অনুবাদপ্ৰবন্ধ

এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)

চতুৰ্থ অধ্যায় (খ)
(তৰুণ কবি)

১৯১৯ চনৰ জুলাইৰ ৩০ তাৰিখে নেফটালিয়ে ৰাজহুৱাকৈ প্ৰথমবাৰৰ বাবে নিজকে কবি হিচাবে আত্মপ্ৰকাশ কৰি লিখা ছনেটটো আছিল—, “কবি যিজন বুৰ্জোৱাও নহয় নিঃকিনো নহয়” (The poet Who is neither Bourgeoisie nor Humble):
পোন্ধৰ বছৰত ভৰি থোৱা এজন বালক,
অশেষ যন্ত্ৰণা ভুগি যিজনে লিখে কবিতা
হতাশাৰে ভৰা যাৰ জীৱন,
যেতিয়া আন দহ জনে হাঁহিমাতি উলাহত মচগুল।

এইদৰে দুখে-ভাগৰে পাৰ হয় তেওঁৰ জীৱন
(মানুহে আৱিষ্কাৰ কৰিবলৈ বাকী
যে তেওঁতেই লুকাই আছে কবি
যিজন ল’ৰা হৈয়ো ল’ৰামতীয়া নহ’ল।)

এবুকু বেদনা বান্ধি, তেওঁ অপেক্ষা কৰে সগৌৰৱে
অজানমুলুকত অকলে, সুদিন আহিবই বুলি
ভাবি ভাবি বলিয়াৰ দৰে।

মন কৰিলগীয়া যে, উপৰিউক্ত কবিতাটোত ৰচনাৰ তাৰিখ থকাৰ উপৰিও “কেমিষ্ট্ৰি ক্লাছত” লিখা বুলি উল্লেখ আছিল। শ্ৰেণীৰ সহপাঠীসকলে তেওঁক সোৰোপা বুলিয়েই জানিছিল। বিশেষকৈ গণিত আৰু বিজ্ঞানত তেওঁ কেঁচা আছিল। কিন্তু এই অনীহাই কোনো কাম দিয়া নাছিল।
এইদৰে নেফটালিয়ে যেতিয়া কবিতাকে তেওঁ মুক্তিৰ পথ হিচাবে লৈছিল, তেতিয়া দেউতাক যোচ ডেল কাৰমেনে এই কথাটো ভাল পোৱা নাছিল। তেওঁ নেফটালিক লিখামেলা নকৰিবলৈ সতৰ্ক কৰি দিছিল; যোচে বিচৰা নাছিল যে তেওঁৰ সন্তান খাবলৈ নোপোৱা এজন কলাকাৰ হওঁক কিম্বা ভৱঘূৰে হওঁক; তেওঁ বিচাৰিছিল যে অন্য নহ’লেও তেওঁৰ সন্তানে মধ্যবিত্ত অথবা উচ্চ মধ্যবিত্তীয় সুচল জীৱন এটা যাতে কটাব পাৰে তাৰ ব্যৱস্থা কৰক, আৰু তেওঁ নিশ্চিত আছিল যে কবিতাৰ গীতিময়তাই ধনসম্পত্তি আহৰণৰ বাট মুকলি নকৰে।


সংগীতৰ প্ৰতি ৰাপ থকা, নেফটালিৰ সতীয়া ভায়েক ৰোদোলফোও, কলাবিমুখ বাপেকৰ গালি-গালাজৰ হাত সাৰিব পৰা নাছিল। বহুদিন পাছত স্মৃতিচাৰণ কৰি ৰোদোলফোই তেওঁৰ নাতিয়েকক কৈছিল, এদিনাখন যোচ ডেল কাৰমেনে জৰুৰী মিটিং এখনৰ বাবে স্কুললৈ যাবলৈ ওলাইছিলহে, এনেতে গানৰ শিক্ষকজন প্ৰসন্নচিত্তে হাঁহি হাঁহি ঘৰত সোমোৱাত, তেওঁ খঙত টিঙিৰি তুলা হৈছিল। সেই সময়তে ৰোদোলফোও আহি ঘৰত সোমাইছিল। শিক্ষকজনে কাৰমেনক বুজনি দি কৈছিল যে সঙ্গীতৰ ক্ষেত্ৰত অনন্য প্ৰতিভাৰ অধিকাৰী ৰোদোলফোক পেছাদাৰী গায়ক হিচাবে প্ৰতিষ্ঠা লভাৰ সুযোগ দিব লাগে। ইয়াকে কৈ শিক্ষকজনে পকেটৰ পৰা টেলিগ্ৰাম এখন উলিয়াই যোচ ডেল কাৰমেনৰ হাতত দিছিল। টেলিগ্ৰামখনত লিখা আছিল, “ৰোদোলফোক ছাণ্টিয়াগোৰ মৰ্যদাপূৰ্ণ শিক্ষানুষ্ঠান হিচাবে জনাজাত জাতীয় সঙ্গীত বিশ্ববিদ্যালয়ে পূৰ্ণ জলপানিসহ (Full scholarship) নাম ভৰ্তিৰ বাবে বাচনি কৰিছে”। টেলিগ্ৰামখন পঢ়ি উঠি যোচ ডেল কাৰমেনে একো নোকোৱাকৈ মনে মনে আছিল।
সম্পূৰ্ণ নীৰৱতাৰ মাজত কিছুদিন যোৱাত, ৰোদোলফোৱে এদিন ভয়ে ভয়ে দেউতাকৰ ওচৰত থিয় হৈ কথাটো উলিওৱাত, যোচ ডেল কাৰমেনে খঙত একো নাই হৈ সম্মুখত থকা পুতেকক অপগণ্ড, এলেহুৱা, নিৰ্বোধ, খালী গান গান বুলি কৈ চিঞৰি চিঞৰি যথেচ্ছাই গালি পাৰিছিল আৰু প্ৰচণ্ড ক্ৰোধৰ ৰাজঅভিষেক ঘটাই তেওঁ পিন্ধি থকা জোঙা জোতাৰে বিস্ফোৰক গোৰ মাৰি ৰোদোলফোক মজিয়াত বগৰাই দিছিল। ইয়াতে ক্ষান্ত নাথাকি তেওঁ কঁকালৰ পেটীডালেৰে পুতেকৰ পিঠিত উপৰ্যুপৰি কোবাইছিল আৰু গুজৰিগুমৰি বলকিছিল, “জহান্নামে যোৱা ধোদ ক’ৰবাৰ, তিন তেলনি মাৰি খাব পাইছ। হায়, কি যে সন্তান জন্ম দিছোঁ, এজনে যোগ দিছে বিদ্ৰোহী আৰু মদপীৰ দ’লত আৰু আনজন জধামূৰ্খয়ো সেই একে ৰাস্তাকে লৈছে”!
নেফটালিয়েও পেটে পেটে ভয় কৰি আছিল যে এনে হিংস্ৰতা তেওঁৰ ওপৰত কোনদিনা নামে ঠিকনা নাই, আৰু সঁচাসঁচিকৈয়ে সেই দিনটো আহিছিল। এদিনাখন, যোচ ডেল কাৰমেনে হঠাৎ খৰ্গহস্ত হৈ হুৰমূৰকৈ নেফটালিৰ কোঠাত সোমাই টেবিলৰ ওপৰত থাক-থাককৈ থোৱা কিতাপপত্ৰ আৰু লিখামেলা কৰা কাগজপাতিবোৰ গুৰিয়াই বগৰাই দিয়েই ক্ষান্ত নাথাকি সেইবোৰ খিৰিকীৰে দলিয়াই বাহিৰত পেলাই দিয়াৰ পাছত, তললৈ নামি গৈ জুই লগাই ভস্মীভূত কৰিছিল। নেফটালিয়ে ভয়তে কঁপি কঁপি আৰু পৰিয়ালৰ আনবোৰে এই নিদাৰুণ ঘটনা বিস্মিতনেত্ৰে লক্ষ্য কৰাৰ বাহিৰে উপায় নাছিল।
এই ঘটনাৰ পাছত, নেফটালিৰ অৱস্থা মূৰত সৰগ ভাঙি পৰাৰ দৰে হৈছিল। আগতকৈও বেছিকৈ তেওঁক হতাশাৰ গভীৰ অন্ধাকাৰে হেঁচি কৰিছিল। তেনে অৱস্থাত এদিন লোৰাই কোনেও নেদেখাকৈ হাতত সাৰে ভৰিত সাৰে আহি ককায়েকক নিজৰ কোঠালৈ মাতি নি মনে মনে লুকুৱাই ৰখা কেইখনমান নোটবুক তেওঁৰ হাতত তুলি দিছিল, যিবোৰত নেফটালিয়ে লিখা কিছু কবিতা আছিল আৰু যিবোৰৰ কথা তেওঁ সমূলি পাহৰি গৈছিল। কবিতাবোৰ অস্পষ্ট হোৱা বাবে নেফটালিয়ে ভনীয়েকক সেইবোৰ স্পষ্টকৈ লিখি দিবলৈ কৈছিল। নেফটালিয়ে যে ল’ৰালি কালতে কবিতা লিখিছিল তাৰ সাক্ষ্য আজিলৈকে মাথোঁ সেইকেইটা কবিতাই বহন কৰি আহিছে। ভনীয়েকৰ এনে আলফুলীয়া মৰমে নেফটালিক অভিভূত কৰিছিল আৰু সেই দিনৰ পৰাই দুয়োৰে মাজত চেনেহৰ বান্ধোন আৰু অধিক নিকপকপীয়া হৈছিল৷ তেওঁ নিশ্চিতভাৱে বুজিছিল যে ভনীয়েকে বাপেকৰ বিপৰীতে গৈ হ’লেও ককায়েকৰ একান্ত বিশ্বাসী হবলৈ পিছ নুহুহুকিব৷
বাপেকৰ জোৰ-জবৰদস্তি সত্ত্বেও, নেফটালিয়ে কবিতাৰ মাজেৰে তেওঁৰ আবেগ-অনুভূতি নিৰ্ভয়ে প্ৰকাশ কৰিবলৈ এৰা নাছিল। ১৯২০ চনৰ বাৰ জুলাই তাৰিখে, তেওঁৰ ষোল্ল বছৰীয়া জন্মদিনত কমেও দুটা কবিতা লিখিছিল। তাৰে এটা আছিল ছনেট, যিটোৰ নাম দিছিল : “আত্মজীৱনীমূলক অনুভূতি” (Autobiographic Sensation)।

ষোল্ল বছৰ আগতে মই উপজিছিলোঁ এখন
ধূলিধূসৰিত চহৰত—
আজিলৈকে মোৰ অজানা,
শুভ্ৰ সেই চহৰ যে কিমান দূৰৈত,
শুনিবলৈ কিছু আপচু
আৰু হাস্যকৰ যেন লাগিলেও,
হে মোৰ অনাই-বনাই ঘূৰি ফুৰা ভাই, মোৰ কৈশোৰলৈ যাওঁ ব’লা
আগুৱাই৷

তুমি মোৰ জীৱনৰ তেনেই
সামান্য সম্পদ।
জীৱনক মই যিমান দিছোঁ,
জীৱনে মোক দিয়া নাই একোকে,
হাৰ নামানি মই গৰ্বেৰে আঘাতবোৰক কৰোঁ উপহাস :
দুইৰ পাছতে তিনিৰ দৰে
দুখ মোৰ আত্মাৰ সহচৰ!

আৰুনো কি ক’ম—
হায় মোৰ মনত পৰে,
মই যেতিয়া আছিলোঁ দহ বছৰীয়া,
পৰাজয়ৰ সকলো সুৰুঙা বন্ধ কৰি ক্ষতিকৰ সকলোকে পৰাস্ত কৰি পোনাইছিলো মোৰ দীঘলীয়া বাট :

কোনোবা গাভৰুক ভাল পাওঁ
অথবা এখন কিতাপ লিখোঁ৷
কিন্তু মই সফল নহ’লোঁ,
কাৰণ কিতাপখন পাণ্ডুলিপি
হৈয়েই থাকিল
আৰু মই ভাল পাব লৈছিলোঁ কেৱল এজনীকে নহয়, পাঁচ ছয়জনীক….

নেফটালিয়ে তেওঁৰ দুঃখময় পৰিস্থিতিৰ মাজতো উপৰিউক্ত কবিতাটোৰ জৰিয়তে আচৰিতধৰণে আত্মবিশ্বাস ব্যক্ত কৰিবলৈ গৈ কৌতুকতা পৰিহাৰ কৰা নাছিল—আনকি নিৰ্বোধ সৰলতাৰে নিজকে অগ্ৰাহ্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। আগৰ বছৰবোৰত লিখা কবিতাবোৰত যিদৰে বিষাদভৰা চিত্ৰকল্প ব্যৱহৃত হৈছিল, এইবাৰ যেন তেওঁ তাৰ পৰা কিছু পৰিমাণে আঁতৰি পৰিছিল। ষোল্ল বছৰ বয়সত একেলগে লিখা দুটা কবিতাৰ আনটোত যেনেকৈ নিৰাশাৰ ক’লা ডাৱৰে কবিক ঢাকি ধৰিছিল, এইটোত যেন কবিয়ে তাৰ পৰা ওলাই অহাৰ প্ৰয়াস কৰিছিল।
কৈশোৰ বয়সত লিখা কবিতাবোৰৰ ভিতৰত “El liceo” নামৰ কবিতাটো আছিল তেওঁৰ অন্যতম ক্ষুৰধাৰ কবিতা। কেনেকৈ নেফটালিয়ে পূৰ্বতকৈও সচেতনতাৰে তেওঁৰ সৃষ্টিশীল চাতুৰ্য প্ৰয়োগ কৰিব পৰা হৈছিল তাকে এই কবিতাটোত প্ৰতিফলিত হৈছিল। এইবাৰ যেন তেওঁ তেওঁৰ অন্তৰ্মুখীনতাৰ পৰা ওলাই আহি বাহিৰৰ দুখ-যন্ত্ৰণাৰে ভৰা বাস্তৱ জগতখনৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰিছিল। কবিতাক কেৱল বিনোদনৰ আহিলা হিচাবে ন’লৈ পেছা হিচাবেও যে ল’ব পাৰি, সেই ক্ষেত্রত তেওঁক দৃঢ় অৱস্থান গ্ৰহণ কৰা দেখা গৈছিল। সেয়ে টেমুকোৰ হতাশজনক পৰিস্থিতিক পৰ্যালোচনা কৰি তেওঁ লিখিছিল এইদৰে :

এল লিচিও! এল লিচিও! এটি দুখৰ সজাত
মোৰ হতভাগা জীৱন….মোৰ হেৰোৱা শৈশৱ!
কোনো কথা নাই, আগুৱাও ব’লা! কাৰণ
কালিলৈ অথবা তাৰ পিছ দিনা
মই বুৰ্জোৱা হ’মেই, সেই একেই উকীল,
অথবা চশমা পৰিহিত ডাক্তৰ, আৰু বন্ধ
কৰি দিম নতুন জোনৰ সন্ধান…
ছেঃ, এই জীৱন, গোলাবাৰুদৰ মাজত
থকাৰ দৰে এই জীৱন,
কবিয়ে কি দন্তচিকিৎসক হ’বই লাগিব!

তিনি মাহ পাছত, ১৯২০ চনৰ অক্টোবৰৰ পৰা, ৰিকাৰ্ডো নেফটালি ৰিয়েছ বেছোৱাল্টোৱে, তেওঁৰ কবিতাবোৰত পাবলো নেৰুডা নামেৰে চহী কৰিব লৈছিল। ইয়াৰ দ্বাৰা তেওঁ বাপেকৰ শেণচকুৰ পৰা নিজকে ৰক্ষা কৰাৰ উপৰিও, ছদ্মনাম এটি লোৱাৰ ৰোমাঞ্চকৰ তাগিদেও তেওঁৰ মনত ক্ৰিয়া কৰিছিল। মুঠতে, ইয়াৰ জৰিয়তে তেওঁ ঘোষণা কৰিছিল যে, তেওঁ আৰু এতিয়া নেফটালি ৰিয়েছ বেছোৱাল্টো নামৰ স্কুলীয়া ল’ৰা হৈ থকা নাই, তেওঁ এতিয়া পাবলো নেৰুডা নামৰ এজন কবি।
এই ছদ্মনামটোৰ উৎস সম্পৰ্কে বিতৰ্ক হোৱা দেখা যায়। কিয় জানোঁ, তেওঁ এই বিষয়টো স্পষ্ট কৰিবলৈ বিচৰা নাছিল আৰু কেতিয়াবা তেওঁ সঠিকভাৱে মনত নাই বুলি কৈ বিষয়টো এৰাই চলিছিল। বহুলভাৱে প্ৰচলিত তত্ত্ব অনুযায়ী, তেওঁ এখন আলোচনীত ছেকোশ্লভেকিয়াৰ লেখক জেন নেৰুডাই লিখা গল্প এটি পঢ়ি অনুভৱ কৰিছিল যে তেওঁ এই নেৰুডা উপাধিটো লৈ দেউতাকৰ দৃষ্টিৰ পৰা হাত সাৰিব পাৰিব। ১৯৬৯ চনত, মৃত্যুৰ চাৰি বছৰ পূৰ্বে, এটি সাক্ষাৎকাৰত যেতিয়া ব্ৰাজিলৰ লেখক ক্লেৰিচ লিস্পেক্টৰে নেৰুডাক এই বিষয়টো স্পষ্ট কৰিবলৈ কৈছিল, তেতিয়া তেওঁ সঁহাৰি দিছিল এইদৰে : “কি ক’ম, কোনোৱে আজিলৈকে ইয়াৰ সম্ভেদ উলিয়াব পৰা নাই”। কিছুমানে আকৌ মোৰাভিয়াৰ চমৎকাৰ বেহেলাবাদক উইলহেলমাইন নেৰুডাৰ পৰা এই উপাধিটো লোৱা বুলি মত প্ৰকাশ কৰা দেখা গৈছিল।
যিয়েই নহওঁক, তেওঁৰ নাম সলনি কৰাৰ কেইমাহমান আগতে তেওঁ “হায়, দেহটো দুখৰ”! (The Flesh is Sad) নামেৰে এটি কবিতা লিখিছিল, যিটোৰ কিয়দঅংশ এনেধৰণৰ :

হায় মোৰ হতভাগা, বিষাক্ত, ভয়াৱহ জীৱন!
তেৰ বছৰ বয়সতে মই পঢ়িছিলোঁ জুৱান লোৰেইন
আৰু তেতিয়াই মই মোৰ পাখি মেলা অনুভূতি
চেপি উলিয়াইছিলোঁ ৰস আৰু মোৰ যাতনাক
কৰিছিলোঁ বিলীন ভাৰলেইনৰ কবিতাৰ স’তে!

কবি পাবলো নেৰুডাই কবিতাৰ স্ৰষ্টা হিচাবে দোপতদোপে উন্নতিৰ জখলাৰে বগুৱা বাই গৈ থাকিল। ১৯২০ চনত তেওঁ বন্ধুবৰ্গৰ স’তে মিলি টেমুকোত সাহিত্যিক সন্মিলন এখন সংগঠিত কৰিছিল, য’ত শিল্পকলাৰ বিষয়ে দীঘলীয়া আলোচনা হৈছিল। সংবিধানসন্মতভাৱে গঠিত সমিতিখনে নিয়মীয়াকৈ বৈঠক আহ্বান কৰিছিল আৰু সকলোৰে বাবে ইয়াৰ দুৱাৰ মুকলি আছিল। মন কৰিবলগীয়া যে, সেই সময়ৰ চিলিত অভিজাত সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত সাহিত্য সভা আছিল যদিও সেইবোৰত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ আছিল। স্বাভাৱিকতে, এজন নৱপ্ৰজন্মৰ আটাইতকৈ সফল লেখক হিচাপে চহৰখনত জনাজাত হোৱা নেৰুডাৰ ওপৰতে এই সমিতিৰ সভাপতিৰ দায়িত্ব তৰ্কাতীতভাৱে সকলোৱে অৰ্পণ কৰিছিল। সম্পাদক হৈছিল নেৰুডাৰ সহপাঠী আলেজেন্দ্ৰো চেৰানি। প্ৰথম অৱস্থাত ইয়াৰ বৈঠকসমূহ সভ্যসকলৰ ঘৰে ঘৰে আৰু মাজে-সময়ে কোনোবা এখন ৰেস্তোৰাঁত পতা হৈছিল। সভ্যসকলৰ বেছিভাগেই ছাত্ৰ আৰু নির্ধনী ঘৰৰ আছিল। নেৰুডাই বাপেকৰ বাবে তেওঁৰ ঘৰত এনে বৈঠক আয়োজন কৰিব পৰা নাছিল আৰু আনহাতে, খুড়াক অৰ্লেণ্ডোৰ বাতৰি কাকতৰ অফিচটো সৰু হোৱা বাবে তাতো তেওঁ বৈঠকৰ আয়োজকৰ ভূমিকা গ্ৰহণ কৰিব পৰা নাছিল।
নেৰুডাই এই সমিতিৰ আলোচনাবোৰত সাহিত্যৰ ক্ষেত্ৰত ছাণ্টিয়াগোত বৰ্তমানে চৰ্চিত লেখা-মেলাৰ সন্দৰ্ভত আলোকপাত কৰাৰ উপৰিও নতুন ধ্যান-ধাৰণাৰ সূচনা কৰা, ৰুছ লেখকসকলৰ ৰচনাৰাজিৰ গুৰুত্ব সম্পৰ্কে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সাধাৰণতে লাজুক ল’ৰা এজনৰ পক্ষে ই আছিল এক তাৎপৰ্যপূৰ্ণ অগ্ৰগতি। নেৰুডাৰ আত্মপ্ৰত্যয় গঢ়ি তোলাৰ দিশত এনে বৈঠকবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই সময়ত ৰাজধানী ছাণ্টিয়াগোত ঘটা বিপ্লৱী ছাত্ৰ আন্দোলনৰ ধামখুমীয়াত সৃষ্টি হোৱা লেখনীবোৰে সমিতিৰ সভ্যসকলৰ মনত আলোড়ণৰ সৃষ্টি কৰিছিল। সভ্যসকলে চিলি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ফেডাৰেচনৰ তৰফৰ পৰা প্ৰকাশিত বাতৰিকাকত, ক্লেৰিদাদৰ (Clarity) লেখাবোৰৰ সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰিছিল, যিখন টেমুকো আৰু ইয়াৰ আশেপাশে প্ৰচাৰিত হৈছিল।
উল্লেখিত ছাত্ৰ ফেডাৰেচনটো আছিল লেটিন আমেৰিকাৰ বুকুত প্ৰতিষ্ঠা লভা প্ৰথম ছাত্ৰ সংগঠন। এই সংগঠনটো ১৯০৬ চনত জন্ম গ্ৰহণ কৰিছিল। আৰম্ভণিৰে পৰা এই সংগঠনটোৱে ছাত্ৰসকলৰ অধিকাৰ আৰু উদ্দেশ্য ৰক্ষাৰ্থে সংগ্ৰামত ব্ৰতী হৈছিল। প্ৰথম বিশ্বযুদ্ধই সৃষ্টি কৰা ধ্বংসলীলা আৰু আতংকৰ পৰিপ্ৰেক্ষিতত ১৯১৯ চনত ফৰাচী বুদ্ধিজীৱীসকলে যুদ্ধবিৰোধী যি ক্লাৰ্তে আন্দোলনৰ সূত্ৰপাত কৰিছিল, সেই ক্লাৰ্তে নামটোৰ পৰাই চিলিৰ ছাত্ৰ সংগঠনটোৱে ক্লেৰিদাদ নামটো লৈছিল। উল্লেখনীয় যে ফৰাচী বুদ্ধিজীবীসকলৰ দ্বাৰা প্ৰকাশিত তিনিদিনীয়া বাতৰিকাকতখনে বিশ্বভ্ৰাতৃত্ব অটুত ৰখাৰ বাবে আৰু যুদ্ধৰ বিৰুদ্ধে শান্তিৰ সপক্ষে ৰাজনৈতিক সংগ্ৰামৰ আহ্বান জনাইছিল।
কালক্ৰমত, বিভিন্ন লেখক আৰু কলাকুশলীসকলৰ যোগদান আৰু শ্ৰমিকইউনিয়নৰ  স’তে হোৱা মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত ভিন্নধৰ্মী মতবাদে গা কৰি উঠাত, এই ছাত্ৰ সংগঠনটোৰ প্ৰাসংগিতা কিছু পৰিমাণে হ’লেও হ্ৰাস পাইছিল। এজন ছাত্ৰ নেতাৰ মতে ছাত্ৰ ফেডাৰেচনৰ ভিতৰ চ’ৰা সংস্কাৰকামী, আন্তৰ্জাতিক সংস্থাৰ সদস্য, নিৰামিষভোজী, উদাৰপন্থী, তথাকথিত সমাজবাদী, সংহতিবাদী, নীৎসেবাদী আৰু কেথ’লিক ভাবাদৰ্শৰ লোকেৰে  ভৰি পৰিছিল।
ভিন্নধৰ্মী মতাদৰ্শেৰে ভৰপূৰ হ’লেও, সেই সময়ত দেশখনৰ শাসনৰ মুঠি দৃঢ়তাৰে ধৰি ৰখা চিলিৰ অভিজাতবৰ্গৰ বাবে, এই ছাত্ৰ সংগঠনটো, চকুৰ কুটা আৰু দাঁতৰ শূল হৈ পৰিছিল। ১৯২০ চনত, চিলিৰ অভিজাততন্ত্ৰ আৰু অন্যান্য শাসকবৰ্গই দেশত দেখা দিয়া শোচনীয় অৰ্থনৈতিক মন্দাৰ পৰিপ্ৰেক্ষিতত হাবুডুবু খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। খাদ্যশস্যৰ, বিশেষকৈ গমৰ দৰে ঘাই শস্যৰ নাটনিয়ে (যাৰ অৰ্থ মূল আহাৰ অৰ্থাৎ ৰুটিৰ ওপৰত আক্ৰমণ) দেশৰ সৰ্বত্ৰ নাকনিকাননিৰ সৃষ্টি কৰিছিল। ভয়াৱহ মুদ্ৰাস্ফীতিয়ে প্ৰবল ৰূপ ধাৰণ কৰাত প্ৰচলিত মজুৰিৰে শ্ৰমিকসকলে জীৱন নিৰ্বাহ কৰা কঠিন হৈ পৰিছিল। ধৰ্মঘট আৰু প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। পৰিস্থিতি বিষম দেখি মধ্যবিত্ত সমাজেও নজিৰবিহীনভাৱে ৰাজনীতিত যোগ দিছিল আৰু একে সময়তে শ্ৰমিক শ্ৰেণীয়েও নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ জৰিয়তে আনুষ্ঠানিকভাৱে পোনপটিয়াকৈ ৰাজনীতিৰ বলয়ত সোমাই পৰিছিল।

চতুৰ্থ অধ্যায় (গ)
(তৰুণ কবি)

১৯২০ চনত ঘোষিত নিৰ্বাচনে, চিলিত বিৰাজ কৰা উত্তেজনাময় পৰিস্থিতিক আৰু অধিক অৱনতিৰ পিনে ঠেলি দিছিল। প্ৰায় ত্ৰিশ বছৰ ধৰি কংগ্ৰেছ আৰু ৰাষ্ট্ৰপতিৰ পদ দখল কৰি থকা চিলিৰ ৰক্ষণশীল উচ্চতৰ শ্ৰেণীটো গভীৰ ভাবুকিৰ সম্মুখীন হৈছিল। সেই বছৰৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত, লিবাৰেল দলৰ প্ৰাৰ্থী আৰ্তুৰো এলেছেন্দ্ৰিয়ে ৰক্ষণশীল দলৰ হাতত সামান্য ভোটৰ ব্যৱধানত পৰাস্ত হ’লেও, ইলেক্টৰেল কলেজত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইলেক্টৰেল কলেজে নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিবলৈ স্পেচিৱেল ট্ৰিবিউনেল এখন গঠন কৰি ইয়াৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছিল যদিও লিবাৰেলসকল এই ক্ষেত্ৰত সন্ধিগ্ধ আছিল। ইয়াৰ মাজতে, চিলিৰ ৰক্ষণশীল ৰাষ্ট্ৰপতি, জুৱান লুই চেনফুয়েণ্টিয়ে, আচম্বিতে ঘোষণা কৰিছিল যে, সংগৃহীত তথ্যমতে (যাৰ উৎস তেওঁ নিৰাপত্তাৰ খাতিৰত এই মুহূৰ্তত প্ৰকাশ কৰিব নোৱাৰে) পেৰু আৰু বলিভিয়াই প্ৰশান্ত মহাসাগৰীয় যুদ্ধৰ সময়ত (১৮৮৯-১৮৮৩) হেৰোৱা ভূভাগ পুনৰুদ্ধাৰৰ বাবে চিলিৰ বিৰুদ্ধে সমৰত লিপ্ত হোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
এই অজুহাতত, তেওঁ তেওঁৰ বহতীয়া সংবাদ সংস্থা আৰু অন্যান্য ৰক্ষণশীলসকলৰ সহযোগত, সমগ্ৰ দেশজুৰি যুদ্ধৰ উন্মাদনা সৃষ্টি কৰিছিল আৰু সৈন্যবাহিনীক সষ্টম কৰিছিল। আচলতে তেওঁৰ উদ্দেশ্য আছিল, জনগণৰ দৃষ্টি নিৰ্বাচনৰ পৰা আঁতৰোৱা আৰু উদাৰপন্থী নেতা এলেছেন্দ্ৰিৰ দেশাত্মবোধক সন্দেহৰ আবৰ্তলৈ আনা আৰু দেশজুৰি উগ্ৰজাতীয়তাবাদী ভাবধাৰা তীব্ৰতাৰে বিয়পাই দি ৰাইজৰ চৰকাৰ বিৰোধী অসন্তোষক আনফালে ঢাল খুৱাই দি নিৰ্মূল কৰা।
মন কৰিলগীয়া যে সেই সময়ত ৰক্ষণশীলসকলৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ গুৰি ধৰিছিল ছাত্ৰ আৰু শ্ৰমিক সকলে। জুৱান গেণ্ডালফো আছিল এওঁলোকৰ অন্যতম নেতা। নৈৰাজ্যবাদী চিন্তাধাৰাৰে পুষ্ট এই নেতাজন বিশ্বৰ শিল্পশ্ৰমিকসকলৰ সাংগঠনিক কমিটীৰ সদস্য হোৱাৰ উপৰিও এজন প্ৰখ্যাত সুবক্তা আছিল। পাছৰ বছৰবোৰত, নেৰুডাৰ জীৱনত এই ব্যক্তিগৰাকীয়ে বৰকৈ প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছিল। গেণ্ডালফোই ছাত্ৰ ফেডাৰেচনৰ মুখ্য কাৰ্য্যালয়ৰ বেলক’নিৰ পৰা দিয়া ভাষণত চৰকাৰৰ অসংখ্য অসফল ৰাজনৈতিক নীতিৰ সমালোচনা কৰাৰ লগতে চৰকাৰৰ যুদ্ধবাজ নীতিক তীব্ৰভাৱে নিন্দা কৰিছিল। তেওঁ অত্যন্ত আবেগিক হৈ শান্তিকামী মনোভাব লৈ আগ বঢ়াৰ বাবে সকলোকে আবেদন জনাইছিল আৰু চৰকাৰক সম্ভাব্য আক্ৰমণৰ সঠিক তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাইছিল। তদুপৰি তেওঁ, চৰকাৰে আহ্বান জনোৱা “তথাকথিত দেশপ্ৰেমিক” পদযাত্ৰা আৰু অন্যান্য কাৰ্যসূচীত যোগদান নকৰিবলৈ জনসাধাৰণক বাৰম্বাৰ সকীয়াই দি কৈছিল যে চৰকাৰে এনে কাৰ্যক্ৰমৰ দ্বাৰা যুদ্ধৰ মিছা ভয় দেখুৱাই দেশবাসীৰ দৃষ্টি দেশত বিৰাজ কৰা তীব্ৰ অৰ্থনৈতিক সংকটৰ পৰা আঁতৰাই নিয়াৰ অভিসন্ধি ৰচনা কৰিছে।
স্পষ্টতঃ, এনে অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ পটভূমিত গঢ়ি উঠা ছাত্ৰ আৰু শ্ৰমিকসকলৰ প্ৰবল আন্দোলনে খোদ সামাজিক ব্যবস্থাটোৰ প্ৰতি সাংঘাটিক ভাবুকি সৃষ্টি কৰাত, শাসনাধিষ্ঠ অভিজাততন্ত্ৰই ভয়তে  বিতত হৈছিল। এই বিপদৰ পৰা হাত সাৰিবলৈ, ১৯২০ চনৰ ঊনৈশ জুলাইৰ দিনাখন ঠেঁটুৱা জাৰৰ ৰাতি, ৰক্ষণশীল ৰাষ্ট্ৰপতিৰ সুৰত সুৰ মিলাই “দেশপ্ৰেম”-ৰ ধ্বনি দি, অভিজাতসকলৰ আধিক্যৰে সমৃদ্ধ, সুৰা পান কৰা উন্মত্ত লোকৰ এক বিৰাট সমদলে ছাত্ৰ ফেডাৰেচনৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি তেওঁলোকৰ ঘোৰ বৈৰী “বিশ্বাসঘাতক” জুৱান গেণ্ডালফোক বিচাৰি চলাথ কৰিছিল। ইয়াৰে এজনে ফেডাৰেচনৰ বাৰান্দাতে বমি কৰি উঠি, তেওঁৰেই সহচৰ এজনৰ হাতত থকা চিলিৰ জাতীয় পতাকাৰ এটি কোণেৰে মুখ মচিছিল। তেওঁলোকে  গেণ্ডালফোক বিচাৰি পাই পুলিচ আহি উপস্থিত নোহোৱালৈকে প্ৰচণ্ডভাৱে মাৰধৰ কৰিছিল। পুলিচে ইচ্ছাকৃতভাৱে পলমকৈ আহি আঘাতপ্ৰাপ্ত গেণ্ডলফোক তেওঁলোকৰ হেফাজতত লৈছিল যদিও, আক্ৰমণকাৰী দলটোৰ কাকোৱেই আটক কৰা নাছিল।
এই ঘটনাৰ পাছৰ দুদিন, দেশ জুৰি চৰকাৰী প্ৰৰোচনাত ফেডাৰেচনৰ বিৰুদ্ধে উদ্দেশ্যধৰ্মী অসত্য প্রচাৰে ব্যাপক ৰূপ পৰিগ্ৰহণ কৰিছিল। চিলিৰ সৰ্বাধিক প্ৰচলিত এল মাৰ্কুৰিও নামৰ বাতৰি কাকতখনে প্ৰবন্ধ লিখি, চৰকাৰৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ নকৰাকৈ, আক্ৰমণকাৰী দলটোৰ প্ৰসংগ টানি আনি উক্ত আক্ৰমণ আৰু মাৰধৰৰ বাবে গেণ্ডালফোৰ জ্বালাময়ী ভাষণকে জগৰীয়া কৰি ধিক্কাৰ দিছিল। সেই একে সময়তে, বিভিন্ন “সন্মানীয়” ব্যক্তিয়ে ফেডাৰেচনৰ আইনী মৰ্যদা নাকচ কৰাৰ বাবে অহেতুক দাবী তুলিছিল। জ্বলা জুইত ঘিউ ঢলা দি, পৰিকল্পিতভাৱে এইদৰে উত্তেজনা বিয়পোৱাৰ ফলত, ইয়াৰ পূৰ্ণ সুযোগ  গ্ৰহণ কৰি জুলাইৰ একৈশ তাৰিখে, পুলিচৰ মতে প্ৰায় তিনি হেজাৰ ৰক্ষণশীল দলৰ সমৰ্থক যুৱকে পুনৰ্বাৰ ছাত্ৰ ফেডাৰেচনৰ অফিচত প্ৰৱেশ কৰি অগ্নিময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পুলিচৰ মতে, তেওঁলোকৰ ছজনীয়া দল এটাই হেনো যুৱকসকলৰ প্ৰৱেশত বাধা দিবলৈ চেষ্টা কৰি বিফল হৈছিল। এইবাৰৰ দলটোৱে ফেডাৰেচনৰ অফিচত বমি কৰিয়েই ক্ষান্ত নাথাকি ইয়াৰ দুৱাৰ, খিৰিকী, আচবাব, ওলোমাই থোৱা পেইণ্টিং, খেলৰ সজুলি, টেবিল ইত্যাদি ভাঙি লণ্ডভণ্ড কৰিছিল আৰু লেখাগাৰত আটোমটোকাৰিকৈ ৰখা ক্লেৰিদাদৰ পূৰ্বসূৰী আলোচনী জুভেণ্টোদৰ সমগ্ৰ সংখ্যাবোৰ ৰাস্তালৈ দলিয়াই দি দাহন কৰিছিল। ছাণ্টিয়াগোৰ গুপ্তচৰ বিভাগৰ উচ্চপদস্থ বিষয়াৰ এটি দলে, চহৰৰ মাজমজিয়াত অৱস্থিত ফেডাৰেচনৰ অফিচটোলৈ গণ্ডগোলৰ মাজতে আহি সমস্ত কূটাঘাতমূলক কাৰ্যৰ তথ্যপাতি সংগ্ৰহ কৰিছিল যদিও পুলিচৰ মুৰব্বীজনে সকলো গাপ দি প্ৰতিবেদন দাখিল কৰিছিল এইদৰে, “প্ৰচণ্ড হৈ চৈৰ মাজত সংঘটিত হোৱা প্ৰবল আক্ৰমণৰ ফলত, দায়িত্বত থকা মোৰ তলতীয়া কৰ্মচাৰীসকলে, কোনো দুষ্কৃতিকাৰীৰে নামধাম লিখি ল’বলৈ সমৰ্থ ন’হল”। যি কি নহওঁক, তেওঁলোকে কিন্তু ওলোটাই কিছু ছাত্ৰনেতাকহে আটক কৰি তেওঁলোকৰ চৰম পৰাকাষ্ঠা দেখুৱাইছিল। প্ৰকৃততে, উক্ত আক্ৰমণৰ ঘটনাৰ পাছত পুলিচ আৰু অন্যান্য চৰকাৰী আমোলাই ৰাষ্ট্ৰদ্ৰোহৰ কোনো নিৰ্দ্দিষ্ট প্ৰমাণ ব্যতিৰেকে, ৰাষ্ট্ৰদ্ৰোহী কামত লিপ্ত হোৱা বুলি অভিযোগ আনি এই ছাত্ৰনেতাসকলক বিনা বিচাৰে ছাণ্টিয়াগো আৰু ভেলপাৰাইজোৰ জে’লত  চাৰিমাহ আবদ্ধ কৰি ৰাখিছিল। পূৰ্বৰ ছাত্ৰনেতা, পাছত উকীলৰ পেছা গ্ৰহণ কৰা, ডেনিয়েল ছোৱেতজাৰৰ মতে, “যিসকলে সমাজ অথবা দেশৰ হকে মানৱীয় দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ কথা কৈছিল, তেওঁলোককে ‘ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হৈছিল”।
প্ৰতিশোধপৰায়ণ চৰকাৰে আন এজন ছাত্ৰনেতা, কবি যোচ ডোমিংগো গ’মেজ ৰ’জাছক চিলিৰ শিল্পশ্ৰমিকসকলৰ আন্দোলনত জড়িত থকাৰ অভিযোগত আটক কৰি জে’লত ভৰাই থৈছিল। জে’লৰ অবৰ্ণনীয় নিদাৰুণ পৰিৱেশত, তেওঁৰ মানসিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছিল। পৰিস্থিতি এনেকুৱা হৈছিল যে, তিনি মাহ জে’লত ৰখাৰ পাছত তেওঁক পগলা ফাটেকলৈ স্থানান্তৰ কৰা হৈছিল আৰু তাতেই তেওঁ মৃত্যু বৰণ কৰিছিল। চৰকাৰী ভাষ্যমতে তেওঁৰ মেনিনজাইটিছত মৃত্যু হৈছিল, কিন্তু আচলতে জে’লত পোৱা দুৰ্ভোগ আৰু সঠিক চিকিৎসাৰ অভাৱতে তেওঁ ঢুকাইছিল।
গভীৰ আলোড়ণৰ সৃষ্টি কৰা গ’মেজ ৰ’জাছৰ মৃত্যুৱে চিলি বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক আমূল পৰিৱৰ্তনৰ দিশত ধাৱিত হ’বলৈ প্ৰেৰণা যোগাইছিল। ইপিনে টেমুকোত থকা নেৰুডাই এই শোকাৱহ ঘটনাত মৰ্মাহত হৈছিল। গ’মেজৰ এই ত্যাগক তেওঁ সাম্প্ৰতিক কালৰ এজন কবি হিচাবে আদৰ্শত অচল থাকি “কবিৰ কৰ্তব্য” পালন কৰি যোৱা বুলি উল্লেখ কৰিছিল। কিছু বছৰ পাছত গ’মেজৰ ক্ষেত্ৰত চিলিৰ চৰকাৰে কৰা অপৰাধক সুঁৱৰি তেওঁ কৈছিল, “এখন সৰু দেশৰ পক্ষে, জাতীয় প্ৰেক্ষাপটত, এই অপৰাধ আছিল মাৰাত্মক আৰু স্পেইনত ঘটা লোৰকাৰ হত্যাকাণ্ডৰ দৰে ইয়াৰ প্ৰতিক্ৰিয়া আছিল সুগভীৰ আৰু সুদূৰপ্ৰসাৰী”।
ফেডাৰেচনৰ মুখ্য কাৰ্যালয়ত ৰক্ষণশীলসকলে ধ্বংসকাৰ্য চলোৱাৰ পাছতেই জন্ম হৈছিল ক্লেৰিদাদ নামৰ আলোচনীখনৰ। ছাত্ৰৰ এটি গোটে, ঘটি যোৱা ঘটনাৱলীত হতাশ নহৈ এখন পত্ৰিকাৰ শুভাৰম্ভ কৰাৰ বাবে চিন্তাভাবনা কৰিছিল, তেওঁলোকে আগ্ৰাসী আৰু যুদ্ধংদেহী মনোভাব লৈ ৰাইজক ক’ব বিচাৰিছিল যে তেওঁলোক অন্যায়ৰ ওচৰত সেও মানি বহি যোৱা ভকত নহয়। এনে চিন্তা চেতনাৰ পৰিণতিত, সেই অভিশপ্ত ১৯২০ চনৰেই অক্টোবৰৰ বাৰ তাৰিখে, অৰ্থাৎ আক্ৰমণৰ প্ৰায় তিনি মাহ পাছত পত্ৰিকাখনৰ প্ৰথম সংখ্যা প্ৰকাশিত হৈছিল। উক্ত পত্ৰিকাখনৰ প্ৰতি পাঠকৰ সঁহাৰি আছিল অভূতপূৰ্ব। ফলত ইয়াক দুনাই দুবাৰকৈ পুনৰ্মুদ্ৰিত কৰা হৈছিল। অতি সোনকালে, ক্লেৰিদাদ পত্ৰিকাখন দেশৰ বুকুত এখন বহুজনসমাদৃত লেখত ল’বলগীয়া আলোচনীত পৰিণত হৈছিল। ১৯৩৪ চনলৈ ধাৰাবাহিকভাৱে এই পত্ৰিকাখনৰ সৰ্বমুঠ এশ চল্লিশটা সংখ্যা বাহিৰ হৈছিল। ছাত্ৰ, যুৱ-কবি আৰু বুদ্ধিজীৱীসকলৰ ভাব প্ৰকাশৰ মাধ্যম হিচাবে প্ৰকাশিত এই পত্ৰিকাখন এক বৃহৎ পৰিসৰৰ পাঠকে আঁকোৱালি লৈছিল।
সেই সময়ত, চাৰ্লছ মেচনৰ কন্যাৰ সন্তান ৰুদেচিন্দো অৰ্টেগা মেচন, ছাত্ৰ ফেডাৰেচনৰ প্ৰতিনিধিস্বৰূপে কটিন প্ৰদেশৰ (টেমুকো যি প্ৰদেশৰ এখন প্ৰধান চহৰ) দায়িত্বত আছিল। তেওঁ প্ৰধানতঃ ছাণ্টিয়াগোৰ ৰাজনৈতিক-সামাজিক ঘটনাপ্ৰৱাহৰ সবিশেষ বিবৰণ ফেডাৰেচনৰ মুখ্য কাৰ্য্যালয়ৰ পৰা আনি দেশৰ দক্ষিণ প্ৰান্তৰ টেমুকো চহৰত অৱস্থিত ফেডাৰেচনৰ স্থানীয় কাৰ্য্যালয়ত দাঙি ধৰিছিল।
১৯২০ চনৰ শেষৰ ফালে, অ’ৰ্টেগাই ক্লেৰিদাদৰ সম্পাদকমণ্ডলীক নেৰুডাৰ তাৎপৰ্যপূৰ্ণ লেখামেলা সম্পৰ্কে অৱগত কৰিছিল আৰু পাছৰ বছৰতে যে তেওঁ (নেৰুডা) ছাণ্টিয়াগোলৈ আহি আছে, তাকো তেওঁ সদৰী কৰিছিল। সম্পাদকমণ্ডলীয়ে অধীৰ আগ্ৰহেৰে কথাখিনি শুনাৰ পাছত নেৰুডাৰ লেখাবোৰ বিচৰাত, অ’ৰ্টেগাই টেমুকোলৈ উভতি আহি নেৰুডাৰ কবিতাৰ সমগ্ৰ ফাইল, আৰু অৰ্জিত পুৰস্কাৰেৰে সৈতে প্ৰবন্ধপাতিৰ প্ৰেছ ক্লিপিং ইত্যাদি সংগ্ৰহ কৰি তেওঁলোকৰ হাতত তুলি দিছিল।
১৯২১ চনৰ বাইশ জানুৱাৰী তাৰিখে, ক্লেৰিদাদ পত্ৰিকাৰ দ্বাদশ সংখ্যাত নেৰুডাৰ পাঁচটা কবিতা প্ৰকাশ পাইছিল। অকল সেয়াই নহয়, তাত সেই পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাউল চিলভা কেষ্ট্ৰোই নেৰুডাক উদ্দেশ্য কৰি লিখা এটি প্ৰশংসামূলক পাতনিও প্ৰকাশিত হৈছিল। তেওঁ পাতনিটো লিখিছিল এনেদৰে :
এই কবিতাবোৰৰ জৰিয়তে পাবলো নেৰুডাই নিজৰ জটিল মনস্তত্ত্বক প্ৰকাশ কৰাৰ উপৰিও, তেওঁৰ কল্পনাক, অপৰিহাৰ্যস্বৰূপ, সাধাৰণ বাস্তৱতাৰ কষটি শিলত ঘহিপিহি চিকচিকিয়াকৈ মূৰ্ত কৰিছিল।
তেওঁৰ শৈশৱ আছিল তেওঁৰ বাবে ৰক্ষা-কৱচ। কৈশোৰ বয়সতে সাধাৰণ হিয়া মুচৰি দিয়া অপ্ৰকাশিত মানৱীয় যন্ত্ৰণাৰ স’তে তেওঁৰ হৈছিল একাত্মতা। তেওঁৰ আছিল আটাইতকৈ আধুনিক চিন্তাধাৰাৰে পৰিপুষ্ট এটি মন। কথাৰ স’তে কামৰ সংগতি থকা এজন ব্যক্তি হোৱাৰ উপৰিও, তেওঁৰ কাপেৰে সৃষ্টি হৈছিল মনোৰম গীতিধৰ্মী কবিতাৰ”।
অ’ৰ্টেগাই দিয়া যিকেইটা কবিতা সম্পাদকমণ্ডলীয়ে নিৰ্বাচিত কৰিছিল, সেইকেইটা আছিল : “কৃষক”, “সৰ্বদেৱতাৰ মন্দিৰ”, “ৰে’লআলিত কৰ্মৰত শ্ৰমিকৰ ঘূৰণীয়া-ঘৰ”, “এজন অন্ধ মানুহৰ কথা”। উল্লেখিত কবিতাকেইটা নেৰুডাই অ’ৰ্টেগাক দিয়াৰ কিছুদিন আগতে ৰচনা কৰিছিল। নিৰ্বাচিত এই কবিতাকেইটাই নেৰুডাৰ অন্তৰ্জীৱনক বিশেষকৈ প্ৰতিফলিত কৰিছিল। “এজন অন্ধ মানুহৰ কথা” (The Words of a Blind Man)-ৰ দৰে কিছুমান কবিতাত আভ্যন্তৰীণ আবেগ-অনুভূতিৰ সূক্ষ্ম প্ৰকাশ ঘটিছিল। চিলভা কেষ্ট্ৰোৱে অতি বিচক্ষণতাৰে কোৱাৰ দৰে, তেওঁৰ কবিতাবোৰে, শৈশৱকালত “অমানুষিক উদ্বিগ্নতাত ভোগা, জটিল কবিজনৰ গভীৰভাৱে নিপীড়িত সত্তাটো”-ক অনাবৃত কৰিছিল।
অন্ত:স্রোতা এনে অভিব্যক্তিবোৰ অতিক্ৰম কৰিলেই যি সমাজ সচেতনতাৰ প্ৰতিফলন পাঁচটা কবিতাৰ প্ৰায়কেইটাতে লক্ষ্য কৰা গৈছিল, সেয়া আছিল ক্লেৰিদাদৰ শিপা আৰু উদ্দেশ্যৰ সৈতে ৰজিতা খোৱাবিধৰ আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছিল যে কম বয়সীয়া সেই কবিজনৰ সকলো কবিতাই অৱহেলিত আৰু বিষণ্ণ মানসিকতাৰ আবৰ্তত ঘূৰপাক খোৱাবিধৰ নাছিল। “ৰেলআলিত কৰ্মৰত শ্ৰমিকৰ ঘূৰণীয়া ঘৰ” নামৰ কবিতাটো তেওঁৰ সুদীৰ্ঘ জীৱনত লিখা মানৱিক-ৰাজনৈতিক কবিতাবোৰৰ ভিতৰত আটাইতকৈ বেছি আবেগসমৃদ্ধ কবিতা বুলি সকলোৱে একমুখে স্বীকাৰ কৰা এটি কবিতা। তদুপৰি, অন্যায়-অবিচাৰবোৰ সূক্ষ্মভাৱে অনুধাৱন কৰি এইবোৰক নেৰুডাই কবিতাৰ মাজেৰে যে সফলতাৰে প্ৰকাশ কৰাৰ গুণ ইতিমধ্যে আয়ত্ব কৰিব পাৰিছিল তাক এই কবিতাটোৱে প্ৰতিপন্ন কৰিছিল। কবিতাটোৰ অন্তৰালত আছিল সদায় ছুৰী এখন হাতত লৈ ফুৰা মঙ্গে নামৰ সেই ৰে’লশ্ৰমিকজন, যিজনে থিয় পাহাৰৰ গৰাত চলন্ত ৰে’লৰ পৰা পৰি খণ্ড বিখণ্ড হৈ নিদাৰুণ মৃত্যুক সাৱটি নোলোৱালৈকে, শিশু নেফটালিক লগত লৈ হাবিয়ে-বননিয়ে ঘূৰি প্ৰকৃতিৰ মূল্যবান ৰত্নবোৰ বুটলি দিছিল। কবিতাটোত নেৰুডাই এটি ঘূৰণীয়া ঘৰৰ কল্পনা কৰিছিল, য’ত ৰে’লৰ ইঞ্জিনবোৰ চাৰভিছিং কৰাৰ বাবে ৰখা হৈছিল আৰু যি ইঞ্জিনবোৰক মৃত শ্ৰমিকৰ আত্মাই খেদি ফুৰিছিল। তেওঁ অতি মসৃণতাৰে উদাহৰণসহ গভীৰ দুঃখবোধৰ ব্যঞ্জনা সৃষ্টি কৰাৰ জৰিয়তে “দুঃসাহসী….মৃত শ্ৰমিকৰ” আশাশূন্যতাক প্ৰকাশ কৰিছিল। এই সকলো ঘটনাৰ প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁ লিখিছিল : “প্ৰতিটো ইঞ্জিনৰ আছে খোল খোৱা এটি চকুৰ মণি / মোৰ পিনে চকু দিবলৈ”। ন্যায় বিচাৰি সকলোৱে সৰৱ হৈছিল :  “দেৱালে দেৱালে প্ৰশ্নবোধক চিনবোৰ ওলমি আছে”। —এইদৰে তেওঁ সমগ্ৰ কবিতাটোতে ৰাইজক প্ৰশ্ন কৰিছিল, গভীৰ প্রত্যয়েৰে আলোড়িত কৰি।

ক’লা লোহাই টোপনিয়ায়,
ক’লা সজুলিয়ে কেঁকায়
ৰন্ধ্ৰই ৰন্ধ্ৰই অবুজ কান্দোন।

পোঁৰা ছাইয়ে ঘেৰি ধৰে
দুঃখময় ধৰা,
চুৰুহাত কঠিনতাই
গলায় তাৰ বেথা।

দূৰ দূৰণিৰ কোন দেশৰ
হতভাগা পখিয়ে
বিষময় নাযায় নুপুৱায় ৰাতি
কা কাকৈ বিনায়?

আৰু এই বিননিয়ে মোক
কুণ্ডলী পকোৱা স্নায়ুৰ দৰে
অথবা বেহেলাৰ চিগা তাঁৰৰ দৰে
কৰে উত্তেজিত।

প্ৰতিটো ইঞ্জিনৰে আছে
খোল খোৱা এটি চকুৰ মণি
মোৰ পিনে চকু দিবলৈ।

বেৰত ওলমি আছে
প্ৰশ্নবোধক চিন,
ভাতীবোৰত ফুলি আছে
কঠিনতাৰ আত্মা

শূন্য কোঠাবোৰ কঁপি উঠে
খোজৰ কঁপনিত

আৰু ক’লা নিশাৰ গৰ্ভত,
মৰোঁ জীওঁ সো আধিকৈ লগা
আশাভংগ শ্ৰমিকৰ আত্মাবোৰে
দৌৰাদৌৰি কৰি ফেকুঁৰি কান্দে৷

আচৰিত যে, নেৰুডাই“মৃত শ্ৰমিকৰ” বিষয়ে লিখা কবিতাটো ছাত্ৰ ফেডাৰেচনে প্ৰকাশ কৰাৰ এসপ্তাহ পাছতে, ছান গ্ৰেগেৰীয়ত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছিল। চিলিৰ শ্ৰমিক ফেডাৰেচনৰ আহ্বানত নাইট্ৰেত খনিত সুদীৰ্ঘ দিন ধৰি চলা অব্যৱস্থা দূৰ কৰাৰ বাবে তাৰ খনি শ্ৰমিকসকলে সমৱেত হোৱা এক বিৰাট সভাত চৰকাৰী সেনাই বিনা প্ৰৰোচনাৰে গুলীওৱাৰ ফলত পয়ষষ্ঠিজন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু আন চৌত্ৰিশজন আহত হৈছিল।
চিলিৰ ছাত্ৰ ফেডাৰেচনে নেৰুডাৰ প্ৰতিভাক স্বীকৃতি দিছিল আৰু তেওঁৰ ৰাজনৈতিক প্ৰৱণতাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছিল। তাৰ উপৰি, তেওঁৰ কবিতা, সমালোচনামূলক প্ৰবন্ধ আদি আগন্তুক বহু বছৰলৈকে অবিৰতভাৱে ক্লেৰিদাদ পত্ৰিকাত প্ৰকাশ কৰিবলৈ লৈছিল আৰু পুৰস্কাৰ স্বৰূপে তেওঁৰ হাতত কটিন প্ৰদেশৰ চেক্ৰেটাৰীৰ দায়িত্ব দিছিল।
কিন্তু চৰকাৰে ছাত্ৰ ফেডাৰেচনক শান্তিত থাকিবলৈ দিয়া নাছিল। কিছুদিন পাছতে, “ৰাজদ্ৰোহী” আখ্যা দি এই সংগঠনৰ ওপৰত জঁপিয়াই পৰাত, যোচ চেন্তোছ গঞ্জালেচ ভিৰা নামৰ ছাত্ৰনেতাজনে, চৰকাৰী নিৰ্যাতনৰ হাত সাৰিবলৈ ৰাজধানী ছাণ্টিয়াগোৰ পৰা পলাই আহি টেমুকোতেই জীৱনৰ বাকী সময় কটোৱাৰ ব্যৱস্থা কৰিছিল। এই চহৰখনত দুদিনমান কটোৱাৰ পাছতে, নেৰুডাতকৈ সাত বছৰে ডাঙৰ গঞ্জালেছে, টেমুকোৰ তৰুণ কবিজনক লগ কৰাৰ কথা প্ৰকাশ কৰিছিল এইদৰে :
স্কুলৰ দুৱাৰমুখত মই তেওঁক প্ৰায় পাঁচমান বজাত লগ পাইছিলোঁ৷ আটাইতকৈ পাতল আৰু ক্ষীণ ল’ৰাজনেই আছিল তেওঁ। তেওঁৰ ছালখনৰ ৰং আছিল মাটিবৰণীয়া মলিন, আৰু নাকটো আছিল টনটনকৈ ওলাই অহা। তেওঁৰ চকুযুৰি আছিল সৰু দুটি ক’লা বিন্দুৰ দৰে। নিশকতীয়া যদিও, চকুৱে-মুখে প্ৰতিভাত হৈছিল অদমনীয় দৃঢ়তা। তেওঁ আছিল স্থিৰ চিত্তৰ, আৰু তেওঁৰ হাঁহিটো আছিল আন্তৰিক, কিন্তু বিষাদেৰে ভৰা”।
গঞ্জালেছ ভেৰাই লক্ষ্য কৰিছিল, নেৰুডাৰ কাষলতিৰ তলত থকা জাঁ গ্ৰেইভৰ “মুমূৰ্ষু সমাজ আৰু নৈৰাজ্যবাদ” (Moribund Society and Anarchy) নামৰ কিতাপখন। গ্ৰেইভ আছিল এজন মুচিয়াৰ, পাছত নৈৰাজ্যবাদী সম্পাদক আৰু ভাষ্যকাৰ হিচাবে পৰিচিত হৈছিল, যিজনে পূৰ্বৰ প্ৰজন্মৰ হিংসাত্মক প্ৰৱণতাক নিন্দা কৰিছিল।
গঞ্জালেছ ভেৰাই টেমুকোলৈ স্থায়ীভাৱে থাকিবলৈ অহাৰ বছৰতে, ১৯২০ চনৰ ডিচেম্বৰ মাহত নেৰুডাই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ইয়াৰ ফলত হতাশাৰে আচ্ছন্ন টেমুকো আৰু দেউতাকৰ আধিপত্যৰ পৰা মুকলি হোৱাৰ বাট প্ৰশস্ত হৈছিল। তেওঁ তেওঁৰ কৰ্মতৎপৰতা আৰু কবিতাক অতীৱ আগ্ৰহেৰে প্ৰকৃত নগৰী এখনলৈ লৈ যোৱাৰ বাবে সাজু হৈছিল।
পুৱেৰ্তো ছেভিদ্ৰাত শেষবাৰৰ বাবে গ্ৰীষ্ম কটাবলৈ গৈ টেৰিজাক লগ নাপাই, বিফল মনোৰথ হৈ, নেৰুডাই ছাণ্টিয়াগো এৰাৰ বাবে প্ৰস্তুত হৈছিল। প্ৰস্থানৰ ঠিক পূৰ্ব মুহূৰ্তত, বিষণ্ণমনে তেওঁ লিখিছিল :

মই ওপজাৰ পাছতে মোৰ মা ঢুকাইছিল
সন্ততুল্য এটি আত্মাক
লাজত পেলাই।
ফটিকৰ দৰে নিৰ্মল আছিল
তেওঁৰ শৰীৰ
তৰাৰ দৰে জকমকাই আছিল
তেওঁৰ আকাংক্ষা।
সেই বাবেই মই মোৰ সিৰাই সিৰাই
কঢ়িয়াই লৈ ফুৰোঁ এখন অদৃশ্য নদী
……………………

….মোৰ জীৱনৰ এই হালধীয়া জোনটোৱে
পৰিণত কৰে মোক মৃত্যুৰ গজালিত।
~জোন (Moon)

ন-পুৰণি ছয়চল্লিছটা কবিতাৰে ভৰা নতুন এখন নোটবুকৰ ভিতৰত উল্লিখিত কবিতাটোও আছিল। নোটবুকখনৰ আৱৰণত লিখা আছিল, “হেলিয়চ্‌, পাবলো নেৰুডাৰ কবিতা”। হেলিয়চ্‌ হ’ল গ্ৰীকসকলৰ আৰাধ্য সূৰ্যদেৱতা, যিয়ে দেৱদেৱী আৰু মানুহক পোহৰ দিছিল। নেৰুডাই বৰ পৰিপাটিকৈ নোটবুকত হাতেৰে লিখা কবিতাবোৰৰ মাজে মাজে কিছু পৃষ্ঠাত সুন্দৰ সুন্দৰ চিত্ৰও অংকন কৰা দেখা গৈছিল। তৰুণ বয়সত লিখা এই কবিতাবোৰ, নিমন্ত্ৰণীকাৰ্ড বা পৰিচয়পত্ৰৰ দৰে যেন ৰাজধানীৰ সাহিত্যজগতখনলৈ প্ৰৱেশৰ অনুমতিস্বৰূপ আছিল আৰু এইবোৰ যেন প্ৰকাশৰ বাবে সাজু হৈ আহিছিল।
হাতত নোটবুকখন লৈ নেৰুডাই, এখন তৃতীয় শ্ৰেণীৰ টিকট কাটিছিল আৰু ৰাতিৰ ৰে’লত উঠি ছাণ্টিয়াগোলৈ যাত্রা কৰিছিল। তেওঁৰ টোপনি অহা নাছিল; প্ৰতিটো ষ্টেছন পাৰ হোৱাৰ লগে লগে তেওঁৰ স্বাধীনতাৰ দুৱাৰখন ক্ৰমে ক্ৰমে উন্মুক্ত হৈ গৈ আছিল আৰু বিষাদগ্ৰস্থ শৈশৱ কালৰ স্মৃতিবোৰো যেন এটি এটিকৈ মচা গৈ আছিল আৰু কাহিলি পুৱাটোৱে যেন প্ৰকাণ্ড নগৰীখনৰ নাড়ীৰ স্পন্দন দিবলৈ তেওঁৰ বাবে বাট চাই আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *