱনত পৰিপক্কতাৰ শীৰ্ষত আৰোহণ কৰি পৃথিৱী বিখ্যাত কবি  হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবেই তেনে কৰিছিল ৷

“মই নলটো মুখত লৈ এহোঁপা মাৰিছিলোঁ….একোৱেইচোন নাই….কেৱল গাখীৰৰ দৰে বগা ধুঁৱলীকুঁৱলী ধোঁৱাৰ উত্তাপ….মই এইবাৰ চাৰিডাল নলত চাৰি হোঁপা মাৰিছিলোঁ আৰু পাঁচ দিনলৈ বেহুচ হৈ পৰি আছিলোঁ, মোৰ মগজুৰ পৰা ওলোৱা ওকালিটো  ৰাজহাড় উজাৰি ওলাই আহিছিল।’

“কানিৰ সম্পৰ্কে কিমান যে কথা-বতৰা, কিমান যে লেখালেখি। সেই হিচাপত, মোৰ বোধেৰে আৰু অধিক লেখামেলা হোৱা উচিত আছিল”৷

হোমাৰৰ পৰা ভাৰ্জিল হৈ শ্বেক্সপীয়েৰলৈকে কানিৰ এক সুদীৰ্ঘ ইতিহাস আছে। কিন্তু নেৰুডাই এই কানিৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ থকা কেইখনমান ৰচনাৰ প্ৰতিহে বিশেষভাৱে অনুগ্ৰাহী। সেই হিচাপে চেমুৱেল টেলৰ কলেৰিজৰ “কুবলা খান’’ কবিতাটোৰ, ’সপোনত অন্তৰ্দৃষ্টি’ নামৰ অংশটো তেওঁৰ মতে উল্লেখযোগ্য, ঠিক তেনেদৰে এই বিষয়ে চৰ্চিত আন দুখন কিতাপৰ এখন হ’ল, থোমাছ দা কিঞ্চিৰ ’ই’ৰাজ কানিসেৱনকাৰী এজনৰ স্বীকাৰোক্তি’’ আৰু আনখন কিতাপ হ’ল, বদলেয়াৰৰ ১৯৬০ চনত ৰচিত আৰু ধ্ৰুপদী সাহিত্যৰূপে পৰিগণিত, ’কৃত্ৰিম স্বৰ্গ’ ৷ উনৈছ শতিকাত ব্ৰিটিছ সাহিত্যত, বিশেষকৈ ইয়াৰ ৰোমাণ্টিক কবিতাবোৰত কানিয়ে বহুলভাৱে ঠাই দখল কৰা দৃষ্টিগোচৰ হৈছিল। প্ৰাচ্যৰ এই মাদক দ্ৰব্যবিধৰ ৰহস্যময়তাক তেওঁলোকে গীতিময় ৰূপ দিয়াৰ উপৰিও ব্যাপকভাৱে সেৱন কৰিছিল ৷ এম.এইছ. আব্ৰামছে ১৯৩৪ চনত ৰচিত তেওঁৰ ’সৰগীয় গাখীৰ’ত লিখিছিল যে, ৰোমাণ্টিকসকলক কানিয়ে “ঐন্দ্ৰজালিক অনুভূতি প্ৰদানৰ জৰিয়তে অনুপ্ৰাণিত কৰে”। কানি সেৱন নকৰাসকলে কিদৰেযে সপোনৰ মায়াময় জগত এখনৰ অভিজ্ঞতাৰ পৰা দুখ লগা ধৰণে বঞ্চিত হয়  তাকে লৈ সেই যুগত কিছুমান উত্তম ৰচনাৰ সৃষ্টি হৈছিল ।

কানিৰ ইতিবাচক গুণাগুণ সম্পৰ্কে বিবৰা পশ্চিমীয়া সাহিত্যও নেৰুডাই নপঢ়া নহয়, কিন্তু কানিৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আছিল নঞৰ্থক৷ তাৰ উপৰি এছিয়াৰ পৰা পাম বুলি হেঁপাহ কৰা, অথচ বাস্তৱত নোপোৱাৰ বেলিকা এক অসম্বন্ধতাই বিৰাজ কৰাটোও লক্ষনীয়। “মই কানিৰ বিষয়ে ৰায়দান দিয়াৰ আগতে, ভালকৈ পৰিচিত হ’ব লাগিব এইবিধৰ সৈতে….মোৰ সম্বিত থকালৈকে মই কেবাডালো ধোঁৱাখোৱা নলীত হোঁপা দিওঁ…এইবেলি সপোন নাই, ছায়ামূৰ্তিও  ভাঁহি থকা নাই, কোনো উত্তেজনাও নাই….ক’ব নোৱাৰাকৈ মধুময় এক সুৰীয়া সঞ্চৰণে মোক বিভোৰ কৰে, সিবোৰ যেন অনন্ত ব্যাপ্তিৰে মোৰ চাৰিওফালে মুক্তমনে বিচৰণ কৰি আছে….তন্দ্ৰাচ্ছন্ন অৱস্থাৰে মই যেন আত্মমগ্নতাৰ গহ্বৰত সোমাই পৰিছোঁ….’’। তেওঁ অনুভৱ কৰিছিল দেহৰ সামান্যতম লৰচৰৰ শব্দ অথবা দূৰৈৰ ৰাস্তাৰ পৰা ভাঁহি অহা  হট্টগোলৰ শব্দবোৰ যেন একাকাৰ হৈ পৰিছিল তেওঁৰ মুদ খোৱা চকুৰ সম্মুখত । এনে পাৰ “ওপচোৱা আনন্দময়’’ অভিজ্ঞতা লভাৰ পাছত, তেওঁ কোৱামতে, তেওঁ আৰু কানি সেৱন নকৰিবলৈ বিবেচকী সিদ্ধান্ত লৈছিল। “মই আৰু কানিৰ ঘাটিলৈ যোৱা নাছিলোঁ….কাৰণ মই ইয়াৰ সৈতে পৰিচিত হৈয়েই গ’লোঁ…. ধোঁৱাৰ অন্তৰালত লুকাই থকা বহু নজনা কথাৰ মই সম্ভেদ পালোঁ।’’ ইচ্ছাক যে তেওঁৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিছে, তাক তেওঁ পৰিষ্কাৰকৈ ব্যক্ত কৰে ।

কিন্তু তেওঁৰ বন্ধুবৰ্গৰ সৈতে হোৱা পত্ৰবিনিময় আৰু তেওঁৰ কবিতাবোৰে ওলোটাই এয়া প্ৰতিপন্ন কৰে যে, তেওঁৰ এই মাদকদ্ৰব্যবিধৰ প্ৰতি আসক্তি, স্মৃতিকথাত লিখাৰ দৰে সীমিত সময়ৰ বাবে নাছিল। নেৰুডাই ইয়ান্দিলৈ লিখা চিঠিত পুনশ্চ বুলি সংযোজন কৰি তেওঁৰ বন্ধু হিনোজোছাই এইদৰে লিখিছিল, “পাবলোৱে কানিৰ ধোঁৱাখোৱা নলী হুপি হুপি শুই পৰে আৰু পাছদিনা অফিচৰ কামত যাবলগীয়া পৰতহে সাৰ পায়।’’ প্ৰলোভিত হৈ আৰম্ভ কৰা কানি সেৱন কাৰ্যক তেওঁ “নিৰ্বাসিত জীৱনৰ’’ পৰা হাত সাৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰিছিল—ইয়াৰ জৰিয়তে তেওঁ অবিৰাম একাকিত্বৰ পৰা মুক্তি লভিব বিচাৰিছিল— বিচাৰিছিল মুক্তি পাবলৈ, চৰম হতাশা আৰু বিমৰ্ষতাৰ ক্লান্তিৰ পৰা।

তেওঁ লা নেশ্বনলৈ পঠোৱা বাৰটা লেখাৰ ষষ্ঠ লেখাটোৰ শিৰোনাম আছিল “ছিংগাপুৰত এদিন’’৷ ১৯২৭ চনৰ অক্টোবৰত লিখা উক্ত নিবন্ধটোৰ পটভূমিকাত তেওঁ ছিংগাপুৰৰ বৰ্ণনা দিছিল এইদৰে:

“ভাতীত ধাতু গঢ় দিয়া কমাৰসকল, ৰাস্তাই ঘাটে ঘূৰি ঘূৰি ফলমূল-,চিগাৰেট বিক্ৰী কৰা বিক্ৰেতাসকল, মেণ্ডলিনৰ তাঁৰে তাঁৰে সুৰৰ লহৰ তোলা সুৰকাৰ আৰু গায়ক কবিসকল। উপভোক্তাসকলে চুলিবোৰ বাৰ্নিছেৰে ঠৰঙা কৰি আকাশচুম্বী দুৰ্ভেদ্য দুৰ্গলৈ ৰূপান্তৰিত কৰা চুলিকটা দোকানবোৰ। বিক্ৰীৰ বাবে উলিয়াই থোৱা পাত্ৰবোৰত বিধেবিধে আমদানিকৃত বিদেশী মাছ; চীনা গীতমাতেৰে ৰজনজনোৱা চৌদিশ; কানিৰ ঘাটিবোৰৰ দুৱাৰে দুৱাৰে ওলমি থকা, ’ধোঁৱাখোৱা কোঠা’ লিখা চাইনবোৰ্ড৷ ঘণ্টা বজাই শব্দ কৰি নিজৰ উপস্থিতি জাহিৰ কৰা অন্ধ মগনীয়াবোৰ । মতলীয়া বাঁহীৰ সুৰেৰে ফেঁটীসাপবোৰক মন্ত্ৰমুগ্ধ কৰা সাপ নচুওৱাসকল৷ (আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *