এগৰাকী কবিৰ জীৱনী (মূল : মাৰ্ক আইনাৰ অনুবাদ: অৰুণ কুমাৰ শৰ্মা)
ষষ্ঠ অধ্যায় (ক)
নিৰাশাৰ গান
মোৰ বিৰহ-বিধুৰ কণ্ঠত তুমি শুনা আনৰ মাত।
জীৰ্ণ মুখৰ ক্ৰন্দন, পুৰাতন প্ৰাৰ্থনাৰ তেজ।
কৰুণা কৰা, কমৰেড। মোক এৰি নাযাবা। অনুসৰণ কৰা মোক।
অনুসৰণ কৰা মোক, কমৰেড,সৌ যন্ত্ৰণাৰ ঢৌৰ ওপৰেৰে।
~ছনেট
নেৰুডাৰ ‘কুৰিটা প্ৰেমৰ কবিতা’-ৰ, সৰহ সংখ্যকতে, কলাৰ অধিষ্ঠাত্ৰী দেৱীস্বৰূপা দুজনী ছোৱালীৰ প্ৰভাৱ লক্ষ্য কৰা গৈছিল। ইয়াৰে এজনী আছিল টেমুকোৰ টেৰিজা লিও বেত্তিয়েন্চ, যিজনীৰ বিষয়ে এই গ্ৰন্থখনৰ চতুৰ্থ অধ্যায়তে আলোচনা কৰা হৈছে। দ্বিতীয় ছোৱালীজনী আছিল এলবেৰ্টিনা ৰোজা এযোকাৰ। তাই আছিল নেৰুডাৰ নতুন বন্ধু ৰুবেনৰ ভনীয়েক আৰু ছাত্ৰী হোৱাৰ সুবাদত তাইৰ সৈতে তেওঁৰ চিনাকি হৈছিল। কমনীয় আৰু উজ্বল প্ৰতিভাৰ অধিকাৰী তাই ভাষাবিজ্ঞান বিষয়ক প্ৰতিষ্ঠানত ফৰাচী ভাষা অধ্যয়ন কৰি আছিল। তাই নেৰুডাতকৈ দুবছৰে ডাঙৰ আছিল আৰু এবছৰ আগতে প্ৰতিষ্ঠানটোত নাম ভৰ্তি কৰিছিল। ১৯২১ চনৰ শৰৎ কালত, নেৰুডাৰ প্ৰথম বৰ্ষত উভয়ে একেলগে একেটা শ্ৰেণীত লগালগি হৈছিল। দেখা মাত্রেই নেৰুডাই তাইৰ প্ৰতি আকৰ্ষিত হৈছিল। এলবেৰ্টিনায়ো নেৰুডাৰ বুদ্ধিমত্তা আৰু কবিতাক কেন্দ্ৰ কৰি ছাত্ৰ সমাজত বিৰাজ কৰা তেওঁৰ খ্যাতি সম্পৰ্কে ইতিমধ্যে অৱহিত হৈছিল।
ছিয়ানব্বৈজনী ছাত্ৰী আৰু নেৰুডা সমন্বিতে অষ্টাশীজন ছাত্ৰই সেই বছৰত উক্ত ফৰাচী ভাষাশিক্ষা বিষয়ত নাম ভৰ্তি কৰিছিল আৰু এটি বিল্ডিঙতে আটায়ে লগালগি লৈছিল। নেৰুডাই বিচাৰিলেও তেওঁৰ পক্ষে এলবেৰ্টিনাক এৰাই চলা সম্ভৱপৰ নাছিল। তাই আছিল মৰমিয়াল, শান্ত, সপ্ৰতিভ আৰু মনোমোহা চৰিত্ৰৰ। যৌন-আবেদনময়ী যদিও সংযত প্ৰকৃতিৰ আছিল তাই। তাইৰ আছিল বুজাই-বঢ়াই শান্ত কৰিব পৰা অপৰিসীম দক্ষতা। তাইৰ এনে প্ৰকৃতিয়ে নেৰুডাৰ অন্তৰত ৰোমাণ্টিক আৰু কামোদ্দীপক ভাবনাক প্ৰজ্বলিত কৰিছিল, ফলস্বৰূপে, তেওঁৰ হিয়া, মন আৰু কবিতাত তীব্ৰ অনুভূতিয়ে হেন্দোলনি তুলিছিল।
শনিবাৰে ছাত্ৰ কবিসকলৰ কবিতা পাঠ অনুষ্ঠানতো দুয়োজনৰ দেখাদেখি হৈছিল। মাজে মাজে এলবেৰ্টিনাই তাইৰ বন্ধুবৰ্গক লগত লৈয়ো সেই অনুষ্ঠানলৈ আহিছিল, য’ত অনিচ্ছাকৃতভাৱে হ’লেও নেৰুডাই কবিতা পাঠ কৰিবলৈ লৈছিল। এলবেৰ্টিনাই তেওঁৰ “নিদ্ৰালু কণ্ঠস্বৰ” শুনি আমোদ পাইছিল, আৰু এই মাতকে পাছত তাই আৰু তাইৰ বন্ধুবৰ্গই অনুকৰণ কৰি নেৰুডাক ব্যংগ কৰিব লৈছিল। সকলোৱে তেওঁক ভাল পাইছিল, আৰু দেখাত বেমাৰী যেন লাগিলেও তেওঁৰ প্ৰতি তাই দৈহিকভাৱেও আকৰ্ষিত হৈছিল। তেওঁৰ আকলুৱা আৰু মন-মৰা স্বভাৱটোৰ ভিতৰত বিৰাজ কৰা সংবেদনশীলতাই তাইক সন্মোহিত কৰিছিল। তেওঁক লগ পোৱাৰ আধা শতিকা পাছত এলবেৰ্টিনাই তাইৰ অতীত স্মৃতি ৰোমন্থন কৰি কৈছিল, “এনেকুৱা নাৰীসুলভ মাত-কথাৰ কবি মই ক’তো দেখা নাই।” নেৰুডাই অৱশ্যে, বয়স বঢ়াৰ লগে লগে তেওঁৰ বেঙা স্বভাৱটো লাহে লাহে পৰিহাৰ কৰিছিল; খীণমিন চেহেৰাটোৰে বিষণ্ণ এখন মুখ লৈ ফুৰিলেও, দেউতাকৰ ৰে’ল শ্ৰমিকৰ জেকেট আৰু পাতল ক’লা টাইডালেৰে তেওঁ বেছ ওখপাখ আৰু চকুত লগাকৈ মনোৰম হৈ উঠিছিল। বসন্তোৎসৱত পোৱা পুৰস্কাৰে আনি দিয়া সম্ভ্ৰম আৰু এলবেৰ্টিনাৰ ভায়েকৰ পৰা পোৱা মৰম আৰু শ্ৰদ্ধাই তেওঁৰ মনত আত্মবিশ্বাসৰ ভাব জগাই তুলিছিল, আৰু নেৰুডাই শ্ৰেণীকোঠাত একেকোবে গৈ এলবেৰ্টিনাৰ কাষতে বহিবলৈ লৈছিল।
ইয়াৰ পাছতে অতি শীঘ্ৰেই, ১৯২১ চনৰ এপ্ৰিলৰ ওঠৰ তাৰিখে, বৰষামুখৰ শৰতৰ আবেলি নেৰুডাই এলবেৰ্টিনাৰ অতিথিশালাত সোমাই তাইৰ সৈতে গুণগুণাই প্ৰেমৰ পাতনি মেলিছিল। তেওঁলোকে বিশ্ববিদ্যালয়ৰ আশেপাশে মধুগুঞ্জন তুলি আপোন-পাহৰা হৈ কামিং এভিনিউৰে অলসভাৱে পায়চাৰি কৰিছিল। এই যে আৰম্ভণি, ইয়াৰ পাছত তেওঁ ক্লাছ ছুটি হ’লেই তাইৰ খোজত খোজ মিলাই মাজে সময়ে অদ্ভুত অদ্ভুত কাহিনী শুনাই অতিথিশালালৈ আহিছিল। তেওঁ এলবেৰ্টিনাক ফৰাচী লেখক কলেত্তিয়ে লিখা এখন হালধীয়া ৰঙৰ পকাবন্ধা কিতাপ দিছিল, যিখন তাই ওৰে জীৱন লগত ৰাখিছিল। তেওঁলোকে কেতিয়াবা ঘণ্টাৰ পাছত ঘণ্টা কোনো কথা নপতাকৈয়ে ছাণ্টিয়াগোৰ অনতিদূৰৰ মাপোছো নদীৰ পাৰে পাৰে গছ-গছনিৰে ভৰা ঠেক ৰাস্তাৰে খোজ কাঢ়ি ফুৰিছিল। তাইৰ প্ৰতি তেওঁৰ মৰম আছিল অতি আলসুৱা। অন্য দহজনে ভালপোৱাৰ দৰে, তেওঁৱো ভাল পাইছিল তাইক।
এলবেৰ্টিনা প্ৰাণচঞ্চলতাৰে ভৰপূৰ আছিল যদিও তীক্ষ্ণধী নাছিল, মনোমোহা আছিল যদিও অভিভূত কৰিব পৰা ধৰণৰ আকৰ্ষণীয় নাছিল। তাই তেওঁৰ জীৱনত প্ৰৱেশ কৰি লুটিবাগৰ মাৰি ওলাই যোৱা আন আন ছোৱালীৰ দৰে উদ্দীপক, খেয়ালি আৰু গতিশীল মনৰ অধিকাৰী নাছিল, আৰু আগন্তুক দুটা দশকত যিসকল নাৰী তেওঁৰ সান্নিধ্যলৈ আহিছিল সেইসকলো তাইৰ লেখীয়া নাছিল। যথাৰ্থতে, তাইৰ মনোৰম চাল-চলনে তাইৰ সত্তাটোক নিমিত্ত মাত্ৰ কৰি তুলিছিল। এই বিষয়টো নেৰুডাই তেওঁৰ বিখ্যাত কবিতা ছনেট XV-ত মূৰ্ত কৰিছিল এনেদৰে, “শোকত আতুৰ এটি পখিলা”, “যেন তোমাৰ অস্তিত্বই নাই।” প্ৰকৃতিগতভাৱে, ৰোমাঞ্চকৰ টেৰিজা লেওতকৈ তাই তুলনামূলকভাৱে অনাকৰ্ষণীয় হোৱা বাবেই তেওঁ তেতিয়াও টেৰিজাক ভাল পোৱাই নহয়, মনে-প্ৰাণে পাবলৈও বাঞ্চা কৰিছিল। যদিও এলবেৰ্টিনাৰ সৌন্দৰ্য আছিল নিগূঢ় : ছালখন আছিল প্ৰায় ছিৰেমিকৰ দৰে শেঁতা, অনুজ্বল; টনটনীয়া এটি ডাঙৰ নাক; সুগঢ়ী দুটি ওঁঠ; বিমৰ্ষ ক’লা চকুযুৰিৰ দুয়োকাষে ওলাই অহা দুটি হনু; আৰু টানকৈ বন্ধা একোছা কেঁকোৰা চুলি। এইবোৰ স্বত্তেও, দেখাই দৰ্পণে তাইক সবল মনৰ আৰু মনোলোভা লাগিছিল।
নেৰুডাই তাইৰ মাজত বিচাৰি পাইছিল এজনী জীৱন মাধুৰীসনা, সুৰুচিসম্পন্না প্ৰেমিকাক, যিজনীয়ে তেওঁৰ মাজৰ পৰা ভয়-সংকোচ আঁতৰাই সুপ্ত বাসনাক জাগ্ৰত কৰিছিল। আৰু তেওঁৰ অন্তৰ ভাঙি চূৰমাৰ কৰা টেমুকোৰ আঢ্যৱন্ত পৰিয়ালৰ দুহিতাদ্বয় ক্ৰমে এমেলিয়া আৰু টেৰিজাৰ বিপৰীতে, এলবেৰ্টিনা আছিল সতকাই সহজে পোৱা দূৰত্বত, নিচেই কাষত।
ৰোমাঞ্চ ব্যতিৰেকেও এলবেৰ্টিনাৰ গুৰুত্ব নেৰুডাৰ বাবে আছিল অপৰিসীম। নেৰুডাই তেতিয়াও নিজাববীয়াকৈ কাব্যিক পথৰ অনুসন্ধান অব্যাহত ৰাখিছিল, তেওঁ বিচাৰি আছিল কবিতাক ভাষা দিব পৰা নিজস্ব কথনভংগী, আৰু এই অনুসন্ধানক বাস্তৱত ৰূপ দিয়াৰ বাবে তেওঁ তেওঁৰ যৌনস্পৃহাক চালিকাশক্তি হিচাবে প্ৰয়োগ কৰিছিল। সেই সময়ত তেওঁৰ যৌনস্পৃহাৰ মুখ্য অৱলম্বনস্বৰূপ এলবেৰ্টিনা হৈছিল তেওঁৰ কাব্যিক শক্তিৰ আধাৰ আৰু তাইক হেৰুৱাৰ পাছত এই শক্তি হৈ পৰিছিল দুৰ্বাৰ আৰু তেওঁৰ ৰচনাৰ ক্ষেত্ৰত মৌলিক বুলি ভবা আন আন কলাৰ অধিষ্ঠাত্ৰী দেৱীসকলৰ ভূমিকাকো আনকি তাই চেৰাই গৈছিল। এয়া নহ’লে, তেওঁ হয়তো সহানুভূতিমূলক স্তুতিগীত অথবা গীতিকাব্য লিখিয়েই ক্ষান্ত থাকিবলগীয়া হ’লহেঁতেন। কিন্তু তাইৰ অবৰ্তমানত তেওঁৰ আকাংক্ষা হৈ পৰিছিল দুৰ্নিৰ্বাৰ, আৰু ইয়ে তাইক কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ পৰা বৈৰীলৈ ৰূপান্তৰিত কৰিছিল আৰু পৰিণতিত তেওঁ এক ভয়াৱহ চাঞ্চল্য উদ্ৰেককাৰী পৰিস্থিতিৰ ধামখুমীয়াত পৰি চৰম দুৰ্ভাগ্যক সাৱটি ল’বলগীয়া হৈছিল। অত্যধিক হতাশাত ভুগি স্কুলীয়া অৱস্থাত কলম কাগজ লৈ লিখিবলৈ বহাৰ দৰে তেওঁ এতিয়াও বহিছিল আৰু গীতিময়তাৰ মাজেদি প্ৰকাশ পোৱা তেওঁৰ কবিতাই তেওঁক আবেগিক বিস্ফোৰণৰ পৰা উদ্ধাৰ কৰাৰ উপৰিও আত্মোপলব্ধিৰ এক অনন্য জগতলৈ উত্তৰণ ঘটাইছিল।
প্ৰথম অৱস্থাত, এলবেৰ্টিনাৰে তেওঁৰ সম্পৰ্ক, মৌন বিচৰণ আৰু সীমিত পৰিমাণৰ চুমাচুমিৰ মাজতেই সীমাবদ্ধ আছিল। এলবেৰ্টিনাৰ বায়েক এডেলিনাই দুয়োৰে ওপৰত চোকা দৃষ্টি ৰাখিছিল আৰু বোহেমিয়ান ছালচিগা কবি এজনৰ লগত ভনীয়েকে ঘূৰি ফুৰা কথাটো সমূলি সহ্য কৰিব পৰা নাছিল আৰু ইয়াৰ বাবে ভনীয়েকক বৰ বেয়াকৈ ককৰ্থনা কৰিছিল। কিন্তু ভায়েক ৰুবেনে মাজত সোমাই সকলো মিটমাট কৰি বায়েক এলবেৰ্টিনাক ঘৰৰ পৰা দেখা নোপোৱা দূৰত্বলৈ নি পাবলোৰ ওচৰত এৰি দিছিল।
নেৰুডাৰ প্ৰজন্মৰ প্রেমিক-প্ৰেমিকাসকলৰ মাজত যৌন সম্পৰ্ক কোনো অস্বাভাৱিক ঘটনা নাছিল। যথাৰ্থতে, নৈৰাজ্যবাদী ছাত্ৰসকলে অবাধ প্ৰেমৰ পোষকতা কৰি আন্দোলনো গঢ়ি তুলিছিল। ক্লেৰিদাদ পত্ৰিকাতো এই বিষয়ে লিখামেলা চলিছিল। এলবেৰ্টিনাৰ স’তে সম্পৰ্ক স্থাপন হোৱাৰ দুমাহমান পাছত নেৰুডাই এটি প্ৰবন্ধ লিখি পুৰুষ-প্ৰধান সমাজবাদী মহলত চলি থকা উৎকট সংকীৰ্ণতবাদী দৃষ্টিভংগীক সমালোচনা কৰিছিল। নাৰীক কেবল যৌন পৰিতৃপ্তিৰ আহিলা হিচাবে লোৱা প্ৰচলিত বুৰ্জোৱা ধ্যান-ধাৰণাৰে সমৃদ্ধ বিবাহ আৰু সতীত্বৰ দৰে বিষয়ৰ ওপৰতো তেওঁ তীব্ৰভাৱে কশাঘাত কৰিছিল।
তেওঁৰ প্ৰবন্ধটোৰ শিৰোনাম আছিল “যৌনতা” আৰু তাত আগকথা হিচাবে সংযোগ কৰি ক্লেৰিদাদৰ সম্পাদকমণ্ডলীয়ে লিখিছিল, “আমি এই প্ৰবন্ধটো প্ৰকাশ কৰিছোঁ এই বাবেই যে ইয়াত যুৱ সম্প্ৰদায়ৰ মাজত দেখা দিয়া ভয়ানক মানসিক অৱস্থা প্ৰতিফলিত হৈছে আৰু তথাকথিত “খৃষ্টীয় নৈতিকতা”-ক উদঙাই দিছে।”
এই প্ৰবন্ধটো প্ৰকাশ পোৱাৰ প্ৰায় দুমাহ পাছত এলবেৰ্টিনাই তেওঁলোকৰ মাজৰ সম্পৰ্কক স্বীকৃত সত্য হিচাপে মানি লৈছিল আৰু নেৰুডাৰ চকুৱে তাইক মূৰৰ পৰা ভৰিলৈ নিৰীক্ষণ কৰি এগৰাকী নাৰীৰ শৰীৰত, প্ৰথমবাৰৰ বাবে ধৱলিত পাহাৰ, ধৱলিত উৰুযুগল উন্মুক্ত হোৱা দেখিছিল যাক তেওঁ পৰৱৰ্তী সময়ত “কুৰিটা প্ৰেমৰ কবিতা”-ত মূৰ্ত কৰিছিল। তেওঁ তাইক কৰ্ষণ কৰাৰ জৰিয়তে মাটিৰ গভীৰত প্ৰৱেশ কৰিব বিচাৰিছিল।
তথাপি, এক চানেকিৰ নিদৰ্শন যেনেই লাগিছিল, যেতিয়া তেওঁ এজনী প্ৰেমিকা থাকোতে, দূৰৱৰ্তী ঠাইত থকা আন এজনী প্ৰেমিকাৰ বাবে উদ্বাউল হৈ পৰিছিল : এই ক্ষেত্ৰত টেমুকোস্থিত টেৰিজা লেওৰ কথাই আহি পৰে। সেই চহৰৰে ১৯২০ চনৰ বসন্তোৎসৱত প্ৰথম পুৰস্কাৰ পোৱা ৰাণীগৰাকীক কৌতূহলী কবিয়ে এতিয়াও গোপনে প্ৰেম নিবেদন কৰিবলৈ এৰা নাছিল, যদিও তাইৰ মাক-দেউতাকে তেওঁক “শগুণ” বুলি উপলুঙা কৰিছিল। বন্ধৰ দিনত দক্ষিণলৈ উভতি গ’লেই মাজে মাজে নেৰুডাৰ টেৰিজাৰ সৈতে দেখা-সাক্ষাত হৈছিল, যেনেকৈ ১৯২৩ চনৰ আৰম্ভণিতে (চিলিৰ গ্ৰীষ্মকালৰ সময়ত) তেওঁলোক এবাৰ লগালগি হৈছিল।
সেই বছৰটো নেৰুডাৰ বাবে আছিল এক দিক নিৰ্ণ়য়কাৰী বছৰ; উক্ত কালছোৱাতে তেওঁ ৰাজধানীত প্ৰতিষ্ঠিত হৈ “কুৰিটা প্ৰেমৰ কবিতা”-ক জন্ম দিয়াৰ বাবে গভীৰভাৱে মনোনিৱেশ কৰিছিল। সেই কবিতাবোৰৰ আধা সংখ্যকেই আছিল টেৰিজাক কেন্দ্ৰ কৰি লিখা, যিবোৰত এপিনে মূৰ্ত হৈছিল পুৱেৰ্টো চেভিদ্ৰাত একেলগে কটোৱা ৰোমাঞ্চকৰ দিনবোৰৰ কথা আৰু আনপিনে প্ৰতিভাত হৈছিল দুৰ্বাৰ বাসনাৰ জুইত দগ্ধ হোৱা পৰৱৰ্তী দিনৰ হা-হুমুনিয়াহবোৰ। তাইৰ লগত কটোৱা মধুময় সময়বোৰক কবিতাত বাঙ্ময় ৰূপ দিবলৈ গৈ নেৰুডাই পুৱেৰ্তো ছেভিদ্ৰাক প্ৰায় পৌৰাণিক আখ্যানত বৰ্ণিত ঠাইৰ দৰে মনোৰম কৰি তুলিছিল। ক্ৰমে ক্ৰমে অপৰূপা হৈ উঠা টেৰিজাৰ লাৱণ্য আৰু নাৰীত্বক তেওঁ তেওঁৰ মনোজগতৰ কেনভাচত সপোন, প্ৰেম আৰু যৌনতাৰ অপূৰ্ব সমাহাৰ ঘটাই মহাসাগৰ আৰু অৰণ্যৰ বুকুত বিচিত্ৰতাৰে অন্তৰ্লীন কৰাৰ জৰিয়তে মহীয়ান কৰি তুলিছিল। টেৰিজা আছিল কাব্যময়ী, সৰল আৰু খেয়ালি প্ৰকৃতিৰ। তাইৰ ধমনীত প্ৰবাহিত হৈ আছিল আণ্ডালুচিয়ান তেজ, যাক ছাণ্টিয়াগো নগৰীৰ নাৰীসমাজৰ মাজত সতকাই পোৱা টান। ঢৌৱে ঢৌৱে গৰ্জনমুখৰ সাগৰ অভিমুখে বৈ যোৱা তেওঁৰ প্ৰথম চিনাকি সেই নৈখনৰ পাৰৰ ঘৰৰ আগচোতালৰ এমূৰত থকা আফিং ফুলৰ মাজত থিয় হৈ তাই মাক-দেউতাকৰ হাকবচন নামানি নেৰুডাৰ সৈতে লগলগাৰ সিদ্ধান্ত লৈছিল।
এই ক্ষেত্ৰত নেৰুডাই টেৰিজালৈ লিখা প্ৰেমপত্ৰবোৰ মন কৰিবলগীয়া : “তুমিতো জানাই, মই হঠাতে বৰ অকলশৰীয়া অনুভৱ কৰোঁ, অৱসন্নতাই মোক জুমুৰি দি ধৰে, আৰু গভীৰ দুখে হেঁচা মাৰি ধৰে, ফলত মোৰ একোকে কৰিবৰ মন নোযোৱা হয়, জীৱনটো তিক্ততাৰে ভৰি পৰে। কিয়ইবা এনেবোৰ মুহূৰ্তত মই তোমালৈ লিখি আমনি কৰিব লাগে? কিন্তু ভাবিব নোৱাৰা এনে এটা সময়ত, দূৰৈৰ পৰা আহি যেতিয়া তোমাৰ চিঠিখন, অৰ্থাৎ মই ভাল পোৱা সাদৰী ছোৱালীজনীৰ চিঠিখন হাতত পৰেহি, মোৰ মন মিঠা আৱেশেৰে ভৰি পৰে, যিয়ে মোৰ জীৱন প্ৰেম আৰু সুখেৰে পৰিপূৰ্ণ কৰি তোলে।”
—পাবলো—
১৯২৩ চনত ছাণ্টিয়াগোৰ পৰা টেৰিজালৈ লিখা তেওঁৰ আন এখন চিঠি:
“যোৱাকালি বৰষুণ দি আছিল, আজিও একেদৰে বৰষুণ দি আছে। ইয়ে মোক অতীত-বেদনাৰে ভাৰাক্রান্ত কৰি তুলিছে। হে মোৰ দূৰ-দূৰণিৰ দূৰ্ভগীয়া জীৱন! মোৰ ভাল লগা আটাইবোৰচোন মোৰ পৰা বহু নিলগত, মোৰ ল’ৰালি, মোৰ আলফুলীয়া ভাবনাবোৰ; এতিয়া তুমি আৰু চালত পৰি থকা অবিনাশী নেৰানেপেৰা বৰষুণবোৰ—সেই এৰি অহা জগতখনৰ সকলোৱেচোন মোৰ মূৰটো পুৰণি চিন্তাভাবনা আৰু স্মৃতিৰে গধুৰ কৰি তুলিছে। মোৰ মৰমীজনী, মৰম দিবা। মৰমেৰে—পাবলো”
বিষণ্ণগধুৰ এই বাৰ্তাবোৰৰ জৰিয়তে তেওঁ তেওঁৰ দয়িতা টেৰিজাৰ প্ৰতি যিদৰে প্ৰেম নিবেদন কৰিছিল, ঠিক অনুৰূপভাৱে তেওঁ এলবেৰ্টিনাৰ প্ৰতিও তেওঁৰ গভীৰ অনুৰাগ প্ৰদৰ্শন কৰিছিল।
“সোণজনী মোৰ, তোমাৰ জনাৰ অধিকাৰ নিশ্চয় আছে, নহয় জানো? সেইবাবেইতো তোমাৰ ওচৰত সৈ কাঢ়ি কৈছোঁ যে মোৰ একোৰে প্ৰতি হেঁপাহ নোহোৱা হৈছে, আৰু জানি থ’বা যে, তুমিয়েই মোৰ একমাত্ৰ হেঁপাহ আৰু ভৰষা…..তোমাৰ অবান্তৰ ভাবনাই মোৰ অন্তৰ ভাঙিচিঙি চুৰমাৰ কৰে বুলি তুমি নাজানানে? তুমি তোমাৰ বালিকাসুলভ চিন্তাবোৰ এৰি, তোমাক ভাল পোৱা, অথচ সকলোৰে দ্বাৰা পৰিত্যক্ত এই ল’ৰাটোৰ মৰ্মবেদনা অনুভৱ নকৰানে?”—পাবলো—
১৯২৩ চনৰ মে’ মাহৰ ঠিক ওচৰে-পাজৰে, এলবেৰ্টিনাৰ জৰুৰী অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল। তাইৰ এপেণ্ডিছাইটিছত বীজাণুৰ সংক্ৰমণ ঘটাত, তলপেটৰ অভ্যন্তৰৰ বেৰৰ কোষ-কলাবোৰত প্ৰদাহৰ সৃষ্টি হৈছিল। এনে জটিল বেমাৰক পে’ৰিটোনাইটিছ্ বোলা হয়, যিয়ে ৰোগীৰ মৃত্যু ঘটাব পাৰে। সেই সময়ত শল্যচিকিৎসাৰ ক্ষেত্ৰখন সিমান আগবঢ়া নাছিল : তাই এমাহতকৈও অধিক সময় হস্পিটেলত থাকিবলগীয়া হৈছিল। তেতিয়া তাইৰ প্ৰিয়তমে তেওঁৰ অনুৰক্ততা পূৰামাত্ৰাই প্ৰমাণ কৰিছিল; তাই সুস্থ হৈ নুঠালৈকে নেৰুডাই প্ৰতিদিনে তাইৰ বিছনাৰ কাষতে লাগি আছিল।
এই সময়তে তেওঁ ‘হস্পিটেল’ নামেৰে এটি চুটি নিবন্ধ লিখিছিল, যিটোক বাৰটা অন্যান্য নিবন্ধৰ সৈতে লগ লগাই ‘দূৰৱৰ্তী জীৱন’ শিৰোনামেৰে সম্পাদকমণ্ডলীয়ে ক্লেৰিদাদত প্ৰকাশ কৰিছিল।
এলবেৰ্টিনা সম্পূৰ্ণ সুস্থ হৈ উঠিলত, তাইৰ মাক-দেউতাকে তাইক টালিটোপোলা বান্ধি স্ব-গৃহলৈ উভতি যাবৰ বাবে জোৰ দিছিল। আনকি তাই বেমাৰত পৰাৰ আগতেও তেওঁলোকে এই বিষয়ে আলোচনা কৰিছিল আৰু তিনিশ পঞ্চাছ মাইল দূৰৈত এনে এখন ভয়ানক নগৰীত থকাতো পছন্দ কৰা নাছিল। তাতে ঘৰৰ ওচৰতে মাত্ৰ পঁচিশ মাইল দূৰৈত সেই একে শিক্ষাকে লভাৰ বাবে বিশ্ববিদ্যালয় এখন অলপতে স্থাপিত হৈছে যেতিয়া সাত-পাঁচ গুণি তেওঁলোকে ছাণ্টিয়াগোৰ পৰা তাইক লৈ যোৱাটোকে থিৰাং কৰিছিল। যি কি নহওঁক, এনে সিদ্ধান্তই যেন নেৰুডাৰ সঘন মিলামিছা আৰু পৰ্বতপ্ৰমাণ হৈ উথলি থকা প্ৰেমৰ বিৰুদ্ধে হুংকাৰ জাৰী কৰিছিল।
হঠাৎ ঘটা এনে পট পৰিৱৰ্তনৰ ফলত নেৰুডাই দিনতে আন্ধাৰ দেখিছিল। তেওঁ প্ৰচণ্ড হতাশাত ফাটি পৰিছিল আৰু ইয়াক নিৰ্বাপিত কৰাৰ বাবে কোনো ৰাস্তা বিচাৰি পোৱা নাছিল। সেইযে এৰা-এৰি, তেতিয়াৰে পৰা তেওঁ আৰু তাইক লগ ধৰা নাছিল। ইয়াৰ সলনি, তেওঁ কবিতাৰ বুকুত নিজকে সম্পূৰ্ণৰূপে সঁপি দিছিল আৰু আশাহত তেওঁ, তাইৰ অবৰ্তমানক ‘কুৰিটা প্ৰেমৰ কবিতা’-ত মূৰ্ত কৰাৰ জৰিয়তে আটাইতকৈ বিখ্যাত কবিতাকেইটা ৰচনা কৰিছিল।
বিচ্ছেদৰ দহন-জ্বালাত অতিষ্ঠ হৈ তেওঁ ১৯২৩ চনৰ পৰা ১৯৩২ চনলৈ এলবেৰ্টিনালৈ প্ৰায় এশখনৰো অধিক চমকপ্ৰদ চিঠি লিখি লিখিছিল, যিবোৰ তাই সযতনে সাঁচি থৈছিল। তাই ঘৰলৈ উভতি যোৱাৰ আগৰ চিঠিবোৰত তেওঁ তেওঁৰ জীৱনৰ নিত্য নৈমিত্তিক কাম-কাজবোৰ আতিগুৰি মাৰি বিৱৰাৰ লগতে তেওঁ কৰা মননশীল চিন্তা-চৰ্চাৰো উমান দিছিল। কিন্তু, তাই অকস্মাত গুচি যোৱাত, উন্মাদৰ দৰে আক্ৰমণাত্মক ৰূপত লিখা প্ৰায় প্ৰতিখন চিঠিতে, তেওঁ তাইক যে কিমান ভাল পাইছিল আৰু একান্তভাৱে নিজৰ কৰি ল’ব বিচাৰিছিল তাকে প্ৰকাশ কৰিছিল। দিনে দিনে সেই চিঠিবোৰৰ ভাষা লাগবান্ধ নোহোৱা হৈ পৰিছিল। বেছিভাগ চিঠিয়েই প্ৰচণ্ড গালিগালাজ আৰু আক্ৰমণেৰ আৰম্ভ হৈছিল আৰু শেষৰ ফালে অতি আবেদনময়ী ভাষাৰে তেওঁ যে তাইক কিমান ভাল পাইছিল তাকে ব্যক্ত কৰিছিল। সেইবোৰত আকৌ ঠাই বিশেষে চুমা শব্দটো লিখি দুটি ওঁঠৰ সুন্দৰ ছৱি আঁকি থৈছিল। তেওঁক নিদাৰুণ দুখ দিয়াৰ মূলতে যে তাই আৰু সেয়া যাতে তাই বুজি পায় সেইবাবেই সম্ভৱত তেওঁ চিঠিবোৰত তেনেধৰণে চিত্ৰিত কৰিছিল। তেওঁ তাইক বহু বহুবাৰ “কুৎসিৎ পইতাঁচোৰা”, আৰু “দুষ্টা ছোৱালী” আখ্যা দিছিল। তিক্তবিৰক্ত হৈ এলবেৰ্টিনাক জোকাবলৈ উপনামবোৰ ব্যৱহাৰ কৰাৰ সময়ত তেওঁক যেন ল’ৰালি কালত জঙ্ঘলত ঘূৰি ফুৰোতে আৱিষ্কাৰ কৰা চিত্ৰ-বিচিত্ৰ বস্তুবোৰৰ অতীত স্মৃতিয়ে খেদি ফুৰিছিল। সেয়ে তেওঁ এলবেৰ্টিনাক দিয়া আন আন উপনামবোৰ আছিল এনেধৰণৰ : কেঁচুৰূপী ৰাজকুমাৰী, জ্বালাতন কৰা কৃমি, ৰহস্যময়ী ছোৱালী, ভেকুলী, সাপ, মকৰা, গুবৰুৱা পোক, কুচুটিয়া বেশ্যা, আদৰৰ পুতুলী, হাৰামজাদী, কুৰূপা ছোৱালী, মোৰ খুদমান মনোৰমাজনী, কুটি কুটি খোৱা এন্দুৰ, সাগৰীয় শামুক, মৌমাখি, মোৰ হিয়াৰ আকলুৱা পোৱালীজনী।
তেওঁ প্ৰথম প্ৰথম লিখা চিঠিবোৰ সংবেদনশীল আৰু ভাষাগত বৈচিত্ৰ্যৰে ভৰপূৰ আছিল, যিবোৰৰ উপাদান ‘কুৰিটা প্ৰেমৰ কবিতাত’ লক্ষ্য কৰা যায়। ১৯২৩ চনৰ অক্টোবৰত তেওঁ হিয়া উদঙাই তাইলৈ লিখিছিল : আবেলিবোৰত, জেপজেপকৈ ভিজি থকা ঘাঁহনিত শুই শুই ভাবোঁ তোমাৰ ছাই বৰণীয়া টুপীটোৰ কথা, আৰু ভাবোঁ মই ভাল পোৱা তোমাৰ চকুযুৰিৰ কথা।” পাছত তেওঁ তেওঁৰ Poem Vl-ত, চিঠিত তুলি ধৰা এই চিত্ৰকল্পকে গভীৰতৰ কৰি, গতিশীল আৰু বহুস্তৰীয় কবিতালৈ উন্নীত কৰিছিল। উদাহৰণস্বৰূপে:
দূৰৱৰ্তী শৰতৰ দৰে, তোমাৰ চকুযুৰি, সমুদ্ৰযাত্ৰা কৰি আঁতৰি যোৱা, মই অনুভৱ কৰিছোঁ;
ছাই বৰণীয়া টুপী, চৰাইৰ কণ্ঠস্বৰ, চিকাৰী ছোৱালীৰ কলিজা তোমাৰ—
য’লৈ মোৰ গভীৰ যন্ত্ৰণাবোৰে গতি কৰিছিল, আৰু
য’ত মোৰ তৃপ্তিৰ চুমাবোৰ জ্বলন্ত আঙঠাৰ দৰে ছিটিকি পৰিছিল।
জাহাজৰ বুকুৰপৰা দেখা নভোমণ্ডল। পৰ্বতৰ পৰা দেখা শস্যক্ষেত্ৰ।
নিশ্চল এটি ডোবাৰ দৰে পাতল ধোঁৱাই আৱৰা তোমাৰ স্মৃতি।
তোমাৰ চকুৰ গভীৰত চকামকা পোহৰে তিৰবিৰাইছিল ।
শৰতৰ শুকান পাতবোৰে তোমাৰ আত্মাত ঘূৰ-ঘূৰকৈ ঘূৰিছিল।
সেই একেখন চিঠিতে, যিখনত তেওঁ তাইক ছাই বৰণীয়া টুপী বুলি উল্লেখ কৰিছিল, তাতেই তেওঁ আৰু লিখিছিল : “মোৰ কণমানি সাদৰীজনী, তুমি কালিৰ কাকতত মোৰ ‘আনমনাজনী’ (তুমিয়েই সেই আনমনাজনী) নামৰ কবিতাটো নিশ্চয় পঢ়িছা।”
তেওঁ উল্লেখ কৰা কবিতাটো ক্লেৰিদাদত ছদিন আগতে প্ৰকাশ পাইছিল মাত্ৰ:
অ’ মোৰ সাদৰীজনী,
তুমি য’লৈকে নোযোৱা কিয়, য’তেই নাথাকা কিয়,
এই নিচুকনি গীতটো তোমাৰেই বাবে।
নাচি থকা নৈৰ প্ৰেমময় কোমলতাই মোৰ কণ্ঠস্বৰ তিয়ায়,
যি কোমলতাত মুখৰিত হয় তোমাৰ নাম।
দূৰৈৰ ৰঙা মেঘ আৰু পৰ্বতবোৰতকৈও আঁতৰত থকা দূৰ-সুদূৰক
মই দেখোঁ তোমাৰেই বাবে, কেৱল তোমাৰেই বাবে।
………………..
আনমনা যিজনীয়ে, ছাঁটোৰ বিপৰীতে, চকুৰ পতা জপায়।
মই কথা পাতোঁ তাইৰেই স’তে, মোৰ কণ্ঠস্বৰে তাইক আগুৰি ধৰে,
সাদৰীজনী, মোৰ মৰমৰ কণমানি সাদৰীজনী,
নাযাবা নাযাবা এৰি, মোক কোনোকালে।
এই যে, তাই দৃশ্যপটৰ পৰা আঁতৰি যোৱা বা তাইৰ অবৰ্তমানৰ কথাটোকে বাৰে বাৰে মন্ত্ৰৰ দৰে উচ্চাৰণ কৰি তেওঁ যে দুয়োজনৰে উপস্থিতিক বাস্তৱায়িত কৰি তুলিছিল তাক পৰিষ্কাৰকৈ বুজা গৈছিল, যেতিয়া তেওঁ কবিতাৰ উদ্ধৃতি দি তাত থকা তাইৰ ভূমিকা সম্পৰ্কে আমাক অৱগত কৰিছিল : “তুমি জানো ইয়াকেই পছন্দ কৰিছিলা, হে মোৰ আঁকৰীজনী? মোৰ যে তোমালৈ মনত পৰি থাকে, তুমি পতিয়ন যোৱানে? আৰু আনহাতে, তুমি! তুমিযে কি! দহ দিনত লিখা মাথোঁ এখন চিঠি।” অথচ, তেওঁ স্বীকাৰো কৰিছিল, “সঁচাকৈয়ে, মই অযথা চিন্তা কৰিছিলোঁ, মই বৰ সংবেদনশীল হৈ পৰিছিলোঁ (তাই চিঠি নিলিখা কথাটোৰ বাবে)।”
এনে সেমেকা বেদনাৰে পিষ্ট আত্মজীৱনী লৈয়েই ‘কুৰিটা প্ৰেমৰ কবিতা’ ৰচিত হৈছিল আৰু ইয়াৰ গুৰিত সাৰপানী যোগাইছিল, এই চিঠিবোৰৰ সৰহ ভাগতে প্ৰকাশ পোৱা কবিৰ ভাষা আৰু মনস্তত্বই। এলবেৰ্টিনালৈ পাছত লিখা আন এখন চিঠি আছিল এনেধৰণৰ:
“মোৰচোন সদায় তোমালৈ লিখি থাকিবৰ মন যায়, আৰু সেইবাবে তোমাৰ পৰা চিঠি নাপালে মই বৰ কষ্ট পাওঁ। এনে লাগে, মই কথা ক’লে তুমি যেন আন কিবাকিবি চিন্তা কৰি থাকা, নতুবা এনে লাগে, মই যেন এখন দেৱালৰ মাজেৰে কথা পাতি আছিলোঁ আৰু মই তোমাৰ কন্ঠস্বৰ শুনা নাছিলোঁ।”
ওপৰৰ কথাখিনিকে তেওঁ তেওঁৰ PoemXV ত মূৰ্ত কৰিছিল এনেদৰে:
তুমি শান্ত থাকিলেই মই ভাল পাওঁ। এনে লাগে তুমি যেন নাই,
আৰু দূৰৈৰ পৰাই তুমি শুনিছিলা মোৰ কণ্ঠস্বৰ, অথচ মোৰ ধ্বনিয়ে
তোমাৰ কাষেই চপা নাছিল।
এনে লাগে তোমাৰ চকুযুৰি যেন নোহোৱা হৈছিল তোমাৰ পৰা,
আৰু যেন এটি চুমাই আটি ধৰিছিল তোমাৰ মুখ।