বিবিধ চিন্তা

আন্তৰ্জাতিক ভাষা দিৱস: জাতীয়তাবাদ আৰু অসমীয়া ভাষাৰ সংকট— (স্বপন কুমাৰ পাল)

বিশ্বব্যাপী একচেটিয়া পুঁজিপতিৰ ষড়যন্ত্রত বজাৰ দখলৰ সুবিধাৰ বাবে চলোৱা আগ্ৰাসনৰ গৰাহত পৰি সৰু সৰু জনগোষ্ঠীসমূহৰ  ভাষা-সংস্কৃতি  প্ৰচণ্ড ভাবুকিৰ সন্মুখীন হ’ব লগা হৈছে। যাৰ ফল স্বৰূপে সংকটাপন্ন হৈছে তেওঁলোকৰ মাতৃভাষা। ‘মাতৃভাষা মাতৃদুগ্ধসম’ এই কথাষাৰৰ মাজত লুকাই আছে শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা। প্ৰতিদিনেই পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হৈছে কোনোবা নহয় কোনোবা জাতি-জনগোষ্ঠীৰ মাতৃভাষা। যি সকলৰ মাতৃভাষা এতিয়াও জীয়াই আছে সেইসকলে এতিয়াই সচেতন নহ’লে অচিৰেই তেওঁলোকৰ মাতৃভাষাৰো বিলুপ্তি ঘটাটো নিশ্চিত। ২১ ফেব্ৰুৱাৰীৰ মাতৃভাষা দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বও তাতেই।

বৃটিছ শাসিত অখণ্ড ভাৰতবৰ্ষ দ্বিখণ্ডিত হৈ স্বাধীন হৈছিল ১৯৪৭ চনত। ধৰ্ম ভিত্তিক এই বিভাজনৰ ফলত পূব পাকিস্তান(পূৰ্ব বংগ), পশ্চিম পাঞ্জাৱ আৰু সিন্ধু প্ৰদেশক লৈ ইছলামিক ৰাষ্ট্ৰ পাকিস্তান আৰু বাকী অংগ ৰাজ্যসমূহক লৈ ভাৰত গণৰাজ্য গঠিত হ’ল। তদানীন্তন পাকিস্তান চৰকাৰে পূব পাকিস্তানৰ বাংলাভাষী সকলৰ ওপৰত উৰ্দু ভাষা জাপি দিয়াৰ অপ-প্ৰয়াস চলালে। ইয়াৰ প্ৰতিবাদত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্রী সকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’লে। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰসকলে এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল। পাকিস্তান চৰকাৰে এই আন্দোলন প্ৰতিহত কৰিবলৈ ছাত্র-ছাত্ৰীসকলৰ ওপৰত দমন-পীড়ন আৰম্ভ কৰিলে আৰু ২৪ ফেব্ৰুৱাৰী ৰাতিৰ পৰাই ১৪৪ ধাৰা জাৰি কৰি সমাৱেশ ব্যৰ্থ কৰাৰ অপচেষ্টা চলালে। কিন্তু ছাত্ৰসকলে তাক অমান্য কৰি ৰাজপথত সমদল উলিয়ালে। পুলিচৰ বৰ্বৰোচিত গুলী চালনাত ছালাম, বৰকত, ৰফিক, ছফিউৰ আৰু জব্বাৰ নামৰ পাঁচ গৰাকী ছাত্ৰৰ থিতাতে মৃত্যু হয়। বহু জন আহত হয়। উক্ত দিনৰ পৰাই ২১ ফেব্ৰুৱাৰী দিনটোক জাতীয় ভাষা ছহিদ দিৱস হিচাপে তেওঁলোকে পালন কৰি আহিছে। পৰৱৰ্তী কালত এই ভাষা আন্দোলন স্বাধীন বাংলাদেশ গঠনৰ সংগ্ৰামলৈ ৰূপান্তৰিত হৈছিল আৰু পৃথিৱীৰ বুকুত বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল যাৰ ৰাষ্ট্ৰ ভাষা হৈছিল বাংলা। এই সম্পর্কে ইতিমধ্যে বহু আলোচনা হৈছে যদিও এই কথা বিশেষ আলোচনা হোৱা নাই যে বাংলাদেশৰ এই ভাষা সংগ্ৰামীসকলৰ যুঁজ কেৱল বাংলাভাষাৰ বাবেই নাছিল, সাম্প্ৰদায়িকতা বিৰুদ্ধে আৰু ধৰ্মনিৰপেক্ষতাৰ বাবেও আছিল এই যুঁজ। ১৯৪৭ চনৰ পৰা ১৯৭২ চনলৈকে ধৰ্মৰ ভিত্তিত ভাগ হোৱা পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান একেলগেই আছিল। কিন্তু ভাষা বিৰোধৰ বাবে এই ধৰ্মীয় সম্পৰ্ক স্থায়ী হোৱা নাছিল। ধৰ্মীয় ৰাষ্ট্ৰৰ ধাৰণা পৰাস্ত হৈছিল আৰু ভাষা ভিত্তিক ৰাষ্ট্ৰৰ দাবী জয়ী হৈছিল। মুছলিম লীগৰ দুই নেতা শ্বেখ মুজিবুৰ ৰহমান আৰু ছাৰ চৈয়দ ছাহদুল্লা মুছলমান জাতীয়তাবাদী নেতা আছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোক বাঙালী জাতীয়তাবাদী নেতাত পৰিণত হ’ল। ১৯৪৭ চনত তদানীন্তন বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধান শ্বেখ মুজিবুৰ ৰহমানে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত বাংলা ভাষাত ভাষণ প্ৰদান কৰিছিল। এই কথাটোত ৰাষ্ট্ৰসংঘৰ অন্তর্ভুক্ত সৰু সৰু দেশসমূহ অনুপ্ৰাণিত হৈছিল। বাংলাদেশে ৰাষ্ট্ৰসংঘত ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণাৰ বাবে এটি প্ৰস্তাৱ উত্থাপন কৰে। কিন্তু ৰাষ্ট্ৰসংঘই এই প্ৰস্তাৱৰ সমৰ্থনত কিছুমান স্বাধীন ৰাষ্ট্ৰৰ অনুমোদনৰ চৰ্ত আৰোপ কৰিছিল। প্ৰাথমিকভাৱে বাংলাদেশৰ এই প্ৰস্তাৱক ২৭খন স্বাধীন ৰাষ্ট্ৰই সমৰ্থন কৰিছিল। এই যুঁজ ১৯৭২ চনৰ পৰা ১৯৯৯ চনলৈকে চলিল আৰু সেই বছৰৰে ১৭ নবেম্বৰত অনুষ্ঠিত ইউনেস্কোৰ পেৰিছ অধিৱেশনত ১৮৮ খন দেশৰ সমৰ্থনত ২১ ফেব্ৰুৱাৰীক আন্তর্জাতিক মাতৃভাষা দিৱস হিচাপে পালনৰ প্ৰস্তাৱক অনুমোদন জনোৱা হয়। ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত প্ৰতিখন দেশেই ২০০০ চনৰ পৰাই ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখৰ দিনটো আন্তর্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে। বাংলাদেশৰ এই ভাষা প্ৰেম বা জাতীয়তাবাদেৰ উত্থানে সমগ্ৰ বিশ্বৰ জনসাধাৰণক মাতৃভাষাৰ প্ৰতি সচেতন কৰি তুলিলে।

ভাৰতবৰ্ষৰ সংবিধানতো এই দেশৰ প্ৰতিজন নাগৰিকে দেশৰ যি কোনো প্ৰান্তত নিজৰ ধৰ্ম, মাতৃভাষা আৰু সংস্কৃতি ৰক্ষা কৰি বসবাস কৰাৰ অধিকাৰ দিয়া হৈছে। ষাঠীৰ দশকলৈকে সংবিধানৰ এই মহান আদৰ্শক সকলোৱে শ্ৰদ্ধাৰ সৈতে পালন কৰি আছিল। কিন্তু পৰৱৰ্তী সময়ত দেশৰ বিভিন্ন প্ৰান্তত আঞ্চলিক আৰু প্ৰাদেশিক জাতীয়তাবাদে গা কৰি উঠিল। আৰম্ভ হ’ল স্থানীয় সংখ্যাগুৰু সকলৰ দ্বাৰা সংখ্যালঘু সকলৰ ওপৰত আধিপত্যবাদী আগ্ৰাসন। কিছুমান বিভেদকামী শক্তিৰ প্ৰৰোচনাত আমাৰ অসমতো আৰম্ভ হৈছিল বাংলাভাষী হিন্দু আৰু মুছলমানৰ ওপৰত অসমীয়া উগ্ৰ জাতীয়তাবাদী সকলৰ আক্ৰমণ। সেই সময়ত দেশৰ ঐক্য সংহতি আৰু মানৱীয়তা ৰক্ষাৰ স্বাৰ্থত সংখ্যালঘুসকলৰ পক্ষত ঠিয় দিয়াৰ অপৰাধত বহু বাঁওপন্থী ব্যক্তিক হত্যা কৰাৰ লগতে সাধাৰণ লোকক নিৰ্যাতন কৰা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা সুদীর্ঘ অসম আন্দোলনৰ অন্তত ১৯৮৫ চনত অসম গণ পৰিষদ দলৰ নেতৃত্বত এখন অসমীয়া জাতীয়তাবাদী চৰকাৰ গঠন হ’ল। কিন্তু শাসনত অধিষ্ঠিত হোৱাৰ পিছত জাতীয়তাবাদী নেতাসকলে জাতীয় স্বাৰ্থৰ বিপৰীতে ব্যক্তিস্বার্থক হে অগ্রাধিকাৰ দিয়া আৰম্ভ কৰিলে। এনেকি বৰ্তমান সময়ত তথাকথিত জাতীয়তাবাদীসকলে অসমৰ ভাষা-সংস্কৃতিৰ বাবে ক্ষতিকাৰক ‘কা’ আইনখন বলবৎ কৰিবলৈ তৎপৰ হোৱা অসমীয়া ভাষা-সংস্কৃতি বিৰোধী ৰাষ্ট্ৰীয় দল বিজেপিৰ সহযোগী হিচাপে চৰকাৰ চলাই আছে। অসম গণ পৰিষদৰ দৰে একে উদ্দেশ্যেৰে একাধিক জাতীয়তাবাদী সংগঠনৰ জন্ম হ’ল। দেখা গ’ল প্ৰায় সকলোৱে জাতিৰ আৱেগক প্ৰতাৰণা কৰি ব্যক্তি স্বাৰ্থ চৰিতাৰ্থ কৰাতহে লাগিল।

এতিয়া প্ৰশ্ন হ’ল অসমত ইমানবোৰ জাতীয়তাবাদী দল সংগঠন থকাৰ পিছতো অসমত চৰকাৰী কামকাজত মাতৃভাষাৰ প্ৰয়োগ কিমানখিনি হ’ল? সৰ্বস্তৰত বেংক, ডাকঘৰ আৰু ৰে’লৰ প্ৰ-পত্ৰসমূহত অসমীয়া ভাষাৰ প্ৰচলন আজিলৈকে কিয় নহ’ল? কেৱলমাত্ৰ বাংলা আৰু হিন্দী ভাষাৰ চাইনব’ৰ্ডত ক’লা ৰং সানিলেই অসমীয়া ভাষা ৰক্ষা কৰাটো সম্ভৱ নহয়। অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ’লে অসম চৰকাৰৰ সকলো কামকাজৰ লগতে অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলন নিশ্চিত কৰিব লাগিব। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ নিজৰ সন্তান-সন্ততিক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ ব্যৱস্থা কৰাৰ লগতে হিন্দী, ইংৰাজী বা অন্য ভাষাৰ আগ্ৰাসনৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ বাদে গত্যন্তৰ নাই। অসমীয়া শিল্পী, সাহিত্যিক তথা মহান ব্যক্তিসকলৰ জন্মদিন পালনৰ জৰিয়তে ভাষাৰ প্ৰতি ভালপোৱাৰ মনোভাব গঢ়ি তুলিব পাৰি। অসমত বাঁওপন্থী সকলে সীমিত শক্তিৰে এই কামত ব্ৰতী হোৱা দেখা যায়। ভাৰতৰ অন্য ৰাজ্যসমূহত অসমৰ দৰে অন্য ভাষাৰ প্ৰতি অসহনশীলতা দেখা পোৱা নাযায়। এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ অৱশ্যে ব্যতিক্রম। আমি নিজে দিল্লী, চেন্নাই, পুৰি, কলকাতা, পাটনা আদি ঠাইত অসমীয়া ভাষাত লিখা চাইনব’ৰ্ড অক্ষত অৱস্থাত দেখা পাই আনন্দ বোধ কৰিছোঁ। যদিওবা অসমীয়া ভাষা প্ৰীতিৰ বাবে নহয় বাণিজ্যিক লাভালাভৰ বাবেহে ব্যবহাৰ কৰিছে এইটো এটা উল্লেখযোগ্য কথাই।

বিশ্বায়নৰ এই যুগত বহু অসমীয়া যুৱক-যুৱতীয়ে জীৱন-জীৱিকাৰ স্বাৰ্থত অন্য ৰাজ্যসমূহত বসবাস কৰিব লগা হৈছে। উগ্ৰ অসমীয়া জাতীয়তাবাদীসকলৰ কাৰ্যকলাপৰ বাবে তেওঁলোকে ভৱিষ্যতে বিপদত পৰিব লগা হ’ব পাৰে। কিছুদিনৰ আগতে বৰাক উপত্যকাত কিছুমান উগ্ৰ বাঙালি জাতীয়তাবাদীয়ে অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপনৰ ওপৰত ক’লা ৰং সানি দিয়াৰ দৰে নিন্দনীয় কাম কৰিছিল। অসমৰ সীমান্তৱৰ্তী ৰাজ্য পশ্চিমবঙ্গ আৰু ত্ৰিপুৰাত ৮০ দশকত ‘আমৰা বাঙালী’ নামৰ এটি বাঙালী উগ্ৰ জাতীয়তাবাদী দলৰ জন্ম হৈছিল। কিন্তু অসাম্প্রদায়িক বাঙালী আৰু বাঁওপন্থীসকলৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখত পৰি অতি কম সময়ৰ ভিতৰতে নিশ্চিহ্ন হৈ গৈছিল। সম্প্ৰতি পশ্চিমবঙ্গত ‘বাংলা পক্ষ’ নামৰ এটি জাতীয়তাবাদী গোষ্ঠীৰ নাম শুনা গৈছে। তাৰ অৱস্থা ‘আমৰা বাঙালী’ৰ দৰে হ’ব বুলি অনুমান কৰিব পাৰি। পশ্চিমবঙ্গৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে নিজৰ নিজৰ মাতৃভাষা জীয়াই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অসমৰ জাতীয় সংগঠনসমূহে আশ্চর্যজনকভাৱে নিৰৱ। অসমীয়া ভাষা ৰক্ষা কৰিব লাগিলে অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ লগত সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তুলিব লাগিব। বৰ্তমান সময়ত অসমীয়া জাতি আৰু ভাষাৰ এই সংকটৰ সন্ধিক্ষণত চাহ জনগোষ্ঠী আৰু বাংলাভাষী মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি লৈছে। ই বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো নিশ্চিত। তেনে সময়ত এচাম অসমীয়াই লেকামহীনভাৱে সাম্প্রদায়িক বিষবাষ্প চতিওৱা ব্যক্তিক চেলিব্ৰেটিৰ মৰ্যাদা দিবলৈ উঠি পৰি লাগিছে। ইতিমধ্যে অসমীয়া জাতীয়তাবাদী আন্দোলনে অসমখনক বহুখিনি পিছুৱাই নিলে। এই ধাৰা অব্যাহত থাকিলে অসম অন্য ৰাজ্যৰ সমানে আগবাঢ়িব নোৱাৰাটো খাটাং। অসমৰ সৰহ সংখ্যক সংবাদ মাধ্যমে জাতীয়তাবাদীসকলৰ সমৰ্থনত কাম কৰা দেখা যায়। আমি অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা কৰিব লাগিলে সমাজৰ সচেতন ব্যক্তিসকল একত্রে আগবাঢ়ি অহাৰ গত্যন্তৰ নাই। অসমৰ জাতীয়তাবাদী সংগঠনসমূহে ইতিমধ্যে জনগণৰ আস্থা হেৰুৱাই পেলাইছে

Leave a Reply

Your email address will not be published. Required fields are marked *