এজন মাছমৰীয়াৰ মৃত্যুত – (কুলেন দাস)
ৰাতিৰ আকাশত পোহৰ বিলোৱা তৰাবোৰ
তেওঁ নিয়মমাফিক চুই চাইছিল
পপীয়া তৰাৰ লেজুকা প্রহৰত দুৱাৰৰ ডাং মাৰিবলৈ
চকু মোহাৰি উঠা সেয়া তেওঁৰ সহধর্মিনী নাৰী
মানুহটোৰ খোজৰ শব্দত
সৰাপাতে মূৰ দাঙে
ক’লৈ গৈছে মানুহজন এই শেহ ৰাতি
উভতি আহিবনে তেওঁ
উভতি আহিবনে তেওঁ
দগমগীয়া পুৱা এটা লৈ
ৰাতিৰ আকাশত পোহৰ বিলোৱা তৰাবোৰ
এয়া তেওঁ চুই চাইছে পানীত
আৰু
নদীৰ গৰ্ভত গৰ্ভৰ প্রাণেৰে সলাইছে
জীয়া জীৱন
কিহৰ তাড়নাত নিগৰিছে
সসাগৰা দেহৰ লোণ
(জীৱন যেন আমাৰ তেনেই টুলুং-ভুটুং)
পানীত একাঠু পানীত এবুকু পানীত
থাওনি নোপোৱা পানীত
জাৰে-জহে কিহৰ তাড়ণাত
হাতৰ দহো আঙুলিত ৰজাই খোৱা তেজ
ৰজাই নিবিচাৰে পোৰা মাছৰ কাহুঁদীৰ পৌৰাণিক স্বাদ
বিচাৰে তেওঁৰ অংগুষ্ঠৰ এভাগ
তেওঁৰ কলাফুলত কুটালী জোকৰ উমনি
হঠাৎ উশাহটো নুফুটা হয়
হঠাৎ ডিমৰু ফল এটা খহি
নিশ্চল হয়
এয়াই নেকি
মৌসনা মাতৰ মোহিনী ৰাতি
তেওঁৰ মানুহজনীৰ চুলিৰ সুগন্ধি এন্ধাৰে বন্ধ কৰা উশাহ
ল’ৰা-ছোৱালীৰ ৰাউচিত ভয়ার্ত
এটা নি:সঙ্গ মাছৰোকা
ৰাউচি মাৰি উৰি যায়
ৰাতিৰ আকাশত পোহৰ বিলোৱা তৰাবোৰৰ মাজত
সৌৱা জিলিকি আছে মানুহজন
মাছমৰীয়া মানুহজন