(গল্প) আন্ধাৰৰ ৰজা-(ৰাজীৱ কুমাৰ দত্ত)
তিনিআলিটোৰ
চুকতে
চহৰৰ
এখন
নামজ্বলা
মহাবিদ্যালয়ত
অধ্যাপনা
কৰি
থকা
পুলকেশ
দোলাকাষৰীয়াৰ
চালে
চকুৰোৱা
সুদৃশ্যমান
আবাসগৃহ।
দোলাকাষৰীয়াৰ
দুটি
সন্তান
আৰু
পৰিবাৰৰ
সৈতে
এখন
সুখৰ
সংসাৰ।
পৰিবাৰো
উচ্চ
শিক্ষিতা।
এটা
চৰকাৰী
বিভাগত
কৰ্মৰত।
দুয়ো
বিজ্ঞান
বিভাগতে
পঢ়া-শুনা
কৰা।
অধ্যাপক
পুলকেশ
দোলাকাষৰীয়া
বিজ্ঞানৰে
মুৰববী
অধ্যাপক।
তেখেতৰ
সপোনৰ
গৃহটিৰ
সন্মুখতে
এটি
সুন্দৰ
গোঁসাইঘৰো
নিৰ্মাণ
কৰি
লৈছে।
পুৱা
গাধুই
আহি
অধ্যাপক
মহোদয়ে
সেই
গোঁসাইঘৰত
সোমাই
ভোৰতাল
বজাই
নাম
কীৰ্তন
নকৰাকৈ
ফুটাকৰি
এটাও
মুখলৈ
নিনিয়ে।
নৈষ্ঠিক
ধৰ্মপ্ৰাণ
ব্যক্তি
হিচাপে
কেৱল
নিজৰ
গাওঁখনতে
নহয়
বৰং
জিলা
পৰ্যায়তো
তেখেতৰ
সুনাম
আছে।
বিভিন্ন
ধৰ্মালোচনী
সভাই
সমিতিয়ে
নিৰ্দিষ্ট
বক্তা, বিশিষ্ট
অতিথি
আদিৰো
আসন
শুৱনি
কৰে।
হাতৰ
আঙুলিত
ভিন্ন
ৰকমৰ
গ্ৰহৰত্ন
খচিত
আঙঠিয়ে
তেখেতৰ
ব্যক্তিত্বত
সোণত
সুৱগা
চৰাইছে।
গাঁৱৰ
প্ৰায়
সকলোৱেই
সমীহ
কৰি
চলে।
কাৰণ
তেখেতৰ
সমান
উচ্চ
শিক্ষিত
ব্যক্তি
গাঁওখনত
দ্বিতীয়
এজন
নাই। সেয়ে তেখেতৰ
ওপৰত
কথা
কোৱাৰ
সাহসো
কাৰো
নাই।
গাঁওখনৰ
একধৰণৰ
অঘোষিত
মুখিয়াল
বুলিবই
পাৰি।
আনহাতে দোলাকাষৰীয়াৰ পৰিবাৰ মন্দাকিনীৰ স্বভাৱ তেখেতৰ সম্পূৰ্ণ বিপৰীত। মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে এগৰাকী যুক্তিবাদী, বিজ্ঞানমনষ্ক অধ্যাপকৰ সংস্পৰ্শলৈ আহিছিল মন্দাকিনী। লগতে তেওঁৰ কেইজনমান বন্ধু-বান্ধৱী। প্ৰায়েই অধ্যাপকগৰাকীৰ লগত যুক্তিবাদ সম্পৰ্কে আলোচনাত বহিছিল। কিতাপ, আলোচনী অধ্যয়ন কৰিছিল। বহুতো খ্যাত অখ্যাত ব্যক্তিৰ বলিষ্ঠ যুক্তিৰে লিখা প্ৰৱন্ধ-পাতিবোৰ পঢ়া আৰু আলোচনা কৰাতে কেৱল তেওঁলোক ক্ষান্ত থকা নাছিল। বৈজ্ঞানিক মানসিকতাক উৰ্দ্ধত তুলি ধৰি যুক্তিবাদক প্ৰতিষ্ঠা কৰাৰ সংকল্পেৰে মহাবিদ্যালয়ৰ অধ্যাপকগৰাকীৰ সৈতে সভা-সমিতিও আয়োজন কৰিছিল। অৱশেষত যেতিয়া বিয়াৰ বয়স হ’ল তেতিয়া তেওঁৰ ভাগত পৰিলগৈ দোলাকাষৰীয়াৰ দৰে এগৰাকী নৈষ্ঠিক জীৱন সংগী।
বিয়াৰ আগতে দোলাকাষৰীয়া ইমান এজন নৈষ্ঠিক মানুহ বুলি তাই ধৰিবই পৰা নাছিল। ঘৰৰপৰা ঠিক কৰা বিয়া। গতিকে আগতীয়াকৈ মিলামিচা কৰাৰো সুবিধা পোৱা নাছিল। ল’ৰাই চাবলৈ আহোঁতেই যি এবাৰ সাক্ষাত হৈছিল। দেখাই শুনাই সকলো ওপৰে ওপৰে ঠিকেই আছিল বাবে মাক দেউতাকক ‘হাঁ’ বুলিয়েই কৈ দিছিল তাই। তাইৰ বিয়াত তাই নিজৰ স্থিতিত অটল থাকি সকলো ধৰণৰ ধৰ্মীয় মাংগলিক কাৰ্য-কলাপৰপৰা বিৰত থাকিবলৈ সক্ষম হৈছিল। মাক-দেউতাকেও তাইৰ অকাট্য যুক্তিক খণ্ডন কৰিব নোৱাৰি তাইৰ মতেই বিয়াখন চহৰৰ এটি বিবাহ ভৱনত কিছু এৰাব নোৱৰা সম্পৰ্কীয় মানুহ আৰু বন্ধু-বান্ধৱীক নিমন্ত্ৰণ কৰি বিয়াৰ নামত কেৱল আপ্যায়নৰ ব্যৱস্থা কৰিছিল। তাকো একেবাৰেই অনাড়ম্বৰভাৱে। আনহে নালাগে আপ্যায়নৰ দিনা তাই কন্যাৰ বিশেষ সাজো পৰিধান কৰা নাছিল।
তাই বিয়াৰ আগতে এদিন ল’ৰাজনক অৰ্থাৎ দোলাকাষৰীয়াক নিজৰ চিন্তাধাৰাৰ বিষয়ে খোলাখুলিকৈয়ে কৈছিল- “মই সকলো কথা যুক্তিযুক্ততাৰে নিজৰ বিচাৰ বিবেচনাৰে চালি-জাৰি চাই সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে জীৱনটোক পৰিচালিত কৰিব বিচাৰোঁ। এই ক্ষেত্ৰত মই কোনো ধৰণৰ আপোচ কৰিব নিবিচাৰোঁ। জন্মদাতা পিতৃ-মাতৃয়েও আজিলৈ মোৰ ওপৰত কোনোধৰণৰ জোৰ-জুলুম কৰা নাই। তাকে চাই আপুনি সিদ্ধান্ত লওক মোৰ লগত জীৱন অতিবাহিত কৰিব পাৰিবনে নোৱাৰে।”
তাইৰ কথাৰ উত্তৰত দোলাকাষৰীয়াই এটা নতুন প্ৰশ্নৰহে অৱতাৰণা কৰিলে- “বাৰু
মন্দাকিনী,¸ আমিযে
দুয়ো
বিয়াৰ
বান্ধোনেৰে
বান্ধখাই
জীৱনটো
একেলগে
কটোৱাৰ
কথা
ভাৱিছোঁ
তাৰ
মুখ্য
কাৰণটো
তুমি
কি
বুলি
ভাবা?”
মন্দাকিনীয়ে
ক’লে- “এগৰাকী
নাৰী
আৰু
এজন
পুৰুষ
একেলগ
হৈ
সংসাৰ
কৰাৰ
বিজ্ঞানসন্মত
কাৰণটো
যৌন
ক্ষুধা
পুৰণ
কৰি
প্ৰজননৰ বাহিৰে বেলেগ কোনো কাৰণ মই বিচাৰি নাপাওঁ। আমাৰ সমাজ ব্যৱস্থাত যিহেতু মুক্ত যৌন ব্যৱস্থা নাই সেয়ে বিবাহ পাশত আৱদ্ধ হ’ব লগা
হয়।
কিন্তু
এই
বিবাহৰ
নামত
যিবিলাক
আধ্যাত্মিক
তথা
মাংগলিক
ৰীতি-নীতি
পালন
কৰা
হয়
সেইবিলাকৰ
কোনো
বৈজ্ঞানিক
অৰ্থ
মই
বিচাৰি
নাপাওঁ।
মোৰ
সাধাৰণ
দৃষ্টিভংগীৰে
মই
ভাবোঁ
আমি
দুয়ো
আমাৰ
দেশৰ
বিবাহ
আইন
মতে
বিবাহ
পাশত
আৱদ্ধ
হৈ
একেলগে
থকাৰ
ব্যৱস্থা
কৰিলেই
যথেষ্ট।
ইয়াৰ
বেছি
একো
কৰাৰ
প্ৰয়োজন
নাই।
লগতে
এইটোও
জনাব
বিচাৰোঁ
যে
মই
কোনো
ধৰ্মক
বিশ্বাস
নকৰোঁ
গতিকে
মোক
আ-অলংকাৰ
পিন্ধাই
হিন্দু
ধৰ্মৰ
ৰীতি
অনুযায়ী
শিৰত
সেন্দূৰ
লোৱাবলৈ
যত্ন
কৰাটোও
মই
নিবিচাৰোঁ।
তাতকৈ
মই
অবিবাহিত
জীৱন
যাপন
কৰাটোৱেই
বেছি
পছন্দ
কৰিম।
বিয়া
নোহোৱাকৈ
বহু
ছোৱালী
আছে, তাৰে
মাজৰ
এজনী
হৈ
থকাটো
একো
ডাঙৰ
কথা
নহয়।
মোৰ
যিহেতু
আত্মনিৰ্ভৰশীল
হৈ
চলিব
পৰাকৈ
এটা
চাকৰিও
আছে
গতিকে
মই
কাৰো
দয়াৰ
পাত্ৰ
হৈ
থাকিব
নিবিচাৰোঁ।
তাকে
চাই
আপুনি
যি
সিদ্ধান্ত
লয়
ল’ব পাৰে।”
ভিতৰি ভিতৰি দোলাকাষৰীয়া যথেষ্ট চিন্তাত পৰিল। তেওঁ ভাবিলে-“মইতো মহা ধৰ্ম সংকটত পৰিলোঁ। কি কৰা যায় এতিয়া। ঘৰৰ মানুহে জানো এইবোৰ কথা মানি ল’ব। এনেকুৱা ধৰ্ম-কৰ্ম নমনা ছোৱালী এজনীৰ লগত মই কেনেকৈ জীৱন ৰথত যাত্ৰা কৰিম!” বাহিৰত কিন্তু তেওঁৰ এই ভাব মুঠেও প্ৰকাশ পোৱা নাছিল। তেওঁৰ আচলতে মন্দাকিনীক প্ৰথম দেখাৰ পাছত একপ্ৰকাৰৰ প্ৰেম উথলি উঠিছিল। ৰূপে-গুণে, শিক্ষাই-দীক্ষাই সৰ্বোপৰি সবাতোকৈ লোভনীয় তাইৰ চাকৰিটো এই সকলোফালৰপৰা এটি উজ্জ্বল নক্ষত্ৰক বাৰু কেনেকৈ হাততে পাই এৰি দিব।
সকলো চিন্তা কৰি মন্দাকিনীক ক’লে- “মই
কাৰো
ব্যক্তি
স্বাধীনতাত
কোনেও
হস্তক্ষেপ
কৰাটো
নিবিচাৰোঁ।
মই
মোৰ
চিন্তা-চৰ্চাৰে
চলিম
আৰু
তুমি
তোমাৰ
চিন্তা
চৰ্চাৰে
চলিবা।
তাত
কোনেও
কাকো
হস্তক্ষেপ
নকৰে।
তুমি
কোনো
চিন্তা
নকৰিবা।
তুমি
এটা
কাম
কৰিবা
তোমাৰ
সোঁৱৰণীখন
এদিন
লৈ
আহিবা।
পণ্ডিতৰ
ওচৰত
চোৱাই
শুভদিন
এটাত
আহি
দুয়ো
আদালতত
বিবাহ
কাৰ্য
সমাপন
কৰিম।”
মন্দাকিনী
হাঁহিত
থাকিব
নোৱৰা
হ’ল।
হাঁহি
হাঁহি
তাই
ক’লে- “দিনৰ
কিবা
শুভ
অশুভ
আছে
বুলি
মই
নাভাবোঁ।
আদালতে
নিৰ্দ্ধাৰণ
কৰি
দিয়া
যিকোনো
এটা
দিনত
আহি
কামটো
কৰিলেই
হ’ল।
মোৰ
কোনো
সোঁৱৰণীৰ
লগত
সম্পৰ্ক
নাই।
মই
মন্দাকিনী
বৰুৱা।
মোৰ
কোনো
বেলেগ
সোঁৱৰণী
নাম
নাই।
কিবা
যদি
আছিলো
সেয়া
মাহঁতৰ
বৰপেৰাৰ
ভিতৰতে
থাকি
গ’ল।
সেইখনৰ
চেহেৰাটোকে
আজিলৈকে
মই
দেখা
নাই
আৰু
চাবও
নিবিচাৰোঁ।
সেই
সোঁৱৰণীৰ
নাম
কি
মই
কোনোদিন
জানিবলৈ
বিচৰাও
নাই
আৰু
কেতিয়াও
নিবিচাৰোঁ।
মা-দেউতাই
মৰমত
দিয়া
নাম
‘মন্দাকিনী’টোৱেই
মোৰ
বৰ
প্ৰিয়।”
শেষত
দোলাকাষৰীয়াই
লাহেকৈ
ক’লে- “আমাৰ
সমাজৰ
কিছুমান
পৰম্পৰা
আছে
সেই
পৰম্পৰা
সমূহ
একেবাৰে
এৰি
দিয়াটো
উচিত
হ’ব জানো?”
মন্দাকিনীয়ে
হাঁহি
হাঁহি
ক’লে- “এইবিলাক
জানো
মানুহৰ
পৰম্পৰা
আছিল?
পৰম্পৰা
ৰক্ষা
কৰিবলৈ
যদি
মানুহৰ
ইমানেই
আগ্ৰহ
তেনেহ’লে
মানুহে
জংঘলত
বসবাস
কৰিব
লাগিছিল, গুহাত
থাকিব
লাগিছিল, বনৰ
ফল-মূল
খাই, বনৰীয়া
জীৱ-জন্তু
চিকাৰ
কৰি
আনি
কেচাই
কাচাই
খাব
লাগিছিল।
সেই
পৰম্পৰা
ভংগ
কৰি
মানুহে
কিয়
হাবি
জংঘল
কাটি
সুদৃশ্যমান
পকীঘৰ
বনাবলৈ
ল’লে?
কোনে
কিমান
মা-মছলা
দি
সুন্দৰ
মাংস
জুটি
লগাই
বনাব
পাৰে
কিয় তাৰ
প্ৰতিযোগিতা
হ’বলৈ
ধৰিলে?
কিয় পৃথিৱীৰ
সীমনা
পাৰ
হৈ
চন্দ্ৰ
যান
পঠাই
তাত
কিবা
কিবি
বিচৰাত
লাগিছে?
এইবিলাক
প্ৰশ্নৰ
উত্তৰ
আগতে
বিচাৰি
লৈহে
পৰম্পৰা
ৰক্ষাৰ
কথা
ভাবিব
লাগে।
অন্যথা
বাদ
দিব
লাগে।”
মন্দাকিনীৰ প্ৰতিটো বলিষ্ঠ যুক্তিৰ ওচৰত হাৰ মানি অৱশেষত দোলাকাষৰীয়াই তাইৰ মতেই বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ বাবে নিজৰ লগতে ঘৰতো বহুতো যুদ্ধ কৰিব লগা হ’ল। দোলাকাষৰীয়াৰ মাক-দেউতাকে
কৌশল
কৰি
তিনিআলিৰ
চুকৰ
বৰ্তমান
তেওঁলোকৰ
ঘৰ
থকা
বাৰীখনতে
সিহঁতৰ
বাবে
সৰুকৈ
দুকোঠলীয়া
ঘৰ
এটা
সজাই
দিলে।
বিয়াৰ
পাছত
যাতে
দুয়ো
তাতে
থাকিব
পাৰে।
বিয়াৰ পাছত মন্দাকিনীয়ে
প্ৰতিটো স্তৰতে বিভিন্ন
এলান্ধুকলীয়া
ৰীতি-নীতিৰ
সন্মুখীন
হৈছিল।
তাই
যিহেতু
বিয়াৰ
পাছত
এগৰাকী
বোৱাৰী
হিচাপে
কৰিবলগীয়া
সকলো
কৰ্তব্য
নিষ্ঠা
আৰু
নিঃস্বাৰ্থভাৱে
পালন
কৰি
আহিছিল
সেয়ে
শহুৰেক
আৰু
শাহুৱেকেও
তাইক
বলপূৰ্বক
সেই
ৰীতি-নীতিবিলাক
জাপি
দিবলৈ
সাহস
কৰিব
পৰা
নাছিল।
কাৰণ
তাইৰ
ওচৰত
আছিল
প্ৰতিটো
কথাৰ
যুক্তি-যুক্ত
বিশ্লেষণ।
তাইৰ
যুক্তিক
কোনেও
খণ্ডন
কৰিব
পৰা
নাছিল।
তাই
শহুৰ
শাহুক
নিজৰ
পিতৃ-মাতৃৰ
দৰেই জ্ঞান কৰি
সম্পূৰ্ণ
দায়িত্ব
পালন
কৰিছিল।
কেৱল
তাই
সকলোৰে
প্ৰতি
এটাই
অনুৰোধ
জনাইছিল
যে
তাই
কৰিব
নিবিচৰা
কোনো
অ-বৈজ্ঞানিক
কাম-কাজ
কৰিবলৈ
যাতে
কোনেও
বাধ্য
কৰাবলৈ
যত্ন
নকৰে।
সকলোৱে
তাইৰ
সেই
অনুৰোধ
অকাতৰে
মানি
চলিছিল।
বিয়াৰ
প্ৰায়
পাঁচ
বছৰৰ
ভিতৰত
মন্দাকিনী দুটি সন্তানৰ মাতৃ হ’ল।
দুয়ো
সন্তান
দুটিক
সুন্দৰকৈ
ডাঙৰ
দীঘল
কৰিছে।
দুয়োৰে
মাজত
বিভিন্ন
সময়ত
যুক্তি
তৰ্কও
নোহোৱাকৈ
নাথাকে।
দিন
বাগৰাৰ
লগে
লগে
দোলাকাষৰীয়াৰ
মুৰত
কুট
বুদ্ধিয়ে
বাঁহ
ল’বলৈ
ধৰিলে।
যুক্তিৰে
নোৱাৰি
কু-কৰ্মৰে
মন্দাকিনীক
বশ
কৰিবলৈ
নানান
কুট
কৌশল
ৰচনা
কৰিবলৈ
ধৰিলে।
প্ৰথমে
ঘৰৰ
সন্মুখত
আটক
ধুনীয়াকৈ
এটি
মন্দিৰ
সজালে।
মন্দিৰত
পুৱা-গধূলি
নাম
প্ৰসংগ
কৰিবলৈ
ধৰিলে।
পেটে
পেটে
মন্দাকিনীয়ে
এই
কামটো
মুঠেও
হজম
কৰিব
পৰা
নাছিল
যদিও
মানুহজনৰ
লগত
বাক্
বিতণ্ডা
কৰি
ঘৰখনৰ
পৰিৱেশ
বিনষ্ট
কৰাৰপৰা
বিৰত
থকাৰ
মনোভাৱেৰেই
সহি
সামৰি
থাকিল।
তাই
এটা
কথাৰ
প্ৰতি
সদা
সচেতন
আছিল
যে
মাক
দেউতাকৰ
মাজত
থকা
মতানৈক্যৰ
ফলত
সৃষ্ট
যিকোনো
বাকযুদ্ধৰ
ফলশ্ৰুতিত
যাতে
সন্তান
দুটিৰ
মনোজগতত
কোনো
বিৰূপ
প্ৰতিক্ৰিয়াৰ
সৃষ্টি
নহয়।
তাই
দৃঢ়তাৰে
বিশ্বাস
কৰিছিল
যে
সন্তান
দুটিয়ে
কোন
শুদ্ধ
কোন
ভুল
সেই
বিচাৰ
এদিন
নিজেই
কৰি
ল’ব। মন্দাকিনীৰ
এই
স্থিতিৰ
ফলত
দোলাকাষৰীয়াৰ
কু-অভিসন্ধিত
চেঁচাপানী
পৰিল।
কিন্তু
তেওঁ
হাৰ
নামানি
উদ্দেশ্য
প্ৰণোদিতভাৱেৰেই
এটাৰ
পাছত
এটাকৈ
অন্ধবিশ্বাস,
কু-সংস্কাৰমূলক
কাম-কাজবোৰ
নিজে
কৰি
দেখুওৱাৰ
উপৰিও
সাধাৰণ
গঞাক
উদগনি
যোগাবলৈ
ধৰিলে।
বিপৰীতে
মন্দাকিনীয়ে
বিজ্ঞানমনস্কতাৰ
প্ৰচাৰ
আৰু
প্ৰসাৰৰ
হকে
দুগুণ
সক্ৰিয়তাৰে
কাম
কৰিবলৈ
ধৰিলে।
এবাৰ গাঁৱৰে এটি অতি দৰিদ্ৰ পৰিয়ালৰ ১০/১২ বছৰীয়া একমাত্র সন্তানৰ অসুখ হোৱাত চিকিৎসাৰ বাবে অধ্যাপক দোলাকাষৰীয়াৰ ওচৰত পৰামৰ্শ তথা কিছু আৰ্থিক সাহায্য বিচাৰি দেউতাকজনে কাকুতি মিনতি কৰিলেহি। দোলাকাষৰীয়াই তেওঁক বেজৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিলে আৰু আৰ্থিক সাহায্য দিব নোৱাৰিম বুলি স্পষ্টকৈ জনালে।
মানুহজনৰ এনে নিৰ্দয় পৰামৰ্শ শুনি মন্দাকিনীৰ সহ্যৰ সীমা অতিক্ৰম কৰিলে। লগে লগে তাই কোনো কথাৰ অৱতাৰণা নকৰি ঘৰুৱা পোছাকযোৰ সলাই লৈ নিজৰ গাড়ীখন উলিয়াই মানুহজনক বহুৱাই লৈ তেওঁৰ ঘৰ পালেগৈ। গাড়ীত অসুখীয়া ল’ৰাটোক মাক-দেউতাক সহিতে উঠাই লৈ চহৰৰ এজন ভাল চিকিৎসকৰ ওচৰ পোৱালেগৈ। চিকিৎসকে ল’ৰাটোক ভালদৰে চোৱা-চিতা কৰি চিকিৎসালয়ত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিলে। চিকিৎসালয়ত ভৰ্তি কৰাই মাক-দেউতাকক ল’ৰাটোৰ সম্পূৰ্ণ চিকিৎসা ব্যয় তেওঁ কৰিব বুলি প্ৰতিশ্ৰুতি দি টকা দুহেজাৰ হাতত দি ঘৰমুৱা হ’ল। মাক-দেউতাকহালে মানুহজনীক হিয়া উজাৰি ধন্যবাদ জ্ঞাপন কৰিলে। ঘৰত আহি কোনো কথাৰ অৱতাৰণা নকৰি লৰা-লৰিকৈ ঘৰৰ সকলো কাম সামৰি নিজৰ কাৰ্যালয়লৈ ওলাই গ’ল।
এদিন সেই বেমাৰী ল’ৰাটো
সুস্থহৈ
ঘৰলৈ
ঘুৰি
আহিল।
গধূলি
সময়ত
দোলাকাষৰীয়াই
মন্দিৰত
নাম-প্ৰসংগ
কৰি
থকাৰ
সময়তে
বেমাৰী
ল’ৰাটোৰ
দেউতাকে
ঘৰৰ
বাৰীত
লগা
জাতিলাও, কোমোৰা, ৰঙালাও
আদি
মোনা
এটাত
এমোনা
কৰি
মন্দাকিনীক
দিলেহি।
মন্দাকিনীয়ে
নাৰাখো
বুলিছিলে
যদিও
মানুহজনে
নেৰানেপেৰাকৈ
লগাত
তাই
ৰাখিবলৈ
বাধ্য
হ’ল।
কিন্তু
তাৰ
বিনিময়ত
তাই
মানুহজনক
টকা
এহেজাৰ
আৰু
ল’ৰাটোৰ
বাবে
নিজৰ
ল’ৰাটোৰ
সৰু
হৈ
যোৱা
অথচ
ব্যৱহাৰৰ
উপযোগী
কামিজ
আৰু
পটলুং
দুটামানো
দি
পঠালে।
মানুহজনে
আনন্দ
মনেৰে
চাহ-তাহ
খাই
যাবলৈ
উঠোতেই
দোলাকাষৰীয়া
সোমাই
আহি
তাক
দেখি
সুধিলে- “কি
অ’, তোৰ
ল’ৰাটো
ভাল
হ’লনে?”
“হ’ল ছাৰ, বাইদেউৰ কৃপাত
এইবাৰলৈ
ল’ৰাটো
বাচিল।
কেনেবাকৈ
ল’ৰাটোৰ
কিবা
এটা
হোৱা
হ’লে
আমি
তেনেই
নিঠৰুৱা
হৈ
পৰিলোঁহেঁতেন।”
“কিন্তু কিমানদিন এনেকৈ আনৰ সহায়ত ল’ৰাক বচাই থাকিবি? সদায় জানো বেলেগে তোৰ বাবে এনেদৰে সহায় আগবঢ়াই থাকিব?”
“কি
কৰিম
ছাৰ, আমি
দুয়ো
ইমান
কষ্টেৰে
ঘৰৰ
এধানমান
মাটিতে
খেতি-খোলা
কৰোঁ।
হাজিৰা
কৰিবলৈও
যাঁও।
কিন্তু
জোৰা
নমৰেহে
নমৰে।
আচলতে
আমাৰ
নিচিনা
দৰিদ্ৰ
মানুহে
সংসাৰ
কৰাৰ
সপোন
দেখিবই
নালাগে।
কি
কুগ্ৰহে
পাইছিল
জানো
বিয়া
পাতিবলৈ, সন্তান
জন্ম
দিবলৈ!”
“কি
কৰিবি, সকলো
তেৰাৰ
ইচ্ছা।
আমি
সাধাৰণ
নৰ
মনিছেনো
কি
কৰিব
পাৰোঁ!
পিছে
তই
একেবাৰে
ঠিক
কথা
কৈছ
বুজিছ।
তোৰ
আচলতে
শনি
গ্ৰহৰ
কু-প্ৰভাৱ
পৰিছে।
তই
ভাল
জ্যোতিষী
এজনৰ
ওচৰলৈ
গৈ
দেখুৱাই
মেলি
গ্ৰহৰত্ন
পৰিধান
কৰিবি।
তেতিয়া
দেখিবি
তোৰ
চাৰিওফালে
জয়
জয়
ময়
ময়
হৈ
পৰিব।
মোলৈ
চাচোন, দুই
হাতৰ
এটাও
আঙুলি
বাকী
নাই।
প্ৰতিটো
আঙুলিতে
বেলেগ
বেলেগ
গ্ৰহৰত্ন।
সেয়ে
আমাৰ
অৱস্থা
জয়
জয়
ময়
ময়।
তোৰ
দৰে
পানীত
হাঁহ
নচৰা
অৱস্থা
নহয়।”
“কথা এটা সোধোঁ বেয়া
নাপাব।
আজি
যদি
আপোনাৰ
এটি
সন্তানৰ
মোৰ
ল’ৰাৰ
দৰে
অসুখ
হয়
তেতিয়া
আপুনি
চিকিৎসকৰ
ওচৰলৈ
নিবনে
বেজ মাতিব?”
তাৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি দোলাকাষৰীয়াই ক’লে- “আও, আজিকালি
দেখিছোঁ
তইও
বৰ
বিজ্ঞৰদৰে
প্ৰশ্ন
কৰিবলৈ
শিকিছ।
মনত
ৰাখিবি,
বৰকৈ
প্ৰশ্ন
কৰাটো
ভাল
কথা
নহয়।”
কাজিয়া কৰা নাছিল যদিও দুয়োজনৰ মাতকেইটা বে’চ ডাঙৰকৈয়ে ওলাইছিল। ভিতৰত থকা মন্দাকিনী বা ল’ৰা ছোৱালীকেইটাই শুনিবলৈ সি আছিল যথেষ্ট।
ধমক খাই মানুহজন গ’লগৈ।
ৰাতি ভাত খোৱাৰ পৰত ল’ৰাটোৱে দোলাকাষৰীয়াক উদ্দেশ্যি এষাৰ কথাই ক’লে, “দেউতা, তুমি আচলতে আন্ধাৰৰ ৰজা।”