এণ্টিমেটাৰৰ ঠিকনা বিচাৰি: বৈজ্ঞানিক ঋষি প’ল ডিৰাক আৰু দ্য থিয়ৰী অব্ এভৰিথিং-(অঞ্জনজ্যোতি ডেকা)
এবাৰ এজন প্ৰসিদ্ধ বিজ্ঞানী সম্পৰ্কে এলবাৰ্ট আইনষ্টাইনে কৈছিল- “কোৱাণ্টাম মেকানিক্স ইমান সুন্দৰভাৱে ব্যাখ্যা কৰি দিয়া বাবে আমি তেওঁৰ ওচৰত ঋণী”। আকৌ নীলছ ব’ৰে কৈছিল – “সকলো পদাৰ্থবিজ্ঞানীৰ ভিতৰতেই তেওঁৰ এটি শুদ্ধ আত্মা আছে”। ২৮ বছৰ বয়সতে তেওঁ লণ্ডনৰ ৰ’য়েল চছাইটিৰ সদস্য হয়, মাত্ৰ ৩১ বছৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ নিউটনে এৰি থৈ যোৱা লিউকেচিয়ান অধ্যাপকৰ পদ অধিষ্ঠিত কৰে যি পদেৰে পৰৱৰ্তী সময়ৰ আন এজন মহান বিজ্ঞানী ষ্টিফেন হকিঙো বিভূষিত হৈছিল। সেই মহান বিজ্ঞানীজন আন কোনো নহয়, তেখেত হ’ল পল এড্ৰিয়ান ম’ৰিছ ডিৰাক। ১৯০২ চনত ইংলেণ্ডৰ বৃষ্টলত পল ডিৰাকে জন্ম গ্ৰহণ কৰে। দেউতাকৰ নাম আছিল চাৰ্লচ এডাৰিয়েন লাদিচালাচ ডিৰাক। ডিৰাকে ১৯২১ চনত বৃষ্টল বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰে। কিন্তু পিছলৈ তেওঁৰ মন গণিতৰ ফালে ঢাল খোৱাত তেওঁ বৃষ্টল বিশ্ববিদ্যালয়তে গণিত পঢ়িবলৈ লয় আৰু ১৯২৩ চনত গণিতত অনাৰ্চ ডিগ্ৰী লাভ কৰিলে। তাৰপাছত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কোৱাণ্টাম মেকানিক্সৰ ওপৰত গৱেষণা কৰি PhD ডিগ্রী লাভ কৰে আৰু ক’পেনহেগেন, গ’টিনজেন আদি ঠাইত কিছু বছৰ গৱেষণা কৰে। ডিৰাকৰ শিক্ষা জীৱন আছিল খুবেই চমকপ্ৰদ।
এতিয়া আহোঁ ডিৰাকৰ বৈজ্ঞানিক অৱদানলৈ। তেওঁৰ আটাইতকৈ মহত্বপূৰ্ণ আৱিষ্কাৰ বুলি ধৰা হয় তেওঁৰ “ডিৰাক সমীকৰণ” নামৰ প্ৰখ্যাত তত্ত্বটো। এই সমীকৰণটোৰ দ্বাৰা তেওঁ ফাৰ্মিয়ন (Fermions) নামৰ এক শ্ৰেণীৰ মৌলিক কণিকাৰ (Elementary Particles) চৰিত্ৰ-বৈশিষ্ট্য আদি অধ্যয়ন কৰিছিল আৰু ই প্ৰতি কণিকা(Anti Particle)ৰ অস্তিত্ব আছে বুলি পোনপ্ৰথমবাৰৰ বাবে দাবী কৰিছিল। সেই সময়ছোৱাত ইলেকট্রন, প্ৰ’টনৰ দৰে মৌলিক কণিকাৰ সংখ্যা নিচেই সীমিত বুলি ধৰা হৈছিল আৰু তেনে ক্ষেত্রত ডিৰাকৰ এই গৱেষণাই পদাৰ্থবিজ্ঞানত নতুনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছিল। এতিয়া প্ৰশ্নটো হ’ল, সমগ্র বিশ্বৰ বৈজ্ঞানিক মহলত তোলপাৰ লগোৱা ডিৰাক সমীকৰণটো নো কি আছিল? সেয়া অনুধাৱন কৰিবলৈ আমি কিছু কথা জানি ল’ব লাগিব।
আধুনিক পদাৰ্থবিজ্ঞানৰ দুই যুগান্তকাৰী তত্ত্ব হ’ল এলবাৰ্ট আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতা তত্ত্ব (General Relativity) আৰু মেক্স প্লেংক, নীলছ বৰ, মেক্স বৰ্ন, পল ডিৰাক, ৰিচাৰ্ড ফাইনমেন, ৱাৰ্ণাৰ হাইজেনবার্গ, আৰউইন শ্ৰুদিঞ্জাৰ আদি বিজ্ঞানীৰ সন্মিলিত প্ৰচেষ্টাত প্ৰাণ পাই উঠা কোৱাণ্টাম বলবিজ্ঞান (Quantum Mechanics)। আপেক্ষিকতা তত্ত্বই বিশ্বব্ৰহ্মাণ্ডৰ বৃহৎ বস্তুবোৰ যেনে নক্ষত্র, তাৰকাৰাজ্য(Galaxy), কৃষ্ণ গহ্বৰ(Black Hole) আদিৰ প্ৰকৃতি-বৈশিষ্ট্য আদিৰ বিষয়ে আলোচনা কৰে। আনহাতে কোৱাণ্টাম বলবিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম অংশসমূহ যেনে মৌলিক কণিকাবোৰ, আৰু আন আন কণাসমূহ নিয়ন্ত্রণ কৰে। স্বাভাৱিকতেই দুয়োটা তত্ত্বৰ মাজত আকাশ-পাতাল প্ৰভেদ। কিন্তু ডিৰাকে আইনষ্টাইনৰ বিশেষ আপেক্ষিকতা তত্ত্ব আৰু কোৱাণ্টাম তত্ত্বৰ সমন্বয় সাধন কৰি কণাসমূহৰ বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য আৰু ধৰ্মসমূহ ব্যাখ্যা কৰিছিল। কোৱাণ্টাম বলবিজ্ঞানক আপেক্ষিকতা তত্ত্বৰ লগত লগ লগাওঁতে তেওঁ এক বিশেষ ধৰণৰ সমীকৰণ দেখা পালে। পিছলৈ ইয়াকেই ডিৰাকৰ সমীকৰণ হিচাপে নামাকৰণ কৰা হ’ল।
ডিৰাকে মূলতঃ ইলেকট্ৰন এটাই পোহৰৰ বেগত গতি কৰিলে কি হ’ব পাৰে সেয়া অধ্যয়ন কৰিছিল। গৱেষণাত তেওঁ কাহানিও বৈজ্ঞানিক মহলে আলোচনা নকৰা বস্তু এটা পালে। ডিৰাকে দেখিলে যে তেওঁৰ সমীকৰণটোৱে ইলেকট্রনৰ লগতে ইলেক্ট্রনৰ দৰে প্ৰায় একেই বৈশিষ্ট্যযুক্ত আন এক কণিকাৰো ধৰ্ম ব্যাখ্যা কৰে, কিন্তু এই নতুন কণিকাটোৰ আধান (Charge) ধনাত্মক। অৰ্থাৎ বাকীখিনি ইলেক্ট্রনৰ দৰেই, কিন্তু আধানৰ ক্ষেত্রত বিপৰীত। এনেদৰেই পদাৰ্থবিজ্ঞানত সৃষ্টি হ’ল এণ্টিমেটাৰৰ(Antimatter) ধাৰণা। ইলেক্ট্রনৰ এই বিপৰীত কিন্তু সদৃশ প্ৰতিকণিকাটোৰ নাম দিয়া হ’ল প’জিট্ৰন(Positron)। পিছলৈ তেওঁ বিশদভাৱে অধ্যয়ন কৰি সিদ্ধান্তত উপনীত হ’ল যে অকল ইলেক্ট্রনেই নহয়, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেক মৌলিক কণিকাৰে একোটাকৈ প্ৰতি কণিকা থাকে।
ডিৰাকৰ এই আৱিষ্কাৰে বিজ্ঞান জগতত খলকনিৰ সৃষ্টি কৰিলে আৰু ই পদাৰ্থবিজ্ঞানীসকলক নতুন চিন্তাৰ খোৰাক দিলে। ডিৰাকৰ তত্ত্বৰ পৰা আমি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি অৰ্থাৎ মহানাদৰ(Big Bang) বিষয়ে জানিব পাৰোঁ। সাম্প্রতিক সময়ত চুইজাৰলেণ্ডৰ জেনেভাস্থিত European Center for Nuclear Research বা চমুকৈ CERN আৰু আন আন গৱেষণা প্ৰতিষ্ঠানসমূহে ডিৰাকৰ তত্ত্ব ব্যবহাৰ কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু আন আন কথাবোৰৰ ৰহস্য উদঘাটন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। ডিৰাকৰ এই যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ১৯৩৩ চনত মাত্র ৩১ বছৰ বয়সতে তেওঁক আন এজন প্ৰসিদ্ধ পদাৰ্থবিজ্ঞানী আৰউইন শ্ৰুদিঞ্জাৰৰ লগত যুটীয়াভাৱে পদাৰ্থবিজ্ঞানৰ নোবেল বটা প্ৰদান কৰা হয়। ডিৰাকে চুম্বকীয় মন’প’ল(Magnetic Monopole)ৰ অস্তিত্ব সম্পর্কেও বিস্তৰ গৱেষণা কৰিছিল, কিন্তু এতিয়াও সেই বিষয়টোত পৰীক্ষামূলক অনুসন্ধান সম্ভৱপৰ হৈ উঠা নাই। আকৌ, তেওঁ মাধ্যাকৰ্ষণক(Gravity) কোৱাণ্টাম তত্বৰ সৈতে লগ লগাবলৈ চেষ্টা কৰিছিল আৰু এই প্ৰচেষ্টাত কিছুদূৰ সফলো হৈছিল। সাম্প্রতিক পদাৰ্থবিজ্ঞানত তোলপাৰ লগোৱা ৰজ্জু তত্ব (String Theory), গ’জ তত্ত্ব (Gauge Theory) ডিৰাকৰ এই আলোচনাক লৈয়েই বিকশিত হৈছে। এতিয়াও, ৰজ্জু তত্বৰ সহায়ত গোটেই বিশ্বব্ৰহ্মাণ্ডক মাথো এটা তত্বৰে বৰ্ণনা কৰিব পৰা যাব বুলি কিছু বিজ্ঞানীয়ে মতপোষণ কৰে।
ডিৰাক বৰ অমায়িক আৰু মৃদুভাষী আছিল। তেওঁ এবাৰ কৈছিল – “হাইজেনবাৰ্গৰ দিন ধৰি বহুতো লোকে পদাৰ্থবিদ্যাৰ এইবোৰ কাম কৰিছিল, মই মাত্ৰ এই দলটোত যোগ দিছোঁ।” কিছু কিছু ক্ষেত্রত ডিৰাক অস্বাভাৱিক বুলিও বিজ্ঞানী মহলৰ ওচৰত পৰিচিত হৈছিল। ১৯২৬ চনত বিজ্ঞানী প’ল আৰ্হেনফেষ্টলৈ (Paul Ehrenfest) লিখা এখন চিঠিত এলবাৰ্ট আইনষ্টাইনে লিখিছিল, “I have trouble with Dirac. This balancing on the dizzying path between genius and madness is awful.” ডিৰাকে তেওঁৰ দৈনন্দিন জীৱনৰ সকলোবোৰ সমস্যা তাত্ত্বিক কৰি পেলাবলৈ বিচাৰিছিল। তেওঁৰ বৈজ্ঞানিক সত্তাৰ আন এক বিশেষ দিশ আছিল তেওঁৰ ধৰ্ম সম্পৰ্কীয় ধাৰণাসমূহ। ১৯২৭ চনত অনুষ্ঠিত হোৱা বিখ্যাত ছ’লভে আলোচনা চক্ৰত (Solvay Conference) ডিৰাকে ধৰ্ম সম্পৰ্কে কৈছিল, “মই বুজি নাপাওঁ আমি কিয় সকলো সময়তে ধৰ্মৰ বিষয়ে আলোচনা কৰোঁ। প্ৰকৃততে ধৰ্ম কিছুমান কাল্পনিক যুক্তি আৰু বিচাৰধাৰাৰে সৃষ্ট এক বিষয়। ঈশ্বৰ হ’ল সম্পূর্ণৰূপে মানব মনৰ কল্পনা। আদিম যুগত প্ৰকৃতিৰ সংহাৰী ৰূপৰ আগত দুৰ্বল হৈ মানুহে ভয়/শংকাৰ কবলত পৰি ধৰ্ম, ভগবান আদি বিষয়ত যথেষ্ট গুৰুত্ব দিছিল (বা ধৰ্মভীৰু আছিল)। কিন্তু, সাম্প্রতিক সময়ত আমি প্ৰকৃতিৰ ৰহস্যসমূহ এটাৰ পিছত এটাকৈ উদঘাটন কৰাৰ পিছত ঈশ্বৰ বা ধৰ্মক ভয় কৰি চলাৰ বা তাক লৈ ব্যস্ত হৈ থকাৰ কোনো যুক্তি নাই। আচলতে ধৰ্মক ব্যৱহাৰ কৰি ৰাষ্ট্ৰ আৰু গীৰ্জাই অতীজৰে পৰা সমাজৰ নিম্ন শ্ৰেণীটোক দমন কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে।”
জীৱনৰ অন্তিমছোৱা সময় তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডা ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ইন্সটিটিউট ফৰ এডভান্সড ষ্টাডিজ (Institute for Advanced Studies), প্ৰিন্সটনত কটাইছিল। সুদীৰ্ঘকাল পদাৰ্থবিজ্ঞানলৈ বহুমূলীয়া বৰঙণি আগবঢ়াই ১৯৮৪ চনত পল ডিৰাকে শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁ পৃথিৱীৰ অনুসন্ধিৎসু মনবোৰক সদায়েই চিন্তাৰ খোৰাক যোগাই অনুপ্ৰাণিত কৰি যাব।