কেন্দ্ৰীয় নিবন্ধনিবন্ধ

এজন সাধাৰণ পঢ়ুৱৈৰ দৃষ্টিত ড০ প্ৰণৱজ্যোতি ডেকা  (ড০ জিতু বুঢ়াগোহাঁই) 

নিজস্ব প্ৰতিভা আৰু বৌদ্ধিক চিন্তা চৰ্চাৰে, নিৰ্ভীক লেখনিৰে বিচিত্ৰ বিষয়ত অৱগাহন কৰি জিলিকি উঠা স্বনামধন্য সাহিত্যিক ড প্ৰণৱজ্যোতি ডেকাৰ চিৰবিদায়ে অসমৰ সাহিত্য জগতখনৰ কেবাটাও দিশত শূন্যতাৰ সৃষ্টি কৰি থৈ গ’ল। বহু পলমকৈ হ’লেও “ড প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” নামৰ গল্প সংকলখনৰ বাবে ২০২৩ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰাত তেখেতৰ এজন গুণগ্ৰাহী পাঠক হিচাপে আনন্দিত হৈছিলোঁ। তেখেতৰ সবাতোকৈ কষ্ট আৰু সৰ্ববৃহৎ একক কাৰ্য হ’ল ‘জ্যোতি দ্বিভাষিক’ ইংৰাজী-অসমীয়া অভিধানৰ সংকলন আৰু প্ৰকাশ। Jyoti Bilungual Thesaurus গ্ৰন্থখন হ’ল জ্যোতি দ্বিভাষিক অভিধানৰ বাবে সংগ্ৰহ কৰা শব্দ আৰু দ্বিভাষিক অভিধানত ব্যৱহাৰ কৰিব নোৱাৰা শব্দ সম্ভাৰ। ড ডেকাৰ ৰচনাৰাজিয়ে বিচিত্ৰ বিষয় সামৰি লৈছে। ‘দৰ্শন-চৰ্যাগীত আৰু বৌদ্ধ-তন্ত্ৰ’, ‘শ্ৰীমদ্ভাৱগত গীতাৰ টীকা-ভাষ্য লিখে কিয়?’, ‘Scientific Evidences of Vedic Astrology, Castes, Tribes and Guilds of Century Old Assam’, ‘Nilachal Kamakhya: Her history and Tantra’, ‘ধৰ্মৰ প্ৰাণতত্ত্ব’, ‘ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী’ ইত্যাদি।

তেখেতৰ লিখনিৰ লগত ২০১৬ চনতহে ভালদৰে পৰিচিত হৈছিলোঁ ৬১৬ পৃষ্ঠাৰ ‘সোণৰ চামুচ মুখত লৈ’ নামৰ বিক্ষিপ্ত আত্মজীৱনীখন পঢ়ি। আত্মজীৱনীখন গতানুগতিক আত্মজীৱনী নহয়। নিজস্ব গল্প কোৱা ধৰণ আৰু লিখাৰ শৈলীৰে লুকঢাক নকৰাকৈ কৰা এক নিৰ্মোহ বিশ্লেষণ। লেখকে গ্ৰন্থখনৰ আগ-কথাত নিজেই স্বীকাৰ কৰিছে যে “বিক্ষিপ্ত আত্মজীৱনীখনৰ বিক্ষিপ্ততাৰ মাজতো যে এক পৰিকল্পিত শৃংখলা আছে তাক প্ৰথম দৃষ্টিত চকুত পৰাটো কঠিন। ইয়াৰ কাৰণ হ’ল, আত্মজীৱনী লিখে কেৱল তেনে এজন ব্যক্তিয়ে যিয়ে নিজকে জীৱনত আৰু সংসাৰত কৃতকাৰ্য আৰু সফল ব্যক্তিৰূপে গণ্য কৰে…….।”  শৈশৱৰ এছোৱা কলিকতাত, এবছৰ শ্বিলঙত, স্নাতকলৈকে গুৱাহাটীত, বেনাৰছত স্নাতকোত্তৰ (এমএচচি) শিক্ষা গ্ৰহণ কৰা ড ডেকাই ৰাচিয়াৰ Leningrad Mining Institute-ৰ পৰা PhD উপাধি লয়। আত্মজীৱনীখনত সেই কালৰ এছোৱাৰ সৰস বিবৰণী আছে। ঘৰৰ পৰা পোৱা অৱহেলা আৰু শিক্ষাৰ কিছু পৰিৱেশে ড ডেকাক জেদী, আত্মাভিমানী আৰু বেপেৰুৱা কৰি তুলিছিল। তেখেতে পৰিয়ালৰ ভিতৰুৱা ভালেমান কথা উল্লেখ কৰিছে। ন্যায়াধীশৰ ঘৰ হ’লেও তেখেতৰ ঘৰৰ অৱস্থা অইনে ভবাৰ দৰে আৰ্থিকভাৱে স্বচ্ছল নাছিল। তেখেতে এই সম্পৰ্কে কেবাঠাইতো বৰ্ণনা কৰিছে। তেখেতৰ মতে পৰিয়ালৰ আৰ্থিক পটভূমি নাজানিলে ব্যক্তিৰ মানসিকতাও বুজা টান।

শ্বিলঙত থকা সময়ৰ এটা আমোদজনক অভিজ্ঞতাৰ তেখেতে চাক্ষুস বৰ্ণনা দিছে এনেদৰে, “অসমীয়া সমাজত ‘বাগ্মীবৰ’ খিতাপ অৰ্জন কৰিবলৈ কেনে উৎসাহৰ প্ৰয়োজন তাকো শ্বিলঙৰ সভাতে চাক্ষুস দৰ্শন হ’ল। জয়মতী উৎসৱ নে তেনেধৰণৰ এখন সভাত, যিখন লাবানৰ ‘অসম ক্লাবত (?) পতা হৈছিল আৰু পিতৃ প্রয়াত হলীৰাম ডেকা সভাখনৰ সভাপতি আছিল, তাতে আৰু আন কেজনমান বক্তাৰ লগত ‘বাগ্মীবৰ‌’ নীলমণি ফুকনো বক্তা আছিল……. সভাৰ কাম সুকলমে চলি আছিল যেতিয়ালৈকে ‘বাগ্মীবৰ’ নীলমণি ফুকন মাইকৰ আগত থিয় দিয়া নাছিল। বাগ্মীবৰে এবাৰ যে আৰম্ভ কৰিলে, মাইক নেৰা হ’ল। শ্ৰোতাসৱে, সভাপতিয়ে বাৰে বাৰে ঘড়ী চায়। আন নিৰ্দিষ্ট বক্তাসকলে উচপিচনি লগালে, তেখেতসকলৰো ৰাইজক দুটা কথা কোৱা মৰা পৰে বুলি। বাগ্মীবৰক বাৰম্বাৰ কৰা অনুৰোধ, ‘আৰু মাত্ৰ দুটামান কথা কম’ বুলি উত্তৰ দি বাগ্মীবৰৰ বক্তৃতাৰ স্ৰোত চলি থাকিল। অৱশেষত, সভাপতিয়ে বাগ্মীবৰৰ পাঞ্জাৱীৰ আচলত ধৰি টনাতো সুফল নিদিয়াত, ক্লাবৰ সচিবে উঠি গৈ বক্তাৰ সন্মুখৰ পৰা মাইকটো আঁতৰাই নিলে, তথাপি বাগ্মীবৰ নিমাত নহয়। অৱশেষত বিনা-মাইকে বক্তৃতা নজমে বুলিয়েই হয়টো হঠাতে বক্তৃতা বন্ধ কৰি বহি পৰিল।”

মেট্ৰিক আৰু আই.এচ.চি পৰীক্ষাত ভাল ফলাফল লাভ নকৰিলেও ডডেকাই জেদত লাগি, ভালদৰে পঢ়াশুনা কৰি, স্নাতক অনাৰ্ছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম হ’ল। সেই সফলতাত সন্দেহ প্ৰকাশ কৰি বি.এচ.চি পৰীক্ষাৰ মাৰ্ক-শ্বীত চাবলৈ ড ডেকাৰ ঘৰৰ ওচৰৰ কটন কলেজৰ দুগৰাকী অধ্যাপক আহিল। মাৰ্ক-শ্বীত চাই এজনে হতাশ হৈ ক’লে, প্ৰেক্টিকেলত বেছি নম্বৰ পাই প্ৰথম হ’ল বুলি ভাবিছিলোঁ, কিন্ত থিয়ৰিতহে দেখোন নম্বৰ বেছি পাইছে। আনজনে শান্তনা লভিলে এই বুলি—ভূতত্ব বিষয়টো নতুন, অলপ বেছি বেছি নম্বৰ নিদিলে ল’ৰাই কিয় এই বিষয়টো পঢ়িব। ইৰ্ষা আৰু নিজৰ অসহায় অনুভুতিয়ে মানুহক ৰুঢ় কৰি তোলাৰ এটা উদাহৰণ।

ছোভিয়েট ৰাছিয়াৰ Leningrad Mining Institute-ত গৱেষণা কৰি PhD উপাধি লোৱা ড ডেকাই আত্মজীৱনীখনত ‘টাচখন্দ’ আৰু ‘লেনিনগ্ৰাডত অৱস্থান’ নামৰ দুটা শিতানত সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ আৰু বিশ্ব ৰাজনীতিৰ কিছু আভাস দিছে। ‘মোৰ বৈজ্ঞানিক গৱেষণাৰ ফল: জীৱনত’ নামৰ অধ্যায়ত লিখা কেইটামান কথাই আমাক আকৰ্ষিত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পণ্ডিত R.M. Garrels-এ Mineral Equilibrium নামৰ ভূ-ৰসায়নৰ এটি নতুন শাখাৰ প্ৰতিষ্ঠা কৰে, যাৰ দ্বাৰা গাণিতিক পদ্ধতিৰে মাণিকৰ ৰাসায়নিক পৰিৱৰ্তনৰ পথ আৰু ফল গণনা কৰি স্থিৰ কৰিব পাৰি। এই সম্পৰ্কত লৌহ মাণিকৰ কিছু সমস্যা সম্বন্ধে Sokolov উপাধিৰ মস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে USSR Academy of Science আলোচনীত প্ৰকাশ কৰা এটা প্ৰবন্ধত কেইটামান গুৰুত্বপূৰ্ণ আসোঁৱাহ দেখা পোৱাৰ বাবে ব্যক্তিগতভাৱে তেখেতক লগ ধৰি তেখেতৰ গণনা পদ্ধতিৰ আসোঁৱাহ কেইটামানলৈ আঙুলিয়াই দিয়াত অধ্যাপক গৰাকীয়ে ড ডেকাক ধন্যবাদ জনাইছিল। সেইকালত, ছোভিয়েট বিজ্ঞানীৰ সৰহভাগেই উদাৰ চৰিত্ৰৰ আছিল। ভাৰতবৰ্ষত আন এটা শিক্ষানুষ্ঠানৰ গৱেষক ছাত্ৰই আন অনুষ্ঠানৰ অধ্যাপকৰ কথাই নাই, নিজৰ বিভাগত তেনে প্ৰশ্ন তুলিলে, “মনে মনে বহি থাক” আদেশ পালেহেতেন। ছোভিয়েট বিজ্ঞানীয়ে নিজে নাজানিলে, ‘নাজানো’ বুলি ক’বলৈ অসুবিধা নাপাইছিল, আৰু কোনে সহায় কৰিব পাৰে জনোৱাই নহয়, হয় লগে লগে টেলিফোন কৰি দিছিল অথবা পৰিচয় পত্ৰ লিখি দিছিল। এনে সহযোগিতাৰ বাবেই ড ডেকাই গৱেষণাৰ তত্বাৱধায়কৰ চিঠি লৈ পৃথিৱী বিখ্যাত ভূতত্ববিদ, মস্কো বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ মুখ্য অধ্যাপক, USSR Academy of Science-ৰ সদস্য Vladimir Smirnov-ক লগ ধৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ বিশেষজ্ঞ আৰু জাৰ্মানীৰ পণ্ডিতৰ লগত খকা-খুন্দা লগাৰ দুটামান সৰস ঘটনা লেখকে এই অধ্যায়ত উল্লেখ কৰিছে।

আত্মজীৱনীখনৰ ‘জিলিকিছে লুইতৰে পাৰ’ নামৰ অধ্যায়ত লেখকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰ চ’ৰাৰ কিছু ক’লা-অধ্যায় উন্মোচিত কৰিছে। এয়া এখন উচ্চ মানৰ বিশ্ববিদ্যালয়ৰ অৱক্ষয়ৰ কৰুণ কাহিনী। বিত্তীয় কেলেংকাৰী, পৰীক্ষাৰ নম্বৰ বঢ়াই দিয়াৰ খেলিমেলি, নিযুক্তি আৰু প্ৰমোচনত স্বজন-তোষন ইত্যাদি, যিবোৰে পাঠকক গভীৰভাৱে ব্যথিত কৰে। নিজৰ position ধৰি ৰাখিবলৈ বেছিভাগেই আপোচ কৰিছে। ড ডেকাৰ ভূতত্ব বিভাগত নিযুক্তিৰ দিনৰ পৰাই অৱসৰৰ দিনলৈকে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত খকা-খুন্দা আৰু সংঘাত অব্যাহত থাকিল। তেখেত সাহসী আৰু আপোচবিহীন। বিশ্ববিদ্যালয়খনৰ অধোগতিত তেখেতে গভীৰ বেদনা অনুভৱ কৰিছে। এই সম্পৰ্কে তেখেতে লিখিছে, “I have written this chapter in sorrow and bitterness!” “জীৱনে মোক কি শিকালে” নামৰ অধ্যায়ত ড ডেকাই জীৱনৰ সফলতাই কি শিকালে, বিফলতাই কি শিকালে, পিতৃৰ পৰা কি শিকিলে, মাতৃৰ পৰা কি শিকিলে বিশ্লেষণ কৰিছে। এজন সাধাৰণ পাঠক হিচাপে এই বিশ্লেষণৰ পৰা লেখকক বুজি পোৱাত সহায় হৈছে। ‘জীৱনৰ অধোবিন্দু’ অধ্যায়ত ড ডেকাই উল্লেখ কৰিছে, “মোৰ জীৱনৰ অধোবিন্দুসৱে, মনত যিমানেই কষ্টৰ সৃষ্টি নকৰক কিয়, মোৰ এটা মনোভাৱৰ সৃষ্টি কৰিছে যি আন সকলো গল্পকাৰতকৈ পৃথক। ….‌….মই সৰুৰে পৰা আকোঁৰগোজ আৰু অকৰামৈত উঠা চৰিত্ৰৰ। জীৱনৰ অধোবিন্দুবোৰে মোক – I don’t give a – damn চৰিত্ৰৰ কৰি তুলিলে।”

‘মোৰ যৌন অন্বেষণৰ কাহিনী’ নামৰ অধ্যায়টি প্ৰধানকৈ যৌন-মনস্তাত্ত্বিক বিশ্লেষণ। কিছু কথা জীৱবিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও চাবলৈ চেষ্টা কৰা হৈছে। লেখকে কৈছে যে ই এক যৌন অন্বেষণৰহে কাহিনী, প্ৰাপ্তিৰ কাহিনী নহয়। ইয়াত কৌতুহলৰ উদ্ৰেক হ’ব, কিন্ত নিৰসন নহয়। লেখকে কিছু কথা খোলা-মেলাকৈ উপস্থাপন কৰিছে। ‘মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চৰ্চা’ অধ্যায়ত লেখকে ৰাজনীতি সম্বন্ধে মত প্ৰকাশ কৰিছে এনেদৰে- চিনাকি, বন্ধুত্ব এক মুৰ্হূতত সমস্ত উৰি যায় ৰাজনৈতিক প্ৰয়োজনত। নিজৰ ফালে টানি নিব নোৱাৰিলে যিমান পৰা যায় বদনামৰ সৃষ্টি কৰিব লাগে, লাগে লাভ হওক বা নহওক। এটা ঘটনাৰ উদ্ধৃতি দি কথাখিনি তেখেতে ব্যাখ্যা কৰিছে।

ডেকাই অধ্যাপকৰূপে পৈণত বয়সত সাহিত্য-কৰ্মৰ আৰম্ভণি কৰিছিল ভূতত্ব বিভাগৰ ছাত্ৰৰ বাবে এখন নাটক লিখি। নাটকখন আৱাহন আলোচনীত প্ৰকাশ হৈছিল আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা দেওবাৰে প্ৰচাৰো হৈছিল। পাণবজাৰৰ লয়াৰ্ছ বুক ষ্টলৰ খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাৰ লগত তেখেতৰ বন্ধুত্ব সূত্ৰে মাজে মাজে লয়াৰ্ছ বুক ষ্টলত আড্ডা দিবলৈ গৈছিল। তেনেকুৱা আড্ডাতে খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাৰ লগত হোৱা জেদৰ ফলত দুই মাহতে লিখি উলিয়াইছিল ৰহস্য উপন্যাস, “আৰু এটা অমীমাংসিত হত্যা”। গ্ৰন্থখন দুহাজাৰ কপী বিক্ৰী হৈছিল আৰু তেখেতে মাননী হিচাপে পাইছিল আঠশ টকা। সেইকালৰ ডেৰমাহৰ দৰমহা।

আত্মজীৱনীখনৰ “বিবিধ” নামৰ অধ্যায়টোত লেখকে বহুতো আমোদজনক কথাৰ সম্ভেদ দিছে— টকাৰ গাদী, আচল হীৰা-নকল হীৰা, টকা নকৰাটো বৰ টান কাম, ৰত্ন ব্যৱসায়, পোখৰাজৰ ৰং পৰিৱৰ্তনৰ ব্যৱসায়, ছয়ত্ৰিশ কোটি টকাৰ ভেলেকি, কঙালী ভোজন, বিশ্ব শক্তি, বাটি ক্ৰয়ৰ পৰিকল্পনা, পৰিয়ালৰ পোহনীয়া জন্তু, মই কিয় উকীল নহলোঁ, গুৱাহাটী হাইকৰ্ট, মুখ্য ন্যায়াধীশৰ নিযুক্তি, ইত্যাদি ইত্যাদি। পাঠকে পঢ়ি আমোদ পাব। হাতৰ আঙুলিত পৰিধান কৰা ‘পাথৰ’সমূহ আৰু ইয়াৰ বজাৰ সম্পৰ্কেও কিছু আমোদজনক কথা আছে। মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমান্তৱৰ্তী চহৰ মোৰেত (Moreh) কিয় Smuggling Centre গঢ় হৈ উঠিল তাৰ কাৰণো ব্যাখ্যা কৰিছে। মণিপুৰ চৰকাৰৰ কাৰিকৰী উপদেষ্টা হিচাপে কিছুদিন কাম কৰা ড ডেকাই মণিপুৰৰ উচ্চ দুৰ্নীতিৰ অভিজ্ঞতাও বৰ্ণনা কৰিছে।

আত্মজীৱনীখনৰ ‘সময় বালিত খোজ’ নামৰ চূড়ান্ত অধ্যায়ত লেখকে উল্লেখ কৰিছে যে সময় বালিত স্থায়ী খোজৰ চিহ্ন কোনো মহাপুৰুষৰো নাথাকে। মিথ্যা-সত্য সকলো চাপেই সময়ে বালিৰপৰা ধুই লৈ যায়। কেৱল নিজে বিশ্বাস কৰিব খোজা কথাবোৰহে জনমানসত ৰৈ যায়। তেখেতৰ মতে “মানসিক ভিন্নতা ৰখা ব্যক্তিক ভাৰতীয় সমাজে ‘ঋষি’ বুলি স্বীকাৰ কৰিলেও ‘পণ্ডিত’ বুলি মানিবলৈ মান্তি নহয়। সেয়েহে নিজৰ জীৱনৰ সন্ধিয়া বেলাত কেৱল এটা বাক্যৰ পৰাই শান্তনা লভাটো সম্ভৱ—গতস্য শোচনা নাস্তি!!” তেখেতৰ আত্মজীৱনীখনৰ সম্পৰ্কত নিজেই মন্তব্য কৰিছে—এই গ্ৰন্থ কোনো মহাপুৰুষৰ জীৱনী নহয়, আৰু নৈতিকতাৰ পাঠ্যপুস্তকো নহয়, কেৱল এটা অনুভূতি দিব পাৰি যে গ্ৰন্থত বৰ্ণিত প্ৰতিটো ঘটনাই সত্য। এই কথা তেখেতে কেবাবাৰো উল্লেখ কৰিছে। পাঠকৰ চিন্তা-চৰ্চাক পুনৰ ভাবিবলৈ আৰু পুনৰীক্ষণ কৰিব পৰাটোৱেই হ’ল ‘সোণৰ চামুচ মুখত লৈ’ নামৰ আত্মজীৱনীখনৰখনৰ সাৰ্থকতা। আত্মজীৱনীখনত কিছু কিছু কথা পুনৰাবৃত্তি হৈছে, পাঠকসকলে এই কথাটো মাজে মাজে উপলব্ধি কৰিব। আত্মজীৱনীখনৰ মাজত আত্মাভিমানী, সৎ, জেদী, গল্পকাৰ, আপোচবিহীন, সাহসী ড ডেকাক পাঠকে বিচাৰি পাব।

ডেকাৰ দুখন গল্প সংকলন ‘বেওৱাৰিছ লাছ আৰু অন্য গল্প’ আৰু ‘বিহুৱতী চৰাই আৰু অন্য গল্প’ৰ সকলো গল্প পঢ়িছোঁ। ‘বেওৱাৰিছ লাছ আৰু অন্য গল্প’ নামৰ গল্প সংকলনখনৰ পাতনিত ড ডেকাই লিখিছে, “অত বছৰে অসমীয়া ভাষাত গল্প লিখিও এটা কথা বুজি নাপালো—সম্পাদক-প্ৰকাশকে গল্প লিখকৰ গল্প লিখিব, প্ৰকাশ কৰিবৰ ইচ্ছা, সন্তান প্ৰসৱ অথবা শৌচালয়লৈ যোৱাৰ অদম্য ইচ্ছাৰ দৰে জৈৱিক চাপ বুলি ধৰি লয় নেকি?” গ্ৰন্থখনৰ ‘নিলিখা গল্প’ নামৰ গল্পটোৰ এঠাইত তেখেতে ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে, “পাঠক-লিখকৰ মাজৰ অভিজ্ঞতাৰ সাধাৰণ সূতাডাল ক’ত? ‘চাজিনা বেগম’-ক (‘বেওৱাৰিছ লাছ’ গল্পৰ নায়িকা) অসমৰ কেইজন পাঠকে ব্যক্তিগতভাৱে লগ পাইছে? ‘আধা পাঁইট’ ফুলি খাই, ৰিক্সাত উঠি বজাৰৰ ‘বেয়া’ অংশটোৰে এপাক মাৰি আহি নৰকৰ বৰ্ণনা লিখে। গুৱাহাটীৰ তিনি নম্বৰ গে’ট, মালিগাৱঁত। ‘বৈহতা’ গল্পৰ টাঙোনেৰে কোব মাৰি পচা কোমোৰাৰ দৰে মূৰ ফালি দিয়া কেইজন অসমীয়া লেখকে দেখিছে নিজ চকুৰে? মই দেখিছো হিন্দু-মুছলমানৰ যুদ্ধৰ সময়ত। কোবাই মাৰা দেখিছোঁ, হানি-খুঁচি মাৰা দেখিছোঁ, গুলিয়াই মানুহ মাৰা দেখিছোঁ। মই হেমিংওৱে নহয়, ষ্টেইনবেকৰ লগত ফেৰ মাৰিবও নোৱাৰো অভিজ্ঞতাত। মই ছাত্ৰক Mining পঢ়াব লাগিছিল। কুৰি টনৰ ট্ৰাকো নেদেখা ছাত্ৰক কেনেকৈ ‘ড্ৰেজাৰ ক্ৰেইন’ পঢ়াম যি ক্ৰেনে এটা এটা হেঁচোকত এশ টন মাল তোলে খনিৰ পৰা। মোৰ কলমৰ জোৰ নাই, নহ’লে ‘বেওৱাৰিছ লাছ’ ধৰ্ষকাম মৰ্ষকাম বুলি সমালোচনা নকৰিলে হয় এগৰাকী অসমীয়া সমালোচকে। মোৰ ‘ৰাজনীতি’ গল্পটো ‘হাস্যকৰ’ গল্পৰ শাৰীত থৈছে অসমীয়া সমালোচকে, পাঠকে। মই tragedy ফালিছো- পাঠকৰ বাবে হাস্যকৰ! Bloody shit! আমাৰ অসমীয়া গল্প এতিয়াও গেলা পুখুৰীত বৰশী টোপায়। সাগৰত হাংগৰ ধৰি পোৱা নাই।” ড ডেকাই নিজেই কৈছে যে তেখেতৰ দুটামান গল্পত ৰাছিয়ান গল্প লিখক নিক’লাই গগল আৰু বঙালী লেখক তাৰাশঙ্কৰৰ প্ৰভাৱ পৰিছে। ড ডেকাৰ মতে তেখেতৰ গল্প লিখাত প্ৰধান অসুবিধা হ’ল অসমীয়া ভাষা। কাৰণ ভাষা যদি ভাবৰ বাহন, তেখেতৰ দ্বাৰা সবাতোকৈ নিয়ন্ত্ৰণসাধ্য বাহন হ’ল ইংৰাজী ভাষা। সৰুতে কলিকতাত পঢ়িছিল বঙালী ভাষাত, ঘৰত পত্নীৰ লগত কথা পাতে ৰাছিয়ান ভাষাত, নাতি আৰু পুত্ৰৰ লগত ইংৰাজী ভাষাত। গাজা গল্প মাৰে হিন্দী ভাষাত। কেৱল তেখেতৰ কন্যাইহে তেখেতৰ লগত অসমীয়া ভাষাত কথা পাতে (‘বেওৱাৰিছ লাছ আৰু অন্য গল্প’ৰ পাতনি)।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে ড ডেকাক “আপুনি কিয় চুটিগল্প লিখিবলৈ ললে?” বুলি সোধা প্ৰশ্নৰ উত্তৰ আছিল কিঞ্চিৎ উপহাস আৰু কিঞ্চিত সত্যৰ, “গল্প লিখাৰ কাৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দীৰ্ঘকাল মোক চাকৰিৰ পদোন্নতি দিয়া নাছিল।” গল্পকাৰৰূপে ড ডেকাই গৰ্ব কৰিব পৰা এটা কথা আত্মজীৱনীখনত উল্লেখ কৰিছে—ড শৈলেন ভৰালী সম্পাদিত, ‘চন্দ্ৰ প্ৰকাশ’ প্ৰকাশিত ‘শ্ৰেষ্ঠ অসমীয়া চুটি গল্প সংকলনত তেখেতৰ পিতৃ প্রয়াত হলীৰাম ডেকাৰ ‘ভৱিষ্যত’ নামৰ চুটি গল্পটোৰ লগতে তেখেতৰ দ্বাৰা ৰচিত ‘বেওৱাৰিছ লাছ’ গল্পটোও ঠাই পাইছে। তেখেতৰ গল্প কোৱাৰ শৈলী আৰু আত্মজীৱনীখনৰ কথাৰ মিল পাঠকে বিচাৰি পাব। তেখেতৰ গল্পসমূহৰ পটভূমি বাস্তৱ জীৱনৰ পৰাই আহৰণ কৰিছে। ‘বেওৱাৰিছ লাছ’, ‘বৈহতা’, ‘পোহা বাঘ’, ‘ভদ্ৰলোক’, ‘মোৰে চহৰ’, ‘ৰিলিফ’,’  বালিত খোজ’, ‘দে, দে ৰাম, দিলাদে ৰাম’, ‘এজাক এলেহুৱা কাউৰীৰ সাধু’, ‘বিহুৱতী চৰাই’, ‘কৰুণা’ ‘সমাধি ভূমি’, ‘গুৰুদক্ষিণা’ আদি গল্পসমূহ সেইবাবেই সুখপাঠ্য। ‘গুৰুদক্ষিণা’ নামৰ গল্পটোত ৰে’লত জোতা পালিচ কৰি জীৱন নিৰ্বাহ কৰা ল’ৰাজনৰ আত্মসন্মানৰ প্ৰাবল্য দেখি তেখেত স্তম্ভিত হৈছে। তেখেতৰ মতে এই পৃথিৱীৰ বৰ কম মানুহৰহে এনে তীব্ৰ আত্মসন্মান আছে বা ৰাখে।

‘বিহুৱতী চৰাই আৰু অন্য গল্প’ নামৰ গ্ৰন্থখনৰ পাতনিত তেখেতে উল্লেখ কৰিছে যে তেখেতে এখন ‘বিক্ষিপ্ত আত্মজীৱনী’ লিখি আছে। যদি সেইখন কোনোবা দিনা সমাপ্ত হয়, পাঠকে জানিব, গল্প লিখনক প্ৰণৱজ্যোতি ডেকাই কোনো দিনে জীৱনত বিশেষ গুৰুত্ব দি পোৱা নাছিল। তেখেতে কোৱা মতে গল্প লিখনত গুৰুত্ব নিদিলেও কিন্তু অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত বিষয়বস্তুৰ অভিনৱত্ব আৰু সুকীয়া প্ৰকাশশৈলীৰ বাবে তেখেত সদায়েই পাঠকৰ হৃদয়ত থাকিব। ড প্ৰণৱজ্যোতি ডেকাৰ স্থান কোনেও পূৰণ কৰিব নোৱাৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *