গান শুনো আহকশিল্প-কলা-সংস্কৃতি

পেলেষ্টাইনৰ মুক্তি সংগ্ৰাম আৰু বাংলাদেশৰ ছায়ানৰ এটি গীত— আমাৰ নাম প্যালেষ্টাইন ‌।‌। নৱজ্যোতি বৰগোহাঁই

Music is the great uniter. An incredible force. Something that people who differ on everything and anything else can have in common. — Sarah Dessen

There is no location of Palestinian exile that has not produced its own musicians or musical experiences. — Louis Brehony

আগকথা :

যোৱা ৪ মাহ মানৰ আগতে হঠাৎ এদিন বাংলা সংগীত শিল্পী ছায়ানৰ “আমার নাম প্যালেষ্টাইন” গীতটো আৱিষ্কাৰ কৰি মনটো সজীৱ হৈ উঠিছিল। সেইদিনাই থিৰাং কৰিছিলোঁ এই গীতটোৰ সম্পৰ্কে আলোচনা আগবঢ়াম। গীতটোৰ বিভিন্ন দিশ আলোচনা কৰিবলৈ গ’লে গীতটোৰ বহু নজনা দিশ আৱিষ্কাৰ হয়। গীতটোৰ প্ৰতি যথাৰ্থতে ন্যায় বিচাৰ কৰাৰ এটা সুযোগ আহি পৰে। যিটো এনে উদ্দেশ্যধৰ্মী ৰাজনৈতিক গীতৰ বাবে দৰকাৰী কথা বুলি ভাবোঁ। মোৰ আলোচনাত সাধ্য অনুসৰি গীতটোৰ অন্তৰভাগলৈ ভূমুকিয়াই চাবলৈ যত্ন কৰিছোঁ। গীতটোৰ  বিষয়টোও আজিৰ সময়ৰ এটা অত্যন্ত জৰুৰী ৰাজনৈতিক বিষয়। সেই কথাটোৱেও গীতটোৰ আলোচনাৰ গুৰুত্ব বঢ়াই তুলিছে। লগতে ছায়ানৰ দৰে এগৰাকী প্ৰতিবাদী শিল্পীৰ শিল্পৰ আলোচনাও গুৰুত্বপূৰ্ণ। আশাকৰোঁ সচেতন পাঠকৰ যথাযোগ্য সহাঁৰিয়ে মোৰ লেখাটো পৰিপূৰ্ণ কৰি তুলিব।

প্ৰস্তাৱনা :

পেলেষ্টাইনৰ মুক্তি সংগ্ৰামৰ ঐক্য সমৰ্থনত বিশ্বজুৰি বিভিন্ন ভাষাত বহু শিল্পীৰ প্ৰতিৰোধমূলক গীতে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই গীতবোৰে মূলতঃ নিজৰ স্বাধীনতা আৰু অধিকাৰৰ বাবে দীৰ্ঘদিন ধৰি যুঁজি থকা পেলেষ্টাইনৰ জনগণৰ বেদনা, আশা, দৃঢ়তাক আন্তৰিক অভিবাদন জনাইছে।

এই গীতবোৰে মুখ্যত: বিপ্লৱী সাংস্কৃতিক প্ৰতিনিধিত্ব কৰি সামাজিক ন্যায়ৰ দাবী, শিল্পৰ জড়িয়তে জনমত প্ৰতিষ্ঠা, বিশ্বজনীন সংগ্ৰামী ঐক্য, সামূহিক প্ৰেৰণা আৰু আশাৰ আবেগিক অনুনাদিত সাংস্কৃতিক বিনিময়ৰে প্ৰতিৰোধৰ বিপ্লৱী পৰম্পৰা বজাই ৰাখি বিশ্ব ভাতৃত্বৰ বিৰল সম্পৰ্ক সজীৱ কৰি তুলিছে।

পেলেষ্টাইনৰ জনগণৰ বাবে এই প্ৰতিৰোধমূলক গীতসমূহ কেৱল কলাত্মক অভিব্যক্তি নহয় বৰঞ্চ পেলেষ্টাইন মুক্তি আন্দোলনৰ আৰ্থ-ৰাজনৈতিক তন্ত্ৰৰ সৈতে গভীৰভাৱে জড়িত হৈ থকা বিশ্বজনীন  গণআকূতি। পেলেষ্টাইনৰ সংগ্ৰামী ৰাজনীতি আৰু সামাজিক কাৰ্য্যকলাপ সংগঠিত কৰাৰ বাবে, এই গীতবোৰে শক্তিশালী আহিলা হিচাপে কাম কৰি আহিছে। যুদ্ধ জয়ৰ আত্মপ্ৰত্যয়, যুঁজি থকাৰ বাবে আশা আৰু প্ৰেৰণাৰ বিশেষ সমল এই গীতবোৰে যুগ যুগ ধৰি পেলেষ্টাইনৰ সংগ্ৰামী জনগণক সংগ্ৰামী ন্যায় প্ৰদান কৰাৰ বাবে অনুঘটকৰ ভূমিকা পালন কৰিছে।

বাংলাদেশৰ প্ৰতিবাদী শিল্পী ছায়ানৰ এনে এটি গীত আমাৰ নাম প্যালেষ্টাইন

.
আমাৰ নাম প্যালেষ্টাইন গীতটোৰ আলোচনা :

Musical narratives are revealing of collective histories, confrontations and hopes, – Louis Brehony

প্ৰখ্যাত আফ্ৰিকান-আমেৰিকান কথা শিল্পী, সমাজ কৰ্মী Toni Cade Bambara ই কৈছিল  The role of the artist is to make the revolution irresistible.

ছায়ানৰ ‘আমাৰ নাম প্যালেষ্টাইন’ গীতটো তেনে এক প্ৰতিবাদী শিল্পী সত্তাৰ এক উজ্বল নিদৰ্শন। এই গীতটোৱে পেলেষ্টাইনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া অবিৰত সংগ্ৰাম আৰু মুক্তিৰ সপোনক সম্বোধন কৰি ছায়ানৰ সংগীতক সামাজিক মঞ্চ হিচাপে ব্যৱহাৰ কৰাৰ ক্ষমতাৰ প্ৰমাণ দিয়াৰ লগতে এক শক্তিশালী বিপ্লৱী ৰাজনৈতিক ধাৰাভাষ্য হিচাবেও গণ্য কৰিব পাৰি। মূলতঃ ‘আমার নাম প্যালেষ্টাইন’ গীতটো পেলেষ্টাইনৰ মুক্তি সংগ্ৰামলৈ শিল্পী ছায়ানৰ এক বিৰল আন্তৰিক সংগ্ৰামী অভিবাদন। এটা সাক্ষাৎকাৰত শিল্পী গৰাকীয়ে কৈছে— In my mind, Palestine is free, independent, and a sovereign country, and I ask you all to stand with them, supporting their causes. Never stop talking about Palestine.

It’s there across the sky….
It’s there beneath the ground
Can you hear the music ?
Do you follow the sound ?
From the river to the sea…
My freedom will shine
It will happen….it’s time..
My name is Palestine.

‌- Shayan

‘আমাৰ নাম প্যালেষ্টাইন’ গীতটো শুনাৰ আগতে পেলেষ্টাইন বিষয়ক ছায়ানৰ এটি কবিতা বয়কট শুনি লওক। কবিতাটোৱে গীতটোৰ মাজলৈ আপোনাক বাট দেখুৱাই লৈ যাব।

গীতৰ কথা :

আমাৰ নাম প্যালেষ্টাইন
ছায়ান

আমাৰ নাম প্যালেষ্টাইন
আমাৰ নাম প্যালেষ্টাইন
আমাৰ নাম প্যালেষ্টাইন
আমাৰ নাম প্যালেষ্টাইন

আমাৰ নাম প্যালেষ্টাইন — মৃত্যু থেকে আবাৰ জেগে উঠি
নদী থেকে সমুদ্ৰতে..
স্বাধীনতা আনতে আমি ছুটি

আমাৰ নাম প্যালেষ্টাইন — মৃত্যু থেকে আবাৰ জেগে উঠি
নদী থেকে সমুদ্ৰতে..
স্বাধীনতা আনতে আমি ছুটি

আমাৰ নাম প্যালেষ্টাইন
ফিনিক্স পাখিৰ মতন জেগে উঠি
নদী থেকে সমুদ্ৰতে..
স্বাধীনতা আনতে আমি ছুটি

আকাশ জুড়ে মাটি ফুঁড়ে
শুনতে পাচ্ছো তোমৰা কি সেই কথা ?
নদী থেকে সমুদ্ৰতে..
প্যালেষ্টাইন আনবে স্বাধীনতা

আকাশ জুড়ে মাটি ফুঁড়ে
শুনতে পাচ্ছো তোমৰা কি সেই কথা ?
নদী থেকে সমুদ্ৰতে..
প্যালেষ্টাইন আনবে স্বাধীনতা
প্যালেষ্টাইন আনবে স্বাধীনতা

আমাৰ নাম প্যালেষ্টাইন তুমি আমায় ডাকছো জঙ্গীবাদী
সন্ত্ৰাসী আৰ অপরাধী
কখনো বা জিহাদী ইত্যাদি

এই পৃথিবীৰ আছোঁ যাৰা
অভিভাৱক তাবড় মাতাব্বৰ
আমাৰ নাম প্যালেষ্টাইন ভুলে গেছো এটাই আমাৰ ঘৰ
শুনে ৰাখো এটাই আমাৰ ঘৰ

আমাৰ নাম প্যালেষ্টাইন ছাড়বো নিয়ে আমাৰ স্বাধীনতা
আমাৰ মাটি লড়েই নেবো, এটাই আমাৰ একমাত্ৰ কথা
লড়তে লড়তে মৰে যাবো
ধূলোয় আমা‌য় মিশিয়ে দিতে পাৰো

মাটিৰ ভেতৰ  মিশে গিয়েও
বলবো আমাৰ প্যালেষ্টাইনকে ছাড়ো
বলবো আমাৰ প্যালেষ্টাইনকে ছাড়ো !

আমাৰ নাম প্যালেষ্টাইন
আমাৰ মাটি কৰলে তুমি চুৰি
অস্ত্ৰে-সস্ত্ৰে গায়েৰ জোৰে
‘তই দেখাও হাজাৰ বাহাদুৰী।

অনেক উঁচু পাঁচিল তুলে
যেই মাটিতে বানিয়ে নিলে ঘাঁটি।

আমাৰ নাম প্যালেষ্টাইন
মনে ৰেখো ওটা আমাৰ মাটি
মনে ৰেখো ওটা আমাৰ মাটি

জঙ্গীবাদেৰ তকমা দিয়ে
ভাবছো আমাৰ হকটা নেবে কেড়ে

মাৰতে পাৰো মৰতে পাৰি
কিন্তু আমাৰ হক দেবোনা ছেড়ে

আমাৰ নাম প্যালেষ্টাইন
দেখাও তোমাৰ শক্তি আছে কত

আমাৰ নাম প্যালেষ্টাইন
আমি মাথা কৰবো না তো নত
আমি মাথা কৰবো না তো নত

আমাৰ নাম প্যালেষ্টাইন
আমি আমাৰ মাটিৰ জন্য লড়ি
আমাৰ নাম প্যালেষ্টাইন
আমি আমাৰ মাটিৰ জন্য মৰি

এই মাটিতেই বাঁচবো আমি
নিজেৰ মতো নিজেৰ পৰিচয়ে
আমাৰ নাম প্যালেষ্টাইন
ঝুঁকবো না তো আমি তোমাৰ ভয়ে

আকাশ জুড়ে মাটি ফুঁড়ে
শুনতে পাচ্ছো তোমৰা কি সেই কথা ?
নদী থেকে সমুদ্ৰতে..

প্যালেষ্টাইন আনবে স্বাধীনতা

 শিল্পীৰ ব্যাখ্যাৰে “আমার নাম প্যালেষ্টাইন” গীতটোৰ সৃষ্টিৰ আঁৰৰ কথা

 

‘আমার নাম প্যালেষ্টাইন’ গীতটোৰ মূল ভিডিঅ’ (গীতটোৰ ভিডিঅ’ গ্ৰাফিক্সত, কথা, সংগীত সজ্জাৰ লগতে শক্তিশালী গ্ৰাফিক্স সমানেই তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। সন্মানীয় পাঠক বৃন্দলৈ মোৰ এটি অনুৰোধ, আপোনালোকে গীতটোৰ লগতে ভিডিঅ’টোও যেন অনুধাৱন কৰে।)

গীতটোৰ ঐতিহাসিক তাৎপৰ্য :

২০২৩ চনৰ নবেম্বৰ মাহত মুক্তি পোৱা বাংলাদেশৰ সংগীত শিল্পী ছায়ানৰ আমার নাম প্যালেষ্টাইন প্ৰতিবাদী গীতটোৱে যথেষ্ট ঐতিহাসিক তাৎপৰ্য বহন কৰিছে। ৭৫ বছৰ অতিক্ৰম কৰা পেলেষ্টাইনৰ মুক্তি সংগ্ৰামে  আজি জটিল সময়ত ভৰি দিছেহি। এই বিশেষ সন্ধিক্ষণত গীতটোৱে যেন মুক্তি সংগ্ৰামখনৰ মূল নিৰ্যাসটো সবল ৰূপত  বিশ্বব্যাপী তুলি ধৰিছে।

দীৰ্ঘদিনীয়া ভূ-ৰাজনৈতিক বিষয়টোক জনচেতনাত ধৰি ৰখাত সহায় কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আলোচনা আৰু সজাগতা তথা পেলেষ্টাইনৰ সংগ্ৰামখনৰ প্ৰতি বিশ্বব্যাপী বিশেষ দৃষ্টি আকৰ্ষণ গীতটোৰ অন্যতম অৱদান। এটা সাক্ষাৎকাৰত শিল্পী গৰাকীয়ে কৈছে – “When I think about Palestine, I get reminded of our own war situation in 1971. We fought the same war for our independence, and Palestinians did not seem different to me then. I am with Palestine and ask everyone to speak for them,”। এই মন্তব্যৰ পৰা এইটো স্পষ্ট যে গীতটো জন্মৰ লগত শিল্পীৰ নিজৰ দেশৰ ইতিহাস জড়িত হৈ আছে।

এই গীতটো পেলেষ্টাইনৰ পৰিস্থিতি সম্পৰ্কে সমসাময়িক আৱেগ আৰু দৃষ্টিভংগীৰ ঐতিহাসিক নথি (Record) হিচাবে বিবেচিত হ’ব। ভৱিষ্যত প্ৰজন্মই “আমাৰ নাম পেলেষ্টাইন” গীতটোক এটা ঐতিহাসিক সাংস্কৃতিক শিল্পকৰ্ম হিচাপে পিছলৈ ঘূৰি চাব।

ঐতিহাসিকভাৱে প্ৰতিবাদী সংগীতে সামাজিক আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। “আমাৰ নাম পেলেষ্টাইন”— গীতটোৱে, সমসাময়িক শিল্পীসকলে সংগীতক কেনেকৈ প্ৰতিবাদ আৰু আন্ত:ৰাষ্ট্ৰীয় সংগ্ৰামী সমন্বয়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে তাক চিত্ৰিত কৰি এক ঐতিহাসিক দলিল হিচাবে চিহ্নিত হৈছে। আজি বিশ্বব্যাপী ফ্ৰী-পেলেষ্টাইন প্ৰতিবাদী কাৰ্যৰ জোৱাৰ উঠিছে। সংগীত এই প্ৰতিবাদৰ এটা শক্তিশালী মাধ্যম। সেই দিশৰ পৰাও এই গীতটোৱে একবিংশ শতিকাত প্ৰতিবাদী সংগীতৰ বিৱৰ্তনৰ সন্ধান উলিওৱাত সহায় কৰিব।

গীতটোৰ সাংগীতিক তাৎপৰ্য :

What you hear on this record is an echo — the echo of a very important phase in the long struggle of the people of Palestine.

ছায়ানৰ “আমার নাম প্যালেষ্টাইন” গীতটোৰ সংগীত পৰম্পৰাগত আৰু সমসাময়িক উপাদানৰ মিশ্ৰণেৰে গঠিত। যি শ্ৰোতাৰ মনোজগতত এক শক্তিশালী আৱেগিক তথা প্ৰতিবাদী চেতনাৰ জন্ম দিয়ে।  গীতটোৰ সুৰ সহজ অথচ প্ৰভাৱশালী আৰু বিদ্ৰোহী চোকা মেজাজৰ। গীতটোৰ কথা সহজ আৰু স্মৰণীয়।

শিল্পী ছায়ানৰ আত্মপ্ৰত্যয় আৰু গৰ্বৰে উচ্ছল কণ্ঠ গীতটিৰ হৃদপিণ্ড। তেওঁৰ কণ্ঠই গীতটোৰ গভীৰ আৱেগিক ওজন কঢ়িওৱাৰ লগতে গীতৰ শক্তিশালী আৰু সূক্ষ্ম প্ৰক্ষেপণ তথা গীতটোৰ বাৰ্তাৰ তীব্ৰতা অতি সফলভাৱে ৰূপায়ণ কৰিছে। হয় “আমার নাম প্যালেষ্টাইন”ৰ সুৰত সম্ভৱতঃ মধ্যপ্ৰাচ্যৰ সংগীতৰ সাধাৰণতে ব্যবহাৰ কৰা স্কেলসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিয়ে গীতটোৰ বিষয়বস্তুত এক প্ৰামাণিক অনুভৱ প্ৰদান কৰিছে। এই সুৰৰ নিৰ্বাচনে পেলেষ্টাইনৰ সাংস্কৃতিক আৰু আৱেগিক পৰিৱেশক উৎসাহ যোগোৱাৰ লগতে গীতটোৰ আন্তৰিক  প্ৰভাৱ বৃদ্ধি কৰিছে।

গীতটো আৰম্ভ হৈছে গীটাৰ, ভায়’লিন আৰু মধ্যপ্ৰাচ্যৰ এক বিশেষ বাদ্যযন্ত্ৰ oud ৰ যোগেদি। ড্ৰামৰ বিশেষ ব্যৱহাৰে গীতটোত সমৰক্ষেত্ৰৰ পৰিৱেশ ৰচনা কৰিছে। মূলতঃ বাংলাদেশী আৰু মধ্যপ্ৰাচ্যৰ পৰম্পৰাগত শব্দৰ (sound) মিশ্ৰণ এই সংগীত। মধ্যপ্ৰাচ্যৰ সংগীতত সাধাৰণতে দেখা পোৱা oud ৰ দৰে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰি এক সমৃদ্ধ musical sound texture সৃষ্টি কৰা হৈছে, যিয়ে কণ্ঠ সংগীতক বলিষ্ঠ আৰু অৰ্থপূৰ্ণ কৰি তুলিছে আৰু সংগীত ব্যৱস্থাত গভীৰতা প্ৰদান কৰিছে।

গীতটোৰ ছন্দত (rhythm) বাংলাদেশী লোকসংগীতৰ বৈশিষ্ট্যপূৰ্ণ পৰম্পৰাগত স্পন্দন অন্তৰ্ভুক্ত হৈছে যদিও সম্ভৱতঃ মধ্যপ্ৰাচ্যৰ সংগীতৰ ছন্দময় আৰ্হিৰ সৈতে জড়িত আৰু গীতটোত ই dominant কাৰক। ছন্দৰ এই সংমিশ্ৰণে গীতটোৰ অনন্য আৰু আকৰ্ষণীয় শব্দ (sound)ত অৰিহণা যোগায়, যাৰ ফলত গীতটো বিভিন্ন শ্ৰোতাৰ বাবে চিনাকি আৰু বিদেশী দুয়োটা আৱেদনৰ যুগলবন্দী হৈ পৰিছে।

পৰম্পৰাগত সংগীতৰ সুৰীয়া আৰু ছন্দময় উপাদান থকাৰ পাছতো গীতটোত আধুনিক কৰ্ড অন্তৰ্ভুক্ত হোৱা বাবে পুৰণি আৰু নতুনৰ সমন্বয়, এই মিশ্ৰণে শ্ৰোতাৰ মাজত সাংস্কৃতিক ব্যৱধান দূৰ কৰাত সহায় কৰিছে আৰু গীতটোক বহল শ্ৰোতাৰ বাবে সুলভ কৰি তুলিছে। বিশ্বৰ যিকোনো প্ৰান্তৰ শ্ৰোতাৰ লগত সাংগীতিক যোগাযোগ সম্ভৱ কৰি তোলাটো গীতটোৰ এটা প্ৰয়োজনীয়তাও।

গীতটোৰ সাংগীতিক গতিশীলতা (Musical dynamics) আৰু আৱেগিক গতিশীলতা (Emotional Dynamics) হাতে হাত ধৰি আগবাঢ়িছে, যাব ফলত শ্ৰোতা গীতটোৰ সৈতে সফলভাৱে নিয়োজিত হৈ থাকে আৰু গীতৰ বাৰ্তাৰ গভীৰতা ফলপ্ৰসূভাৱে অনুধাৱন কৰিব পাৰে।

এইবোৰ সাংগীতিক উপাদান মিলিয়েই “আমার নাম পেলেষ্টাইন” গীতটো সৃষ্টি হৈছে বুলিব পাৰি, যি কেৱল সংগীতৰ বিষয়বস্তুৰ ফালৰ পৰাই গুৰুত্বপূৰ্ণ নহয় গভীৰ আৱেগেৰেও প্ৰভাৱশালী।

গীতটোৰ সাংস্কৃতিক তাৎপৰ্য :

Music is a moral law. It gives soul to the universe, wings to the mind, flight to the imagination, and charm and gaiety to life and to everything.  – Plato

আজিৰ বিশ্বৰ সংগ্ৰামী জনগণৰ মাজত বিপ্লৱী ঐক্য প্ৰতিষ্ঠাৰ স্বাৰ্থত এই গীতটোৰ সাংস্কৃতিক তাৎপৰ্য বিশেষভাৱে মনকৰিবলগীয়া।

গীতটোৰ কথাবোৰ উত্তেজক আৰু আৱেগিকভাৱে সংক্ৰামক, যিয়ে পেলেষ্টাইনীসকলৰ দুখ-কষ্ট, প্ৰতিৰোধ আৰু চিৰস্থায়ী বিদ্ৰোহী মনোভাৱক উজ্জ্বল কৰি তুলি ধৰিছে। গীতৰ কথাবোৰে পেলেষ্টাইনৰ স্থানচ্যুতিৰ যন্ত্ৰণা, শান্তিৰ আকাংক্ষা আৰু উন্নত ভৱিষ্যতৰ আশাক শক্তিশালী ৰূপত প্ৰতিফলিত কৰে।

ভিন্ন সাংস্কৃতিক ঐক্যৰ প্ৰতিষ্ঠা এক শক্তিশালী গীত “আমার নাম প্যালেষ্টাইন”। বাংলাদেশী শিল্পী হিচাপে ছায়ানে এই গীতটোৰ যোগেদি নিজৰ মঞ্চ ব্যৱহাৰ কৰি পেলেষ্টাইনী মুক্তি সংগ্ৰামৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে মানৱ অধিকাৰ সংগ্ৰামৰ সাৰ্বজনীনতাৰ ওপৰত আলোকপাত কৰিছে। এই সংহতিৰ বাৰ্তা ভিন্ন ধৰ্মী শ্ৰোতাৰ সৈতে অনুৰণিত হয় আৰু বিভিন্ন সংস্কৃতিৰ মাজত ন্যায় আৰু সহানুভূতিৰ মূল্যবোধে গুৰুত্ব পায়।

পেলেষ্টাইনৰ বিষয়টোক সম্বোধন কৰি ছায়ানে পেলেষ্টাইনৰ সংগ্ৰামী সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ প্ৰতি  শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰে। গীতটো পেলেষ্টাইনৰ চলি থকা সংঘাত আৰু স্থানচ্যুতিৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ। ই প্ৰতিকূলতাৰ মাজতো আত্মনিয়ন্ত্ৰণৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰৰ সোঁৱৰণী হিচাবে পেলেষ্টাইনৰ জনগণৰ সংগ্ৰামী দৃঢ়তা বঢ়াই তোলে।

শিল্পৰ শক্তিক সবলীকৰণৰ (empowerment) আহিলা হিচাপে এই গীতটোৰ প্ৰভাৱ বিশেষভাৱে মনকৰিবলগীয়া। সাংস্কৃতিক প্ৰতিৰোধৰ বিষয়টোত এনে শিল্প কৰ্ম, সংগ্ৰামৰ এক শক্তিশালী মাধ্যম হ’ব পাৰে বোলা ধাৰণাটোক এনে গীতে অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে।

এই গীতটোৱে মানৱ অধিকাৰ আৰু ন্যায়ৰ সম্পৰ্কত বিশ্বব্যাপী সংগ্ৰামী সাংস্কৃতিক বক্তব্যত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। ছায়ানে গীতটোত এটা নিৰ্দিষ্ট আঞ্চলিক (পেলেষ্টাইন) বিষয় অন্তৰ্ভুক্ত কৰি অত্যাচাৰ আৰু সংহতিৰ বিষয়টোক শ্ৰোতাৰ লগত বৃহৎ কথোপকথনত অংশগ্ৰহণ কৰিছে। ইয়াৰ ফলত বিশ্ব বাগধাৰা (global narrative)ত এক মূল্যৱান সাংস্কৃতিক দৃষ্টিভংগী সংযোগ হৈছে।

এনে গীতৰ সাংস্কৃতিক প্ৰভাৱে আন শিল্পীক অনুপ্ৰাণিত কৰে, সামাজিক ন্যায় আৰু মানৱ অধিকাৰৰ পোষকতা কৰা সাংস্কৃতিক পৰম্পৰাক উৎসাহ যোগায়।

এনে গীতবোৰৰ প্ৰতিৰোধ আৰু বহল সাংস্কৃতিক প্ৰকাশভংগী পেলেষ্টাইনীসকলৰ বাবে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ, অত্যাচাৰ প্ৰতিহত কৰাৰ আৰু নিজৰ কাৰ্য্যৰ বাবে সংগঠিত হোৱাৰ এক মন্ত্ৰ হৈ পৰিছে।

গীতটোৰ ৰাজনৈতিক তাৎপৰ্য :

Politics can be strengthened by music, but music has a potency that defies politics. – Nelson Mandela, Long Walk to Freedom

ছায়ানৰ “আমার নাম প্যালেষ্টাইন” গীতটো মূলতঃ  বিশেষভাৱে ৰাজনৈতিক তাৎপৰ্য বহন কৰা এটি গীত। ৭৫ বছৰ ধৰি চলি থকা পেলেষ্টাইনৰ জনগণৰ মানৱ অধিকাৰ হৰণ কৰা সাম্ৰাজ্যবাদী ৰাজনৈতিক চক্ৰান্তই আজি বর্বৰতাৰ চুড়ান্ত পৰ্য্যায়ত উপনীত হৈছেহি। এনে এক নিষ্ঠুৰ সময়ৰ সাক্ষী হিচাবে ছায়ানৰ “আমার নাম প্যালেষ্টাইন” গীতটোৱে বিশ্বৰ সংগ্ৰামী জনতাক বিদ্ৰোহৰ বাৰ্তা বিলাইছে।

গীতটোৱে পেলেষ্টাইনী সংগ্ৰামৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি, মানৱ অধিকাৰ উলংঘাৰ বিষয়সমূহৰ ওপৰত বিশেষ আলোকপাত কৰিছে। পেলেষ্টাইনৰ ৰাজনৈতিক পৰিস্থিতিৰ জটিলতা আৰু বাস্তৱতাৰ বিষয়ে আন্তৰ্জাতিক সজাগতা বৃদ্ধিৰ বাবে গীতটোৱে বিশেষ ভূমিকা পালন কৰিছে।

ছায়ানৰ এই গীতটো পেলেষ্টাইনৰ নিপীড়িত জনগণৰ সৈতে Solidarity ৰ এক শক্তিশালী বাৰ্তা। সামাজিক ন্যায় আৰু মানৱ অধিকাৰৰ বিশ্বব্যাপী আন্দোলনৰ প্ৰেক্ষাপটত এই Solidarity অতি তাৎপৰ্যপূৰ্ণ, যিয়ে পেলেষ্টাইনৰ মুক্তি সংগ্ৰামৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমৰ্থন প্ৰদৰ্শন কৰে।

গীতটোৰ কথা আৰু সুৰে অত্যাচাৰ আৰু অন্যায়ৰ বিৰুদ্ধে স্পষ্ট ৰাজনৈতিক বাৰ্তা বহন কৰিছে। পেলেষ্টাইনৰ যন্ত্ৰণা আৰু প্ৰতিৰোধ সংগ্ৰামক গীতটোৰ জড়িয়তে স্পষ্ট ৰূপত তুলি ধৰি ছায়ানে শ্ৰোতাসকলক ৰাজনৈতিক বাস্তৱতাৰ ওপৰত চিন্তা কৰিবলৈ আৰু এই বিষয়সমূহৰ ওপৰত নিজৰ স্থিতি বিবেচনা কৰিবলৈ যেন প্ৰত্যাহ্বান জনাইছে। সেই দৃষ্টিকোণৰ পৰা গীতটো ৰাজনৈতিক ধাৰাভাষ্য (Political commentary) আৰু ৰাজনৈতিক activismৰ গুৰুত্বপূৰ্ণ আহিলা হৈ পৰিছে।

শক্তিশালী ৰাজনৈতিক কলা (Political Art)ৰ এক উজ্জ্বল নিদৰ্শন হিচাবে এই গীতটো বিবেচনা কৰিব পাৰি।

এই গীতটোৱে শ্ৰোতাক ৰাজনৈতিকভাৱে নিয়োজিত হ’বলৈ উৎসাহিত কৰে। পেলেষ্টাইনীসকলৰ ন্যায়ৰ বাবে কাম কৰা সংগঠনসমূহক সমৰ্থন কৰিবলৈ অনুপ্ৰাণিত কৰে।

“আমার নাম প্যালেষ্টাইন” গীতটো পেলেষ্টাইনৰ জনগণক কেন্দ্ৰ কৰি যেন বিশ্বৰ প্ৰান্তীয়জনৰ কণ্ঠস্বৰ— Voice for the Voiceless।

শিল্পী ছায়ানৰ চমু পৰিচয় :

বাংলাদেশৰ জনপ্ৰিয় সঙ্গীত শিল্পী ছায়ান, সম্পূৰ্ণ নাম ফাৰজানা ওয়াহিদ ছায়ান। সংগীত জগতত ছায়ান নামেৰে পৰিচিত এই শিল্পীৰ সংগীতে বাংলাদেশৰ সংগীত জগতত জনসচেতনতা আৰু প্ৰতিবাদৰ সংগীত হিচাবে বিশেষ পৰিচিতি লাভ কৰিছে।

ছায়ানৰ মতে, নিজৰ অভিজ্ঞতাৰ পৰা দেখা পৃথিৱীখনক তেওঁ সংগীতেৰে উপস্থাপন কৰে। তেওঁৰ দ্বাৰা লিখা গীতবোৰ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। সেই গীতবোৰ গম্ভীৰ ভাষণ নহয়— মাথোঁ তেওঁৰ নিজৰ ধাৰণাক সজীৱ কৰি তুলিবলৈ তেওঁ গীত ৰচনা কৰে। জীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা জ্ঞান আৰু ইয়াৰ গভীৰতা সহজে প্ৰকাশ কৰাৰ ক্ষমতাই তেওঁৰ সংগীতক অনন্য কৰি তুলিছে আৰু তেওঁৰ সংগীতৰ বাবে এক দায়বদ্ধ নতুন দৰ্শকৰ সৃষ্টি কৰিছে।

ছায়ানৰ সংগীত বিষয়ক এটি আলোচনা 

ৰাজনৈতিক গীত ৰাজনৈতিক যোগাযোগৰ অন্যতম শক্তিশালী আহিলা। ছায়ানৰ বহু সংখ্যক গীতে এই ক্ষেত্ৰত সবল সক্ৰিয় ভূমিকা পালন কৰিছে। ব্যক্তিগত মানসিক সংগ্ৰামৰ পৰা আৰম্ভ কৰি সমসাময়িক ৰাজনৈতিক প্ৰেক্ষাপটত নেতাৰ অপ্রাসংগিক আৰু অসাৰ বাক্যবাণৰ চোকা সমালোচনালৈকে সকলোকে  ছায়ানৰ গীতে সামৰি লৈছে।

তেওঁৰ গীতত যেনেকৈ মানুহ হিচাপে ন্যূনতম অধিকাৰ নোপোৱা অৱহেলিত লোকৰ কথা কোৱা হৈছে, ঠিক তেনেদৰে একত্ৰিত হৈ অধিকাৰৰ বাবে যুঁজিবলৈও আহ্বান জনোৱা হৈছে। ছায়ানে কেৱল এই নিষ্ঠুৰ বাস্তৱক তুলি ধৰাই নহয়, এদিন এই বৈষম্য নিৰ্মূল হ’ব সেই আত্ম প্ৰত্যয় লৈ গীত ৰচনা কৰিছে।

মুখ্যতঃ গীটাৰ আৰু কিবৰ্ডৰ দৰে সমসাময়িক বাদ্যযন্ত্ৰৰ সৈতে হাৰমনিয়াম আৰু তবলাৰ দৰে পৰম্পৰাগত বাংলাদেশী বাদ্যযন্ত্ৰক একত্ৰিত কৰাত ছায়ানৰ গীতে সফলতা লাভ কৰিছে। এই সংযোজনে পৰম্পৰাবাদী আৰু আধুনিক সংগীত অনুৰাগী উভয়কে আকৰ্ষণ কৰা এক সমৃদ্ধ আৰু বৈচিত্ৰময় সংগীতৰ পৰিৱেশ সৃষ্টি কৰে।

আমেৰিকাত জন্মগ্ৰহণ কৰা আৰু কিছুদিন আমেৰিকাৰ উচ্চ শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰা ছায়ানৰ সংগীত বহু দেশীয় সংগীত শিল্পীৰ উপৰিও পশ্চিমৰ শিল্পী বব ডিলেন, ট্ৰেছী চেপমেন, লিউনাৰ্ড কহেন আদিৰ দ্বাৰাও কিছু প্ৰভাৱিত।

বিবিধ বিষয়ক ছায়ানৰ কেইটিমান উল্লেখযোগ্য গীত হৈছে –

‘আমি কেন প্ৰতিবাদে যাই’, ‘মানুষ আমাৰ দল’, ‘শুচিয়াৰি’, ‘আমাৰ সূৰ্য’, ‘অভিবাসী শ্ৰমিকেৰ গান’, ‘এটাই আমাৰ ৰাজনীতি’, ‘কালো মানুষ’, ‘এটা কল্পনা চাকমাৰ গান’, ‘আমি তাজ্জব বনে যাই’, ‘এক হাৰিয়ে যাওয়া বন্ধুৰ সাথে’, ‘এখানেই সুখ ছিল একদিন’, ‘জনতাৰ বেয়াদবী’, ‘ও নেতা ভাই’, ‘দু-চোখ দিয়েই দেখো’ ‘আমাৰ নাম পেলেষ্টাইন’। এই গীতবোৰ ইণ্টাৰনেটত সহজলভ্য। আশাকৰোঁ জনদৰদী এই শিল্পীৰ গীতবোৰ শুনি আপোনালোক সমৃদ্ধ হ’ব।

থাওকতে ছায়ানৰ কেইটিমান গীত শুনাৰ লগতে গীতকেইটাৰ সৃষ্টিৰ আঁৰৰ কথা শিল্পীৰ নিজৰ ভাষাত শুনক।

১) কালো মানুষ

এই গীতটো আমেৰিকাৰ বৰ্ণ বৈষম্যক লৈ লিখা। মেলডি প্ৰধান গীতটোৰ মাজেৰে শিল্পীজনাৰ আৱেগত এটা শক্তিশালী প্ৰতিবাদী মেজাজ ফুটি উঠিছে। আমেৰিকাৰ প্ৰতিবাদী সংগীত শিল্পী নিনা ছাইমনৰ নামত উৎসৰ্গা কৰি বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছায়ানৰ এই গীতটো বিশেষ তাৎপৰ্যপূৰ্ণ।

মই গীতটো মাত্ৰ পাঠকৰ আগত তুলি ধৰিছোঁ। গীতটো উপভোগ কৰাৰ লগতে গীতটোৰ জন্মৰ নেপথ্যৰ কাহিনী শিল্পীৰ মুখেৰেই শুনক।

    কালো মানুষ গীতটো আৰু তাৰ নেপথ্যৰ কাহিনীৰ বিষয়ে শিল্পীগৰাকীৰ কথা

কালো মানুষ গীতটিৰ অফিচিয়েল ভিডিঅ’

২) এটা কল্পনা চাকমাৰ গান

বাংলাদেশৰ সমীপৰ চট্টগ্ৰাম পাহাৰৰ জনজাতি সংগ্ৰামী নেত্ৰী কল্পনা চাকমাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই গীতটোৰ সৃষ্টি। কল্পনা চাকমাই নাৰীৰ অধিকাৰ, পাহাৰৰ মানুহৰ বঞ্চনা আদিৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিছিল। তেওঁক অপহৰণ কৰা হ’ল। আজিলৈকে তেওঁৰ জীৱিত বা মৃত অৱস্থাৰ কোনো খবৰ নোলাল!

গীতটোৰ লগতে শিল্পী ছায়ানৰ মুখেৰে গীতটোৰ সৃষ্টিৰ নেপথ্যৰ কাহিনী শুনক। মই অধিক লিখিব নিবিচাৰোঁ।

এটা কল্পনা চাকমাৰ গানটোৰ বিষয়ে কিছু কথা

‘এটা কল্পনা চাকমাৰ গান’ৰ অফিচিয়েল ভিডিঅ’

৩. তাজুদ্দিন

এই গীতটো বাংলাদেশৰ এজন মুক্তিযোদ্ধাৰ প্ৰতি ছায়ানৰ শ্ৰদ্ধাঞ্জলি। ছায়ানে গীতটো অতি শ্ৰদ্ধাৰে আৱেগ ঢালি গাইছে।তাজুদ্দিনৰ দৰে প্ৰচাৰ বিমুখ সমাজকৰ্মীক বহুতে চিনি নাপায়।তেওঁক বেছিভাগেই পাহৰি পেলাইছে। তেওঁলোকৰ নিঃস্বাৰ্থ দেশপ্ৰেম, সামাজিক কৰ্তব্যবোধ ইমান উচ্চ পৰ্য্যায়ৰ যে, তেনে ব্যক্তিত্ব পৰৱৰ্তী প্ৰজন্মৰ বাবে বিশেষভাৱে প্ৰেৰণাৰ উৎস আৰু শিক্ষাপ্ৰদ। গীতটিৰ লগতে গীতটো সৃষ্টিৰ আঁৰৰ কথাখিনি শিল্পীৰ ব্যাখ্যাৰে শুনক।

তাজুদ্দিন গীতটিৰ বিষয়ে শিল্পীৰ কথা

 তাজুদ্দিন গীতটোৰ অফিচিয়েল ভিডিঅ’ 

সামৰণি :

ছায়ানৰ গীত জনজীৱনৰ সৰলতা তথা গভীৰতাৰে পৰিপুষ্ট সৎ সাংগীতিক অভিব্যক্তি। তেওঁৰ আমাৰ নাম পেলেষ্টাইন গীতটো আজিৰ সময়ৰ সাম্ৰাজ্যবাদী বৰ্বৰতাৰ বিৰুদ্ধে সফল সংগ্ৰামী নিনাদ। ৭৫ বছৰ অতিক্ৰম কৰা পেলেষ্টাইন মুক্তি সংগ্ৰামৰ আজিৰ জটিল পৰিস্থিতিত এই গীতটোৰ তাৎপৰ্য অপৰিসীম। এই গীতৰ আঁত ধৰি আপোনালোকে প্ৰতিবাদী শিল্পী ছায়ানৰ বাকী গীতবোৰো অনুধাৱন কৰিব পাৰিব। আমাৰ অতি চুবুৰীয়া দেশ বংগদেশৰ শিল্পী ছায়ানৰ পৰা আমি বহু কথাই শিকিব লগা আছে। আমাৰ হিয়াৰ শিল্পী ভূপেন হাজৰিকাৰ দৰে ছায়ানেও এটি গীতৰ সৃষ্টিৰ সম্পূৰ্ণ দায়িত্ব পালন কৰে। গীত লিখে, সুৰাৰোপ কৰে, কণ্ঠ নিগৰায়। মূলতঃ শ্ৰোতাৰ লগত নিজৰ বক্তব্য বিনিময় কৰিবলৈ সংগীত মাধ্যমটো ব্যৱহাৰ কৰি গীতৰ জন্ম দিয়ে। অৰ্থাৎ স্পষ্ট উদ্দেশ্য আগত ৰাখি তেওঁ গীত গায় বা গীতৰ জন্ম দিয়ে। কেৱল মনোৰঞ্জনৰ বাবে ছায়ানে গীত সৃষ্টি নকৰে। বিশ্ববন্দিত গণশিল্পীসকলে এনেদৰেই শিল্পীৰ দায়িত্ব পালন কৰে। এনে শিল্পীৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি এই কথা কোনো কাৰণতে পাহৰিব নোৱাৰোঁ। শিল্পীৰ এই মৌলিক গুণৰ অবিহনে সৃষ্ট শিল্পৰ কিছুমান গুৰুত্বপূৰ্ণ সীমাবদ্ধতা থাকিবলৈ বাধ্য।

আশাকৰোঁ ছায়ানৰ এই গীতবোৰ আপোনালোকে শুনিব, আগলৈও আমি একেলগে গীতৰ আলচ কৰি যাম। নতুন নতুন উপলব্ধিৰ মাজেৰে সংগীত আৰু জীৱনৰ সম্পৰ্ক অৰ্থপূৰ্ণ ৰূপত সজীৱ কৰি তুলিম।

 তথ্য সূত্ৰ :

১.https://www.revolvy.com/page/Farzana-Wahid-Shayan

২.Palestinian Resistance Music Then & Now

৩.https://www.thedailystar.net/hello-i-am-nobody-52527

৪.Palestine Lives! Songs from the Struggle of the People of Palestine.

৫.https://www.musophia.com/shayan-stories-of-life-become-her-songs/

৬. https://www.last.fm/music/Shayan/+wiki

৭. ইউটিউব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *