অনিল ৰায়চৌধুৰীৰ উপন্যাস দুখন -(নয়নমণি মেধি)
অনিল ৰায়চৌধুৰী এগৰাকী বস্তুনিষ্ঠ লেখক আৰু প্ৰগতিশীল বুদ্ধিজীৱী হিচাপেই অধিক পৰিচিত। বৌদ্ধিক আন্দোলনৰ সমান্তৰালভাৱে তেখেতে ট্ৰেড ইউনিয়নৰ আন্দোলনৰ সৈতেও যে ওতপ্ৰোতকৈ জড়িত সেই কথা বহুতৰে অজানা। ৰায়চৌধুৰীৰ দুখন উপন্যাস আৰু এখন গল্প সংকলন এতিয়াৰ পৰা বহু বছৰৰ পূৰ্বেই প্ৰকাশিত হৈছে। সৃষ্টিশীল লেখক হিচাপে বিশেষ খ্যাতি অৰ্জন কৰিব নোৱাৰিলেও ৰায়চৌধুৰীৰ উপন্যাস দুখনে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ দুটা বিশেষ ঘটনাৰ কিছু গুৰুত্বপূৰ্ণ দিশ আলোকিত কৰাৰ লগতে তাৰ বস্তুনিষ্ঠ বিশ্লেষণ দাঙি ধৰিছে। বিশুদ্ধ ৰাজনৈতিক উপন্যাসৰ মৰ্যাদা দিব নোৱাৰিলেও এই উপন্যাস দুখন অতিশয় ৰাজনৈতিক চেতনাযুক্ত উপন্যাস আৰু সেই সময়ছোৱাৰ দলিল বুলি অভিহিত কৰিব পাৰি।
ৰায়চৌধুৰীৰ প্ৰথমখন উপন্যাস “কাণ্ডাৰী” প্ৰকাশ পাইছিল ১৯৭৯ চনত। উপন্যাসখনৰ পটভূমি হ’ল ১৯৭৪ চনত ভাৰতীয় ৰেল শ্ৰমিকসকলে আহ্বান জনোৱা ৰাষ্ট্ৰজোৰা ধৰ্মঘট। ইতিহাসৰ পৃষ্ঠা লুটিয়াই এই শ্ৰমিক আন্দোলনৰ পটভূমি বিচাৰি চালে পাওঁ যে অৰ্থনৈতিক বিপৰ্যয়, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, খাদ্য সংকট, বিভিন্ন ধৰ্মঘট-হৰতাল আদিয়ে ১৯৭১ চনৰ পাছৰ পৰা দেশৰ পৰিস্থিতি অস্থিৰ কৰি তুলিছিল। এনে পৰিস্থিতিতে ১৯৭৪ চনত দেশৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান ৰেল বিভাগৰ শ্ৰমিকসকলে বাইছদিনীয়া ৰাষ্ট্ৰজোৰা ধৰ্মঘট সংঘটিত কৰে। প্ৰধানতঃ দৰমহা, বোনাচ আৰু সেৱাবিধি সংক্ৰান্তীয় কেতবোৰ দাবীৰ পৰিপ্ৰেক্ষিততে সমাজবাদী নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত এই সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান জনোৱা হয়। সেইসময়ৰ দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰখনে ধৰ্মঘট বে-আইনী ঘোষণা কৰি শ্ৰমিক নেতাসকলক গ্ৰেপ্তাৰ কৰে। ৰেল কৰ্তৃপক্ষই চৰকাৰৰ সহযোগত সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে হেঁচা প্ৰয়োগ কৰি শ্ৰমিকসকলক কামত যোগদান কৰাবলৈ চেষ্টা কৰে। অৱশেষত কোনো মীমাংসা নোহোৱাকৈয়ে ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলগীয়া হয়।
“কাণ্ডাৰী”ৰ কোনো নিৰ্দিষ্ট নায়ক-নায়িকা নাই আৰু উপন্যাসখনৰ কাহিনীটোও নিপোটল নহয়। সাধাৰণ ৰেল শ্ৰমিকসকলৰ সংগ্ৰামী দৃঢ়তা আৰু গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত শ্ৰমিক-কৃষক-ছাত্ৰৰ একত্ৰিত সংগ্ৰামী মনোভাৱ বৃত্তান্তটোৰ যোগেদি প্ৰকাশ পাইছে। ইন্দিৰা গান্ধী চৰকাৰে শ্ৰমিকসকলৰ দাবীসমূহ বিবেচনা কৰাৰ বাবে কোনো সদিচ্ছা প্ৰকাশ নকৰি আৰম্ভণিৰে পৰাই আন্দোলনটো ভাঙি পেলাবলৈহে চেষ্টা কৰে। ইয়াৰ বাবে চৰকাৰ আৰু ৰেল বিভাগে নানান কূট-কৌশলৰ আশ্ৰয় লোৱাৰ লগতে হেঁচাও প্ৰয়োগ কৰিবলগীয়া হয়। চৰকাৰী পক্ষৰ কেতবোৰ দালাল কৰ্মচাৰীয়েও ধৰ্মঘটটো বিফল কৰি তুলিবলৈ উঠিপৰি লাগে। শাসকগোষ্ঠীৰ অনুগত শ্ৰমিক ইউনিয়নৰ সদস্যসকলৰ সহযোগত ভেৰোণীয়া শ্ৰমিক নিয়োগ কৰিও কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুই এখন যাত্ৰীহীন ৰেল চলাচল কৰোৱাই চৰকাৰে ৰেডিঅ’ আৰু বাতৰি কাকতৰ যোগেদি ধৰ্মঘট বিফল হোৱা বুলি অহৰহ সংবাদ প্ৰচাৰ কৰাত লাগে। ফলস্বৰূপে ৰেল শ্ৰমিকসকল দুটা ভাগত বিভক্ত হৈ পৰে। ধৰ্মঘটৰ বিৰুদ্ধে থকাসকলৰ সংখ্যা তেনেই নগণ্য। এওঁলোকৰ সৰহভাগেই সুবিধাবাদী। সপক্ষে থকাসকলৰ সংখ্যা অধিক। উপন্যাসখনত চৰকাৰী পক্ষৰ দালাল শ্ৰেণীৰ প্ৰতিভূ হিচাপে বসুবাবু, বিজয় শৰ্মা, ৰামকৃপাল যাদৱ আদি চৰিত্ৰক উপস্থাপন কৰা হৈছে। ইয়াৰ বিপৰীতে অজিত ঘোষ, মজিদ, ৰামপ্ৰসাদ, যোচেফ, সুবল, ৰামধন, মধুসূদন আদিয়ে ধৰ্মঘট সফল কৰি তোলাৰ বাবে দৃঢ়তাৰে থিয় হৈ আছে। তেওঁলোকে কোৱাৰ্টাৰ এৰি গাঁৱে-ভূঁঞেও আত্মগোপন কৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পুলিচ, চি আই ডি আৰু চৰকাৰী দালালবোৰ মিলি ৰেল ক’লনীবোৰত সন্ত্ৰাসময় পৰিস্থিতি গঢ়ি তুলিছে যাতে ধৰ্মঘট ভংগ হয়। ধৰ্মঘটকাৰীৰ পৰিয়ালৰ লোকসকলৰ ওপৰতো পুলিচৰ নিৰ্যাতন আৰম্ভ হৈছে। ধৰ্মঘটকাৰীসকলক ধৰিব পাৰিলে শাৰীৰিক নিৰ্যাতন দি কামত যোগদান কৰাবলৈ মান্তি কৰায় অন্যথা জেললৈ পঠিয়ায়। এক শ্ৰেণীৰ বাতৰি কাকত আৰু এচাম বুদ্ধিজীৱীয়েও ৰেল শ্ৰমিকৰ ধৰ্মঘট জনবিৰোধী বুলি অপপ্ৰচাৰ কৰিবলৈ লয়। প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক শক্তিসমূহে অৱশ্যে এই ধৰ্মঘটক কংগ্ৰেছ বা ইন্দিৰা গান্ধী বিৰোধী ৰাজনীতিৰ অংশ বুলিয়েই ক’ব বিচাৰিছে : “কি ফাৰ্ণাণ্ডেজ কি ৰামমূৰ্তি কি খাংগাৰী সকলোৱে এই ধৰ্মঘটক কংগ্ৰেছ বিৰোধী ৰাজনীতিত ব্যৱহাৰ কৰিবলৈ বিচাৰে।” (কাণ্ডাৰী, পৃষ্ঠা- ৯০)। সেইসময়ৰ চৰকাৰৰ মিত্ৰ দল চি পি আয়ে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাছিল। কিন্তু চি পি আই-ৰ পৰা এটা দশকৰ পূৰ্বে ওলাই অহা চি পি আই (এম) দলে আৰু এইদলৰ গণ সংগঠন কৃষক সভাই ৰেল কৰ্মীসকলৰ প্ৰতি ব্যাপক সহযোগিতা আগবঢ়াইছিল।
চৰকাৰৰ নানান নিৰ্যাতন-নিপীড়ন আৰু কূট-কৌশল প্ৰয়োগ কৰিও সাধাৰণ ৰেল শ্ৰমিকৰ সংগ্ৰামী দৃঢ়তা স্তিমিত কৰিব পৰা নাছিল। চৰকাৰী পক্ষৰ ইউনিয়নৰ তৰফৰ পৰা বসুবাবু আৰু যাদৱে এখন সভা পাতি শ্ৰমিকসকলক ধৰ্মঘট ভাঙি কামত যোগ দিবৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰোতে সদাশিৱ নামৰ সাধাৰণ শ্ৰমিকজনে দৃঢ়তাৰে কৈছে : “ইউনিয়নৰ কথা নমনাটো বেইমানী যদি হয় এই সৰু বেইমানী কৰি আমি সকলো ৰেলকৰ্মীৰ বিৰুদ্ধে বেইমানী কৰাৰ পৰা ৰক্ষা পৰিম। ৰেলৰ চকা বন্ধ থাকক — যেতিয়ালৈকে দাবী আদায় নহয়, যেতিয়ালৈকে আমাৰ ভাইসকল জেলৰ পৰা নোলায় — যেতিয়ালৈকে অত্যাচাৰৰ অন্ত নপৰে।” (কাণ্ডাৰী, পৃষ্ঠা- ৯৭)
ধৰ্মঘটকাৰীসকলৰ ওপৰত চলা চৰকাৰী নিৰ্যাতনে সাধাৰণ জনতাকো অতিষ্ঠ কৰি তোলে। ৰেল শ্ৰমিকৰ দাবীত সত্যাগ্ৰহ কৰিবলৈ গাঁৱৰ পৰা কৃষক ৰাইজ আৰু ছাত্ৰসমাজো ওলাই আহি চৰকাৰৰ স্বৈৰাচাৰিতাৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰেলকৰ্মীৰ লগতে বহু কৃষক আৰু ছাত্ৰও জেললৈ যাবলগীয়া হয়। কিন্তু কোনো মীমাংসা নোহোৱাকৈয়ে হঠাৎ এদিন শীৰ্ষ নেতৃত্বই তিনি সপ্তাহজোৰা এই ধৰ্মঘট প্ৰত্যাহাৰ কৰাত সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এয়া “সন্মানজনক সন্ধি নে আত্মসমৰ্পণ?” ( কাণ্ডাৰী, পৃষ্ঠা- ১০৪) এই লৈও ৰেল কৰ্মীসকলৰ মনত প্ৰশ্ন জাগে। গণতন্ত্ৰৰ বিপৰ্যয়ৰ সময়ত গণতন্ত্ৰ পুনৰ উদ্ধাৰ কৰি দেশৰ শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থৰ অনুকূলে সমাজ ব্যৱস্থা সলনি কৰাৰ প্ৰয়োজনীয়তাও এচাম ৰেল শ্ৰমিকে ধৰ্মঘটটোৰ যোগেদি অনুভৱ কৰিবলৈ শিকে। ৰামপ্ৰসাদহঁতে এনেবোৰ কথা শ্ৰমিকসকলক বুজাবলৈ যত্ন কৰিছে: “মাথোন অৰ্থনৈতিক দাবীৰে শ্ৰমিক আন্দোলনৰ সফলতা নাহে। ভাৰতবৰ্ষৰ আটাইবোৰ শ্ৰমিকে এক শ্ৰেণী হিচাপে এক গোট হৈহে নিজৰ শ্ৰেণী স্বাৰ্থ ৰক্ষা কৰিব লাগিব।” (কাণ্ডাৰী, পৃষ্ঠা- ১০৫) এনে এক আশাব্যঞ্জক বাৰ্তাৰে উপন্যাসখনৰ সামৰণি পৰিছে।
ৰায়চৌধুৰীৰ অন্যখন উপন্যাস “শত্ৰু” প্ৰকাশ পায় ১৯৮০ চনত। ১৯৬২ চনৰ ভাৰত-চীনৰ সীমা বিবাদৰ পাছত দেশত উদ্ভৱ হোৱা ৰাজনৈতিক পৰিস্থিতিক উপজীৱ্য কৰি উপন্যাসখন ৰচিত হৈছে। কাহিনীটোত বৰ্ণিত সময়ছোৱাত অৱশ্যে সীমা সংঘৰ্ষ চলি থকা নাই। মেকমোহন লাইন অতিক্ৰম কৰি সোমাই অহা চীনা সৈন্যক ভাৰতে বাধা দিব নোৱাৰিলে। পাছত চীনে নিজেই একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি উভতি গ’ল। চীনা আগ্ৰাসনৰ সংবাদ পাই সকলোতে আতংময় পৰিবেশে বিৰাজ কৰিছিল। তথাকথিত বহু বক্তৃতা বাগীশ দেশপ্ৰেমিকে অসমৰ ভৈয়াম অঞ্চলত থকা তেজপুৰৰ পৰাও পলাবলৈ আৰম্ভ কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণতো এটা ত্ৰাহি ত্ৰাহি ভাব ফুটি উঠিছিল। কিন্তু সীমান্তৰ যুদ্ধ সদৃশ পৰিস্থিতি শাম কটাৰ পাছতহে দেশৰ চৌদিশে দেশপ্ৰেম আৰু বীৰত্বৰ আৱেগ উথলি উঠে। অসমতো নানান সভা-সমিতি পাতি চীনৰ বিৰুদ্ধে প্ৰস্তাৱ লৈ, বিবৃতি প্ৰকাশ কৰি আৰু বক্তৃতা দি ক্ষোভৰ উদ্গীৰণ ঘটোৱা হয়। ডেকা ল’ৰাবোৰে বেজীৰে আঙুলি ফুটাই তেজেৰে প্ৰতিজ্ঞা পত্ৰত স্বাক্ষৰ কৰে। নাৰীসকলে সীমান্তলৈ যোৱা জোৱানসকলৰ কপালত ৰক্ত তিলক আঁকি দিয়ে। বাটত চাহ-মিঠাইৰে আপ্যায়নৰো ব্যৱস্থা কৰা হয়। ভাৰত চৰকাৰে অসমত জৰুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি লগে লগে চীনা বংশোদ্ভৱ লোকসকলক গ্ৰেপ্তাৰ কৰি আনি জেলত ভৰাই থয়। সমান্তৰালভাৱে ভাৰতৰ কমিউনিষ্টসকলৰ ওপৰতো চৰকাৰী নিৰ্যাতন আৰম্ভ হয়। কমিউনিষ্ট দলৰ লোকসকলকো গ্ৰেপ্তাৰ কৰি আনি বিনা বিচাৰে জেলত বন্দী কৰি ৰখা হয়। কাৰণ চীন হ’ল কমিউনিষ্ট আদৰ্শৰে চলা দেশ। গতিকে ভাৰতৰ কমিউনিষ্টসকলো ৰাষ্ট্ৰৰ শত্ৰু।
ইতিমধ্যে বহু বিৰোধী ৰাজনৈতিক কৰ্মী আৰু বুদ্ধিজীৱী-সাহিত্যিককো গ্ৰেপ্তাৰ কৰা হৈছে। সাধাৰণ নিম্ন মধ্যবিত্ত চাকৰিয়াল প্ৰশান্তকো কোনো কাৰণ নেদেখুৱাকৈ গ্ৰেপ্তাৰ কৰি আনি জেলত থৈছে। সকলোতে চোৰাংচোৱাৰ টিঘিলঘিলনি। গ্ৰেপ্তাৰ হোৱাৰ ভয়ত সাধাৰণ জনতাও আতংকগ্ৰস্ত। প্ৰশান্তই জেলৰ ভিতৰতে অশীতিপৰ চীনা বৃদ্ধ চিমচিন, বাৰ বছৰ বয়সতে চীন দেশ এৰি অহা হেমদান, চীনা বংশোদ্ভৱ ৱানছি, লিউছি আদিৰ লগতে কমিউনিষ্ট দলৰ কৰ্মী গগৈ, দত্ত আৰু পাটোৱাৰীক অন্তৰংগভাৱে লগ পায়।তেওঁলোকৰ সৈতে প্ৰশান্তই দেশৰ পৰিস্থিতি সম্পৰ্কে মত বিনিময় কৰে। চীনামূলীয় ভাৰতীয়সকলৰ যে চীনৰ প্ৰতি কোনো টান নাই আৰু ভাৰত তথা অসমকে তেওঁলোকে নিজৰ দেশ বুলি আঁঁকোৱালি লৈছে এই কথা প্ৰশান্তই হৃদয়ংগম কৰিব পাৰে। কিন্তু দেশজুৰি তেতিয়াও প্ৰচাৰ মাধ্যম যোগে চীন বিৰোধী বিৰাট হৈ চৈ অৱ্যাহত আছে। যুদ্ধৰ পৰিপ্ৰেক্ষিতত সোণৰ মান ২২ ৰ পৰা ১৪ কেৰেটলৈ অৱনমিত হ’ল। হেমদানে উপলদ্ধি কৰে যে এয়া ভাৰতলৈ পচা গম, মামৰে ধৰা যন্ত্ৰ, আওপুৰণি অস্ত্ৰ-শস্ত্ৰ আদি যোগান ধৰি আমেৰিকাই দেশৰ পৰা সকলো সোণ লৈ যোৱাৰ বুদ্ধি মাত্ৰ। সীমান্তৰ সংঘাত শেষ হৈ যোৱাৰ পাছতো কৌশলগতভাৱে দেশত যুদ্ধৰ পৰিস্থিতি বৰ্তাই ৰাখি জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰা হ’ল। মানুহে যাতে কথাবোৰ পাহৰি নাযায় তাৰবাবে বাতৰি কাকত, ৰেডিঅ’ আদিৰে অহৰহ চীন বিৰোধী প্ৰচাৰ চলি থাকিল।
চীনা বংশোদ্ভৱ নাগৰিকসকলক ভাৰত চৰকাৰে চীন দেশলৈ উভতাই পঠিওৱাৰ দিহা কৰি জেলৰ ভিতৰতে তেওঁলোকক সোধা-পোচা আৰম্ভ কৰিলে। ৱানছিয়ে স্পষ্টভাৱে জনাই দিয়ে যে, তেওঁলোক বোপা ককাকৰ দিনৰে পৰাই অসমত আছে। তেওঁ চীন দেশ দেখাও নাই আৰু তাৰ আও-ভাও, মাত-কথাও একো বুজি নাপায়। গতিকে তেওঁ চীনলৈ নাযায়। অৱশেষত ৱানছিয়ে জেলৰ পৰা মুক্তি লাভ কৰে যদিও সীমান্ত সংঘাতৰ পৰৱৰ্তী পৰিস্থিতিয়ে সৃষ্টি কৰা দালালৰ প্ৰৰোচনাত পৰি তেওঁৰ পৰিয়ালটো থানবান হৈ যোৱাত আৰু চীনা বংশোদ্ভৱ হিচাপে জনসমাজত দেশশত্ৰু ৰূপে পৰিগণিত হোৱাৰ যন্ত্ৰণা সহিব নোৱাৰি আত্মঘাতী হয়।
সুদীৰ্ঘ দিন ধৰি ভাৰততে বসবাস কৰা চীনা বংশোদ্ভৱ বা গাত চীনৰ তেজৰ কণিকা থকা মানুহ মাত্ৰেই সংঘৰ্ষৰ সময়ত দেশ তথা জনগণৰ শত্ৰু হৈ পৰে বুলি চৰকাৰ আৰু এচাম সাহিত্যিক-বুদ্ধিজীৱীয়ে সৃষ্টি কৰা ধাৰণাটোক উপন্যাসখনত প্ৰত্যাহ্বান জনোৱা হৈছে: “চৰকাৰৰ কথা এৰিলেও আমাৰ দুই এজন বুদ্ধিজীৱী সাহিত্যিকে কি যুক্তিত, কি কাৰণত কেনেকৈ ভাবিব পাৰে যে ৱানছিৰ দৰে মানুহবোৰ হ’ল শতঘ্নী! অজীন পাতকী! গতিকে ৱানছিৰ চামছিনৰ দৰে এনেবোৰ মানুহক বিশ্বাস কৰিব নাপায়।” ( শত্ৰু, পৃষ্ঠা- ৪৮/৪৯)। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, চীনৰ সৈতে সংঘাত শাম কটাৰ পাছত (১৯৬৫ চনত ) প্ৰখ্যাত সাহিত্যিক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যই প্ৰকাশ কৰা ” শতঘ্নী ” নামৰ উপন্যাসখনৰ যোগেদি চীন বিৰোধী প্ৰচাৰেৰে দেশপ্ৰেমৰ আৱেগ সৃষ্টিৰ প্ৰয়াস কৰিছিল আৰু উপন্যাসখনত আথেই চৰিত্ৰকে প্ৰমুখ্য কৰি মাকুম অঞ্চলত বসবাস কৰা চীনা বংশোদ্ভৱ লোকসকলক দেশ তথা জনগণৰ শত্ৰু ৰূপে প্ৰতিপন্ন কৰিব বিচাৰিছিল। গুণগত মান বা সাহিত্যিক মূল্যৰ পিনৰ পৰা “শতঘ্নী”ৰ সৈতে ফেৰ মাৰিব নোৱাৰিলেও ৰায়চৌধুৰীয়ে “শত্ৰু” উপন্যাস ৰচনা কৰি সেই বিভ্ৰান্তিকৰ ধাৰণাৰ প্ৰতি প্ৰত্যাহ্বান জনোৱাৰ প্ৰয়াস কৰিছিল। পুঁজিবাদী সমাজ ব্যৱস্থাই সমাজৰ প্ৰকৃত শত্ৰুসকলক নেতাৰ আসনত বহুৱাই ৰাখি ৰাষ্ট্ৰৰ প্ৰকৃত সম্পদস্বৰূপ জনগণকহে শত্ৰু বুলি চিনাক্ত কৰি উৎপীড়ন কৰা কাহিনী এটাই উপন্যাসখনত বৰ্ণনা কৰিছে বুলি সমালোচক গোৱিন্দ প্ৰসাদ শৰ্মাই মন্তব্য কৰিছে।
এতিয়াৰ পৰা চাৰিটা দশকৰ আগেয়ে ৰচনা কৰা অনিল ৰায়চৌধুৰীৰ এই উপন্যাস দুখনৰ সাহিত্যিক মূল্য বিশেষ নাথাকিব পাৰে কিন্তু উপন্যাস দুখন আমাৰ বাবে আজিও অতিকে প্ৰাসংগিক হৈ আছে। দুয়োখন উপন্যাসতে বৰ্ণিত ঘটনাৱলী, ৰাজনৈতিক পৰিস্থিতি, দেশনেতা আৰু চৰকাৰী মদতপুষ্ট সাহিত্যিক-বুদ্ধিজীৱীৰ স্বৰূপ আৰু সামগ্ৰিকভাৱে ঔপন্যাসিকৰ বক্তব্য আজিৰ পটভূমিতো সমানে প্ৰাসংগিক। এই দিশৰ পৰাই ৰায়চৌধুৰীৰ উপন্যাস দুখনৰ চমু পৰিচয়মূলক কথাখিনি উপস্থাপন কৰিলোঁ। লগতে সদ্য প্ৰয়াত অনিল ৰায়চৌধুৰীদেৱলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ।