এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)
তৃতীয় অধ্যায় (খ)
আমনিদায়ক কৈশোৰ
ঊনৈশ শতিকাৰ চিলিত, লেটিন আমেৰিকাৰ অন্যান্য দেশবোৰৰ তুলনাত ব্যাপকতৰ ৰূপত উদাৰবাদী চিন্তাধাৰাই লক্ষ্যণীয়ভাবে গা কৰি উঠিছিল। ফলত, গিৰ্জা আৰু ৰাষ্ট্ৰৰ ভূমিকা সম্পৰ্কে গভীৰ বিতৰ্কৰ সূচনা হৈছিল। এই বিতৰ্কই সাধাৰণতে ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত কিছু আলোড়নৰ সৃষ্টি কৰিলেও, ইয়াৰ প্ৰভাৱে শিক্ষা ক্ষেত্ৰক বাৰুকৈয়ে জোকাৰি গৈছিল। এনে অৱস্থাত এক ইতিবাচক চিন্তাধাৰাৰ উদ্ভৱ হৈছিল আৰু ফলশ্ৰুতিত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰে সমাজক আগুৱাই নিয়াৰ পৰিকল্পনা, চিন্তাশীল ব্যক্তিসকলৰ মনত উদয় হৈছিল। এই দৰ্শন মূলতঃ আছিল যাজক বিৰোধী, যিয়ে ধৰ্মীয় চিন্তাধাৰাতকৈ মানৱীয় চিন্তাধাৰাক অধিক গুৰুত্ব দিছিল; ‘ইতিবাচক’ নামৰ শব্দটোৱে, আমাৰ চৌপাশে বিৰাজ কৰা জগতখনৰ পৰা লভা জ্ঞানকে বুজাইছিল। যোচ ভিক্টোৰিনো লেষ্টাৰিয়াৰ দৰে অন্যান্য মেধাজীৱীসকলে, ‘ইতিবাচক’ ধাৰণাৰ দৰ্শনৰ সমৰ্থনত যুক্তি দি কৈছিল যে, মানুহে জ্ঞাত সসীম জগতখনৰ আওতাৰ ভিতৰতে সুখ শান্তিৰ সন্ধান কৰিব লাগে।
নতুন চিন্তাৰ ক্ষেত্ৰত, চিলিৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত দেখা দিয়া উকমুকনিয়ে নেফটালিৰ সাহিত্য-চৰ্চাকো প্ৰভাৱিত কৰিছিল। ঠিক তেৰ বছৰত ভৰি দিয়াৰ দিনাখন, নেফটালিৰ চৰ্মসাৰ মুখমণ্ডলত তেতিয়া দুই এডাল গোঁফ গজিছে নে নাই, তেওঁ উত্তেজিত হৈ অলপ আগতে বাৰান্দাত বহি লিখা এটি ৰচনা অর্লেন্দোৰ হাতত তুলি দিছিল, যিটোত তেওঁ তেওঁৰ সাহিত্যিক সামৰ্থ্যেৰে সেই সময়ত বিৰাজ কৰা পৰিস্থিতিক সংযোজিত কৰাৰ প্ৰথম চেষ্টা কৰিছিল।
চুটি চাপৰ, দেখাত ক’লা অৰ্লেন্দোই, অকণো নোৰোৱাকৈ খৰধৰকৈ ৰচনাখন পঢ়িছিল আৰু মুখত এমোকোৰা হাঁহি বিৰিঙাই তেওঁ তেওঁৰ ভতিজাকক আশ্বাস দিছিল যে, তেওঁ সেই লেখাটো ‘লা মানানা’ নামৰ আলোচনীখনত প্ৰকাশ কৰিব।এয়া আছিল নেফটালিক খুড়াকে দিয়া সৰ্বোৎকৃষ্ট উপহাৰ, কাৰণ ইয়ে মুহূৰ্তৰ বাবে হ’লেও, তেওঁক অহৰ্নিশে খেদি ফুৰা অশান্তিৰ পৰা মুক্ত কৰিছিল।
উক্ত ৰচনাটোত প্ৰতিভাত হোৱা মনোগত আৰু শৈলীগত বৈচিত্ৰ্যই অৰ্লেন্দোক মোহিত কৰাৰ উপৰিও, তেওঁ আচৰিত হৈছিল এজন কোমল বয়সীয়া ল’ৰাৰ চিন্তাৰ স্ফুৰণ দেখি। ‘উদ্যোগ আৰু অধ্যৱসায়’ শিৰোনামেৰে লিখা ৰচনাখন নেফটালিয়ে আৰম্ভ কৰিছিল এনেদৰে :
“দুটা কাৰকৰ ওপৰতে মানুহৰ উন্নতি আৰু শ্ৰীবৃদ্ধি মূলতঃ নিৰ্ভৰ কৰে। এই উদ্যোগমুখিতা আৰু অধ্যৱসায়ৰ অভাৱৰ ফলত কিমানবোৰ ভাল ভাল আঁচনি যে ব্যৰ্থ হোৱা নাই। সেয়েহে এই গুণ দুটা আয়ত্ব কৰি, যদিহে কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰা যায়, তেতিয়া দেশে তাৰ জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্ৰী বহুলভাৱে পাবলৈ সক্ষম হ’ব।”
তেওঁ আৰু লিখিছিল, “এই শতিকাৰ দাৰ্শনিকসকলে উদ্যোগ আৰু অধ্যৱসায়ৰ ওপৰত সত্যনিষ্ঠতা আৰু স্বচ্ছতাৰে অনেক লেখামেলা কৰিছে, সেইবোৰ যদি আমি সকলোৱে, বিশেষকৈ শ্ৰমিক শ্ৰেণীয়ে পঢ়ি-শুনি আয়ত্ব কৰিব পাৰোঁ, ইয়ে মানৱ জাতিক সাংঘাতিকভাৱে উপকৃত কৰিব।”
নেফটালিয়ে, তেওঁ থকা চহৰখনৰ আশেপাশে জুপুৰিবোৰত অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰা ৰে’লআলিৰ মজুৰ আৰু প্ৰতিদিনে দুৰ্ব্যৱহাৰৰ বলি হোৱা মোপুছোসকলৰ উপৰিও লোটা কয়লাখনিৰ নিগৃহীত শ্ৰমিকসকলৰ অৱস্থা চকুৰ সম্মুখত দেখি উপৰিউক্তধৰণে চিন্তাত উপনীত হৈছিল। তদুপৰি, দেশত শতবাৰ্ষিকী উদযাপনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবেকৰ সংকটেও তেওঁৰ লেখাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছিল আৰু ইয়াক তেওঁ তেওঁৰ নিজস্ব ভংগীৰে উত্থাপন কৰিবলৈ গৈ দেশজুৰি উখলমাখল লগোৱা নতুন দৰ্শনক ইতিবাচক আৰু অধিক মানৱীয় আখ্যা দিছিল। বহল অৰ্থত, মনোগত দিশৰ পৰা, তেওঁ এই লেখাটোৰ জৰিয়তে নিজকে পাঠকসকলৰ মাজত লেখক আৰু চিন্তাবিদ হিচাবে শক্তিশালী ৰূপত আত্মপ্ৰকাশ ঘটাবলৈ সক্ষম হৈছিল।
নেফটালিৰ চিন্তাত পোনপটীয়াকৈ প্ৰতিফলিত হোৱা এনে অগ্ৰৱৰ্তী উদাৰপন্থী দৃষ্টিভংগী, দিন যোৱাৰ লগে লগে, চিলিৰ সুকীয়া পটভূমিত বৌদ্ধিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠা লভিছিল। উদাৰপন্থী কৰ্মীসকলৰ ওপৰত বছৰ বছৰজুৰি কঠোৰ নিৰ্যাতন চলোৱা সত্ত্বেও, এই ভাবধাৰাই পৃথক পৃথক পৰিৱেশত পৃথক ৰূপ পৰিগ্ৰহণ কৰি, সুস্থ সবল ৰূপত আত্মপ্ৰকাশ কৰিছিল, যাৰ অৱধাৰিত পৰিণতিত, ১৯৭০ চনৰ গণতান্ত্ৰিক নিৰ্বাচনত ছালভাদৰ এলেন্দিয়ে মাৰ্ক্সবাদী সমাজতান্ত্ৰিক ৰাষ্ট্ৰপতি হিচাপে চিলিত অধিষ্ঠিত হৈছিল, যি জয়লাভত টেমুকোৰ কবিজনে ৰাজহুৱাকৈ বলিষ্ঠতাৰে অংশ গ্ৰহণ কৰিছিল।
প্ৰভাতী কৈশোৰৰ বছৰবোৰত, নেফটালিৰ মনোযোগ আন এক সামাজিক সংগ্ৰামে আকৰ্ষিত কৰিছিল; সেয়া আছিল— ছোৱালী। প্ৰথম দৰ্শনতে, এমেলিয়া আলভিছো নামৰ ছোৱালীজনীয়ে নেফটালিৰ মনত নিৰ্বাপিত কৰিব নোৱাৰাকৈ গভীৰ আসক্তিৰ সৃষ্টি কৰিছিল। তেওঁ তেতিয়া আছিল তেৰ বছৰীয়া। ছোৱালীজনীৰ বিষয়ে বন্ধু এজনে পাছত বৰ্ণনা কৰি কৈছিল, “কমনীয় ব্যক্তিত্বৰে উজ্বল মুগা বৰণীয়া তাই, ক’লা চকুযুৰিৰে অপৰূপা আৰু যৌন আৱেদনময়ী আছিল। তাই আছিল ভাল পিয়ানোবাদিকা আৰু শিল্পীসুলভ মনৰ সুৰুচিসম্পন্না ছোৱালী।”
তাইৰ মাক-দেউতাক টেমুকো চহৰত বিদ্যুৎ যোগান ধৰা, এটি কাৰখানাৰ মালিক আছিল। বাস্তৱিকতে, তাই আছিল সেই চহৰখনৰ ভিতৰত আটাইতকৈ চহকী পৰিয়ালৰ ছোৱালী। সেই গুণে মাক-দেউতাকে তেওঁলোকৰ ছোৱালীজনীক, সামান্য ৰে’লআলিৰ পৰিচালক হিচাপে কাম কৰা দেউতাকৰ সন্তান নেফটালিৰ সৈতে জীয়েকক মিলামিছা কৰিবলৈ বাৰণ কৰিছিল। ইয়ে নেফটালিক বৰ আঘাত দিছিল। গভীৰ হতাশাৰে চূৰ্ণবিচূৰ্ণ হৈ তেওঁ নিজকে কবিতাত আত্মনিয়োগ কৰিছিল। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে, তেওঁ তেওঁৰ আৱেগ অনুভূতিবোৰক কবিতাৰ মাজেদি ধ্বনিত কৰি দুখ যন্ত্ৰণা আৰু হতাশাৰ পৰা মুক্ত হ’ব, যিহেতু কবিতাৰ মাজতেই লুকাই থাকে এনে ৰোগ নিৰাময়ৰ ঔষধি শক্তি।
তেওঁ অসাধাৰণ দক্ষতাৰে, কবিতাত প্ৰচলিত ছন্দ আৰু ধ্বনিৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছিল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অভিযোজনা আছিল কবিতাৰ শাৰী বা পংক্তিবোৰ আঠটা শব্দাংশৰ মাজতে সীমাবদ্ধ নাৰাখি ইয়াক কম অথবা বেছি কৰাৰ বেলিকা নমনীয়তা প্ৰয়োগ কৰা। তেওঁ কোৱেভেদোৰ অলংকাৰবহুল শিল্পৰীতিৰে পৰিপূৰ্ণ ছনেটবোৰৰ “ঐতিহাসিক সুৰৰ মূৰ্চ্ছনা” হৃদয়ংগম কৰাৰ চেষ্টা কৰিছিল আৰু এইবোৰৰ মাজত প্ৰায়ে দ্ৰুত তাল ৰক্ষা কৰি লিখা তীক্ষ্ণ শ্লেষাত্মক কবিতাবোৰো অনুধাৱন কৰাৰ প্ৰতি সচেষ্ট হৈছিল। শ্ৰেণী কোঠাৰ ভিতৰে বাহিৰে, এজন অত্যন্ত আগ্ৰহী পঢ়ুৱৈ হিচাবে, নেফটালিক অৱশ্যে প্ৰথম অৱস্থাত পৰম্পৰাগত ছন্দেৰে লিখা কবিতাবোৰে প্ৰলুব্ধ কৰিছিল, সেয়েহে, আৰম্ভণিতে স্বতঃস্ফুৰ্তভাৱে তেওঁ সেই শৈলীকে অৱলম্বন কৰি লিখিছিল। দুই-এজন গুৰুৰ পৰা অলপ-অচৰপ দীক্ষা পালেও, কোনো আনুষ্ঠানিক সৃজনশীল শিক্ষা নোলোৱাকৈয়ে তেওঁ স্বতঃপ্ৰণোদিত হৈয়েই লিখিব লৈছিল। গভীৰ আস্থা ৰাখি অবিৰত প্ৰচেষ্টাৰে কৈশোৰ বয়সতে লিখা কিছুমান সফল কবিতাৰে অনুশীলন পৰ্ব শেষ কৰাৰ ফলশ্ৰুতিতেই, পাঁচ বছৰ পাছত তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছিল উৎকৃষ্টমানৰ “কুৰিটা প্ৰেমৰ কবিতা আৰু এটি হতাশাৰ গান” নামৰ কবিতাপুথিখন। ইয়াৰ কবিতাবোৰত তেওঁৰ উথলি পৰা আৱেগ-অনুভূতিৰ তীব্ৰতাক যি অপূৰ্ব দক্ষতাৰে নিষ্কাশন কৰি, নিজে গঢ়া সাঁচত বৰ্ণাঢ্য ধাৰা আৰু কাব্যিক কলা-কৌশল প্ৰয়োগ কৰি লিখিছিল, সেয়া আছিল অতুলনীয়। লগতে, এই কবিতাবোৰত কবিয়ে নিয়মিত ৰূপত ব্যৱহাৰ কৰা তাল আৰু লয়ৰ পুনৰাবৃত্তিয়ে পাঠকৰ মনত আৱেগৰ সঞ্চাৰ ঘটাবলৈও সমৰ্থ হৈছিল। কবি ৰবাৰ্ট হাছে লিখাৰ দৰে, “কবিতাৰ ফৰ্মৰ ধৰণ-কৰণেই সাকাৰ ৰূপ দিয়ে ৰচনাৰ ব্যঞ্জনাৰ শক্তিক”।
‘পাবলো নেৰুডাৰ কবিতা’ নামৰ গ্ৰন্থত ৰেণে দা কোস্তাই আলোচনা প্ৰসংগত কৈছিল যে, নেৰুডাই তেওঁৰ কবিতাত সুশৃংখল শৈলী ব্যৱহাৰৰ যোগেদি ফলপ্ৰসূ হোৱাকৈ অতিৰিক্ত গ্ৰহণযোগ্যতা আদায় কৰিবলৈ সক্ষম হৈছিল। ধাৰাবাহিকতা ৰক্ষা কৰি ঘনাই চৌপদীত লিখা, সন্তুলিত পংক্তিবোৰৰ ফৰ্মে, পাঠকৰ মনত এনে ধাৰণাৰ সৃষ্টি কৰিছিল যেন, এয়া খৰখেদাকৈ লিখাৰ বিপৰীতে অতি সুবিন্যস্ত ৰূপত ৰচনা কৰা চিৰায়ত কবিতাহে, যাক সঁচা অৰ্থত সাৰ্থক সাহিত্য বুলি ক’ব পাৰি। নেফটালিয়ে নিশ্চিতভাৱে, তেওঁৰ কবিতাক মহিমান্বিত কৰাৰ বাবে যৎপৰোনাস্তি কৰিছিল।
বৰ্ণাঢ্য তেৰ বছৰীয়া ৰূপান্তৰৰ মাজেদি আগবঢ়া নেফটালিয়ে জৰুৰীভাৱে কিবা এটা কৰাতকৈ যেন, ৰচনাৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন সাধনৰ চিন্তা কৰিছিল। সম্ভৱতঃ, এই ক্ষেত্ৰত অৰ্লেন্দোৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল। বেপৰোৱাকৈ নহ’লেও, নেফটালিয়ে গভীৰভাৱে উপলব্ধি কৰিছিল যে তেওঁৰ কবিতা আনে নপঢ়াৰ অৰ্থই হ’ল, যি উদ্দেশ্যত লিখা হৈছিল, সেয়া বিফল হোৱা। সেয়ে তেওঁ বিচাৰিছিল, তেওঁৰ কবিতাত সকলোৱে ভাগ লওক, ইয়াক প্ৰচাৰ কৰক, মূলতঃ যাতে তেওঁ আৰু তেওঁৰ কবিতা সকলোৰে গ্ৰহণযোগ্য হয়, সকলোৱে অনুমোদন কৰে আৰু বৈধতা প্ৰদান কৰে। লাজকুৰীয়া স্বভাৱ স্বত্তেও, তেওঁ অনুধাৱন কৰিছিল যে তেওঁৰ মাজত কঢ়িয়াই লৈ ফুৰা ইতিবাচক বস্তুটোৱে হ’ল কবিতা আৰু সেয়েহে তেওঁ সাহস গোটাই লৈছিল তাক প্ৰকাশ কৰিবলৈ।অৰ্লেন্দোৰ দ্বাৰা উৎসাহিত হৈ তেওঁ তেওঁৰ এটি কবিতা ছাণ্টিয়াগোৰ পৰা ওলোৱা এখন জনপ্ৰিয় আলোচনীত প্ৰকাশৰ বাবে পঠিয়াইছিল। সমসাময়িক পাঠকৰ বাবে সেই আলোচনীখন কিছু পৰিমাণে অগভীৰ আৰু অমাৰ্জিত আছিল যদিও তাত নতুন কবিৰ ৰচনাৰ বাবে এটা শিতান আছিল। আলোচনীখনৰ সম্পাদকে সেইটো ছপাব বুলি কোৱাত নেফটালিয়ে আনন্দত অধীৰ হৈ “লা মানানা“ৰ কাৰ্যালয়লৈ “টায়ো টায়ো”-কৈ, চিলিৰ ভাষাত জোৰেৰে চিঞৰি চিঞৰি গৈ খবৰটো দিছিল।
কথামতেই, ১৯১৮ চনৰ অক্টোবৰৰ ৩০ তাৰিখে, তেওঁৰ ১৪বছৰ উকলি যোৱাৰ কেইমাহমান পাছত তেওঁৰ “মোৰ চকুযুৰি” নামৰ কবিতাটো “কৰিভুৱেলা“ অৰ্থাৎ (Run-Fly) নামৰ আলোচনীখনত প্ৰকাশিত হৈছিল।
মোৰ চকুযুৰি যদি কঠিন আৰু ক’লা হ’লহেতেঁন
আৰু কলিজাৰ গভীৰত আঘাত কৰিলেহেঁতেন,
আৰু মোৰ অৰ্থহীন সপোন, আশা অথবা বিভ্ৰান্তিৰ একোৱেই প্ৰকাশ
নকৰিলেহেঁতেন।
কলুষিতসকলৰ বাবে চিৰদিনে অস্পষ্ট,
নীলকান্ত মণিৰ দৰে সুনীল আৰু স্নিগ্ধ
আৰু সিহঁতে আভাস নাপায় মানুহৰ দুখৰ
কিম্বা জীয়াই থকাৰ আনন্দৰ।
কিন্তু মোৰ এই চকুযুৰি অজলা আৰু কৰুণ:
এয়া নহয় যে মই সিহঁতক কেনেকৈ কামনা কৰোঁ
অথবা সিহঁত কেনে হোৱা উচিত।
কেবল মোৰ অন্তৰেহে মোৰ চকুযুৰিক সজাই-পৰাই
অৱলোকন কৰাব পাৰে ইয়াৰ দুখ।
কৈশোৰৰ সেই বয়সত লিখা আন কবিতাবোৰৰ দৰে, ‘মোৰ চকুযুৰি’ কবিতাটোৰ মাজেদি কবিয়ে ব্যক্তিগত দুঃখবোধ আৰু নিৰানন্দতাৰ পৰা পলোৱাৰ বাট বিচাৰিছিল। তেওঁ ভালকৈয়ে অৱহিত আছিল যে, পৃথিৱী সম্পৰ্কে তেওঁৰ ধাৰণা অপৰিশোধিত সত্য নহয়। তেওঁ সেই হৃদয়ৰে গৰাকী যি হৃদয়ে তেওঁৰ দেহত তেজৰ চলাচল অব্যাহত ৰাখি আৱেগ আৰু অনুভূতিবোৰত মানৱীয় উপাদান সংযোজিত কৰে আৰু চকুযুৰিক কেবল চৌপাশক অৱলোকন কৰাৰ মাজতে সীমাবদ্ধ নাৰাখি উপলব্ধ অনুভূতিবোৰক তপত আভাৰে উজ্জীৱিত কৰে।
পৰবৰ্তী দুবছৰৰ ভিতৰত, টেমুকো, ছাণ্টিয়াগো, ভেলপাৰাইজো ইত্যাদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ওলোৱা আলোচনীবোৰত তেওঁৰ প্ৰায় ত্ৰিশটা কবিতা প্ৰকাশিত হৈছিল। এই আলোচনীবোৰৰ বেছিভাগেই সংস্কাৰকামী মনোভাৱৰ আছিল।
নেফটালিয়ে তেওঁৰ এই কৃতকাৰ্যতাক বিনয়পূৰ্বক, অতি সন্তুষ্টিৰে গ্ৰহণ কৰিছিল। তেওঁৰ এনে প্ৰাৰম্ভিক কৃতকৰ্য্যতাই, তেওঁৰ কবি হোৱাৰ সংকল্পক সুদৃঢ় কৰিছিল। ইয়াৰ মাজেৰে তেওঁ যে অকল অস্বস্তিকৰ দৈহিক আৰু সামাজিক ক্ষেত্ৰৰ পৰা উত্তৰণ বিচাৰিছিল এনে নহয়, তেওঁ ইয়াৰ মাজেৰে নিজকে পেছাগত দিশত জীৱনজোৰা কবি হিচাবে প্ৰতিষ্ঠিত হোৱাৰ মানস কৰিছিল।