কেন্দ্ৰীয় নিবন্ধ

গৌতম বুদ্ধ আৰু তেওঁৰ দৰ্শন তত্ত্ব – (খগেশ সেন ডেকা)

ঐতিহাসিক পটভূমি

দৰ্শন অকল মনোজাগতিক বিষয় নহয়৷ ইয়াৰ সৈতে সমাজৰ নিগূঢ় সম্পৰ্ক বিদ্যমান৷ বিশেষ সংঘাতপূৰ্ণ সামাজিক পৰিস্থিতি অবিহনে আজিকোপতি কোনো দাৰ্শনিক চিন্তাৰ উন্মেষ ঘটা নাই৷ বিশ্বৰ প্ৰথমগৰাকী বিপ্লৱী মনীষা গৌতম বুদ্ধৰ মতবাদো ইয়াৰ ব্যতিক্ৰম নহয়৷ ৰাজপদৰ লালসা ভৰিৰে ঠেলি থৈ মানৱ-জীৱনত অহৰহ সংঘটিত দুখৰ ঢৌ-ধুমুহাৰ উৎস বিচাৰিবলৈ গৈ বুদ্ধদেৱে বিশ্বৰ সকলো কথাই পৰিৱৰ্তনশীল বুলি ঘোষণা কৰি “প্ৰতীত্য সমুৎপাদ” বা “ক্ষণিকবাদ” নামৰ যি মৌলিক তথা যুগান্তকাৰী দৰ্শন-তত্ত্ব আৱিষ্কাৰ কৰিছিল, তাৰ গুৰিতেও আছিল তৎকালীন ভাৰতবৰ্ষৰ আৰ্য জনগোষ্ঠীৰ এক সংঘাতপূৰ্ণ সময়ৰ দস্তাবেজ৷

ভাৰতীয় আৰ্য-সমাজ খাদ্য সংগ্ৰহকাৰী স্তৰৰ পৰা খাদ্য উৎপাদনকাৰী বা কৃষি-জীৱনলৈ উন্নীত হোৱাত সমাজত শ্ৰম-বিভাজন আৰু ব্যক্তিগত সম্পত্তিৰ প্ৰৱণতা গা কৰি উঠে৷ সমাজত চতুৰ্বৰ্ণৰ সৃষ্টি এনে প্ৰৱণতাৰে পৰিণতি৷ বিভিন্ন পৰিস্থিতিয়ে আনি দিয়া সুযোগ গ্ৰহণ কৰি যথা সময়ত চাৰি বৰ্ণৰ ভিতৰত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকল তৎকালীনভাৱে যথেষ্ট শক্তিশালী হৈ উঠে৷

বুদ্ধদেৱৰ সময়ত উত্তৰ-পূব ভাৰতত মগধ আৰু কোশল ৰাজ্যৰ উত্থানে জনজাতীয় (Tribal) আৰ্হিৰ সমাজ-ব্যৱস্থা ভাঙি-ছিঙি সেই সমাজত বৰ্তি থকা স্বাধীনতা, সমতা আদি প্ৰমূল্যসমূহ প্ৰায় নাইকিয়া কৰি পেলায়৷ ফলত সাধাৰণ মানুহৰ জীৱন-জীৱিকাত অনিশ্চয়তাই দেখা দিয়ে৷ এই দুখন শক্তিশালী ৰাষ্ট্ৰৰ পাৰ্শ্বৱৰ্তী শাক্য, মল্ল আদি ৰাজ্যত তেতিয়াও জনজাতীয় সমাজৰ সৰলতা, স্বাধীনতা আৰু গণবন্ধন অটুট আছিল৷ গৌতম বুদ্ধ আছিল শাক্য বংশৰ ৰাজপুত্ৰ৷ সেই সময়ত জনজাতীয় জীৱনৰ সাৰ্থকতা লাহে লাহে নোহোৱা হৈ আহিছিল৷ কিন্তু তেনে সমাজৰ প্ৰতি ৰাজপুত্ৰ সিদ্ধাৰ্থই বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল৷ শক্তিশালী ৰাষ্ট্ৰ ব্যৱস্থাই জাপি দিয়া দাস প্ৰথা, পৰাধীনতা, দাৰিদ্ৰ্য, উৎপীড়ন আৰু লুণ্ঠন-ৰাজে মানুহৰ জীৱনলৈ যি দুখ কঢ়িয়াই আনিছিল, সিয়েই বুদ্ধক দুঃখ-সত্য অনুধাৱনৰ জৰিয়তে জীৱন আৰু জগত সম্বন্ধে এক নতুন দৃষ্টিভংগীৰ পোষকতা কৰিবলৈ বাধ্য কৰিছিল৷

কোৱা বাহুল্য যে বৌদ্ধ মতবাদ তৎকালীন ভাৰতবৰ্ষত প্ৰচলিত অন্যান্য মতৰ তুলনাত অধিক সক্ৰিয় তথা সমাজ-সচেতন৷ এই ধৰ্মত ঈশ্বৰৰ স্থান নাই৷ পূজা-পাতল আদিত এই ধৰ্মই সমূলি আস্থা প্ৰকাশ কৰা নাই৷ বেদৰ কঠোৰ সমালোচক তথা নিৰীশ্বৰবাদী বুদ্ধৰ দ্বাৰা প্ৰচাৰিত সত্যক বুজাবলৈহে ‘ধৰ্ম’ শব্দটো এই পন্থাৰ লোকসকলে ব্যৱহাৰ কৰিছিল৷ বৈদিক ‘ধৰ্ম’ আছিল যাগ-যজ্ঞ, পূজা-পাতল আদি জটিল আৰু খৰচী অনুষ্ঠানৰ দ্বাৰা পৰিসীমিত৷ আনহাতে, বৌদ্ধমতৰ ভিত্তি হ’ল নৈতিক পৰম্পৰা— যাক জাতি, বৰ্ণ নিৰ্বিশেষে সকলোৱে গ্ৰহণ কৰিব পাৰিছিল৷ বেদৰ পাৰলৌকিক সুখ অথবা স্বৰ্গপ্ৰাপ্তিৰ অলৌকিক ধাৰণাৰ পৰিৱৰ্তে ইহলোকত সজ কৰ্ম তথা সজ আচৰণৰ জৰিয়তে জন্মজনিত সমস্ত দুখৰ ওৰ পেলোৱাৰ বাস্তৱ চিন্তাই সেই সময়ৰ সাধাৰণ মানুহক বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল৷ এনে চিন্তাই সমাজত এক নতুন বুনিয়াদ সৃষ্টিৰ পথ সুগম কৰি তুলিছিল৷ বৌদ্ধ সংঘবোৰ জনজাতীয় সভাৰ আৰ্হিৰে গঠিত হৈছিল যদিও, বৌদ্ধ মত আছিল জনজাতি, জাত আৰু পন্থা আদিৰ ঊৰ্ধত থকা বিশেষ সমাজ-ব্যৱস্থাৰ উপযোগী৷ ইপিনে কৃষিৰ পৰা আহৰিত উদ্বৃত্ত মূল্যৰ বিনিয়োগ আৰু কুটীৰ শিল্পৰ অভূতপূৰ্ব বিকাশে নতুনকৈ এটা বণিক শ্ৰেণীৰ সৃষ্টিত অৰিহণা যোগাইছিল৷ বৌদ্ধধৰ্মৰ অহিংসাৰ বাণী আৰু জাতিভেদহীনতাই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ পাৰস্পৰিক সংঘাত দূৰ কৰি এক বৃহৎ সাম্ৰাজ্য ৰচনাত সহায় কৰাত তৎকালীনভাৱে বাণিজ্যৰ অবাধ বিস্তাৰ ঘটিছিল৷ তাৰ ফলত নতুনকৈ বিকশিত বণিক বা বৈশ্য শ্ৰেণীটোৰ প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিছিল৷ গৌতম বুদ্ধ বৈদিক পৰম্পৰাৰ ইমানেই বিৰোধী আছিল যে দুগৰাকী ব্ৰাহ্মণ শিষ্যই তেওঁৰ বাণীসমূহ সংস্কৃতত লিপিবদ্ধ কৰিব খোজাত তেওঁ তাক পোনচাটে নাকচ কৰি “সকায় নিৰুত্তিয়া”, অৰ্থাৎ সাধাৰণ মানুহৰ মুখৰ ভাষাতহে সেইবোৰ সংকলন কৰিবলৈ নিৰ্দেশ দিছিল৷ পৰৱৰ্তী কালত সেই ভাষা পালি ভাষাৰূপে জনাজাত হয়৷

নক’লেও চলে, ভাৰতবৰ্ষত তৎকালীনভাৱে শোষিত আৰু নিষ্পেষিত জনসাধাৰণক ধৰ্মীয় প্ৰৱঞ্চনাৰ পৰা মুক্ত কৰিবলৈ পৰলোক, স্বৰ্গ আদি বিশ্বাসৰ পৰিৱৰ্তে ইহ জীৱন তথা বাস্তৱ জগতৰ সৈতে সম্পৰ্কান্বিত এক বিশেষ দৃষ্টিভংগীৰ একান্ত আৱশ্যক হৈছিল ৷ বৌদ্ধ দৰ্শনে সময়ৰ সেই দাবীকে পূৰণ কৰিছিল৷ ইয়াৰ ফলত সমস্ত বৈদিক ধ্যান-ধাৰণাৰ ভেঁটি যে থৰক-বৰক হৈ পৰিছিল তাত সন্দেহৰ অৱকাশ নাই৷ কিন্তু ধূৰ্ত প্ৰভুবৃন্দই বুদ্ধৰ মতৰ মাজতেই বিচাৰি উলিয়াইছিল আপোচৰ সূত্ৰ৷ প্ৰথমাৱস্থাত বুদ্ধৰ ‘প্ৰতীত্য সমুৎপাদ’ তত্ত্বই তৎকালীন শাসকবৰ্গক কিছু সন্ত্ৰস্ত কৰি তুলিলেও কৰ্ম-তত্ত্বই তেওঁলোকক নতুন কৌশল অৱলম্বনৰ সুযোগ প্ৰদান কৰে৷ পৰৱৰ্তী কালত বিশেষকৈ মৌৰ্য সম্ৰাট অশোকৰ ৰাজত্ব কালত এই ধৰ্ম ৰাজ-ধৰ্মলৈ পৰ্যবসিত হয়৷ ফলত প্ৰবল প্ৰতাপী ৰজা, মহাৰজা, বৃহৎ বৃহৎ সদাগৰ আদিয়ে এই মতত দীক্ষিত হৈ সৰ্বসাধাৰণৰ ওপৰত নতুনকৈ শাসন-শোষণ অব্যাহত ৰখাৰ পথ মুকলি কৰি লয়৷

বৌদ্ধ দৰ্শনত সমাজৰ পৰা দাৰিদ্ৰ্য, দাস-প্ৰথা আৰু জাতিভেদ নিৰ্মূল কৰাৰ কোনো বিশেষ তথা কঠোৰ কৰ্ম-সূচী পোৱা নাযায়৷ ঈশ্বৰৰ অস্তিত্ব সম্বন্ধেও বুদ্ধই কোনো স্পষ্ট অভিমত দি থৈ যোৱা নাই৷ ঈশ্বৰ সম্পৰ্কীয় প্ৰশ্নত তেওঁ সদায় মৌন আছিল৷ তাৰ সলনি তেওঁ সকলোকে “অনুত্তৰ সংগ্ৰাম বিজয়ী” হোৱাৰ উপদেশ দিছিল৷ অহিংসা, শীল-সদাচাৰৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ মানুহক একত্ৰিত কৰিবলৈ তেওঁ যি মধ্যম পন্থা অৱলম্বন কৰিছিল, তাৰ মাজতে নিহিত হৈ আছিল এই মতবাদৰ উৎখাতৰ বীজ৷ পৰিশেষত মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত পৰৱৰ্তী গুপ্ত যুগত বৈদিক ধৰ্মৰ সৰলীকৰণৰ জৰিয়তে ব্ৰাহ্মণ্যবাদী চিন্তা পুনৰ প্ৰতিষ্ঠিত হোৱাত ভাৰতবৰ্ষত বৌদ্ধধৰ্ম কেতবোৰ তান্ত্ৰিক মতবাদত পৰিণত হয়৷ এইখিনিতে এটা কথা উল্লেখ কৰা সমীচীন হ’ব যে বৌদ্ধমতৰ বিচাৰ-বিশ্লেষণ সমকালীন সমাজৰ প্ৰেক্ষাপটতহে কৰা প্ৰয়োজন৷ আধুনিক ৰাজনীতিৰ বহু চৰ্চিত গণতন্ত্ৰ আৰু সাম্যবাদী ধ্যান-ধাৰণাৰে মূল্যায়ন কৰিবলৈ গ’লে পদে পদে প্ৰমাদ ঘটাৰ সম্ভাৱনা থাকিব৷ বুদ্ধই কোৱা সমাজখন হ’ল পুৰণি জনজাতীয় আৰ্হিৰ আদিম সাম্যবাদী সমাজ৷ আদিম সাম্যবাদ আৰু আধুনিক সাম্যবাদক একাকাৰ কৰা অনুচিত৷ কৰিলে কাল-বিৰোধ দোষ ঘটিব৷

বুদ্ধৰ চমু জীৱন-পঞ্জী

বুদ্ধৰ পিতৃপ্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ৷ তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৫৬৩ শতাব্দীৰ আশে-পাশে৷ তেওঁৰ পিতৃ শুদ্ধোধন আছিল শাক্যসকলৰ মহানায়ক৷ মাতৃৰ নাম মায়াদেৱী৷ মায়াদেৱী পিতৃগৃহলৈ যোৱাৰ পথত, কপিলাবস্তুৰ পৰা নাতিদূৰৈত, লুম্বিনী নামৰ শালবনত সিদ্ধাৰ্থৰ জন্ম হয়৷ জন্মৰ ঠিক সাত দিনৰ পাছত সিদ্ধাৰ্থই মাকক হেৰুৱায়৷ মায়াদেৱীৰ অকাল বিয়োগত মাউৰা সিদ্ধাৰ্থৰ লালন-পালনৰ ভাৰ মাহীয়েক তথা বিমাতা প্ৰজাপতি গৌতমীৰ ওপৰত ন্যস্ত হয়৷ সেইবাবে সময়ত তেওঁ গৌতম নামেৰেও পৰিচিত হয়৷ উল্লেখনীয় যে বুদ্ধৰ জন্মস্থান লুম্বিনীত (এতিয়াৰ নেপালৰ ৰুম্মিনদেই) মগধৰাজ অশোকে এটা স্তম্ভ নিৰ্মাণ কৰাইছিল৷ সেই স্তম্ভ আজিও বিদ্যমান৷

সৰুৰে পৰা সিদ্ধাৰ্থ আছিল অতিশয় ভাবুক প্ৰকৃতিৰ৷ ৰোগ, শোক, জৰা, মৃত্যু আদি মানৱ জীৱনৰ অপৰিহাৰ্য পৰিঘটনাই তেওঁক সৰ্বক্ষণে ব্যথিত কৰি ৰাখিছিল৷ পিতাকে পুত্ৰৰ এনে ভাবুক স্বভাৱলৈ লক্ষ্য কৰি ভোগ-বিলাসৰ বাবে ঋতুৰ উপযোগী তিনিটাকৈ অট্টালিকা নিৰ্মাণ কৰোৱাইছিল আৰু তাত নৰ্তকীসহ সকলো প্ৰকাৰৰ ভোগৰ সামগ্ৰীৰে সিদ্ধাৰ্থক পৰিৱেষ্টিত কৰি ৰখাৰ ব্যৱস্থা কৰিছিল৷ তেনে ব্যৱস্থায়ো সিদ্ধাৰ্থৰ স্বভাৱৰ কোনো পৰিৱৰ্তন সাধন নকৰাত মাত্ৰ ওঠৰ বছৰ বয়সত পিতাকে প্ৰতিৱেশী ৰাজ্য কোলীয় গণৰ সুন্দৰী কন্যা ভদ্ৰা কাপিলায়নী বা যশোধৰাৰ সৈতে সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন কৰোৱায়৷ কিন্তু সাংসাৰিক জীৱনৰ স্নেহবন্ধনেও সিদ্ধাৰ্থৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰ কৰিব নোৱাৰিলে৷

ইফালে ৰাজকুমাৰ সিদ্ধাৰ্থ ভোগ-বিলাসপৰায়ণ হৈ উঠা বুলি কপিলাবস্তুত এক গুজব ওলায় আৰু মানুহৰ মুখে মুখে এই কথা প্ৰচাৰিত হয় যে তেওঁ যুদ্ধবিদ্যাৰ বিষয়ে সমূলি অনভিজ্ঞ৷ ভৱিষ্যতে তেওঁ ৰাজ্য আৰু প্ৰজাগণক সুৰক্ষা দিব পৰাৰ কোনো সম্ভাৱনা নাই৷ এই কথা শুনি পিতৃৰ দ্বাৰা আয়োজিত এক সমৰ কৌশলৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ যে সকলো ধৰণৰ সমৰবিদ্যাত পাৰ্গত তাক প্ৰমাণ কৰে আৰু সকলোকে আশ্বস্ত আৰু মোহিত কৰে৷

এদিনৰ কথা৷ ৰাজকুমাৰ সিদ্ধাৰ্থই সাৰথি ছন্দকে চলোৱা ৰথত উঠি ওচৰৰ বাগিচা এখনলৈ ফুৰিবলৈ গৈছিল৷ বাগিচা পৰিভ্ৰমণৰ এই সময়ছোৱাতে নিজৰ জীৱনলৈ যে এক বিৰাট পৰিৱৰ্তন আহিব, সেই কথা সিদ্ধাৰ্থৰ সপোনৰো অগোচৰ আছিল৷ গৈ থাকোঁতে হঠাৎ তেওঁ এজন জৰাগ্ৰস্ত আলৰ বৃদ্ধক দেখা পালে৷ দন্তহীন খোলা মুখ৷ কুঁজা হৈ ভাঙি পৰা দেহেৰে তেওঁ লাহে লাহে কম্পিত খোজৰে আগ বাঢ়ি গৈ আছে৷ সিদ্ধাৰ্থই এনে চেহেৰা আগতে কেতিয়াও দেখা নাছিল৷ সাৰথি ছন্দকৰ পৰা তেওঁ জানিব পাৰিলে যে ইয়াৰ নাম বাৰ্ধক্য৷ আজি যিজন তৰুণ আৰু ৰূপৱান; কাইলৈ সিয়েই হ’ব পক্বকেশ, গাৰ ছাল সোঁতোৰা পৰা এক বৃদ্ধ৷ সময়ৰ গতিত সকলোৰে এদিন এনে অৱস্থা হ’বলৈ বাধ্য৷

ছন্দকৰ কথা শুনি সিদ্ধাৰ্থ স্তম্ভিত হ’ল৷ তেওঁ চকুৰ আগৰ জগত আৰু পৰিৱেশ তেনেহ’লে চিৰন্তন নহয় ! তেওঁৰ গাত যৌৱন চিৰকাল নাথাকিব ! এদিন ধূসৰ স্বপ্নৰ দৰে এই ৰঙীণ দিনবোৰ হেৰাই যাব ! জীৱনৰ এই কঠিন সত্য কেনে নিৰ্মম, কেনে নিষ্ঠুৰ ! গভীৰ চিন্তাক্লিষ্ট মন এটি লৈ তেওঁ ৰাজপ্ৰাসাদলৈ উভতি আহিল৷

ইয়াৰ পৰৱৰ্তী অন্য এটা দিনত আগৰ দৰে বাগিচা পৰিভ্ৰমণ কৰিবলৈ গৈ সিদ্ধাৰ্থই ৰোগত জৰ্জৰিত এক ব্যক্তিয়ে কাতৰ স্বৰে আৰ্তনাদ কৰি থকা দেখিবলৈ পালে৷ সিদ্ধাৰ্থৰ কোমল প্ৰাণে কান্দি উঠিল৷ জগতৰ সত্য যে ইমান ৰুঢ় আৰু নিষ্ঠুৰ, সেই কথা তেওঁৰ ধাৰণাৰ অতীত আছিল৷ এটি এটিকৈ বাস্তৱ জগতৰ নিৰ্মম সত্যবোৰ তেওঁৰ সন্মুখত উপস্থিত হ’ল৷ ইয়াৰ পাছৰ কোনোবা এটা দিনত বাগিচা ভ্ৰমণৰ সময়ত তেওঁ এটি মৃতদেহ দেখিবলৈ পালে৷ আন এটা দিনত তেওঁ দেখিলে এগৰাকী শান্ত চিত্ত, ধীৰ, স্থিৰ, ধ্যানমগ্ন সাধুক৷ এনেদৰে জগতৰ প্ৰকৃত সত্যবোৰে সিদ্ধাৰ্থৰ মনোজগতত গভীৰ চাপ বহুৱালে৷ ইয়াৰ মাজতে ৰাহুল নামৰ এটি পুত্ৰ সন্তানে সিদ্ধাৰ্থৰ পত্নী যশোধৰাৰ কোলা শুৱনি কৰিলেহি৷ তেতিয়া সিদ্ধাৰ্থৰ সমুখত এক উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি৷ অথচ তেওঁৰ মন বিষাদগ্ৰস্ত৷ পুত্ৰস্নেহৰ পাৰ্থিৱ মোহেও সিদ্ধাৰ্থৰ মানসিক জগতৰ কোনো পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলে৷

আচলতে সিদ্ধাৰ্থই যি মহাজীৱনৰ আহ্বান অন্তৰৰ গভীৰত অনুভৱ কৰিছিল, সেয়া ভোগসৰ্বস্ব জীৱনৰ পথ নাছিল৷ সেয়া আছিল ত্যাগৰ পথ৷ দৰাচলপক্ষে সিদ্ধাৰ্থক ত্যাগৰ পথেই হাত বাউল দি মাতিছিল, উদ্বুদ্ধ কৰিছিল৷ তেওঁ স্বাভাৱিকতে জিজ্ঞাসু হৈ উঠিছিল আৰু আন্তৰিকতাৰে জানিব বিচাৰিছিল, জীৱনৰ এই দুঃখময় বাস্তৱৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যাৱহাৰিক তথা যুক্তিসিদ্ধ কোনো উপায় আছে নে নাই ? তেওঁ এই কথা ভালদৰে বুজি পাইছিল যে, তেনে পথ যদি সঁচাকৈয়ে আছেও সুখ-সম্ভোগ, ঘৰ-সংসাৰৰ চাৰিবেৰৰ মাজত থাকি তাক পোৱা একোপধ্যেও সম্ভৱ নহ’ব৷ মনৰ অদম্য তাগিদাত তেওঁ সত্যক ব্যাৱহাৰিক ৰূপত প্ৰতিজন মানুহৰ ওচৰলৈ লৈ যোৱাৰ এক জগতব্যাপী প্ৰচেষ্টা আৰম্ভ কৰিলে৷ এনেদৰে ৰাজপুত্ৰ সিদ্ধাৰ্থ ক্ৰমাগতভাৱে এক নৱজীৱনৰ দিশ ধৰি আগুৱাই গ’ল৷

সংসাৰৰ স্নেহৰ প্ৰগাঢ় বন্ধন সিদ্ধাৰ্থৰ বাবে লাহে লাহে অসহ্যকৰ হৈ উঠিল৷ তেওঁ বৈষয়িক জীৱনৰ প্ৰতি এক তীব্ৰ বৈৰাগ্য আৰু সীমাহীন নিষ্পৃহতা অনুভৱ কৰিলে আৰু অন্তৰত সত্যান্বেষণৰ বাবে সাধনাৰ নতুন পথ বাছি লোৱাৰ ভীষণ আকুলতা অনুভৱ কৰিলে৷ মনে মনে তেওঁ গৃহত্যাগৰ সিদ্ধান্ত ল’লে আৰু তাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিলে৷

এদিনাখন দোভাগ ৰাতি সিদ্ধাৰ্থই ৰাজপ্ৰাসাদত বহি নৰ্তকী গাভৰুহঁতৰ নৃত্য-গীতৰ অনুষ্ঠান চাই আছিল৷ এটা সময়ত তেওঁ ক্লান্ত হৈ পৰিল৷ টোপনিয়ে তেওঁক হেঁচি ধৰিলে৷ এনেয়েও এইধৰণৰ জাগতিক উপভোগৰ কাম-কাজত পূৰ্বৰ দৰে তেওঁৰ ৰুচি নাছিল৷ সিদ্ধাৰ্থ ক্লান্ত দেহেৰে শুই পৰা দেখি নৰ্তকীহঁতে এটা সময়ত নাচ-গান বন্ধ কৰিলে আৰু তেওঁলোক প্ৰত্যেকে বিভিন্ন ঠাইত শুই পৰিল৷

তেতিয়া গভীৰ ৰাতি৷ হঠাৎ সিদ্ধাৰ্থৰ টোপনি ভাগিল৷ লাহে লাহে তেওঁ বিছনাৰ পৰা নামি অলপ আগুৱাই গ’ল৷ চকুত পৰিল, নাতি দূৰৈত নৰ্তকীহঁত বিভিন্ন ভংগী আৰু অসংলগ্ন অৱস্থাৰে গভীৰ টোপনিত লালকাল৷ কাৰোবাৰ নাক বাজিছে৷ কাৰোবাৰ মুখেৰে শ্লেষ্মা নিৰ্গত হৈছে৷ সিদ্ধাৰ্থৰ ভাব হ’ল, এই নিস্তব্ধ, অন্ধকাৰ, গভীৰ ৰাতি চাৰিওফালে যেন অসংখ্য মৃতদেহ পৰি আছে৷ সুৰম্য ৰাজপ্ৰাসাদটোৱে প্ৰেতপুৰীৰ দৰে যেন সিদ্ধাৰ্থক ভেঙুচালি কৰিবলৈ ল’লে৷ গোটেই সংসাৰখনেই যেন দুখৰ আবাস ভূমি, সিদ্ধাৰ্থৰ তেনে অনুভৱ হ’ল৷

ঘৰৰ পৰা বাহিৰ ওলাই সিদ্ধাৰ্থই “বাহিৰত কোন আছে ?” বুলি প্ৰশ্ন কৰাত বিশ্বস্ত সাৰথি ছন্দক ততালিকে তেওঁৰ সন্মুখত উপস্থিত হ’ল৷ ছন্দকৰ আগত সিদ্ধাৰ্থই নিজৰ অভিপ্ৰায় ব্যক্ত কৰিলে আৰু তেওঁৰ বাবে আস্তাৱলৰ পৰা এটি ভাল ঘোঁৰা আনিবলৈ ক’লে৷ ছন্দকে অশ্বশালাত সোমাই সমস্ত অশ্বকুলৰ মাজৰ পৰা বগা বৰণৰ, অসাধাৰণ তেজস্বী আৰু উন্নত জাতৰ ঘোঁৰা এটি লৈ আহিল৷ ঘোঁৰাটোৰ নাম আছিল কন্থক৷

গৃহত্যাগ কৰাৰ পূৰ্বে সিদ্ধাৰ্থই পত্নী আৰু শিশুপুত্ৰক এবাৰ চাই যোৱাৰ ইচ্ছাৰে অন্তেষপুৰত সোমাল৷ তেতিয়া ৰাহুলৰ বয়স মাত্ৰ এসপ্তাহ৷ এটা সৰু প্ৰদীপৰ ক্ষীণ পোহৰত তেওঁ দেখিলে— যশোধৰা পুত্ৰ ৰাহুলৰ মূৰত হাত থৈ নিশ্চিন্ত মনে শুই আছে৷ একো নকৈ সিদ্ধাৰ্থ অন্তেষপুৰৰ পৰা ওলাই আহিল৷

এনেদৰে সমগ্ৰ বিশ্বৰ কল্যাণ সাধন আৰু প্ৰকৃত সত্যৰ অন্বেষণৰ বাবে কন্থকৰ পিঠিত উঠি সেই ৰাতিয়েই সিদ্ধাৰ্থই চিৰকালৰ বাবে গৃহত্যাগ কৰিলে৷ সিদ্ধাৰ্থৰ এই মহাভিনিষ্ক্ৰমণৰ সাক্ষী আছিল কেৱল সাৰথি ছন্দক আৰু কন্থক নামৰ সেই বিশেষ ঘোঁৰাটি৷ তেওঁলোক শাক্য, কোলীয় আৰু ৰামগ্ৰাম— এই তিনিখনকৈ ৰাজ্য অতিক্ৰম কৰি অৱশেষত অনোমা নদীৰ পাৰত উপস্থিত হ’ল৷

নৈৰ পাৰত সিদ্ধাৰ্থ ঘোঁৰাৰ পৰা নামিল৷ পাৰ হৈ অহা সমগ্ৰ পথছোৱাত সাৰথি ছন্দকে সিদ্ধাৰ্থক এটাও প্ৰশ্ন কৰা নাছিল৷ সি বুজি পাইছিল, তাৰ প্ৰিয় যুৱৰাজ কপিলাবস্তুলৈ আৰু কোনোদিনে উভতি নাযায়৷ সিদ্ধাৰ্থই অনোমাৰ তীৰতে অনিশ্চিত পৰিভ্ৰমণৰ পাতনি মেলাৰ কথা ঘোষণা কৰাত তাৰ প্ৰাণে কান্দি উঠিল৷

তেওঁলোক নৈ পাৰ হ’ল৷ সিপাৰত উপস্থিত হৈ সিদ্ধাৰ্থই তেওঁৰ বহুমূলীয়া ৰাজ-আভৰণ খুলি ছন্দকৰ হাতত তুলি দিলে আৰু সেই বেশভূষাবোৰ আৰু কন্থকক লৈ কপিলাবস্তুলৈ উভতি যাবলৈ ক’লে৷ ছন্দকে প্ৰবল আপত্তি কৰিলেও সিদ্ধাৰ্থ আছিল নিজৰ স্থিতিত অলৰ-অচৰ৷ বেদনাহত, ব্যথিত ছন্দক সিদ্ধাৰ্থৰ স্মৃতিচিহ্ন লৈ কপিলাবস্তুলৈ উভতি গ’ল৷ এয়া আছিল সিদ্ধাৰ্থ বোধিসত্বলৈ পৰিৱৰ্তিত হোৱাৰ প্ৰথম পদক্ষেপ৷

সিদ্ধাৰ্থই গৃহত্যাগ কৰাৰ কাৰণ দৰ্শাই কৈছিল যে সুখৰ মাজত সুখৰ অনুসন্ধান এক ব্যৰ্থ প্ৰয়াস মাত্ৰ৷ জীৱনৰ অৰ্থ দুখৰ মাজতহে বিচাৰি পোৱা সম্ভৱ৷ মানুহে জীৱন জুৰি ভোগ কৰা দুখ-বেদনাৰ কাৰণ আৰু তাৰ নিৰাময়ৰ সন্ধান ৰজাঘৰীয়া সুখ-স্বাচ্ছন্দ্য আৰু বৈষয়িক আনন্দৰ মাজত থাকি বিচাৰি উলিওৱা এক প্ৰকাৰ অসম্ভৱ কথা৷

সি যি নহওক, ছন্দকক বিদায় দি সিদ্ধাৰ্থই নিজৰ সুন্দৰ কেশগুচ্ছ কাটি পেলায়৷ তাৰ পাছত মাত্ৰ এখন বস্ত্ৰ পৰিধান কৰি আলাৰ কালাম নামৰ যোগগুৰু এজনাৰ ওচৰলৈ যায়৷ আলাৰ কালামে সিদ্ধাৰ্থক কেইটিমান যোগাসনৰ পদ্ধতি শিকাই দিয়ে৷ তাৰে পৰা তেওঁ ‘উদ্দক ৰামপুত্ত’-ৰ (উদ্ৰক ৰামপুত্ৰ) ওচৰলৈ যায়৷ ৰামপুত্তয়ো তেওঁক আনকেইটিমান যোগ শিকাই দিয়ে৷ সেইখিনিকে সম্বল হিচাপে লৈ তেওঁ বোধগয়াৰ ওচৰত প্ৰায় ছয় বছৰ জুৰি যোগ আৰু অনশন-ক্ৰিয়াৰ কঠোৰ সাধনা কৰে৷ কিন্তু যোগাসনৰ নিয়মৰ যথাযথ পালন কিংবা শাৰীৰিক কৃচ্ছ্ৰ সাধনায়ো সিদ্ধাৰ্থক মনে বিচৰা চৰম বা পৰম সত্য অথবা প্ৰজ্ঞাৰ সন্ধান দিব নোৱাৰিলে৷ বৰং স্বাস্থ্যৰ অৱনতিয়ে তেওঁৰ জীৱনলৈ ভাবুকিহে কঢ়িয়াই আনিলে৷ তেওঁ ইমানেই দুৰ্বল হৈ পৰিল যে থিয় দিলেই গাৰ নোমবোৰ জৰজৰকৈ সৰি পৰা হ’ল৷

তেতিয়া তেওঁৰ মনত পৰিল পিতাক শুদ্ধোধনৰ সুবিস্তীৰ্ণ ভূমিত জামু গছৰ শীতল ছাঁত বহি নিৰলে ধ্যান কৰা মুহূৰ্তবোৰৰ কথা৷ পৰিশেষত তেনেধৰণৰ ধ্যানেই তেওঁক বোধিৰ পথলৈ লৈ যাব বুলি পতিয়ন গৈ তাৰ জৰিয়তে তেওঁ বোধিৰ সন্ধান কৰাৰ নতুন সিদ্ধান্ত ল’লে৷ ইতিমধ্যে ভাগি পৰা স্বাস্থ্যৰ পুনৰুদ্ধাৰৰ বাবে প্ৰথমেই তেওঁ সুখাদ্য আহৰণৰ প্ৰতি মনোযোগ দিলে৷ সেই সময়ত তেওঁৰ লগত আছিল পাঁচগৰাকীকৈ শিষ্য৷ সিদ্ধাৰ্থই কৃচ্ছ্ৰ সাধনা আৰু অনশন এৰি সুখাদ্য গ্ৰহণ কৰিবলৈ লোৱা দেখি তেওঁক পথভ্ৰষ্ট হোৱা বুলি ধৰি লৈ প্ৰচণ্ড ঘৃণাত সেই পাঁচোগৰাকী শিষ্যই তেওঁক পৰিত্যাগ কৰে আৰু আশ্ৰম এৰি গুচি যায়৷

ইতিমধ্যে সিদ্ধাৰ্থ ওৰফে গৌতম নিৰঞ্জনা বা নৈৰঞ্জনা নৈৰ পাৰৰ হাবি-জংগলে ঢাকি থোৱা এটুকুৰা ৰমণীয় স্থানত উপস্থিত হ’ল৷ নৈখনৰ ঘাটটি আছিল অতি মনোমোহা আৰু পৰিষ্কাৰ৷ সিদ্ধাৰ্থই তাতেই আৰম্ভ কৰিলে প্ৰজ্ঞাৰ সাধনা, বোধিৰ অন্বেষণ৷ পৰিশেষত তেওঁৰ সাধনা সফল হ’ল৷ সাধনাৰ জৰিয়তে জন্ম-মৃত্যুৰ দুষ্পৰিণামৰ কথা তেওঁ জানিব পাৰিলে আৰু বুজিলে যে চিত্তৰ সংযম, সজ আচৰণ, পৰিশীলিত জীৱন, সজ কৰ্ম আদি সজ গুণৰ অনুশীলন-পৰিশীলনৰ জৰিয়তে জন্মজনিত সমস্ত দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি৷ সাধাৰণ অৰ্থত সেয়াই নিৰ্বাণ৷

সিদ্ধাৰ্থ পৰম জ্ঞানৰূপী সত্যৰ সাক্ষাৎ লাভ কৰিবলৈ সমৰ্থ হ’ল ৷ তেওঁ বুদ্ধ হ’ল৷ পূৰ্বে তেওঁক এৰি থৈ যোৱা পাঁচোগৰাকী শিষ্য পুনৰ তেওঁৰ ওচৰ চাপিল৷

সিদ্ধাৰ্থৰ জ্ঞানগৰ্ভ দৰ্শন মুঠ চাৰিটা ভাগত বিভক্ত৷ সেই বিষয়ে পাছত আলোচনা কৰিম৷ মুঠতে, যি বস্তু বা ঘটনা বৰ্তমান, সেইবোৰ যে কোনো কাৰণৰ পৰা উৎপন্ন হৈছে, সেয়াই সত্য৷ সেই কাৰণ বা হেতুবোৰৰ বিষয়ে বুদ্ধই নিজৰ বক্তব্য ৰাখি থৈ গৈছে৷ এনেকি সেই কাৰণবোৰ নিৰোধ কৰাৰ উপায়ো তেওঁ দেখুৱাই থৈ গৈছে৷

সিদ্ধাৰ্থই ঊনত্ৰিশ বছৰ বয়সত (৫৩৪ খ্ৰীঃ পূঃ) গৃহত্যাগ কৰিছিল৷ ছয় বছৰ কাল যোগ তপস্যা কৰাৰ পাছত ধ্যান আৰু গভীৰ আত্মচিন্তাৰ জৰিয়তে ৩৬ বছৰ বয়সত (৫২৮ খ্ৰীঃ পূঃ) তেওঁ বোধিজ্ঞান লাভ কৰি বুদ্ধ নামেৰে পৰিচিত হৈছিল৷ তাৰ পাছত সুদীৰ্ঘ ৪৫ বছৰ জুৰি তেওঁ ধৰ্ম আৰু দৰ্শনৰ উপদেশ প্ৰদান কৰি ৪৮৩ খ্ৰীষ্ট পূৰ্বাব্দত কুশী নগৰত আশী (৮০) বছৰ বয়সত মহাপৰিনিৰ্বাণ লাভ কৰে (দেহত্যাগ কৰে)৷

বুদ্ধৰ বিচৰণ ক্ষেত্ৰ সৰহভাগেই যুক্তপ্ৰান্তৰ সমস্ত অঞ্চল আৰু সমগ্ৰ বিহাৰ জুৰি সীমিত আছিল৷ ইয়াৰ বাহিৰলৈ তেওঁ কেতিয়াও ক’লৈকো যোৱা নাছিল৷ বোধি লাভৰ পাছত তেওঁ নিজৰ জন্মভূমি কপিলাবস্তু ভ্ৰমণ কৰিছিল৷ তাত তেওঁৰ পুত্ৰ পত্নীকে ধৰি পৰিয়ালৰ সদস্য, সাৰথি ছন্দক, পিতৃ শুদ্ধোধন, বিমাতা গৌতমী সকলো তেওঁৰ মতত দীক্ষিত হৈছিল, দীক্ষিত হৈছিল কপিলাবস্তুৰ সমস্ত প্ৰজা৷ পাছলৈ বুদ্ধৰ এই মতবাদে ভালেমান বছৰ জুৰি সমগ্ৰ বিশ্বত প্ৰভাৱ বিস্তাৰ কৰে৷

মুঠতে, বুদ্ধৰ যি ত্যাগ তথা ভাৰতবৰ্ষত তৎকালীনভাৱে প্ৰচলিত পৰম্পৰাৰ বিৰুদ্ধে যি সৰব বিদ্ৰোহ সেয়া বিশ্ব-ইতিহাসত বিৰল৷ এইজনা মহান দাৰ্শনিকক নিঃসংকোচে বিশ্বৰ প্ৰথমগৰাকী বিপ্লৱী মনীষা আখ্যা দিব পাৰি৷

বৌদ্ধশাস্ত্ৰ ত্ৰিপিটক

গৌতম বুদ্ধই জীৱদ্দশাত নিজ হাতে একো লিখি থৈ যোৱা নাই৷ তেওঁ গোটেই জীৱনজুৰি মৌখিকভাৱেই তেওঁৰ ধ্যান-ধাৰণা মানুহৰ মাজত বিলাই ফুৰিছিল৷ শিষ্য-প্ৰশিষ্যসকলৰ মুখে মুখে শ্ৰুতিৰ ৰূপত তেওঁৰ মুখনিসৃত মহৎ বাণীসমূহ দীৰ্ঘকাল ধৰি চলি অহাৰ পাছত কোনো এটা সময়ত সেইবোৰ লিপিবদ্ধ কৰা হয়৷ আধুনিক পাঠ-সমীক্ষা বিজ্ঞানৰ (Text critical study) যি নীতি, সেই নীতি বৌদ্ধ শ্ৰমণসকলে তেতিয়াই পালন কৰিছিল যেন অনুমান হয়৷ মৌখিকভাৱে চলি অহা বুদ্ধৰ বাণীসমূহৰ শুদ্ধ পাঠ নিৰ্ণয়ৰ বাবে বৌদ্ধমাৰ্গীসকলে চাৰিখনকৈ বৌদ্ধমেল বা বৌদ্ধ মহাসংগীতি অনুষ্ঠিত কৰিছিল ৷ ইয়াৰে প্ৰথমখন বুদ্ধৰ মহাপৰিনিৰ্বাণৰ কিছুকাল পাছত মহা কাশ্যপৰ পৰামৰ্শ মৰ্মে মগধৰাজ অজাতশত্ৰুৰ পৃষ্ঠপোষকতাত ৰাজগীৰ বা ৰাজগৃহৰ সপ্তপৰ্ণী গুহাত ৪৭৭ খ্ৰীঃ পূৰ্বাব্দত অনুষ্ঠিত হৈছিল ৷ এইখন বৌদ্ধমেলৰ শেষৰফালে বুদ্ধৰ বাণীসমূহ একত্ৰিত কৰি ‘তিপিতক’ (সংস্কৃত ত্ৰিপিটক) নামেৰে সংকলিত হৈছিল ৷ হিউৱেন চাঙৰ টোকায়ো সেই কথা সমৰ্থন কৰে ৷

প্ৰথমখন বৌদ্ধমেলৰ ঠিক এশ বছৰৰ পাছত কালাশোকৰ সময়ত খ্ৰীঃ পূঃ ৩৭৭-ত মগধৰ বৈশালীত দ্বিতীয় বৌদ্ধ মহাসংগীতি পতা হৈছিল ৷ আনহাতে, তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল আনুমানিক খ্ৰীঃ পূঃ ২৪৭-ত, অশোকৰ ৰাজত্বকালত—তৎকালীন মগধৰ ৰাজধানী পাটলিপুত্ৰত৷ ইয়াৰ পাছত চতুৰ্থ মহাসংগীতি অনুষ্ঠিত হৈছিল জালন্ধৰত, ১৪৩ শতাব্দীত—কাশ্মীৰৰ শকবংশৰ ৰজা কণিষ্কৰ তত্ত্বাৱধানত৷ ত্ৰিপিটকত তৃতীয় আৰু চতুৰ্থ মহামেলৰ উল্লেখ নথকালৈ চাই বুদ্ধৰ বাণীসমূহৰ সংকলন আৰু শুধৰণিৰ কাম প্ৰথম দুখন মহাসংগীতিতে সমাপ্ত হৈছিল বুলি অনুমান কৰিব পাৰি৷ ত্ৰিপিটকৰ অন্তৰ্গত ‘চুল্লবগ্গ’ৰ অন্তিম খণ্ডত এই দুখন মহাসংগীতিৰ প্ৰাসংগিক বিৱৰণ আছে৷ সেই অনুসাৰে ৰাজগীৰত বহা প্ৰথম মহামেলত উপালীয়ে ‘বিনয়’ আবৃত্তি কৰিছিল আৰু আনন্দই ‘ধৰ্ম্ম’ (ধম্ম) পাঠ কৰিছিল৷ এনে উল্লেখে এটা কথা প্ৰমাণ কৰে যে আৰম্ভণিতে বৌদ্ধ-শাস্ত্ৰৰ দুটা মাত্ৰ ভাগ আছিল—’বিনয়’ আৰু ‘ধৰ্ম্ম’৷ পৰৱৰ্তী সময়ত ‘ধৰ্ম্ম’ দুভাগত বিভক্ত হৈ ‘সূত্ৰ’ (সূত্ত) আৰু অভিধৰ্ম্ম (অভিধম্ম)-ৰূপে দুটা ভাগত ভাগ হয়৷

সি যি নহওক, বৌদ্ধমতৰ আধাৰ গ্ৰন্থ হৈছে তিপিতক বা ত্ৰিপিটক ৷ ‘পিটক’ মানে পাচি বা আধাৰ ৷ শাস্ত্ৰখনৰ সুত্তপিটক, বিনয়পিটক আৰু অভিধম্মপিটক— এই তিনিটা ভাগ পোৱা যায় বাবে ইয়াৰ নাম ত্ৰিপিটক (পালি ভাষাত তিপিতক) হৈছে ৷ এই তিনি পিটকত বৌদ্ধসকলৰ মতবাদ তথা বিশ্বাস, অনুষ্ঠানাদিৰ নিয়ম-কানুন, উপাখ্যান, ৰীতি-নীতি, প্ৰায়শ্চিত্ত-বিধান, দৰ্শন-তত্ত্ব আদি সন্নিৱিষ্ট হৈছে৷ মন কৰিবলগীয়া যে ত্ৰিপিটক ‘সকায় নিৰুত্তিয়া’, অৰ্থাৎ তৎকালীনভাৱে প্ৰচলিত মানুহৰ মুখৰ ভাষাৰ পৰিমাৰ্জিত ৰূপ এটাৰ মাধ্যমেৰে সংকলিত হৈছিল৷ ‘বিনয় পিটক’ত আচাৰ্য বুদ্ধঘোষে উল্লেখ কৰা মতে, দুগৰাকী ব্ৰাহ্মণ শিষ্যই বুদ্ধৰ বাণীসমূহ এচাম শিষ্যই স্থানীয় কথিত ভাষাত সংকলন কৰি বিনষ্ট কৰাৰ অভিযোগ আনি সেইবোৰ ছন্দত, অৰ্থাৎ সংস্কৃতত সংকলিত কৰাৰ বাবে বুদ্ধৰ অনুমতি বিচাৰিছিল৷ কিন্তু বুদ্ধই সেই দুই শিষ্যক নিৰাশ কৰি ‘সকায় নিৰুত্তিয়া’, অৰ্থাৎ স্থানীয় কথিত ভাষাত সংকলন কৰিবলৈ কৈছিল৷ বুদ্ধঘোষে ‘সকায় নিৰুত্তিয়া’ক মাগধী ভাষা বুলিছে৷ সম্ভৱতঃ এই সকায় নিৰুত্তিয়া বা নিজ ভাষাই পৰৱৰ্তী সময়ত পালি ভাষাৰূপে জনাজাত হয় ৷ তদুপৰি, দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা আহি বৌদ্ধ-বিহাৰবোৰত স্থিতি লোৱা শ্ৰমণসকলৰ বাবেও এক উমৈহতীয়া ভাষাৰ আৱশ্যক হৈছিল ৷ পালি ভাষাই সংযোগী ভাষা (Lingua franca)-ৰূপে সেই প্ৰয়োজনীয়তাও পূৰণ কৰিছিল ৷ ত্ৰিপিটক বিভিন্ন ভাষাত সংকলিত হোৱাৰ কথা জনা যায় যদিও, সেইবোৰৰ ভিতৰত পালিৰূপটোকে সবাতো প্ৰাচীন বুলি গণ্য কৰা হৈছে ৷ এই শাস্ত্ৰকে অশোক-পুত্ৰ মহেন্দ্ৰই সিংহললৈ (শ্ৰীলংকা) লৈ গৈছিল৷ খ্ৰীষ্টীয় চনৰ আৰম্ভণত সিংহল-ৰাজ বত্তগামিনৰ ৰাজত্ব কালত সিংহলত পালি ত্ৰিপিটক পোন প্ৰথম লিপিবদ্ধ হৈছিল৷

সুত্ত, বিনয় আৰু অভিধম্ম (অভিধৰ্ম)—এই তিনি শাস্ত্ৰৰ সমাহাৰ ত্ৰিপিটকৰ অন্তৰ্গত গ্ৰন্থসমূহ একাদিক্ৰমে তলত উল্লেখ কৰা হ’ল :

সুত্ত পিতক (সূত্ৰ পিটক)

১৷ দীঘ (দীৰ্ঘ) নিকায় : মুঠ ৩৪টা দীৰ্ঘ সূত্ৰৰ সংগ্ৰহ৷

২৷ মঝ্ঝিম (মধ্যম) নিকায় : ১৫২টা মধ্যম সূত্ৰৰ সংগ্ৰহ৷

৩৷ সঞজুত্ত (সংযুক্ত) নিকায় : সংযুক্ত সূত্ৰৰ সংগ্ৰহ৷

৪৷ অংগুত্তৰ নিকায় : ওপৰঞ্চি সূত্ৰৰ সংগ্ৰহ৷

৫৷ খুদ্দক (ক্ষুদ্ৰক) নিকায় :

ক) খুদ্দক পাঠ,

খ) ধম্মপদ,

গ) উদান, স্তুতি (৮২টা সূত্ৰ),

ঘ) ইতিবুত্তক (ইতিবৃত্তক)—বুদ্ধৰ কথাৱলী,

ঙ) সূত্ত নিপাত (৭০টা সূত্ৰ),

চ) বিমান বথ্থু (বস্তু)—স্বৰ্গকথা,

ছ) পেত বথ্থু— প্ৰেত কথা,

জ) থেৰ (স্থৱিৰ) গাথা,

ঝ) থেৰীগাথা,

ঞ) জাতক,

ট) নিদ্দেস (নিৰ্দেশ)—সাৰীপুত্ৰৰ ব্যাখ্যা,

ঠ) পতিসম্ভিধান বগ্গ (প্ৰতিসম্ভিধান বৰ্গ),

ঢ) অপদান—অৰ্হৎ চৰিত্ৰ,

ত) বুদ্ধবংশ—গৌতমকে ধৰি পূৰ্বৱৰ্তী ২৪জন বুদ্ধৰ জীৱন চৰিত,

থ) চৰিয়া পিতক—বুদ্ধ চৰিত৷

বিনয় পিতক

১৷ সুত্ত বিভংগ :

ক) পাৰজিকা,

খ) প্ৰায়চিত্ত বিধান৷

২৷ খন্ধক :

ক) মহাবগ্গ (মহাবৰ্গ),

খ) চুল্লবগ্গ (ক্ষুদ্ৰবৰ্গ),

৩৷ পৰিবাৰ পাঠ৷

অভিধম্ম (অভিধৰ্ম) পিতক

ক) ধম্মসঙ্গনি,

খ) বিভঙ্গ,

গ) কথাবথ্থু পকৰণ (কথাবস্তু প্ৰকৰণ),

ঘ) পুগ্গলপণ্নতি,

ঙ) ধাতুকথা,

চ) যমক—পৰস্পৰ বিৰোধী কথাৰ সংগ্ৰহ),

ছ) পট্ঠানপকৰণ—কাৰ্য-কাৰণ সম্পৰ্ক নিৰ্ণয়৷

ওপৰত দেখুৱাই অহা ত্ৰিপিটকৰ অন্তৰ্গত সুত্ত পিতকত বুদ্ধৰ বাণী, বিনয় পিতকত বৌদ্ধ সংঘৰ নিয়মাৱলী আৰু অভিধম্ম পিতকত বৌদ্ধ-দৰ্শন-তত্ত্বৰ সমাৱেশ লক্ষ্য কৰিব পাৰি৷ এইখিনিতে এটা কথা উল্লেখ কৰা সমীচীন হ’ব যে বিনয় পিতকৰ অন্তৰ্গত চুল্লবগ্গৰ অন্তিম ভাগত ৰাজগীৰ আৰু বৈশালীত বহা বৌদ্ধ মহামেলৰ বিৱৰণ আছে ৷ ইয়াৰ পৰা অনুমান হয় মূল বৌদ্ধশাস্ত্ৰ পোনতে সুত্ত আৰু বিনয়—এই দুভাগত বিভক্ত আছিল৷ পৰৱৰ্তী কালত বৌদ্ধ-দৰ্শনৰ আধাৰ হিচাপে অভিধম্ম পিতক নামেৰে আন এটি ভাগৰ সৃষ্টি হয়৷ এই ভাগটোৰ অন্তৰ্ভুক্তিৰে পৰৱৰ্তী সময়ত সমগ্ৰ বৌদ্ধশাস্ত্ৰ ত্ৰিপিটকৰূপে জনাজাত হৈ উঠে৷ এইবোৰৰ উপৰি বিভিন্ন টীকা-টিপ্পনীৰ ৰচনায়ো বৌদ্ধমাৰ্গৰ উৎকৰ্ষ সাধনত সহায় কৰিছে৷ ভাষ্যকাৰসকলৰ ভিতৰত আচাৰ্য বুদ্ধঘোষৰ নাম সবাতো উল্লেখযোগ্য৷ এওঁ ত্ৰিপিটকৰ ভাষ্য অট্ঠকথা (অৰ্থকথা) ৰচনা কৰে৷ ইয়াৰ উপৰি মিলিন্দ পঞ্হ (মিলিন্দ প্ৰশ্ন), অমিতায়ুৰ্ধ্যান সূত্ৰ, সদ্ধৰ্ম পুণ্ডৰীক, ললিত বিস্তৰ আনকেইখনমান উল্লেখযোগ্য বৌদ্ধ শাস্ত্ৰ৷ মিলিন্দ পঞ্হ যৱনৰাজ (গ্ৰীক ৰজা) মিলিন্দ আৰু বৌদ্ধাচাৰ্য নাগসেনৰ মাজত হোৱা বৌদ্ধধৰ্ম তত্ত্ব সম্পৰ্কীয় প্ৰশ্নোত্তৰৰ আধাৰত ৰচিত গ্ৰন্থ ৷

দৰ্শন-তত্ত্ব

গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত মতবাদক বৌদ্ধধৰ্ম বোলা হৈছে৷ সেয়ে হ’লেও, ধৰ্মৰ যি প্ৰচলিত সংজ্ঞা বা পৰম্পৰা, তাৰ সৈতে বৌদ্ধধৰ্মৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই৷ অৱশ্যে সংস্কৃতৰ ‘ধৰ্ম’ শব্দৰ অৰ্থ-ব্যাপকতাও এই ক্ষেত্ৰত বিশেষৰূপে মন কৰিবলগীয়া কথা৷ ইংৰাজী Religion-তকৈ ধৰ্মৰ অৰ্থ বহুগুণে বিস্তৃত৷ সাধাৰণভাৱে ‘ধৰ্ম’ শব্দৰ অৰ্থ হ’ল—ঈশ্বৰ বিশ্বাস, ভগৱৎ ভক্তি, পূজা-পাৰ্বণ, প্ৰাৰ্থনা আদি ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে কৰা আচাৰ-অনুষ্ঠান৷ বৈদিক যুগত ইয়াৰ অৰ্থ আছিল বেদোক্ত বিভিন্ন কৰ্ম আৰু সিবোৰৰ ফলদায়ী শক্তি৷ আন কথাত, যিবোৰ নীতি-নিয়মৰ জৰিয়তে কৰ্মৰ অপৰিহাৰ্য ফল উৎপন্ন হয়, সেয়াই ধৰ্ম৷ বেদৰ পৰৱৰ্তী স্তৰত শব্দটো শৃংখলাবদ্ধতা, নীতি-নিয়ম, পদাৰ্থৰ গুণ, জীৱন-প্ৰণালী ইত্যাদি বিস্তাৰিত অৰ্থত প্ৰয়োগ হ’বলৈ লয়৷ বেদৰ কঠোৰ সমালোচক তথা নিৰীশ্বৰবাদী বুদ্ধদেৱ তথা বৌদ্ধ পৰম্পৰাই ধৰ্ম শব্দটো যে ঈশ্বৰ সেৱা অৰ্থত ব্যৱহাৰ কৰা নাছিল তাক দোহৰা নিষ্প্ৰয়োজন৷ বুদ্ধৰ অনুগামীসকলে বুদ্ধৰ দ্বাৰা প্ৰচাৰিত সত্য বা মতবাদক বুজাবলৈহে সে এই শব্দটো ব্যৱহাৰ কৰিছিল তাত সন্দেহৰ অৱকাশ নাই৷

আগতেই কৈ অহা হৈছে যে গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ পাছত নতুন ৰূপত ব্ৰাহ্মণ্যবাদৰ পুনৰুত্থানে বৌদ্ধধৰ্মৰ উৎখাত সহজ কৰি তোলে৷ পৰিশেষত ঔপনিষদিক ধ্যান-ধাৰণাৰে একেশ্বৰবাদ প্ৰতিষ্ঠা হোৱাত নিৰীশ্বৰবাদী তথা নাস্তিক বুদ্ধক ভগৱানৰ দশাৱতাৰৰ নৱম অৱতাৰ ৰূপে ধাৰণা দিয়া হয়৷ শংকৰদেৱৰ কীৰ্তন পুথিত তাৰ বিৱৰণ এনেদৰে দিয়া আছে :

“বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন ৷

বামানয় শাস্ত্ৰে মুহি আছা সৰ্বজন ৷৷”

পৰিস্থিতিৰ সৈতে তাল মিলাবলৈ গৈ বৌদ্ধমাৰ্গীসকল বুদ্ধৰ মূল মতৰ পৰা ক্ৰমাৎ আঁতৰি অহাত লাহে লাহে ই কেতবোৰ গুপুত আচাৰসম্বলিত তান্ত্ৰিক ধৰ্মলৈ পৰ্যবসিত হয়৷

সি যি নহওক, এইখিনিতে বৌদ্ধ দৰ্শনৰ মূল তাত্ত্বিক দিশবোৰ ফঁহিয়াই চোৱা সমুচিত হ’ব৷

চতুৰাৰ্য সত্য

বৌদ্ধধৰ্মৰ মূল ভিত্তি হ’ল চতুৰাৰ্য সত্য বা চাৰি প্ৰকাৰৰ আৰ্য (শ্ৰেষ্ঠ) সত্য৷ সেইকেইটা হৈছে—

(১) দুখ,

(২) দুখ-সমুদয় (দুখৰ কাৰণ),

(৩) দুখৰ বিনাশ আৰু

(৪) দুখ-বিনাশৰ পথ (আৰ্য অষ্টাংগিক মাৰ্গ)৷

(১) মানৱ জীৱন দুখময়৷ ৰোগ, শোক, জৰা, মৃত্যু—এই আটাইবোৰেই দুখ ৷ থোৰতে ক’বলৈ গ’লে ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান— এই পাঁচটা স্কন্ধই হ’ল দুখৰ উৎস ভূমি৷ ৰূপ হ’ল ক্ষিতি, অপ, তেজ আৰু মৰুৎ এই চাৰি মহাভূত৷ চাৰ্বাকসকলৰ দৰে বুদ্ধয়ো ব্যোম বা আকাশ (মহাশূন্য) ভূত স্বীকাৰ কৰা নাই ৷ বস্তুৰ সংস্পৰ্শত সৃষ্টি হোৱা অনুভূতিৰ নাম বেদনা৷ বেদনাৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ মস্তিষ্কত পূৰ্বৰে পৰা স্থিত সংস্কাৰৰ দ্বাৰা যি জানিব বা চিনিব পৰা যায়, তাৰ নাম সংজ্ঞা৷ ৰূপজনিত বেদনা আৰু সংজ্ঞাৰ যি সংস্কাৰ মগজুৰ ওপৰত পৰে বা যাৰ সহায়ত মানুহে জানিব পাৰে যে ই ‘পাৰ্থিৱ’ নহয়, তাৰ নামেই সংস্কাৰ৷ আনহাতে, বিজ্ঞান হ’ল চেতনা বা মন৷

উল্লিখিত পাঁচটা স্কন্ধ (ভাগ) যেতিয়া ব্যক্তিৰ তৃষ্ণাৰ বিষয় হয়, তেতিয়া তাক উপাদান স্কন্ধ বোলা হয়৷ এয়াই দুখ বা দুখ-ৰূপ আৰু ই প্ৰথম আৰ্যসত্য৷

(২) দুখ-সমুদয় বা দুখৰ কাৰণ হ’ল তৃষ্ণা৷ তৃষ্ণা তিনি প্ৰকাৰৰ : কাম-তৃষ্ণা, ভৱ-তৃষ্ণা আৰু বৈভৱ-তৃষ্ণা৷ ইন্দ্ৰিয় সুখৰ যিমানবোৰ বিষয় আছে সেইবোৰৰ লগত সম্পৰ্ক বা সেই বিষয়ক চিন্তাই তৃষ্ণাৰ জন্ম দিয়ে৷ এয়ে দুখ-সমুদয় আৰু ই দ্বিতীয় আৰ্যসত্য৷

(৩) তৃষ্ণাৰ নিৰোধৰ নামেই দুখৰ বিনাশ৷ তৃষ্ণা বিনষ্ট হ’লে উপাদানৰ নিৰোধ হয়৷ উপাদানৰ নিৰোধে ভৱলোকৰ নিৰোধ সম্ভৱ কৰি তোলে৷ ভৱ নিৰোধ হ’লে পুনৰ্জন্মৰ পথ ৰুদ্ধ হয়৷ তেতিয়া জৰা, মৃত্যু, শোক, দুখ, অশান্তি সকলো লুপ্ত হয়৷ এয়ে দুখৰ বিনাশ আৰু ইয়াক তৃতীয় আৰ্যসত্য বোলা হৈছে৷ এই সত্যক বৌদ্ধ দৰ্শনৰ কেন্দ্ৰবিন্দু বুলিব পাৰি৷

(৪) চতুৰ্থ তথা শেষ আৰ্যসত্য হৈছে দুখ নিবৃত্তিৰ উপায়৷ বৌদ্ধ দৰ্শনত ইয়াৰ বাবে আঠোটা মাৰ্গ বা পথৰ নিৰ্দেশ দিয়া হৈছে৷ এই মাৰ্গকেইটাৰ অনুশীলনে তৃষ্ণাৰ উপশম ঘটাই পুনৰ্জন্মজনিত দুখ দূৰীভূত কৰি ভৱচক্ৰৰ আৱৰ্তৰ পৰা মানুহক মুক্তি দিয়ে৷ ই ভোগবাদৰ পথ নহয়৷ ইয়াত কোনো ধৰণৰ কৃচ্ছ্ৰ সাধনাৰ কথাও নাই৷ বৌদ্ধশাস্ত্ৰত “মগগানটঠংগিক সেটঠো” বুলি আৰ্য অষ্টাংগিক মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে৷ এই মাৰ্গৰ স্কন্ধ (ভাগ) তিনিটা : প্ৰজ্ঞা, শীল আৰু সমাধি৷

আৰ্য অষ্টাংগিক মাৰ্গ

(১) প্ৰজ্ঞা :

(ক) সম্যক দৃষ্টি

(খ) সম্যক সংকল্প৷

(২) শীল :

(গ) সম্যক বাক,

(ঘ) সম্যক কৰ্ম,

(ঙ) সম্যক জীৱিকা৷

(৩) সমাধি :

(চ) সম্যক যত্ন,

(জ) সম্যক স্মৃতি,

(ঝ) সম্যক সমাধি (ধ্যান)৷

(১) সম্যক প্ৰজ্ঞা :

প্ৰজ্ঞা শব্দৰ সাধাৰণ অৰ্থ জ্ঞান৷ সেয়ে হ’লেও, বৌদ্ধ দৰ্শনৰ অষ্টাংগিক মাৰ্গত যি জ্ঞানৰ কথা কোৱা হৈছে সেই জ্ঞান বিশেষ প্ৰকৃতিৰ জ্ঞান যাক ইংৰাজী Intuition শব্দটোৰ দ্বাৰা বুজাব পাৰি৷ ইয়াৰ দুটা ভাগ : (ক) সম্যক দৃষ্টি আৰু (খ) সম্যক সংকল্প৷

(ক) সম্যক দৃষ্টি :

সম্যক দৃষ্টি হ’ল শৰীৰ, মন আৰু বচন সম্বন্ধীয় ভাল-বেয়া কৰ্মৰ বিচাৰ;চতুৰাৰ্য সত্যৰ জ্ঞান৷

(খ) সম্যক সংকল্প :

সম্যক দৃষ্টি হ’লেহে সম্যক সংকল্প সম্ভৱ হয়৷ এই সংকল্প ভোগ-বাসনা জয় কৰাৰ; হিংসা, দ্বেষ বিসৰ্জন দিয়াৰ৷ বৌদ্ধ শাস্ত্ৰ অনুসাৰে প্ৰত্যেকেই প্ৰত্যেকক নিজৰ নিচিনা ভাবিব লাগে আৰু কোনেও কাকো আঘাত কৰিব নালাগে৷ স্বৰ্ণমুদ্ৰাৰ বৰষুণ হ’লেও মানুহৰ ভোগ-বাসনাৰ পৰিতৃপ্তি পূৰ্ণ নহয়৷ সেইবাবে ভোগ-বাসনা পৰিহাৰ কৰি চলিব লাগে৷

(২) সম্যক শীল :

শীলৰ অৰ্থ সদাচাৰ৷ বৌদ্ধমতত এইটো মাৰ্গৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ গৃহীয়েই হওক, বা গৃহত্যাগী ভিক্ষুৱেই হওক, সকলো প্ৰকাৰৰ বৌদ্ধমাৰ্গীয়ে কম পক্ষেও পঞ্চশীল অৱশ্যেই পালন কৰিব লাগে৷ এই পঞ্চশীল হ’ল— প্ৰাণী হত্যাৰ পৰা বিৰত থকা, চুৰি নকৰা, মিছা কথা নোকোৱা, পৰস্ত্ৰী গমন নকৰা আৰু মদ্যপানৰ পৰা বিৰত থকা৷ ইয়াৰ উপৰি, ভিক্ষুসকলৰ স্তৰ অনুসাৰে অষ্টশীল আৰু দশশীল পালনৰো ব্যৱস্থা আছে৷

শীল স্কন্ধৰ অংগ তিনিটা :

(গ) সম্যক বাক বা বচন :

মিথ্যাচাৰ, কটু ভাষণ, পৰনিন্দা বৰ্জনীয়৷ কথা-বতৰাত সদায়ে শিষ্ট, বিনয়ী আৰু মৰমিয়াল হোৱা আৱশ্যক৷

(ঘ) সম্যক কৰ্ম :

হিংসা, চৌৰ্যবৃত্তি, ব্যভিচাৰ ৰহিত কৰ্মৰ নাম সম্যক কৰ্ম৷

(ঙ) সম্যক জীৱিকা :

মাংস, মাদক দ্ৰব্য, বিষাক্ত দ্ৰব্য, অস্ত্ৰ আদিৰ ব্যৱসায় জীৱিকা অৰ্জনৰ নিকৃষ্ট উপায়৷ এইবোৰ এৰি জীৱন নিৰ্বাহৰ বাবে সৎ পথ অৱলম্বন কৰা যুগুত৷ খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত কাউৰীৰ দৰে ধূৰ্ত, আনৰ অনিষ্টকাৰী, দাম্ভিক লোকৰ জীৱন-যাত্ৰা নিচেই সহজ; কিন্তু বিনয়ী, অনাসক্ত আৰু আদৰ্শবান ব্যক্তিৰ জীৱনৰ পথ সদায়ে কাঁইটীয়া, সংঘাতপূৰ্ণ৷ তথাপি ভৱচক্ৰ ছিন্ন কৰি অৰ্হৎপ্ৰাপ্ত হ’বলৈ আদৰ্শ জীৱন যাপন কৰাই মানৱ জাতিৰ পক্ষে বিধেয়৷

(৩) সম্যক সমাধি :

(চ) সম্যক যত্ন :

কুচিন্তা, কুভাব বৰ্জন কৰি জীৱনৰ উৎকৰ্ষ সাধনৰ যি চেষ্টা, সেয়াই সম্যক যত্ন৷

(জ) সম্যক স্মৃতি :

বুদ্ধৰ মতে সকলো অনিত্য (সব্বং অনিত্তং)৷ এতেকে মানুহে শৰীৰ, মন, চিত্তৰ সঠিক স্থিতি আৰু ক্ষণভংগুৰতাৰ কথা সততে মনত ৰখা প্ৰয়োজন৷ জীৱ আৰু জগত পানীৰ বুৰবুৰণি, মাটিৰ পাত্ৰ, ফেনপিণ্ড, মৰীচিকা আদিৰ দৰে অস্থায়ী, অনিত্য৷

(ঝ) সম্যক সমাধি :

সমাধি হ’ল বিবিধ প্ৰকাৰৰ ধ্যানানুশীলন ৷ চিত্তৰ একাগ্ৰতাৰ নামেই সমাধি৷ যথেচ্ছ বিচৰণশীল চঞ্চল চিত্তক ধ্যানৰ জৰিয়তে সংযত কৰিব লাগে৷ সংযত চিত্তই মনৰ বিক্ষিপ্ততা আঁতৰ কৰে৷ ইয়াৰ চাৰিটা স্তৰ আছে : আনন্দ, উল্লাস, আসক্তিহীনতা আৰু প্ৰশান্তি৷

আৰ্য অষ্টাংগিক মাৰ্গ সাধনৰ পৰ্যায় চাৰিটা : স্ৰোতাপত্তি, সকৃতাগমী, অনাগামিত্ব আৰু অৰ্হত্ব৷ স্ৰোতাপত্তিৰ অৰ্থ হ’ল স্ৰোতত পৰা বা আন কথাত ধৰ্ম মাৰ্গত সোমোৱা৷ তাৰ বাবে বুদ্ধ, ধৰ্ম আৰু সংঘ— এই ত্ৰিশৰণৰ আৱশ্যক :

(বুদ্ধং শৰণং গচ্ছামি

ধম্মং শৰণং গচ্ছামি

সংঘং শৰণং গচ্ছামি ৷)

চতুৰাৰ্য সত্যক সম্যক জ্ঞানৰ দ্বাৰা উপলব্ধি কৰি এই ত্ৰিশৰশৰ আশ্ৰয় লৈ স্ৰোতাপন্ন হোৱাৰ ফল ‘পৃথিৱীৰ একছত্ৰী সম্ৰাট’, ‘ত্ৰৈলোক্যৰ অধিপতি’ হোৱাতকৈয়ো শ্ৰেষ্ঠ বুলি কোৱা হৈছে (ধম্মপদ)৷

স্ৰোতাপন্ন ব্যক্তিৰ সৎকায় দৃষ্টি (আত্মা বিষয়ক ভ্ৰান্তি), বিচিকিৎসা (বুদ্ধবাণীৰ প্ৰতি সন্দেহ), শীলব্ৰত পৰামৰ্শ (বৈদিক কৰ্মকাণ্ডৰ প্ৰতি আস্থা) —এই ত্ৰিবন্ধন নাশ হয়৷ বুদ্ধৰ মতে পঞ্চস্কন্ধৰ সমষ্টিয়ে জীৱ (প্ৰথম আৰ্যসত্য)৷ তাৰ বাহিৰে আত্মা বা সূক্ষ্ম শৰীৰ বুলিবলৈ একো নাই৷ মাটি, পানী, বায়ু আৰু জ্যোতি এই চাৰি মহাভূতেৰে জীৱদেহ গঠিত৷ জীৱ আৰু জগত অনিত্য, ক্ষণভংগুৰ৷ ইবোৰৰ উৎপত্তি আছে বাবে বিনাশো আছে৷ যিদৰে জন্ম আছে বাবেই মৃত্যু আছে৷ সেই হেতুকে সজ কৰ্ম, সজ আচৰণৰ দ্বাৰা অপ্ৰমাদী হৈ সাধনাৰ পথত অগ্ৰসৰ হ’ব লাগে৷

স্ৰোতাপন্ন হোৱাৰ পৰৱৰ্তী স্তৰত লোভ, মোহ আৰু দ্বেষ এই অকুশলমূল বশীভূত কৰি সাধক সকৃতাগমী হয়৷ অনাগামিত্ব স্তৰত সাধকে উপৰি উক্ত ত্ৰিবন্ধনৰ উপৰি কাম আৰু প্ৰতিঘ্না নাশ কৰিব লাগে৷ এনে কৰিব পাৰিলে সাধক পুনৰ্জন্মৰ বন্ধনৰ পৰা মুক্ত হয়৷ অৱশ্যে অৰ্হৎ প্ৰাপ্তি তেতিয়াও বাকী থাকে৷

ওপৰত উল্লেখ কৰা স্তৰকেইটা অতিক্ৰমৰ উপৰি ৰূপৰাগ (ইহ জীৱনৰ প্ৰতি হাবিয়াস), অৰূপৰাগ (পাৰলৌকিক সুখৰ আশা), মান (অহংকাৰ), ঔদ্ধত্য (আত্মশ্লাঘা) আৰু অবিদ্যা (অজ্ঞানতা) দূৰীভূত কৰিব পাৰিলে ভৱচক্ৰ ছিন্ন হৈ জন্মজনিত সকলো দুখৰ ওৰ পৰে৷ এই সময়ত সাধকে এক অনিৰ্বচনীয় সুখ লাভ কৰে৷ এয়াই নিৰ্বাণ৷

নিৰ্বাণৰ সাধাৰণ অৰ্থ নুমুৱা বা নিৰ্বাপিত হোৱা৷ জীৱদেহৰ সমষ্টি পঞ্চস্কন্ধৰ উৎপত্তিৰ কাৰণ তৃষ্ণা আৰু অবিদ্যা৷ গতিকে শীল-সদাচাৰৰ দ্বাৰা তৃষ্ণা আৰু প্ৰজ্ঞাৰূপী আয়ুধৰ দ্বাৰা অবিদ্যাৰ বেষ্টনী ভেদ কৰিব পাৰিলে পঞ্চস্কন্ধ বিলুপ্ত হয়৷ তেতিয়া পূৰ্বজন্মৰ কৰ্মই নিৰ্ধাৰণ কৰা অসম্পূৰ্ণ কৰ্মৰ বাহিৰে আন একোৰে অস্তিত্ব নাথাকে৷ ভৱতৃষ্ণাৰ অগ্নি নিৰ্বাপিত হয় বাবেই সম্ভৱতঃ সাধনাৰ এই অন্তিম স্তৰটোক নিৰ্বাণ বোলা হৈছে৷ অৱশ্যে বুদ্ধই ক’তো ইয়াৰ স্পষ্ট ব্যাখ্যা দাঙি ধৰা নাই৷ মাত্ৰ ‘নিব্বানং পৰমং সুখং’ বা ‘বিপুলং সুখং’ (ধম্মপদ) বুলি কৈছে৷ দৰাচলতে ই এক ব্যাখ্যাতীত, উপলব্ধিগম্য, পৰম প্ৰশান্তিময় অৱস্থা৷

আগতেই উল্লেখ কৰা হৈছে যে ঈশ্বৰ, আত্মা ইত্যাদি সম্বন্ধে বুদ্ধ আছিল মৌন৷ তেওঁৰ মতে মানৱ জীৱনত দুখেই যেতিয়া চৰম সত্য, এতেকে আত্মা, ঈশ্বৰ আদি প্ৰশ্ন সমূলি অৱান্তৰ৷

বৌদ্ধ দৰ্শনৰ প্ৰতীত্য-সমুৎপাদ অনুসাৰে জগতৰ সকলো বস্তুৰে পৰিৱৰ্তন আৰু বিনাশ আছে৷ বস্তুৰ উৎপত্তিৰ কাৰণ হিচাপে এই দৰ্শনে ব্ৰহ্ম, ঈশ্বৰ, চিৰন্তন পৰমাণু আদি স্বীকাৰ কৰা নাই৷ জগতত কোনো স্বয়ম্ভূ সত্তা নাই৷ বস্তু এটা অতীত হৈ গ’লে, বা আন কথাত বিনাশপ্ৰাপ্ত হ’লে আন এটাৰ উৎপত্তি হয়৷ অৱশ্যে ই এক অৱিচ্ছিন্ন প্ৰৱাহ নহয়৷ কাৰণ এটাৰ বিনাশতহে আন এটাৰ উৎপত্তি হয়৷ এই বিচ্ছিন্ন প্ৰৱাহে এক চক্ৰৰ (Cycle) আকাৰত মানুহক জন্ম-জন্মান্তৰলৈ আকৰ্ষণ কৰে৷ ইয়াৰ নাম ভৱচক্ৰ৷

ভৱচক্ৰৰ পৰ্যায় বাৰটা, যথা :

অবিদ্যাৰ (অজ্ঞানতাৰ) পৰা  উৎপত্তি হয় সংস্কাৰৰ, সংস্কাৰৰ পৰা উদ্ভৱ হয় বিজ্ঞানৰ (চেতনাৰ), বিজ্ঞানৰ পৰা নাম-ৰূপৰ (দেহ-মনৰ সংগঠনৰ), নাম-ৰূপৰ পৰা ষড়ায়তনৰ (পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মনৰ), ষড়ায়তনৰ পৰা স্পৰ্শৰ (ইন্দ্ৰিয় সংযোগৰ), স্পৰ্শৰ পৰা বেদনাৰ (সুখ, দুখ আদি অনুভূতিৰ), বেদনাৰ পৰা তৃষ্ণাৰ (ভোগস্পৃহাৰ), তৃষ্ণাৰ পৰা উপাদানৰ (জাগতিক বিষয়ৰ প্ৰতি আসক্তিৰ), উপাদানৰ পৰা ভৱৰ (পুনৰ্জন্ম ঘটোৱা কৰ্মৰ), ভৱৰ পৰা জাতিৰ (জন্মৰ), জাতিৰ পৰা জৰা-মৰণৰ আৰু জৰা-মৰণৰ পৰা পুনৰ অবিদ্যাৰ ৷ ইয়াক দ্বাদশাংগ প্ৰতীত্য সমুৎপাদ বোলা হৈছে৷ এই তত্ত্ব সমগ্ৰ বৌদ্ধ দৰ্শনৰ মূল ভিত্তি আৰু এয়াই এই দৰ্শন বুজাৰ একমাত্ৰ সঁচাৰ কাঠি৷

পুনৰ দোহাৰোঁ যে গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছত ভাৰতীয় ধৰ্মীয় পৰম্পৰাই অতি কৌশলেৰে তেওঁক ঈশ্বৰৰ পূৰ্ণ অৱতাৰৰ ৰূপ দিলে৷ অথচ পৰিহাসৰ কথা যে তেওঁ আছিল নিৰীশ্বৰবাদী তথা বৈদিক ধ্যান-ধাৰণাৰ কঠোৰ সমালোচক৷ জৈনসকলে কৰাৰ দৰে এইটো বিষয়ত তেওঁ আপোচ কৰিবলৈ অলপো ৰাজী নাছিল৷ অথচ ৰাজনীতিৰ কুটিল পাকচক্ৰত তেৱেঁই হৈ পৰিল স্বয়ং ভগৱান৷ পূৰ্বতে উল্লেখ কৰি অহা হৈছে যে বৌদ্ধ মতবাদে তৎকালীনভাৱে বৈদিক পৰম্পৰাৰ ভেঁটি কঁপাই তোলাত তাৰ ধ্বজাবাহী পুৰোহিত আৰু ৰাজন্যবৰ্গ ভীত-সন্ত্ৰস্ত হৈ উঠিছিল৷ পৰিশেষত তেওঁলোক সফল হ’ল৷ বৌদ্ধ মতৰ মাজৰ পৰাই তেওঁলোকে বিচাৰি উলিয়ালে সেই মত উৎখাতৰ বীজমন্ত্ৰ৷ পৰৱৰ্তী কালত বৈদিক ধৰ্মৰ সৰলীকৰণে— বিশেষকৈ ভক্তি-আন্দোলনৰ অভ্যুত্থানে ভাৰতবৰ্ষত বৌদ্ধধৰ্মৰ বিলুপ্তিৰ পথ সুগম কৰি তোলে৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৌদ্ধমাৰ্গীসকলে মূল মতৰ অনেক পৰিৱৰ্তন সাধন কৰে৷ ফলত এই মতবাদ মহাযান, হীনযান, বজ্ৰযান, কালচক্ৰযান, সহজযান আদি বিভিন্ন শাখা-প্ৰশাখাত বিভক্ত হয়৷ তান্ত্ৰিকতা, গুপ্ত আচাৰ-অনুষ্ঠান হৈ পৰে কেতবোৰ শাখাৰ নিত্য-নৈমিত্তিক কাৰ্য৷ ইয়াৰ ফলত ভাৰতৰ বুকুৰ পৰা বৌদ্ধধৰ্মৰ বিলুপ্তি ত্বৰান্বিত হয়৷ আজিৰ বৌদ্ধসকলে বুদ্ধদেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা-সেৱা কৰা কাৰ্য বুদ্ধৰ ধ্যান-ধাৰণাৰ পৰিপন্থী আৰু এই মহান চিন্তা-নায়কজনৰ প্ৰতি এক ধৰণৰ উপহাস যেন ধাৰণা হয়৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *