৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

“আলুন, আতাম”ৰ স্বপ্নলোকত এভুমুকি -(ড০ দেৱজিৎ শৰ্ম্মা)

খ্ৰীষ্টিয় উনবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধৰপৰা সমাজ বিজ্ঞান সম্বন্ধীয় আলোচনাৰ এটা নিৰ্দ্দিষ্ট বিষয় হিচাপে “লোক-সংস্কৃতি” ৰ উত্থান আছিল এক উল্লেখযোগ্য পৰিঘটনা। জাৰ্মান আৰু ইংৰাজ ভাষাতত্ববিদসকলে অতদিনে পৰিবৰ্জ্জিত বুলি ভাবি থকা সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ আচাৰ-ব্যৱহাৰকে ধৰি অন্যান্য বিষয়সমূহ গভীৰ অধ্যয়ন আৰু বিশ্লেষণৰ আওতালৈ অনাৰ সুবাদত এক যুগান্তকাৰী অধ্যয়ন ক্ষেত্ৰৰ দুৱাৰ চিৰকাললৈ মুকলি হৈ যায়। পিছৰ দশকসমূহত ভাষাতত্ব, নৃতত্ব, সমাজতত্ব আৰু ইতিহাস অধ্যয়নৰ সমান্তৰালকৈ লোকসংস্কৃতি বিষয়টোৱে পৃথিৱীৰ বিদ্বৎসমাজক বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ ধৰে। ইংৰাজী ‘Lore’ শব্দটোৱে সংস্কৃতি শব্দটোক যদিও সঠিকভাৱে প্ৰতিনিধিত্ব নকৰে তথাপি থলুৱাভাষাৰ কৃষ্টিতকৈ সংস্কৃতি পদটো বহুলভাৱে জনপ্ৰিয় হৈ পৰাটো উল্লেখযোগ্য।
তদন্তৰত ক্ৰমবৰ্দ্ধিত লোক-সংস্কৃতি বিষয়ক গৱেষণাৰ পৰিধিৰ বিশালতাই লোকসংস্কৃতিৰ অধ্যয়ন চহা জীৱনৰ পৰা নগৰাঞ্চললৈ বিস্তৃত কৰে। কেৱল গ্ৰাম্য, অনগ্ৰসৰ, অশিক্ষিত, নিৰক্ষৰ বা অ-স্পৰ্শকাতৰ সমাজ জীৱনৰ তত্ব-গভীৰ আলোচনা বা পূৰ্ণকালীন গৱেষণাই ‘Folklore’ ৰ বিষয় হৈ নেথাকিলগৈ। ১৯৬৯ চনত আমেৰিকাৰ লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত এলান ডাণ্ডিছে ‘Folk’ শব্দটোৰ লগত নিহিতহৈ অহা শতিকাযোৰা ধাৰণা এটাৰ খোলাটো ভাঙি তথ্যসহকাৰে দেখুৱাই দিলে যে নূন্যতম উমৈহতীয়া উপাদানৰ অংশীদাৰিত্বৰে যুক্ত যিকোনো মানুহৰ সমূহকেই ‘folk’ শব্দৰ পৰিসৰৰ আওতালৈ আনিব পৰা যায়। উহাৰণস্বৰূপে অতি সাম্প্ৰতিক ‘লেবাৰ ইউনিয়ন’লৈ আঙুলিয়াই ডাণ্ডিছে তেওঁবিলাকৰ মাজৰ বিভিন্ন সাংস্কৃতিক দিশসমূহকো লোক-সংস্কৃতিৰ আওতাত কিদৰে অধ্যয়ন কৰাটো সম্ভৱ তাক নিৰূপিত কৰি লোক-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ এক নব্য পৰিৱৰ্তনৰ সূচনা কৰে।
সন্ধালনিকৈ চলি অহা ভিন্ন মতাদৰ্শ আৰু মতভিন্নতাই লোক-সংস্কৃতিৰ সাধকসকলক সময়ে সময়ে বাদ-বিবাদৰ পৰিবেশ এটালৈ লৈ গ’লেও ই বিদ্যায়তনিক ক্ষেত্ৰখনত নতুন পোহৰৰহে সঞ্চাৰ কৰি আহিছে। লোক-সংস্কৃতিৰ আওতালৈ অহা বিষয়সমূহৰ প্ৰকাৰভেদে শ্ৰেণীবিভাজনকে ধৰি বিভিন্ন সূত্ৰৰ নিৰূপণ আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো এই বাদ-বিবাদৰ ধাৰাটো অব্যাহত আছিল। অৱশ্যে ব্যৱহাৰিক দিশটোৰ সুচলতাৰ বাবে পৰৱৰ্তী পৰ্যায়ত ৰিচাৰ্ড এম. ডৰচনে কৰা লোক-সংস্কৃতিৰ চাৰিটা বহল ভাগ – ক) মৌখিক সাহিত্য, খ) ভৌতিক সংস্কৃতি, গ) সামাজিক লোক-ৰীতি-নীতি আৰু ঘ) লোক-পৰিৱেশ্য কলাক সাদৰেৰে সকলোৱে গ্ৰহণ কৰিছিল। ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু তুলনামূলক গৱেষণাৰ ক্ষেত্ৰত সংগৃহীত তথ্যসমূহৰ বিশ্লেষণত ওপৰোক্ত ভাগসমূহে আগবঢ়োৱা বৰঙণি বিশেষ দ্ৰষ্টব্য।
মৌখিক সাহিত্য লোক-সংস্কৃতিৰ এক এৰাব নোৱাৰা অঙ্গ। ভাৰতৰ দৰে ভিন্ন জনসমূহৰ দেশ এখনত মৌখিক সাহিত্যৰ ইতিহাস আৰু প্ৰভাৱ অপৰিসীম আৰু অৰ্বাচীন। মন্ত্ৰ-সাহিত্যকে ধৰি গীত, সাধু, সাঁথৰ, প্ৰবচন, প্ৰবাদ, উপহাস, অতিকথা ইত্যাদিৰ মেটমৰা সম্ভাৰে্ৰে লোক-সংস্কৃতিৰ এই ভাগটো পূৰ্ণ। জনজাতীয় সংস্কৃতিত ইয়াৰ স্বতঃস্ফূৰ্ততা বিশেষভাৱে মন কৰিবলগীয়া।
প্ৰব্ৰজনৰ সঠিক সময় নিৰূপিত নোহোৱা, ভাষা তাত্বিক দিশৰ পৰা মূলতঃ তিব্বত-বৰ্মীয় আৰু নৃতাত্তিক দৃষ্টিকোণৰ পৰা মঙ্গোলীয় কাৰ্বিসকল উত্তৰ-পূৱ ভাৰতৰ জনগোষ্ঠী সমূহৰ ভিতৰত একক অনন্য আৰু অসমত তেওঁলোক তৃতীয় বৃহত্তৰ জনগোষ্ঠী। কাৰ্বিসকলৰ বিষয়ে অধ্যাপক বীৰেন্দ্ৰনাথ দত্তৰ এই বাক্য কেইশাৰী অতিকৈ স্পৰ্শকাতৰ, “… কাৰ্বিসকল শান্তিপ্ৰিয় নিৰ্বিৰোধ প্ৰকৃতিৰ লোক। একেধৰণৰ ভাবুকতা আৰু কল্পনাপ্ৰৱণতা তেওঁলোকৰ জাতীয় চৰিত্ৰৰ লগত নিবিড়ভাৱে যুক্ত। পূৰা-কাহিনী, লোক-কথা, কিম্বদন্তী আৰু সংগীতেৰে সমৃদ্ধ লোক-সাহিত্য অন্যান্য জনজাতিসমূহৰো আছে; কিন্তু নিজৰ পৰম্পৰাগত সাহিত্যক আৰু সাঙ্গীতিক উত্তৰাধিকাৰ সম্পৰ্কে কাৰ্বি লোক-জীৱনত এনে একধৰণৰ সচেতনতা আৰু আকুলতা আছে, যাক অন্যান্য জনজাতিৰ মাজত সচৰাচৰ দেখা পোৱা নাযায়। পূজা-পাতল, কৃষি-কৰ্ম, জন্ম-মৃত্যু-বিবাহ আদি সমাজ জীৱনৰ প্ৰায় সকলো দিশ কাৰ্বি সমাজত কাব্য, সংগীত আৰু নৃত্যৰ বান্ধোনেৰে বন্ধা।” লোক-সংকৃতিৰ সমল বিচাৰি জনজাতীয় লোকৰ মাজত জীৱন পাত কৰা মূৰুলীধৰ দাসে লিখিছে “….জিভাৰ আগত পোহন মদৰ জুতিটো লাগি থকাৰ নিচিনাকৈ, বিহুগীত, বনগীত আদিৰ কলিবোৰো এচাম কাৰ্বিলোকৰ মুখত লাগিয়েই থাকে উছৱে পাৰ্বণে।….” তেখেতৰ এই কথা ফাঁকি ষোল্ল অনাই সঁচা। কাৰ্বি জনজীৱনত ব্যৱহৃত বিভিন্ন গীতক বিভিন্ন নামেৰে জনা যায় – দ’মাহী আলুন বা দমাহীপে (বিহু গীত), অছ’কাপাদক আলুন (নিচুকণি গীত), বিথাৰ কিতাক আলুন (জুম খেতিৰ গীত), ৰেতকিনং আলুন (আৰ খেতিৰ গীত), ফল কিফেৰ আলুন আৰু পেকিথাক আলুন (বোৱা- কটা গীত), অছ’কাপদক আলুন (নিচুকণি গীত),আতাম (ভক্তিমূলক গীত), হাঈমু আলুন (হাঈমুৰ প্ৰেমৰ গীত), ৰূকাছেন আলুন (পৌৰাণিক কাহিনী গীত), ছাবিন আলুন (গীতি ৰামায়ণ) ইত্যাদিতেই কাৰ্বি লোকজীৱনৰ সংগীতময় ধাৰাটো শেষ নহয়। মৃত্যুৰ বিভিষীকাই মোহাৰি পেলোৱা সাধাৰণ সমাজ জীৱনৰ দুখ-দুৰ্দশাৰ ছবিখনো ছমাংকানৰে জড়িত বিভিন্ন গীত পদে প্ৰকাশ কৰি আহিছে।
সাধাৰণ জীৱন শৈলীত অভ্যস্ত এই জাতিটোৰ মাজত অব্যাহত থকা লোক-সংগীতৰ ধাৰাটোলৈ লক্ষ কৰিলে জনজীৱনৰ বিশ্বাস, সংস্কাৰ আৰু আদিভৌতিক জগতখনেৰে থকা তেওঁবিলাকৰ সম্বন্ধৰ ছবিখন স্পষ্টকৈ প্ৰকাশ পায়। সাধাৰণ গছ-লতিকা এডাল কটা-ছিঙা কৰোতে, কৃষি-কৰ্মৰ বাবে মাটি কৰ্ষণ কৰিবলৈ যাওঁতে, আবেগৰ প্ৰকাশ অথবা মৃতকক ইহসংসাৰৰ পৰা পৰসংসাৰলৈ আগুৱাই দিওঁতে নিৰক্ষৰ চহা লোক সকলে সহায়লোৱা গীতসমূহে প্ৰকাশ কৰা জনজীৱনৰ মনৰ ভাৱ গভীৰতাই আমাক স্বপ্নলোকৰ অন্য এখন পৃথিৱীলৈ লৈ যায়।
‘... হুন মেলান কেৱান
ৰূ আৰএ ততফ্লান,
ৰোমীৰ ছেৰ আথান
নাং কেকৃ বেন বান
নেছেং মাথা দাম...’
(ভাৱানুবাদ : ৰূপালী নিয়ৰৰ টোপালবোৰ কুঁৱলীয়ে মাতি আনিছে। মোৰ মনত ভাৱ হয়, হে প্ৰিয়া সেই টোপালবোৰ যেন তোমাৰ চকুপানীহে…।)
প্ৰাঞ্জল প্ৰকাশ ভঙ্গী, সহজ-সৰল ভাষাৰ ব্যৱহাৰ অথচ কাৰ্বি মালিতাৰ এই ভাৱগভীৰতাই মৌখিক সাহিত্যত থকা জাতিটোৰ দখলকে সূচায়। প্ৰকৃতিৰ মাজতেই জীৱন পাত কৰা জনজাতীয় এইসকল লোকৰ বাবে প্ৰেম আৰু বিৰহ প্ৰকাশৰ সংবেদশীলতা মন কৰিবলগীয়া। ‘লাৰতা আলুন’ ত এই সংবেদনশীলতাৰ অনুভৱ কৰিব পাৰি। ঘাট মাউৰা ক্ৰানিহাঙ আৰু লাৰতাৰ বিফল প্ৰেমৰ বৰ্ণনাত গীতিকাৰে বিনাইছে, … জেৰাটো অলপ ওপৰলৈ দাঙা। লাৰতা বোকাত পৰিল। আজিৰ এই অমাৱস্যাৰ ৰাতিত হোৱা চমাংকানৰ দৰে আগতে কাহানিও হোৱা নাছিল। বোকাত পৰা লাৰতাক উদ্ধাৰ কৰিবলৈ ক্ৰনিহাঙে তাইৰ কোমল হাতত ধৰিছিল। কিন্তু সোণৰ আঙুঠিহে তাৰ হাতত থাকি গৈছিল। প্ৰেমৰ অনুৰূপ সংবেদনশীলতাৰ পৰিস্ফূৰণ কাৰ্বিসকলৰ অন্যান্য বিষয়ক গীত সমূহতো দেখা যায়।
‘... এ উলাং হে হে ইয়া অ’হায় দেই....
এ ছেং কান আৱতৰ জাল হেং কে মাপ আখেতি পানিঞে
ঞে নি জাৰ দৈ আবাং হে
এ ছেং হান মাং ৰেং ৰোল কে দুক্ৰা মাং ৰেং জ
কে মা পত আখেতি পাংনিঞে
ঞে নিজাৰ দৈ আবাং হে...’
শীৰ্ষক গীতটোৰ ভাৱাৰ্থত গীতিকাৰে কৈছে … আমি জুম খেতি কৰবলৈ লৈছো। হে শস্যৰ অধিষ্ঠাতা দেৱতা, আমাক আৰ্শীবাদ কৰা যাতে ভালদৰে খেতি কৰিব পাৰো আৰু শস্যৰে আমাৰ শস্যতলী নদন-বদন হৈ উঠে। আহা ভাইহঁত, আমি উলাহেৰে খেতি কৰো…।
ঠিক একেদৰে কাৰ্বি ডেকাচাং খনলৈ বুলি লাইখুঁটা (নুমপে) কাটিবলৈ গৈ পাহাৰৰ সোণাৰু বা জীয়াকুঁহি গছ জোপাৰ কাষত ডেকাসকলে গাইছে, … তোমাক আমাৰ তাৰাংহেমৰ বৰ খুঁটা কৰি মান সম্মানেৰে কাটি নিলো। তুমি দুখ নকৰিবা। তোমাক কাটি নিয়াৰ পিছতো ৰৈ যোৱা গুৰিৰ পৰা বংশ বৃদ্ধি হ’ব, পুলি-পোখা মেলিব…। প্ৰকৃতিৰ প্ৰতি এনে সংবেদনশীলতাৰ ধাৰাটো কাৰ্বি সমাজত আজিও বিদ্যমান।
“Cosmic Egg বা ব্ৰহ্মাণ্ডীয় অণ্ড” ৰ উল্লেখ পুৰাকথা, মালিতা বা গীতি সাহিত্যৰ দ্বাৰা পৃথিৱীৰ ভিন্ন প্ৰান্তৰৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অবিৰতভাৱে প্ৰচলিত হৈ আহিছে। সৃষ্টি তত্বৰ এনেধৰণৰ অনুপম গীতি-কাহিনীৰেও কাৰ্বি লোক-সংগীত বিশ্ব-লোকসংগীতৰ কাষচপা। চ’মাংকান উৎসৱৰ লগত জড়িত ‘মুচেৰা কেহিৰ’ নামৰ গীতসমূহত কাৰ্বি জাতিৰ জন্ম ৰহস্যৰ বৰ্ণনা বিশেষভাবে প্ৰণিধানযোগ্য। অমৰা গছৰ তলত “ ৱ’ প্লাকপি” চৰায়ে কেইবাটাও কণী পাৰিছিল। কণীবোৰৰ পৰা ক্ৰমান্বয়ে খাচী, নগা, অসমীয়া আদিকৰি কেইবাটাও জাতিৰ জন্ম হৈছিল আৰু একেবাৰে শেষত আটাইতকৈ ডাঙৰ কণীটোৰ পৰা কাৰ্বি সকলৰ জন্ম হৈছিল। আন এটা গীতৰ বৰ্ণনাত পোৱা যায়
‘…নিচে মুদেং লাত মাৰাং
কাৰবিপ’ নাংফি নাংপ্লাং
আচ্ছেং পিৰবি খাৱিজাং
এৰা ব্ৰহ্মাপ’ মাৰাং...’
(ভাৱানুবাদ : অতি পুৰণি কালত ব্ৰহ্মাই জগত সৃ্ষ্টি কৰিছিল। তাৰ পাছত গছ-গছনি, হাঁহ-কুকুৰা, গৰু-গাহৰি, চৰাই চিৰিকতি আদি জীৱ-জন্তুৰ সৃষ্টি কৰিলে। তাৰ পাছত সুন্দৰ ধৰণী আৰু সুন্দৰ কৰিবলৈ ‘কাৰবি’ অৰ্থাত মানুহ সৃষ্টি কৰিলে। ব্ৰহ্মাই নিজৰ শৰীৰৰ একাংশ কাটিহে কাৰ্বি সৃষ্টি কৰিলে। তাৰ পাছত দেখিলে কাৰ্বিসকল নাঙঠ হৈয়েই আছে। তেতিয়া ব্ৰহ্মাই এগৰাকী দেৱীক পঠাই কাৰ্বি সকলক বস্ত্ৰ পৰিধান কৰাই সুন্দৰ কৰিলে।)
ভাৰতীয় সংবিধানত সন্নিবিষ্ট মিকিৰ নামৰ জনজাতি গোটটোৰ নামটোৰ বাখ্যা বিভিন্ন পণ্ডিতে ভিন্ন ভাৱে প্ৰকাশ কৰিছে। কুকি-চীন ভাষাৰ শব্দ ‘মি’ ৰ অৰ্থ হ’ল মানুহ আৰু ‘কিৰ’ মানে ভয়াতুৰ। ভয়াতুৰ বুলি ভাবিবৰ থল এই কাৰণেই আছে যে কাৰ্বি বা মিকিৰ সকল স্বভাবতে শান্ত আৰু হায়-কাজিয়া এৰাই চলা বিধৰ লোক। গতিকে ‘ভয়াতুৰ মানুহৰ’ এই সমূহটোকে মিকিৰ নামেৰে পৰবৰ্ত্তি সময়ত সমাজে চিনি লোৱাটোৰ এটা ভিত্তি আছে। অৱশ্যে কাৰ্বি সকলে নিজকে ‘আৰলেং’ বা মানুহ হিচাপেই পৰিচয় দিবলৈ ভাল পায়।
চমাংকান কাৰ্বি সকলৰ কেৱল শ্ৰাদ্ধ অনুষ্ঠানেই নহয়। চমাংকান জীৱন আৰু মৃত্যুৰ এক অনুপম যুগলবন্দী। ইন্দোনেছিয়াৰ টৰাজা, অষ্ট্ৰলিয়াৰ বাথুৰ্ছট আৰু মেলভিল দ্বীপৰ টিৱি সকলৰ লগত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান চমাংকানৰ বহুখিনি সাদৃশ্য আছে। এই গীত সমূহৰ মাজেৰে মৃতকৰ আত্মাক যমপুৰীলৈ যোৱাৰ বাট যিদৰে বৰ্ণাই দিয়া হয় বা বিদায় দিয়াৰ প্ৰতীকাত্মক ৰূপ প্ৰদৰ্শন কৰা হয় একেদৰে যৌনতাপূৰ্ণ গীতৰ সমাহাৰেৰে নতুন জীৱনৰ আগমনৰ অঙ্কুৰণো প্ৰোথিত কৰে।
‘... ইৰু চম আৰং
ইৰু আচিফং
কাই ল’লে আলং
ল’ মাথাজিন অং...’
ওপৰৰ কথা ফাঁকিৰে আৰম্ভ হোৱা গীতটোৰ ভাৱাৰ্থ হ’ল, ‘কোনো কালে নোযোৱা সেই ককা যম ৰজাৰ গাঁওখনলৈ গমন কৰাত সংশয় উপজিছে।….’ সুদীৰ্ঘ গীতটোত মৃত ব্যক্তি জনে যমপুৰীলৈ যোৱাৰ বাটত পাবলগা বিভিন্ন ঘাত প্ৰতিঘাটৰো অনুপম বৰ্ণনা বিদ্যমান। গীতটোৰ শেষৰছোৱা কেৱল কৰুণেই নহয় ই হৃদয়স্পৰ্শীও…
‘ৱ’লেং নেতুম আন
ৱ’লেং নেৰুন আন
ল’ থুপ’ ৱহাম
হালিন নাংদেত আন
হালিন নাংৰুন জাং
চিল’থু নই নাং...’
(ভাৱাৰ্থ : আমি জীৱিত সকল পৃথিৱীলৈ ঘূৰি যাওঁ আৰু তাতে বসবাস কৰিম। আনপিনে তুমিও সিপুৰীত তোমালোকৰ বসতি স্থানলৈ গমন কৰা।) ‘কাচাৰহে আলুন’ বা প্ৰস্থান গীতেৰে কাৰ্বি সকলে আধ্যাত্মিকতা আৰু অপাৰ্থিৱ জীৱন দৰ্শনলৈ আমাৰ দৃষ্টি আৰ্কষিত কৰে।
অধ্যাপক বীৰেন্দ্ৰনাথ দত্ত ৰ কথাৰে – “… পৰম্পৰাগত গীত-মাতৰ প্ৰতি কাৰ্বি সমাজৰ শ্ৰদ্ধা আৰু ঔৎসুকতা ইমানেই বেছি যে তেওঁলোকে সেইখিনিৰ ওপৰত দৈৱিক উৎপত্তিৰ কল্পনা আৰোপ কৰিছে।…” প্ৰতীকী, ভাৱগভীৰ, মননশীল অথচ স্বতঃস্ফূৰ্ত কাৰ্বি লোক-সংগীত তেওঁলোকৰ জীৱন যাত্ৰাৰ এক অবিচ্ছিন্ন অংগ। বিষ্ণুৰাভাই ক’বৰ দৰে, “… আড়াই লাখ বছৰীয়া কালৰ সোঁতেও তেওঁলোকৰ কৃষ্টি আৰু উলংগ বৰ্বৰ সভ্যতাক উটুৱাই নিব পৰা নাই…।“ সম্ভৱতঃ ৰাভাই ‘বৰ্বৰ সভ্যতা’ ৰে বৰ্তমানেও কাৰ্বি সকলৰ মাজত অব্যাহত থকা অন্ধবিশ্বাস আৰু অলৌকিকতালৈকে আঙুলিয়াব বিচাৰিছে। সেয়া যি কি নহওঁক, যদিও সংস্কৃতি কালৰ সোঁতত পৰিৱৰ্তিত তথাপি আচাৰ-অনুষ্ঠান, জীৱন-মৃত্যু আৰু প্ৰেম-বিৰহৰ অনুভুতিঘন পৃথিৱী খনৰ সকলো স্তৰতে বিজড়িত হৈ ৰোৱা সাংগীতিক জীৱনশৈলীয়ে কাৰ্বি জাতিৰ লোক-সংগীতক অধুনালুপ্ত হোৱাৰ পৰা বচাই ৰাখিছে।
***********
গ্ৰন্থপঞ্জী :
গগৈ পদুমী : কাৰবি লোক সংস্কৃতিৰ আভাস
দাস মুৰুলীধৰ : ভৈয়াম কাৰ্বিৰ লোক পৰম্পৰা আৰু গীত-পদ
পাদুন নাহেন্দ্ৰ : অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি
পাটৰ পদ্ম(সঃ) : জনজাতি সমাজ সংস্কৃতি
বৰুৱা সুৰেন্দ্ৰ : কাৰবি লোক সমাজ-সংস্কৃতিত এভূমুকি
ভূঞা ভৱেশ চন্দ্ৰ : জনজাতীয় সমাজত নাৰী
শইকীয়া পল্লৱী : কাৰ্বি ভাষা-সংস্কৃতিৰ ৰেঙণি
শৰ্ম্মা নবীন চন্দ্ৰ : অসমীয়া লোক-সংস্কৃতিৰ আভাস
ক্ৰ’ বিদৰ ছিং : কাৰবি সংস্কৃতিৰ অন্বেষণ
ক্ৰামছা সুৰেণ : কাৰবি কৃষ্টিত এভুমুকি

Leave a Reply

Your email address will not be published. Required fields are marked *