অনুবাদগ্ৰন্থ

এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ: অৰুণ কুমাৰ শৰ্মা

ষষ্ঠ অধ্যায় (খ : দ্বিতীয় অংশ)

আৰম্ভণিৰে পৰা, নেৰুডাই বিচাৰিছিল, যাতে তেওঁৰ “কুৰিটা প্ৰেমৰ কবিতা”-ক যুৱ প্ৰজন্মই আদৰি লোৱাৰ উপৰিও গতানুগতিক কবিতাপ্ৰেমী বয়স্ক লোকসকলেও সাদৰেৰে গ্ৰহণ কৰে। এইখিনিতে উল্লেখযোগ্য যে, যিসকল প্ৰকাশকে বৃহৎ সংখ্যক পাঠকৰ আস্থা হেৰুওৱাৰ ভয়ত “কুৰিটা প্ৰেমৰ কবিতা” পুথিখন প্ৰকাশ কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল, দেখা গৈছিল যে তেওঁলোকে কিতাপখন ছপা হৈ ওলোৱাৰ পাছত পাঠকসকলৰ প্ৰতিৰোধৰ সম্মুখীন হ’বলগীয়াৰ দৰে অৱস্থাও হৈছিল। সৰ্বজনবিদিত যে যিগ-যেগ নামৰ কাকতৰ সম্পাদকে নেৰুডাৰ কিতাপখন ছপাবলৈ অস্বীকাৰ কৰিছিল আৰু সেই কাকততে লেখক আৰু সাহিত্য সমালোচক হিচাপে খ্যাত মেৰিয়ানো লাটোৰে কুৰিটা প্ৰেমৰ কবিতাৰ বিৰুদ্ধে এক উদ্ধত নেতিবাদী দৃষ্টিভঙ্গীৰে কঠোৰ সমালোচনাত অৱতীৰ্ণ হৈছিল। তেওঁ লিখিছিল যে, কিতাপখনে “পতিয়ন নিয়াবলৈ ব্যৰ্থ হৈছে যে, তাত নিহিত অন্তৰ্লীন বেদনা আৰু হতাশা, মাত্ৰাধিক অলংকাৰপূৰ্ণ আৰু বুদ্ধিনিৰ্ভৰ”। লাটোৰে কিতাপখনত যথাৰ্থ ক্ৰোধ দেখা পোৱা নাছিল আৰু তেওঁৰ চকুত পৰা নাছিল কোনো তীব্ৰ উচ্ছাস। তেওঁ আৰু কৈছিল “কোনো চিঞৰবাখৰ নকৰাকৈয়ে কবিয়ে নিজকে সম্পূৰ্ণৰূপে এৰি দিয়াৰ ফলত, তেওঁৰ কবিতাই ভাৰলেইনৰ দৰে আহৰণ কৰিছে, বেদনাদায়ক এক নিৰ্দোষ নৈকট্য”। এলফঁচো এস্কুৱাদো নামৰ আন এগৰাকী বিখ্যাত সমালোচকে চিলিৰ ‘এটেনিয়া’ নামৰ এখন আলোচনীত মন্তব্য কৰি কৈছিল, “নেৰুডাৰ কবিতাবোৰত আবেগৰ কোনো নামগোন্ধ নাই”। আৰু এইযে এলোন, যিগৰাকী সাহিত্যিকে নেৰুডাৰ প্ৰথম কিতাপখনৰ সম্পূৰ্ণ ছপাখৰচ উদাৰচিত্তে বহন কৰিছিল আৰু ডেকা কবিজনৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰি চলিছিল, তেওঁ ‘লা নেছন’ নামৰ কাকতত পৰ্যালোচনা দাঙি ধৰিছিল এইদৰে : “দুৰ্ভাগ্যজনকভাৱে কুৰিটা প্ৰেমৰ কবিতাই যেন কিছু পৰিমাণে হোহোকা-পিছলা কৰি, বেদনাদায়ক অশিষ্টতাৰে প্ৰাধান্য বিস্তাৰ কৰিব বিচাৰিছে আৰু ইয়াৰ মূলতে লুকাই আছে কবিৰ অতিৰিক্ত চমক সৃষ্টিৰ অভিলাস”। তেওঁ আৰু লিখিছিল, “নাৰীয়ে সততে তেওঁলোকক উদ্দেশ্য কৰি লিখা প্ৰেমময় কথাবতৰাবোৰক মনোৰম বুলিয়েই ভাবে, কিন্তু এই কিতাপখনত উল্লিখিত প্ৰেমে যেন থৰকাছুটি হেৰুৱাই বিপথে পৰিচালিত হৈ অৰ্থহীন অবাস্তৱতাৰ পিনে গতি কৰিছে”। “কবিয়ে ‘আমি’ শব্দটো ব্যৱহাৰ কৰাৰ জৰিয়তে, তেওঁ যেন এটা প্ৰজন্মক আন এটি প্ৰজন্মৰ পৰিপ্ৰেক্ষিতৰ পৰা পৃথক কৰিব বিচাৰিছে আৰু বিচাৰিছে পুৰুষৰ পৰা নাৰীক পৃথক কৰিবলৈ”। তেওঁ আকৌ লিখিছিল, “মই বুজি পাওঁ যে কবিতা ৰচনা কিম্বা গান গোৱাৰ ক্ষেত্ৰত, কিছু পৰিমাণে হ’লেও বলিয়ালিৰ প্ৰয়োজন আছে, কিন্তু সেই বুলি তাৰো সীমাৰেখা নথকা নহয়”।
মুঠতে, তেওঁ কিতাপখনক এখন শস্যবিহীন পথাৰৰ লগত তুলনা কৰিছিল। মাটিখিনি সাৰুৱা আছিল ঠিকেই, আৰু হাল বাই ভালদৰে চহাই কবিয়ে উদাৰ হস্তেৰে গুটি সিঁচি দিয়াৰ পাছতো   “গজালি মেলা নাই, কাৰণ, তাত নিতান্তই প্ৰয়োজনীয় পানীৰ দৰে মানৱীয় অনুভূতিৰ অভাৱ  …..এতিয়া খেতিয়কসকলৰ দৰে মূৰে-কপালে হাত দি অহা বছৰ ভাল খেতি হ’ব বুলি অপেক্ষা কৰাত বাহিৰে আমাৰ আন উপায় নাই”।


পাতনিৰে পৰা,  এপিনে সমালোচকসকলৰ দৃঢ় প্ৰত্যাখ্যান আৰু আনপিনে ব্যাপক সংখ্যক পাঠককে ধৰি অন্যান্য সুধীবৃন্দৰ উজ্জীৱিত আবেগপূৰ্ণ সমৰ্থন, এই দুই পৰ্বতপ্ৰমাণ বৈপৰীত্যৰ মুখামুখি হৈছিল নেৰুডাৰ এই কিতাপখন। ভাবিলে আচৰিত লাগে, সমালোচক আৰু কবিতাপ্ৰেমী জনসাধাৰণৰ মাজত চিন্তাৰ এনে দুস্তৰ তাৰতম্য কিয়? আচলতে, সমালোচকসকলে আৰম্ভণিৰে পৰাই এই ৰচনাখনৰ মুখামুখি কিদৰে হ’ব সেই লৈ বিবুদ্ধিত পৰিছিল। আনহাতে, তেওঁলোকৰ প্ৰধান মূৰ কামোৰণিৰ বিষয় আছিল যৌনতা, যাক কবিয়ে পোনপটিয়াকৈ বিধৃত কৰিছিল কবিতাবোৰত। ইয়াৰ উপৰি তেওঁলোকে, নেৰুডাই বিশেষকৈ কবিতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা ৰূপকস্বৰূপ যৌনগন্ধী শব্দবোৰো গ্ৰহণ কৰিবলৈ একেবাৰে নাৰাজ আছিল। সৰ্বোপৰি, বদ্ধমূল ভ্ৰান্ত ধাৰণাৰ বশবৰ্ত্তী হৈ বহু সমালোচকে (আনকি বহু পাঠকেও) তেওঁৰ এটি কবিতাত চিত্ৰায়িত কৰা নাৰীৰ শৰীৰৰ উদাহৰণ দাঙি ধৰি কিতাপখনক কালিমালিপ্ত কৰি ছায়াচ্ছন্ন কৰিবলৈ গৈ ইয়াৰ প্ৰাণপ্ৰাচুৰ্যপূৰ্ণ দিশটোক সম্পূৰ্ণ আওহেলা কৰিছিল। ক’বলৈ গ’লে নেৰুডাৰ কবিতাবোৰত পেছাদাৰী প্ৰেমতকৈ অনুশোচনাৰহে আধিক্য পৰিলক্ষিত হৈছিল। কামোত্তেজক কিছু ভাষা শক্তিশালীৰূপে প্ৰোথিত হ’লেও, আনকি শব্দ নিৰ্বাচনত প্ৰচণ্ড হিংসাত্মক হৈ পৰিলেও— যেনে, “মই তোমাতেই কৰ্ষণ কৰিব বিচাৰোঁ”— সেইবুলি কবিতাবোৰ কোনোপধ্যেই যৌন আবেদনময়ী বুলি কৈ ফুঁ মাৰি উৰাই দিব পৰা বিধৰ নাছিল।
সমালোচকসকলৰদৰে সংৰক্ষণশীল পঢ়ুৱৈসকলেও নেৰুডাৰ কবিতাৰ চিত্ৰকল্পবোৰ অস্বস্তিকৰভাৱে অপৰিশীলিত আৰু সংস্কৃতিবিৰুদ্ধ হোৱা বুলি কৈ সেইবোৰক সমূলঞ্চে নাকচ কৰিছিল। কিন্তু কোনে নাজানে যে, চিলিৰ পৰম্পৰাগত লোকসংস্কৃতি বুলিলে বিশেষকৈ ইয়াৰ সংগীত আৰু নৃত্য, আৰু সমসাময়িক জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ভালেমান কলাসাহিত্য  দৈহিক কামকলাৰে ভৰপূৰ। অথচ, তেওঁলোকৰ মতে লোকসংস্কৃতি “অধঃপতিত” হ’লেও কোনো কথা নাই, কিন্তু কবিতাৰ মান “উচ্চ সংস্কৃতিসম্ভূত” হ’ব লাগিব। এনেধৰণৰ পৃথকীকৃত সমালোচনাই সেই সময়ত ব্যাপকভাৱে গা কৰি উঠিছিল।
এলোন আৰু লাটোৰৰ দৰে সমালোচকসকলে কবিতা যে কেৱল অনুভূতিপ্ৰৱণ হ’ব লাগে, সেই সূত্ৰটোকে খামুচি ধৰি আছিল। তেতিয়া তেওঁলোকে বিশেষকৈ চিলিৰেই কবি মেনুৱেল মেগালেন মুৰে আৰু মেক্স জাৰাৰ প্ৰভাৱত আছিল। “কুৰিটা প্ৰেমৰ কবিতা”-তকৈ মাত্ৰ দুবছৰ আগতে প্ৰকাশিত জাৰাৰ শেহতীয়া কবিতা পুথিখনৰ বিষাদগ্ৰস্থতাই এলোন আৰু লাটোৰৰ দৰে আনসকলৰ মনতো সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল। জাৰাই কবিতাবোৰত ইচ্ছাকৃতভাৱে যিধৰণৰ অনুভূতিৰ সৃষ্টি কৰিছিল, তাক নেৰুডাই তেওঁৰ ৰচনাত সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ চেষ্টা কৰিছিল। অথচ, সমালোচকসকলে জাৰাৰ কবিতাবোৰকেই চিলিৰ উচ্চ সংস্কৃতিৰ আদৰ্শবান ধাৰক আৰু বাহক বুলি অভিহিত কৰিছিল। তেওঁলোকে কি কৰিব নকৰিব তাকে ভাবি উৱাদিহ নোপোৱা হৈছিল, যেতিয়া তেওঁলোকৰ মানত, বাচ্ছাৰূপী, “গাঁৱলীয়া অভং” পাবলো নেৰুডাই উচ্চ-নীচৰ ভেদাভেদৰ প্ৰাচীৰক আঘাত কৰি, তাক সমূলি উৎখাত কৰিব নোৱাৰিলেও, সাধাৰণ ৰাইজৰ  কাষলৈ নমাই আনি সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ উচ্চমানৰ চিন্তাশীল কবিতা লিখিছিল। যেতিয়া সমালোচকসকলে নেৰুডাৰ কবিতাৰ শাৰীবোৰত কামোত্তেজক শব্দ থকা বুলি আশ্চৰ্য প্ৰকাশ কৰিছিল, তেতিয়া কিন্তু তেওঁলোকে পাহৰি গৈছিল যে নেৰুডাৰ কুৰিটা প্ৰেমৰ কবিতাতকৈয়ো আগতে কুৰি শতিকাৰ আৰম্ভণিতে দক্ষিণ এমেৰিকাৰ এণ্ডিজৰ সিটো পাৰে দুগৰাকী প্ৰতিভাবান বিপ্লৱী মহিলা কবিয়ে চিত্ৰকল্প হিচাবে দেহ আৰু আত্মাৰ মিলনৰ প্ৰসংগত তেনে শব্দৰ অৱতাৰণা কৰিছিল। উৰুগুৱেৰ এই শ্ৰদ্ধাভাজন কবি দুগৰাকীৰ নাম যথাক্ৰমে আছিল, দেলমিৰা আগষ্টিনি  আৰু জুৱানা দা ইবাৰবোৰো। এওঁলোকৰ পাছৰগৰাকী অৰ্থাৎ জুৱানাই সমগ্র মহাদেশ জুৰি ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁক সকলোৱে মৰমতে জুৱানা দি এমেৰিকা বুলি মাতিছিল। তেওঁৰ মন মতলীয়া কৰা কবিতাবোৰত যৌনগন্ধী চিত্ৰকল্পৰ আধিক্য আছিল অকল্পনীয়। ইয়াৰ পাছতো, ছাণ্টিয়াগোৰ নিন্দুক সমালোচকসকলে (আৰু বহু সংখ্যক পাঠকে) তেঁওলোকৰ সমালোচনাৰ পৰিধিৰ ভিতৰলৈ উক্ত দুগৰাকী মহিলা কবিক অনা নাছিল আৰু তেওঁলোকক কবিতাৰ শত্ৰু বুলিও গণ্য কৰা নাছিল, যিদৰে নিজ দেশৰেই নবীন কবি নেৰুডাক যৌনগন্ধিতাৰ বাবে দোষাৰোপ কৰিছিল।
অকল যে যৌনগন্ধিতা তেনে নহয়, সমালোচক আৰু অন্যান্য পঢ়ুৱৈসকলে নেৰুডাৰ ভাষাশৈলী সম্পৰ্কেও বিপাঙত পৰিছিল, কাৰণ, কিতাপখনত ব্যৱহৃত বাক্যাংশ আৰু চিত্ৰকল্পবোৰৰ চমক আছিল অভিনৱ, যেনে :  “আবেলিৰ গাত আঁউজি / তোমাৰ সামুদ্ৰিক চকুযুৰিত চকু থৈ / মেলি দিওঁ মই মোৰ দুখৰ জাল” (Poem VII), নতুবা “ভাবোঁ, ছাঁবোৰ ছিটিকা পাতি ধৰোঁ গভীৰ নিৰ্জনতাত……ভাবোঁ, চৰাইবোৰ মেলি দি, চাকিবোৰ নুমাই, ছাঁবোৰ নিৰুদ্দিষ্ট কৰোঁ” (Poem XVII)। সমগ্ৰ কিতাপখনৰ কবিতাবোৰৰ ৰূপৰ ক্ষেত্ৰত ৰদবদল লক্ষ্যণীয়, যিয়ে কিছুমানক যেনেকৈ বিমোৰত পেলাইছিল, আন কিছুমানক আকৌ তেনেকৈ বিমুগ্ধ কৰিছিল। “পাবলো নেৰুডাৰ কবিতা” শীৰ্ষক তেওঁৰ মূল্যবান গ্ৰন্থখনত, ৰেনে দা কোস্তাই “কুৰিটা প্ৰেমৰ কবিতা” পুথিখনৰ উৎকৃষ্টতাক শীৰ্ষত তুলি ধৰাৰ লগতে কিতাপখনৰ অন্যান্য যিবোৰ মূল বৈশিষ্ট্যই পাঠকক বিভ্ৰান্ত কৰিছিল, সেইসমূহৰ ওপৰতো তেওঁ আলোকপাত কৰিছিল। তেওঁৰ বিচাৰত, এই পুথিখন বৰ্তমানক লৈ উদ্বিগ্ন; বাস্তৱিকতে, নেৰুডাই বেদনাদায়ক অভিজ্ঞতাৰে ভৰা সঁচা মুহূৰ্তবোৰক লক্ষ্য কৰি লৈছিল। কিতাপখনৰ প্ৰতিটো কবিতাই স্বগোতোক্তিৰ দৰে, এনে লাগে যেন কবিয়ে  নিজকেই প্ৰশ্ন কৰি গৈ আছিল আৰু তাৰ উত্তৰো নিজেই দি গৈছিল। তেওঁ যেন তেওঁৰ অন্তৰত ঠিহা মাৰি ধৰি থকা অতদিনৰ অপ্ৰকাশিত বেদনাসিক্ত ভাববোৰ, গীতিধৰ্মী ৰোমাণ্টিকতাৰ মাজেৰে ব্যক্ত কৰিছিল আৰু ইয়ে যেন কবিৰ কণ্ঠস্বৰক মহীয়ান কৰি তুলিছিল। দা কোস্তাৰ মতে, এয়াই অন্তৰ্নিহিত সত্য, যাৰ বাবে, কুৰিটা প্ৰেমৰ কবিতাই, আধুনিক পাঠকৰ মনোজগতত, প্ৰকাশ হোৱাৰ দিনৰে পৰা বৰ্তমানলৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হ’ব পাৰিছে। নিঃসন্দেহে, ইয়াৰ মূলতে আছিল নেৰুডাই তেওঁৰ ৰচনাত অৱলম্বন কৰা অপৰম্পৰাগত পদ্ধতি, সেয়া ছন্দৰ ক্ষেত্ৰতে হওঁক কিম্বা তাল বা আভ্যন্তৰীণ লয়ৰ বেলিকাই হওঁক, যিবোৰৰ পৰিশীলিত পুনৰাবৃত্তিয়ে কবিতাবোৰক জাকতজিলিকা কৰিব পাৰিছিল। তাৰ উপৰি, ছড়মাত্ৰিক ছন্দবিশিষ্ট কাব্যসৃষ্টিৰ জটিল সূত্ৰ তেওঁ তেওঁৰ কৈশোৰকালীন অৱস্থাতে টেমুকোত আয়ত্ব কৰি আহিছিল। পৰৱৰ্তী কালত, এই সূত্ৰই তেওঁৰ কবিতাৰ গীতিময়তাত লালিত্য আনি দিছিল। এইবোৰে তেওঁৰ কবিতাৰ গাঁথনি সৃষ্টি কৰাত বিশেষ অৰিহণা যোগাইছিল আৰু যেতিয়াই তেওঁ তাত আবেগ ঢালি দিছিল, তেতিয়াই উখলমাখল লগোৱা শাৰীবোৰে  জঁপিয়াই ওলাই আহি পৃষ্ঠা ভৰাই কবিতাৰূপে আত্মপ্ৰকাশ কৰিছিল।
নেৰুডাৰ কবিতাই সেই সুউচ্চ ঠাইত আৰোহণ কৰিবলৈ সাহসেৰে আগ বাঢ়িছিল, যি ঠাই ইতিমধ্যে অভিব্যক্তিবাদী চিত্ৰকৰ তথা বিশ্ববিশ্ৰুত দেৱালচিত্ৰশিল্পী ডেভিদ আলফাৰো চিকুইৰচ আৰু ডিয়েগো ৰিভেৰাই অধিকাৰ কৰিছিল। দৰাচলতে, নেৰুডাৰ কবিতাবোৰ অলংকাৰপূৰ্ণ আৰু বাস্তৱবাদী হোৱাৰ লগতে মহাকাব্যসদৃশ আছিল। কিতাপখনৰ প্ৰতি তীব্ৰ হাবিয়াহ থকা নেৰুডাই তেওঁ তেওঁৰ লক্ষ্যত উপনীত হ’ব পাৰিছিল যেতিয়া ই অলেখজনৰ শ্ৰোতাভাজন হ’ব পাৰিছিল। যদিহে চিলিৰ পৰম্পৰাগত কবিতাবোৰ, মজ্‌লিচ বা বৈঠকীত গোৱা সংগীতৰ তুল্য হয়, নেৰুডাৰ কবিতাক নিৰ্বিবাদে ষ্টেডিয়ামত গোৱা কনচাৰ্ট বা ঐকতান বাদনৰ লগত তুলনা কৰা যায়, যাৰ ৰজনজনিয়ে চৌদিশ মুখৰিত কৰিবলৈ সক্ষম হৈছিল। ক’বলৈ গ’লে চিলিৰ সাহিত্যৰ বুৰঞ্জীত “কুৰিটা প্ৰেমৰ কবিতাৰ” প্ৰকাশ আৰু জয়যাত্ৰা  সঁচাসঁচিকৈয়ে এটা অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল।
যোৱা শতিকাৰ আৰম্ভণিৰ পৰাই, শিক্ষা-দীক্ষা কম হ’লেও, ক্ৰমাৎ বেছি বেছি লোকে কবিতা পঢ়িবলৈ লৈছিল, আৰু কবিতা সৰ্বসাধাৰণৰ বাবে গ্ৰহণযোগ্য হৈ উঠিব ধৰিছিল। নেৰুডাৰ কিতাপখন প্ৰকাশ পোৱাত, ইয়ে সামাজিকভাৱে বংশ, কুল বা স্তৰৰ পাৰ্থক্য নেওচি বিভিন্ন বৰ্গৰ লোকৰ মাজত সোমাই পৰিছিল আৰু বিশেষকৈ, চিলিৰ সমাজখনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ মাজত ইয়াৰ প্ৰসাৰ আছিল অভূতপূৰ্ব। মুঠতে, এই কিতাপখনৰ দৰে কোনো কিতাপকে, ইয়াৰ আগতে চিলিৰ লোকে, ইমান গভীৰ আগ্ৰহেৰে পঢ়া নাছিল।

সাধাৰণ ৰাইজে, কিতাপখন অতি সহৃদয়তাৰে আদৰি ল’লেও, লদ্ধপ্ৰতিষ্ঠ সমালোচক আৰু বৃত্তিধাৰী পণ্ডিতসকলে কৰা তীব্ৰ সমালোচনাৰ আঘাতৰ পৰা নেৰুডাই মানসিকভাৱে নিজকে পূৰাপূৰি মুক্ত কৰিব পৰা নাছিল, যদিও কিছু সংখ্যক সমপৰ্যায়ৰ লোকে তেওঁৰ হৈ কিছু ইতিবাচক পৰ্যালোচনা আগ বঢ়াইছিল। তেওঁৰ ৰচনাক এলোনৰ দৰে সাহিত্যিকে বুজিব নোৱাৰাটোৱে নেৰুডাক আচৰিতধৰণে আঘাত দিছিল। এনে আঘাতে, তেওঁক হতাশ কৰাৰ লগতে তেওঁৰ ধৈৰ্যচ্যুতি ঘটাইছিল।
এনে পৰিস্থিতিত, ডিয়েগো মুনোজে এদিন ৰাতি এখন বাৰত মিলিত হৈ তেওঁক বুজনি দিবলৈ চেষ্টা কৰি কৈছিল যে সমালোচকসকলে যিয়েই নিলিখক কিয়, সাহিত্যৰ মূল কথাটোৱে হ’ল, লেখকে নিজৰ ভাবনাক সঠিকভাৱে পৰিস্ফুট কৰিব পাৰিছে নে নাই আৰু পাঠকৰ অনুভূতিক জাগ্ৰত কৰি তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে নে নাই। “ক্ৰান্তিকাৰী পৰিৱৰ্তনৰ পটভূমিত, এলোন আৰু লাটোৰৰ দৰে পুৰণি প্ৰজন্মই, তোমাৰ কুৰিটা প্ৰেমৰ কবিতাৰ স’তে সংগতি ৰাখি আগ বাঢ়িব পৰা নাই, তাতে কি আহে বা যায়….এইবোৰৰ ব্যাখ্যাৰেইবা কি প্ৰয়োজন, তোমাৰ ক’বলগীয়াখিনি তুমি স্পষ্টকৈ কৈয়েই দিছা, বচ্‌”। মুনোজে আৰু কৈছিল,  “এনে আনুষ্ঠানিক সমালোচকৰ কথাত গুৰুত্ব দি লাভ নাই”। তৎস্বত্তেও এই সমালোচনাবোৰে তেওঁক দগ্ধ কৰিছিল। চৰম হতাশাত ভুগি তেওঁ ৰাজহুৱাভাৱে ইয়াৰ প্ৰত্যুত্তৰ ‘লা নেচন’ কাকতত কিছু ৰূঢ়ভাৱে দিছিল, যিখন কাকতে এলোনৰ নেতিবাদী পৰ্যালোচনা কিছুদিন আগতে প্ৰকাশ কৰিছিল। নেৰুডাৰ প্ৰত্যুত্তৰটো “ব্যাখ্যা আৰু নিঃসংগতা” শীৰ্ষক শিৰোনামেৰে প্ৰকাশিত হৈছিল এইদৰে:
“শব্দবোৰক আলোকিত কৰিবলৈ গৈ মই মোৰ সৃষ্টিৰ ক্ষেত্ৰত বিৰাট পৰিৱৰ্তন সাধন কৰিছিলোঁ। ইয়াৰ বাবে মই যোৱা দহটা বছৰে, স্বৰূপাৰ্থত জীৱনৰ প্ৰায় আধাখিনি সময়, অকলশৰে একান্ত নিৰলে সাধনাত ব্ৰতী হৈছিলোঁ। মোৰ ভাব প্ৰকাশৰ বেলিকা মই তাল বা লয়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সম্পৰীক্ষা চলোৱাৰ লগতে ওপৰাউপৰিকৈ ঘটা বিপৰীতমুখী প্ৰৱণতাবোৰ মোৰ ৰচনাত কিদৰে প্ৰৱেশ ঘটাব পাৰি তাৰ ওপৰতো অধ্যয়ন কৰিছিলোঁ। মই সেইবোৰ একত্ৰ কৰি বান্ধিছিলোঁ, বেণী গুঠিছিলোঁ, অথচ, কালনিৰপেক্ষ সিবোৰৰ কোনো উপস্থিতিয়ে নাছিল আৰু এনে অন্তহীন পৰিশ্ৰমৰ ফলশ্ৰুতিতে আপোনালোকলৈ আগ বঢ়াব পাৰিছোঁ মোৰ “কুৰিটা প্ৰেমৰ কবিতা আৰু এটি হতাশাৰ গানক”…..মই এই সৃষ্টিৰ বাবে বহুত ভুঞ্জিবলগীয়া হৈছিল…..মই মোৰ ভাবনাত বেছি বেছিকৈ আবেগ সংযোজিত কৰিবলৈ সচেষ্ট হৈছিলোঁ আৰু কিছু পৰিমাণে সফল হৈছিলোঁ : সি যি কি নহওঁক, মোৰ কাপৰ পৰা নিগৰি ওলোৱা এই সৃজনৰ বাবে মই সঠিক লক্ষ্য আৰু আঁচনিৰে কায়মনোবাক্যে অহোপুৰুষাৰ্থ কৰিছিলোঁ”।
প্ৰকৃততে, বিপুল সংখ্যক লোকৰ ইতিবাচক সঁহাৰিৰ বিপৰীতে সমালোচকসকলৰ খোঁচ মৰা সমালোচনাৰ সংখ্যা আছিল তেনেই তাকৰ। কাৰ্লছ জৰ্জ নেছিমেন্তোৰ মনত উদয় হোৱা সকলো শংকা দূৰ কৰি কিতাপখনে লাভৰ মুখ দেখিছিল। যিয়েই নহওঁক ক্ষতিকাৰক পৰচৰ্চা নেওচি কিতাপখন কৃতকাৰ্যতাৰ শিখৰত আৰোহণ কৰিছিল আৰু ভৱিষ্যতে সেই বাটেৰেই অগ্ৰসৰ হৈ থাকিব, ই ধুৰূপ। অৱশেষত সেয়াই হৈছিল, যেতিয়া ই বিশ্বৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় অন্যতম এখন কবিতাপুথি হিচাবে আদৃত হৈছিল। অকল স্পেনিছ ভাষাতে এই কিতাপখনৰ দুই নিযুত কপি, ১৯৭২ চনৰ ভিতৰত বিক্ৰী হৈছিল আৰু ইয়াতোকৈ অধিক সংখ্যক অনূদিত আকাৰত বিক্ৰী হৈছিল। বিশেষজ্ঞৰ মতে পৃথিৱীজুৰি ইয়াৰ বিক্ৰীৰ সংখ্যা দহ নিযুততকৈ কম নহ’ব। আৰ্জেণ্টিনাৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থকাৰ কৰ্তেজাৰে নেৰুডাৰ মৃত্যুৰ এবছৰ পাছত তেওঁক সোঁৱৰণ কৰি কৈছিল যে তেওঁৰ কিতাপখনৰ সামগ্ৰিক প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী। কিতাপখন যেতিয়া প্ৰথম প্ৰথম বুয়েনছ্‌ এয়াৰছ্‌ পাইছিল, তেতিয়া খুব কম সংখ্যক লোকেহে নেৰুডাক জানিছিল। কিন্তু কিতাপখনে হঠাৎ আমাক, আমাৰ নিজস্ব যিবোৰ আছিল, সেইবোৰ ওভতাই দিছিল আৰু আমাক আঁজুৰি টানি আনিছিল ইউৰোপীয় অধিষ্ঠাত্ৰী দেৱী আৰু কুমাৰীসকলৰ পৰা। এই কিতাপখনে আমাক শিকাইছিল যে লেটিন এমেৰিকাৰ কবিৰ প্ৰেম ইয়াৰো বাটেঘাটে য’তে ত’তে হ’ব পাৰে আৰু সেইধৰণে ইয়াৰ মাটি আৰু ৰাস্তাৰ  নিৰ্যাসৰ লগত সম্পৃক্ত কৰি, দৈনন্দিন জীৱনত ব্যৱহৃত সহজ সৰল ভাষাত, ইয়াৰ শৈলীৰে ইয়াতো কবিতা লিখিব পৰা যায়। অকল সেয়াই নহয়, আমি ইউৰোপীয় আড়ম্বৰপূৰ্ণ শৈলী আৰু সৰগীয় সুষমাৰ বিপৰীতে অকপট সৰলতাৰে আমাৰ লেটিন এমেৰিকাৰ বুকুত নিহিত অবিস্মৰণীয় সৌন্দৰ্যক উদ্ঘাটন কৰিব পাৰোঁ। ইউৰোপীয় সাহিত্যত প্ৰচলিত, সঁচাৰ কাঠিস্বৰূপ মুক্ত যৌনতা আৰু পৰম্পৰাগত বাক্যালংকাৰৰ পৰা ফালৰি কাটি গৈ নেৰুডাই লেটিন এমেৰিকাকেন্দ্ৰিক মাতকথা আৰু কামকলাক গুৰুত্ব দি সেইবোৰক নতুনকৈ কাব্যিক ভাষাৰে ভূষিত কৰি তেওঁৰ কবিতাবোৰক বাঙ্ময় কৰিছিল। এইযে কামকলা—য’ত  মৌখিক যৌনতাৰ সূক্ষ্ম বৰ্ণনা আছে—ইয়াৰ জৰিয়তে কবিয়ে পাৰ্থিৱ দেহটোৰে আত্মাৰ মিলনৰ কথাকে বুজাব খুজিছিল। আত্মাটোৱে দুখেৰে হ’লেও অন্তৰংগতাৰে অনাবৃত হৃদয়ৰ ওচৰত উপস্থিত হ’বলৈ বিচাৰিছিল। বেছিভাগ কবিতাই ব্যৰ্থ প্ৰেম আৰু তৎজনিত আকুলতা আৰু হতাশাৰে ভৰা আছিল। কাৰোবাক পোৱাৰ বাসনাৰে কিম্বা আকৃষ্ট বা উত্তেজিত কৰাৰ চেষ্টাৰে সিবোৰ কেৱল আপ্তবাক্য নাছিল।
সাহিত্য ৰচনাৰ ক্ষেত্ৰত থকা অপূৰ্ব দক্ষতাৰ ফলতহে তেওঁ অনায়াসে কাৰ্যকৰী হোৱাকৈ দুয়োটাৰে সংযোগ ঘটাবলৈ সক্ষম হৈছিল। কিতাপখন ষড়শৰীয়া কবিতাৰ চাৰিটা স্তৱকেৰে আৰম্ভ হোৱাৰ লগতে তাত অতি সুবিন্যস্তভাৱে প্ৰয়োগ কৰা হৈছিল সহজ-সৰল ৰূপক আৰু উপমাৰ—যিটো তেওঁৰ ৰচনাৰ মনকৰিবলগীয়া বৈশিষ্ট্য, নিজস্ব শৈলী। প্ৰথম কবিতাটোৰ (Poem I) প্ৰথম শাৰীটোলৈ চাওঁক:

ধৱলিত পৰ্বত, ধৱলিত উৰু
ধৰিত্ৰীৰ দৰেই তোমাৰ শৰীৰ,
আত্মসমৰ্পণৰ ভংগীৰে তুমি শায়িত।

নাৰীক প্ৰকৃতিৰ স’তে তুলনা কৰাটো কোনো নতুন কথা নহয়, কিন্তু নেৰুডাই ইয়াক নতুন ৰূপত অধিক অৰ্থপূৰ্ণ আৰু প্ৰগাঢ়তাৰে প্ৰকাশ কৰিছিল। অপৰিহাৰ্য উপাদান হিচাপে কিতাপখনৰ প্ৰায়ভাগ কবিতাতে বৰ্ণাঢ্য ভূদৃশ্য আৰু নৈশদৃশ্যৰ অতুলনীয় অৱতাৰণা অতিকে লক্ষ্যণীয়। ধৰিত্ৰীৰ দৰেই নাৰী, প্ৰাচুৰ্যতাৰে ভৰপূৰ। এই ক্ষেত্ৰত নেৰুডাই যেন (অনুমান কৰামতে) ঠিক ৰতিক্ৰিয়াৰ পূৰ্বে এলবেৰ্টিনাৰ পিনে চাই আছিল। তাই যেন তেওঁৰ সম্মুখত নিজৰ সমগ্ৰ সত্তাক উজাৰি দিয়াৰ বাবে আত্মসমৰ্পণৰ ভংগীত শুই দিছিল আৰু তেওঁ তেওঁৰ সম্পূৰ্ণ মনোযোগ দীঘলকৈ পৰি থকা শৰীৰটোত নিৱদ্ধ কৰিছিল। কবিতাটোৰ পাছৰ শাৰীত তেওঁ লিখিছিল, তেওঁ তাইৰ দেহ অৰ্থাৎ জগতত প্ৰৱেশ কৰিছিল আৰু নিবিড়ভাৱে তাইৰ সৈতে সংযোগ স্থাপন কৰিছিল:

মোৰ অভঁজা খেতিয়কৰ শৰীৰে
তোমাতেই কৰ্ষণ কৰে
আৰু ধৰিত্ৰীৰ গভীৰৰ পৰা
ডেও দি ওলাই আহে সন্তান।

যৌনসংগমৰ জৰিয়তে মানসিক পীড়াৰ পৰা পৰিত্ৰাণ পোৱাৰ তেওঁ যেন আশা কৰিছিল:

সুৰংগৰ দৰে মই গৈছিলোঁ
অকলশৰে। চৰাইবোৰে মোক
দেখি পলাই পত্ৰং মাৰিছিল,
দুৰ্ঘোৰ ৰাতিটোৰ দ্বাৰা মই
আক্ৰান্ত হৈছিলোঁ।
মই আত্মৰক্ষাৰ বাবে
তোমাক ঢাল হিচাবে লৈছিলোঁ,
আৰু মোৰ তূণৰ পৰা কাঁড়
উলিয়াই এপিনে ধনু আৰু
আনপিনে বাটলুগুটিৰে
আক্ৰমণ কৰিছিলোঁ মদমত্ত
ৰাতিটোক।

অন্তৰত দিয়া আঘাতৰ পোটক তুলিবলৈ তেওঁ তেওঁৰ লিংগৰূপী ধনুকাঁড়েৰে আক্ৰমণ কৰিছিল।

কিন্তু প্ৰতিশোধৰ সময় শেষ হ’লত
মই তোমাৰ প্ৰেমত পৰিলোঁ।
শেলুৱৈ, একাগ্ৰতা আৰু দুগ্ধেৰে
উপচি পৰা চৰ্মাবৃত শৰীৰ তোমাৰ

এই নাটকৰ প্ৰতিধ্বনি শুনা গৈছিল এলবেৰ্টিনালৈ লিখা তেওঁৰ চিঠিখনত : য’ত লিখা আছিল প্ৰতিশোধৰ কথা, আৰু এই প্ৰতিশোধৰ পাছতেই আহিছিল প্ৰেমৰ ঘোষণা। ইয়াতো নেৰুডাই এলবেৰ্টিনাৰ অবৰ্তমানকে মূৰ্ত কৰিছিল, যিহেতু তেওঁ তাইৰ স্তনযুগলসদৃশ “পিয়লা”-ৰ মুখামুখি হৈছিল।

হায়, স্তনসদৃশ সেই টুপটুপীয়া পাত্ৰ
হায়, নিশ্চল সেই চকুযুৰি!
হায়, যোনিমণ্ডপৰ সেই গোলাপ!
হায়, তোমাৰ মন্থৰ আৰু বিষাদগ্ৰস্ত কণ্ঠ!

ইমানৰ পাছতো তেওঁৰ কামনা যেন অপূৰণ হৈয়ে থাকিল:

হে মোৰ নাৰীগৰাকীৰ দেহ,
মই তোমাৰ অনুগ্ৰহতে বৰ্তি থাকিম।
মোৰ তৃষ্ণা, মোৰ সীমাহীন পীড়া,
মোৰ দোধোৰ-মোধোৰ বাটপথ!
সৌ এন্ধাৰ নৈৰ বুকু, যাক
অনুসৰণ কৰে অনন্ত তৃষাই,
আৰু তাৰ পাছে পাছে উটি যায়
সমস্ত ভাগৰ, আৰু অসীম বেদনা।

শ্ৰোতাবৃন্দই তেওঁৰ আকাংক্ষাৰ সমভাগী হ’লেও, আৰু কুৰিটা প্ৰেমৰ কবিতাই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিলেও, অৱসাদ আৰু বিষাদে নেৰুডাক জুৰুলা কৰিছিল। কুৰি বছৰত ভৰি থৈ অভূতপূৰ্ব সাহিত্যিক কৃতকাৰ্যতা লভিলেও, তেওঁক আন এটি কঠিন প্রত্যাহ্বানে অহৰহ খুন্দিয়াবলৈ ধৰিছিল, সেয়া আছিল ভবিষ্যতৰ আশাবোৰক মূৰ্ত কৰিবলৈ নিজৰ পেট পূৰোৱাৰ জোখাৰে এটি কৰ্মসংস্থান।

Leave a Reply

Your email address will not be published. Required fields are marked *