ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং (গৌৰৱ লাহন)
অতি সাধাৰণ অৱস্থাৰ পৰা গৈ নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত কালজয়ী বিজ্ঞানী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ব্যক্তি পৃথিৱীত খুব সৰহ নহয়। সেইসকলৰ ভিতৰত যাৰ নাম পোনেই মনলৈ আহে তেওঁ হ’ল ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং।
স্কটলেণ্ডৰ এখন সৰু গ্ৰাম্য জনপদৰ নাম ডাৰ্ভেল। ডাৰ্ভেলৰ কাষৰ এখনি পামত ১৮৮১ চনৰ ৬ আগষ্ট তাৰিখে জন্ম হৈছিল এটি বালকৰ। পিতৃৰ আছিল হিউ ফ্লেমিং, আৰু মাতৃৰ নাম আছিল গ্রেছ ষ্টাৰ্লিং মৰ্টন। পেটে-ভাতে খাই থকা সাধাৰণ খেতিয়কৰ পৰিয়াল আছিল সেইটো। হিউ আৰু ষ্টাৰ্লিঙে নৱজাতকটিৰ ঘৰুৱা নাম ৰাখিলে এলেস্ক, পোচাকী নাম হ’লগৈ আলেকজেণ্ডাৰ। অঞ্চলটোত আনুষ্ঠানিক শিক্ষাৰ আদৰ তেনেকৈ নাছিল। সেই অঞ্চলৰ সকলোৱে কৰাৰ দৰেই আলেকজেণ্ডাৰেও গাঁৱৰ সাধাৰণ বিদ্যালয়লৈ গৈ শিক্ষা আৰম্ভ কৰিছিল পাঁচ বছৰ বয়সত। বিদ্যালয়ত নাম লিখোৱাৰ পাছতেই আলেকজেণ্ডাৰে অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। কিন্তু ছাত্ৰজীৱনৰ আৰম্ভণিতেই—আলেকজেণ্ডাৰৰ যেতিয়া মাত্ৰ সাত বছৰ বয়স—তেওঁ দেউতাকক হেৰুৱায়। পিতৃহীন হৈ পৰা এলেস্কৰ শিশুকালচোৱা আছিল বহুতো দুখ-কষ্টৰে ভৰা। অৱশ্যে মাতৃ গ্রেছ ষ্টাৰ্লিঙৰ সস্নেহ আৰু সাৱধানী তত্বাৱধানত আলেকজেণ্ডাৰৰ মনলৈ সাহস আৰু দৃঢ়তা আহিছিল। ডাঙৰ হৈ দেউতাকৰ দৰে এজন সাধাৰণ খেতিয়ক হোৱাৰ কথা প্ৰথমতে ভাবিছিল আলেকজেণ্ডাৰে। কিন্তু পৰৱৰ্তী সময়ত সেই ভিতৰুৱা অঞ্চলৰ আলেকজেণ্ডাৰ বিশ্ববিখ্যাত হৈ পৰিছিল, মানৱ-সভ্যতালৈ তেওঁ আগ বঢ়াইছিল তুলনাহীন অৱদান।
সৰুৰে পৰাই ফ্লেমিঙে প্ৰকৃতি-জগতৰ সৰুসুৰা কথাবোৰ গভীৰভাৱে পৰ্যবেক্ষণ কৰি বৰ ভাল পাইছিল। সম্ভৱতঃ এই স্বভাৱটোৱে ফ্লেমিঙক বিজ্ঞান-শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। ডাৰ্ভেলৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পাছত তেওঁ ভৰ্তি হয় তাৰেই এখন হাইস্কুলত। তেতিয়া তেওঁৰ বয়স দহ বছৰ। তাতো তেওঁৰ মেধাৰ পৰিচয় পাইছিল সকলোৱে। সেইখন স্কুলৰ পৰা দুবছৰৰ বাবে জলপানী লৈ তেওঁ এখন নামকৰা আৱাসিক বিদ্যালয় কিলমাৰ্নক একাডেমিলৈ যায়। ইতিমধ্যেই আলেকজেণ্ডাৰৰ ককায়েক টমাছ ফ্লেমিঙে নাম ভৰ্তি কৰিছিল গ্লাছগো চিকিৎসা মহাবিদ্যালয়ত। আলেকজেণ্ডাৰ বয়স যেতিয়া চৌধ্য, তেতিয়া ককায়েকৰ উৎসাহ আৰু উদ্যোগত তেওঁ লণ্ডনৰ ৰয়েল পলিটেকনিক ইনষ্টিটিউশ্বনত পঢ়িবলৈ আহে ১৮৯৫ চনত। উল্লেখ কৰিব পাৰি যে পঢ়া-শুনাৰ বাবে প্ৰয়োজনীয় কিতাপ-পত্ৰ আৰু মাচুলৰ বাবে আলেকজেণ্ডাৰে ধন গোটাইছিল অফিচ এটাত পিয়নৰ চাকৰি কৰি। সেই দৰমহাৰে তেওঁ দুটা বছৰ পলিটেকনিক পঢ়ি তাৰ পৰা উত্তীৰ্ণ হয় আৰু ১৮৯৭ চনত এটা জাহাজ কোম্পানীত কেৰাণী চাকৰিত যোগদান কৰে। সেই সময়ত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত যুদ্ধ এখন চলি আছিল। যুদ্ধৰ প্ৰেক্ষাপটত মানুহে দলে দলে যোগ দিছিল লণ্ডন স্কটিছ স্বেচ্ছাসেৱক বাহিনীত। আৰ্থিকভাৱে কিবা উপকাৰ হ’ব বুলি ভাবি ফ্লেমিঙে তাতো নাম লগালে। ইফালে, ইতিমধ্যেই ককায়েক টমাছ হৈ পৰিছিল এগৰাকী চকু চিকিৎসক। তেওঁ ভাতৃক চাকৰীৰ পৰা এৰুৱাই আনি চেণ্ট মেৰী মেডিকেল কলেজত নাম লগাই দিয়ে। তেতিয়া আলেকজেণ্ডাৰৰ বয়স একুঢ়ি হৈছে। চোকা মগজুৰ অধিকাৰী ফ্লেমিঙে অতি কম সময়ৰ ভিতৰতে চিকিৎসা বিদ্যাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। এনে পাৰদৰ্শিতাৰ বাবে প্ৰকৃতি বিজ্ঞানৰ এটি বৃত্তিও লাভ কৰে তেওঁ। ১৯০৬ চনত ফ্লেমিঙে এম.বি.বি.এচ ডিগ্ৰী লাভ কৰে। উল্লেখ কৰিব পাৰি যে ফ্লেমিঙে ডাক্টৰী ডিগ্ৰীৰ লগতে ছটাকৈ বিষয়ত সন্মানীয় অনাৰ্ছও পায়। ১৯০৮ চনত অণুজীৱবিজ্ঞান বিষয়ত স্বৰ্ণপদকসহ তেওঁ বি.এচ.ছি ডিগ্ৰী লাভ কৰে। ফ্লেমিঙে ডাক্টৰী পাছ কৰাৰ পাছত ছেণ্ট মেৰী মেডিকেল কলেজৰ চাকৰিত যোগদান কৰে। তাতেই অধ্যাপক চাৰ আলমোৰ্থ এডৱাৰ্ড ৰাইট নামৰ মানৱ-দৰদী জীৱাণুবিদজনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ পৰে আলেকজেণ্ডাৰ ফ্লেমিং। এডৱাৰ্ড ৰাইট লগত ফ্লেমিঙে তেজৰ বগা কণিকাৰ সন্দৰ্ভত গৱেষণা আৰম্ভ কৰে। সেই গৱেষণাই আলেকজেণ্ডাৰক বহু অভিজ্ঞ আৰু সমৃদ্ধ কৰি তুলিছিল।
১৯১৫ চনত ছাৰা মেৰিয়ন নামৰ এগৰাকী আইৰিচ নাৰ্চৰ লগত আলেকজেণ্ডাৰ ফ্লেমিং বিবাহপাশত আৱদ্ধ হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে পৰিয়ালৰ সূত্ৰে আলেকজেণ্ডাৰ ফ্লেমিং আছিল প্ৰটেষ্টাণ্টসকলৰ এটা ফৈদৰ অন্তৰ্ভুক্ত, মেৰিয়ন আছিল ৰোমান কেথলিক। কিন্তু আলেকজেণ্ডাৰ ফ্লেমিঙে ধৰ্মীয় কৰ্মকাণ্ডবোৰত বৰ এটা গুৰুত্ব প্ৰদান নকৰিছিল। তেওঁ সামগ্ৰিকভাৱে মানৱজাতিৰ কল্যাণ কামনা কৰিছিল অন্তৰৰ পৰা। পাছলৈ ফ্লেমিং আৰু মেৰিয়নে এটি পুত্ৰ সন্তান লাভ কৰে।
ছেণ্ট মেৰী মেডিকেল কলেজত থকা সময়ত ফ্লেমিঙে মানুহৰ তেজৰ শ্বেতৰক্ত কণিকা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ আন্তঃসম্পৰ্কৰ বিষয়ে গৱেষণা কৰিছিল। এই গৱেষণাৰ হাত ধৰিয়েই মানুহৰ গাল-মুখত হোৱা ব্ৰন নিৰাময় কৰিব পৰা এটা ঔষধ ১৯১৪ চনত উদ্ভাৱন কৰা হৈছিল। ইতিমধ্যে আৰম্ভ হৈছিল দ্বিতীয় মহাসমৰ। এইখন যুদ্ধত অংশগ্ৰহণ কৰি ফ্লেমিঙে লক্ষ্য কৰিলে অসংখ্য আহত সৈনিক সংক্ৰমণৰ ফলত মৃত্যুৰ মুখত পৰিছে। মহান চিকিৎসক লৰ্ড লিষ্টাৰে এণ্টিছেপ্টিক হিচাপে কাৰ্বলিক এচিডৰ গুণাগুণ আৱিষ্কাৰ কৰিছিল, এই আৱিষ্কাৰে চিকিৎসা বিজ্ঞানলৈ কঢ়িয়াই আহিছিল অভূতপূৰ্ব বিপ্লৱ। কিন্তু আচৰিত কথা, আহত সৈন্যৰ ক্ষতস্থলত এইবিধ এণ্টিছেপ্টিকৰ ব্যৱহাৰে পৰিস্থিতি বেছিহে শোচনীয় কৰি পেলাইছিল। ফ্লেমিঙে গৱেষণাৰ পৰা প্ৰতিষ্ঠা কৰিলে যে তেনে অস্বাভাবিকতাৰ আঁৰত মানুহৰ তেজৰ শ্বেতৰক্ত কণিকাৰ এটা ডাঙৰ ভূমিকা আছে। তেওঁ সেইমতে নিৰাময়ৰ বিধানো দিলে।
যুদ্ধ শেষ হোৱাৰ পাছত ফ্লেমিঙে ছেণ্ট মেৰী মেডিকেল কলেজত বেক্টেৰিঅ’লজীৰ অধ্যাপক হিচাপে যোগ দি গৱেষণা আৰম্ভ কৰে। সেয়া ১৯২১ চনৰ কথা। চৰ্দি-পানীলগা হৈ আছিল ফ্লেমিঙৰ। তেনেতে অসাৱধনতাবশতঃ ফ্লেমিঙৰ নাকৰ পানী পৰিলগৈ গৱেষাণাগাৰৰ জীৱাণু কৰ্ষণ কৰা প্লেট এখনত। সেইখন প্লেট পাছৰ দিনা চাফা কৰিম বুলি ৰাখি থৈছিল ফ্লেমিঙে। পাছৰ দিনা প্লেটখন দেখি ফ্লেমিং আচৰিত হ’ল—প্লেটখনত থকা জীৱাণুক নাকৰ পানীয়ে ধ্বংস কৰি পেলাইছে! এই কথাটো অতি সাৱধানে পৰীক্ষা কৰি ফ্লেমিঙে নতুন কথা এটা আৱিষ্কাৰ কৰি পেলালে। চকুৰ পানী, লেলাউতি, নাকৰ পানী আদিত থকা জীৱাণু ধ্বংসকাৰী লাইচ’জাইম নামৰ উৎসেচক বা এনজাইমবিধৰ সম্ভেদ এইদৰেই পোৱা গৈছিল প্ৰথমবাৰৰ বাবে।
প্ৰথম বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছতেই ১৯১৮ চনত স্পেনিছ ফ্লু-এ গোটেই বিশ্বতে এক অভাৱনীয় পৰিৱেশৰ সূচনা কৰে। সেইটো আছিল এটা অতি ভয়াবহ, অতি সংক্ৰামক আৰু সাংঘাতিক ঘাতক মহামাৰী। স্পেনিছ ফ্লু-এ সমগ্ৰ বিশ্বতেই অগণন মানুহৰ প্ৰাণ কাঢ়ি নিছিল। ১৯২২ চন পৰ্যন্ত কেবাটাও স্পেনিছ ফ্লু-ৰ ঢৌৱে গোটেই পৃথিৱী জোঁকাৰি যায়। ফ্লেমিঙে প্ৰতিজ্ঞা কৰিলে যে ইয়াৰ প্ৰতিকাৰ তেওঁ উলিয়াবই। সেই উদ্দেশ্যেৰেই তেওঁ দিন-ৰাতি একাকাৰ কৰি মাইক্ৰ’স্কপৰ জৰিয়তে বীজাণুৰ অধ্যয়নত ব্যস্ত হৈ পৰিল। লাইচ’জাইমে সাধাৰণ বীজাণুক ধ্বংস কৰিবলৈ সক্ষম হ’লেও, শক্তিশালী বীজাণুৰ প্ৰতিমুখে সি বৰ এটা কাৰ্যকৰী নহয়। মাত্ৰ স্পেনিছ ফ্লু নহয়, অন্য বহুতো বীজাণুঘটিত ৰোগৰ কোনো ফলপ্ৰসূ ঔষধ নাছিল তেতিয়া। ফ্লেমিঙে সেই সময়ত ৰোগ সৃষ্টিকাৰী ষ্টেফাইল’কোক্কাই নামৰ বেক্টেৰিয়া এবিধৰ বিযয়ে গৱেষণা কৰি আছিল। এদিন তেওঁ বেক্টেৰিয়াবিধ কৰ্ষণ কৰা পাত্ৰ এটি পৰিষ্কাৰ নকৰাকৈ গৱেষণাগাৰৰ চুক এটাত থৈ দিছিল। অলপ দিনৰ পাছত তেওঁ লক্ষ্য কৰিলে যে সেই পাত্ৰটোত এবিধ ভেঁকুৰ আহি নিজে নিজেই থিতাপি লৈছে। তাতোতকৈও ডাঙৰ কথা, পাত্ৰটোৰ যিখিনি অংশত ভেঁকুৰটোৰ বৃদ্ধি হৈছে, তাত ষ্টেফাইল’কোক্কাই বেক্টেৰিয়াটো নাই। ১৯২৮ চনৰ ২৮ ছেপ্টেম্বৰত ফ্লেমিঙে ঠিৰাং কৰিলে যে ভেঁকুৰবিধ হৈছে পেনিচিলিয়াম। পেনিচিলিয়ামে নিৰ্গত কৰা বীজাণুধ্বংসকাৰী পদাৰ্থটো পেনিচিলিন বুলি প্ৰতিষ্ঠা কৰে ফ্লেমিঙে।
পেনিচিলিনৰ আৱিষ্কাৰ ফ্লেমিঙৰ জীৱনৰ এক অবিস্মৰণীয় কীৰ্তি আৰু লগতে ই চিকিৎসা-বিজ্ঞানৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। ফ্লেমিঙে বিশ্বৰ প্ৰথম সফল এন্টিবায়’টিক পেনিচিলিন আবিষ্কাৰ কৰি মানৱ-ইতিহাসত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লগতে ই চিকিৎসা-বিজ্ঞানকো আৰু এঢাপ আগুৱাই লৈ গ’ল। পেনিচিলিনৰ আৱিষ্কাৰৰ আগতে দেহৰ আঘাতবোৰত সংক্ৰমণ হোৱাৰ ফলত বিশ্বত প্ৰতি বছৰে লাখ লাখ লোক মৃত্যুৰ মুখত পৰিছিল। আনকি প্ৰথম মহাসমৰকে আদি কৰি ইতিহাসৰ বেছিভাগ যুদ্ধতেই বেছি সংখ্যক সৈনিকৰ মৃত্যু দৰাচলতে যুদ্ধক্ষেত্ৰত হোৱা নাছিল। যুদ্ধক্ষেত্ৰত পোৱা ক্ষতস্থানত পৰৱৰ্তী সময়ত সংঘটিত হোৱা বীজাণুৰ সংক্ৰমণৰ ফলতহে সৰহভাগ সৈনিকৰ মৃত্যু হৈছিল। পেনিচিলিনৰ বহুল ব্যৱহাৰৰ বাবে দ্বিতীয় মহাসমৰত সৈনিকৰ মৃত্যুৰ হাৰো অভাৱনীয়ভাৱে কমিবলৈ আৰম্ভ কৰে। লাহে লাহে অন্য বহুতো বীজাণুঘটিত ৰোগত পেনিচিলিন অতি কাৰ্যকৰী ঔষধ বুলি পৰিগণিত হৈ পৰিল। চিকিৎসা-বিজ্ঞানত আগ বঢ়োৱা এই অসামান্য-অনবদ্য অৱদানৰ বাবে ফ্লেমিঙক ঔষধ জগতৰ নায়ক হিচাপে আখ্যা দিয়াৰ লগতে চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা আগ বঢ়োৱা হয় তেখেতলৈ ১৯৪৫ চনত।
বিশ্বৰ বুৰঞ্জীত মহান কৰ্মৰ দ্বাৰা নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হোৱা এইগৰাকী মহান বিজ্ঞানীৰ ১৯৫৫ চনৰ ১১ মাৰ্চ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। চিকিৎসা-বিজ্ঞানত আক্ষৰিক অৰ্থত বিপ্লৱ সংঘটিত কৰা আলেকজেণ্ডাৰ ফ্লেমিঙৰ নাম মানুহৰ ইতিহাসত চিৰযুগমীয়া হৈ ৰ’ব।